Friday 23 February 2024

ফাৰমানা (উনবিংশ খণ্ড)

আজি পুৱাৰে পৰা নেচাৰৰ অফিচত লেণ্ডলাইন ফোনটোৱে আহৰি পোৱা নাই। প্ৰথমটো ফোন কল তুলিকায়ে ধৰিলে। কাৰণ প্ৰায়ে সকলোতকৈ আগেয়ে তাই অফিচ পায়হি। খিৰিকীৰ ব্লাইণ্ডছবোৰ ওপৰলৈ উঠাই লৈ ফুলৰ টাববোৰত পানী দি তাই নিজৰ ডেস্কত বহেহি। প্ৰায়ে সেইখিনি সময়তে চাফাইকৰ্মী পলো ৱাটাৰৱেইজ আয়াৰলেণ্ডৰ বাকীবোৰ অফিচত কাম সামৰি সিহঁতৰ অফিচ সোমায়হি। তুলিকাৰ সৈতে সুখ-দুখৰ দুই এষাৰ কথা পাতি তেওঁ গোটেইবোৰ ভেকুৱাম কৰি নিয়েহি। তেনেকৈ দিনটো আৰম্ভ কৰি ভাল লাগে তাইৰ। আজিও তেনেকৈ আহি পাইছিলহে, ফোনটো ঠিক ন বজাতে ৰিং কৰি উঠিল।

‘হেল্ল’,নেচাৰ আয়াৰলেণ্ডৰ ফাৰমানা অফিচ। মই কনজাৰভেশ্যন অফিচাৰ তুলিকা বৰুৱাই কৈছোঁ। কওকচোন আপোনাক কেনেদৰে সহায় কৰিব পাৰোঁ?’

‘আহ, আপুনিয়ে ভাৰতৰ তুলিকা তেনে?’ গাঢ় আইৰিছ ঠাঁচৰ অচিনাকি পুৰুষ কণ্ঠটোত তুলিকাই থতমত খাই গ’ল।

‘হয়, আপুনি?’

‘মই লিছবেল’ৰ পৰা কৈছোঁ। ‘ফাৰমানা হেৰল্ড’ত আপোনালোকৰ কামৰ বিষয়ে পঢ়ি বৰ ভাল পালোঁ। প্ৰকৃতিৰ কাৰণে আপোনালোকে যেনেকৈ কাম কৰি আহিছে সেয়া সঁচাই বৰ প্ৰেৰণাদায়ক। আপুনি নিজে ইমান দূৰৈৰ পৰা আহি আমাৰ প্ৰকৃতি আৰু চৰাই-চিৰিকটিৰ সংৰক্ষণৰ কাম কৰিছে-তাৰ বাবে বহুত ধন্যবাদ।’ ফোনৰ সিপাৰে অচিনাকি মানুহজনৰ যেন উৎসাহৰ শেষ নাই!

তুলিকা অভিভূত হৈ পৰিল। মানুহজনৰ সৈতে চা-চিনাকি হৈ ধন্যবাদ জনাই তাই ফোন থ’লে। তৰপিছত ল’ৰালৰিকৈ ৰিচেপশ্যনৰ পৰা ফাৰমানা হেৰল্ডৰ সেইদিনাৰ কাকতখন লৈ আনিলেগৈ। তাৰে এটা সম্পূৰ্ণ পৃষ্ঠা জুৰি বাতৰিটো প্ৰকাশ পাইছে। বৰ বৰ হৰেফেৰে শিৰোনামা, ‘ফাৰমানাৰ প্ৰকৃতিৰ হকে এজাক যুঁজাৰু!’ তাৰ তলতে সোঁফালে ৰায়ানৰ ফটোখন-সেই একেই হাঁহিলে সৰু হৈ পৰা নীলা দুচকু, মুগা ফিৰফিৰীয়া চুলিৰ পনিটেইল, দুয়োগালৰ মুগা দাঢ়ি। তাইৰ মূৰৰ পৰা ভৰিলৈ যেন এটা শিহৰণ বৈ গ’ল! প্ৰতিবাৰে ৰায়ানক দেখা পালেই অহা সেই চিনাকি শিহৰণ, কিন্তু অচিনাকি আবেগ!

‘হেৰ’ল্ডত বাতৰিটো ওলাল নহয়?’ মাৰ্কৰ মাতত তাই উচপ খাই উঠিল। তেওঁৰ হাতত ফ্ৰেন্স প্ৰেছ কফি মেকাৰটো। কাঁচৰ কফি মেকাৰটোত জিলিকি আছে কলাকৈ কৰা ডাঠ কফি। অন্যদিনাৰ দৰেই তেওঁ তাৰপৰা মাগ এটাত বাকি তুলিকাৰ ডেস্কত একাপ কফি থ’লে। তাৰ কাষতে মিহলাই কফি পাতল কৰিবলৈ গৰম পানীৰ কেটলটোও থৈ তেওঁ ক’লে,

‘মোক ৰায়ানে পুৱাতে ফোন কৰি জনাইছে। বৰ ধুনীয়াকৈ লিখিছে। আমাৰ লগে লগে থাকি কামবোৰ যে ভালদৰে বুজি লৈ কষ্ট কৰি লিখিছে, সেয়া পঢ়িলেই বুজি পায়। তোমাৰো ফটো ওলাইছে, দেখিলা?’

নাই দেখা। ৰায়ানৰ ফটোখনতে থমকি ৰোৱা তুলিকাৰ চকুযুৰি এইবাৰ তললৈ গ’ল। সেইদিনা কায়াকেৰে গৈ থাকোঁতে ঘপকৈ ৰায়ানে তোলা তাইৰ ফটোখন প্ৰকাশ পাইছে। তলত লিখা আছে, ‘ফাৰমানাৰ খেতি-পথাৰত বাহ সজা চৰাই বিচাৰি নেচাৰৰ কৰ্মী তুলিকা।’

তাই পুলকিত হৈ উঠিল। কেৱল তুলিকাই নহয়, সেই বাতৰি আৰু তাকে লৈ দিনটোলৈ আহি থকা অভিনন্দনৰ ফোন কল বোৰে গোটেই দলটোৰে যেন উদ্যম ঘুৰাই আনিলে। মুহূৰ্তৰ বাবে যেন সকলোৱে পাহৰি গ’ল নেচাৰৰ ওপৰত ওলমি থকা অনিশ্চয়তাৰ কলীয়া ডাৱৰজাকৰ কথা! ৰায়ানৰ প্ৰতি তাইৰ মন কৃতজ্ঞতাৰে ভৰি পৰিল। ফোন এটা কৰি ধন্যবাদকে দিব নেকি? ভাৱিলে তাই। তাৰ সলনি তাই সেইদিনাই ধন্যবাদসূচক ইমেইল এটাকে কৰিলে। প্ৰায় আধাঘণ্টামানৰ ভিতৰতে ৰায়ানৰ উত্তৰ আহিল, ‘তুমি লেখাটো ভাল পোৱা বাবে ভাল লাগিছে। তোমালোকে ব্যতিক্ৰমী কাম কৰি আছা, প্ৰায়বোৰ মানুহ প্ৰকৃতি বিধ্বংসী কামত লাগি থাকোঁতে তোমালোকে ফাৰমানাৰ সেউজীয়াখিনি বচাই ৰখাৰ চেষ্টা কৰিছা। তাৰ কাৰণে নেচাৰৰ প্ৰতিজন কৰ্মীৰ প্ৰতি আমি কৃতজ্ঞ!’

অফিচৰ লান্স ব্ৰেকতে সুৰুঙা পাই সেই খৱৰ তাই মাকলৈ মেচেজ কৰি পঠালে। মাকে লগে লগেই উত্তৰ দিলে মেচেজতে।

‘বৰ গৌৰৱৰ কথা মাজনী! বিদেশৰ এক অজান্তি মুলুকত গৈ তই নিজকে প্ৰতিষ্ঠা কৰিছ- প্ৰকৃতিৰ হকে কাম কৰিছ, তাকে লৈ মই বহুত গৌৰৱ কৰোঁ। এনেকৈয়ে আগবাঢ়ি যা - মোৰ আশীৰ্ব্বাদ সদায়ে থাকিব।’

তাইৰ চকুপানী ওলাব খুজিলে। কেইটামান মুহূৰ্তৰ পিছতে পুনৰ মাকৰ মেচেজ আহিল,

‘দেউতাৰক ক’লি নে? খৱৰটো শুনিলে দেউতাৰেও বৰ ভাল পাব!’

নাই, দেউতাকৰ সৈতে সেই দিনটোৰ পৰাই তাই একো যোগাযোগ ৰখা নাই। যেন প্ৰথমবাৰৰ কাৰণে তাই নিজে শুদ্ধ বুলি বিচাৰ কৰা এটা বাট লৈছে। সেই বাটত মূৰ তুলি খোজ দিছে। মাকেই হওক বা পৃথিৱীৰ অন্য যিকোনো নাৰীয়ে হওক- সেই নাৰীৰ ওপৰত হাত তুলি পুৰুষত্ব জাহিৰ কৰিব খোজা কোনো পুৰুষৰ সৈতেই তাইৰ আন্তৰিক বান্ধোন থাকিব নোৱাৰে। কাৰণ কোনো আন্তৰিক বান্ধোন বৰ্তাই ৰাখিব পৰাকৈ সেই পুৰুষৰ বিবেক বা মানৱীয়তা আছে বুলি তাই বিশ্বাস নকৰে।

তুলিকাই মাকক সেইবোৰ একোকে নক’লে। মাকৰ সহনশীলতাই যেন তাইক মূক কৰি পেলালে। তাই জানে, মাথোঁ যোৱা সপ্তাহত মাকে নিজাকৈ ভাড়াঘৰ লৈছে। ডিভৰ্চৰ কাগজ-পত্ৰ সাজু কৰিবলৈ কৰ্টলৈ তাঁত-বাতি আৰম্ভ কৰিছে। ভায়েক ধীৰুৰ হাজাৰ চেষ্টায়ো মাকক নিজৰ সিদ্ধান্তৰ পৰা লৰচৰ কৰিব নোৱাৰিলে। অথচ, ইমানখিনিৰ পিছতো মাকে সিহঁত দুয়োকে দেউতাকৰ খৱৰ ৰাখিবলৈ কৈছে। মাকেই অশান্তি মতা বুলি অপবাদ দিব খোজা ধীৰুকো তেওঁহে ভৰসা দিছে, সকলো ঠিক হৈ যাব। মাক-দেউতাক বেলেগ হৈ গ’লেও সিহঁত দুয়োৰে কাৰণে কথাবোৰ একে থাকিব। যেন মাকে আপ্ৰাণ চেষ্টা কৰিছে, তেওঁৰ সিদ্ধান্তই পৰিয়ালটোৰ বান্ধোনবোৰ ঢিলাই নেপেলোৱাকৈ ৰাখিবলৈ। যিটো ভয়ে অতদিনে তেওঁক এই খোজটো আগবঢ়াবলৈ বাধা দি আছিল, সেই ভয়ৰ নিৰাময় কৰিবলৈ। মাকক তাইৰ ক’বৰ মন গ’ল, সম্পৰ্কৰ গতি বোৱতী নদীৰ দৰে। স্বতন্ত্ৰ কিন্তু একা-বেকাঁ। প্ৰত্যেকেই নিজা সম্পৰ্কবোৰৰ বাবে দায়বদ্ধ। পাৰস্পৰিক আন্তৰিকতা, আদৰ-যত্নৰ সোঁত অবিৰাম বৈ নাথাকিলে অন্য কোনেও দুগৰাকী ব্যক্তিৰ মাজৰ সম্পৰ্কত খৰাং হোৱাৰ পৰা ৰক্ষা কৰিব নোৱাৰে। মাকেও।

‘হেই, আজি ডেস্কতে থাকিলা যে! লান্স ৰুমলৈ নাহিলা কিয়?’ ফিয়নাৰ মাতত তুলিকাই মূৰ তুলি চালে।

‘আ:, মোৰ কাম অলপ আছিল। সেয়ে ভাৱিলোঁ, আজি কাম আৰু খোৱা লগতে কৰোঁ!’

‘একো নাই, আজি ৰায়ানৰ বাতৰিক লৈ সৰু-সুৰা চেলিব্ৰেশ্যনেই হৈ গ’ল- এয়া তোমাৰ কেক টুকুৰা লৈ আনিছোঁ। লোৱা।’ ফিয়নাই প্লেট এখনত চকলেট কেক এটুকুৰা আগবঢ়াই দিলে।

‘চেলিব্ৰেশ্যনৰ কথাত মনত পৰিছে, তোমালোক ৰ’ৰি গেলেহাৰ উৎসৱলৈ যাবা নহয়?’ ফিয়নাৰ পিছে পিছেই আহি অফিচলৈ সোমোৱা লিছাই ক’লে।

‘যাম যাম- সেয়াটো এৰিব নোৱাৰি। এইবাৰ চ’নেও গান গাব নহয়। এইকেইদিন তাৰ দিনে-ৰাতিয়ে ৰিহাৰ্চেলৰ প্ৰকোপত মই শান্তিৰে শুব নোৱাৰিছোঁ।’ ফিয়নাই উচ্ছল হৈ লগে লগেই সঁহাৰি দিলে। আজি এমাহ হ’ল- চ’ন আৰু তাই একেলগে এটা ঘৰ লৈছে, এখন সুখৰ সংসাৰ গঢ়িছে। দেশ আৰু সংগঠনৰ নানা অনিশ্চয়তা আৰু অস্থিৰতাৰ মাজতো সিহঁত সুখী হৈছে।

‘কোন এই ৰ’ৰি গেলাহাৰ? ক’ত হ’ব এই উৎসৱ?’ সিহঁতৰ কথা-বতৰাই তুলিকাকো কৌতুহলী কৰি তুলিলে।

‘বেলিশ্বেননৰ নাম শুনিছা? ইয়াৰ পৰা মাত্ৰ এঘন্টাৰ বাট তালৈ৷ উত্তৰ আয়াৰলেণ্ডত নহয়। আমাৰ সীমামূৰীয়া কিন্তু ৰিপাব্লিক অব আয়াৰলেণ্ডৰ ঠাই। তালৈ যাবলৈ তোমাৰ ভিজা আছেই নহয়?’ লিছাৰ কথাৰ পৰা থাপ মাৰি নিয়াদি ফিয়নাই ক’লে,

‘ৰ’ৰি গেলাহাৰ তাতে জন্ম হোৱা এজন বিশ্ববিখ্যাত সংগীত শিল্পী৷ প্ৰতিবছৰে বেলিশ্বেননে তেওঁৰ সোৱঁৰণত আন্তৰ্জাতিক সংগীত উৎসৱ পাতে৷ এই শনিবাৰে ওলাবা৷ শনিবাৰে নিশাটো কটাই দেওবাৰে গুচি আহিম৷ বহুত ভাল লাগিব। কি যে এক মায়াময় পৰিৱেশ হয় তাত- দেখিলেহে বুজিবা!’

‘কিন্তু…কিন্তু ক’ত থাকিম?’

‘আৰে সেইবোৰৰ চিন্তাই নাই। আমাৰ কাৰাভানখন লৈ যাম নহয়! আমাৰ তিনিওলৈ ঠাই ওলাব তাত।’ লিছাই এইবাৰ জোৰ দি ধৰিলে।

কথামতেই কাম। শনিবাৰে তুলিকাৰ এপাৰ্টমেণ্টৰ সন্মুখত ৰ’লহি লিছা আৰু ডেনিয়েলৰ কাৰাভানখন। কাৰভান মানে সিহঁতৰ গাড়ীৰ পিছফালে যোগ কৰি লোৱা এটা সৰু কেবিন৷ সৰু কিন্তু বৰ আটোমটোকাৰীকৈ ৰখা কেবিনৰ ভিতৰৰ আচবাব৷ লিছাই দেখুৱালে, একাষৰ দুজনীয়া চোফাখন ফল্ডিং -মেলি দিলে এখন দুজনীয়া বিছনা হৈ পৰে৷ দুৱাৰৰ একাষে অন্য এখন বহা ঠাই৷ তাতে তৃতীয় মানুহ এজনো শুব পাৰে৷ ওপৰৰ গোটেইবোৰ সৰু-ডাঙৰ চেলফ-য’ত বয়-বস্তু সযতনে ৰাখি হুক লগাই থ’ব পাৰি৷ পাকঘৰ যেন লগা কণমান ঠাইখিনিতে এটা সৰু ষ্ট’ভ৷ সৰু চিলিণ্ডাৰ এটাৰ লগত সংযোগ কৰি থোৱা আছে৷ মুঠতে সৰু পৰিয়াল এটাই আৰামেৰে এসপ্তাহ চলাই দিব পৰা এটা কোঠালি৷

‘আৰে, এইখন দেখোন এখন ঘৰেই!’ তুলিকাই আচৰিত হৈ কৈ পেলালে।

‘কৈছিলোঁৱেই চোন তোমাক! ডেনিয়েল আৰু মই এইখন লৈয়ে গোটেই আয়াৰলেণ্ড ঘুৰিছোঁ বুজিছা। থকা-খোৱাৰ চিন্তা নাই। আগতীয়া পৰিকল্পনাৰ দৰকাৰ নাই। য’তে মন যায় ৰৈ দিব পাৰোঁ। বৰ সুবিধা!’ লিছাৰ মাতত সন্তুষ্টিৰ সুৰ। তাই জোৰ কৰাত তুলিকা উপায়ন্তৰ হৈ গাড়ীৰ সন্মুখৰ ছিটত বহিব লগা হ’ল। নিজে পিছৰ ছিটত বহি লৈ লিছাই ক’লে,

‘এইবাৰ প্ৰথম এইটো বাটত ওলাইছা, সন্মুখৰ পৰা ঠাইবোৰ চাই যাব পাৰিবা। মই পিছৰ ছিটত আৰাম কৰিম আকৌ!’

তুলিকাৰ মৰম লাগি গ’ল এই লিছাজনীলৈ। কেনেকৈ যে নিমিষতে আপোন কৰি ল’ব পাৰে- একো প্ৰতিদান আশা নকৰাকৈ মন খুলি সকলোকে সহায় কৰিব পাৰে তাই!

নামনি লখ আৰ্ণৰ পাৰে পাৰে গৈ ছল্লিশ মিনিটমানৰ পিছতে সিহঁতৰ গাড়ীয়ে উত্তৰ আয়াৰলেণ্ডৰ সীমা পাৰ হৈ ৰিপাব্লিক অব আয়াৰলেণ্ডত প্ৰৱেশ কৰিলে। কোনো পহৰা বা ভেঁটা নাই সেই সীমান্তত। প্ৰকৃততে দুয়োখন দেশৰ কোনো সীমান্ততে অহা-যোৱাৰ একো বাধা নাই। একেখিনি আইৰিছ মানুহকে যেন দুখন দেশৰ ৰাজনৈতিক বাধ্যবাধকতাই পৃথক কৰি ৰাখিছে! সেইবাবেইতো ব্ৰেক্সিটে ইমান আসূয়া বিয়পাইছে ইয়াত, তুলিকাই ভাৱিলে। ব্ৰেক্সিটৰ পিছত এই ৰিপাব্লিক ইউৰোপীয়ান ইউনিয়নৰ ভিতৰতে থাকিব- কিন্তু ব্ৰিটেইনৰ অংশ হিচাপে উত্তৰ আয়াৰলেণ্ড ইউনিয়নৰ বাহিৰ হৈ যাব। এই সীমান্তবোৰ তেনে বেছিদিন একেদৰে নাথাকিব? এনেকৈ আহোঁ বুলিলেই সিহঁত গুচি আহিব নোৱাৰিব- ইপাৰ-সিপাৰ হ’বও নোৱাৰিব কিজানি!

‘পাবৰ হৈছেই দেই!’ ডেনিয়েলে ক’লে

‘ইমান সোনকালে? সীমান্ত পাৰ হৈছিলোঁহে!’

‘হে হে- ভাৰততকৈ আয়াৰলেণ্ড বহুত সৰু অ’ তুলিকা। সীমাৰ পৰা বেলিশ্বেননলৈ দহমিনিটমানৰহে বাট, সেয়ে আকৌ!’ লিছাই হাঁহি হাঁহি পিছফালৰ পৰা মাত দিলে।

ডেনিয়েল আৰু তুলিকায়ো হাঁহিত যোগ দিলে। উৎসৱৰ মূল ঠাই নাপাওঁতেই সিহঁতৰ গাড়ী আৰু পিছফালৰ কেবিনৰ গতি কমিবলৈ আৰম্ভ কৰিলে। ইমান মানুহ! যেন সমগ্ৰ ইউৰোপৰ সংগীতপ্ৰেমীৰ সোঁত বৈছে ইয়ালৈ! মূল পথৰ কাষে কাষে চকুৰে মনালৈকে সৰু-ডাঙৰ টেণ্ট। যি য’ত অকণমান মুকলি ঠাই পাইছে তাতে কেম্পিং কৰিছে যেন!

‘এইখন একেবাৰে সৰু চহৰ। গতিকে ইয়াৰ হোটেল বা হোমষ্টে বোৰে ইমানবোৰ মানুহৰ ভাৰ ল’ব নোৱাৰে। সেইকাৰণেই সকলোৱে থকা-মেলাৰ ব্যৱস্থা উলিয়াই লৈছে বুজিছা?’ ডেনিয়েলে ক’লে।

‘চ’নো দুদিন আগৰেপৰা ইয়াৰে কোনোবা এটা টেণ্টতে আছেহি হেনো!’ লিছাই কেনেবাকৈ ককায়েক চ’নক দেখা পায়েই নেকি এই ভাবেৰে ইফালে-সিফালে চাই পঠিয়ালে।

সিহঁত কাৰাভানৰ কাৰণে আছুতীয়াকৈ ৰখা পাৰ্কিং লট এটাত ৰ’লগৈ। সোধা-পোছা কৰি ডেনিয়েলে পাৱাৰ আউটলেটো বিচাৰি উলিয়ালে। ইলেক্ট্ৰিচিটি নহ’লে যে কেবিনৰ ভিতৰত গৰমপানী কৰিবলৈকে সুবিধা নাথাকিব। সেই সুযোগতে কেইবাজনো অচিনাকি মানুহ আহি সুধিলেহি, এই কাৰাভানখন ক’ত কিনা, কিমান দিন হ’ল, বাটৰ কেঁকুৰিবোৰত চলাওঁতে অসুবিধা হয় নেকি! ডেনিয়েলে ধৈৰ্য্যৰে উত্তৰ দি গ’ল। লিছাইহে তাক টানি আনিলে।

‘ব’লা, ক’ত কি হৈছে অলপ চাই আহোঁ। পিছত সময় নহ’ব। আজি ৰাতিলৈ আকৌ চ’নৰ অনুষ্ঠানতে থাকিব লাগিব নহয়!’

ডেনিয়েলে কেবিনৰ মিনিফ্ৰিজৰ পৰা গিনিছ বীয়েৰৰ তিনিটা কেন উলিয়ালে। তাকে হাতে হাতে লৈ সিহঁত আগবাঢ়িল। বেলিশ্বেননৰ সাগৰীয় ঢৌৰ সিপাৰে বেলিটো ইতিমধ্যে ডুবিবৰ হৈছে। আকাশখনৰ চৌদিশে বিস্ফোৰিত হৈ পৰিছে তাৰেই ৰাঙলী আভা। সেই আভাত যেন বেলিশ্বেনন এক অনন্য ৰূপত জিলিকি উঠিছে। পাৰ্কিঙৰ ঠাইখিনিৰ পৰা ওলাই সিহঁতে ডাউনচহৰৰ ফালে খোজ দিলে। সেই সুযোগতে লিছা আৰু ডেনিয়েলৰ পৰা তুলিকাই ৰ’ৰি গেলাহাৰৰ কাহিনী শুনিলে। সত্তৰ বছৰ আগেয়ে এই সৰু চহৰখনতে ৰ’ৰি গেলাহাৰৰ জন্ম হৈছিল। দেউতাকে আৰ্ণ নদীৰ জলবিদ্যুৎ প্ৰকল্পত কাম কৰিবলৈকে ইয়াত থিতাপি লৈছিলহি। মাক-দেউতাক দুয়ো সংগীত চৰ্চা কৰিছিল। গতিকে স্বাভাৱিকতে ৰ’ৰিও সৰুৰে পৰা সংগীতৰ প্ৰতি আগ্ৰহী হৈ পৰিছিল। কামৰ দায়ত পৰিয়ালটো আয়াৰলেণ্ডৰ অৰঙে দৰঙে ঘুৰি ফুৰা স্বত্বেও ৰ’ৰিৰ সংগীত প্ৰতিভা বিকাশত সেয়ে বাধা নপৰিল। সত্তৰৰ দশকত গীটাৰৰ অপূৰ্ব ঝংকাৰ আৰু ৰক সংগীতেৰে সমগ্ৰ আয়াৰলেণ্ডতে উখল মাখল লগাই দিছিল তেওঁ৷ কিন্তু কেৱল সংগীত শিল্পী হিচাপেই নহয়, বহু আইৰিছ লোকৰ বাবে ৰ’ৰি এক আদৰ্শ। ট্ৰাবলছৰ সময়ত উত্তৰ আয়াৰলেণ্ডত ৰাজনৈতিক অস্থিৰতাৰ মাজত সকলো শিল্পীক কোনো ধৰণৰ সাংগীতিক ভ্ৰমণ নকৰিবলৈ সকীয়াই দিয়া হৈছিল। কিন্তু ৰ’ৰিৰ সংগীতক যেন একোৱে বাধা দিব নোৱাৰিলে। সেই সময়ত বহুতো বিপদ-বিঘিনি মূৰ পাতি লৈও ৰ’ৰিৰ বেণ্ডে আয়াৰলেণ্ডত গানৰ মাজেৰে শান্তিৰ বাণী বিলাই ফুৰিছিল। এই কাৰণতে আজিও ৰ’ৰিৰ ইমানবোৰ অনুৰাগী!

লিছা আৰু ডেনিয়েলৰ কথা আৰু বেলিশ্বেননৰ পৰিৱেশে যেন তুলিকাক অভিভূত কৰি পেলালে। লাইভ সংগীতৰ অনুষ্ঠানলৈ তাই আগতেও বহুবাৰ গৈছে। কিন্তু এনে পৰিৱেশ ক’তো কাহানিও দেখা মনত নপৰে। গোটেই চহৰখন যেন সংগীতৰ মায়াত ডুব গৈছে। মূল মঞ্চত এতিয়াও অনুষ্ঠান আৰম্ভ হ’বলৈ বাকী। কিন্তু যিফালেই চালে তাই দেখা পালে মানুহৰ হাতে হাতে গীটাৰ আৰু গাৰ টিচাৰ্ট, জেকেট বা মূৰত মাৰি লোৱা কাপোৰত ৰ’ৰি জিৰ প্ৰতিচ্ছৱি। মূল পথৰ দুয়োকাষেই অ’ত ত’ত গীটাৰবোৰত আঙুলী চলিছে, গায়ক-গায়িকাৰ গান শুনিবলৈ মানুহৰ জুম বান্ধিছে। ৰ’ৰি গেলাহাৰৰ গান আৰু সুৰ যেন বেলিশ্বেননৰ আকাশে-বতাহে উৰি ফুৰিছে। এই সপ্তাহটোৰ বাবেই যেন বেলিশ্বেননত ৰৈ গৈছে সময়, স্তব্ধ হৈ গৈছে নিত্য-নৈমিত্তিক জীৱন। সকলো ব্যস্ততা-ব্যথা-হতাশা পাহৰি মানুহবোৰে উশাহে-নিশাহে টানি লৈছে মাথোঁ গান! ৰ’ৰি জিৰ গান।



তুলিকাৰ সন্মোহিত মুখ দেখিয়ে হয়তো লিছাই ক’লে,

‘বহুতৰে বাবে এয়া এক বছৰেকীয়া তীৰ্থযাত্ৰাৰ দৰে। আমি ৰ’ৰিৰ সংগীত আৰু জীৱন কেৱল উদযাপন নকৰোঁ- সঁচা অৰ্থত সেয়া যেন দেহে-মনে ধাৰণ কৰোঁ, সেই যাদুৰ সোৱাদ লৈ চাওঁ।’

সিদিনা সঁচাকৈয়ে পৰম কৌতুহলেৰে তুলিকাই সেই সোৱাদ লৈ লিছা আৰু ডেনিয়েলৰ লগত ইঠাইৰ পৰা সিঠাইলৈ ঘুৰি ফুৰিলে। কিছুপৰৰ পিছতে তাই উপলব্ধি কৰিলে, এটা নিশাতে গোটেইবোৰ অনুষ্ঠান উপভোগ কৰাতো এদিনতে এভাৰেষ্ট পৰ্বত আৰোহণ কৰিবলৈ যোৱাৰ দৰে হ’ব। চৌদিশে ইমানবোৰ মঞ্চ- মূল মঞ্চৰ উপৰিও প্ৰায়বোৰ পাবতে একেসময়তে বিশ্বৰ ভিন্ন প্ৰান্তৰ পৰা অহা শিল্পীৰ অনুষ্ঠান হৈ আছে। মুকলি আকাশৰ তলত বাটে-পথে হৈ থকা অনুষ্ঠানবোৰতো আছেই।

তাইৰ মনৰ ভাৱ বুজিয়ে যেন লিছাই ক’লে, ‘এইখিনি চাই কেতিয়াও শেষ নহয়। উভতি ৰেইলীৰ পাবলৈকে যাওঁ ব’লা। চ’নৰ অনুষ্ঠান আঠ বজাৰ পৰা আৰম্ভ হোৱাৰ কথা। ভিৰ ফালি গৈ তাত ওলাবলৈ সময় লাগিব।’

লিছাই কোৱাৰ দৰেই ৰেইলীৰ পাব পাবলৈ সময় লাগিল। কেইবাবাৰো অচিনাকী পদচাৰীৰ সৈতে সিহঁতৰ গাত খুন্দা লাগিল। প্ৰতিবাৰে মানুহবোৰে আমনি পোৱাৰ সলনি ঘেটঘেটাই হাঁহিলে, কিছুমানে সুধিলে, ‘হুৱাট্‌ছ দ্য ক্ৰেইক?’ যেন এই সকলোবোৰেই এই উৎসৱৰ অনবদ্য অংশ, সকলোৱেই উপভোগ্য! ৰেইলীৰ পাবতো বিৰ দি বাট নোপোৱা ৰূপ দেখি তিনিও দুৱাৰমুখতে থমকি ৰ’ল। এনেতে যেনিবা সাক্ষাৎ চ’নেই সৰুকৈ কৰা মঞ্চখনৰ পৰা সিহঁতক দেখা পাই মাত লগালে,

‘হেই লিছা! এইফালে আগবাঢ়ি আহা!’ সেই একেই জধলা কাপোৰ, দীঘল কেকুঁৰা চুলিৰে লিছাৰ ককায়েক চ’ন!

সেই সুযোগতে লিছাই, ‘এক্সিউজ মি-আজি মোৰ দাদাৰ অনুষ্ঠান আছে।’ বুলি কৈ কৈ ভিৰৰ মাজেৰে সুৰুঙা উলিয়ালে। লিছাৰ পিছে পিছে ডেনিয়েল আৰু তুলিকাও আগবাঢ়িল। ফিয়না মঞ্চৰ ওচৰতে আছিলেই। সিহঁত গৈ পোৱাৰ লগে লগে ইমানবোৰ মানুহে আহি মাত লগালেহি যে তুলিকা একপ্ৰকাৰ স্তম্ভিতই হ’ল। তাৰ মাজতে বহুকেইখন মুখ সিদিনা লিছাৰ আইতাকৰ জন্মদিনত দেখা তাইৰ মনত পৰিল। বিশেষকৈ লিছা আৰু চ’নৰ মাক-দেউতাকক আকৌ লগ পাই বৰ ভাল লাগিল তাইৰ। সিহঁতৰ পৰিয়ালেই যেন পাবৰ সন্মুখৰ টেবুলকেইখন ভৰাই পেলালে।

ক্ষন্তেক পিছতে অনুষ্ঠান আৰম্ভ হ’ল। চ’নৰ সৈতে বেণ্ডৰ আৰু দুগৰাকী শিল্পী। এগৰাকীৰ হাতত গীটাৰ- দ্বিতীয়জন বহিছে ড্ৰামছেটত। চ’নৰ হাততো এখন গীটাৰ। গীটাৰত প্ৰথমটো ঝংকাৰ উঠাৰ লগে লগে মানুহবোৰ যেন উত্ৰাৱল হৈ উঠিল। চ’নৰ গানৰ তালে তালে সকলোৱে আপোনভোলা হৈ নাচিবলৈ ধৰিলে। গানৰ মাজে মাজে দীঘলীয়াকৈ গীটাৰৰ যাদুকৰী সুৰ মন্ত্ৰমুগ্ধৰ দৰে শুনি ৰ’ল তুলিকাই। তাইৰ চকুত পৰিল, চ’নৰ প্ৰতিটো গানৰ শেষতে সত্তৰোৰ্ধৰ দেউতাকে বহাৰ পৰা উঠি লৈ পাৰ্য্যমানে হাত-চাপৰি বজালে। বাকীবোৰৰ লগতে বাৰে বাৰে ‘আৰু এটা, আৰু এটা’ বুলি চিঞৰিলে। সেয়া দেখি তাইৰ যেন চকুলো ওলাব খুজিলে!তাইক যেন এইখিনিৰে বৰ প্ৰয়োজন আছিল। প্ৰয়োজন আছিল সেই ভৰষাৰ-যে এতিয়াও সম্পৰ্কবোৰ জীয়াই আছে, বুকুৱে বুকুৱে জীয়াই আছে সেউজীয়া, জীয়াই আছে সংগীতৰ যাদুকৰী মায়া আৰু এই পৃথিৱীৰ মানবীয়তা।

অনুষ্ঠানৰ শেষত চ’নে আহি সিহঁতৰ লগ দিলেহি। সকলোৱে অভিনন্দনেৰে তাক উপচাই পেলালে। মূল অনুষ্ঠান শেষ হ’লেও ৰেইলীৰ পাবত গান আৰু নাচ সমানে চলিয়ে থাকিল। ৰ’ৰি জিৰ গানৰ সৈতে সুৰ মিলাই অনুৰাগীয়ে গান গায়ে থাকিল। চ’নে দুঢোকমান বীয়েৰ খায়ে ফিয়নাৰ সৈতে নাচিবলৈ আকৌ উঠি গ’ল। লিছাৰ পৰিয়ালৰ ইজন-সিজনৰ সৈতে কথাত মছগুল হৈ থাকোঁতেই তুলিকাই পিছফালৰ পৰা শুনিলে,

‘হেল্ল!’

তাই মুখ ঘুৰাই দেখা পালে, এয়াচোন ৰায়ান৷ ৰায়ান মেগুআয়াৰ! সেই একেই দীপ্তিময় নীলিম চকু, একেই ফাগুণ ফাগুণ লগা আবেগৰ বা! আজি পিছে ৰায়ানে চুলিখিনি পনিটেইল নকৰি মেলি ৰাখিছে। মূৰত মাৰি থৈছে ৰ’ৰি জি লিখা এডাল বেণ্ড। ঠিকেই- গোটেই আয়াৰলেণ্ড ইয়াত থকাৰ পৰত ৰায়ান নহাৰতো প্ৰশ্নই নুঠে!

‘চিনি পোৱা নাই?’ সি মিচিকিয়াই হাঁহি অলপ জোকোৱাৰ দৰে ক’লে। তাৰপিছত চুলিখিনি মুঠি মাৰি পিছফাললৈ নি দেখুৱালে। তুলিকাই হাঁহি পেলালে।

‘কিয় নাপাম, পাইছোঁ! কি খৱৰ?’ তাই নিজকে চম্ভালি লোৱাৰ চেষ্টা কৰিলে।

‘ভালেই৷ তোমাক ইয়াত দেখা পাম বুলি ভৱা নাছিলোঁ৷ তুমিও ৰ’ৰি জিৰ অনুৰাগী নেকি?’

‘নাই নাই, যোৱা সপ্তাহতহে তেওঁৰ বিষয়ে প্ৰথম শুনিলোঁ ৷ লিছা আৰু ডেনিয়েলে কোৱাত তাকে চাবলৈকে আহিলোঁ।’

‘অঁ হয় নেকি? মই আকৌ ডাঙৰ ফেন দেই!’

এনেতে লিছাই ৰায়ানক দেখা পাই চিঞৰি উঠিল, ‘হাই ৰায়ান, ইয়ালৈ আহা- বীয়েৰ আৰু আড্ডা চলি আছে ইয়াত!’

ৰায়ানে হাঁহি এটা মাৰি সিহঁতৰ লগতে বহি পৰিল। তুলিকাৰ মুখামুখিকৈ। লিছাই পৰিয়ালৰ ইজন-সিজনৰ লগত ৰায়ানক চিনাকি কৰাই দিলে। লিছাৰ দেউতাকে ইটো-সিটো সূত্ৰ লৈ চিনাকি বিচাৰি উলিয়ালে। আয়াৰলেণ্ডত এইটো খুবেই সাধাৰণ কথা হেনো। একোটা বংশ-পৰিয়াল একেখন ঠাইতে বহু প্ৰজন্ম ধৰি ৰৈ যায়। সেয়ে কিবা নহয় কিবা কথাত অন্য মানুহৰ চিনাকি ওলায়ে।

‘অসমতো একেই!’ তুলিকাই ঘপকৈ কৈ পেলালে। কৈয়ে তাই আশা কৰিলে যাতে কোনেও কথাষাৰ শুনা নাপালে।

‘তোমাৰ ঠাই অসমত?’ ৰায়ানে সেয়া ঠিকেই শুনিলে। ধৰা পৰাৰ দৰে তুলিকাই ক’লে,

‘লিছাৰ পৰিয়ালটো লগ পালে প্ৰায়ে মোৰ অসমলৈ মনত পৰে। ইমান ডাঙৰ পৰিয়াল- অথচ গোটেইবোৰে একেলগে সকলো কৰে- ইজনে সিজনৰ খৱৰ ৰাখে। সেইবোৰ অসমৰ চিনাকি ছৱি।’

ৰায়ান কৌতুহলী হৈ উঠিল। লখ আৰ্ণৰ বুকুত কটোৱা দিনটোতকৈ আজি যেন তুলিকাইও যথেষ্ট মুকলিমুৰীয়া অনুভৱ কৰিলে। সিদিনা সাঁচি-সামৰি ৰখা কথাবোৰ আজি তাই ৰায়ানৰ প্ৰশ্নৰ উত্তৰত সহজভাৱেই কৈ গ’ল। কৈ গ’ল অসমৰ কথা, দিখৌৰ নৈৰ পাৰৰ আবেলিবোৰৰ কথা, আনকি চেঁচুকীয়া পিছচোতালৰ জিলিৰ মাতে সেমেকাই থোৱা ৰাতিবোৰৰ কথাও। ৰায়ানে একমনে শুনি গ’ল। কেতিয়ানো লিছা আৰু ডেনিয়েল উঠি গৈ নাচোনত যোগ দিলেগৈ সিহঁতে গমেই নাপালে যেন।

‘আপোনালোকলৈ আৰু কিবা আনিম?’ খালী হৈ পৰা গিনিছৰ গিলাচ দুটা টেবুলৰ পৰা লৈ ৱেইটাৰজনে সুধিলে।

‘আৰু দুগিলাচ গিনিছ?’ হাঁহি হাঁহি তুলিকালৈ চাই ৰায়ানে ক’লে। তুলিকাই মাথোঁ মূৰ দুপিয়ালে। ঘৰৰ চিন্তাবোৰতে যেন পুনৰ ডুবিবলৈ ধৰিছিল তাই। তাই মনে মনে থকা দেখি ৰায়ানে কিজানি পৰিৱেশটো পাতলাবলৈকে ক’লে,

‘ছিক্সথ গ্ৰেড’তে মই বীয়েৰ খাবলৈ শিকিছিলোঁ বুজিছা! এতিয়াও গিনিছ পালে অন্য একো নালাগে!’

‘ছিক্সথ গ্ৰেড! মা-দেউতাই বাধা দিয়া নাছিল তোমাক?’ তুলিকাৰ মুখত হাঁহি এটা বিৰিঙিল।

‘গম পালেহে বাধা দিব!’ ৰায়ানে ঢেক ঢেকাই হাঁহি পেলালে। তুলিকাৰ আশ্চৰ্য্য দেখি ৰস পায়ে যেন সি যোগ দিলে, ‘লগতে ৱিড খাবলৈ লৈছিলোঁ!’

‘কি কোৱা! সেয়া জানো ইয়াত বেআইনী নহয়?’

‘ওঁ ৷ কিয়, তুমি সৰু থাকোঁতে একো বেআইনী কাম বা দুষ্টামি কৰা নাছিলা?’

তুলিকাৰ মনটো উৰা মাৰিলে স্কুল-কলেজৰ দিনবোৰলৈ। ভাল ৰিজাল্ট কৰিব লাগে, সমাজত পৰিয়ালৰ মান ৰাখিব লাগে, ছোৱালী সদায় শান্ত আৰু বিনয়ী হ’ব লাগে- সেই লাগেবোৰে তাইৰ ভৰি দুখন মেৰিয়াই মেৰিয়াই এনেকৈ শিকলি বান্ধি পেলালে যে এতিয়াও কিজানি তাই সেই বান্ধোনতে বন্দী!

‘নাই, আমাৰ সমাজখন যথেষ্ট ৰক্ষণশীল –বিশেষকৈ ছোৱালীয়ে তেনে কিবা কৰাৰ প্ৰশ্নই নুঠিছিল!’ তাই চমুৱাই কৈ থ’লে আৰু ওলোটাই তাক সুধিলে, ‘তেতিয়া আৰু কি কৰিছিলা তুমি?’

‘গ্ৰাফিথি! আমাৰ এটা দল আছিল৷ ডেৰীৰ দেৱালবোৰত আমি ট্ৰাবলছৰ প্ৰতিবাদী কথা লিখি ফুৰিছিলোঁগৈ। এয়া চোৱা।’

টিচাৰ্টৰ গলধনটো হাতেৰে বেঁকাকৈ ধৰি ৰায়ানে তাৰ ডিঙিটো দেখুৱালে। প্ৰথমতে অলপ সংকোচবোদ কৰিলেও তাই অলপ কাষ চাপি আহি চালে। দেখা পালে প্ৰথমটো লগ পোৱাৰ দিনাই তাইৰ চকুত পৰা ৰায়ানৰ ডিঙিৰ অবোধ টাটু। ইংৰাজী আখৰ কিন্তু অন্য ভাষা।

‘এইষাৰো তেনে এটা শ্লগান। গেলিক ভাষাৰ- ‘ট’কে গাৰ্‌ লা।’

‘মানে কি?’

‘আৱাৰ ডে’ ৱিল কাম- আমাৰ দিনো আহিব। যিটো দিনত দুয়োখন দেশ মিলি এখন একত্ৰিত আয়াৰলেণ্ড হ’ব। এই কথাষাৰো বহুত দেৱালত লিখি লিখি এটা সময়ত নিজৰ গাতে লিখাই ল’লোঁ বুজিছা।’

ৰায়ানৰ এই বিপ্লৱী সত্তাটো যেন আজি প্ৰথম তুলিকাই দেখা পালে। তেওঁৰ সেই অতীতক ভালকৈ চোৱাৰ ইচ্ছা হ’ল- বহুত কথাই জানিবৰ মন গ’ল। কিন্তু এনেতে লিছাই আহি মাত দিলেহি, ‘যাবৰ হ’ল ব’লা।’ ৰায়ানে খপ্‌জপ্‌কৈ উঠি দুয়োকে বিদায় জনালে।

ৰায়ান আঁতৰি যোৱাৰ পিছতহে তুলিকাৰ খেয়াল হ’ল, আচলতে যোৱাৰ পৰ্বটোত তেতিয়াও বহুসময় বাকী আছে। কাৰণ স্বভাৱসুলভ দায়িত্ববোধেৰে লিছাই ঠিক কৰিলে, তেতিয়ালৈ পাবত ৰৈ যোৱা পৰিয়ালৰ গোটেইবোৰকে নিৰাপদে থকা ঠাই পহুচাইহে তাই নিজে উভতনি বাট বুলিব। বাকী ৰোৱাখিনিৰ ভিতৰত বেছিভাগেই লিছাৰ সম্পৰ্কীয় ভায়েক-ভনীয়েক। প্ৰায়বোৰ তেতিয়ালৈ আইৰিছ বীয়েৰৰ ৰাগী আৰু ৰ’ৰি জিৰ সংগীতৰ মুৰ্চ্ছনাত আছন্ন। কাৰো নিশাটো ইমানতে সামৰিবৰ ইচ্ছা নাই। তাই তথাপিও জোৰ কৰি তিনিজনমানক গোট খোৱাই পাবৰ দুৱাৰ পোৱালেহি। কিন্তু ইতিমধ্যেই মাতি মাতি সাজু কৰা এজনে সুৰুঙা পাই উভতি গৈ আকৌ নাচোনত যোগ দিলেগৈ। উপায়ন্তৰ হৈ লিছাই তুলিকাক ক’লে,

‘তুমি এই দুৱাৰমুখতে ইহঁত কেইটাক চাই থাকাচোন। ভুলতো যাতে পাবলৈ সোমাই নাযায়। ডেনিয়েল আৰু মই দুফালৰ পৰা গৈ যাক যেনেকৈ পাৰোঁ ধৰি লৈ আহোঁগৈ।’

এই চোৰ-পুলিচ খেলখন দেখি তুলিকাৰ হাঁহি উঠি গ’ল। পিছে সেয়া চাবলৈ লিছা নৰ’লেই। অগ্যতা তুলিকাই লিছাৰ ভায়েক দুজন আৰু ভনীয়েকজনীক দেখুৱাই তাতে পহৰা দি থাকিল। সিহঁতে একো সুৰুঙা নেদেখি তাতে মাটিত বহি বহিয়ে গুণগুণাই থাকিলে। ৰৈ ৰৈ টোপনিৰ আৱেশ এটাই তুলিকাক আমনি কৰিলেহি। লিছা বা ডেনিয়েল আহিছে নেকি বুলি দুৱাৰেদি চাই থাকোঁতে তাই দেখিলে, খপ্‌জপ্‌কৈ ৰায়ানহে আগবাঢ়ি আহিছে! সিফাল সিফালে চাই তাইৰ ওপৰত চকু পৰাত তাৰ মুখখন উজ্বলি উঠিছে।

‘ইয়াতে ৰৈ আছা যে? তুমি গ’লাগৈয়ে বুলি ভাৱিছিলোঁ!’ সি কাষ চাপি আহি ক’লে।

‘যাবলৈকে ৰৈ আছোঁ৷ আমাৰ দলৰ বাকীবোৰ গোট খোৱা নাই!’ তুলিকাই চকুৰ ইংগিতেৰেই পণবন্দীকেইজনক দেখুৱালে।

‘অহ, হয় নেকি? ডেনিয়েলক এইমাত্ৰ মঞ্চলৈ উঠি যোৱা দেখিলোঁ- তাত এতিয়াও নাচোনৰ ধুম!’

দুয়ো একেলগে হাঁহি পেলালে। দুটি নীৰৱ মুহূৰ্ত। তাৰপিছতে কোনো পাতনি নেমেলাকৈ ৰায়ানে লাহেকৈ ক’লে,

‘তুলিকা, ইজ ইট অ’কে ইফ আই আস্ক ইউ আউট চামডে- মোৰ লগত কেতিয়াবা তুমি ডেটত যাবানে?

তুলিকাই চৰ্চ্চৰণি খাই উঠিল৷ যেন তাইৰ অভিধানৰ বাহিৰৰ নাভূত নাশ্ৰুত কথা এটাহে শুনা পালে। কি ক’ব তাই! কি ক’ব! তাইৰ অপ্ৰস্তুত অৱস্থাটো দেখি সি ক’লে,

‘তুমি আজিয়ে মোক একো নক’লেও হ’ব। যেতিয়া পাৰা তেতিয়া ক’বা মাথোঁ। হ’ব?’

তাইক সেই কিংকৰ্তব্যবিমূঢ় অৱস্থাতে এৰি ৰায়ান বেলিশ্বেননৰ অন্ধকাৰত বিলীন হৈ গ’ল।

পূৰ্বৰ খণ্ডসমূহ:

  • ফাৰমানা (প্ৰথম খণ্ড)
  • ফাৰমানা (দ্বিতীয় খণ্ড)
  • ফাৰমানা (তৃতীয় খণ্ড)
  • ফাৰমানা (চতুৰ্থ খণ্ড)
  • ফাৰমানা (পঞ্চম খণ্ড)
  • ফাৰমানা (ষষ্ঠ খণ্ড)
  • ফাৰমানা (সপ্তম খণ্ড)
  • ফাৰমানা (অষ্টম খণ্ড)
  • ফাৰমানা (নৱম খণ্ড)
  • ফাৰমানা (দশম খণ্ড)
  • ফাৰমানা (একাদশ খণ্ড)
  • ফাৰমানা (দ্বাদশ খণ্ড)
  • ফাৰমানা (ত্ৰয়োদশ খণ্ড)
  • ফাৰমানা (চতুৰ্দশ খণ্ড)
  • ফাৰমানা (পঞ্চদশ খণ্ড)
  • ফাৰমানা (ষষ্ঠদশ খণ্ড)
  • ফাৰমানা (সপ্তদশ খণ্ড)
  • ফাৰমানা (অষ্টদশ খণ্ড)


  • No comments:

    Post a Comment