Saturday 17 February 2024

ফাৰমানা (অষ্টদশ খণ্ড)

আজি ফাৰমানাৰ নেচাৰৰ অফিচত ভিৰ লগাৰ দৰেই হৈছে। এনেয়ে কেৱল মাৰ্ক, তুলিকা, লিছা আৰু ফিয়নাই অফিচৰ পৰা কাম কৰে। চাৰিওৰে বহু ঘুৰা-ঘুৰি আৰু ফিল্ডত কাম থাকিলেও অফিচৰ পৰাই যায় বা ঘুৰি পকি আহি নিজৰ ডেস্কত বহেহি। বাকীসকলৰ প্ৰায়বোৰ কাম বাহিৰতেই বাবে অফিচত দেখা পোৱাই নাযায়। ডেৰেনৰ বেছিভাগ কাম থাকে লখ আৰ্ণত নহ’লে ফাৰমানাৰ কোনোবা স্কুলত। টম আৰু এণ্ড্ৰু প্ৰায় সকলো সময়তে ফিল্ডত- কেতিয়াবা জলচৰ চৰাইবোৰৰ বাহৰ পৰা শিয়াল খেদাত, কেতিয়াবা খেতিয়কৰ পথাৰত পৰিৱেশ-সাপেক্ষ ট্ৰেক্টৰ চলোৱা বা গৰু-ভেড়া চাই দিয়াৰ কামত ব্যস্ত। কিন্তু আজি সকলোৱে বাকী কাম বাদ দি নেচাৰৰ অফিচ পাইছেহি। কাৰণ মাৰ্কে সকলোকে মাতি পঠাইছে। ব’ৰ্ডৰুমতে গোটেইবোৰ বহি তেওঁলৈ বাট চাইছে। মাৰ্ক তেতিয়াও ফোনত ব্যস্ত। কিনো খৱৰ আছে বুলি সকলো ভিতৰি উচপিচাই আছে। তাৰ মাজতে কথাৰ গুণগুণনি উঠিছে।

ব্ৰেক্সিটৰ কথাই বেছিকৈ ওলাইছে। প্ৰধান মন্ত্ৰী ব’ৰিছ জনছনে কোৱাৰ দৰে এইবছৰ ৩১ অক্টোবৰৰ ভিতৰতে ব্ৰেক্সিট সম্ভৱ নে? ডেৰেনে সুধিছে। নাই, সেয় অসম্ভৱ! আয়াৰলেণ্ডৰ সীমাৰ সমস্যাটোৰ কি হ’ব তেতিয়া? এতিয়াযে আমি বিনা বাধাৰে উত্তৰ আয়াৰলেণ্ড আৰু ৰিপাব্লিক অব আয়াৰলেণ্ডৰ মাজত অহা-যোৱা কৰি আছোঁ, ইচ্ছামতেই আইৰিছ বা ব্ৰিটিছ পাছপৰ্ট লৈছোঁ তাৰ কি হ’ব? ফিয়নাই যেন এই বাস্তৱ এতিয়াও মানি ল’ব পৰা নাই। এই যে ব্ৰেক্সিটে গোটেইবোৰ ভাগ ভাগ কৰি পেলাইছে, জীৱ-জন্তু, চৰাই-চিৰিকটিবোৰেতো ৰাজনৈতিক সীমা নামানে- সিহঁতৰ কি হ’ব? আমি কাম কৰা কেইবাজনো খেতিয়কৰ পথাৰ দেখোন দুই দেশৰ সীমাৰ মাজতে পৰে। কাৰলিউ-গঙাচিলনীয়ে তাতে বাহ সাজি পোৱালী জগাবৰ হৈছে। সিহঁতৰ কি হ’ব? আমি এফালে চাম আৰু সিফালে চকু মুদি থাকিম নে? টমৰ প্ৰশ্ন শুনি সকলো নীৰৱে ৰ’ল। সঁচাই উত্তৰ-বিহীন বহু প্ৰশ্ন, বহু অনিশ্চয়তা আনি দিছে এই ব্ৰেক্সিটে।

মাৰ্কৰ পলম হৈছে। মিটিঙৰ নিৰ্দ্ধাৰিত সময় তিনিমিনিট পাৰ হৈ গৈছে। কোঠাটোত উৎকণ্ঠা বাঢ়িছে। ফিয়নাই অলপ হাউলি লৈ কাষতে বহা লিছাক ফুচফুচাই কৈছে, মাৰ্কে ডিভৰ্চৰ কথাই ক’ব নেকি! লিছাই লগে লগেই কৈ উঠিছে,

‘নাই নাই তাৰ কাৰণে বৰ্ডৰুমত মিটিং বহুৱাৰ কি প্ৰয়োজন! নেচাৰৰ কিবা কথাই হ’ব!’

সেই ফুচফুচনি তুলিকাৰ কাণত পৰিছেহি। তাইৰ বুকুখন বিষাই উঠিছে! মাৰ্কৰ বাবে।

এনেতে মাৰ্ক সোমাই আহিছে। কোঠাটোৰ গুণগুণনিবোৰ বন্ধ হৈছে। মাৰ্কৰ কঁপালৰ গাঁঠি খোঁচ খোৱা। মুখৰ চিৰাচৰিত হাঁহিটোও নাই। মানুহজন এনেয়েও অলপ জধলা। আজি অপৰিপাটী কেকুঁৰা চুলি আৰু সোঁতমোচ খোৱা চাৰ্টটোৰে অন্যদিনাতকৈও ৰুক্ষ যেন দেখালে তেওঁক। দীঘল টেবুলখনৰ এমূৰে চকীত বহিয়ে তেওঁ সকলোলৈ চাই লাহে লাহে কৈছে,

‘তোমালোক সকলোকে মাতি পঠিওৱাৰ কাৰণ কি ভাৱিছা চাগৈ। এটা খৱৰ আছে। লণ্ডনৰ হেডঅফিচৰ পৰা খৱৰ আহিছে, এইবছৰ নেচাৰৰ পুনৰ্সংগঠন হ’ব- ৰিঅৰ্গেনাইজেশ্যন!’

‘আহ্‌’, ‘কি কয়’- কোঠাটোত অস্ফুট শব্দ কিছুমান ভাঁহি উঠিল। তুলিকাইহে একো নুবুজাৰ দৰে সকলোলৈ চাই থাকিল। মাৰ্কে কৈ গ’ল,

‘ব্ৰেক্সিটৰ খৱৰ সকলোৱে পাই আছাই। আমাৰ সংগঠনৰ ফাণ্ডিং পোনপটীয়াকৈ ব্ৰেক্সিটৰ ওপৰত নিৰ্ভৰ নকৰে। কিন্তু ব্ৰেক্সিটৰ প্ৰভাৱতেই আমাৰ উপদেষ্টাৰ কমিটিখন সলনি হৈছে। ইউৰোপীয়ান উপদেষ্টা সকল আঁতৰি গৈছে আৰু নতুন উপদেষ্টা মণ্ডলীৰ লগতে নতুন ডিৰেক্টৰ হৈছে। তেওঁলোকে নেচাৰৰ পুনৰ্সংগঠনৰ এক প্ৰস্তাৱ দিছে। যাতে বেক্সিটৰ পিছৰ যুক্তৰাজ্যত নেচাৰৰ কাম আৰু প্ৰভাৱ একেই থাকে। সেই প্ৰস্তাৱ ইতিমধ্যে গৃহীতও হৈছে।’

‘কি সলনি হ’ব? আমাৰ চাকৰি থাকিবনে?’ সকলোৰে মনত উদয় হোৱা প্ৰশ্নটোকে ডেৰেনে পোনেই সুধিলে।

‘ডেৰেন, তাৰ উত্তৰ মোৰ ওচৰতো নাই!’ মাৰ্কৰ অসহায় উত্তৰ। ‘আজি আবেলি লণ্ডনৰ অফিচৰ পৰা নতুন ডিৰেক্টৰৰ বক্তৃতা আছে। তাতে কথাবোৰ ভালকৈ গম পাম বুলি আশা কৰিছোঁ!’

দিনটোৰ বাকীখিনি সময় অফিচতে ছটফটাই থকাদি থাকিল সিহঁত। চাকৰিৰ অনিশ্চয়তা যে যিকোনো পুনৰ্সংগঠনৰে এক পৰিণতি সেয়া সকলোৱে জানে। গতিকে মাৰ্কে মুখ ফুটাই নক’লেও গোটেইবোৰে বুজিলে নেচাৰৰ এই সৰু দলটোলৈ এক কঠিন সময় আহি আছে। সকলোৱে নতুন ডিৰেক্টৰৰ বক্তৃতালৈ উন্মুখ হৈ বাট চালে। তাৰ মাজতে তুলিকাই লুকলৈ মেচেজ কৰিলে। লুকৰ কাম লণ্ডনৰ হেডঅফিচত যেতিয়া ভালকৈ কথাবোৰ জানিব বুলি। লুকে ক’লে,

‘তোমালৈ ফোন কৰাৰ কথা ভাৱিছিলোঁৱে তুলিকা! ময়ো এই সপ্তাহতহে কথাবোৰ গম পাইছোঁ। বহুত অনিশ্চয়তা এতিয়াও। সময় পালে ফোন কৰিবা মোলৈ।’

আবেলি জুমৰ পৰ্দাত ধৰা দিলে ডিৰেক্টৰ জৰ্ডানৰ মুখখন,

‘নেচাৰ পৰিয়ালৰ সকলোকে মোৰ কৃতজ্ঞতা জনাইছোঁ। আপোনালোক সকলোৱে নিশ্চয় গম পাইছে, আমাৰ এই সংগঠনটোৰ পুনৰ্সংগঠন হোৱাৰ বাটত আগবাঢ়িছে। ব্ৰেক্সিটৰ পৰিপ্ৰেক্ষিটত নেচাৰৰ কাম আৰু পুঁজিৰ অভিযোজন জৰুৰী হৈ পৰিছে। আমাৰ লক্ষ্য হ’ল নেচাৰৰ চেষ্টা আৰু পুঁজি প্ৰকৃতি সংৰক্ষণৰ সকলোতকৈ গুৰুত্বপূৰ্ণ কামবোৰত লাগক। আমি সকলোৱেই স্বীকাৰ কৰোঁ এই পৰিৱৰ্ত্তন সহজ নহ’ব। কিন্তু পৰিৱৰ্ত্তিত সময়ৰ লগত খাপ খুৱাবলৈ এই পদক্ষেপ অতিকৈ দৰকাৰী হৈ পৰিছে। এতিয়াও সেই বাট ষ্পষ্ট নহয়। কিন্তু আমাৰ লক্ষ্য হ’ল অহা তিনিমাহৰ ভিতৰত এই পুনৰ্সংগঠনৰ কাম সম্পূৰ্ণ কৰা। প্ৰতিটো পদক্ষেপেই আমি আপোনালোকক জনাই থাকিম। আপোনালোক প্ৰত্যেকেই প্ৰকৃতিৰ হকে যুঁজি থকা অক্লান্ত যুঁজাৰু আৰু নেচাৰ পৰিয়ালৰ মূল্যৱান সদস্য। এই প্ৰচেষ্টাত আপোনালোকৰ সহযোগিতা আৰু বুজাপৰা আশা কৰিছোঁ।’

জৰ্ডানৰ বক্তৃতা শেষ হোৱাৰ লগে লগে উপৰা-উপৰিকৈ প্ৰশ্নৰ জোৱাৰ উঠিল। গম পোৱা গ’ল, সকলোৱে সন্দেহ কৰাৰ দৰেই কিছুমান পদবী আৰু দায়িত্ব সলনি হ’ব। কোনবোৰ ক্ষেত্ৰত সেই পৰিৱৰ্ত্তন আহিব তাৰ এতিয়াও বিবেচনা চলি আছে।

তাৰ পিছৰ দিনবোৰত সকলোৱেই যেন বাধ্যত পৰিহে নিত্যনৈমিত্তিক কামবোৰ কৰি গ’ল। আগৰ দৰে নেচাৰৰ লান্স ব্ৰেকত ৰসাল আড্ডা নচলিল। ফিয়নাই ‘ডেৰী গাৰ্লছ’ বা ‘ফাদাৰ টেড’ৰ কাহিনী নক’লেহি। মাৰ্কে জীয়েক মিনলাৰ কুকুৰা পোৱালীকেইটাই কি কৰিছে-কি নকৰিছে তাৰ বৃত্তান্ত নিদিলেহি। লিছায়ো বায়াৰত ডেনিয়েলে কৰা নতুন বীয়েৰৰ সোৱাদ লোৱাৰ কথা নুলিয়ালে। যেন হঠাতে এজাক ধুমুহাই সকলো হাঁহি-উৎসাহ উৰুৱাই লৈ গ’ল। এতিয়া যেন কেৱল অপেক্ষা এটা ঘোষণাৰ। এই আপোন বুলি ভৱা, নিজৰ পৰিয়ালৰ দৰে বুলি ভৱা দলটোৰ পৰা কেতিয়া কোন এঘৰীয়া হৈ পৰিব তাৰ ঘোষণাৰ।

এনে এটা দিনতে তুলিকা অফিচৰ পৰা গৈ সন্ধিয়া এপাৰ্টমেণ্টৰ কুইন চাইজৰ বিছনাখনত পৰিলেহি। কোঠাটোৰ লাইটটোও অন নকৰিলে তাই। মাথোঁ খিৰিকীৰ জালিৰ মাজেৰে সোমাই আহিল অকণমান সুৰুজৰ ৰাঙলী আভা। গ্ৰীষ্মৰ বতৰ। গতিকে সুৰ্য ডুব যাবলৈ তেতিয়াও কিছু সময় বাকী। তুলিকাৰ একোকে কৰিবৰ মন নগ’ল। ভাৱ হ’ল, এই যেন জীৱনটো সজাই ল’বলৈ আৰম্ভ কৰিছিলহে। আকৌ সকলো হেৰুৱাই পেলোৱাৰ ভয়ে তাইক আৱৰি ধৰিছে। ভাল লগা সময়বোৰ যেন আৰম্ভ হৈয়ে বতাহত মিলি যোৱাৰ উপক্ৰম হৈছে! প্ৰত্যাহ্বানে যেন লগেই নেৰিব তাইৰ। কিয়? কিয়? সঁচাই সুখৰ সময়বোৰ ইমানেই ক্ষন্তেকীয়া নে?

এনেতে ফোনটো বাজি উঠিল। হীৰু! তাই অলপ আচৰিত হ’ল। আজি বহুদিন হ’ল ভায়েকৰ লগত কথা পতা নাই তাই। বিদ্যুতৰ পৰা আঁতৰি অহাৰ পিছৰে পৰা ধীৰুৰ ফোন নহা হৈছে। তুলিকাই সেয়া মন কৰিছে। কিন্তু তাই নিজেই চোন পৰিয়াল আৰু বন্ধু-বান্ধৱ সকলোৰে পৰা পলাই ফুৰিছে অতদিনে। সেয়ে তায়ো ফোন কৰা নাই। উপযাচি তাক সোধা নাই কিয়!

‘ভাইটি ক’চোন।’

‘ব্যস্ত নেকি?’ তাইতকৈও শুকান চোন ভায়েকৰ মাত!

‘নহয় ক’চোন। তোৰ মাতটো এনেকুৱা কিয়?’

‘ঘৰৰ চিন্তাই খুলি খুলি খাইছে অ’ মোক!’ তাৰ মাতটো কান্দোনৰ দৰে ওলাল।

‘কি হৈছে ভালকৈ ক’চোন! মা-দেউতা ঠিকে আছেনে?’

‘তোলৈ মাই ফোন কৰিছে নেকি? মা আৰু দেউতা বেলেগে থাকিবলৈ লৈছে জান!’

‘মানে?’ তুলিকাৰ বুকুখন চিৰিংকৈ যায়।

‘আজি এসপ্তাহ হ’ল। এৰাতি দেউতাই মদ খাই টং হৈ ঘুৰি আহোঁতে মাই দুৱাৰ খুলি নিদিলে। এপৰ বাট চাই, গালি-গৰ্জন, কাকূতি-মিনতি কৰিও কাম নিদিলে। দেউতা পিছচোতালৰ চালিখনৰ তলতে মহৰ কামোৰ খাই পৰি থাকিল। পিছদিনা পুৱাতে জেওৰা খৰি এডাল লৈ মাৰ ফালে চোঁচা দিছিল হেনো, তেতিয়াই মা ঘৰৰ পৰা যি ওলাল নোসোমালেই। ৰাতিয়েই বেগ সাজু কৰি ৰাখিছিল। ৰাতিপুৱাই অ’ট’ এখন লৈ গুচি গ’ল। গৈছেও একেবাৰে গৈ টাউনত হোটেলত উঠিছেগৈ। ইফালে দেউতাই খং শাম কটাৰ পিছত ককা-আইতা, মামা-মাহী সবৰে ঘৰত বিচাৰি হুলস্থুল।’

তুলিকাৰ মুখৰ মাত হেৰাই গ’ল। মনত ভাঁহি উঠিল মাকৰ শান্ত মুখখন, মিহি মাত-কথাবোৰ। ক’ৰ পৰা সেই মাকজনীৰ মাজত এই আগ্নেয়গিৰি সাৰ পালে! হীৰুয়ে মাকৰ ওপৰতে ক্ষোভ উজাৰিলে। কিয় মিছামিছি ইমান অশান্তি জুৰি ল’ব লাগে! সেইৰাতি অন্যদিনাৰ দৰেই চুপচাপ দেউতাকক দুৱাৰ খুলি দিয়া হ’লেইচোন সকলো ঠিকে থাকিলেহেঁতেন! অতদিনেতো তেনেকৈয়ে দিনবোৰ গৈ আছিল। ঘপকৈনো কি লম্ভিলে যে সেই ঘৰখনত মা থাকিব নোৱাৰা হ’ল। তুলিকা আচৰিত হ’ল। হীৰুয়ে কেনেকৈ ক’ব পাৰিছে এইবোৰ কথা! কেনেকৈ ভাৱিব পাৰিছে মাকে নিমাতে থাকিলেই সকলো ঠিকে থাকিলেহেঁতেনে। একোৱেইতো ঠিকে নাছিল ইমানদিনে। সি কি সকলো পাহৰি গ’ল! তাইৰ লগতে সিও চোন আশৈশৱ দেখি আহিছে মাকৰ দুখ আৰু যন্ত্ৰণা। সি কৈয়ে থাকিল,

‘তই মাৰ লগত কথা পাতি পাৰিলে বুজাচোন। ঘৰৰ মানুহ ঘৰলৈ ঘুৰি আহিবলৈ। সমাজৰ আগত আমাৰ নাক-কাণ কটা যাব।’

‘আৰু মাৰ দুখ-কষ্ট খিনি? সেইখিনিৰ কি? আমাৰ কাৰণে, সমাজক দেখুৱাই সকলো নিমাতে-নীৰৱে সহি থাকিলেই ঠিক হৈ যাব নেকি হীৰু! সেইকাৰণেই বিদ্যুতক এৰি অহাৰ পৰা তই মোৰ লগত কথা পতা নাই, নহয় হীৰু?’ তুলিকাৰ চিঞৰি চিঞৰি ক’বৰ মন গ’ল। কিন্তু তাই একোকে নক’লে। সেইখিনি কথা ক’ব পৰাকৈয়ো যেন ভায়েকৰ লগত তাইৰ যোগসূত্ৰ হেৰাই গৈছে, তেনে লাগিল তাই। ওঁ-আঁ কৈ ফোন থোৱাৰ পিছত এটা দীঘল উশাহ টানি লৈ তাই মাকলৈ ফোন কৰিলে,

‘মা!’

‘তুলিকা!’ মাকৰ সেই এটা শব্দতে যেন সমস্ত পৃথিৱীৰ দুখ-যন্ত্ৰণা-ক্ষোভ লুকাই আছিল। তুলিকাই কান্দি পেলালে। মাকেও।

‘ঠিকে আছা মা?’

‘আছোঁ। আগতকৈ বহুত ভালে আছোঁ। প্ৰতিটো মুহূৰ্ত অন্তত: ভয়ে ভয়ে কটাব লগা হোৱা নাই। কেতিয়া পিঠিত বেল্টৰ কোব পৰিব সেয়া ভাৱি ভাৱি জিকাৰ খাই উঠা নাই! সেইবোৰ ভয়-শংকা নোলোৱাকৈ জীৱনটো কেনেকুৱা হ’ব পাৰে পাহৰিয়ে গৈছিলোঁ অঁ তুলিকা!’

তুলিকাৰ কান্দোনটো ডাঙৰ হৈ পৰে- যেন তাই অতবছৰৰ প্ৰতিটো দিন- প্ৰতিটো ৰাতিৰ সেই অন্ধকাৰ সময়বোৰৰ বাবে কান্দিছে। মাকে নীৰৱে-নিমাতে গাত পাতি লোৱা প্ৰতিটো আঘাতৰ কাৰণে কান্দিছে।

‘অতদিনে কিয় সহি থাকিলা মা? কেতিয়াবাই গুচি যাব লাগিছিল- কেতিয়াবাই!’

‘যাব খুজিছিলোঁ আইজনী। বহুত আগতেই। বিয়াৰ পিছত গাত প্ৰথম কোবটো পৰা দিনাই। মাই কৈ পঠালে, ‘কোনোমতে দেউতাৰৰ পেন্সনৰ টকাৰে তোক বিয়া দিছোঁ। এতিয়া নিজৰ মানুহটোক পোনাই-পঁজৰাই লোৱাৰ দায়িত্ব তোৰ। সমাজৰ আগত আমাৰ নাক-কাণ নাকাটিবি।’ সেই তেতিয়াই যে শিকলিয়ে বান্ধিলে, যোৱা ত্ৰিছ বছৰে সেইডাল খোলাৰ সাহসেই গোট নাখালে। প্ৰথমে মা-দেউতা, তাৰপিছত তোৰ আৰু হীৰুৰ কথা, সমাজখনৰ কথা ভাৱিয়ে তেনেকৈয়ে জীৱনটো কটাই দিম বুলি ভাৱিছিলোঁ। কিন্তু সেইৰাতি সেই ভয়, ভয় নহয় খং হৈ পৰিল। হয়তো অতদিনে ভয় আৰু আতংকই পিষ্ট কৰি কৰি ধৈৰ্য্যৰ বান্ধ খুলি পেলালে। এনে লাগিল যেন আৰু এটা দিনো এনেকৈ কটাব নোৱাৰোঁ। মোৰ জীৱনটো এনেকৈয়ে শেষ হৈ যাবলৈ দিব নোৱাৰোঁ। মোৰ কাষত অন্য কোনোবা থাকক বা নাথাকক, মই নিজেই নিজৰ কাষত থিয় দিব লাগিব। সেইকাৰণেই পৰিয়ালৰ কাৰো ওচৰলৈ নগৈ হোটেলত উঠিছোঁ জান। কোনেও মোৰ দায়িত্ব ল’ব নালাগে। কাকো আমনি নকৰোঁ। মই মাত্ৰ নিজৰ জীৱনটো শান্তিৰে কটাব বিচাৰোঁ।’

তুলিকা আচৰিত হৈ পৰে। যেন নিজৰ মাকজনীকে অতদিনে তাই বুজিব পৰা নাছিল, এনে লাগিল তাইৰ। তাই সুধিলে,

‘তেনে এতিয়া কি কৰিবা মা?’

‘নাজানোঁ। কিন্তু এটা কথা জানো- সেইখন ঘৰলৈ আৰু কেতিয়াও ঘুৰি নাযাওঁ।’ কৈ মাক ক্ষন্তেক ৰ’ল। তাৰপিছত আশ্বাসৰ সুৰেৰে ক’লে, ‘তই মোৰ কাৰণে চিন্তা নকৰিবি দেই। মোৰ স্কুলৰ চাকৰিটোৰে চলি যাব। ভাড়াঘৰ বিচাৰি আছোঁ। গোটেইবোৰ মিলাই ল’ম। তই অকণোৱে চিন্তা নকৰিবি।’

বেছ কিছুপৰ তুলিকা বিছনাতে পৰি ৰ’ল। দৌৰি গৈ তাইৰ মাকৰ কাষ পাবৰ মন গ’ল। তাই জানে, মাকৰ এই বাট সহজ নহয়। তাই এনে এখন সমাজত ডাঙৰ হৈছে, য’ত প্ৰতিগৰাকী নাৰীয়ে ঘৰৰ বাহিৰলৈ ওলোৱাৰ পৰত হাজাৰবাৰ নিজকে পৰীক্ষা কৰে সকলো ঠিকে আছেনে৷ বাটত খোজ দিওঁতে, সামাজিক পৰিৱেশত এষাৰ কথা কওঁতে, কিবা এটা কাম কৰোঁতে হাজাৰজোৰ চকুৱে বিচাৰ কৰি থাকে৷ প্ৰতিগৰাকী নাৰী সেয়ে সন্ত্ৰষ্ট হৈ থাকে দৃষ্টিকটু কিবা কোৱা বা কৰাৰ ভয়ত৷ সেই সমাজত য’ত কিবা বিপদত পৰিলে, অসুবিধা হ’লে প্ৰথমেই নাৰী গৰাকীক দোষ দিয়া হয়৷ সেই সমাজে এই অৱস্থাত মাকৰ প্ৰতিটো খোজতে হাজাৰটা হুল পুতি নিদিবনে? দোষ-অপবাদেৰে গধুৰ কৰি নেপেলাবনে মাকৰ চৌদিশৰ বতাহ?

তুলিকাৰ তীব্ৰ ইচ্ছা হ’ল ঘৰলৈ ঘুৰি যাবলৈ। সেই সকলোৰে পৰা মাকক আৱৰি পেলাবলৈ। এয়া কিজানি এক চিনেই। এই বিদেশত তাইৰ সংসাৰখন ভাঙিল। নতুনকৈ সজাই ল’ব খোজা এই জীৱনটোত এতিয়া ইমান অনিশ্চয়তা! হয়তো এই সকলোবোৰেই এটা চিন হৈ দেখা দিছে। তাই কিজানি অসমলৈ উভতি যোৱাৰে সময় আহি পৰিছে! চিৰদিনৰ বাবে!

আকৌ ফোনৰ ৰিং ট’ন বাজিল। লিছা! এই সময়ত?

‘হেল্ল’!’

‘হাই তুলিকা। আজি সন্ধিয়া ব্যস্ত নেকি তুমি?’

‘নাই, কিয়?’

‘ওলাবা তেনে৷ মই যে কৈ থাকোঁ আইতাৰ কথা৷ আজি আইতাৰ ঘৰত এটা অনুষ্টুপীয়া গেট টুগেদাৰ এটা৷ আমাৰ পৰিয়ালৰ মানুহবোৰ লগা পাবা তুমি৷’

‘লিছা, মতাৰ কাৰণে থেংক ইউ! কিন্তু মই যাব নোৱাৰিম বুজিছা। গা-মন বৰ ভাল লাগি থকা নাই বুজিছা।’

‘জানো তুলিকা। সেইকাৰণেই ভাৱিলোঁ তোমাক কওঁ। এনেকৈ মন বেয়া কৰি থকাৰ সলনি অলপ ওলাই গ’লে, মানুহ-দুনুহ লগ পালে ভাল লাগিব। তোমাৰো, আমাৰো!’ তুলিকাই বুজিলে লিছাই নেচাৰৰ পুনৰ্সংগঠনৰ কথা কৈছে। এনেকুৱাই লিছাজনী। যেনেকৈ হ’লেও তুলিকাৰ ভাল-বেয়াৰ খৱৰ ৰাখে। মৰম-যত্নৰে আৱৰি ৰাখিব খোজে। তাইৰ কথা পেলাব নোৱাৰিয়ে অৱশেষত তুলিকাই ক’লে,

‘ঠিক আছে, যাম তেন্তে৷’

এঘণ্টাৰ পিছতে তুলিকাৰ এপাৰ্টমেণ্টৰ সন্মুখত ৰ’লহি লিছা আৰু ডেনিয়েলৰ গাড়ী। গাড়ীত বহিয়ে তাই দেখে পিছফালৰ ছিটত এটা ডাঙৰ ষ্টিলৰ গেলন৷ তাই বুজিলে সেয়া বীয়েৰ ৰখা কেগ।

‘ইমান বীয়েৰ!’ তুলিকাই বিচূৰ্তি খালে।

‘হা হা, বটলত ভৰাই ভৰাই অনাতকৈ গোটেইটোৱে লৈ আনিলোঁ৷ মানুহ বহুত হ’ব যে৷’ ডেনিয়েলে কৈফিয়ৎ দিয়াৰ সুৰত ক’লে।



এনিছকিলেন টাউন পাৰ হৈয়ে শাৰী শাৰী পথাৰবোৰ আৰম্ভ হয়। সেইখিনিৰে এটা ঘৰৰ সন্মুখত গাড়ীখন ৰ’লগৈ। ঘৰৰ চাৰিওকাষে ওখ-চাপৰ গছৰ লানি। তাৰ সিপাৰে দূৰ-দিগন্ত জুৰি কেৱল পথাৰ আৰু পথাৰ। ঘৰৰ সন্মুখৰ লোহাৰ গেইটত তোৰণৰ দৰে ফুলৰ সাজ-সজ্জা। তাতে টিউলিপ ফুলেৰে লিখি থোৱা আছে ‘হেপ্পী বাৰ্থডে গ্ৰেণী’ -শুভ জন্মদিন আইতা! কাষতে উৰি আছে দুটি সংখ্যাৰ বেলুন- ৯৫!

দেখিয়ে তুলিকাই উচপিচ লগালে, ‘লিছা, মোক আগেয়ে কিয় নক’লা জন্মদিন বুলি? মই শুদা হাতে নাহিলোহেঁতেন নহয়!’

লিছা আৰু ডেনিয়েলে হাঁহিলে। তাই দুষ্টামিৰ হাঁহি মাৰি ক’লে, ‘চাৰপ্ৰাইজ! আগতীয়াকৈ ক’লে তোমাৰ সেইবোৰ চিন্তা বাঢ়িব বুলিয়ে নক’লোঁ বুজিছা। এনেয়ে এইকেইদিন আমাৰ অফিচত কম টেনছন হৈছেনে!’

উপায়ন্তৰ হৈ তুলিকাই মানি ল’লে। লিছা আৰু ডেনিয়েলৰ লগত কিছু সংকোচেৰে সোমাই গ’ল। এটা আহল-বহল আইৰিছ আৰ্হিৰ শিলৰ ঘৰ। সোমায়ে তুলিকাৰ মুধচলৈ চকু গ’ল। এই প্ৰথম তাই দেখা পালে ঘাঁহ-খেৰেৰে বোৱা আইৰিছ পৰম্পৰাগত মুধচ। তাইৰ দৃষ্টি অনুসৰণ কৰি লিছাই ক’লে,

‘আইতাৰ এই ঘৰ দেৰশ বছৰমান পুৰণি। আইতাৰ দেউতাকেই বনোৱা। এনে ঘৰ এতিয়া দেখা পোৱাই টান। সেয়ে আইৰিছ পৰম্পৰাগত ঘৰ চাবলৈ আইতাৰ ঘৰলৈ ইয়ালৈ মাজে মাজে পৰ্য্যটকো আহে জানা।’

‘সঁচা! কোন কোন থাকে এই ঘৰত?’ বিস্ময়ত তুলিকাৰ চকুহাল ডাঙৰ হৈ যায়!

‘ইয়াত কেৱল আইতা থাকে। অকলশৰে। আইতাই এই ঘৰ এৰিব নোখোজে। তেওঁৰ মতে, জীৱনৰ অতবোৰ বছৰ ইয়াতে পাৰ কৰিলোঁ৷ এতিয়ানো শেষৰ দিনবোৰ কিয় বেলেগ ক’ৰবাত থাকিমগৈ৷ অৱশ্যে নামতহে অকলশৰে থাকে। আমাৰ পৰিয়াল বহুত ডাঙৰ। পৰিয়ালৰ কোনোবা নহয় কোনোবা প্ৰতিদিনে ওলায়হি। আমি পাল পাতি আহোঁ। আইতাক সংগ দিবলৈ কোনোবা দিনৰ আহাৰৰ সময়ত আহে, কোনোবা ৰাতি থকাকৈ। ব’লা, চিনাকি কৰাই দিওঁ তোমাক।’

এইবাৰ হাতত ধৰি লিছাই তুলিকাক বহাকোঠালৈ লৈ গ’ল। এজুম মানুহৰ মাজত কণমানি এজনী কোচঁত লৈ আইতাক বহি আছিল। শুভ্ৰ চুলি আৰু সময়ে আঁচোৰা শোটোৰা-শোটোৰ গালৰ এগৰাকী বৃদ্ধা। পঁচানব্বৈ বছৰীয়া যদিও তেওঁৰ কোটৰত সোমোৱা দুচকুৰ উজ্বলতা মাৰ যোৱা নাই, ম্লান পৰা নাই হাঁহিটোও। লিছাই চিনাকি কৰাই দিয়াৰ লগে লগে তেওঁ তুলিকালৈ চাই সোঁহাতখন আগবঢ়াই দিলে। তাই হাউলি লৈ স্পৰ্শ কৰিলে সেই শীৰ্ণ হাত।

‘হুৱাট্‌ছ দ্য ক্ৰেইক- কি খৱৰ তুলিকা!’ তেওঁ বৰ কষ্টেৰেহে যেন তুলিকাৰ নামটো উচ্চাৰণ কৰিলে। কিন্তু হাতেৰে টানি ধৰি তেওঁ তুলিকাক কাষতে বহুৱাই ল’লে।

‘ভাল, আইতা।’ তুলিকাৰ নিজৰ আজো-আইতাকলৈ মনত পৰি গ’ল। সোঁৱৰণিৰ জাল ফালি মুহূৰ্ততে যেন উদ্ভাসিত হৈ গ’ল তৰাভৰা আকাশৰ তলত বহি আজোআইতাকৰ সাধু শুনা সন্ধিয়াবোৰ, আইতাকৰ দৰে ওঁঠ ৰঙা কৰিবলৈকে খুন্দা তামোলৰ এচপৰা বিচাৰি তুলিকাই ৰাউচি জোৰা দিনবোৰ।

লিছাৰ আইতাকে ভাৰতৰ কথা সোধে। বহুত দূৰৈত নহয় জানো সেই দেশ? তাৰ পৰা তুলিকা কেনেকৈ এই ঠাই পালেহি? ফাৰমানাৰ মানুহ প্ৰায়ে লৰচৰ নকৰে। তেনেকৈ দেশ-বিদেশলৈ ওলাই যোৱাটো দূৰৈৰ কথা। মোৰেই পাঁচোটা ল’ৰা আৰু দুজনী ছোৱালী। গোটেইবোৰ ফাৰমানাত থাকে৷ সেইকাৰণেই ওচৰতে পাই থাকোঁ। সিহঁতৰ ল’ৰা-ছোৱালীবোৰহে আয়াৰলেণ্ডৰ ইফালে-সিফালে গৈছে। এজনী মাত্ৰ নাতিনী আমেৰিকালৈ গৈছেগৈ- পঢ়িবলৈ। তুলিকাই জানেনে, ফাৰমানাত মানুহবোৰৰ এনেদৰে শিপা গজে যে সৰু সৰু ঠাইবোৰত কথা কোৱাৰ একোটা নিজা ঠাঁচ গঢ় লৈ উঠিল। ইখন ঠাইৰ মানুহে সিখন ঠাইৰ ঠাঁচক লৈ হাঁহে। তুলিকাই শুনিছে সেয়া। এই ছমাহতে ফাৰমানাৰ ভিন্ন ঠাইৰ মানুহৰ সৈতে কথা পাতি তাই দেখিছে, আইৰিছ ঢঙৰ ইংৰাজী কিন্তু ঠাঁচ সকলোৰে বেলেগ।

‘ট্ৰিলিকৰ মানুহে কথা কোৱা শুনিছানে? কথাই কৈছে নে গান গাইছে ধৰিবই নোৱাৰি।’ জুমটোৰ এজনে কৈ উঠে।

‘আহ, তাতোকৈ সাংঘাতিক লিছবেল’ৰ ঠাঁচ- ৰেলৰ উকিৰ দৰে উকি মাৰি মাৰি কয়।’ মহিলা এগৰাকীয়ে যোগ দিয়ে। দুই এজনে সেই ঠাঁচেৰে কথা ক’বলৈকে আৰম্ভ কৰি দিয়ে। হাঁহিৰ জোৱাৰৰ মাজেৰেই ইজন-সিজনকৈ আহি তুলিকাৰ লগত চিনাকি হ’লহি। তাৰ মাজতে এবাৰ লিছা আহি তাইক মাতি নিলেহি। পাকঘৰৰ দহজনীয়া ডাইনিং টেবুলখনত বিধে বিধে খাদ্য। আইতাকৰ জন্মদিনলৈ প্ৰত্যেকেই ভাগে ভাগে ৰান্ধি আনিছে হেনো৷ তাৰ ভিতৰত মূৰ্গীৰ জোল দেখি তুলিকা অলপ আচৰিতেই হ’ল। তাইৰ প্লেটত অলপ ঢালি দি লিছাই ক’লে,

‘চিকেন টিক্কা মছলা- মোৰ মাই ৰান্ধি আনিছে। তুমি আহিবা বুলিয়ে। খোৱা।’

ইমান মানুহ- ইমান ডাঙৰ পৰিয়াল! প্ৰতিটো কোঠাতে জুম বান্ধি বান্ধি মানুহবোৰে আড্ডা দিছে। কথাই কথাই হাঁহিৰ জোৱাৰ উঠিছে। কোনোৱে গীতৰ সুৰে সুৰে নাচিছে। কোনোৱে পাকঘৰৰ পৰা প্লেটত খাদ্য আনিছেগৈ। কণমানিবোৰে ইটো কোঠাৰ পৰা সিটো কোঠালৈ লৰা-ঢপৰা কৰি ফুৰিছে। ইতিমধ্যে ডেনিয়েলে এচুকত পাতি দিয়া বীয়েৰ কেগৰ পৰা বীয়েৰো বাকিছে। লিছাই যাৰ লগতে চিনাকি কৰাইছে, তেঁৱেই হাত আগবঢ়াই কৈ উঠিছে, ‘হুৱাটছ দ্য ক্ৰেইক?’ চা-চিনাকি হৈয়ে কেইবাজনেও কৈছে, ‘আমাৰ ঘৰলৈ আহিবাচোন এপাক- ডিনাৰ কৰাকৈ আহিবা। লিছাৰ আপোন বন্ধু যেতিয়া তুমি আমাৰো আপোন!’

সন্ধিয়াটো কেনেকৈ পাৰ হ’ল গমকে যেন নাপালে তুলিকাই। নিশা আইতাকক শুৱাৰ ব্যৱস্থা কৰি দি লিছা আৰু ডেনিয়েল উভতিবলৈ ওলাল। এপাৰ্টমেণ্টৰ সন্মুখত গৈ গাড়ীখন ৰোৱাৰ সময়ত তুলিকাই কৈ পেলালে,

‘থেংক্‌ছ লিছা। থেংক্‌ছ ডেনিয়েল। মোক যেন এইখিনি সময়ৰে বৰ দৰকাৰ আছিল। মই কিজানি নিজেই বুজা নাছিলোঁ- তোমালোকে বুজিলা। বহুত ধন্যবাদ!’

‘আহ- ইউ আৰ ৱেলকাম তুলিকা!’ লিছাই গাড়ীৰ পৰা ওলাই আহি তুলিকাক সাৱটি ধৰিলেহি।

‘বেয়া দিন থাকিবই, তুলিকা! ভাল-বেয়াৰ মাজেৰেইতো জীৱন! বেয়া সময়ৰ ভয়ত আমি ভাল লগা সময়বোৰতো পাহৰি গ’লে, হেৰাবলৈ এৰি দিলে নহ’ব, নহয় জানো?’

লিছাই নেচাৰৰ প্ৰসংগতে কথাখিনি ক’লে যদিও তুলিকা মনত সিয়েই আলোড়ন তুলিলে। সেইনিশা বিছনাত পৰি পৰি তাই ভাৱিলে, আজীৱন তাই আনে বিচৰাৰ দৰেই জীৱনটো কটাই আহিছে। তাইৰ পৰা ঘৰ আৰু সমাজে যেনেকৈ যি আশা কৰিছে তাকে দি গৈছে- কৰি গৈছে। এতিয়া প্ৰথমবাৰৰ বাবে সেই সকলোবোৰ একাষে থৈ নিজকে বিচাৰি চাইছে। নিজৰ আশা আৰু সপোনবোৰ লৈ এটা জীৱন গঢ়াৰ চেষ্টা কৰিছে। নিয়তিৰ এটা খুন্দাতে সেই সকলোবোৰ এৰি পেলাবনে? হেৰুওৱাৰ ভয়টোতে হাৰ মানি সকলো হেৰাই যাবলৈ দিবনে? তাই তেনে কৰাটো মাকেই জানো মানি ল’ব?

পুৱতি নিশা চিলমিলকৈ টোপনিয়ে হেঁচা মাৰি ধৰাৰ পৰত তুলিকাই ঠিক কৰিলে, অসমলৈ উভতি নাযায় তাই। শেষলৈকে যুঁজিব। তাই ফাৰমানাত এই জীৱন গঢ়াৰ চেষ্টা একেদৰেই কৰি থাকিব। এয়াই তাইৰ বৰ্তমান। ইয়াৰ ভৱিষ্যতো তাই আদৰি ল’ব।


পূৰ্বৰ খণ্ডসমূহ:

  • ফাৰমানা (প্ৰথম খণ্ড)
  • ফাৰমানা (দ্বিতীয় খণ্ড)
  • ফাৰমানা (তৃতীয় খণ্ড)
  • ফাৰমানা (চতুৰ্থ খণ্ড)
  • ফাৰমানা (পঞ্চম খণ্ড)
  • ফাৰমানা (ষষ্ঠ খণ্ড)
  • ফাৰমানা (সপ্তম খণ্ড)
  • ফাৰমানা (অষ্টম খণ্ড)
  • ফাৰমানা (নৱম খণ্ড)
  • ফাৰমানা (দশম খণ্ড)
  • ফাৰমানা (একাদশ খণ্ড)
  • ফাৰমানা (দ্বাদশ খণ্ড)
  • ফাৰমানা (ত্ৰয়োদশ খণ্ড)
  • ফাৰমানা (চতুৰ্দশ খণ্ড)
  • ফাৰমানা (পঞ্চদশ খণ্ড)
  • ফাৰমানা (ষষ্ঠদশ খণ্ড)
  • ফাৰমানা (সপ্তদশ খণ্ড)
  • No comments:

    Post a Comment