Sunday 24 March 2024

ফাৰমানা (দ্বাবিংশ অধ্যায়)

আবেলিৰ বেলিটো মুখতে লৈ তুলিকা তাইৰ এপাৰ্টমেণ্টৰ পৰা ওলাই আহিল। শনিবাৰ বাবেই কিজানি ফাৰমানাৰ বাটত গাড়ী-মটৰৰ যথেষ্ট ভিৰ। এপাৰ্টমেণ্টৰ মুখে মুখে থকা গাৰ্ডেন চেণ্টাৰটোৰ কাষতে তাই থিয় দিলেহি। সেইখিনিত গাড়ী ৰখাবলৈ আহল-বহলকৈ ঠাই আছে। নহ’লে শ্লাইগ পথৰ ব্যস্ততাৰ মাজত তাইৰ এপাৰ্টমেণ্টৰ সন্মুখত গাড়ী ৰখোৱাই মস্কিল। তাই ফোনতে কিমান সময় হৈছে চালে। তাৰপিছত তাইৰ নীলা বুটকাট জিনছ্‌ আৰু বগা পাফ শ্লীভৰ টপটো এনেয়ে ঠিকঠাক কৰিলে। আচলতে কি পিন্ধিব-নিপিন্ধিব তাৰে হুৰামূৰাত তাই যি হাততে পালে তাকে পিন্ধি আহিল। আছমাইহে ভিডিঅ’ কলত বৰ উৎসাহেৰে উপদেশ দিছিল,

‘ক্ৰপ টপ এটা পিন্ধিবা দেই- তোমাক ভাল দেখায়! আৰু আহি পাই মোক খৱৰ দিবা- মই বাট চাই থাকিম।’

তুলিকা যে তেনেই অনভ্যস্ত এনে পৰিৱেশত। সপোনতো ভাৱিব নোৱাৰা এটা মুহূৰ্ত। তাই যে এয়া ৰৈ আছেহি ৰায়ানৰ বাবে!

সিদিনা থেৰাপিষ্ট মিচেলৰ চেম্বাৰত তাই কৈ গৈছিল ৰায়ানৰ সৈতে ডেটত নোযোৱাৰ অসংখ্যটা কাৰণ-

‘পশ্চিমীয়া দেশত এনে সম্পৰ্কৰ ভাষা আৰু স্বৰূপ বেলেগ। সেয়া তাই নুবুজে- চম্ভালিবও নোৱাৰে।’

‘বিদ্যুতৰ স্থান তাই কাকোৱে দিব নোৱাৰে। ইমান আপোন মানুহজনে হৃদয় ভাঙিলে। সেয়া কেনেকৈ জোৰা লগাই আন কাৰোৱাৰ বাবে আগবঢ়াই দিব?

‘পৰিয়াল আৰু সমাজে তাইক কি বুলিব? অসমলৈ কেনেকৈ ঘুৰি যাব তাই?’

তাই নোকোৱাকৈয়ে যেন মিচেলে বুজি পাইছিল ৰায়ানৰ প্ৰতি কি এক তীব্ৰ আকৰ্ষণ উফৰাই তুলিকাই নিজকে পতিয়ন নিয়াব খুজিছে, সপোন ভঙাৰ ভয়ত সপোন নেদেখাৰ চেষ্টা কৰিছে। সেয়ে সকলো শুনি শেষত তেওঁ কৈছিল,

‘ঠিক আছে- সেইখিনি বাৰু নোযোৱাৰ সপক্ষে ক’লা। যোৱাৰ সপক্ষে কিবা কাৰণ আছেনে তোমাৰ ওচৰত?

তুলিকা থমকি ৰৈছিল। কি আছে? কিয় যাব ৰায়ানৰ সৈতে? কি বিচাৰি যাব? নিজকে সুধিছিল তাই।

‘হয়তো.. .. ..এই আকৰ্ষণৰ নাম কি সেয়া চাবলৈকে।’ কিছু পৰৰ পিছত তাই কওঁ নকওঁকৈ কৈছিল। সেইবাৰ প্ৰথম মুখ খুলি স্বীকাৰ কৰিছিল, তাইৰ সঁচাই ৰায়ানক ভাল লাগে। প্ৰথম লগ পোৱাৰ দিনৰে পৰা কিবা এক আকৰ্ষণে তাইক বাৰে বাৰে ৰায়ানৰ কাষলৈ লৈ যাব খোজে!

‘ঠিকেই কৈছা তুলিকা। তুমি নোযোৱাৰ বাবে যিমানবোৰ যুক্তি দিলা, সকলোবোৰ সঁচা হ’ব পাৰে! কিন্তু নহ’বওতো পাৰে? আগতীয়াকৈ ধৰি লোৱাৰ আগতে এবাৰ নিজেই মুখামুখি হৈ চাব পাৰা, নহয় জানো? এবাৰ নিজে চাব পাৰা সেইপাৰেনো জীৱনে কি সাঁচি থৈছে? কেৱল সেই কৌতুহলটোৰ কাৰণেই?’

তুলিকাই যেন সিদিনা পুনৰ এবাৰ উপলব্ধি কৰিলে, জীৱনে সঁচাই মানুহক বাট দেখুৱাই লৈ যায়। মাথোঁ সেই বাট চিনাৰ আৰু সেই পথত যি আহে তাৰ মুখামুখি হোৱাৰ সৎ সাহস খিনি লাগে। সেইবাবেই বহুতো সংকোচ আৰু সন্দেহ দেও দি আজি তাই ওলাই আহিছে। মিচেলে কোৱাৰ দৰে মাথোঁ এটা কৌতুহল লৈ। ফাৰমানাৰ এই জীৱনে মুকলি কৰি যোৱা প্ৰতিটো অধ্যায় তাই চাব খোজে। ৰায়ানৰ সৈতে এই আকৰ্ষণৰ নাম কি জানিব খোজে!

‘হাই তুলিকা! হুৱাটছ্‌ দ্য ক্ৰেইক?’ তুলিকাৰ তেনেই কাষতে ৰৈ দিয়া গাঢ় নীলা টয়’টা কৰ’লা গাড়ীখনৰ পৰা ৰায়ানে মাত দিলে।

‘হাই ৰায়ান!!’ তুলিকাৰ খপজপ উত্তৰ। অন্যদিনাৰ দৰেই ভৰিৰ পৰা মূৰলৈ এক অনামী শিহৰণ!

খাকী চিন’ পেণ্টৰ ওপৰত ৰায়ানে আজি গাঢ় নীলা ফুল শ্লীভ চাৰ্ট পিন্ধিছে। বুটাম খোলা চাৰ্টটোৰ তলত শুধ বগা টি-চাৰ্ট। পনিটেইল আৰু চানগ্লাছৰ সৈতে সেই সাজজোৰে তেওঁক বৰ ভাল দেখাইছে। গাড়ীৰ পৰা নামি অন্যদিনাৰ দৰে সি সৌজন্যসূচকভাৱে কৰমৰ্দন নকৰি তাইক আকোঁৱালি ল’লেহি। তাৰপিছত ক’লে,

‘ইমান ধুনীয়া লাগিছে তোমাক!’

মুহূৰ্ততে তুলিকাৰ গাল দুখন ৰঙা পৰি গ’ল। কোনোমতে লাজ সামৰি থৈ তাই ক’লে, ‘তোমাকো!’

‘আহা। আজি তোমাক মোৰ প্ৰিয় ঠাই এখনলৈ লৈ যাম!’ ৰায়ানে গাড়ীৰ দুৱাৰ খুলি দি ক’লে।

তুলিকাই মিঠাকৈ হাঁহিলে মাথোঁ। ৰায়ানে ঠাইখনৰ নাম বা ঠিকনা একো নক’লেও তাই বিশেষ চিন্তা কৰাৰ প্ৰয়োজনবোধ নকৰিলে। ৰায়ানক তাই জানে- সিমানখিনি বিশ্বাসো কৰে। সিহঁতৰ গাড়ীখন ফাৰমানাৰ একা-বেঁকা বাটেৰে আগবাঢ়িল।

ৰায়ানে গাড়ীত ভাঁহি অহা ৰেডিঅ’ৰ বাতৰি বন্ধ কৰি তুলিকাক সুধিলে,

‘কি গান শুনিবা কোৱা?’

‘তোমাৰ যি ইচ্ছা!’ তাই ক’লে।

‘কিয়? তোমাৰ প্ৰিয় গান কি মোৰোতো জানিবলৈ মন যায়!’ কৌতুকৰ সুৰেৰে সি ক’লে।

তুলিকাই হাঁহিলে। কিন্তু একো নক’লে। ৰায়ানে যেন বুজিলে তুলিকাক এনেকৈ মনাব পৰা নাযাব। সেয়ে সি আকৌ ক’লে,

‘ঠিক আছে। প্ৰথমে মোৰ প্ৰিয় গান এটাই শুনা বাৰু। কিন্তু তাৰ পিছতে তোমাৰ পাল পৰিব।’

ৰায়ানে বজোৱা গানটো তুলিকাৰ চিনাকি চিনাকি যেন লাগিল। গানৰ গতি ক্ৰমান্বয়ে খৰ হ’বলৈ ধৰাতহে তাইৰ মনত পৰিল, এইটোচোন ৰ’টলিন বগৰ গানটো। এই গানৰ তালে তালেই লিছা আৰু ডেনিয়েলৰ বায়াৰত সিহঁতে হেঁপাহ পলুৱাই নাচিছিল! তাই ৰায়ানক সেই কাহিনী ক’লে। ৰায়ানে সেয়া শুনি তাইলৈ চাই মিঠাকৈ হাঁহিলে। ‘ৰ’টলিন বগ’ শেষ হোৱাৰ পিছতে ৰায়ানে ক’লে,

‘তোমাৰ পাল এইবাৰ। প্ৰিয় গান এটা বজোৱাচোন।’

তাই যেন কিছু অসুবিধাত পৰিল। অলপ ভাৱি ক’লে,

‘মোৰ আটাইতকৈ প্ৰিয় গান বুলি ক’লে অসমীয়া গানহে ওলাব!’

‘অসমীয়া? বজোৱা তেন্তে! শুনিম আকৌ।’

‘একো নুবুজিবা যে তুমি!’

‘বুজাই দিবা আকৌ! গানৰটো ভাষা নাথাকে। গানৰ ভাষা বিশ্বজনীন, নহয় জানো?’

ৰায়ানৰ কথাই তুলিকাক কিছু ভৰসা দিলে কিজানি। তাই স্পটিফাই এপত বিচাৰি প্লে’ টিপাৰ লগে লগেই গাড়ীত ভাঁহি আহিল দীপালী বৰঠাকুৰৰ দৰদী কণ্ঠ, ‘বন্ধু, সময় পালে আমাৰ ফালে এবাৰ আহি যাবা…।’

ৰায়ানে গান শুনি শুনি নীৰৱে গাড়ী চলাই গ’ল। কিন্তু সেই কণ্ঠ আৰু সুৰে যেন তুলিকাক আছন্ন কৰি পেলালে। গানটো শেষ হোৱাৰ পিছত সি মাত লগালে,

‘বেলেগ ঠাঁচ আৰু সুৰৰ গান- কিন্তু মাতটোত যে কি এক যাদু আছে! বুকুত লাগি যোৱা গান। গানটো কিহৰ বিষয়ে কোৱাচোন!’

গান শেষ হৈছিল কিন্তু তুলিকা তেতিয়াও সেই প্ৰিয় গানৰ মায়াত ডুবি আছিল। আবেগ সনা মাত এটাৰে তাই ক’লে,

‘এয়া দিপালী বৰঠাকুৰৰ গান। তেওঁ নগৰীয়া বন্ধুক নিজৰ গাঁৱলৈ মাতিছে। অসমীয়া গাঁৱৰ চিনাকি ৰূপ এটাৰ কথা কৈছে গানৰ মাজেৰে।’

‘তোমাৰ কাৰণে কিজানি বহুত নষ্টালজিক সেয়া, নহয় তুলিকা?’ তুলিকাৰ আবেগে যেন ৰায়ানকো স্পৰ্শ কৰিলে।

‘বহুত!’ পাৰ ভঙা নৈৰ দৰে তুলিকাৰ মুখেৰে ওলাই আহিল দিখৌৰ পাৰৰ অসমীয়া গাঁৱৰ ৰূপ আৰু ৰঙৰ কাহিনী। বহু হাঁহাকাৰ আৰু অভাৱৰ মাজতো শুকাই নোযোৱা গাঁৱৰ নিভাঁজ আন্তৰিকতাৰ কথাবোৰ। ৰায়ানে সকলো মন দি শুনি গ’ল- ইটো সিটো বহুতো প্ৰশ্ন সুধি গ’ল। তাৰ যেন কৌতুহলৰ শেষ নাই। যেন সি তুলিকাৰ সেই পৃথিৱীখন ভালকৈ চিনি ল’ব খুজিছে। দুয়োখন পৃথিৱীৰ মাজত এখন সাঁকো গঢ়াৰ হেঁপাহ কৰিছে!

ইতিমধ্যে সিহঁতৰ বাওঁকাষে নামনি লখ আৰ্ণৰ নীলিম ঢৌ দেখা দিছে। সেই সীমাৰে অলপ আগবাঢ়িয়ে পেটিগ’ টাউন। উত্তৰ আয়াৰলেণ্ডৰ এই সীমামূৰীয়া ঠাইখন তুলিকাই চিনি পায়। কেইমাহ মানৰ আগতে ইয়াৰে ৰাজহুৱা সভা এখনলৈ তাই ফিয়নাৰ সৈতে আহিছিল। টাউনখন পাৰ হওঁতে ৰায়ানে সুধিলে,

‘তোমাৰ ৰিপাব্লিকলৈ যোৱাৰ ভিজা আছে নহয়?’

‘ইমান সোনকালে সুধিলা!’ তুলিকাই জোকোৱাৰ সুৰত ক’লে। দুয়ো একেলগে হাঁহি পেলালে।

‘কথাটো ভবাই নহয় জানা! অৱশ্যে ব্ৰেক্সিটৰ পিছত আমিও হয়তো একেই পথৰে যাত্ৰী হ’বগৈ পাৰোঁ- কোনে জানে!’

ৰায়ানে এটা হুমুনিয়াহ কাঢ়িলে। সি একো নোকোৱাকৈয়ে তুলিকাই বুজিলে। কালি নিশা বাতৰিত তাই দেখিছে, যুক্তৰাজ্যৰ নতুন প্ৰধানমন্ত্ৰী ব’ৰিছ জনছনে ব্ৰেক্সিটৰ বাবে এইবছৰৰ ৩১ অক্টোবৰৰ সীমা বান্ধি দিছে। কৈছে, আয়াৰলেণ্ডৰ বেকষ্টপ চৰ্ততে ব্ৰেক্সিটৰ প্ৰত্যাহাৰ সন্ধি বা উইথড্ৰয়েল এগ্ৰীমেণ্টখনে বাৰে বাৰে উজুটি খাই থকাতো আৰু চাই থাকিব নোৱাৰি। সকলোৱে তলে তলে গুণাগথা কৰিবলৈ লৈছে যে ব’ৰিছ জনছনে যেনেকৈ হ’লেও ব্ৰেক্সিট কাৰ্যকৰী কৰিহে এৰিব। হয়তো কোনো বিষয়ৰ মীমাংসা নোহোৱাকৈয়ে ন’ ডিল ৰূপতে হয়তো ব্ৰেক্সিট কাৰ্যকৰী হ’বলৈ আগবাঢ়িছে। কিন্তু লণ্ডনৰ সেই ৰাজনীতিবিদসকলে যেন ভাৱি চাব খোজা নাই সেই চৰ্তত ওলমি ৰোৱা ওঠৰ লাখ আইৰিছ লোকৰ জীৱনৰ কথা।

‘ডনীগলত সোমাইছোঁ নহয় আমি?’ প্ৰসংগ সলাবলৈকে তাই সুধিলে।

‘অঁ, ৰিপাব্লিক অব আয়াৰলেণ্ডৰ এই ডনীগলৰ ৰং-ৰূপৰ কথা জানাই চাগৈ তুমি?’ ডনীগলে যেন ৰায়ানৰ মুখখন পুনৰ পোহৰাই তুলিলে।

জানে তাই। বহুতৰ পৰাই শুনিছে ৰিপাব্লিক অব আয়াৰলেণ্ডৰ একেবাৰে উত্তৰ মূৰৰ এই কাউণ্টিৰ কথা। অপৰূপা প্ৰকৃতি আৰু সংস্কৃতিৰে সমৃদ্ধ এই ডনীগল। আজি পিছে সিহঁত ডনীগল টাউনলৈ নোসোমাল। টাউনৰ কাষেৰে যোৱা ঘাইপথ পাৰ হৈ গাড়ীখনে সাগৰীয় বাট এটা ল’লে। বাটৰ বাওঁকাষে উত্তৰ আটলাণ্টিক মহাসাগৰৰ ঢৌয়ে সেউজীয়া পথাৰবোৰৰ সৈতে যেন লুকাভাকু খেলিবলৈ ল’লে! এপাকত সাগৰখন সিহঁতৰ নিচেই কাষ পায়হি- আনপাকত সেউজীয়া পথাৰবোৰে মূৰ দাঙি উঠে। সেই অপৰূপ শোভা চাই চায়ে কেতিয়ানো সিহঁতে ঘাইপথ এৰি আহিল তাই গমকে নাপালে যেন!

ক্ৰমান্বয়ে বাটটো ঠেক হৈ আহিল। বাটৰ দুয়োকাষে সৰু সৰু শিলাময় টিলা। চকুৰে মনালৈকে কোনো ডাঙৰ গছ-গছনি নাই। কেৱল চুটি চুটি বিস্তীৰ্ণ ঘাঁহ। অ’ত ত’ত দুই এটা সৰু ঘৰ। দেখাত ফাৰ্মহাউছ যেনেই লাগে। নীলা আকাশখন ইয়াৰ পৰা আৰু ডাঙৰ যেন লাগিল। কৌতুহলেৰে তুলিকাই সকলোফালে চাবলৈ লাগিল। কিছুপৰৰ পিছতে গাড়ীখন সোঁফালে ঘুৰিল। বাটটো আগতকৈও ঠেক হৈ আহিল। কিন্তু সেই উপপথৰ শেষত ধৰা দিলে এটা আহল-বহল পাৰ্কিং লট। তাৰে শাৰী শাৰী গাড়ীৰ লগত ৰায়ানে তাৰ টয়’টা কৰ’লাখন ৰখালে।

‘ইয়াৰ পৰা অলপ খোজকাঢ়িব লাগিব দেই! আহা!’ কৌতুহলত জিলমিলাই উঠা তুলিকাৰ দুচকুলৈ চাই ৰায়ানে সোঁহাতখন আগবঢ়াই দিলে।

পৰম বিস্ময় লৈ তুলিকা নামি আহিল। ওলায়ে দেখা পালে সিহঁতৰ বাওঁকাষে সীমাহীন সাগৰ। সোঁকাষে শিলাময় পাহাৰ। কংক্ৰীটৰ থিয় বাটটোৰে দুয়ো যিমানে আগবাঢ়িল সিমানেই খৰকৈ এক অপূৰ্ব দৃশ্যপটে সিহঁতৰ সন্মুখত ধৰা দিলেহি। বেলি লহিয়াবলৈ তেতিয়াও কিছুপৰ বাকী। বতাহত উৰি আহিল বনৰীয়া ফুল আৰু সাগৰৰ লুণীয়া গোন্ধ। তুলিকাৰ চুলিবোৰ উৰিবলৈ ধৰিলে। তাৰ মাজেৰেই তাই দেখা পালে, সিহঁতৰ সন্মুখত সেয়া উত্তাল আটলাণ্টিক মহাসাগৰ। তাৰ ঢৌবোৰে প্ৰচণ্ড গৰ্জন তুলি অবিৰত খুন্দা দিছেহি শিলাময় পাহাৰৰ থিয় গড়াবোৰত। প্ৰতিটো খুন্দাতে চৌদিশে ছিটিকি পৰিছে ঢৌবোৰৰ সহস্ৰ কণা। যেন বাৰে বাৰে সাগৰৰ ঢৌয়ে সেই পাহাৰটো গিলি পেলাব খুজিছে। কিন্তু বাৰে বাৰে সেই ৰুক্ষ বুকুত থাম কাটিবলৈ বাধ্য হৈছে। ইমান নাটকীয় আৰু ভয়ংকৰ কিন্তু কি এক অপূৰ্ব প্ৰকৃতিৰ সেই ৰূপ।

বাটৰ কাষত থকা ৰেলিঙত ধৰি থৰ হৈ সেই ৰূপ চাই ৰ’ল তুলিকাই। কাষ চাপি আহি ৰায়ানে ক’লে,

‘এয়াই শ্লিভ লীগ পৰ্বত। সমগ্ৰ ইউৰোপৰ ভিতৰতে সৰ্বোচ্চ সাগৰীয় ক্লিফ বোৰৰ এটা।’

লোহাৰ ৰেলিঙেৰে বেৰি থোৱা ভিউ পইণ্টলৈকে গৈ যিমান পাৰি ওচৰৰ পৰা দুয়ো সেই ৰূপ উপভোগ কৰিলেগৈ। তুলিকাৰ ভাৱ হ’ল তাই যেন পৃথিৱীৰ শেষ সীমা পালেহি- যেন সময় ৰৈ গৈছে সেই প্ৰান্তত- জলীয় বাষ্প হৈ উৰি গৈছে পোৱা-নোপোৱাৰ সকলো হিচাপ।

‘কি ধুনীয়া, ৰায়ান!’ তাই ফুচফুচাই কোৱাৰ দৰে ক’লে। যেন ক্ষন্তেকৰ বাবেও বতাহৰ সেই হোহোৱনি আৰু সাগৰৰ গৰ্জনৰ ৰোষত পৰিব নোখোজে তাই।

‘এই শ্লিভ লীগ ক্লিফছ মোৰ প্ৰিয় ঠাইবোৰৰ এখন জানা! আজিলৈকে বহুবাৰ আহিছোঁ যদিও প্ৰতিবাৰেই এই ৰূপে- প্ৰকৃতিৰ অপাৰ শক্তিৰ এই নমুনাই মোক বিস্মিত কৰি তোলে!’ মন্ত্ৰমুগ্ধৰ দৰে ৰায়ানেও ফুচফুচাই ক’লে।

ভিউপইণ্টৰ পৰা নামি আহি দুয়ো বতাহৰ কোবৰ পৰা আঁৰ লৈ মুকলি ঘাঁহনিতে বহিলহি। সিহঁতৰ সোঁকাষে শ্লিভ লীগৰ অপৰূপ খেলা। কিন্তু ভিউপইণ্টতকৈ এই ঠাইত গৰ্জনৰ শব্দ কিছু কম। সিহঁতৰ সন্মুখত আটলাণ্টিক মহাসাগৰ। তুলিকাই চুলিখিনি লাহেকৈ সামৰি পিছলৈ বান্ধি ল’লে। তাকে কৰোঁতে ৰায়ানৰ বাহুত লাহেকৈ খুন্ধা খালে তাইৰ সোঁবাহু। ৰায়ানে এপলকৰ বাবে তাইলৈ চালে। মাথোঁ এপলক। তাৰ পিছতে দুচকু আঁতৰাই নিলে সি। কিন্তু মুহূৰ্ততে যেন তুলিকাই পঢ়ি পেলালে সেই নীলিম দুচকুত আঁকি থোৱা ভাষা। ভৰিৰ পৰা মূৰলৈ এক তীব্ৰ শিহৰণ বৈ গ’ল তাইৰ!



বেছ কিছুপৰ দুয়ো অস্তগামী সুৰুযৰ ৰাঙলী আভাৰে আকাশখন কণ কণকৈ লাজুকী হৈ পৰা চাই ৰ’ল। এটা সময়ত ৰায়ানে ক’লে,

‘তুমি যে সঁহাৰি দিলা, এনেকৈ একেলগে এটা দিন কটাবলৈ ওলাই আহিলা সেইটোত মোৰ বহুত ভাল লাগিছে জানা!’

তুলিকাই একো নকৈ লাহেকৈ হাঁহিলে মাথোঁ। তাই যে বৰ অসহজ, বৰ অনিশ্চিত এই পৰিৱেশত! ৰায়ানে পুনৰ ক’লে,

‘সেই যে কাৰলিউ ক্ৰুজত প্ৰথম তোমাক দেখিছিলোঁ সেইদিনাও লখ আৰ্ণৰ বতাহে তোমাৰ চুলি উৰুৱাইছিল। সেইদিনাই কিবা এটা ভাল আগি গৈছিল তোমাক।’

তাই গাল দুখন অলপ ৰঙা পৰিল। ৰায়ানৰ দৰে ইমান মুকলিকৈ তাই হৃদয়ৰ অনুভৱ উদঙাই দিব নাজানে। কওঁ নকওঁকৈ তাই এইবাৰ কৈ পেলালে,

‘বহুত সংকোচ আৰু সন্দেহ দেও দি মই আহিছোঁ ৰায়ান- তুমি সেয়া কল্পনাও কৰিব নোৱাৰিবা কিজানি!’

‘হ’ব পাৰে। মাথোঁ এটা কথা ক’ব খোজো - মই তোমাক জানিব খোজো। সঁচা অৰ্থত। তোমাৰ সৈতে সময় কটাব বিচাৰোঁ। ডেটত আহিছোঁ মানেই বিশেষ কিবা সময় সীমা আৰু আশা বা প্ৰতিশ্ৰুতি মই বিচৰা নাই।’

তাই যেন অলপ আচৰিত হ’ল। তাইৰ বাবে যে সেয়া একেবাৰে নতুন ধাৰণা। বিদ্যুতক প্ৰথম লগ পোৱাৰ দিনাইতো এটা সময় সীমা আছিল- এটা উদেশ্য আছিল। এবছৰৰ ভিতৰত বিয়া এখনৰ। যিমানবাৰেই তাক লগ পাইছিল, প্ৰতিক্ষেত্ৰতে তাই নিজকে সুধিছিল- সেই ল’ৰাজনক তাই ভাল পাব পাৰিবনে, একেলগে এটা জীৱন কটাব পাৰিবনে! তাই সেইবোৰ একোকে ক’ব নোৱাৰিলে, আজি যেন সেয়া কোৱাৰ কথা নহয়। তাৰ সলনি সুধিলে,

‘কিয় জানিব খোজা মোক?’ যেন তাইৰ বিশ্বাস নহ’ল কোনোবাই সেই গভীৰতা আৰু আন্তৰিকতাৰে তাইক বুজিব খোজে; সঁচা অৰ্থত জানিব খোজে তাইৰ অন্তৰ্জগতত কিহৰ এক অবিৰত উখল-মাখল।

সেই প্ৰশ্নটোৱে ৰায়ানক বিব্ৰত নকৰিলে। বিশেষ নভৱাকৈয়ে সি ক’লে,

‘মনত আছেনে তোমাৰ, কাৰলিউ ক্ৰুজৰ দিনা তুমি একেথৰে চাই আছিলা মোলৈ! কাষ চাপি আহি মাত লগাওঁতে হাঁহিছিলা। পিছত মাৰ্কে আমাক চিনাকি কৰি দিওঁতেও খিলখিলাই হাঁহিছিলা। সেই হাঁহিয়ে মোৰ বুকুখন ভৰাই পেলোৱা যেন লাগিছিল। কিন্তু একেসময়তে অনুভৱ কৰিছিলোঁ তোমাৰ চকুহালত সেই হাঁহিৰ সলনি জিলমিলাইছিল কিবা এক অনামী দুখ। তাৰ পাছতো বহুকেইবাৰ তোমাক লগ পাইছোঁ- তোমাৰ সৈতে সময় কটাইছোঁ। প্ৰতিবাৰেই তোমাৰ দুচকুৰ সেই দুখে মোক বিহ্বল কৰি পেলাইছে। কৌতুহলী কৰিছে- কিবা এক মায়া হৈ টানি নিছে মোক তোমাৰ কাষলৈ।’

এইবাৰ যেন তুলিকাৰ কান্দি পেলাবৰ মন গ’ল। কেনেকৈ ৰায়ানে তাইৰ হৃদয়খন চিনি পেলাইছে? কেনেকৈ পঢ়ি পেলাইছে তাইক বাহিৰে-ভিতৰে? আজিলৈকে কাৰো সন্মুখত তাই এনেকৈ ধৰা পৰি যোৱা নাই। কাৰো পৰাই নিজকে লুকুৱাবলৈ বুলি এনেকৈ হাবাথুৰি খোৱা নাই।

‘ৰায়ান! সেইবোৰ পাতিবলৈ কষ্ট হয় মোৰ!’ তাই কোনোমতে ক’লে।

ৰায়ানে বুজিলে। নিজকে যেন সোঁৱৰালে। ৰ’ৰী জিৰ উৎসৱত সেইনিশা তুলিকাই কৈছিল শৈশৱৰ কথা। বিদ্যুতৰ সৈতে বিয়াৰ কথাওতো কৈছিল। এইবাৰ নিজকে সামৰি লৈ ৰায়ানে কোমল মাতেৰে ক’লে,

‘জানো, তুলিকা। সেয়া বুজোঁ মই। কিন্তু তোমাৰ সেই অতীতক অতীত হৈ থাকিবলৈকে দিব নোৱাৰিনে? সেয়া একাষৰীয়া কৰি এবাৰ বৰ্তমানটো চোৱাচোন। ৰাঙলী আকাশখনৰ তলত সৌৱা শ্লীভ লীগ ক্লিফৰ গৰ্জন শুনি পৃথিৱীৰ অপৰূপ শোভা চাই আমি ইয়াত বহি আছোঁ। এই মুহূৰ্তত কি এক সুন্দৰ পৃথিৱীত জীয়াই আছোঁ আমি, নহয়? সেইকাৰণেই এই ঠাই মোৰ ইমান প্ৰিয় জানা! এই ঠায়ে মোক সোঁৱৰাই দিয়ে বুকুত লৈ ফুৰা হাহাঁকাৰবোৰ দেও দিও বৰ্তমানটো লৈ যে সঁচা অৰ্থত সুখী হ’ব পাৰি। এই ঠাইখনে সোঁৱৰাই যায় এই পৃথিৱী কিমান মোহনীয়া- এই জীৱন কিমান সুন্দৰ। এই শ্লীভ লীগে প্ৰতিবাৰে মোক যে জীৱনশক্তি ঘুৰাই দিয়ে।’

ৰায়ানে যেন মিচেলৰ কথাকে দোহাৰিলে, এনে লাগিল তুলিকাৰ। সঁচাইতো, অতীতক অতীতৰ বুকুতে এৰি ফাৰমানাত তাই বৰ্তমানৰ জীৱনটো গঢ়িবলৈ শিকিছে। নিজৰ আশা- আকাংক্ষা, ভাল লগা-বেয়া লগা সকলোবোৰেই চোন নতুনকৈ চিনিছে। অতদিনে যেন অন্ধৰ দৰে পৰিয়াল বা সমাজে যেনেকৈ যি বিচাৰিছে তেনেকৈয়ে তাই সকলো বিনা প্ৰতিবাদে কৰি আহিছে। আনকি- আনকি সেই ঘৰ-সমাজ এৰি এই বিদেশত থিতাপি লোৱা তিনিবছৰ হৈ গ’ল- এতিয়াও সেই একেডাল শিকলিয়েই তাইক টানি লৈ ফুৰিছে। কিন্তু অতদিনে তাই জানো সঁচা অৰ্থত এবাৰো সুখী অনুভৱ কৰিছিল? তাই কৈ পেলালে,

‘ঠিকেই কৈছা ৰায়ান। মোৰো একেই অনুভৱ হৈছে আজি- এই জীৱনৰ কাৰণে নিজকে ভাগ্যৱান যেন লাগিছে। প্ৰথমবাৰৰ বাবে।’

ৰায়ানে যেন বহু আশাৰে বাট চাই থকা কথা এষাৰহে শুনিলে! তাতে খপকৈ থিয় দি লৈ সি ক্লিফৰ ফালে চাই হাতজোৰ কৰাদি কৰি চিঞৰ মাৰি ক’লে,

‘আহ, বহুত ধন্যবাদ শ্লীভ লীগ!’

তাৰ কাৰবাৰ দেখি তুলিকাই খিলখিলাই হাঁহি পেলালে। ৰায়ানে অযুত আবেগেৰে তাইলৈ চাই সোঁহাতখন আগবঢ়াই দি ক’লে,

‘ব’লা, এতিয়া গৈ আয়াৰলেণ্ডৰ বিখ্যাত ফিছ এণ্ড চিপছ খামগৈ।’

তুলিকাই হাঁহি হাঁহিয়ে এইবাৰ নিজৰ হাতখন আগবঢ়াই দিলে। বিনা সংকোচেৰে।


পূৰ্বৰ খণ্ডসমূহ:

  • ফাৰমানা (প্ৰথম খণ্ড)
  • ফাৰমানা (দ্বিতীয় খণ্ড)
  • ফাৰমানা (তৃতীয় খণ্ড)
  • ফাৰমানা (চতুৰ্থ খণ্ড)
  • ফাৰমানা (পঞ্চম খণ্ড)
  • ফাৰমানা (ষষ্ঠ খণ্ড)
  • ফাৰমানা (সপ্তম খণ্ড)
  • ফাৰমানা (অষ্টম খণ্ড)
  • ফাৰমানা (নৱম খণ্ড)
  • ফাৰমানা (দশম খণ্ড)
  • ফাৰমানা (একাদশ খণ্ড)
  • ফাৰমানা (দ্বাদশ খণ্ড)
  • ফাৰমানা (ত্ৰয়োদশ খণ্ড)
  • ফাৰমানা (চতুৰ্দশ খণ্ড)
  • ফাৰমানা (পঞ্চদশ খণ্ড)
  • ফাৰমানা (ষষ্ঠদশ খণ্ড)
  • ফাৰমানা (সপ্তদশ খণ্ড)
  • ফাৰমানা (অষ্টদশ খণ্ড)
  • ফাৰমানা (উনবিংশ খণ্ড)
  • ফাৰমানা (বিংশ খণ্ড)
  • ফাৰমানা ( একবিংশ খণ্ড)
  • No comments:

    Post a Comment