Thursday 8 June 2017

অনলাইন

এইযে দুআষাৰ পাতিলো
স্কাইপৰ পৰ্দাত চকুত চকু থৈ
দুয়ো একেলগে হাঁহিলো
সেইকণ অনলাইন নিবিড়তাই
নিমিষতে যেন এৰি গ’ল
সহস্ৰ অনুভৱৰ বুলনি
আৰু হৃদয়ত  ৰচি গ’ল
এটি সুৰীয়া গীত

সাত সাগৰ তেৰ নদী পাৰ হৈ
তোমাৰ কাষত থিয় দিবগৈ নোৱাৰোঁ
নোৱাৰোঁ এই স্ক্ৰীণৰ পৰিধি ভাঙি
তোমাৰ স’তে একেলগে টানি ল’বলৈ
একেজাক সুগন্ধি বতাহ
অথবা হাতত হাত থৈ ক’ব নোৱাৰোঁ
আহাচোন, দুয়ো মিলি মচি দিওঁ
একাকি সময়ৰ এই ব্যৱধান
মৌনতাই সামৰি থোঁৱা
এই দূৰ-দিগন্তৰ হুমুনিয়াহ

তথাপিও নানা ঢৌ উঠে আৰু নামে
আমাৰ হৃদয়ত, একেলগে
দুয়ো বাট এৰি দিওঁ
স্কাইপ, জিমেইল আৰু হুৱাটছএপ
সকলো উবুৰিয়াই বৈ আহে
ভালপোৱাৰ বোৱঁতী নৈখন 
আমি মাথোঁ আমাৰ হৈ ৰওঁ 
আৰু আমাৰ পৃথিৱী সেউজীয়া
অনলাইন৷