Monday 23 January 2023

প্ৰত্যাৱৰ্তন (১)

বাটৰ বিঘিনি

ডিচেম্বৰৰ এটি মাজনিশা। বেংগালুৰু এয়াৰপৰ্টৰ এটা দীঘলীয়া শাৰীত তাম্মা আৰু মই। টোপনিৰ জালে মোক বাৰে বাৰে আমনি কৰিছে। কিন্তু এই দুপৰ নিশাও তাম্মা চিৰাচৰিতভাৱেই প্ৰাণচঞ্চল। হাঁহি হাঁহি মোক তাইৰ ডিঙিত মেৰিয়াই লোৱা স্কাৰ্ফখন দেখুৱাইছে। তাৰ ৰংটো যে চুটি কেকোঁৰা চুলিৰ এজাৰবুলীয়া হাইলাইটৰ সৈতে নভৱাকৈ মিলি পৰিল তাকে কৈ তাই হোহোৱাই হাঁহিছে। 

'কি হ'ল? তোমাৰ মুখত হাঁহি নাই যে!' ইংৰাজীতে কৈ তাম্মাই মোৰ দুবাহুত ধৰি জোকাৰি দিলে। 

'আমি নাগালেণ্ডলৈ যাবলৈ ওলাইছোঁ জলি!' সোঁৱৰালে তাই।

সেই সোঁৱৰণিয়ে মোক পলকতে লৈ গ'ল দহবছৰ আগৰ এটা দিনলৈ। এই বেংগালুৰুৰে এক প্ৰসিদ্ধ গৱেষণাগাৰ। মোৰ বাবে অচিন চহৰ, নতুন গৱেষণা, অসহজ পৰিৱেশ। কোঠাৰ এটা চুকত মই কামত ব্যস্ত।তেনেতে দুৱাৰেৰে ধুমুহাৰ দৰে তাম্মা সোমাই আহিল। একেই চুটি কেকোঁৰা চুলি, দক্ষিণ ভাৰতীয় মুখখনত আজিৰ দৰেই এক উজ্বল হাঁহি। দেহত আঁঠুলৈকে পৰা এটা ফুটুকীয়া কুৰ্তাৰ সৈতে নীলা জিনছ। মোৰ সহকৰ্মী সুমিত্ৰাৰ ফালে নাচি নাচি অহাদি আহি তাই ক'লেহি,

'সুমিত্ৰা!! মোৰ ফিল্ডৱৰ্কৰ ফাণ্ডিং আহিল। এইমাহতে নাগালেণ্ডলৈ গৈ আছোঁ!' 

তাৰপিছত 'নাগালেণ্ডলৈ গৈ আছোঁ' টো দোহাৰি তাই দুপাকমান ঘুৰি ঘুৰি নাচি পেলালে।

সিদিনা সেই উলাহ-উত্তেজনাৰ মাজত মোক তাম্মাই দেখা পাইছিলনে নাই নাজানো। কিন্তু প্ৰথমবাৰৰ বাবে তাইক দেখি, সেই প্ৰাণচাঞ্চল্যৰ তীব্ৰতা দেখি মোৰ অন্তৰ্মুখী মনটোৱে কিছু ভয়েই খাই গৈছিল কিজানি!  এওঁনো কেনে মানুহ বুলি!

যোৱা এটা দশকৰ পৰিক্ৰমাত, সুখে-দুখে বহু মুহুৰ্ত একেলগে কটাই সেই প্ৰশ্নটোৰ উত্তৰ পাইছোঁ। এই দীৰ্ঘসময়ত বহু কথাই সলনি হ'ল। সলনি হ'ল আমাৰ জীৱনো। তাম্মা এতিয়া বিশ্ববিদ্যালয়ৰ অধ্যাপিকা, মই সুদূৰ কানাডাত চৰকাৰী চাকৰিয়াল। কিন্তু আমি যেতিয়াই লগ হওঁ, সময়ৰ সেই পৰিক্ৰমা যেন থমকি ৰ'ৱ খোজে। ভাৱ হয়, একেই আছে সেই আন্তৰিক টান আৰু হাঁহিৰ খলকনি। একেই আছে 'নাগালেণ্ডলৈ গৈ আছোঁ' কথাষাৰে আনি দিয়া আবেগ-উত্তেজনাৰ জোৱাৰ।

'বেগৰ ওজনৰ কাৰণে চিন্তা কৰি আছা নেকি?' তাম্মাৰ মাতে মোৰ সম্বিত ভাঙিলে।

'তাকেহে, ইয়াত ফচি নগ'লেই হ'ল।' এয়াৰপৰ্টত মোক প্ৰায়ে ব্যতিব্যস্ত কৰি তোলা চিন্তা এইটো।

'হেই, একো চিন্তা কৰিবলগীয়া নাই। কিবা কৰি দুইজনীৰ মাজত মিলাই ল'ম।' তাম্মাৰ সহজ সমিধান।

তাইৰ ট্ৰলীত থকা ফিল্ড বেগটো চালোঁ। মোৰ ছ্যুটকেছতকৈ যথেষ্ট সৰু। হয়তো তাতে মিলাব পৰা হ'ব।  প্ৰসংগ সলাবলৈকে মই ক'লোঁ,

'তোমাৰ জোতাযোৰ ভাল লাগিছে। মই কিন্তু হাইকিঙৰ কাৰণে বেলেগকৈ জোতা অনা নাই। ওজন বঢ়াৰ ভয়তে!' 

তাম্মাই সোঁভৰিটো দাঙি জোতাযোৰ মোক ওচৰৰ পৰা দেখুৱাই ক'লে,

'বিশ্বাস কৰিবানে, এইযোৰ মই আজি সন্ধিয়া কিনি আনিছোঁ। নাগালেণ্ডৰ কাৰণে পেকিং কৰি থাকোঁতে দেখা পালোঁ মোৰ ফিল্ডৰ জোতাযোৰৰ এপাটত গোটেই শ্বুলটো এৰাই আহিছে। কৰোঁ কি! উপায় নাপাই য'ৰ কাম ত'তে এৰি ওচৰৰে বাটাৰ দোকানখন পালোঁগৈ।  এইযোৰ চকুত পৰাত খৰধৰকৈ কিনি লৈ আনিলোঁ।'

তাম্মা কেনে মানুহ সেয়া নজনা কোনোবা চাগৈ আচৰিত হ'লহেঁতেন। মই নহ'লোঁ। জানোঁ, নাগালেণ্ডৰ ভিতৰুৱা ঠাইত পাহাৰে-কণ্ডৰে বগাই ফুৰিবলৈ এযোৰ ভৰসা কৰিব পৰা জোতা বৰ দৰকাৰী। কেতিয়াও পিন্ধি নোচোৱা নতুন জোতা এযোৰে ক'ত কেতিয়া কি বিপদত পেলাব একো ক'ব নোৱাৰি। কিন্তু সেইবোৰ নিয়মতো তাম্মাৰ অভিধানত নাই!

'এতিয়াৰ পৰা পিন্ধি আছোঁ যাতে নাগালেণ্ডত পাহাৰ বগোৱালৈ এইযোৰ মোৰ ভৰিত সহজ হৈ পৰে!' মোৰ মনৰ ভাৱ বুজিব পাৰিয়েই কিজানি তাই ক'লে।

'ব'ৰ্ডিং পাছ প্লিজ!' কাউণ্টাৰৰ পৰা এয়াৰ এছিয়াৰ কৰ্মী গৰাকীয়ে মাত দিলে। আমাৰ পাল এইবাৰ।  

নিয়মমাফিক কামখিনি কৰি অঁতাই মোৰ প্ৰকাণ্ড  ছ্যুটকেছটো তুলি দিলোঁ। আস্ ভয় কৰাৰ দৰেই হ'ল। স্কেলত জিলিকি উঠিল ৰঙা সংখ্যাকেইটা- বিছ কেজি!! 

'মই আচলতে কানাডাৰ পৰা আহি আছোঁ! ইণ্টাৰনেশ্যনেল ফ্লাইটৰ পৰা আকৌ ওজন মিলাব লগা হৈছে। বেয়া নাপাই যদি এইখিনি ৰেহাই দিব পাৰিবনে?' ক'ব নোৱাৰাকৈ মোৰ মুখেৰে কথাষাৰ লেনিয়াকৈ ওলাল।

'নাই, নোৱাৰিম। পোন্ধৰ কেজিৰহে অনুমতি আছে। ইমান বেছি ওজন কেনেকৈ মিলাম কওক। আপুনিয়ে মিলাব পাৰে যদি কৰি চাওক।'

উপায়ন্তৰ হৈ কাউণ্টাৰৰ একাষে গৈ প্ৰকাণ্ড ছ্যুটকেছটো মেলি ধৰিলোঁ। মানুহৰ দীঘল শাৰীটোৰ পৰা ছিটিকি পৰা দৃষ্টিবোৰ আওকাণ কৰি গধুৰ বস্তু কি আছে বিচাৰিবলৈ লাগিলোঁ।  

'মোৰ বাৰ কেজি হৈছে। কি পাৰা মোৰ বেগতে ভৰাই দিয়া।' তাম্মাই কাষ চাপি আহি হাউলি লৈ ক'লে।

তাম্মাৰ কথামতেই বাইন'কুলাৰ, নোটবুক, জোতা যি পাৰো হেঁচি হেঁচি তাইৰ বেগত ভৰালোঁ। নাগালেণ্ডৰ শীতৰ বাবে অনা ৰঙা জেকেটটো তাই নিজৰ গাতে সোমোৱাই ল'লে। তাইৰ জোখতকৈ সৰু জেকেটটো টানি টানি পিন্ধা দেখি হাঁহি উঠিল। দুটা জেকেট ময়ো পিন্ধি ল'লোঁ। এইবাৰ বাৰু কোনোমতে মিলিলগৈ। বস্তু দি লৈ ঘামি জামি দুয়ো চিকিউৰিটি চেক পাৰ হৈ আকৌ সেইবোৰ খুলি হাতত ল'লোঁ। 

পুৱতি নিশাৰ ফ্লাইট। সেয়ে ব'ৰ্ডিং কৰিয়ে টোপনিত ঢলি পৰিলোঁ। কিন্তু সাৰ পাই দেখোঁ আমি উৰিবলৈ লৈছোঁহে। তেতিয়াহে উপলব্ধি হ'ল ফ্লাইট এঘণ্টা পলম হৈছে। লগে লগে উৎকণ্ঠিত হৈ পৰিলোঁ। এয়াৰ এছিয়াৰ এই ফ্লাইট কলকাতাত নমাৰ পিছত আমি ডিমাপুৰলৈ ইণ্ডিগ'ৰ ফ্লাইট ধৰিব লাগে। মাজত আছিল মাথোঁ দুঘণ্টা। এতিয়া তাৰে এঘণ্টা ইয়াতে নষ্ট হ'ল মানে আমাৰ কলকাতা এয়াৰপৰ্টত দস্তুৰমত হাঁহাকাৰ অৱস্থা হ'বগৈ।

কথাটো টং কৰিয়ে মোৰ টোপনিৰ জাল কাটি গ'ল। সাধাৰণতে একেটা এয়াৰলাইনৰ মাজত এনেকৈ সময়ৰ খেলিমেলি হ'লে মিলাই দিয়ে। কিন্তু এয়াৰলাইন বেলেগ বেলেগ হ'লে সেই আশা কম। 

তাম্মা কিছু আঁতৰত বহি আছিল। কলকাতাৰ মাটিত নমাৰ লগে লগেই নেটৱৰ্ক পাই তাইলৈ কল কৰিলোঁ।

'তাম্মা, আমাৰ হাতত সময় একেবাৰে কম!'

'ময়ো তাকে চিন্তা কৰি আছিলোঁ। বেগবোৰ ল'বলৈকো সময় লাগিব। কি কৰা যায়?

'এটা কাম কৰোঁ। যিমান পাৰোঁ সোনকালে ইয়াৰ পৰা ওলোৱাৰ চেষ্টা কৰিব লাগিব। ইজনীয়ে সিজনীক লগ পাবলৈ ৰোৱাৰ দৰকাৰ নাই। এয়াৰপৰ্টত তুমি লাগেজ বেল্টত ৰ'ৱা। মই গৈ পায়ে ইণ্ডিগ' এয়াৰলাইনৰ মানুহ বিচাৰিম। বুজাই ক'লে কিবা উপায় ওলায়েবা।'

কথা মতেই কাম। ফ্লাইটৰ দুৱাৰ খোলাৰ লগে লগেই দুয়ো দুফালে দুৱাৰলৈ দৌৰ দিলোঁ। বাছ পাই মই আগতীয়াকৈ এয়াৰপৰ্ট পালোহি। কেবিনত নিয়া ছ্যুটকেছৰ চকা ঘুৰাই ইণ্ডিগ'ৰ মানুহ বিচাৰি দৌৰ দিলো। ইতিমধ্যে ন বাজি গৈছে। 

ইণ্ডিগ'ৰ কাউণ্টাৰ এটা দেখি হুৰামূৰাকৈ সুধিলোগৈ। দুগৰাকী মহিলা কৰ্মী। দুয়োৰে চকু সন্মুখৰ স্ক্ৰীণত আবদ্ধ। 

'আমাৰ ফ্লাইট দেৰিকৈ পালেহি। এতিয়া এঘণ্টা পিছতে দহবজাত ইণ্ডিগ'ৰ ফ্লাইট আছে, কি কৰোঁ বাৰু?'

এগৰাকীয়ে মোৰ ব'ৰ্ডিং পাছখন লৈ চকু ফুৰালে। তেওঁৰ গোল মুখ বা কাজল সনা টনা টনা দুচকুত কোনো অভিব্যক্তি ফুটি নুঠিল। যেন এয়াৰপৰ্টৰ এই লৰা-ঢপৰা, অস্থিৰতাই চুব নোৱাৰা এক অৱস্থানত তেওঁ এক নিৰ্লিপ্ত সত্তা।

'আপোনাৰ লাগেজ কিমান আছে?'

'আৰু এটা বেগ আছে। বেল্টত অহাই নাই। মোৰ বন্ধু এগৰাকী আছে। তাইৰো বেগ পোৱাই নাই।' 

'আপোনালোকৰ চেক-ইন, চিকিউৰিটি চেকৰ কাৰণে সময় নোলাব। ফ্লাইটৰ ব'ৰ্ডিং গেইট পচিছ মিনিট আগতেই বন্ধ হৈ যাব। বেগ পালেই লৈ ইয়ালৈ আহক। আমি কিবা কৰিব পাৰোঁ নেকি চাওঁ। যিমান পাৰি সোনকালে আহক মাত্ৰ।' নিৰুদ্বেগ মাতেৰেই তেওঁ ক'লে।

এইবাৰ মই লাগেজ বেল্টলৈ দৌৰিলোঁ। বেগবোৰ আহিবলৈ আৰম্ভ কৰিছে। তাম্মাই ট্ৰলী দুখন সাজু কৰি লৈ খাপ পিটি ৰৈ আছে। দাঁত-ওঁঠ কামুৰি ময়ো তাইৰ লগ হ'লোঁ। দুয়োৰে এটা চকু বেল্টৰ হৰেক ৰকমৰ বেগবোৰৰ ওপৰত আৰু আনটো বেল্টৰ কাষৰ ৱালত থকা প্ৰকাণ্ড ঘড়ীটোৰ ওপৰত।

ন বিছ, ন পঁচিছ, ন ত্ৰিছ। আমাৰ সন্মুখেৰে বেগবোৰ আহি আছে। বহুজনে ট্ৰলীত বেগ উঠাইছে। উবাৰ মাতিছে। লাহে লাহে মানুহবোৰ ঘৰমুৱা হৈছে। আমাৰ বেগ দুটাৰ দেখাদেখি নাই। মোৰ উশাহবোৰ ঘন হৈছে। সেই ঠাণ্ডাতো সমগ্ৰ দেহ ঘামি উঠিব খুজিছে।

'আমি ফ্লাইটখন নাপামগৈ আৰু! কলকাতাত যদি হোটেলত ৰাতিটো কটাই দিওঁ এয়াৰ এছিয়াকে সেইটো খৰচ দিবলৈ ধৰিম- কাইলৈ ৰাতিপুৱা ডিমাপুৰলৈ ফ্লাইট....'

'তাম্মা! সেইবোৰ নহয়।'মোৰ মাতটো অলপ ডাঙৰকৈ ওলাল। 

'এতিয়াও পাই যাব পাৰোঁ। কেনেকৈ পাম সেয়া ভাবিব লাগে। নাপালে কি হ'ব ভাবি কিয় সময় নষ্ট কৰিছা?'

'নহয় মানে সেইটো ভাৱি থ'লে টেনছন কমি থাকে। বেক আপ প্লেন এটা লাগেতো।' তাম্মাৰ মাতত বুজনিৰ সুৰ।

'নালাগে।' মোৰ অধৈৰ্য্য মাত। 'যেনেকৈ হ'লেও আজিয়ে আমি নাগালেণ্ড পামগৈ!' 

নিজৰ মাতৰ দৃঢ়তাত মই নিজেই অলপ আচৰিত হ'লোঁ। আজি যে তিনিবছৰৰ মূৰত আপোন ঠাইখনলৈ উভতিছোঁ। আৰু যেন এটা দিনো পলম হোৱাতো মই মনেৰে মানি ল'ব পৰা নাই!

'সেয়া সেয়া, সেইটো তোমাৰ বেগ!!' মোৰ প্ৰায় চিঞৰ এটাই ওলাল। 

তাম্মাই লগে লগে ট্ৰলীৰ চকা ঘুৰাই দৌৰ দিলে। তাইক আঙুলীয়াই দেখুৱালোঁ,  

'সৌৱা বাওঁফালৰ চুকটো ঘুৰিলেই ইণ্ডিগ'ৰ কাউণ্টাৰটো আছে। গৈ কোৱাগৈ বেগ পালোঁ বুলি। ময়ো গৈ আছোঁ।'

তাম্মা যোৱাৰ কিছু পিছতে ভাগ্যে মোৰ বেগো আহিল। লগে লগে মোৰো দৌৰ। ইতিমধ্যে চাৰে ন বাজি গৈছে। আজি ডিমাপুৰ গৈ পোৱাৰ আশাটো ক্ষীণ হৈ আহি আছে।

কাউণ্টাৰত সেই একেই গোল মুখ, টনা টনা চকু। তাম্মাৰ কাষতে বেগেৰে সৈতে আৰু এজন যুৱক। তেওঁৰ খৰ খৰ কথাকেইষাৰত গম পালোঁ তেওঁৰো আমাৰ দৰেই দশা।

আমাৰ ৰূপ দেখি সেই নিৰ্লিপ্ত সত্তায়েই উপায় দিলে,

'আপোনালোকৰ ফ্লাইটৰ ব'ৰ্ডিং আৰম্ভ হ'লেই। গতিকে এতিয়া চেক ইন কৰিলে নাপায়গৈ। বেগেৰে সৈতে চিকিউৰিটি চেকলৈ যাওক।আমি পঠাইছোঁ বুলি ক'ব। আমিও জনাই দিম।'

কথাষাৰ শেষ হ'বলৈ নাপালেই মই ভিৰাই দৌৰ দিলোঁ। মোৰ পিছে পিছে তাম্মা আৰু সেই ল'ৰাজন। আমাৰ প্ৰত্যেকৰে হাতত প্ৰকাণ্ড বেগৰ ট্ৰলী। আমাৰ ৰূপ দেখিয়ে কিজানি কলকাতা এয়াৰপৰ্টৰ ভিৰৰ মাজতো বাট ওলাল। চিকিউৰিটি চেকৰ দীঘলীয়া শাৰীতো মানুহবোৰ একাষৰীয়া হৈ দিলে। 'থেংক ইউ' কৈ কৈ মই আমাৰ উধাতু খোৱা দলটো আগবঢ়াই নিলোঁ। 

চিকিউৰিটি চেকত আমাৰ বয়-বস্তু দেখি পুলিচ কেইজন অলপ বিবুধি হ'ল। প্ৰকাণ্ড বেগ কেইটা স্কেন কৰাই ইটো সিটো উলিয়াবলৈ ক'লে। তেতিয়ালৈ আমাৰ অস্থিৰ ৰূপ। অচিনাকি যাত্ৰী কোনোবাই ট্ৰেবোৰ আনি দিলে, কোনোবাই স্কেনলৈ আগবঢ়াই দিলে, তাম্মা আৰু মোৰ স্কেনত উলিওৱা বস্তু কাৰ কি বেগত সোমাল একো হিচাপ নাথাকিল। তেনেকৈয়ে গৈ অৱশেষত গেইট পালোঁগৈ। 

গৈ দেখোঁ গোটেইখন নিমাও মাও! 

ফ্লাইট গ'লেই নেকি!! ইফালে সিফালে চাওঁতে এজন যুৱক আগবাঢ়ি আহিল। ইণ্ডিগ'ৰ ক্ৰু।

'অহ্‌, আপোনালোকক ফাইনেল কলত কিমানবাৰ মাতিলো!'  আমাৰ ট্ৰলীবোৰলৈ চাই তেওঁ ক'লে,

'এই গোটেইবোৰ বেগ আপোনালোকৰ লগত যাব?' 

আমি ফোঁপাই জোপাই মাথোঁ মূৰ দুপিয়ালো।

গেইটৰ দুৱাৰ খুলি দি অন্য এজন যুৱকে হাঁহি হাঁহি ইংৰাজীতে ক'লে 'ইমান কম বস্তু আনিলে যে!'

আমি হাঁহি পেলালোঁ। স্বস্তি আৰু সন্তুষ্টিৰ হাঁহি। 

ফ্লাইটত বহি প্ৰথমে এগিলাচ পানী খুজিলোঁ। দীঘলকৈ এটা উশাহ এৰিলোঁ। উস্‌ কেনে টনাটনিকৈ পালোঁহি!

কাষতে বহা তাম্মালৈ চকু গ'ল। তিনিটা দীঘলীয়া বছৰৰ শেষততেনে সঁচাই আমি নাগালেণ্ডলৈ ওলাইছোঁ! নাগালেণ্ড- যাৰ আত্মীয়তাৰ শিপাই সাত সাগৰ তেৰ নদীৰ সিপাৰেও মোক আঁটি আঁটি বান্ধি ৰাখে, যাৰ অবাৰ্চীন ৰং-ৰূপ আৰু স্মৃতিয়ে মোক অহৰহ হাত বাউলি দি থাকে সেই সপোনপুৰীলৈ উভতিছোঁ! তাকো তাম্মাৰ সৈতে একেলগে! আমাৰ বন্ধুত্ব আৰু নাগালেণ্ডৰ মায়া যেন একেডাল সূতাৰে বন্ধা। 

তাইক দুবাহুত ধৰি জোকাৰি দি মই এইবাৰ উলাহেৰে ক'লোঁ,

'তাম্মা, আমি সঁচাই নাগালেণ্ডলৈ গৈ আছোঁ!'

পলকতে এক অবুজ আবেগৰ জোৱাৰে আমাক দুয়োকে বুৰাই পেলালে। এটা দশকৰ আগৰ সেই দিনটোৰ দৰেই।

ফ্লাইটৰ পৰা দেখা পোৱা নাগালেণ্ডৰ ৰূপ

আগলৈ.....