Sunday 26 May 2024

ফাৰমানা: খণ্ড ২৬

অফিচলৈ সোমায়ে তুলিকাৰ চকুত পৰিল, আজি গোটেইবোৰ ন বজাতে আহি অফিচ পাইছেহি। গোটেইবোৰ মানে সিহঁতৰ উপৰিও সাধাৰণতে ফিল্ডতে বেছি সময় কটোৱা ডেৰেন, টম আৰু পিটাৰো আছেহি। তাই দুৱাৰ খুলি সোমোৱাৰ লগে লগে টমে উত্তেজিতভাৱে চিঞৰি উঠিল,

‘খৱৰটো পালানে তুলিকা?’ তাইৰ মুখৰ অভিব্যক্তি দেখি তেওঁৰ লগতে সকলোৱে বুজিলে, নাই, তুলিকাই একো গমকে নাপায়। টম বা অফিচৰ কোনোৱে হয়তো কল্পনাই কৰিব নোৱাৰিলে, কি এক মানসিক অৱস্থা লৈ তাই আজি অফিচত ভৰি দিছেহি। কালি নিশাটোৰ ভিতৰতে তাই নিবিচৰাকৈয়ে যে অতীতে পুনৰ ধৰা দিছেহি এই বৰ্তমানত! সেই সকলো অস্থিৰতা লুকুৱাবলৈ চেষ্টা কৰি তুলিকাই সুধিলে,

‘কি খৱৰ কওকচোন?’

টমে একেই উদ্যমেৰে কৈ উঠিল, ‘মাৰ্কৰ চাকৰি ইয়াতে খাটাং হ’ল! আজি পুৱাই খৱৰ আহিছে। সেয়ে আমি সকলো ঢপলিয়াই আহি অফিচ পাইছোঁহি!’

সেয়া শুনিয়ে তুলিকাৰ মনৰ সকলো অৱসাদ-যন্ত্ৰণা আঁতৰি যোৱা যেন ভাৱ হ’ল! সাংঘাতিক এক স্বস্তি আৰু সন্তুষ্টিয়ে ভৰ কৰিলেহি তাইৰ হৃদয়ত।

‘কি সঁচাই? ইমান ভাল খৱৰ!!’

আজি প্ৰথমবাৰৰ বাবে তাই মাৰ্কক কৰমৰ্দন নকৰি পোনেই সাৱটি ধৰিলেগৈ, ‘অভিনন্দন মাৰ্ক। মোৰ যে কিমান ভাল লাগিছে বুজাই ক’ব নোৱাৰোঁ।’

মাৰ্কে তেওঁৰ স্বভাৱসুলভ মিঠা হাঁহিটোৰে তাইকো আকোঁৱালি ল’লে। তাৰপিছত ক’লে,

‘বৰ সকাহ পাইছোঁ, বুজিছা! নিজকে ভাগ্যৱান যেন লাগিছে- মনে-প্ৰাণে ভালপোৱা ঠাই এখনত ভাল লগা কামবোৰ কৰি থাকিব পাৰিছোঁ। তাকো সেয়া কৰাৰ সুযোগ পাইছোঁ ভালপোৱা মানুহ এখিনিৰ লগত একেলগে। আৰু কি লাগিছে কোৱাচোন!’

‘ভাল পোৱা বা নোপোৱা আমি তোমাক নেৰিছোঁ দেই, মাৰ্ক। আমাৰ দলৰ গুৰি বঠা তোমাৰ দৰে অন্য কোনেও ধৰিব নোৱাৰে! এতিয়া গোটেই জীৱন আমাক সকলোকে সহ্য কৰি থাকিবলৈ সাজু হোৱা।’ ফিয়নাই নাটকীয় ভংগীৰে কোৱা কথাষাৰত সকলোৱে হাঁহি পেলালে।

কিন্তু ভিতৰি যেন সকলোৱে স্বস্তিৰ নিশ্বাস পেলালে। এই খৱৰটো যেন কেৱল মাৰ্কৰ বাবেই নহয় গোটেই দলটোৰ বাবেই দিকনিৰ্দেশক যেন হৈ পৰিছিল! নেচাৰৰ পুনৰ্সংগঠনৰ ধুমুহাজাক যেন আজিহে থামিল- সকলোৰে তেনে ভাৱ হ’ল। দলটোৰ দৰেই তুলিকাৰ বাবেও মাৰ্ক কেৱল সিহঁতৰ দলপতিয়ে নহয়, সঁচা অৰ্থত তেওঁ পথনিৰ্দেশক। এই অজান্তি মুলুকত প্ৰথম ভৰি থোৱাৰ দিনাৰে পৰা কৰ্মক্ষেত্ৰৰ প্ৰতিটো খোজতে তেওঁ তুলিকাক হাতত ধৰি শিকাইছে, ইয়াৰ প্ৰকৃতি আৰু মানুহৰ বিষয়ে মাৰ্কৰ পৰাই তাই বহু নতুন কথা জানিছে। জটিল পৰিস্থিতিতো কেনেকৈ এই দল আৰু দলীয় আদৰ্শৰ ধাৰা আগবঢ়াই নিব পাৰি, অগাধ জ্ঞান আৰু অভিজ্ঞতা লৈও কেনেকৈ মাটিৰ মানুহ হৈ থাকিব পাৰি তাৰ যেন আজীৱন দৃষ্টান্ত এই মাৰ্ক! বিছবছৰৰ আগৰ ট্ৰাবলছৰ ভয়াবহ দিনবোৰত যেনেকৈ স্থিতপ্ৰজ্ঞ হৈ ফাৰমানাৰ প্ৰকৃতিৰ বাবে কাম কৰি গৈছিল, তেনেদৰেই নেচাৰৰ পুনৰ্সংগঠন, সুখৰ সংসাৰৰ বাস্তৱ পৰিণতি সকলো দেও দি আজিও তেওঁ একেদৰেই জীৱনৰ মুখামুখি হৈছে।

সিদিনা সন্ধিয়া এই সুখৱৰটো উদযাপন কৰিবলৈ নেচাৰৰ সকলো ডেভেনিছ পাবত লগ হ’ল। তাৰে এচুকৰ ডাঙৰ টেবুলখনত বহি লৈ ডেৰেনে ক’লে,

‘প্ৰথমে ময়ে পিটচাৰ এটা আনোঁ- গিনিছেৰেই আৰম্ভ কৰোঁ, নহয় জানো?’

গোটেইবোৰে হয়ভৰ দিলে। এনে ডাঙৰ গোটত পাবলৈ আহিলে ইয়াত সাধাৰণতে সেয়াই নিয়ম। এজন এজনকৈ পাল পাতি বীয়েৰৰ পিটচাৰ অৰ্থাৎ জগ একোটা কিনে।

হাতে হাতে গিনিছ বীয়েৰৰ গিলাচ লৈ সকলোৱে মাৰ্কক এটা ট’ষ্ট দিবলৈ অৰ্থাৎ দুআষাৰ ক’বলৈ অনুৰোধ কৰিলে। গিলাচটো কিছু ওপৰলৈ ধৰি লৈ মাৰ্কে ক’লে,

‘তোমালোকে জানাই, দুটা দশকৰ আগতে মই ফাৰমানাত প্ৰথম ভৰি থৈছিলোঁ। তেতিয়া ট্ৰাবলছৰ ভয়াবহতাৰ মাজতে ইয়াত এটা নতুন জীৱন আৰম্ভ কৰিছিলোঁ। তেতিয়াই ফাৰমানাৰ সেউজীয়াৰ মায়াত বন্দী হৈ পৰিছিলোঁ। জীৱনটো থানথিত লাগিল বুলি ধৰি লোৱাৰ পিছত এই বছৰটোৱে কি যে এজাক ধুমুহা লৈ আহিল। নেচাৰ একে হৈ নাথাকিল, মোৰ পৰিয়ালো একে হৈ নাথাকিল। কিন্তু আজি ভাৱ হৈছে, আমি মানুহবোৰতো একে আছোঁ- আমাৰ মাজৰ আন্তৰিক টান আৰু হেঁপাহবোৰতো একেই আছে, হাজাৰ সংঘাত দেও দি এই ফাৰমানাওতো একেই আছে, নহয় জানো? আজি আকৌ এবাৰ সেয়ে কৃতজ্ঞ অনুভৱ কৰিছোঁ আৰু তাৰ বাবে তোমালোক সকলোকে বহুত ধন্যবাদ জনাব খুজিছোঁ। তোমালোকৰ সহায়-সহযোগিতা আৰু একতাৰ জোৰতে মই আজি ইয়াত আছোঁ, আমাৰ দলটো আছে। আমিবোৰ যেন সদায়ে একেদৰেই থাকোঁ!……চিয়েৰ্ছ!’

সকলোৱে একেলগে গিলাচ ওপৰলৈ দাঙি কৈ উঠিল, ‘চিয়েৰ্ছ!’

আজি প্ৰথমবাৰৰ বাবে মাৰ্কে সমজুৱাকৈ নিজৰ পৰিয়ালৰ কথা ক’লে। সকলোৱে গম পালেও লিছাৰ বাহিৰে মাৰ্কৰ সৈতে অন্য কোনেও সেই সম্পৰ্কে পতা নাই। লিছাৰ পৰাই তুলিকাই গম পাইছে, আন্যাই সেই একেটা বাটতে চুবুৰীয়াৰ ঘৰত নতুনকৈ সংসাৰ পাতিছে, মিনলাৰ জীৱন দুলিব ধৰিছে আন্যা আৰু মাৰ্কৰ ক’পেৰেণ্টিঙৰ দোলকত। প্ৰথমে জটিল যেন লাগিলেও লাহে লাহে পৰিয়ালটোৰ এই নতুন ৰূপতে তিনিও যেন অভ্যস্ত হৈ আহিব ধৰিছে। আনকি মাৰ্কে হেনো লিছাক মাজে মাজে ক’বলৈ লৈছে, এতিয়া মিনলাৰ সৈতে নিজাকৈ সময় কটাবলৈ পাই, একেলগে খেলি আৰু ফুৰি তেওঁৰো ভাল লগা হৈ আহিছে। কোনে জানে, আন্যাৰ সৈতে একেলগে থকা হ’লে সেই সময়বোৰে কেনে ৰূপ ল’লেহেঁতেন। তুলিকাৰ ভাৱ হ’ল যেন, মাৰ্কে বাস্তৱক অন্ত:কৰণেৰে মানি লোৱাৰ অহৰহ চেষ্টা কৰিছে। এই এটা বছৰত ব্ৰেক্সিটৰ অনিশ্চয়তাই ফাৰমানা কঁপাই তুলিছে, ট্ৰাবলছৰ ভয়াবহ দিনবোৰ সোঁৱৰাই দিছে। তাতে ভূতৰ ওপৰত দানহ পৰাদি নেচাৰৰ পুনৰ্সংগঠন আৰু মাৰ্কৰ ডিভৰ্চে হয়তো কত যন্ত্ৰণা আৰু অস্থিৰতাৰে মাৰ্কৰ জীৱনটো আৱৰি পেলালে। তথাপি- তথাপি তেওঁ থিয় দি ৰৈছে সেই সকলোবোৰ আকোঁৱালি লৈ। কি এক জীৱনবোধে মানুহক এনে বাস্তৱমুখী আৰু আশাবাদী কৰি ৰাখিব পাৰে সেয়া তুলিকাই নাজানে!

‘কি বীয়েৰ খাবা, তুলিকা? এইবাৰ মোৰ পাল!’ টমে টেবুলৰ সিমূৰৰ পৰা ডিঙি বেঁকা কৰি সোধাত তুলিকাৰ সম্বিত আহিল।

‘তোমালোকৰ দৰে ইমান জোৰত আমি শেষ কৰিব নোৱাৰোঁ দেই!’ তুলিকাই কিবা কোৱাৰ আগতেই ফিয়নাই মাত দিলে। কৈ তাই নিজৰ গিলাচত এতিয়াও বাকী ৰোৱা গিনিছখিনিও দেখুৱালে।

তুলিকাই নিজৰ গিলাচটো চাই ফিয়নাৰ কথাতে হয়ভৰ দিলে। টম উঠি গ’ল। পিটচাৰ এটা ভৰাই নতুনকৈ বীয়েৰ আনিলে। কিন্তু লগতে এজগ পানী আৰু দুটা আধা পাইণ্টৰ সৰু গিলাচ আনি সিহঁত দুজনীৰ সন্মুখত থ’লেহি। তাৰপিছত ক’লে,

‘তোমালোক দুজনীয়ে হাফ পাইণ্টৰ গিলাচেৰে কাম চলোৱা তেনে! লগতে এয়া পানী আনিছোঁ, লোৱা। আজি দৰকাৰ হ’ব!’

টমৰ আগজাননী শুনি সকলোৱে হাঁহিলে। তাৰমানে আজি আড্ডা সোনকালে সামৰাৰ লক্ষণ নাই। কিমান দিনৰ মূৰতযে দলটোৱে মুকলি মনেৰে একেলগে পাবত বহিছেহি। গতিকে বহুদিনৰ মূৰত আড্ডাও জমি উঠিছে।

তাৰ মাজতে লিছাই একাষৰীয়াকৈ তুলিকাক সুধিলে,

‘ৰায়ানৰ কি খৱৰ, তুলিকা?’

‘ভালেই। সি ৰিপৰ্টিঙৰ কামত এইকেইদিন খুউব ঘুৰা-ঘুৰি কৰিব লগা হৈছে।’

প্ৰায় লগে লগেই লিছাই সুধিলে, ‘ফাৰমানাৰ বোমা বিস্ফোৰণৰ ঘটনাটোৰ কাৰণে নেকি?’

তুলিকা আচৰিত হ’ল। তাই একো গমেই পোৱা নাছিল। কি, ক’ত, কেতিয়া হৈছে সেইবোৰ? লিছাইহে সবিশেষ ক’লে,

যোৱা সপ্তাহটোতে ফাৰমানা আৰু ওচৰে-পাজৰে কেইবাটাও বোমা বিস্ফোৰণৰ ঘটনা ঘটিছে। যোৱা কেইবাসপ্তাহত পুলিচে অ’ত ত’ত বোমা উদ্ধাৰ কৰিয়ে আছে- সিদিনা ডেৰীতো এটা পালে। কোনোবাই সাক্ষাৎ পুলিচ অফিচাৰ গৰাকীৰ গাড়ীতে থৈ গৈছিল। অ’মাৰ বিস্ফোৰণত পুলিচ এগৰাকী আহতও হৈছে। গোটেইবোৰৰ ধৰণ আৰু ঠাই চাই পুলিচে সন্দেহ কৰিছে এয়া আই আৰ এ-ৰ কাম।

‘মানে বিৰোধী ৰিপাব্লিকান আৰ্মি?’ তুলিকাই সুধিলে।

‘অঁ, ঠিকেই কৈছা। ১৯৯৮ চনৰ গুড ফ্ৰাইডে’ৰ দিনা হোৱা শান্তি চুক্তিয়ে ট্ৰাবলছৰ ভয়াবহ দিনবোৰৰ অন্ত পেলাইছিল, কিন্তু সেই চুক্তিত সন্মত নোহোৱা এদল বিৰোধী ৰিপাব্লিকান অসন্তুষ্ট হৈয়ে ৰৈ গৈছিল। লাহে লাহে সেই সকলেই পুনৰ গোট বান্ধিলে। অস্ত্ৰ-শস্ত্ৰ আৰু মূলধন গোটালে। লক্ষ্য এটাই ব্ৰিটেইনৰ পৰা পৃথক আৰু দুয়োখন আয়াৰলেণ্ড মিলাই এক স্বাধীন আয়াৰলেণ্ড গঠন। এতিয়া ব্ৰেক্সিটৰ অনিশ্চয়তাই যেন সেই গোটবোৰক আগতকৈও অস্থিৰ কৰি পেলাইছে। অ’ত ত’ত হিংসাত্মক ঘটনাবোৰেও পুনৰ মূৰ দাঙি উঠিবলৈ লৈছে।’

‘আই আৰ এ-ৰ কথা কৈছা? মই ভাৱোঁ, এই গোটবোৰ অ’ত ত’ত সিচঁৰতি হৈ নিজৰ মতে কাম কৰি আছে- সেই লক্ষ্যতকৈও গোটবোৰৰ আচল লক্ষ্য হৈছে, মানুহৰ মাজত আতংক বিয়পোৱা!’ কাষতে বহি থকা ফিয়নাই মাত দিলে।

উৎস: ৱিকিকমন্স


সেই আলোচনাবোৰে তুলিকাৰ বাবে যেন এটা অশনি সংকেত এৰি গ’ল। ৰায়ানৰ কথা ভাৱি তাইৰ বেছিকৈ চিন্তা লাগিবলৈ ধৰিলে। কি পৰিৱেশতযে তাই ৰায়ানক বিদায় জনাব লগা হ’ল সিদিনা। তাৰপিছত এবাৰো কথা পতাও হোৱা নাই। সিদিনা পাবৰ পৰা ওলায়ে তাই তালৈ মেচেজ পঠালে,

‘ঠিকে আছানে ৰায়ান? ইয়াত বাতৰি কিছুমান শুনি আছোঁ বাবে চিন্তা হৈ আছে। খৱৰ দিবাচোন!’

সিদিনা ৰায়ানৰ কোনো উত্তৰ নাহিল। তাৰ সলনি আহিল বিদ্যুতৰ কেইবাটাও মেচেজ। মাক-দেউতাকৰ কথাটো মনত পেলাই দিলে সি। তাই গ’লে কি কি কৰাৰ পৰিকল্পনা সেয়াও জনালে। আৰু শেষত লিখি পঠালে,

‘তুমি আহিবা তুলিকা, প্লিজ আহিবা!’

পিছদিনা সন্ধিয়া তুলিকা থেৰাপিষ্ট মিচেলৰ ওচৰ পালেগৈ। যোৱা দুটা সপ্তাহতে ইমানবোৰ ঘটনা ঘটি গৈছে যে সেই সকলোবোৰ ভাৱি চাই কৰ্তব্য স্থিৰ কৰিবলৈকে তাইৰ কষ্ট হৈছে। মিচেলে ক’লে,

‘সকলো সমস্যাৰ সমাধানসূত্ৰ প্ৰত্যেক মানুহৰ নিজৰ মাজতে থাকে, তুলিকা। প্ৰত্যেক মানুহৰ হৃদয়ৰ নিভৃত কোণত সেই সাহস আৰু অন্তৰ্শক্তি লুকাই থাকে। মাথোঁ সেয়া সময়ত বিচাৰি পাবলৈ টান। নিজৰ হৃদয়ৰ আহ্বান শুনিবলৈ টান। তোমাৰ জীৱন আৰু সুখ-দুখৰ চাবি-কাঠিও কেৱল তোমাৰ লগতে আছে। সেয়া মই ঠিক কৰি দিব নোৱাৰোঁ। সেয়া মোৰ কামো নহয়। মোৰ কাম হৈছে, তোমাক তাৰবাবে দৰকাৰী সঁজুলিখিনি দেখুৱাই দিয়া।’

তুলিকাই কিছু আবেগেৰে ক’লে,

‘মিচেল, অতীতত লেটি লৈ থকাৰ পৰা ওলাই বৰ্তমানটোত জীবলৈ তুমিয়ে মোক শিকাইছিলা। এই দেওনাখন পাৰ হোৱাৰ বাবেও তোমাৰ সহায়ৰ বহুত প্ৰয়োজন। নাজানো কিয়, কেৰিয়াৰৰ বাবে আমি ইমানবোৰ শিক্ষা আৰু অভিজ্ঞতা লওঁ, কিন্তু জীৱনটো পৰিপূৰ্ণভাৱে জীয়াই থাকিবলৈ যি শিক্ষা আৰু প্ৰক্ৰিয়াৰ দৰকাৰ- তাকে কেতিয়াও শিকা নহয়! কোৱা মোক- কি সঁজুলি আছে! কি মোক সহায় কৰিব মই নিজেনো কি বিচাৰোঁ জানিবলৈ!’

‘তুমি ইতিমধ্যে সেয়াও শিকিছা তুলিকা। নিজৰ যত্ন লোৱা। নিজৰ শৰীৰ আৰু মনৰ যত্ন লোৱা- মন আৰু শৰীৰে কিনো বিচাৰে কাণপাতি শুনি চোৱা। আমাৰ শৰীৰতেইতো মনে বাস কৰে। গতিকে নিজৰ মনটোক চুই চোৱাৰ আটাইতকৈ সহজ উপায় হৈছে শৰীৰৰ যত্ন লোৱা। ভালকৈ খোৱা আৰু শুৱা। আগৰদৰেই দৌৰিবলৈ ওলাই যোৱা। চেষ্টা কৰা যাতে জীৱনৰ এটা অংশত আৰম্ভ হোৱা ধুমুহাজাক সকলো প্ৰান্তলৈ ঠেলি নিদিয়া, বৰ্তমানটো তচ-নচ হ’বলৈ নিদিয়া। শান্ত আৰু স্বাস্থ্যকৰ শৰীৰটোৱে মনটোক শক্তি দিব। মনটোকো শান্ত কৰিব আৰু তেতিয়াই কুঁৱলী ফালি সূৰ্য ওলোৱাৰ দৰে তোমাৰ উত্তৰো ওলাব।’

মিচেলে সেয়া কৈয়ে ক্ষান্ত নাথাকিল, তুলিকাক ঘৰত অভ্যাস কৰিবলৈ বুলি কেইবাটাও কৌশল শিকালে। কেইবাবাৰো দীঘল উশাহৰ লগে লগে শৰীৰৰ প্ৰতিটো অংশলৈ মনোযোগ দিয়াৰ অভ্যাস কৰি লাহে লাহে তাই যেন শান্ত হৈ আহিল। ভাৱ হ’ল, তাই পাৰিব। নিজৰ সিদ্ধান্ততে অটল হৈ ৰ’ৱ পাৰিব।

শান্ত আৰু পৰিতৃপ্ত মন এটা লৈ তাই উভতিল। কিন্তু এপাৰ্টমেণ্ট পাই দেখে, লিছা দুৱাৰমুখতে ৰৈ আছে। তাইড় মুখখন শুকান, দুচকুত হাজাৰ উৎকণ্ঠা!

‘হাই লিছা! হুৱাটছ্‌ দ্য ক্ৰেইক? ঘপকৈ ওলালাহি যে।’ তুলিকাই লৰালৰিকৈ আগবাঢ়ি আহি ক’লে।

লিছাই চেপা উৎকণ্ঠাৰে ক’লে, ‘কথা এটা আছে। তোমাক ফোনত কোৱাতকৈ মুখামুখিকৈ পাতিম বুলিয়ে গুচি আহিলোঁ। ভিতৰলৈ যাওঁ?’

অজান আশংকাত তুলিকাৰ বুকুখন চিৰিংকৈ গ’ল। মিচেলৰ পৰা কঢ়িয়াই অনা নিৰিবিলি শান্তিৰ ছায়া যেন মুহূৰ্ততে ভাপ হৈ উৰি গ’ল!

তাই কোনোমতে দুৱাৰ খুলি বহা কোঠা পালেহি। পিছে পিছে লিছা। তাইৰ মুখামুখিকৈ বহি সোঁহাতখন খামুচি ধৰি লিছাই ক’লে,

‘তুলিকা, কালি যে পাতিছিলো বোমা বিস্ফোৰণৰ কথা, মনত আছে?’

‘আছে! সকলো ঠিকে আছেতো? কাৰোৱাৰ কিবা হ’ল নেকি?’ তুলিকাৰ অজানিতে মাতটো কঁপিল।

‘দুদিন আগতে অ’মাত হোৱা বিস্ফোৰণটোৰ লগত জড়িত বুলি দুজনক পুলিচে এৰেষ্ট কৰিছে। আজিৰ ‘ফাৰমানা ট্যুডে’ত এয়া কি প্ৰকাশ পাইছে চোৱা।’

লিছাই কাকতৰ প্ৰথম পৃষ্ঠাটো মেলি ধৰিলে। বৰ বৰ হৰফেৰে লিখা আছে, অ’মাৰ বোমা বিস্ফোৰণত আই আৰ এ জড়িত’। তাৰ পৰা তাইৰ চকু গ’ল লিছাই আঙুলীয়াই দিয়া বিতং বাতৰিটোলৈ। ‘এই বিস্ফোৰণৰ লগত জড়িত থকাৰ সন্দেহত পুলিচে ৰায়ান অ’কন’ৰ আৰু বেৰী ৰ’বছন নামৰ দুগৰাকী ব্যক্তিক আটক কৰিছে।’

‘এই ৰায়ান আমাৰ ৰায়ান নহয়নে? সেই কাৰণেই চাগৈ ফাৰমানা হেৰ’ল্ডে এই বাতৰি ছপোৱা নাই!’

সেই বাতৰি আৰু লিছাৰ কথাত তুলিকা যেন চকিত হৈ পৰিল! কি কয় লিছাই? এয়া কেনেকৈ সম্ভৱ হ’ব পাৰে? কেনেকৈ? তাইৰ ৰায়ান সাংবাদিক! সেই ৰায়ান কেনেকৈ সন্ত্ৰাসবাদী হ’ব পাৰে? নে বিপ্লৱী? তাই নাজানে এই আই আৰ এ কি! নাজানে কোন এই ৰায়ান!

এইবাৰ তাই লিছাৰ পৰা কাকতখন আজুৰি অনাদি লৈ বাতৰিটো প্ৰথমৰ পৰা পঢ়ি চালে। দেখিলে তাত আগৰ বিস্ফোৰণৰ কথাও উল্লেখ কৰিছে। তাই খপজপকৈ তাৰিখবোৰ মিলাই চালে। কি কৈছিল ৰায়ানে? কি কৈছিল? অঁ ঠিকেই, প্ৰথমে অ’মা, তাৰপিছত ডেৰীত ৰিপৰ্টিঙৰ কাম। সেইবাবেই এসপ্তাহৰ যাত্ৰা। এয়া কি? তাৰিখবোৰ কেনেকৈ মিলি গৈছে তাৰ সৈতে? তেনে কি ফাৰমানাৰ বিস্ফোৰণতো? তাইৰ চাৰিওফালে যেন এই পৃথিৱীৰ সকলো ঘূৰিবলৈ লাগিল। যেন একোৱে নেদেখা হৈ আহিল তুলিকাই। সকলো ধুৱঁলী কুঁৱলী- সকলো। তাৰ মাজত মাথোঁ জিলিকি থাকিল এষাৰি কথা- টকে’ গাৰ লা! ৰায়ানৰ ডিঙিৰ সেই গেলিক ভাষাৰ শ্ল’গান- ‘এদিন আমাৰো দিন আহিব! টকে’ গাৰ লা!’


পূৰ্বৰ খণ্ডসমূহ:


  • ফাৰমানা (প্ৰথম খণ্ড)
  • ফাৰমানা (দ্বিতীয় খণ্ড)
  • ফাৰমানা (তৃতীয় খণ্ড)
  • ফাৰমানা (চতুৰ্থ খণ্ড)
  • ফাৰমানা (পঞ্চম খণ্ড)
  • ফাৰমানা (ষষ্ঠ খণ্ড)
  • ফাৰমানা (সপ্তম খণ্ড)
  • ফাৰমানা (অষ্টম খণ্ড)
  • ফাৰমানা (নৱম খণ্ড)
  • ফাৰমানা (দশম খণ্ড)
  • ফাৰমানা (একাদশ খণ্ড)
  • ফাৰমানা (দ্বাদশ খণ্ড)
  • ফাৰমানা (ত্ৰয়োদশ খণ্ড)
  • ফাৰমানা (চতুৰ্দশ খণ্ড)
  • ফাৰমানা (পঞ্চদশ খণ্ড)
  • ফাৰমানা (ষষ্ঠদশ খণ্ড)
  • ফাৰমানা (সপ্তদশ খণ্ড)
  • ফাৰমানা (অষ্টদশ খণ্ড)
  • ফাৰমানা (উনবিংশ খণ্ড)
  • ফাৰমানা (বিংশ খণ্ড)
  • ফাৰমানা ( একবিংশ খণ্ড)
  • ফাৰমানা (দ্বাবিংশ অধ্যায়)
  • ফাৰমানা (ত্ৰয়োবিংশ অধ্যায়)
  • ফাৰমানা (চতুৰ্বিংশ অধ্যায়) 
  • ফাৰমানা (পঞ্চৰ্বিংশ অধ্যায়) 


  • No comments:

    Post a Comment