Friday 24 May 2019

ফাৰমানাৰ ডায়েৰী (১)

অজান্তি মুলুকত 

এনিছকিলেন বাছ ষ্টেচন৷ উত্তৰ আায়াৰলেণ্ডৰ এখন সৰু চহৰৰ দুপৰীয়া৷ বাছৰ পৰা প্ৰকাণ্ড বেগটো কেকোঁজেকোঁকৈ নমাওতেই বাছ চালকজন আগবাঢ়ি আহিল৷ বেগটোৰ এমূৰে ধৰি দাঙিবলৈ লৈ তেওঁ অচিনাকি আইৰিছ সুৰটোৰে কৈ উঠিল,

“What do you have in there? Your entire life?''

মোৰ কৈ পেলাবলৈ মন গ’ল, 'ঠিকেই! মোৰ সমগ্ৰ জীৱনেই সোমাই আছে ইয়াত!'

সমানেই এবেগ বস্তু চেৰিটিত দান কৰি, অন্য বহুখিনি আকৌ বন্ধু বান্ধবৰ মাজত বিলাই দি মোৰ জীৱনৰ বাকী ৰৈ যোৱা সকলোখিনি ইয়াতেইতো আছে৷ ইংলেণ্ডৰ পৰিচিত জীৱনটো সামৰি আয়াৰলেণ্ডত এটা নতুন জীৱনৰ আৰম্ভণি কৰিবলৈ এয়াই মোৰ সমল!

বাছ ষ্টেচনৰ পৰা ওলাই ব্যস্ত বাট, অলেখ অসংখ্য গাড়ীবোৰ দেখি অলপ থোঁতা-মোজা খালো যেন! কোনোদিনে নেদেখা নুশুনা এই ঠাইখনে হয়তো মোৰ কল্পনাত অন্য এটা ৰূপতহে ভাঁহি আছিল অতদিনে৷ ভাৱিছিলোঁ, আইৰিছ কান্ট্ৰিছাইড যেতিয়া কণমান এখন নগৰ হ’ব, য’ত মহানগৰৰ দৰে চঞ্চল সময়ে পাখি মেলি ঢাপলি নেমেলে, য'ত জীৱন মাথোঁ এছাটি জুৰ মলয়া, মহানগৰৰ বিৰতিহীন যান্ত্ৰিকতাৰ পৰা শত যোজন দূৰৈত মন গ'লেই ৰৈ যাব পৰা এটা আলিকেঁকুৰি! মোৰ সেই কল্পনাৰ নিৰিবিলি নগৰখনতকৈ এই ঠাই যথেষ্ট ডাঙৰ, যথেষ্ট ব্যস্ত৷ 

প্ৰথম দৃষ্টিত এনিছকিলেন

বাটৰ সিপাৰে চাই পিছে মনটো মুকলি হৈ পৰিল৷ নীলা স্বচ্ছ পানীৰে  এখন সুবিশাল নৈ! পাৰে পাৰে বহু নাও৷ কেইবাঠাইটো দেখিলো, বৰশী টোপাই গোঁজ মাৰি বহি আছে ভালেকেইজন মানুহ৷ অজানিতেই এটা হাঁহি ওলাই আহিল মোৰ৷ শ্বেফিল্ডৰ যোৱা চাৰিটা বছৰত যেন এনে এখন নৈৰেই প্ৰয়োজন অনুভৱ কৰি আছিলো৷ নৈৰ পাৰৰ মানুহৰ আজন্ম প্ৰেম নৈৰ সৈতে, সৰু-বৰ ঢৌৰ সৈতে, ঢৌত কঁঁপি গৈ থকা নাওবোৰৰ সৈতে৷ নৈৰ বুকুত যে যেতিয়াই মন যায় উজাৰি দিব পাৰি হৃদয়ৰ সকলো বোজা! এনে এখন নৈ ইমান কাষতে পাম বুলি জানি উচ্ছসিত হৈ পৰিলোঁ৷

নগৰৰ মাজেদি বৈ যোৱা আৰ্ণ নৈ


এয়াৰ বি এন বিৰ এটা ঘৰত দুদিনমান থাকি লৈ এই নতুন জীৱনৰ থানথিত লগোৱাৰ পৰিকল্পনা৷ গুগুল মেপত চাই দেখিলোঁ বাছ ষ্টেচনৰ পৰা খোঁজেৰে তালৈ মাথোঁ দহ মিনিটৰ বাট৷ ভাৱিলো টেক্সি নলওঁ আৰু৷ গধুৰ বেগটো টানি টানি ঘৰ ওলাওহি মানে আধাঘন্টাই লাগিল পিছে!
আৰ্ণ নৈৰ অন্য ৰূপ

বাটৰ কাষতে এটা দুমহলীয়া ঘৰ৷ এজাৰৰঙী মূল দুৱাৰখনত টুকুৰীওৱাৰ কেইমুহুৰ্ত্তমানৰ পিছতে ঘৰৰ দুৱাৰ খোল খালে৷ পয়ত্ৰিশৰ আশে পাশে থকা মিঠামুখীয়া এজন ডেকা ল’ৰা৷

'Hi, you must be Joli! I am John, your host."


জনে আগবঢ়াই নি এফালৰ পৰা পাকঘৰ, লিভিং ৰুম, মোৰ শোৱা কোঠা সকলো দেখাই বুজাই দিলে৷ যোৱা কেইবছৰমানৰ পৰা য'লৈকে যাওঁ হোটেলতকৈ এনেকৈ কাৰোৱাৰ আলহী হৈ ঘৰুৱাকৈ থাকিবলৈ বেছি পছন্দ কৰিবলৈ লৈছোঁ৷ এনেকৈ থাকিলেহে যেন এখন ঠাইৰ ৰূপ, ঠাইখনৰ মানুহৰ জীৱনৰ প্ৰকৃত সুবাস পোৱা যায়, এনে ভাৱ হ'বলৈ লৈছে৷ হোটেলৰ কোঠাবোৰ যিমানেই আৰামদায়ক নহওক এখন ঘৰৰ তুলনাত যেন তেনেই বৈশিষ্ট্যহীন!বিয়াগোম হোটেলৰ কোঠাই কোঠাই স্থানীয় ঠাই, সংস্কৃতিৰ যিমানেই ফটো ওলমাই নাৰাখক সেইবোৰে সদায়ে এখন বেঁৰা সাঁজি যেন আঁতৰাই থয় স্থানীয় জীৱনৰ নিভাঁজ ছৱিখন!

এটা ঠিকনাৰ সন্ধানত


জনৰ সৈতে কফি একাপ লৈ বহিলো৷ ঘৰ আৰু গাড়ীৰ সন্ধানত আছোঁ বুলি জানি তেওঁ ক'লে,

'ইয়াত কোনেও অনলাইন বিজ্ঞাপন নিদিয়ে৷ সেয়ে চাগৈ তুমি ইংলেণ্ডৰ দৰে ৱেবছাইটত খুঁচৰিয়ে ভাড়াঘৰ পোৱা নাই৷ তাতকৈ এটা কাম নকৰা কিয়? ইয়াৰ স্থানীয় বাতৰি-কাকতখনত বিচাৰি চোৱা৷ ঘৰৰ মালিকে দিয়া ভাড়াঘৰৰ বিজ্ঞাপন তাতে পাই যাবা৷ ইয়াত এতিয়াও কথাবোৰ 'অল্ড স্কুল'!'

ভাবিলো, সেয়াই ভাল উপায়৷ আবেলি ওলাই আহি দোকানৰ পৰা কিনি আনিলো 'দ্য ইমপাৰ্চিয়েল ৰিপৰ্টাৰ'- স্থানীয় বাতৰি কাকত৷ মূখ্য বাতৰিবোৰ বাদ দি চিধাই বিজ্ঞাপনৰ পৃষ্ঠাত চকু ফুৰালো৷ জনৰ কথাই সঁচা৷ কেইবাটাও ভাড়াঘৰৰ বিজ্ঞাপন! ইয়াত পৰিয়াল নাথাকিলে প্ৰায়বোৰ মানুহেই সচৰাচৰ অন্যৰ লগত মিলি একোটা ডাঙৰ ঘৰ ভাড়ালৈ লয়৷ ঘৰভাড়া, কাউন্সিল টেক্সৰ পৰা আৰম্ভ কৰি মাহেকীয়া বিললৈকে ভাগবতৰা হয় বাবে অকলে থকাতকৈ যথেষ্ট সস্তা হয়৷ কিন্তু মোৰ দৰে নিসংগতাপ্ৰিয় মানুহৰ বাবে দিনটোৰ শেষত কেৱল নিজা পৃথিৱীখনত বিলীন হ'ব পৰাৰ মূল্য হয়তো তাতকৈ বহু বেছি৷ সেয়ে  ভাৱি থৈছিলো, খৰচ অলপ বেছি হ'লেও অকলশৰেই থকাৰ ব্যৱস্থা কৰিম৷ 

কাকতখনত  তেনেধৰণৰ মাথোঁ এটা ঘৰৰ বিজ্ঞাপন দেখিলো৷ লগত এটা ফোন নম্বৰ৷ ৰিং হোৱাৰ ক্ষন্তেক পিছতে এগৰাকী মহিলাৰ মাত ভাঁহি আহিল,

'হেল্ল', জাৰ্লডাইন স্পিকিং৷'

'হেল্ল', মই আচলতে আজিৰ কাকতত ওলোৱা আপোনাৰ ঘৰৰ বিজ্ঞাপনটোৰ কথা সুধিবলৈ ফোন কৰিলো৷'

মোৰ কথা শেষ হ'বলৈকে নাপালে, তেওঁ খদমদমকৈ কৈ উঠিল,

'অ', তুমি ঘৰটো চাব বিচাৰা নেকি?'

'হয়, কিন্তু ভাড়া কিমান, কি কথা অলপ জানি ল'ব খুজিছোঁ৷'

তেওঁ একেই খৰখেদা ভাৱতে কৈ উঠিল,

'আমি এতিয়া ঘৰটোতে আছোঁ, তুমি চাব খোঁজা যদি এতিয়াই আহিব পাৰা!'

মই থতমত খালো৷ ঘড়ী চাই দেখো নিশা চাৰে সাত বাজিছে তেতিয়া৷

'এতিয়াই?'

'অ', তুমি এতিয়া ক'ৰ পৰা ফোন কৰিছা কোৱাচোন?'

ঠিকনাটো কোৱাৰ লগে লগে তেওঁ উৎসাহেৰে কৈ উঠিল৷ 

’এস, তুমি একেবাৰে ওচৰতে আছা৷ এতিয়াই আহা পাৰা যদি৷ আমি অলপ সময় ৰৈছোঁ বাৰু!’

দিনটোৰ দীঘলীয়া যাত্ৰাৰ শেষত নিশাৰ সাঁজ খাই বৈ তেতিয়া বিছনাত আৰামেৰে পৰিছিলোহে৷ কিন্তু যিমান পাৰি সোনকালে ঘৰ এটা যে মোক লাগেই! অগ্যতা খৰখেদাকৈ উমাল বিছনা এৰি ওলাই আহিলো৷ বাহিৰৰ কিনকিনীয়া বৰষুণক দেও দি খোঁজেৰে জাৰ্লডাইনে দিয়া বৰ্ণনা মতে ঘৰ ওলালোগৈ৷

দুৱাৰমুখতে জাৰ্লডাইনক পালো৷ তেজগোঁৰা মুখেৰে এগৰাকী মধ্যবয়সীয়া মহিলা৷ মোক আগবঢ়াই নি চিনাকি কৰি দিলে তেওঁৰ পাৰ্টনাৰ পেট্ৰিকৰ  সৈতে৷ এপাৰ্টমেন্টত সোমায়েই ভাল লাগি গ'ল-ঠিক মই বিচৰা ধৰণৰে যেন৷ দুটা মহলাৰ সকলো আধুনিক সা-সুবিধা থকা এটা আহল-বহল ঘৰ৷ জাৰ্লডাইন আৰু পেট্ৰিকে তলে-ওপৰে কোঠাবোৰ দেখুৱাই প্ৰতিটো সা-সুবিধাৰ কথা উপৰা-উপৰিকৈ ক'বলৈ লাগিল৷ 

সকলো চাই-চিতি বহা কোঠালৈ অহাৰ পিছত মই ক'লো,

'মোৰ এপাৰ্টমেন্টটো খুবেই পছন্দ হৈছে৷ খৰচ-পাতিবোৰ বা কেনে?'

এইবাৰ দুয়ো খৰচৰ বিৱৰণ দিবলৈ আৰম্ভ কৰিলে৷ সকলো মিলাই মাহে আমাৰ হিচাপত প্ৰায় পঞ্চাছ হাজাৰ টকা! তথাপিও সৰু ঠাই কাৰণেই কিজানি ইংলেণ্ডৰ বাকী চহৰতকৈ যথেষ্ট সস্তাই৷ খৰচক লৈ গুণাগথাঁ কৰি থকাৰ মাজতে পেট্ৰিকৰ মাতত মোৰ তন্ময়তা ভাঙিল৷ তেওঁ সুধিলে মোৰ বিষয়ে৷ মই ভাৰতীয় আৰু আয়াৰলেণ্ডত আজি মোৰ প্ৰথম নিশা বুলি শুনি দুয়ো আশ্চৰ্য্যত জাঁপ মাৰিহে উঠিল যেন!

দুয়োৰে প্ৰতিক্ৰিয়া দেখি মই হো-হোৱাই হাঁহি পেলালো৷

'What brings you here from so far away?' -পেট্ৰিকৰ প্ৰশ্ন

'My job! I start tomorrow morning.'

'Do you know anyone here?'

'Nope! Not a single person.'

দুয়োৰে যেন আশ্চৰ্য্য আৰু কৌতুহলৰ শেষেই নহ'ব৷ তেওঁলোকক বুজাব লগা হ'ল ইয়াত কেনেকৈ চাকৰি পালো৷ কিয় আৰু কেনেকৈ আহিলো -সকলোখিনি৷

পেট্ৰিকে শেষত ক'লে,

'সন্ধিয়া অন্য এজনেও ঘৰটো চাই গৈছে৷ আচলতে সেইকাৰণেই আমি ইয়ালৈ আহিছিলো৷ কিন্তু আমি তোমাকেই ঘৰটো দিম৷ চোৱা তোমাৰ অফিচো ঘৰৰ ইমান ওচৰত হ'ব!'

পেট্ৰিকে বেলকনিৰ পৰ্দা টানি আঙুলীয়াই দেখুৱালে৷ চাই পঠিয়ালো বাটৰ সিপাৰে মাথোঁ কেইখোঁজমান আঁতৰতে থকা বিশাল 'ৱাটাৰৱেইজ আয়াৰলেণ্ড' নামৰ অট্টালিকাটোলৈ৷ ঠিকেই, মোৰ জীৱনৰ প্ৰথম চাকৰি, প্ৰথম অফিচ!


এপাৰ্টমেন্টৰ বেলকনিৰে দেখা পোৱা দৃশ্য
কিছুসময়ৰ পিছত সেই ঘৰৰ পৰা ওলাওঁ মানে এবেলাৰ আগলৈকে অচিনাকি হৈ থকা এই অজান মুলুকত হঠাতে মোৰ এটা ঠিকনা হৈছে, এজন আইৰিছ গৃহস্থৰ আতিথ্যত প্ৰথম নিশাটো কটাবলৈ ওলাইছোঁ আৰু নিমিষতে আপোন হৈ পৰা এহাল মানুহৰ ইটো সিটো অভিভাৱকসূলভ দিহা-পৰামৰ্শৰ বান উঠিছে৷

এনেকৈয়েতো জীৱনে নতুন মোৰ লয়, সৃষ্টি হয় নতুন বান্ধোনৰ আৰু ন ন ৰঙৰ পয়োভৰ ঘটে ভৱিষ্যতৰ উকা চিত্ৰপটত৷ ফাৰমানাৰ এই এনিছকিলেন নগৰে প্ৰথম নিশাতে সেই ৰাগীৰে আপ্লুত কৰি পেলালে মোক৷ এটা নতুন আৰম্ভণিৰ সপোনে আকুলতাৰে বাট চালে পুৱাৰ সুৰ্য্যোদয়লৈ৷

Tuesday 21 May 2019

ভাৰতৰ বিভিন্ন ৰাজ্যত ফ্ল'ৰাইডেৰে দূষিত পানী

ভাৰতৰ ৮৫% লোকৰ খোৱা পানীৰ উৎস ভূগৰ্ভৰ পানী৷ গতিকে এই উৎসৰ পানী পৰিশুদ্ধ হোৱাটো অত্যন্ত গুৰুত্বপূৰ্ণ৷ দিল্লী বিশ্ববিদ্যালয় আৰু মুম্বাইৰ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানে ইৰাণ আৰু চুইডেনৰ গৱেষকৰ দলৰ সৈতে কৰা এক সহযোগিতামূলক গৱেষণাত প্ৰকাশ পাইছে যে ভাৰতৰ ভালেসংখ্যক ৰাজ্যৰ ভূগৰ্ভৰ পানী ফ্ল'ৰাইডেৰে দূষিত৷ তাৰোপৰি এই গৱেষণাত ধৰা পৰিছে যে এই পৰিমাণ ভাৰতৰ নগৰ অঞ্চলৰ তুলনাত গ্ৰামীণ অঞ্চলত  প্ৰায় দুগুণ বেছি৷ 

বিশ্ব স্বাস্থ্যসংস্থাৰ দ্বাৰা আৰু ৰাষ্ট্ৰীয় পৰ্য্যায়ত অনুমোদিত ভূৰ্গভৰ পানীত ফ্ল'ৰাইডৰ সৰ্বোচ্চ সীমাৰেখা হ'ল প্ৰতি লিটাৰত ১.৫ মিলিগ্ৰাম৷ গৱেষণাটোত ভাৰতৰ বিভিন্ন ৰাজ্যৰ ৬৩ টা গৱেষণাৰ পৰা লাভ কৰা মুঠ ৫৭ হাজাৰটা নমুনা বিশ্লেষণৰ অন্তত প্ৰকাশ পাইছে যে মধ্যপ্ৰদেশ, পাঞ্জাব, ছত্তিছগড়, ৰাজস্থান, কৰ্ণাটক, অন্ধ্ৰপ্ৰদেশ, মহাৰাষ্ট্ৰ, হাৰিয়ানা, তেলেংগানা, উত্তৰ-প্ৰদেশ আৰু বিহাৰৰ পানীত ফ্ল'ৰাইডৰ পৰিমাণ বিশ্ব স্বাস্থ্য সংস্থাৰ এই অনুমোদিত পৰ্য্যায়তকৈ অধিক৷ উত্তৰ-পূবৰ ৰাজ্যকেইখনৰ ভিতৰত অসমৰ পানীত ফ্ল'ৰাইডৰ পৰিমাণ নিৰাপদ পৰ্য্যায়ত আছে যদিও বাকীকেইখন ৰাজ্যত কোনো তথ্য এতিয়াও পাবলৈ নাই৷

পানীত এই ফ্ল'ৰাইড আহে ফ্ল'ৰিন নামৰ প্ৰাকৃতিকভাৱে পোৱা এটা মৌলৰ পৰা৷ কম পৰিমাণৰ ফ্ল'ৰাইড মিহলি হৈ থাকিলে ই আমাৰ দাঁতৰ ক্ষয় হোৱাৰ পৰা ৰক্ষা কৰে৷ কিন্তু ইয়াৰ পৰিমাণ বাঢ়ি গ'লে হাড়ৰ ফ্ল'ৰছিছ (skeletal fluorosis) নামৰ ৰোগ হয়৷ এই ৰোগত হাড়বোৰৰ স্থিতিস্থাপকতা (elasticity) কমি যোৱাৰ ফলত হাড় ভঙাৰ সম্ভাৱনা বৃদ্ধি পায়৷ তেনেদৰে ফ্ল'ৰাইডৰ আধিক্যই হাইপাৰ থাইৰইডিজম, উচ্চ ৰক্তচাপ, হৃদৰোগ আৰু স্নায়ুৰ ৰোগৰো জন্ম দিব পাৰে৷ গতিকে ভাৰতৰ ফ্ল'ৰাইডেৰে দূষিত পানীয়ে জনসাধাৰণৰ স্বাস্থ্যত বহুতো বিৰূপ প্ৰভাৱ পেলাব পাৰে৷

ভাৰতৰ বিভিন্ন ৰাজ্যৰ পানীত ফ্লৰাইডৰ পৰিমাণৰ মানচিত্ৰ (চিত্ৰৰ উৎস: গৱেষণাপত্ৰ)
বিশ্ব স্বাস্থ্য সংস্থাৰ অনুমোদিত সীমাৰেখা প্ৰতি লিটাৰত ১.৫ মিলিগ্ৰাম

Wednesday 8 May 2019

মানুহৰ বাবে সংকটৰ গৰাহত দহ লাখ প্ৰজাতি

শেহতীয়াকৈ মুক্তি পোৱা ৰাষ্ট্ৰসংঘ (Intergovernmental Science-Policy Platform on Biodiversity and Ecosystem Services (IPBES)ৰ এখন গুৰুত্বপূৰ্ণ প্ৰতিবেদন ত প্ৰকাশ পাইছে যে মানৱ ইতিহাসত অভুতপূৰ্ব এক দ্ৰুত হাৰত প্ৰকৃতিৰ ধ্বংস হৈছে আৰু বিভিন্ন জীৱ বিলুপ্তিৰ পথত আগবাঢ়িছে৷৷ এই ধ্বংসাত্মক কাৰ্য্যসমূহ অনতিপলমে বাধা দিব নোৱাৰিলে মানৱ সমাজৰ ওপৰত ইয়াৰ অতি বিপদজনক প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে বুলি প্ৰতিবেদনখনে সকীয়াই দিছে৷

এই প্ৰতিবেদনখন বৰ্ত্তমানলৈকে জৈৱবৈচিত্ৰ্য আৰু পৰিস্থিতিতন্ত্ৰৰ উপকাৰিতা (Ecosystem Services) সম্পৰ্কীয় বিশ্লেষণৰ কৰা আটাইতকৈ পুংখানুপুংখ অধ্যয়নৰ ফল৷ ৫০ খন দেশৰ ৩১০ গৰাকী বিজ্ঞানীয়ে বিশ্বৰ যোৱা পাঁচটা দশকৰ পৰিৱৰ্ত্তনসমূহ অধ্যয়ন কৰি এই আন্ত:ৰাষ্ট্ৰীয় বিশ্লেষণ আগবঢ়াইছে৷ ইয়াৰ লগতে প্ৰায় ১৫,০০০ বৈজ্ঞানিক প্ৰকাশন আৰু চৰকাৰী প্ৰতিবেদনৰ ৰিভিউ কৰাৰ লগতে প্ৰথমবাৰৰ বাে তেওঁলোকে স্থানীয় লোকৰ পৰম্পৰাগত জ্ঞানসমৃদ্ধ তথ্যও ব্যৱহাৰ কৰিছে৷ এই প্ৰতিবেদনত প্ৰকাশ পাইছে যে প্ৰায় এক মিলিয়ন উদ্ভিদ আৰু প্ৰাণীৰ প্ৰজাতি বৰ্তমান বিলুপ্তিৰ পথত৷ এই হাৰ মানৱ ইতিহাসতে অভূতপূৰ্ব৷

’আমি বাস কৰা এই পৰিস্থিতিতন্ত্ৰৰ স্বাস্থ্যৰ ক্ষিপ্ৰ গতিত অৱনতি ঘটিছে আৰু আমি প্ৰায় জানি-শুনিয়ে আমাৰ অৰ্থনীতি, জীৱন-নিৰ্বাহৰ পথ, খাদ্যৰ নিশ্চয়তা, স্বাস্থ্য আৰু জীৱনৰ মানদণ্ডৰ মূল ভেঁটিকে উছন কৰিব খুঁজিছোঁ’- এই গৱেষণাৰ মূল সভাপতি ছাৰ ৰবাৰ্ট ৱাটছন (Sir Robert Watson) কয়৷

এই গৱেষণাই আৱিষ্কাৰ কৰা গুৰুত্বপূৰ্ণ দিশসমূহ হৈছে- 
সংকটৰ গৰাহত পৰা বিভিন্ন জীৱৰ অনুপাত
  • সমগ্ৰ বিশ্বৰে ৭৫% ভুখণ্ড আৰু ৬৬% সাগৰীয় অঞ্চল মানুহৰ কাৰ্য্যকলাপৰ বাবে ক্ষতিগ্ৰস্ত হৈছে আৰু ৮৫% ৰো অধিক জলাশয় নোহোৱা হৈছে৷ গুৰুত্বপূৰ্ণভাৱে গড় হিচাপত স্থানীয় লোক (Indigenous Peoples and Local Communities)-এ পৰিচালনা কৰা ভুখণ্ডত এই ক্ষতিৰ হাৰ লক্ষণীয়ভাৱে কম৷
  • মানুহৰ ধ্বংসাত্মক কাৰ্য্যৰ ফলত প্ৰায় এক মিলিয়ন অৰ্থাৎ দহ লাখ উদ্ভিদ আৰু প্ৰাণীৰ প্ৰজাতি সংকটৰ গৰাহত পৰিছে৷ ১৯০০ চনৰ পৰা বৰ্ত্তমানলৈকে প্ৰায়ভাগ স্থলচৰ প্ৰজাতিৰ আবাদী ২০% হ্ৰাস পাইছে৷ তাৰোপৰি ৪০% ৰ অধিক উভচৰ প্ৰাণী, ৩৩% প্ৰবাল আৰু সকলো সাগৰীয় প্ৰাণীৰ এক তৃতীয়াংশ ভাবুকিগ্ৰস্ত (threatened)৷ কীট-পতংগৰ ক্ষেত্ৰতো প্ৰায় ১০% ভাকুবিগ্ৰস্ত বুলি ধাৰণা কৰা হৈছে৷ ষোল্লশ শতিকাৰ পৰা বৰ্তমানলৈ কমেও ৬৮০ বিধ মেৰুদণ্ডী প্ৰাণী বিলুপ্ত হৈছে ৷
  • তেনেদৰে আমি খাদ্য আৰু কৃষিৰ বাবে ব্যৱহাৰ কৰা ৯% পোহনীয়া স্তন্যপায়ী জন্তুৰ প্ৰকাৰ (breed) ইতিমধ্যে বিলুপ্ত হৈছে আৰু ১০০০ টা এনে প্ৰকাৰ বৰ্তমান ভাবুকিগ্ৰস্ত৷
  • ১৯৮০ চনৰ পৰা বৰ্তমানলৈ প্লাষ্টিকৰ প্ৰদূষণ দহগুণ বৃ্দ্ধি পালে৷ বছৰি ৩০০-৪০০ মিলিয়ন টন প্লাষ্টিক, ৰাসায়নিক সাৰ আধিকে ধৰি ঔদ্যোগিক অঞ্চলৰ অন্যান্য বিষাক্ত পদাৰ্থ সাগৰত পেলোৱাৰ ফলত বহুতো মৃত সাগৰীয় অঞ্চল (dead zones) সৃষ্টি হৈছে৷ এই অঞ্চলবোৰৰ মুঠ মাটিকালি অসমৰ ভুখণ্ডৰ প্ৰায় তিনিগুণ (২৪৫,০০০ বৰ্গ কিলোমিটাৰ)
  • মানুহৰ কাৰ্য্য-কলাপৰ ফলত পৃথিৱীৰ গড় উষ্ণতা প্ৰায় এক ডিগ্ৰী ইতিমধ্যে বৃদ্ধি পাইছে আৰু যোৱা ত্ৰিছ বছৰে প্ৰতিটো দশকতে গড় উষ্ণতা ০.২ ডিগ্ৰী ছেলিছিয়াছকৈ বৃদ্ধি পাই আহিছে৷
মানুহৰ জীৱন ধাৰণ (well-being) ৰ প্ৰতি সংকট অনা এই বিপদজনক প্ৰতিচ্ছৱিৰ মূলতে মানুহৰে ধ্বংসাত্মক কাৰ্য্য কলাপ বুলি প্ৰতিবেদনখনে সাব্যস্ত কৰিছে৷ গৱেষণালব্ধ তথ্যৰে প্ৰতিবেদনখনত ইয়াৰ মূল পাঁচটা কাৰণ দৰ্শোৱা হৈছে৷ গুৰুত্বৰ ক্ৰমাংকত এই কাৰণসমূহ হৈছে- ১) মাটি আৰু সাগৰৰ ব্যৱহাৰৰ পৰিৱৰ্ত্তন ২) জীৱ-জন্তুৰ পোনপটীয়া শোষণ (exploitation) ৩) জলবায়ু পৰিৱৰ্ত্তন ৪) প্ৰদূষণ ৫) বহিৰাগত আগ্ৰাসী প্ৰজাতি (invasive alien species)৷ ইয়াৰ পৰোক্ষ কাৰণবোৰৰ ভিতৰত ক্ৰমবৰ্দ্ধমান জনসংখ্যাও অন্যতম৷

বৰ্তমানৰ গতিৰে আগবাঢ়িলে পৰিৱেশ সংৰক্ষণৰ আন্ত:ৰাষ্ট্ৰীয় লক্ষ্যমূহত উপনীত হোৱা সম্ভৱ নহয় বুলিও এই প্ৰতিবেদনে শংকা প্ৰকাশ কৰিছে৷ বিজ্ঞানীসকলে আগবঢ়োৱা প্ৰকৃত কাৰ্য্যপন্থা হ’ল অৰ্থনৈতিক, সামাজিক, ৰাজনৈতিক আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত এক সম্পূৰ্ণ পৰিৱৰ্ত্তন (transformative change) অনা৷ ইয়াৰ বাবে পৰিৱেশ সংৰক্ষণৰ বাবে জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধি কৰা, সমাজৰ বিভিন্ন পৰ্য্যায়ত পৰিৱেশৰ বাবে হানিকাৰক পদক্ষেপ ৰুধিবলৈ উপায় উদ্ভাৱন আৰু এইসম্পৰ্কীয় আইন প্ৰৱৰ্ত্তন আদিৰ গুৰুত্ব আৰোপ কৰা হৈছে৷ তাৰোপৰি, এই পদক্ষেপসমূহৰ সঠিক কাৰ্য্যৰোপন আৰু মূল্যায়নৰ বাবে আন্ত:ৰাষ্ট্ৰীয় পৰ্য্যায়ত অধিক সহযোগিতাৰ প্ৰয়োজন বুলি বিজ্ঞানীসকলে মত প্ৰকাশ কৰিছে৷

মালদ্বীপৰ ভাৰত মহাসাগৰত প্ৰবালৰ মাজত এটা সাগৰীয় কাছ
ফটো:Andrey Armyagov/Shutterstock.com 


Saturday 4 May 2019

অসমৰ বনাঞ্চলত নতুন উদ্ভিদৰ আৱিষ্কাৰ

অসমৰ শোণিতপুৰ জিলাৰ বিহালী সংৰক্ষিত বনাঞ্চলত অসম, অৰুণাচল আৰু ৰাছিয়াৰ গৱেষকৰ দল এটাই যোৱা বছৰৰ মে’ মাহত এবিধ নতুন উদ্ভিদৰ প্ৰজাতি আৱিষ্কাৰ কৰিছে৷ এই উদ্ভিদবিধক তেওঁলোকে Chlorophytum assamicum বুলি নামকৰণ কৰিছে৷ এইবিধ এবিধ দীৰ্ঘস্থায়ী (perennial), মাটিত হোৱা বনজাতীয় উদ্ভিদ ( terrestrial rosulate herb)৷ ইয়াৰ পাতবোৰ লাহী আৰু এজোপা বনত ৬-১২ খিলা পাত ওলায়৷ ফুলৰ পাহিবোৰ (দলমণ্ডল) বগা আৰু পুংস্তৱকৰ ৰং হালধীয়া৷ এই বনবিধত এপ্ৰিল-মে’ মাহত ফুল ফুলে আৰু মে’-জুন মাহত ফল ধৰে৷ উদ্ভিদবিধ Chlorophytum গণৰ অন্তৰ্ভুক্ত৷ সমগ্ৰ বিশ্বত এই Chlorophytum গণৰ প্ৰায় ২০০ বিধ প্ৰজাতি পোৱা যায়৷ ইয়াৰে ১৯ বিধ প্ৰজাতি ভাৰতত দেখা পোৱা যায়৷  বৰ্তমানলৈকে বিহালীৰ পৰ্ণপাতী বনাঞ্চলত এই প্ৰজাতিৰ মাথোঁ ৩০ জোপা বন পোৱা গৈছে৷

Chlorophytum assamicum. A. মূল বনবিধ. B. শিপাৰে সৈত বনবিধ C. শিপ D. ফুল E. এপাহ ফুলৰ অংশবোৰ. F. ফুলৰ পাহিবোৰ

Wednesday 1 May 2019

মালয়েছিয়াত দুসপ্তাহ (দ্বিতীয় খণ্ড)

মালয়েছিয়াৰ কুচিং বিমানবন্দৰৰ পৰা ওলাই টেক্সি এখন ল’লো৷ বান্ধৱী চিণ্ডিয়ে আগতীয়াকৈ ঠিক কৰি থোৱা এপাৰ্টমেন্টৰ ঠিকনাটো দেখুৱালোঁ টেক্সিৰ ড্ৰাইভাৰজনক৷ আকাৰে ইংগিতে কথা পতিব লগাত পৰিলো, কাৰণ মালয় ভাষাৰ এটা শব্দও নাজানো!

টেক্সিত প্ৰায় আধাঘন্টাৰ বাট৷ ভৰ দুপৰীয়াৰ উজ্জল ৰ’দ৷ বাট-পথবোৰ আমাৰ বাংগালোৰৰ দৰে যেন৷ দুটা সাগৰীয় দ্বীপৰ একাংশকৈ লৈ মালয়েছিয়া দেশখন৷ বনিঅ’ দ্বীপৰ অংশটোত পশ্চিমে থকা চাৰাৱাক ৰাজ্যৰ ৰাজধানী এই কুচিং মহানগৰী৷ বৰ্ণিঅ’ দ্বীপৰ মালয়েছিয়ান অংশটোৰ মাজতে আকৌ আছে ক্ষুদ্ৰ ব্ৰুণেই দেশখন৷

জাভাৰ সাগৰেৰে পৃথক হৈ থকা মালয়েছিয়া উপদ্বীপ (বাওঁফালে) আৰু বৰ্ণিঅ’ দ্বীপ (সোঁফালে) ৰ অংশটোত কুচিং মহানগৰী (ৰঙা চিন)

মোৰ ভাৱৰ যতি পেলাই টেক্সিখন ৰ’লহি এটা বিশাল অট্টালিকাৰ সন্মুখত৷ এফালে সন্মুখত বিশাল আখৰেৰে লিখা আছে- কনছুলেট জেনেৰেল অব ব্ৰুণেই! অন্যকাষে হোটেল৷ হয়তো বিশাল অট্টালিকাটোৰে কিছু অংশ এপাৰ্টমেন্ট হিচাপেও ৰাখি ব্যৱসায় কৰিছে৷  ড্ৰাইভাৰ জনক বাইশ ৰিংগিট (আমাৰ হিচাপত প্ৰায় চাৰিশ টকা) দি বিদায় দিলো৷ মোক দেখিয়েই হাঁহিমুখেৰে এগৰাকী সুসজ্জিতা ছোৱালী আগবাঢ়ি আহিল,

’জলি?’
’য়েছ্, এণ্ড ইউ আৰ এঞ্জি?’
’য়েছ্ য়েছ্! মই তোমাৰ কাৰণেই বাট চাই আছিলো, চিণ্ডিয়ে খৱৰ দিছিল তুমিয়ে প্ৰথম পাবাহি বুলি৷”

এঞ্জিৰ লগতে সোমাই গৈ লিফটেৰে দহ নম্বৰ মহলা পালোগৈ৷ সঁচা অৰ্থতে বিশাল ঘৰটোৰ বাহিৰ-ভিতৰ৷ আহল-বহল কৰিডৰ এটাৰে লৈ গৈ তাই এটা এপাৰ্টমেন্টৰ দুৱাৰ খুলি দিলেগৈ৷ ভিতৰত সোমায়ে উল্লাসিত হৈ উঠিিলো৷ আটোমটোকাৰিকৈ থোৱা এটা আধুনিক এপাৰ্টমেন্ট৷ প্ৰতিটো কোঠাৰ লগতে পৃথক বেলকনি৷ এঞ্জিয়ে ঘৰৰ সকলো সা-সুবিধা দেখুৱাই মেলি গ’লগৈ৷

আমাৰ দলটোৰ বাকীবোৰ বেলেগে বেলেগে দিনটোৰ ভিতৰতে পোৱাহিৰ কথা৷ ট্ৰলীটো একাষে থৈয়ে মই বেলকনি লৈ গ’লো৷ বহা কোঠাৰ বেলকনিৰ তলতে চাৰাৱাক নৈখন!  দিনে-নিশাই এখন নৈৰ পাৰত থাকিম, সেয়া দেখিয়েই ভাল লাগি গ’ল৷ তাতে যাওঁ যাওঁ কৈও যাব নোখোঁজা শ্বেফিল্ডৰ ঠাণ্ডা ডাৱৰে আৱৰা  দিনবোৰৰ পৰা আহি হঠাতে ৰ’দাল কুচিংখন পাই সুখী হৈ পৰিলো!

বস্তু-বাহানি চিজিল কৰি আজৰি হওঁ মানে চিণ্ডি আৰু পেডী ওলালহি৷ দু্য়োৰে হাতত ফিল্ডৰ বেকপেক৷ বৰ্ণিঅ’ দ্বীপত আমাৰ লেবৰ বহুদিনীয়া গৱেষণা চলি আছে- তাৰ ক্ৰান্তীয় বৰ্ষাৰণ্যৰ জৈৱবৈচিত্ৰ্যৰ সংৰক্ষণৰ বাবে৷ চিণ্ডী আৰু পেডীয়ে তাতে চলি থকা ফিল্ডৱৰ্কৰ পৰা বিৰতি লৈ ওলাইছেহি৷ দুয়ো আহিয়ে অৰণ্যৰ ৰোমাঞ্চকৰ খা-খৱৰবোৰ দিবলৈ লাগিল৷ কনফাৰেঞ্চ শেষ হোৱাৰ পিছত তালৈ এপাক মৰাৰ পৰিকল্পনা বাবে উৎসাহেৰে সিহঁতৰ কাহিনী শুনিলো৷


কথাৰ মাজতে কেইবাবাৰো কলিংবেল বাজি উঠিল৷ এজন এজনকৈ আহি ওলালহি ইংলেণ্ডৰ ৰেবেকা, ছিংগাপুৰৰ ফিলিক্স আৰু বাংগালোৰৰ পৰা তাম্মা৷ তাম্মাৰ বাহিৰে বাকী গোটেইকেইজন মোৰ বৰ্তমানৰ লেবমেট৷ তাম্মাও একালৰ সহকৰ্মীৰ পৰা হৈ পৰা আপোন বান্ধৱী৷ আজি দুবছৰৰ মূৰত লগ পালো! নিমিষতে আমাৰ আড্ডা জমি উঠিল৷