Tuesday 28 February 2017

এজাক ৰ’দৰ সন্ধানত: স্পেইন আৰু পৰ্টুগালত এসপ্তাহ (৪)


গৰমকালি বাৰ্চিলোনাৰ সমুদ্ৰতীৰৰ আবেদন সুকীয়া৷
বাৰ্চিলোনাৰ সাগৰৰ পাৰত

এতিয়া শীতৰ সময়ত সাগৰৰ পানী হিমচেঁচা হৈ থাকিব বুলি জানিও এপাক মৰাৰ লোভ সামৰিব নোৱাৰিলো৷ এদিন পুৱাতে ওলালো-খোঁজেৰেই৷ কুকুৰ ফুৰাবলৈ বা জগিং কৰিবলৈ অহা কেইগৰাকীমান মানুহৰ বাহিৰে অন্য কাকো দেখা নাপালো৷ একোকাপকৈ হট চকলেট লৈ বালিতে বহিলোগৈ আমি৷ যিমানবাৰ দেখিলেও সাগৰ সদায়ে নিত্য-নতুন; প্ৰত্যেক সাগৰৰেতো ৰং-ৰূপ সকলো ভিন্ন৷ এইখন ভূমধ্য সাগৰ৷ ঢৌৰ গৰ্জন, গাল চৰাইৰ খেলা, সাগৰৰ সিপাৰে ডাৱৰ ফালি ওলাই অহা বেলিটোৰ ৰাঙলী মুখ- দিনটোৰ সুভাৰম্ভণি হ’বলৈ এয়াই যথেষ্ট আছিল৷

মোৰ প’জ দিয়াৰ চেষ্টা


পিকাছো ইন দ্য মেকিং

বাৰ্চিলোনালৈ অহা কোনো ব্যক্তিয়েই পিকাছোৰ সংগ্ৰহালয়ত ভৰি নিদিয়াকৈ এই ঠাই এৰি নাযায়৷ আমিও সেই আকৰ্ষণ এৰিব নোৱাৰিলো৷ স্পেইনৰ সুযোগ্য সন্তান বিশ্ববিখ্যাত চিত্ৰকৰ পাবলো পিকাছোৰ সৃষ্টিসমূহ লৈ সগৌৰৱে থিয় দি আছে মিউজিঅ’ পিকাছো (Museu Picasso)৷ পিকাছোৱে জীৱনৰ উৰ্বৰ সময় এখিনি বাৰ্চিলোনাত পাৰ কৰিছিল৷ তেওঁ নিজেই ইচ্ছা প্ৰকাশ কৰিছিল যে তেওঁৰ ছবিৰ সংগ্ৰহালয়টো বাৰ্চিলোনাত হওক৷



সংগ্ৰহালয়ত ছাত্ৰ-ছাত্ৰীৰ টিকেট বিনামূলীয়া ৷ যথেষ্ট ডাঙৰ বাবে দৰ্শকে নিজৰ পছন্দ অনুসৰি কেৱল মূল সৃষ্টি (masterpiece) সমূহ চাব পৰাকৈ চমূ ট্যুৰ বা সকলো খুঁটি নাটি মাৰি চাবলৈ দীঘলীয়া ট্যুৰ ল’ব পাৰে৷ সেইমতে বিভিন্ন উল্লেখযোগ্য ছবিবোৰৰ বিষয়ে জানিবলৈ অ’ডিঅ’ গাইডো ল’ব পাৰি৷ আমি মাষ্টাৰপিচ কেইখনৰ কাৰণে এটা ল’লো৷

মন কৰিলোঁ, পিকাছোৰ সৰুকালৰ পৰা শেষবয়সলৈকে বিভিন্ন সময়ত অঁকা ছবিবোৰ ক্ৰমান্বয়ে বেলেগ বেলেগ কোঠাত সজাই ৰাখিছে৷ প্ৰথম মাষ্টাৰপিচখন ’ দ্য ফাৰ্ষ্ট কমিউনিয়ন’- ছবিখনৰ কাষতে থকা বৰ্ডত দিয়া মতে মাইক্ৰফোনৰ নম্বৰ টিপিলো৷ ইংৰাজীতে এটা গহীন মাতে আমাক কৈ গ’ল,
পিকাছোৰ ’ফাৰ্ষ্ট কমিউনিয়ন’
”এইখন অঁকাৰ সময়ত পিকাছোৰ বয়স আছিল মাথোঁ পোন্ধৰ বছৰ৷ দেউতাকৰ উৎসাহতে পিকাছোৱে ১৮৯৬ চনত বাৰ্চিলোনাত ফাইন আৰ্টছৰ প্ৰদৰ্শনীৰ বাবে এই ছবিখন আঁকিছিল৷ ছবিখনে সেইসময়তে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হ’ল৷ বহুতে কয়, ছবিখনৰ কেথ’লিক ছোৱালীজনী পিকাছোৰ বায়েক ল’লা.......৷” ছবিখনৰ আঁৰৰ কাহিনীবোৰ সহজ-সৰলকৈ কৈ গ’ল গহীন মাতটোৱে৷ সেইবয়সতে অঁকা অন্য এখন মাষ্টাৰপিচ ”চায়েন্স এণ্ড চেৰিটি”ৰ আঁৰতো পিকাছোৰ দেউতাকৰ উৎসাহ-উদ্দীপনাই মূল হেনো৷ প্ৰথমখন ছবিৰ সফলতাৰ পিছতেই দেউতাকে কিশোৰ পিকাছোৰ বাবে বাৰ্চিলোনাত এটা গাইগুটীয়া ষ্টুডিঅ’ ভাৰালৈ লৈ দিয়ে-সেইটোৱে পিকাছোৰ জীৱনৰ প্ৰথম ষ্টুডিঅ’৷ ইয়াতেই পিকাছোৱে ’চায়েন্স এণ্ড চেৰিটি’ আঁকে৷ ছবিখনৰ বিভিন্ন দিশসমূহ অ’ডিঅ’ গাইডে আঙুলীয়াই দিয়াৰ বাবেই নেকি আমিও সুক্ষ্মকৈ চাবলৈ বাধ্য হ’লো৷ সেইসময়ৰ চিকিৎসাবিজ্ঞানৰ গুৰুত্বও ছবিখনত দেখা যায়৷
পিকাছোৰ অন্য এখন মাষ্টাৰপিচ, ’চায়েন্স এণ্ড ছ’ছাইটি’
কিছুপৰ থৰ লাগি চোৱাৰ পিছত প্ৰজ্ঞাই ক’লে,
”মন কৰিছনে? ছবিখনত অলপ ভুল আছে! জ্যামিতিৰ!”
মই বোলো, পিকাছোৰ ছবিৰ ভুল উলিয়ালেনে এই৷ মোৰ মুখত ব্যংগ দেখি তাই ক’লে,
”ভালকৈ চাচোন৷ ৰুমটোৰ দুইখন বেৰ কেনেকৈ ইখনে সিখনৰ লগত লগ লাগিছে-বাকী সকলো নোহোৱা কৰি লৈ কেৱল বেৰদুখন চাচোন৷ অকণমান বেকাঁ হৈ থকা নাইনে?”

চালো-ঠিকেই৷ বেৰদুখন লগ হোৱা কোণটো যেন সমকোণতকৈ ডাঙৰ!

”ল’জিকেলীও, ৰুমটোৰ বাকী সকলোবোৰ চালে দৰিদ্ৰ মানুহৰ ঘৰ যেন নালাগেনে? তাত এই বিলাসী শ্ব’-পিচটো খাপ খাইছে জানো!”

মই তাইক বাহ বাহ নিদি নোৱাৰিলো৷ তেতিয়াহে মন কৰিলো, আমি কিজানি বহুপৰ ছবিখনৰ সন্মুখতে থিয় দি আছোঁ৷ আশে পাশে অন্য পৰ্য্যটককেইজনমান ৰৈ থকা দেখিহে সম্ভিত আহিল, সাংঘাটিক কলা বিশেষজ্ঞৰ দৰে কিমানপৰ যে ছবিখন সমালোচনা কৰি আছোঁ! তৎক্ষণাত তাৰ পৰা আঁতৰিলো৷

ইটো কোঠাৰ পৰা সিটোলৈ আমি পিকাছোৰ শৈশৱৰ পৰা বিশ্ববিখ্যাত খ্যাতি লাভলৈকে ছবিবোৰ চাই গ’লো৷ চাই চাই বহুদিনীয়া ভুল ধাৰণা এটা ভাঙিল৷ যিমান প্ৰতিভাধৰ হ’লেও নিৰলস চেষ্টা আৰু সাধনা অবিহনে কোনো সফল হ’ব যে নোৱাৰে সেয়া যেন আকৌ এবাৰ উপলব্ধি কৰিলোঁ৷ আইনষ্টাইনে কোৱা কথাষাৰ মনত পৰিল, ”জিনিয়াছসকলৰ মাথোঁ ১% জন্মগত প্ৰতিভা, বাকী ৯৯% কঠোৰ পৰিশ্ৰম৷” জীৱনৰ প্ৰতিটো খোঁজতে পিকাছোৱে কঠোৰ পৰিশ্ৰম কৰিছে, নানা সমকালীন চিত্ৰকৰৰ সান্নিধ্যলৈ আহি নতুন ধ্যান-ধাৰণাৰে নিজৰ প্ৰতিভাৰ বিকাশ কৰিছে৷ বিভিন্ন ধৰণৰ কৌশল লৈ পৰীক্ষা-নিৰীক্ষা কৰিছে৷ কেইবাটাও কোঠাত দেখা পালো, কেইবাখনো অমৰ সৃষ্টিৰ কাম প্ৰকৃততে আৰম্ভ কৰাৰ আগতে পিকাছোৱে নিজৰ বহীত আকঁ-বাঁক কৰি পৰীক্ষা কৰি চাইছে, বাৰে বাৰে সলাইছে, পুনৰ আঁকিছে৷

বিংশ শতিকাৰ আটাইতকৈ প্ৰভাৱশালী চিত্ৰকৰ সকলৰ এজন এই পিকাছোৱে জীৱনৰ প্ৰতিখোঁজতে নিজকে কেনেকৈ গঢ় দিছিল তাৰ যেন এটা চাক্ষুস অভিজ্ঞতা হ’ল! বাৰ্চিলোনাৰ সকলোবোৰ অভিজ্ঞতাৰ ভিতৰতে পিকাছো সংগ্ৰহালয়লৈ যোৱাৰ অভিজ্ঞতা মোৰ বাবে সকলোতকৈ স্মৰণীয় হৈ ৰ’ল৷ সঁচা অৰ্থতে ’পিকাছো ইন দ্য মেকিং’ অভিজ্ঞতা!

গউডিৰ অপূৰ্ব শিল্প
স্পেইনৰ অন্য এগৰাকী সুযোগ্য সন্তান বিশ্ববিখ্যাত স্থপত্যবিদ এন্ট’নি গউ’ডি৷ বাৰ্চিলোনাৰ চুকে-কোণে সিঁচৰিত হৈ আছে তেওঁৰ অপূৰ্ব সৃষ্টিবোৰ৷ বাছেৰে ইফালে সিফালে অলপ ঘুৰা-ফিৰা কৰিলেই বহু ঠাইত চকু পৰিব, ঘাইপথৰ ট্ৰেফিক, দোকান-বজাৰ সকলোৰে মাজতে জুমে জুমে মানুহ ৰৈ থৰ হৈ আছে অসাধাৰণভাৱে সুন্দৰ গউডিৰ কীৰ্তিচিহ্ন এটালৈ! আমি সীমিত সময়লৈ চাই প্ৰথমে গউডিৰ সৰ্বশ্ৰেষ্ঠ সৃষ্টি (magnum opus) বুলি গণ্য কৰা চাগ্ৰাডা ফেমিলিয়া (Sagrada Família) নামৰ ৰোমান কেথ’লিক গীৰ্জা এটাকে চাবলৈ ওলালো৷ মেট্ৰ’ৰে গ’লে ষ্টেচনৰ পৰা ওলায়ে এই গীৰ্জাটো চকুত পৰে৷ যোৱাৰ পূৰ্বে ফটো দেখিছিলো, এইসম্পৰ্কে বিভিন্ন কিংবদন্তিবোৰ শুনিছিলো৷ কিন্তু মেট্ৰ’ ষ্টেচনৰ খটখটীৰে ওপৰলৈ উঠি আহি প্ৰথমবাৰৰ বাবে যেতিয়া চাগ্ৰাডা ফেমিলিয়াত চকু পৰিল, আশ্চৰ্য্যত মুখৰ মাত হেৰাই গ’লো মোৰ! কাৰ কল্পনাই এনে এটা বিশাল অপুৰ্ব কাৰুকাৰ্য্যখচিত গীৰ্জাঘৰৰ ছবি আঁকিব পাৰে আৰু সেই কল্পনাক বাস্তৱ ৰূপ দিব পাৰে, ভাবি সঁচাই আশ্চৰ্য্যান্বিত হ’লো!
চাগ্ৰাডা ফেমিলিয়াৰ একাংশ

এনিমেশ্যনৰ জগততহে খাপ খোৱা এটা অতি প্ৰকাণ্ড গীৰ্জা৷ সহজ-সৰল ভাষাত ক’বলৈ গ’লে, ’out of the world!' আশে-পাশে থকা আধুনিক অট্টালিকাবোৰৰ মাজত এই চাগ্ৰাডা ফেমিলিয়া যেন কোনোমতেই খাপ নাখায়৷ গীৰ্জাটো মূলপথৰ কাষতে৷ পথৰ দুয়োকাষে অসংখ্য মানুহৰ ভিৰ৷ আমিও মনুহৰ জুমত মিলি গ’লো৷ সকলোৱে থৰ হৈ চাই ৰৈছে চাগ্ৰাডা ফেমিলিয়ালৈ৷ বৃহৎ চীনা দল এটাৰ গাইডজনে অবিৰাম মেণ্ডেৰিনত কৈ গৈছে চাগ্ৰাডা ফেমিলিয়াৰ মহত্বৰ কথা, দলৰ প্ৰত্যেকৰে কাণত একোটাকৈ ৱায়াৰলেছ হেডফোন৷ একান্তমনে তেওঁৰ কথা শুনি আশ্চৰ্য্যৰ দৃষ্টিৰে চাই ৰৈছে৷ গ’থিক স্থাপত্যৰ আটাইতকৈ প্ৰশংসৃত কীৰ্তিস্তম্ভ এই চাগ্ৰাডা ফেমিলিয়া৷ কলা সমালোচকৰ মতে আৰ্টৰ ইতিহাসতে এনে এটা গীৰ্জাঘৰৰ কোনো চানেকি নাই৷ গউডিৰ সময়ত এক নতুন কলাৰ উন্মেষ ঘটিছিল, যাক কোৱা হয় নোভ’ বুলি৷ এই কলাই প্ৰকৃতিৰ বিভিন্ন অংগৰ আকাৰ আৰু আকৃতিৰ পৰা অনুপ্ৰেৰণা লৈছিল ৷ সেইবাবেই গউডিৰ প্ৰায়বোৰ স্থাপত্যশিল্পতে প্ৰকৃতিৰ বিভিন্ন অংশই স্থান পাইছিল৷

চাগ্ৰাডা ফেমিলিয়াৰ তলৰ পৰা ওপৰলৈ সকলোতে সুক্ষ্ম গথিক কাৰুকাৰ্য্য৷ মানুহৰ সৃষ্টি বুলিবলৈকে টান হয় যেন৷ গউডিয়ে সম্পূৰ্ণ ডিজাইন কৰিছিল যদিও তেওঁৰ মৃত্যুপৰ্য্যন্ত চাগ্ৰাডা ফেমিলিয়াৰ এক চতুৰ্থাংশ কামো সম্পূৰ্ণ নহ’লগৈ৷ অতি ব্যয়বহুল আৰু ব্যক্তিগত দান-বৰঙণিৰ ওপৰত মূলত: নিৰ্ভৰশীল হোৱাৰ বাবেও ইয়াৰ কাম বৰ লেহেমগতিৰে আগবাছিল বুলি কোৱা হয়৷ স্পেইনৰ গৃহযুদ্ধয়ো নিৰ্মাণৰ কাম ব্যাহত কৰিছিল৷ পৰৱৰ্ত্তী কালত এই অত্যন্ত লেহেম নিৰ্মাণৰ সম্পৰ্কত প্ৰশ্ন কৰোঁতে গউডিয়ে হেনো কৈছিল, "My client is not in a hurry" ৷ গম পালো, ১৮৯২ চনৰ পৰা আজি এটা শতিকাৰো ওপৰ হৈ গ’ল এই গীৰ্জাৰ নিৰ্মাণকাৰ্য্য চলি আছে৷ ২০৩০ চনতহে গীৰ্জাটো সম্পূৰ্ণ হোৱাৰ কথা৷ ইতিমধ্যেই গীৰ্জাটোৱে ইউনেস্ক’ ৱৰ্ল্ড হেৰিটেজ ছাইট হিচাপে স্বৃকীতি পাইছে৷ 

ওচৰতে থকা অন্য এটা কীৰ্তিস্তম্ভ কাছা বেটলো (Casa Batlló)-লৈকো খোঁজেৰেই গ’লো৷ ১৯০৪ চনত এটা প্ৰাচীন অট্টালিকাৰ ১৯০৪ চনত পূনৰনিৰ্মাণ কৰি গউডিয়ে সৃষ্টি কৰিছিল কাছা বেটলোৰ ৷ এই অট্টালিকাত গউডিৰ কল্পনাৰ সৰ্বশ্ৰষ্ঠ উত্তৰণ ঘটিছে বুলি কোৱা হয়৷ কাছা বেটলো নামৰ ইংৰাজীত অৰ্থ হ’ল- house of bone, হাড়ৰ ঘৰ৷ সেইসময়ত বিখ্যাত হৈ পৰা কাটালান কলা নোভ’ওৰ অবিচ্ছেদ্য অংগ চেৰামিক, শিল আৰু লোহাৰে এই অট্টালিকা নিৰ্মাণ কৰা হৈছিল৷ এই অট্টালিকাটোত কোনো কোণ বা পোণ বেৰ নাই, সকলোবোৰ অনিয়মিত আকৃতিৰ৷ ঘৰটোৰ ছালখন দেখাত মাছৰ বাকলিৰ দৰে৷ তিনিওটা ফ্ল’ৰ’ৰ বেলকনিবোৰ কিহবাৰ চকু যেন লাগে৷ চাগ্ৰাডা ফেমিলিয়াৰ দৰে বৃহদাকাৰ নহ’লেও কাছা বেটলোৰ স্থাপত্য কলা কোনোগুণে কম নহয়৷
কাছা বেটলো বাহিৰৰ পৰা

গউডিৰ অন্য এক সৃষ্টি পাৰ্ক গোৱেল (Parc Güell) লৈও যোৱাৰ মন আছিল আমাৰ৷ বাৰ্চিলোনা মহানগৰৰ উত্তৰে কাৰমেল পাহাৰৰ টিঙত আছে৷ বাছেৰে যাওঁতে আধাঘন্টাতকৈ বেছি সময় লাগিল৷ আমাৰ পৰিকল্পনা আছিল তাৰপৰা সূৰ্য্যস্ত উপভোগ কৰাৰ৷ এটা বিশাল এলেকা- উদ্যানৰ লগতে তাত গউডিয়ে নানা শৈলীৰ ঘৰ কিছুমান নিৰ্মাণ কৰিছিল৷ গউডিৰ প্ৰতিটো সৃস্টিৰ সন্মুখত থিয় দি হোৱা একেটা ভাবেই এই উদ্যানতো মনলৈ আহিল-out of this world! কোনো প্ৰচলিত ধাৰা অনুকৰণ নকৰি কল্পনাৰ প্ৰাচুৰ্য্যৰে সজা এনে ঠাইত সপোণৰ পৃথিৱী এখনত সোমাই পৰা যেন লাগে৷ উদ্যানখনৰ পাহাৰীয়া অকোঁৱা-পকোঁৱা বাটেৰে আটাইতকৈ ওখ ঠাইটুকুৰালৈ গ’লো৷ যাওঁতে দেখি গ’লো, গউডিয়ে সঁজা চৰাইৰ বাঁহৰ দৰে টেৰেচ ৱালবোৰ৷ প্ৰায়বিলাকৰ বেৰবোৰ অনিয়মিত আকৃতিৰ চেৰামিক প্লেটেৰে সঁজা৷ সকলোতেই প্ৰকৃতিৰ বিভিন্ন অংশৰ প্ৰভাৱ বিদ্যমান৷
চৰাইৰ বাঁহৰ দৰে টেৰেচ ৱালবোৰ
ওপৰৰ পৰা সমগ্ৰ বাৰ্চিলোনা চহৰৰ পেনেৰ’মিক দৃশ্য দেখিবলৈ পোৱা যায়৷ আমি গৈ পাওঁগৈ মানে পশ্চিমৰ আকাশ ৰাঙলী৷
পাৰ্ক গোৱেলৰ পৰা বাৰ্চিলোনা মহানগৰীৰ সিপাৰে সূৰ্য্যাস্ত চাই
তাতে বহি লৈ হেঁপাহ পলুৱাই সেই সূৰ্য্যাস্ত উপভোগ কৰিলো৷ বহি থকাৰ পৰত বীৰে এজন মানুহক দেখুৱাই ক’লে,

”সেই মানুহজন দেখিছনে? গীটাৰ বজাই আছে যে৷ সেই একেজন মানুহ একেডোখৰ ঠাইতে যোৱাবছৰ ইয়ালৈ আহোঁতে দেখিছিলো৷ একেই আছে-একোৱে সলনি হোৱা নাই৷”

শুনি মনটো কেনেবা লাগি গ’ল৷ বছৰৰ পিছত বছৰ ধৰি প্ৰতিদিনে তেওঁ পৰ্য্যটকৰ বাবে গীটাৰ বজাই আহিছে! ভাগ্যৰ একো পট পৰিৱৰ্তনে তেওঁৰ জীৱনক সঁচাই কি স্পৰ্শ কৰিব পৰা নাই! পিছমূহুৰ্ততে ভাব হ’ল, হয়তো এইটোৱে একমাত্ৰ কাম যিটো কৰি তেওঁ অনাবিল আনন্দ পায়, সন্তুষ্টি পায়৷ কোনে জানে- হয়তো ইচ্ছা কৰিয়ে তেওঁ এয়া কৰি আহিছে৷ গউডিৰ দৰেইতো তেওঁ হ’ব পাৰে অন্য এক শিল্পী৷ 

জীৱনৰ শেষৰ সময়ছোৱাত গউডিও সৰ্বশ্ৰেষ্ঠ কীৰ্তি চাগ্ৰাডা ফেমিলিয়াৰ নিৰ্মাণত এনেকৈ মজি গৈছিল যে দিনে দিনে তেওঁ সমাজৰ পৰা বিছিন্ন হৈ পৰিছিল৷ এখন বাছে বাৰ্চিলোনাৰ পথত মহতিয়াই থৈ গৈছিল তেওঁক৷ সৰ্বশ্ৰান্ত যেন লগা সেই বাটৰুৱাক কোনেও লগে লগে হস্পিতেল পোওঁৱাগৈ নাছিল৷ পলমকৈ চিকিৎসা আৰম্ভ হোৱাৰ বাবেই সেই ঘটনাৰ কেইসপ্তাহৰ পিছত গউডি হেৰাই গৈছিল অসীমত৷ মৃত্যুৰ বহুদিন পিছলৈকে গউডিৰ সৃষ্টিসমূহে স্বীকৃতি পোৱা নাছিল৷ প্ৰায়বোৰ সমসাময়িক কলা সমালোচকে গউডিৰ প্ৰায়বোৰ শিল্পকে অতি কাল্পনিক আৰু অনিয়মিত আকৃতিৰ বাবে সমালোচনা কৰিছিল৷ আনকি গৃহযুদ্ধৰ সময়ত তেওঁৰ চাগ্ৰাডা ফেমিলিয়াৰ কৰ্মশালা লণ্ডভণ্ড কৰি থৈ গৈছিল, বহুতো দৰকাৰী কাগজ-পত্ৰ, ডিজাইন, আৰ্হি আদি ধ্বংস কৰি থৈ গৈছিল৷ ১৯৫০-ৰ দশকৰ পিছত অন্য এগৰাকী বিশ্ববিখ্যাত স্থপত্যবিদ চালভাদৰ দালিয়েহে তেওঁৰ সৃষ্টিসমূহক স্বীকৃতি দিয়ে আৰু বিশ্বৰ দৰবাৰত পুনৰবাৰ যথাযোগ্য স্থান দিবলৈ সক্ষম হয়৷ তাৰপিছৰ পৰাহে কাটালানসকলে তেওঁৰ কীৰ্তিচিহ্নবোৰ সংৰক্ষণ কৰিবলৈ লয়৷ মৃত্যুৰ প্ৰায় পঞ্চাছ বছৰৰ পিছত গউডিৰ সৃষ্টিসমূহে প্ৰকৃতাৰ্থত বিশ্বজুৰা খ্যাতি লাভ কৰিবলৈ সক্ষম হয়৷ 

ভাব হ’ল, এইবাবেইতো শিল্পীসকল সময়তকৈ আগবঢ়া৷ জীৱনকালত সামাজিক স্বীকৃতি বা স্বচ্ছলতাই জীয়াই থকাৰ সংগ্ৰাম কিছু সহজ কৰি নিদিলে বুলিয়েইতো শিল্পীয়ে নিজৰ চিনাকি এৰি নেপেলায়৷  সকলো কঠোৰ পৰিস্থিতি আওকাণ কৰি তেওঁলোকে প্ৰচলিত চিন্তাধাৰা আৰু সামাজিক প্ৰমূল্যৰ পৰিধি ভাঙি সমাজক সদায়ে এখোঁজ আগবঢ়াই নিয়ে৷ সেইবাবেইটো শিল্পীয়ে জীৱনকালৰ সীমিত সময় ভাঙি অমৰত্ব লাভ কৰিবলৈ সক্ষম হয়৷ সময়ে ধোৱাই নিব নোৱাৰে তেওঁলোকৰ অস্তিত্ব আৰু প্ৰভাৱক৷ তেওঁলোকক দিক-দৰ্শক কৰিয়েই সমাজ আগবাঢ়ে এখোঁজ-দুখোঁজকৈ পৰিৱৰ্তনৰ বাটেৰে৷

কলাৰ নগৰী বাৰ্চিলোনাই এই সত্যকে মোৰ হৃদয়ত নতুনকৈ প্ৰতিষ্ঠা কৰি গ’ল যেন!

পৰৱৰ্ত্তী খণ্ডসমূহত

Sunday 19 February 2017

এজাক ৰ’দৰ সন্ধানত: স্পেইন আৰু পৰ্টুগালত এসপ্তাহ (৩)

পূৰ্বৰ খণ্ডসমূহ


ৰায়ানএয়াৰ আৰু জন ষ্টেইনবেক

লা-ৰাম্বলাত এটি সন্ধিয়াৰ চমক

এদিন আবেলি ওলালো, বাৰ্চিলোনাৰ বিখ্যাত ’লা-ৰাম্বালা’ নামৰ ঠাইখনলৈ৷ লা-ৰাম্বলা প্ৰকৃততে কেইবাটাও চমূ বাটৰ সমষ্টিহে৷ স্থানীয় লোক আৰু পৰ্য্যটকসকলৰ মাজত সমানে জনপ্ৰিয় এই বাট৷ বাটৰ দুয়োকাষে অলেখ অসংখ্য দোকান-পোহাৰ৷ বাৰ্চিলোনাৰ স্মৃতি হিচাপে লৈ যাব পৰা অসংখ্য সা-সামগ্ৰীৰে ভৰপুৰ দোকানবোৰ৷ আশে পাশে স্পেনিছ খাদ্যৰ সোৱাদ ল’বলৈ ৰেষ্টুৰেন্টৰ লানি৷ বহুতো ষ্ৰীট আৰ্টিষ্টৰ প্ৰতিভা প্ৰদৰ্শনৰ মঞ্চও এই লা-ৰাম্বলা৷ কোনোবাই বাদ্য-যন্ত্ৰ পাতি বজায়, কোনোৱে যাদু দেখুৱায়, কোনোৱে গান গায়, কোনোৱে বাটৰ কাষতে বহি ছবিকে আঁকে৷ সকলো মিলি লা-ৰাম্বলা বাৰ্চিলোনাৰ মহানগৰীয়া জীৱনৰ প্ৰাণকেন্দ্ৰ যেন৷ সেয়েই কিজানি স্পেনিছ কবি ফেডেৰিক’ গাৰ্চিয়া ল’ৰকা (Federico García Lorca) ই কৈছিল, ”পৃথিৱীৰ এইটোৱে একমাত্ৰ এটা বাট য’ত তেওঁ বিচাৰে যেন এই বাটৰ কেতিয়াও শেষ নহওক!” 


লা-ৰাম্বলাত চকলেটৰ বাহাৰ
লা-ৰাম্বলাৰ খাদ্যৰ বজাৰ
আমি তিনিও লাহে লাহে খোঁজ দি চাই গ’লো লা-ৰাম্বলাৰ জাক-জমকতা! ইমান ৰঙীণ-ইমান আলোকময়!  জীৱনটোৱে যেন এটা উৎসৱলৈ পৰিণত হৈ গৈছে ইয়াত৷ একো দুখ নাই-যন্ত্ৰণা নাই-কেৱল পোহৰ, কেৱল সুখ আৰু বিলাস! কিছুসময়ৰ বাবে হ’লেও এই মায়াবী পৃথিৱীখনৰ সুবাস ল’বলৈ পাই বেয়া নালাগিল৷ চ’ভেনিয়াৰৰ দোকানবোৰত আমি পিত-পিতাই ফুৰিলো এই দিনকেইটাৰ, এই মায়াবী ৰাগীৰ সোঁৱৰণিক জীপাল কৰিব পৰা বস্তু বিচাৰি৷ গম পালো, আমাৰ তিনিওৰে চ’ভেনিয়াৰৰ  প্ৰথা সম্পূৰ্ণ ভিন্ন৷ নতুন ঠাইলৈ গ’লে মই সাধাৰণতে সেই ঠাইৰ ফ্ৰিজ মেগনেট বা স্থানীয় লেখকৰ কিতাপ একোখন কিনো৷ ফ্ৰীজত এটা এটাকৈ গোটখোৱা মেগনেটবোৰ চালে সেই ঠাইবোৰৰ স্মৃতিবোৰ চাটকৈ আহি পৰে মনৰ দাপোণলৈ৷ বীৰৰ হেনো নতুন ঠাইৰ উল্লেখযোগ্য কিবা প্ৰিন্ট থকা টি-চাৰ্ট কিনাৰ চখ৷ প্ৰজ্ঞাই আকৌ শ্ব’-পিচ কিনি ভাল পায়৷ মনৰ সন্তুষ্টিৰে বিচৰা সকলোখিনিয়ে তিনিও পালো৷ 



দোকানৰ পৰা ওলাই বাটত আকৌ খোঁজ পেলাওঁতেই বীৰে হঠাত কৈ উঠিল,



”হেই, হেভ এ লুক! কি হে এইবোৰ!!”

সি আঙুলীয়াই দিয়াৰ ফালে চাই দেখিলো, এটা বিল্ডিঙৰ বেলকনিত এগৰাকী মহিলা৷ সাঁজ-পোছাক, চুলিৰ ষ্টাইল, প্ৰসাধন সকলো মিলি সাইলাখ মেৰিলিন মনৰো যেন! উৰি থকা শুধ বগা ফ্ৰকটো নচুৱাই নচুৱাই বাটৰুৱাক হাতবাউলি দি আছে,

”উ....হো, উ....হো”- বিজ্ঞাপনজাতীয় আহ্বান এটা যেন!

মানুহগৰাকীৰ পিছফালে ৰঙীণ লাইটেৰে জকমকাই থকা এটা নাম৷ লিখা আছিল, ’Museu de l'Erotica’ ৷ আচৰিত হ’লো খুবেই৷ মিউজিয়ামত ৰাখিব পৰাকৈ কি ইৰ’টিক সম্পদ থাকিব পাৰে! গৈ চোৱাৰ সাহস হোৱাটো দূৰৈৰ কথা, বেছি সময় সেইফালে পোনপটীয়াকৈ চাবলৈকে মোৰ অস্বস্তি লাগিল! 

”ইমান সংকোচ যে! আমাৰ তাতো চোন আছে খাজোৰাহো, কোনাৰক! এইবোৰো মিউজিয়ামেই দেচোন!”-প্ৰজ্ঞাই হাঁহি হাঁহি ক’লে৷ 

আমি কৌতুহলেৰে দুই-এবাৰ চায়ে নিজৰ বাট ল’লো৷ অলপপৰ আলোচনা হ’ল, মেৰিলিন মনৰোৰ এইটোৰ লগত সঁচাই কিবা যোগাযোগ আছেনে!  গুগুলক সুধিও উলিয়াব নোৱাৰিলো৷ ভাব হ’ল, লা-ৰাম্বলাৰ সকলো ৰূপ দেখা পালো-এতিয়া উভতাৰহে কথা! পিছে সেই ধাৰণা ভুল বুলি প্ৰতিপন্ন হ’বলৈ বেছি সময় নালাগিল৷

উভতি খোঁজ দিওঁ মানে নিশা আঠমান বাজিছে৷ আন্ধাৰ-পোহৰৰ খেলাৰ লগে লগে লা-ৰাম্বালাতো নিশাটো উপভোগৰ নিচাত মাতাল হ’বলৈ লৈছে৷ বাটৰুৱাৰ ভিৰৰ মাজতে এঠাইত এজন চিত্ৰকৰে আপোনমনে ছবি অঁকা চাই চাই মই ৰৈ গ’লো৷ সকলো হাই-উৰুমি আওকাণ কৰি চিত্ৰকৰজনে একাগ্ৰভাৱে আঁকি গৈছে মানুহৰ পৰ্টেইট কিছুমান ৷ 
সেই চিত্ৰকৰজন
”হেইইইই!”-হঠাত বীৰৰ চিৎকাৰ!

মই তাৰফালে পিঠি দি ছবিবোৰ চাই আছিলো৷ ঘুৰি চাই দেখোঁ, সি কাৰোৱাৰ হাতত থাপ মাৰি ধৰিছে৷ ত্ৰিছ-পইত্ৰিছ বয়সীয়া ক্ষীণকায় ল’ৰা এজন৷ মাথোঁ এপলকৰ বাবেহে দেখা পালোঁ৷ বীৰৰ পৰা লাহেকৈ হাত এৰুৱাই একোৱে নোহোৱাৰ দৰে ভাব দেখুৱাই টু শব্দ এটাও নকৰাকৈ ল’ৰাজন মানুহৰ মাজত হেৰাই গ’ল৷ উদ্বিগ্নতাৰে সুধিলো,

”কি হ’ল এইমাত্ৰ? মই একো ধৰিব নোৱাৰিলো!”

বীৰে তাৰ হাতৰ ৱালেটটো দেখুৱাই ক’লে,

”নিছিলেই এইটো! ছেকেণ্ডতে থাপ মাৰি ধৰিলো বুলিহে!”
-হতভম্ব হৈ গ’লো কিছু সময়ৰ বাবে৷ বন্ধুবৰ্গৰ মুখত ইমানকৈ শুনি আছিলো, ”বাৰ্চিলোনা বিশ্বৰ ভিতৰতে পকেটমাৰৰ ৰম্যভূমি (সিহঁতৰ ভাষাত mugging capital of the world)! আজি আমাৰো অভিজ্ঞতা হৈ গ’ল৷

বীৰক সুধিলো, কি ক’ত কেনেকৈ! বীৰে হাতৰ লিফলেট এখন দেখুৱাই ক’লে,

”এইখন দেখুৱাই মোক আভুঁৱা ভাৰিছিল! চাৰ্কাছ ৰয়েলিৰ বিজ্ঞাপন৷ তাত কি কি দেখুৱায় সেইবোৰৰ বৰ্ণনা দি দি এখন হাতেৰে মোৰ জিনছৰ বেক পকেটৰ পৰা ৱালেটটো উলিয়াই নিছিল!”

”সাংঘাটিক প্ৰফেশ্যনেল! ধৰা পৰিও টিঙৰ পৰাই নানমিল৷ কিমান সহজকৈ আঁতৰি গ’ল দেখিলিনে!”

”আমি চিঁঞৰি জপটিয়াই ধৰিব লাগিছিল জাননে৷ পুলিচত দি দিব পাৰিলোঁহেতেন!”-মই তেতিয়াও ঘটনাৰ আকস্মিকতাত স্তম্ভিত!

”নাই, পুলিচত দিলেও কিবা যে হ’ব আশা ক’ম বুজিছ৷ মোৰ লগৰ গেব্ৰিয়েলাই নিজৰ ঠাই মাদ্ৰিদতে এবছৰত সাতটা স্মাৰ্টফোন পকেটমাৰক দান দিছে হেনো! এবাৰ হাতেলোটে ধৰাৰ পিছতো পুলিচে একো নকৰিলে৷”-প্ৰজ্ঞাই ক’লে৷

এইবাৰ পিঠিৰ বেগ তিনিও সন্মুখলৈ আনি ল’লো৷ বীৰক ক’লো, কোনো কাৰণতে যাতে ৱালেট বেকপকেটত নভৰায় সি৷ অৱশ্যে ছেকেণ্ডৰ ভিতৰতে পকেটমাৰৰ হাতৰ পৰা ৱালেট উভতাই লোৱাৰ বাবে বীৰৰ বীৰত্বক প্ৰশংসা নকৰাকৈও নাথাকিলো৷
পৰৱৰ্ত্তী খণ্ডসমূহত

Saturday 11 February 2017

এজাক ৰ’দৰ সন্ধানত: স্পেইন আৰু পৰ্টুগালত এসপ্তাহ (২)

পূৰ্বৰ খণ্ডসমূহ


ৰায়ানএয়াৰ আৰু জন ষ্টেইনবেক

প'বলে ছেকৰ পৰা জৰ্জ ক্লুনীলৈ তামোল এখন খোৱাৰ বাট!

বাৰ্চিলোনাত আমাৰ প্ৰথম দিন৷ আমি আগতীয়াকৈ এপাৰ্টমেন্ট এটা ঠিক কৰি থৈছিলো৷ মূল চিটি চেন্টাৰৰ ওচৰতে ৰিকাৰ্ট নামৰ ঐতিহাসিক অঞ্চল এটাত৷ সুসজ্জিত এটা শোৱাকোঠাৰ সৈতে যাবতীয় সকলো বয়-বস্তু হাততে পোৱাকৈ থকা পাকঘৰ আৰু বহাকোঠা৷ বহাকোঠাতে প্ৰয়োজনত বিছনালৈ ৰূপান্তৰিত কৰি পেলাব পৰা কোমল চোফা ৷ তিনিজনৰ বাবে আৰামদায়ক এপাৰ্টমেন্ট৷

ৰিকাৰ্টৰ পৰা আটাইতকৈ ওচৰৰ মেট্ৰ’ ষ্টেচনটোৰ নাম প’বলে ছেক ৷ সন্ধিয়া গুগুল মেপত চাই আমি প’বলে ছেকৰ ওচৰতে থকা বিখ্যাত ব্লাই গলি (Blai street)ত ভৰি দিলোগৈ৷ পৰ্য্যটকেৰে গিজগিজাই থকা এখন ঠাই৷ আমিও অনায়াসে যেন সেই ভিৰৰ এটা অংশ হৈ পৰিলো৷



ব্লাই গলিৰ একাংশ

বাটৰ দুয়োকাষে পৰম্পৰাগত স্পেনিছ খাদ্যৰ শাৰী শাৰী ৰেষ্টুৰেন্ট৷ মাজতে ধুনীয়াকৈ সজাই থোৱা টেন্টৰ ভিতৰত চকী-টেবুল দি খোৱাৰ ব্যৱস্থা কৰি দিছে৷ কোনো কোনো টেন্টৰ মাজত জুই একুৰাও ধৰি থৈছে৷ সন্ধিয়াৰ পাতলীয়া ঠাণ্ডা, ৰঙীণ লাইট আৰু জুইৰ শিখাৰ মাজেৰে ছাঁ-পোহৰৰ খেলা, দেশী-বিদেশী পৰ্য্যটকৰ আহ-যাহ, উচ্ছাসপূৰ্ণ কথা-বতৰা- সকলো মিলি ব্লাই গলিয়ে এটা মোহনীয় ৰূপ লৈছে৷ 



দেখিলো, প্ৰায়বিলাক ৰেষ্ট্যুৰেন্টৰ সন্মুখত একোজন মানুহ থিয় দি ৰৈছে৷ হাতত একোখনকৈ মেন্যু৷ স্পেনিছ/ইংৰাজী মিহলি ভাষাত ৰেষ্ট্যুৰেন্টৰ জুতিলগা খাদ্য আৰু কম দামৰ কথা কৈ কৈ বাটৰ মানুহক আকৰ্ষিত কৰিবলৈ চেষ্টা কৰিছে৷ আমাকো তেনেকৈ এজনে সুবিধা বুজি ৰখাই লৈ বিভিন্ন স্পেনিছ খাদ্যৰ বৰ্ণনা দিবলৈ লাগিল৷ মানুহজনৰ ব্যৱসায় বুদ্ধিয়ে কাম দিলে (নে আমাৰ ’বুদ্ধিহীনতা’ (cluelessness)ই!), কি পাওঁ চাওঁচোন বুলিয়ে তিনিও সোমাই গ’লো৷ হৰেক ৰকমৰ ’টাপাজ’ৰ মাজৰ পৰা বীৰ আৰু প্ৰজ্ঞাই নিৰামিষবিধ বিচাৰিব লগা হ’ল৷ মই চকু মুদি শুনি ভাল লগা নাম এটাকে অৰ্ডাৰ কৰিলো৷


টাপাজ 
টাপাজ দেখিবলৈ সৰু কেক এটুকুৰাৰ দৰে, কিন্তু কেইবাতৰপীয়া৷ ধৰণ অনুসৰি প্ৰতিবিধৰ তৰপবোৰ বেলেগ বেলেগ হয়৷ অৱশ্যে তৰপবোৰৰ একেবাৰে ওপৰত অলিভ একোটা দিয়াটো নিয়মৰ দৰে৷ তৃপ্তিৰে টাপাজটো শেষ কৰি ৰেষ্টুৰেন্টৰ ব্যৱসায় বুদ্ধিৰ দ্বিতীয়বাৰ প্ৰয়োগ হোৱাৰ আগতেই অন্য এখনত নতুন কিবা পাওঁ নেকি চাওঁগৈ বুলি উঠিলো৷ 

পিছে ইমানবোৰৰ মাজৰ পৰা ক’ত খাঁটি স্পেনিছ খাদ্য পাম উলিয়াবলৈ ভাবিব লগা হ’ল৷ প্ৰজ্ঞাৰ থিয়ৰী-”ৰেষ্টুৰেন্টৰ মূল মানুহজন স্পেনিছ হ’লে তাৰ খাদ্যও স্পেনিছ হ’ব৷ কেইবাখনতো মিড’ল-ইষ্টৰ মানুহ দেখিলো৷ গতিকে সেইবোৰত নোসোমাই ভালকৈ চাই লৈ আচল স্পেনিছ ৰেষ্টুৰেন্টত সোমাম৷” 

শুনাত একেবাৰে পোনপটীয়া যেন লগা এই থিয়ৰীটোৱে পিছে কাম নিদিলে৷ অসুবিধা বহুত- ৰেষ্টুৰেন্টৰ কৰ্মকতাক বাহিৰৰ পৰা এনেকৈ দেখা পোৱাটো সহজ নহয়, দেখা পালেও মূল মুৰব্বী কোন কোৱা টান, ক’ব পাৰিলেও স্পেনিছ হয় নে নহয় বুজা টান৷ গতিকে প্ৰায় অসম্ভৱ৷ 

এইবাৰ মই চেষ্টা এটা চলালো, 
”ইমানবোৰ ৰেষ্টুৰেন্টৰ মাজতো কিছুমান প্ৰায় খালী, কিছুমানত ভৰি থ’বলৈ ঠাই নাই৷ ইয়াৰ মানুহ বা খা-খৱৰ লৈ অহা ট্যুৰিষ্টে জানে, কোনবোৰত ভাল খাদ্য পোৱা যায়-গতিকে তাতে ভিৰ কৰেগৈ৷ আমি ভিৰৰ মাজত সোমালেই হৈ যাব কিজানি৷” 

এইবাৰ কাম সিজিল৷ ভিৰৰ মাজতে এখন ৰেষ্ট্যুৰেন্টত টেবুল এখন অধিকাৰ কৰিলোগৈ৷ ৱেইটাৰজনে সলসলীয়া ইংৰাজী কয়৷ আমাক মেন্যুখন দেখুৱাই সুন্দৰকৈ বুজাই দিলে কি কি পোৱা যায়৷ 

স্পেনিছ পায়াৰ জুতি লৈ 
খন্তেক পিছতে লৈ আহিল ধোঁৱাই থকা ’পায়া’ (Paella)- স্পেইনৰ জাতীয় খাদ্য৷ দেখাত আমাৰ বিৰিয়ানিৰ দৰে৷ এবিধ ডাঙৰ চাউলৰ সৈতে বহু কেইবিধ পাচলি আৰু পছন্দৰ মাংস তেলত ভজা৷ জুতি অনুসৰি পায়াৰ উপকৰণ আৰু ৰন্ধন-প্ৰকৰণ বেলেগ বেলেগ হ’ব পাৰে৷ কিন্তু, চাউল, নহৰু, ছেফ্ৰ’ন আৰু নিমখ যিকোনো পায়াৰে মূল উপকৰণ৷  পায়া ৰন্ধা তাৱাৰ দৰে চেপেটা বাচনটোতে পৰিবেশনো কৰে৷ তৃপ্তিৰে খাই উঠি ঘৰলৈ বুলি খোঁজ দিওঁ মানে নিশা দহমান বাজিছে৷ 

উভতাৰ বাটত, এঠাইত এটা বিজ্ঞাপনত জৰ্জ ক্লুনীক দেখি মোৰ মনলৈ হঠাতে ভাব আহিল, 
”জৰ্জ ক্লুনীক কিয় ইমান আকৰ্ষণীয় বুলি কোৱা হয়!” প্ৰশ্নটো মুখলৈ আনিবলৈহে পালো, প্ৰজ্ঞা আৰু বীৰৰ মাজত লানি নিছিগা যুক্তি-তৰ্কৰ এখন ৰেলগাড়ীহে চলিল যেন! 

বীৰৰ মতে, ”জৰ্জ ক্লুনীৰ ব্যক্তিত্ব কৰিস্মেটিক৷ খুউব কম মানুহৰ মাজতেইটো বিউটি এণ্ড ব্ৰেইন একেলগে পোৱা যায়!” 

প্ৰজ্ঞাৰ যুক্তি, ”নাই, তেনেকুৱা বিউটি এণ্ড ব্ৰেইন দুয়োটাই থকা চেলিব্ৰিটী যথেষ্ট আছে৷ জৰ্জ ক্লুনীৰ আকৰ্ষণ পাৱাৰ কাপ’ল হিচাপেহে৷ তেওঁৰ পত্নী অমল সাংঘাতিক সফল আইনজ্ঞ হিচাপে ৷” 

-দুয়ো জৰ্জ ক্লুনী ভাৰছাছ অমল ক্লুনী নামৰ মেটছখনত সফলতাৰ স্ক’ৰ হিচাপ কৰিবলৈ লাগিল৷ মেটছখন অনিৰ্দিষ্ট কাললৈ স্থগিত কৰিবলৈ (সেইখন মেটছ এতিয়াও চলি আছে!) মই ৰুলিং দিব লগা হ’ল, যেতিয়া হঠাতে উপলব্ধি কৰিলো যে কথাৰ লাচত আমি এপাৰ্টমেন্ট ক’ৰবাতে এৰি আহিলো৷ প’বলে ছেক মেট্ৰ’ ষ্টেচন পোৱাৰ পিছত বাওঁহাতে ঘুৰি ঘৰলৈ যোৱাৰ সলনি আমি পোনেই পোনেই আহি থাকিলো৷ 

বাৰ্চিলোনাত থকা পিছৰ কেইদিন জৰ্জ ক্লুনীয়ে পাহৰোৱা সেই প’বলে ছেক ষ্টেচনটোক আমি জৰ্জ ক্লুনী মেট্ৰ’ ষ্টেচন বুলিহে ক’বলৈ ল’লো৷ 

কাটালানসকলৰ প্ৰতি এমুঠি সহমৰ্মিতা 
দৈনন্দিন জীৱনত কিমান নিয়মানুৱৰ্তী হৈ থাকোঁ ক’ব নোৱাৰোঁ, কিন্তু বাৰ্চিলোনাত আমি আগতীয়াকৈ নিজৰ নিজৰ দায়িত্ব পালন কৰাত সচেষ্ট হ’লো৷ 

নিশা বীৰৰ মেপ অধ্যয়ন 
প্ৰতিনিশাই পিছদিনাৰ দিনটোৰ কাৰ্য্যসূচী ঠিক কৰা, ক’লৈ কেনেকৈ যাম ইত্যাদি গুগুল ককাইদেউৰ পৰা আগতীয়াকৈ জানি লোৱা, খৰচৰ হিচাপ-নিকাচ সকলোখিনি সাংঘাটিক তৎপৰতাৰে প্ৰত্যেকেই কৰি গ’লো৷ পিছে ইমানখিনিৰ পিছতো কিছু বিসংগতিয়ে দেখা নিদিয়াকৈ নাথাকিল৷ উদাহৰণ?Museu Nacional d'Art de Catalunya- কাটাল’নিয়াৰ এটা বিখ্যাত সংগ্ৰহালয়৷ আমি যোৱাৰ দিনা সোমবাৰ আছিল৷ গৈ পাইহে গম পালো সপ্তাহটোৰ মাথোঁ সেই বাৰতে প্ৰায়বিলাক অনুষ্ঠান বন্ধ থাকে৷ গতিকে আমাৰ আৰু বাৰ্চিলোনাত সংগ্ৰহালয় চোৱা নহ’ল৷ 

সংগ্ৰহালয়টো বাহিৰৰ পৰা 
অলিম্পিক ষ্টেডিয়ামত
তাৰ কাষতে থকা Estadi Olímpic Lluís Companys লৈকে পাক এটা মাৰিলো৷ ১৯২৭ চনতে সজা এই ষ্টেডিয়ামটো ১৯৯২ চনৰ বাৰ্চিলোনা অলিম্পিকৰ মূল ষ্টেডিয়াম আছিল৷ অলিম্পিকৰ আৰম্ভণি আৰু সামৰণি দুয়োটা অনুষ্ঠানেই এই ষ্টেডিয়ামত আয়োজন কৰা হৈছিল৷ প্ৰকৃততে এই অলিম্পিকৰ পিছতে পৰ্য্যটনৰ ক্ষেত্ৰখনত বাৰ্চিলোনাই নিগাজিকৈ খোপনি পুতি ল’লে৷ 

তাৰপৰা মন্টজুইক দূৰ্গলৈ যোৱাৰ হেঁপাহ হ’ল৷ খোঁজেৰেই অলপ দূৰ গৈ এঠাইত একো উৱাদিহ নোপোৱা হৈ ৰৈ গ’লো৷ চাৰিআলি এটা- গুগুল মেপত দূৰ্গটো পাবলৈ যি দিশে যাবলৈ উপদেশ দিছে, বীৰৰ হাতত থকা ট্যুৰিষ্ট মেপৰ দিশ সম্পূৰ্ণ বিপৰীত৷ প্ৰজ্ঞাই আকৌ বাটৰ চাইনবোৰ্ড চাই লৈ তৃতীয় বাট এটাৰেহে যাব লাগে বুলি ধৰিলে৷ বীৰে ক’লে, 

”নাই, এনেকৈ নহ’ব৷ স্পেইনৰ কিবা চৰকাৰী মেপিং এপ আছে নেকি বিচাৰি ইনষ্টল কৰি ল’ব লাগিব৷ সাধাৰণতে প্ৰায়বোৰ ইউৰোপীয়ান মহানগৰৰ নিজা এপ আছে- আৰু নিজৰটো চলাবলৈকে গুগুলক সেইবোৰে একো ইনফ’ নিদিয়ে৷ সেইকাৰণে গুগল মেপে ইয়াত কাম কৰা নাই চাগৈ৷” 

”সেয়া বাৰু পিছত হ’ব৷ এতিয়া কি কৰা যায়?”- মই কৈ উঠিলো৷

প্ৰজ্ঞাই ইফালে সিফালে চাই এজন বাটৰুৱাক মাত দিলেগৈ৷ ইংৰাজীত দুই এষাৰ কৈয়ে তাই বুজি পালে, তেওঁ কেৱল স্পেনিছ হে বুজি পায়৷ তাই আকাৰে ইংগিতে বাটৰ কথা সুধিবলৈ আৰম্ভ কৰোঁতেই মই ট্যুৰিষ্ট মেপত দূৰ্গটো দেখুৱাই সুধিলো, 

” ডিৰেকশ্যন প্লিজ? ন’ স্পেনিছ! অ’নলি ইংলিছ!” 
মানুহজনে বুজিলে৷ হাঁহি এটা মাৰি হাতেৰে ইংগিত কৰি ক’লে, 

”লি...টিল ইংলিছ! ফ’ল’ মি৷”-কৈয়ে তেওঁ দীঘল দীঘল খোঁজ দি আগবাঢ়িল৷ আমি প্ৰায় দৌৰিব লগা হ’ল তেওঁৰ সমানে সমানে আগবাঢ়িবলৈ৷ ভঙা ইংৰাজীতে তেওঁ যি পাৰে কথা ক’বলৈ লাগিল৷ আমি একোৱে বুজি নাপাই ’অ, অ’কে অ’কে’ তে সামৰি খোঁজ দিলো৷ কিছুদুৰ যোৱাৰ পিছত তেওঁ কেইটামান শব্দ আৰু অসংখ্য আকাৰে ইংগিতে আমাক কিবা দৰকাৰী কথা এটা বুজাবলৈ চেষ্টা কৰা যেন লাগিল৷ মই মাথোঁ দুটা শব্দ বুজিলো,

’ন’ মানি!’ 
পাহাৰলৈ উঠি যোৱা নিজান বাট এটা দেখুৱাই তেওঁ নিজলৈকে টোঁৱাই কিবা কিবি ঢেৰ কথা ক’লে৷ সকলো স্পেনিছত৷ মানুহজনে সেই বাটেৰে যাব খুঁজিছে? নে আমাক যাবলৈ কৈছে? টকাৰ কথা কিয় কৈছে?নিজৰ নাই বুলি কৈ আমাক খুঁজিছে নে আমি একো টকা দিব নালাগে বুলি কৈছে! একো বুজিব নোৱাৰি অৱশেষত আমি ঠিক কৰিলোঁ, যথেষ্ট দুৰ আহিলো৷ এওঁক এতিয়া বিদায় দিয়াই ভাল হ’ব- বাট দেখুৱাই দিয়া বুলি কৈয়ে হয়তো টকা খুঁজিছে ! আমি সন্মুখৰ ৰেষ্টু্ৰেন্ট এখনলৈ দেখুৱাই বুজালো,

”আমি আগেয়ে খাই লওঁ৷ অলপ লাহে ধীৰে যাম৷” 

তেওঁক ধন্যবাদ এটাৰে বিদায় দিলো৷ পাহাৰীয়া বাটটোৰে তেওঁ দীঘল দীধল খোঁজ পেলাই গ’লগৈ৷ এইবাৰ আমি নিজেই বিচাৰিলো৷ ট্যুৰিষ্ট ইনফৰমেশ্যন চেন্টাৰ এটা দেখি বীৰ আগবাঢ়ি গ’ল৷ সি এটাও চেন্টাৰ বাদ নিদিয়ে৷ য’তেই দেখে আগবাঢ়ি গৈ কথা পাতেগৈ, সুধিবলৈ তাৰ কিবা নহয় কিবা এটা থাকেই! এইবাৰো সুধি লৈ সি ক’লেহি, 

”দূৰ্গটো মন্টজুইক পাহাৰৰ ওপৰত৷ যাবলৈ ইয়াৰ পৰাই কেব’ল কাৰ আছে৷ বাছো যায়৷ খোঁজকাঢ়ি গ’লেও খুউব বেছি দহ-পোন্ধৰ মিনিট৷” 

কোনটো বাটেৰে বুলি সোধাত অফিচাৰগৰাকীয়ে যেতিয়া পাহাৰীয়া বাটটোলৈ আঙুলীয়াই দিলে, তেতিয়াহে বুজিলো বাটৰুৱাজনে ইমানকৈ কি বুজাব খুঁজিছিল৷ হয়তো তেওঁ ক’ব খুজিছিল, কেব’ল কাৰ বা বাছেৰে যোৱাতকৈ সেই বাটেৰে খোঁজকাঢ়ি গ’লে একো খৰচ নকৰাকৈয়ে আমি মন্টজুইক দূৰ্গ পামগৈ৷ বীৰে দুখেই কৰিলে, ভাল মানুহ এজনক মিছাতে সন্দেহ কৰিলোঁ বুলি! 

এটা সেউজীয়া নিৰিবিলি বাট পাহাৰৰ ওপৰলৈ! বেছিভাগ পৰ্য্যটকে কেবল কাৰ বা বাছত যোৱাৰ বাবেই কিজানি সিমান ভিৰো নাই৷ দহমিনিটমান পিছতেই পালোগৈ কাটালনীয়ান সকলৰ ইতিহাসৰ এটা অধ্যায় সাঁচি থোৱা এই সুউচ্চ মন্টজুইক দূৰ্গ৷ 

দূৰ্গৰ পৰা আক্ৰমণকাৰী সাগৰীয় জাহাজক বাধা দিয়াৰ ব্যৱস্থা 
এই দূৰ্গটো পূৰ্বৰ ১৬৪০ চনতে সজা এটা মধ্যযুগীয় দূৰ্গৰ আৰ্হিতে একে ঠাইতে পিছত নিৰ্মাণ কৰা হৈছিল৷ ত্ৰিছ বছৰীয়া ফৰাচী-স্পেনিছ যুদ্ধৰ পিছতেই কাটালনীয়াৰ ৰজা চতুৰ্থ ফিলিপৰ দুৰ্নীতিৰ বিৰুদ্ধে স্পেইনৰ কৃষক সকলে বিদ্ৰোহ (Reapers' War) আৰম্ভ কৰিছিল৷ এই বিদ্ৰোহ প্ৰতিহত কৰাটোৱে পূৰ্বৰ দূৰ্গটোৰ নিৰ্মাণৰ মূখ্য কাৰণ আছিল৷ 


দূৰ্গত থকা ঐতিহাসিক কাৰাগাৰৰ ১৬ নম্বৰ কোঠা
ইয়াৰ পিছৰ কেইবাবছৰটো দূৰ্গটোৰ পুনৰ নিৰ্মাণ হৈছে আৰু এই দুৰ্গই প্ৰতিটো দশকতে বিভিন্ন যুদ্ধৰ সাক্ষী হৈ ৰৈছে৷ ১৯৩৬-৩৯ -ৰ স্পেইনৰ গৃহযুদ্ধৰ বহুতো মৃত্যদণ্ডৰ নিৰ্মম ইতিহাস বন্দী হৈ আছে এই দূৰ্গৰ দেৱালবোৰত৷ ১৯৬০ চনলৈকে এই দূৰ্গ সামৰিক কাৰাগাৰ হিচাপে ব্যৱহাৰ হৈ আছিল৷ ১৭৫১ চনত পুৰণি দূৰ্গটো সম্পূৰ্ণকৈ ভাঙি তাৰ ঠাইত বৰ্তমানৰ মন্টজুইক দূৰ্গ নিৰ্মাণ হয়৷ অলিম্পিকৰ সময়ৰ পৰাহে দূৰ্গটো জনসাধাৰণৰ বাবে সম্পুৰ্ণকৈ মুকলি কৰি দিছে৷ 

মন্টজুইক দূৰ্গৰ পৰা এটা দিশে বাৰ্চিলোনাৰ সম্পূৰ্ণ মহানগৰৰ দৃশ্য, বিপৰীত দিশে সীমাহীন নীলা সাগৰ৷ আমি যোৱাৰ দিনা উজ্বল ৰ’দ৷ দূৰ্গৰ একেবাৰে ওপৰৰ মহলাৰ পৰা দুয়োদিশেই সাংঘাটিক সুন্দৰ দৃশ্য দেখা পোৱা যায়৷ 

মন্টজুইক দূৰ্গৰ পৰা সাগৰৰ দৃশ্য 
ৰ’দৰ উম লৈ লৈ ভাবি ৰ’লো, ইতিহাসৰ কিমান মুহুৰ্ত হয়তো সকলোৰে অদেখা অজানা হৈ ৰৈ গৈছে এই দূৰ্গৰ বুকুত! কিমানবাৰ সময়ৰ চকৰি ঘুৰি ঘুৰি একেবোৰ খেলাকে খেলিছে-জীৱন দিয়া আৰু লোৱাৰ ! এখন ঠাইৰ মাটিত শিপা গঁজা মানুহবোৰে যে কেনেকৈ সেই আপোন ঠাইৰ ৰক্ষাৰ বাবে জীৱন আহুতি দিয়েহি! 

অহাৰ দিনাৰে পৰা জানিছোঁ আৰু অনুভৱ কৰিছোঁ, এক সংগ্ৰামত সমগ্ৰ কাটালুনীয়া এতিয়াও উমি উমি জ্বলি আছে৷ কাটালানসকলে এতিয়াও যুঁজি আছে নিজৰ স্বাধীনতাৰ বাবে-স্পেইনৰ পৰা পৃথক হৈ সুকীয়াকৈ নিজা এখন দেশ প্ৰতিষ্ঠাৰ বাবে৷ বাৰ্চিলোনাক ৰাজধানী হিচাপে লৈ এখন সুকীয়া কাটালুনীয়া৷ কাৰণ, কাটালানসকলৰ ক্ষোভ- স্পেইনৰ আটাইতকৈ সমৃদ্ধ এই অঞ্চলৰ শোষণ হৈছে৷ সেই সমৃদ্ধিৰ বহুলাংশই এই ঠাইৰ উন্নতিৰ বাবে ব্যৱহাৰ হোৱা নাই৷ বাৰ্চিলোনাৰ অলিয়ে গলিয়ে ঘুৰি ফুৰাৰ সময়ত সঁচাই অনুভৱ কৰিলোঁ, এই মহানগৰৰ নিজা সংস্কৃতি-কলা-কৃষ্টি-ইতিহাস আছে৷ আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ, এই ঠাইৰ নিজা এটা সুকীয়া সত্বা আছে৷ সেইবাবেই আমাৰ দৰে এই ঠাইৰ দুদিনীয়া আলহীয়েও কাটালানসকলৰ প্ৰতি হৃদয় খুলি আগবঢ়াব পাৰোঁ এমুঠি সহমৰ্মিতা৷ 

পৰৱৰ্ত্তী খণ্ডসমূহত



Sunday 5 February 2017

এজাক ৰ’দৰ সন্ধানত: স্পেইন আৰু পৰ্টুগালত এসপ্তাহ (১)

খ্ৰীষ্টমাছৰ বন্ধত ফুৰিবলৈ যোৱাৰ কথা ঘুনুক ঘানাককৈ ওলাই আছিল৷ ক’লৈ  যোৱা যায়  তাৰ ক্ষন্তেকীয়া আলোচনা, অনলাইন অ’লৈ-তলৈ এনেয়ে টিকেট চোৱা ইত্যাদিবোৰে গতানুগতিক দিনবোৰৰ ফাঁকে ফাঁকে ভুমুকি মাৰি থাকিল৷ কাৰ্য্যত: পিছে একো হৈ নুঠিল৷ নৱেম্বৰৰ শীতৰ প্ৰকোপত অভ্যস্ত হ’বলৈ চেষ্টা কৰি থকা দিনতে এদিন বান্ধবী প্ৰজ্ঞাই নিশাৰ ভাত সাঁজলৈ মাতিলে৷ বন্ধু বীৰ আৰু মোক৷ সকলো লগ হোৱাৰ পিছত তাই পাতনি জুৰিলে,

” খ্ৰীষ্টমাছলৈ এমাহো নাই৷ আমি এতিয়াই কেতিয়া ক’লৈ যাওঁ ঠিক কৰি টিকেট নকৰিলে সোনকালেই দাম বহুত বাঢ়ি যাব৷  গতিকে আজিয়ে কিবা এটা কৰা যাওক৷ তহঁতে ক’লৈ যোৱা যায় পাতি লৈ ঠিক কৰ, মই আছোঁ!”


কৈয়ে তাই পাকঘৰত লাগিলগৈ৷ বীৰ আৰু মই লেপটপৰ সন্মুখত বহি ল’লো৷ ক’লৈ যোৱা যায়?বীৰৰ কথা, সস্তাত য’লৈকে পোৱা যায়৷ মোৰ কথা, হাড়কপোৱা ঠাণ্ডাৰ অত্যাচাৰ নথকা যিকোনো ৰ’দাল ঠাইলৈ যোৱা যাওক! ইংলেণ্ডৰ দৰে এচেৰেঙা ৰ’দকো বাট এৰি নিদিয়া আকোঁৰগোজ ডাৱৰৰ ঠাই নহ’লেই হ’ল৷ আস! কিমানদিন যে এজাক উমাল ৰ’দৰ মুখ দেখা নাই৷ সকলো সময়তে ঠেঁহ লাগি থকাৰ দৰে থকা গোমা আকাশখনে মুকলি নীলা আকাশ এখনৰ সপোনটো দুৰলৈ লৈ গৈ থাকে ৷ কোনোবা দিনত বিৰলভাৱে এচেৰেঙা ৰ’দ জিলিকিলে গোটেই শ্বেফিল্ড চহৰখনেই যেন হঠাৎ প্ৰাণ পাই উঠে! বতৰৰ আকৌ হঠাতে ঠেঁহ লগাৰ আগতেই মানুহবোৰে হেপাঁহেৰে ৰ’দৰ উমকন ভিতৰলৈকে টানি ল’বলৈ সচেষ্ট হৈ উঠে৷ কোনোৱে সকলো কাম এৰি থৈ পাৰ্কৰ মিহি ঘাঁহনিবোৰত বহেগৈ, সৰু ল’ৰা-ছোৱালীবোৰে পাহৰি যোৱা কিবা এটা হঠাৎ মনত পৰাৰ দৰে আকৌ ল’ৰা ঢপৰা কৰিবলৈ লয়, কোনোৱে অনাদৰত এচুকত পৰি ৰোৱা ফেব্ৰিক সাঁজযোৰ উলিয়াই এপাক দৌৰিবলৈকে ওলাই যায়৷  সিদিনাৰ আটাইতকৈ আলোচ্য বিষয়টো হৈ পৰে,  ’আজিৰ উমাল ৰ’দজাক’! মুঠতে সকলো ফালেই যেন এটা উৎসৱ- ৰ’দৰ উৎসৱ!


মোৰ চিন্তাত যতি পেলাই বীৰে কৈ উঠিল,

”আটাইতকৈ দৰকাৰী কথাটো হৈছে খৰচ-পাতিহে কিন্তু৷ বাজেটৰ ভিতৰত নপৰিলে ৰ’দ এজাকৰ কাৰণেই বহুত খৰচী কৰ’বালৈ যাব নোৱাৰি দেই!”

হয় কথাটো! সেয়ে টিকেটৰ দামৰ হিচাপত UK to anywhere ফ্লাইট চাবলৈ লাগিলো আমি৷ দেখিলোঁ বন্ধুবৰ্গৰ উপদেশ সঁচা৷ ইউ কেৰ পৰা বহু ইউৰোপীয়ান দেশলৈ যথেষ্ট সস্তাতে ফ্লাইট পোৱা যায়৷ বিশেষকে পটুৰ্গীজ এয়াৰলাইনছ ৰায়ানএয়াৰত৷ বিভিন্ন লক্ষ্যস্থানৰ দীঘলীয়া তালিকাখনত পাউণ্ডৰ একক সংখ্যাবোৰ দেখি দস্তুৰমত উত্তেজিত হৈ উঠিলো! ক’লৈ যাওঁ- জাৰ্মেনী?-নাই, তাত ঠাণ্ডা! ৰোম?-নাই, বীৰ আৰু প্ৰজ্ঞা ইতিমধ্যে তালৈ গৈ আহিছে৷ পেৰিছ?-নাই, ইমান ওচৰ! তালৈতো এনেয়েও যোৱা হৈ থাকিব! এনেকৈ নগ’লেও চলিব!

বহুতো ঠাই ঘুৰি পকি অৱশেষত আমি বাৰ্চিলোনাত থমকি ৰ’লো৷ তালৈ এপাক যাবলৈ মোৰ  বহুদিনীয়া হেপাঁহ৷ ইংলেণ্ডতকৈ অলপ গৰমো হ’ব৷ একো নহ’লেও অন্তত: ৰ’দৰ মুখ দেখিবলৈ পাম৷ প্ৰজ্ঞাই আমি ইখনৰ পিছত সিখন ঠাইৰ নাম বল দলিওৱা দি তাইলৈ দলিয়াই থকা বন্ধ হোৱা দেখি  পাকঘৰৰ পৰা মাত লগালে,

”যিয়ে ঠিক নকৰ, তাৰ কাষৰীয়া আৰু এখনলৈ যাব পৰাকৈও আমাৰ সময় হ’ব৷ এসপ্তাহ আছে যেতিয়া৷ গতিকে দুখন ঠাই চাব পাৰি”

আমি দুয়ো ভাবিলো, ঠিকেইতো৷


লগে লগে ঠিক হৈ গ’ল, দ্বিতীয় লক্ষ্যস্থান পৰ্ট’-পৰ্টুগাল নামৰ উৎপত্তিস্থান৷ সাগৰৰ পাৰৰ এখন সৰু ধুনীয়া মহানগৰী৷ লগালগ টিকেট হৈ গ’ল৷ ৰাতিৰ ভাতসাঁজ জুতি লগাকৈ খাই উঠিহে মোৰ খেয়াল হ’ল৷ সিহঁতক লাহেকৈ সুধিলো,

”মোৰ ভিজা হ’বগৈ নাই পিছে তিনি সপ্তাহত?”

দুয়ো একেলগে কৈ উঠিল,

”হৈ যাব, হৈ যাব৷ ইয়াৰ পৰা ভিজা পোৱাটো একেবাৰে সহজ৷”

প্ৰজ্ঞা আৰু বীৰে আগতে  ইউৰোপৰ কেইবাখনো দেশলৈ গৈছে বাবে  ছমাহৰ ভিজা লগত আছে৷ মইহে নতুনকৈ এপ্লাই কৰিব লগাত পৰিলো৷ লণ্ডনলৈ দুঘন্টাৰ ট্ৰেইনত  গোটেইকেইখন ফ্লাইটত হোৱা মুঠ খৰচতকৈ দুগুণ খৰচ কৰি গৈ ভিজা এপ্লাই কৰিলোগৈ৷ ভাগ্যে সময়মতে পালো৷ পোৱাৰ পিচত আৰু কোনে পায়! এই যেন আপডেট এটাই দি দিওঁ- বাৰ্চিলোনা ক’লিং! (পিছে নিদিলো 😁)

ৰায়ানএয়াৰ আৰু জন ষ্টেইনবেক


যোৱাৰ দিনা পুঁৱতিনিশা তিনি বজাতে শুই উঠি প্ৰজ্ঞা, বীৰ আৰু মই এয়াৰপোৰ্ট পালোগৈ ৷ ৰায়ানএয়াৰৰ ফ্লাইট ৷ ইউৰোপৰ প্ৰায় সকলোবোৰ ঠাইলৈকে যোৱা এই এয়াৰলাইনছটো খুউব সস্তা৷ কেতিয়াবা অবিশ্বাস্যভাৱেও৷ অৱশ্যে কমখৰচী বাজেট এয়াৰলাইনছ মানে বীৰৰ ভাষাত ক’বলৈ গ’লে ’এক বৰ্গফুটীয়া ছিটটো’ হে পোৱা যায়- তাতকৈ বেছি একো নহয়৷ যোৱাৰ চাৰিদিন আগতে অনলাইন চেক ইন আৰম্ভ হয় আৰু ফ্লাইটৰ সময়ৰ পৰা দুঘন্টা আগত বন্ধ হয়৷ সেইখিনি সময়ৰ ভিতৰত অনলাইন চেক ইন নকৰি এয়াৰপৰ্টত চেক-ইন কৰিব খুঁজিলে এজনৰ ৪৫ পাউণ্ডকৈ চাৰ্জ লয়৷ অনলাইন চেক-ইনৰ সময়তো আকৌ নিজৰ পছন্দমতে চিট বিচাৰিলে উপৰুৱাকৈ চাৰ্জ৷ সৰু কেবিন বেগ একোটাৰ বাহিৰে অন্য বেগ কঢ়িয়ালে তাতো বেলেগকৈ চাৰ্জ৷

চিকিউৰিটি চেক ইনৰ সময়ত A1 জোখৰ একোটাকৈ জিপ ল’ক বেগ আগবঢ়াই দিলে৷ গম পালো, তাতে সকলো প্ৰসাধন সামগ্ৰী (চেম্পু-মইশ্বুৰাইজাৰ ইত্যাদি) ভৰাই বাহিৰত বেলেগকৈ দিব লাগে৷ তাৰ বাহিৰে অন্য একো পানীয় নিবলৈ দিয়া নহয়৷ বৰ্ডিং হৈ যোৱাৰ পিছত এৰ’ব্ৰীডজ থকা স্বত্বেও আমাক আকৌ চিৰিৰে তললৈ নামি ফ্লাইটৰ ফাললৈ আগবাঢ়িবলৈ ক’লে৷ মোৰ কৌতুহলী চাৱনী দেখি প্ৰজ্ঞাই হাঁহিলে,

”এৰ’ব্ৰীডজ কামত লগালেও খৰচ আহে  ন! ইতনে ম্যে ইতনা হী মিলতা হ্যায়!”


বীৰৰ কথা, ”অন্য একো থাকক নাথাকক, ৰায়ানএয়াৰৰ লয়েল্টি প্ৰগ্ৰাম এটা থাকিব লাগিছিল!”

কাৰণ?ৰায়ানএয়াৰৰ জহতে অন্তত: সি কেইবাখনো দেশ সস্তাতে ফুৰি আহিছেগৈ৷ সি এইটো এয়াৰলাইনছৰ ল’য়েল কাষ্ট’মাৰ!

আমাৰ ফ্লাইটে পৃথিৱীৰ স্পৰ্শ এৰাৰ প্ৰায় লগে লগেই বীৰ আৰু প্ৰজ্ঞা টোপনিত ধলি পৰিল৷ মই উলিয়াই ল’লো নবেল বঁটা বিজয়ী সাহিত্যিক জন ষ্টেইনবেকৰ ’Travels with Charley' ৷ চাৰ্লি নামৰ ফৰাচী পুডল কুকুৰটো লৈ এখন  ট্ৰাকেৰে ষাঠি বছৰ বয়সত কৰা আমেৰিকা ভ্ৰমণৰ কাহিনী৷ আৰম্ভণিতে তেওঁৰ কেইষাৰীমান বাক্য পঢ়ি ৰৈ গ’লো-
”...A journey is a person in itself; no two are alike. And all plans, safeguards, policing, and coercion are fruitless. We find after years of struggle that we do not take a trip; a trip takes us.Only when this is recognized can the blown-in the glass bum relax and go along with it. .....Only those who have experienced it will understand it."
চকুৰ পচাৰতে মানসপটত ভাঁহি উঠিল, মোৰ ইটো সিটো বহুতো যাত্ৰাৰ খণ্ড খণ্ড ছবি! যি উদেশ্যতে যি ঠাইলৈকে নহওক,  প্ৰতিটো যাত্ৰাই সঁচাই স্বকীয়৷ প্ৰতিটো যাত্ৰাৰ স্মৃতিৰ ৰং ভিন্ন, সুবাস ভিন্ন৷ প্ৰতিবাৰেই যাত্ৰাৰ শেষত অনুভৱ কৰোঁ, জীৱনৰ কলাজখনত আৰু এটা ৰঙীণ আঁক যোগ হ’ল ৷ এইবাবেইটো ক’তোৱে মোৰ দুভৰি থমকি ৰ’ৱ নুখুঁজে, নতুন ঠাই বুলিলেই মনটো হেঁপেহুৱা হৈ উঠে ৷


এটা সতেজ নতুন ৰঙৰ বাবে মনৰ দুৱাৰ যেন আপোনা-আপুনি খোল খাই গ’ল!মনতে কৈ উঠিলো, বাৰ্চিলোনা-এয়া মই আহিছো!

পাইৰিনিছ (Pyrenees)পৰ্বতমালাৰ আদৰণি


কিমান সময় দিবাস্বপ্নৰ ৰাজ্যত হেৰাই আছিলোঁ ক’ব নোৱাৰো, বীৰৰ মাতত চক খাই চকু মেলিলো,

”লুক -লুক আউটছাইড! সেয়া তলত পাইৰিনিছ পৰ্বত!”

খিৰিকীৰে বাহিৰলৈ চাই দেখা পালো, বৰফে ঢকা শাৰী শাৰী পৰ্বত৷ কি সুন্দৰ! আপ্লুত হৈ পৰিলোঁ৷

”জাননে, এই পাইৰিনিছেই ফ্ৰান্স আৰু স্পেইনৰ প্ৰাকৃতিক সীমা৷” প্ৰজ্ঞাই ক’লে৷

”অহ, বাৰ্চিলোনা পাইছোহিয়ে তাৰমানে!”

ফ্লাইটৰ পৰা পাইৰিনিছ পৰ্বতমালাৰ একাংশ
ঠিকেই, কিছুসময়ৰ পিছতে বাৰ্চিলোনাত নামিলোগৈ৷ বাহিৰলৈ ওলোৱাৰ লগে লগে এখন ৰ’দোজ্বল আকাশে আমাক সম্ভাষণ জনালে৷ আস! কি সুখ!


বীৰ যোৱাবছৰ ইয়ালৈ আহি গৈছে৷ পূৰ্বৰ অভিজ্ঞতাৰে সি ক’লে, ট্ৰেভেল পাছ কিনি ল’লে কম-খৰচতে সুবিধাজনকভাৱে ঘুৰা-ফিৰা কৰিব পাৰিম৷ কথা মতেই কাম৷ ট্ৰেভেল অফিচত টি-১০ টিকেট একোটাকৈ কিনি ল’লো- এইটো পাছেৰে ট্ৰেইন-মেট্ৰ’-বাছ সকলোতে মুঠ দহবাৰ অহা-যোৱা কৰিব পাৰি৷ কাউন্টাৰৰ মহিলাগৰাকীয়ে  পাছ তিনিখন আগবঢ়াই দি মিঠা হাঁহি এটাৰে ক’লে,

”বিয়েনভেনিগ’ আ বাৰ্চিলোনা” (বাৰ্চিলোনালৈ স্বাগতম!)

”গ্ৰেছিয়াছ !”- প্ৰজ্ঞাৰ লগালগ উত্তৰ! পিছত গম পালো, তাই লগৰ স্পেনিচ বন্ধুবৰ্গৰ পৰা দুই এটা স্পেনিচ শব্দ শিকা৷ মই মনতে আওৰালো , ”গ্ৰেছিয়াছ-গ্ৰেছিয়াছ- ধন্যবাদ!”


বাৰ্চিলোনা এয়াৰপোৰ্টত বীৰৰ সৈতে


পৰৱৰ্ত্তী খণ্ডসমূহত