Saturday 11 November 2023

ফাৰমানা (ত্ৰয়োদশ খণ্ড)

‘মা মা, কি আনিছোঁ চোৱাহি!’ 

মিনলাৰ চিঞৰত আন্যা ভিতৰৰ পৰা দৌৰি অহাদি আহিল। মাৰ্কে ঘৰৰ সন্মুখত গাড়ীখন ৰখাইছেহে। অ’ৰমা টাউনৰ শনিবৰীয়া বজাৰলৈ গৈছিল মাৰ্ক আৰু মিনলা। পৰিয়ালটোৰ বাবে এইটো এটা দৈনন্দিন ৰুটিনত পৰিণত হৈছে। প্ৰতি শনিবাৰে সেই বজাৰৰ পৰা খেতিয়কে বেচিবলৈ অনা সজীৱ শাক-পাচলি আনিবলৈ মাৰ্ক আৰু মিনলা ওলাই যায় । তাতে হৰেক ৰকমৰ অন্য বস্তুও ওলায়। বজাৰৰ একাষে পতা ফুড কৰ্টত পোৱা যায় নানা স্থানীয় খাদ্য। গতিকে মাৰ্ক আৰু মিনলাই তাতে আগবেলাটো ঘুৰি ফুৰি বজাৰ কৰে। উভতাৰ সময়ত দুপৰীয়াৰ সাঁজৰ বাবে ফুড কৰ্টৰ পৰাই খাদ্য কিনি লৈ আহে। আন্যাই সেই শনিবৰীয়া বজাৰ মাৰ্ক আৰু মিনলাৰ দৰে হেনো উপভোগ কৰিব নোৱাৰে হেনো। ইমান মানুহৰ সমাগম, চৌদিশে ইমান বয়-বস্তু! সেই সকলো শব্দ-গোন্ধ-দৃশ্য মিলি তেওঁৰ পঞ্চইন্দ্ৰিয়ৰ ওপৰত বৰ হেঁচা পৰাৰ দৰে অনুভৱ কৰে যেন। এপাক ঘুৰিয়েই বৰ ভাগৰি পৰে তেওঁ। সেয়ে পৰাপক্ষত তেওঁ তালৈ নগৈ সেইখিনি সময় নিৰলে পিয়ানোৰ সন্মুখত বহে। ঘৰতে আপোনপাহৰা হৈ ৰয় পিয়ানোৰ সুৰৰ মাজত।

‘কি আনিলা?’ মিনলাক কান্ধত ধৰি গাড়ীৰ পৰা নামিবলৈ সুবিধা কৰি দি আন্যাই সুধিলে।

মিনলাই হাঁহি হাঁহি তাইৰ কোঁচত থকা কাৰ্ডবোৰ্ডৰ বাকচটো মাকৰ হাতত তুলি দিলে। তাৰপিছত বাকচৰ ঢাকনিখন লাহেকৈ দাঙিলে। হঠাতে বাহিৰৰ উজ্বল পোহৰ পায়ে নেকি বাকচৰ ভিতৰত কপাহৰ মাজৰ পৰা টিটিয়াই উঠিল চাৰিটা কুকুৰা পোৱালীয়ে!

‘কুকুৰা পোৱালী!’ আন্যা আচৰিত হৈ পৰিল। লগে লগে যেন তেওঁৰ মনতে জিলিকি উঠিল এখন দীঘলীয়া তালিকা। কুকুৰাৰ খাদ্য, গঁড়াল, থোৱাৰ ঠাই, প্ৰতিদিনৰ যত্ন! কিন্তু মিনলাৰ উৎসাহ দেখি তেওঁ মনে মনে ৰ’ল। মিনলাই ইতিমধ্যে প্ৰতিটো পোৱালীৰ কপাহ কোমল কণমান দেহবোৰত আলফুলে হাত ফুৰাইছে। মুখেৰে ওলাইছে কিছুমান অস্ফুট শব্ধ ‘উহুহুহুহু-উমমম ইমান মৰমলগা’।

ইতিমধ্যে মাৰ্কে গাড়ীখন গেৰেজত ভৰাই আহি আন্যা আৰু মিনলাৰ কাষতে থিয় দিছেহি। আন্যালৈ চাই তেওঁ কৈফিয়ৎ দিয়াৰ দৰে ক’লে, ‘এক পাউণ্ডত এটা পোৱলী জানা- দেখা পাই মিনলাই এৰি আহিবই নোৱাৰিলে।’

আন্যাই মাথোঁ শান্তভাৱে হাঁহিলে৷ তেওঁ কুকুৰা পোৱালীকেইটাৰ লগতে ব্যস্ত হৈ থকা মিনলালৈ চাই ক’লে,

‘নাম একোটা দিব লাগিব তেনে?

‘মিনলাই আলফুলে এটা হাতত লৈ কয়, ‘এইটোৰ নাম মেংগ’!’

মাৰ্ক আৰু আন্যা দুয়ো হাঁহি পেলালে! মেংগ’?

‘ওঁ, ইয়াৰ গাৰ বৰণটো চোৱা৷ আমটোৰ দৰে মিঠা হালধীয়া নহয় নে?’

দুয়ো মূৰ দুপিয়ালে৷ ঠিকেই, এই কুকুৰা পোৱালিটো দেখিবলৈ একেবাৰে পকা আমটোৰ দৰেই৷ চোতালতে উলিয়াই লৈ বাকী তিনিটাৰো নাম তায়ে দিলে।

‘এয়া এলভিছ, এয়া ক্লাৰা আৰু এই কপাহ কোমল পোৱালিটো ফ্লাফি।’

আন্যাই ক’লে, ‘চিকাৰী বেজ্জাৰ বা শিয়ালে ধৰি নিব নোৱাৰাকৈ গঁড়াল এটাও সাজিব লাগিল নহয়৷’ তেওঁলোকৰ ঘৰটো এনিছকিলেন টাউনৰ পৰা প্ৰায় বাৰ কিমি দূৰৈৰ এক কাণ্ট্ৰিছাইড মানে গাৱঁৰ দৰে ঠাইত। মানুহৰ সমাগম তেনেকৈ নাই। ওচৰতে এখন বিৰাট বৰ্ষাৰণ্যও। গতিকে দিনে-পোহৰেই ইয়াত বনৰীয়া জন্তু ওলায়।

মাৰ্কে তপৰাই কৈ উঠিল, ‘তাৰো ব্যৱস্থা কৰিছোঁ৷ গঁড়াল এটাও লগতে কিনি আনিছোঁ ৷ একো সোমাব বা ভাঙিব নোৱাৰাকৈ মজবুত গঁড়াল!’

দেউতাকৰ কথাত মনত পৰি এইবাৰ মিনলাই গঁড়ালটো আনিবলৈ গেৰেজলৈ দৌৰ দিলে। পোৱালি কেইটাই কিপ কিপ কৰি তাইৰ পিছে পিছে যাব খুজিলে৷ আন্যাই তৎক্ষণাত বাট ভেটি ধৰি চাৰিওটা পোৱালি ধৰি পেলালে৷ মাৰ্কে তাইলৈ চাই হাঁহিলে। আন্যায়ো৷ সেই একেই অন্তৰ পৰশা হাঁহি, সেই আকাশৰ জোনৰ দৰে প্ৰশান্তিময় মুখ- যি আজি বাৰবছৰ ধৰি মাৰ্কৰ হৃদয় জুৰাই ৰাখিছে। অথচ যোৱা কেইমাহমান ধৰি যেন সেই হাঁহি, সেই প্ৰশান্তি ক’ৰবাৰ কলীয়া ডাৱৰ এচপৰাই ঢাকি পেলাব খুজিছে। কিহবাই যেন লাহে লাহে কিন্তু অবিৰাম কুটি কুটি খাব খুজিছে আন্যাৰ হৃদয়ৰ ৰ’দজাক! কিয়, কেনেকৈ মাৰ্কে নাজানে। কিন্তু জানে, কিবা এটা হৈছে! আন্যাই মুখেৰে একো নক’লেও মাৰ্কে জানি গৈছে তেওঁৰ প্ৰিয় নাৰীগৰাকী ঠিকে নাই। সেয়ে ঠিকে নাই তেৱোঁ!



নিশা শোৱাৰ আগে আগে মিনলাই কেইবাবাৰো গৈ গঁড়ালটো চালেগৈ৷ সাৰি-শব্দ নকৰাকৈ মেংগ’হঁত শুইছেনে নাই পৰীক্ষা কৰিলে৷ তাইক বুজাই বঢ়াই নিজৰ কোঠাত শুবলৈ দি এটা সময়ত মাৰ্ক বিছনালৈ আহিল৷ দেখিলে আন্যাই অন্য দিনাৰ দৰেই বিছনাতে গাৰুত আউজি লৈ কিতাপ এখন পঢ়ি আছে৷ মাৰ্ক তাইৰ কাষ চাপি গ’ল। আন্যাৰ ওঁঠযুৰিত চুমা এটা খালে৷ আন্যাই মাৰ্কৰ কেকুঁৰা চুলিখিনিত আলফুলে হাত বুলাই দিলে। কিন্তু আগৰদৰে তেওঁৰ বুকুৰ মাজত সোমাই নপৰিল। এখন হাতেৰে মাৰ্কক মেৰিয়াই ধৰি থাকিয়ে তেওঁ কিতাপখনলৈ উভতি যাব খুজিলে।

‘আৰ ইউ অলৰাইট? তুমি ঠিকে আছানে?’ মাৰ্কে সুধো নোসোধোকৈ সুধিলে৷

‘ঠিকেইতো আছোঁ৷ কিয় সুধিলা?’ একোৱে যেন হোৱা নাই তেনে ভাৱত কিতাপত চকু ৰাখিয়ে আন্যাই কথাষাৰ ক’লে।

মাৰ্কে কি ক’ব ভাৱি নাপালে৷ সেয়ে তেওঁ প্ৰসংগ সলাই ক’লে, ‘এনেয়ে! আজি মিনলাৰ স্ফূৰ্তি দেখি বৰ ভাল লাগিছে জানা।’ আন্যাক প্ৰথমবাৰ লগ পোৱাৰ দিন ধৰি প্ৰতিটো মুহূৰ্ত সেই সত্ত্বাক নিজৰ সৈতে একাত্ম কৰিছে, লালন-পালন কৰিছে৷ তেওঁলোকৰ সেই দুই সত্বাৰ এক সন্মিলিত অংশ মিনলা প্ৰতিদিনে একলা দুকলাকৈ ডাঙৰ হৈ আহিছে৷ লগতে ডাঙৰ হৈ আহিছে তেওঁলোকৰ সপোনবোৰ৷

‘উম। সিদিনাৰ কথাটোত তাই বৰ বেয়া পাই আছিল নহয়!’

সেই উল্লেখে যেন মাৰ্কক কিছু অসহজ কৰি পেলালে। তেওঁ বিছনাতে কিছু খচমচাই উঠিল। সিদিনা আৰ্ণ নৈৰ পাৰে পাৰে খোজ কাঢ়ি থাকোঁতে হঠাতে মিনলাই কথাটো উলিয়াইছিল। বন্ধু মেইভ আৰু ৰ’ৰিৰ লগত তাই বেলফাষ্টলৈ যাব খোজে। বজাৰ কৰিব, চিনেমা চাব আৰু ঘুৰিব। লগে লগেই মাৰ্কে কৈ উঠিছিল, নাই নাই তেওঁ দহ বছৰীয়া জীয়েকক তেনেকৈ অকলে ইমান দূৰলৈ যাবলৈ দিব নোৱাৰে।

‘অকলে নহয় দেউতা, মেইভ আৰু ৰ’ৰিও মোৰ লগত যাব। ৰাতিপুৱা যাম আৰু গধূলি ঘুৰি আহিম।’

মাৰ্কে মানি ল’ব পৰা নাছিল। ইমান ডাঙৰ মহানগৰীত তাই হেৰাই গ’লে কি হ’ব? কেনেবাকৈ ঘুৰি আহিবলৈ বাছ নাপালে কি হ’ব? কোনোবাই কিবা অপকাৰ কৰিব খুজিলে কি হ’ব! মাৰ্কৰ দুৰ্ঘোৰ আপত্তিয়ে মিনলাক ভীষণ অসন্তুষ্ট কৰি পেলাইছিল। আন্যাই মধ্যস্থতা কৰাৰ সলনি মিনলাৰ হকেই মাত মাতিছিল। মিনলাই পাৰিব। তাই সৰু হৈ থকা নাই। নিজৰ দায়িত্ব নিজে ল’বলৈ শিকাৰ বয়সটো এইটোৱে।

‘তুমি সকলো কথাতে মোক আৱৰি ৰাখিব নোৱাৰা দেউতা! যি হ’বলগা থাকে সেয়াতো হ’বই! লাগিলে সেয়া ভালেই হওক, বেয়াই হওক।’ নৈৰ পাৰৰ শিল এটা বুটলি পানীলৈ জোৰেৰে দলিয়াই দি মিনলাই কৈছিল। তাইৰ মুখখন ৰঙা পৰি আহিছিল।

‘মিনলা! কি কৈছা সেইবোৰ!’ মাৰ্কৰ মাতটো ক’ব নোৱাৰাকৈয়ে ডাঙৰকৈ ওলাইছিল। সিদিনা গোটেই বাটটো মিনলাই টু শব্দ এটাও নকৰাকৈ ঘৰ পাইছিলগৈ।

‘ইমানকৈ চিন্তা নকৰিবাচোন মাৰ্ক।’ মাৰ্কক নীৰৱে থকা দেখিয়ে কিজানি আন্যাই ক’লে। ‘মিনলা ডাঙৰ হৈ আহিছে। তাই নিজৰ বাট নিজেই বিচাৰি লওক। এনেকৈয়ে দায়িত্ব ল’বলৈও শিকক।’

‘জানো আন্যা। মাত্ৰ বৰ টান হয় সেইটো ভাৱিবলৈ। মই মাথোঁ বিচাৰোঁ, যিমানেই ডাঙৰ নহওক তাই সেই বাটত অলপো থমকি ৰ’লে, পিছলৈ এবাৰৰ বাবেও ঘুৰি চাব লগা হ’লে তাই যাতে আমাক দেখা পায়। সদায়ে তাই হাতখন মেলি দিলে ধৰিবলৈ, অকণমান ভৰসা আৰু সাহস দিবলৈ আমি যাতে সদায়ে তাইৰ কাষত থাকিব পাৰোঁ।’

আন্যাই মিচিকিয়াই হাঁহিলে। ক’লে, ‘সেয়া তাই জানে, মাৰ্ক। ভালকৈয়ে জানে! সেইকাৰণেইতো তাই ইমান সাহসী!’

কথাটো হয়। আজি মিনলায়ো তেওঁক যেন একেই বুজনি দিছিল। সেই ঘটনাৰ পিছত যোৱা দুদিন মিনলাই তেওঁৰ সৈতে সদায় যোৱাৰ দৰে আবেলি খোজ কাঢ়িবলৈ যোৱা নাছিল। আজিহে যাওঁ নাযাওঁকৈ শনিবৰীয়া বজাৰলৈ ওলাইছিল।

‘ছ’ৰী মিনলা। সিদিনা মই ইমান খং খাব নালাগিছিল। মোৰেই ভুল।’ গাড়ীৰে বজাৰলৈ গৈ থাকোঁতে গানৰ ভলিউম কমাই লৈ মাৰ্কে লাহেকৈ কৈছিল। তেওঁলোকৰ সন্মুখত দুলি দুলি গৈ আছিল গাড়ীত সজোৱা ওলোমা ঘনকটো। ঘনকৰ প্ৰতিটো পৃষ্ঠাতে মিনলাৰ একোখন ছৱি। কেঁচুৱাৰ পৰা কিশোৰীলৈকে ভিন্ন ছৱি। মিনলাই নীৰৱে সেই ঘনকটোলৈ চাই থাকিল। মাৰ্কে সন্মুখৰ বাটটোত চকু থিৰ কৰি ৰাখিয়ে পুনৰ ক’লে,

‘মোক এতিয়াও বেয়া পাই আছা?’

‘মোক আৰু কেতিয়াও তেনেকৈ চিঞৰি কথা নোকোৱা বুলি কথা দিব পাৰিবা?’

মাৰ্ক মমবাতিৰ দৰে গলিবলৈ আৰম্ভ কৰিছিল। এই ছোৱালীজনীক তেওঁ কেনেকৈ কষ্ট দিব পাৰে বাৰু! ‘নকওঁ, কেতিয়াও নকওঁ! প্ৰ’মিজ।’

মিনলাৰ মুখখন কিছু পোহৰ হ’ল। মাৰ্কে আকৌ ক’লে, ‘তোমাৰ কিবা বিপদ হ’ব পাৰে বুলি চিন্তা কৰিহে তেনেদৰে হকা-বধা কৰোঁ মিনলা।’

‘মই নিজকে নিজে চাব জনা হৈছোঁ দেউতা। কিবা দিগদাৰ হ’লে তোমালোকক ফোন কৰিমেইতো। এতিয়া বেলফাষ্টলৈকে যাব নোৱাৰিলে ওঠৰ বছৰত নিউয়ৰ্কলৈ কেনেকৈ যাম দেউতা?’ তাই বুজনিৰ সুৰেৰে দেউতাকক ক’লে।

‘ঠিক আছে, যাবা। চাই আহিবা মহানগৰীৰ জীৱন!’ অ’ৰমাৰ বজাৰত গাড়ীখন ৰখাই মাৰ্কে কৈছিল। লগে লগে জাঁপ মৰাদি আহি মিনলাই দেউতাকক ডিঙিত মেৰিয়াই ধৰি কৈছিল, ‘থেংক ইউ! তোমাক বহুত ভাল পাওঁ দেউতা!’

নিজকে সোঁৱৰাইছিল মাৰ্কে। এইবোৰ একোৱে নিজৰ শৈশৱত তেওঁ শিকা নাছিল। কয়লা খনিৰ শ্ৰমিক দেউতাকে মদৰ জালত যি ক’ব সেয়াই তিনিও ককায়েক-ভায়েক আৰু মাকে মনাতো বাধ্যতামূলক আছিল। তাৰ বিপৰীতে দিনে দিনে মাকজনী হৈ পৰিছিল নিৰ্মোহ। যেন যুঁজাৰ আগতেই হাৰ মানি গৈছিল তেওঁ। নাই, নাই। মাৰ্কে সেই পাৰিবাৰিক বৃত্তৰ পুনৰাবৃত্তি নকৰে। তেওঁ এগৰাকী ভিন্ন দেউতাক হ’ব বিচাৰে। মিনলাৰ ববে।

‘এই মিনলা আমাৰ চকুৰ আগতে কিমান খৰকৈ ডাঙৰ হৈছে চোৱাচোন। তাই ডাঙৰ নহ’লেই যেন ভাল পাম, এনে লাগে নহয়নে?’ আন্যাই ইতিমধ্যে কিতাপখন সামৰি থৈছে। একাষৰীয়াকৈ শুই থকা মাৰ্কৰ কাষ চাপি আহি বুকুতে মুখখন থৈছে।

‘সঁচা, কিমান খৰকৈ পাৰ হৈ গৈছে এই সময়বোৰ৷ প্ৰতিদিনে তাই নতুন কথা শিকিছে, নতুন দৃষ্টিৰে পৃথিৱীখন চাবলৈ আৰম্ভ কৰিছে৷’

‘তোমাৰ মনত আছে নে তাইৰ জন্মৰ সেই মুহূৰ্তটো?’

‘কিয় মনত নাথাকিব? আমিতো সজ্ঞানে প্লেন কৰা নাছিলো সন্তান এটাৰ বাবে৷’ মাৰ্কে ক’লে।

‘তুমি যে ক’ৰ পৰা ক’ত পালাহি মাৰ্ক!’ আন্যাই হাঁহি হাঁহি ক’লে।

এই কথাষাৰ সুযোগ পালেই আন্যাই কয়। আৰু প্ৰতিবাৰেই মাৰ্কে হাঁহে। পৰিতৃপ্তিৰ হাঁহি। দুয়ো মানি লয়, আন্যা স্বয়ংক্ৰিয় মাক হোৱাৰ বিপৰীতে মাৰ্ক আছিল আকস্মিক দেউতাক! আন্যাই কেৱল মাৰ্কৰ বাবে সুদূৰ মিউনিখৰ পৰা আহি ফাৰমানাৰ জীৱন আপোন কৰি লৈছিল। বিয়াৰ প্ৰথম বছৰটো যেন দুয়ো দুয়োৰে মাজতে ডুব গৈ থাকিল। যুগ্ম জীৱনৰ প্ৰতিটো মুহূৰ্ত পৰিপূৰ্ণ হৈ উঠিছিল ভালপোৱাৰ আৱেশত। সেই বছৰৰে শেষৰ ফালে আন্যা সন্তান সম্ভৱা বুলি জানি মাৰ্ক কিছুপৰলৈ যেন কিংকৰ্তব্যবিমূঢ় হৈ পৰিছিল। বহুতো অনুভৱে অগা-দেৱা কৰিছিল। তেওঁ সঁচাই এটি সন্তানৰ দেউতাক হ’ব পাৰিবনে? অগা- দেৱা কৰিছিল শৈশৱৰ অন্ধকাৰ সময়খিনিয়ে, শ্ৰমিক দেউতাকৰ অহৰহ দাবী-ধমকি-মাৰ-পিটে, মাকৰ নিৰ্লিপ্ত মুখখনিয়ে। কিন্তু ক্ষন্তেকতে নিজকে সামৰি তেওঁ কৈছিল,

‘তুমি যেনেকৈ বিচাৰা তেনেকৈয়ে হ’ব আন্যা৷’

‘আমি বহুত সুখী হ’ম মাৰ্ক। চাবা তুমি!’ আন্যাই ভৰসা দিছিল। মাৰ্কৰ মনৰ সেই অসহায় অনুভৱ তাই বুজিছিল।

এইবাৰ এটা ওলোটা এক প্ৰক্ৰিয়া আৰম্ভ হৈছিল যেন। এইবাৰ আন্যাৰ হেঁপাহৰ বাবে, সুখৰ বাবে মাৰ্ক সেই সূতাডালেৰে বান্ধ খাই পৰিছিল। কিন্তু প্ৰথমবাৰৰ বাবে হস্পিটেলত মিনলাক কোলাত লোৱাৰ লগে লগে যেন কিবা এটা বিস্ময়কৰ পৰিৱৰ্তনৰ সূচনা হৈছিল। সেই মুহূৰ্ততে মাৰ্কৰ মনৰ সকলো সন্দেহৰ দেৱাল খহি পৰিছিল। এই যে কণমানি কেঁচুৱাটি- এয়া তেওঁৰ আৰু আন্যাৰ সৃষ্টি৷ আন্যা আৰু তেওঁৰ ভালপোৱাৰ চিন৷ তেওঁৰ আৰু আন্যাৰ কোষৰ পৰাই বিকশিত অথচ এই মিনলা তেওঁ বা আন্যা নহয়। মিনলা এক ভিন্ন কিন্তু এতিয়াৰ পৰা এই পৃথিৱীত তেওঁলোকৰ আটাইতকৈ আপোন মানুহ! সৰ্বশৰীৰ শিহৰিত হৈ উঠিছিল তেওঁৰ।

মিনলাৰ জন্মৰ পৰাই মাৰ্ক এক ভিন্ন মানুহ হৈ পৰিছিল যেন। পুৱা-গধুলি চৰাই চাবলৈ ফাৰমানাৰ হাবিয়ে-জংঘলে ঘুৰি ফুৰা মাৰ্ক ঘৰত ৰৈ গৈছিল। একলা দুকলাকৈ ডাঙৰ হৈ অহা মিনলাৰ সৈতেই প্ৰতি পল পাৰ কৰিব খুজিছিল। এক অপূৰ্ব সুখত মাৰ্ক আছন্ন হৈ পৰিছিল৷ এতিয়াও যেন তেনেকৈয়ে ৰৈছে তেওঁ। দেউতাকৰ চিনাকিটো, এজন ভাল দেউতাক হোৱাৰ সপোনটোৱে তেওঁৰ জীৱনৰ মূল সংকল্প হৈ পৰিছে যেন!

‘তুমি ঠিকেই কৈছিলা, আন্যা। আমি তেতিয়াও সুখী আছিলোঁ- কিন্তু মিনলাই অনা সুখৰ মাদকতা বহুত বেলেগ- বহুত।’ বিৰবিৰাই কথাষাৰ কৈ মাৰ্কে দেখিলে ইতিমধ্যে আন্যা তেওঁৰ বুকুতেই টোপনি গৈছে৷ তেওঁ আলফুলে তাইৰ মূৰটো দাঙি গাৰুটো তলত ৰাখিলে। টোপনিত লালকাল দিয়া আন্যাৰ চুলিত হাত ফুৰাই থাকি সিদিনা বহু নিশালৈকে অতীতৰ মধুৰ ৰোমন্থনত বন্দী হৈ ৰ’ল তেওঁ৷ সেইনিশা তেওঁক অন্য কোনো কথাই আমনি কৰিব নোৱাৰিলে। সিদিনা তেওঁ জনা নাছিল, তাৰ পিছৰ সপ্তাহতে ৰুঢ় বাস্তৱে এনেকুৱাকৈ তেওঁৰ সন্মুখত ধৰা দিব যে তেওঁৰ সেই সুখৰ ঘৰ কাঁচৰ দৰে থানবান হৈ যাব! অতীত-বৰ্তমানৰ ভেঁটিটোৱে নিশ্চিহ্ন হোৱাৰ উপক্ৰম হ’ব!

সেইদিনা মিনলা ঘৰত নাই। ৱিকেণ্ডৰ দিন দুটা নিউ কেছলৰ খুড়াকৰ পৰিয়ালৰ সৈতে কটাবলৈ গৈছে৷ আন্যাৰ ভাল লাগিব বুলিয়ে নিশাৰ সাজৰ বাবে মাৰ্কে লাজানিয়া ৰান্ধিছিল৷ লাজানিয়া আন্যাৰ প্ৰিয় খাদ্য কিন্তু অতিশয় স্বাস্ব্যসচেতন বাবেই আন্যাই পৰাপক্ষত সেয়া নিজে নাৰান্ধে। মাৰ্কে পাকঘৰৰ অভেনত লাজানিয়া ভৰাই দি টাইমাৰটো আৰম্ভ কৰিলে৷ ‘দ্য ডাবলিনাৰছ’ৰ গানৰ লগে লগে তেওঁৰ শৰীৰটোও কিছু হালি-জালি থাকিল। কামৰ মাজতে বহা কোঠালৈ ভুমুকিয়াই চাই মাৰ্কে দেখিলে পূৰ্ণ গতিত টেলিভিছনত বিবিচিৰ বাতৰি চলি আছে৷

তিনিবাৰকৈ মে’ই আগবঢ়োৱা ব্ৰেক্সিটৰ প্ৰস্তাৱ সংসদে প্ৰত্যাখ্যান কৰাৰ পিছত প্ৰধানমন্ত্ৰী টেৰেছা মে’ ই ভগ্ন কন্ঠেৰে ঘোষণা কৰিছে,’আই হেভ ডিচাইডেদ ট্যু ষ্টেপ ডাউন! মই পদত্যাগ কৰিছোঁ।’

মাৰ্কৰ দুচকুৰ চেলাউৰি থিয় হৈছে! আস্‌৷ আৰু যে কিমান অনিশ্চয়তা আহিবলৈ আছে এইখন দেশলৈ৷ কিমান টানিব আৰু এই ব্ৰেক্সিটে? তেওঁ তাকে ক’বলৈ লৈ দেখা পালে আন্যাৰ ভ্ৰক্ষেপেই নাই টিভিত কি চলি আছে৷ তেওঁ যেন কোনোবা এখন অন্য পৃথিৱীত৷ স্থিৰ দৃষ্টিৰে তেওঁ চাই আছে খিৰিকীৰে দূৰ দিগন্তলৈ।

একোকে নকৈ মাৰ্ক পাকঘৰলৈ উভতি আহিল। মনে মনে সিদ্ধান্ত কৰিলে, তেওঁৰ আৰু সহ্য নহয়- আজি সুধিবই তেওঁ- কি এনে যন্ত্ৰণাই খুলি খুলি খাইছে তেওঁৰ প্ৰাণৰ মানুহজনীক৷ তেওঁ যে জনাৰ বৰ দৰকাৰ৷

এটা সময়ত দুয়ো ডাইনিং টেবুলত বহিল। আন্যাই ৰ’জে ৱাইনৰ বটলটো খুলি লৈ দুটা গিলাচত অলপ অলপ বাকিলে। মাৰ্কে অভেনৰ পৰা উলিয়াই আনিলে গৰম লাজানিয়া৷

আন্যাই নিজৰ প্লেটত কিছু লৈ মুখত দিয়ে মাৰ্কলৈ চাই ক’লে,

‘খুউব ভাল ৰান্ধিছা মাৰ্ক! ইমান সোৱাদ হৈছে!’ মাৰ্কে মাথোঁ হাঁহিলে। প্ৰায় নীৰৱেই খাই উঠি দুয়ো মিলি প্লেটবোৰ ডিছ ৱাছাৰত এখন এখনকৈ ভৰালে। তাৰপিছত ৰৈ যোৱাখিনি আন্যাই ফ্ৰীজত ভৰালে৷ মাৰ্কে অপলক নেত্ৰে তাইৰ লয়লাস ভংগীবোৰ চাই চায়ে পাকঘৰৰ কাউণ্টাৰ চাফ-চিকুণ কৰিলে। আজি সুধিবই লাগিব, তেওঁ ভাৱি থাকিল। নহ’লে যে মনতে ভাৱি ভাৱি তেওঁ হাঁহাকাৰ কৰি থাকিব।

‘আন্যা, মই ঘপকৈ পোৱালি কেইটা চাই আহোঁ!’ কৈয়ে মাৰ্ক পাকঘৰৰ দুৱাৰেদি বাহিৰ ওলাল। গেৰেজত সোমাই একাষে থোৱা গঁড়ালটো চালে। মিনলা নথকা বাবে মাৰ্কৰ শুদা শুদা লাগিল। তাই থাকিলে যে প্ৰত্যকে দিনাই কুকুৰা পোৱালি কেইটাক ‘গুড নাইট’ ক’বলৈ গৈ তাই এপৰ লগায়৷ মাৰ্কে সময়ৰ কথা সোঁৱৰাই দি তাইক ভিতৰলৈ আনিব লাগে৷ আজি নিজেই তেওঁ মিনলাৰ দৰে কুকুৰা পোৱালি কেইটাক এবাৰ হাত বুলাই দিলে ৷ মেংগ’ আগবাঢ়ি আহি তেওঁৰ সোঁ হাতখনত ঠোঁটটোৰে কুটকুটাই দিলেহি৷ সিহঁতেও যেন বুজি পালে, মিনলা নাই আজি৷

গেৰেজৰ পৰা ওলোৱাৰ আগেয়ে সদায়ে চোৱাৰ দৰে মাৰ্কে গাড়ী দুখনত চকু ফুৰালে। চকুত পৰিল, আন্যাৰ বগা আউডি গাড়ীখনত ভিতৰৰ লাইটটো অনেই হৈ থাকিল। তেওঁৰ হাতত থকা চাবিকোঁচাতে গাড়ীৰ চাবিটোও ওলমি আছিল। মাৰ্ক আগবাঢ়ি গৈ গাড়ীৰ দুৱাৰ খুলিলে। হাউলি ভিতৰৰ লাইটটো অফ কৰিবলৈ লৈ দেখা পালে গাড়ীৰ গ্ল’ভ কম্পাৰ্টমেণ্টটো আধা খোলা। তাত এটা টেবলেটৰ ষ্ট্ৰিপ! মাৰ্কে হাতত লৈ টেবলেটৰ নাম পঢ়ি চালে। লগে লগে তেওঁৰ ভ্ৰু কোঁচ খাই গ’ল! চিন্তা আৰু আশংকাই আগতকৈও তীব্ৰতাৰে তেওঁক মেৰিয়াই ধৰিলে যেন!

মাৰ্ক শোৱাকোঠালৈ উভতি আহে মানে আন্যা ইতিমধ্যে বিছনাত৷ দুচকু মুদি আছে যদিও মাৰ্কে গম পালে, শোৱা নাই তেওঁ৷

‘আন্যা’ কোমলকৈ মাত লগালে মাৰ্কে।

‘হু’ আন্যাৰ জড়তা ভৰা মাত৷

‘টোপনি যোৱা নাই নহয় তুমি? আহাচোন অলপ কথা পাতোঁ!’

‘কোৱা’ দুচকু মুদি থাকিয়ে তাই ক’লে৷

‘মোলৈ চোৱাচোন আন্যা৷’ মাৰ্কৰ আকুলতাই আন্যাক বিচলিত কৰিলে কিজানি৷ তাই দুচকু মেলি অকণমান আউজি বহাৰ দৰে কৰিলে৷ কিন্তু মাৰ্কলৈ পোনপটিয়াকৈ নাচালে৷

‘তোমাৰ গাড়ীত এইমাত্ৰ এয়া দেখা পালোঁ৷ তুমি কেতিয়াৰ পৰা শ্লিপিং টেবলেট ল’বলৈ আৰম্ভ কৰিছা আন্যা?’ হাজাৰ চেষ্টা কৰা স্বত্বেও তেওঁ মাতটো আহত যেন শুনালে৷ সঁচাই আঘাত পাইছে তেওঁ। একেলগে একেখন বিছনাতে প্ৰতিনিশা শুয়ো তেওঁ ক’বই নোৱাৰে আন্যাই উজাগৰী সময় পাৰ কৰিছে। উপায় নাপাই শ্লিপিং টেবলেট খাইছে।

আন্যই দোষী দোষী ভাৱেৰে ক’লে, ‘হ’ল এমাহমান৷’

‘তুমি মোক কোৱা নাই কিয়?’

‘তোমাক অযথা চিন্তাত পেলাব খোজা নাছিলো মাৰ্ক!’

‘তোমাক এনেকৈ মনৰ ভিতৰতে কষ্ট পাই দেখি মই তাতোকৈ বহুত বেছি চিন্তাত পৰা নাই জানো আন্যা! কিবা সমস্যা হ’লে আমি দুয়ো মিলি জানো সমাধান উলিয়াব নোৱাৰোঁ কোৱা! তুমি বা মই অকলে অকলে ভূগি থকাৰ কথাটো নহয় আন্যা! কি হৈছে খুলি কোৱাচোন।’

এইবাৰ আন্যাই মাৰ্কলৈ চালে। এক কাতৰ আৰু অসহায় দৃষ্টিৰে। মাৰ্কৰ বুকুখন বিষাই উঠিল। তেওঁ যেন জানিহে এৰিব কি হৈছে এই প্ৰিয় নাৰীৰ! ইমান ভালপোৱাৰে উপচাই দিয়াৰ পিছতো কিয় তেওঁৰ এনে হৈছে?

‘আন্যা, মোক সঁচাই কোৱাচোন তোমাৰ কি হৈছে? মোকতো তুমি বিশ্বাস কৰিব পাৰা৷ তুমি জানা তোমাক কিমান ভাল পাওঁ৷ তোমাৰ বাবে যিকোনো কামেই কৰিবলৈ সাজু মই৷ মাথোঁ খুলি কোৱা মোক কি হৈছে তোমাৰ?’

‘মই বৰ অসুখী, মাৰ্ক! বৰ অসুখী!' আন্যাই হুকহুকাই কান্দি পেলালে।

মাৰ্ক আচৰিত হয়, আশংকাত ডুব যায়। কি কৈছে আন্যাই এইবোৰ!

‘তুমিতো জানা, মিনলাৰ জন্মৰ পিছতে মোৰ প'ষ্ট পাৰ্টাম ডিপ্ৰেছন আৰম্ভ হৈছিল। তাৰপিছৰে পৰাই যেন কথাবোৰ বেলেগ হৈ গ'ল।'

মনত আছে মাৰ্কৰ। সকলোবোৰ মনত আছে। আন্যাৰ ভোক নোহোৱা হৈছিল, টোপনি নোহোৱা হৈছিল। বিষণ্ণতাত ডুব গৈছিল তাই। সময়ৰ টিকনি ধৰি জীৱনৰ প্ৰতিটো দিন অতিবাহিত কৰা আন্যাই সময়ৰ আঁত হেৰুৱাই পেলাব খুজিছিল যেন৷ মাৰ্কে চিকিৎসকৰ ওচৰলৈ দৌৰাদৌৰি কৰিবলৈ আৰম্ভ কৰিছিল৷ দীঘলীয়া পেটাৰনিটি লিভ লৈ আন্যা আৰু মিনলা দুয়োকে চোৱাৰ দায়িত্ব লৈছিল৷ কিন্তু এয়াতো দহবছৰৰ আগৰ কথা?

মাৰ্কৰ মনৰ ভাৱ বুজিব পাৰিয়ে কিজানি আন্যাই ক’লে,

‘সেয়া বহু আগৰ কথা কিন্তু তেতিয়াৰ পৰাই জীৱনটো যেন মই বেলেগকৈ চাবলৈ আৰম্ভ কৰিলোঁ! মই কি কৰিছোঁ, ক’লৈ গৈ আছোঁ সেইবোৰ বেলেগ ধৰণে ভাৱিবলৈ ল’লোঁ।’

মাৰ্কৰ উপলব্ধি হ’ল তেওঁ ভৱাৰ দৰে কথাবোৰ একে হৈ ৰোৱা নাই। মিনলাই আনি দিয়া সুখ আৰু প্ৰশান্তিৰ চাদৰখনে আৱৰি ধৰি তেওঁক যেন অন্ধ কৰি পেলাইছিল। মাৰ্ক যিমানেই সংসাৰৰ দায়িত্ব চম্ভালাত ব্যস্ত হৈ পৰিল, সিমানেই কিজানি আন্যা আঁতৰি গ’ল সেই সুখৰ সংসাৰখনৰ পৰা৷ অনুশোচনাৰে ভৰি পৰিল মাৰ্কৰ হৃদয়। অতবছৰে তেওঁ তেনে নিজকে এটা মিছা সাধু কৈ আছিল?

মাৰ্কৰ বুকুত সোমাই উচুপি থকা আন্যাক তেওঁ জোৰেৰে ধৰি থাকিল। উচুপনিৰ লগে লগে তাইৰ সমগ্ৰ শৰীৰটো জিকাৰ খাই খাই উঠিল৷ এটা সময়ত তাই অলপ শান্ত হ’ল। মাৰ্কৰ বুকুৰ মাজৰ পৰা লাহেকৈ ওলাই আহিল কিন্তু তেওঁৰ দুয়োখন হাততে জোৰেৰে খামুচি ধৰি থাকিল। তাৰপিছত পূৰ্ণাংগ দৃষ্টিৰে মাৰ্কলৈ চাই আন্যাই ক’লে,

‘মই আজি ছমাহমান ধৰি কাউন্সেলিং কৰি আছোঁ৷ মোৰ এই বিষণ্ণতাৰ বাবে৷ তোমাক দুখ দিব খোজা নাছিলোঁ৷ কিন্তু মই লাহে লাহে অনুভৱ কৰিছিলো মোৰ এই জীৱন যেন এক মিছা জীৱন৷ মোৰ এই চিনাকি, এই সুখ সকলোৰে ভেঁটিটো যেন ফোঁপোলা৷’

‘কিয় ভাৱিলা তেনেকৈ? মই কি ভুল কৰিলোঁ কোৱা৷’

‘মই জানিছিলো, তুমি নিজকে দোষ দিবা মাৰ্ক৷ সেই ভয়তে কোৱা নাছিলোঁ৷ কিন্তু তুমি বিশ্বাস কৰা, মোৰ সমস্ত অন্তৰেৰে তোমাক ভাল পাওঁ মই৷ মাথোঁ এতিয়া অনুভৱ কৰিছোঁ সেই ভালপোৱাৰ স্বৰূপ বেলেগ!’

মাৰ্কে বুজি নাপায় আন্যাই কি ক’ব খুজিছে৷ আজি বাৰ বছৰে তেওঁ সদায়ে বুজি পোৱা, চিনি পোৱা এই আন্যা হঠাতে কিয় ইমান অচিনাকি যেন হৈ পৰিছে৷

‘বুজা নাই মই একোকে! বুজাই কোৱা মোক৷ ভালকৈ বুজাই কোৱা৷’ তেওঁ প্ৰায় কৰুণা ভিক্ষা কৰাৰ দৰে কৈ উঠিল৷ আন্যাই উচুপে৷ উচুপি উচুপি কয়, ‘ময়ো বুজা নাছিলো মাৰ্ক, বহু দিন বহু বছৰ ধৰি নিজকে চিনি পোৱা নাছিলো মই৷ কিন্তু বিশ্বাস কৰা তোমাৰ একো দোষ নাই এইবোৰ একোতেই৷ আমাৰ সম্পৰ্কৰ পৰা সম্পূৰ্ণ স্বতন্ত্ৰ এই ধৰ্মসংকট!’

আন্যাক এনেকৈ কেতিয়াও ভাঙি পৰা দেখা নাই মাৰ্কে৷ তাইৰ মানসিক অৱস্থাটোৱে তেওঁৰ মনলৈ আনি দিয়ে অসীম কাৰুণ্য৷ তেওঁ আকোঁৱালি লয় তাইক৷ দুয়োৰে চকুৰ টোপনিৰ জাল কাটি গৈছে ইতিমধ্যে৷

‘কিহৰ ধৰ্মসংকট? মই এতিয়াও একোকে বুজা নাই আন্যা!’

আন্যাই নিজকে চম্ভালি লোৱাৰ চেষ্টা কৰিলে। মাৰ্কৰ ভাৱ হ’ল তাইৰ মনৰ ভিতৰতে গুজৰি গমৰি থকা হাজাৰটা ঢৌ যেন পাৰ ভাঙি ওলাই আহিব খুঁজিছে৷

‘ক’ম। সকলো বুজাই ক’ম। মাথোঁ তুমি জনাটো বিচাৰোঁ যেন ইয়াৰ লগত তোমাৰ কোনো সম্পৰ্ক নাই, তোমাৰ কোনো দোষ নাই………মিনলাৰ জন্মৰ সময়ত আমাৰ ওচৰত পৰিয়ালৰ কোনো মানুহ নাছিল। কিন্তু ওচৰ-চুবুৰীয়া আৰু নেচাৰৰ মানুহে বহুত সহায় কৰিছিল। তাৰে এগৰাকী আছিল আমাৰ চুবুৰীয়া ভেৰ’নিকা। মনত আছেনে তোমাৰ?’

আছে। মাৰ্কৰ সকলো মনত আছে। ভেৰ’নিকা চুবুৰীয়া, লগতে এগৰাকী ডাক্তৰো। গতিকে বহুবাৰ বহু প্ৰয়োজনত তেওঁ মাৰ্ক আৰু আন্যাৰ কাষত থিয় দিছেহি। মিনলাৰ জন্মৰ সময়তে গঢ়ি উঠা বন্ধুত্ব এতিয়াও একেদৰেই আছে।

‘এই ভেৰ’নিকাৰ লগতে মোৰ সম্পৰ্ক গভীৰ হৈ আহিল। আৰু আজি এবছৰ মানৰ পৰা অনুভৱ কৰিছোঁ সেই সম্পৰ্ক কেৱল বন্ধুত্ব নহয়, ভাল পাই পেলাইছোঁ ভেৰ’নিকাক!’

মাৰ্কে যেন নিজৰ কাণ দুখনকে বিশ্বাস নকৰিব! কি কৈছে আন্যাই! কেনেকৈ সম্ভৱ এয়া! তেওঁৰ মুখৰ মাত হেৰাই যায় যেন।

তাৰপিছত তেওঁ লাহে লাহে এটা এটাকৈ কৈ উঠে, ‘এয়া কেনেকৈ সম্ভৱ আন্যা? কি কৈছা তুমি?’

‘মই ঠিকেই কৈছোঁ মাৰ্ক! বিশ্বাস কৰা, মই নিজেও জনা নাছিলোঁ অতবছৰে৷’

‘তেন্তে এতিয়া কেনেকৈ?’

‘তোমাক কেনেকৈ ক’ম, কি বুলি বুজাম অতদিনে সেয়া ধৰিবই পৰা নাছিলোঁ, মাৰ্ক! বহুত ভাল পাওঁ তোমাক। কোনো কাৰণতে তোমাক দুখ দিব পৰা একোকে কৰিব নোখোজো মই। সেয়া তুমি জানা! কিন্তু মিনলাৰ জন্মৰ পিছৰ পৰাই যেন কিবা এটাই খুন্দিয়াই গৈছিল মোক৷ মোৰ ভিতৰখন কিবা এটা অন্ধকাৰ গহ্বৰত ডুব গৈছিল৷ প্ৰথমে ভাৱিছিলোঁ এয়া মাথোঁ প’ষ্ট পাৰ্টাম ডিপ্ৰেছন। গৰ্ভধাৰণৰ পিছতে বহু নাৰীয়ে ভোগা বিষণ্ণতা। চিকিৎসা কৰিলে, নিজৰ যত্ন ল’লেই ঠিক হৈ যাব। কিন্তু নহ’ল! এই খেলিমেলি ভাৱবোৰ যিমানেই আঁতৰাই ৰাখিব খুজিলোঁ সিমানেই তীব্ৰতাৰে কথাবোৰে মোক আঘাত কৰিবলৈ ধৰিলে৷ মোৰ ভিতৰত অহৰহ এটা টেপ বাজিবলৈ ধৰিলে৷ ক’বলৈ ধৰিলে, এই জীৱন মিছা, এই সত্ত্বা মিছা৷ সকলো মিছা৷ অথচ মোৰ বাবে মোৰ প্ৰাণতকৈ আপোন তুমি আৰু মিনলাৰে এখন ভৰাসংসাৰ৷ একো দুখ নাই আমাৰ৷ সঁচাই একো দুখ নাই৷ ইয়াতকৈ বেছি সাংসাৰিক জীৱনত কোনে কি সুখ-শান্তি আশা কৰিব পাৰে৷ লাহে লাহে বুজি উঠিছিলোঁ মই মনৰ কাৰাগাৰত বন্দী হৈ পৰিছোঁ৷ সেয়ে আজি ছমাহমানৰ পৰা কাউন্সেলিং ল’বলৈ আৰম্ভ কৰিলোঁ৷’

মাৰ্কৰ বাবে যেন এখন নতুন পৃথিৱী মুকলি হৈ গৈছে৷ যিখন পৃথিৱীৰ সকলো ঘটনা-পৰিঘটনা তেওঁৰ চকুৰ সন্মুখতে ঘটি থাকিল কিন্তু তেওঁ অন্ধৰ দৰে চলা ফিৰা কৰি থাকিল! একোকে নেদেখাকৈ- একোকে নুশুনাকৈ!

আন্যাই কৈ গ’ল, ‘থেৰাপিত নিজৰ বিষয়েই নজনা বহু কথা আৱিষ্কাৰ কৰিলোঁ৷ উপলব্ধি কৰিলোঁ, সমাজৰ কিছুমান ফোঁপোলা মূল্যবোধেৰে আমি কেনেকৈ অলপ অলপকৈ নিজেই মনত এক কাৰাগাৰ সাজোঁ৷ কেনেকৈ নিজকে সেই কাৰাগাৰৰ চাৰি দেৱালৰ মাজত বন্দী কৰি ছটফটাই মৰোঁ৷ যেতিয়া এই কাৰাগাৰৰ দেৱাল ভাঙি দি স্বচ্ছ পোহৰ আৰু বতাহ এজাক সোমাবলৈ দিলোঁ, তেতিয়াই বুজি উঠিলোঁ মই অন্য নাৰীৰ প্ৰতি আকৰ্ষণ অনুভৱ কৰোঁ৷ হয়তো সদায়ে কৰিছিলোঁ, কিন্তু সেইসময়ত কিজানি সেই অনুভৱক সজ্ঞানে চিনি পাব পৰাকৈ সৎ সাহস নাছিল মোৰ৷ নাইবা ভেৰ’নিকাই এতিয়া সেই সুপ্ত আবেগখিনিক সাৰ পোৱাই দিলে। সেয়া ঠিককৈ ক’ব নোৱাৰিম৷ কিন্তু এই মুহূৰ্তত এইটোৱে মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ সত্য, মাৰ্ক!’

মাৰ্কৰ যেন ভৰিৰ তলৰ মাটি হেৰাই গৈছে। সময়ৰ গতি ৰৈ গৈছে তেওঁৰ বাবে। তেওঁৰ মন আৰু শৰীৰ যেন এজাক ধুমুহাই মুচৰি থৈ গৈছে! তথাপি এটা ভগ্ন কন্ঠেৰে তেওঁ সুধিলে,

‘তেন্তে আমি কি আছিলোঁ আন্যা?’

‘মাৰ্ক, আমাৰ ভালপোৱাও সত্য। বিশ্বাস কৰা, আকাশৰ জোনটোৰ দৰে সেয়া এক পূৰ্ণ সত্য। মাথোঁ ইয়াৰ স্বৰূপ সলনি হৈ পৰিল কিজানি৷ তোমাৰ প্ৰতি মই আগৰদৰে ৰোমাণ্টিক আকৰ্ষণ অনুভৱ নকৰোঁ। কিন্তু তুমি এতিয়াও আগৰদৰেই মোৰ আপোন, মাৰ্ক। সেয়া কেতিয়াও সলনি নহয়!’

আন্যাই কৈ কৈ মাৰ্কক সাৱটি ধৰিলে। নিজৰ সমস্ত শক্তিৰে। দুয়ো দুয়োৰে কান্ধত মূৰ থৈ হুকহুকাই কান্দিলে। কেতিয়াবা যে পৰিস্থিতিয়ে মানুহক এনে কিছুমান বিন্দুলৈ লৈ যায়, য’ৰ পৰা ভালপোৱা আৰু ভালপোৱা ব্যক্তিৰ সৈতে একেলগে বাট বুলা অসম্ভৱ হৈ পৰে। সেই বিন্দুত মাথোঁ দুটা পথ থাকে- হয় ভালপোৱাৰ সেই চাকিগঁছি বুকুত লৈ অকলশৰে যাত্ৰা কৰা নহ’লে বাস্তৱ সত্যক দেও দি ভালপোৱা ব্যক্তিৰ সৈতে প্ৰেমবিহীন এটা জীৱন আকোঁৱালি লোৱা। আন্যাক আকোঁৱালি লৈ বুকুত শিল থৈ হ’লেও মাৰ্কে সিদ্ধান্ত ল’লে, যিমান কষ্ট হ’লেও তেওঁ বাস্তৱ সত্যক মানি ল’ব। তাৰ লগে লগে তেওঁ বুজি পালে, আজিৰ পৰা এক নতুন জীৱন আৰম্ভ হ’ল৷ জীৱনৰ সকলো সংজ্ঞা সলনি হৈ গ’ল দুয়োৰে বাবে৷

এটা সময়ত আন্যা টোপনিত ঢলি পৰিছিল। বহুদিনৰ পৰা হেঁচা মাৰি থোৱা বুকুৰ বোজা এটা উঠি যোৱাৰ দৰেই এক সকাহ যেন মাৰ্কে আন্যাৰ মুখত দেখা পালে। মাৰ্কে নিজে গোটেই ৰাতি টোপনিৰ চিপ এটাকে মাৰিব নোৱাৰিলে। এটা সময়ত উঠি গৈ পাকঘৰত এগিলাচ পানী খালেগৈ৷ ডিঙিটো খৰখৰীয়া মাৰিছিল তেওঁৰ৷ ডাইনিং টেবুলৰ চকীখন টানি তাতে তেওঁ বহি ৰ’ল৷ যেন কথাবোৰ মনতে এবাৰ জুকিয়াই চাবলৈ চেষ্টা কৰিলে তেওঁ। তাতে বহি থাকোঁতেই ৰাতি পুৱাল। চিলমিলকৈ অহা টোপনিটো ভঙাৰ লগে লগে তেওঁ চক খোৱা মানুহৰ দৰে জাপ মাৰি উঠিল। প্ৰথমেই তেওঁৰ মনলৈ আহিল, তেওঁ আজি অফিচলৈ যাব নোৱাৰে৷ বেলফাষ্টৰ হেডকোৱাৰটাৰত লাইন মেনেজাৰ গ্ৰেগৰক তেওঁ মেচেজ কৰিলে, ‘গ্ৰেগৰ, আই হেভ ট্যু কল ইন চিক ট্যুডে! মোৰ গা বেয়া!’

তাৰপিছত ফাৰমানাৰ অফিচলৈকো ফোন কৰিলে। তুলিকাই ফোন উঠালে।

‘তুলিকা, আজি মই অফিচলৈ আহিব নোৱাৰিম। মোৰ সলনি খেতিয়কৰ মিটিংখনলৈ তুমিয়ে নেচাৰৰ প্ৰতিনিধি হৈ যাব পাৰিবানে?’

ফোনৰ সিপাৰে তুলিকাই কি ক’লে তেওঁ যেন নুশুনিলেই। ফোন ৰাখি তেওঁ উভতি গ’ল আন্যাৰ ওচৰলৈ। আন্যা ঠিকে আছে নে নাই চাবলৈ।


No comments:

Post a Comment