Friday 5 April 2024

ফাৰমানা (ত্ৰয়োবিংশ অধ্যায়)

সিদিনা মাৰ্ক অফিচলৈ সোমাই অহাৰ লগে লগে লিছা আৰু তুলিকাই অবাক হৈ তেওঁলৈ চালে। দুয়ো ইজনীয়ে সিজনীৰ চকুলৈ চাই নীৰৱে হাঁহিলে কিন্তু মাৰ্কক একো নক’লে। মাৰ্কে অন্যদিনাৰ দৰেই সিহঁতক হাই-হেল্ল’কৈ মাত লগালে। তাৰপিছত ৱাটাৰৱেইজ আয়াৰলেণ্ডৰ পাকঘৰত কফি কৰি আনি দুয়োকে যাঁচিলেহি। সেই নিত্য নৈমিত্তিক কামখিনি শেষ কৰি এটা সময়ত তেওঁ নিজৰ ডেস্কত বহি লেপটপৰ স্ক্ৰীণত চকু ফুৰালেহি।

ক্ষন্তেক পিছতে অফিচৰ দুৱাৰ ঠেলি ফিয়না সোমাই আহিল। সকলোকে ‘গুড মৰ্ণিং’ বুলি কৈয়ে তাইৰ মাৰ্কলৈ চকু গ’ল। লিছা আৰু তুলিকাৰ দৰে মনে মনে নাথাকি তাই হোহোৱাই হাঁহি পেলালে। হাঁহি হাঁহিয়ে ক’লে,

‘আহ মাৰ্ক! চুলিখিনি কি কৰি পেলালা তুমি!!’

তাইৰ হাঁহি আৰু কথাত তিনিও থতমত খাই গ’ল। মাৰ্কে লাহেকৈ মূৰত হাত বুলাই কৈফিয়ৎ দিয়াৰ সুৰত ক’লে,

‘চুলিখিনি অলপ কটালোঁ। মিনলায়ে ক’লে- ইণ্টাৰভিউৰ কাৰণে দাড়ি-চুলি কটাই অলপ চিকুণকৈ যাবলৈ। কাইলৈকে আছেতো!’

সেই নতুন চুলিৰে ইমান বেলেগ যেন দেখাইছে মানুহজনক! মূৰৰ দুয়োফালে চুলিখিনি একেবাৰে চুটিকৈ কাটি ওপৰৰ কেকুঁৰা চুলিখিনি তেনেকৈয়ে অবিন্যস্তকৈ ৰাখি থ’লে। মাৰ্ক মানুহজন এনেয়ে ওখ-পাখ- মুখখনো দীঘলীয়া। এতিয়া চুলিখিনিয়ে তেওঁক আগতকৈও বেছি ওখ আৰু ক্ষীণ যেন দেখাইছে। দেখিলে ভাৱ হয়, কোনোবা নাপিতে যেন এই পঞ্চাছোৰ্ধৰ মানুহজনক চেঙেলীয়া সজোৱাৰহে ব্যৰ্থ চেষ্টা এটা কৰিলে।

লিছাৰ ইংগিতত ফিয়নাই কোনোমতে হাঁহি সামৰিলে। এইবাৰ লিছাই ক’লে,

‘ইণ্টাৰভিউ কাইলৈকে তেনে! ভালেই দিয়া- তাৰ কাৰণে যে সাজু হৈছা সেয়া ইণ্টাৰভিউ পেনেলেও দেখা পাব।’

মুখ ফুটাই নক’লেও ইণ্টাৰভিউৰ বাবে মাৰ্কে ইমানখিনি প্ৰস্তুতি কৰা বুলি জানি তিনিও স্বস্তিৰ নিশ্বাস পেলালে। মাৰ্কে এই ‘সমন্বয়ক’ পদটো পোৱাতো যে সকলোৰে বাবে বহুত জৰূৰী! ফাৰমানাৰ বাবে। মাৰ্কৰ বাবে আৰু নেচাৰৰ এই সৰু দলটোৰ বাবে। ভাগ্যৰ পাকচক্ৰত পৰি মাৰ্কে আজি নিজৰ পদবীতকৈ তলৰ এটা চাকৰিৰ বাবে ইণ্টাৰভিউ দিব লগা হৈছে। অতবছৰৰ কৰ্মজীৱনৰ পিছত চাকৰিক লৈ ইমান অনিশ্চয়তাত ভূগিছে। তথাপি সেইবোৰ একোকে লৈ যে মানুহজনে তিক্ততা লৈ থকা নাই – তাৰ সলনি বিধিৰ বিপাক মানি লৈ যে নিজৰ ফালৰ পৰা যি পাৰে চেষ্টা কৰিছে। সেই কথাটোত তুলিকাৰ অন্তৰ ভৰি গ’ল।

এনেতে ফোনটোত বাজি উঠা মিহি সুৰ এটাই তাইৰ চিন্তাত আউল লগাই দিলেহি।

‘হেল্ল’, মই কনজাৰ্ভেশ্যন অফিচাৰ তুলিকাই কৈছোঁ!’

‘হেল্ল’ তুলিকা, মই মেগান।’

‘অঁ মেগান! হুৱাটছ দ্য ক্ৰেইক?’ সেইষাৰ কৈ তুলিকাৰ নিজৰে হাঁহি উঠি গ’ল। তাইচোন ইয়াত শুনি শুনি আইৰিছ লোকৰ দৰেই কথা ক’বলৈ লৈছে!

‘তুমি কৰিবলৈ দিয়া পথাৰৰ চাৰ্ভে খিনি শেষ হ’ল। কিন্তু যুৱ খেতিয়কৰ আবেদনখন এতিয়াও বাকী!’

সেইজনী জন মেকভিটিৰ ছোৱালী মেগান। আগৰ লাজকুৰীয়া কিশোৰী মেগানৰ ঠাইত এতিয়া নেচাৰৰ সপ্ৰতিভ স্বেচ্ছাসেৱিকা মেগান। এইবাৰ তাই পূৰ্ণোদ্যমে তুলিকাৰ সৈতে চৰকাৰী বহনক্ষম কৃষি আঁচনিত কম কৰিছে। নিজৰ খেতি-পথাৰৰ কামো চম্ভালিছে।

‘অঁ তুমি যুৱ খেতিয়কৰ আঁচনিত যোগ দিলে খুউব ভাল হ’ব মেগান। বহুকেইটা প্ৰশিক্ষণ পাবা। জনৰ খেতিতো আধুনিক প্ৰযুক্তি খটুৱাব পৰা হ’বা।’

‘জানো তুলিকা- মোৰো বহুত মন আছে মোৰ দৰেই খেতিয়ক হ’ব খোজা হাইস্কুলীয়া ল’ৰা-ছোৱালীবোৰৰ লগত একেলগে ট্ৰেইনিং ল’বলৈ। কিন্তু আবেদন জমা দিয়াৰ শেষ তাৰিখ যে কাইলৈকে?’ মেগানৰ চিন্তিত মাত।

‘কিয়? আবেদনৰ কিমানখিনি পূৰালা? মই অফিচতে আছোঁ, তোমাক সহায়ৰ দৰকাৰ হৈছে যদি ইয়ালৈকে লৈ আহা তেন্তে! দুয়ো মিলি আজিয়ে জমা কৰি দিম।’

‘কিন্তু…কিন্তু মই যে যাব নোৱাৰোঁ, তুলিকা!’

‘কিয়?’ তুলিকা অলপ আচৰিত হ’ল।

‘মই দেউতাৰ লগত আছোঁ। দেউতা হস্পিতেলত আছে।’

এইবাৰ তুলিকা যেন চমকি উঠিল। জন মেকভিটি হস্পিতেলত আছে! কি হৈছে তেওঁৰ? কি হৈছে? সোধাত মেগানে কোনোমতে ক’লে,

‘দেউতাৰ গা বেয়া- সেইকাৰণেই মই জমা দিব নোৱাৰিম তুলিকা। কি কৰোঁ কোৱা!’

তুলিকা বহাৰ পৰা উঠিল। এখন হাতেৰে ফোন ধৰি থাকি ইখন হাতেৰে তাই দৰকাৰী বস্তু কেইপদ বেগত ভৰালে। লেপটপটোও ল’বলৈ নাপাহৰিলে। বস্তুবোৰ সাজু কৰি থকাৰ পৰাই মেগানক ক’লে,

‘মই গৈ আছোঁ মেগান। কোনখন হস্পিতেলত আছা কোৱাচোন!’

দহমিনিটৰ ভিতৰতে তুলিকাৰ ৰঙা-বগা মিনি কুপাৰখন আৰ্ণ হস্পিতেলৰ সন্মুখত ৰ’লগৈ । লৰালৰিকৈ তাই ৰিচেপশ্যনিষ্টক সুধি সোমাই গ’ল দ্বিতীয় মহলাৰ খটখটীৰে। তাতে ভিজিটিং ৰুমত মেগান ৰৈ আছিল। তুলিকাক দেখি তাই চিন্তাক্লিষ্ট মুখেৰে কাষ চাপি আহিল। তুলিকাই তাইক হাতত ধৰি বহালে। সন্মুখৰ চকীখনতে নিজেও বহি লৈ তাই মেগানক সুধিলে,

‘কি হ’ল ভালকৈ কোৱাচোন মেগান!’

‘নাজানো তুলিকা, আজি স্কুলৰ পৰা আহি দেখিছোঁহি দেউতা বহা-কোঠাৰ আৰামী চকীখনতে কাতি হৈ পৰি আছে। ওচৰলৈ গৈ দেখোঁ সা-সুৰ নাই। ভয় খাই মই ৯১১ লৈ ফোন কৰি দিলোঁ। লগে লগে গাড়ীয়ে হস্পিতেল পোৱালেহি।’

চিন্তা আৰু ভয়ত মেগানৰ ক’লা পৰি যোৱা মুখখন দেখি তুলিকাৰ মনটো মমৰ দৰে গলি গ’ল যেন। মাক নোহোৱা এই তেৰবছৰীয়া ছোৱালীজনীয়ে কিজানি বৰ অকলশৰীয়া আৰু অসহায় অনুভৱ কৰিছে।

‘সকলো ঠিক হৈ যাব, মেগান!’ মেগানৰ হাতত জোৰেৰে খামুচি ধৰি থাকি তুলিকাই ক’লে। মেগানৰ দুচকুত দুটোপাল চকুপানীয়ে জিলমিল কৰিলে। ‘জনক চাব পাৰিলানে?’ তুলিকাই তাইলৈ টিছ্যু এখন আগবঢ়াই দি সুধিলে।

‘নাই, অহাৰে পৰা ইয়াতে ৰৈ আছোঁ। আণ্ট অ’ৰলাই কৈছে অলপ পিছতে সোমাবলৈ দিব। তেওঁ ইয়াৰে নাৰ্ছ!’

ইয়াৰ হস্পিতেলত সাধাৰণতেই ৰোগীৰ কোঠালৈ পৰিয়ালৰ মানুহৰ বাহিৰে অন্য কাকো সোমাবলৈ নিদিয়ে। পৰিয়ালৰ মানুহ থকাৰো প্ৰয়োজন নাই। কাৰণ নাৰ্ছেই ৰোগীৰ স্বাস্থ্য-খোৱা-লোৱা সকলো যত্ন লয়। গতিকে দুয়ো সেই নাৰ্ছগৰাকী আহি খৱৰ দিয়ালৈকে বাট চালে। দহমিনিটমানৰ পিছতে ক’ৰিড’ৰেদি আগবাঢ়ি আহিল নীলা এপ্ৰ’ন পৰিহিতা এগৰাকী নাৰ্ছ। শুকুলা চুলিটাৰিৰে এগৰাকী মধ্যবয়সীয়া মহিলা।

‘হাই মেগান। কেনে আছা?’ তেওঁ কোমল মাতেৰে মাত দিলে।

‘মই ঠিকেই আছোঁ আণ্ট অ’ৰলা।’ মেগান তেতিয়ালৈ প্ৰকৃতিস্থ হৈছিল কিন্তু মাতটো তেতিয়াও সেমেকা। তথাপিও জোৰ কৰি হাঁহিবৰ চেষ্টা কৰি তাই ক’লে, ‘এয়া তুলিকা। তুলিকা, এয়াই মোৰ আণ্ট অ’ৰলা।’

এইবাৰ অ’ৰলাই তুলিকালৈ চালে। তেওঁলৈ চাই চাই তুলিকাই ভাৱিলে, নামে-মুখে মানুহগৰাকী ইমান চিনাকি যেন লাগিছে! তাই মনত পেলাবৰ চেষ্টা কৰিলে। কিন্তু তাই কিবা কোৱাৰ আগতেই অ’ৰলাই কৈ পেলালে,

‘তুলিকা……তুলিকা- তুমিয়ে নেচাৰৰ তুলিকা নহয় জানো?’

তাই আচৰিত হৈ গ’ল। কিন্তু লগে লগে স্মৃতিৰ একোণ যেন চমকি উঠিল। এয়া অ’ৰলা। কেলামৰ পত্নী অ’ৰলা। কাৰলিউ ক্ৰুজত শেষ দেখা পাইছিল! তেওঁকে কাৰলিউ চৰাইৰ পোৱালি দেখুৱাবলৈ ৰায়ানৰ ওচৰলৈ লৈ গৈছিল তাই!

‘তুমি সেই অ’ৰলা, মানে কেলামৰ অ’ৰলা নহয়নে?’

অ’ৰলাই মিঠাকৈ হাঁহিলে। ‘ঠিকেই কৈছা। সেয়া ময়েই!’

‘তুমি ইয়াত কাম কৰা বুলি জনা নাছিলোঁ। তুমিয়ে মেগানৰ আণ্ট বুলিয়ো ভবাই নাছিলোঁ!’

‘কেনেকৈনো জানিবা! বহুত দিনৰ মূৰত তোমাক লগ পাই ভাল লাগিল তুলিকা!’

‘মোৰো তোমাক লগ পাই বহুত ভাল লাগিছে। ইমান দিন হৈ গ’ল! কেলামৰ ভাল নে?’

‘ভাল ভাল! কেলামেও তোমাক লগ পোৱা বুলি জানিলে বৰ ভাল পাব।’

এইবাৰ মেগানৰ মুখলৈ এপলক চাই তুলিকাই প্ৰসংগ সলালে, ‘অ’ৰলা, তুমিয়ে কোৱাচোন, জনৰ কি হৈছে? মেগানে বৰ চিন্তা কৰি আছে।’

‘হাই প্ৰেছাৰৰ সমস্যা তেওঁৰ আগৰে পৰা আছিল। দুদিনমান টেবলেট নিয়মীয়াকৈ খোৱা নাছিল নেকি- সেয়ে এই ঘটনা। আজিৰ ৰাতিটো ইয়াতে থাকিব লাগিব। কিন্তু এতিয়া বিশেষ চিন্তাৰ কাৰণ নাই।’ তাৰপিছত অ’ৰলাই মেগানৰ ফালে চাই ক’লে,

‘একো চিন্তা নকৰিবা মেগান। দেউতা ঠিকে আছে। অলপ আগতে সাৰ পাইছে। তুমি এবাৰ মাত লগাই আহাগৈ যোৱা।’

মেগান উঠি গ’ল। অ’ৰলাই তাইক জনক ৰখা কোঠাটোৰ দুৱাৰমুখলৈকে আগবঢ়াই দিলে। তুলিকা বাহিৰতে ৰ’ল। সেই ব্যক্তিগত মুহূৰ্তত আমনি দিবৰ ইচ্ছা নহ’ল তাইৰ। ভিজিটিং ৰুমতে মেগাজিনৰ পাত লুটিয়াই তাই বহি ৰ’ল। কিছুসময়ৰ পিছতে মেগান আৰু অ’ৰলা দুয়ো ওলাই আহিল। মেগানৰ মুখখন অলপ মুকলি হৈছে তেতিয়ালৈ। তাকে মন কৰি তুলিকাই স্বস্তিৰ নিশ্বাস পেলালে। অ’ৰলাই ক’লে,

‘জন আজি হস্পিটেলতে থাকিব কাৰণে মেগানক মোৰ ঘৰতে ৰাতিটোৰ কাৰণে থাকিবলৈ কৈছোঁ। স্কুলৰ পৰা আহি বেচেৰীয়ে একো এটা মুখত দিবলৈকে নাপালে। মোৰো শ্বিফট শেষ হ’বৰ হৈছে। একেলগেই যাব পাৰিম।’

‘কিন্তু মোৰ যে যুব খেতিয়কৰ আবেদনখন জমা দিবলৈ আছে! তুলিকাই মোক সহায় কৰি দিয়াৰ কথা আছিল।’ মেগানে অ’ৰলালৈ চাই ক’লে।

‘জমা দিয়াৰ শেষ তাৰিখ কাইলৈহে। মই কাইলৈ আকৌ আহিম দিয়া মেগান। আজি তুমি জিৰণি লোৱাগৈ।’ তুলিকাই ক’লে।

এইবাৰ অ’ৰলাই ক্ষন্তেক ভাৱি ক’লে,

‘তাতকৈ এটা কাম কৰোঁ দিয়া। তুলিকা, তুমিও ওলোৱা। মেগান আৰু মোৰ লগতে আমাৰ ঘৰলৈকে ব’লা। তাতে কামখিনি সামৰিব পাৰিবা। তোমাক লগ পালে কেলামেও খুউব ভাল পাব।’

মেগানেও তাতে জোৰ দি ধৰাত উপায়ন্তৰ হৈ তুলিকা ওলাল। জনৰ অৱস্থাটোৰ কথা কৈ মাৰ্কলৈ এটা মেচেজ দি থ’লে। কিছুসময়ৰ পিছতে তিনিও হস্পিটেলৰ পৰা ওলাই আহিল। অ’ৰলাই কোৱাৰ দৰেই তেওঁৰ বগা ভক্সৱাগেন গাড়ীৰ পিছে পিছে তুলিকাৰ গাড়ী আগবাঢ়িল। মেগানে তাইৰ কাষৰ আসনতে আঁউজি নিমাতে বহি ৰ’ল।

‘চিন্তা নকৰিবা মেগান। অ’ৰলাই কৈছে নহয়- জন ভাল হৈ যাব!’ ছোৱালীজনীক যেন কেনেকৈ আশ্বাস দিব তুলিকাই ভাৱিয়ে নাপালে।

‘আগতেও দুবাৰ এনে হৈছে জানা তুলিকা। দেউতাই একেবাৰেই নিজৰ যত্ন নলয় - সেইকাৰণেইতো মোৰ চিন্তা হয়।’

‘হয় নেকি? আগতেও এনেকৈয়ে হস্পিতেলত আছিল?’

‘অঁ, মাত্ৰ তিনিমাহ আগতে ৯১১ ৰ গাড়ীয়ে লৈ আনিছিল দেউতাক। ডক্তৰে কৈছিল প্ৰেছাৰৰ ঔষধ খোৱা বন্ধ কৰাৰ কাৰণে সেই অৱস্থা। সেইবাৰো আণ্ট অ’ৰলাই বহুত সহায় কৰিছিল।’

মেগানৰ কথাখিনিয়ে তুলিকাক অলপ চিন্তাত পেলালে। এনে ঘটনা যদি আগতেও হৈছে তেনে চিন্তা কৰিব লগীয়া কথাই। কিন্তু সেয়া মেগানক এই সময়ত বেছিকৈ সোধাৰ ইচ্ছা নহ’ল তাইৰ। এই সৰু ছোৱালীজনীয়ে আৰু কিমান চিন্তা কৰিব! অ’ৰলাকে সুধিব লাগিব, তাই ভাৱিলে।

‘অ’ৰলা তোমাৰ আণ্ট কেনেকৈ, মেগান?’ তুলিকাই সেই প্ৰসংগতে সুধিলে।

‘মোৰ মাৰ বান্ধৱী আছিল আণ্ট অ’ৰলা। সৰুৰে পৰা একেলগে ডাঙৰ হোৱা খেলৰ লগৰীয়া। মা ঢুকুৱাৰ পৰা আজি পাঁচবছৰ ধৰি আণ্ট অ’ৰলায়ে মোৰ খৱৰ ৰাখে। প্ৰয়োজনত সহায় কৰে। দেউতাৰ খঙৰ কোবতে পৰিয়ালৰ বাকী মানুহবোৰ বা ওচৰ-চুবুৰীয়া কোনো আমাৰ খৱৰ ল’বলৈ বৰকৈ নাহে।’

অ’ৰলাৰ গাড়ীৰ ওপৰত চকু ৰাখিয়ে তুলিকাই শুনি গ’ল। মেগানৰ কথাবোৰ শুনি শুনি তাইৰ বুকুখন যেন মোচৰ খাই উঠিল। কিন্তু এইবাৰ তাইৰ মনোযোগ আকৰ্ষণ কৰিলে সন্মুখৰ বাটটোৱে। এনিছকিলেন টাউনৰ পৰা ওলাই সিহঁতৰ গাড়ী দুখন ইতিমধ্যে আইৰিছ কান্ট্ৰিছাইডত সোমাইছেগৈ। ঠেক বাটটোৰ কাষতে চাইনবৰ্ড খন দেখি তুলিকা খুউব কৌতুহলী হৈ পৰিল। এয়া টেম্প’ ৰ’ড৷ সেইবাবেইতো এই বাট ইমান চিনাকি চিনাকি যেন লাগিছে। এই টেম্প’ ৰ’ডতে কেলামৰ সৈতে তাই গাড়ী চলাবলৈ শিকিছিল। তেনে কেলাম আৰু অ’ৰলা অ’মা টাউনৰ ঘৰত নহয়, আজিকালি ইয়াতহে থাকে! ঠেক হেলনীয়া বাটটোৰে গাড়ী যিমানেই আগবাঢ়িল সিমানেই তুলিকাৰ কৌতুহল বাঢ়ি গ’ল। কিছু পৰৰ পিছতে অ’ৰলাৰ গাড়ীখন ৰ’লগৈ তুলিকাৰ চিনাকি সেই পাহাৰৰ শিখৰত। টপড্‌ মাউণ্টেইন এয়া। ইয়ালৈকে আজি এবছৰমানৰ আগতে কেলামে তাইক লৈ আনিছিল। তেওঁৰ অতীতৰ এক অধ্যায়ৰ সৈতে চিনাকি কৰাই দিছিল তাইক।

অ’ৰলাৰ গাড়ীৰ কাষতে মিনি কুপাৰখন ৰ’ল। অ’ৰলাৰ পিছে পিছে মেগান আৰু তুলিকাও সোমাই গ’ল। যোৱাবাৰৰ দৰে শুকুলা ডাৱৰে আজি আকাশখন গিলি থোৱা নাই। আজি গ্ৰীষ্মৰ ফটফটীয়া নিলীম আকাশ সিহঁতৰ সন্মুখত। সেয়ে কেলামে কোৱাৰ দৰেই দূৰৈৰ উজনি আৰু নামনি লখ আৰ্ণৰ লগতে গোটেই ফাৰমানা খনে সিহঁতৰ চকুৰ সন্মুখত ধৰা দিছে। আকৌ এবাৰ সেই অপূৰ্ব দৃশ্যই তুলিকাক শিহৰিত কৰি তুলিছে।

টপড মাউণ্টেইনৰ বিশাল ফাৰ্মহাউছটোৰ ৰং বদলিছে। ডাঠ নীলা বেৰত বগা ৰং দিয়া দুৱাৰ-খিৰিকিবোৰেৰে ঘৰটো আঁকি থোৱা ঘৰ যেন দেখাইছে। ফাৰ্মহাউছৰ মুকলি ঘাঁহনি আগৰদৰে অযত্নপালিত হৈ ৰোৱা নাই। বগা কাঠৰ গেইটৰ পৰা ঘৰৰ দুৱাৰমুখলৈ এতিয়া শিল পৰা বাটচ’ৰা। তাৰ দুয়োফালে গ্ৰীষ্মৰ ফুলনিত বগা হাইড্ৰেঞ্জিয়া, গোলাপী ফুকছিয়া আৰু লাইলাক ফুলৰ বাহাৰ। তেনে, তেনে কেলাম আৰু অ’ৰলা পূৰ্বৰ ঘৰলৈকে ঘূৰি আহিল? সেই বাটেৰে আগবাঢ়ি যাওঁতে নানা প্ৰশ্নই তুলিকাৰ মনত খেলা কৰি থাকিল।

দুৱাৰ খুলি অ’ৰলাই মাত দিলে, ‘সোমাই আহা, পিছচোতালতে বহিবাহি।’

দুৱাৰ খোলাৰ লগে লগে দৌৰি আহিল এহাল ল’ৰা-ছোৱালী। দুয়ো দুই-তিনিবছৰীয়া হ’ব। কোনোমতে মুখ ফুটাই ল’ৰাটোৱে ক’লে, ‘মেগান!’

সিহঁতক দেখি মেগানৰ চকু-মুখ উজলি উঠিল। আঠুকাঁঢ়ি লৈ তাই দুয়োকে দুয়োহাতেৰে সাৱটি ধৰিলে। তাইৰ পিছে পিছে কেলাম। কেলামৰ ভৰিত আঁঠুলৈকে পৰা গামবুট। দেহত খাকী অভাৰ অল। খেতিয়কৰ চিৰাচৰিত এটা সাঁজ। কিমান দিনৰ মূৰতযে তাই দেখা পালে কেলামক!

‘হাই তুলিকা, হুৱাটছ্‌ দ্য ক্ৰেইক। অ’ৰলাই মোক কোৱাৰ পিছত বাট চায়ে আছিলোঁ! আহা আহা।

‘এয়া কেলি আৰু হেনৰি। মোৰ নাতি-নাতিনী। মোৰ ডাঙৰ ছোৱালীৰ ল’ৰা-ছোৱালী।’ কেলামেই কণমানি দুটিৰ লগত চিনাকি কৰাই দিলে। সিহঁত ইতিমধ্যে মেগানৰ লগত খেলাত ব্যস্ত হৈ পৰিল। অ’ৰলাই সিহঁতক খাবলৈ ইটো-সিটো যতনাই দিলে। কেলামৰ পিছে পিছে গৈ তুলিকা পিছছোতালতে কাঠেৰে সজা পৰ্চতে বহিল। সেইখিনিতে কাঠৰ চকী-মেজ আৰু বাৰ্বিকিউ এটাৰে আলহী সোধাৰ ব্যৱস্থা কৰি লৈছে তেওঁলোকে।

কফি মাগতে টিবেগ একোটা দি লৈ তাত ষ্টিলৰ কেটলটোৰ পৰা উতলা পানী বাকি দি কেলামে সুধিলে,

‘কেনে লাগিছে মোৰ নতুন ঘৰ?’ তেওঁ দুচকুত সুখ আৰু গৌৰৱৰ জিলিঙলি, ‘আচলতে পুৰণি কিন্তু নতুন ঘৰ!’ তেওঁ স্বগতোক্তি কৰাৰ দৰে ক’লে।

তুলিকা যেন অভিভূত হৈ পৰিল। সেই একেই শান্ত কপৌৰ দৰে মাতেৰে কেলামে কৈ গ’ল, তেওঁলোকৰ এই ঘৰলৈ অহা এমাহমানহে হৈছে। জীৱনৰ একাল পাৰ কৰা এই পৈতৃক ঘৰ-বাঁৰী পৰিস্থিতিৰ দায়ত পৰি জৰ্ডি পৰিয়ালটোক বেচি দিব লগা হৈছিল। কিন্তু সেই কথাটোৱে অহৰহ যেন কেলামক পীড়া দি আছিল। অ’ৰলাৰ ঘৰত সুখৰ সংসাৰ এখন গঢ়িলেও সেই স্মৃতিবোৰে দুখ দিছিল তেওঁক। অ’ৰলাই বুজিছিল, সান্তনা দিছিল। আজি কেইমাহমানৰ আগতে পিছে তেওঁলোকে গম পালে যে জৰ্ডি পৰিয়ালটোৱে এই ঘৰ-মাটি বেচিবলৈ ওলাইছে। তেওঁলোকে হেনো ৰিপাব্লিকৰ ক’ৰৱাত সাগৰৰ পাৰত হ’লিডে’ হোম কিনিব খুজিছে।

এই ঘৰটো আকৌ আনৰ হাতলৈ যোৱাটো কেলামৰ সহ্য কৰিবলৈ টান হ’ল। অ’ৰলা আৰু তেওঁৰ সাঁচতীয়া টকা মিলাই এই ঘৰ-মাটিৰ ডাউন পেমেণ্ট কৰি দিলে। কেলামৰ ডাঙৰ ছোৱালী আৰু জোৱায়েও সহায়ৰ হাত আগবঢ়ালে। ঠিক হ’ল, দুয়োটি পৰিয়াল ইয়াতে থাকিব। তিনিমাহৰ আগতে তেওঁলোক অ’ৰমা টাউনৰ ঘৰৰ পৰা ইয়ালৈ উঠি আহিল। সেই ঘৰ অ’ৰলাৰ পুতেকে সামৰি ল’লে। ইয়ালৈ আহি কেলাম আৰু জোৱায়েক বাৰ্কে মিলি গোটেই ঘৰটো মেৰামতি কৰি নতুনকৈ ৰং কৰি পেলালে।

‘অ’ৰলাই ক’লে, ঘৰ-মাটি ইয়াতে হ’ল যেতিয়া এতিয়া খেতিতো লাগিব পাৰিবা। ড্ৰাইভিং প্ৰশিক্ষণৰ কষ্ট বাদ দিয়া আৰু!’ কেলামে চাহত শোহা এটা মাৰিলে। তাৰপিছত দিগন্তৰ লখ আৰ্ণলৈ চাই চাই ক’লে, ‘লোণ লৈ আইৰিছ মইল গৰু এহাল কিনিলোঁ বুজিছা। গ্ৰীণ হাউচ এটাও সাজিছোঁ। আলু খেতি কৰিম।’




তুলিকা যেন অভিভূত হৈ পৰিল। একোকে ক’ব নোৱাৰিলে তাই। কেলামে দেখুৱাই গ’ল, দেউতাকে ৰুৱা চোতালৰ বাৰ্চ্চ আৰু হেজেল গছ কেইজোপাৰ তলি তেওঁ চিকুণাই পেলাইছে, একোণৰ অপতৃণই ছাটি ধৰা কণমানি পুখুৰীটো মোকলাই দিছে। এই ঘৰ আৰু বাঁৰী যেন নতুনকৈ জীপাল হৈ পৰিছে।

‘আগৰ এই ঘৰ আৰু খেতিত মন দি আকৌ নতুনকৈ জীৱন এটা পোৱা যেন লাগিছে জানা, তুলিকা!’ কেলামে কৈ উঠিল।

তুলিকাৰ মন ভৰি গ’ল। যেন হাজাৰ নিৰাশাৰ মাজতো আশাৰ এটা সোপান দেখা পালে তাই। ভাৱ হ’ল যেন, অন্তৰেৰে বিচাৰিলে এই সমগ্ৰ বিশ্বব্ৰহ্মাণ্ডই জীৱনক বাট উলিয়াই দিয়ে সেই লক্ষ্যৰ দিশে। যেন এই পৃথিৱীত এতিয়াও বিশ্বাস আছে, হেৰুৱাই পোৱাৰ এনে বহু কাহিনী আছে। তাকে বুজিবলৈ মাথোঁ লাগে এক অন্তৰ্দৃষ্টি আৰু সততা। কেলাম আৰু অ’ৰলাৰ বাবে সুখী হৈ পৰিল তাই।

এইবাৰ মেগান আহি তুলিকাৰ লগত বহা-কোঠাতে বহিল। দুয়ো মিলি যুৱ খেতিয়কৰ আবেদনখনত লাগি পৰিল। কেলামে অ’ৰলাৰ সৈতে পাকঘৰত লাগিলগৈ। আঠজনীয়া খোৱা মেজখনত অ’ৰলাৰ পৰিয়ালৰ সকলোৰে সৈতে তুলিকা আৰু মেগানে হাঁহি স্ফূৰ্তিৰে ৰাতিৰ সাঁজ খালে। খাই উঠি আকৌ কেলী আৰু হেনৰীক কেলামে সাধু কিতাপ পঢ়ি দিব লগা হ’ল। অ’ৰলাই মেগানক শুবলৈ কোঠাটো ঠিক কৰি দিলেগৈ।

তুলিকা যাবলৈ উঠিব খুজিছিল। অ’ৰলাই ক’লে, ‘চাহ একাপ খাই যোৱা। ৰ’য়েল বেংগল হাৰ্বেল টি। টোপনিত একো আমনি নকৰে।’

তাই বহা-কোঠাতে অ’ৰলাৰ সৈতে বহিল। অ’ৰলাই হাততে চাহকাপ দিলে। তাৰপিছত তুলিকাৰ সন্মুখৰ আৰামী চকীখনতে বহি অ’ৰলাই কূৰ্চাই কৰিবলৈ উলিয়াই ল’লে।

এই ফুটগধূলিতে ঘৰটো নিজান হৈ পৰিল। বহা-কোঠাৰ ৱালক্লকটোৰ টিক টিক শব্দ পৰ্যন্ত শুনা গ’ল। কূৰ্চাইৰ লগে লগে ব্যস্ত হৈ পৰা অ’ৰলালৈ চাই তাই সুধিলে,

‘ইমান ধুনীয়াকৈ কি কৰিছে, অ’ৰলা?’

‘কেলীৰ কাৰণে স্কাৰ্ফ।’ তাৰপিছত কাষতে থকা ঊলৰ এজাৰ বৰণীয়া বলটোলৈ দেখুৱাই ক’লে, ‘এয়া মেগানৰ কাৰণে ৰাখিছোঁ। তাইৰ স্কাৰ্ফত আকৌ বগাত বেঙুনীয়া ফুল তুলি দিব লাগে!’

তুলিকাৰ মাকলৈ মনত পৰিল। মনত পৰিল মাকে গোঁথা ঊলৰ চুৱেটাৰৰ উমলৈ। ভাল লাগিল মাক নাথাকিলেও মেগানে সেই উম অনুভৱ কৰিবলৈ পোৱাত।

‘মেগানক তুমি সৰুৰে পৰাই পাইছা, নহয় অ’ৰলা?’

‘অঁ, তাইৰ মাক ন’ৰা মোৰ বৰ নলেগলে লগা বন্ধু আছিল জানা! সৰুতে একেলগে খেলিছিলোঁ। সকলো কথা পাতিছিলোঁ। একেলগে হাঁহিছিলোঁ-কান্দিছিলোঁ। কোনোদিনে কাৰো একো বেয়া নভৱা, খেতিত দিনে ৰাতিয়ে পৰিশ্ৰম কৰি ঘৰখন সজোৱা মানুহজনীক কেন্সাৰে লৈ গ’ল! মেগান মাথোঁ তিনিবছৰীয়া তেতিয়া। আমিবোৰ দুখত নিথৰ হৈ গৈছিলোঁ।’ অ’ৰলাৰ মাতটো কঁপিল। যেন আকৌ এবাৰ তেওঁ অনুভৱ কৰিলে সেই অসহায় যন্ত্ৰণা, হেৰুওৱাৰ সেই বেদনা!

‘সময়ৰ লগে লগে আমি সেই দুখ সহজে ল’বলৈ চেষ্টা কৰিলোঁ। কিন্তু ন’ৰাই এৰি যোৱাৰ পৰাই যেন জন মানুহটো সলনি হৈ গ’ল! বিশ্বাস কৰিবানে, ন’ৰা থকালৈকে জনৰ খঙাল ৰূপ কোনেও দেখা নাছিল। এতিয়া যেন মানুহটোৰ জীৱনটোৰ ওপৰতে খং। কোনো মানুহকেই সহ্য কৰিব নোৱাৰে। আনকি কেতিয়াবা মানুহজনীৰ ফটোলৈ চায়ো খং কৰে। নিজে সৰগলৈ গৈ তেওঁক এই সংসাৰত এৰি গ’ল বুলি। মানুহটোৰ খঙৰ প্ৰকোপতে আত্মীয়-স্বজন ওচৰ নচপাই হৈছে। মই সকলোবোৰ জানো আৰু বুজোঁ- সেয়ে সেইবোৰ ধৰি নাথাকোঁ। কিন্তু চিন্তা হয় জানা, জনে এনেকৈ থাকিলে মেগানৰ কি হ’ব!’

‘আগতেও এনেকৈ এবাৰ হস্পিতেলত ভৰ্তি হৈছিল হেনো?’ তুলিকাই নুসুধি নোৱাৰিলে।

‘তাকে, মোৰ সন্দেহ হয়, জনে ইচ্ছা কৰিয়ে প্ৰেছাৰৰ ঔষধ নাখায়। কিবা হয় যদি হওকেই বুলি!’ কথাষাৰ অ’ৰলাই ফুচফুচাই কোৱাৰ দৰে ক’লে।

তুলিকাই নক’লে কিশোৰী মগজুৰেই মেগানেও সেই সন্দেহেই কৰিবলৈ লৈছে। নক’লেও দুয়ো বুজিলে, জন আশাহীন হৈ পৰিছে। পত্নীৰ অকাল বিয়োগে তেওঁক বিষণ্ণতাত ভোগাইছে। আজি অতবছৰৰ পিছতো সেই ঘটনা তেওঁ সহজভাৱে ল’ব পৰা নাই। সেই অকথিত যন্ত্ৰণা আৰু বিষণ্ণতাই খঙৰ ৰূপ লৈ প্ৰকাশৰ বাট বিচাৰি লৈছে।

সিদিনা টপড্‌ মাউণ্টেইন এৰি ওলোৱাৰ পৰত তুলিকাই অ’ৰলাৰ হাতত মিচেলৰ কাৰ্ডখন তুলি দি ক’লে,

‘সুযোগ-সুবিধা পালে এওঁৰ ওচৰলৈ এবাৰ যাবলৈ জনক বুজাবাচোন। বহুত সহায় হ’ব- জনৰ বাবেও, মেগানৰ বাবেও।’

অ’ৰলাই মিচেলৰ কাৰ্ডখন চালে। কিবা এটা বুজিলে। কিন্তু একো নকৈ মাথোঁ মূৰ দুপিয়ালে। মেগান তেতিয়া ভৰ টোপনিত!

পূৰ্বৰ খণ্ডসমূহ:

  • ফাৰমানা (প্ৰথম খণ্ড)
  • ফাৰমানা (দ্বিতীয় খণ্ড)
  • ফাৰমানা (তৃতীয় খণ্ড)
  • ফাৰমানা (চতুৰ্থ খণ্ড)
  • ফাৰমানা (পঞ্চম খণ্ড)
  • ফাৰমানা (ষষ্ঠ খণ্ড)
  • ফাৰমানা (সপ্তম খণ্ড)
  • ফাৰমানা (অষ্টম খণ্ড)
  • ফাৰমানা (নৱম খণ্ড)
  • ফাৰমানা (দশম খণ্ড)
  • ফাৰমানা (একাদশ খণ্ড)
  • ফাৰমানা (দ্বাদশ খণ্ড)
  • ফাৰমানা (ত্ৰয়োদশ খণ্ড)
  • ফাৰমানা (চতুৰ্দশ খণ্ড)
  • ফাৰমানা (পঞ্চদশ খণ্ড)
  • ফাৰমানা (ষষ্ঠদশ খণ্ড)
  • ফাৰমানা (সপ্তদশ খণ্ড)
  • ফাৰমানা (অষ্টদশ খণ্ড)
  • ফাৰমানা (উনবিংশ খণ্ড)
  • ফাৰমানা (বিংশ খণ্ড)
  • ফাৰমানা ( একবিংশ খণ্ড)

  • No comments:

    Post a Comment