Friday 8 March 2024

ফাৰমানা (একবিংশ খণ্ড)

‘আজি টুলীলৈ নোযোৱা নেকি দেউতা?’

মিনলাই লাহেকৈ হেঁচুকি দিয়াত মাৰ্ক যেন চমক খাই উঠিল। তেওঁ বাৰাণ্ডাৰ আৰামী চকীখনতে বহি লৈ কিতাপ এখন পঢ়ি আছিল। স্প্ৰুচ গছজোপাৰ চিৰিলি পাতৰ মাজেৰে আবেলিৰ কোমল ৰ’দজাক তেওঁৰ গাত পৰিছিলহি। তাৰে আমেজ লৈ পঢ়ি থকাৰ মাজতে চিলমিলকৈ টোপনি যোৱাৰ দৰেই হৈছিল কিজানি!

ঠিকেইতো, আজি বুধবাৰ। প্ৰতি বুধবাৰে আবেলি তেওঁলোক টুলীৰ অৰণ্যলৈ খোজ কাঢ়িবলৈ যায়। মিনলাই কিজানি প্ৰথম খোজ কাঢ়িবলৈ লোৱাৰ সময়ৰ পৰাই তেওঁলোকৰ এই নিয়মীয়া ৰুটিন। কিন্তু সেই জীৱনটোৱে একে নাথাকিল যেতিয়া এনে দৈনন্দিন ৰুটিনৰ মূল্য কি থাকিল? সেইবাবেই কিজানি অতদিনৰ অভ্যাসটোও আজি মাৰ্কৰ মনত নপৰিল! বৰ খৰকৈ যেন সকলো সলনি হৈ গৈছে। এই ঘৰ, এই জীৱন- সকলো অচিনাকি হৈ পৰিছে মাৰ্কৰ বাবে। আন্যাই এই ঘৰ এৰি ওলাই যোৱাৰে পৰা তেওঁ যেন ক্ৰমাৎ নিজকে হেৰুৱাবলৈ আৰম্ভ কৰিছে। ভেৰ’নিকাৰ ঘৰত আন্যাৰ জীৱনৰ নতুন অধ্যায়টোয়ে যে মাৰ্কৰ স্বাভাৱিক জীৱনটো ঢাহি-মোহাৰি লৈ গ’ল।

‘ওলোৱাগৈ দেউতা। আজি বতৰ ভাল। চৰাই চাবলৈকো ভাল লাগিব।’ দেউতাকৰ মনৰ অৱস্থা বুজিয়ে যেন মিনলাই একপ্ৰকাৰ জোৰ কৰিলে। তাইৰ এঘাৰবছৰীয়া হৃদয়খনেও অনুভৱ কৰিছে মাক যোৱাৰে পৰা দেউতাকৰ যেন উশাহবোৰ কষ্টকৰ হৈ পৰিছে, খেলিমেলি হৈ গৈছে গতানুগতিক জীৱন। সেইবাবেই মিনলাই নিজেই মাক আৰু দেউতাকৰ সৈতে ভাগে ভাগে কটাব লগা সময় মিলাই লৈছে - তাই এসপ্তাহ মাকৰ সৈতে থাকিব, এসপ্তাহ দেউতাকৰ সৈতে। আন্যা সেই একেটা বাটতে থকা ভেৰ’নিকাৰ ঘৰত। গতিকে তাইৰ অহা-যোৱাত একো অসুবিধা নহয়। মাৰ্ক আৰু আন্যাই সেয়া বিনা প্ৰতিবাদে মানি লৈছে। কেতিয়াবা যে আঁউসীৰ অন্ধকাৰে দিকভ্ৰান্ত কৰি পেলোৱা মাক-দেউতাকক চাকি এগছি হৈ পোহৰ দেখুৱাব লগা হয় আপোন সন্তানেই। আজিৰ এইটো কাৰণতে তাই স্কুলৰ পৰা বাহিৰে বাহিৰে দেউতাকৰ ওচৰলৈকে আহিছে।

অগ্যতা মাৰ্ক চকীখনৰ পৰা উঠি ঘৰৰ ভিতৰলৈ সোমাই গ’ল। ৰ’দজাক এতিয়াও উজ্বল যদিও সন্ধিয়ালৈ ঠাণ্ডা লাগিব পাৰে। তাতে লখ আৰ্ণৰ পাৰত বতাহৰ কোবটোও বেছি। সেয়ে তেওঁ পাতলীয়া জেকেট এটা গাত লগাই ল’লে।

‘ব’লা, মই সাজু!’ বাহিৰতে ৰৈ থকা মিনলাৰ কান্ধত হাতখন থৈ মাৰ্কে ক’লে। দুয়ো পদূলিৰ মূৰৰ কণমানি কাঠৰ গেইটখন ঠেলি ওলাই আহিল।

ফাৰমানাৰ চাৰ্চ হিল নামৰ টিলাটোৰ নামনিত তেওঁলোকৰ ঘৰখন। আহল-বহলকৈ দুমহলীয়া এটা বাংল’। তাৰপৰা টুলীৰ অৰণ্যলৈ খোজেৰে মাথোঁ আধাঘণ্টাৰ বাট। নামনি লখ আৰ্ণৰ দক্ষিণ পাৰটোৰ লখৰ ফাললৈ সোমাই যোৱা ঠাইডোখৰ আগুৰি টুলীৰ এই অৰণ্য। আচলতে আজি বাৰ বছৰৰ আগেয়ে এই ঘৰ কিনাৰ এটা কাৰণেই আছিল ঘৰৰ পৰা তেনেই ওচৰত থকা নামনি লখ আৰ্ণ আৰু তাৰ পাৰে পাৰে থকা সেউজীয়া অৰণ্যৰ লানি।

‘যেতিয়াই মন যায় লখৰ পাৰলৈ গুচি আহিব পাৰিম। ইয়াৰ পাৰৰ অৰণ্যবোৰত ঘুৰি ফুৰিব পাৰিম- আৰু কি লাগিছে!’ ঘৰতো প্ৰথম চোৱাৰ দিনা হাঁহি হাঁহি আন্যাই কৈছিল।

সেই মুহূৰ্তত আন্যাৰ চকুযুৰিত জিলমিলাই থকা সপোনটোৰ মায়াত ডুব গৈছিল মাৰ্ক। কৃতজ্ঞ হৈ পৰিছিল তেওঁৰ বাবেই নিজা দেশ আৰু পৰিয়াল এৰি আহি এই অজান্তি মুলুকত ঘৰ এখন পাতিব খোজা সেই আপোন মানুহগৰাকীৰ প্ৰতি। আন্যা নিজে ৰিয়েল ইষ্টেটৰ এজেণ্ট। ঘৰ কিনা-বেচাই তেওঁৰ পেছা। গতিকে এনে এটা ঘৰৰ মূল্য তেওঁ ভালদৰেই বুজিছিল। সেইবাবেইতো মিউনিখৰ পৰা আহি এবছৰৰ ভিতৰতে ফাৰমানাত নিজৰ এটা এজেঞ্চি বহুৱাব পাৰিছিল। কিন্তু আন্যাই জানো বুজিব সপোন ভঙা ঘৰ এখন কেনেকৈ শূন্য হৈ পৰে- কেনেকৈ হেৰাই যায় সুখ আৰু পৰিপূৰ্ণতাৰ শীতল ছাঁয়া? সেই ঘৰৰ জঁকা হৈ থিয় দি ৰয় মাথোঁ কংক্ৰিটৰ চাৰি বেৰা!

নাই নাই, মাৰ্কে কিয় কথাবোৰ এনেকৈ ভাৱিছে- নিজকে যেন প্ৰবোধ দিলে তেওঁ। যিমানেই হৃদয় বিদৰা সত্য নহওক, এই দু:সহ সময়ৰ বাবে, কঠিন বাস্তৱৰ বাবে তেওঁ আন্যাক দোষী সাজিব নোৱাৰে। কেৱল মাৰ্ক আৰু মিনলাৰ বাবেই আন্যাই হৃদয়ৰ সেই সত্যক আওকাণ কৰা হ’লে বা ভিতৰি হাঁহাকাৰ লৈ সুখী হোৱাৰ অভিনয় কৰি থকা হ’লে তেওঁ জানো নিজকে ক্ষমা কৰিব পাৰিলেহেঁতেন? আজি এমাহৰ আগতে ভেৰ’নিকাৰ ঘৰলৈ বুলি নিজৰ বয়-বস্তুবোৰ সামৰি থকাৰ পৰত আন্যাক তেওঁ নিজেই কৈছিল,

‘তোমাৰ সিদ্ধান্তক মই সন্মান কৰোঁ৷ কিন্তু, তুমি যাৰ লগতে নাথাকা, যেনেকৈয়ে নাভাৱা তোমাৰ প্ৰতি মোৰ ভালপোৱা, সেই টান একেই থাকিব আন্যা।’

আন্যাই কান্দি পেলাইছিল। তেওঁক সাবটি ধৰি হুকহুকাই কান্দি উঠিছিল মাৰ্কেও। আপোন মানুহজনীৰ চকুপানীৰ মাজেৰেও সুখৰ তিৰবিৰণি দেখা পাইছিল তেওঁ। এটা যেন গধুৰ শিল খহি পৰিছিল আন্যাৰ বুকুৰ পৰা। ইমানখিনিৰ পিছত তেওঁ সেই মানুহজনীক দোষী সাজিব নোৱাৰে।

‘তুমি ঠিকে আছা দেউতা?’ মিনলাৰ প্ৰশ্নটোৱে যেন মাৰ্কৰ সম্বিত ঘুৰাই আনিলে। নীৰৱে খোজ কাঢ়ি আহি তেওঁলোক লখ শ্ব’ৰ পথ পাৰ হ’বৰ হ’লেই। তাৰ পৰা পূবলৈ যোৱা ঠেক পকী বাটটোৰে আগবাঢ়ি গ’লেই টুলীৰ অৰণ্য আৰু দূৰ্গ।

‘ঠিকে আছোঁ মিনলা। তুমি? তোমাৰ স্কুল কেনে গ’ল আজি?’ স্বাভাৱিক হোৱাৰ যত্ন কৰি মাৰ্কে সুধিলে।

এনেয়ে এই ঠেক বাটটো পালেই মিনলাই খোজ কঢ়াৰ সলনি দুপ মাৰি মাৰি যোৱাদি যায়। কেতিয়াবা মাৰ্ক আৰু আন্যা কথা পতাত ব্যস্ত হৈ থাকিলে তাই দৌৰ দিয়ে বাটৰ দুয়োকাষে থকা পথাৰলৈ। প্ৰায়বোৰ পথাৰত এই সময়ত শুকান ঘাঁহনি- মাজে মাজে দুই এজোপা জোপোহা গছ। মিনলাই সেইবোৰৰ পৰা ভিন্ন ৰঙী বনৰীয়া ফুল বিচাৰি আনিবলৈ স্ফূৰ্তি পায়। আজি পিছে তাই সেইবোৰ একোকে নকৰিলে। শান্তভাৱে দেউতাকৰ লগে লগে খোজ দি গ’ল। আনকি লখ শ্ব’ৰ পথটো পাৰ হওঁতেই ধৰি লোৱা দেউতাকৰ সোঁহাতখনো এৰি নিদিলে।

‘স্কুল ঠিকেই গ’ল! আজি আমাৰ ক্লাছত সুধিছিল, আমি ডাঙৰ হ’লে কি হ’ব বিচাৰোঁ। মই সেয়ে তোমাৰ কথা ক’লোঁ জানা!’

‘মোৰ কথা? কি ক’লা?’ মাৰ্ক অলপ আচৰিত হ’ল যেন।

‘ক’লোঁ, ময়ো ডাঙৰ হ’লে তোমাৰ দৰে বিজ্ঞানী হ’ব খোজো। ক’লোঁ তুমি যে চৰাই ইমান ভাল পোৱা। ফাৰমানাৰ গোটেইবোৰ চৰাই তুমি চিনি পোৱা আৰু সিহঁতেও তোমাক ভালকৈয়ে চিনি পায়!’

মিনলাই কথা কেইষাৰ এনেকৈ ক’লে যেন সেয়া এক সহজ সত্য- কোনো সন্দেহৰ থল নাই তাত।

মাৰ্ক অভিভূত হৈ পৰিল। আন্যা বা তেওঁ নিজে কেতিয়াও এই কথাটো মিনলাক সোধাই নাছিল। তাইৰ কণমানি আকাশখন তেওঁলোকৰ আশা-আকাংক্ষাই ছাটি পেলোৱাতো তেওঁলোকে বিচৰা নাছিল- এতিয়াও নিবিচাৰে। মিনলাই নিজেই নিজৰ বাট বিচাৰি লওক- সেয়া আন্যাৰ একান্তই ইচ্ছা। মাৰ্কৰো।

‘মোৰ দৰে হ’বা তুমি? চৰাইবোৰেনো মোক চিনে বুলি কেনেকৈ জানিলা?’ মিচিকিয়া হাঁহি এটাৰে তেওঁ সুধিলে।

‘তোমাৰ দৰে হ’লে যে ধুনীয়া ধুনীয়া ঠাই চাবলৈ পাম, যেতিয়াই মন যায় হাবিয়ে-জংঘলে ঘুৰি ফুৰিব পাৰিম, ঢেৰ বনৰীয়া ফুল গোটাব পাৰিম- সেইকাৰণেই আকৌ।’ তাই দেউতাকলৈ চাই হাঁহিলে। মাৰ্কৰ মুখত হাঁহি বিৰিঙাব পাৰি যেন তাইৰ নিজকে বিজয়ীৰ দৰে লাগি গ’ল! অলপ ৰৈ তাই আকৌ ক’লে,

‘চৰাইবোৰে তোমাক চিনে কাৰণেইতো তোমাক লগ পাবলৈ আহে আকৌ! নহ’লে কোনেও নেদেখা চৰাইবোৰো তুমিয়ে কেনেকৈ প্ৰথম দেখাগৈ?’

এইবাৰ হো-হোৱাই হাঁহি পেলালে মাৰ্কে। মিনলাৰ কেকুঁৰা চুলিখিনিত মৰমেৰে হাত বুলাই দিলে। সঁচাই, এই চৰাইবোৰৰ সৈতে তেওঁৰ এক আত্মিক সম্পৰ্ক। বসন্ত অহাৰ লগে লগেই তেওঁৰ চকু আৰু কাণ সজাগ হৈ ৰয় প্ৰথম আলহী চৰাইকেইটাৰ বাবে। সময়মতে দেখা নাপালে, সিহঁতৰ মাত নুশুনিলে তেওঁ উচপিচাই থাকে। বন্ধুবৰ্গৰ লগত পাতে কোনোবাই বাৰীয়ে-জংঘলে বুলফিন্সৰ জাক দেখা পাইছে নেকি, ৱাৰ্বলাৰ চৰাইৰ মাত শুনিছে নেকি! প্ৰতিবছৰে সেই পৰিভ্ৰমী চৰাইবোৰক হেঁপাহেৰে ফাৰমানালৈ আদৰে, মাহৰ পিছৰ মাহ স্থানীয় চৰাইবোৰৰ প্ৰতিৰক্ষাৰ বাবে টাকুৰী ঘুৰাদি ঘুৰে মাৰ্কে। মিনলাৰ লগে লগে খোজ দি তেওঁ আজি প্ৰথমবাৰৰ বাবে ভাৱিলে, চৰাইবোৰৰ দৰেই ফাৰমানাৰ এই গছ-গছনিবোৰে তেওঁক চিনেনে? এই পথাৰ, লখ আৰ্ণৰ নীলিম ঢৌ, সুদূৰৰ সৰু-বৰ পাহাৰ এই সকলোবোৰেও একেদৰেই চিনেনে তেওঁক? চিনেনে ফাৰমানাৰ আত্মাই? সেই অনুভূতি এক শিহৰণ বৈ গ’ল মাৰ্কৰ মূৰৰ পৰা ভৰিলৈ!

দেউতাকে হঁহা দেখি মিনলাৰ মনটোও যেন মুকলি হ’ল। এইবাৰ তাই যোগ দিলে,

‘জানা দেউতা, জয়চে ক’লে সি ডাঙৰ হ’লে ফায়াৰমেন হ’ব। ৰঙা লাইট জ্বলাই লৈ ফায়াৰট্ৰাক খন চলাই জুই নুমুৱাই ফুৰিব হেনো।’ তাইৰ মাতৰ অসন্তুষ্টিৰ সুৰটোৱে মাৰ্কক আমোদ দিলে। মাৰ্ক আৰু আন্যাই মিনলাৰ মুখত এই জয়চৰ কথা কিমান যে শুনিছে! মিনলাৰ জীৱনৰ প্ৰথম ক্ৰাছ – প্ৰথম ভাল লগা! সেয়ে কিজানি তাই ভাৱি পোৱা নাই ফায়াৰমেনৰ গতিত পৰিৱেশ বিজ্ঞানীৰ থমকি ৰোৱাৰ আহৰি ক’ত থাকিব!

‘ফায়াৰমেনৰ কামো বহুত গুৰুত্বপূৰ্ণ মিনলা। তেওঁলোকে যে প্ৰতিদিনে কিমান মানুহক বিপদৰ পৰা বচায়!’

‘কিন্তু…কিন্তু দেউতা, সেই গাড়ীখনৰ চাইৰেণটোলৈ যে মোৰ ইমান ভয় লাগে। শুনিলেই বুকু কঁপি যায়, নহয়?’

মাৰ্কে হয়ভৰ দিলে। কিন্তু মনে মনে তেওঁ জীয়েকক লৈ এটা সকাহো অনুভৱ কৰিলে যেন। মাক-দেউতাকৰ ডিভৰ্চে অন্তত: এই বয়সতে তাইক সন্দিহান কৰি তোলা নাই সেই ৰোমাণ্টিক অনুভূতিবোৰৰ প্ৰতি।

তেওঁলোকৰ সোঁফালে ইতিমধ্যে টুলী দূৰ্গটো ধৰা দিছে। স্কটিছ শৈলীৰ সেই শিলৰ দুৰ্গৰ বহু অংশ জুইত জাহ গৈছে। কিন্তু কিছু অংশ অক্ষত এতিয়াও। সেইফালে চালে মাৰ্কে। মিনলাইও। এনেয়ে শনি বা দেওবাৰে তাত পৰ্য্যটক থাকেই। আজি পিছে নীৰৱ নিতাল হৈ এক নিৰ্মম ইতিহাস সাৱটি থিয় দি আছে আধাপোৰা শৈল দূৰ্গটো। ষোল্লশ শতিকাতে স্কটলেণ্ডৰ পৰা সপৰিয়ালে ইয়ালৈ আহি জন হিউমে এই দূৰ্গ সজাইছিল। বহুতো ইংৰাজৰ দৰেই তেৱোঁ এই আয়াৰলেণ্ডত বিশাল বাগিচা পাতিছিলহি। তাতে স্থানীয় কেথ’লিক আইৰিছ লোকসকলে মজদুৰি কৰিছিল। কিন্তু ইংৰাজৰ প্ৰভুত্বৰ দিনবোৰ লাহে লাহে সলনি হ’বলৈ আৰম্ভ কৰিছিল। জাতীয়তাবাদী তেজ সমগ্ৰ আয়াৰলেণ্ডৰ সিৰাই সিৰাই জাগি উঠিছিল। আৰম্ভ হৈছিল ১৬৪১-ৰ আইৰিছ বিপ্লৱ। 




ইংৰাজৰ জমিদাৰীত্ব নৎসাৎ কৰি নিজা মাটি-ভেঁটি পুনৰ দখল কৰিবলৈ আইৰিছসকলে অস্ত্ৰ ল’লে। তেনে এগৰাকী বিপ্লৱী সৈন্য ৰ’ৰি মেগুয়াৰে সেই সপোন সাকাৰ কৰিবলৈকে বৰদিনৰ আগদিনা আহি এই টুলী দূৰ্গ পাইছিলহি। তেওঁৰ লগত গাওঁ-ভুঁইৰ পৰা উঠি পৰি অহা অসংখ্য খেতিয়ক। ৰাইজৰ ৰূপ দেখি সেইসময়ত দূৰ্গত থকা হিউমৰ পত্নীয়ে ৰখীয়া-পৰীয়া সকলো লৈ আত্মসমৰ্পন কৰিলে। কিন্তু তাৰ পিছতো হিউমৰ পৰিয়ালক এৰি বাকী সকলোকে বৰদিনৰ দিনা হত্যা কৰা হ’ল। ৰ’ৰিৰ দলে দূৰ্গটো লুটপাত কৰি জ্বলাই দিলে। হিউমৰ পৰিয়ালে সেই নিৰ্মম বৰদিনৰ স্মৃতি লৈ স্কটলেণ্ডলৈ উভতি গ’ল, কেতিয়াও উভতি নহাৰ পণ লৈ!

‘আজি দূৰ্গলৈ নাযাওঁ দিয়া দেউতা।’ মিনলাই ক’লে।

মাৰ্কে হয়ভৰ দিলে। আজি তেওঁলোকে যেন সেই ট্ৰেজিক ইতিহাসৰ মুখামুখি হ’ব নোখোজে। সোঁৱৰিব নোখোজে দূৰ্গৰ বাহিৰে-ভিতৰে সিঁচৰতি হৈ থকা মাৰ্ক-আন্যা আৰু মিনলাৰ বুধবাৰৰ আবেলিবোৰ। সেয়াও যেন এই দূৰ্গৰে ট্ৰেজিক ইতিহাসৰ মাজত হেৰাই গ’ল! তাৰ সলনি দুয়ো সন্মুখৰ হাবিতলীয়া বাটটোৰে আগবাঢ়িল। টুলী বনাঞ্চলৰ সেউজীয়াই মেৰিয়াই ধৰিলেহি তেওঁলোকক। শাৰী শাৰী অ’ক আৰু বাৰ্চ গছে যেন মুহূৰ্ততে পৰিৱেশটোকে সলাই পেলালে। আবেলিৰ ৰ’দজাক এৰি তেওঁলোকে খোজ দিলে সেই গছৰ জুৰণীয়া ছাঁত। ব্ৰেম্ব’লৰ কাঁইটীয়া জোপোহাৰ আঁৰৰ পৰা থ্ৰাচ চৰাইৰ সতৰ্ক মাত ভাঁহি আহিল, ‘কি কিপ- কি কিপ- হুইইইই!’

মিনলাই সেইফালে চাই বিচাৰিব খুজিলে চৰাইটো। মাৰ্কে ক’লে,

‘সেইটো চৰাইৰ নাম চং থ্ৰাচ, মিনলা- গান গোৱা থ্ৰাচ চৰাই। ওচৰতে ক’ৰবাত সিহঁতৰ বাহো থাকিব পাৰে। দূৰৈৰ পৰাই চোৱা দেই!’

মিনলাই মূৰ দুপিয়ালে। কিন্তু একেসময়তে তাই ৰৈ হাউলি চোৱা বাটৰ দাঁতিৰ পৰা ডেইজী কেইপাহমান লৈ আহিল। মাৰ্কে এইবাৰ আপত্তি নকৰিলে। কাৰণ তেওঁ জানে হালধীয়া গুটিৰে বগা পাহিৰ এই ফুলপাহ মিনলাৰ প্ৰিয় ফুল। সেইখিনিৰ পিছতে বাটৰ দুয়োকাষে ৱিল’ আৰু অল্ডাৰ গছৰ লানি আৰম্ভ হ’ল। লখ আৰ্ণৰ পাৰ বাবেই এইখিনি ঠাই চেঁচুকীয়া। সেয়ে এইখিনিত ঢেঁকীয়া জাতীয় গছৰ ভিৰ। মিনলাই তাৰো পাত এখিলা ল’লে।

বেলি লহিয়াবৰ পৰতে তেওঁলোক গৈ লখ আৰ্ণ ওলালগৈ। পাৰতে সদায় বহা শিলছটাত দুয়ো বহি পৰিল। তেওঁলোকৰ সন্মুখত লখৰ সেন্দুৰীয়া ঢৌবোৰ জিলমিল কৰিছে। এজাক হাঁহ ফাৰমানাৰ আকাশেৰে ঘৰমুৱা হৈছে। সিহঁতৰ কাকলিতে মাৰ্কে গম পালে, সেয়া কানাডা গুজৰ জাক। তেতিয়াও দূৰৈৰ পানীত এহাল ৰাজ হংসই জলকেলি কৰি আছে। সেই সময় আৰু পৰিৱেশে যেন মাৰ্কক কিছু আবেগিক কৰি পেলালে। নোসোধো নোসোধোকৈও তেওঁ লাহেকৈ মিনলাক সুধি পেলালে,

‘আন্যা কেনে আছে, মিনলা?’

মিনলাই লগে লগে উত্তৰ নিদিলে। দেউতাকক কি বুলিনো ক’ব তাই ভাবি চালে। যোৱা এমাহতে যেন বহুত পৰিপক্ক হৈ পৰিছে সেই কিশোৰীজনী। প্ৰথমে মাক আৰু দেউতাকৰ ডিভৰ্চৰ খৱৰে তাইক ভীষণ ভয় খুৱাই দিছিল। তাৰপিছত তাই ক্ষুব্ধ হৈ পৰিছিল – তাইৰ সৈতে বহুত ডাঙৰ এটা অন্যায় হৈ যোৱা যেন লাগিছিল। কিমান দিন যে লুকাই লুকাই কান্দিছিল তাই! হোৱাই নোহোৱাই মাক নাইবা দেউতাকৰ সৈতে তৰ্কাতৰ্কি কৰিছিল।

কিন্তু এতিয়া যে তাই মাকক সঁচাই সুখী যেন দেখিছে। বিষণ্ণতাই ভৰ কৰা মানুহজনী যেন আকৌ জী উঠিছে। ভেৰ’নিকাই আগৰে পৰাই তাইক মৰম কৰে। এতিয়াও একেই হৈ ৰৈছে সেই আন্তৰিকতা। যোৱা সপ্তাহটো তেওঁলোকৰ লগত কিমান স্ফূৰ্তিৰে কটাই আহিছে তাই! বেয়া পাব খুজিও যেন তাই বেয়া পাব নোৱাৰা হৈ গৈছে। মাককো। ভেৰ’নিকাকো।

‘কি হ’ল, একো নক’লা যে?’ মাৰ্কে চকুৰ পৰা বাইন’কুলাৰ আঁতৰাই থৈ সুধিলে।

‘মা ঠিকে আছে, দেউতা। তোমাৰ কাৰণেহে চিন্তা কৰি আছে। মায়ো তোমাৰ কথা তেনেকৈয়ে সুধিছে।’

মাৰ্ক নীৰৱ হৈ ৰ’ল। নিজকে অলপ প্ৰবোধ দিলে। তেওঁৰ ভাৱ হ’ল যেন তেওঁ আৰু আন্যাই নিজৰ অজানিতে মিনলাৰ ওপৰতো এই বোজাৰ ভাৰখন জাপি দিছে। কিন্তু তেনে হোৱাৰতো কথা নাছিল। কথা আছিল মাৰ্ক আৰু আন্যাই সম্পৰ্কৰ স্বৰূপ নতুনকৈ গঢ়িলেও মিনলা একে হৈ ৰ’ৱ। মাক-দেউতাক হিচাপে মিনলাৰ ক্ষেত্ৰত এই পৰিৱৰ্ত্তনৰ একো প্ৰভাৱ পৰিবলৈ নিদিয়ে। তেনেকৈ ভৱা যিমান সহজ, সঁচাকৈ কৰাতোযে সিমানেই দুৰুহ সেয়া মাৰ্কে মৰ্মে মৰ্মে অনুভৱ কৰিলে। তেওঁ মনতে ঠিক কৰিলে, এনেকৈ মিনলাৰ হতুৱাই নহয়, তেওঁ পোনপতীয়াকৈ আন্যাৰ সৈতে কথা পাতিব। এই বাস্তৱ সত্যৰ পৰা পলাই নুফুৰে তেওঁ। যি ক’ব, কৰিব মুখামুখিকৈয়ে কৰিব।

ভৱাৰ দৰে মাৰ্কে নিজে একো কৰিব লগা নহ’লেই। টুলীৰ পৰা উভতি গৈ দুয়ো দেখা পালে, ঘৰৰ চোতালতে আন্যা থিয় দি আছে। সন্ধিয়া লাগিবৰ হৈছে। আন্ধাৰ-পোহৰৰ মাজেৰে আন্যাক দূৰৈৰ পৰা দেৱীমূৰ্ত্তি যেন দেখা গৈছে। তেওঁলোকক দেখা পাই আন্যা নিজেই গেইটলৈকে আগবাঢ়ি আহিল,

‘ভালে আছা? বজাৰ কৰিবলৈ গৈছিলোঁ। ভাৱিলোঁ, এইফালে আহিলোঁ বাৰীখন চাই যাওঁ।’ আন্যাই শান্ত মাতেৰে ক’লে। আন্যাই সেইটো অজুহাতহে কৰিছে বুলি মাৰ্কৰ ভাৱিবৰ মন গ’ল। ডিভৰ্চৰ ফাইলত চহী কৰাৰ পিছত যোৱা দুসপ্তাহে তেওঁলোকে ইজনে সিজনক এবাৰো লগ পোৱা নাই। দুয়োৰে চিন্তা হৈছে- খৱৰ এটা কৰিবলৈ ইচ্ছা হৈছে।

‘মা! চোৱা- আমি ডেইজী ফুল আনিছোঁ!’ মিনলাই একে দৌৰে মাকৰ ওচৰ পাই দেখুৱালে।

মিনলাৰ পকেটৰ পৰা এপাহ এপাহকৈ ডেইজীবোৰ হাতত উলিয়াই দি মাৰ্কে আন্যাৰ মুখলৈ চাই সুধিলে,

‘তুমি ভালে আছা?’

‘আছোঁ। তোমাৰ কাৰণেহে চিন্তা হৈ আছে। মিনলাই কৈছে দিনে-ৰাতিয়ে কামত লাগি আছা হেনো?’ আন্যাই অকপটে ক’লে। শুনি মাৰ্কৰ মন ভৰি যাব খুজিলে। আগৰ দৰেই কোনো আবেগৰ জটিল মেৰপাক নাই- পোৱা-নোপোৱাৰ হিচাপ নাই। আছে মাথোঁ এক উমাল আন্তৰিক টান- সদায়ৰ দৰে। মাৰ্কৰ বহুত হেৰুওৱাৰ মাজত কিবা এটা ঘুৰাই পোৱা যেন লাগিল। যেন এটা ভৰসা। সম্পৰ্কৰ স্বৰূপ সলনি হ’ব পাৰে। কিন্তু হেৰাই নাযায় সেই আপোনত্ব!

‘মিনলা, ডেইজীৰ মালা গাঁথিবানে এতিয়া? নহ’লে ইমান সময়ে তোমাৰ পকেটত থকা ফুলবোৰ বেয়া হৈ যাব নহয়!’ আন্যাক কঁকালত মেৰিয়াই ধৰি থকা মিনলাই মাকৰ কথা শুনি ভিতৰলৈ দৌৰ মাৰিলে।

এইবাৰ কাষ চাপি আহি আন্যাই মাৰ্কক আকৌ সুধিলে,

‘ভালকৈ কোৱাচোন- ঠিকে আছা সঁচাকৈ? অফিচৰ কাম বেছি হৈছে নেকি?’

মাৰ্কে হুমুনিয়াহ এটা কাঢ়িলে। ক’ৰপৰা যে আৰম্ভ কৰিব! তাৰ সলনি তেওঁ সুধিলে, ‘বাৰীখন কেনে দেখিলা?’

‘বঢ়িয়া। তুমি চিকুণাই ৰাখিছাচোন! বিলাহীও লগাইছা দেখিছোঁ।’ আন্যাৰ গৌৰৱৰ সুৰটোৱে মাৰ্কক পুলকিত কৰিলে। যোৱা দেওবাৰে একোতে মন নবহাত তেওঁ দিনৰ দিনটো এই বাৰীতে লাগি আছিলহি। এইখন আচলতে আন্যাৰ বাৰী। প্ৰতিবাৰেই গৰমৰ দিনত তেওঁ বিধে-বিধে বিলাহী, স্কোৱাচ আদি লগায়। এইবাৰ আন্যা নাই বুলিয়ে তেওঁ সেইখন অযত্নপালিত হৈ ৰ’ৱলৈ নিদিয়ে- নিজকে কথা দিলে মাৰ্কে।

আন্যাই বিলাহীৰ খুঁটিটো পোনাই দিয়াৰ পৰতে মাৰ্কে কৈ পেলালে,

‘মোৰ চাকৰিৰ অলপ খেলিমেলি হৈছে, আন্যা!’

‘মানে?’ হাউলি থকাৰ পৰা আন্যাই থিয় দিলে।

বাৰীৰ পৰা ওলাই আহি মাৰ্ক বাৰাণ্ডাৰ চকীত বহি পৰিল। আন্যাও আহি কাষতে বহিলহি। সিদিনা নেচাৰৰ অফিচত কোৱা কথাখিনিকে মাৰ্কে আকৌ আন্যাকো বিৱৰি ক’লে। নেচাৰৰ পুনৰ্সংগঠনৰ পৰা মাৰ্কৰ ‘এৰিয়া মেনেজাৰ’ পদবী বেলফাষ্টলৈ বদলি কৰালৈকে।

‘তুমি ইমানবোৰ খেলিমেলি লৈ দিন কটাইছা, মাৰ্ক!’ গভীৰ মমতাৰে আন্যাই কৈ উঠিল। মাৰ্কে একোৱে ক’ব নোৱাৰিলে। এই পুনৰ্সংগঠনৰ সিদ্ধান্ত হোৱাৰ দিনৰে পৰা যে কি এক অনিশ্চয়তাত ডুব গৈছে তেওঁ।

‘তুমি বেলফাষ্টলৈ যোৱাৰ কথা ভাৱিছা নেকি?’ এইবাৰহে যেন কথাটো ভালদৰে উপলব্ধি কৰিলে তেনেভাৱেৰে সুধিলে আন্যাই।

‘তাৰ বাহিৰে অন্য একো বাট দেখা নাইচোন! মই অসহায় হৈ পৰিছোঁ আন্যা।’ মাৰ্কৰ মাতটো কঁপিল। মিনলা আৰু আন্যাক এৰি, এই ফাৰমানাক এৰি থৈ গৈ বেলফাষ্ট মহানগৰীত এটা দিনো কটোৱাৰ কথা ভাৱিবলৈ কষ্ট হয় তেওঁৰ।

কিছুপৰ নীৰৱতাৰ পিছত আন্যাই ক’লে,

‘তোমাক ৰৈ যাবলৈ কোৱাৰ অধিকাৰ হেৰুৱাইছোঁ কিজানি, মাৰ্ক! কিন্তু সঁচাই একোৱেই বাট নাই?’

‘মই ভাৱি চাম, আন্যা। তুমি একো চিন্তা নকৰিবা। কিবা এটা উপায় উলিয়াম।’

সিদিনা চলচলীয়া চকুৰে আন্যা গুচি যোৱাৰ পিছতো বেছ কিছুপৰলৈ মাৰ্ক তাতে গুঁজ মাৰি বহি ৰ’ল। এটা সময়ত পাকঘৰলৈ গৈ ৰাতিৰ সাঁজ ৰান্ধিলে। মিনলাই ভালপোৱা মেক এণ্ড চিজ। তাই সেইখিনি সময়তে পিছদিনাৰ স্কুলৰ বাবে নিজেই কাপোৰ-কানি যতনাই থ’লে। খাই-বৈ শুবৰ পৰত তাই ব্ৰাছডাল আনি দেউতাকক দিলেহি। সেইটো কাম সাধাৰণতে মাকে কৰে। কাৰণ মিনলাৰ ডাঠ কেঁকুৰা চুলিটাৰি আন্যাইহে পোনাই-পঁজৰাই বেণী গুঁঠি দিব পাৰে। এতিয়া এই নতুন দায়িত্ব লৈ যুঁজ-বাগৰ কৰাৰ পৰত মাৰ্কৰ উপলব্ধি হ’ল, মিনলাৰ সৈতেও যেন সময়বোৰ সলনি হৈছে। বহু সময় যেনেকৈ হেৰুৱাইছে, তেনেদৰে বহু সময় নতুনকৈ পাবলৈও ধৰিছে কিজানি। তেৱোঁ- আন্যায়ো।

সিদিনা আন্যাৰ সলনি মাৰ্কেই মিনলাক সাধু কিতাপ পঢ়ি শুনালে। তাইৰ দুচকু মুদ খোৱাৰ পিছত লাহেকৈ দুৱাৰখন জপাই তেওঁ নিজৰ কোঠালৈ আহিল। পিছে বহু পৰলৈ বিছনাত ইকাটি সিকাটি কৰি উজাগৰে ৰ’ল মাৰ্ক। দিনটোৰ কথাবোৰে যেন অনুভৱৰ চকৰি পকাই থাকিল। প্ৰথমবাৰৰ বাবে যেন তেওঁ পূৰ্ণ দৃষ্টিৰে বাস্তৱৰ মুখামুখি হ’বলৈ সাহস কৰিলে। বহুত হেৰুৱাইও কেনেকৈ পোৱাৰ হিচাপ কৰিব পাৰি সেয়া শিকিলে। জীৱনে ইটোৰ পিছত সিটো প্ৰত্যহ্বান লৈ আনিছে। তাত তেওঁৰ কোনো নিয়ন্ত্ৰণ নাই। নিয়ন্ত্ৰণ আছে মাথোঁ তেওঁ নিজে সেয়া কেনেকৈ লয় আৰু কি কৰে সেইখিনিৰ ওপৰত। তেওঁৰ সংসাৰখন একে নাই- কিন্তু মিনলা একে আছে- একে আছে আন্যা। চাকৰি একে নাথাকিব- কিন্তু একেই থাকিব নেচাৰৰ আপোন দলটো, ফাৰমানাৰ অপূৰ্ব প্ৰকৃতি- ইয়াৰ আকাশ-বতাহ-চৰাই-চিৰিকটি। তেন্তে তেওঁ তাকেই জানো গ্ৰহণ নকৰিব? নোপোৱাৰ হিচাপ কৰিবলৈ গৈ পোৱাখিনিও কিয় হেৰুৱাই পেলাব?

পিছদিনা ধল পুৱাতে ভেৰ’নিকাৰ দুৱাৰত টোকৰ পৰিল। দুৱাৰ খুলি আচৰিত চাৱনিৰে চাই ভেৰ’নিকাই ক’লে,

‘গুড মৰ্ণিং, মাৰ্ক! সকলো ঠিকে আছেতো?’

‘মৰ্ণিং ভেৰ’নিকা। মোৰ আচলতে আন্যাৰ লগত কথা এটা আছিল।’ মাৰ্কৰ মাতত এটা উত্তেজনা, অলপ অধীৰতা; দুচকুত উজাগৰী নিশাৰ ক্লান্তি। তাৰ মাজত যেন প্ৰথমবাৰৰ বাবে ভেৰ’নিকাৰ মুখামুখি হোৱাৰ অসহজ ভাৱটোৱে ঠায়ে নাপালে।

ভেৰ’নিকা সোমাই যোৱাৰ দুই মিনিট পিছতে আন্যা ওলাই আহিল। চিন্তিত মুখখনেৰে তেওঁ ক’লে,

‘কি হৈছে কোৱাচোন মাৰ্ক! ভিতৰলৈ আহিবা নেকি?’

‘মিনলাৰ স্কুললৈ বেছিপৰ নাই। ব্ৰেকফাষ্ট সাজু কৰিবগৈ লাগে। সেয়ে থিয়ৈ থিয়ৈ কওঁ দিয়া!’ মাৰ্ক কেৱল উশাহটো সলাবলৈহে ৰ’ল, ‘কালি তোমাৰ লগত পতাৰ পিছত বহুত ভাৱিলোঁ। ভাৱি ঠিক কৰিলোঁ, মই বেলফাষ্টলৈ নাযাওঁ। মোৰ ‘এৰিয়া মেনেজাৰ’ পদবী তাত কোনে বিচাৰে ল’ব পাৰে। ফাৰমানাৰ অফিচৰ ‘সমন্বয়ক’ৰ কাৰণেই এপ্লাই কৰিম। পে’ গ্ৰেড তলৰ হ’ব। তাতো ইণ্টাৰভিউ দিব লাগিব। দৰকাৰ হ’লে অন্য চাকৰি বিচাৰিম। কিন্তু কোনো কাৰণতে ফাৰমানা এৰি নাযাওঁ। ইয়াত তুমি আছা, মিনলা আছে- নেচাৰৰ দলটো আছে- আমাৰ সকলোৰে জীৱন এই ফাৰমানাতেই। সেয়া এৰি বেলফাষ্টলৈ গুচি যোৱাৰ কথা মই ভাৱিবই নোৱাৰোঁ, আন্যা!’

আন্যাই স্ফূৰ্তিতে মাৰ্কৰ হাতত জোৰেৰে চেপা মাৰি ধৰিলে। বহুদিনৰ মূৰত দুয়ো দুয়োৰে চকুলৈ চাই আজি মুকলিকৈ হাঁহিলে। আজি যেন আকৌ এবাৰ সাৰ-পানী পাই জীপাল হৈ উঠিল ফাৰমানাৰ শিপাডাল। আকৌ এবাৰ জয় হ’ল ভালপোৱাৰ। ফাৰমানাৰ সেউজীয়াৰ প্ৰেমত পৰিয়েই মাৰ্কে ট্ৰাবলছৰ অসূয়াকো দেও দি ইয়াত খোপনি পুতিছিলহি। সেই মাৰ্কৰ প্ৰেমে মাতি আনিলে নিজৰ দেশ জাৰ্মেনী এৰি আহিব নোখোজা আন্যাক। আৰু আজি তেওঁলোকৰে ভালপোৱাৰ চিন মিনলাৰ বাবে দুয়ো ফাৰমানাক নিজৰ বুলি আকৌ এবাৰ আকোঁৱালি ল’লে। দুয়ো যেন একেলগে উপলব্ধি কৰিলে, এই ফাৰমানা তেওঁলোকৰ বাবে কেৱল এখন ঠাই নহয়- ফাৰমানা তেওঁলোকৰ জীৱনৰেখা। এই ফাৰমানায়ে গঢ়িছে তেওঁলোকৰ অতীত-বৰ্তমান আৰু ভৱিষ্যতৰ গাথা। সেয়া ফাৰমানাৰ বাহিৰে অন্য ক’তো সম্ভৱ নহয়। ফাৰমানা অদ্বিতীয়া।

পূৰ্বৰ খণ্ডসমূহ:

  • ফাৰমানা (প্ৰথম খণ্ড)
  • ফাৰমানা (দ্বিতীয় খণ্ড)
  • ফাৰমানা (তৃতীয় খণ্ড)
  • ফাৰমানা (চতুৰ্থ খণ্ড)
  • ফাৰমানা (পঞ্চম খণ্ড)
  • ফাৰমানা (ষষ্ঠ খণ্ড)
  • ফাৰমানা (সপ্তম খণ্ড)
  • ফাৰমানা (অষ্টম খণ্ড)
  • ফাৰমানা (নৱম খণ্ড)
  • ফাৰমানা (দশম খণ্ড)
  • ফাৰমানা (একাদশ খণ্ড)
  • ফাৰমানা (দ্বাদশ খণ্ড)
  • ফাৰমানা (ত্ৰয়োদশ খণ্ড)
  • ফাৰমানা (চতুৰ্দশ খণ্ড)
  • ফাৰমানা (পঞ্চদশ খণ্ড)
  • ফাৰমানা (ষষ্ঠদশ খণ্ড)
  • ফাৰমানা (সপ্তদশ খণ্ড)
  • ফাৰমানা (অষ্টদশ খণ্ড)
  • ফাৰমানা (উনবিংশ খণ্ড)
  • ফাৰমানা (বিংশ খণ্ড)


  • No comments:

    Post a Comment