Friday 13 March 2020

আফ্ৰিকাত প্ৰথম খোজ: লিভিংষ্ট’নৰ দেশত (১)

ভিজা, ক’ৰ’না আৰু ধুমুহা

ভেনকুভাৰৰ এটা ব্যস্ত দুপৰীয়া৷ অন্যদিনাৰ দৰেই টেৰী আহি আমাৰ অফিচত বহিলহি৷ টেৰী আমাৰ গৱেষণাৰ গাইড৷ এলাইডা আৰু মোৰ স’তে কামৰ নানা কথাৰ মাজতে ওলাল জাম্বিয়াত এখন কৰ্মশালাৰ কথা৷ আমি দুয়োজনীয়ে কাম কৰি থকা প্ৰকল্পটোৰ এটা অংশ হিচাপে কৰা হৈছে এই কৰ্মশালা৷ দুয়ো এই প্ৰকল্পত যোগ দিয়াৰ কেইমাহমানহে হৈছে৷ গতিকে উৎসুকতাৰে টেৰীক সুধিবলৈ লাগিলো; কি হ’ব, কেনেকৈ হ’ব, কোন কোন থাকিব ইত্যাদি৷ টেৰীয়ে যিমান পাৰে আমাৰ প্ৰশ্নবোৰৰ উত্তৰ দিবলৈ চেষ্টা কৰিলে আৰু এটা সময়ত স্নাতকোত্তৰ মহলাৰ ক্লাছ ল’বলৈ উঠি গ’ল৷

পিছদিনা পুৱাতে আমাৰ অফিচৰ দুৱাৰত পৰিচিত টোকৰ৷ উৎসাহেৰে সোমাই আহি টেৰীয়ে ক’লে,

’কালি মই ভাৱি চালো বুজিছা৷ তোমালোক দুয়োজনীয়ে নতুনকৈ কাম আৰম্ভ কৰিছা যেতিয়া এবাৰ গৈ নিজে ঠাইবোৰ চালে আৰু আমাৰ প্ৰকল্পৰ সহযোগী গৱেষক সকলক লগ পালে বহুখিনি জানিব পাৰিবা৷ গতিকে মোৰ লগতে তোমালোকো ওলোৱা জাম্বিয়ালৈ৷’

দুয়োজনী খুবেই উৎসাহিত হৈ পৰিলো৷ টেৰীৰ সৈতে কাম কৰিবলৈ লোৱাৰ পৰা এইকেইদিনতে বুজি উঠিছোঁ, বহুতো সুযোগ-সুবিধা এনেকৈয়ে হঠাতে আহে৷ আমি সেয়ে ভৱিষ্যতৰ বেছি দূৰলৈ নিজা একো পৰিকল্পনা নকৰোঁৱে-কেতিয়া ক’লৈ হঠাতে যাব লগাত পৰোঁ, কি কামত জড়িত হৈ পৰিম নাজানো বাবে৷ কেতিয়াবা এইটোৱে গতানুগতিক জীৱনত অসুবিধাত পেলায় কিন্তু আজিকালি নিজৰ অজানিতেই এই অনিশ্চয়তাখিনি যেন উপভোগ কৰিবলৈ লৈছোঁ৷ প্ৰতিটো দিনেই লৈ আহে একোটা নতুন আশ্চৰ্য্য বা জীৱনৰ গতি সলনি কৰি দিব পৰা কোনো বতৰাৰ সম্ভাৱনা- এনে একোটা সম্ভাৱনাৰ বাবে সকলো সময়তে নিজকে সাজু কৰি ৰখাৰ মাদকতাখিনি লাহে লাহে অনুভৱ কৰিবলৈ লৈছোঁ যেন!

মাথোঁ দুসপ্তাহ আছে কৰ্মশালালৈ৷ গতিকে লৰালৰিকৈ টিকেট কৰিলো- আটাইতকৈ চমু পথেৰে বিমানেৰে ছয়ত্ৰিছ ঘন্টাৰ যাত্ৰা! তিনিখন বিমান সলাইহে জাম্বিয়াত ভৰি থ’মগৈ৷ উপায় নাপাই তাকে কৰিবলৈ বাধ্য হ’লো৷ এলাইডাৰ কেনেডিয়ান আৰু টেৰীৰ ব্ৰিটিছ পাছপৰ্ট- গতিকে কোনো সমস্যা নোহোৱাকৈ জাম্বিয়া গৈ পাই ভিজা পাব পাৰে৷ লেঠা লাগিল মোৰ-ভাৰতীয়ৰ বাবে সেই সুবিধা নাই৷ লগে লগে অনলাইন ভিজাৰ বাবে আবেদন কৰিলোঁ যদিও সময় কমি অহাৰ লগে লগে মোৰ উৎকন্ঠা বাঢ়ি গ’ল৷ জাম্বিয়াৰ সময় ভেনকুভাৰৰ তুলনাত দহঘন্টা আগবঢ়া৷ গতিকে প্ৰতিদিনে শুই উঠিয়ে মই জাম্বিয়ান এম্বেছিৰ অনলাইন পৰ্টেল খুলি চাওঁ- ভিজাৰ চিঠিখন আহিল নেকি বুলি! প্ৰতিদিনে অফিচত ভৰি থোৱাৰ লগে লগে এলাইডাই সোধে,

’কিবা খৱৰ?’

মোৰ মুখখন দেখিয়ে তাই উত্তৰ পাই যায়৷

শুক্ৰবাৰে সন্ধিয়া ভেনকুভাৰৰ পৰা ওলোৱাৰ কথা৷ কিন্তু মঙলবাৰেও মোৰ ভিজা নাহিল৷ সিদিনাই সন্ধিয়া এলাইডা আৰু মোৰ আলোচনা বহিল- কি কৰা যায়! দুয়োজনীয়ে যিমান পাৰোঁ খুঁচৰিলো, আগতে ভাৰতীয়ই কৰা ভিজাৰ আবেদন কিমান সফল হৈছে জানিবলৈ৷ কিন্তু বহুত বিচাৰি খুঁচৰিও শেহতীয়া একো তথ্য নাপালো৷ বেছিভাগ তথ্যই দহবছৰমান পুৰণি- যি পালো তাৰ পৰা এনে লাগিল, জাম্বিয়াৰ এম্বেছিয়ে সময়মতে সঁহাৰিও নিদিয়ে৷ উপায়ন্তৰ হৈ জাম্বিয়াৰ ৰাজধানী লুছাকাত থকা ভাৰতীয় এম্বেছিলৈ ইমেইল কৰিলোঁ- কেইবাবছৰ পুৰণি এটা প্ৰেছ বিজ্ঞপ্তিত তেওঁলোকে প্ৰকাশ কৰিছিল, ভাৰতীয়ৰ বাবে তাৎক্ষণিক ভিজাৰ বাবে অনুমোদন জনোৱা হৈছে বুলি৷ সুধিলো, এইটো এতিয়া মোৰ ক্ষেত্ৰত খাটিব নে নাই৷ এলাইডাক ক’লো,

’কাইলৈ লৈকে বাট চাওঁ, নাপালে জোহানেছবাৰ্গৰ পৰা মোৰ শেষৰ বিমানখন সলাই জাম্বিয়াৰ চুবুৰীয়া জিম্বাবোৱেলৈকে গুচি যাম নেকি! জিম্বাবোৱেত ভাৰতীয় পাছপৰ্টেৰে প্ৰৱেশ কৰাৰ অনুমতি আছে আৰু তাত আমাৰ অন্য এটা প্ৰকল্পৰ সহযোগী গৱেষক এজনো আছে৷ গতিকে তাতে দুদিনমান ৰৈ দিলেই জাম্বিয়াৰ ভিজা আহি যায়েবা? নাহিলেও জাম্বিয়াৰ সীমাত অনুৰোধ কৰি চাব পাৰোঁ৷ অন্তত: টিকেটৰ ইমানবোৰ খৰচ পানীত নপৰিব৷’

এলাইডাই ক’লে, ’সেইটো শেষ উপায়৷ তাৰ আগতে কি কৰিব পৰা যায় ভাৱোচোন! ইয়াৰ পৰা জাম্বিয়া গৈ পাওঁতেও দুদিন লাগে৷ গতিকে কেনেবাকৈ ইয়াৰ পৰা বিমানত যাত্ৰা আৰম্ভ কৰিব পাৰিলে তাৰ গৈ পাওঁগৈ মানে ভিজা আহি যাবওতো পাৰে৷’

’নাই নাই, ইমান ৰিস্ক ল’ব নোৱাৰি! এবাৰ পাছপৰ্টত খেলিমেলিৰ চাব এটা পৰিলে গোটেই জীৱনলৈ মোৰ বিদেশ যাত্ৰা বিভীষিকাময় হৈ পৰাৰ সম্ভাৱনা৷’

’যিয়েই নহওক, আমি তোমাক এৰি ইয়াৰ পৰা বিমানত নুঠো- চিন্তা নকৰিবা৷’- এলাইডাই সাহস দিয়াৰ চেষ্টা কৰিলে৷

সিদিনা আবেলি লেবৰ মিটিঙত সকলোৰে আগত হাঁহি মুখেৰেই ক’লো, 

’যদি মোৰ যোৱাটো হয়গৈ তেনে উভতি আহি এলাইডা আৰু মই এটা প্ৰেজেন্টেশ্যন দিম জাম্বিয়াৰ অভিজ্ঞতাৰে৷’ 

সকলোৱে ভিজা নহাকলৈ চিন্তিত হ’ল৷ মই স্বভাৱসিদ্ধভাৱে বেপৰোৱা ভাৱ এটা লৈ থকাৰ চেষ্টা কৰিলো৷ সময়মতে আহিলে ভাল, নাহিলেনো মই কি কৰিব পাৰোঁ- খুউব বেছি ছুটি লৈ ব্ৰিটিছ কলম্বিয়াৰে কোনোবা অপৰূপ পৰ্বত এটাত দুৰাতি কটাই আহিমগৈ মনৰ সান্তনাৰ বাবে!

বুধবাৰে অন্যদিনাতকৈ সোনকালেই সাৰ পালো৷ মাথোঁ এটা দিন বাকী৷ কিন্তু শেষমুহুৰ্ত্তত যোৱাটো নহ’বগৈ বুলি মই এতিয়াও জাম্বিয়ালৈ বুলি একো প্ৰস্তুতি আৰম্ভ কৰা নাই৷ ইতিমধ্যে জাম্বিয়াত অফিচৰ সময় পাৰ হৈছে৷ সাৰ পায়ে পোনেই লেপটপ খুলি মোৰ আবেদনৰ কিবা আপডেট আছে নেকি চালো৷ দেখা পালো, কেইঘন্টামানৰ আগতে পঠাই থৈছে ভিজাৰ বাবে অনুমোদন জনোৱা চিঠিখন! কি যে এক স্বস্তি! সিদিনাই লুছাকাৰ ভাৰতীয় হাই কমিছনাৰৰ পৰা ইমেইলো পালো৷ ক’লে, বৰ্তমান ভাৰতীয়ৰ বাবে তাৎক্ষণিক ভিজাৰ ব্যৱস্থা নাই৷ গতিকে তেওঁলোকে পৰামৰ্শ দিলে মোৰ ভিজা নহালৈকে ৰ’ৱলৈ৷ এনে তৎপৰতা দেখি ভাল লাগিল৷

এদিনৰ ভিতৰতে জাম্বিয়াৰ বাবে প্ৰয়োজনীয় ছিটা লোৱাৰ পৰা সকলো যা-যোগাৰ কৰিব লগাত পৰিলো৷ ক’ৰ’না ভাইৰাছৰ বাতৰিয়ে ইফালে গোটেইখন উখল-মাখল লগাই আছে৷ ভেনকুভাৰৰ জনসংখ্যাৰ এটা বৃহৎ অংশ চীনদেশীয়- তাতে এয়া চীনৰ নতুন বছৰৰ সময় বাবে বহুতো মানুহে শেহতীয়াকৈ চীনলৈ ভ্ৰমণো কৰিছে৷ গতিকে ক’ৰ’না ভাইৰাছৰ আতংক মহানগৰখনত বিয়পিবলৈ সময় নালাগিল৷ দোকানে-বজাৰে হেণ্ড চেনিটাজাৰ, মাস্ক আদিৰ ষ্টক শেষ হৈ পৰিছে৷ গোটেইখন ঘুৰ্মুটিয়াই ফুৰিও আমি কিনিব পৰা নাই৷ সিদিনাই টেৰীয়ে খৱৰ দিলে, ক’ৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত বুলি লণ্ডনত কেইবাখনো বিমান কোৱাৰেনটাইন কৰিছে৷ তাত আমি ছঘন্টা সময় কটাই দ্বিতীয়খন বিমানত উঠাৰ কথা৷

এলাইডাই নতুন খৱৰো আনিলে, ’ইংলেণ্ডত ডেনিছ ধুমুহা- ইতিমধ্যে কেইবাখনো বিমান বাতিলো হৈছে৷’

ভাৱিলো, ইমানবোৰৰ পিছত লণ্ডনত বন্দী হৈ নপৰিলেই হয়! ঠিক কৰিলো, ইয়াতে গুণা-গঁঠা কৰি থকাৰটো অৰ্থ নাই- যি হয় দেখা যাব আৰু৷ পিছে যোৱাৰ দিনা ৰাতিপুৱা আকৌ লেঠা৷ খৱৰ পালো, উভতনি যাত্ৰাৰ তিনিখনৰ এখন বিমান বাতিল হৈছে৷ মনত পৰিল, টেৰীয়ে কৈছিল চাউথ আফ্ৰিকান এয়াৰৱেইজে শেহতীয়াকৈ বহুতো বিমান বাতিল কৰিছে৷ সকলো কাম বাদ দি প্ৰায় তিনিঘন্টামান ফোনত কথা পতাৰ অন্তত অৱশেষত ব্ৰিটিছ এয়াৰৱেইজৰ অন্য এখন বিমানত উভতাৰ যাত্ৰা ঠিক কৰিলোঁ৷



আফ্ৰিকাত প্ৰথম খোজ

ভেনকুভাৰৰ পৰা টেৰী, এলাইডা আৰু মই দহঘন্টীয়া দীঘলীয়া যাত্ৰাৰ শেষত লণ্ডন পালোগৈ৷ তাতে আমাক লগ দিলে কেমব্ৰিজৰ জেমছে৷ জেমছ আমাৰ এই প্ৰকল্পৰ মূল সমন্বয়ৰক্ষী৷ অতদিনে ইমেইলেৰে যোগাযোগ চলি আছিল যদিও এইবাৰহে মোৰ প্ৰথম দেখা হ’ল তেওঁৰ সৈতে৷ ৰঙীণ টাটুৱে ভৰাই ৰখা দুয়ো বাহু, অবিন্যস্ত কেঁকুৰা চুলি আৰু শান্ত-সৌম্য স্বভাৱৰ জেমছ দেখাতেই ব্যতিক্ৰমী ব্যক্তিত্বৰ৷ লগ পায়ে মোৰ মনত পৰিল টেৰীয়ে কোনোবা কথা প্ৰসংগত কোৱা কথাষাৰ,

’লগ পালে গম পাবা, জেমছ বৰ বেলেগ ধৰণৰ মানুহ!’

বিশ্বৰ বিভিন্ন ঠাইত টেৰীৰ কাম-কাজ চলি থাকে বাবে তেওঁ সকলো সময়তে ভ্ৰমণ কৰি থাকিব লগীয়া হয়৷ এই সুবাদতে প্ৰায়বোৰ বিমানবন্দৰতে লাউঞ্জত টেৰীৰ প্ৰৱেশ বিনামূলীয়া৷ টেৰী আৰু জেমছে তাতে গৈ জিৰালেগৈ৷ এলাইডা আৰু মই খাই বৈ আৰামী আসন দুখন বিচাৰি লৈ হিথৰ’ বিমানবন্দৰৰ ভিতৰৰ পৰা চাই থাকিলো ডেনিছ ধুমুহাই ধুৱাই পেলোৱা বতৰৰ ৰং-ৰূপ৷ ভাৱি থাকিলো, লণ্ডনৰ পৰা জোহানেছবাৰ্গলৈ আমাৰ পৰৱৰ্ত্তী বিমানখন সময়মতে উৰিব পাৰিলেই হয়৷

কোনোবা এটা সময়ত অলপ চিন্তিত ভাৱেৰে টেৰীয়ে আহি সুধিলেহি,

’মোৰ এতিয়াহে ঘপকৈ মনত পৰিল৷ জোহানেছবাৰ্গ হৈ তোমাক যাবলৈ দিব জানো?’

’কি! মই জনাত দীঘলীয়া লে’ অভাৰ হ’লেহে ট্ৰেনজিট ভিজা লাগে৷ জোহানেছবাৰ্গত মাথোঁ চাৰে তিনিঘন্টাহে ৰ’ম কাৰণে ট্ৰেনজিট ভিজাৰ কথাটো চিন্তাই নকৰিলো৷’ মই এইবাৰ সঁচাই চিন্তিত হ’লো৷

তিনিও অনলাইন খুঁচৰিবলৈ লাগিলো৷ গম পালো, জোহানেছবাৰ্গ হৈ জাম্বিয়াৰ বাহিৰে বাকী প্ৰায়বোৰ চুবুৰীয়া দেশলৈ যাবলৈকে ভাৰতীয়ই বেলেগকৈ ট্ৰেনজিট ভিজা উলিওৱাৰ দৰকাৰ! ভাৱ হ’ল, এইবাৰলৈ সমস্যা নাই অন্তত:! কিন্তু বোৰ্ডিঙৰ সময়ত মোক বেলেগ এটা বাটেৰে লৈ গৈ পুনৰ ভিজাৰ বাবে পৰীক্ষা কৰিলে৷

ইতিমধ্যে প্ৰতিটো চেক ইন বা চিকিউৰিটি চেকতে বাকী সকলোতকৈ মোৰ বেছি সময় লগাটোত অলপ অস্বস্তিত পৰিছোঁৱে৷ প্ৰতিবাৰেই মই মুখামুখি হৈছোঁ অতিৰিক্ত কিছু প্ৰশ্নৰ, কিছু পৰীক্ষাৰ৷ টেৰী, জেমছ, এলাইডাই প্ৰতিবাৰেই কিছ দূৰত বাট চাই থাকি শেষত ধেমালি কৰি মোক কৈছে, 
’যিয়ে হৈ নাযাওক আমি তোমাক এৰি নাযাওঁ, চিন্তা নকৰিবা৷’ 

অকলশৰে যাত্ৰা কৰিলে এই কথাটো বিশেষ অনুভৱ নকৰোঁ৷ কিন্তু এইবাৰ ব্ৰিটিছ আৰু কেনেডিয়ান পাছপৰ্টধাৰীৰ অবাধ অহা যোৱা আৰু কেৱল ভাৰতীয় পাছপৰ্ট বুলিয়ে হোৱা পৰীক্ষা-নিৰীক্ষাই আমনি দিলে৷

লণ্ডনৰ পৰা জোহানেছবাৰ্গলৈ পুনৰ এঘাৰঘন্টাৰ যাত্ৰা! বিমানেৰে ইমান দীঘলীয়াকৈ একেৰাহে যাত্ৰা কৰাৰ এয়াই প্ৰথম অভিজ্ঞতা৷ তাতে প্ৰথমবাৰৰ বাবে আফ্ৰিকা মহাদেশত ভৰি থোৱাৰ উত্তেজনা! গতিকে সকলো মিলি বিশেষ শুৱা নহ’লেই৷

জোহানেছবাৰ্গত ভৰি থৈয়ে এটা দীঘলীয়া উশাহ টানি ল’লো! জেমছে ক’লে,

’ইউ মেইড ইট! অৱশেষত আফ্ৰিকা পালাহি!’

বিশ্বাস কৰিবলৈকে টান লাগিল! কিমান সাধুকথা, কিমান কল্পনাৰ আঁৰৰ এই মহাদেশ! কেতিয়াওতো ভবা নাছিলো, জীৱনৰ এটা কেঁকুৰিত এনে এটা মুহুৰ্ত লুকাই আছে বুলি! কোনে জানে, আফ্ৰিকাত ভৰি দিয়াৰ এই প্ৰথম মুহুৰ্ত্তটোৱে আৰু কিমানবোৰ মুহুৰ্ত্তলৈ, অভিজ্ঞতালৈ বাট এৰি দিব! হয়তো এনেকৈয়ে জীৱনে গতি লয় নিৰন্তৰ এক নতুন সম্ভাৱনা কঢ়িয়াই, নতুন ৰং ছটিয়াই!


জোহানেছবাৰ্গ বিমানবন্দৰতে আমি আমেৰিকান ডলাৰ সলাই লৈ জাম্বিয়ান কোৱাচ্চা অলপ কিনি ল’লো৷ জাম্বিয়াৰ মূল চহৰকেইখনত আমেৰিকান ডলাৰ ব্যৱহাৰ কৰিব পাৰি কিন্তু ভিতৰুৱা ঠাইবোৰত জাম্বিয়ান কোৱাচ্চা নহ’লে অসুবিধা হ’ব পাৰে৷

এলাইডাই পূৰ্বতে নামিবিয়াত গৱেষণা কৰোঁতে জোহানেছবাৰ্গ হৈ বহুবাৰ অহা-যোৱা কৰিছে৷ গতিকে তাই মোক দেখুৱাই গ’ল বিমানবন্দৰৰ আকৰ্ষণীয় দোকান-পোহাৰবোৰ৷ মোৰ বাবে সকলো নতুন আৰু অচিনাকি- সেই নতুনত্বৰ ৰাগীত ডুব গৈ চাই ফুৰিলো মুখাৰ কাৰুকাৰ্য্য, অষ্ট্ৰিছ পখীৰ ৰং বিৰঙী কণীবোৰ, বাৰেৰহণীয়া আফ্ৰিকান সাজঁবোৰ৷ 

এখন নতুন মহাদেশত এই নতুন প্ৰকল্পত কাম আৰম্ভ কৰাৰ আবেগ-উত্তেজনাই মোক অভিভূত কৰি ৰাখিলে গোটেই সময়খিনি৷ এটা উচ্চাকাংক্ষী প্ৰকল্প আমাৰ- জাম্বিয়াৰ চৰকাৰ, স্থানীয় অনুষ্ঠান প্ৰতিষ্ঠান, জনগোষ্ঠী সকলোৰে সৈতে মিলি দেশখনৰ জৈৱ বৈচিত্ৰ্যৰ সংৰক্ষণ আৰু স্থানীয় জনগোষ্ঠীৰ জীৱিকা আৰু সামগ্ৰিক কল্যাণ (well-being) সুনিশ্চিত কৰাৰ এক অভিলাষী প্ৰচেষ্টা৷ ইতিমধ্যে আমাৰ সহযোগী  জাম্বিয়ান গৱেষকসকলে এই প্ৰক্ৰিয়া আৰম্ভ কৰিছেই- আমাৰ দলটোৰ বাবেহে এয়া প্ৰথম অভিজ্ঞতা৷ সেয়ে উৎসাহ-উৎকন্ঠাও অনেক৷ গতিকে জাম্বিয়াত অহা দুসপ্তাহ কেনেকৈ কি কি কাম আগবঢ়াব পাৰি আমাৰ চাৰিওৰে মাজত তাৰো আলোচনা চলি থাকিল৷

জাম্বিয়াৰ লিভিংষ্ট’নলৈ আমাৰ শেষৰখন বিমান উৰিবলৈ তেতিয়াও কেইবাঘন্টা বাকী৷

জোহানেছবাৰ্গ বিমানবন্দৰত