Saturday 2 March 2019

হেলথ গাইড (গ্ৰন্থ সমালোচনা)

’দেহা থাকিলেহে বেহা ’-আমি সকলোৱে শুনি অহা এষাৰ কথা৷ সুখী জীৱনৰ বাবে সুস্থ শৰীৰ আৰু সুস্থ মন সঁচা অৰ্থতে অপৰিহাৰ্য্য৷ এই সুস্বাস্থ্য লাভৰ উপায় সম্পৰ্কে আকৌ নানা মুনিৰ নানা মত৷ ইয়াৰ মূল কাৰণ হ’ল, আমাৰ শৰীৰ এক জটিল যন্ত্ৰ৷ শৰীৰৰ অংগ-প্ৰত্যংগবোৰ পৰিচালিত হয় নানা ক্ৰিয়া- প্ৰতিক্ৰিয়াৰ জড়িয়তে যিবোৰত মানুহৰ বংশগতি, লিংগ, বয়স আদি বিভিন্ন কাৰকে প্ৰভাৱ পেলায়৷ সেইবাবেই স্বাস্থ্যসম্পৰ্কীয় কোনো কথাৰে সাধাৰণীকৰণ কৰা টান৷ গতিকে আমাৰ দৰে সাধাৰণ ৰাইজে স্বাস্থ্যৰ বাবে কি ভাল বা কি বেয়া এই লৈ প্ৰায়ে দোমোজাত পৰোঁ৷ এনে অৱস্থাত এগৰাকী চিকিৎসকৰ কলমত এই সম্পৰ্কীয় সকলো কথাৰ ব্যাখ্যা আৰু দিহা পৰামৰ্শ সন্নিবিষ্ট হাতপুথি এখনৰ প্ৰয়োজনীয়তা অনস্বীকাৰ্য্য৷ এই প্ৰয়োজনকে বহুলাংশে পূৰ কৰিছে শেহতীয়াকৈ সঞ্জীৱন প্ৰকাশনে প্ৰকাশ কৰা ডা: গীতাৰ্থ বৰদলৈৰ ’হে’লথ্ গাইড’ নামৰ গ্ৰন্থখনে ৷

'হে’লথ্ গাইড’ গ্ৰন্থখন ৰাইজৰ মনত সততে উদয় হ’ব পৰা স্বাস্থ্যসম্পৰ্কীয় নানা কৌতুহলৰ পৰা সুস্বাস্থ্যৰ বাবে প্ৰয়োজনীয় জীৱনশৈলীৰ দিশসমূহ সামৰি ৰচনা কৰা এখন পূৰ্ণাংগ গাইড৷ গ্ৰন্থখনৰ অধ্যায়সমূহে মূলত: স্বাস্থ্য সম্পৰ্কীয় চাৰিটা দিশ সামৰি লৈছে৷ প্ৰথম অংশত সুস্বাস্থ্যৰ বাবে অতীব প্ৰয়োজনীয় সুষম আহাৰ, পানী, টোপনি, ব্যায়াম, পৰিস্কাৰ-পৰিচ্ছন্নতা আদিৰ বিষয়ে পৃথক অধ্যায়ত আলোচনা কৰা হৈছে৷ দ্বিতীয় অংশ জীৱনৰ ভিন্ন সময়ৰ যেনে বয়:সন্ধি, গৰ্ভধাৰণ, বাৰ্ধক্য আৰু ৰজোনিবৃত্তিৰ স্বাস্থ্য সম্পৰ্কে আৰু তৃতীয় অংশ চকু, দাঁত, নাক, কাণ, ছাল আদি শৰীৰৰ গুৰুত্বপূৰ্ণ অংগৰ যতন সম্পৰ্কে আলোচিত অধ্যায়৷ গ্ৰন্থখনত প্ৰতিকাৰতকৈ প্ৰতিৰোধেই শ্ৰেয় (Prevention is better than cure) মূলমন্ত্ৰক সৰোগত কৰা হৈছে যদিও শেষৰ অংশত লেখকে বৰ্ত্তমান যুগত সততে দেখা দিয়া জ্বৰ, পানীলগাৰ পৰা আৰম্ভ কৰি ৰক্তচাপ, ডায়েবিটিছ আদি ৰোগৰো পৃথককৈ আলোচনা কৰিছে৷ তাৰোপৰি গ্ৰন্থখনৰ অন্তিম তিনিটা অধ্যায়ে সামৰি লৈছে প্ৰাথমিক চিকিৎসা, সততে উদয় হোৱা কিছুমান প্ৰশ্ন আৰু চিনাকি শাক-পাচলিৰ উপকাৰিতাৰ বিষয়ে৷ সুন্দৰ বেটুপাত আৰু সজ্জাৰে গ্ৰন্থখনে সহজে পঢ়ুৱৈৰ দৃষ্টি আকৰ্ষণ কৰিবলৈও সক্ষম হব৷ 

ইন্টাৰনেটৰ সহজলভ্য তথ্যৰ যুগতো এনে এখন গ্ৰন্থৰ গুৰুত্ব ইয়াতেই যে ইন্টাৰনেটৰ বিভিন্ন উৎসৰ স্বাস্থ্য সম্পৰ্কীয় কথাবোৰ প্ৰায়ে পৰস্পৰ বিৰোধী- যিমানে খুঁচৰিব সিমানে আউল লগাৰ দৰেহে ভাৱ হয়৷ দ্বিতীয়তে অসমীয়া সমাজৰ দৈনন্দিন জীৱনশৈলী আৰু খাদ্য বিচাৰৰ সৈতে খাপ খুৱাকৈ অনলাইন কোনো বিশ্বাসযোগ্য তথ্য বা দিহা-পৰামৰ্শ পোৱা টান৷ মোৰ দৃষ্টিত গ্ৰন্থখনৰ আটাইতকৈ উল্লেখনীয় দিশটো হ'ল লেখকে চিকিৎসাবিজ্ঞানৰ দৃষ্টিৰে সুস্বাস্থ্যৰ বিধিসমূহ সকলোৱে বুজিব পৰাকৈ সহজ-সৰল ভাষাৰে ব্যাখ্যা কৰিছে৷ কেৱল চিকিৎসকৰ নিয়মমাফিক দিহা পৰামৰ্শতে আবদ্ধ নাথাকি লেখকে মানুহৰ শৰীৰৰ বিভিন্ন প্ৰক্ৰিয়াৰ আঁৰৰ গৱেষণালব্ধ তথ্যৰো উল্লেখ কৰিছে কিন্তু একেসময়তে বৈজ্ঞানিক বিশ্লেষণৰ আওতাত পৰি পঢ়ুৱৈয়ে যাতে উজুটি নাখায় তাৰ বাবেও তেওঁ সচেষ্ট হৈছে৷



ব্যৱহাৰিক উপযোগীতাৰ প্ৰতি লক্ষ্য ৰাখি গ্ৰন্থখনৰ অধ্যায়বোৰ এনেদৰে পৰিকল্পনা কৰা হৈছে যাতে পঢ়ুৱৈয়ে থাওকতে নিজৰ বাবে দৰকাৰী বা প্ৰাসংগিক বিষয়টো বিচাৰি উলিয়াবলৈ সহজ হয়৷ অৱশ্যে স্বাস্থ্য আৰু ফিটনেছৰ যিকোনো কথা জানিবলৈ বিচৰা মোৰ দৰে কৌতুহলী পঢ়ুৱৈ হ’লে এফালৰ পৰা গোটেইবোৰ অধ্যায়ো পঢ়িবলৈ আমনি নাপাব৷ স্বাস্থ্য আৰু ৰোগৰ বিষয়ে এহালিচা, জীৱনৰ ধৰণ-কৰণ আৰু খোজ কঢ়াৰ বিষয়ে সাৱলীল ভাষাৰে লিখা তথ্যসমৃদ্ধ অধ্যায়কেইটা পঢ়ি সঁচাকৈয়ে সুখী হ’লো৷ তাৰোপৰি মোৰ দৃষ্টি আকৰ্ষণ কৰিলে ঔষধৰ অধ্যায়টোৱে৷ অধ্যায়টোত ঔষধ কিনাৰ সময়ত জানিবলগীয়া অথচ বিচাৰ কৰি চাবলৈ প্ৰায়ে আহৰি নথকা বহুতো নতুন কথাৰ সম্ভেদ পালো ৷ উদাহৰণস্বৰূপে, বিশ্বজুৰি বিক্ৰী হোৱা ভুৱা ঔষধৰ ৭৫% ভাৰতৰ পৰা যোৱা আৰু ভাৰততে প্ৰচলিত ঔষধৰো ২৫% ভুৱা বুলি জনাৰ পিছত যিকোনো লোকেই হয়তো প্ৰেছক্ৰিপশ্যন নোহোৱাকৈ ঔষধ কিনাৰ আগতে এখন্তেক ৰৈ ভাবি চাবলৈ বাধ্য হ’ব ৷ তেনেদৰেই জৰুৰীকালীন সময়ত কিংকৰ্তব্যবিমুঢ় অৱস্থাত নপৰিবলৈ প্ৰাথমিক চিকিৎসা (First Aid) ৰ বিষয়ে নুন্যতম জ্ঞানখিনি আমাৰ সকলোৰে থকাটো দৰকাৰী৷ কিন্তু এইবিষয়ে প্ৰায়ভাগ শিক্ষানুষ্ঠান বা কৰ্মস্থানত নিয়মীয়া প্ৰশিক্ষণ দিয়াৰ নজিৰ নাই৷ গ্ৰন্থখনৰ এই অধ্যায়টোত লেখকে আকস্মিক দুৰ্ঘটনা, মূৰ্ছা যোৱা, গাঁঠিলগা, মাছৰ কাঁইট লগা, কুকুৰে কামোৰা আদিত কি কৰা উচিত সেইবিষয়ে বিশদ বিৱৰণ দিছে৷ অন্য এটা উল্লেখযোগ্য অধ্যায় হৈছে ’বয়:সন্ধি কালৰ স্বাস্থ্য’, য’ত বয়:সন্ধিৰ সময়ত কিশোৰ-কিশোৰীৰ শাৰীৰিক আৰু মানসিক সুস্থ বিকাশ নিশ্চিত কৰাৰ বাবে প্ৰয়োজনীয় দিশসমূহ আলোচনা কৰা হৈছে৷ এই অধ্যায়কেইটাৰ তথ্যখিনি যিকোনো লোকেই জানিবলগীয়া আৰু জীৱনৰ বাটত সদায়ে মনত ৰাখিবলগীয়া কথা বুলি নিশ্চিতি দি ক’ব পৰা যায়৷

মোৰ দৃষ্টিত ’হে’লথ্ গাইড’ৰ এটা প্ৰশংসনীয় দিশ হ’ল আমাৰ সমাজত প্ৰচলিত হৈ অহা স্বাস্থ্যসংক্ৰান্তীয় কিছুমান অন্ধবিশ্বাস বা ভুল ধাৰণা আঁতৰ কৰিবলৈ লেখকে কৰা আন্তৰিক প্ৰচেষ্টা৷ গ্ৰন্থখনৰ বিভিন্ন অধ্যায়ত তেওঁ চন্দ্ৰগ্ৰহণ বা সূৰ্য্যগ্ৰহণৰ সময়ত আহাৰ গ্ৰহণ কৰা ভালনে, উত্তৰ দিশে মূৰ থৈ শোৱা বেয়া নেকি বা মহিলাৰ ঋতুস্ৰাৱৰ সময়ত ’দূষিত’ বুলি গণ্য কৰা আদি নানা লোকবিশ্বাসৰ ভিত্তি বিজ্ঞানৰ দৃষ্টিৰে বিশ্লেষণ কৰি দেখুৱাইছে৷ তেনেদৰে আকৌ, আমাৰ দৈনন্দিন জীৱনৰ নিত্যনৈমিত্তিক কিছুমান কাম যেনে হাত ধোৱা, খোজ কঢ়া বা ভালকৈ শুৱাৰো যে স্বাস্থ্যসন্মত নিয়ম বা পদ্ধতি আছে তাৰো বিৱৰণ দিয়া হৈছে৷ ইয়াৰ লগতে গ্ৰন্থখনত সন্নিবিষ্ট কৰা ’আমাৰ শৰীৰ এক আচৰিত যন্ত্ৰ’ নামৰ টোকাবোৰতমানৱদেহৰ বিষয়ে কৌতুহলোদ্দীপক কিছুমান তথ্যৰ উল্লেখ আছে যিবোৰে আমাক নিজৰ শৰীৰটোৰ বিষয়ে অধিক জানিবলৈ উৎসাহ যোগাব৷ উদাহৰণস্বৰূপে, ৰামায়ণৰ কুম্ভকৰ্ণৰ অস্বাভাৱিক টোপনি আৰু ভোক প্ৰকৃততে যে ক্লেইন লেভিন নামৰ এটা প্ৰকৃত ৰোগৰ লক্ষণ হ’ব পাৰে সেয়া জানি আমোদ পালো৷

সামগ্ৰিকভাৱে ’হে’লথ্ গাইড’ত মোৰ ভাল লগা দিশটো হ’ল অন্য কিছুমান স্বাস্থ্যসম্পৰ্কীয় গ্ৰন্থৰ দৰে সুস্বাস্থ্যৰ বাবে মানি চলিবলগীয়া বিশেষ খাদ্যপ্ৰণালী (ডায়েট) বা ব্যায়ামৰ নীতি-নিয়মেই এই গ্ৰন্থখনৰ সৰ্বস্ব নহয়৷ অথবা ’ত্ৰিছ দিনত সুস্বাস্থ্য লাভ’ৰ দৰে স্বাস্থ্যৰক্ষাৰ সহজ পথ দেখুওৱা বা বিয়াগোম প্ৰতিশ্ৰুতিও দিয়া নাই৷ তাৰ পৰিৱৰ্ত্তে স্বাস্থ্য ভালে ৰাখিবলৈ আমি চকু দিবলগীয়া দিশবোৰৰ ’কিয় আৰু কেনেকৈ’ তাৰ প্ৰকৃত সম্ভেদ দিয়াৰ চেষ্টা কৰিছে লেখকে৷ গ্ৰন্থখনত উল্লেখ কৰা বিধিবোৰ যিকোনো লোকৰ জীৱনৰ সৈতে সুবিধা মতে খাপ খুৱাই ল’বপৰাকৈ নমনীয়ও৷ দৈনন্দিন জীৱনৰ সৰু-সুৰা ক্ষেত্ৰতে অলপ সালসলনি কৰি যিকোনো মানুহেই এটা সুস্থ জীৱন কটাব পাৰে৷ ইয়াৰ বাবে মাথোঁ লাগে অলপ স্বাস্থ্য সচেতনতা আৰু সুস্থ জীৱনশৈলী ধৰি ৰখাৰ কিছু উদ্যম-এই ধাৰণাকে গ্ৰন্থখনে প্ৰতিপন্ন কৰে৷

পঢ়ুৱৈ হিচাপে ’হেলথ্ গাইড’ত মোৰ কিছু অসন্তুষ্টিও ৰৈ নোযোৱা নহয়৷ উদাহৰণস্বৰূপে, গ্ৰন্থখনত মানসিক স্বাস্থ্য সম্পৰ্কে এটা পৃথক অধ্যায়ত আলোচনা কৰি লেখকে সাধাৰণ বিধিসমূহৰ উল্লেখ কৰিছে যদিও এই বিষয়ে অধিক তথ্য আৰু আলোচনাৰ থল থাকিল যেন ভাৱ হ’ল৷ সুস্বাস্থ্যৰ বাবে শৰীৰ আৰু মনৰ সুস্থতাৰ গুৰুত্ব সমানেই হ’লেও আমাৰ সমাজত এতিয়াও মানসিক স্বাস্থ্য সম্পৰ্কে প্ৰয়োজনীয় সচেতনতা অহা নাই ৷ বিশেষকৈ বিষণ্ণতা (depression), উদ্বিগ্নতা (anxiety) আদি বৰ্তমান সমাজত প্ৰায় সকলোৰে জীৱনৰ বিভিন্ন স্তৰত দেখা দিয়া সাধাৰণ ৰোগ যেন হৈ পৰিছে, কিন্তু এই ৰোগবোৰৰ প্ৰাবল্যৰ ওপৰত নিৰ্ভৰ কৰি নিৰাময়ৰ উপায়ো বেলগ বেলেগ হ’ব পাৰে৷ গতিকে এইসম্পৰ্কে মুকলিকৈআৰু অধিক চৰ্চাৰ প্ৰয়োজন৷ তেনেদৰে গ্ৰন্থখনত চিনাকি শাক-পাচলিৰ উপকাৰিতা সমূহত কোনবিধ শাক বা পাচলি কি ৰোগৰ বাবে উপকাৰী তাৰ এখন চমূ তালিকা দিয়া হৈছে৷ কিন্তু গ্ৰন্থখনৰ বাকী অধ্যায়বোৰত বৈজ্ঞানিক দৃষ্টিভংগীৰে বিশ্লেষণ কৰাৰ দৰে কোনবিধ শাক বা পাচলিয়ে শৰীৰৰ ব্যাধিত কেনেদৰে উপকাৰ কৰে তাৰ চমু ব্যাখ্যা থকা হ’লে সুখী হ’লোঁহেতেন৷ অৱশ্যে এইটো মোৰ ব্যক্তিগত মতহে৷ অন্য পঢ়ুৱৈয়ে সিমানখিনি তথ্য বা বিশ্লেষণ নিবিচাৰিবও পাৰে৷

স্বাস্থ্যৰক্ষাক মূল বিষয়বস্তু হিচাপে লৈ অসমীয়া ভাষাত দুই এখন গ্ৰন্থ প্ৰকাশ পাইছে যদিও মোৰ ধাৰণাত আধুনিক চিকিৎসাবিজ্ঞানৰ দিশৰ পৰা সকলো খুঁটি নাটি মাৰি এজন চিকিৎসকৰ কলমত প্ৰকাশ পোৱা এইখনেই প্ৰথম আৰু একমাত্ৰ হে’লথ্ গাইড৷ গতিকে গ্ৰন্থখন অসমীয়া সাহিত্যৰ এই দিশত বাটকটীয়া বুলি বিবেচনা কৰিব পাৰি৷ স্বাস্থ্য সম্পৰ্কে সকলোবোৰ কথা সামৰি এখন পূৰ্ণাংগ গাইড ৰচনা কৰাতো ভুৰুকাৰ হাতী ভৰোৱাৰ দৰে কথা৷ তথাপিও মই ভাৱো, লেখকে সুস্বাস্থ্য বৰ্ত্তাই ৰখাৰ বাবে দৰকাৰী সকলো বিধি সৰ্বসাধাৰণ ৰাইজে বুজাকৈ প্ৰাঞ্জল ভাষাৰে ফঁহিয়াই দেখুওৱাত সক্ষম হৈছে৷ গতিকে মোৰ দৃষ্টিত ডা: গীতাৰ্থ বৰদলৈৰ ’হে’লথ্ গাইড’ স্বাস্থ্য সচেতন প্ৰত্যেক অসমীয়াই নিৰ্ভৰ কৰিব পৰা আৰু প্ৰতিঘৰতে হাততে পোৱাকৈ ৰাখিবলগীয়া এখন গ্ৰন্থ৷