Saturday 22 November 2014

অৰণ্য পুৰাণ ২: মাজনিশাৰ আলহী

মোৰ সেইসময়ৰ কৰ্মস্থলী অৰুণাচলৰ ঈগলনেষ্ট বন্যপ্ৰাণী অভয়াৰণ্য ৷ আমি কাম কৰা সময়ছোৱাত অভয়াৰণ্যৰ ভিতৰত বম্পু নামৰ ঠাইখনত কেম্প কৰি থাকোঁ৷ বম্পু পাহাৰীয়া অৰণ্যৰ মাজতে অকণমান সমভূমি৷ আগতে তাতে অফিচ পাতি ঘৰ-দুৱাৰ সাজি গ্ৰেফৰ লোকে পথ নিৰ্মাণৰ কাম কৰিছিল৷ গ্ৰেফে পাহাৰ কাটি নিৰ্মাণ কৰা ঈগলনেষ্টৰ একমাত্ৰ মূল পথটো অৰুণাচলৰ টেঙাৰ পৰা বম্পু হৈ তেজপুৰৰ মিছামাৰী ওলাইছেগৈ৷ ঈগলনেষ্টক অভয়াৰণ্য স্বীকৃতি দিয়াৰ পিছত অফিচ ভাঙিল, লাম-লিকটু লৈ সকলো মানুহ উঠি গ’ল৷ পূৰ্বৰ চিন স্বৰূপে বম্পুত মাথোঁ পকীঘৰ এটা আৰু সৰু মন্দিৰ এটা ৰৈ গৈছিল৷ পিছে পৰিত্যক্ত ঘৰটোৰ পৰা টিনপাত, দুৱাৰ-খিৰিকীৰ কাঠকে ধৰি ব্যৱহাৰ কৰিব পৰা সকলো বস্তু মানুহে সামৰি-সুতৰি নিলে৷ বাকীৰোৱা ভাঙিব পৰা অংশখিনিও হাতীৰ জাকে প্ৰতিবাৰে আহি ভাঙি চুৰমাৰ কৰি যায়৷ সময়ৰ সোঁতত ঘৰৰ নামত কেৱল পকা বেৰকেইখনহে ৰ’লগৈ৷ আমি কামৰ সময়ত প্ৰতিবাৰে গৈ সেই ঘৰটোতে ওপৰত কাম চলাকৈ চালি এখন দি লৈ থাকিব পৰা কৰি লওঁ৷ সেইবাৰো সেই ঘৰটোতে থাকি ফিল্ডৰ কাম চলাই আছিলো৷

আমাৰ বহু ৰোমাঞ্চকৰ স্মৃতিৰ ইতিহাস লৈ বম্পুৰ ঘৰটো
ঘৰটোত মূলকোঠা দুটা৷ বাঁহৰ ধোঁৱাচাঙৰ তলতে তৈয়াৰ কৰি লোৱা চৌকাৰে এটা পাকঘৰ৷ পাকঘৰৰ একাষে ওখকৈ বাঁহৰ চাং এখন৷ তাতে ফিল্ড সহায়ক ল’ৰা চাৰিজন শোৱে৷ আনটো কোঠাত মজিয়াতে শুব পৰাকৈ চিমেন্টৰ প্ৰলেপটো বাকী আছেই বাবে মই তাতে শুইছিলো৷ সেইবাৰ পিছে আগতীয়াকৈয়ে খুউব বৰষুণ হোৱাত কোঠাটোৰ ওপৰতে ত্ৰিপালখনত ঠিক কৰিব নোৱাৰাকৈ ব্ৰহ্ম ফুঁটা কেইটামান হৈছিল৷ বৰষুণ দিলেই আমি য’ত যি পাওঁ, বাল্টি-চচপেন-বাতি আদি লৈ পানী সৰকা ঠাইৰ তলে তলে পাতি ফুৰিব লগা হয়৷ আকৌ বেছিকৈ পানী ৰৈ গৈ কেতিয়াবা ত্ৰিপাল এফালে হালি পৰে৷ বাঁহ এডাল লৈ সেইবোৰ খুঁচি খুঁচি পানী উলিয়াব লাগে৷ মুঠতে প্ৰতিজাক বৰষুণৰ পিছতেই আমাৰ উপৰুৱা কাম বাঢ়ে৷ পিছে যিমান চেষ্টা কৰিলেও, বৰষুণ দিলেই মোৰ কোঠাটো পানী পানী হৈ পৰে৷ উপায় নাপাই সেইবাৰ মই কোঠাৰ ভিতৰতে ড’ম টেন্ট এটাকে পাতি লৈছিলো৷ কোনোমতে দৰকাৰী বস্তুবোৰ নিতিতাকৈ ৰাখি নিজেও সোমাই থাকিব পৰাকৈ অকণমানি টেন্ট এটা ৷ 

শিল-বৰষুণে ধোৱাই নিয়া এটা দিনত

তেনেকুৱা দিন এটাৰ ঘটনা৷ সেইদিনা সন্ধিয়াতে ৰান্ধি খাই আমি সোনকালে শুবলৈ গ’লো৷ উদং খিৰিকী আৰু দুৱাৰকেইখনত মাৰি থোৱা বাঁহৰ বেঁৰাইদি চেঁচা বতাহজাক হো-হোৱাই সোমাই হাড়লৈকে কঁপাই দিয়েহি৷ গতিকে সন্ধিয়া হোৱাৰ লগে লগে চৌকাৰ জুইকুৰাৰ উম লৈ বহা বা শ্লিপিং বে'গৰ ভিতৰত সোমোৱাৰ বাহিৰে আমাৰ গত্যন্তৰ নাই৷ তাতে পুৱা পোহৰ হওঁ-নহওঁতেই আমি ওলাই যাব লাগে কামলৈ৷ সেয়ে তাত নিশা সাতমান বজাতে আমাৰ শোৱাৰ অভ্যাস হৈ পৰে৷ সিদিনাও একো ব্যতিক্ৰম নাছিল৷


নিশা হঠাৎ মোৰ গভীৰ টোপনি ভাঙিল৷ শুনিলো, কোনোবা মানুহে ডাঙৰ ডাঙৰকৈ কথা পতা আৰু খোজৰ শব্দ! এই পাণ্ডৱবৰ্জিত ঠাইলৈ মাজনিশাখননো কোন আহিল বুলি উচপ খাই উঠিলো৷ তাতে খোজকাঢ়ি! বাহিৰৰ পৰাতো গাড়ী লৈ নাহিলে বম্পু ওলোৱাহি সম্ভৱ নহয়! একেবাৰে ওচৰত মানুহৰ বসতি বুলিলে অৰুণাচলৰ টেঙাৰ দিশে ৰামালিংগম গাঁৱলৈ ১৫-২০ কিমি পাহাৰ বগাই উঠিব লাগে, অসমৰ দিশে দৈমাৰাৰ বড়ো গাঁৱলৈ ২২-২৫ কিমি নামিব লাগিব৷ ৰাতিখন কোনো নৰমনিচে সেই সাহস নকৰে বুলি জানো৷ খোজৰ শব্দ ওচৰ চাপি অহাৰ লগে লগে মই উৎকন্ঠিত হৈ পৰিলো ৷ হিচাপ নিকাচ কৰি ভাবিলো, ঈগলনেষ্টৰ তলা-নলা জনা কোনোবা মানুহেই হ’ব লাগিব৷ অলপ সন্দেহ হ’ল পিছে৷ হে'ডলাইটটো লগাই ঘড়ী চাই দেখিলো, নিশা এক বাজিছে৷

ঘৰৰ বাৰান্দা খন পাৰ হৈয়ে দুখন দুৱাৰ, এখন মোৰ কোঠালৈ, আনখন পাকঘৰলৈ৷ দুয়োখনতে হেঁচা মাৰিয়ে খুলিব পৰা বাঁহৰ বেঁৰাৰ দুৱাৰ৷ ইতিমধ্যে কাষৰ কোঠাত ল’ৰাকেইজনো সাৰ পাইছিল, সিহঁতে ভুনভুনাই কথা পতা শুনা পালো৷ সেই কোঠাত পোহৰ দেখিয়ে হ’বলা মানুহকেইজন (কথা-বতৰাত বুজিছিলো কমেও চাৰি-পাঁচজন হ’ব লাগিব) সেইফালে সোমাল৷ নেপালীতে মাত লগালে,

“কোনোবা আছে নেকি ঔ!”

ল’ৰাকেইটা দুপদুপাই উঠি আহিল বিছনাৰ পৰা৷ মাত দিলে,

“অ, আমিহে আছোঁ৷ কোননো ?”

গ’লগলীয়া মাতটোৰে মানুহজনে ক’লে,

“মই নকথে দাজু! আমি গাৱঁৰ পৰা আহিছোঁ৷ হাবিৰ মাজতে বাটত গাড়ী বেয়া হ’ল ৷ একো কৰিব নোৱাৰা হ’লো৷” (নাম সলাই দিয়া হৈছে)

নামটো কাণত পৰাৰ লগে লগে মই বুজি পাই গ’লো প্ৰকৃততে কোন এওঁলোক! এই বিখ্যাত চিকাৰীজনক চিনি নোপোৱা লোক সেই অঞ্চলটোত নাই৷ স্থানীয় কিছুমান জনজাতিয়ে কৰি অহা পৰম্পৰাগত চিকাৰ অভিযান সমূহত এওঁৰ সমান নামী চিকাৰী হয়তো কমেই ওলাব৷ এওঁৰ নাম আৰু চিকাৰ কাহিনীবোৰ শুনিহে আছিলো, কল্পনাও কৰা নাছিলো এনেকুৱাও দিন (ৰাতি?) আহিব বুলি! খৰকৈ চিন্তা কৰিলো, কি কৰা যায়! মোৰ সহকৰ্মী উমেশ নথকাত অলপ অসহায়বোধ কৰিলো৷ বিশেষ কামত সি কিছুদিনৰ বাবে ফিল্ডৰ দায়িত্ব মোক অকলে দি অষ্ট্ৰেলিয়ালৈ গৈছিল৷ যাওঁতে সি কৈ গৈছিল, জৰুৰী কথাত ফিল্ডৰ সহায়ক ল’ৰা কেইজনৰ ওপৰত নিৰ্ভৰ কৰিবলৈ আৰু সিহঁতৰ উপদেশ মানি চলিবলৈ৷ কাৰণ স্থানীয় মানুহ হিচাপে অৰণ্যৰ মাজত যিকোনো পৰিস্থিতিকে চম্ভালি ল’ব পৰাকৈ সিহঁত অভিজ্ঞ৷ উমেশৰ সেই কথাষাৰকে মনত পেলাই ল’ৰাকেইজনে মোক নমতালৈকে নীৰৱে থকাৰ সিদ্ধান্ত ল’লো৷ পিছে চিন্তা হ’ল, সিহঁতৰ কথা ভাবি৷ সেই ঠাণ্ডাতো ঘামি-জামি কাণ উনাই সষ্টম হৈ ৰ’লো যিকোনো পৰিস্থিতিৰ বাবে৷ অন্য এজন মানুহে উথপথপ লগাই নিৰ্দেশ দিয়াৰ সুৰত ক’লে,

“বহুত জাৰ লাগিছে, ভোকো লাগিছে৷ জুইকুৰা ধৰচোন ঘপকৈ৷”

ধুপ ধাপ কৈ খৰি ফলাৰ শব্দ আহিল৷ দীনেশে মিহি মাতেৰে কোৱা শুনিলো,

“চাহ কৰোঁ নেকি?” মাতটো শুনিয়ে বুজিলো সিহঁতেও ভয় খাইছে৷ বেচেৰা ওঠৰ-বিশ বছৰীয়া ল’ৰাকেইটাইনো এনে পৰিস্থিতিত ভয় নাখাবনে!

“নাই নাই, কি চাহ কৰিবি আৰু৷ ভোকত পেটৰ বিষ উঠি গৈছে, আবেলিতে ওলাই অহা৷ ভাত-শাক কি আছে উলিয়া, সেয়াই খাওঁ!”

“ভাত অলপহে আছে, আমি খাই বৈ শুইছিলোৱে যে৷” দীনেশে বিনয়েৰে ক’লে৷

“ যি আছে তাকে দে আকৌ৷ আমি ভগাই খাম নহয়!”

চচপেনত পুৱাতে টিফিনত ভৰাই নিবলৈ হেঁপাহেৰে থোৱা ভাতকেইটা দীনেশে উলিয়াই দিলে হয়তো৷ মেগীৰ পেকেট দেখা পাই সেয়াও কৰাৰ হুকুম আহিল৷ খোৱা-বোৱা আৰু পূৰাদমে আড্ডা চলিল৷ লগতে ল’ৰাকেইজনক জেৰাৰ সুৰত উপৰা-উপৰি প্ৰশ্ন৷

“ইয়াত কি কৰ তহঁতে?”

“ৰিচাৰ্ছ”

“কোনে কৰে?”

“ছাৰ আৰু মেডামে৷”

“ক’ত আছে ছাৰ আৰু মেডাম?”

“ছাৰ অষ্ট্ৰেলিয়ালৈ গ’ল! মেডাম শুই আছে৷”

“ছাৰ-মেডামৰ নাম কি?”

উমেশৰ নামটো শুনি মানুহকেইজনে নিজৰ মাজতে কিবাকিবি পাতিলে৷ স্পষ্টকৈ শুনা নাপালো৷ তাৰপিছত আগতকৈ মাতটো কোমল কৰি সুধিলে,

“ডাক্তৰ উমেশ নেকি?”

বুজিলো, উমেশৰ কথা এওঁলোকেও জানে৷ গৱেষকৰ লগতে উমেশ চিকিৎসকো৷ এম বি বি এছ কৰি ওলাই কেৱল বন্যপ্ৰাণীৰ গৱেষণাত থকা আগ্ৰহৰ বাবে আকৌ এম এছ চি কৰিলে সি৷ তাৰপিছত পি এইচ ডিৰ গৱেষণা আৰম্ভ কৰিলেহি৷ কামৰ মাজে মাজে সি চিকিৎসাৰ সা-সুবিধা নথকা ওচৰৰ গাৱেঁ-ভূঞে বিনামূলীয়াকৈ চিকিৎসা সেৱা আগবঢ়ায়৷ বিপদে আপদে গাঁৱৰ লোকৰ বাবে উমেশেই একমাত্ৰ ভৰসা৷ সেয়ে সেই অঞ্চলটোত উমেশ সকলোৰে প্ৰিয়পাত্ৰ৷ নকথে চিকাৰীয়েও হয়তো তাৰ বিষয়ে শুনিছে৷

এইবাৰ মানুহকেইজনৰ কথাৰ সুৰ বদলিল৷ কোমল মাতেৰে ক’লে,

“ হাবিৰ মাজত কষ্টেৰে থাকি মেলি কাম কৰিছ, ভালদৰে কৰিবি, বুজিছ! আমিতো নিজৰ ঠাই কাৰণেই মাজে মাজে আহি চাই যাওঁহি৷ দুই এটা জন্তু যি পাওঁ লৈ যাওঁহি৷ পুৰণা ৰীতি-নীতিৰ কথা এটাও আছেতো৷”

শুনি মই আচৰিত নহ’লো৷ বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে স্বীকৃতি পোৱাৰ আগতে ঈগলনেষ্ট সেই অঞ্চলৰ দুটা জনজাতি বুগুণ আৰু শ্বেৰডুকপেনসকলৰ অধিকাৰত আছিল৷ এটা অংশ বুগুণ সকলৰ আৰু আনটো শ্বেৰডুকপেনৰ৷ কাষৰীয়া গাঁৱত বসবাস কৰি অহা এই স্থানীয় লোকসকলে বছৰ বছৰ ধৰি এই অৰণ্য নিজৰ বুলি মানি আহিছে৷ গতিকে এতিয়াও পৰম্পৰাগত ৰীতি মনাৰ আচিলাতে হওক, অন্য কাৰণতে হওক মাহেকে পষেকে দল বান্ধি নিশা মানুহ কিছুমান আহে৷ পালে কিবা এটা চিকাৰ কৰে৷ নাপালে কেম্পৰ মানুহকে মনত পেলাই থৈ যায়, এয়া তেওঁলোকৰ অধিকাৰত থকা ঠাই৷ কেতিয়াবা কোনো উগ্ৰ দলে দাবি হুমকি দি কেম্পৰ বস্তুও উঠাই নিয়ে বুলি শুনিছোঁ৷ 

ল’ৰাকেইজনৰ ভিতৰত আটাইতকৈ সৰু আৰু চঞ্চল ভাৰতে মাত দিলে,

“কিবা পালে নে আজি?”

“এহ, কিনো পাম! আহিয়ে চাক্কুৰ ওচৰত গাড়ী বেয়া হ’ল৷ সন্ধিয়াখন ভালকৈ চাবলৈও নহ’ল৷ কাইলৈ মেকানিক মাতি পঠাইছোঁ৷ কাইলৈ ৰাতিপুৱাই ঠিক কৰি যামগৈ আৰু!”

আন এজনে মাত দিলে,

“তহঁত এই বাঁহৰ চাং খনতে শোৱ নেকি? আমাকো ৰাতিটো যেনতেন কটাবলৈ ঠাই অকণ উলিয়াই দেচোন৷ পোহৰ হ’লেই ওলাই যাম৷”

মানুহকেইজন শান্ত হোৱা দেখি ইতিমধ্যে মোৰ উদ্বিগ্নতা কমিছিল৷ মানুহবোৰে শুবলৈ যা-যোগাৰ কৰাৰ উমান পাইছিলো৷ তেতিয়ালৈ শেষ নিশা হৈছিল৷ ময়ো শুবলৈ বুলি শ্লিপিং বেগত সোমালো৷ পিছে চিকাৰীৰ নাকৰ প্ৰচণ্ড ঘোৰঘোৰণিত চিলমিল টোপনি আকৌ ভাঙিল ৷ পুৱতি নিশা কেতিয়া চকু মুদ খালে ক’ব নোৱাৰো৷ কোনোবা এটা সময়ত চিঞৰ বাখৰ শুনি সাৰ পালো৷

ল’ৰাকেইটাৰ উত্তেজিত মাত,

“মেডাম, উঠক উঠক৷ কালি ৰাতি কি হ’ল গম পায়নে?”

মই টেন্টৰ চেইনডাল খুলি মুখখন উলিয়াই দেখোঁ গোটেইকেইটা মোৰ টেন্টৰ সন্মুখত হাজিৰ! লাহেকৈ ক’লো,

“মই চব গম পাওঁ৷ মানুহকেইজন আহোঁতেই সাৰ পাইছিলো নহয়৷ তহঁতে নমতা কাৰণে ওলাই যাবলৈ বেয়া পালো৷”

কামিয়ে ক’লে,

“ভালেই কৰিলে দেই! আপোনাক আকৌ বেলেগ কোনোবা বুলিহে ভাবিলে৷” কথা শেষ হোৱাৰ লগে লগে গোটেইকেইটাৰ ঔফুলীয়া হাঁহি!

মই আচৰিত হৈ সুধিলো, “কিয়?”

কোনোমতে হাঁহি ৰখাই কামিয়ে ক’লে, 

“ইয়ে আপুনি নুশুনিলে হ’বলা? প্ৰথম আহিয়ে কোন ছাৰ-মেডাম, কোন উমেশকৈ সুধি আছিল যে, তেতিয়া ভাৰতে থতমত খাই আপুনিয়ে উমেশ ছাৰৰ মানুহজনী মানে নন্দিনী মেডাম বুলি কৈ দিলে!”

“মানে?” 

“মানে উমেশ ছাৰক নন্দিনী মেডামৰ সৈতে হেনো বহুদিনৰ আগতে নকথে দাজুৱে টেঙাত লগ পাইছিল৷ সুধিলে, কাষৰ ৰুমত সেয়া ছাৰৰ মেডামেই নেকি বুলি আৰু ভাৰতে হয়ভৰ দিলে৷”

একো ক’বলৈ নাপালোৱে; দেখিলো, ভাৰতে বিৰাট স্ফুৰ্টিৰে বি এছ এন এলৰ নেটৱৰ্ক পোৱা মন্দিৰৰ সন্মুখৰ একমাত্ৰ ঠাইটুকুৰালৈ বুলি দৌৰ দিছে৷ যাওঁতে কৈ গ’ল, “নন্দিনী মেডামক কওঁগৈ, আজিৰ পৰা ভাইৰাছ বুদ্ধা (উমেশৰ ল’ৰাহঁতে ৰখা নাম)ৰ আৰু এজনী গোট খালে বুলি!!”

--------------------------------------------------------------------------

বি:দ্ৰ:- এয়া আজিৰ পৰা দুবছৰৰ আগৰ ঘটনা৷ বুগুণ জনজাতিয়ে কিছুবছৰ ধৰি ইক’ট্যুৰিজিমৰ কামত সক্ৰিয়ভাৱে অংশ লৈ ঈগলনেষ্টৰ বন্যপ্ৰাণীৰ সংৰক্ষণৰ কাম কৰি আহিছে৷ শেহতীয়াকৈ শ্বেৰডুকপেন সকলেও এই কামত আগভাগ ল’বলৈ আৰম্ভ কৰিছে৷ বহু লোক/সংগঠনৰ অহৰহ প্ৰচেষ্টাৰ ফলস্বৰূপে দুয়োটা জনজাতিয়ে বৰ্তমান ঈগলনেষ্টৰ জৈব-বৈচিত্ৰ্যক লৈ সজাগ হৈছে, খুউব কৰ্মপটুটাৰে ইক’ট্যুৰিজিমৰ কামবোৰ আগবঢ়াই নিছে- এয়া নিশ্চয় ঈগলনেষ্টৰ বাবে খুবেই আশাব্যঞ্জ্যক৷

Friday 14 November 2014

অৰণ্য পুৰাণ ১: থেংকছ গ’লাইত এদিন

ঈগলনেষ্ট বন্যপ্ৰাণী অভয়াৰণ্যত মোৰ গৱেষণাৰ কাম আৰম্ভ কৰাৰ সময়ৰ কথা৷ অৰুণাচল প্ৰদেশৰ এই অভয়াৰণ্যখন বহুতেই চৰাইৰ বাবে এক স্বৰ্গপুৰী বুলি গণ্য কৰে৷ প্ৰতিবছৰে বহু দেশী-বিদেশী পৰ্যটকে ইয়াত ভিৰ কৰেহি বিভিন্ন পৰিভ্ৰমী আৰু স্থানীয় চৰাই চাবলৈ৷ মোৰো গৱেষণা মূলত: চৰাইৰ ওপৰতে৷ কিন্তু আজৰি সময় পালে অন্য কামতো লাগি দিছিলো৷ সেইসময়ত আমি কেমেৰা ট্ৰেপিঙৰ প্ৰজেক্ট এটা হাতত লৈছিলো৷ মূল উদেশ্য আছিল অভয়াৰণ্যখনৰ স্তন্যপায়ী জন্তুৰ আবাদী সম্পৰ্কে তথ্য সংগ্ৰহ কৰা৷ আমাৰ কাম আছিল, অৰণ্যৰ ভিতৰত জীৱ-জন্তু নিয়মীয়াকৈ অহা-যোৱা কৰা বাটৰ কাষত বা অন্য সাম্ভাব্য ঠাইত বিশেষ কেমেৰা সংযুক্ত কৰি থৈ অহা৷ এনে কেমেৰাই সাধাৰণতে সন্মুখত হোৱা কোনো সঞ্চালন ধৰা পেলাই (motion detection) স্বয়ংক্ৰিয়ভাৱে যিকোনো সময়তে ফটো তুলিব পাৰে৷ গতিকে এই কেমেৰাই সন্মুখেৰে পাৰ হৈ যোৱা জন্তুৰ ফটো লয় আৰু আমি পিছত গৈ কেমেৰাবোৰ সংগ্ৰহ কৰি আনি ফটোবোৰ গবেষণাৰ কামত ব্যৱহাৰ কৰিব পাৰোঁ৷ 



আমাৰ প্ৰথম কাম আছিল, গৱেষণাৰ ডিজাইন অনুসৰি মেপত আগতীয়াকৈ ঠিক কৰি লোৱা ঠাইবোৰ জি পি এছৰ সহায়ত বিচাৰি উলিয়াই কেমেৰা লগাই থৈ অহা৷ ঈগলনেষ্টৰ পাহাৰীয়া গভীৰ অৰণ্যৰ মাজত এনেকৈ নিৰ্দ্বাৰিত ঠাই বিচৰাটো কষ্টসাধ্য৷ তাতে মোৰ বাবে সেই অৰণ্য তেতিয়াও অচিনাকি৷ সেয়ে এজন স্থানীয় ল’ৰা ওলাল মোৰ স’তে গৈ সহায় কৰিবলৈ৷ কাষৰ গাঁৱৰ বিশ-বাইশ বছৰীয়া নেপালী ল’ৰা৷ নাম আংগু৷ কামটোৰ আৰম্ভণিৰ দিনা কেম্পৰ ওচৰৰে প্লট এটালৈকে যোৱাৰ সিদ্ধান্ত হ’ল৷ আংগু আৰু মই চাৰিটাকৈ কেমেৰা বেকপেকত ভৰাই ল’লো৷ জন্তুৱে ভাঙিব নোৱাৰাকৈ আৰু বৰষুণ আদিৰ পৰা ৰক্ষা পৰিবলৈ এই কেমেৰাবোৰ বিশেষ ভাৱে নিৰ্মাণ কৰা হয়৷ কেমেৰাটো বাকচৰ ভিতৰত ৰাখি কেৱল লেনছখনৰ বাবে সুৰুঙা এটা ৰখা হয়৷ গতিকে কেমেৰাবোৰ যথেষ্ট গধুৰ ৷ কিন্তু সেইবোৰ কঢ়িওৱাৰ অন্য উপায় নাই বাবে আমি তেনেকৈয়ে খোজ ল’লো প্লটলৈ বুলি৷ আংগু বিৰাট স্ফুৰ্টিবাজ ল’ৰা, বাটে বাটে সি ঈগলনেষ্টৰ অৰণ্যৰ কাহিনী ক’বলৈ লাগিল৷ আধাঘন্টামান খোজ কঢ়াৰ পিছতে আমি এটা কেঁকুৰি পালোগৈ৷ আংগুৱে ক’লে,



“বাইদেউ, এইখনেই ‘থেংকছ গ’লাই’৷ ইয়াৰ পৰাই আমি পাহাৰৰ ওপৰলৈ বগাব লাগিব৷ ’’

নামটো শুনি আচৰিত লাগিল৷ এইটো আকৌ কেনেকুৱা নাম! সুধিলো তাক৷ আংগুৱে ক’লে,

"গ’লাই মানে আমাৰ ভাষাত কেঁকুৰি৷ আচলতে এই কেঁকুৰিটোত আগতে ফৰেষ্ট ডিপাৰ্টমেন্টে ‘থেংকছ’ বুলি চাইনবৰ্ড এখন লগাইছিল৷ তাৰ পিছৰ পৰাই সকলোৱে ঠাইটুকুৰাকে থেংকছ গ’লাই বুলি ক’বলৈ ধৰিলে! ইয়াৰ পৰা অকণমান ওপৰলৈ হাবিৰ মাজলৈ সোমালেই আপুনি কেমেৰা লগাব বিচৰা ঠাইখন পাবগৈ৷ ”

দুয়ো হাবিতলীয়া বাটটোৰে ওপৰলৈ বগাবলৈ আৰম্ভ কৰিলো৷ আংগুৱে আগে আগে বাট দেখুৱাই গ’ল৷ মই ডিঙিত লগাই লোৱা জি পি এছতে বাটটোৰ মেপ এখনো তৈয়াৰ কৰি গ’লো৷ তেতিয়া ৰাতিপুৱা আঠমান বাজিছে৷ ওচৰৰে প্লট যেতিয়া দুপৰীয়াৰ ভাত খোৱাকৈ ঘুৰি আহিম বুলি আমি ৰাতিপুৱাই কিবা অলপ খায়ে ওলাইছিলো৷ ঘন অৰণ্য, ওপৰলৈ মূৰ কৰি চালে আকাশ দেখাৰ সুৰুঙা নথকাকৈ ডাল-পাতেৰে আবৰি বিশাল গছবোৰ, তলত আগনিশা সৰা বৰষুণে ভিজাই থোৱা সৰাপাতৰ দম! চাৰিওদিশে নানাটা চৰাই-চিৰিকটিৰ মাত৷ তাৰ মাজে মাজে হাতীৰ জাকৰ উমান পাবলৈও দুয়ো কাণ থিয় কৰি খুপি খুপি আগবাঢ়িলো৷ প্ৰথম ঠাইটুকুৰা বিচাৰি পাবলৈ বিশেষ অসুবিধা নহ’ল৷ কেমেৰাৰ কাম আগেয়ে নকৰা বাবে আংগুক খুঁটি নাটিবোৰ দেখুৱাই দিলো৷ দুয়ো মিলি মেকুৰীজাতীয় জন্তুৱে নিয়মীয়াকৈ অহা যোৱা কৰা বাট এটাৰ কাষতে প্ৰথম কেমেৰাটো লগাই পেলালো ৷ কাম কৰিছেনে নাই পৰীক্ষা কৰিবলৈ আংগুৱে কেমেৰাৰ সন্মুখেৰে খোজ দি চালে৷ মুহুৰ্ত্ততে মৰা ফ্লেছৰ পোহৰত আমি দুয়ো উচপ খাই উঠিলো৷ ক্লিকক! আংগুৰ বিৰাট স্ফুৰ্টি লাগি গ’ল৷

ঈগলনেষ্টৰ মূল বাট আৰ কাষৰীয়া অৰণ্য
“আৰে, এইটোৱে বঢ়িয়া কাম কৰেচোন৷ ময়েই যাত্ৰা কৰি দিলো দেই!” মই হাঁহিলো ৷ তাৰ উৎসাহ দুগুণে বাঢ়িল৷ দুয়ো জি পি এছৰ মেপ চাই দ্বিতীয় ঠাইটুকুৰা বিচৰাত লাগিলো৷ এইবাৰ আমি হাবিতলীয়া বাট এৰি খুবেই গভীৰ অৰণ্যলৈ সোমাই গ’লো৷ কিছুমান ঠাইত ঘন জোপোহাৰ মাজেৰে বাট উলিয়াই আগবাঢ়িব লগা হ’ল৷ জি পি এছত মেপ আছিল যদিও বতৰ ভাল নহ’লে বা বেছি ঘন অৰণ্য হ’লে ই ভালদৰে কাম নকৰে বাবে আংগুৱে ক’লে,

“ডাঙৰ গছৰ গাত দাৰে চিন এটা এটা ৰাখি যাওঁ৷ ঘুৰি আহোঁতে বাট বিচাৰি পাবলৈ সুবিধা হ’ব৷’’

কথা মতেই কাম৷ এইবাৰ জি পি এছেৰে বাট উলিয়াই লৈ মই আগবাঢ়িলো৷ সি চিন দি দি মোৰ পিছে পিছে আহি থাকিল৷ যিমানেই আগবাঢ়িলো, অৰণ্য ঘন হৈ গৈ থাকিল৷ এটা পাহাৰৰ নামনি পাৰ হৈ অন্য এটাত বগালোগৈ৷ কিছুমান ইমানেই থিয় গঁড়া যে আমি ঘুৰি পকিহে জি পি এছে দেখুওৱা বাট ওলাব লগা হ’ল৷ বুজিলো, ভবাৰ দৰে কামটো ইমান সহজ নহয় ৷ তেনেদৰেই কিছু যুঁজি মেলি ঠাই বিচাৰি উলিয়াই আৰু দুটা কেমেৰা লগালো৷ ইতিমধ্যে এক বাজি গৈছে৷ আমাৰ পেট কলমলাবলৈ আৰম্ভ কৰিছে৷ খাবলৈতো একো অনা নহ’লেই, দুয়োটাই পানীও অনাৰ কথা নাভাবিলো৷ কেমেৰাৰ বোজাটো কিছু কমিছিল যদিও ভাগৰো লাগি আহিছিল৷ পথালিকৈ পৰি থকা বিশালকায় মৰা গছ এডালৰ গাতে আউজি বহি পৰিলো৷ ভাবিলো, আজিলৈ সামৰো নেকি! ভবাতকৈ বহুত বেছি সময় লৈছে প্ৰতিটো কেমেৰা লগাওঁতে৷ জি পি এছৰ মেপখন চাই লৈ ভালকৈ চিন্তা কৰি চালো৷ পৰিকল্পনা অনুসৰিয়ে আমাৰ প্লটটো প্ৰায় বৰ্গাকাৰ, প্ৰতিটো চুকত একোটাকৈ কেমেৰা লগোৱাৰ কথা৷ আজি ওচৰা ওচৰিকৈ দুটা বৰ্গাকাৰ প্লটত কেমেৰা লগোৱাৰ কথা আছিল৷ দুটাত নহ’বই যেতিয়া এটা সম্পূৰ্ণ কৰাৰ কথা ভাবিব পাৰি৷ তাতে আমি তিনিটা চুকত লগালোৱে যেতিয়া চতুৰ্থটো প্ৰথমটোৰ পৰা বেছি দুৰত নহ’ব৷ গতিকে আকৌ অহা বাটেৰে উভতি যোৱাতকৈ চতুৰ্থ ঠাইখনৰ পৰা প্ৰথমটোলৈ চিধাই গুচি যাব পাৰিম৷ তাৰপৰা মূলবাট ওলাবলৈ অসুবিধা নহ’ব৷ মই চিন্তা ভাবনা কৰি থাকোতে আংগুৱে দাখন লৈ বাঁহ এডালৰ কুমলীয়া আগটো কাঁটি আনিলে৷ ক’লে,

“পিয়াহ লাগিছে বুলি কৈছিল নহয়, এয়া বাঁহৰ চুঙাৰ পানী খাওঁক৷ আপোনালোকৰ টাউনৰ ফিল্টাৰৰ পানীত কৈ বেছি পৰিস্কাৰ পানী!”

তাৰ কাম দেখি মোৰ সঁচাই ভাল লাগি গ’ল৷ হেপাঁহেৰে খালো, পিয়াহত থকাৰ বাবেই নে কি নাজানো, সঁচাই বৰ সোৱাদ যেন লাগিল৷ আংগুৱে নিজেও খাই ল’লে৷ মোৰ প্লেনটো বুজাই ক’লো তাক৷ সি ক’লে,

“ঠিক আছে, তেনেকৈয়ে চেষ্টা কৰি চোৱা যাওঁক৷ সেইমতে নহ’লেগৈ দীঘলীয়া বাটেৰে উভতি যাব পৰাকৈয়ো মইতো গছত দাৰে চিন দি আহিছোৱে৷’

দুয়ো আগবাঢ়িলো৷ এইবাৰ এখন বেঁতনি পাৰ হ’ব লগাত পৰিলো৷ ইমানেই কাইঁটীয়া বেঁত যে বৰ সাবধানেৰে আশে পাশে গছৰ ডালত ধৰি মেলি খোজ দিলো৷ ভাব হ’ল, থিয় পাহাৰত বেঁতনিৰ মাজেৰে বাট উলিয়াই যোৱাৰ সমান কষ্ট নাই৷ গৈ থাকোঁতে ভাবিলো, যিয়ে নহওঁক এইবাটেৰে উভতাৰ নাম নলওঁ!

অৱশেষত চতুৰ্থ ঠাইখন পালোগৈ৷ বেলি লহিয়াবলৈ আৰম্ভ কৰা দেখি মোৰ চিন্তা বাঢ়িল৷ কিন্তু আংগুৰ আগত একো নকৈ যিমান পাৰোঁ খৰধৰকৈ কেমেৰা লগালো৷ এইবাৰ আংগুৱে আকৌ কেমেৰাৰ আগেৰে অহা যোৱা নকৰিলে৷ লেনছৰ আগত হাতখন ঘুৰাই-ফিৰাই চালে-ফ্লেছ আহিল-হৈ গ’ল৷ ঘন হাবিৰ মাজত আন্ধাৰ সোনকালে হৈ পৰে ৷ তাতে আকৌ শীতকালি৷ আংগুক ক’লো,

“আমাৰ হাতত বেছি সময় নাই৷ সোনকালে ঘুৰিম বুলিয়ে টৰ্চ অনাৰ কথাও নাভাবিলো৷ গতিকে আগত যেনেকুৱাই পাহাৰ বা হাবি হওক, আমি যিমান পাৰো চিধাই প্ৰথম কেমেৰাৰ ঠাইলৈকে যাবলৈ চাম৷”
কেমেৰাবোৰ পিঠিত 'বুকি' (কঢ়িয়াই) লৈ সেয়া আংগু
সি হয়ভৰ দিলে৷ দুয়ো যিমান পাৰোঁ খৰখেদাকৈ আগবাঢ়িলো৷ তথাপিও জোপোহা, বাঁহনি, থিয় গঁড়া সকলো মিলি আমাৰ যথেষ্ট সময় ল’লে৷ অৱশেষত গৈ এটা থিয় গঁড়াৰ মূৰ ওলালোগৈ৷ তললৈ চাই বুকু কঁপি গ’ল৷ জি পি এছৰ মতে আমি পোনে পোনে যাব লাগে৷ বুজিলো, এইবাৰ নিস্তাৰ নাই, বাট সলাবই লাগিব৷ ইফালে সময় কমি আহিছে৷ আংগুৱেও ক’লে,

“এই গঁড়াৰে কোনোপধ্যে নামিব নোৱাৰি৷ বহুত ৰিস্কি কাৰবাৰ৷”

ইফালে সিফালে চালো৷ এটা ঠেক বাট চকুত পৰিল৷ দুয়ো আকৌ আশাবাদী হৈ পৰিলো৷ বাট মানেই ক’ৰবাততো ওলাবগৈ! আৰু মূল বাটলৈ বেছি দুৰৈত নহয় যেতিয়া এইটো খৰিকটিয়াৰ বাটেই হ’ব লাগে৷ তেতিয়ালৈ কোনোমতে এই অৰণ্যৰ পৰা বাহিৰ ওলোৱাটোৱে আমাৰ প্ৰধান চিন্তা হৈ পৰিছিল৷

দুয়ো প্ৰায় দৌৰাৰ দৰে আগবাঢ়িলো৷ গৈ আছো, গৈ আছো, বাট শেষ নহয় হে নহয়৷ অন্য বাটৰ দৰে বহলো নাই হোৱা৷ মোৰ সন্দেহ হ’ল৷ হয়তো আংগুৰো কিজানি মনে মনে সন্দেহ হৈছিলেই৷ আমাৰ সন্দেহ সঁচা হ’ল৷ হঠাৎ এঠাইত গৈ হাবিৰ মাজতে বাটটো শেষ হৈ থাকিল৷ নাই মানে নায়েই! আগলৈ যোৱাৰ একো উপায়ে নাই৷ আংগুক সুধিলো,
“এইফালে কিবা গাওঁ আছে নেকি?” 
সি ক’লে, “ মোৰ মতেতো নাই৷ আমি থেংকছ গ’লাইৰে কেতিয়াবা খৰি লুৰিবলৈ সোমাওঁ ৷ কিন্তু এইফালে অহাতো মনত নপৰে৷”

আমি দুয়োটাই বুজিলো, এতিয়া আৰু ভবা চিন্তাৰ সময় নাই৷ তৎক্ষণাত সিদ্ধান্ত লৈ কাম কৰাৰ সময়৷ অলপ পিছতে গোটেইখন আন্ধাৰে আৱৰি ধৰিব৷ আমাৰ আৰু একো উপায় নাথাকিব৷ আংগুক ক’লো,

“আমাৰ শেষ উপায়, অহা বাটে ঘুৰি যোৱা৷ তাকো যিমান পাৰি খৰকৈ৷ অন্তত: গছত দি অহা চিনবোৰ চাই চাই মূল বাট ওলাবগৈ পাৰিম৷”

এখন্তেকো পলম নকৰি আমি খৰ খোজেৰে ঘুৰিলো৷ দুয়ো ইজোপাৰ পৰা সিজোপা চিন থকা গছ বিচাৰি বিচাৰি আগবাঢ়িলো৷ পিয়াৰ-ভোক-ভাগৰ সকলো পাহৰি কেৱল ভৰি চলালো৷ এই পালোহি, এই পালোহি বুলি নিজকে সান্তনা দি দি আমি হাবি ফালি বাট বুলিলো৷ কিন্তু লাহে লাহে চিকিমিকি হৈ আহিল৷ চিনবোৰ বিচাৰি উলিয়াওতে আমাৰ বেছি কষ্ট হ’বলৈ ধৰিলে৷ কম সময়ৰ ভিতৰতে আমি বুজি উঠিলো, এতিয়াও আধাতকৈ বেছি বাট বাকী আৰু যিমান চেষ্টা কৰিলেও আমি চকুৰে দূৰৰ গছত চিন মনা সম্ভৱ নহয়৷ আমি দুয়ো পাহাৰৰ এনে এঠাইত ৰৈ গ’লোহি, য’ৰ পৰা আগলৈ-পিছলৈ, তললৈ বা ওপৰলৈ আন্ধাৰত খোজ দিয়াটো সাংঘাটিক ভয়াবহ কথা! জোনৰ ক্ষীণ পোহৰে অৰণ্যখন খুবেই জয়াল কৰি তুলিলে৷ দূৰৰ পৰা ব্লাইথছ ট্ৰগ’পান চৰাইৰ কেঁচুৱাৰ কান্দোনৰ দৰে ‘ওৱাৱাৱা..ওৱাৱা..’ মাত ভাঁহি আহিল৷ ঈগলনেষ্টৰ কেম্পত প্ৰথম নিশা এই গভীৰ মাত শুনি হোৱাৰ দৰে আকৌ এবাৰ মনটো শিঁয়ৰি উঠিল৷ আংগুৰ মুখখন স্পষ্টকৈ নেদেখিলো, কিন্তু বুজিলো সি ভয় খাইছে৷ ধেমালিকৈ ক’লো,
"আংগু, একো উপায় নাপালে ইয়াতে কটাই দিম আৰু ৰাতিটো, নহয়?”
সি শংকিত মাতেৰে ক’লে,

“নাই নাই, হাতী আহিলে কি কৰিম! ওচৰত মানুহ থাকিব পাৰে৷ সুহুৰিয়াই চাওঁ!”

প্ৰথম দুবাৰ তাৰ সুহুৰিয়ে নোলাল৷ বেচেৰাৰ ভোকে-পিয়াহে অন্ঠ-কন্ঠ শুকাই পৰিছিল৷ ময়ো চেষ্টা কৰিলো৷

“টুউ..উউউউউ…টুউ..উউউউউট…”

অৰণ্য কঁপাই গ’ল আংগুৰ তৃতীয়টো সুহুৰিয়ে৷ সি আকৌ কেইবাবাৰো একেধৰণে সুহুৰিয়ালে৷ কিন্তু একো সঁহাৰি নাপালো৷ বহু দুৰলৈকে মানুহৰ চিন-চাব নাই৷ পানী আৰু টৰ্চ ননাৰ কাৰণে মোৰ নিজৰ ওপৰতে খং উঠিল৷ পানী বিচাৰিবলৈ বাঁহনিখনো বহু দূৰৈত এৰি আহিলো৷ আমি দুয়ো বহি পৰিলো, আৰু কিবা উপায় আছে নেকি চিন্তিবলৈ লাগিলো৷ ভাবিলো, কেম্পত থকা বাকী চাৰিজন ল’ৰাটো নিশ্চয় চিন্তাত পৰিছে! আমি এক-দুই মান বজাতে উভতিম বুলি কৈ আহিছিলো৷ কি বা ভাবিছে৷ সিহঁতে আমাক বিচাৰি আহিবনে! নে আমি নিজেই উভতিম বুলি বাট চাই ৰ’ব! চিন্তা-ভাবনা আৰু সহায়ৰ বাবে বাট চোৱাৰ বাহিৰে তেতিয়া আৰু আমাৰ কৰিব লগীয়া বিশেষ একো নাছিল৷

…..এটা এটা মুহুৰ্ত্ত এযুগ যেন ভাব হ’ল৷ আংগু নীৰৱ, কিন্তু মই ইতিমধ্যে মনতে ধৰি লৈছিলো যে ৰাতিটো তাতে কটাব লাগিব৷ মনে মনে গুণা-গঁঠা আৰম্ভ কৰিয়ে দিলো ক’ত আটাইতকৈ নিৰাপদে থাকিব পাৰিম! কেম্পৰ শ্লিপিং বেগটোলৈ মনত পৰিল, মনত পৰিল পোৰা গাহৰিৰে খোৱা ৰাতিৰ ভাত সাঁজলৈ৷ ভয়-শংকাবোৰ ডবাই মনটো জোৰকৈ বান্ধি ৰাখিলো৷ ……

কিমান সময় পাৰ হৈ গ’ল আমি ধৰিব নোৱাৰিলো৷ এটা সময়ত হঠাতে ক’ৰবাৰ পৰা সুহুৰি এটা শুনা যেন লাগিল! নিজৰ কাণকে বিশ্বাস কৰিব নোৱাৰিলো৷ দুয়ো সজাগ হৈ কাণ উনালো৷ আকৌ সেই একে সুহুৰি৷ আংগুৰ মাত ওলাল,

“ইহঁতৰ কোনোবা এটা হ’ব লাগিব৷ খেতিলৈ গ’লে আমি এনেকৈয়ে সুহুৰিয়াই দূৰৰ পৰা ইটোৱে সিটোক মাত দিওঁ!”

দুয়োৰে মনলৈ যেন সাহস ঘুৰি আহিল৷ তৃতীয়বাৰৰ সুহুৰিটো শেষ নহওঁতেই এইফালৰ পৰা আংগুৱে সুহুৰিয়াবলৈ লাগিল৷ লগে লগে সিফালৰ পৰা উত্তৰ আহিল৷ এইবাৰ আমি নিশ্চিত হ’লো, কেম্পৰ ল’ৰাকেইটাই আমাক বিচাৰি আহিছে৷ ভীষণ সকাহ পালো৷ আংগুৱে সকলো পাহৰি নেপালীতে সিহঁতক চিঞৰি মাতিলে,

“ক’ত আছ তহঁত? 
উত্তৰ আহিল, “মূলবাটত! তহঁত ক’ত?”
“আমি বাট বিচাৰি পোৱা নাই!!” 
মই আংগুক ক’লো, “পানী আৰু টৰ্চ আছে নেকি সোধচোন”
আংগুৱে দোহাৰিলে, উত্তৰ আহিল “নাই”

এইবাৰ মোৰ খঙেই উঠিল! আমাক এই ৰাতিখন বিচাৰি আহিছে আৰু পানীটো নাই নায়েই, টৰ্চো অনা নাই!!

আংগুৱেও অলপকৈ ডবিয়ালে৷ সিহঁতে আকৌ চিঞৰি খৱৰ ল’লে মই ঠিকে আছোঁ নে নাই!! এইবাৰ মোৰ হাঁহি উঠিল৷ পানীৰ কথা সোধা দেখি সিহঁতে হয়তো ভাবিছে মই ভোকে-ভয়ে মূৰ্ছাই গ’লো নেকি! 

ল’ৰাকেইজনৰ ভিতৰত ঈগলনেষ্টৰ তলা-নলা খুউব ভালকৈ জনা কামিয়েই আমাক আগবঢ়াই নিবলৈ আহিল৷ সুহুৰি মাৰি মাৰি আমাৰ গম লৈ সি ওচৰ চাপিল, দাৰে বাটো উলিয়াই আহিল৷ অৱশেষত তাৰ ম’বাইলৰ ক্ষীণ পোহৰটো আমাৰ চকুত পৰিল৷ কামিয়ে বিশেষ একো নক’লে৷ মাথোঁ মোক সতৰ্ক কৰি দিলে,

“মোৰ পিছে পিছে সাবধানে আহি থাকক৷ ৰাস্তা বৰ বিপদজনক৷”
কামি সন্মুখত, তাৰ পিছত আংগু, শেষত মই৷ দিনৰ দিনটো একেৰাহে হাবি ভাঙি পাহাৰ বগাই মই ক্লান্ত হৈ পৰিছিলো৷ একো নভবাকৈ মাথোঁ ভৰি দুখন অনুমানতে আগবঢ়াই নি থাকিলো৷ পুৱাৰ বেঁতনিখন আকৌ পাৰ হ’ব লগাত পৰিলো৷ কামিয়ে আগবাঢ়ি ম’বাইলৰ পোহৰ দেখুৱালে৷ আংগুৱে বেঁতৰ কাইঁটৰ কিমান যে খোঁচ খালে হিচাপ নাই৷ কিন্তু প্ৰতিবাৰেই খোঁচ খাই লৈ সি বেঁতবোৰ একাষৰীয়া কৰি ধৰি থাকি মোক কয়,

“এইফালে কাইঁট আছে দেই৷ এইখিনিত খোঁজ দি এনেকৈ আহক”

তাৰ প্ৰতি গভীৰ মমতা আৰু কৃতজ্ঞতাৰে মোৰ মন ভৰি উঠিল৷ এবাৰো খোঁচ নোখোৱাকৈ সেই ভয়ংকৰ বেঁতনি পাৰ হৈ আহিলো৷ হাবি ভাঙি আহি এটা সময়ত আমি তিনিওটা থেংকছ গ’লাই ওলালোহি৷ দীনেশ, গ’ৰে আৰু ভাৰত তাতে ৰৈ আছিল৷ সিহঁতে আমাক দেখি স্বস্তিৰ নিশ্বাস পেলালে৷ কথা কোৱাৰ শক্তি নাছিল আমাৰ৷ তেতিয়াও মূল বাটেদি কেম্পলৈ আধাঘন্টাৰ বাট৷ ভাৰতে সুধিলে, “খোজ কাঢ়িব পাৰিবনে? নে দাঙি নিব লাগিব আকৌ??”

মই বোলো, “ইমানখন পাহাৰ বগাই ওলাইছোহি! এতিয়া এই সমান মুকলি বাট কোন কূটা!!”

তথাপিও মনলৈ বহুত জোৰ আনিহে খোজ দিব লগাত পৰিলো৷ ভৰি দুটা যেন অচল হৈ যাব এনে লাগিল৷ আধামান বাট গৈয়ে বাটৰ কাষত সৰু নিজৰা এটা পালো৷ তাতে বাঁহ এফাল দি ধুনীয়াকৈ পানী অহাৰ ব্যৱস্থা কৰি থোৱা আছে৷ আংগু আৰু মই গৈ তাৰ তলতে মূৰ পাতি দিলোগৈ৷ হেঁপাহ পলুৱাই খাই ল’লো৷ এইবাৰহে আমাৰ দুয়োৰে দেহলৈ প্ৰাণ অহা যেন লাগিল৷ পানীৰ মূল্য কিমান সেই মুহৰ্ত্তত নতুনকৈ উপলব্ধি কৰিলো৷

কেম্পলৈ গৈয়ে ভাতৰ পাতত বহিলো৷ পোৰা গাহৰিৰ মাংস আৰু সিজোৱা ঢেঁকীয়াৰে ভাত৷ নিজকে ধন্য মানিলো, কেম্পত চৌকাৰ কাষত বহি ধোঁৱা ওলাই থকা ভাতসাঁজ পোৱাৰ বাবে৷ ইহঁতে এইবাৰ মুখ খুলিলে৷ মুখ খুলিলে মানে আৰু ৰক্ষা নাই৷ বাটৰ কাষৰ ইমান সহজ ঠাইখনলৈ গৈ ক’ৰবাৰ পাহাৰত হেৰাই যোৱাৰ বাবে আমাক অজস্ৰ ঠাট্টা-মস্কৰাৰে উপচাই দিলে৷ ভাৰতে আমাক লৈ গীতকে ৰচি পেলালে৷ আংগু আৰু মোৰ নতুন জোকোৱা নামো আনকি ঠিক হৈ গ’ল৷ সেইবোৰৰ মাজতে মই সুধিলো,

‘আমাৰটো বাৰু মানি ল’লো! আমাক বিচাৰি যাওঁতে সেই ৰাতিখন তহঁতে টৰ্চ এটাও লৈ যাব নালাগেনে?? তাকো গোটেই তিনিওটাই গৈছে হাৱাই চেণ্ডেল পিন্ধি!”

সিহঁতে যি উত্তৰ দিলে শুনি আমি কিনো ক’ম ভাবি নাপালো৷ আগৰ খং উটি গৈ হাঁহিহে উঠিল খুউব৷ সিহঁতে হেনো কেম্পত বিশেষ কাম নথকাত আবেলিতে ওলাই আহিছিল৷ বাটত ক’ৰবাত লুকাই থাকি আমি ঘুৰি যাওঁতে ভয় খুৱাব বুলি হেনো পাঙি আছিল৷ তেনেকৈয়ে বহু সময় ৰৈ থাকি আমি উভতি নোযোৱাত সিহঁতে সন্দেহ কৰিলে, একে উদেশ্যেৰে আমিহে ওলোটাই ক’ৰবাত লুকাই আছোঁ বুলি ৷ সেয়ে চাৰিওটাই ওখ গছ এজোপাত উঠি আমাক ধৰা পেলাবলৈ ছেগ চাই আছিল!! শেষত একো সাৰ-সুৰ নাপাইহে সুহুৰিয়াছিল হেনো!

ধেৎ, এনেকুৱাওনো হ’ব লাগেনে, ভাবিলো! অহাৰ দিনাৰে পৰা এই সহজ সৰল ল'ৰাকেইটাৰ স'তে কৰি অহা ইটো সিটো ধেমালিবোৰ মনত পৰিল৷ ভাব হ'ল, আচলতে সেইবোৰলৈ চাই সিহঁতে তেনেকৈ ভবাটোত আচৰিত হ'ব লগা একো নাই কিজানি! নিমাতে ৰোৱাৰ বাহিৰে মোৰ অন্য উপায় নাছিল৷

কিন্তু সেই এটা দিনে আমাক যেন বহুত কথাই নতুনকৈ শিকাই গ'ল৷ তাৰ পিছৰে পৰা য’লৈকে যাওঁ, আংগু আৰু মোৰ পিঠিৰ বেগ গধুৰ কৰা হ‘ল প্ৰয়োজনীয় খাদ্য-সম্ভাৰ আৰু পানীৰ বটলে৷ হেডলাইট এটাই মোৰ বেগত স্থায়ীভাৱে ঠাই পালে৷ সিদিনা একো নক’লেও মোৰ বিকট সুহুৰিয়ে বহুদিনলৈ কামিহঁতক হাঁহিৰ খোৰাক যোগাই থাকিল৷ শেষত মোৰ প্ৰতি দয়া ওপজিয়ে হ’বলা ভাৰতে মোক বাঁহৰ আগেৰে অকণমানি সুহুৰি এটা তৈয়াৰ কৰি দিলে৷ আজিও সেইটো মই সযতনে নিজৰ লগত লৈ ফুৰোঁ৷ অৰণ্যত কাম কৰোঁতে ল’বলগীয়া সাবধানতাবোৰৰ বাহিৰেও সেই দিনটোৱে আৰু কিছুমান কথা উপলব্ধি কৰাই দিলে ৷ আমাক যেন আৰু বেছি কাষ চপাই নিলে প্ৰকৃতিৰ বুকুলৈ, এনে ভাব হ’ল৷ এই পাহাৰীয়া মানুহখিনিৰ নিঁভাজ আন্তৰিকতায়ো চুই গ'ল মোক৷ বিশেষকৈ আংগু মোৰ মৰমৰ বন্ধু হৈ ৰ’ল চিৰদিনৰ বাবে৷ পিছে তেতিয়াও মই জনা নাছিলো, এয়া যে মাথোঁ আৰম্ভণিহে ৷ ঈগলনেষ্টে মোৰ কল্পনাৰো অগোচৰ বহু ৰোমাঞ্চকৰ অভিজ্ঞতাৰ সম্ভাৰ লৈ ৰৈ আছিল সঠিক সময়লৈ :)