Thursday 27 July 2006

হঠাৎ এদিন

আবেলিৰ ব্যস্ত পথ৷ অহা আহিছে-যোৱা গৈছে৷ হকে বিহকে বাজি উঠা হৰ্ণৰ শব্দই নিৰীহ বাটৰুৱাক ব্যতিব্যস্ত কৰি তুলিছে৷ বিলাসী গাড়ীখন ড্ৰাইভিং কৰিছে অনুপম বৰুৱাই নিজে৷ এটা প্ৰতিষ্ঠিত এডভাৰটাইজিং কোম্পানীৰ চি ই অ’ অনুপম বৰুৱা৷ অনুপমৰ বিশেষ মন নাছিল এই সৰু চহৰখনলৈ আহিবলৈ৷ পত্নী ৰীমাইতো বহুদিনৰ পৰা অভিযোগ কৰিয়ে আছে চি ই অ’ হোৱাৰে পৰা অনুপমে হেনো তাইৰ বাবে অকণো সময় দিব নোৱাৰা হৈছে৷ অনবৰতে কামৰ ব্যস্ততা, তাৰ উপৰিও হোৱাই নোহোৱাই অফিচিয়েল ট্যুৰবোৰটো আছেই৷ বিশেষ বন্ধৰ দিনবোৰৰ বাহিৰে ৰাণী আৰু বাবুৱে দেউতাকক লগেই নাপায়৷ ৰাতিপুৱা সিহঁত শুই উঠাৰ আগেয়ে অনুপম অফিচলৈ ওলাই যায়৷ নিশা এঘাৰ বজাত ফ্লেটলৈ উভতি আহে মানে সিহঁত শুই পৰে৷ ৰীমাও প্ৰায়ে ব্যস্ত হৈ থাকে উইমেনছ ক্লাৱত৷ অনুপমৰ মুখৰ পৰা এটা হুমুনিয়াহ ওলাই আহিল৷ অনুপমে জানে, সি ৰীমাক সময় দিব লাগে মাৰ্কেটং, ছছিয়েল ভিজিট, ক্লাৱৰ মিটিং, য়েৰলী ট্যুৰ আদিত৷ এইবাৰ উভতি যাওঁতে ৰীমালৈ ডায়মণ্ডৰ গহণা এক ছেট লৈ যাব লাগিব-সি ভাবিলে৷

এটা চিগাৰেটৰ প্ৰয়োজন অনুভৱ কৰিলে অনুপমে৷ এইমাত্ৰ সি এজন প্ৰভাৱশালী এজেন্টক লগ কৰি আহিছে৷ সফলতাৰে আলোচনা শেষ কৰাৰ পিছত এটা আনন্দমিহলি অৱসাদ অনুভৱ কৰিলে সি৷ নাই, এতিয়াই নোৱাৰি৷ ৰাস্তাত ইমান ভিৰ! হৌটেললৈ গৈ একাপ কফি খাই ল’ব লাগিব৷ হোটেলৰ কথা মনত পৰোতেই হাৰামী ডিভান খনত এবাগৰ মাৰিবলৈ তাৰ মনটো ব্যাকুল হৈ পৰিল৷ আজি পুৱাই ওলাই আহি দিনটো কামৰ ব্যস্ততাতে পাৰ হ’ল তাৰ৷ এতিয়াহে যেন সুৰুঙা পাই চুপে চাপে লুকাই থকা ভাগৰৰ ভাৱটোৱে তাৰ মনত তীব্ৰভাৱে আঘাত কৰিলেহি৷ নিজৰ অজ্ঞাতেই গাড়ীৰ এক্সিলেটৰত ভৰিৰ হেঁচাটোও তীব্ৰ হৈ পৰিল৷ হঠাৎ এখন ট্ৰাক সন্মুখত দেখি অনুপম চক খাই উঠিল৷ কিংকৰ্তব্যবিমুঢ় হৈ সি গাড়ীৰ হেণ্ডেলডাল অলপ বেছিকৈয়ে ঘুৰাই দিলে নেকি! বাটৰ কাষেদি গৈ থকা ৰিক্সা এখনত গাড়ীখনে খুন্দা এটা মাৰিলে৷ অৱশ্যে অনুপমে গাড়ীখন প্ৰায় নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হোৱাত খুন্দাটো জোৰেৰে নালাগিল৷ ৰিক্সাচালকজনে তৎক্ষণাত ৰিক্সাখন চম্ভালি ল’লে৷ নিজৰ চাঞ্চ্যলতাক ধিক্কাৰ দি অনুপমে গাড়ী ৰখালে৷ ইতিমধ্যে দুই এজন মানুহ কৌতুহলৰ বশৱৰ্তী হৈয়ে গোট খালে৷ ভদ্ৰতাৰ খাতিৰতে খৱৰ এটা কৰা উচিত বুলি ভাৱি অনুপম নামিল৷ ৰিক্সাখনত তেতিয়াও বহি থকা আৰোহী গৰাকীক মাত লগাবলৈ আগবঢ়াবও অনুপম হঠাৎ ৰৈ গ’ল……..৷

দীঘল চুলিকোঁছা ঢিলাকৈ বান্ধি আগফালে আনি থোৱা, সৰিয়হ বুলিয়া শাৰী পৰিহিতা, অনুপমলৈকে এপলকৰ বাবে আচৰিত হৈ চাই থকা-এইয়া কোন? ইমান চিনাকি তাৰ এই চুলি, এই চকুযুৰি, এই বিষাদ মিহলি অথচ কৌতুক ভৰা মুখ! ন….য়….না৷ নয়না নহয়নে? হয়-হয়েই৷ তাৰ ভুল হ’ব নোৱাৰে৷ কিমান সময় তন্ময় হৈ আছিল অনুপমে ক’ব নোৱাৰে৷ নয়নাৰ উচ্চাসপূৰ্ণ মাতত সি যেন টোপনিৰ পৰা সাৰ পালে৷

“আৰে, অনুপম নহয়নে? কি হ’ল-চিনিবই পৰা নাই মোক?”
“নয়না”-ফুটো নুফোটোকৈ অনুপমৰ মাতষাৰ ওলালে৷
“ওঁ৷ মনত পৰিল এতিয়া! কেনে আছা?”

…..একেবাৰে একে আছে নয়না৷ আজি সাত-আঠ বছৰ পিছতো৷ অনুপমক লগ পাই তাই তাৰ দৰে ইমান আবেগ বিহ্বল হোৱা নাই৷ অনুপমে প্ৰকৃতিস্থ হ’বলৈ চেষ্টা কৰিলে৷ নাই, ইমান আবেগিক হোৱা উচিত নহয়৷ বয়সৰ লগে লগে সি দেখো চঞ্চলহে হৈ পৰিছে৷ ছেঃ৷

“ভালে আছো৷ তোমাৰ কেনে? এতিয়ানো ক’ৰ পৰা ওলালহি?

নয়নাই হাঁহিলে৷ নয়নাৰ হাঁহিটোও একেই আছে৷ হৃদয়ৰ সমস্ত আন্তৰিকতা ঢালি তাই হাঁহে, অনুপমে ভাবিলে৷ নয়নাই হাঁহি হাঁহিয়েই ক’লে৷

“সেইটো প্ৰশ্ন মইহে তোমাক কৰিব লাগে৷ মইতো ইয়াতেই থাকো৷ বাৰু, খৱৰবোৰ লাহে ধীৰে ল’ম৷ তোমাৰ এতিয়া বিশেষ কিবা কাম আছে নেকি?”

অনুপমে সোঁৱে বাঁওৱে মূৰ জোকাৰিলে৷ তাৰ বিশেষ কিবা কাম থাকিলেও সি হয়তো নগ’লহেঁতেন৷ সি নিজে বৰ আচৰিত হ’ল৷ কোম্পানীৰ কামৰ বাবে সকলো এৰিব পৰা তাৰ দৰে যন্ত্ৰবৎ মানুহ এটায়ো এনেকৈ ভাবিব পাৰেনে?

নয়নাই তাৰ ইচ্ছা অনিচ্ছাক একপ্ৰকাৰ উপেক্ষা কৰিয়ে ক’লে, “তেন্তে গাড়ীত বহা আৰু মোৰ ৰিক্সাৰ পিছে পিছে আহি থাকা৷ এয়া অলপ দূৰ মোৰ ঘৰলৈ৷”

তাৰ উত্তৰলৈ বাট নাচাই তাই ল’ৰালৰিকৈ ৰিক্সাত উঠিলগৈ৷ ৰিক্সা আগবাঢ়িল৷ হঠাৎ শক্তিহীন হৈ পৰা মানুহৰ দৰে দুৰ্বল খোজেৰে অনুপম অনুপম গাড়ীৰ ড্ৰাইভিং চিটত বহিলগৈ৷ চাবিটো পকাওঁতেহে তাৰ মনলৈ আহিল, সিটো নয়নাক তাৰ গাড়ীতে লৈ যাব পাৰিলহেঁতেন৷ ছেহ! আজি তাৰ কিযে হৈছে! এতিয়াতো উপায় নাই৷ ৰিক্সাখন কিছুদুৰ আগবাঢ়ি গ’লেই৷ সিও গাড়ীৰে পিছ ল’লে৷

নয়না! আজিৰ পৰা আঠ বছৰ আজেয়ে কলেজীয়া জীৱনৰ মধুৰ সুবাসত এই নয়না আৰু অনুপমৰ হৃদয়ৰ পাৰ ভঙা নৈ দুখন একেলগ হৈ কোনোবা সাগৰৰ বুকুত মিলনৰ জয়গান গাবলৈ আগবাঢ়িছিল৷ কিন্তু নানান কাৰণত অনুপমৰ হৃদয়ৰ নৈখনে গতি সলাই ইখন নৈৰ পৰা বিছিন্ন হৈ কোনোবা বাটেদি গুচি গ’ল৷ নয়নাৰ হৃদয়ৰ নৈখনে অকলশৰেই সাগৰ পালেগৈনে মাজবাটতে অসহায় হৈ বানপানী, গৰাখহনীয়াৰ সৃষ্টি কৰিলেগৈ সেয়া অনুপমে নাজানে৷


বেছি দূৰ যাব লগা নহ’ল৷ অসম আৰ্হিৰ এটা দীঘলীয়া ঘৰৰ সন্মুখত ৰিক্সা ৰ’ল৷ নয়নাই ৰিক্সাচালকক ভাড়া দি নামোতেহে অনুপমে মন কৰিলৈ, তাইৰ এহাতে চামৰাৰ মজলীয়া জোখৰ ক’লা মণিবেগটো আৰু আনহাতে এটা গধুৰ বস্তু ভৰ্ত্তি বেগ৷

“কি হ’ল, তাতে ৰ’লা যে! আহা আকৌ৷” নয়নাই হাঁহি মাৰি ক”লে৷ গেটখন খুলি দিওঁতেও অনুপমে আঁৰ চকুৰে হাঁহি থকা নয়নালৈ চাই ল’লে৷ যেন সি খুটি খুটি কিবা এটা পৰীক্ষাহে কৰিব খুজিছে৷ ঠিকেই! আাঠ বছৰৰ আগৰ আৰু এতিয়াৰ নয়নাজনীৰ হাঁহিৰ মাজত সি যেন কিবা এটা পাৰ্থক্য আশা কৰিছিল৷ যেন অকণমান বিষাদৰ ছিটিকণি থকা হ’লে সি সুখী হ’লহেঁতেন৷ নাই নাই-অনুপমে প্ৰবোধ দিলে নিজকে৷ সি কিয় তেনে আশা কৰিব! কিন্তু নয়নাৰ পিছ পিছে গৈ বাৰাণ্ডাৰ লগত থকা ষ্টেপ কেইটাত ভৰি দিওঁতেই অনুপমে মানি ল’বলৈ বাধ্য হ’ল যে নয়নাৰ হা্ঁহিটোৰ উজ্জলতা আৰু আন্তৰিকতাই যেন তাৰ বুকুৰ কোনোবা এঠাইত বিষৰ ভাব এটা সৃষ্টি কৰিছে৷

ভিতৰৰ পৰা কোনোবা এগৰাকী ওলাই আহিল৷ চুৰিদাৰ পৰিহিতা বাইশ পঁচিশ বছৰীয়া এজনী ছোৱালী৷ ছোৱালীজনীয়ে অনুপমলৈ এবাৰ চাই নয়নাক ক’লে,
“আজি অলপ পলম কৰিলে যে! বেগটো দিয়ক-ময়ে লৈ যাওঁ৷”

নয়নাই হাঁহিলে আৰু বেগটো আগবঢ়াই দিলে৷ তাৰ পিছত অনুপমক কোঠা এটালৈ নি ক্ষন্তেক বহিবলৈ কৈয়ে ভিতৰলৈ সোমাই গ’ল

অনুপমে কোঠাটো এবাৰ চকু ফুৰাই চালে৷ বিলাসী নহয় যদিও সুসজ্জিত৷ এচুকত ষ্টীল আলমিৰা এটাত কিতাপ দেখি তাৰ মনত পৰিল কলেজীয়া দিনতো নয়নাৰ বাবে কিতাপ নিত্য সংগী আছিল৷ অফ পিৰিডত ঘন্টাৰ পিছত ঘন্টা ৰিডিং ৰুমত সোমাই থকাৰ বাবে নয়নাৰ প্ৰতি সি কিছু ক্ষুন্নও হৈছিল৷ পিছলৈ অৱশ্যে তাইৰ লগতে কিতাপৰ পাত লুটিয়াই থাকোতে তাৰো এটা অভ্যাস হৈ গৈছিল পঢ়াতো৷ এতিয়া যে কিমান দিন সি সাহিত্যৰ কোনো খৱৰেই ৰখা নাই৷ নিয়মিত বাতৰি-কাকত খন আৰু দুই এখন কোম্পানীৰ মেগাজিন; তাৰ বাহিৰেতো অন্য একো কিতাপলৈ তাৰ চকুৱে নাযায়৷ আগতে নয়নাৰ প্ৰিয় বুলি জানি হীৰুদাৰ কবিতা খুইব পঢ়িছিল সি৷ সাৰমৰ্ম একো নুবুজিলেও, শব্দৰ মায়াজালৰ মাজত হৃদয় কোনোদিন বিচাৰি নাপালেও সি গভীৰ আবেগেৰে সেইবোৰ নয়নাক আবৃত্তি কৰি শুনাইছিল৷ সি বাৰু অভিনয় কৰিছিল নেকি নয়নাৰ আগত? নাই-নয়নাৰ প্ৰিয় বুলি জানিহে………….৷

দেৱাল ঘড়ীৰ সংকেতত সি বাস্তৱলৈ উভতি আহিল৷ বৰ সকাহ পোৱা যেন লাগিল তাৰ৷ ভাৱৰ মেৰপাকত যে কেনেকৈ সোমাই পৰিছিল৷ অনুপমৰ মনত পৰিল নয়নাৰ সৈতে কথা পতা ছোৱালীজনীলৈ৷ কোন বাৰু-নয়নাৰ ননদ? হবও পাৰেল কিন্তু নয়নাইটো সিনাকি কৰাই দিলেহেঁতেন!

“এতিয়া কোৱা, তোমাৰ খৱৰ৷” নয়নাই কোঠাটোলৈ সোমায়েই ক’লে আৰু অনুপমৰ সন্মুখতে থকা ডিভানখনত বহি পৰিল৷ তাইৰ পিন্ধনত এতিয়া পাতল সেউজীয়া ৰঙৰ শাৰী এখন৷ দুচকুত শান্ত-সমাহিত স্থিৰ দৃষ্টি৷ অনুপমে অলপ লাহেকৈ সুধিলে,

“ক’ৰ পৰা ক’ম?”

নয়নাই আকৌ হাঁহিলে৷ এই হাঁহিটোৰ বাবেই প্ৰথম চিনাকিৰ পৰাই অনুপম আকৃষ্ট হৈছিল নয়নাৰ প্ৰতি৷ আজীৱন এই হাঁহিটো তাৰ কাষে কাষে থকাটো বিচাৰিছিল সি৷ কেৱল অনুপমেই নহয়, প্ৰথম চিনাকিটেই যিকোনো মানুহক আপোন কৰি ল’ব পৰা ক্ষমতা নয়নাৰ আছিল৷ তাৰোপৰি সহানুভূতিশীল শ্ৰোতা হোৱাৰ বাবে নয়নাৰ বন্ধু-বান্ধৱী, শুভাকাংক্ষী অসংখ্য আছিল৷ আস! যিটো হাঁহিয়ে অনুপমৰ হৃদয়ত গুঞ্জন তুলিছিল সেই একেটি হাঁহিয়াই বিষাক্ত কীট হৈ দংশন কৰিবলৈ ধৰিলে এটা সময়ত৷ নয়নাই অন্য কাৰোবাৰ সৈতে আন্তৰিকতাৰে কথা পাতিলেই সি ভীষণ ঈৰ্ষান্বিত হৈ পৰিছিল৷ সকলো সময়তে সি সন্ত্ৰস্ত্ৰ হৈ থাকিবলৈ ধৰিছিল নয়নাৰ মধুৰ আচৰণ, সহানুভূতি আৰু আন্তৰিকতাই অন্য কাৰোবাৰ হৃদয়ত তুলিব পৰা কঁপনিৰ কথা কল্পনা কৰি৷ চাৰিওফালৰ মানুহবোৰক তাৰ প্ৰতিদ্বন্দ্বী যেন লাগিছিল৷ অথচ নয়নাৰ বাবে সিহঁতৰ সম্পৰ্কৰগভীৰতা কিমান সেয়াও সি জানিছিল৷ জানি শুনিয়েই নানা কাল্পনিক অভিযোগেৰে অভিযুক্ত কৰিছিল তাইক৷ তাইৰ শুভাকাংক্ষী সমপৰ্কত বিৰূপ মন্তব্য কৰিছীল৷ নয়না ক্ষোভিত হৈছিল তাৰ তেনে মনোবৃত্তই দেখি, কিন্তু সকলো সহ্য কৰি বুজাবলৈ চেষ্টা কৰিছিল তাক৷ তথাপিও হৃদয়ত খোপনি পোতা বিষাক্ত কীটটোৰ দংশনৰ বাবেই সি নয়নাৰ কাষত থাকিব নোৱাৰিলে৷ কলেজৰ পৰা ওলাই কোনোদিন সি নয়নাৰ খৱৰ নকৰিলে৷

“কি ভাৱিছা ইমানকৈ? তুমি এম বি এ কৰিবলৈ যোৱাৰ কথা জানো৷ তাৰ পিছত কোম্পানীৰ চাকৰি-তোমাৰ বিয়া, সকলো গম পাওঁ৷ এতিয়া কোৱা, এইখিনি কেনেকৈ পালাহি?”

অনুপমে আচৰিত হৈ সুধিলে, “কেনেকৈ জানিলা ইমান কথা?”

“পৰাণে ক’লে৷ তোমাৰ খৱৰবোৰ তেওঁ জানে৷ কিন্তু তুমি তেওঁক লগ নোপোৱা বেছিকৈ, নহয় জানো?”

পৰাণ সেই একেখন চহৰতে থাকে৷ গতিকে তাৰ খৱৰ জনাটো স্বাভাৱিক৷ অনুপমেহে সময়ৰ অভাৱত তাৰ খৱৰ ল’ব পৰা নাই৷-----নে ইচ্ছাৰ অভাৱ? হ’বও পাৰে৷ অনুপমৰ মনৰ অটল গভীৰৰ পৰা অতীতৰ বিষাক্ত কীটটোৱে তাৰ অস্তিত্ব প্ৰমাণ কৰিবলৈকে যেন আকৌ এবাৰ লৰচৰ কৰি উঠিল৷ নয়নাৰ এতিয়াও সকলোৰে লগত যোগাযোগ আছে! নয়নাৰ শিৰত যে সেন্দুৰ নাই৷ তাইৰ সংসাৰত কোন কোন আছে তেন্তে!

প্ৰথম দেখা ছোৱালীজনী কোঠাটোলৈ সোমাই আহিল৷ হাতত আহল-বহল ট্ৰে এখন৷ চাহ একোকাপ আৰু বহল প্লেট একোখনত কেক আৰু দুবিধমান মিঠাই দি তাই মিঠাকৈ হাঁহি ক’লে, “চাহ খাওকচোন৷”

নয়নাই চিনাকি কৰি দিলে,

“অনুপম, এয়া মণি-মোৰ নিজৰ ভনীৰ দৰে৷…….আৰু মণি, এওঁ মোৰ বন্ধু৷”

মণিয়ে নমস্কাৰ দিলে৷ অনুপমৰ হাত দুখন যন্ত্ৰবৎ নমস্কাৰৰ ভংগীত ৰ’ল৷ নয়নাই কিবা এটা ক’বলৈ লওঁতেই কোঠাটোৰ দুৱাৰমুখত এজনী তিনি-চাৰি বছৰীয়া ছোৱালী ৰ’লহি৷ হাতত তাইতকৈ অকণমানহে সৰু ৰঙচুৱা পুতলা এজনী৷ তাই কোঠাত সোমাব খুজিও অনুপমক দেখি ৰৈ গ’ল৷ নয়নাই মাতিলৈ,

“আহা তৰা, মোৰ কাষলৈ আহা৷”

তৰা সোমাই আহিল৷ তাইৰ গাত এটা নীলা ফুটুকীয়া ফ্ৰক৷ অনুপমে তাইৰ মৰমলগা মুখখনলৈ চাই মনতে ভাৱিলে, নয়নাৰ ছোৱালীজনী ৰাণীৰ প্ৰায় সমবয়সীয়াই হ’ব৷ কিন্তু ৰাণীৰ দৰে একেবাৰে ৰঙা বগা নহয়৷ তৰা মিঠা বৰণৰ৷ নয়নাৰ কোলাত বহি দুহাতেৰে সাবটি তৰাই বৰ মৰম লগাকৈ সুধিলে,

“মা, তুমি ক’ত আছিলা? মই যে বিচাৰি ফুৰিছিলো৷”

নয়নাই তাইৰ গালত আলফুলকৈ চিকুট এটা মাৰি ক’লে,

“মই বজাৰলৈ গৈছিলো আক’৷ বাৰু এয়া চোৱা, তোমাৰ মামা৷”
তৰাই মুখখন ঘুৰাই অনুপমলৈ এনেকৈ ৰ’ লাগি চালে যে অনুপম আৰু নয়না দুয়ো একেলগে হাঁহি উঠিল৷ অনুপমে হাঁহি হাঁহিয়ে ক’লে,--

“ইমানকৈ ৰ’ লাগি চাবলৈ কি হ’ল? আহা, মোৰ কোলাত বহিবা৷”

তৰা তাৰ কাষলৈ গ’ল কিন্তু কোলাত নিজৰ সলনি পুতলাজনী বহুৱাই তাৰ হাত এখনত ধৰি ক’লে,

“ইমানদিননো তুমি ক’ত আছিলা? আজিহে আহিছা যে!”

অনুপম অপ্ৰস্তুত হ’ল-ক’ত আছিল ইমান দিনে সি! ক’ত আছিল! আজিয়ে বা কিয় আহিল! নয়নাই তাৰ অৱস্থাটো লক্ষ্য কৰি তৰাক ক’লে,

“তৰা , যোৱাচোন, মামাৰ লগত চিনাকি হ’বলৈ ডাঙৰদাদাক মাতি আনাগৈ৷”

তৰা ওলাই গ’ল৷ নয়নাই ক’লে,

“মই ইয়াৰে কলেজখনত বুৰঞ্জী বিভাগত কৰোঁ৷ ওচৰতে দেউতাই মোৰ নামত থৈ যোৱা তিনিবিঘা মাটিত কুকুৰাৰ ফাৰ্ম এখন খুলিলো পাঁচ বছৰ আগেয়ে৷ এতিয়া ভালদৰেই চলি আছে৷ লাভৰ ঘৰত৷”

নয়নাক বহু কথা একেলগে সুধি দিবৰ মন গ’ল অনুপমৰ৷ জানিবৰ মন গ’ল নয়নাৰ স্মৃতিৰ মণিকোঠাত তাৰ স্থান ক’ত! কিন্তু সেইবোৰ একোকে নুসুধি সি কৈ গ’ল এই চহৰলৈ অহাৰ কাৰণ-তাৰ বৰ্তমান জীৱনৰ কথা৷ কিয় জানো, কিবা এক অজান ভয়ে তাক বৰ্তমানকে খামুচি ধৰি থাকিবলৈ সোঁৱৰাই দিলে৷ হয়তো অতীত ৰোমন্থনত ধৰা পৰি যোৱাৰ ভয়!
“মা, তুমি মোক মাতিছিলা নেকি?” বগা, ক্ষীণ কিশোৰ এটি দুৱাৰ মুখত৷
“ও, আহাচোন৷”

ল’ৰাজন সোমাই আহিল৷ অনুপম অলপ আচৰিত হ’ল৷ নয়নাৰ ল’ৰা ইমান ডাঙৰ! এই ল’ৰাজন বাৰ-তেৰ বছৰীয়া হ’ব৷
“এওঁ মোৰ ডাঙৰ ল’ৰা মণীষ৷ ঘৰত মাতো বিতু বুলি৷ বিতু, এয়া তোমাৰ অনুপম মামা৷” নয়নাৰ চিনাকি পৰ্বৰ মাজে মাজে ৰহস্যৰ ধুঁৱলী-কুৱঁলী আৱৰণে অনুপমক বেৰি ধৰিলে৷ সৌজন্যৰ খাতিৰতে সি সুধিলে,
“কোন ক্লাছত পঢ়া তুমি বিতু?”
“ক্লাছ ছেভেনত৷”
অনুপমৰ খেলিমেলি লাগি গ’ল৷ নয়নাৰ ল’ৰা ইমান ডাঙৰ! নে নয়না স্বামীৰ দ্বিতীয়া পত্নী! হবও পাৰে……কিন্তু কেনেকৈ! মণি সোমাই আহিল তেনেতে৷ অনুপমলৈ চাই ক’লে,

“দাদা, ভিতৰলৈকে আহক৷”

নয়না আৰু বিতুৰ পিছে পিছে গৈ এটা দীঘলীয়া কোঠাত সোমাল অনুপম৷ সোঁমাজত এখন ডাঙৰ টেবুল-প্ৰায় দহ-বাৰ জনে বহি একেলগে খাব পৰা৷ নয়নাৰ ঘৰত ইমান মানুহ থাকেনে? হয়তো যৌথ পৰিয়াল৷ কিন্তু এতিয়ালৈকে দেখোন মণি, বিতু আৰু তৰাৰ বাহিৰে সি কাকো দেখা নাই৷

টেবুলত লুচী-ভজিৰ প্লেট কেইখন মান৷ তৰা বহি আছিলেই নিজৰ প্লেটখন সন্মুখত লৈ৷ অনুপমলৈ চাই মিচিকিয়াই হাঁহি তাই ক’লে,

“জানা মামা, মই আজিকালি নিজেই খাব পৰা হ’লো৷”

“মাত্ৰ টেবুলৰ তলে-ওপৰে পেলাই মেলি খাওঁ৷” মণিয়ে দুষ্টালিৰ হাঁহি মাৰি ক’লে৷ তৰাই লাজ পাই সেমেনা-সেমেনি কৰিবলৈ ধৰলে৷ সকলোৱে হাঁহি পেলালে তাইৰ অংগী-ভংগী দেখি৷

বিতু, তৰা আৰু নয়নাৰ স’তে সি খাবলৈ বহিল৷ নয়নাই মাজে-মাজে ইটো-সিটো দিলে-মণিৰ ৰন্ধা-বঢ়াৰ প্ৰশংসা কৰিলে৷ মণিয়ে তৰাক খোৱাত সহায় কৰিলে৷অনুপম নিৰ্বিকাৰ- কি খালে, কি নাখালে একো যেন গমেই নাপালে সি৷ নয়না যেন ক্ৰমাৎ ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে তাৰ দৃষ্টিত৷ তীব্ৰ ইচ্ছা হ’ল তাৰ পোনপটীয়াকৈ সুধিবলৈ-সকলো কথা স্পষ্ট কৰি ল’বলৈ৷ কিন্তু কিবা এটা অসহজ ভাৱে তাক মূক কৰি ৰাখিলে সমগ্ৰ সময়খিনিত৷ শেষত খাই উঠি গামোচাত যেতিয়া সি হাত মোহাৰিলে, মণিয়ে চফদানীটো আগবঢ়াই দি সুধিলে,

“দাদাই মই ৰন্ধা বস্তুবোৰ খাই ভাল নাপালে নহয়নে? নাখালেই যে বিশেষ!”

অনুপম সন্ত্ৰস্ত্ৰ হৈ উঠিল৷ তাৰ মানসিক অৱস্থা যিয়েই নহওঁক মণি, তৰা, বিতুহঁতৰ নিষ্কলুষ আদৰক অৱমাননা কৰা উচিত৷ সি লৰা লৰিকৈ কৈ উঠিল,

“নহয় মানে আজি অলপ আগতে মই হোটেলত খাই মেলি আহিলো বাবেহে৷ তোমাৰ ৰন্ধা-বঢ়া খুব ভাল হৈছে৷”

নয়নাই ক’লে, “আচলতে আমাৰ ঘৰত আবেলি এনেকুৱা সময়ত সকলোৱে এঘন্টামান সময় শুৱে৷ তৰাক আকৌ মইহে শুৱাই দিব লাগে৷ নহ’লে নুশুৱে৷ আজি দুপৰীয়াতে ফাৰ্মলৈ যাব লগা হ’ল মোৰ৷ সেইবাবে তাই নুশুলেই৷ বিতু এয়া শুৱাৰ পৰা উঠিছেহে৷ মণি, সকলোকে উঠিবলৈ কোৱাগৈ যোৱা৷”

অনুপমে স্বস্তিৰ নিশ্বাস এৰিলে৷ তাৰমানে ৰহস্য সেইটোহে৷ সি মিছাতে কিবাকিবিবোৰ ভাবি আছে৷ একেবাৰে মুক্তমনেৰে গৈ সি ড্ৰয়িং ৰুমত বহিলগৈ৷ তাৰ কোলাত তৰা, কাষত বিতু৷ নয়নাই হাঁহি হাঁহি সিহঁতলৈ চাই থাকিল৷ অনুপমে ৰীমা আৰু ল’ৰা ছোৱালী হালক এবাৰ নয়নাৰ ওচৰলৈ অনাৰ কথা ভাবিলে৷ যেনেকৈয়ে নহওক নয়নাই যে তাৰ সেই বঞ্চনাক ক্ষমা কৰি দিছে-এই ভাবটোৱে তাক সকাহ দিলে৷ তাইৰ আচাৰ-ব্যৱহাৰ আৰু আন্তৰিকতাত সি এই বতৰাটোকে পালে৷

কৰিডৰটোৱেদি দৌৰি অহাৰ দুপ দুপ শব্দ শুনি অনুপমৰ তন্ময়তা ভাগিল৷ শব্দবোৰ ক্ৰমাৎ ওচৰ চাপি আহি দুৱাৰ মুখত ৰৈ গ’ল৷ সি মূৰ তুলি চালে৷ এটি এটিকৈ পাঁচোটা ল’ৰা ছোৱালী সোমাই আহিল৷ তিনিজনী ছোৱালী, দুটা ল’ৰা৷ আটাইকেইটা পাঁচৰ পৰা দহমান বছৰ বয়সৰ ভিতৰত৷ নয়না উঠি আহি প্ৰত্যেককে ধৰি ধৰি চিনাকি কৰি দিলে,-নীতা, ৰুবুল, দীপ, চিমি আৰু পূজা৷ আটাইকে দুয়োহাতে আঁকোৱালি লোৱাৰ দৰে কৰি অনুপমৰ ফালে চাই নয়নাই ক’লে,

“ইহঁতেই মোৰ সংসাৰ-মোৰ সকলো৷”

তাইৰ মাতটোত ক’ৰবাৰ অচিনাকি আবেগৰ সুৱাস এটাও যেন মিহলি হৈ আশিল৷ দুটামান অস্বস্তিকৰ মুহূৰ্তৰ মাজতেই মণিয়ে সকলোকে মাতি লৈ গ’ল পঢ়াৰ সময় হ’ল বাবে৷ কোঠাটোৰ গধুৰ বতাহখিনিৰ মাজত স্তব্ধ হৈ ৰোৱা মূৰ্তি দুটা দেখি দেখিয়েই হয়তো মণিয়ে কিবা এটা বুজিলে৷ তায়ো একো নকৈ সিহঁতৰ লগতে নীৰৱে ওলাই গ’ল৷

নিস্তব্ধতা ভাঙি নয়নাই শান্ত কন্ঠেৰে কৈ গ’ল,

“বিয়াৰ কথা মই নাভাৱিলো অনুপম৷ তুমিতো জানা, সৰু ল’ৰা-ছোৱালী মই কিমান ভাল পাওঁ৷ ঠিক কৰিলো-মোৰ আশে পাশে কোনো শিশুকে অৱহেলিত হ’বলৈ নিদিওঁ৷ চাকৰিত জইন কৰাৰ পিছত অকস্মাত এদিন বিতুক পালো-তিনি বছৰৰ আগতে৷ কনফাৰ্মেশ্যনৰ কামত গুৱাহাটীলৈ যাওঁতে দেখা পালো তাক৷ হোটেল এখনত কাম কৰিছিল সি৷ এটুকুৰা ৰুটী চুৰকৈ খোৱাৰ বাবে মালিকে তাক সকলোৰে সন্মুখত উৰাই ঘুৰাই পিটিছিল৷ এতিয়াও মোৰ বুকু কঁপি উঠে- দুচকু পানীৰে ভৰি পৰে সেই দৃশ্যটো মনত পৰিলে৷ সি কাউ বাউকৈ তেওঁৰ ভৰিত ধৰিছিল, ৰাউচি জুৰি কান্দিছিল৷ অন্য সকলো মানুহ নিৰ্বিকাৰ৷ যেন একোৱে হোৱা নাই৷ মই নোৱাৰিলো অনুপম৷ হৃদয়ত বৈ ফুৰা মানৱীয় অনুভূতিখিনিৰ বাবেই নোৱাৰিলো৷ লৈ আহিলো তাক৷ বানাক্ৰান্ত গাওঁ এখনৰ সৰ্বস্বান্ত হোৱা পৰিয়াল এটাৰ ল’ৰা সি৷ নিজৰ গাওঁখনৰ নামটোও ক’ব নোৱাৰিলে৷ গাঁৱত দ্বিতীয় শ্ৰেণীলৈ পঢ়িছিল৷ মই অলপ দিন পঢ়াই চতুৰ্থ শ্ৰেণীত নাম লগাই দিলো৷

তৰাক পাইছিলো বস্তি এটাত৷ মোক সদায়ে কলেজলৈ অনা নিয়া কৰা ৰিক্সাচালকজন এসপ্তাহমান নহাত খৱৰ কৱিবলৈ গৈ গম পালো তেওঁ ঢুকাল৷ বহুদিনৰ পৰা খাব পৰা নাছিল ভালকৈ৷ শেষ মুহৰ্তত ডাক্তৰ আনি দেখুওৱাত তেওঁ অনুমান কৰিলে খাদ্যনলীত কেন্সাৰ৷ ইমানদিন তেওঁৰ ৰিক্সাতে অহা-যোৱা কৰিও মই একো গমেই নাপালো৷ গৈ দেখিলো তেওঁৰ পত্নীৰ কোলাত ছমহীয়া কেচুৱা এটি৷ ওপৰত এমা-ডিমা ল’ৰা-ছোৱালী আছিলেই৷ মাকৰ শোচনীয় অৱস্থাৰ বাবে কেচুৱাটোৰ কান্দিবলৈকো মাত নোলোৱা হৈছিল৷ সেই তৰাকো মই লৈ আহিলো৷ মাকক কথা দিলো-মই তাইক মানুহ কৰিম-প্ৰকৃত মানুহ৷……এই যে দীপ, সি কি কৰিছিল জানা? পাগলী মাকৰ লগত ভিক্ষা কৰিছিল৷

…………..এনেকৈয়ে মোৰ প্ৰত্যেকটো সন্তানেই একো একোটা কাহিনীৰ পৰিণতিত মোৰ কাষলৈ আহিছে৷ প্ৰথমতে খুউব কষ্ট হৈছিল৷ মণি অহাত মোৰ কষ্টবোৰ দুভাগ হ’ল৷ মণি কোন জান? পৰাণৰ খুড়াকৰ ছোৱালী৷ বিয়াৰ আগতেই গৰ্ভপাত কৰিব লগা হ’ল তাই৷ তাইৰ বৰ হেঁপাহ আছিল এটা সন্তানৰ বাবে৷ এতিয়া ইঁহতৰ মাজতেই তাই পৃথিৱীৰ পোহৰ নেদেখাকৈয়ে মানুহৰ নিষ্ঠুৰতাৰ বলি হোৱা সন্তানটিক বিচাৰি পায়৷ ভাৱিছো, অতি সোনকালে ঘৰটোৰ কাষতে আৰু দুটামান কোঠা সজাম অনাগত অতিথিৰ বাবে৷”

নয়না নীৰৱ হ’ল৷ অনুপম-অনুপম একেবাৰে নিথৰ হৈ বহি আছে৷ তাৰ যেন একো ক’বলৈ নোহোৱা হৈ গ’ল৷ নয়নালৈ এবাৰ চালে সি৷ তাইৰ দুচকুৰ উজ্জলতা যেন সি সহিব পৰা নাই৷ দুচকু বন্ধ কৰি দিলে সি জোৰেৰে৷ বেছ কিছু সময় তেনেদৰেই থকাৰ পিছত চকু মেলিয়েই সি অস্ফুটভাৱে কৈ উঠিল,

“তুমি জানো মোক কেতিয়াও ক্ষমা নকৰিবা নয়না?”

নয়নাই মিঠাকৈ হাঁহিলে আৰু ক’লে,

“তুমি একে আছা অনুপম৷ প্ৰত্যেক ব্যক্তিৰ বাবেইতো জীৱনৰ সংজ্ঞা বেলেগ-লক্ষ্য, মূল্যবোধ, অনুভৱ সকলো বেলেগ৷ এইবাবেইটো জীৱন ইমান বৈচিত্ৰ্যময় ৷ নিজস্ব মূল্যবোধেৰে নিজস্ব অনুভৱেৰে জীয়াই থকাৰ অধিকাৰ প্ৰত্যেকৰে আছে অনুপম৷ তোমাৰ প্ৰতি মোৰ কোনো বিৰূপ মনোভাৱ নাই৷ গতিকে ক্ষমা খোজাৰ প্ৰশ্নই নুঠে৷”

“তুমিও একেই আছা নয়না৷”

অনুপমে আবেগেৰে ক’লে৷

দুয়ো একেলগে হাঁহিলে৷ গধুৰ বতা্খিনিয়ে হাঁহিৰ সুবাসতে সহজ হৈ লোৱাৰ চেষ্টা কৰিলে৷ মনত এজাক জোনাক লৈ বাহিৰৰ আন্ধাৰখিনিলৈ চাই চাই অনুপমে ভাবিলে, তাৰো যাবৰ হ’ল৷