Saturday 26 December 2020

নাম যাৰ জীৱন (২): হাতীৰ পিঠিয়েদি এটা বাট

তেলাম৷ অসম-অৰুণাচলৰ সীমান্তত এখন কণমানি ঠাই৷ মোৰ স্মৃতিত এই তেলাম এক কিংবদন্তীৰ দৰে৷ জীৱনৰ আগলি পুৱাৰ পাঁচটা বছৰ এই ঠাইৰ মাটিয়ে-বালিয়ে, পটে নৈৰ ঢৌৰ সৈতে উমলি জামলি পাৰ কৰিলো৷ ঠাইখনৰ বেছিভাগ স্মৃতিয়েই এতিয়া হয়তো পাহৰণিৰ গৰ্ভত৷ কিন্তু তাৰ মাজতো কিছু সোঁৱৰণী ৰৈ গ’ল একোখন নজহা নপমা স্থিৰ ছৱিৰ দৰে৷ এটি অজুহাত পালেই সময়ে-অসময়ে কেতিয়াবা সেই স্থিৰ ছৱিখন হঠাৎ প্ৰাণচঞ্চল হৈ পৰে৷ ক’ৰবাৰ পৰা সোণোৱালী ৰ’দ এচেৰেঙা পৰে, এজাক বতাহ বলিবলৈ আৰম্ভ কৰে৷ কিচিৰ মিচিৰ শব্দ, ৰং আৰু ৰূপেৰে সাৰ পাই উঠা তেলামে এতিয়াও সোঁৱৰণীৰ এখন প্ৰবল নৈ বোৱাব পাৰে৷

চিমেন চাপৰিৰ পৰা গ’লে তেলাম তিনিআলি পোৱাৰ আগে আগে ঘাইপথৰ সোঁকাষে আমাৰ ঘৰ৷ দীঘলীয়া পদূলিৰে সৰু বাটামী ঘৰটো৷ পদূলিৰ মুখত বাহৰ জপনা৷ জপনাইদি আৰম্ভ হোৱা লিৰলিৰীয়া বাটটোৰ দুয়োফালে ওখ তমোল গছ আৰু বেলিপকা-জেতুলীপকা, ভলুকা বাঁহনিৰে এখন ভৰপুৰ বাঁৰী৷ ঘাইপথৰ পৰাই ট টকৈ জিলিকি থাকে ঘৰটোৰ হালধীয়া টিনপাত৷ কোনোবা এদিন দেউতাই চখ কৰি হালধীয়া ৰং এখিনি লৈ ওপৰত উঠিল আৰু এবেলাৰ ভিতৰতে ঘৰটোৰ গোটেই টিনপাতবোৰ হালধীয়া হৈ পৰিল৷ তাৰপিছৰ পৰা কোনোবাই আমাৰ ঘৰ ক’ত সুধিলে তপৰাই কওঁ,

’গামচুকৰ দীঘল পদূলিৰ হালধীয়া ঘৰটোৱে আমাৰ ঘৰ!’

ঘৰৰ সন্মুখৰ বিশাল চোতালখনত গোটেই পুতলাবোৰ মেলি লৈ মোৰ বাইদেউ আৰু মই হেঁপাহ পলুৱাই খেলো৷ খেলি খেলি আমনি লাগিলে কেতিয়াবা জপনামুখৰ বাঁহডালতে আৰামকৈ বহি লৈ ঘাইপথেৰে যোৱা গাড়ীবোৰলৈ ৰ লাগি চাওঁ, কেইখন গৈছে হিচাপ কৰোঁ নাইবা কোনখন ক’লৈ গৈছে অনুমান কৰাৰ চেষ্টা কৰোঁ৷ কল্পনা কৰোঁ, চলন্ত গাড়ীবোৰৰ ভিতৰৰ মানুহবোৰৰ কথা৷ যেন এটা মজাৰ খেল- কল্পনাৰ এখন নিজা পৃথিৱী সাজি লোৱাৰ খেল!

গৰমৰ দিনবোৰত বৰফৱালাই চিনাকি টিলিঙাটো বজাই আহে৷ সেই ডুগুৰু ডুগুৰু শব্দটো শুনিলে প্ৰতিঘৰৰ শিশুবোৰৰ দৰে আমিও চঞ্চল হৈ উঠো৷ আব্দাৰৰ উজান উঠে, 

’এটকা এটা দিয়াচোন- মাত্ৰ আজি খাবলৈ! ইমান যে গৰম পৰিছে- বৰফ খাবলৈ বৰ মন গৈছে!’

তেতিয়াৰ দিনত মিহি লাঠিত লগাই দিয়া বৰফ দুবিধেই- এবিধ বগা, আনবিধ কমলা৷ আমি তাকে পৰম তৃপ্তিৰে খাওঁ৷ মনত পৰে, প্ৰায়ে সেই বৰফ খোৱাৰ দুদিনমানৰ ভিতৰতে অসুখ হয় মোৰ৷ হয়তো অপৰিষ্কাৰ পানী বা আন উপাদানবোৰৰ কাৰণে৷ কিন্তু তেতিয়াই মনতে ধাৰণা হৈ গৈছিল, গৰম দিনত বৰফ বা আইচক্ৰীম খোৱা মানেই অসুখ হোৱা৷ সেই ধাৰণাটোৰ মূল উৎস উপলব্ধি কৰিবলৈ আৰু ভুল ভাঙিবলৈকো কেইবা দশক লাগিল!

এনে এটা দিনতে ঘৰৰ সন্মুখৰ বিশাল বাঁৰীখনতে দেউতাই কাম কৰি আছিল৷ আমি লগে লগে ঘুৰি হয়তো চিনাকি-অচিনাকি বনবোৰৰ ফুল তুলিছিলোঁ- উমলাঘৰত ৰান্ধিবলৈ! মোৰ বয়স প্ৰায় তিনিবছৰ৷ কথা আৰু কামৰ মাজে মাজে আমাৰ এটা চকু সদায়ে ঘাইপথত৷ কাৰণ সেই গতানুগতিক কণমান পৃথিৱীখনৰ সকলো উত্তেজনা আৰু নতুনত্বৰ উৎস সেই ঘাইপথটোৱই৷

আশা কৰি থকাৰ দৰে বৰফৱালা বা গাড়ী-মটৰৰ সলনি সিদিনা হঠাৎ দেখা পালো অন্য এক বাহন৷ গহীন খোঁজেৰে বাটটোৰে যাব লাগিছে এটা প্ৰকাণ্ড হাতী! হাতীটোৰ ছন্দোময় খোঁজৰ লগে লগে মাউতৰ গা হালিছে জালিছে৷ কি ছন্দ, কি ৰূপ সেয়া! বৰফৱালাৰ বৰফতকৈও বহু বেছি উত্তেজনাময়, গাড়ী-মটৰৰ অচিনাকি যাত্ৰীবোৰতকৈও বহু ৰহস্যময়!

দৃশ্যটো দেখা পায়েই আমি দুয়োজনী প্ৰায় জপিয়াই উঠিলো৷ হয়তো আমি দুয়োজনীয়ে মিলি গাবলৈকো ধৰিলো-

’ঐ কনক ঐ ভৰত
ঐৰাৱত যায়,
পিঠিত উঠি মাউতে
ঐনিতম গায়।’

নাজানো ক’ৰ পৰা জানো ধাৰণা এটা টপকৈ পৰিলহি! মই দেও পাৰি উঠিলো,
’আমি হাতীত উঠিম, আমি হাতীত উঠিম!’

দেউতাই কামৰ পৰা মূৰ তুলি বাটলৈ চালে, তাৰপিছত আমাৰ উত্তেজিত মুখবোৰলৈ! একমুহুৰ্ত্ত কিবা ভাৱি মান্তিও হৈ গ’ল৷ ক্ষন্তেকতে আমি উদ্দাম হাঁহি একোটা লৈ এটা নতুন অভিযানৰ আশাত জপনামুখলৈ দৌৰ দিলো৷

দেউতাই দূৰৈৰ পৰাই মাত দি মাউতক ৰখালে৷ মাউতজন ৰ’ল- লগে লগে ৰৈ গ’ল সুবিশাল হাতীটোও৷ তেওঁনো কিয় মান্তি হ’ল এতিয়া আৰু মনত নাই৷ মাউতৰ নিৰ্দেশত হাতীটো বাধ্য ছাত্ৰৰ দৰে বহি পৰিল৷ সেয়া প্ৰথম ইমান ওচৰৰ পৰা হাতী দেখা পালো৷ পৰম বিস্ময়েৰে চালো হাতীটোৰ অতিকায় শৰীৰ, অলপকৈ লৰাই চৰাই থকা দীঘল শুৰডাল, ধপলা ধপল কাণদুখন, শান্ত কিন্তু ৰহস্যময় কণমান চকুযোৰ! কি এক অপৰূপ সৌন্দৰ্য্য সেয়া!

মাউতে মাত দিয়াত মোৰ সম্বিত ঘুৰিল৷ বাইদেউ ইতিমধ্যে হাতীৰ পিঠিত বহি পৰিছে৷ মাউতজনে দুয়োহাতে  দাঙি ধৰাত ময়ো বগাই গ’লো সেই পৰ্বত হেন গা আৰু দুফালে দুখন ভৰি দি হাতীটোৰ পিঠিত বহি পৰিলো৷ আমাৰ দুয়োজনীক দুহাতেৰে মেৰিয়াই ধৰি মোৰ পিছফালে বহিল দেউতা৷ 


ফটো: ৱিকিমিডিয়া কমনছ্
জীৱনত প্ৰথমবাৰৰ বাবে হাতীৰ পিঠিত উঠাৰ সেই বিস্ময়কৰ অভিজ্ঞতা সম্পূৰ্ণকৈ অনুভৱ কৰিবলৈকে নাপালো, হাতীৰ একাষে থিয় দি থকা মাউতজনে কৈ উঠিল,

’উঠ!’

হাতীটোৱেও নিৰ্দেশ মানি লগে লগে গম্বুজৰ দৰে ভৰিকেইখন পোনালে আৰু একেচাবতে বিশাল দেহটো উঠি গ’ল৷ কিবা তলকিবলৈ পোৱাৰ আগতেই একমুহুৰ্ত্ততে সুৰুসকৈ আমি তিনিও হাতীটোৰ কাণখনৰ কাষেৰে সৰি পৰিলোহি ঘাইপথৰ ওপৰত৷ তিনিও ইজনে সিজনক হাতেৰে মেৰিয়াই ধৰি থকাৰ বাবেই নেকি চিধাই ঘাইপথৰ একাষে পৰিল বাইদেউ, তাইৰ ওপৰত মই আৰু আমাৰ দুয়োজনীৰ ওপৰত দেউতা!

খন্তেকতে হুৰমূৰ লাগি গ’ল৷ কোনে কেনেকৈ আমাক আনি ঘৰৰ ভিতৰ পোৱালেহি আৰু সেই হাতী আৰু মাউত কেনি গ’ল সেয়া ক’ব নোৱাৰিলো৷ মাথোঁ মনত আছে, আমি দুয়ো কিছু আঘাত পাইছিলো৷ সেই সময়ত তেলামত বিশেষ চিকিৎসা সেৱা থকাৰ কথা মনত নপৰে৷ গতিকে হোমিঅ’ ঔষধকে খাই হয়তো লাহে লাহে ভাল হৈ উঠিছিলো৷

জীৱনৰ পৰিক্ৰমাত তাৰ পিছত বন্যপ্ৰাণী সংৰক্ষণৰ কামত  বহুবাৰ তেনেই ওচৰৰ পৰা 
বনৰীয়া হাতীৰ মুখামুখি হৈছোঁ ৷ কাজিৰঙাত এশিঙীয়া গঁড়ৰ সন্ধানত হাতীৰ পিঠিত বহিবলৈ লৈ তেলামৰ এই দিনটোৰ স্মৃতিয়ে দুৰু দুৰুকৈ কঁপাই তুলিছে মন-প্ৰাণ, উত্তৰাখণ্ডৰ ঘন অৰণ্যত গছৰ আঁৰত চোপ লৈ থকা হাতীক দেও দি অন্ধকাৰ হাবিতলীয়া বাটেৰে কেম্পলৈ উভতাৰ পৰত ভয় আৰু আশংকাত উশাহ বন্ধ হৈ যোৱাৰ উপক্ৰম হৈছে, অৰুণাচলৰ দুৰ্গম পৰ্বতীয়া অৰণ্যৰ মাজত থকা আমাৰ চাংঘৰলৈ হাতীৰ দল আহি ঠিক মোৰ বিছনাৰ তলৰ খুঁটাটোতে অবিৰাম হেঁচুকি-লঠিয়াই মাজনিশাটো উৎকন্ঠাময় কৰি তুলিছে! কোনোটোৱে পাহৰিব নোৱাৰা অভিজ্ঞতা৷ কিন্তু এই সকলোবোৰৰ পৰা হাতীলৈ যিমান ভয় সোমাল, তাতোকৈ বহু বেছিকৈ মনত থিতাপি ল’লে এই জন্তুবিধলৈ এক অদম্য বিস্ময় আৰু আকৰ্ষণ (fascination)৷ দিনে দেৰশ কেজি পৰ্য্যন্ত খাই বছৰ বছৰ ধৰি গঢ়ি তোলা সেই সুবিশাল শৰীৰ,  প্ৰখৰ বুদ্ধিমত্তা, বিভিন্ন শব্দ, স্পৰ্শ, গন্ধ আৰু দেহৰ ভাষাৰে ইটোৱে সিটোৰ লগত কৰা ভাব বিনিময়, পৰিয়ালৰ আন্তৰিক আৰু নিবিড় গাঁথনি সকলোবোৰ মিলি হাতীৰ পৃথিৱীখন বহু জটিল আৰু ৰহস্যময়! যিমানেই জানিছোঁ, ওচৰৰ পৰা পাইছোঁ, প্ৰতিবাৰেই অনুভৱ কৰিছোঁ, পৃথিৱীৰ সবাতোকৈ ডাঙৰ, সবাতোকৈ বুদ্ধিমান এই জন্তুবিধৰ অস্তিত্বই কেনে বিস্ময়কৰ! আৰু কিমান গুৰুত্বপূৰ্ণ এই হাতীৰ সংৰক্ষণ, ইহঁতৰ বিচৰণস্থলৰ সংৰক্ষণ!

তেলামৰ সেই দিনটোৱে যেন মোৰ বাবে এটা বাট মুকলি কৰি থৈ গ’ল! হাতীৰ পিঠিয়েদি ৰামধেনু চুব খোঁজা এটা সেউজীয়া বাট!