Showing posts with label ফিল্ড ডায়েৰী. Show all posts
Showing posts with label ফিল্ড ডায়েৰী. Show all posts

Saturday, 29 July 2023

এলবাৰ্টা ১১০: পানীকাউৰী বিচাৰি

বনীভিলৰ বাটত

'তোমাৰ গাড়ীখন সেই পাৰ্কিঙৰ শাৰীটোতে থাকিব। সেয়া চৰকাৰী গাড়ীৰ কাৰণে সংৰক্ষিত ঠাই।' অফিচৰ খিৰিকীয়েদি বাহিৰত বিশাল পাৰ্কিং লটটোলৈ আঙুলীয়াই জেফে ক'লে। জেফ আমাৰ অফিচৰ প্ৰশাসনিক সহায়।

হাতত গাড়ীৰ চাবি আৰু লগবুকখন লৈ ওলাই আহিলোঁ। পাৰ্কিং লটত থিয় দি চাবি টিপাৰ লগে লগে চৰকাৰী জীপৰ শাৰীটোৰ পৰা এখনে মাত দি উঠিল, 'পেপ!!'

অঁ, সেইখনেই তেন্তে! বগা জীপ চাৰ'কী গাড়ী। এডমণ্টনৰ ট্ৰেফিক আৰু গ্ৰীষ্মৰ চোকা ৰ'দজাক ঠেলি মোৰ গাড়ীখন আগবাঢ়িল। 

এইবাৰ মোৰ লক্ষ্যস্থান বনীভিল। এলবাৰ্টাৰ পূব প্ৰান্তত থকা এখন কণমানি নগৰ। এডমণ্টনৰ পৰা বনীভিললৈ দুৰত্ব প্ৰায় আঢ়ৈশ কিলোমিটাৰ। প্ৰথমবাৰৰ বাবে এলবাৰ্টা প্ৰদেশত নিজে গাড়ী লৈ ইমান দূৰলৈ অকলে ওলাইছোঁ। অৱশ্যে গুগল মেপে বাট চিনি পোৱাত অকণো অসুবিধা হ'বলৈ দিয়া নাই। মহানগৰৰ অকোঁৱা পকোঁৱা বাটবোৰ পাৰ কৰি আধাঘণ্টা নহওঁতেই ঘাইপথত উঠিলোগৈ।

ইয়াৰ ঘাইপথবোৰ সৰলৰেখাৰ দৰে পোন। গতিকে সেই হিচাপত ঘাইপথৰ গাড়ীৰ গতিও দুৰন্ত। ঘণ্টাত এশ কিলোমিটাৰৰ তলত কোনেও গাড়ী নচলায়। তাতকৈ লাহেকৈ চলালেহে বিপদজনক বুলি ধৰা হয়।

ঘাইপথ একেই যদিও যিমানেই আগবাঢ়িলোঁ, মোৰ সন্মুখত আৰু বাটৰ দুয়োকাষে ছবিবোৰ ঘনে ঘনে সলনি হ'ল। মহানগৰৰ পৰা ওলায়ে দেখা পালোঁ চকুৰে মনালৈকে সেউজীয়া ঘাঁহনিত মেৰাই মেৰাই প্ৰকাণ্ড বেইলবোৰ বনাই ৰাখিছে। এই বেইলবোৰেই শীতকালি গৰু-ঘোঁৰাক দানাৰ যোগান ধৰিব। 

তাৰপিছত চকুত ধৰা দিলে বিশাল খেতি-পথাৰ। কিছুমানত বাৰ্লিৰ সেউজীয়া। কিছুমানত কেন'লাৰ হালধীয়া। কেন'লা আমাৰ সৰিয়হৰ দৰে খোৱা তেলৰ এবিধ শস্য। সৰিয়হৰ দৰেই ফুলবোৰো হালধীয়া। মাজে মাজে পাৰ হৈ গ'লোঁ একো একোটা ফাৰ্মহাউচ- স্থানীয় ভাষাত যাক কোৱা হয় এক্ৰেজ। বিশাল এডোখৰ মাটিত বাঁৰী আৰু অৰণ্যৰে একোটা ঘৰ। ইয়াত বহু লোকে মহানগৰৰ পৰা আঁতৰি এনেকৈ নিজা এক্ৰেজত মুকলিমুৰীয়াকৈ থাকিবলৈ পছন্দ কৰে।

কেন'লাৰ হালধীয়া

কেইবাটাও বিশাল হ্ৰদ ইটোৰ পিছত সিটোকৈ পাৰ হওঁতে বুজিলোঁ বনীভিল পাবলৈ বেছি পৰ নাই। এই ঠাইক হ্ৰদৰ জিলা বা লেক ডিষ্ট্ৰিক্ট বুলি কোৱা হয়। বনীভিল নগৰখন জেছী হ্ৰদৰ পাৰতে লাগি আছে। পশ্চিমৰ বাটটোৰে বনীভিললৈ সোমালোঁ বাবে বাটতে দেখা পালোঁ বিশাল মুছ হ্ৰদ আৰু পাৰৰ শাৰী শাৰী অট্টালিকাবোৰ। পূবেও অন্য কেইবাটাও হ্ৰদ। সেয়ে এই ঠাই মাছ ধৰা, চিকাৰ কৰা আদিৰ বাবেই জনপ্ৰিয়। তাতে কেইবাটাও তেল কোম্পানীয়ে ইয়াত থিতাপি লৈছে। গতিকে কোম্পনীৰ প্ৰাচুৰ্যয়ো ইয়াৰ অৰ্থনীতিত যথেষ্ট প্ৰভাৱ পেলাইছে।

এই ঠাই, ইয়াৰ প্ৰকৃতি আৰু বিকাশৰ সমতাৰ বিষয়ে জানিবলৈ উৎসুক হৈ পৰিলোঁ।  সন্ধিয়া হোটেল পাওঁগৈ মানে এজাক বৰষুণ নামিল। ধুই নিলে গ্ৰীষ্মৰ আৰ্দ্ৰতা আৰু দিনটোৰ ভাগৰ। আগ্ৰহেৰে বাট চাই ৰ'লোঁ এই ঠায়ে সাঁচি ৰখা নতুন কাম আৰু অভিজ্ঞতাখিনিলৈ।

বনীভিলৰ পানীকাউৰী

বনীভিল নগৰখন তেনেই সৰু। নগৰৰ মাজেদি মূল বাট এটাই। নাম মেইন ষ্ট্ৰীট। সেই বাটেৰেই গৈ কাষতে থকা ইটাৰঙী বিশাল বিল্ডিংটোত গাড়ী ৰখালোঁগৈ। সেয়া বনীভিলৰ প্ৰভিন্সিয়েল বিল্ডিং।এলবাৰ্টাৰ অন্য সৰু ঠাইবোৰৰ দৰেই ইয়াতো এই প্ৰভিন্সিয়েল বিল্ডিঙতে সকলোবোৰ চৰকাৰী বিভাগ আছে। 

বনীভিলৰ আদৰণি তোৰণ, কাষত প্ৰভিন্সিয়েল বিল্ডিং

বিল্ডিঙৰ সন্মুখতে মোৰ বাবে জেছনে বাট চাই আছিল। মোক দেখিয়ে তেওঁ হাত জোকাৰিলে।

'হাই জেছন!'

'হাই! পালাহি তুমি!'

মুগাৰঙী চকু আৰু চুলিৰে জেছন ওখ-পাখ ডেকা ল'ৰা। বয়স প্ৰায় পঁচিছৰ ভিতৰত হ'ব। এইবাৰহে প্ৰথম মুখামুখিকৈ তেওঁক লগ পাইছোঁ যদিও আগতে দুবাৰমান অনলাইন আলোচনাত বহিছোঁ।

জেছনেই মোক আমাৰ বিভাগীয় অফিচলৈ লৈ গ'ল। তাত সকলোৰে লগত চা-চিনাকি হৈ কামৰ আলোচনাত বহিলোঁ। কাৰণ মই ইয়ালৈ অহাৰ উদেশ্যই হ'ল, জেছনৰ ফিল্ডৱৰ্কত সহায় কৰা। 

'বনীভিলৰ পানীকাউৰীৰ গৱেষণাৰ কথা অলপ-অচৰপ গম পাইছাই চাগৈ?' টেবুলৰ ফাইলৰ পৰা কেইবাখনো মেপ উলিয়াই লৈ জেছনে সুধিলে।

'দুবছৰ আগতে এই প্ৰকল্পটো কেনেকৈ আৰম্ভ হৈছিল সেয়া জানোঁ বাৰু।' মোৰ কথাত তেওঁ হাঁহিলে।

'অঁ তেন্তে জানাই- এই প্ৰকল্পৰ কাৰণ মূলত: ৰাজনৈতিক। ইয়াৰ মাছুৱৈৰ গোটে হ্ৰদবোৰত জাকে জাকে পানীকাউৰী দেখি চৰকাৰৰ ওচৰত পানীকাউৰীৰ নিয়ন্ত্ৰণৰ বাবে আবেদন জনালে। তেওঁলোকৰ আশংকা আছিল যে পানীকাউৰীয়ে মাছ খাই শেষ কৰিলে তেওঁলোকে ধৰিবলৈ একোৱে নাথাকিব। এই আপত্তি গৈ এটা সময়ত আমাৰ বিভাগীয় মন্ত্ৰীৰ সন্মুখত পৰিলগৈ। গতিকে মন্ত্ৰীৰ উদ্যোগতে এই প্ৰকল্প আৰম্ভ হ'ল। উদেশ্য হ'ল পানীকাউৰীবোৰ ক'ৰ পৰা আহিছে, কোনটো হ্ৰদত কি খাইছেহি আৰু ইয়াৰ মাছৰ আবাদীৰ ওপৰত সিহঁতৰ প্ৰভাৱৰ পৰ্য্যবেক্ষণ।'

কানাডাত মাছুৱৈ গোটবোৰ যথেষ্ট প্ৰভাৱশালী। সমগ্ৰ কানাডাতে অলেখ-অসংখ্য হ্ৰদ- তাত মাছো পৰ্য্যাপ্ত। শুনামতে বিভাগীয় মন্ত্ৰীগৰাকী নিজেও এক মাছুৱৈ। গতিকে সেই দিশটোৱে যে এই প্ৰকল্পত অধিক প্ৰাধান্য পাব সেয়া নিজেই অনুমান কৰি ল'লোঁ।

জেছনে আমি জৰীপ কৰিবলগীয়া ঠাইবোৰ মেপত দেখুৱালে। জৰীপৰ পদ্ধতি সমূহ বুজাই ক'লে। কালিৰ নিশাৰ বৰষুণ আৰু বতাহজাক তেতিয়াও একেদৰেই আছিল। গতিকে জেছনে ক'লে,

'কাইলৈ পুৱাতে জৰীপ কৰিবলৈ ওলাম দিয়া। আজি বতৰ নাদাঙিবই কিজানি!'

পানীকাউৰী বিচাৰি

পিছদিনা পুৱাতে জেছনক লগ কৰিলোঁ। তেওঁৰ ফিল্ড ট্ৰাকখনত উঠিবলৈ দুৱাৰখন খুলি দি জেছনে ততাতৈয়াকৈ ছিটটো চাফা কৰিলে।

ছিটটোত সিঁচৰতি হৈ থকা মুগা চানেকীয়া নোমবোৰ হাতেৰে আঁতৰাই আঁতৰাই অলপ অস্বস্তিৰে মোক ক'লে,

'মোৰ কুকুৰজনী সদায় ইয়াতে বহি মোৰ লগত জৰীপলৈ যায়। তুমি কুকুৰ বেয়া নোপোৱা নহয়?'

ভিতৰলৈ জুমি চাই দেখিলোঁ, হয়! গাড়ীৰ পিছৰ ছিটত বহি আছে এজনী কুকুৰ। মুগা আৰু ক'লা ৰঙী দেহটোত এহালি শান্ত চকু। মই লাহেকৈ তাইৰ ডিঙিত হাত বুলাই দিলোঁ।

'নাই কিয় বেয়া পাম! কি নাম তাইৰ?'

'বেইলী!'

বেইলীৰ সৈতে বন্ধুত্ব গঢ়ি তুলিবলৈ মোৰ বেছি সময় নালাগিল। জেছনৰ ট্ৰাকখন বনীভিলৰ পৰা ওলাই মুছ হ্ৰদৰ দিশে গতি ল'লে। গোটেই বাটটো বেইলীয়ে পিছৰ ছিটৰ পৰাই মোৰ কান্ধত মূৰটো লগাই শান্তভাৱে আমাৰ কথা-বতৰা শুনি গ'ল।

মুছ হ্ৰদৰ পাৰত বেইলী

মুছ হ্ৰদৰ পাৰ পাই জেছন আৰু মই মিলি জৰীপৰ সা-সৰঞ্জামবোৰ উলিয়ালোঁ। হ্ৰদটো যথেষ্ট বিশাল- সেয়ে ইয়াৰ পাৰত পাঁচখন ঠাইৰ পৰা পানীকাউৰীৰ নিয়মীয়া জৰীপ হয়, জেছনে ক'লে।

এই পাৰটোৰ নাম পেলিকান পইণ্ট। তাকে প্ৰমাণ কৰি আমাৰ স্পটিং স্ক'প বা টেলিস্কোপত প্ৰথমেই ধৰা পৰিল এমেৰিকান হুৱাইট পেলিকানৰ এটা জাক। কমেও ৫০-৬০ টা পেলিকানে কিছু দূৰৈৰ পানীৰ মাজলৈ ওলাই থকা পাৰ এটাত জিৰণি লৈছে। সিহঁতৰ শুভ্ৰ দেহ, বিয়াগোম ঠোঁট আৰু জলকেলি চাই চাই মোৰ মন ভৰি গ'ল।

ক্ষন্তেক পিছতে আমাৰ সন্মুখেৰে উৰি গ'ল তিনিটা গাল চৰাই। সিহঁতৰ বগা দেহত ক'লাৰঙী মূৰ আৰু গোলাপী ঠেং দেখি চিনি পালোঁ এয়া ফেংকলিন গালৰ প্ৰজাতি।

'আহ, পানীকাউৰী!' গাল কেইটা চাই থাকোঁতেই আকাশত ধৰা দিলে আঠটা পানীকাউৰী! মই উলাহতে প্ৰায় চিঞৰি উঠিলোঁ।

সিহঁতৰ ক'লা কিচকিচিয়া দেহটোৰ একমাত্ৰ ঠোঁটটো পাতল বৰণৰ। সাপৰ দৰে ক্ষীণ আৰু দীঘল ক'লা ডিঙি। ঠোঁটৰ গুৰিতে মুখখনত থকা কমলা দাগটো দূৰৈৰ পৰাই জিলিকি আছে। সেয়ে সিহঁতক চিনি পাবলৈ মোৰ কষ্ট নহ'ল। এইবিধ চৰাই দেখাত আমাৰ অসমৰ পানীকাউৰীৰ দৰে প্ৰায় একে হ'লেও উত্তৰ আমেৰিকাৰ এই প্ৰজাতিটো ভিন্ন। এইবিধৰ নাম Double-crested Cormorant। এই জলচৰ চৰাইবিধৰ প্ৰধান খাদ্য মাছ। অসমৰ পানীকাউৰীৰ দৰেই ইহঁতেও জাক পাতি ক'লনি সাজি জলাশয়ৰ পাৰত বাস কৰে।

উত্তৰ আমেৰিকাৰ পানীকাউৰী (Double-crested Cormorant);
ফটো: ৱিকিকমন্স 

হ্ৰদৰ প্ৰতিটো খণ্ড জেছনে আঁচ টানি লৈ 'এ', 'বি', 'চি' কৈ মেপত  ভগাই ৰাখিছে। পানীকাউৰীকেইটা তাৰে কোনটো খণ্ডৰ পৰা কোনটোলৈ উৰা মাৰিলে তাকে আমি মেপত আঁকি পেলালোঁ।

'এই কাঁড়চিন আৰু ৰেখাডালেই বিশ্লেষণৰ সময়ত পানীকাউৰীবোৰে লোৱা উৰণ পথটো দেখুৱাব।' জেছনে মোক জনালে। তাৰ উপৰিও কিমান সময়ত কেইটা পানীকাউৰী দেখা পালোঁ, সিহঁতৰ ব্যৱহাৰ আদি সকলোবোৰ তথ্যৰ তেওঁ টোকা কৰি গ'ল। 

এঘণ্টাৰ সেই জৰীপত আৰু পানীকাউৰীৰ জাকে ধৰা নিদিলেহি। কিন্তু দেখা পালোঁ হ্ৰদৰ পানীত জলকেলি কৰি থকা বহুতো জলচৰ হাঁহৰ প্ৰজাতি। সেইবোৰৰো চিনাক্তকৰণ কৰি আমি টোকা কৰিলোঁ। বেইলীয়ে প্ৰথমেই মুকলি হৈ পাৰৰ জোপোহাবোৰত কিছুপৰ দৌৰি-ঢাপৰি ফুৰিলে। তাৰপিছত জৰীপৰ সময়ছোৱা আমাৰ কাষতে গা পেলাই হ্ৰদৰ ৰেহ-ৰূপ চাই ৰ'ল।

মুছ হ্ৰদত পানীকাউৰীৰ জৰীপ

'এতিয়ালৈকে কি গম পাইছা তোমালোকে?' সিদিনা মুছ হ্ৰদৰ পাৰৰ তিনি ঠাইত জৰীপ সামৰি লৈ উভতনিৰ বাটত জেছনক সুধিলোঁ।

'বহু কথাই! আচলতে পানীকাউৰীবোৰৰ কোনো বাহ বা ক'লনি ইয়াত নাই। দক্ষিণৰ হ্ৰদ এটাৰ পৰা ইহঁত ইয়ালৈ আহে। সিহঁতে খোৱা মাছবোৰ মানুহে বৰশীত ধৰি ভালপোৱা ডাঙৰ 'ৱাল আই' মাছো নহয়।'

গম পালোঁ, এই জৰীপৰ উপৰিও জেছনে পানীকাউৰীৰ পিঠিত ট্ৰেন্সমিটাৰ সংযোগ কৰি সিহঁতৰ চলন অধ্যয়ন কৰিছে; হ্ৰদৰ মাছৰ সংখ্যা আৰু প্ৰজাতি পৰীক্ষা কৰিছে; বন্যজীৱ কেমেৰা পাতিও পানীকাউৰীৰ আচৰণৰ অধ্যয়ন কৰিছে। মুঠতে মাছুৱৈ গোটৰ আপত্তিৰ সত্যতা পৰীক্ষা কৰাৰ প্ৰায় সকলোবোৰ বৈজ্ঞানিক উপায় এই প্ৰকল্পই সামৰি লৈছে।

'আমাৰ প্ৰাৰম্ভিক পৰীক্ষাত ইতিমধ্যে ধৰা পৰিছে, মাছৰ সংখ্যা কমাৰ কাৰণ পানীকাউৰী নহয়। অন্য বহুতো কাৰণ আছে। যিবোৰ মানুহেই সৃষ্টি কৰা। আজি তুমি নিজেই দেখিলা কেনেকৈ হ্ৰদবোৰৰ পাৰতে মানুহে অট্টালিকা সাজিছে, খেতিত ৰাসায়নিক সাৰ দিছে। সকলোবোৰ জাবৰ-জোঁথৰ উটি আহি হ্ৰদৰ পানী দূষিত কৰিছে।মাছৰ উপযোগী বসতিস্থান কমাই আনিছে। তাৰ উপৰিও জলবায়ু পৰিবৰ্তনৰ ফলতে পানীৰ স্তৰো কমি আহিছে। এই সকলোবোৰে মাছৰ বৈচিত্ৰতা কমাই আনিছে। মাছুৱৈ গোটৰ বাবে এইবোৰ মন কৰাটো টান কাম। সেয়ে চকুৰ সন্মুখতে দেখা পোৱা পানীকাউৰী কেইটাৰ ওপৰতে বদনাম পৰে।!'

জেছনৰ কথাখিনিয়ে মোক ভবাই তুলিলে। সঁচাই, মানুহে নিজে সৃষ্টি কৰা এনে সমস্যা বা প্ৰাকৃতিক অসমতাবোৰৰ দায়বদ্ধ্বতা কেতিয়াবা স্বীকাৰ কৰিবনে?এই ধ্বংসাত্মক কামবোৰ কেতিয়া কেনেকৈ বন্ধ হ'ব? কেতিয়া ক্ষন্তেকীয়া সমাধানৰ সলনি মানুহে সমস্যাৰ দীৰ্ঘম্যাদী সমাধানৰ গুৰুত্ব বুজি পাব? 

বনীভিল বীচ্চৰ পৰা মুছ হ্ৰদ

মিষ্টাৰ মাইকত এসন্ধ্যা

পিছদিনা ক'লীন আৰু ডায়েনায়ো জৰীপত অংশ ল'লে। জেছনক সহায় কৰিবলৈকে। এলবাৰ্টাৰ উত্তৰ-পূবত কেৱল ক'লীন, ডায়েনা আৰু ময়ে চৰকাৰী জ্যেষ্ঠ বন্যজীৱ বিজ্ঞানী। উত্তৰ-পূবৰ তিনিটা পৃথক অঞ্চলৰ বন্যজীৱ সম্পৰ্কীয় সকলো দায়িত্ব আমাৰ তিনিগৰাকীৰ ওপৰত। কিন্তু নিজৰ আগ্ৰহ অনুসৰি পানীকাউৰীৰ এই প্ৰকল্পৰ দৰে সমগ্ৰ প্ৰদেশখনতে চলি থকা যিকোনো চৰকাৰী প্ৰকল্পত সহায় কৰাৰ সুযোগ-সুবিধাও পাওঁ।

পানীকাউৰীৰ প্ৰকল্পৰ লগতে সুযোগ মিলাই এইবাৰ প্ৰথমবাৰৰ বাবে আমি তিনিওগৰাকী জ্যেষ্ঠ বন্যজীৱ বিজ্ঞানী লগ হ'লো। ক'লীনে কোৱাৰ দৰে বনীভিলত জ্যেষ্ঠ বন্যজীৱ বিজ্ঞানীৰ আক্ৰমণ!

কাম শেষ কৰি একেলগে ৰাতিৰ সাজ খোৱাৰ আয়োজন হ'ল। বনীভিলৰ মেইন ষ্ট্ৰীটতে থকা মিষ্টাৰ মাইক ৰেষ্টোৰাঁত।

খৱৰ আহিল, আজি পুৱাতে এলবাৰ্টাৰ পশ্চিম প্ৰান্তত বনজুইৰ কামত লাগি থকা চৰকাৰী হেলিকপ্টাৰ এখন দুৰ্ঘটনাত পতিত হৈছে। পাইলটগৰাকী থিতাতে নিহত হৈছে। 

খৱৰটোৱে আমাক পুনৰ যেন এক আশংকাত ডুবাই পেলালে। ইতিমধ্যে আমাৰে অন্য দুগৰাকী সহকৰ্মী হেলিকপ্টাৰ দুৰ্ঘটনাত পতিত হৈ কোনোমতে মৃত্যুমুখৰ পৰা বাচিছে। বনজুইৰ কামত অপৰিহাৰ্য্য, কিন্তু বন্যজীৱৰ জৰীপতো আমি সঘনাই হেলিকপ্টাৰ ব্যৱহাৰ কৰাটো কিমান জৰুৰী-তাৰ প্ৰশ্ন উঠিছে। আজিও তাকে লৈ বিশদ আলোচনা হ'ল।

সেই বিষয়ে যেন বাট এৰি দিলে অন্য বিষয়লৈ। চৰকাৰী কামৰ নানা প্ৰত্যাহ্বান বোৰলৈ। অন্য সকলো চৰকাৰৰ দৰেই এলবাৰ্টা চৰকাৰৰো নানা সমস্য়া আছে, নানা বিতৰ্ক আছে। চাকৰিৰ স্থায়ীত্ব আৰু সুৰক্ষা থাকিলেও সঘনাই হোৱা চৰকাৰৰ পুনৰ্সংগঠনে আমাক বাৰে বাৰে হলঠেকত পেলাই আহিছে। দীৰ্ঘম্যাদী পৰিকল্পনাত বাধা আনি দিছে। তাৰোপৰি ৰাজনৈতিক প্ৰভাৱবোৰটো থাকেই। এই পানীকাউৰী প্ৰকল্পই তাৰ এটা উদাহৰণ!

'আমি যদি প্ৰকৃতি সংৰক্ষণৰ বাবে যুঁজিব নুখুজিলোঁহেতেন,  এয়া মাথোঁ এটা চাকৰি বুলি ধৰিলোঁহেতেন তেন্তে কথাবোৰ কিজানি বহু সহজ হৈ পৰিলহেতেন!' ক'লীনে ক'লে।

ক'লীনৰ কথাষাৰ মোৰ হৃদয়ৰ গভীৰলৈকে শিপাই গ'ল। ক'লোঁ,

'ক'লীন, সেইকাৰণেইতো আমি সকলোবোৰ এই পদবীত আছোঁ। নহয় জানো? আমাৰ সাৰ্মথ্যৰে প্ৰকৃতিৰ হকে যুঁজি যাবলৈ, ভিতৰৰ পৰাই এই প্ৰক্ৰিয়াৰ সংশোধন কৰিবলৈ!'

অন্তত: মই নিজকে এইদৰেই সদায়ে সোঁৱৰাই আহিছোঁ। ক'লীন আৰু ডায়েনায়ো হয়ভৰ দিলে। দুয়ো মোতকৈ বহু বেছি অভিজ্ঞ। দুয়োৰে অৱসৰৰ সময় ওচৰ চাপিছে। মোৰযে এয়া আৰম্ভণিহে। দুয়োকে এই সুযোগতে ক'লোঁ, মোক তেওঁলোকৰ সহায় আৰু দিহা-পৰামৰ্শৰ দৰকাৰ। যিমান বাধা থাকিলেও মোৰ অঞ্চলটোত বহু হেঁপেহুৱা কাম আৰম্ভ কৰিছোঁ- উদ্যোগ আৰু প্ৰকৃতিৰ সমতা আনিবলৈ, নিজৰ সামৰ্থ্যৰে এই অপূৰ্ব ব'ৰিয়েল অৰণ্যৰ প্ৰতিৰক্ষাৰ বাবে যুঁজিবলৈ। আমি যেন তিনিও তিনিওকে নীৰৱে সেই প্ৰেৰণা আৰু মনোবল যোগালোঁ।  

সেই আলোচনাৰ মাজত ডুবি থাকি কিমান সময় পাৰ হ'ল গমকে নাপালোঁ যেন। এটা সময়ত চাৰিওফালে চাই মই অলপ চক খাই উঠিলোঁ। মানুহেৰে গিজগিজাই থকা মিষ্টাৰ মাইক কেতিয়াবাই নিজান হৈ পৰিছে। আমাৰ বাহিৰে চৌদিশৰ টেবুলবোৰ খালী। ৰেষ্টোৰাঁৰ কৰ্মীসকলো এনেয়ে ইফাল সিফাল কৰি যেন আমি যোৱালৈকে বাট চাই আছে।

'কিমান বাজিল বাৰু? মাজৰাতিয়ে হ'ল নেকি?'

'মাজৰাতি হ'বলৈ বেছি সময় নাই আৰু। উঠো আৰু ব'লা।' ঘড়ী চাই হাঁহি হাঁহি ক'লীনে ক'লে।

'ঠিকেই এইবোৰ কথাৰতো শেষ নহ'ব কেতিয়াও। আমি মাথোঁ আমাৰ কামহে কৰি যাব পাৰোঁ নহয় জানো?' মই ক'লোঁ।

'লগতে মাজে মাজে এই বন্যজীৱ বিজ্ঞানীৰ আক্ৰমণবোৰো হৈ থাকিব লাগে।'  ডায়েনাই কৈ উঠিল।

তিনিও হয়ভৰ দি ওলাই আহিলোঁ। বনীভিলত মোৰ এই শেষ নিশাটো অনুভৱৰ উখল-মাখলত বহু পৰলৈ উজাগৰী হৈ ৰ'ল।

[বি:দ্ৰ: গোপণীয়তা ৰক্ষাৰ হেতু সহকৰ্মীসকলৰ নাম সলনি কৰি দিয়া হৈছে]

পূৰ্বৰ খণ্ডসমূহ:

Saturday, 22 April 2023

এলবাৰ্টা ১০৫: আকাশত অঘটন (২)

এলবাৰ্টাৰ তৈলনগৰী ফৰ্ট মেকমাৰিত মোৰ দ্বিতীয় দিন। আমাৰ পৰিকল্পনা মতে বন্যজীৱ কেমেৰাৰ এই ফিল্ডৱৰ্কৰ শেষদিন। পুৱাতে হোটেলৰ পৰা চেক আউট কৰি ব্ৰেটৰ গাড়ীত সকলো বয়-বস্তু তুলি দিলোঁ। কাম শেষ কৰি বাহিৰে বাহিৰে আজি আমি এডমণ্টনলৈ উভতাৰ কথা। 

এয়াৰপৰ্ট গৈ পাই দেখোঁ, আমাৰ হেলিকপ্টাৰৰ পাইলট পিটাৰে কফিৰ মাগ হাতত লৈ ইফাল সিফাল কৰি আছে। কালিৰ দৰে একেই উৎসাহ, একেই কাহিনীৰ ৰহঘৰা তেওঁৰ। মোক দেখি সুধিলে,

'তেনে? কালি কেনেকুৱা লাগিল?'

হাঁহি মাৰি ক'লোঁ, 'বঢ়িয়া!' তেওঁ যেন তাতে সন্তুষ্ট নহ'ল। আকৌ সুধিলে,

'গা বেয়া লগা নাছিলতো? প্ৰায়বোৰ মানুহৰে হেলিকপ্টাৰত ম'শ্যন ছিকনেছ হয়। বমি ভাৱ-মূৰ ঘুৰোৱা আদি!'

তেওঁ কোৱাত মনত পৰিল কাৰণে টেবলেট এটা খাই ল'লোঁ। কামৰ সময়ত গা বেয়া কৰিলে অসুবিধাত পৰিম বুলিয়ে।

সহকৰ্মী এৰিন আৰু ক্ৰিষ্টিনে ইতিমধ্যে প্ৰয়োজনীয় কাগজ-পত্ৰ পূৰাই সাজু হৈছে। গতিকে আমি সকলো হেলিপেড পালোঁগৈ। হেলিকপ্টাৰত উঠাৰ পৰত পিটাৰে কালিৰ দৰেই বাধ্যতামূলক চেফটি গাইডলাইনখিনি এফালৰ পৰা কৈ গ'ল,

'হেলিকপ্টাৰৰ পিছফালেদি কেতিয়াও ওচৰ নাচাপিবা। টেইল ৰ'ট'ৰ (নেজৰ পাংখা)খনে আঘাত কৰি সাংঘাতিক বিপদ ঘটাব পাৰে।'

'বাস্কেট আৰু খিৰিকী সম্পূৰ্ণকৈ লক কৰিহে বাহিৰ-ভিতৰ হ'বা।'

ককপিটৰ সন্মুখত উজ্বল কমলা বৰণৰ চুইছটো দেখুৱাই মোৰ ফালে চাই ক'লে,

টেইল ৰ'ট'ৰক লৈ সাৱধানবাণী
'কেনেবাকৈ বিপদত পৰিলে সেই ই এল টি চুইছটো টিপিলেই সন্ধানকাৰী দলে তোমাক বিচাৰি উলিয়াব পাৰিব, মনত আছে নহয়?'

মই মূৰ দুপিয়ালোঁ। এই ইমাৰজেঞ্চি ল'কেট'ৰ ট্ৰেন্সমিটাৰ ছুইছটো টিপিলে উদ্ধাৰকাৰী দলে সহজে দুৰ্ঘটনাত পতিত হোৱা ঠাই উলিয়াব পাৰে হেনো।

ব্ৰেটে কালিৰ দৰেই আকৌ দেখুৱালে আমাৰ ছেটেলাইট ফোনত কেনেকৈ এছ অ' এছ চুইছটো টিপিব লাগে।

সকলো সা-সৰঞ্জাম উঠাই ওলোৱাৰ পৰত পিটাৰে ক'লে,

'আজি একেবাৰে দূৰৈৰ ঠাইখনৰ পৰা কাম আৰম্ভ কৰিলে কেনে হয়? কাম সামৰি এখনকৈ এখনকৈ ওচৰৰ ঠাইবোৰলৈ আহি থাকিম।'

ব্ৰেটে হয়ভাৰ দিলে। মোৰ মনটো উজ্বলি উঠিল। মেপত চাই বুজিছিলোঁ যে একেবাৰে দূৰৈত থকা কেমেৰাটোৰ ঠাইখন উড বাফেল্ল' ৰাষ্ট্ৰীয় উদ্যানৰ সীমাত। গতিকে সেই ৰাষ্ট্ৰীয় উদ্যানৰ শোভা দেখা পোৱাৰ আশাত উন্মুখ হৈ ৰ'লোঁ।

কালিৰ দৰেই ফৰ্ট মেকমাৰি নগৰ এৰি অহিয়ে তেলৰ খনিৰ এলেকাবোৰৰ ওপৰেৰে আমাৰ হেলিকপ্টাৰ উৰিল। তাৰ লগে লগে মেল খালে পিটাৰৰ কাহিনীৰ সফুঁৰাখন। পাইলট জীৱনৰ কত কি ৰোমাঞ্চকৰ কাহিনী তেওঁৰ!

প্ৰায় দেৰঘণ্টা উৰাৰ পিছত আমাৰ চকুৰ ধৰা দিলে বাৰ্চ মাউণ্টেইনৰ শিখৰ আৰু তাৰ চাৰিওদিশৰ ব'ৰিয়েল অৰণ্য। ক্ৰিষ্টিনে আঙুলীয়াই দেখুৱালে, 'সৌৱা চোৱা, বাইছনৰ জাক!'

তললৈ চাই দেখোঁ পাঁচটা মেঠোন বৰফত গোট মাৰি ৰোৱা হ্ৰদ এটাৰে শাৰী পাতি যাব ধৰিছে। হেলিকপ্টাৰৰ তীব্ৰ শব্দই সিহঁতক সচকিত কৰি তুলিছে। ক'লা নোমেৰে আৱৰা কি এক বিয়াগোম দেহ সিহঁতৰ! এনে এটা জন্তুৰ পৰা নিৰাপদ দুৰত্বত অৱস্থান কৰিব পাৰি স্বস্তি অনুভৱ কৰিলোঁ। 

মেঠোন দেখা পোৱা ব'ৰিয়েল অৰণ্যখন

'আজি তুমি আৰু এৰিন প্ৰথম ক্ৰু দেই।' মোলৈ চাই হেলিকপ্টাৰৰ হেডছেটতে ব্ৰেটে ক'লে। 'তোমালোকেতো একেলগে কাম কৰিয়ে থাকা। আজি ফিল্ডৰ কামো কৰি চোৱা।'

কথাটো হয়। মই এৰিনৰ ছুপাৰভাইজাৰ। গতিকে যোগ দিয়াৰ দিন ধৰি এৰিন আৰু মই প্ৰায় প্ৰতিদিনে একেলগে অনলাইন কাম কৰি আহিছোঁ। পিছে এনেকৈ মুখামুখিকৈহে কাম কৰাৰ সুযোগ পোৱা নাই।

প্ৰথম ঠাইখনত আমি দুয়ো আগৰদৰেই সাৱধানেৰে নামি গ'লোঁ। খুপি খুপি এআঁঠু বৰফৰ মাজেৰে আগবাঢ়ি গৈ কেমেৰা সলালোঁগৈ। এদিনৰ অভিজ্ঞতাৰেই আজি যেন মই যথেষ্ট সহজ। হেলিকপ্টাৰৰ যাত্ৰা, কেমেৰাৰ কাম- দুয়োটাতে।

পিছে দ্বিতীয়বাৰ পুনৰ নামিবৰ সময়ত পিটাৰে সুধিলে,

'তোমালোকে হেলিকপ্টাৰৰ সন্মুখৰ ফালে কিবা এটা শব্দ শুনিছা নেকি বাৰু?'

মই পিছৰ আসনত বহি থকাৰ পৰাই শুনাৰ চেষ্টা কৰিলোঁ। ক'তা, নাইতো! সন্মুখৰ আসনত এৰিন। তাই হয়ভৰ দিলে, শুনিছে তাই! কিবা এটা তীব্ৰ কম্পনৰ দৰে শব্দ!

কিছু চিন্তিত মুখেৰে পিটাৰে ক'লে,

'শব্দটোনো ক'ৰ পৰা আহিছে ভালকৈ চোৱাৰ দৰকাৰ। এটা কাম কৰোঁ, মই ব্ৰেট আৰু ক্ৰিষ্টিনক লৈ আহোঁ। তোমালোক ইয়াতে একেলগে ৰ'লে মই নিজেই অলপ চোৱা-চিতা কৰি চাম, কণ্ট্ৰ'ল ৰুমতো জনাম।'

কথামতেই কাম। এৰিন আৰু মই কেমেৰাৰ কাম-কাজখিনি সামৰোঁ মানে ব্ৰেট আৰু ক্ৰিষ্টিনো আহি পালে। বুজিলোঁ, আজি আৰু কামৰ আশা নাই। এতিয়া নিৰাপদে ঘৰলৈ উভতি যাব পৰাটোৱে মূল কথা। 

আকাশী পথেৰে কৰা এই কামবোৰ অত্যন্ত বিপদজনক বুলি আজি অতদিনে শুনি আহিছিলোঁ। গম পাইছিলোঁ, অন্য এঠাইত কাম কৰি থকা এগৰাকী জীৱবিজ্ঞানী আৰু পাইলট কেনেকৈ দুৰ্ঘটনাত পতিত হৈছিল। দুবছৰৰ আগতে হোৱা সেই ঘটনাৰ পিছত আজিও হেনো তেওঁ আৰোগ্য হোৱাৰ চেষ্টাতে আছে।

অৱশ্যে এই কামত ওলোৱাৰ পৰত ব্ৰেটে মোক কৈছিল, আমি যাবলগীয়া এ-ষ্টাৰ হেলিকপ্টাৰবোৰ যথেষ্ট শক্তিশালী আৰু নিৰাপদো। আগৰ দুটা দুৰ্ঘটনা জেটৰেঞ্জাৰ নামৰ অন্য এবিধ হেলিপকপ্টাৰতহে হৈছিল হেনো।

পুৱা চাৰে দহ বাজিছে মাত্ৰ। উজ্বল ৰ'দজাক আৰু চৌদিশৰ আৰণ্যক সেউজীয়াই আমাক যেন যথেষ্ট সাহস দিলে। ইতিমধ্যে পিটাৰে কণ্ট্ৰ'ল ৰুমত খৱৰ দিছে। মেকানিক আহি শব্দটোনো ক'ৰ পৰা আহিছে চাব পাৰিব নেকি সোধাসুধি কৰিছে। তেওঁলোকৰ কোম্পেনীত হেনো প্ৰতিমাহে এবাৰকৈ মেকানিকৰ সালসলনি হয়। খৱৰ আহিল, কালি মাত্ৰ আগৰ মেকানিকজন গ'লগৈ। নতুন গৰাকী কাইলৈহে অহাৰ কথা! 

ব্ৰেটৰ চিন্তিত মুখখন দেখি পিটাৰে ক'লে,

'চিন্তা নকৰিবা। তোমালোকে ইয়াত ৰাতিটো কটাবলগীয়া নহয়। আমাৰ হাতত এতিয়াও দিনৰ দিনটো আছে। মেকানিক নাপালেও কিবা এটা ব্যৱস্থা কৰিম।' 

ভিতৰি চিন্তা-আশংকা লৈয়ো আমি সকলো যেন বাহিৰত শান্ত হৈ থাকিলোঁ। এই ঠাণ্ডাত বৰফৰ মাজত অৰণ্যত ৰাতি কটোৱাতো বহুত কষ্টকৰ। লগতে শীতৰ প্ৰকোপ কমি আহিছে যেতিয়া শীতনিদ্ৰাৰ পৰা সাৰ পোৱা ভোকাতুৰ  ভালুকৰ আশংকাতো আছেই।

মোৰ বেকপেকত থকা চাৰভাইভেল কিটত কি কি আছে মনত পেলাই চালোঁ। সেই চাৰভাইভেল কিটটো কামৰ সময়ত সকলো সময়তে আমাৰ লগত লৈ থকাতো চৰকাৰে বাধ্যতামূলক কৰিছে। বিপদত পৰিলে অন্তত: এটা দিন দুৰ্গম ঠাইত কটাব পৰাকৈ সেই কিটত সকলোবোৰ প্ৰয়োজনীয় বস্তুৱে মজুত আছে। সেই কথাটোৱে যথেষ্ট মনোবল দিলে। 

ব্ৰেটে ক'লে, 'এটা কাম কৰা যাওক, এতিয়া দিনৰ পোহৰ থাকোঁতেই হাবিত ঠাই এটুকুৰা বাচি লৈ জুই একুৰা ধৰোঁ আহা। খৰি-লুৰিও গোটাই লওঁ।'

আমি হয়ভৰ দিলোঁ। বেলি ডুবাৰ পৰত সেয়া কৰিবলৈ ৰৈ থাকিলে নিমিষতে আন্ধাৰ নামিব, ঠাণ্ডাৰ প্ৰকোপ বাঢ়িব। আমি চাৰিও সেয়ে কেমেৰাৰ ওচৰলৈ যোৱা বাটেৰেই হাবিলৈ বুলি বৰফত খোজ দিলোঁ।

বৰফৰ মাজত একুৰা জুই

পিটাৰ বৰফত গোট মৰা হ্ৰদটোত লেণ্ড কৰা হেলিকপ্টাৰতে ৰ'ল। বাৰে বাৰে হেলিকপ্টাৰখন উৰুৱাই আকৌ নমাই তেওঁ অকলশৰে পৰীক্ষা-নীৰিক্ষা কৰি থাকিল। গম পালোঁ, বেছি সময় এই ঠাণ্ডাত হেলিকপ্টাৰ ৰখাই থ'লেও যান্ত্ৰিক বিজুতি ঘটাৰ সম্ভাৱনা। গতিকে পিটাৰে হেলিকপ্টাৰ এৰিব নোৱাৰে।

অগ্যতা আমি চাৰিও কেমেৰা লগোৱা ঠাইৰ ঠিক সোঁফালে অলপ আগলৈ গৈ এটুকুৰা ঠাই বাছিলোঁ। এৰিনে বৰফ আঁতৰোৱা বেলচা (চ'ভেল) এখন আনি লগে লগেই কামত লাগি পৰিল। বেলচাৰে চপৰা-চপৰে বৰফবোৰ খান্দিবলৈ লাগিল। হাবিত জুই ধৰিবলৈ আগতে মই কেতিয়াও এনেকৈ বৰফ আঁতৰাব লগা হোৱা নাই। তাকে শুনি এৰিনে ক'লে,

'আস্‌, মই এলবাৰ্টাতে ডাঙৰ হৈছোঁ। সেয়ে সৰুৰে পৰা এয়া কৰাৰ অভ্যাস আছে।'

বৰফ নখন্দাকৈ জুই ধৰিবলৈ গ'লে পোনেই জুইৰ উত্তাপে বৰফ গলাব আৰু জুইকুৰা নুমুৱাই পেলাব, ব্ৰেটে মোক বুজালে।

ব্ৰেট, ক্ৰিষ্টিন আৰু মই ওচৰে পাজৰে বৰফৰ পৰা ওলাই থকা শুকান শেলুৱৈ, ডাল আৰু মৰা গছ আদি গোটাই আনিলোঁ। এৰিনে খন্দা প্ৰকাণ্ড গাতটোতে দপ্দ‌প্কৈ‌ জুইকুৰা জ্বলি উঠিল।

'আস্‌, এতিয়া ইয়াতে ৰাতি হ'লেও চিন্তা নাই!' ক্ৰিষ্টিনে বৰফৰ দ'ম এটাতে বহাৰ বাবে খাঁজ এটা কৰি লৈ কৈ উঠিল। 

পিছে প্ৰায় লগে লগেই তাইৰ মনত পৰিল, 'নাই নাই, ইয়াত ৰাতি কৰিব নোৱাৰি দেই। মোৰ ল'ৰা-ছোৱালীহাল ডে' কেয়াৰত আছে। সন্ধিয়া ছয় বজাৰ আগতেই ঘুৰি যাম বুলি কৈ আহিছোঁ।'

মোৰো তেতিয়াহে খেয়াল হ'ল, আজি আমি ঘৰলৈ উভতি যোৱাৰ কথা আছিল। ভালকৈ ৰাতিৰ সাজ খাই মোৰ নিজৰ আৰামী বিছনাখনত টোপনি যোৱাৰ কথা আছিল!

'কেথিয়ে মোলৈ মেচেজ দিছে!' ব্ৰেটৰ মাতত মোৰ তন্ময়তা ভাঙিল। এই দুৰ্গম অৰণ্যত কোনো ফোনৰ নেটৱৰ্ক নাই। তেওঁৰ ছেটেলাইট ফোনতহে আমাৰ মেনেজাৰ কেথিৰ মেচেজ আহিছে।

'কেথি আৰু প্ৰাদেশিক ৰেডিঅ' কন্ত্ৰল চেণ্টাৰ দুয়োটাই আজি আমাক ছেটেলাইটত ট্ৰেক কৰি আছে। আমি প্ৰতিখন ঠাইতে আধাঘণ্টাতকৈ বেছি থকাৰ প্লেন নাছিল। এতিয়া এঘণ্টাৰ ওপৰ একেঠাইতে থকা কাৰণে তেওঁলৈ ৱাৰ্ণিং এলাৰ্ম গৈছে হেনো।' ব্ৰেটে ক'লে।

বুজিলোঁ কেথিৰ চিন্তা হৈছে। ব্ৰেটে তেওঁলৈ উত্তৰ লিখাত লাগিল।ব্ৰেটে এই কামৰ নেতৃত্ব দিছে। গতিকে কোনে কি কৰা উচিত, কন্ত্ৰল ৰুমত কি সহায় বিচৰা উচিত সেই সকলোবোৰ চম্ভালি ল'লে। ক্ৰিষ্টিনে চকলেটৰ পেকেট উলিয়ালে। জুইৰ চাৰিওফালে বহি লৈ আমি গল্প কৰাত লাগিলোঁ। ভাল লাগিল, এনে পৰিস্থিতিতো এগৰাকীও বিতত নোহোৱা দেখি। 

'মোলৈ খৱৰ আহিছে!' পিটাৰে হেলিকপ্টাৰৰ দুৱাৰ খুলি আমাক চিঞৰি মাতিলে।

গম পালোঁ, সহায় পোৱা গৈছে। ওচৰতে অন্য গৱেষণাৰ কামত লাগি থকা দল এটাৰ হেলিকপ্টাৰ এখনক এইফালে ৰিডিৰেক্ট কৰা হৈছে। পিছে তাত কেৱল দুজন আৰোহীৰ কাৰণেহে ঠাই আছে। সেয়ে আমাক এই দুৰ্গম এলেকাৰ পৰা উভতাই নিবলৈ এয়াৰপৰ্টৰ পৰা তৃতীয় এখন হেলিকপ্টাৰো পঠাইছে। ক্ষন্তেক ৰৈ পিটাৰে ক'লে,

'এয়াৰপৰ্টৰ পৰা আহিবলগীয়া হেলিকপ্টাৰখন এ-ষ্টাৰ নহয় পিছে, জেটৰেঞ্জাৰ হে!'

মই লগে লগে ব্ৰেটৰ মুখলৈ চালোঁ। মোৰ চকুৰ চাৱনিতে হয়তো তাই বুজিলে। জেটৰেঞ্জাৰ এ-ষ্টাৰৰ দৰে শক্তিশালী নহয়। কিন্তু এতিয়া যে উপায় নাই। এৰিনে আমাৰ মনোভাৱ বুজিয়ে যেন উপযাচি ক'লে,

'মই জেটৰেঞ্জাৰত আগতেও গৈছোঁ। এতিয়াও যোৱাত মোৰ একো অসুবিধা নাই।'

ব্ৰেট্ৰে এপলক ভাৱি ক'লে, 'প্ৰথমখনত জলি আৰু ক্ৰিষ্টিন যাব। এৰিন আৰু মই পিছৰখনলৈ ৰ'ম।'

বুজিলোঁ, ক্ৰিষ্টিনৰ কণমানি সন্তানকেইটিৰ কথা মনত ৰাখিয়ে ব্ৰেটে এই সিদ্ধান্ত লৈছে। দুয়ো নিজতকৈও আমাৰ নিৰাপত্তাক গুৰুত্ব দিয়া যেন ভাৱ হ'ল। কৃতজ্ঞ ভাৱ এটাৰে কিন্তু কিছু অপৰাধবোধো লৈ মই সন্মত হ'ব লগাত পৰিলোঁ।

তেতিয়ালৈ বেলি মূৰৰ ওপৰত উঠিছে। আকাশৰ নীলাৰ সৈতে শুকুলা ডাৱৰ টোপোলাই খেলা কৰিবলৈ আৰম্ভ কৰিছে। প্ৰায় তিনিঘণ্টামান তাতে বাট চোৱাৰ পিছত এখন হালধীয়া হেলিকপ্টাৰে আকাশত ধৰা দিলেহি। ক্ৰিষ্টিন আৰু মই সকলোকে ধন্যবাদ জনাই তাতে উঠি পৰিলোঁ।

অৱশেষত আহি পোৱা উদ্ধাৰকাৰী হেলিকপ্টাৰ

নতুন পাইলট স্কটে ক'লে,

'আজিযে এনেকৈ তোমালোকক উদ্ধাৰ কৰিব লাগিব ভৱাই নাছিলোঁ।'

ক্ৰিষ্টিন  আৰু মই মাথোঁ হাঁহিলোঁ। নভৱা কথাবোৰেই যেন এনে ফিল্ডৱৰ্কৰ নৈমিত্তিক পৰিক্ৰমা!

পিছত গম পালোঁ, কিছু পিছতে পিটাৰে অকলশৰে এ-ষ্টাৰ হেলিকপ্টাৰ চলাই আহিল। তেওঁ হেনো যিমান পাৰি আথাবাস্কা নদীৰ ওপৰে ওপৰে উৰিল যাতে হঠাতে বিজুতি ঘটিলে তাতে লেণ্ড কৰিব পাৰে। এৰিন আৰু ব্ৰেটে জেটৰেঞ্জাৰ হেলিকপ্টাৰখনত উঠি গোটেই বাট পিটাৰক অনুসৰণ কৰি আহিল। 

এইবাৰ আৰু পিটাৰে মোক নুসুধিলে, 'আজি কেনে লাগিল' বুলি! 

এনে দিনবোৰতে যেন ৰাতিৰ ভাতসাজ খাবলৈ পাই, বিছনাত দীঘল দিব পাৰি নিজকে বৰ ভাগ্যশালী যেন অনুভৱ কৰোঁ! এনেকৈ হঠাতে সকলোবোৰ হেৰুৱাই পেলোৱাৰ আশংকা আহি পৰিলেহে যেন উপলব্ধি হয়, দৈনন্দিন জীৱনৰ নিত্যনৈমিত্তিক সময়বোৰ কেনে অসাধাৰণ- কেনে মূল্যৱান!

উভতি আহি ব্ৰেটে সেই ঘটনাৰ চৰকাৰীভাৱে ৰিপৰ্ট দিলে। সকলোৱে একমুখে পিটাৰৰ সিদ্ধান্তৰ শলাগ ল'লে। এনে পৰিৱেশত দু:সাহসিকতা যে বহু সময়ত জীৱন-মৰণৰ প্ৰশ্ন হৈ পৰে তাকে সুঁৱৰিলে।

তাৰ এসপ্তাহ পিছতে মই হেলিকপ্টাৰত ফিল্ডৱৰ্কৰ কাৰিকৰী প্ৰশিক্ষণ ল'লোঁগৈ। তাত ছুইমিং পুলৰ পানীৰ তলতে হেলিকপ্টাৰৰ মডেল এটা থৈ আমাক বাৰে বাৰে অভ্যাস কৰালে দুৰ্ঘটনাত পতিত হ'লে হেলিকপ্টাৰৰ পৰা নিজকে মুক্ত কৰোৱাৰ। লগতে তেনে প্ৰতিকূল পৰিৱেশত নিজকে বচাই ৰখাৰ উপায়বোৰৰো প্ৰশিক্ষণ দিলে। 

একে সময়তে এৰিন আৰু ক্ৰিষ্টিন পুনৰ পিটাৰৰ সৈতে হেলিকপ্টাৰত উৰিলগৈ। এইবাৰ সিহঁতৰ কাম ছেটেলাইটেৰে অনুসৰণ কৰি থকা কিন্তু কেনেবাকৈ মৃত্যু হোৱা জন্তু কেইটামানৰ শুংসূত্ৰ উলিওৱা। উভতি আহি তাই মোক উৎসাহেৰে ৰিপৰ্ট দিলেহি, কেনেকৈ হাবিৰ মাজত সেই মৰাশ এটা ক'লা ভালুকে ৰখি আছিল। কেনেকৈ তাৰ পৰা ছেম্প'ল লোৱাৰ পৰত পিটাৰে হেলিকপ্টাৰ উৰুৱাই ভয় খুৱাই ভালুক খেদিছিল!

সকলো শুনি মই মাথোঁ ক'লোঁ, 'এৰিন, সেয়া সাংঘাতিক ৰোমাঞ্চকৰ। মাত্ৰ এই কামবোৰ কৰোঁতে মনত ৰাখিবা, কোনো কামৰ কাৰণেই যেন আমি জীৱনৰ বাজী নলগাওঁ! প্ৰথমে নিজৰ নিৰাপত্তা-তাৰপিছতহে কাম!'

তাইক কোৱাৰ লগে লগে সেই কথা যেন মই নিজকো সোঁৱৰালোঁ- আকৌ এবাৰ!

পূৰ্বৰ খণ্ডসমূহ:

Wednesday, 1 November 2017

ফিল্ড ডায়েৰী-৪: নাগালেণ্ডৰ পাহাৰে কণ্ডৰে

সময়-অসময়, ২০১৫

দ্বিতীয়বাৰ নাগালেণ্ডলৈ যোৱাৰ বাবে মোৰ বাবে আটাইতকৈ সুবিধাজনক সময় আছিল নৱেম্বৰ-ডিচেম্বৰ মাহ৷ কাৰণ এইবাৰ অন্যান্য কামবোৰৰ লগতে মোৰ উদেশ্য আছিল শীতকালিৰ চৰাইবোৰৰ ওপৰত জুমখেতিৰ প্ৰভাৱ কেনে তাৰ গৱেষণা কৰা৷ আমাৰ উত্তৰ-পূবলৈ নৱেম্বৰৰ ভিতৰত পৰিভ্ৰমী চৰাইবোৰ আহিবলৈ আৰম্ভ কৰেই৷ গতিকে এইসময়তে কাম আৰম্ভ নকৰিলে পিছলৈ সময়ৰ নাটনি হোৱাৰ সম্ভাৱনা! পিছে, ইটো সিটো লেঠা মাৰি বৰফৰ দেশখন এৰি থৈ স্বদেশ পাওঁগৈ মানে ডিচেম্বৰ মাহ আৰম্ভ হ’লেই৷ প্ৰস্তুতি পৰ্বতো যথেষ্ট সময় লাগে৷ গৱেষণাৰ আহিলা-পাতি, অহা-যোৱা-থকা আদি বন্দবস্ত কৰিবলৈ দীঘলীয়া প্ৰস্তুতি কৰিব লগীয়া হয়৷ তাতে নাগালেণ্ডৰ সেই ভিতৰুৱা ঠাইবোৰত এবাৰ গৈ পোৱাৰ পিছত সৰু-সুৰা কিবা এটা নোহোৱা হ’লেও ক’তো কিনাৰ বা বিচাৰি পোৱাৰ সুবিধা নাই৷


ডিচেম্বৰৰ মাজভাগত বাংগালোৰ পালোহি৷ তাৰপৰাই শেষৰ প্ৰস্তুতিখিনি কৰিলো৷ নাগালেণ্ডলৈ যিমান পাৰি সোনকালে গৈ কাম আৰম্ভ কৰাৰ ইচ্ছা৷ কিন্তু ইতিমধ্যেই বৰদিনৰ জাকজমকতা আৰম্ভ হৈছে৷ নব্বৈ শতাংশৰো অধিক খ্ৰীষ্টধৰ্মী মানুহৰ বসতিস্থল নাগালেণ্ডত স্বাভাৱিকতে উৎসৱমুখৰ পৰিৱেশ৷ ল’থা (নাগা জনজাতি) বন্ধু লানছ’ই খৱৰ দিলে, ঠায়ে ঠায়ে আনকি স্থানীয় বাতৰি কাকতত জাননী দিয়া হৈছে যে, এইমাহটোত যেন কোনেও সেই অঞ্চলসমূহলৈ চৰকাৰী ভ্ৰমণৰ পৰিকল্পনা নকৰে; কাৰণ সকলো গাৱঁতে গাওঁবুঢ়াকে ধৰি চৰকাৰী বিষয়ববীয়া, পাদুৰি আৰু খেতিয়ক আদি সকলো বৰদিনৰ আয়োজনত ব্যস্ত হৈ থাকিব৷

চিন্তাতে পৰিলো৷ প্ৰথমেই নাগালেণ্ডৰ পূবে ম্যানমাৰ সীমান্তত থকা কিফিৰে জিলালৈ যোৱাৰ পৰিকল্পনা৷ সেয়ে, ভাবিলো, তাৰ ৱাইল্ডলাইফ ৱাৰ্ডেনৰ মতামত লৈয়ে কি কৰা যায় ঠিক কৰিম৷ ফোনৰ সিপাৰে হেমন্ত কামডিৰ তজবজীয়া মাতটো ভাঁহি আহিল
ড’ন্ট ৱ’ৰি৷ ইউ কেন কাম হিয়েৰ এনিটাইম ইউ ৱান্ট! বৰদিনৰ আগতেই আহি পালে ভালহে, গাঁৱৰ মানুহৰ লগত একেলগে বৰদিন পাতি তাৰপিছৰ পৰাই কাম আৰম্ভ কৰিবা!’

তেওঁৰ কথাই অভিভূত কৰিলে৷ হেমন্ত মানুহজনেই এনে৷ খুবেই আগ্ৰহী আৰু সহায় কৰিবলৈ সদাপ্ৰস্তুত৷ কিন্তু তেওঁৰ লগতে গাঁৱৰ মানুহৰ অতিথিপৰায়ণতাৰ এনেকৈ সুযোগ ল’বলৈ সত নগ’ল৷ ঠিক কৰিলো, বৰদিনৰ পিছদিনাহে যাত্ৰা আৰম্ভ কৰিম৷ কথামতেই কাম৷ বৰদিনৰ পিছদিনাই গৈ ডিমাপুৰ পালোগৈ৷ 

এদিনত ছমাহৰ ৰচদ-পাতি

বৰদিনৰ ৰং ৰহইচৰ জোৱাৰ অকণো মাৰ যোৱা নাই তেতিয়াও৷ বাটে ঘাটে ধুনীয়াকৈ তৈয়াৰ কৰা বৰদিনৰ সাজ-সজ্জাত ডিমাপুৰৰ ধূলিৰ তৰপে স্পৰ্শ কৰিবলৈ এতিয়াও বাকী৷ বন্ধু লানছ’ৰ সৈতে নিউ মাৰ্কেটত বজাৰৰ দীঘলীয়া তালিকা এখন লৈ ইমূৰ-সিমূৰ কৰি ফুৰিলো৷ পাঁচমহীয়া ফিল্ডৰ কাম৷ এবাৰ কহিমা পাৰ হৈ ভিতৰুৱা নগা গাওঁবোৰত সোমালে কেতিয়ানো আকৌ ওলাই আহিম একো ঠিক নাই৷ অতি প্ৰয়োজন নহ’লে একেবাৰে কাম শেষ কৰিহে ওলাই অহাৰ কথা৷ কেতিয়াবা এনে পৰিস্থিতিত একেবাৰে সৰু  সামগ্ৰী এপদো অতি প্ৰয়োজনীয় হৈ ধৰা দিব পাৰে৷ গতিকে দৰকাৰী একো বাদ নপৰিবলৈকে এমাহৰ আগৰে পৰা তালিকা একোখন লিখি গৈছিলো- গৱেষণাৰ আহিলা-পাতি, খাদ্য, কাপোৰ-কানি, ঔষধ-পাতি সকলোৰে ভাগে ভাগে৷ আনকি ’বিবিধ’ সামগ্ৰীৰো বেলেগকৈ এখন তালিকা! এতিয়া সেই সকলোবোৰ তালিকা জপটিয়াই লৈ নিউ মাৰ্কেট চলাথ কৰিলো৷

লানছ’ বনবিভাগৰে সুদক্ষ কৰ্মী৷ ডিমাপুৰৰে স্থানীয় ল’ৰা বাবে ইয়াৰ সকলো তলা-নলাও জানে৷ সি মোক ক’ত কি কি লাগে মাথোঁ কৈ যাবলৈ ক’লে৷ দৰ-দামৰ বিভাগটোৰ দায়িত্ব সি স্ব-ইচ্ছাই ল’লে৷ তাৰ ভাষাত,
’ইউ নিড টু বি ৰিয়েলী গুড এট বাৰ্গেইনিং হিয়েৰ ইফ ইউ ড’ন্ট ৱান্ট টু গেট ছিটেড!’ 


লানছ’ৰ সৈতে
বাধ্য ছাত্ৰীৰ দৰে তাৰ কথা মানি লৈছোঁ৷ সবিস্ময়ে মাথোঁ চাই আছোঁ, চাউল-ডাইলৰ পৰা চেম্পুলৈকে কেনেকৈ প্ৰত্যেক বস্তুৰে লানছ’ই দাম কমাইছে৷ দোকানীৰ কলা পৰি যোৱা মুখখনলৈ কেৰেপ নকৰি সি বিলবোৰ লৈছে খৰখেদাকৈ৷ খৰখেদা কৰাৰ কাৰণো আছে অৱশ্যে৷ মোৰ গাড়ী আহি পালে আজিয়ে ডিমাপুৰৰ পৰা ওলোৱাৰ কথা৷ মণিপুৰী বন্ধু এজনৰ সৈতে কথা পাতি মোৰ ফিল্ডৰ কামৰ বাবে জীপ এখন ড্ৰাইভাৰৰ সৈতে বন্দবস্ত কৰিছোঁ৷ যোৱাবছৰৰ ফিল্ডৰ অভিজ্ঞতাই শিকাইছে, ৰাজহুৱা যাতায়ত ব্যৱস্থাৰ ওপৰত নিৰ্ভৰ কৰি থাকিলে নাগালেণ্ডৰ ভিতৰুৱা গাওঁবোৰত মোৰ কেনে আলাই-আথানি হ’ব৷ সেয়ে এইবাৰ আগতীয়াকৈ কথাবোৰ পৰিকল্পনা অনুসৰি কৰিবলৈ চেষ্টা কৰিছোঁ৷ গাড়ীখনে মণিপুৰৰ নগা গাওঁ এখনৰ পৰা কালিয়ে যাত্ৰা আৰম্ভ কৰিছে ৷  আজি আৰু এঘন্টামানৰ ভিতৰতে ডিমাপুৰ পোৱাহিৰ কথা৷

মূল বজাৰখিনি কৰি উঠো মানে ড্ৰাইভাৰজনৰ ফোন আহিলেই৷ গাড়ী-ড্ৰাইভাৰ কাকো মই আগতে পোৱা নাই৷ মূল বজাৰখিনি কৰি উঠো মানে ড্ৰাইভাৰৰ সৈতে কেইবাবাৰো ফোনতে কথাবাৰ্ত্তা হ’ল৷ পিছে পাঁচোটামান ফোন কলৰ দীঘলীয়া পথ নিৰ্দেশনা, লানছ’ আৰু মোৰ যুটীয়া বুজনিৰেও ড্ৰাইভাৰজনক মোৰ হোটেলৰ সন্মুখলৈ আহিবলৈ সৈমান কৰিব নোৱাৰিলো৷ বাৰে বাৰে সি মাথোঁ দোহাৰি থাকিল ডিমাপুৰত ৰে’লৱে ষ্টেচনৰ বাহিৰে সি একোকে চিনি নাপায়, বিচাৰি উলিয়াবও নাজানে৷ গতিকে সি ষ্টেচনতে ৰৈ আছে-মই গৈ তাতে লগ কৰিলে ভাল হ’ব৷

উপায় নাপাই লানছ’ই ক’লে তাৰ গাড়ীতে সকলো ৰচদ-পাতি লৈ ষ্টেচনলৈ যোৱা যাওক৷ কথামতেই কাম৷ মোৰ ইতিমধ্যে পাহাৰ হেন হৈ পৰা বয়-বস্তু লানছ’ৰ ইণ্ডিকাখনৰ আগে-পিছে ঠেলি হেঁচি ভৰাই লৈ কোনোমতে নিজেও বহি পৰিলোঁ৷  ষ্টেচনলৈ গাড়ীৰে মাথোঁ পাঁচমিনিটৰ বাট৷ গৈ পাই দেখোঁ, বগা জীপচী এখনত এজন ডেকা ল’ৰা গহীনাই বহি আছে৷ বয়স খুউব বেছি বাইছ-তেইছ হ’ব-চুটিকৈ কটা থিয় ছুলি, সৰু সৰু চকু, মুখত অজলা হাঁহি এটা৷ ড্ৰাইভাৰজনৰ আলেখ লেখ দেখিয়ে ষ্টেচনতে গোঁজ পাতি ৰোৱাৰ ব্যখ্যা পালো৷ ভিতৰুৱা গাঁৱৰ বহুতো লোকে ডিমাপুৰলৈ আহিলে জনসমুদ্ৰ, নগৰীয়া-হাইউৰুমি, ট্ৰেফিকৰ মাজত বিবুদ্ধিত পৰেহি৷ বেচেৰা ল’ৰাজনৰো একেই অৱস্থা হ’ল চাগৈ৷  ওচৰ চাপি গৈ সুধিলো,
’আপুনিহি ডালে আছে না?’
’হয় হয়’ -ফুলাম হাঁহি এটা মাৰি সি নামি আহিল৷

ইতিমধ্যে দহ বাজি গৈছে৷ গন্তব্যস্থানলৈ প্ৰায় বাৰঘন্টাৰ বাট-পূবাপশ্চিমাকৈ নাগালেণ্ডৰ ইমূৰৰ পৰা সিমূৰ পোৱাগৈৰ কথা৷ দুৰত্ব মাথোঁ ৩৩৪ কিলোমিটাৰ৷ কিন্তু, নাগালেণ্ডৰ বাটেৰে সেয়াই বহুদূৰ.... তিনিও খদমদমকৈ সকলোবোৰ বস্তু জীপৰ পিছফালে জাপি দিলো৷ লানছ’ই ডালেক সোঁৱৰালে,
’লেট নকৰিকিনে জল্ডি যালে ভাল আছে৷’
ডালেই অলপ ইতস্তত কৰি ক’লে,
’গাড়ীলাগা বেটেৰী অলপ খাৰাপ হৈছে৷ নতুন একটা ডিমাপুৰতে কিনিলে বেছি ভাল আছে৷ ডিমাপুৰ ছাড়িকিনে দুছড়া জাগাতে বেটেৰীলাগা দোকানভী নাই৷’

উপায় নাই৷ ডিমাপুৰ বা কহিমাৰ বাহিৰে ক’তো এইটো কাম কৰিব পৰা নহ’ব৷ গম পালো, বেটেৰী পোৱা যাব ক্ল’ক টাৱাৰৰ ওচৰত৷ ডালেই ডিমাপুৰৰ একো উৱাদিহ নাপায়৷ লানছ’ই ক’লে সি অফিচলৈ এতিয়া সেই বাটেৰেই যাব৷ গতিকে আমি তাৰ গাড়ীখনৰ পিছে পিছে গৈ থাকিলেই দোকান পাই যামগৈ৷ গ’লো৷ লানছ’ক তাতে বিদায় দি লৰালৰিকৈ বেটেৰী এটা কিনি ল’লো৷ ডালেক ক’লো, গাড়ীৰ আৰু কিবা বস্তু কিনিব লাগে যদি ইয়াতে লৈ ল’বলৈ৷ পিছত নহ’লে বাটত বা হাবিত দিগদাৰ কৰিলে একো কৰিব পৰা নহ’ব৷ টেংকী ভৰ্ত্তি কৰি পেট্ৰ’ল ভৰাই ল’লো৷ দুটা জাৰকিন লৈ তাতো পঞ্চাছ লিটাৰ ভৰাই ল’লো৷ যোৱাবছৰৰ অভিজ্ঞতাৰ পৰা জানো, ডিমাপুৰৰ পৰা যিমানেই পূবলৈগৈ থাকিম পেট্ৰ’লৰ দাম আৰু ভেজালৰ  পৰিমাণ বাঢ়ি গৈ থাকিব আৰু সেইমতে ডিপুৰ সংখ্যাও কমি গৈ থাকিব৷ 

ডালেই বাটতে খাই বৈ আহিছিল৷ যা-যোগাৰত লাগি থাকোতে মোৰ খাবলৈ সময় নহ’ল ৷ এতিয়া অলপো সময় অবাবত খৰচ নকৰি যিমান পাৰি সোনকালে ওলোৱাৰ কথা৷ সেয়ে ডিমাপুৰৰ দোকান-বজাৰ এৰাৰ আগেয়ে বেকাৰী এখনত সোমাই বাটত খাবলৈ বুলি যি পাৰোঁ কিনি ল’লো ৷ আৰু কিমান দিনলৈ এইবোৰ খাদ্যৰ মুখ দেখিবলৈ নাপাওঁ কি ঠিক!


বাটৰ কণা বিধি

যাত্ৰা আৰম্ভ!
গাড়ীয়ে চহৰৰ ব্যস্ত পথৰ ট্ৰেফিক, ধূলিময় বাট এৰি যাত্ৰা আৰম্ভ কৰিলে শাৰী শাৰী পাহাৰৰ দেশলৈ-নাগালেণ্ডৰ পূবৰ শেষ সীমাটোলৈ৷ জীপৰ সন্মুখৰ আসনত বহি মই চাই ৰ’লো একেৰাহে পিছলৈ দৌৰা গছ-গছনি আৰু ঘৰবোৰ৷ এনেদৰে কোনো যাত্ৰাত ওলালেই প্ৰতিবাৰেই যেন জীপাল হৈ উঠে মোৰ ভিতৰৰ যাযাবৰী সত্বাটো! ভাব হয়, যাত্ৰাৰ এই চলমান ৰূপটোৱেই যেন প্ৰকৃত জীৱন- এই অকোঁৱা পকোৱা বাটেৰে আগবঢ়া গাড়ীখনৰ দুয়োকাষে অবিৰতভাৱে পৰিৱৰ্ত্তিত হৈ থকা দৃশ্যপট, সকলোৰে অজ্ঞাতে তাৰ বুকুত সামৰি থোৱা সুখ-দুখৰ প্ৰতিচ্ছবি সকলো পাৰ হৈ যায় চকুৰ পচাৰতে৷ চিৰন্তন সত্যৰূপে ৰৈ যায় মাথোঁ এটা দীঘলীয়া বাট৷ এই গতিশীলতাই যেন সকলো বান্ধোনৰ পৰা মুক্ত কৰি পেলায় দেহ-মন! এই মুক্তিৰ আস্বাদৰ মাজত ডুব গৈ থাকোঁতেই গাড়ীখন ঘপকৈ ৰৈ যোৱাত মোৰ তন্ময়তা ভাগিল৷ কিমান সময় আহিলো বাৰু! ঘড়ী চাইহে উপলব্ধি কৰিলো, আধাঘন্টা হৈছে মাথোঁ ডিমাপুৰৰ পৰা ওলাই অহা৷

বাটৰ কাষলৈ নি গাড়ীৰ ষ্টাৰ্ট বন্ধ কৰি একো নোকোৱাকৈয়ে ডালে নামি গ’ল হুৰমূৰকৈ৷ সন্মুখৰ হুডখন দাঙি চাই তাৰ মুখখন মোলান পৰা দেখি ময়ো নাম গ’লো৷
’ৰেডিয়েটৰটো না বেচ্ছি গৰম হৈ কিনে দিকদাৰ দিছে৷’
মোৰো চিন্তা লাগিল৷ সি গাড়ীৰ পৰা পানী এবটল উলিয়াই আনি লাহে লাহে ঢালি দিলে৷ তাতে দুয়ো অলপ জিৰাই শঁতাই পুনৰ ওলালো৷ সিমানপৰে ৰেডিয়েটৰো ঠাণ্ডা হ’লগৈ৷

কিন্তু ভবা নাছিলো সেয়া সমস্যাৰ আৰম্ভণিহে! ডিমাপুৰৰ পৰা কহিমাৰ দিশে প্ৰায় পচিশ কিলোমিটাৰ  আগুৱাই গ’লে মেডজিফেমা নামৰ মফচলীয়া ঠাইখন৷ স্থানীয় মানুহে কয় ’গাছপানী’৷ সেইখিনি পাওঁতেই জীপখনে খুউব কষ্ট পোৱাৰ দৰে শব্দ কৰি কোনোমতে আহি আহি ৰৈ দিলেহি৷ আশে পাশে দুখনমান সৰু সুৰা দোকান৷ ডালেই পুনৰ গাড়ীৰ ৰেডিয়েটৰ পৰীক্ষা কৰাত লাগিল৷ কিছুপৰ ৰ’লেই যাব পাৰিম বুলি ময়ো বাটৰ কাষতে দিয়া আনাৰসৰ দোকানখনলৈ আগবাঢ়ি গ’লো৷ 
 মেডজিফেমাৰ বাটৰ কাষত জুম খেতিৰ আনাৰস
 মই যোৱাত দোকানীজনে হাঁহিমুখে মাত লগালেহি,
’পাইনেপ’ল ল’বি৷ বেচ্ছি চস্তা আছে৷’
কাষৰীয়া ছেমা গাঁৱৰ পৰা মানুহ হাল৷ বাটৰ কাষতে জুমখেতিৰ আনাৰস বিক্ৰী কৰিছেহি৷ চাই চাই ত্ৰিশটা আনাৰস কিনি গাড়ীৰ আসনৰ তলতে  জাপি দিলোহি৷ মই যাবলৈ ওলোৱা সীমান্তৰ নগা গাওঁবোৰত ফল-মূলৰ বৰ অকাল৷ ভাবিলো, গাঁৱৰ ল’ৰা-ছোৱালীবোৰে বতৰৰ ফল এবিধ পালে বৰ ভাল পাব৷

গাড়ীত উঠি ডালেই ষ্টাৰ্ট দিলে- জীপখনে একো কেটকুটেই নকৰিলে৷ পুনৰ এবাৰ চেষ্টা কৰাতো একো নোহোৱাত ডালে আকৌ নামি গ’ল৷ হুডখন দঙাৰ লগে লগে এইবাৰ ভমককৈ ধোৱাঁ এজাক ওলাই আহিল৷ আনাৰসৰ দোকানীজনে দৌৰি আহি ৰেডিয়েটৰত এমগ পানী ঢালি দিলেহি! এইবাৰ মই সঁচাকৈয়ে চিন্তাত পৰিলো৷ ছমাহৰ বাবে ওলাই অহা গাড়ীখনৰ আধাঘন্টা আহিয়ে এই অৱস্থা! হাবিয়ে জংঘলে পাহাৰীয়া বাটত এইখনকে একমাত্ৰ ভৰসা কেনেকৈ কৰিম!ডিমাপুৰ বা কহিমাৰ বাহিৰে নাগালেণ্ডৰ ক’তোৱে জীপৰ মেৰামতি সম্ভৱ নহয়৷ ঠিক কৰিলো, এনেকৈ জীপখন নি ফিল্ডত হাৰমালহে কৰা হ’ব৷ ডালেৰ লগত পাতি সিদ্ধান্ত কৰিলো, আজি আৰু আগনবঢ়াই ভাল হ’ব৷ ভিতৰুৱা গাওঁবোৰলৈ গৈ কাম আৰম্ভ কৰাৰ আগতেই জীপখনৰ সকলো বেমাৰ আঁতৰোৱা দৰকাৰ৷

পিছে এতিয়া ক’লৈ যাওঁ! কহিমালৈকে আগবাঢ়ি যাব পৰা হ’লে ভাল আছিল-পিছে তালৈ এতিয়াও প্ৰায় পঞ্চাছ কিলোমিটাৰ৷ ডিমাপুৰলৈ উভতি যোৱাৰ বাহিৰে অন্য উপায় নেদেখিলো৷ ভাবি গুণি থাকোঁতে ডালেই মাত দিলে,
’আমি লাগা ভনী একটা এইটো জাগাতে থাকিছে৷ তাইৰ মতাটো মেকানিক আছে৷ তাতে একবাৰ যাইকিনে তাইকে দেখালে ভাল আছে৷ নাইট হল্ট ভী এইটো জাগাতে কৰি কিনে কালি আস্তে পৰা যাই যাব৷’

খা-খৱৰ নিদিয়াকৈ হঠাতে এনেকৈ মানুহৰ আলহী হৈ অসুবিধা কৰিবলৈ সত নাযায়৷ কিন্তু ডালেৰ কথাত আশস্ত হৈ অগ্যতা তাকে কৰিবলৈ বাধ্য হ’লো৷  ভাবিলো তাৰ দূৰ সম্পৰ্কীয় ভিনিয়েকে গাড়ীৰ আচল ৰোগটো ধৰা পেলালে কি কৰিব পাৰি ঠিক কৰিব পাৰিম৷

ভাগ্যক্ৰমে তেওঁলোকৰ ঘৰ নাতিদূৰৈতে আছিল৷ ডালেই তালৈ গৈ ভিনিয়েকৰ লগ লাগি ঘৰলৈ জীপখন নিয়াৰ বন্দবস্ত কৰিলে৷ মোৰ লক্ষ্যস্থান নাগালেণ্ডৰ সীমান্ত গাওঁ ফাকিমৰ পৰা বহু দূৰৈতে নিশাটোৰ বাবে ৰৈ গ’লো মই অচিন ঘৰ এখনত৷ কিন্তু এই ৰোমাঞ্চকৰ যাত্ৰাৰ প্ৰতিশ্ৰুতি ৰাখি সেই প্ৰথম নিশাটোতে অপ্ৰত্যাশিতভাৱে মোৰ দৃষ্টিত ধৰা দিলেহি অন্য এখন জগতৰ চকামকা ৰূপ! সেই কাহিনী পৰৱৰ্ত্তী খণ্ডত...
ডালে, মই আৰু এখন জীপগাড়ী

Sunday, 28 June 2015

ফিল্ড ডায়েৰী ২: মিজোৰামৰ অৰঙে দৰঙে

বহুদিনৰ বিৰতিৰ পিছত ফিল্ড ডায়েৰীৰ দ্বিতীয় খণ্ডটো আগবঢ়াইছো আগ্ৰহীসকলে প্ৰথম খণ্ডটোত চকু ফুৰাবলৈ তলৰ লিংকত চাব পাৰে-
ফিল্ড ডায়েৰী ১: মিজোৰামৰ অৰঙে দৰঙে

পৰিস্কাৰ পৰিচ্ছন্নতাৰ অপূৰ্ব নিদৰ্শন - মোৱালপেং

কাপীৰ ঘৰত এটা প্ৰশান্তিময় নিশা কটাই পিছদিনা পুৱাতে উঠিলো। গাওঁখন ইমূৰৰ পৰা সিমূৰলৈকে খোজকাঢ়ি চালোগৈ। প্ৰথমেই চকুত পৰিল, গাওঁখনৰ পৰিস্কাৰ-পৰিচ্ছন্নতা। মাথোঁ অলপ দূৰে দূৰেই ডাষ্ট-বিন।, প্ৰতিটো সৰু-বৰ বাটতে পৰিস্কাৰ ৰাজহুৱা প্ৰস্ৰাবগাৰ নিৰ্মাণ কৰা হৈছে। দেখিলো, প্ৰত্যেকেই পুৱা নিজৰ চোতাল সাৰি আহি সন্মুখৰ আলিবাটো বঢ়িয়াকৈ সাৰি পেলাইছে।পিছত কেইবাখন গাৱঁতে এই কথাটো মন কৰি তাৰে স্থানীয় শিক্ষয়িত্ৰী এগৰাকীক সুধিছিলো।

মোৱালপেঙৰ বাটৰ এফালে প্ৰসাৱগাৰ, আনফালে ডাষ্টবিন 
ক’লে, "এইবোৰ সকলো ইয়ং মিজো এছ’ছিয়েশ্যনৰ তদাৰকত হোৱা কাম। এই ডাষ্টবিনবোৰো তাৰে ল’ৰাই পতা। প্ৰতিবছৰে চৰকাৰে এই এছ’ছিয়েশ্যনৰ সহায়ত আটাইতকৈ পৰিস্কাৰ-পৰিছন্নকৈ ৰখা প্ৰথম তিনিখন গাঁৱক বঁটাও দিয়ে। ইয়াকে লৈ আমাৰ এই গাঁওকেইখনৰ তলে তলে খুউব প্ৰতিযোগিতাও চলে!"

ভাল লাগিল। পিছত বহুবাৰ দেখিলো, গাঁৱৰ পেন্দুকণা কেইটাইও মৰ্টনৰ বাকলি পেলাবলৈ ডাষ্টবিন বিচাৰি ফুৰে। সেয়ে বাটৰ আশে-পাশে বা অন্য কোনো ৰাজহুৱা স্থানত প'লিথিন বা জাবৰৰ দ’মো চকুত নপৰিল।

পৰিস্কাৰ-পৰিচ্ছন্ন মোৱালপেং

অকোৱা-পকোৱা পাহাৰীয়া বাটেৰে 
লিয়ানাই তেওঁৰ বাইকখন লৈ সাজু হৈছিলেই। ময়ো প্ৰয়োজনীয় বয়-বস্তুখিনি লৈ ওলাই আহিলো দিনটোৰ বাবে। আমাৰ উদেশ্য মোৱালপেঙৰ লগতে ওচৰৰ গাওঁকেইখনৰ ঝুমখেতিৰ ব্যৱস্থা, সময়ৰ সৈতে পৰিৱৰ্তন, খেতিৰ পদ্ধতি আদিৰ বুজ লোৱা। এই প্ৰাৰম্ভিক সমীক্ষাৰ তথ্যই মোৰ মূল গৱেষণাৰ পৰিকল্পনাত সহায় কৰিব
হাতত সময় কম-সেয়ে বাইকেৰেই যিমানকেইখন গাওঁলৈ যাব পাৰি যোৱাৰ সিদ্ধান্ত হ’ল। লিয়ানাই ক’লে, আমাক লগ দিবলৈ তাৰে অন্য এজন বন সুৰক্ষা কৰ্মী আহিব। দুয়ো ওলাই আহি বাট চালো।

গাঁৱৰ বাটেৰে এফালৰ পৰা এখন বাইক অহা দেখা পালো। কাউবয় হেট, দীঘল কোটেৰে এইজনানো কোন ওলালোহি বুলি ভাবোঁতেই লিয়ানাই ক’লে,

: ইয়ে আমাৰ লগত যাব!

ত্ৰিশৰ অনুৰ্দ্ধৰ এজন ল’ৰা। হিন্দী একেবাৰে নাজানে, ইংৰাজীত দুই-এষাৰ ক’ব পাৰে। নামটো সুধিলো। ক’লে, ‘কিমতিয়াহ’-চমূকৈ কিমা। লিয়ানাই কোৱাত মই কিমাৰ বাইকত বহিলোগৈ
কিমাই মোৰ নাম সুধিয়ে প্ৰশ্ন কৰিলে,

: ডু ইউ হে'ভ এ ফে’চবুক একাউন্ট?

মই মনতে ভাবিলো, কম নহয় এখেত! প্ৰথমেই সেইটো প্ৰশ্ন!

বাটত লিয়ানা আৰু কিমা
যি নহওক, ধূলিময় পাহাৰীয়া বাটেৰে আমি আগবাঢ়িলো। লিয়ানাই আমাক বাট দেখুৱাই নিলে। বাটৰ দুয়োপাৰে ঝুম খেতিৰ বাবে মোকলোৱা এঢলীয়া উদং পথাৰবোৰ, কাষতে আঁচ এডাল টানি দুভাগ কৰাৰ দৰে পুৰণা হাবিৰ সৰু-বৰ খণ্ডবোৰ। কিছুমান পাহাৰ দূৰৰ পৰা দেখিলে কোনোবাই সেউজীয়া এবখলা আঁতৰাই নিয়াৰ দৰে ঘন হাবিৰ মাজতে এডৰা উদং মাটি। বাটে বাটে ৰৈ ফটো ল’লো। লিয়ানাই কথাবোৰ ব্যাখ্যা কৰিলে। এই ঝুমখেতিবোৰ প্ৰতি এবছৰ বা দুবছৰৰ মূৰে মূৰে মিজো খেতিয়কে অন্য কাষৰীয়া ঠাইলৈ সলায়। এঠাইত কৰি উঠি তাত পুনৰ গছ-বন ডাঙৰ হৈ জংঘল হোৱালৈকে এৰি অন্য ঠাইত পুৰণা জংঘল কাটি খেতি কৰে। এই আৱৰ্তন (rotation)ৰ ফলতে এঢলীয়া পাহাৰীয়া মাটিৰ খেতিৰ পিছত হেৰোৱা উৰ্বৰতা কেইবাবছৰ ধৰি গঢ় লৈ উঠা গছ-গছনিয়ে উভতাই অনাত সহায় কৰে। লিয়ানাই ক’লে,

: ইয়াত আমি এডোখৰ মাটিত এবাৰ খেতি কৰি সাত বছৰলৈ এৰি যাওঁ। সাতবছৰত জংঘল ডাঙৰ হৈ মাটি ‘ভাল’ হৈ গ’লে আকৌ খেতি কৰোহি|

ঝুম খেতিৰ বাবে মোকলোৱা মাটি 
বহুতো তথ্যই কয়, জনসংখ্যা বৃদ্ধিৰ ফলত খেতিয়কৰ গাইগুটীয়া খেতিমাটিৰ পৰিমাণ কমিছে। সেয়ে আৱৰ্তনৰ চক্ৰও চুটি হৈছে। ফলত মটিৰ উৰ্বৰতাও সম্পূৰ্ণকৈ উভতি অহাৰ পূৰ্বেই মানুহে আকৌ খেতিৰ বাবে নতুনকৈ মোকলাবলৈ লৈছে। গতিকে সময়ৰ লগে লগে ফচল কমিছে, নতুন খেতিমাটিৰ বাবে হেঁচাও বাঢ়িছে। খেতিয়কে নতুনকৈ কাষৰে অৰণ্য মোকলাবলৈ লৈছে। বহুতে ঝুমখেতিৰ পৰা পৰিয়ালটো চলিব পৰাকৈও ফচল নাপাই অন্য বিকল্পলৈও মন মেলিছে| বাটত আমি ফলৰ বাগিচা, মাছ পোহা পুখুৰী আদিও দেখিবলৈ পালো। মোৰ উদ্দেশ্য আছিল, এনে দিশসমূহৰ বিষয়ে সাধ্যানুসৰি তথ্য গোটোৱা আৰু এই পৰিৱৰ্তনসমূহে জৈববৈচিত্ৰ্যত কেনে প্ৰভাৱ পেলাব পাৰে সেয়া বুজিবলৈ চেষ্টা কৰা|

দুপৰীয়া আমি টইজ’ নামৰ গাওঁখন পালোগৈ। তাৰপৰা এটা বাট ট’ৱি ( Tawi) অভয়াৰণ্যলৈ যায়। অৱশ্যে মূল অৰণ্যলৈ খোঁজেৰে যোৱাৰ বাহিৰে অন্য গত্যন্তৰ নাই।


আমি তাৰপৰাও আগবাঢ়ি গৈ মেইটে নামৰ গাওঁখনতহে জিৰালোগৈ। ৰ’দজাক মূৰত লৈ আহি থাকি বিষ এটাই ধৰিছিলেগৈ। সেয়ে কিজানি তাত বন সুৰক্ষা কৰ্মী জোছেফৰ ঘৰত বহি সেৰসেৰীয়া একেবাৰে পাতল ফিকাঁ চাহ কাপ খায়ো আৰাম পালো। মন কৰিলো, পুৰুষ-মহিলা নিৰ্বিশেষে প্ৰায়বোৰেই ইয়াত ধুমপান কৰে
ঘনে ঘনে চিগাৰেট হোঁপা আৰু তাৰ মাজে মাজে চূণেৰে বোলাই তামোলখন মুখত ভৰোৱাৰ দৃশ্য সকলোতে সহজলভ্য

মেইটেত লিয়ানাই বিভাগীয় জৰীপৰ বাবে গাৱঁৰ প্ৰত্যেকৰে বাঁৰীত বনৰীয়া গাহৰিয়ে এইমাহত কৰা ক্ষয়-ক্ষতিৰ খতিয়ান ল’লে। ময়ো লিয়ানাৰ সহায়ত মিজো খেতিয়কসকলৰ পৰা ঝুমখেতিৰ বিষয়ে তথ্য গোটালো বেছিভাগেই হিন্দী বা ইংৰাজী একোৱে বুজি নাপায় সেয়ে সকলোতে লিয়ানা মোৰ বাবে কণাৰ লাখুটি যেন হ’ল এঘন্টামান জিৰাই আমি তাৰ পৰা উভতিলো।


উভতি টইজ’ পাওঁহি মানে ভীষণ ভোক লাগিল। তাতে বাটৰে এখন সৰু হোটেলত খাবলৈ বহিলো। চাহ আৰু লগতে অ’ৰিট’ আৰু চেঙা নামৰ দুবিধ মিঠাই; লগতে দহটামান সিদ্ধ কণী-তাকে বৰ তৃপ্তিৰে তিনিও খালো। লিয়ানাই যিমানহে অৰ্ডাৰ কৰিলে, আমি খাই শেষ কৰিব নোৱাৰিলো
পিছত দেখিলো, দোকানীগৰাকীয়ে আমি নোখোৱাখিনি প্লেটৰ পৰা নি আকৌ ধুনীয়াকৈ খাপে খাপে নি সজাই থৈ দিলে!

টৱি অৰণ্যখন চাই যোৱাৰ মন আছিল মোৰ
লিয়ানাক কোৱাত ক’লে,

:ঠিক আছে, বাটত কাষৰ পৰাই হাবিলৈ যাবলৈ লুংলুঙীয়া বাট এটাৰে পাহাৰলৈ উঠিব পাৰি
সেইফালে অলপ বগাই চাই আহিব পাৰিব

গ’লো; থিয় পাহাৰীয়া বাট লিয়ানাই আগে আগে বাট দেখুৱাই গ’ল, মোক ক’লে,

: আপুনি মাজত আহক
কিমা আপোনাৰ পিছে পিছে আহি থাকক
 সুধিলো, “কিয়?”

লিয়ানাৰ উত্তৰ,
: কেনেবাকৈ আপুনি পিছল খাই বা হামথুৰি খাই পৰিলে একেবাৰে তল নাপাবগৈ, কিমাই সাউৎকৈ ধৰিব!

হাঁহি উঠি গ’ল মোৰ
ক’লো, তেনেকুৱা একো নহয়, মোৰ অভ্যাস আছে; এতিয়াও মই আৰামত গৈ আছোচোন!

সিহঁত পতিয়ন নগ’ল
বনবিভাগৰ পৰা নিৰ্দেশ দিয়া হৈছে হেনো, কোনোকাৰণতে মই যাতে পৰা-ধৰা বা দুখ পোৱাৰ ‘ঘটনা’ নঘটে! উপায় নাপাই মানি ল’লো

---------------ক্ৰমশ:

Sunday, 22 February 2015

ফিল্ড ডায়েৰী ১: মিজোৰামৰ অৰঙে দৰঙে

বহুদিনীয়া এটা হেঁপাহ আছিল, অসমকে ধৰি উত্তৰ-পূবৰ ৰাজ্যকেইখনত কাম কৰাৰ। কিন্তু কামে প্ৰতিবাৰে অন্য ঠাইবোৰলৈ লৈ যায়-নিজৰ ঠাইখনলৈ নিমিলেহে নিমিলে। দীঘলীয়া চেষ্টা এটাৰ অন্তত অৱশেষত এই সুযোগ আহিল। এই আৰম্ভনি পৰ্বৰে ইটো সিটো কথা- সৰু বৰ ঘটনাৰে মোৰ ফিল্ড ডায়েৰী-



যাবলৈ ওলাই :


মিজোৰাম হাউচ, গুৱাহাটী৷ ইনাৰ লাইন পাৰ্মিটৰ প্ৰপত্ৰখন আধা পূৰায়ে কাউন্টাৰত থিয় দিলোগৈ।মিজো মহিলাগৰাকীয়ে প্ৰপত্ৰবোৰ জমা লৈ আছিল। সুধিলো,

: এক্সকি্উজ মি, এইযে ইয়াত স্পনছ’ৰৰ নাম আৰু ঠিকনা লিখিবলৈ দিছে কি লিখিম বাৰু?মই ধৰিব পৰা নাই!

তেওঁ উত্তৰ দিলে,

: ইয়ৰ লোকেল কন্টেক্ট ইন মিজোৰাম। 

মই তেতিয়াও সমানেই কনফি্উজড, ক’লো,

: বাট, আই ড’ন্ট হেভ ৱান!

মহিলাগৰাকীয়ে অবিশ্বাসৰ দৃষ্টিৰে মোলৈ চালে, আকৌ যেন কথাটো নিশ্চিত কৰিবলৈকে সুধিলে,

:ই্উ ড’ন্ট ন’ এনিৱান ইন মিজোৰাম? এণ্ড ই্উ আৰ গয়িং টুম’ৰো?

মই থতমত খালো, কিন্তু কথাটো সঁচা, মূৰ দুপিয়ালো।

মোৰ মূৰৰ পৰা ভৰিলৈকে আকৌ এবাৰ চাই লৈ তেওঁ স্পনছ’ৰৰ নামৰ খালী ঠাইখিনিত খচখচকৈ লিখি দিলে ‘মিজোৰাম পয্যৰ্টন বিভাগ’৷ 

আই এল পি খন হাতত লৈ ভাবিলো, দিনতে আইজ’ল পামগৈ কাৰণে নিজেই সকলো ঠিক ঠাক কৰি ল’ম বুলিহে বিশেষ চিন্তা কৰা নাছিলো। মহিলাগৰাকীৰ চাৱনিটোৱে মোক ভবাই তুলিলে- কিছু সময়ৰ বাবেহে পিছে। তাৰ বনবিভাগৰ এজন বিষয়াক মই যে কাইলৈকে আইজ’ললৈ ওলাইছো সেয়া জনাই বস্তু সামৰিবলৈ লাগি গ’লো। I know, everything will get sorted out somehow!



দৰদী সহযাত্ৰী!


শিলচৰত ভাইটি বাবুৰ তাত এনিশা কটাই পিছদিনা পুৱাই আইজ’ললৈ ছুম’ত উঠিলো। অসম-মিজোৰাম সীমান্তত প্ৰতিখন গাড়ীতে তন্নতন্নকৈ মাদকদ্ৰব্যৰ বাবে বিচাৰ-খোচাৰ চলিল। শুনিলো, ক'ত কেনেকৈ সুৰুঙা উলিয়াই জনাজনে সকলোৰে চকুত ধূলি দি মদৰ বটল সীমান্ত পাৰ কৰায় আৰু ব্লেকত কিমান লাভত বিক্ৰী কৰিব পাৰে! সেইবোৰৰে আলেক-লেখ চাই থাকোতে সহযাত্ৰী এগৰাকীয়ে মাত লগালে। চল্লিশৰ উৰ্দ্ধৰ এগৰাকী ব্যক্তি।  গ’ম পালো, তেওঁ অসমীয়াই, মূল ঘৰ গুৱাহাটীৰ খানাপাৰাত। মিজোৰামত চাকৰি কৰাৰ আজি ছবছৰ হ’লহি। ইটো সিটোকৈ কথা ওলাল। তেওঁ মোৰো খবৰ ল’লে। সুধিলে, 



:আইজ’লত ক’ত থাকিবা? চিনাকি আছেনে?


মই বোলো, নাই, কৰিম আৰু কিবা এটা।

মানু্হ জন যেন চিন্তিত হৈ উঠিল। ক’লে,

:আজিটো দেওবাৰ। সকলো বন্ধ থাকিব। তুমি কেনেকৈ কি কৰিবা!

মোৰো আকৌ একেই নিৰুদ্ধেগ উত্তৰ, চাওঁচোন!

পিছত কেইবাবাৰো সেইটোকে সোধাত আমনি পাই ক’লো-

:অফিচৰ পৰাই কিবা ব্যবস্থা কৰিব। (মনতে ভাব, its none of your business!)

এইবাৰ কামোৰটো বেলেগকৈ আহিল,

:কোনে কৰিব, নাম কি! ক’ত কৰিব। হোটেলত নেকি?

মই তেওঁৰ ‘অনাহক’ প্ৰশ্নবোৰৰ পৰা সকাহ পাবলৈকে পিছৰখিনি বাট টোপনিৰ ভাও জুৰিলো। কিন্তু মানুহজন ক্ষান্ত নহ’ল। মোৰ পৰা সন্তোষজনক উত্তৰ নাপাই তেও নিজে অফিচত কাম কৰা স্থানীয় লোকক সুধি গ্যেষ্ট হাউচ ঠিক কৰাৰ বাবে ফোনাফোনি কৰা শুনিলো। ভাবিলো, হ’ল আৰু, কাৰ যে পাল্লাত পৰিলো!

ক’লাছিবত ছুম’ ৰখালে। তেওঁ মোক মাতি নিলে, ক’লে-

:দেওবাৰ যেতিয়া গৈয়ো খাবলৈ ৰেষ্টুৰেন্ট খোলা নাথাকিব। ইয়াতে দুয়ো দুপৰীয়াৰ ভাতসাঁজ খাই লওঁ আহা!

খালো। তেনেকুৱাতে বনবিভাগৰ বিষয়া জনে উপযাচিয়ে মোৰ থকাৰ ব্যৱস্থা কৰি দিয়াৰ দায়িত্ব ল’লে। ফোন থোৱাৰ লগে লগে দৰদী সহযাত্ৰীয়ে খৱৰটো লৈ শান্তিৰ নিশ্বাস পেলালে!! 

আইজ’ল পাওঁতে চাৰি বাজিল। মোক ঠিকনাটো সুধিলে-নকৈ উপায় নাই। মোৰ হাজাৰ আপত্তিলৈ পৰোৱাই নকৰি তেওঁ নিজৰো বয়বস্তু লৈ তালৈকে মোৰ লগে লগে আহিল। জাৰক’টৰ হোটেলখনত মই ৰুম এটা লোৱাৰ পিছতহে তেওঁ যাবলৈ ওলাল। যাওঁতে ক’লে, তেওঁৰ পৰিয়াল এইবাৰ গুৱা্হাটীত আছেগৈ। নহ’লে মোক তেওঁলোকৰ ঘৰলৈকে নিলে হয়! 

মোৰ মনে মনে হাঁহি উঠিল! ভাব হ’ল, নিজৰ ঠাই্ হ’লে এইবোৰেই দিগদাৰি নেকি-হাজাৰ হ’লেও অসমীয়া বুলি এটা টান থাকে হবলা! অযাচিত সহায়, দৰদৰ মুখামুখি হ’ব লব লগা হয়- হয়তো ছোৱালী বুলিও। কৈ দিবলৈ মন যায়- I am perfectly capable of taking care of myself! কিন্তু আত্মসন্মানত আঘাত লগা যেন পালেও বহু সময়ত অচিনাকিজনৰ সঁচা আন্তৰিকতাক বিমুখ কৰিবলৈকো অপৰাধবোধ কৰোঁ। যা হওক, মোৰ যিকোনো দৰকাৰত ফোন কৰিবলৈ কৈ তেওঁ গ’লগৈ। ময়ো শান্তিৰ নিশ্বাস পেলাই ৰুমত সোমালোগৈ।



আইজলত আতিথ্য

পিছদিনা দিনটোৰ বেছিভাগ সময় বনবিভাগৰ কাৰ্য্যালয়তে কটালো। মোৰ গৱেষণাৰ বিষয়ে বিভিন্ন পৰ্য্যায়ৰ বিষয়া-কমচাৰীৰ সৈতে আলোচনা। সকলোৰে উৎসাহদায়ক সঁহাৰি পাই বৰ সন্তোষ পালো । সকলোতেকৈ ভাল লাগিল বনবিভাগৰ সৰ্বোচ্চ পদবীধাৰী ব্যক্তি গৰাকীক। অন্য কেইবাখনো ৰাজ্যত এনে উচ্চ পদস্থ বিষয়াক বৈজ্ঞানিক গৱেষণাৰ বিষয়ে আশ্বাস জন্মোৱাত যথেষ্ট প্ৰত্যহ্বানৰ মুখামুখি হৈ থৈছো। সন্দেহপূৰ্ণ মন এটা লৈ তেওঁৰ কায্যালয়ত সোমাই গ’লো। কিন্তু ক্ষন্তেকতে তেওঁৰ সৰলতাত মুগ্ধ হৈ গ’লো-গোটেই আবেলিটো তেওঁৰ সৈতে বিভিন্ন আলোচনা চলিল। তেওঁ একেষাৰে মোক ৰাজ্যখনৰ বিভিন্ন বনাঞ্চলত গৱেষণা কৰিবলৈ আদৰণি জনালে। মোৰ অনুৰোধত আইজ’লৰ সকলোতকৈ ওচৰত থকা সংৰক্ষিত বনাঞ্চল খনলৈ গৱষণাৰ সমল বিচাৰি এপাক মৰাৰো বন্দবস্ত কৰি দিলে।

এটা মুকলি মন লৈ তাৰ কাৰ্য্যালয়ৰ পৰা ওলাই আহিলো। কাইলৈ পুৱাই টৱি বন্যপ্ৰাণী অভয়াৰণ্যলৈ ওলোৱাৰ কথা। মোৰ হাতত তেতিয়াও এঘন্টা আছে সন্ধিয়ালকৈ। আইজ’লত সকলো সন্ধিয়া ছয় বজাতে বন্ধ হয় বুলি শুনিছিলো। সেয়ে ভাবিলো, অলপ তহল দিওঁ। চহৰৰ ঠেক বাটবোৰেদি খোজ দিলোগৈ। জনবসতি অতি ঘন চহৰখনত। প্রতিটো সৰু-বৰ পাহাৰৰ তলে-ওপৰে থেপাথেপিকৈ অলেখ-অসংখ্য পকীঘৰ- প্ৰায়বোৰেই কেইবামহলীয়া। ঠেক ঘাইপথৰ কাষত পদপথ বুলিবলৈ দোকান-ঘৰৰ সন্মুখত দুই-তিনি লানি খটখটী; তলে-ওপৰেই খোজ দি যাব লাগে। সৰু চুটি চিটিবাছবোৰ দুটামান ঘাইপথত চলে। টেক্সিও সহজতে পোৱা যায়-কিন্তু ভাড়া যথেষ্ট বেছি বুলি গম পালো।
আইজ'ল চহৰৰ একাংশ


এগৰাকী প্ৰসিদ্ধ মিজো গায়কৰ সান্নিধ্যত

পিছদিনা পুৱাই বনবিভাগৰ কাৰ্য্যালয়লৈ ওলালো। তাৰ পৰাই টৱি বন্যপ্ৰাণী অভয়াৰণ্যলৈ ওলোৱাৰ কথা। কাৰ্য্যালয়ত সোমায়ে ইফালে সিফালে চাই লগ পাব খোজা বিষয়াগৰাকীক বিচাৰিলো। অন্য এগৰাকী আগবাঢ়ি আহিল,

:আৰ ই্উ জলি ফ্ৰম আছাম?

:ইয়েছ!

:আই এম চি ভানছাংগা। আই এম ছাপ’জড টু এক’ম্পেনী ই্উ টু টৱি।

বনবিভাগৰ তৎপৰতা দেখি সঁচাই ভাল লাগিল। দুপৰীয়া চি ভানছাংগা আৰু ভানলালজোৱানা নামৰ আৰু এজন লোক ওলাল মোক টৱিৰ সমীপৰ এখন মিজো গাৱঁলৈকে আগবঢ়াই দিবলৈ। গাওঁখনৰ নাম ‘মোৱালপেং’। পিছত গম পালো, দুয়োজন ক্ৰমে ‘লেনচিম’ আৰু ‘মোৱালপেঙ’ ৰ বিট অফিচাৰ।

বাটত ৰৈ দুদিনৰ বাবে খোৱাৰ সামগ্ৰী সকলো কিনি ল’লো। ভানছাংগা কথকী মানুহ-সুন্দৰকৈ ইংৰাজী কয়। বাটে বাটে আমি কথাৰ মহলা মাৰি গ’লো। আনজন বিট অফিচাৰে কেৱল মিজোহে কয়। তেওঁ নীৰৱে শুনি গ’ল। মাজে মাজে ভানছাংগাক দুই এটা কয় আৰু মোৰ স’তে ইংগিততে পাতে।


বাটত
পাহাৰীয়া বাট ঠেক আৰু অকোৱা পকোৱা । ৮৪ কিমি বাট পাৰ কৰিবলৈ আমাৰ প্ৰায় চাৰিঘন্টাই লাগিল । চাৰি বজাত মোৱালপেং নামৰ ঠাইখনত গাড়ী ৰ’লগৈ। আমি যাম বুলি ইতিমধ্যে তাৰ বনকৰ্মীক খবৰ দিয়া হৈছিল । লগ পালো ‘লালহিংলিয়ানা’ নামৰ বনৰক্ষীজনক। ভানছাংগাই ক’লে, এৱেঁই এইকেইদিন মোক সহায় কৰিব। আমাক এৰি ভানাছাংগা আৰু ভানলালজোৱানা আকৌ আইজ’ললৈ উভতি গ’লগৈ। 

পিছত লালহিংলিয়ানাৰ মুখেৰে গম পালো, ভানছাংগা হেনো এজন প্ৰসিদ্ধ মিজো গায়ক। তেওঁৰ মিজো আধুনিক গানসমূহ খুবেই জনপ্ৰিয় মিজোৰামত। ভানছাংগাক পিছত ফোন কৰি তেওঁৰ গানৰ কথা সুধিলো। তেওঁ প্ৰতিশ্ৰুতি দিলে যে পিচৰবাৰ তেওঁৰ গান শুনাব মোক।


মোৱালপেঙত আপোণ ঘৰখন

মোৱালপেং, শাৰী শাৰী পাহাৰে আৱৰা এখন অকণমানি শান্ত মিজো গাৱঁত মই ৰৈ গ’লো এইমাত্ৰ চিনাকি হোৱা মোৰ সাৰথি লালহিংলিয়ানাৰ স’তে। লালহিংলিয়ানাক মোৰ সাৰথি কৰাৰ কাৰণ আছিল তেওঁ হিন্দী ক’ব পাৰে। মোক ওচৰ পাজৰৰ ঠাইবোৰ দেখুওৱাৰ লগতে দোভাষীৰ কামো কৰিব পাৰিব বুলিয়েই তেওঁক এই দায়িত্ব দিয়া হ’ল। 

পোনতে বনবিভাগৰ ইন্সপেকশ্যন বাংল’ত থকাৰ কথা আছিল। কিন্ত গাৱঁৰ পৰা অলপ আঁতৰত থকা প্ৰকাণ্ড বাংল’টোত মোক অকলশৰে থাকিবলৈ দিবলৈ তেওঁলোকে হেহোঁ-নেহোঁ কৰিলে। এটা দীঘলীয়া আলোচনা চলিল আটাইকেইজনৰ মাজত। তেওঁলোকৰ মিজো কথা-বাৰ্তা, মুখৰ অংগী-ভংগীত কিনো পাতিছে উমান পাবলৈ বৃথা চেষ্টা কৰি মই তধা লাগি চাই থাকোতে বাংল’ৰ মহিলা চকীদাৰ গৰাকীয়ে এখন হাতেৰে মোৰ হাতত ধৰিলেহি।কিবা এটা ইংগিতো দিলে। মই একো বুজিব নোৱাৰি লালহিংলিয়ানাৰ মুখলৈ চালো। সি ক’লে-

: আপুনি বাংল’ৰ চকীদাৰ এই কাপী (আইতা)ৰ ঘৰতে থাকিব পাৰিব। 

কাপী আগবাঢ়িলেই, মই হয়ভৰ দি পিছে পিছে খোঁজ দিলো। এটা থিয় খটখটিয়েদি গৈ কাপীৰ গৰ ওলালোগৈ। দুকোঠলীয়া বাটামী ঘৰ, কাঠৰ মজিয়া। প্ৰকাণ্ড বহা কোঠাৰে এচুকত পাকঘৰ আৰু জুহাল। কাপীয়ে ঘৰটো সঁচাই বৰ আটোমটোকাৰীকৈ ৰাখিছে –সোমায়েই মোৰ মনটো ভাল লাগি গ’ল। গম পালো, কাপী তাত অকলশৰে থাকে। কাপীয়ে ক’লে, নিশা তেওঁ কাষৰে জীয়েকৰ ঘৰত থাকিবগৈ। জীয়েকৰ গা বেয়া বাবে পেন্দুকণা নাতি-নাতিনী কেইটাক চোৱা-চিতা কৰিব লাগে হেনো। মোক আৰু লালহিংলিয়ানা সেইটো নিজৰ ঘৰ বুলি ধৰি লৈ নিজৰ খুচীমতে থাকিবলৈ ক’লে। 

ইয়াত গাঁৱৰ মানু্হ সন্ধিয়া ছয় বজাতে নিশাৰ সাঁজ খায়। কাপীক বিদায় দি আমি দুয়ো ৰন্ধাৰ যা-যোগাৰ আৰম্ভ কৰি দিলো। লালহিংলিয়ানা মূৰ্গীৰ মাংস ৰান্ধিলে –তেওঁৰ ভাষাত ক’বলে গ’লে ফৌজী ষ্টাইলত। মই বাকীবোৰ যোগাৰ কৰিলো।


ভাতৰ টেবুলত
এঘন্টামানৰ ভিতৰতে সকলো ৰান্ধি-বাঢ়ি লিয়ানাই খোৱাৰ টেবুল সঁজাবলৈ লাগি গ’ল। খাবলৈ বহি দেখোঁ, ভাতৰ থালিত সৰু সৰু হেতা একোখন, টেবুলৰ মাজত ভাত-মাংস-ডাইলৰ বাচন। প্ৰথমতে ভাবিলো, ইয়াত চামুচৰ সলনি এইখনেৰেই খাই হ’বলা! পিছত দেখিলো, ফৌজীৰ কাহিনী কৈ কৈ লিয়ানাই হাতেৰেই ভাত খাইছে, কিন্তু ভাত-মাংস যি লাগে থালৰ সেই হেতাখনেৰেই বাচনৰ পৰা লৈ আছে! মনত পৰিল, ক’ৰবাত পঢ়িছিলো, মিজোসকলে লগতে বহি খোৱাকেইজনৰ মাজত এনেকৈয়ে সকলো খাদ্য মিহলাই খায়। 


কথাৰ মহলা মাৰি শুৱাকোঠালৈ গৈ কাপীয়ে ধুনীয়াকৈ সঁজাই যোৱা বিছনাকনত আৰামকৈ বহিলোগৈ। মূৰ শিতানত থকা খিৰিকীখন খুলি চাই পঠিয়ালো দূৰ-দিগন্তলৈ। নিৰ্মল চেঁচা বতাহ এজাকে মোক কঁপাই গ’লহি। সন্মুখৰ প্ৰকাণ্ড গীৰ্জাটোৰ পৰা যীশুৰ বন্দনা কিছুমান ভাঁহি আহিল। তাৰ সিপাৰলৈ শাৰী শাৰী পাহাৰৰ ঘন অৰণ্য আৰু বেছি জয়াল যেন দেখা দিলে। গাৱঁৰ দুই-এটা ঘৰৰ পৰাহে পো্হৰৰ ছিটিকণি পৰা দেখা পালো। নিৰ্মল চেঁচা বতাহ এজাকে মোক কঁপাই গ’লহি। সন্মুখৰ প্ৰকাণ্ড গীৰ্জাটোৰ পৰা যীশুৰ বন্দনা কিছুমান ভাঁহি আহিল। তাৰ সিপাৰলৈ শাৰী শাৰী পাহাৰৰ ঘন অৰণ্য আৰু বেছি জয়াল যেন দেখা দিলে। গাৱঁৰ দুই-এটা ঘৰৰ পৰাহে পো্হৰৰ ছিটিকণি পৰা দেখা পালো। গুৱাহাটীৰ ধূলি-হুলস্থুল-বিশৃংশলতাৰ মাজৰ পৰা আহি গাওঁখনৰ নীৰৱ-নিতাল নিশাটোৱে মনটো শাঁত পেলাই দিলে। নিজম নিশাটো, টোপনিৰ কোলাত ধলি পৰা মিজো গাওঁখন, দূৰণিৰ অন্ধকাৰে আৱৰি ৰহস্যময় কৰি তোলা অৰণ্যখন-সকলো যেন এটা বাংময় কবিতা হৈ মোৰ দুচকুৰ আগত দুলি থাকিলহি।
সিটো কোঠাৰ পৰা অহা লিয়ানাৰ মাতে মোৰ সম্বিত ঘুৰাই আনিলে,
: আজি আৰামেৰে শুই লওক দেই। কাইলৈ বহুত ঘুৰিব লাগিবতো।
ইমান প্ৰশান্তিময় ৰাতিটোত ভালকৈ টোপনি নামাৰিমনে! কাইলৈ পুৱাতে উঠি আকৌ নতুন ঠাইলৈ যোৱাৰ কথা গৱেষণাৰ সমল বিচাৰি! নতুন অভিজ্ঞতাৰ সোৱাদ বিচাৰি…



ক্ৰমশ:

Tuesday, 23 December 2014

অৰণ্য পুৰাণ ৪: ৰাংকুকুৰৰ সৈতে এখন্তেক

ঈগলনেষ্টত মোৰ দ্বিতীয় দিন আছিল সেয়া৷ আগদিনা ফুটগধূলি বম্পুৰ বেছকেম্প পাইছিলোহি৷ ঈগলনেষ্টৰ দৰে প্ৰকৃতিৰ ৰম্যভূমি এখনলৈ কাম কৰিবলৈ অহাৰ উত্তেজনা শাম কটাই নাই৷ পুৱাতে সহকৰ্মী উমেশৰ সৈতে আমাৰ কামৰ আলোচনা, আহিলা-পাতিৰ যা-যোগাৰ চলিল৷ তৃতীয় দিনাৰ পৰাহে কাম ভালকৈ আৰম্ভ হোৱাৰ কথা৷ ভাবিলো, আবেলি অকণমান পাক এটাই মাৰি আহোঁ৷ উমেশ কেম্পতে কিবা কামত লাগি আছিল৷ তাক মাত লগাই বাইন’কুলাৰ আৰু কেমেৰাটো লৈ কেম্পৰ পৰা ওলাই আহিলো৷ কেম্পৰ সমভূমিখিনি এৰি পাহাৰীয়া বাটেৰে চৰাই নিৰীক্ষণ কৰি কৰি খোঁজ দিলো৷ বাটৰ একাষে থিয় পাহাৰ, সিটো কাষে খাৱৈ৷ আগতে নেদেখা চৰাইবোৰ চাই চিনাক্ত কৰি যথেষ্ট দূৰ আগবাঢ়ি গ’লো৷ হয়তো কেম্পৰ পৰা এক-ডেৰ কিলোমিটাৰ মান৷ এটা কেঁকুৰিত নতুন চৰাই এটা ফিল্ডৰ গাইড বুকত ভালকৈ পৰীক্ষা কৰি চাওঁ বুলি বাটৰ কাষতে গছৰ মুঢ়া এটাত বহি পৰিলো৷ 



মোৰ সন্মুখত বাটটো পাৰ কৰিয়ে ওখ পাহাৰটো৷ মই বহা দিশে তললৈ ঘন অৰণ্য৷ একমনে গাইডবুকত চৰাইটোৰ বৰ্ণনা চাই চিনাক্ত কৰাৰ চেষ্টা কৰি আছিলো৷ এনেতে মোৰ সন্মুখৰ পাহাৰৰ ফালৰ পৰা কিবা এটা শব্দ শুনিলোঁ৷ কোনোবা যেন খৰকৈ পাহাৰৰ হাবি ভাঙি নামি আহিছে! মই উৎসুক হৈ শব্দটো অহাৰ দিশে চকু দিলোঁ৷ ভাব হ’ল, কোনোবা গাৱঁৰ লোকেই চমু বাটেদি কেম্পলৈ আহিছে চাগৈ৷ কিন্তু দুটা মুহূৰ্ত্তৰ পিছতে মোক চক খুৱাই দি হাবিৰ পৰা ওলাই আহিল ৰাংকুকুৰ এটা!

ৰাংকুকুৰ (ফটো-ইন্টাৰনেটৰ পৰা সংগৃহীত)
বাটৰ এইপাৰে মই আৰু মোৰ মুখে মুখে মাথোঁ ছয়-সাতফুট আঁতৰত বাটৰ সিপাৰে ৰাংকুকুৰটো৷ মই নিজ চকুৰে ৰাংকুকুৰ জীৱনত আগতে কেতিয়াও দেখা নাই৷ কিন্তু এপলকৰ বাবে ৰঙচুৱা জন্তুটো, তাৰ নোমাল শকত ক’লা-চানেকীয়া নেজডাল দেখি ৰাংকুকুৰৰ ছবিখনেই মোৰ মনলৈ ভাঁহি আহিল৷ দুই ছেকেন্ডৰ পিছতে একেই শব্দ শুনা পালো৷ একেটা বাটেৰে খৰমৰকৈ পিছে পিছে আহি ওলালহি দ্বিতীয়টো ৰাংকুকুৰ৷ ৰাংকুকুৰ দুটাইও হয়তো মোৰ দৰেই থতমত খালে হঠাত সন্মুখত নৰমনিচ দেখা পাই! দুয়ো ক’লা-মুগা চকু দুটাৰে ট টকৈ মোৰ চকুলৈ চাই ৰ’ল৷ মই আক্ষৰিক অৰ্থতে ‘ফ্ৰীজ’ হৈ গ’লো৷ এনে পৰিস্থিতিত কি কৰা উচিত-অনুচিত একো ভাবেই নাহিল মনলৈ৷ দুটা পলক মাত্ৰ৷ মোতকৈ আগতেই দুয়োটা ৰাংকুকুৰেই সম্বিত ঘুৰাই পাই ভিৰাই লৰ মাৰিলে খাৱৈৰ ফালে ৷ দুয়ো যেন একছেকণ্ডতে মোৰ সন্মুখৰ পৰা অদৃশ্য হৈ গ’ল! কিছুপৰৰ পিছতহে মই লৰচৰ কৰিলো-ওচৰতে কেমেৰাটো দেখিহে খেয়াল হ’ল, ফটো এখনকে লোৱাৰ চেষ্টা কৰিব পাৰিলোহেঁতেন৷ পিছে মই অলপো লৰচৰ কৰা হ’লেই সিহঁতে যে পলালেহেঁতেন সেয়া খাটাং৷ 

ৰাংকুকুৰক ইংৰাজীত 'Asiatic Wild dog' বা 'Dhole' বুলি কোৱা হয়৷ আই ইউ চি এনৰ ৰেড ডাটা বুকত এই জন্তুবিধক সংকটগ্ৰস্ত (endangered) বুলি আখ্যা দিয়া হৈছে৷ এই জন্তুবিধ উত্তৰ-পূৰ্বাঞ্চলৰ অসম, অৰুণাচল প্ৰদেশ আৰু মেঘালয়ৰ উপৰিও এছিয়া মহাদেশৰ বাংলাদেশ, ভূটান, ম্যানমাৰ, থাইলেণ্ড আদি দেশত পোৱা যায়৷ ইহঁতৰ সংখ্যা দিনকদিনে কমি আহিছে আৰু আমাৰ অৰণ্যসমূহত ইয়াৰ খাদ্য অৰ্থাৎ বনৰীয়া গাহৰি, হৰিণা আদিৰ হ্ৰাস পোৱাটোৱে ইয়াৰ প্ৰধান কাৰণ বুলি জনা গৈছে৷ এনে এবিধ জন্তুৰ সৈতে দুটা বিৰল মুহূৰ্ত্ত এনেকৈ পাই মোৰ আনন্দৰ সীমা নোহোৱা হৈ গ’ল৷ দৌৰাৰ দৰে উভটি গৈ যেতিয়া কেম্পত সকলোকে ক’লোগৈ, মানুহবোৰ প্ৰায় আচৰিতেই হ’ল৷ ক’লে, ৰাংকুকুৰ ঈগলনেষ্টত আছে বুলি জানে যদিও কোনেও নিজ চকুৰে দেখা পোৱাৰ ৰেকৰ্ড নাই৷ আনকি যোৱা দুটাবছৰে তাত গৱেষণা কৰি থকা উমেশৰো কেতিয়াও ৰাংকুকুৰৰ সৈতে দেখা-সাক্ষাৎ হোৱা নাই হেনো৷ সৌভাগ্যক্ৰমে সেইবছৰেই কেইমাহ মানৰ পিছত কেমেৰা ট্ৰেপিঙত ৰাংকুকুৰৰ ফটো আহিল! গৈ পোৱাৰ দ্বিতীয় দিনাই এই বিৰল মুখামুখিয়ে ঈগলনেষ্টত মোৰ এক বৈচিত্ৰ্যময় জীৱনৰ পাতনি মেলিলে৷

এছিয়া মহাদেশত ৰাংকুকুৰ বিস্তৃতি (ইন্টাৰনেটৰ পৰা সংগৃহীত)

Saturday, 22 November 2014

অৰণ্য পুৰাণ ২: মাজনিশাৰ আলহী

মোৰ সেইসময়ৰ কৰ্মস্থলী অৰুণাচলৰ ঈগলনেষ্ট বন্যপ্ৰাণী অভয়াৰণ্য ৷ আমি কাম কৰা সময়ছোৱাত অভয়াৰণ্যৰ ভিতৰত বম্পু নামৰ ঠাইখনত কেম্প কৰি থাকোঁ৷ বম্পু পাহাৰীয়া অৰণ্যৰ মাজতে অকণমান সমভূমি৷ আগতে তাতে অফিচ পাতি ঘৰ-দুৱাৰ সাজি গ্ৰেফৰ লোকে পথ নিৰ্মাণৰ কাম কৰিছিল৷ গ্ৰেফে পাহাৰ কাটি নিৰ্মাণ কৰা ঈগলনেষ্টৰ একমাত্ৰ মূল পথটো অৰুণাচলৰ টেঙাৰ পৰা বম্পু হৈ তেজপুৰৰ মিছামাৰী ওলাইছেগৈ৷ ঈগলনেষ্টক অভয়াৰণ্য স্বীকৃতি দিয়াৰ পিছত অফিচ ভাঙিল, লাম-লিকটু লৈ সকলো মানুহ উঠি গ’ল৷ পূৰ্বৰ চিন স্বৰূপে বম্পুত মাথোঁ পকীঘৰ এটা আৰু সৰু মন্দিৰ এটা ৰৈ গৈছিল৷ পিছে পৰিত্যক্ত ঘৰটোৰ পৰা টিনপাত, দুৱাৰ-খিৰিকীৰ কাঠকে ধৰি ব্যৱহাৰ কৰিব পৰা সকলো বস্তু মানুহে সামৰি-সুতৰি নিলে৷ বাকীৰোৱা ভাঙিব পৰা অংশখিনিও হাতীৰ জাকে প্ৰতিবাৰে আহি ভাঙি চুৰমাৰ কৰি যায়৷ সময়ৰ সোঁতত ঘৰৰ নামত কেৱল পকা বেৰকেইখনহে ৰ’লগৈ৷ আমি কামৰ সময়ত প্ৰতিবাৰে গৈ সেই ঘৰটোতে ওপৰত কাম চলাকৈ চালি এখন দি লৈ থাকিব পৰা কৰি লওঁ৷ সেইবাৰো সেই ঘৰটোতে থাকি ফিল্ডৰ কাম চলাই আছিলো৷

আমাৰ বহু ৰোমাঞ্চকৰ স্মৃতিৰ ইতিহাস লৈ বম্পুৰ ঘৰটো
ঘৰটোত মূলকোঠা দুটা৷ বাঁহৰ ধোঁৱাচাঙৰ তলতে তৈয়াৰ কৰি লোৱা চৌকাৰে এটা পাকঘৰ৷ পাকঘৰৰ একাষে ওখকৈ বাঁহৰ চাং এখন৷ তাতে ফিল্ড সহায়ক ল’ৰা চাৰিজন শোৱে৷ আনটো কোঠাত মজিয়াতে শুব পৰাকৈ চিমেন্টৰ প্ৰলেপটো বাকী আছেই বাবে মই তাতে শুইছিলো৷ সেইবাৰ পিছে আগতীয়াকৈয়ে খুউব বৰষুণ হোৱাত কোঠাটোৰ ওপৰতে ত্ৰিপালখনত ঠিক কৰিব নোৱাৰাকৈ ব্ৰহ্ম ফুঁটা কেইটামান হৈছিল৷ বৰষুণ দিলেই আমি য’ত যি পাওঁ, বাল্টি-চচপেন-বাতি আদি লৈ পানী সৰকা ঠাইৰ তলে তলে পাতি ফুৰিব লগা হয়৷ আকৌ বেছিকৈ পানী ৰৈ গৈ কেতিয়াবা ত্ৰিপাল এফালে হালি পৰে৷ বাঁহ এডাল লৈ সেইবোৰ খুঁচি খুঁচি পানী উলিয়াব লাগে৷ মুঠতে প্ৰতিজাক বৰষুণৰ পিছতেই আমাৰ উপৰুৱা কাম বাঢ়ে৷ পিছে যিমান চেষ্টা কৰিলেও, বৰষুণ দিলেই মোৰ কোঠাটো পানী পানী হৈ পৰে৷ উপায় নাপাই সেইবাৰ মই কোঠাৰ ভিতৰতে ড’ম টেন্ট এটাকে পাতি লৈছিলো৷ কোনোমতে দৰকাৰী বস্তুবোৰ নিতিতাকৈ ৰাখি নিজেও সোমাই থাকিব পৰাকৈ অকণমানি টেন্ট এটা ৷ 

শিল-বৰষুণে ধোৱাই নিয়া এটা দিনত

তেনেকুৱা দিন এটাৰ ঘটনা৷ সেইদিনা সন্ধিয়াতে ৰান্ধি খাই আমি সোনকালে শুবলৈ গ’লো৷ উদং খিৰিকী আৰু দুৱাৰকেইখনত মাৰি থোৱা বাঁহৰ বেঁৰাইদি চেঁচা বতাহজাক হো-হোৱাই সোমাই হাড়লৈকে কঁপাই দিয়েহি৷ গতিকে সন্ধিয়া হোৱাৰ লগে লগে চৌকাৰ জুইকুৰাৰ উম লৈ বহা বা শ্লিপিং বে'গৰ ভিতৰত সোমোৱাৰ বাহিৰে আমাৰ গত্যন্তৰ নাই৷ তাতে পুৱা পোহৰ হওঁ-নহওঁতেই আমি ওলাই যাব লাগে কামলৈ৷ সেয়ে তাত নিশা সাতমান বজাতে আমাৰ শোৱাৰ অভ্যাস হৈ পৰে৷ সিদিনাও একো ব্যতিক্ৰম নাছিল৷


নিশা হঠাৎ মোৰ গভীৰ টোপনি ভাঙিল৷ শুনিলো, কোনোবা মানুহে ডাঙৰ ডাঙৰকৈ কথা পতা আৰু খোজৰ শব্দ! এই পাণ্ডৱবৰ্জিত ঠাইলৈ মাজনিশাখননো কোন আহিল বুলি উচপ খাই উঠিলো৷ তাতে খোজকাঢ়ি! বাহিৰৰ পৰাতো গাড়ী লৈ নাহিলে বম্পু ওলোৱাহি সম্ভৱ নহয়! একেবাৰে ওচৰত মানুহৰ বসতি বুলিলে অৰুণাচলৰ টেঙাৰ দিশে ৰামালিংগম গাঁৱলৈ ১৫-২০ কিমি পাহাৰ বগাই উঠিব লাগে, অসমৰ দিশে দৈমাৰাৰ বড়ো গাঁৱলৈ ২২-২৫ কিমি নামিব লাগিব৷ ৰাতিখন কোনো নৰমনিচে সেই সাহস নকৰে বুলি জানো৷ খোজৰ শব্দ ওচৰ চাপি অহাৰ লগে লগে মই উৎকন্ঠিত হৈ পৰিলো ৷ হিচাপ নিকাচ কৰি ভাবিলো, ঈগলনেষ্টৰ তলা-নলা জনা কোনোবা মানুহেই হ’ব লাগিব৷ অলপ সন্দেহ হ’ল পিছে৷ হে'ডলাইটটো লগাই ঘড়ী চাই দেখিলো, নিশা এক বাজিছে৷

ঘৰৰ বাৰান্দা খন পাৰ হৈয়ে দুখন দুৱাৰ, এখন মোৰ কোঠালৈ, আনখন পাকঘৰলৈ৷ দুয়োখনতে হেঁচা মাৰিয়ে খুলিব পৰা বাঁহৰ বেঁৰাৰ দুৱাৰ৷ ইতিমধ্যে কাষৰ কোঠাত ল’ৰাকেইজনো সাৰ পাইছিল, সিহঁতে ভুনভুনাই কথা পতা শুনা পালো৷ সেই কোঠাত পোহৰ দেখিয়ে হ’বলা মানুহকেইজন (কথা-বতৰাত বুজিছিলো কমেও চাৰি-পাঁচজন হ’ব লাগিব) সেইফালে সোমাল৷ নেপালীতে মাত লগালে,

“কোনোবা আছে নেকি ঔ!”

ল’ৰাকেইটা দুপদুপাই উঠি আহিল বিছনাৰ পৰা৷ মাত দিলে,

“অ, আমিহে আছোঁ৷ কোননো ?”

গ’লগলীয়া মাতটোৰে মানুহজনে ক’লে,

“মই নকথে দাজু! আমি গাৱঁৰ পৰা আহিছোঁ৷ হাবিৰ মাজতে বাটত গাড়ী বেয়া হ’ল ৷ একো কৰিব নোৱাৰা হ’লো৷” (নাম সলাই দিয়া হৈছে)

নামটো কাণত পৰাৰ লগে লগে মই বুজি পাই গ’লো প্ৰকৃততে কোন এওঁলোক! এই বিখ্যাত চিকাৰীজনক চিনি নোপোৱা লোক সেই অঞ্চলটোত নাই৷ স্থানীয় কিছুমান জনজাতিয়ে কৰি অহা পৰম্পৰাগত চিকাৰ অভিযান সমূহত এওঁৰ সমান নামী চিকাৰী হয়তো কমেই ওলাব৷ এওঁৰ নাম আৰু চিকাৰ কাহিনীবোৰ শুনিহে আছিলো, কল্পনাও কৰা নাছিলো এনেকুৱাও দিন (ৰাতি?) আহিব বুলি! খৰকৈ চিন্তা কৰিলো, কি কৰা যায়! মোৰ সহকৰ্মী উমেশ নথকাত অলপ অসহায়বোধ কৰিলো৷ বিশেষ কামত সি কিছুদিনৰ বাবে ফিল্ডৰ দায়িত্ব মোক অকলে দি অষ্ট্ৰেলিয়ালৈ গৈছিল৷ যাওঁতে সি কৈ গৈছিল, জৰুৰী কথাত ফিল্ডৰ সহায়ক ল’ৰা কেইজনৰ ওপৰত নিৰ্ভৰ কৰিবলৈ আৰু সিহঁতৰ উপদেশ মানি চলিবলৈ৷ কাৰণ স্থানীয় মানুহ হিচাপে অৰণ্যৰ মাজত যিকোনো পৰিস্থিতিকে চম্ভালি ল’ব পৰাকৈ সিহঁত অভিজ্ঞ৷ উমেশৰ সেই কথাষাৰকে মনত পেলাই ল’ৰাকেইজনে মোক নমতালৈকে নীৰৱে থকাৰ সিদ্ধান্ত ল’লো৷ পিছে চিন্তা হ’ল, সিহঁতৰ কথা ভাবি৷ সেই ঠাণ্ডাতো ঘামি-জামি কাণ উনাই সষ্টম হৈ ৰ’লো যিকোনো পৰিস্থিতিৰ বাবে৷ অন্য এজন মানুহে উথপথপ লগাই নিৰ্দেশ দিয়াৰ সুৰত ক’লে,

“বহুত জাৰ লাগিছে, ভোকো লাগিছে৷ জুইকুৰা ধৰচোন ঘপকৈ৷”

ধুপ ধাপ কৈ খৰি ফলাৰ শব্দ আহিল৷ দীনেশে মিহি মাতেৰে কোৱা শুনিলো,

“চাহ কৰোঁ নেকি?” মাতটো শুনিয়ে বুজিলো সিহঁতেও ভয় খাইছে৷ বেচেৰা ওঠৰ-বিশ বছৰীয়া ল’ৰাকেইটাইনো এনে পৰিস্থিতিত ভয় নাখাবনে!

“নাই নাই, কি চাহ কৰিবি আৰু৷ ভোকত পেটৰ বিষ উঠি গৈছে, আবেলিতে ওলাই অহা৷ ভাত-শাক কি আছে উলিয়া, সেয়াই খাওঁ!”

“ভাত অলপহে আছে, আমি খাই বৈ শুইছিলোৱে যে৷” দীনেশে বিনয়েৰে ক’লে৷

“ যি আছে তাকে দে আকৌ৷ আমি ভগাই খাম নহয়!”

চচপেনত পুৱাতে টিফিনত ভৰাই নিবলৈ হেঁপাহেৰে থোৱা ভাতকেইটা দীনেশে উলিয়াই দিলে হয়তো৷ মেগীৰ পেকেট দেখা পাই সেয়াও কৰাৰ হুকুম আহিল৷ খোৱা-বোৱা আৰু পূৰাদমে আড্ডা চলিল৷ লগতে ল’ৰাকেইজনক জেৰাৰ সুৰত উপৰা-উপৰি প্ৰশ্ন৷

“ইয়াত কি কৰ তহঁতে?”

“ৰিচাৰ্ছ”

“কোনে কৰে?”

“ছাৰ আৰু মেডামে৷”

“ক’ত আছে ছাৰ আৰু মেডাম?”

“ছাৰ অষ্ট্ৰেলিয়ালৈ গ’ল! মেডাম শুই আছে৷”

“ছাৰ-মেডামৰ নাম কি?”

উমেশৰ নামটো শুনি মানুহকেইজনে নিজৰ মাজতে কিবাকিবি পাতিলে৷ স্পষ্টকৈ শুনা নাপালো৷ তাৰপিছত আগতকৈ মাতটো কোমল কৰি সুধিলে,

“ডাক্তৰ উমেশ নেকি?”

বুজিলো, উমেশৰ কথা এওঁলোকেও জানে৷ গৱেষকৰ লগতে উমেশ চিকিৎসকো৷ এম বি বি এছ কৰি ওলাই কেৱল বন্যপ্ৰাণীৰ গৱেষণাত থকা আগ্ৰহৰ বাবে আকৌ এম এছ চি কৰিলে সি৷ তাৰপিছত পি এইচ ডিৰ গৱেষণা আৰম্ভ কৰিলেহি৷ কামৰ মাজে মাজে সি চিকিৎসাৰ সা-সুবিধা নথকা ওচৰৰ গাৱেঁ-ভূঞে বিনামূলীয়াকৈ চিকিৎসা সেৱা আগবঢ়ায়৷ বিপদে আপদে গাঁৱৰ লোকৰ বাবে উমেশেই একমাত্ৰ ভৰসা৷ সেয়ে সেই অঞ্চলটোত উমেশ সকলোৰে প্ৰিয়পাত্ৰ৷ নকথে চিকাৰীয়েও হয়তো তাৰ বিষয়ে শুনিছে৷

এইবাৰ মানুহকেইজনৰ কথাৰ সুৰ বদলিল৷ কোমল মাতেৰে ক’লে,

“ হাবিৰ মাজত কষ্টেৰে থাকি মেলি কাম কৰিছ, ভালদৰে কৰিবি, বুজিছ! আমিতো নিজৰ ঠাই কাৰণেই মাজে মাজে আহি চাই যাওঁহি৷ দুই এটা জন্তু যি পাওঁ লৈ যাওঁহি৷ পুৰণা ৰীতি-নীতিৰ কথা এটাও আছেতো৷”

শুনি মই আচৰিত নহ’লো৷ বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে স্বীকৃতি পোৱাৰ আগতে ঈগলনেষ্ট সেই অঞ্চলৰ দুটা জনজাতি বুগুণ আৰু শ্বেৰডুকপেনসকলৰ অধিকাৰত আছিল৷ এটা অংশ বুগুণ সকলৰ আৰু আনটো শ্বেৰডুকপেনৰ৷ কাষৰীয়া গাঁৱত বসবাস কৰি অহা এই স্থানীয় লোকসকলে বছৰ বছৰ ধৰি এই অৰণ্য নিজৰ বুলি মানি আহিছে৷ গতিকে এতিয়াও পৰম্পৰাগত ৰীতি মনাৰ আচিলাতে হওক, অন্য কাৰণতে হওক মাহেকে পষেকে দল বান্ধি নিশা মানুহ কিছুমান আহে৷ পালে কিবা এটা চিকাৰ কৰে৷ নাপালে কেম্পৰ মানুহকে মনত পেলাই থৈ যায়, এয়া তেওঁলোকৰ অধিকাৰত থকা ঠাই৷ কেতিয়াবা কোনো উগ্ৰ দলে দাবি হুমকি দি কেম্পৰ বস্তুও উঠাই নিয়ে বুলি শুনিছোঁ৷ 

ল’ৰাকেইজনৰ ভিতৰত আটাইতকৈ সৰু আৰু চঞ্চল ভাৰতে মাত দিলে,

“কিবা পালে নে আজি?”

“এহ, কিনো পাম! আহিয়ে চাক্কুৰ ওচৰত গাড়ী বেয়া হ’ল৷ সন্ধিয়াখন ভালকৈ চাবলৈও নহ’ল৷ কাইলৈ মেকানিক মাতি পঠাইছোঁ৷ কাইলৈ ৰাতিপুৱাই ঠিক কৰি যামগৈ আৰু!”

আন এজনে মাত দিলে,

“তহঁত এই বাঁহৰ চাং খনতে শোৱ নেকি? আমাকো ৰাতিটো যেনতেন কটাবলৈ ঠাই অকণ উলিয়াই দেচোন৷ পোহৰ হ’লেই ওলাই যাম৷”

মানুহকেইজন শান্ত হোৱা দেখি ইতিমধ্যে মোৰ উদ্বিগ্নতা কমিছিল৷ মানুহবোৰে শুবলৈ যা-যোগাৰ কৰাৰ উমান পাইছিলো৷ তেতিয়ালৈ শেষ নিশা হৈছিল৷ ময়ো শুবলৈ বুলি শ্লিপিং বেগত সোমালো৷ পিছে চিকাৰীৰ নাকৰ প্ৰচণ্ড ঘোৰঘোৰণিত চিলমিল টোপনি আকৌ ভাঙিল ৷ পুৱতি নিশা কেতিয়া চকু মুদ খালে ক’ব নোৱাৰো৷ কোনোবা এটা সময়ত চিঞৰ বাখৰ শুনি সাৰ পালো৷

ল’ৰাকেইটাৰ উত্তেজিত মাত,

“মেডাম, উঠক উঠক৷ কালি ৰাতি কি হ’ল গম পায়নে?”

মই টেন্টৰ চেইনডাল খুলি মুখখন উলিয়াই দেখোঁ গোটেইকেইটা মোৰ টেন্টৰ সন্মুখত হাজিৰ! লাহেকৈ ক’লো,

“মই চব গম পাওঁ৷ মানুহকেইজন আহোঁতেই সাৰ পাইছিলো নহয়৷ তহঁতে নমতা কাৰণে ওলাই যাবলৈ বেয়া পালো৷”

কামিয়ে ক’লে,

“ভালেই কৰিলে দেই! আপোনাক আকৌ বেলেগ কোনোবা বুলিহে ভাবিলে৷” কথা শেষ হোৱাৰ লগে লগে গোটেইকেইটাৰ ঔফুলীয়া হাঁহি!

মই আচৰিত হৈ সুধিলো, “কিয়?”

কোনোমতে হাঁহি ৰখাই কামিয়ে ক’লে, 

“ইয়ে আপুনি নুশুনিলে হ’বলা? প্ৰথম আহিয়ে কোন ছাৰ-মেডাম, কোন উমেশকৈ সুধি আছিল যে, তেতিয়া ভাৰতে থতমত খাই আপুনিয়ে উমেশ ছাৰৰ মানুহজনী মানে নন্দিনী মেডাম বুলি কৈ দিলে!”

“মানে?” 

“মানে উমেশ ছাৰক নন্দিনী মেডামৰ সৈতে হেনো বহুদিনৰ আগতে নকথে দাজুৱে টেঙাত লগ পাইছিল৷ সুধিলে, কাষৰ ৰুমত সেয়া ছাৰৰ মেডামেই নেকি বুলি আৰু ভাৰতে হয়ভৰ দিলে৷”

একো ক’বলৈ নাপালোৱে; দেখিলো, ভাৰতে বিৰাট স্ফুৰ্টিৰে বি এছ এন এলৰ নেটৱৰ্ক পোৱা মন্দিৰৰ সন্মুখৰ একমাত্ৰ ঠাইটুকুৰালৈ বুলি দৌৰ দিছে৷ যাওঁতে কৈ গ’ল, “নন্দিনী মেডামক কওঁগৈ, আজিৰ পৰা ভাইৰাছ বুদ্ধা (উমেশৰ ল’ৰাহঁতে ৰখা নাম)ৰ আৰু এজনী গোট খালে বুলি!!”

--------------------------------------------------------------------------

বি:দ্ৰ:- এয়া আজিৰ পৰা দুবছৰৰ আগৰ ঘটনা৷ বুগুণ জনজাতিয়ে কিছুবছৰ ধৰি ইক’ট্যুৰিজিমৰ কামত সক্ৰিয়ভাৱে অংশ লৈ ঈগলনেষ্টৰ বন্যপ্ৰাণীৰ সংৰক্ষণৰ কাম কৰি আহিছে৷ শেহতীয়াকৈ শ্বেৰডুকপেন সকলেও এই কামত আগভাগ ল’বলৈ আৰম্ভ কৰিছে৷ বহু লোক/সংগঠনৰ অহৰহ প্ৰচেষ্টাৰ ফলস্বৰূপে দুয়োটা জনজাতিয়ে বৰ্তমান ঈগলনেষ্টৰ জৈব-বৈচিত্ৰ্যক লৈ সজাগ হৈছে, খুউব কৰ্মপটুটাৰে ইক’ট্যুৰিজিমৰ কামবোৰ আগবঢ়াই নিছে- এয়া নিশ্চয় ঈগলনেষ্টৰ বাবে খুবেই আশাব্যঞ্জ্যক৷