Saturday 2 March 2024

ফাৰমানা (বিংশ খণ্ড)

‘আজিৰ প্লেন কি তুলিকা?’ মিনি কুপাৰৰ সন্মুখৰ আসনখনত বহিয়ে চাইমনে সুধিলে। চাইমন মানুহজন অলপ হটঙা। চুটি ঠৰঙা চুলি আৰু গাতত সোমোৱা দুচকুৰে আদবয়সীয়া এজন ব্যক্তি। মিনিৰ আসনখন অগা-পিছা কৰি আৰামকৈ বহিবলৈ তেওঁৰ কিছু সময় লাগিল। অফিচৰ ডাঙৰ ভান খন অনা হ’লেই ভাল আছিল নেকি, তুলিকাই ভাৱিলে। এতিয়া আৰু তাৰবাবে সময় নাই। অগ্যতা গাড়ীখন লাহেকৈ ৱাটাৰৱেইজ আয়াৰলেণ্ডৰ গেইটৰ বাহিৰ কৰি তাই সুধিলে,

‘তুমি বেয়া নোপোৱা যদি পথাৰ এখন চাই তাৰ খেতিয়কজনকো লগ কৰিম বুলি ভাৱিছোঁ, হ’বনে?’

‘হ’ব। আজি গোটেই দিনটো লৈ আহিছোঁ। তোমাৰ কাম চাম বুলিয়ে।’ চাইমনে পিছৰ বাক্যটোত অলপ জোৰ দি কোৱা যেন লগাত তাই ভিতৰি কিছু অস্বস্তিবোধ কৰিলে। কিন্তু বাহিৰত একো নেদেখুৱাই শান্তভাৱেৰেই মিনি কুপাৰখন উলিয়াই নিলে ফাৰমানাৰ ৰাজপথলৈ। লাষ্টি অভিমুখে।

‘নেচাৰত মোৰ দহবছৰ হ’বৰ হ’ল বুজিছা। কিন্তু আজিহে প্ৰথমবাৰ ফাৰমানালৈ আহিলোঁ।’ চাইমনৰ কথাৰ ঠাঁচত ইংলেণ্ডৰ দক্ষিণফালৰ সুৰ। একেখন দেশতে ইংৰাজী কোৱাৰ ঠাঁচ যে ইমান বেলেগ বেলেগ হ’ব পাৰে তুলিকাই আগতে ভৱাই নাছিল।

‘অঁ হয় নেকি? লণ্ডনৰ পৰা ইয়ালৈ বহুত দূৰেই হয়গৈ নহয়!’ তাই ক’লে। কৈ লৈ তাই ভাৱিলে, সঁচাই কিয় ওলাইছেহি চাইমন ইমান দূৰৈৰ পৰা? দহবছৰে নেচাৰৰ হেডঅফিচত কাম কৰি থকাৰ পৰা হঠাতে আহৰি উলিয়াই কিয় এই অজান্তি মুলুক পাইছেহি! কেৱল সিহঁতৰ কাম চাবলৈকে আহিছে বুলি বিশ্বাস কৰিবলৈ তাইৰ টান লাগিল।

‘দুদিনমান থাকিবা নহয়?’ পোনপটীয়াকৈ সুধিব নোৱাৰে বাবেই তাই এইবাৰ পাকে প্ৰকাৰে সেই কৌতুহল নিবাৰণৰ চেষ্টা কৰিলে।

‘অঁ অঁ, সম্পূৰ্ণ এটা সপ্তাহৰ ট্ৰিপ। লিছাৰ লগত কাইলৈ নেচাৰৰ ৰিজাৰ্ভ মানে দ্বীপ দুটামান চামগৈ। টম আৰু ডেৰেনৰ লগতো কেইবাঠাইলৈ যোৱাৰ কথা।’

তাইৰ এইবাৰ সন্দেহ হ’ল যেন চাইমনৰ এই ফাৰমানা ট্যুৰ হয়তো নেচাৰৰ পুনৰ্সংগঠনৰেই এটা অংশ। যেন সিহঁতৰ অজানিতেই কিবা এটা পৰিকল্পনা আৰম্ভ হৈছে। তাকে কাৰ্যকৰী কৰাৰ বাবে তলে তলে প্ৰস্তুতি চলিছে। মাথোঁ সময় হোৱা নাই সিহঁতক জনোৱাৰ!

গাড়ীখন মূল বাটৰ পৰা সোঁফালে কেকুঁৰি এটাত ঘুৰিল। সেইখিনিতে থকা গাৰ্ডেন চেণ্টাৰ মানে নাৰ্চাৰীখনৰ পৰা ক’ন’ৰে অন্যদিনাৰ দৰেই তাইলৈ চাই হাত জোকাৰিলে। তায়ো ষ্টিয়েৰিঙৰ পৰা হাত নুঠুৱাকৈয়ে সোঁহাতখন থিয় কৰি সঁহাৰি দিলে। গ্ৰামীন আয়াৰলেণ্ডত প্ৰায়বোৰ গাড়ীচালকেই ইজনে সিজনক তেনেকৈ সম্ভাষণ জনোৱাৰ নিয়ম।

‘ইয়াৰে খেতিয়ক নেকি?’ চাইমনে সেয়া লক্ষ্য কৰি সুধিলে।

‘হয়, ক’ন’ৰে এইবছৰ আমাৰ পৰিৱেশ সাপেক্ষ কৃষিৰ আঁচনিত যোগ দিছে। তেওঁৰ খেতি পিছে ফাৰমানাৰ সিটো মূৰেহে। এইফালে গাৰ্ডেন চেণ্টাৰ খন চলাই আছে তেওঁ। এই বাটেৰেই ৰিপাব্লিকলৈ যোৱা গাড়ীৰ অহা-যোৱা চলি থাকে। গতিকে বিক্ৰী-বাৰ্তাও ভাল।’

চাইমনে মূৰ দুপিয়ালে। এইবাৰ তেওঁ জানিব খুজিলে মাছ ধৰাৰ বাবে ফাৰমানাৰ কোনবোৰ ঠাই ভাল হ’ব বাৰু? তেওঁৰ লগতে ডাঙৰ ল’ৰাটোৰো মাছ ধৰাত খুবেই আগ্ৰহ। মাছ ধৰাৰ সকলো সা-সৰঞ্জামৰ লগতে কায়াক দুখনো তেওঁ কিনি থৈছে- লণ্ডনত তেনেকৈ ব্যৱহাৰ কৰিবলৈহে সুযোগ-সুবিধা নোলায়।

চাইমনৰ সৈতে কথা-বতৰা পাতি থাকিল যদিও তুলিকাৰ মনলৈ অন্য চিন্তা কিছুমান অহা-যোৱা কৰি থাকিল। ৰ’ৰি জিৰ উৎসৱৰ পৰা ঘুৰি অহাৰে পৰা তাইৰ যেন ক’তোৱে মন নবহা হৈছে। সেই নিশাৰ ৰায়ানৰ দুচকুৰ আকুলতা আৰু আবেগ সনা কথাবোৰে বাৰে বাৰে ফাগুণৰ পছোৱাৰ দৰে জোকাই আছেহি তাইক। এক অচিনাকি পুলকে আৱৰি পেলাব খুজিছে। যেন তাই সেই আকৰ্ষণ অস্বীকাৰ কৰিব নোৱাৰা হৈ পৰিছে। কিন্তু সেই আকৰ্ষণক এটা নাম দি, বাস্তৱ জীৱনত সেই অলীক সপোনটো সাকাৰ কৰাৰ কথা কেনেকৈ ভাৱিব? পশ্চিমীয়া সমাজখনত ডাঙৰ হোৱা ৰায়ানে কেনেকৈ বুজিব তাইৰ দুভৰিৰ অদৃশ্য শিকলি ডালৰ কথা!

‘এয়াই লাষ্টি নেকি?’ চাইমনৰ কথাত তাইৰ তন্ময়তা ভাগিল। ঠিকেইতো! সিহঁত লাষ্টি পালেহিয়ে। কামৰ সময়ত আনমনা হৈ পৰাৰ বাবে নিজকে ধিক্কাৰ দি তুলিকাই ক’লে,

‘হয়, পাইছোঁহি। লাষ্টি আমাৰ আঁচনিৰ ভিতৰত থকা সকলোতকৈ বঢ়িয়া ঠাইবোৰৰ এখন। কাৰলিউ আৰু অন্য কেইবাবিধো চৰায়ে প্ৰতিবছৰে ইয়াৰ পথাৰত বাহ সাজি পোৱালি জগায়৷ সেয়ে ভাৱিলোঁ তুমিও চাই ভাল পাবা।’

কেইমিনিটমানৰ ভিতৰতে গাড়ীখন ৰ’লগৈ এখন পথাৰৰ সীমাত৷ পথাৰখনৰ সিপাৰে সুবিশাল এক জলাশয়৷ দিগন্তত গাঢ় নীলা পাহাৰ৷ তাৰ বিপৰীতে অকোঁৱা-পকোৱাকৈ যোৱা উজনি লখ আৰ্ণ। তুলিকাৰ মনত পৰিল, প্ৰথম নেচাৰত যোগ দিয়াৰ দিনাই মাৰ্কৰ সৈতে তাই ইয়ালৈ আহিছিল। মাথোঁ সাত-আঠমাহৰ আগৰ কথা সেয়া। ভাৱিলে যেন আচৰিত লাগে, ক’ৰ পৰা যে ক’ৰ পালেহি তাই! সিদিনা ধুমুহাই তচ-নচ কৰি দিয়া বালিঘৰৰ ছৱিখন বুকুত লৈ তাই ইয়াত খোজ দিছিলহি। প্ৰতিটো খোজতে বাট ভেঁটি ধৰিছিল যন্ত্ৰণা আৰু সন্দেহৰ কলীয়া ডাৱৰে। সেই যন্ত্ৰণা- সেই আঘাত এতিয়াও হয়তো একেই আছে। মাথোঁ ঘাঁবোৰৰ পৰা অহৰহ তেজ বিৰিঙি থকা নাই। কিন্তু নিজকে আৰু ফাৰমানাৰ জীৱনকলৈ কৰা সন্দেহবোৰ যেন আঁতৰি গৈছে। ফাৰমানাত তাইৰ নিজাকৈ এখন ঘৰ হৈছে। এখিনি আপোন মানুহ হৈছে। তাৰ মাজতে একেবাৰে আপোন হৈ পৰিব খোজা এগৰাকীৰ কথাই তাইৰ হৃদয় উখল-মাখল কৰি তুলিছে। সেই নতুনকৈ গঢ় লোৱা আত্মবিশ্বাসৰ জহতেইতো আজি তাই নেচাৰৰ বিষয়ববীয়াক এই পথাৰ দেখুৱাবলৈ আনিছে। প্ৰথমবাৰৰ বাবে নিজকে লৈ তাইৰ যেন গৌৰৱবোধ হ’ল।

আজি ফাৰমানাৰ আকাশত ডাৱৰৰ লুকা-ভাকু। এপলকৰ বাবে দেখা দিয়া ৰ’দজাক ডাৱৰৰ আঁৰত কেনিবা লুকাই পৰিছে। কিন্তু খৰালি বতৰ বাবে সিহঁতে যোৱাবাৰৰ দৰে ৱেলিংটন বুটজোতা বা ৱাটাৰপ্ৰুফ ট্ৰাউজাৰ পিন্ধিব লগা নহ’ল৷ পথাৰখনৰ সীমাত খোজ দি জলাশয়টোৰ পাৰে পাৰে দুয়ো আগবাঢ়িল৷ বাটে বাটে তুলিকাই দেখুৱাই গ’ল,

‘এই পথাৰৰ খেতিয়ক গেৰিয়েও সকলো যোৱা বছৰৰ পৰিকল্পনা মতেই কৰি গৈছে। সৌ ৰাছ ঘাঁহবোৰ আমাৰে ট্ৰেক্টৰ লৈ টমে কাটি থৈ গৈছে।’

‘এইবছৰ কি কৰাৰ কথা?’ চাইমনে সেইফালেই চকু ৰাখি সুধিলে।

‘যোৱা বছৰ পথাৰখনত গৰু আৰু ভেড়াৰ কাৰণে বেঁৰা দিয়া হৈছে। লগতে গেৰিৰ গৰুৱে পানী খোৱাৰ ব্যৱস্থা কৰি দিছে -যাতে গৰুবোৰে গৈ জলাশয়ৰ পাৰটো নষ্ট নকৰেগৈ। এইবছৰ সেইখিনিকে মেৰামতি কৰিবলৈ গেৰিয়ে সহায় বিচাৰিছে।’

তুলিকাৰ পিছে পিছে গৈ থকা চাইম’ন থমকি ৰ’ল। তেওঁক দেখি তায়ো ৰৈ দিলে। গেৰিৰ বিশাল পথাৰখনৰ উত্তৰে অকলশৰীয়াকৈ থিয় দি থকা গছজোপালৈ আঙুলীয়াই তেওঁ সুধিলে,

‘সৌ গছজোপা পিছে? সেইজোপা কটাব লাগে- নহ’লে তাতে চিলনী-ঈগল আদি চিকাৰী চৰাই পৰিবহি। চৰাইৰ কণী আৰু পোৱালী চিকাৰ কৰিবলৈ সুযোগ পাব।’

তুলিকা ক্ষন্তেক ৰ’ল। তাই সেইখিনি জানে -গেৰিয়েও জানে। পিছে চাইমনে বুজিবনে? সেয়ে টং কৰি চালে, গছজোপা নকটাৰ কাৰণটো কেনেকৈ কোৱা যায়!

‘চাইমন, আচলতে সেইজোপা গেৰিৰ আজোককাকে ৰোৱা উইল’ গছ। আমি যোৱাবছৰেই এই কথাটো পাতিছিলোঁ, কিন্তু আজোককাকৰ জীয়া স্মৃতি এই উইল’জোপা কাটি পেলোৱাৰ কথা গেৰিয়ে সপোনতো ভাৱিব নোৱাৰে। তাতে গৰমৰ দিনত তেওঁৰ ভেড়াজাকেও প্ৰায়ে সেই গছৰ ছাঁত জিৰণি লয়গৈ।’

চাইমনে এইবাৰ তাইলৈ চাই গহীনাই ক’লে, ‘তুলিকা, তুমি খেতিয়কৰ পৰামৰ্শদাতা। তুমি তেওঁলোকে কি বিচাৰে-নিবিচাৰে সেইটোত নহয়, নেচাৰে তেওঁলোকৰ পৰা কি বিচাৰে তাত গুৰুত্ব দিয়াৰ দৰকাৰ। তেওঁলোকক সুধিলেতো তেনে অসংখ্যটা অনুৰোধ আহিবই! সেইবোৰ নুলিয়াবাই, বুজিছা? আমি কি বিচাৰোঁ- কিয় বিচাৰোঁ তাত জোৰ দিবা।’

আস্‌, কি কয় চাইমনে! তাইতো কেতিয়াও কথাবোৰ তেনেকৈ ভবা নাই। মাথোঁ জানে, খেতিয়কৰ সৈতে সহযোগিতাৰেহে নেচাৰৰ লক্ষ্যত আগবাঢ়িব পাৰিব। কাৰণ জলচৰ চৰাইৰ বাবে উপযোগী এই সকলো পথাৰৰ স্বত্বাধিকাৰী খেতিয়কসকল। তেওঁলোকে তাইক পথাৰবোৰৰ পৰিচালনাত সহায় কৰিবলৈ আৰু পথাৰে পথাৰে চৰাই-বন অদিৰ জৰীপ কৰিবলৈ অনুমতি দিছে- তাৰ বাবে তাই কৃতজ্ঞ। গতিকে চৰকাৰী আঁচনিৰ অধীনত তেওঁলোকক যি পাৰি সহায় কৰি দিবলৈকে তাই চেষ্টা কৰি আহিছে। তুলিকাৰ মনত বহুতো প্ৰশ্নৰ উদয় হ’ল। ভাৱিলে, এইটো কথা ভালকৈ পাতিব লাগিব- চাইমনৰ লগত নহয়, মাৰ্কৰ লগতহে। সেয়ে তাই চাইমনৰ কথাত মাথোঁ ওঁ আঁ কৈ সঁহাৰি দিয়ে সমাৰি থ’লে।



পথাৰখন ঘুৰি মেলি দুয়ো গেৰি জনষ্টনৰ ঘৰৰ ফালে পোনালে। তুলিকাই সুযোগ বুজি গেৰিলৈ মেচেজ এটা কৰি থ’লে-অলপ পাছতে তেওঁৰ ঘৰ ওলাবগৈ বুলি। গেৰিয়ে উত্তৰ দিলে,

‘কেটলটো ষ্টোভত বহাই থৈছোঁ, আহা।’

আইৰিছ পাকঘৰৰ চিৰন্তন প্ৰতীক এই হুইছেল বজোৱা কেটল। ভুট্‌ ভুট্‌ শব্দ কৰি কেটলৰ পানী গৰম হ’বলৈ আৰম্ভ কৰে আৰু পানী উতলিলেই কেটলটোৱে উকি মাৰি উঠে। বহা-কোঠাত আলহীৰ লগত কথাৰ মহলাই উঠক বা পিছচোতালৰ শাকনিবাঁৰীত আলু তুলি থাকক, গৃহস্থৰ বাবে এই উকি হ’ল এক উমাল আমন্ত্ৰণ! একাপ চাহ বা কফিৰ বাবে। কথা আৰু কামৰ মাজত অকণমান আহৰিৰ বাবে। এতিয়াও তাৰে আশাত তুলিকাৰ মনটো ভাল লাগি গ’ল।

সিহঁত গৈ পোৱাৰ লগে লগেই গেৰিয়ে আথে-বেথে বহুৱালেগৈ। সেই একেই তেজে ফুটো ফুটো কৰা মুখেৰে মদগজ চেহেৰাৰ গেৰি। চাইমনৰ সৈতে চা-চিনাকি হৈ যোৱাৰ পিছত গেৰিয়ে অন্যদিনাৰ দৰেই তুলিকালৈ চাই সুধিলে,

‘পথাৰখন কেনে দেখিলা?’

তুলিকাই কিবা কোৱাৰ আগতেই চাইমনে কৈ পেলালে, ‘সকলো ঠিক। কিন্তু গেৰি, আপুনি সেই উইল’ গছজোপা কাটিব লাগিব!’

তাই থতমত খাই গ’ল। লগে লগে গেৰিৰ মুখ ওন্দোলিল। চাইমনে যেন সেয়া মনেই নকৰিলে। তাৰপিছতো তেওঁ ইটোৰ পিছত সিটোকৈ গেৰিৰ পথাৰত কৰিবলগীয়া কামবোৰ কৈ গ’ল। গেৰিয়ে একো নক’লে। কিন্তু তুলিকাই তেওঁৰ মুখ দেখিয়ে গম পালে, তেওঁৰ দস্তুৰমত খং উঠিছে!

এটা সময়ত চাইমন আৰু তুলিকা দুয়ো যাবলৈ উঠিল। অতদিনে গেৰিৰ এই বহাকোঠাতে হোৱা প্ৰকৃতি সম্পৰ্কীয় আলোচনাবোৰৰ আৱহাৱাই যেন ভিন্ন আছিল। কেটলৰ উতলা পানী, ঘৰতে কৰা পাউৰুটী আৰু মৌজোলো ক’ৰবাতে থাকিল। তাইৰ ভাৱ হ’ল, চাইমনে কিতাপৰ ভাষা বুজে- নীতি-নিয়ম বুজে, কিন্তু মানুহৰ হৃদয়ৰ ভাষা নুবুজে! উভতনিৰ বাটতো তাই কথা-বতৰাত বিশেষ ভাগ ল’ব নোৱাৰিলে। মাথোঁ ভাৱি থাকিল, সম্পৰ্কবোৰ গঢ়া কিমান টান আৰু কিমান সহজে সেই সম্পৰ্কৰ ভেঁটিত খহনীয়া আৰম্ভ হ’ব পাৰে!

অফিচ পায়ে চাইমন পোনে পোনে বৰ্ডৰুমলৈ গ’ল। আয়াৰলেণ্ডৰে অন্য এটা গোটৰ সৈতে অনলাইন মিটিং আছে হেনো। ক্লান্ত দেহ আৰু মন লৈ তুলিকা আহি নিজৰ ডেস্কত বহিলহি। অফিচ তেতিয়া নিৰ্জন। আজি গোটেইবোৰ কামৰ দায়ত ফিল্ডত কিজানি। তাই গেৰিলৈ এটা মেচেজ কৰি থ’লে, ‘একো চিন্তা নকৰিবা, গেৰি। আমি গোটেইবোৰ কথা আকৌ এবাৰ ভালকৈ পাতিম।’

এনেতে মাৰ্ক সোমাই আহিল। তাই সকাহ পালে- মাৰ্কৰ লগত এই সুযোগতে কথাখিনি পাতিব পৰা হ’ব। কিন্তু মাৰ্কৰো যেন আজি ভিন্ন ৰূপ!

‘হাই তুলিকা!’ -কৈয়ে মাৰ্ক ধাচ্‌কৰে নিজৰ চকীখনত বহি পৰিল।

মাৰ্কৰ মুখৰ অভিব্যক্তিতে তাই বুজিলে, কিবা এটা ঘটিছে।

‘মাৰ্ক, সকলো ঠিকে আছেতো?’ তাই উৎকণ্ঠাৰে সুধিলে।

‘কি ক’বা তুলিকা। কালি বৰ অঘটন এটা ঘটি গ’ল বুজিছা।’ মাৰ্কৰ মাতত জড়তা।

‘কি হ’ল ভালকৈ কোৱাচোন।’

‘তোমাক যে কৈছিলোঁ, মিনলাৰ কুকুৰা পোৱালী কেইটাৰ কথা, মনত আছেনে?’

‘আছে, আছে- এক ডলাৰকৈ দি যে তোমালোকে শনিবৰীয়া বজাৰৰ পৰা লৈ আনিছিলা!’

মোলান মুখেৰে মাৰ্কে কৈ গ’ল, ‘সিহঁতৰ মাজত মেংগ’ৰ স্বভাৱটো বেছি মৰম আকলুৱা। হয়তো মিনলাই আলাসত ৰাখি ৰাখিয়ে তেনে কৰিলে। সদায় মই ঘৰ সোমাওঁতে মেংগ’ দৌৰি আহে। কালিও এনেকৈ দৌৰি আহিছিল জানানে। কি জানো হ’ল ,মই গাড়ীখন গেৰেজলৈ সোমোৱাওতেই মেংগ’ কেনেবাকৈ গাড়ীৰ চকাৰ তলত পৰিলগৈ!’

‘কি কয়!’

‘অঁ ভাগ্য ভাল যে প্ৰাণটো বাচিল – কিন্তু ঠেং এখন ভাঙিল। মেংগ’ মোৰ গাড়ীৰ চেপাত মৰা হ’লে মিনলাই মোক কেতিয়াও ক্ষমা নকৰিলেহেঁতেন জানানে! মিনলাৰ বাবে দিনবোৰ এনেয়ে ইমান কঠিন হৈ আহিছেই। আৰু বেছি কষ্টকৰ কেনেকৈ কৰিব পাৰোঁ বাৰু মই!’ মাৰ্কে অপৰাধবোধ সনা মাত এটাৰে ক’লে।

মাৰ্কে কি ইংগিত কৰিলে তুলিকাই ঠিকেই বুজিলে। তাই একোকে ক’ব নোৱাৰিলে। কিন্তু ভাৱিলে, মাৰ্কৰ বাবেওতো সময়বোৰ কষ্টকৰ হৈ পৰিছে। লিছাৰ পৰা তাই শুনিছে, আন্যাই ইতিমধ্যে সেই নতুন সম্পৰ্কক আকোঁৱালি লৈছে- তেওঁৰ ঘৰলৈ গুচি গৈছে। মাৰ্ক আৰু আন্যাৰ ডিভৰ্চৰ কাগজ-পত্ৰৰ কাম আৰম্ভ হৈছে। মিনলাক দুয়ো ক’পেৰেণ্টিং কৰাৰ সিদ্ধান্ত লৈছে।

‘কথাবোৰ শুনি মোৰো খুউব বেয়া লাগিছে মাৰ্ক! কিন্তু আপোনাৰতো কোনো দোষ নাই তাত!’

‘জানো তুলিকা। কিন্তু মিনলাক দুখ পোৱা দেখিলে মোৰ বৰ কষ্ট হয় জানা।’ মাৰ্কৰ বিগলিত মুখখনে তাইকো আবেগিক কৰি পেলালে।

ইতিমধ্যে মিটিং সামৰি বৰ্ডৰুমৰ পৰা চাইমন ওলালেহি। ‘হাই মাৰ্ক, হেল্ল’ তুলিকা।’

‘হাই চাইমন, আজি কেনে গ’ল?’ মাৰ্ক প্ৰকৃতিস্থ হ’বলৈ চেষ্টা কৰি ক’লে।

‘ভাল ভাল। লাষ্টিত ভাল কাম হৈছে। চাই ভাল পালোঁ। গেৰিকো লগ পালোঁ। বাকীবোৰ ক’ত?’

‘লিছা লখ আৰ্ণৰ ৰিজাৰ্ভত। ফিয়না গৈছে পেটিগ’ত এখন কৃষক সভালৈ। টম আৰু ডেৰেনৰ কাম যে প্ৰায়ে ফিল্ডতে থাকে -সেয়ে অফিচলৈ অহাৰ প্ৰয়োজন নাথাকেই।’ মাৰ্কে কৈফিয়ৎ দিয়াৰ দৰে কথাখিনি ক’লে।

চাইমনে সেয়া শুনিয়ে মূৰ লৰাই লৰাই ক’লে, ‘নাই নাই। ইমান শিথিল হ’লে নহ’ব। যি কামেই নাথাকক প্ৰথমে সকলোৱে ন বজাত অফিচলৈ আহিব লাগিব। তাৰপিছত যাৰ যেনি যোৱাৰ দৰকাৰ যাব পাৰে।’

সেয়া শুনিয়ে তুলিকাৰ কাণ-মূৰ গৰম হৈ গ’ল। মাৰ্কে একো অভিব্যক্তি নেদেখুৱালে। কিন্তু সেইসময়তে ফোনটো বাজি উঠাত তেওঁ যেন ৰক্ষাহে পালে। গম পোৱা গ’ল, লিয়াম ক্লিফৰ্ডৰ পথাৰত এজাক ৰাজহাঁহ পৰিছেহি- দেখাত গ্ৰেলেগ গীজৰ দৰে। শুনিয়ে মাৰ্ক খদমদমকৈ তালৈ যাবলৈ ওলাল। চাইমনে ইচ্ছা কৰাত তেওঁকো লগ ল’লে। তুলিকাই যেন স্বস্তিৰ নিশ্বাসহে পেলালে।

পিছদিনা সেই কথাবোৰকে অফিচত ওলাল। ফিয়না একপ্ৰকাৰ জ্বলি-পকিয়ে উঠিল।

‘আমাৰ বহুত কাম অফিচৰ নিয়মীয়া সময়ত নহয়। ময়েচোন বাদুলীৰ জৰীপ কৰিবলৈ নিশা ন-দহ বজাত ওলাই যাওঁ-পুৱতি নিশা ঘুৰোঁ। তেতিয়াও অফিচলৈ আহি হাজিৰা মাৰি যাব লাগিব নেকি?’

সেইদিনা চাইমনৰ সৈতে কাম দেখুওৱাৰ দায়িত্ব আছিল লিছাৰ। সেই সপ্তাহটো তেনেকৈয়ে ভাগে ভাগে চাইমনৰ সৈতে সময় কটাই দলটোৰ প্ৰত্যেকৰে যেন অভিযোগবোৰ বাঢ়িহে যাবলৈ ধৰিলে। তেনেকৈয়ে শুক্ৰবাৰ পালেহি। সেইদিনা চাইমন লণ্ডনলৈ উভতাৰ কথা। তেওঁ জোৰ দিয়াৰ বাবেই টম আৰু ডেৰেন সেইদিনা অফিচতে ৰৈ দিলে। দুয়োৰে অফিচত নিজাকৈ ডেস্কো নাই- দৰকাৰেই নাই বাবে। সেয়ে দুয়ো মিলি সেইদিনা নেচাৰৰ ৱেৰহাউচটোকে চিজিল লগালে।

আবেলি সকলোকে সোনকালেই পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতি দি চাইমনে অফিচ এৰিলে। মাৰ্ক লান্সৰ সময়লৈকে নাছিল। তেওঁ আগবেলাটো ছুটী লৈছিল। কোনেও সোধা নাছিল কিয়। কাৰণ সকলোৱে জানে মাৰ্কৰ ব্যক্তিগত জীৱনৰ ধুমুহা জাকৰ কথা। আবেলি ঘুৰি আহি তেওঁ অফিচত থমথমীয়া পৰিৱেশ এটা পালেহি। গোটেইবোৰ তেতিয়াও অফিচতে। মাৰ্ক আহি বহিবলৈ নাপালেই ফিয়নাই পোনেই সুধিলে,

‘মাৰ্ক, চাইমন ইয়ালৈ কিয় আহিছিল খুলি কোৱাচোন?’

তুলিকাই এইকেইমাহতে মন কৰিছে এই গোটৰ দলপতি মাৰ্ক। সকলোৱে কাম চোৱা-চিতা কৰাৰ দায়িত্ব তেওঁৰ। তুলিকাৰ দৰেই সকলোৱে তেওঁক সকলোৱে শ্ৰদ্ধা কৰে- কিন্তু সমীহ নকৰে, প্ৰশ্ন সুধিবলৈ বা মতামত জনাবলৈ কোনেও ভয় বা সংকোচ নকৰে। মাৰ্কে নিজেও প্ৰশ্ন আৰু সমালোচনা কৰিবলৈ উৎসাহহে দিয়ে। সেয়াও হয়তো এগৰাকী যোগ্য দলপতিৰে চিন। আজিও তেওঁ পোনপটীয়া প্ৰশ্নটোত আচৰিত হ’লেও শান্ত মাতেৰেই ক’লে,

‘চাইমনে আমাৰ দলটোৰ কাম-কাজৰ বুজ ল’ব খুজিছিল। লগতে মোৰ সৈতে মুখামুখিকৈ পুনৰ্সংগঠনৰ আলোচনাও কৰিব বিচাৰিছিল। গম পাইছোঁ, তোমালোক সকলোৰে চাকৰি একেই থাকিব। পুনৰ্সংগঠনৰ কোনো প্ৰভাৱ নপৰে।’

লগে লগেই কোঠাটোলৈ যেন প্ৰাণ ঘুৰি আহিল। সকলোৱে স্বস্তিৰ নিশ্বাস পেলালে। কিন্তু লিছাই ক’লে,

‘কিন্তু কি মাৰ্ক?’ অতবছৰে যেন মাৰ্কক তাই ভালদৰে বুজি পোৱা হৈছে। বুজি পোৱা হৈছে যে মাৰ্কৰ কথাৰ সুৰত তেতিয়াও এটা ‘কিন্তু’ লাগি আছে। সেয়ে লিছাই গোটৰ বাকীসকলৰ দৰে এতিয়াও সহজ হৈ পৰিব পৰা নাই।

মাৰ্কে অলপ হাঁহিলে। আজি সেই হাঁহিও যেন বৰ কৰুণ দেখালে। তাৰপিছত তেওঁ লাহেকৈ ক’লে,

‘চাইমনে লগতে জনালে, মোৰ পদবীটো সলনি হোৱাৰ সম্ভাৱনা আহি পৰিছে। তেওঁলোকে এই ‘এৰিয়া মেনেজাৰ’ পদবীটো খাৰিজ কৰি ইয়াত ‘সমন্বয়ক’ পদবী সৃষ্টি কৰিব খুজিছে। পে’ গ্ৰেড বা স্কেলৰ ফালৰ পৰা সেই পদবী ‘এৰিয়া মেনেজাৰ’ পদবীৰ তলত। মোৰ পদবীটো বেলফাষ্টৰ অফিচলৈ যাব।’

গোটৰ সকলোকে যেন কথাখিনিয়ে গিলিহে পেলালে। কি কয় মাৰ্কে! কি কয়! তেওঁ কি বেলফাষ্টলৈ যাবগৈ?

‘বৰ্তমান তেওঁলোকে এই ‘সমন্বয়ক’ পদবীটোৰ কাৰণে নতুনকৈ বাচনি কৰাৰ সিদ্ধান্ত লৈছে। তাত চাইমনৰ আগ্ৰহ আছে বুলি কৈ গৈছে। সেইবাবেই তেওঁ আহিল। নিজ চকুৰে এই ঠাই, এই অফিচ চাই গ’ল।’

এইবাৰ যেন কটা ঘাঁত চেঙা তেল পৰাৰ দৰেহে হ’ল। গোটেইবোৰে প্ৰায় একেলগেই কৈ উঠিল,- নাই, সেয়া হ’বই নোৱাৰে। মাৰ্কৰ সলনি চাইমন দলপতি হৈ আহিলে কোনেও এই দলত আৰু নাথাকে।

‘মাৰ্ক, তুমি যদি বেলফাষ্টলৈ যোৱাগৈ, ময়ো নাথাকোঁ! আজি বাৰ বছৰে চাকৰি কৰিলোঁ। ৰিটায়াৰমেণ্টলৈ বেছি দিন নাই। শেষৰ কেইবছৰত তিতা-কেঁহা নালাগে আৰু।’ ডেৰেনে ক’লে।

‘ময়ো নাথাকো।’ ফিয়নাই ক’লে। ‘ৰিপাব্লিকলৈ ট্ৰেন্সফাৰ লৈ ল’ম।’

ইজনৰ পিছত সিজনকৈ তাতে হয়ভৰ দি গ’ল। যেন মাৰ্কেই ফাৰমানা সকলোৰে বাবে। মাৰ্ক নোহোৱাকৈ যেন এই দলৰো কোনো অস্তিত্ব নাই।

‘তুমি সঁচাই ফাৰমানা এৰি যাব খুজিছা, মাৰ্ক?’ লিছাৰ মাতটোৱে যেন কঁপি উঠিল।

গোটৰ সকলোৱে মাৰ্কৰ মুখলৈ চাই ৰ’ল-উত্তৰ বিচাৰি। কি কৰিব মাৰ্কে? অতবছৰে, কোনোবা কৃষকে আপত্তি কৰিছে, ক’ৰবাত বানপানীয়ে চৰাইৰ কণী নষ্ট কৰিছে, কোনোবাই জৰীপৰ তথ্য বিচাৰিছে, প্ৰকৃতি সম্পৰ্কীয় এটা বাতৰি কৰাৰ কথা -সকলোৰে যিকোনো প্ৰশ্নৰ উত্তৰ মাৰ্কৰ হাতত। ফাৰমানাৰ অতীত আৰু বৰ্তমান জীভাৰ আগত লৈ ফুৰা, ফাৰমানাৰ প্ৰকৃতিক মনে-প্ৰাণে ভালপোৱা মাৰ্কৰ হাতত আজি এই প্ৰশ্নটোৰ কোনো উত্তৰ নাই।

মাৰ্ক কিছু বিহ্বল হৈ পৰিল। এই ফাৰমানাতে আজি পোন্ধৰ বছৰ আগতে তেওঁ জীৱনটো গঢ়ি তুলিছিল। এখন সুখৰ সংসাৰৰ সপোনটো বাস্তৱ হৈছিল। তেতিয়াই আন্যাই নিজৰ দেশ জাৰ্মানীলৈ ঘুৰি যোৱাৰ কথা মাজে মাজে উলিয়াইছিল। কিন্তু মাৰ্কে ফাৰমানাৰ মোহ এৰি বেলেগ এখন দেশলৈ যোৱাৰ কথা ভাৱিব নোৱাৰিলে। কিজানি তেতিয়াই আন্যাৰ কথা মানি গুচি যোৱা হ’লে তেওঁৰ জীৱনটোৱে অন্য গতিয়ে ল’লেহেঁতেনে। কিজানি আজি সেই সংসাৰ আৰু চাকৰিৰ এই পৰিণতি নেদেখিলেহেঁতেন! নাজানে মাৰ্কে। এই হেঁতেনবোৰেতো কেতিয়াও কোনো প্ৰশ্নৰ উত্তৰ নিদিয়ে। কিন্তু এতিয়া সঁচাই বেলেগ কিবা বাচি আছেগৈ নে ফাৰমানাত? সঁচাই তেওঁ এতিয়াও ফাৰমানাতে ৰৈ যোৱাৰ কিবা অৰ্থ আছেগৈ নে? তেওঁৰ জীৱন আৰু কেৰিয়াৰ তচ-নচ কৰি দিব খোজা এই ধুমুহাজাক তেওঁৰ বাবে বিশ্বব্ৰক্ষাণ্ডৰ এক নিৰ্দেশ নহয়নে?

কিন্তু, এই আপোন দলটোৰ কি হ’ব? কি হ’ব তেওঁৰ মুখলৈকে চাই ভৰষা বিচৰা এই মানুহখিনিৰ?

পূৰ্বৰ খণ্ডসমূহ:

  • ফাৰমানা (প্ৰথম খণ্ড)
  • ফাৰমানা (দ্বিতীয় খণ্ড)
  • ফাৰমানা (তৃতীয় খণ্ড)
  • ফাৰমানা (চতুৰ্থ খণ্ড)
  • ফাৰমানা (পঞ্চম খণ্ড)
  • ফাৰমানা (ষষ্ঠ খণ্ড)
  • ফাৰমানা (সপ্তম খণ্ড)
  • ফাৰমানা (অষ্টম খণ্ড)
  • ফাৰমানা (নৱম খণ্ড)
  • ফাৰমানা (দশম খণ্ড)
  • ফাৰমানা (একাদশ খণ্ড)
  • ফাৰমানা (দ্বাদশ খণ্ড)
  • ফাৰমানা (ত্ৰয়োদশ খণ্ড)
  • ফাৰমানা (চতুৰ্দশ খণ্ড)
  • ফাৰমানা (পঞ্চদশ খণ্ড)
  • ফাৰমানা (ষষ্ঠদশ খণ্ড)
  • ফাৰমানা (সপ্তদশ খণ্ড)
  • ফাৰমানা (অষ্টদশ খণ্ড)
  • ফাৰমানা (উনবিংশ খণ্ড)
  • No comments:

    Post a Comment