আজি পুৱতি নিশাতে কুঁহিৰ টোপনি ভাঙিল। এঙামুৰি দি উঠি আম গছজোপাৰ ডালটোৰে তাই বাহিৰৰ পৃথিৱীখনলৈ ভুমুকিয়াই চালে। কিহেনো ইমান পুৱাই টোপনি ভাঙিলে! এনেতে তাইৰ কাণত পৰিল সোঁফালৰ পৰা ভাঁহি অহা 'কুউ কুউ কুউ.......' মাতটি। ইমান মিঠা, ইমান আকুল!
কুঁহিৰ মনটো কিছু চঞ্চল হৈ পৰিল। সেয়া কানুৰ মাত। আজি বেছ কিছুদিন ধৰি সি গীতৰ আখৰা কৰি আহিছে। দিনে দিনে যেন তাৰ মাতটো শুৱলা হৈ আহিছে; গীতৰ ৰাগী সুমধুৰ হৈ আহিছে। কুঁহিয়ে সেই গীত বুকু পাতি শুনিছে। সেই মাতত তাইৰ মন ব্যাকুল হৈ পৰিছে!
কুঁহি লচপচকৈ ওলাই আহিল। কোমল ৰ'দজাকে তাইৰ লাহী দেহৰ কজলা পাখি আৰু বগা ফুটবোৰ জিলিকাই পেলালে। তাই লুকাই থকা আমজোপাত ফুল ফুলিছে। কেৱল আমজোপাতে নহয়, বকুল হাবিৰ চৌদিশে সেউজীয়া কুঁহিপাত আৰু ৰংবিৰঙী ফুলৰ বাহাৰ। ওচৰৰ গাৱঁৰ পৰা ঢোল-পেপাৰ মাতো ভাঁহি আহিছে। কুঁহিয়ে উৰি গৈ প্ৰথমে সেইদিশৰে অমিতা এজোপাত পৰিল। মিহি ঠোঁটটোৰে খুটিয়াই খুটিয়াই হেঁপাহ পলুৱাই অমিতা তাতে খাই ল'লে।
কানুৰ গীত অহৰহ চলিয়ে থাকিল। এইবাৰ তাই সেইফালে উৰা মাৰিলে। পোনেই কানুৰ ওচৰলৈ নগৈ কিছু দূৰৈৰ ডাল এটাৰ আঁৰত লুকাই তালৈ চালে। কানুৱে তেতিয়াও তাইক মন কৰা নাই। গীতৰ পৰা ক্ষন্তেক বিৰতি লৈ সি মিহি ঠোঁটটোৰে গাৰ কিচকিচিয়া ক’লা পাখিবোৰ চিজিল লগাইছে। কুঁহিৰ হাঁহি উঠি গ'ল।সেই হাঁহি শুনি এইবাৰ কানুৰ ডাঠ ৰঙা দুচকু চক্ খাই উঠিল। তাইক দেখা মাত্ৰকে সি আকৌ মাত দিলে, 'কুউউউউউউউউউউ'
![]() |
| বকুল হাবিত কানু আৰু কুঁহি |
কেৱল কানুয়ে নহয় বকুল হাবিত এইকেইদিন কেইবাটাও কুলিৰ অহৰহ বিননি। ব'হাগ মানেই যে সিহঁতৰ লগৰী বিচৰাৰ সময়। পিছে কুঁহিৰ অন্য কাৰোলৈ মন নাই। তাই কানুৰ কাষে কাষে কিছু পৰ উৰি ফুৰিলে। এটা সময়ত তাইৰ মন বুজি কানু ওচৰ চাপি আহি তাইক এটা মৰমৰ চুমা যাচিলে। সেই সুযোগতে কুঁহিয়ে ক'লে, আজি বেছ কিছুদিন ধৰি যে তাইৰ বৰ চিন্তা হৈছে। কানুৱে সুধিলে, 'কিয়, কিহৰ ইমান চিন্তা হৈছে তোমাৰ?'
বৰদৈচিলাৰ কোব কমাৰ পিছৰ পৰা প্ৰায়বোৰ চৰাই বাহ সজাত ব্যস্ত হৈ পৰিছে।বুলবুলি চৰাইহালে অবিৰাম কুটা কঢ়িয়াইছে। কুঁহিৰ আমজোপাৰ কাষতে ওলমিছে টোকোৰা চৰাইৰ মোনাৰ দৰে আটোম-টোকাৰি বাহ। তাকে দেখি কুঁহি বৰ বিমোৰত পৰিছে। তাই কি কৰিব? পোৱালি কেনেকৈ জগাব, কেনেকৈ তুলিব? কুঁহিৰ যে সেইবোৰ কোনোদিনে শিকাই নহ'ল। এতিয়াহে পোৱালি জগোৱাৰ সময় হোৱাতহে চিন্তা বাঢ়ি আহিছে।
তাই কৈ থাকোঁতেই সিহঁতৰ কাষেৰে উৰি গ'ল কনক নামৰ পাতি কাউৰীটো। 'কা কা' কৈ মাতি সি কাষৰে বিশাল বটগছজোপাৰ একেবাৰে ওপৰত বহিলগৈ। সেইফালে চাই দুয়ো দেখিলে, তাতে কনক আৰু ঘৈণী কুন্তীয়ে সৰু-বৰ লাঠিৰে আহল বহলকৈ এটা বাহ সাজিছে। তাতে কুন্তীয়ে চাৰিটা নীলা-চানেকীয়া কণীও পাৰিছে। এতিয়া দুয়ো পাল পাতি কণী উমনি দিছে। বৰ সতৰ্কতাৰে বাহটো চোৱাচিতাও কৰি আছে।
![]() |
| কনক আৰু কুন্তীৰ বাহ |
'একো চিন্তা নকৰিবা, মোৰ এটা বুদ্ধি আছে!' কানুৱে ক'লে। সি ঠোঁটেৰে কুঁহিলৈ কপৌফুলৰ এজাৰৰঙী পাহি এটাও আগবঢ়াই দিলে।
কুঁহিয়ে কপৌফুল পাহি লৈ নিজৰ পাখিতে আঁৰি ল'লে। কিন্তু কানুৰ কথা পিছে একো বুজিব নোৱাৰিলে। সি এইবাৰ তাইৰ কাণত ফুচফুচাই পৰিকল্পনাটো ক'লে। লগে লগে তাইৰ ৰঙা দুচকু আৰু উজ্বল হৈ পৰিল। দুয়ো লুকাই লুকাই কিছুপৰ কনক আৰু কুন্তীৰ আলেখ-লেখ চাই থাকিল। এটা সময়ত কুন্তী বকুল হাবিৰ সীমাত থকা নিজৰাটোৰ দিশলৈ উৰি গ'ল। হয়তো তাইৰ পিয়াহ লাগিছে নাইবা গা ধুৱাৰ সময় হৈছে। সেইসময়তে কানু বিপৰীতদিশে উৰি গৈ কালিন্দী নামৰ কেৰ্কেটুৱাটোক লগ ধৰিলেগৈ। বন্ধু কানুৰ কথা মতে কালিন্দীয়ে বৰ জোৰেৰে চেকচেকাই উঠিল। সেই মাত গোটেই হাবিত ৰজনজনাই গ'ল। হাবিৰ সকলোৱে জানে, কালিন্দীৰ তেনে চেকচেকনি কোনো বিপদৰ আগজাননী। গতিকে সেয়া শুনি কনক কাউৰী চক খাই উঠিল। কিনো বিপদ আহিব ধৰিছে তাৰ উমান ল'বলৈ কনকেও সেইদিশে উৰা মাৰিলে।
![]() |
| কালিন্দী নামৰ কেৰ্কেটুৱাটো |
সেই সুযোগতে কুঁহিয়ে উৰা মাৰি কনক আৰু কুন্তীৰ বাহটো পালেগৈ। সন্তৰ্পনে ইফালে-সিফালে চাই সেই বাহতে তাই এটা কণী পাৰিলে। কণীটোৰ ৰং বগা চানেকীয়া আৰু আকাৰো কিছু ডাঙৰ। কিন্তু দূৰৈৰ পৰা কাউৰীৰ কণীৰ দৰেই যেন লাগিল। কণী পাৰিয়েই কুঁহি তাৰ পৰা অন্তৰ্ধান হ'ল। কানু আহি পোৱাত দুয়ো কিছু দূৰৈৰ নীম গছজোপাৰ পাতৰ আঁৰ হৈ বাট চালে। কিছুপৰৰ পিছতে কনক কাউৰী ঘুৰি আহিল। চাৰিটাৰ সলনি পাঁচটা কণী দেখা পায়ো সি যেন কথাটোৰ একো তত নাপালে। পূৰ্বৰ দৰেই বাহৰ পহৰা দি থাকিল। কুঁহি আৰু কানুয়ে তাকে দেখি খিট্খিটাই হাঁহিলে। অলপ পিছত পিয়াহ পলুৱাই কুন্তীও উভতিল। আহিয়ে বাহত বহি কণীকেইটা উমনি দিবলৈ আৰম্ভ কৰিলে। এইবাৰ কুঁহিয়ে যেন স্বস্তিৰ নিশ্বাস পেলালে।
![]() |
| কনক আৰু কুন্তী কাউৰীৰ বাহত কুঁহিৰ কণী |
তেতিয়াৰ পৰা কুঁহিয়ে প্ৰতিদিনে দূৰে দূৰে কনক আৰু কুন্তীৰ বাহটো মন কৰি থাকিল। কুন্তীয়ে বৰ নিষ্ঠাৰে কণীকেইটা উমনি দি থাকিল। কনকেও সতৰ্ক হৈ পহৰা দিলে আৰু আজৰি পৰত বাহটোৰ মেৰামতিও কৰি থাকিল। এদিন দুদিনকৈ দুটা সপ্তাহ পাৰ হৈ গ'ল। তেনেতে এদিন নীমজোপাত কানুৰ সৈতে কথা পাতি থাকোঁতে কুঁহিয়ে এটা সৰু চীঁ-চিয়নি শুনা পালে। তাৰ লগে লগে কনক আৰু কুন্তীৰ উত্তেজিত চিঞৰ, 'ফুটিছে, কণী ফুটিছে!'
সঁচাকৈয়ে এটা কণীৰ চেকুঁৰা ভাঙি কণমানি ঠোঁট এটা ওলাইছে! তাৰপিছত লাহেকৈ ভিজা গোলাপী গাটো ওলাইছে। দুচকু জাপখোৱা। দুইমিনিটমানৰ ভিতৰতে এটা এটাকৈ পাঁচোটা কণী ফুটি পোৱালী জগিল। কুঁহি আৰু কানুৱে ডিঙি মেলি মেলি চালে, তাৰে কোনটোনো সিহঁতৰ পোৱালি বুলি! সিহঁতে ঠিকেই চিনিলে, সেই যে দীঘলীয়া ঠোঁট আৰু ডাঠ গোলাপী দেহৰ পোৱালিটো- সেইটোৱে সিহঁতৰ। পাঁচোটা পোৱালিৰ মাজত যে জিলিকি আছে সি! কাউৰীৰ পোৱালিতকৈ আগতেই খাদ্য বিচাৰি চীঁ-চিয়াইছে! দুয়ো স্ফূৰ্তিতে জপিয়াই উঠিল।
'তাৰ নাম 'গীত' হ'ব দেই! তোমাৰ গীতেই আমাক লগ খুৱালে- তাৰেই চিন এই কণমানি 'গীত'!' কুঁহিয়ে ক'লে।
সেয়া শুনি কানুৰ মন ভৰি পৰিল।
![]() |
| কনক আৰু কুন্তীৰ বাহত পোৱালিকেইটা |
কুন্তী আৰু কনকৰ বাহলৈও যেন সৰগ নামিল। পোৱালিকেইটাৰ মাত দিনে দিনে ডাঙৰ হৈ আহিল। সিহঁতে পাল পাতি পোক-পৰুৱা বিচাৰি আনি সিহঁতৰ মুখত ভৰাই দিলেহি। লাহে লাহে পোৱালিহঁতৰ গাত পাখি ওলাল। কুন্তীয়ে আদৰেৰে সেই কণমানি পাখিবোৰ পৰিস্কাৰ কৰি দিলে।
নীমগছৰ আঁৰত লুকাই কুঁহি আৰু কানুৱে সিহঁতৰ পোৱালিটোৰ গতি-বিধি চাই থাকিল। ইমান মৰমলগা হৈছে সি! কনক আৰু কুন্তীৰ ঠোঁটৰ পৰা পোক খোৱাৰ পৰতো ইমান আগৰণুৱা! দিনে দিনে তাৰ পাখিৰ ফুটুকীয়া ৰং স্পষ্ট হৈ আহিছে। কাউৰীৰ পোৱালীতকৈ দেখাত বেলেগ হৈ আহিছে। কিন্তু কনক আৰু কুন্তীৰচোন খেয়ালেই নাই। আপোনমনে দুয়ো মাথোঁ পোৱালিৰ যত্নত ব্যস্ত হৈ ৰৈছে। সিহঁত দুয়ো কনক আৰু কুন্তীৰ প্ৰতি বৰ কৃতজ্ঞ হৈ পৰিল।
ব'হাগ পাৰ হৈ জেঠ সোমাবৰ হ'ল। পোৱালিহঁতৰ সৈতে গীতো বৰ খৰকৈ বাঢ়ি আহিল। সেই অনুপাতে সিহঁতৰ ভোকো যেন বাঢ়িল। কনক আৰু কুন্তীয়ে দিনটোতে খাদ্য বিচাৰি বহুবাৰ অহা-যোৱা কৰিব লগা হ'ল। সিহঁত দুয়ো বাহত নথকাৰ সুযোগ লৈ এদিন কানু আৰু কুন্তী বট গছজোপাত পৰিলগৈ।
বাকীবোৰ পোৱালিয়ে সিহঁতক দেখা পাই ভয় খাই চিঞৰি উঠিল। কিন্তু গীতে ৰ' লাগি চালে কুঁহি আৰু কানুলৈ। যেন একো নোকোৱাকৈয়ে সি সকলো বুজি পালে— কিয় সি দেখাত বেলেগ, কিয় তাৰ মাত-কথা বেলেগ। সকলো তাৰ দুচকুৰ সন্মুখত ৰ'দৰ পোহৰৰ দৰে ফটফটীয়াকৈ জিলিকি উঠিল।
চলচলীয়া দুচকুৰে কাউৰী ভাই-ভনীহঁতক বিদায় দি গীতে বাহটোৰ বাহিৰলৈ বুলি ঠেং দাঙিলে। বাকী কেইটা পোৱালিয়ে অবাক হৈ তালৈ চালে। সেই চিনাকি ঘৰখন এৰি এইবাৰ গীতে পাখি মেলি দিলে বিশাল পৃথিৱীৰ বুকুলৈ। কুঁহি আৰু কানুৱেও তাৰ লগে লগে উৰা মাৰিলে।
(মৰমেৰে তৰা আৰু জবাৰ হাতত- জলি মাহী)



















.jpg)
.jpg)



.jpg)




