Showing posts with label জীৱনবোধ. Show all posts
Showing posts with label জীৱনবোধ. Show all posts

Saturday, 12 March 2022

চিন্তাৰ ফান্দ

’মোৰ আজি পৰীক্ষা বেয়া হোৱাটো খাটাং!’

’এই পৃথিৱীৰ সকলো মানুহেই স্বাৰ্থপৰ৷’

’যিমানেই চেষ্টা নকৰোঁ, মই কেতিয়াও ভৱামতে ফল নাপাওঁ৷’

’সবেই মোৰ বেয়া হোৱাটোৱে বিচাৰে৷’


’সি পৰীক্ষাত ফেইল কৰিলে৷ তাৰ দ্বাৰা আৰু জীৱনত একো নহব৷’

আপোনাৰ মনলৈ যদি 
প্ৰায়ে এনে ভাৱ কিছুমান আহে, তেনে এই লেখাটো আপোনাৰ কাৰণে! অবিশ্বাস্য হ’লেও আচলতে এই সকলোবোৰ একো একোটা চিন্তাৰ ফান্দ (Thinking trap)! সেই ফান্দত পোনেই ভৰি নথৈ ক্ষন্তেক থমকি ৰৈ যদি আপুনি ভাৱি চায়, দেখিব যে এনে চিন্তাবোৰ বহুসময়ত কেৱল আপোনাৰ নিজা অনুভৱ, সেয়া প্ৰকৃতাৰ্থত সঁচা নহবও পাৰে৷ এই এটা মাত্ৰ উপলব্ধিয়েই আপোনাৰ জীৱনৰ গতি সম্পূৰ্ণ সলনি কৰি দিব পাৰে৷ আহকচোন চাওঁ কেনেকৈ!

চিন্তাৰ ফান্দ হ’ল আমাৰ মনত অভ্যাসবশত: উপজা নেতিবাচক চিন্তাৰ সোঁত৷ আমি যি পৰিৱেশত ডাঙৰ হৈছোঁ বা দৈনন্দিন জীৱন পাৰ কৰিছোঁ সেই সকলোবোৰে এনে ফান্দবোৰ সৃষ্টি কৰাত আৰু অব্যাহত ৰখাত সহায় কৰে৷ এই ফান্দত পৰিলে আপোনাৰ মগজুৱে বাস্তৱতনো সেই চিন্তাৰ কিমান সত্যতা আছে তাৰ বিচাৰ কৰাৰ অৱকাশ নোপোৱা হয়৷ প্ৰতিটো কথাৰে যে ভাল-বেয়া দুয়োটা দিশ থাকিব পাৰে সেয়া বাচ-বিচাৰ নকৰাকৈ আপোনাক চিন্তাৰ ফান্দে পোনেই লৈ যায় আবেগিক সিদ্ধান্তলৈ৷ বহুসময়ত এনে চিন্তাৰ ফান্দে নিৰন্তৰ পিষ্ট কৰি থাকি আপোনাক বিষণ্ণতাৰ মাজলৈকো ঠেলি দিব পাৰে৷

উৎস


এনে কিছুমান চিন্তাৰ ফান্দ আৰু সেই ফান্দবোৰ এৰাই চলাৰ উপায় এনেধৰণৰ-

(১) ক’লা-বগা চিন্তা (All-or-nothing thinking)

আশা কৰাৰ দৰে আপোনাৰ কামটো নহ’ল, চাকৰিটো নাপালে, পৰীক্ষাত ভাল নম্বৰ নাপালে৷ লগে লগে আপোনাৰ মনলৈ আহিল, ’মই একোৰে লায়ক নহয়’ বা ’মোৰ ভাগ্যই বেয়া’৷ কিন্তু ক্ষন্তেক ৰৈ দকৈ ভাৱি চালে দেখিব, প্ৰত্যেকৰ জীৱনলৈ সৰু-বৰ বিফলতা আহেই৷ কেতিয়াবা বিফলতাই নতুন বাটৰ, অন্য সফলতাৰ সুযোগো লৈ আনে৷ গতিকে বহুসময়ত এনে ’সকলো বহুত ভাল বা সকলো বহুত বেয়া’ ধৰণৰ চিন্তাৰ ফান্দৰ পৰা ওলাবলৈ নিজকে সোঁৱৰাই দিব পাৰে, ’বেয়াৰ মাজতো ভাল থাকে, সেয়া চিনিব পৰাটোহে ডাঙৰ কথা৷’

(২) ভিত্তিহীন ধাৰণা (Mind-reading)


বহুসময়ত আমি নিজৰ অজানিতেই অন্য লোকে কি ভাৱিছে তাৰ ধাৰণা কৰি লওঁ৷ ’মই বিপদত পৰিলে সিহঁতে ভালেই পায়’, ’তাই মোৰ বদনাম গাইহে ফুৰিব’, ’মোৰ কথা শুনি সকলোৱে কিজানি মনতে হাঁহিছে’, ’মই জানো তেওঁ মোক দেখিবই নোৱাৰে’ আদি এনেধৰণৰ চিন্তাৰ ফান্দ৷ তাৰ সলনি এবাৰ নিজকে মনত পেলাই দিয়কচোন, অন্যৰ মনত কি আছে সেয়া নোকোৱাকৈ আপুনি জনাৰ কোনো উপায় নাই৷

(৩) ভৱিষ্যত দ্ৰষ্টা (Fortune-telling)

কোনো বাস্তৱ ভিত্তি নথকাকৈয়ে আমি বহু কথা বা কামৰ নেতিবাচক ফল হ’ব বুলি ধৰি লওঁ৷ ’আজি পৰীক্ষা বেয়া হ’বই’, ’ফুৰিবলৈ যোৱাৰ আগতে গা বেয়া হ’বই’, ’চাকৰিটো নাপাওঁ বুলি জানোৱে’ -এই সকলোবোৰ চিন্তা এনে ফান্দৰ উদাহৰণ৷ অথচ আমি সকলোৱে জানো, ভৱিষ্যতে কি হ’ব সেয়া আচলতে কোনেও ডাঠি ক’ব নোৱাৰে৷

(৪) সাধাৰণীকৰণ (Overgeneralisation)

আমাৰ প্ৰত্যেকৰে জীৱনলৈ ভাল-বেয়া সময় আহে৷ কিন্তু এবাৰ কিবা এটা বেয়া হ’লে আমি কেতিয়াবা ধাৰণা কৰি লওঁ, ’মোৰ লগত সদায় এনেকুৱাই হয়’৷ চিন্তাৰ সোঁতত যেতিয়াই ’সদায়’, ’সকলোৱে’, ’কেতিয়াও’ আদি শব্দ সোমাব, তেতিয়াই সাৱধান হওক৷ কাৰণ প্ৰায়ে এই কথা বা কামবোৰৰ ইটোৰ লগত সিটোৰ সম্পৰ্ক নাই৷ এটা বেয়া অভিজ্ঞতাই সকলোবোৰ অভিজ্ঞতা বেয়া হোৱাৰ সম্ভাৱনা আনি নিদিয়ে৷

(৫) আপদ চিন্তা (Catastrophising)

প্ৰায়বোৰ পৰিস্থিতিতে আপুনি আটাইতকৈ বেয়া ফলটো কল্পনা কৰি লয় নেকি? ’যদি এই চাকৰিটো নাপাওঁ মই গোটেই জীৱন নিবনুৱা হৈ থাকিম, সমাজে মোক হাঁহিব’, ’মেডিকেল কলেজত ছিট এটা নাপালে মোৰ জীৱন বিফল’ -এইবোৰ আপদ চিন্তাৰ ফান্দ৷ প্ৰকৃতাৰ্থত পৰিস্থিতিয়ে তেনেকুৱা ৰূপ নল’বও পাৰে৷ কেৱল এটা কাৰকেই আপোনাৰ সমগ্ৰ জীৱন অৰ্থহীন কৰি নুতুলিবও পাৰে৷ গতিকে এনে চিন্তাৰ ফান্দত পৰিলে অন্য সম্ভাৱনা বা বাটবোৰৰ বিষয়ে নিজকে সোঁৱৰাওক৷

(৬) ব্যক্তিগতকৰণ (Personalization)

’সকলো মোৰেই ভুল’, ’তাই আঁতৰি থকা যেন লাগিছে, ময়ে কিবা কৈ বা কৰি তাইক দুখ দিলো চাগৈ’ -আপোনাৰ চাৰিওফালে অন্যই যি কয় বা কৰে সকলোৰে বাবে আপুনি নিজকে এনেকৈ দোষী সাব্যস্ত কৰে নেকি? বাস্তৱত অন্যৰ কথা বা কামৰ আঁৰত আন হাজাৰটা কাৰণ থাকিব পাৰে৷ তাৰে এটা আপুনি নহবও পাৰে৷ এই চিন্তাৰ ফান্দত পৰা যেন দেখিলে বাকীবোৰ সম্ভাৱনা চালি-জাৰি চোৱাৰ চেষ্টা কৰক৷

(৭) উচিত-অনুচিতৰ ফান্দ (Should Statement)

বহুসময়ত আমি উচিত-অনুচিতৰ বান্ধোনেৰে নিজকে বা আনক আঁটি আঁটি বান্ধি ৰাখিবৰ চেষ্টা কৰোঁ৷ ’এইটো কৰা উচিত’, ’তেনেকৈ কোৱা অনুচিত’ আদিবোৰৰ অলপো ইফাল সিফাল হ’লে আমি হতাশ হওঁ, দুখ, ক্ষোভ বা খঙে আৱৰি ধৰে৷ কিন্তু সেইসময়ত মনত পেলাওকচোন, এই উচিত অনুচিতৰ নিয়মবোৰ আমাৰে সৃষ্ট৷ জীৱনৰ বোঁৱতী নৈক বহুসময়ত উচিত-অনুচিতৰ এনে শিকলিৰে বান্ধি ৰাখিব পৰা নাযায়৷

(৮) নেতিবাচক ছেকনী (Filtering)

বহু পৰিস্থিতিত আমাৰ মনোযোগ স্থিৰ হৈ ৰয়গৈ নেতিবাচক কথা বা কামত৷ আপোনাৰ কামৰ তিনিজনে যদি প্ৰশংসা কৰিলে কিন্তু এজনে সমালোচনা কৰিলে, আপোনাৰ চিন্তাত মধ্যমণি হৈ ৰৈ যাব সেই সমালোচনাখিনি৷ মেট্ৰিক পৰীক্ষাত এটাৰ বাহিৰে আপোনাৰ ছোৱালীজনীয়ে সকলোতে লেটাৰ মাৰ্ক পালে৷ কিন্তু আশানুৰূপ নম্বৰ নোপোৱা সেই এটা বিষয়ক লৈ আপুনি উচপিচাই উঠিব৷ এইবিষয়ে সচেতন নহ’লে এই নেতিবাচক ছেকনীয়ে আপোনাৰ জীৱনটো নিৰন্তৰ ছেকি ছেকি ’নাই নাই’ৰ ফান্দতে বন্দী কৰি ৰখাৰ সম্ভাৱনা৷

চিন্তাৰ ফান্দৰ পৰা মুক্তি পোৱাৰ প্ৰথম পদক্ষেপটো হ’ল আপোনাৰ মনত চলি থকা এই ফান্দবোৰনো কি সেয়া চিনাক্ত কৰা৷ এইবিষয়ে সচেতন হ’লে আপুনি পোনেই তাত জাঁপ নিদি পৰিস্থিতি এটা বাস্তৱসন্মতভাৱে চালি-জাৰি চোৱাৰ চেষ্টা কৰিবলৈ ল’ব৷ এটা চিন্তাৰ আলম লৈয়ে সুখ-দুখ-খং-ক্ষোভৰ আবেগে এখন সাগৰৰ জোৱাৰ আনি দিব পাৰে৷ গতিকে এনে চিন্তাৰ ফান্দৰ কালচক্ৰটো আৰম্ভণিতেই ভঙাৰ চেষ্টা কৰাৰ দৰকাৰ৷
চিন্তাৰ ফান্দত জাঁপ দিয়াৰ আগতে এটা ছেকেণ্ডৰ বাবে থমকি ৰওক৷ নিজকে এবাৰ সুধি চাওক, আপোনাৰ চিন্তা কিমানদূৰ সত্য৷ পৰিস্থিতিটো মই ভৱাৰ দৰেই হয়নে? আজি পৰীক্ষা বেয়া হ’বই বুলি কি প্ৰমাণ আছে? তেওঁ মোৰ কথা মনতে কি ভাৱিছে সেয়া মই কেনেকৈ জানো? এই এটা কাম কৰিব নোৱাৰিলো কাৰণে মই যে একো কামৰেই যোগ্য নহওঁ তাৰ কি প্ৰমাণ আছে?

প্ৰতিদিনে আমাৰ মনলৈ অহা প্ৰতিটো চিন্তাকে সঁচা বুলি ধৰি নলৈ মাথোঁ নিজা এটা অনুভৱ বুলি ল’বলৈ অভ্যাস কৰিলেই বহুতো চিন্তাৰ ফান্দত পৰাৰ পৰা হাত সাৰিব পাৰি৷ এনে চিন্তাৰ ফান্দবোৰ যিমানেই চিনিব আৰু ফান্দত ভৰি পৰাৰ আগতেই সাৱধান হ’ব সিমানেই আপুনি জীৱনটো সুখ আৰু পৰিপূৰ্ণতাৰে কটোৱাৰ বাবে ন ন বাট মুকলি হ’ব৷ 


এইবিষয়ে অধিক জানিবলৈ:

Friday, 8 October 2021

প্ৰেমৰ ভাষা

ৰোমান্টিক সম্পৰ্কই হওক বা জীৱনৰ অন্য কোনো সম্পৰ্কই হওক, আমি প্ৰত্যেকেই বেলেগ বেলেগ ধৰণে ভালপোৱা অনুভৱ কৰোঁ আৰু অন্যৰ প্ৰতি সেয়া প্ৰকাশ কৰোঁ৷ গৱেষণাই দেখুৱাইছে যে প্ৰত্যেক ব্যক্তিয়ে এক বিশেষ ভাষাৰে প্ৰেম বা ভালপোৱা প্ৰকাশ কৰে আৰু অন্যই সেই একে ভাষাৰে প্ৰকাশ কৰা ভালপোৱাৰ প্ৰতিহে সঁহাৰি জনায়৷ এই প্ৰেমৰ ভাষাৰ ভিত্তিতেই প্ৰত্যেক সম্পৰ্ক গঢ় লয় আৰু প্ৰেমৰ ভাষাৰ ভিন্নতাই কেতিয়াবা হৃদয়ৰ সঁচা বান্ধোনতো বাধা আনি দিয়ে৷ গতিকে এই প্ৰেমৰ ভাষাৰ পাৰস্পৰিক অমিল-মিল সম্পৰ্কে অৱগত হোৱাটো যিকোনো সুখী আৰু পৰিপূৰ্ণ সম্পৰ্ক গঢ়াৰ বাবে অপৰিহাৰ্য্য৷ 

যিকোনো মানুহে মূলত: পাঁচবিধ ভাষাৰে ভালপোৱা অনুভৱ আৰু প্ৰকাশ কৰে- মৰমৰ মাত-কথা (Words of Affirmation), বৈশিষ্টপূৰ্ণ সময় (Quality Time), শাৰীৰিক সংস্পৰ্শ (Physical Touch), নিস্বাৰ্থ সহায় (Acts of Service) আৰু উপহাৰ (Receiving Gifts)৷ এই পাঁচবিধ প্ৰেমৰ ভাষা সম্পৰ্কে  ডা° গেৰি চেপমেনে তেওঁৰ 'The Five Love Languages' নামৰ গ্ৰন্থখনত বিস্তৃতভাৱে আলোচনা কৰিছে৷ আপোনাৰ বাবে প্ৰেমৰ প্ৰাথমিক ভাষা কি জানেনে? সেয়া জানিবলৈ ডা° চেপমেনে প্ৰস্তুত কৰা এই কুইজে সহায় কৰিব পাৰে৷

মৰমৰ মাত-কথা গভীৰভাৱে বুজাসকলে ভালপোৱা অনুভৱ কৰে প্ৰশংসা, উৎসাহ বা সমৰ্থনদায়ী শব্দৰে৷ তেওঁলোকৰ বাবে আন্তৰিক সম্পৰ্কত মৰমৰ মাত এষাৰ, প্ৰশংসাৰ এটি বাক্যই গভীৰ সাঁচ বহুৱায় যায়৷ তেনেদৰে বৈশিষ্টপূৰ্ণ সময়ৰ ভাষাৰে ভালপোৱা সকলৰ বাবে আপোনজনৰ সম্পূৰ্ণ মনোযোগ অত্যন্ত গুৰুত্বপূৰ্ণ৷ শাৰীৰিক সংস্পৰ্শ ভাষী গৰাকীয়ে ভালপোৱা অনুভৱ কৰে হাত, চুলি বা কান্ধত ক্ষণিক স্পৰ্শৰ পৰা আলিংগনকে আদি কৰি যিকোনো শাৰীৰিক সংস্পৰ্শৰ যোগেদি৷ নিস্বাৰ্থ সহায়ৰ ভাষা বুজা লোকসকলৰ বাবে আপোনজনে  সুচিন্তাপূৰ্ণ কোনো কাম কৰি, সহায় আগবঢ়াই সম্পৰ্কৰ বান্ধোন কটকটীয়া কৰিব পাৰে৷ একেদৰে অন্য বহুতৰ বাবে একোটা ভাল লগা উপহাৰ আৰু সেই উপহাৰৰ আঁৰত থকা প্ৰচেষ্টা খিনিয়ে ভালপোৱাৰ অনুভৱ আনি দিয়ে৷

সম্পৰ্ক এটা গঢ় লওঁতে দুগৰাকী ব্যক্তিৰ মাজত প্ৰেমৰ ভাষাৰ ভিন্নতা দেখা দিয়াটোৱে স্বাভাৱিক৷ কিন্তু এই সম্পৰ্কে অৱগত হোৱাৰ পিছত যিকোনো লোকেই আপোনজনৰ প্ৰেমৰ প্ৰাথমিক ভাষাৰে ভালপোৱা প্ৰকাশ কৰিবলৈ শিকিব পাৰে৷ যিকোনো সম্পৰ্ক সুমধুৰ আৰু দৃঢ় কৰি তোলাৰ বাবে এই প্ৰেমৰ ভাষা বুজা আৰু শিকাই আটাইতকৈ গুৰুত্বপূৰ্ণ উপায়৷  







তথ্যউৎস: