Thursday 23 April 2020

আফ্ৰিকাত প্ৰথম খোজ: লিভিংষ্ট’নৰ দেশত (২)

লিভিংষ্টনৰ দেশত

ভেনকুভাৰৰ পৰা ছয়ত্ৰিছ ঘন্টীয়া বিমান যাত্ৰাৰ শেষত আমি চাৰিও অৱশেষত জাম্বিয়াত ভৰি দিলোহি৷ বিমানৰ পৰা নামিয়ে টেৰীয়ে ইচইচাই উঠিল৷ দেখিলো, তেওঁৰ শুধ বগা চাৰ্টটোৰ এফালে গোটেইখন মুগাৰঙী ঊণেৰে ভৰি আছে৷ টেৰীৰ কাষৰ আসনৰ যাত্ৰী গৰাকীয়ে হেনো নতুন ঊণৰ শ্বল এখন উৰি আহিছিল৷ তেওঁৰ অজানিতে গোটেইবোৰ টেৰীৰ চাৰ্টতো লাগিল৷ মানুহগৰাকীয়ে যোৱাৰ সময়ত হেনো দোষী দোষী ভাৱেৰে যিমান পাৰে টেৰীৰ চাৰ্টৰ পৰা আঁতৰোৱাৰ চেষ্টাও কৰিছিল! এনে দীঘলীয়া যাত্ৰাত টেৰীয়ে শুধ বগা চাৰ্ট আৰু কলা ট্ৰাউজাৰেৰে সম্পূৰ্ণ ফৰ্মেল সাজপাৰ কৰি অহাটোক লৈ ইতিমধ্যে আমি ৰগৰ কৰিছিলোৱে৷ এতিয়া ঊণৰ কাৰবাৰটো লৈ আমাৰ মাজত হাঁহিৰ ধুম উঠিল৷

লিভিংষ্ট’ন সৰু বিমানবন্দৰ ৷ মূলত: বিদেশী পৰ্য্যটকৰ ওপৰতে নিৰ্ভৰশীল এটা বিমানবন্দৰ৷ আমি সকলোৱে গৈ ইমিগ্ৰেশ্যনত ভিজাৰ বাবে ৰ’লোগৈ৷ মোৰ সন্মুখত টেৰী৷ আগবাঢ়ি গৈ ভিজাৰ বাবে আবেদনখন দিয়াৰ পিছত অফিচাৰগৰাকীয়ে সুধিলে,

’জাম্বিয়ালৈ অহাৰ উদেশ্য?’

’পৰ্য্যটন!’ টেৰীৰ তাৎক্ষণিক উত্তৰ৷ বেছি দীঘলীয়া সময়ৰ বাবে নহ’লে সাধাৰণতেই আমি গৱেষণাৰ ভিজাৰ সলনি পৰ্য্যটনৰ ভিজা আবেদন কৰোঁ৷ প্ৰক্ৰিয়াটো সহজ আৰু খৰতকীয়া হয়৷ গৱেষণাৰ ভিজা পোৱাত কেতিয়াবা যথেষ্ট জটিলতা আহি পৰে৷

দেখিলো, অফিচাৰগৰাকীয়ে অলপ সন্দেহৰ দৃষ্টিৰে টেৰীক মূৰৰ পৰা ভৰিলৈকে চাই পঠিয়ালে৷

’ক’ত থাকিব?’

’হোটেল প্ৰ’টিয়াত৷’

একো নকৈ অফিচাৰ গৰাকীয়ে এইবাৰ তেওঁৰ পাছপৰ্টত ষ্টাম্প মাৰিলে৷ বাকী আমাৰ তিনিওৰে বিশেষ প্ৰশ্নৰ মুখামুখি হ’বলগীয়া নহ’ল৷

আমালৈ বাট চাই ৰৈ থকা টেৰীৰ ওচৰলৈ আগবাঢ়ি গ’লো৷ সকলোৰে হাঁহি দেখি তেওঁ নিজেই উপযাচি কৈ উঠিল,

’জানো জানো! সকলো মোৰ এই ফৰ্মেল সাজপাৰৰে কৃতী!’

’এনে সাজ পাৰেৰে পৰ্য্যটনৰ বাবে আহিছে বুলি ক’লে কোনে বিশ্বাস কৰিব বাৰু!’- এলাইডাই মাত দিলে৷ জেমছে আমাৰ আশে পাশে থকা কেইটামান বিদেশী দললৈ ইংগিতেৰে দেখুৱাই ক’লে,

’চাওক, পৰ্য্যটক মানে সেই মানুহবোৰ- আফ্ৰিকালৈ আহিছে বুলি বিমানযাত্ৰাতে হেট, কেম’ফ্লেজ চৰ্টছ আদিৰে একেবাৰে ছাফাৰীৰ সাজপাৰেৰে ইয়াত নামিছেহি!’

দেখিলো সঁচাই, বহুখিনি যাত্ৰীৰ সাজপাৰ তেনে৷ এই যেন বিমানৰ পৰা নামিয়ে পোনে পোনে সোমাই পৰিবগৈ আফ্ৰিকাৰ অপৰূপ অৰণ্যত! 
বিমানৰ পৰা দেখা পোৱা জাম্বেজি নদী

বাহিৰত তেতিয়া তীব্ৰ ৰ’দত জলমলাই আছে লিভিংষ্ট’ন নগৰী৷ জাম্বিয়াৰ দক্ষিণ প্ৰভিঞ্চৰ এটা কোণত জিম্বাবোৱে, বটছ’ৱানা আৰু নামিবিয়াৰ সীমাকাষৰীয়া এখন সৰু নগৰ৷ এই দেশত প্ৰথম ভৰি থোৱা ইউৰোপীয়ান অভিযাত্ৰী ডেভিদ লিভিংষ্টনলৈ সন্মান জনাই যাৰ নাম ’লিভিংষ্টন’৷ নীল নদীৰ উৎস বিচাৰিবলৈ ওলাই ওঠৰশ শতিকাত জাম্বিয়া পাইছিলহি প্ৰসিদ্ধ মিছনাৰী লিভিংষ্টন৷ ৰহস্যময় ব্যক্তিত্বৰ এই লিভিংষ্টনে দাস প্ৰথা দূৰ কৰিবলৈ আপ্ৰাণ চেষ্টা চলাইছিল, তেৱে পৰ্টুগীজসকলক ৰুধিবলৈ ব্ৰিটিছৰ বাবে দুৱাৰ মুকলি কৰি দিছিল৷ লিভিংষ্টনৰ মৃত্যু হৈছিল ১৮৭৩ চনত বাংগুৱেলু (Bangweulu Swamp) নামৰ অঞ্চলটোত অভিযান চলাই থকাৰ সময়ত- যি অঞ্চল এতিয়াৰ জাম্বিয়াত পৰে৷

আমাৰ সহযোগী প্ৰতিষ্ঠান চিফ’ৰ (চেন্টাৰ ফৰ ইন্টেৰনেশ্যনেল ফৰেষ্ট্ৰি ৰিচাৰ্ছ)ৰ গাড়ীয়ে আগবঢ়াই নিলেহি প্ৰ’টিয়া হোটেললৈ৷ গোটেই বাটছোৱা খিৰিকীৰে অপলক নেত্ৰেৰে মই চাই গ’লো, দূৰ দূৰণিলৈকে বিয়পি থকা মিঅ’ম্ব’ গছৰ সেৰেঙা লানি, তাৰ মাজে মাজে নীল আকাশলৈ মূৰ দাঙি চাব খোঁজা সেউজ বননি, তাত আপোন-মনে চৰি ফুৰা গৰুবোৰ! জাম্বিয়াৰ মাটিত প্ৰথম ভৰি থোৱাৰ উত্তেজনাই মোক উন্মনা কৰি তুলিলে৷ বিশ্বাস নহ’ল, এয়াই সেই আফ্ৰিকান ৰিফ্ট উপত্যকা য’ত পোনপ্ৰথমবাৰৰ বাবে মানৱ সভ্যতাই জন্ম লৈছিল! 

মোৰ তন্ময়তা ভাঙি এলাইডাই কৈ উঠিল,
’এতিয়া বাৰিষা ঋতু কাৰণেহে ইমান সেউজ দেখিছা৷ অন্য সময়ত এই ঠাইবোৰৰ ৰূপ একেবাৰে বেলেগ হৈ থাকে৷’
টেৰী আৰু এলাইডাই ইটো সিটো দেখুৱাই গ’ল৷

জাম্বিয়াৰ মাটিত ভৰি দিয়াৰ উত্তেজনা কিছু শাম কটাৰ লগে লগে ভাগৰ আৰু টোপনিয়ে হেঁচা মাৰি ধৰিলে৷ মোক কলমটিওৱা দেখি সন্মুখৰ আসনৰ পৰা টেৰীয়ে কৈ উঠিল,

’এতিয়া গৈ পাই কোনেও শুব নোৱাৰিব দেই৷ গৈ পাই শুই পৰিলে জেটলেগৰ প্ৰকোপ বাঢ়িবহে৷ ভেনকুভাৰৰ সৈতে ইয়াত দহঘন্টাৰ সময়ৰ পাৰ্থক্য৷ গতিকে যিমান দেৰিলৈ পাৰি জোৰ কৰি সাৰে থাকি শৰীৰটো ইয়াৰ সময়ৰ লগত অভ্যস্ত কৰাটোহে ভাল৷’

’সেইটো আজি দুসাধ্যই হ’ব যেন পাইছোঁ৷’ মই লাহেকৈ আপত্তি কৰিলো৷

’পাৰিবা, আমি ভিক্টোৰিয়া ফলছ্ চাবলৈ যাম আজিয়ে৷ সকলো ওলাবা৷’

বাকী সকলোৱে উপায় নাপাইহে যেন টেৰীৰ প্ৰস্তাৱত সন্মতি দিলে৷ টেৰীৰ যুক্তি হ’ল এনেকৈ সময় নুলিয়ালে কেতিয়াও কৰাই নহয়৷ আগতে বহুবাৰ তেওঁ কামৰ বাবে জাম্বিয়ালৈ আহিছে কিন্তু আজিলৈকে ভিক্টোৰিয়া ফলছ্লৈ যোৱাৰ আহৰি ওলোৱা নাই৷

প্ৰ’টিয়া হোটেলত আমাৰ বাবে অপেক্ষা কৰি আছিল চিফৰৰ জাম্বিয়া দলৰ মূল সোঁতা ডেভিছনে৷ টেৰীৰ পৰা শুনিছিলো, ডেভিছনে যোৱা বিছ বছৰ ধৰি এই দেশত বিভিন্ন গৱেষণাত জড়িত হৈ আছে৷ ডেভিছনৰ বয়স প্ৰায় সত্তৰৰ ঘৰত, মিহিকৈ কথাবোৰ কয়৷ টেৰী আৰু জেমছৰ সৈতে তেওঁৰ ব্যৱহাৰ দেখি বুজিলো, বহুদিনীয়া পুৰণি বন্ধুত্ব তেওঁলোকৰ৷ ডেভিছনে টেৰীৰ কথাতে হয়ভৰ দি ক’লে,

’যোৱা যোৱা চাই আহাগৈ৷ জাম্বিয়া ভ্ৰমণৰ সেইটো এটা ভাল আৰম্ভণি হ’ব!’

অগ্যতা এঘন্টামানৰ ভিতৰতে সাজু হৈ আমি ওলাই আহিলো৷


ভিক্টোৰিয়া ফলছ্: দ্য স্ম’ক দেট্ থাণ্ডাৰছ্

লিভিংষ্ট’নৰ পৰা ভিক্টোৰিয়া ফলছ্লৈ গাড়ীৰে মাথোঁ আধাঘন্টামানৰ বাট৷ যোৱাৰ বাটত চিফ’ৰৰ গাড়ীৰ চালক মিঅ’বাৰ সৈতে দুই এষাৰ পাতি গ’লো৷ এসময়ত ব্ৰিটিছ সাম্ৰাজ্যৰ অংশ হোৱাৰ সুবাদতে এই দেশৰ চৰকাৰী ভাষা ইংৰাজী- ভাৰতৰ দৰেই প্ৰায় সকলোৱে ইংৰাজী ক’ব পাৰে৷ স্থানীয় ভাষাবোৰৰ ভিতৰত বেম্বা (Bemba), ল’জি (Lozi), লুৱাণ্ডা (Luanda), টংগা (Tonga) আদি প্ৰধান৷ টংগাত দুই এষাৰ শিকাৰ চেষ্টা কৰি আছিলো- কিন্তু মিঅ’বাৰ সলসলীয়া ইংৰাজী শুনি ইংৰাজীতে আমাৰ কথা-বতৰা চলিল৷

গাড়ীত টেৰী, জেমছ, এলাইডাৰ লগত আমাক লগ দিলে ফ্ৰান্সৰ ক’লাই৷ ক’লা তাৰে এটা প্ৰতিষ্ঠানত অৰ্থনীতিবিদ আৰু আমাৰ এই প্ৰকল্পৰ অংশীদাৰ৷ আমাৰ দৰেই ক’লাও আজি আগবেলাহে আহি পাইছে৷ প্ৰায় সমবয়সীয়া- ওখ-পাশ, অবিন্যস্ত কেকুঁৰা চুলিৰে এটা আকৰ্ষণীয় ৰসিক ব্যক্তিত্বৰ ক’লাৰ সৈতে সহজ হৈ পৰিবলৈ বিশেষ সময় নালাগিল৷

পৰ্য্যটনৰ অফিচটোত টিকেট লৈ আমি খোঁজ দিলো জলপ্ৰপাতটোলৈ বুলি৷ ভিক্টোৰয়া ফলছ্ ৰ প্ৰায় সোঁমাজেৰে পাৰ হৈ গৈছে জিম্বাবোৱে আৰু জাম্বিয়াৰ আন্তৰ্জাতিক সীমা৷ জলপ্ৰপাতৰ পূবৰ অংশখিনি জাম্বিয়াত আৰু পশ্চিমৰ অংশ জিম্বাবোৱেত পৰে৷ 

মিঅ’বাই ক’লে,

’ভিক্টোৰিয়া ফলছৰ জাম্বিয়াত স্থানীয় নাম ম’ছি অ’ টুন্যা (Mosi-oa-Tunya), যাৰ অৰ্থ গৰজি থকা ধোঁৱা (the smoke that thunders)৷ জাম্বেজি নদীখন জাম্বিয়াৰ পশ্চিম আৰু দক্ষিণ সীমাৰে বৈ গৈ একেবাৰে পশ্চিমে ভিক্টোৰিয়া জলপ্ৰপাত আৰু কৰিবা হ্ৰদ সৃষ্টি কৰি ভাৰত মহাসাগৰত পৰিছেগৈ৷ এই নদীৰ পৰাই জাম্বিয়াৰ নাম হৈছে৷’ 

অৰণ্যৰ ঠেক বাটটোৰে আমাৰ দলটো আগবাঢ়ি গৈ থাকোঁতেই দূৰৈৰ পৰা দেখা পালো আকাশলৈ ছিটিকি পৰা পানী আৰু বাস্পৰ শুভ্ৰ মায়াজাল! আৰু শুনা পালো গা-মন ৰোমাঞ্চিত কৰি তোলা পানীৰ গৰ্জন!

প্ৰায় দৌৰি যোৱাৰ দৰেই গৈ থিয় দিলোগৈ পৃথিৱীৰ বৃহত্তম জলপ্ৰপাতটোৰ সন্মুখত! পৃথিৱীৰ সাতোটা প্ৰাকৃতিক আশ্চৰ্য্যৰো এটা এই ভিক্টোৰিয়া ফলছ্৷  চকুৰে মনালৈকে মাথোঁ দেখা পালো হিলদল ভাঙি ধলধলাই পৰা পানীৰ ফোৱাৰা! কোনোবা এজনে ক’লে, প্ৰায় দুই কিলোমিটাৰ দূৰলৈকে বিয়পি আছে এই জলপ্ৰপাাত৷ বেছাল্টৰ শিখৰৰ পৰা শ মিটাৰ তললৈ অবিৰাম পৰি ৰোৱা পানী তলৰ জাম্বেজি নদীৰ ঢৌৰ সৈতে মিলিবলৈ নাপাওঁতেই বাষ্প  হৈ পুনৰ উঠি গৈছে আকাশলৈ বুলি! প্ৰকৃতিৰ অদমনীয় শক্তি আৰু সৌন্দৰ্য্যৰ, বাস্তৱ আৰু কল্পনাৰ এক অপূৰ্ব সংমিশ্ৰণ যেন এই জলপ্ৰপাত! কি এক শিহৰণ জগাই তোলা পৰিৱেশ! নিজ চকুৰে নেদেখিলে, অনুভৱ নকৰিলে যেন অবিশ্বাস্য এই ঠাই, এই অভিজ্ঞতা! 

আজিৰ পৰা প্ৰায় দেৰশ বছৰ পূৰ্বে এই জলপ্ৰপাতৰ সন্ধানত আহি ডেভিড লিভিংষ্ট’নে প্ৰথমবাৰৰ বাবে অপূৰ্ব ৰূপ দেখা পাই লিখিছিল, 

Creeping with awe to the verge, I peered down into a large rent which had been made from bank to bank of the broad Zambezi, and saw that a stream of a thousand yards broad leaped down a hundred feet and then became suddenly compressed into a space of fifteen to twenty yards....the most wonderful sight I had witnessed in Africa.’
ভিক্টোৰিয়া ফলছ্ ৰ একাংশ

ক’লাই বাটতে ৰেইনকোট কিনি লৈছিল- বাকী আমাৰ দলৰ কোনেও বিশেষ নাভাৱিলো৷ ভিক্টোৰয়াৰ পানীৰ ফোৱাৰাই নিমিষতে জুৰুলি জুপুৰিকৈ তিয়াই পেলালে আমাক৷ মোৰ কাষতে থকা টেৰী দুখোঁজ পিছুৱাই গ’ল পানীৰ সেই উত্তাল খেলাৰ পৰা- মই পিছে দুখোঁজ আগবাঢ়ি গৈ লোহাৰ ৰেলিঙত হাত থ’লোগৈ৷ হৃদয়ৰ সমস্ত আকুলতাৰে টানি লোৱাৰ চেষ্টা কৰিলোঁ সেই সতেজতা! সেই অপূৰ্ব দৃশ্য, সেই গৰ্জন, সেই আবেগৰ তীব্ৰতা সকলো নিভৃত একোণত বন্দী হৈ ৰ’ল চিৰদিনৰ বাবে৷ 


ইতিমধ্যে আমাৰ দেহ-মনৰ ভাগৰ বহুখিনি আঁতৰিছে৷ গতিকে জলপ্ৰপাতৰ সমান্তৰালভাৱে বৰ্ষাৰণ্যৰ কাষেৰে যোৱা বাটটোৰে বহুদূৰলৈকে খোঁজ দিলো৷  জলপ্ৰপাতৰ বিভিন্ন অংশৰ পৰা বহুতো দু:সাহসিক ক্ৰীড়াৰ ব্যৱস্থা আছে৷ তাৰ ভিতৰত জলপ্ৰপাতৰ একেবাৰে কাষলৈকে গৈ ডেভিলছ্ পুলত পানীত ডুব মৰা, দলঙৰ পৰা শফুট তললৈ জাঁপ দিয়া (বাঞ্জি জাম্পিং), মাইক্ৰ’লাইটেৰে আকাশৰ পৰা জলপ্ৰপাতৰ ৰূপ চোৱা, ৰাফটিং আদি খুবেই জনপ্ৰিয়৷ কিন্তু এতিয়া বাৰিষা বাবে প্ৰায়বোৰ পৰ্য্যটকৰ বাবে বন্ধ কৰি থোৱা আছে৷

অন্য এটা কোণৰ পৰা ভিক্টোৰিয়া ফলছ্

জাম্বিয়াৰ প্ৰথম দিনটোতে ভিক্টোৰিয়া জলপ্ৰপাতৰ অভিজ্ঞতাই যেন মনৰ দুৱাৰ মুকলি কৰি পেলালে নতুন অভিযান আৰু নতুন অভিজ্ঞতাৰ বাবে! সন্ধিয়া ডেভিছনৰ সৈতে সকলোৱে বহি আলোচনা কৰিলো আমাৰ ভৱিষ্যত কাৰ্য্যপন্থা৷ ডেভিছনে ক’লে,

’আমি কাইলৈকে ৰাওনা হ’ম আমাৰ গৱেষণাৰ ক্ষেত্ৰ ক’ল’ম’ জিলালৈ৷ আমাৰ অনুষ্ঠানৰ বাকীবোৰ ইতিমধ্যে তাৰ পাইছেহি৷ ক’ল’ম’ জিলাৰ প্ৰশাসন, বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান আৰু স্থানীয় জনজাতিৰ মুৰব্বীসকলৰ সৈতে কাইলৈ আবেলি আমি প্ৰাৰম্ভিক আলোচনাত বহিম৷’

অনাগত দুটা সপ্তাহৰ অভিজ্ঞতাৰ বাবে অধীৰ আগ্ৰহ লৈ নিজৰ কোঠালৈ বুলি আগবাঢ়িলো৷ তেতিয়া কল্পনাও কৰা নাছিলো, জাম্বিয়াৰ এই ভ্ৰমণে আৰু কিমান আশ্চৰ্য্য লৈ ৰৈ আছিল! 

এই ভ্ৰমণকাহিনীৰ প্ৰথম খণ্ড: ভিজা, কৰ’না আৰু ধুমুহা