Sunday 11 February 2024

ফাৰমানা (সপ্তদশ খণ্ড)

প্ৰায় দুসপ্তাহৰ মূৰত ফাৰমানাৰ আকাশ মুকলি হৈছে৷ কণমানি চহৰখনত এইটোৱে এটা ডাঙৰ খৱৰ হৈ উটি ভাঁহি ফুৰিছে৷ বাটে পথে পাৰ হৈ যোৱা অচিনাকি জনেও হাঁহি মুখেৰে কৈছে,


‘কি যে ধুনীয়া দিন আজি!’

আৰ্ণ নৈখন চঞ্চল হৈ উঠিছে সৰু-বৰ নাৱৰ অবিৰত অহা যোৱাৰে। আজি তাতে ৰঙা কায়াক কেইখনমানো ভাঁহি উঠিছে৷ তাৰ লগতে পাৰে পাৰে সুবিধাজনক ঠাইবোৰ বাচি লৈ গুজ মাৰি মাছ টুপিউৱা বৰশীবোৰ! সঁচাকৈ, নৈখন আৰু লখক লৈয়ে যেন ইয়াত সকলোৰে জীৱন! আয়াৰলেণ্ডৰ অন্য ঠাইৰ মানুহে এনেয়ে নকয়,

‘লখ আৰ্ণ ফাৰমানাত নহয়, ফাৰমানা হে লখ আৰ্ণত আছে!’

সেই লখ আৰ্ণলৈকে আজি তুলিকাহঁত ওলাই আহিছে। বতৰৰ আগজাননী দেখি মাৰ্কে যোৱা সপ্তাহৰ টিম মিটিঙত কৈছিল, ‘লখ আৰ্ণৰ কেইবাটাও দ্বীপত গাল চৰাইবোৰে কণী পাৰিছে৷ পোৱালিও জাগিছে৷ বতৰ উদঙোৱাৰ দিনা আমি সকলোৱে গৈ বাহৰ জৰীপ কৰি আহিলে কেনে হয়?’

সকলোৱে হয়ভৰ দিলে৷ এটা ৰ’দোজ্জল দিন লখ আৰ্ণৰ হাজাৰ-বিজাৰ গাল চৰাইৰ মাজত কটাবলৈ কোনেনো না কৰিব!

কথামতেই কাম। ৰ’ছনক্লেয়াৰ জেটিৰ পৰা নেচাৰৰ সৰু মটৰচালিত নাও দুখনেৰে গোটেই দলটো ওলাল৷ এখনত ডেৰেনৰ সৈতে টম আৰু লিছা। আনখনত মাৰ্কৰ সৈতে ফিয়না, তুলিকা আৰু তুলিকাৰ কাষতে বহিল মেগান। জন মেকভিটিৰ একমাত্ৰ জীয়েক মেগান।

‘কেনে লাগিছে মেগান? লখ আৰ্ণলৈ আগতেও আহিছা চাগৈ?’ মটৰৰ শব্দ দেও দি তুলিকাই ডাঙৰকৈ মাত দিলে।

মেগানে হাঁহি এটাৰে মূৰ দুপিয়ালে। তাৰপিছত তুলিকাৰ ফালে হাউলি লৈ কাণে কাণে ক’লে,

‘আহিছোঁ কিন্তু এনেকুৱা ভাল লগা কামত নহয়। সেয়ে বৰ মজা লাগিছে!’

তুলিকাই হাঁহিলে। তাই আগৰে পৰা চিনি পালেও নেচাৰৰ বাকী দলটোৰ সৈতে মেগানৰ আজিহে প্ৰথম চিনাকি। প্ৰথম লগ পোৱাৰ দিনা দীঘল সোণালী চুলিটাৰী আৰু শেঁতা চকুদুটিৰে এই ছোৱালীজনী যে কেনেকৈ লাজে-ভয়ে কোঁচ খাই আছিল! হয়তো খঙাল বাপেকৰ আগত তাই তেনে ৰূপতে অভ্যস্ত হৈ গৈছে। তাইৰ প্ৰকৃতিৰ প্ৰতি আগ্ৰহ দেখিয়ে তুলিকাই জনক কৈছিল, ‘নেচাৰৰ কামত ভাগ ল’লে মেগানে বহুত নতুন কথা শিকিব। নতুন অভিজ্ঞতা হ’ব। তাই ঘৰৰ খেতি-পথাৰো ভালকৈ চোৱা-চিতা কৰিব পৰা হ’ব।’ তেতিয়াৰ পৰা মেগানে তাইক পথাৰবোৰৰ জৰীপ কৰাত সহায় কৰিছে। পৰিৱেশ সাপেক্ষ আঁচনিৰ কৰ্মশালাবোৰতো ভাগ লৈছে। তাৰ লগে লগে সংকোচবোৰ আঁতৰি তাইৰ মুখখনলৈ সহজ সহজ ভাৱ এটাও আহিব ধৰিছে যেন!

এতিয়া নেচাৰৰ টুপীটো পিন্ধি লৈ চৌদিশে অপাৰ কৌতুহল আৰু উত্তেজনাৰে চাই থকা মেগানজনীক দেখি তুলিকাৰ ভাল লাগি গ’ল! মেগানৰ দৰে কিশোৰী বয়সৰ হেঁপাহবোৰলৈ মনত পৰি গ’ল। তায়োতো এনে বয়সতে শিৱসাগৰ টাউনৰ পৰা চাইকেল মাৰি মাৰি পানীদিহিং অভয়াৰণ্যলৈ গৈছিল। দেওবাৰে দিনৰ দিনটো তাতে ঘুৰি পকি চৰাই চাই ফুৰিছিল। সপোন দেখিছিল তেনেকৈয়ে চৰাইৰ কাকলিৰে ভৰা সেউজীয়া পৃথিৱী এখনত চিৰদিন কটোৱাৰ। সেই সপোনটো তাই মেগানক দিব খোজে। নতুন প্ৰজন্মৰ সকলোৰে বাবে সেই সেউজীয়া পৃথিৱীখন বচাই ৰাখিব খোজে।

‘সৌকেইটা ৰাজহাঁহ- চোৱা চোৱা।’ মেগানে মাত দিলে। লগে লগে প্ৰতিজনেই সেইদিশলৈ বাইন’কুলাৰ টোৱালে। কেৱল মাৰ্কে মটৰচালিত নাওঁখনৰ ষ্টিয়েৰিং ধৰি থাকি গতি থমালে। মেগানে ভালকৈ চাৱক বুলিয়ে কিজানি তেওঁ ৰাজহাঁহ দুটা চৰি থকাৰ ফালে নাওখন আগবঢ়াই নি ইঞ্জিন বন্ধ কৰি দিলে। কিছুপৰ সেইফালে তধা লাগি চাই থাকি তাই ক’লে, ‘ইমান শুধ বগা! কমলা ঠোঁট আৰু দীঘল ডিঙিৰে ইমান ধুনীয়া এই চৰাইহাল!’

মাৰ্কে হাঁহি হাঁহি ক’লে, ‘ঠিকেই কৈছা মেগান! এইবিধক ‘মিউট স্বোৱান’ বুলি কয়। মিউট মানে কিন্তু সিহঁতে মাত মাতিব নোৱাৰা নহয়। মাত্ৰ প্ৰয়োজন নহ’লে অন্য চৰাইৰ দৰে সঘনাইহে মাত নিদিয়ে।’

‘অঁ অঁ, ময়ো নামটো শুনি তেনেকৈয়ে ভাৱিছিলোঁ। কিন্তু এবাৰ আমাৰ পথাৰৰ কাষেদি যোৱা জুৰিটোত এই মিউট স্বোৱান এহালে যেনেকৈহে হিচ্‌হিচাই উঠিছিল! সেই তেতিয়াৰ পৰাহে জানিছোঁ ইহঁতেও মাত দিয়ে।’

‘কিয়, কি হৈছিল?’

‘দেউতাৰ সিদিনা আমাৰ বুলদগ অ’টিছৰ ওপৰত খুউব খং উঠিছিল। সি দিনৰ দিনটো পথাৰৰ বোকাত লেটি লৈ আছিল কাৰণে। দেউতাই এছাৰি এডাল লৈ তাক খেদি যাওঁতে সি গৈ জুৰিটোৰ পানীত ধহমহাই পৰি দিছিলগৈ। মিউট স্বোৱান কেইটাৰ অদ্ভুত হিচ্‌হিচনিয়েহে দেউতাক চমক খুৱাই ৰখাই দিছিল!’

সেয়া শুনি ফিয়’নাৰ চেলাউৰি দাং খালে। ফাৰমানাৰ অলিয়ে গলিয়ে উটি ভাঁহি ফুৰা জন মেকভিটিৰ খঙৰ কাহিনীত যেন আৰু এটা যোগ হ’ল।

‘ইচ, হয় নেকি!’ কৈয়ে মাৰ্কে প্ৰসংগ সলাব খুজিলে, ‘জানানে মেগান, এই লখৰ তলখন বৰ ওখ-চাপৰ। কোনোবা ঠাই খুবেই দ, কোনোবাখিনি বাম৷ আইচ এজ মানে বৰফ যুগৰ কথা জানা নহয়? সেই যুগৰ পিছত যেতিয়া পানীবোৰ গলিবলৈ আৰম্ভ কৰিলে, তেতিয়া গোটেই আয়াৰলেণ্ডতে ওখ-চাপৰ টিলা সৃষ্টি কৰি গ’ল৷ লখ আৰ্ণ তাৰেই সৃষ্টি৷’

ফিয়নাই যোগ দিলে, ‘সেইকাৰণেইটো এই লখ ইমান বিপদজনক৷ ওপৰৰ পৰা একো ধৰিব নোৱাৰি৷ আৰু ইয়াত বতাহৰ তীব্ৰতা দেখিছাই নহয়৷’

সেইবোৰ শুনিয়ে কিজানি আকৌ মটৰ চলাৰ লগে লগে মেগানে লাইফ জেকেটটোৰ ৰছীকেইডাল টানকৈ মাৰি ল’লে। এখন হাতেৰে তাই তুলিকাকো খামোচ মাৰি ধৰি ল’লে। তুলিকাৰ মৰম লাগি গ’ল সেই কিশোৰীজনীলৈ।

আধাঘণ্টামানৰ পিছতে নাওখন এটা সৰু শিলাময় দ্বীপৰ পাৰত ৰ’লগৈ। দ্বীপটো ইমানেই সৰু যে ইপাৰ-সিপাৰ সহজেই মনিব পাৰি। চাৰিওফালে লখ আৰ্ণৰ নীলা ঢৌয়ে খুন্দিয়াই থকা এটি মানৱ-বৰ্জিত দ্বীপ। ওখ গছ-গছনি একো নাই। শিলৰ মাজে মাজে ঘাঁহ আৰু চাপৰ জোপোহা কিছুমান। সেই জোপোহাবোৰ ভৰি ভৰি এবিধ বনৰীয়া হালধীয়া ফুল ফুলিছে৷ দ্বীপটোৰ পাৰত ভৰি দিয়াৰ লগে লগে সকলোকে যেন ফুলৰ সুগন্ধিয়ে আদৰি নিলে। ইতিমধ্যে সিহঁতৰ নাওখন অহাৰ ভূ পাই গাল চৰাইবোৰৰ মাজতো হৈ-চৈ আৰম্ভ হ’ল। ‘কাও কাও’ মাতেৰে ইফালৰ পৰা সিফাললৈ উৰি সিহঁতে সাম্ভাব্য বিপদৰ আগজাননী দিলে।

সকলো নমাৰ পিছত মাৰ্কে সাৱধানে নাওখন বান্ধিলে। তাৰপিছত পাৰতে বহি লৈ বেকপেকৰ পৰা প্লাষ্টিকৰ বেগ কিছুমান উলিয়ালে। দলটো কাষ চাপি আহিল।

‘আমি মুঠ সাতজন আছোঁ। এই জিপ-লক বেগবোৰত এশটাকৈ পাষ্টা আছে। প্ৰত্যেকেই দুটাকৈ বেগ ল’ব পাৰা।’

লিছা, টম, ফিয়না আৰু ডেৰেনে অভ্যস্তভাৱে দুটাকৈ বেগ পকেটত ভৰাই ল’লে৷ তুলিকা আৰু মেগান দুয়ো বেগবোৰ হাতত লৈ প্ৰশ্নবোধক দৃষ্টিৰে চাই ৰ’ল। প্ৰতিবছৰে চলি অহা এই গাল জৰীপত তুলিকা আৰু মেগানৰ এয়া প্ৰথম অভিজ্ঞতা। মাৰ্ক দুয়োৰে কাষ চাপি আহিল। চৰাইজাকলৈ আঙুলীয়াই ক’লে,

‘সেইবোৰ গাল চৰাইৰ জাক। আচল নাম ব্লেক-হেডেড গাল, মানে ক’লা-মূৰীয়া গাল চৰাই। নামটোৰ দৰেই প্ৰজননৰ সময়ত সিহঁতৰ বগা পাখিৰ আগটো আৰু মূৰটো ক’লা হৈ পৰে। সিহঁতৰ বেছিভাগেই পৰিভ্ৰমী। গৰম দিনত লখ আৰ্ণৰ এই নিজান দ্বীপটোলৈ জাকে জাকে গাল চৰাই আহি বাহ সাজেহি। সেয়ে প্ৰতিবছৰে আমি জৰীপ কৰোঁহি। বুজিছানে?’

তুলিকাৰ লগতে মেগানেও মূৰ দুপিয়ালে। বাকীবোৰৰ লগতে সিহঁতেও এইবাৰ জেকেটৰ হুডীৰে মূৰবোৰ ঢাকি ল’লে। নহ’লে গাল চৰাইৰ বিষ্ঠা মুখতে পৰাৰ ভয়। মাৰ্কে আকৌ ক’লে,

‘আমাৰ কাম হ’ল এই কণমাণি দ্বীপটোত কিমান গালৰ বাহ আছে আৰু বাহত কিমান কণী বা পোৱালী আছে সেয়া উলিওৱা। দ্বীপটো সৰু হ’লেও থোপা পাতি গালবোৰে বাহ সাজে৷ আজি আমি ঠিক জৰীপ বা ছাৰ্ভে নহয় পিয়লহে কৰিম। অৰ্থাৎ মাথোঁ নমুনা নলৈ গোটেইবোৰ বাহ হিচাপ কৰিবলৈ চেষ্টা কৰিম। তাকে কৰিবলৈ গোটেই কেইজন এটা শাৰীত গৈ দ্বীপটোৰ ইমূৰৰ পৰা সিমূৰলৈ সামৰিব লাগিব। তেনেকৈয়ে এফালৰ পৰা বাহবোৰ হিচাপ কৰি কৰি খোজ দিম।’

‘আৰু এই পাষ্টাবোৰ?’ তুলিকাই সুধিলে।

এইবাৰ ডেৰেনে ক’লে, ‘সেয়া মাৰ্কে উলিওৱা পদ্ধতি। আমি গোটেইবোৰে একে শাৰীতে খোজ দিওঁতে থেপাথেপিকৈ থকা চৰাইৰ বাহৰ হিচাপত ভুল হ’ব পাৰে। যেন ধৰা, তুমি হিচাপত লোৱা বাহ এটা তোমাৰ অলপ আঁতৰে আঁতৰে গৈ থাকি ময়ো হিচাপত ল’ব পাৰোঁ। বা কোনোবাটো বাহ কাৰো হিচাপতে নুঠিব পাৰে। সেইবোৰ খেলিমেলি আঁতৰাবলৈকে আমি হিচাপ কৰা প্ৰতিটো বাহত পাষ্টা একোটা দি যাওঁ। হালধীয়া পাষ্টাটো বাহত দেখিলে প্ৰত্যেকেই গম পায় সেয়া ইতিমধ্যেই হিচাপত ধৰা হৈছে৷ এটা বেগ শেষ হ’ল মানে এশটা বাহৰো হিচাপ হ’ল। তাতে পাষ্টাবোৰ অনিষ্টকাৰীও নহয় কাৰণে ইয়াতে এৰিও যাব পাৰোঁ৷’

মেগানে ৰস পাই খিলখিলাই হাঁহিলে। ক’লে, ‘বঢ়িয়া উপায় উলিয়ালে দেই! মাৰ্ক, আপোনাৰ লগে লগে মই যাব পাৰিমনে?’

দলৰ বাকীবোৰৰ দৰেই মেগানৰ দুচকুতো মাৰ্ক যেন এক আদৰ্শ হৈ ধৰা দিছে! প্ৰকৃতিৰ বিষয়ে মাৰ্কৰ জ্ঞান আৰু অভিজ্ঞতাৰ ভাগ পোৱাৰ বাবে তায়ো আগ্ৰহী হৈ পৰিছে, এনে লাগিল তুলিকাৰ।

কথামতেই সকলোৱে দ্বীপটোৰ উত্তৰ পাৰে কিছু দূৰে দূৰে কিন্তু একেটা শাৰীতে থিয় দিলেগৈ। মাৰ্কৰ কাষত মেগান, তাৰপিছত ডেৰেন, ফিয়না, তুলিকা, টম আৰু লিছা। গালবোৰে তেতিয়াও অস্থিৰ হৈ চিঞৰ-বাখৰ কৰিব লাগিছে৷ মাক-দেউতাকক দেখি পোৱালিবোৰো আতংকিত হৈ উঠিছে৷ মাৰ্কে ইংগিত দিয়াৰ লগে লগে সকলোৱে লাহে লাহে দক্ষিণলৈ খোজ দিবলৈ আৰম্ভ কৰিলে৷ য’তেই বাহ দেখা পালে তাতেই একোটাকৈ পাষ্টা দি গ’ল। লগতে সকলো খুউব সাৱধান হ’ল যাতে ভুলতে বাহত ভৰি নপৰে। তুলিকাৰ দুচকু স্থিৰ হৈ ৰ’ল ভৰিৰ প্ৰতিটো খোজত। ঘাঁহ আৰু জোপোহাৰ মাজে মাজে ইমানবোৰ বাহ! অ’ৰ-ত’ৰ পৰা শুকান বন কঢ়িয়াই আনি মাটিতে সজা কণমানি বাহবোৰ। প্ৰায়বোৰতে দুটা বা তিনিটাকৈ মটিয়া ফুটুকীয়া কণী। বহুতো বাহত ইতিমধ্যে কণী ফুটি পোৱালী জাগিছে। কি হৈছে ধৰিব নোৱাৰি পোৱালীবোৰেও আটাহ পাৰি চিঞৰিছে।

এঠাইত তুলিকাৰ খোজৰ গতি হঠাৎ ৰৈ গ’ল। এটা বাহত তিনিটা কণীৰ মাজৰটো চোন লৰচৰ কৰি উঠিছে। সেই গতি ইমানেই সুক্ষ্ম যে তাই খুপি খুপি চাই নোযোৱা হ’লে চকুতেই নপৰিলহেঁতেন। তাইৰ চকুৰ সন্মুখতে কণীটোত কণ্‌মানকৈ ফাট মেলিছে৷ ভিতৰৰ পৰা এটা নিমজ সৰু মাত ভাঁহি আহিছে৷ লাহে লাহে ফাটটো ডাঙৰ হৈছে৷ এটা সময়ত চেকুৰাখন খহি পৰিছে আৰু সিক্ত কণমান পাখিৰে সৈতে ওলাই আহিছে এটা অকণমানি গাল! পোৱালিটোৱে মেলোঁ নেমেলোঁকৈ থকা দুচকুৰে মাক-দেউতাকক বিচাৰি টি টি কৈ মাতিছে৷ কি অপূৰ্ব মুহূৰ্ত! তাই অভিভূত হৈ পৰিল৷ পৃথিৱীত শত-সহস্ৰৰ অলক্ষিতে এইমাত্ৰ এটা কণমান জীৱন আৰম্ভ হৈছে৷ এতিয়াৰ পৰা প্ৰতিটো মুহূৰ্ত এই গাল চৰাইটোৱে যুঁজিব জীৱন আৰু মৰণৰ সৈতে৷ প্ৰতিদিনে জোখৰ আহাৰ খাব লাগিব, কত চিকাৰী দাঁতৰ পৰা নিজকে ৰক্ষা কৰিব লাগিব! প্ৰতিদিনৰ অহৰহ সংগ্ৰাম লৈও যে সিহঁতৰ জীয়াই থকাৰ ইমান হাবিয়াস!




‘তুলিকা! ৰৈ নিদিবা। আমাৰ লগতে আহি থকা।’ টমে কিছু দূৰৈৰ পৰা ৰিঙিয়ালে। আহ্‌, সিহঁতৰ দলটো যথেষ্ট আগবাঢ়িছে।

সেই কণমানি গাল পোৱালিটোক মনেৰেই শুভেচ্ছা এটা দি এইবাৰ তুলিকা আকৌ আগবাঢ়িল। প্ৰতিটো খোজ আগতকৈও সাৱধানে দি। দ্বীপটোৰ দক্ষিণ মূৰ পায়গৈ মানে তাইৰ হাতৰ দুশটা পাষ্টাৰ কেইটামানহে বাকী ৰ’লগৈ। বাকীবোৰৰ সৈতে তায়ো ৰৈ যোৱা পাষ্টাৰ হিচাপ দিলে মাৰ্কক। মাৰ্কে গোটেইবোৰ নোটবুকত টোকা কৰি গ’ল।

ইতিমধ্যে বেলি লহিয়ালে। পিয়ল সামৰি পাৰতে গোটেইবোৰে বহি লৈ ছেণ্ডুইছত কামোৰ মাৰিলে। টমে প্ৰকাণ্ড থাৰ্ম’ফ্লাস্কটো আগবঢ়াই দি সকলোকে ক’লে, ‘কাঢ়া কফি। একেবাৰে মাৰ্কে যেনেকৈ ভাল পায় তেনেকৈ কৰি আনিছোঁ। ল’বা দেই!’

‘সেইটোৰে দৰকাৰ হৈ আছিল! দিয়া দিয়া।’ মাৰ্কে তেওঁৰ মাগটো উলিয়ালে। মেগানে নিজৰ কফিকাপত এচুমুক দিয়ে ফিচকাৰি ওলোৱাদি মুখেৰে উলিয়াই দিলে!

‘ছ’ৰী, বহুত তিতা!’ তাই মুখখন বিকটাই ক’লে।

গোটেইবোৰে হোহোৱাই হাঁহি উঠিল। ফিয়নাই ক’লে,

‘দেখিলানে মাৰ্ক! তোমাৰ জহতে আমি গোটেইবোৰ কেনেকৈ কেফেইন আসক্ত হৈ পৰিছোঁ। একেবাৰে ক’লা ডাঠকৈ কৰিলে এতিয়া আমাৰ কাৰণে কফিয়ে কাম কৰে।’

‘কি কৰিবা! পি এইচ ডি সময়ৰ বেয়া অভ্যাস ৰৈ গ’ল আৰু!’

মাৰ্কে এইবাৰ কিছু দোষী ভাৱেৰে মেগানলৈ বেলেগকৈ একাপ কফি কৰিলে। নিজৰ ফ্লাস্কৰ গৰম পানী আৰু টমৰ কাঢ়া কফি মিহলাই কেফেইন কমোৱাৰ চেষ্টা কৰি। মেগানে সেয়া হাতত লৈ ক’লে, ‘থেংক ইউ, মাৰ্ক।’

অন্য কোনেও সেই কফি নিবিচাৰিলে। মাৰ্কেও জানে, সকলোৱে কেৱল জোকাবলৈকে তেনেকৈ কথা শুনায়। নাইবা, আজি বছৰ বছৰ ধৰি মাৰ্কৰ পছন্দৰ কফি খাই খাই দলটোৰ সকলোৱে সঁচাকৈ কেফেইন আসক্ত!

সেই সন্ধিয়া নেচাৰৰ দলটো লিছা আৰু ডেনিয়েলৰ বায়াৰত লগ হ’ল। এইটো হেনো প্ৰতিবছৰে গাল চৰাইৰ পিয়লৰ লগতে চলি অহা পৰম্পৰা। লিছা আৰু ডেনিয়েলে ঘৰৰ কাষতে আটোমটোকাৰীকৈ সজা পাবটোৰ সেই একেই উমাল আবহাৱা- ঘুৰণীয়া টেবুলখনৰ চাৰিওকাষে আৰামী চকী, দেৱালত নীলা লাইটৰ লানি, একাষে তুলিকাই দিয়া জাপি। একোণত নিচা পৰীক্ষক চকীখন দেখি তুলিকাৰ ঘপকৈ লুক আৰু আছমালৈকো মনত পৰি গ’ল। সেই নিশাটোৰ দৰেই আজিও সকলোৰে হাতে হাতে ডেনিয়েলে ঘৰতে কৰা বীয়েৰৰ পাইণ্ট, স্পীকাৰত আইৰিছ লোকগীত। তুলিকায়ো ডেনিয়েলে বাকি দিয়া পেইল এল বীয়েৰ লৈ একাষে বহিলগৈ। কাষতে থকা লিছাক সুধিলে,

‘সকলোকে দেখিছোঁ- কিন্তু মাৰ্ক নাই যে?’

‘মাৰ্কে এইমাত্ৰ ফোন কৰিছিল। ঘৰৰ কিবা কাম ওলাল-সেয়ে আজি মিলাব নোৱাৰিব বুলি ক’লে।’

কৈয়ে লিছা আঁতৰি গ’ল ডেনিয়েলক পাকঘৰৰ পৰা খাদ্য অনাত সহায় কৰিবলৈ। তুলিকাৰ কাষতে বহা ফিয়নাই লাহেকৈ কাষ চাপি ক’লে,

‘তুমি গম নোপোৱা কিজানি, তুলিকা! মাৰ্ক আৰু আন্যাৰ হয়তো ডিভৰ্চ হ’ব!’

তুলিকা চক খাই উঠিল, ‘কি কোৱা!’

ফিয়নাই কৈ গ’লে কেনেকৈ সেই কথাবোৰ অহুকাণে পহুকাণে ওলাইছে। মাৰ্ক আৰু আন্যাৰ সম্পৰ্কত হেনো ফাঁট মেলিছে। নেচাৰৰ কোনেও মুকলিকৈ সোধা নাই কিন্তু সকলোৱে গম পাইছে মাৰ্কৰ ব্যক্তিগত জীৱনত এজাক ধুমুহা চলি আছে। তুলিকাৰ বুকুখন বিষাই উঠিল মাৰ্কৰ বাবে। সেই শান্ত-সৌম্য মুখখনে সহি-সামৰি ৰখা যন্ত্ৰণাবোৰৰ বাবে।

এনেতে ডেৰেনে আইপেডৰ স্ক্ৰীণখন সকলোৱে দেখাকৈ দাঙি ধৰিছে। স্পীকাৰত ভাঁহি আহিছে সদ্যঘোষিত প্ৰধানমন্ত্ৰী ব’ৰিছ জনছনৰ মাত। ব্ৰেক্সিট কেম্পেইনৰ নেতা ব’ৰিছে কৈছে, ৩১ অক্টোবৰৰ ভিতৰত ইউৰিপীয়ান ইউনিয়ন ত্যাগ কৰিবই- সন্ধি বা চুক্তি হওক বা নহওক।

শুনিয়ে সকলোৰে চকুৱ মুখে উৎকণ্ঠা আৰু কিছু বিতৃষ্ণা দেখা দিছে।

‘চাবা, ব্ৰিটেইনৰ ট্ৰাম্পে কি কৰিবগৈ এইবাৰ!’ টমে ক’লে। লগে লগে ফিয়নাই উত্তৰ দিলে,

‘নাই নাই বৰিছ জনছনক ট্ৰাম্পৰ লগত তুলনা কৰিলেও এইজনতো ট্ৰাম্পৰ দৰে নিৰ্বোধ নহয়৷ অক্সফৰ্ড গ্ৰেজুয়েট৷ ডেভিদ কেমেৰুনৰ লগত পঢ়াৰ দিনতে হেনো দুয়োজনে এসময়ত ব্ৰিটেইনৰ প্ৰধান মন্ত্ৰী হোৱাৰ সপোন দেখিছিল৷ কিন্তু কেমেৰুনে তেওঁক চেৰাই গৈ প্ৰথমে প্ৰধানমন্ত্ৰী হ’লগৈ। বহুতে কয়, ব্ৰেক্সিট কেম্পেইনৰো আঁৰত তেওঁৰ প্ৰধানমন্ত্ৰী হোৱাৰ বাসনাই লুকাই আছিল৷ কেমেৰুনক আঁতৰোৱাৰ যিকোনো বাট ল’বলৈকে তেওঁ সাজু আছিল। এতিয়া সেই হেঁপাহ পূৰ হোৱাৰ স্ফূৰ্তি চোৱা!’

এইবাৰ ব’ৰিছ জনছনৰ এটা ইন্টাৰভিউ আৰম্ভ হ’ল৷ সকলোৱে হাতে হাতে বীয়েৰ লৈ আইপেডটোৰ চাৰিওফালে থিয় দিলেগৈ। সাংবাদিকৰ এটা সাধাৰণ প্ৰশ্ন - আজৰি পৰত কি কৰি ভাল পায়? তাৰে উত্তৰ দিবলৈ গৈ ব’ৰিছে দীঘলীয়া অৱতাৰণা জুৰিছে- মই আজৰি পৰত বাছৰ পুতলা সাজি ৰং কৰি ভাল পাওঁ। সেই পুতলা বাছৰ প্ৰতিটো অংশ কেনেকৈ যোৱা দিয়ে, কেনেকৈ কি ৰং দিয়ে তাৰ বিস্তৃত বিৱৰণ দিছে ব’ৰিছে৷ সাংবাদিক গৰাকীয়ে অন্য প্ৰশ্নলৈ যাব খোজা দেখিও আওকান কৰি ব’ৰিছে নিজৰ বাছৰ আকাৰ, ৰং আদি বৰ্ণোৱাত ব্যতিব্যস্ত হৈ পৰিছে।

‘আঁ! কি যে সাংঘাতিক চলনা!’ বিৰক্তিৰে আইপেডটো বন্ধ কৰি ডেৰেনে ক’লে।

‘মানে?’ তুলিকাৰ যেন এতিয়াও জানিবলৈ বহুত বাকী- এই দেশৰ ৰাজনীতি আৰু সংকটকালৰ বুজ ল’বলৈ বাকী!

‘মানে আৰু কি! ব’ৰিছৰ এইবোৰ সকলো চলনা! এনেয়ে বাৰেবিংকৰা কথা কৈ থকা নাই বুজিছা। মই ডাঠি ক’ব পাৰোঁ, ব’ৰিছে ভাৱি-চিন্তিয়ে এইবোৰ কথা কৈছে। যাতে গুগুলত মানুহে ব’ৰিছ জনছনৰ বাছ বুলি বিচাৰিলে তেওঁ ব্ৰেক্সিটৰ বাবে মিছাৰ আশ্ৰয় লৈ বৰ বৰ হৰফেৰে লিখা থকা বাছখন নোলাই এই ভি ডি অ’টো ওলায়৷’

‘টুং টুং টুং…’

বীয়েৰৰ গ্লাছত চামুচৰ ঘৰ্ষণৰ শব্দত সকলোৰে কথা-বতৰা ৰৈ গ’ল। ডেনিয়েলে বায়াৰৰ ওখ কাউণ্টাৰতে আঁউজি সভাৰ বক্তাৰ দৰে থিয় দিছে। সকলোৱে চোৱাত সি লাহেকৈ লিছাক কঁকালত ধৰি কাষ চপাই আনিলে। তাৰপিছত হাঁহি হাঁহি ক’লে,

‘ব্ৰেক্টিট মানেইতো জীৱন ৰৈ নাযায়, নহয় জানো? আজি তোমালোকক ক’বলৈ আমাৰ জীৱনৰ এটা বিশেষ খৱৰ আছে!’ সি লিছালৈ চালে। লিছাৰ দুচকুত সুখ আৰু সপোনৰ চিকমিকনি। এইবাৰ তাই ক’লে,

‘আমাৰ বিয়াৰ দিন ঠিক হৈছে!’

লগে লগেই বায়াৰত কেইবাটাও সুহুৰি বাজি উঠিল। মুহূৰ্ততে পৰিৱেশটো সলনি হৈ পৰিল।

‘ইমান ভাল খৱৰ! অভিনন্দন লিছা! অভিনন্দন ডেনিয়েল।’

উথপথপকৈ সকলোৱে শুভেচ্ছা জনালে। ইজনৰ পিছত সিজন গৈ লিছা আৰু ডেনিয়েলক সাৱটি ধৰিলেগৈ।

‘ডিচেম্বৰৰ বিছ তাৰিখ। বৰদিনৰ আগে আগে বিয়া। সকলোৱে তাৰিখটো এতিয়াই কেলেণ্ডাৰত লিখি ৰাখিবা দেই!’ ডেনিয়েলে ক’লে।

‘ক্লাছিক খ্ৰীষ্টমাছ বিয়া! মজা লাগিব।’ ফিয়নাই জপিয়াই উঠিব খুজিলে! ‘তোমালোকৰ কেথ’লিক-প্ৰটেষ্টাণ্ট পৰিয়ালৰ মাজত বিয়াৰ ঠাই কেনেকৈ ঠিক কৰিলা?’

‘জানা নহয়, সেইটো কথাই ইমান দিন খেলিমেলি লগাই আছিল! কেথ’লিক গীৰ্জাত পাতিলে ডেনিয়েলৰ প্ৰটে’ষ্টাণ্ট পৰিয়াল নাহে আৰু প্ৰ’টেষ্টাণ্ট গীৰ্জাৰ বিয়ালৈ মোৰ কেথ’লিক পৰিয়াল নাযায়। সিদিনা চ’নেই বায়াৰত বীয়েৰৰ সোৱাদ লৈ থাকোঁতে ক’লে, আমিচোন গীৰ্জাৰ সলনি এই বায়াৰতে বিয়াখন পাতিব পাৰোঁ! আহল-বহল চোতালতে গোটেইবোৰ মানুহ বহাৰো ব্যৱস্থা কৰিব পাৰোঁ- বচ ওলায় গ’ল উপায়!’ লিছাই ককায়েক চ’নলৈ দেখুৱাই ক’লে। ফিয়নাই একেকোবে গৈ তাক সাৱট ধৰিলেগৈ, ‘তোমাৰ আইডিয়া সাংঘাতিক!’ চ’নে মৰমেৰে তাইৰ ওঁঠজুৰিত চুমা এটা আঁকি দিলে।

সিদিনা বায়াৰত পুৱতি নিশালৈকে নাচ-গান-বীয়েৰ চলিল। লিছা আৰু ডেনিয়েলৰ বিয়াখনকলৈ নানা জল্পনা-কল্পনা চলিল। পিছদিনা পুৱাও অফিচত সেইটোৱে আলোচনাৰ মূল বিষয় হৈ ৰ’ল। মাৰ্ক আগবেলা মিটিঙত ব্যস্ত আছিল। তেওঁ বৰ্ডৰুমৰ পৰা ওলোৱাৰ লগে লগে ফিয়নাই মাত দিলে,

‘ভাল খৱৰটো পালানে মাৰ্ক?’

‘কি খৱৰ? মাৰ্কৰ কোঁচখোৱা কপালৰ গাঁঠি কিছু মুকলি হ’ল।

‘তুমিয়ে কোৱা লিছা৷ তোমাৰ মুখৰ পৰাহে পাব লাগে।’ মাৰ্কে এইবাৰ লিছালৈ চালে।

‘আমাৰ বিয়াৰ তাৰিখ ঠিক হৈছে, মাৰ্ক। ডিচেম্বৰৰ বিছ তাৰিখে।’ লিছাৰ দুচকুত তেতিয়াও একেই জিকমিকনি।

মাৰ্কে আন্তৰিকতাৰে অভিনন্দন জনালেহি৷ লিছাক তেওঁ আজি বাৰ বছৰ ধৰি পাই আহিছে৷ স্কুলত পঢ়ি থকাৰ সময়ৰ পৰাই তাই নেচাৰত স্বেচ্ছাসেৱক হিচাপে কাম কৰিছিল। এটা সময়ত মাৰ্কৰ উপদেশ মতেই নেচাৰত চাকৰিৰ আবেদন কৰি আজি ৱাৰ্ডেন হৈছেহি। এই লিছা তেওঁৰ আপোন পৰিয়ালৰ দৰেই।

খা-খৱৰ লৈ নিজৰ ডেস্কত বহি মাৰ্কে মনতে ঠিক কৰিলে, আজি নকয় তেওঁ। অতদিনৰ খেলিমেলিৰ পিছত লিছা আৰু ডেনিয়েলৰ বিয়াৰ দিন ঠিক হৈছে। আজিৰ দিনটো সিহঁতৰ দিন -মনৰ হেঁপাহেৰে এই সময়খিনি সিহঁতে উপভোগ কৰক। আজিৰ দিনটোত অন্তত: ক’ব নোৱাৰে আপোন পৰিয়াল যেন হৈ পৰা নেচাৰৰ এই দলটোলৈ এজাক কালধুমুহা অহাৰ বাতৰি তেওঁ পাইছে। সেই ধুমুহাত সকলো তছ নছ হৈ যোৱাৰ ভয়ে তেওঁক বেঁৰা মাৰি ধৰিছে। নেচাৰৰ ভাৱিষ্যত যেন অনিশ্চয়তাৰ গৰাহত ডুব গৈছে। সেই উৎকণ্ঠাই সিদিনা ৰাতি মাৰ্কক চকুৰ টিপকে মাৰিবলৈ নিদিলে।


পূৰ্বৰ খণ্ডসমূহ:

  • ফাৰমানা (প্ৰথম খণ্ড)
  • ফাৰমানা (দ্বিতীয় খণ্ড)
  • ফাৰমানা (তৃতীয় খণ্ড)
  • ফাৰমানা (চতুৰ্থ খণ্ড)
  • ফাৰমানা (পঞ্চম খণ্ড)
  • ফাৰমানা (ষষ্ঠ খণ্ড)
  • ফাৰমানা (সপ্তম খণ্ড)
  • ফাৰমানা (অষ্টম খণ্ড)
  • ফাৰমানা (নৱম খণ্ড)
  • ফাৰমানা (দশম খণ্ড)
  • ফাৰমানা (একাদশ খণ্ড)
  • ফাৰমানা (দ্বাদশ খণ্ড)
  • ফাৰমানা (ত্ৰয়োদশ খণ্ড)
  • ফাৰমানা (চতুৰ্দশ খণ্ড)
  • ফাৰমানা (পঞ্চদশ খণ্ড)
  • ফাৰমানা (ষষ্ঠদশ খণ্ড)
  • No comments:

    Post a Comment