Sunday 4 February 2024

ফাৰমানা (ষষ্ঠদশ খণ্ড)

আজি এসপ্তাহ হৈ গ’ল। বিদ্যুতৰ মিছড কলে তুলিকাৰ বৰ্তমানৰ পৃথিৱীৰ ছন্দত জোঁট-পোঁট লগাই দিয়াৰ। প্ৰতিদিনেই তাই আয়াৰলেণ্ড চৰকাৰৰ পৰিৱেশ সাপেক্ষ কৃষি আঁচনিৰ কামত দৌৰি ফুৰিছে। পথাৰবোৰ জৰীপ কৰিছে, খেতিয়কৰ ঘৰে ঘৰে গৈ আঁচনিৰ কথা বুজাইছে, পৰিকল্পনাত কি কি সোমাব আলোচনা কৰিছে। মুঠতে মাৰ্কে আগতে সকীয়াই থোৱাৰ দৰেই এই সপ্তাহটোত তাইৰ বাবে সময় পাখি লগা ঘোঁৰা হৈ পৰিছে। তথাপিও--- তথাপিও সুৰুঙা পালেই তাইৰ দুচকুত বিদ্যুতৰ মুখখন বাৰে বাৰে ভাঁহি উঠিছে, ঘনে ঘনে মন উৰা মাৰিছে অতীতৰ বুকুলৈ। যেন অতীত-বৰ্তমান একাকাৰ হৈ পৰিছে। যেন কুণ্ডলী পকাই পকাই সময় ৰৈ গৈছে একেটা বিন্দুতে।

‘কেনেকৈ?’ মিচেলৰ প্ৰশ্নটোৰ উত্তৰ লগে লগে দিব নোৱাৰিলে তুলিকাই।

বিদ্যুতৰ সলনি তাইৰ মনত ভাঁহি উঠিল দেউতাকৰ ছৱিখন। তাই চোফাখনতে লৰচৰ কৰি উঠিল। বাওঁভৰিৰ ওপৰত সোঁভৰিখন উঠাই অলপ একতীয়াকৈ বহিল। দুবাহুও যেন ভৰি দুখনৰ দৰেই চাপি-কুঁচি আহিব খুজিলে। কেৰেলুৱা এডালৰ দৰে তাইৰ শৰীৰটো মেৰ খাই গোল হৈ পৰিব বিচাৰিলে। পূৰ্ণ দৃষ্টিৰে তাইলৈ চাই ৰ’ল থেৰাপিষ্ট মিচেলে। যেন সদায়ৰ দৰে তাইৰ আত্মাৰ অতল গভীৰতালৈ জুমি চাই জানিব খুজিলে বহু নিভৃত কথা। শব্দৰ মাপকাঠিৰে বুজাব নোৱাৰা অনুভৱৰ ভাষা।

তুলিকাই তেওঁক লৈ গ’ল শৈশৱৰ শিৱসাগৰলৈ। চেঁচুকীয়া পিছচোতালৰ ভেকুলীৰ টোৰটোৰণি, জিলিৰ মাতে সেমেকাই থোৱা ৰাতিবোৰলৈ। বহু যুগ পাৰ হৈ গৈছে- অথচ এতিয়াও যেন ৰিং এটা মাৰিলেই পঞ্চইন্দ্ৰিয়ত ধৰা দিয়েহি সেই দৃশ্য, গোন্ধ আৰু শব্দ। মাজৰাতি ধলং পলংকৈ আহি পিছদুৱাৰত ধমধমোৱা দেউতাকৰ মুখত মদৰ গোন্ধ, কাষৰ কোঠাৰ পৰা ভাঁহি অহা মাকৰ চেপা কান্ধোনৰ শব্দ, পিছদিনা পুৱাই মাকে মুখত সানি লোৱা ডাঠ প্ৰসাধনৰ দৃশ্য! তেনে ৰাতিবোৰৰ শেষত সদায়ে যেন এক বৈপৰীত্যই সিহঁতক আদৰিবলৈ ৰৈ থাকে। মদৰ নিচা ফটা দেউতাক হৈ পৰে মৰম আৰু আদৰৰ এক জীৱন্ত প্ৰতিমূৰ্ত্তি। দিনৰ দিনটো দেউতাকে আতৌ-পিতৌকৈ মাকৰ সকলো কামতে হাত বাটি দিয়ে। তুলিকা আৰু ভায়েক হীৰু সৈতে খেলাঘৰত উমলে। আবেলি বজাৰলৈ গৈ পাটি চাইকেলৰ আগত ওলমাই আনে- মাকলৈ এখন বুটা-বছা চাদৰ, তুলিকা আৰু হীৰুলৈ খেলনা আৰু ভজা বাদাম। মাক যেন পলকতে ভোল যায়- সন্ধিয়া গুণগুণাই গুণগুণাই পাকঘৰত তিল দিয়া মূৰ্গীৰ মাংস ৰান্ধে। দেউতাকে কাষতে বহি লৈ কথা আৰু হাঁহিৰ পাগ তোলে।

কিন্তু তুলিকা আৰু হীৰুৰ বাবে কথাবোৰ যেন ইমান সহজ নাছিল। সহজ নাছিল মাজৰাতিৰ দু:স্বপ্নবোৰ পাহৰি দুপৰৰ ৰ’দজাকৰ উম লোৱা। প্ৰসাধনৰ ডাঠ প্ৰলেপে ঢাকি ৰখা মাকৰ শৰীৰৰ দাগবোৰ আৰু মনৰ বেদনাবোৰ দেখিও নেদেখা হোৱা। বুজা হোৱাৰে পৰা সেই ছৱিখনৰ দুয়োটা ফালেই যেন সিহঁতৰ বৰ চিনাকি হৈ গৈছিল। দুয়ো খুউব ভালদৰে জানিছিল, যেনেকৈ আহে তেনেকৈয়ে সেই ক্ষন্তেকীয়া সুখৰ ঢৌ কেনিবা হেৰাই যাব। এসপ্তাহ-দহদিনৰ পিছতে তাৰ ঠাই ল’ব মাতাল দেউতাকৰ উপদ্ৰৱ আৰু মাকৰ চেপা কান্ধোনে। দিনৰ পিছত দিন, মাহৰ পিছত মাহ চলি থকা এই আৱৰ্ত্তনে ভাল সময়ৰ প্ৰতিও দুয়োকে সন্দিহান কৰি তুলিছিল কিজানি!

‘মাৰ সৈতে এই কথাবোৰ কেতিয়াবা পাতিছিলানে?’

‘পাতিছিলোঁ। বেলেগ বেলেগ সময়ত সুযোগ পালে দুই এবাৰ উলিয়াইছিলোঁ। প্ৰতিবাৰেই মাই কয়, দেউতাৰ অন্তৰখন বৰ কোমল। মদেহে মানুহজনক তেনেকুৱা কৰি পেলায়।’

তুলিকাৰ ভাৱ হৈছিল যেন দেউতাকৰ দৰেই মাকো নিচাসক্ত হৈ পৰিছিল। সুখ আৰু যন্ত্ৰণাৰ সেই অবিৰাম পাকচক্ৰৰ মায়াত বন্দী হৈ পৰিছিল। জীৱনত তাৰ বিকল্প কিবা থাকিব পাৰে বুলি যেন ভাৱিবই নোৱাৰা হৈ গৈছিল। হয়তো পৰিস্থিতিয়ে বাধ্য কৰিছিল, হয়তো সাংসাৰিক দায়বদ্ধতাই মাকৰ বাবে অন্য কোনো বাট খুলি ৰখা নাছিল। তেতিয়াও, এতিয়াও!

‘তুলিকা, বিদ্যুতৰ লগতো তোমাৰ এনে হৈছিল নেকি?’ মিচেলে পুনৰ সুধিলে। লগে লগে যেন তুলিকা সচকিত হৈ উঠিল, ‘নাই নাই, বিদ্যুতে কেতিয়াও মোৰ গাত হাত উঠোৱা নাই। সি তেনে হ’বই নোৱাৰে!’

পিছে এখন্তেক ৰৈ তাই অলপ সংকোচেৰে কৈ পেলালে, ‘ঠিক একে নহয়। কিন্তু সেই অনুভৱটোৰ যেন কিবা এটা মিল!’

‘কি অনুভৱ?’

‘এই যে সুখৰ মুহূৰ্তবোৰৰ ওপৰত থকা সন্দেহটো। ভাল লগা সময়বোৰৰ আঁৰতে যন্ত্ৰণা লুকাই পৰ দি থকাৰ অনুভৱটো যেন একেই থাকিল! বৰ অস্বস্তিকৰ সেই উৎকণ্ঠা। কণীৰ খোলাৰ ওপৰত অহৰহ খোজ দি থকা মানুহৰ মনৰ সেই ভয়টো। কেতিয়া ভৰিৰ তলৰ মাটিকণত ফাঁট মেলে যেন ঠিক নাই। গোটেই জীৱন যেন মই তেনেকৈয়ে ভয়ে ভয়ে খোজ দি আছোঁ!’

‘ভালকৈ কোৱাচোন। বিয়াৰ পিছৰে পৰা এনে অনুভৱ হৈছিল তোমাৰ?’

‘নহয়। বিয়াৰ পিছৰ প্ৰথম ছমাহ একোৱে স্পৰ্শ কৰিব নোৱাৰাকৈ উটি-ভাঁহি আছিলোঁ যেন। লণ্ডনৰ নতুন জীৱন, বিদ্যুতৰ সৈতে সংসাৰ সকলো মিলি এটা ধুনীয়া সপোন দেখি থকাৰ দৰে ভাৱ হৈছিল। ইমান মৰম, ইমান আদৰ- যেন থ’বলৈকে ঠাই নোহোৱা হৈছিল।’

‘তেনে কথাবোৰ কেতিয়াৰ পৰা সলনি হ’বলৈ আৰম্ভ কৰিলে?’ মিচেলে সুধিলে।

তুলিকাই অলপকৈ হাঁহিলে। সাধাৰণতে মিচেলৰ প্ৰায়বোৰ প্ৰশ্নৰে উত্তৰ বিচাৰি তাই হাবাথুৰি খায়। হয়তো জীৱনৰ বাটত দৌৰি থাকোঁতে থাকোঁতে কেতিয়াও থমকি ৰৈ নিজলৈ চাই পোৱা নাই। এই প্ৰশ্নবোৰ কেতিয়াও নিজকে সুধি পোৱা নাই। কিন্তু এই প্ৰশ্নটোৰ উত্তৰ দিবলৈ তাই অকণো ভাৱিব লগা নহ’ল। দিনৰ পোহৰৰ দৰে ফটফটীয়াকৈ তাইৰ সেই মুহূৰ্তটো মনত আছে। সেইদিনা শনিবাৰ আছিল। বিদ্যুতৰ অফিচ নাই। পুৱাতে সিহঁত চেণ্ট্ৰেল লণ্ডনলৈ ওলাই আহিছিল। টেম্‌ছ নদীৰ পাৰতে লণ্ডন আই আৰু সিপাৰৰ আকাশচুম্বী অট্টালিকাবোৰ চাই চাই সিহঁত কেফে নিৰ’ত বহিছিল। বিদ্যুতৰ প্ৰিয় কেফে। বগা প’ল’ চাৰ্ট আৰু ক’লা ফ’ লেডাৰ জেকেটটোৰে তাক কি যে সাংঘাতিক ধুনীয়া দেখাইছিল! অন্যদিনাৰ দৰেই সেই পুৱাও তুলিকা কিজানি ধুনীয়া সপোনটোৰ মাজতে ডুবি আছিল।



‘হুৱাট দ্য হ্যেল!’ বিদ্যুতৰ চিৎকাৰে তাইক হঠাৎ চক খুৱাই দিলে।

‘ছ’ৰী। আই এম ছ’ ছ’ৰী!’ কমলা এপ্ৰ’ন পিন্ধা ৱেইটাৰজনে লগে লগে কৈ উঠিল। কণ কণকৈ দাড়ি ওলাবলৈ আৰম্ভ কৰা সেই কোমলমতীয়া মুখত তীব্ৰ অপৰাধবোধ। বিদ্যুতৰ জেকেটৰ পৰা কফিৰ ছিটিকনি ইতিমধ্যে বগা চাৰ্টৰ বুটাম পাইছেগৈ।

বিদ্যুৎ চকীৰ পৰা জাপ মাৰি উঠিল। তাৰ মুখখনত যেন দেহৰ সমস্ত তেজ গোট খালেহি। ৱেইটাৰ গৰাকীয়ে আগবঢ়াই দিয়া টিছ্যু পেপাৰখন সি দলিয়াই পেলালে। তাৰ মুখেৰে উফৰি আহিল অশ্ৰাব্য ইংৰাজী গালি!

ঘটনাৰ আকস্মিকতাত বেছ কিছুপৰলৈ কিংকৰ্তব্যবিমূঢ় হৈ পৰিছিল তুলিকা! কিন্তু নিজকে চম্ভালি তাই তাৰ সোঁহাতখনত ধৰি টান মাৰি ক’লে, ‘বিদ্যুৎ!! কি কৈছা এইবোৰ! শান্ত হোৱাচোন!’

‘তুমি চুপ থাকা!’ হাতখন জোৰেৰে এৰুৱাই সি এইবাৰ তাইক ধমক দি উঠিল। একেই সুৰেৰে, একেই বিতৃষ্ণাৰে।

তুলিকা থৰ হৈ গ’ল। কি হৈছে বিদ্যুতৰ? ইমান অচিনাকি এই বিদ্যুৎ! এই সুৰ- এই ভাষা!

উভতাৰ বাটত সিদিনা সিহঁতৰ মাজত এটাও শব্দৰ বিনিময় নহ’ল। ঘৰ পায়গৈ মানে বিদ্যুৎ শান্ত হৈছিল। কিন্তু বহুপৰলৈ তুলিকা একেদৰেই মৌন হৈ ৰ’ল। নিশা সদায়ৰ দৰে তাইক দুবাহুলৈ টানি আনিব খোজোতে তাই খপ্‌জপ্‌কৈ বিছনাতে উঠি বহিল। তাৰ ফালে চাই লাহেকৈ ক’লে,

‘আজি কিয় তেনে কৰিলা বিদ্যুৎ? ইমান সৰু কথাটোতে তেনেকৈ খং খালা কিয়?’

বিদ্যুতে আকুল হৈ ক’লে, ‘বেয়া নাপাবা তুলিকা। গোটেই সপ্তাহটো অফিচৰ কাম আৰু চিন্তাই জেওৰা খৰি চেপাদি চেপে। শনিবাৰটোত তোমাৰ লগত অকণমান ভালকৈ সময় কটাওঁ বুলি ওলাই গৈছিলোঁ- তাতো সেইবোৰ কেনা লাগিল। সেইটোতে ঘপকৈ খং উঠি আহিল নেকি! তোমাকো মিছাতে টান মাতেৰে কথা ক’লোঁ। কথা দিছোঁ তোমাক- তেনে ব্যৱহাৰ আৰু কেতিয়াও নকৰোঁ।’

তাৰ মাতষাৰে মমৰ দৰে গলাই পেলাইছিল তুলিকাক। এবুকু মমতাৰে তাই বিদ্যুতক আকোঁৱালি লৈছিল। ইমান কামৰ মাজতো তাইৰ সকলো কথাৰে খেয়াল ৰখা বিদ্যুতৰ বাবে জুৰণীয়া ছাঁ হোৱাৰ হেঁপাহ হৈছিল তাইৰ। সেইদিনাৰ পৰা তাৰে চেষ্টাত অহৰহ লাগি পৰিছিল তুলিকা। কিন্তু তাইৰ খেয়ালেই নহ’ল কেতিয়ানো ধুনীয়া সপোনটোৰ শেষ হৈ বাস্তৱ আৰম্ভ হ’ল, তাৰপিছত কিমানবাৰ তেনেকৈ কথা দি বিদ্যুতে কথা নৰখা হ’ল!

সেই যে আৰম্ভ হ’ল, তাৰপিছৰ পৰা লাহে লাহে বিদ্যুতৰ খঙৰ কাৰণবোৰ বাঢ়ি গৈ থাকিল- তাৰ লগে লগে খঙৰ মাত্ৰাও। প্ৰায়ে সিহঁতে ক’ৰবালৈ যাব খুজিলে, কিবা এটা একেলগে কৰিব খুজিলে কিবা নহয় কিবা কথাত বিদ্যুৎ অধৈৰ্য্য হৈ পৰে৷ বিৰক্তিত ক’লা পৰি যায় তাৰ মুখ! ওচৰে-পাজৰে তাই থাকক বা অচিনাকি কোনোবা, তাৰ আক্ৰমণৰ লক্ষ্য হৈ পৰে। তুলিকাই বৰ সাবধানে চলিবলৈ আৰু ভাৱি চিন্তি কথা ক’বলৈ আৰম্ভ কৰে৷ প্ৰতিবাৰেই- প্ৰতিবাৰে খঙৰ ভমক কমিলে সি তুলিকাৰ কাষলৈ আহি মৰম আকলুৱা মাতেৰে ক্ষমা খোজেহি। প্ৰায়ে নিজকে দোষ দি ফেঁকুৰি ফেঁকুৰি কান্দি পেলায়। আৰু প্ৰতিবাৰেই তুলিকা গলি পৰা মমবাতিডাল হৈ পৰে।

‘ময়ো মাৰ দৰে হৈ পৰিছিলোঁ নেকি!’ তুলিকাই স্বগতোক্তি কৰাৰ দৰে ক’লে।

‘সেয়া একেবাৰেই স্বাভাৱিক কথা তুলিকা। সৰুৰে পৰা মা-দেউতাক তেনেদৰে দেখি আহিছা। সম্পৰ্কৰ সেই গতি, সেই আৱৰ্ত্তন বহুত চিনাকি তোমাৰ বাবে।’ মিচেলৰ মাতত অযুত সহানুভূতি।

‘কিন্তু মই হ’ব নোখোজো! অন্তত: এইবাৰ নহওঁ।’ তাই এইবাৰ দৃঢ়তাৰে ক’লে, ‘সেইকাৰণেই বিদ্যুতৰ ফোন ৰিচিভ কৰা নাই, মেচেজৰ উত্তৰ দিয়া নাই। সি বাৰে বাৰে ভুল কৰি ক্ষমা খুজিলেই মোৰ যন্ত্ৰণাবোৰ নোহোৱা হৈ নাযায়, হৃদয়ৰ ঘাঁবোৰ শুকাই নাযায়! সেই একেই পাকচক্ৰত বন্দী হৈ মই নিজকে বাৰে বাৰে দুখ পাই থাকিবলৈ দিব নোৱাৰোঁ!’

মিচেল কিছুপৰ নীৰৱ হৈ ৰ’ল। তুলিকাই টিছ্যুপেপাৰ এখন লৈ দুচকুৰ কোণ দুটা মোহাৰিলে। মিচেলে অলপকৈ হাঁহি এইবাৰ ক’লে, ‘এটা কথা মন কৰিছানে?’

তুলিকাই একো নকৈ মাথোঁ এটা প্ৰশ্নবোধক দৃষ্টিৰে তেওঁলৈ চালে।

‘আজি তিনিমাহ ধৰি তুমি মোৰ ওচৰলৈ আহি আছা তুলিকা। আজিহে প্ৰথমবাৰৰ কাৰণে নিজৰ সুখ-দুখৰ ভাৰ নিজে তুলি লৈছা। প্ৰথমবাৰৰ বাবে মুখ ফুটাই কৈছা তুমি নিজকে তেনেকৈ বাৰে বাৰে দুখ পাবলৈ এৰি দিব নোৱাৰা বুলি।’

তুলিকাৰ মুখতো হাঁহি বিৰিঙিল এইবাৰ। ঠিকেই, অতদিনে যেন তাই কেৱল বিদ্যুতে কি কৰিছে, কি নকৰিছে, কিয় কৰিছে তাকে ভাৱি ভাৱি হাহাঁকাৰ কৰি ফুৰিছে। এতিয়াহে যেন সেই সকলো কোলাহল দেও দি নিজলৈ এবাৰ চাবলৈ চেষ্টা কৰিছে। তাই কি কৰিছে বা কিয় কৰিছে সেয়া নিজকে সুধি চাইছে।

‘সেইটো ডাঙৰ কথা তুলিকা। অন্যৰ ওপৰত আমাৰ একো নিয়ন্ত্ৰণ নাই- আমাৰ নিয়ন্ত্ৰণৰ ভিতৰত আছোঁ কেৱল আমি নিজে। তুমি যদি জীৱনত কিবা পৰিৱৰ্ত্তন আনিব খোজা সেয়া কেৱল তুমি নিজেহে কৰিব পাৰিবা- অন্য কোনোৱে নহয়। নহয় জানো?’

তুলিকাই মূৰ দুপিয়ালে। মিচেলে কোলাৰ নোটবুকখন লাহেকৈ জপালে। ঘড়ী নোচোৱাকৈয়ে তুলিকাই বুজিলে এঘণ্টা পাৰ হৈছে।

‘এতিয়া কোৱাচোন, আজি নিজৰ কাৰণে কি কৰিবা?’

তুলিকাই হাঁহিলে। এইটো যেন এটা খেলাৰ দৰে হৈ পৰিছে। প্ৰতিটো ছেছ্যনৰ শেষতে মিচেলে এই প্ৰশ্ন কৰে। প্ৰতিবাৰে এটা নতুন উত্তৰ বিচাৰে তেওঁ। আজিও অন্যদিনাৰ দৰেই তুলিকাই ভাৱিবলৈ লাগিল। নিজৰ কাৰণে ভাল লগা কি কৰিব পাৰে তাই? আৰ্ণ নৈৰ পাৰে পাৰে দৌৰিবলৈ যাব? মিনিকুপাৰত ফুল ভলিউমত ভূপেন হাজৰিকাৰ গান শুনি শুনি ঘৰলৈ উভতিব? আছমা বা লুকৰ লগত কথা পাতিব? নাই, সেই সকলোবোৰতো ইতিমধ্যেই কোৱা হৈ গৈছে!

‘আই ৱিল ড্যু নাথিং ট্যুডে- আজি মই একোৱে নকৰোঁ!’ তাই হাঁহি এটা মাৰি ক’লে, ‘এই গোটেই সপ্তাহটো অফিচৰ কামৰ ঘুৰ্মুটিয়াই ফুৰিলোঁ। এনেয়েও মই নিজেই ইটো সিটো কাম উলিয়াই সদায় ব্যস্ত হৈ থাকোঁ। তেনে ব্যতিব্যস্ত দিনবোৰৰ পৰা আজি এটা বিৰতি ল’ম। একোৱেই নকৰোঁ! কূটা এগছো নদঙাকৈ দিনটো কটাম।’

‘বঢ়িয়া।’ মিচেলৰ হাঁহিটো বহল হৈ পৰিল। তুলিকাৰো।

তুলিকাই প্ৰথমবাৰৰ বাবে কেৱল নিজৰ বাবে উলিয়াই লোৱা সেই দিনটোতে ফাৰমানাৰ এটা কোণত মাৰ্কৰ পৃথিৱীখনো চিৰদিনৰ বাবে ৰূপ সলালে। লণ্ডনৰ আমডালি লগোৱা দুৱাৰ এখনত ছমাহৰ মূৰত আছমাৰ মুখামুখি হ’ল বিদ্যুৎ। আৰু সেই একেটা দিনতে শিৱসাগৰৰ চিৰপৰিচিত সেই পিছচোতালৰ দুৱাৰত ধম্‌ধমনি থমকি ৰ’ল। প্ৰথমবাৰৰ বাবে তুলিকাৰ মাকৰ মুখেৰে কান্দোনৰ সলনি ওলাল এটা বিদ্ৰোহী মাত,

‘নোখোলো দুৱাৰ! য’লৈ যায় যাওক আজি!!’

পূৰ্বৰ খণ্ডসমূহ:

No comments:

Post a Comment