Wednesday 8 May 2024

ফাৰমানা: খণ্ড ২৪

অ’ব্ৰায়ান পাবত মুখামুখিকৈ বহি আছে ৰায়ান আৰু তুলিকা। পাবৰ এমূৰে এজাক ডেকা-গাভৰুয়ে গীটাৰত ঝংকাৰ তুলিছে। আইৰিছ পাব মানেই সংগীতৰ মূৰ্চ্ছনা থকাটো যেন বাধ্যতামূলক। সিহঁতৰ সন্মুখত এইমাত্ৰ ৱেইটাৰে দুখন প্লেটত ফিছ এণ্ড চিপছ আৰু দুগিলাচ ড্ৰাফট বীয়েৰ থৈ গৈছে। ইয়াত চিপছ্‌ মানে আচলতে আলুৰ ফ্ৰাইজ। তাৰ লগত কড মাছৰ টুকুৰাত ময়দাৰ লেপন দি তেলত উপঙাই ভাজি দিছে। অসমত মিহিকৈ কাটি লোৱা ৰঙালাউ ভজাৰ দৰে। মাথোঁ মচমচীয়া ময়দাৰ লেপটো ফালি চালে ৰঙালাউৰ সলনি কাঁইট নোহোৱা মাছৰ টুকুৰাটো ওলাই পৰে।

তাৰে এটুকুৰা মুখলৈ নি ৰায়ানে সুধিলে, ‘তেন্তে কি ভাৱিছা?’

নেচাৰৰ পুনৰ্সংগঠনৰ কথাই পাতি আছিল সিহঁতে। অফিচৰ পৰা ওলায়েই দুয়ো বাহিৰে বাহিৰে লগ হোৱাৰ বাবেই হয়তো পোনেই কামৰ কথাকে ওলাইছিল।

‘নেচাৰত কাম কৰি ভাল লাগিছে। কাম নহয় যেন মোৰ নিজৰ হেঁপাহ পুৰাইছোঁ। প্ৰকৃতিৰ কাৰণে, ইয়াৰ খেতিয়কৰ কাৰণে কিবা এটা কৰিছোঁ। যিমানদিনলৈ পাৰোঁ ইয়াতে কাম কৰাৰ ইচ্ছা। তোমাৰ কি প্লেন?’

তুলিকাই সদায়ৰ দৰে তাইলৈ কৰা প্ৰশ্নটো ওলোটাই ৰায়ানলৈ ঠেলি দিছে। ৰায়ানে সেয়া বুজা হৈছে আজিকালি। সি যে কেৱল কামৰ কথা নহয়, জীৱনৰ কথাহে সুধিছিল সেয়া তায়ো নুবুজাকৈ থকা নাই। কিন্তু কিয়েই বা ক’ব তাই। তাইৰ বাবে যেন বৰ্তমান মানেই কেৱল নেচাৰ- নেচাৰৰ কাম। জানি-বুজিয়ে যেন তাই সিহঁতৰ সম্পৰ্কটোলৈ ৰায়ানে বিচৰা আশ্বাসখিনি আনিব পৰা নাই! বিদ্যুতৰ লগত সংসাৰখন যে এতিয়াও সিহঁতৰ মাজত ওলোমা বাদুলী হৈ ৰৈ আছে। বিদ্যুৎ আৰু তাই পৃথক হৈছে- কিন্তু বিবাহ-বিচ্ছেদৰ বাবে কোনেও খোজ আগবঢ়োৱা নাই। সেই যন্ত্ৰণাই তচ-নচ কৰি যোৱা দিনটোৰ পিছৰে পৰা অজান্তি মুলুকৰ এই নতুন জীৱনটো চলাই নিয়াতেইচোন তুলিকা ব্যতিব্যস্ত হৈ ৰৈছে। বিদ্যুতেনো কি ভাৱিছে বা কি পৰিকল্পনা কৰিছে- সেয়া জনাৰ তাইৰ সাধ্য নাই। যোৱা এমাহমানৰ পৰা সি বাৰম্বাৰ কল কৰি থকা স্বত্বেও তাৰ সৈতে এবাৰো কথা পাতিবলৈ তাইৰ সত যোৱা নাই। সেইবোৰ কথা ৰায়ানক বুজাবই বা কেনেকৈ?

অগ্যতা ৰায়ানেও কামৰে প্ৰসংগ টানিছে।

‘মোৰো ফাৰমানা হেৰ’ল্ডৰ কামত নিচা। যোৱা আঠবছৰমান ধৰি সেই কাকততেই সাংবাদিকতা কৰিছোঁ। কিন্তু যিমানেই ব্ৰেক্সিটৰ ওচৰ চাপিছে, কথাবোৰ জটিল হৈ গৈ আছে। বেয়া খৱৰবোৰ বাঢ়ি গৈ আছে। সেইটোৱে কষ্ট দিবলৈ ধৰিছে জানা।’

তুলিকাই কিছু বুজিছে, বহু কথা এতিয়াও নুবুজাকৈ ৰৈ গৈছে। ব্ৰেক্সিটে যেন উনৈশৰ ট্ৰাবলছৰ ভয়াবহ সময়বোৰ পুনৰ উদঙাই দিব খুজিছে। আইৰিছ আৰু ইংৰাজ পৰিচয়ৰ সংঘাত বোৰ উদঙাই তুলিছে। লগতে কেথলিক আৰু প্ৰটেষ্টাণ্টৰ মাজৰ বেঁৰাখনো ক্ৰমাৎ ওখ হৈ যাবলৈ ধৰিছে। ইমান অসময় এয়া! কিন্তু যেন এই অসময়কো আওকান কৰি সিহঁতৰ হৃদয় দুখনত নিৰলে এটা সপোনে ঘৰ সাজিবলৈ আৰম্ভ কৰিছে। অতীত আৰু বৰ্তমানৰ জটিল সময়বোৰ দেও দি গৈ ভৱিষ্যতৰ বাবে এখন ৰামধেনু সাজিব খুজিছে।

কথাৰ মাজতে ৰায়ানে টাৰটাৰ চচত ডুবাই লৈ মাছৰ টুকুৰা এটা মুখত ভৰালে। তাৰ অজানিতে ওঁঠৰ ঠিক তলতে চিকুণকৈ ৰখা দাঢ়ি দুডালমানত বগা চচখিনিৰ অকণমান লাগি ৰ'ল। আলুৰ চিপছ এটা মুখত দিবলৈ লৈও ঠিক সেইখিনিতে তুলিকাৰ দুচকু থৰ হৈ ৰ'ল। বেছ কিছুপৰৰ বাবে। বহু চেষ্টা কৰিও তাৰ পৰা চকু আঁতৰাই তাই খোৱাত বা তাৰ কথাত মনোযোগ দিব নোৱাৰিলে। মনতে নিজক কিছু ভৰ্ৎসনা কৰি লৈ কিছুপৰৰ পিছত তাই সংকোচেৰে কৈ পেলালে,

'ৰায়ান, তোমাৰ মুখত অলপ চচ লাগি আছে।'

ৰায়ানৰ কথা ক্ষন্তেকৰ কাৰণে ৰৈ গ'ল। কিন্তু অকণো বিব্ৰত হোৱা যেন নেদেখাই সি মাথোঁ হাঁহিলে। লাহেকৈ নেপকিন এখন টান মাৰি লৈ মুখখন মোহৰিলে।

'গ'ল নে?' সি সুধিলে।

'হা অঁ, আৰু অলপ ওপৰলৈ। অঁ, তাতে।'

তাৰ ওঁঠ যুৰিলৈ ইমান দীঘলীয়াকৈ চাই থাকি তুলিকা অলপ ৰঙা-চিঙা পৰাৰ দৰে হ'ল। ৰায়ানৰ মিচিকিয়া হাঁহিয়ে ঠেলি পঠোৱা ঢৌ জাকে তাৰ দুচকু যেন ঢাকি পেলাব খুজিছে। মুদ খাই যাব খোজা চকুযুৰিত সেয়া নীলিম সাগৰখনৰ ঢৌবোৰে খেলা কৰিছে। তাইৰ মূৰৰ পৰা ভৰিলৈ এটা শিহৰণ বৈ গ’ল!

‘অসমৰ কথা কোৱাচোন!’ তাইৰ দুচকুত চকু থৈ ৰায়ানে এইবাৰ সুধিলে। সেই প্ৰথম লগ পোৱাৰ দিনটোৰ দৰেই তেওঁৰ দুচকুত অদম্য হেঁপাহ। হেঁপাহ তুলিকাক জনাৰ, তাইক আপোন কৰি লোৱাৰ।

কি ক’ব তাই। সেইবাৰ ৰ’ৰি জিৰ উৎসৱতে কোৱাৰ পিছত আজিলৈকে বিদ্যুতৰ কথা উলিওৱা নাই তুলিকাই। মাক-দেউতাকৰ কথাও যেন কেনেকৈ ক’ব তাকে ভাৱি পোৱা নাই এতিয়াও। মাক সুখী হৈছে- তাই জানে। তেওঁ নতুন উদ্যমেৰে নিজা জীৱন এট গঢ়ি লৈছে। আনকি ওচৰৰে চেণ্টাৰ এটালৈ গৈ ব্যায়াম কৰিবলৈও লৈছে। প্ৰায়ে তুলিকাক উৎসাহেৰে ক’বলৈ লৈছে, প্ৰথমবাৰৰ বাবে নিজৰ দেহ আৰু মনৰ যত্ন লৈ কেনে সন্তুষ্টিয়ে ভৰ কৰিছেহি তেওঁৰ হৃদয়ত। দেউতাকে বুজি পাইছে, আগৰদৰে তেওঁ বিয়াৰ বান্ধোনৰ নামত মাকক মনাব নোৱাৰা হৈছে। মাকৰ গাত হাত তোলা মাতাল নিশাবোৰে সেই অধিকাৰ কাঢ়ি লৈ গৈছে কেতিয়াবাই!

‘কি ভাৱিছা ইমানকৈ?’ ৰায়ানেই নীৰৱতা ভাঙিলে।

‘কিনো ক’ম ভৱিছোঁ।’

‘মই চোন অসমৰ কথা বিশেষ একো নাজানোৱে- গতিকে সকলো কোৱা। তোমাৰনো কি ভাল লাগে তাকে কোৱা!’ ৰায়ানে হাঁহি পেলালে। তেওঁৰ চিক্‌মিক্‌ দুচকুৱেও যেন বহু কথা ক’ব খুজিছে। অ’ব্ৰায়ান পাবৰ ভিতৰলৈকে ফাগুণৰ পছোৱা এছাটি সোমাই আহিছে!

তুলিকায়ো হাঁহিছে। হাঁহি হাঁহি কৈ গৈছে তাই এৰি অহা দিখৌ নৈৰ দুয়োপাৰৰ সেউজীয়াৰ কথা, পাটী চাইকেলখন লৈ অলৌ টলৌকৈ ঘুৰি ফুৰা উদঙীয়া দুপৰীয়াবোৰৰ কথা আৰু মাকৰ হাতৰ ঔটেঙা দিয়া মাটিডাইলৰ সোৱাদৰ কথা। ৰায়ানে পৰীৰ দেশৰ সাধুকথা শুনাদি হেঁপাহেৰে শুনিছে। তেওঁৰ বাবে যেন সেই অসমহে এক অজান্তি মুলুক। য’ত এই তুলিকাৰ জন্ম হৈছে- যাৰ মাটিয়ে বালিয়ে খেলি তাই ডাঙৰ হৈছে- কেতিয়াও কল্পনাও নকৰাকৈ যে এদিন সিহঁত দুয়ো এইদৰে ফাৰমানাৰ এটি পাবত বহি ৰ’ৱ। মুখৰ ভাষাতকৈ বহু বেছি কথা সিহঁতৰ দুচকুৱে কৈ যাব। কৈ যাব ক্ৰমাৎ কাষ চাপি অহা সিহঁতৰ হৃদয় দুখনে। ইমান অচিনাকি অথচ ইমান চিনাকি!

‘তোমাৰ মা-দেউতাৰ কেনে?’ তুলিকাই সুধিলে। অন্যমনস্ক ৰায়ান উভতি আহিল পাবৰ গানলৈ, সিহঁতৰ মাজত টেবুলত ৱেইটাৰে চিন থৈ যোৱা সেউজ-হালধীয়া পুতলা হাঁহটোলৈ। সেইটোকে লিৰিকি বিদাৰি থাকি সি ক’লে,

‘মাৰতো জানাই। ডেৰীতে আছে- গীৰ্জা আৰু লিখা-মেলাৰ কামত ব্যস্ত। দেউতা এতিয়াও শ্লাইগ’ত।’

‘মা-দেউতাক বেলেগে থকা দেখি তোমাৰ বেয়া লাগে নেকি, ৰায়ান?’ বহুদিন সোধোঁ সোধোঁকৈও নোসোধা প্ৰশ্নটো আজি তুলিকাই সুধি পেলালে। কৈ উঠিয়ে আশংকা কৰাৰ দৰে ৰায়ান অসহজ নহ’ল। ফিছ এণ্ড চিপছ্‌ৰ সোৱাদ লৈ থাকিয়ে সহজভাৱে উত্তৰ দিলে,

‘অভ্যস্ত হৈ গৈছোঁ জানা। মা-দেউতা চিৰদিন একেলগে থকাটোৱে সকলোৰে সহজাত সপোন, নহয় জানো? কিন্তু তাত সুখৰ প্ৰশ্নটো যেন বাদ পৰি যায় কেতিয়াবা! একেলগে থাকিও দুয়ো দুটা পৃথক জীৱন চলাই নিয়া বা দুয়ো ভিতৰি চিৰদিন অসুখী হৈ ৰোৱাটো কেনেকৈ যুক্তিকৰ হ’ল কোৱাচোন? অন্তত: মোৰ মা-দেউতাৰ ক্ষেত্ৰত মই সেয়াই দেখিছোঁ। বিচ্ছেদৰ পিছতহে দুয়ো সঁচা অৰ্থত সুখী হোৱা দেখিছোঁ।’

তুলিকাই একো নক’লে। ভাৱিলে মাথোঁ, কোনটো বেছি ডাঙৰ? পাৰস্পৰিক সুখ নে বিয়াৰ বান্ধোন? নে দুয়োটা একেলগে তুলাচালনীত উঠাটোৱে আধুনিক সমাজৰ এক ব্যাধি?

‘বিয়াক তুমি কেনেকৈ লোৱা, ৰায়ান?’ ক’ব নোৱাৰাকৈয়ে যেন প্ৰশ্নটো ওলাই আহিল তুলিকাৰ মুখেৰে।

ৰায়ান ক্ষন্তেক ৰ’ল। যেন ভাৱি চালে বহুদিন ভাৱি নোপোৱা প্ৰশ্নবোৰ। তুলিকাৰ অতীতটোৰ ঢুকি নোপোৱা কথাবোৰ!

‘মোৰ কাৰণে বিয়া মাথোঁ এটা সামাজিক স্বীকৃতি। তাতোকৈ বহু বেছি দৰকাৰী হৃদয়ৰ বান্ধোন। বিয়াৰ বান্ধোন আৰু সংসাৰখন চলাই নিবলৈ কষ্ট কৰাৰ দৰকাৰ। কিন্তু কিমান কষ্টৰ পিছত সেই কষ্ট এই জীৱনৰ বিকল্প হ’ব নোৱাৰে সেয়াও জনাটো খুউব দৰকাৰী।’

তুলিকাই যেন কেতিয়াও কথাবোৰ তেনেকৈ ভৱা নাই! ভাৱিবলৈকে শিকা নাই! কিন্তু এই মুহূৰ্তত ৰায়ানৰ কথাখিনি যেন খাপ খাই পৰিল সিহঁতৰ দুয়োৰে মাক আৰু দেউতাকৰ সংসাৰ দুখনত। আনকি তাইৰ আৰু বিদ্যুতৰ সংসাৰখনতো।

পাবত গানৰ মূৰ্ছনা শেষ হৈছে। তাৰ লগে লগে যেন পৰিৱেশটোও সলনি হৈছে। একোণৰ বিশাল স্ক্ৰীণত ছ’কাৰ খেল ভাঁহি আহিছে। চাৰিওফালে মানুহবোৰ গোট খাইছে। ছ’কাৰ মানে ইয়াৰ ফুটবল। জনপ্ৰিয় দলৰ মাজত হোৱা খেল এনেকৈ পাবত একেলগে হৈ চৈ কৈ চোৱাটোও এটা পৰম্পৰা।

‘ব’লা আৰ্ণ নৈৰ পাৰে পাৰে অলপ খোজ কাঢ়োঁগৈ।’ ৰায়ানে টিভিৰ স্ক্ৰীণ আৰু গমগমাই অহা পৰিৱেশটো মন কৰিয়ে কিজানি ক’লে।

দুয়ো ওলাই আহিল। এনিছকিলেন টাউনৰ মাজেৰেই বৈ গৈছে আৰ্ণ নৈখন। নৈৰ পাৰে পাৰে পদচাৰীৰ বাবে পকা কৰি দিয়া এটা ঠেক বাট। সেইবাটেৰেই দুয়ো আগবাঢ়িল। ৰায়ানৰ কাষে কাষে খোজ দি তুলিকা যেন কিছু আনমনা হৈ ৰ’ল। আৰ্ণ নৈৰ কঁপি থকা নীলিম ঢৌবোৰৰ দৰেই যেন তাইৰ অনুভৱৰ পৃথিৱীখন কঁপাই গ’ল ৰায়ানৰ সান্নিধ্যই, ৰায়ানৰ দৃষ্টি আৰু কথাই। বহু কথাই কৈ পেলাবলৈ মন গ’ল। ক’বলৈ মন গ’ল কেনেদৰে এখন উমাল কম্বলৰ দৰে ৰায়ানে ছাটি ধৰিব খুজিছে তাইক। অতদিনে যন্ত্ৰণাই কোঙা কৰি ৰখা তাইৰ হৃদয়খন সেই উমাল পৰশত নিজাৰ পৰি আহিছে। কেতিয়াও নভৱাকৈ তাইৰ জীৱনলৈ যেন বসন্ত নামিছে। অথচ ইমান ভিন্ন এই দ্বিতীয় বসন্ত! ইমান ভিন্ন এই সম্পৰ্ক। অতদিনে ৰোমাণ্টিক উপন্যাস- চিনেমাই বৰ্ণনা কৰাৰ দৰে তায়ো ভাৱিছিল, প্ৰেম মানেই এক উচ্ছল আবেগৰ জোৱাৰ। যি উটুৱাই লৈ যাব পাৰে সকলো হতাশা আৰু যন্ত্ৰণা। সকলো পাহৰি দিবাস্বপ্ন দেখিব পাৰি সিপাৰৰ সেউজীয়াৰ। কিন্তু ৰায়ানৰ সৈতে যেন তাইৰ এক ভিন্ন সংযোগ এয়া। তেওঁক কাষত পালে তাইৰ বুকুৰ ধপধপনিবোৰ কমি যায়। অস্থিৰতাৰ বতাহজাক থামে। সংঘাতে তচনচ কৰি দিয়া হৃদয়খনে যেন অকণমান জিৰাই লয়। সিদিনা এইখিনিকে শুনি লৈ থেৰাপিষ্ট মিচেলে তাইক বুজাইছিল, সেয়াই প্ৰকৃতাৰ্থত সহমৰ্মিতাৰ চিন। এই দুসঃহ জীৱনটো সহনীয় কৰি তোলাৰ বাবে, সঁচা অৰ্থত উদযাপন কৰিবৰ বাবে তেনে এক সহযাত্ৰীৰেইতো প্ৰয়োজন তাইক। সকলো বুজিও স্বীকাৰ কৰি লোৱা নাই তাই। সেয়ে ৰায়ানকো একোকে কোৱা হোৱা নাই। সেই বাটেৰে আগুৱাই যোৱা হোৱা নাই। যিমান অস্বীকাৰ কৰিলেও সেই বাটত যেন বিদ্যুত থিয় দি আছে। এতিয়াও।

‘সেইবোৰ গাল চৰাই, নহয়?’ ৰায়ানে হঠাৎ থমকি ৰৈ নৈৰ সিটো পাৰলৈ আঙুলীয়াই সুধিলে।

আনমনা হৈ গৈ থকা তুলিকাই ক’ব নোৱাৰাকৈয়ে ৰায়ানৰ বাহুত খুন্দিয়াই দিলেগৈ। এছাটি বিজুলীয়ে যেন জিলিকাই গ’ল দুয়োৰে মুখ! ৰায়ানে হাঁহিলে, তায়ো। তাইৰ বাহুত লাহেকৈ ধৰি ৰায়ানে মৰমেৰে ক’লে,

‘ইমানকৈ কি ভাৱিছানো?’

তুলিকাৰ কৈ পেলাবৰ মন গ’ল, ৰায়ানৰ কথাকে ভাৱিছে তাই। লাহে লাহে যেন সপোন দেখাৰ হেঁপাহ এটাই বাহ লৈছে তাইৰ বুকুত। দেহে-মনে আবেগবোৰে শিহৰণ তুলিবলৈ লৈছে। মুখৰ পৰা হাঁহিটো নাঁতৰা হৈছে। ৰায়ানে বুজিছেনে? তাইৰ দৰেই তাৰ দেহতো ফাগুণৰ পছোৱা লাগিছেনে? তাৰ সলনি তাই মাথোঁ ক’লে,

‘একো ভৱা নাই! অঁ সেয়া ক’লা-মূৰীয়া গাল। বৰ ধুনীয়া নহয়নে ক’লা মূৰেৰে সৈতে সিহঁতৰ শুধ বগা দেহ?’

‘অঁ, ইয়াত পিছে গাল চৰাইৰ চোৰ বুলি বদনাম, জানা নহয়? কোন পলকত মানুহৰ বেগ, হাত আনকি মুখৰ আগৰ পৰাই খাদ্য কাঢ়ি নিয়ে ক’বই নোৱাৰি।’

তুলিকাই যেন নকৈ নোৱাৰিলে, ‘সেয়াই সিহঁতৰ মানুহৰ সমাজৰ লগত টিকি থকাৰ বাবে অভিযোজন। সিহঁতৰ প্ৰাকৃতিক খাদ্য কম হৈ অহা এই দিনবোৰত তেনে সহজ উপায়েৰে খাদ্য বিচৰাৰ বাদে কিয়েইবা কৰিব!’

ৰায়ান কাষ চাপি আহিল। বৰ আলফুলে তাইৰ কান্ধত হাতখন থ’লে। তাৰপিছত স্বগতোক্তি কৰাৰ দৰে তাইৰ কাণে কাণে ক’লে,

‘তুমি এই চৰাইবোৰক, এই প্ৰকৃতিক ইমান বুজা। ইমান ভাল পোৱা। এই কথাটো মোৰ খুউব ভাল লাগে জানা, তুলিকা!’

তুলিকাৰ মন ভৰি গ’ল। যেন এপলকৰ বাবে অদৃশ্য দেৱালখন খহি পৰিল। ৰায়ানৰ দৰেই তাইৰো এটা বাহুৰে তেওঁৰ কঁকালত মেৰিয়াই ধৰিবলৈ তীব্ৰ ইচ্ছা হ’ল। সকলো দেও দি গৈ ৰায়ানৰ দুচকুৰ নীলিম সাগৰখনত ডুব যোৱাৰ বাসনা জাগিল। কিন্তু তাই লৰচৰেই নহ’ল। একোকে ক’বও নোৱাৰিলে। ৰায়ানৰ সোঁহাতখন তেনেদৰেই তুলিকাৰ কান্ধত ৰ’ল। দুয়ো নীৰৱে থিয় দি আৰ্ণ নৈলৈ চাই ৰ’ল। লাহে লাহে পশ্চিমৰ আকাশখনলৈ ফাকু গুড়ি ছটিয়াই আৰ্ণ নৈৰ সিপাৰে বেলিটো ডুবিবলৈ ধৰিলে।




‘উভতো ব’লা। কাইলৈ ৰাতিপুৱাই এঠাইত জৰীপ আছে!’ অৱশেষত তুলিকাই লাহেকৈ উচ্চাৰিলে। মনে মনে ভাৱিলে, সিদিনাৰ দৰে আজিও ৰায়ানে ক’ব নেকি, ‘আজি ৰৈ যোৱা!’ সেইদিনা ডেৰীৰ পৰা ৰায়ানৰ মাক পেট্ৰিচিয়া আহিছিল। মাকৰ সৈতে একেলগে ৰাতিৰ সাঁজ খাবলৈ ৰায়ানে তুলিকাক ঘৰলৈ মাতিছিল। কিছু অসহজ ভাৱেৰে হ’লেও প্ৰথমবাৰৰ বাবে ৰায়ানৰ অকণমানি এপাৰ্টমেণ্টটোত ভৰি দিছিলগৈ তুলিকাই। অৱশ্যে ক্ষন্তেকৰ ভিতৰতে আগৰ দৰেই পেট্ৰিচিয়াৰ সান্নিধ্যই পৰিৱেশটো জীপাল কৰি পেলাইছিল। ৰাতিৰ সাঁজ খাই কথাৰ মহলা মাৰি এটা সময়ত আহিবলৈ উঠোঁতেই ৰায়ানে কৈ পেলাইছিল, ‘আজি ৰৈ যোৱা নহ’লে!’ তুলিকা মূক হৈ পৰিছিল। যেন কাহানিও নুশুনা অবোধ্য কথা এষাৰ শুনা পালে তাই! তাৰপিছত খপজপকৈ কৈ পেলাইছিল, ‘নাই নাই, মই যাব লাগে!’ ৰায়ানৰ আহত চকুযুৰি চাবলৈ তাইৰ সাধ্য নাছিল।

সিদিনাৰ পিছত কেতিয়াও ৰায়ানে তাইক ঘৰলৈ মতা নাই। আজিও যাবলৈ সাজু হৈ ক’লে,

‘ঠিকেই। মোৰো কাইলৈকে ৰিপৰ্টিঙৰ কাৰণে এঠাইলৈ যাব লগা আছে। এসপ্তাহ পিছতহে উভতিম। তেতিয়াও আকৌ লগ হ’ম দিয়া।’

দুয়ো উভতনি বাটত খোজ দিলে। খোজৰ লগে লগে কেইবাবাৰো সিহঁতৰ দুবাহু ঘঁহা খালে। প্ৰতিবাৰেই দুয়োৰে দেহ আৰু মনৰ মাজেৰে পাৰ হৈ যোৱা শিহৰণটো এক হৈ ধৰা দিলে। কিন্তু একোৱে যেন হোৱা নাই এনে ভাৱেৰে দুয়ো গৈ থাকিল। শ্লাইগ’ পথৰ পদপথতে দুয়ো ৰ’ল। সেই পথৰ সিপাৰে দুখোজমান গ’লেই তুলিকাৰ এপাৰ্টমেণ্ট।

বতাহত বিয়লিৰ ছাঁ। বাটত ঘৰমুৱা লোকৰ ভিৰ। পদচাৰীৰ বাবে থকা ক্ৰছিং পইণ্টত হালধীয়া ছুইচটো টিপি তুলিকা থিয় দি ৰ’ল। পদচাৰীৰ সংকেতৰ ৰং ৰঙাৰ পৰা বগা হোৱালৈ অপেক্ষা কৰিলে। বগা হোৱাৰ লগে লগে যাবলৈ উদ্যত হৈ তাই এবাৰ ৰায়ানলৈ ঘুৰি চালে। সেই দুচকুৰ সুতীব্ৰ আকৰ্ষণে যেন মুহূৰ্ততে চুম্বকৰ দৰে টানি লৈ যাব খুজিলে। সেই উখল মাখলৰ মাজতেই বাটটো পাৰ হ’ব খোজোঁতেই ৰায়ানৰ চিৎকাৰ ভাঁহি আহিল।

‘ৱাটছ আউট তুলিকা- চাই লোৱা!’

তুলিকাই কিবা তলকিবলৈ পোৱাৰ আগতেই ৰায়ানে বাওঁহাতখনত টানি তাইক পুনৰ পদপথলৈ উভতাই আনিলে। লগে লগে ৰৈ গ’ল ঘাইপথত তীব্ৰ গতিৰে আহি থকা শুধ বগা টেছলাখন।

খৰৰৰৰচ্‌………

কোনোমতেহে গতি থমাই গাড়ীখনে পদচাৰী পাৰ হ’বলৈ ৰখা বগা আঁচডাল চুই ৰ’ৱলৈ সক্ষম হ’ল। ৰায়ানে তেতিয়াও তাইৰ বাওঁহাতখনত জোৰেৰে খামোচ মাৰি আছিল। কিছু বিব্ৰতভাৱেৰে তুলিকাই সেই গাড়ীলৈ চালে।

এইখন গাড়ী তাই চিনি পায়। খুউব ভালকৈ চিনি পায়!

সেই উপলব্ধিৰ লগে লগে তাইৰ চকু গ’ল গাড়ীৰ চালকলৈ। আৰু লগে লগেই যেন তাই এক প্ৰস্তৰ মূৰ্ত্তি হৈ পৰিল। ভূত দেখাৰ দৰে সেই একেই চকিত ৰূপেৰে সেয়া গাড়ীৰ ভিতৰত বহি আছে বিদ্যুৎ!!!!

পূৰ্বৰ খণ্ডসমূহ:


  • ফাৰমানা (প্ৰথম খণ্ড)
  • ফাৰমানা (দ্বিতীয় খণ্ড)
  • ফাৰমানা (তৃতীয় খণ্ড)
  • ফাৰমানা (চতুৰ্থ খণ্ড)
  • ফাৰমানা (পঞ্চম খণ্ড)
  • ফাৰমানা (ষষ্ঠ খণ্ড)
  • ফাৰমানা (সপ্তম খণ্ড)
  • ফাৰমানা (অষ্টম খণ্ড)
  • ফাৰমানা (নৱম খণ্ড)
  • ফাৰমানা (দশম খণ্ড)
  • ফাৰমানা (একাদশ খণ্ড)
  • ফাৰমানা (দ্বাদশ খণ্ড)
  • ফাৰমানা (ত্ৰয়োদশ খণ্ড)
  • ফাৰমানা (চতুৰ্দশ খণ্ড)
  • ফাৰমানা (পঞ্চদশ খণ্ড)
  • ফাৰমানা (ষষ্ঠদশ খণ্ড)
  • ফাৰমানা (সপ্তদশ খণ্ড)
  • ফাৰমানা (অষ্টদশ খণ্ড)
  • ফাৰমানা (উনবিংশ খণ্ড)
  • ফাৰমানা (বিংশ খণ্ড)
  • ফাৰমানা ( একবিংশ খণ্ড)
  • ফাৰমানা (দ্বাবিংশ অধ্যায়)
  • ফাৰমানা (ত্ৰয়োবিংশ অধ্যায়)
  • No comments:

    Post a Comment