Friday, 17 April 2026

কুঁহিৰ ব'হাগ

আজি পুৱতি নিশাতে কুঁহিৰ টোপনি ভাঙিল। এঙামুৰি দি উঠি আম গছজোপাৰ ডালটোৰে তাই বাহিৰৰ পৃথিৱীখনলৈ ভুমুকিয়াই চালে। কিহেনো ইমান পুৱাই টোপনি ভাঙিলে! এনেতে তাইৰ কাণত পৰিল সোঁফালৰ পৰা ভাঁহি অহা 'কুউ কুউ কুউ.......' মাতটি। ইমান মিঠা, ইমান আকুল!

কুঁহিৰ মনটো কিছু চঞ্চল হৈ পৰিল। সেয়া কানুৰ মাত। আজি বেছ কিছুদিন ধৰি কানুয়ে গীতৰ আখৰা কৰি আহিছে। প্ৰতিদিনে যেন তাৰ মাতটো শুৱলা হৈ আহিছে- গীতৰ ৰাগী সুমধুৰ হৈ আহিছে। তাৰ অজানিতেই কুঁহিয়ে সেই গীত বুকু পাতি শুনিছে। অন্য কোনো কুলিৰ 'কুউ কুউ কুউ' মাতে তাইক তেনেকৈ ব্যাকুল কৰিব পৰা নাই।

কুঁহি লচপচকৈ ওলাই আহিল। পুৱাৰ কোমল ৰ'দজাকে তাইৰ লাহী দেহৰ কজলা পাখি আৰু বগা ফুটবোৰ জিলিকাই পেলালে। তাই লুকাই  থকা আমজোপাত ফুল ফুলিছে। কেৱল আমজোপাতে নহয়, বকুল হাবিৰ চৌদিশে সেউজীয়া কুঁহিপাত আৰু ৰংবিৰঙী ফুল। হাবিৰ কাষৰ গাৱঁৰ পৰা ঢোল-পেপাৰ মাত ভাঁহি আহিছে। সেইদিশে উৰি গৈ কুঁহি প্ৰথমে অমিতা গছ এজোপাত পৰিলগৈ। তাই মিহি ঠোঁটটোৰে খুটিয়াই খুটিয়াই হেঁপাহ পলুৱাই অমিতা অলপ খাই ল'লে। 

কানুৰ গীত অহৰহ চলিয়ে থাকিল। এইবাৰ তাই সেইফালে উৰা মাৰিলে। পোনেই কানুৰ ওচৰলৈ নগৈ কিছু দূৰৈৰ ডাল এটাৰ আঁৰত লুকাই লুকাই তালৈ চালে। কানুৱে তেতিয়াও তাই অহা মনেই কৰা নাই। গীতৰ পৰা অলপ বিৰতি লৈ সি মিহি ঠোঁটটোৰে গাৰ কিচকিচিয়া ক’লা পাখিবোৰ চিজিল লগাইছে। কুঁহিৰ হাঁহি উঠি গ'ল। তাইৰ হাঁহি শুনি এইবাৰ কানুৰ ডাঠ ৰঙা দুচকু চক্‌ খাই উঠিল। তাইক দেখা মাত্ৰকে সি আকৌ মাত দিলে, 'কুউউউউউউউউউউ'

বকুল হাবিত কানু আৰু কুঁহি

কেৱল কানুয়ে নহয় বকুল হাবিৰ ইফালে-সিফালে কেইবাটাও কুলিৰ অহৰহ বিননি। ব'হাগ মানেই যে সিহঁতৰ কাৰণে লগৰী বিচৰাৰ সময়। কুঁহি আৰু কানু দুয়ো দুয়োৰে কাষে কাষে কিছু পৰ উৰি ফুৰিলে। এটা সময়ত তাইৰ মন বুজি কানুৱে তাইক এটা মৰমৰ চুমা যাচিলে। সেই সুযোগতে কুঁহিয়ে ক'লে, আজি বেছ কিছুদিন ধৰি যে তাইৰ বৰ চিন্তা হৈছে। কানুৱে সুধিলে, কিহৰ ইমান চিন্তা!

বৰদৈচিলাৰ কোব কমাৰ পিছৰ পৰাই হাবিৰ প্ৰায়বোৰ চৰাই বাহ সজাত ব্যস্ত হৈ পৰিছে।বুলবুলি চৰাইহালে অবিৰাম কুটা কঢ়িয়াইছে। কুঁহিৰ আমজোপাৰ কাষতে ওলমিছে টোকোৰা চৰাইৰ মোনাৰ দৰে আটোম-টোকাৰি বাহ। পিছে তাই কি কৰিব? পোৱালি কেনেকৈ জগাব, কেনেকৈ তুলিব? কুঁহিৰ যে সেইবোৰ কোনোদিনে শিকাই নহ'ল। এতিয়াহে চিন্তা বাঢ়ি আহিছে।

তাই কৈ থাকোঁতেই সিহঁতৰ কাষেৰে উৰি গ'ল কনক নামৰ পাতি কাউৰীটো। 'কা কা' কৈ মাতি সি গৈ কাষৰে বিশাল বটগছজোপাৰ একেবাৰে ওপৰত বহিলগৈ। সেইফালে চাই দুয়ো দেখিলে, তাতে কনক আৰু ঘৈণী কুন্তীয়ে সৰু-বৰ লাঠিৰে আহল বহলকৈ এটা বাহ সাজিছে। তাতে কুন্তীয়ে চাৰিটা নীলা-চানেকীয়া কণীও পাৰিছে। এতিয়া দুয়ো পাল পাতি কণী উমনি দিছে। বৰ সতৰ্কতাৰে বাহটো চোৱাচিতাও কৰি আছে।

কনক আৰু কুন্তীৰ বাহ

'একো চিন্তা নকৰিবা, মোৰ এটা বুদ্ধি আছে!'  কানুৱে ক'লে। ঠোঁটেৰে কুঁহিলৈ কপৌফুলৰ এজাৰৰঙী পাহি এটাও আগবঢ়াই দিলে।

কুঁহিয়ে কপৌফুল পাহি লৈ নিজৰ পাখিতে আঁৰি ল'লে। কিন্তু কানুৰ কথা পিছে একো বুজিব নোৱাৰিলে। সি এইবাৰ তাইৰ কাণত ফুচফুচাই পৰিকল্পনাটো ক'লে। লগে লগে তাইৰো ৰঙা দুচকু আৰু উজ্বল হৈ পৰিল। দুয়ো তাতে পৰি লুকাই লুকাই কনক আৰু কুন্তীৰ আলেখ-লেখ চাই থাকিল। এটা সময়ত কুন্তী বকুল হাবিৰ সীমাত থকা নিজৰাটোৰ দিশলৈ উৰি গ'ল। হয়তো তাইৰ পিয়াহ লাগিছে নাইবা গা ধুৱাৰ সময় হৈছে। সেইসময়তে কানু বিপৰীতদিশে উৰি গৈ কালিন্দী নামৰ কেৰ্কেটুৱাটোক লগ ধৰিলেগৈ। বন্ধু কানুৰ কথা মতে কালিন্দীয়ে বৰ জোৰেৰে চেকচেকাই উঠিল। সেই মাত গোটেই হাবিত ৰজনজনাই গ'ল। হাবিৰ সকলোৱে জানে, কালিন্দীৰ তেনে চেকচেকনি কোনো বিপদৰ আগজাননী। গতিকে সেয়া শুনিয়ে কনক কাউৰী চক খাই উঠিল। কিনো বিপদ আহিব ধৰিছে তাৰ উমান ল'বলৈ সেইদিশে উৰা মাৰিলে।

কালিন্দী নামৰ কেৰ্কেটুৱাটো

সেই সুযোগতে কুঁহিয়ে উৰা মাৰি কনক আৰু কুন্তীৰ বাহটো পালেগৈ। সন্তৰ্পনে ইফালে-সিফালে চাই সেই বাহতে তাই এটা কণী পাৰিলে। কণীটোৰ ৰং বগা চানেকীয়া আৰু আকাৰো কিছু ডাঙৰ। কিন্তু দূৰৈৰ পৰা দেখিলে কাউৰীৰ কণীৰ দৰেই যেন লাগিল। কণী পাৰিয়েই কুঁহি তাৰ পৰা অন্তৰ্ধান হ'ল। কানুও আহি পোৱাত দুয়ো কিছু দূৰৈৰ নীম গছজোপাৰ পাতৰ আঁৰ হৈ বাট চালে। দুইমিনিটমানৰ পিছতে কনক কাউৰী ঘুৰি আহিল। চাৰিটাৰ সলনি পাঁচটা কণী দেখা পায়ো সি যেন কথাটোৰ একো তত নাপালে। পূৰ্বৰ দৰেই বাহৰ পহৰা দি থাকিল। কুঁহি আৰু কানুয়ে তাকে দেখি খিট্খি‌টাই হাঁহিলে। অলপ পিছত পিয়াহ পলুৱাই কুন্তীও উভতিল। আহিয়ে কণীৰ ওপৰত বহি উমনি দিবলৈ আৰম্ভ কৰিলে। এইবাৰ কুঁহিয়ে স্বস্তিৰ নিশ্বাস পেলালে।

কনক আৰু কুন্তী কাউৰীৰ বাহত কুঁহিৰ কণী

তেতিয়াৰ পৰা কুঁহিয়ে প্ৰতিদিনে দূৰে দূৰে কনক আৰু কুন্তীৰ বাহটো মন কৰি থাকিল। কুন্তীয়ে বৰ নিষ্ঠাৰে কণীকেইটা উমনি দি থাকিল। কনকেও পহৰা দিলে- আজৰি পৰত বাহটোৰ মেৰামতিও কৰি থাকিল। এদিন দুদিনকৈ দুটা সপ্তাহ পাৰ হৈ গ'ল।  তেনেতে এদিন নীমজোপাত কানুৰ সৈতে কথা পাতি থাকোঁতে কুঁহিয়ে এটা সৰু চিচিয়নি শুনা পালে। তাৰ লগে লগে কনক আৰু কুন্তীৰ চিঞৰ, 'ফুটিছে, কণী ফুটিছে!'

সঁচাকৈয়ে এটা কণীৰ চেকুঁৰা ভাঙি কণমানি ঠোঁট এটা ওলাইছে! লাহেকৈ ভিজা গোলাপী গাটো ওলাইছে। দুচকু জাপখোৱা। দুইমিনিটমানৰ ভিতৰতে এটা এটাকৈ পাঁচোটা কণী ফুটি পোৱালী জগিল। কুঁহি আৰু কানুৱে ডিঙি মেলি মেলি চালে, তাৰে কোনটোনো সিহঁতৰ পোৱালি বুলি! সিহঁতে ঠিকেই চিনিলে, সেই যে দীঘলীয়া ঠোঁটি আৰু ডাঠ গোলাপী দেহৰ পোৱালিটো- সেইটোৱে সিহঁতৰ। পাঁচোটা পোৱালিৰ মাজত যে জিলিকি আছে সি! কাউৰীৰ পোৱালিতকৈ আগতেই খাদ্য বিচাৰি চিচিয়াইছে! দুয়ো স্ফূৰ্তিতে জপিয়াই উঠিল।

'তাৰ নাম 'গীত' হ'ব দেই! তোমাৰ গীতেই আমাক লগ খুৱালে- তাৰেই চিন এই 'গীত'!' কুঁহিয়ে ক'লে।

সেয়া শুনি কানুৰ মন ভৰি পৰিল।

কনক আৰু কুন্তীৰ বাহত পোৱালিকেইটা

কুন্তী আৰু কনকৰ বাহলৈও যেন সৰগ নামিল। পোৱালিকেইটাৰ চিচিয়নি দিনে দিনে ডাঙৰ হৈ আহিল। সিহঁতে পাল পাতি পাতি পোৱালিৰ ৰখীয়া হ'ল, পোক-পৰুৱা বিচাৰি আনি সিহঁতৰ মুখত ভৰাই দিলেহি। লাহে লাহে পোৱালিৰ গাত পাখি ওলাল। আজৰি পালেই কুন্তীয়ে সেই কণমানি পাখিবোৰ পৰিস্কাৰ কৰি দিলে। নীমগছৰ আঁৰত লুকাই কুঁহি আৰু কানুৱে সিহঁতৰ পোৱালিটোৰ গতি-বিধি চাই থাকিল। ইমান মৰমলগা সি! খাবলৈ খোজাৰ সময়তো ইমান আগৰণুৱা! দিনে দিনে তাৰ পাখিৰ ফুটুকীয়া ৰং স্পষ্ট হৈ আহিছে। কাউৰীৰ পোৱালীতকৈ দেখাত বেলেগ হৈ আহিছে। কিন্তু কনক আৰু কুন্তীৰচোন খেয়ালেই নাই। আপোনমনে দুয়ো মাথোঁ পোৱালিৰ যত্নত ব্যস্ত হৈ ৰৈছে। 

মনে মনে কুঁহি কনক আৰু কুন্তীৰ প্ৰতি বৰ কৃতজ্ঞ হৈ পৰিল।

ব'হাগ পাৰ হৈ জেঠ সোমাবৰ হ'ল। পোৱালিবোৰৰ সৈতে গীতো বৰ খৰকৈ বাঢ়ি আহিল। সেই অনুপাতে সিহঁতৰ ভোকো যেন বাঢ়িল। কনক আৰু কুন্তীয়ে দিনটোতে খাদ্য বিচাৰি বহুবাৰ পাক মাৰিব লগা হ'ল। সিহঁত দুয়ো বাহত নথকাৰ সুযোগ লৈ এদিন কানু আৰু কুন্তী বট গছজোপাত পৰিলগৈ। 

বাকীবোৰ পোৱালিয়ে সিহঁতক দেখা পাই ভয় খাই চিঞৰি উঠিল। কিন্তু গীতে ৰ' লাগি চাই ৰ'ল। যেন একো নোকোৱাকৈয়ে সি সকলো বুজি পালে, কিয় সি দেখাত বেলেগ, কিয় তাৰ মাত-কথা বেলেগ। সকলো ৰ'দৰ পোহৰৰ দৰে ফটফটীয়াকৈ জিলিকি উঠিল।

চলচলীয়া দুচকুৰে কাউৰী ভাই-ভনীহঁতক বিদায় দি গীতে বাহটোৰ বাহিৰলৈ বুলি ঠেং দাঙিলে। বাকী কেইটা পোৱালিয়ে অবাক হৈ তালৈ চালে। সেই চিনাকি ঘৰখন এৰি এইবাৰ গীতে পাখি মেলি দিলে বিশাল পৃথিৱীৰ বুকুলৈ। কুঁহি আৰু কানুৱেও তাৰ লগে লগে উৰা মাৰিলে।

(মৰমেৰে তৰা আৰু জবাৰ হাতত- জলি মাহী)

Saturday, 28 March 2026

হেৰুৱা সোৱাদৰ স্বৰগম

সৰুৰে পৰা পেৰা মোৰ প্ৰিয় মিঠাই। সুযোগ পালেই মায়ে ঘৰলৈ পেৰা আনিছিল। বহুবছৰ ধৰি আমাৰ এটা নিজা ৰুটিন আছিল, পুৱা গাখীৰ দিয়া কাঢ়া চাহ একাপৰ সৈতে পেৰা বা আন কোনো মিঠাই লৈ দুয়ো বাৰাণ্ডাত একেলগে বহোঁ। সন্মুখৰ ফুলনিখন চাই চাই মা আৰু মই সুখ-দুখৰ মালিতা মেলোঁ। সময় থমকি ৰোৱা কিছু ক্ষণ সেয়া।কিন্তু লাহে লাহে এই সৰু সৰু সুখবোৰ নীৰৱে আঁতৰিবলৈ ধৰিলে। প্ৰথমে মিঠাইবোৰ বাদ পৰিল। তাৰ পিছত গাখীৰ দিয়া চাহকাপৰ ঠাইত আহিল ফিকা চাহ। পচন্দৰ বাবে নহয়, বাধ্যত পৰিহে। কাৰণ মোৰ শৰীৰে সেই সময়তে এক নীৰৱ বিদ্ৰোহ আৰম্ভ কৰিলে। প্ৰতি কাপ চাহত, প্ৰতিবিধ মিঠাইত —গাখীৰ থকা সকলো খাদ্যতে।

শৰীৰৰ এই বিদ্ৰোহ প্ৰথমতে মনেৰে মানিবলৈ টান হ'ল। সৰুৰে পৰা খাই অহা এবিধ খাদ্য হঠাতে কেনেকৈ খাব নোৱাৰা হৈ পৰিব পাৰে? সেই অবিশ্বাসতে বহু বছৰ কটাই দিলোঁ—মন আৰু শৰীৰৰ মাজত এক অদৃশ্য টনা-আঁজোৰা চলি থাকিল। মাজে-সময়ে হেঁপাহতে দৈ অলপ বা গাখীৰ দিয়া মিঠাইৰ এটুকুৰা খাই পাওঁ। তাৰ পিছত একেই আমনি—  বদহজম, পেট ফুলা বা পেটৰ বিষ। প্ৰতি বাৰেই ভাবোঁ—“এয়া কেনেকৈ সম্ভৱ? কেনেকৈ?  

এই প্ৰশ্নৰ উত্তৰ স্পষ্ট হ’বলৈ ধৰিলে অৰুণাচলৰ পৰ্বতীয়া অৰণ্যত গৱেষণা কৰি থকাৰ সময়ত। সেই ভিতৰুৱা ঠাইবোৰত সতেজ গাখীৰ পোৱা টান। গতিকে সকলোৰে পাকঘৰত আমুলৰ পাউডাৰ গাখীৰ। অসমৰ দৰে সেই গাওঁবোৰতো পৰম্পৰা- আলহীক ডাঠকৈ গাখীৰ চাহ একাপ আগবঢ়োৱা। বিশেষ আলহীৰ বাবে এচামুচৰ সলনি দুচামুচ পাউডাৰ মিহলাই কৰা গাখীৰ চাহ।  এদিন গাওঁ ফুৰিবলৈ গৈ তিনিঘৰত তেনে তিনিকাপ গাখীৰ চাহত চুমুক দিলোঁ। জনজাতীয় মানুহৰ সৰলতা আৰু অতিথিপৰায়ণতাই যেন চাহকাপ অস্বীকাৰ কৰিবলৈ বাধা দিলে। অৱধাৰিতভাৱেই পেটৰ বিষত কাতি হৈ সেই নিশা উজাগৰে কটালোঁ।

পিছৰবাৰ আকৌ গাওঁ ফুৰিবলৈ ওলাওঁতে সহকৰ্মী উমেশক কিছু সংকোচেৰে ক'লোঁ, “মোৰ হৈ তুমিয়ে চাহকাপ খাব পাৰিবানে? গাৱঁৰ সৰল মানুহবোৰক না ক'বলৈ বেয়া লাগে!”   

উমেশে হাঁহি হাঁহি মূৰ দুপিয়ালে। মানুহঘৰত আথেবেথে চিনামাটিৰ ফুলকটা কাপত গাখীৰ চাহ দুকাপ উলিয়াই আনিলে। বিনা প্ৰতিবাদে মই চাহকাপ হাতত ল'লোঁ, কিন্তু মুখত নিদিলোঁ। দুয়োযোৰ কাপ-প্লেট একেলগে থোৱাৰ সুযোগ লৈ উমেশেই যিমান পাৰে চাহ খালে।আমাৰ সেই কাৰবাৰ ভাগ্যে গৃহস্থৰ চকুত নপৰিল।সেইদিনাহে যেন প্ৰথমবাৰৰ বাবে মোৰ শৰীৰৰ সীমাবদ্ধতা স্বীকাৰ কৰিলোঁ। মানি ল'লোঁ বহুদিন ধৰি অস্বীকাৰ কৰি অহা সত্যটো—মই লেক্ট'জ অসহিষ্ণুতা (lactose intolerance)ত ভুগি আছোঁ

লেক্ট’জ অসহিষ্ণুতাৰ অৰ্থ হ’ল—গাখীৰ বা গাখীৰেৰে তৈয়াৰী খাদ্য হজম কৰিব নোৱাৰা। ডাক্টৰে জনালে, মোৰ শৰীৰত লেক্টেইজ (lactase) নামৰ এনজাইম বা উৎসেচকৰ অভাৱ। এই উৎসেচকবিধে গাখীৰত থকা লেক্ট’জ ভাঙি শৰীৰে শোষণ কৰিব পৰা ৰূপলৈ পৰিণত কৰে। এই উৎসেচকৰ পৰিমাণ কমি গ'লে অপাচ্য লেক্ট’জ বৃহদান্ত্ৰলৈ গৈ বেক্টেৰিয়াৰ সৈতে ক্ৰিয়া কৰে। তাৰ ফলত গেছ, পেট ফুলা বা বিষ আদি লক্ষণে দেখা দিয়ে।

জানি আচৰিত হ’লোঁ যে বয়স বঢ়াৰ লগে লগে বহু মানুহৰ শৰীৰত স্বাভাৱিকতেই লেক্টেইজৰ পৰিমাণ কমি আহে। সেয়ে জীৱনৰ এটা সময়ৰ পিছত হঠাতে গাখীৰ অসহ্য লাগিবলৈ আৰম্ভ কৰে। কিছুমান ক্ষেত্ৰত অন্ত্ৰৰ অসুখ বা সংক্ৰমণেও এই সমস্যা বঢ়াব পাৰে। ডাক্টৰৰ পৰাই গম পালোঁ—এই সমস্যা কেৱল মোৰ নহয়, বিশ্বজুৰি বহু মানুহৰ এয়া দৈনন্দিন অভিজ্ঞতা। বিশেষকৈ আফ্ৰিকা, এছিয়াৰ লোক আৰু আমেৰিকাৰ খিলঞ্জীয়া জনগোষ্ঠীৰ মাজত হেনো লেক্ট'জ অসহিষ্ণুতাৰ প্ৰবণতা অধিক  

লেক্ট'জ অসহিষ্ণুতাৰ বিষয়ে সম্যক জ্ঞানে মোৰ মনলৈ যথেষ্ট স্বস্তি আনি দিলে। নিজৰ শৰীৰক দোষ দিয়াৰ সলনি বুজিবলৈ শিকিলোঁ। প্ৰয়োজন হ’লে সহায় হিচাপে ল'বলৈ আৰম্ভ কৰিলোঁ লেক্টাচিড (Lactaid) জাতীয় টেবলেট। এই টেবলেটে গাখীৰৰ লেক্ট’জ ভাঙিবলৈ সহায় কৰে। কেনেবাকৈ ভুলতে গাখীৰ জাতীয় খাদ্য খাই পালে টেবলেট এটাও মুখত দিওঁ। লোভ সামৰিব নোৱাৰি গাখীৰেৰে কৰা মিঠাই বা অন্য খাদ্য কেতিয়াবা জানি- বুজিয়ে খালে আগতীয়াকৈ এটাৰ সলনি দুটাকৈ টেবলেট খাই লওঁ।  

পিছে এই সমস্যা কেৱল শাৰীৰিকেই নহয়— সামাজিকো। অসম বা ভাৰতৰ বহু ঠাইত বহুবাৰ সামাজিক পৰিৱেশত অস্বস্তিত পৰিছোঁ। সেই পৰ্ববোৰত গাখীৰৰ মিঠাই, পায়স, পনীৰৰ পৰা আৰম্ভ কৰি বহু খাদ্যই মোৰ জীভাৰ পানী আনিছে। তাৰ মাজত নিজৰ বাবে বিকল্প বিচাৰিবলৈ অসহজ হৈ পৰিছোঁ। কাৰোবাৰ সেয়া চকুত পৰিলেতো কথাই নাই- “কিয় খোৱা নাই? এয়া লোৱা” বুলি একপ্ৰকাৰ জোৰ কৰিবলৈ আৰম্ভ কৰিছে। এয়াও আমাৰ অতিথিপৰায়ণতাৰে চিন। কিন্তু তাত যেন এতিয়াও লেক্ট'জ অসহিষ্ণুতাৰ দৰে বহু শাৰীৰিক সীমাবদ্ধতাৰ কোনো ঠাই নাই। সেয়ে প্ৰায়ে সেই কথা এৰাই চলাৰ চেষ্টা কৰোঁ। কেতিয়াবা বাধ্যত পৰি অস্ফুটভাৱে কৈ পালে লগে লগে শ্ৰোতাগৰাকীৰ দুচকু ডাঙৰ হৈ পৰে। আশ্চৰ্যচকিত মাতেৰে কয়, 

“হেই, কি কোৱা! এইবোৰ শ্বেতাংগ মানুহৰহে সমস্যা। ভাৰতীয় মানুহৰ এনে ৰোগ নহয়তো!

ঠিকেই! আমাৰ সমাজত এতিয়াও খাদ্য-সম্পৰ্কীয় এনে সমস্যা প্ৰায়ে এক ফেশ্বন বুলিহে ধৰা হয়। ডেইৰী ফ্ৰী, গ্লুটেন ফ্ৰী, নাট ফ্ৰী, ভিগান- এইবোৰ সেই ফেশ্বনৰে অংশ নহয় জানো? তেনে ধাৰণাই খাদ্যক লৈ আমাৰ বাচ-বিচাৰ যে বহুসময়ত এক বাস্তৱ বাধ্যবাধকতা সেই কথা ভাৱি চাবলৈ আহৰি নিদিয়ে। 

আপোন ঠাই আৰু দেশ এৰি আহি বিদেশত থিতাপি লোৱাৰে পৰা পিছে এক ভিন্ন পৰিৱেশৰ সন্মুখীন হৈছোঁ। সামাজিক নিমন্ত্ৰণ বা ৰেষ্টোৰাঁত এসাজ খাবলৈ গ'লে প্ৰায়ে সোধে, “কিবা খাদ্য-সম্পৰ্কীয় সীমাবদ্ধতা (dietary restriction) আছে নেকি?” সেই এটা প্ৰশ্নই যেন এক বিৰল স্বস্তি আনি দিয়ে! গৃহস্থ বা আলহী কোনো অসুবিধাত নপৰাকৈ সামাজিক পৰ্ব ৰক্ষা কৰাৰ বাট এটা মুকলি কৰে। 

প্ৰথমবাৰ মোৰ জীৱনসংগী কাইলৰ পৰিয়ালক লগ পাবলৈ ওলাইছোঁ। ককাক-আইতাকৰ ঘৰত বৰদিন উপলক্ষে পৰিয়ালৰ সকলোবোৰ লগ হৈছে। কেনেডিয়ান পৰিয়াল- গতিকে স্বাভাৱিকতে প্ৰায়বোৰ খাদ্যত চীজৰ পয়োভৰ। কিন্তু গম পালোঁ- বৰদিনৰ সকলো খাদ্য লেক্ট'জ ফ্ৰী।কাইলে হেনো আগতীয়াকৈ পৰিয়ালৰ সকলোকে জনাই থৈছিল। সেয়ে সকলো খাদ্যত গাখীৰৰ সলনি বিকল্প উপাদান যোগ দি ৰান্ধিছে। সেই মুহূৰ্তত ভাৱ হৈছিল, খাদ্যৰ যোগেদিয়ে যেন পৰিয়ালটোৱে মোক গ্ৰহণ কৰি লৈছে- মোৰ সকলো সীমাবদ্ধতা সহজভাৱে মানি লৈছে। সেইদিনা নিমিষতে আপোন যেন হৈ পৰিছিল সেই বিদেশী পৰিয়ালটো!

কেতিয়াবা অৱশ্যে তেনে সহমৰ্মিতাৰ মাত্ৰাধিক্যই অস্বস্তিতো পেলায়। এবাৰ সহকৰ্মীৰ দলৰ সৈতে এখন ৰেষ্টোৰাঁত দুপৰীয়াৰ আহাৰৰ বাবে বহিছিলোঁগৈ। ৱেইট্ৰেছে অৰ্ডাৰ লোৱাৰ পৰত লাহেকৈ সুধিলোঁ, মোৰ খাদ্যত গাখীৰৰ কিবা উপাদান আছে নেকি? লগে লগে যুৱতীগৰাকীৰ চকুৰ ভ্ৰু কোঁচ খালে। ক'লে, তেওঁ পাকঘৰলৈ গৈ ৰান্ধনিক এবাৰ সুধি জনাব। তাৰপিছত তেওঁ এবাৰ নহয়, দুবাৰ মোৰ সৈতে খাদ্যৰ উপাদান পৰীক্ষা কৰিলেহি। শেষত মোৰ সন্মুখত থ'লেহি—শুকান ব্ৰেড আৰু মৰমৰীয়া চালাডৰ বাতিটো। গম পালোঁ, মোৰ খাদ্যৰ পৰা গাখীৰৰ কণা এটাও থকা বুলি সন্দেহ হোৱা সকলো উপাদান আঁতৰাই দিছে। মোৰ খাদ্যৰসিক মনটো যেন জয় পৰি গ'ল। তাৰপিছৰে পৰা যিকোনো ৰেষ্টোৰাঁলৈ গ'লে বুজাই ক'বলৈ লৈছোঁ, গাখীৰ সহ্যহে কৰিব নোৱাৰোঁ।ভয় খাবলগীয়া একো নাই। এয়া ডিঙি ফুলি উশাহ ল'ব নোৱাৰা হৈ পৰা ধৰণৰ কোনো মাৰাত্মক এলাৰ্জী নহয়!

বিদেশৰ প্ৰায়বোৰ ঠাইতে গাখীৰৰ বিকল্প বহু সামগ্ৰী পাবলৈকো সহজ। অ'ট বা এলমণ্ডৰ গাখীৰ, লেক্ট'জ ফ্ৰী চীজ বা গাখীৰৰ সলনি নাৰিকলৰ ক্ৰীম আদিৰে কৰা সামগ্ৰী প্ৰায় সকলো দোকানতে কিনিবলৈ পোৱা যায়। গতিকে কানাডাত থিতাপি লোৱাৰে পৰা বহু খাদ্য গাখীৰ অবিহনেই ৰান্ধিব পৰা হৈছোঁ। তথাপি আজিও মই দৈ, মিঠাই, পনীৰৰ সোৱাদক লৈ নষ্টালজিয়াত ভোগোঁ। কিন্তু এতিয়া অন্ততঃ নিজৰ শৰীৰৰ কথা শুনিবলৈ শিকিছোঁ। লাজ-সংকোচ নকৰাকৈ মুখ ফুটাই ক’ব পৰা হৈছোঁ—“মই সেয়া খাব নোৱাৰোঁ, বেয়া নাপাব।” 

বাৰাণ্ডাত বহি মাই এতিয়াও গাখীৰ চাহ একাপ লৈ দিনটোৰ আৰম্ভণি কৰে। মই সাত সাগৰ তেৰ নদীৰ সিপাৰৰ পৰা ফোনত কথা হওঁ —সন্মুখৰ চোতাল আৰু ফুলনিৰ সেই স্নিগ্ধ ৰাতিপুৱাবোৰ সোঁৱৰণিৰ পটত জিলিকি উঠে।  এনে এটা দিনতে মাই ক'লে, দেউতাৰ পেটৰ অসুখ। কিয়, কি খাইছিল? বিহুৰ সময় যেতিয়া ঘৰে-বাহিৰে পিঠা-পনা আৰু ম'হৰ এঠা দৈৰ জা-জলপান খাইছে। আৰু বেলেগ একোতো খোৱা নাই। বেকাঁ হাঁহি এটাৰে মই ক'লোঁ, 

“দেউতাৰো লেক্ট'জ অসহিষ্ণুতা কিজানি!”

Sunday, 8 March 2026

পাটকাই সময় বনাম ভাৰতীয় সময়

ভাৰত-ম্যানমাৰ সীমান্তৰ পাটকাই পৰ্বতমালাৰ বুকুত এখন সৰু নগা গাঁও—ফাকিম। চৰাইৰ গৱেষণাৰ কামত জীৱনৰ এছোৱা সময় সেই গাঁৱৰ আলহী হৈ আছিলোঁগৈ। লাহে লাহে গাঁৱৰ দৈনন্দিন ছন্দত অভ্যস্ত হৈ পৰিছিলোঁ। পুৱা চাৰি বজাৰ আগতেই কুকুৰাৰ ডাকে ফাকিমৰ নিস্তব্ধতা ভাঙে। চৰাই পৰ্যবেক্ষণ কৰিবলৈ সূৰ্য উঠাৰ আগতেই অৰণ্য পাবগৈ লাগে। সেয়ে প্ৰতিদিনে পুৱতি নিশা তিনিবজাত গাঁওবুঢ়াৰ আলহী কোঠাৰ পৰা ওলাই আহোঁ। মূৰত হেডলেম্প আঁৰি লুংলুঙীয়া বাটেৰে পাহাৰ বগাবলৈ আৰম্ভ কৰোঁ। গৱেষণাৰ ঠাই পাওঁগৈ মানে সূৰ্যৰ প্ৰথম কিৰণে নগা পাহাৰৰ শিখৰ চুই যায়, চৌদিশৰ অৰণ্য লাহে লাহে সাৰ পাই উঠে। আবেলিৰ বেলি পৰিলেই গাঁৱৰ পঁজাঘৰত চৌকা জ্বলে। আখুনি দিয়া শাক আৰু শুকান মাংস চচপেনত উতলে। চৌকাৰ চাৰিওকাষে বহি লৈ ফুটগধূলিতে আমি একেলগে ভাত খাওঁ। সন্ধিয়া সাত বজাৰ আগতেই সকলো বিছনাত পৰোঁগৈ। 

ফাকিম গাঁৱৰ দৰেই উত্তৰ-পূবৰ জীৱনধাৰা ঘড়ীৰ সময়তকৈ সূৰ্যৰ প্ৰাকৃতিক গতিৰ সৈতে অধিক সংযোজিত হৈ আহিছে। ভাৰতৰ অন্য ঠাইতকৈ বহু আগতেই সাধাৰণতে উত্তৰ-পূবত দৈনন্দিন জীৱন আৰম্ভ হয়। কাৰণ উত্তৰ-পূব আৰু পশ্চিম ভাৰতৰ সূৰ্যোদয় আৰু সূৰ্যাস্তৰ সময়ৰ যথেষ্ট পাৰ্থক্য আছে। তথাপি সমগ্ৰ দেশখনে একে সময় অৰ্থাৎ ভাৰতীয় মান সময় (Indian Standard Time) অনুসৰণ কৰে। এইখিনিতে মনলৈ আহে সময়-মণ্ডলী বা টাইম জ'নৰ প্ৰসংগটো।

সূৰ্যৰ প্ৰাকৃতিক গতিৰ সৈতে দৈনন্দিন জীৱন খাপ খুৱাই লোৱাৰ উদেশ্যেৰেই সময়-মণ্ডলীৰ ধাৰণাটো সৃষ্টি হৈছে। আমি সকলোৱে জানোঁ, পৃথিৱীৰ আৱৰ্তনৰ লগে লগে ভিন্ন ঠাইত ভিন্ন সময়ত সূৰ্যৰ পোহৰ পৰে। সেইবাবেই অসমৰ পুৱা পৃথিৱীৰ সিমূৰত থকা আমেৰিকাত নিশা হয়। সমগ্ৰ পৃথিৱীখনক ৩৬০ ডিগ্ৰী ৰেখাংশৰে বিভক্ত কৰি সময় মণ্ডলীৰ হিচাপ কৰা হয়।পৃথিৱীয়ে যিহেতু ২৪ ঘণ্টাত এটা আৱৰ্তন সম্পূৰ্ণ কৰে, সেয়ে প্ৰতি ১৫ ডিগ্ৰী ৰেখাংশই প্ৰায় এক ঘণ্টা সময়ৰ পাৰ্থক্য সৃষ্টি কৰে। যিমান পূৱলৈ যাব, সময় আগবাঢ়ে আৰু পশ্চিমলৈ গ’লে সময় সিমানে পিছলৈ যায়। 

সমন্বিত সাৰ্বজনীন সময় (Coordinated Universal Time – UTC)ৰ তুলনাত পৃথিৱীৰ বিভিন্ন দেশৰ সময়-মণ্ডলী। মানচিত্ৰৰ তলত দিয়া সংখ্যাবোৰে প্ৰতিটো অঞ্চল সমন্বিত সাৰ্বজনীন সময়তকৈ কিমান ঘণ্টা আগত (ঋণাত্মক চিহ্ন) বা পিছত (ধনাত্মক চিহ্ন) অৱস্থিত সেয়া দেখুৱাইছে। (উৎস)

ভাৰতীয় মান সময় (Indian Standard Time, IST) ৮২.৫ ডিগ্ৰী পূৱ ৰেখাংশৰ ওপৰত নিৰ্ধাৰিত (UTC + 5:30)এই ৰেখাংশ উত্তৰপ্ৰদেশৰ প্ৰয়াগৰাজৰ মাজেদি গৈছে। কিন্তু ভাৰতৰ পূৱ-পশ্চিম দিশৰ বিস্তৃতি প্ৰায় ৩ হাজাৰ কিলোমিটাৰৰো অধিক। সময়-মণ্ডলীৰ হিচাপত এই পাৰ্থক্য প্ৰায় ৩০ ডিগ্ৰী ৰেখাংশ। সেইবাবেই উত্তৰ-পূবৰ নাগালেণ্ড আৰু গুজৰাটৰ সূৰ্যোদয়ৰ সময়ৰ মাজত প্ৰায় দুঘণ্টাৰ পাৰ্থক্য।তেন্তে সমগ্ৰ দেশখনে এটা মাত্ৰ সময় অনুসৰণ কৰাটো কিমান যুক্তিপূৰ্ণ? 

উত্তৰ-পূব ভাৰতৰ ক্ষেত্ৰত এই প্ৰশ্নটো বহুদিনৰ পৰা উত্থাপিত হৈ আহিছে। সেই প্ৰশ্নৰ পৰাই জন্ম লৈছে উত্তৰ-পূব ভাৰতৰ বাবে এক বিশেষ সময় মণ্ডলী পাটকাই সময়ৰ প্ৰস্তাৱপোনপ্ৰথমে পাটকাই সময়ৰ প্ৰস্তাৱ উত্থাপন কৰা ব্যক্তিগৰাকী হ'ল প্ৰসিদ্ধ অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা জাহ্নু বৰুৱা।  ১৯৭৬ চনত ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ISRO) ত বিজ্ঞানীৰূপে কৰ্মৰত হৈ থকা কালতে তেওঁ এই প্ৰস্তাৱ দিছিল। ইয়াৰ সপক্ষে তেওঁ চাহ বাগান সময়ৰ উদাহৰণ দাঙি ধৰিছিল। স্থানীয় জীৱনৰ সৈতে খাপ খুৱাই ল'বলৈ ব্ৰিটিছ শাসনকালতে অসমৰ চাহ বাগিচাসমূহত এই চাহ বাগান সময় (Chai Bagan Time) ব্যৱহাৰ কৰা হৈছিল। এই সময় ভাৰতীয় মান সময়তকৈ প্ৰায় এঘণ্টা আগবঢ়া আছিল। সেই ব্যৱস্থা ব্যৱহাৰিকভাৱে সফল হৈছিল কিন্তু এই প্ৰথা স্বাধীনতাৰ পিছত লুপ্ত হৈ পৰিল। লগতে দশকজোৰা প্ৰচেষ্টাৰ পিছতো জাহ্নু বৰুৱাৰ পাটকাই সময়ৰ প্ৰস্তাৱ এতিয়াও এক অলীক সপোন হৈয়ে ৰৈছে। 

জাহ্নু বৰুৱা; ফটো: বিষ্ণু শইকীয়া

পাটকাই সময় কেৱল জীৱনধাৰাৰ দাবী নহয়—এইটো শক্তি সংৰক্ষণ আৰু অৰ্থনৈতিক দক্ষতাৰ প্ৰশ্ন। বৰ্তমান সময় অনুসৰি ভাৰতৰ বাকী অংশত মানুহ শুই থকা সময়তেই উত্তৰ পূবত ধলফাট দিয়ে। কিন্তু ভাৰতীয় মান সময়মতে কাৰ্যালয় আৰম্ভ হয় পুৱা দহ বজাত—তেতিয়া স্থানীয় সময় অনুসাৰে প্ৰায় দুপৰ হয়গৈ।ফলত মূল্যবান প্ৰাকৃতিক পোহৰৰ সদ্ব্যৱহাৰ নহয়। আনহাতে সন্ধিয়া পাঁচ বা ছয়বজাতে আন্ধাৰ নামি আহে। ফলত বিদ্যুৎ আৰু শক্তিৰ অপচয় হয়। বহুতে আনকি উত্তৰ-পূবৰ দুৰ্বল কৰ্মসংস্কৃতিৰো গুৰিতে এই সময়ৰ পাৰ্থক্যই হ্ৰাস কৰা উৎপাদনশীলতা বা কৰ্মক্ষমতা বুলি ক'ব খোজে। 

আমাৰ অজানিতেই সময়-মণ্ডলীৰ অসমতাই স্বাস্থ্যতো প্ৰভাৱ পেলায়। কাৰণ আমাৰ দেহঘড়ী (Body Clock) সূৰ্যৰ প্ৰাকৃতিক গতিৰ সৈতে ওত:প্ৰোতভাৱে সংযোজিত। গৱেষণাই দেখুৱাইছে যে ঘড়ীৰ সময় আৰু প্ৰাকৃতিক সময়ৰ সামঞ্জস্য নাথাকিলে মানুহৰ টোপনি ভাল নহয়। উত্তৰ-পূবৰ স্থানীয় সময় ভাৰতীয় মান সময়তকৈ প্ৰায় দুঘণ্টা আগবঢ়া হ'লেও আমি ভাৰতীয় মান সময় মানি দৈনন্দিন কাম-কাজ চলাই নিওঁ। অফিচ-কাৰ্যালয় পুৱা দহ বজাত আৰম্ভ হোৱাৰ বাবে আমি যদি নবজাত ৰাতিপুৱাৰ আহাৰ খাওঁ, সেয়া প্ৰকৃততে স্থানীয় সময় অনুসাৰে প্ৰায় দুপৰ হ’বৰ হয়। তেনেদৰে নিশা দহবজাত ৰাতিৰ ভাতসাঁজ খোৱা মানে উত্তৰ-পূবত প্ৰায় মাজনিশা। এনে দীর্ঘদিনীয়া অসামঞ্জস্যতাই শাৰীৰিক আৰু মানসিক দুয়ো দিশতে হানি কৰিব পাৰে। 

জাহ্নু বৰুৱাৰ মতে ভাৰতৰ অন্য ঠাইৰ তুলনাত উত্তৰ-পূবৰ প্ৰাকৃতিক সময়ৰ দুঘণ্টা পাৰ্থক্যৰ প্ৰভাৱ সুদুৰপ্ৰসাৰী। কাৰণ প্ৰতিদিনে যদি আমি কেৱল ছঘণ্টা উৎপাদনশীল সময় পাওঁ, তেন্তে স্বাধীনতাৰ পিছৰে পৰা ভাৰতীয় মান সময় অনুসৰণ কৰাৰ ফলত উত্তৰ-পূবে উৎপাদনশীলতাৰ ক্ষেত্ৰত ইতিমধ্যে ২৫ বছৰৰো অধিক সময় হেৰুৱাইছে। তাৰ পৰিৱৰ্তে, পশ্চিম ভাৰতৰ মানুহে দিনৰ পোহৰ অধিক ফলপ্ৰসূভাৱে ব্যৱহাৰ কৰিব পাৰে। ফলত এই অঞ্চলসমূহ অধিক উৎপাদনশীল আৰু সমৃদ্ধ হয়। এয়াও উত্তৰ-পূবৰ ক্ষেত্ৰত এক “অদৃশ্য অসমতা” নহয়নে? 

পাটকাই সময়ৰ প্ৰস্তাৱ মাজে সময়ে উত্থাপিত হৈ আহিছে যদিও এয়া এতিয়াও এক অলীক সপোন হৈ ৰৈছে।  ২০১৪ চনত অসমৰ সেইসময়ৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে উত্তৰ-পূবৰ বাবে পৃথক সময়-মণ্ডলীৰ প্ৰস্তাৱ আগবঢ়াইছিল। গগৈৰ সমৰ্থন জনাইছিল অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডয়েও। পৰৱৰ্তী সময়ত অসমৰ বিজেপি চৰকাৰে এই বিষয়টো কেন্দ্ৰীয় চৰকাৰৰ আগত উত্থাপন কৰিছিল।কেন্দ্ৰীয় চৰকাৰে পৃথক সময়-মণ্ডলীৰ সম্ভাৱনা পৰ্যালোচনাৰ বাবে বিজ্ঞান আৰু প্ৰযুক্তি বিভাগ (Department of Science and Technology)ৰ নেতৃত্বত এটা অধ্যয়ন সম্পন্ন কৰিছিল। এই অধ্যয়নৰ লক্ষ্য আছিল দেশত দুটা পৃথক সময়-মণ্ডলী থাকিলে শক্তি সঞ্চয়ৰ সম্ভাৱনা কেনে সেয়া বিচাৰি কৰি চোৱা। কিন্তু এই অধ্যয়নৰ পূৰ্বেই ২০১৭ চনত গুৱাহাটী উচ্চ ন্যায়ালয়ে উত্তৰ-পূবৰ বাবে পৃথক সময়-মণ্ডলী স্থাপন কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক নিৰ্দেশ দিয়াৰ দাবীত দাখিল কৰা এক জনস্বাৰ্থ জড়িত আবেদন (PIL) খাৰিজ কৰে। কেন্দ্ৰীয় চৰকাৰে আদালতত জনায় যে ভাৰতীয় বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়ৰ এখন উচ্চস্তৰীয় সমিতিয়ে এই বিষয়টো ইতিমধ্যে পৰ্যালোচনা কৰিছে, আৰু সমিতিয়ে সমগ্ৰ দেশত একক আৰু অভিন্ন মান সময় অব্যাহত ৰাখিবলৈ পৰামৰ্শ আগবঢ়াইছে। 

বহুতে একাধিক সময়-মণ্ডলী থাকিলে বিভ্ৰান্তি বা ৰাষ্ট্ৰীয় একতাৰ ক্ষতি হোৱাৰ আশংকা প্ৰকাশ কৰে।  কিন্তু আজিৰ এই আধুনিক প্ৰযুক্তিৰ এয়া কোনো অসাধ্য পদক্ষেপ নহয়। ৰেল, বিমান আৰু প্ৰশাসনিক ব্যৱস্থাত মান সময় মানি অন্য ক্ষেত্ৰত আঞ্চলিক সময় প্ৰয়োগ কৰিব পৰা যায়। ইয়াৰ প্ৰমাণ দিছে ভাৰততকৈও ভৌগোলিকভাৱে অধিক বিস্তৃত বিশ্বৰ বহু দেশে। উদাহৰণস্বৰূপে আমেৰিকাত বাৰটা আৰু ৰাছিয়াত এঘাৰটাকৈ পৃথক সময়-মণ্ডলী ব্যৱহাৰ হয়। গতিকে দেশৰ ভিন্ন অংশৰ লোকে সূৰ্যৰ প্ৰাকৃতিক সময় অনুসৰি নিজৰ দিন আৰম্ভ কৰিব পাৰে। ইয়াৰ ফলত পোহৰৰ সদ্ব্যৱহাৰ ভাল হয়, শক্তি সঞ্চয় হয় আৰু উৎপাদনশীলতাও বৃদ্ধি পায়। একাধিক সময় মণ্ডলী ব্যৱহাৰ কৰা বাবে এই দেশবোৰৰ বিমান সেৱা বা ৰাষ্ট্ৰীয় একতাৰ কোনো ঋণাত্মক প্ৰভাৱ পৰা নাই। 

সময় মণ্ডলী- ঘড়ীৰ কাঁটা আৰু সূৰ্যৰ প্ৰাকৃতিক গতি

আজি প্ৰায় এটা দশক ধৰি মই কানাডাৰ নিবাসী। মাটিকালিৰ দিশৰ পৰা ভাৰতৰ তুলনাত কানাডা তিনিগুণ বৃহৎ। এই দেশৰ পূবৰ পৰা পশ্চিমলৈ ছটা সময়-মণ্ডলী ব্যৱহাৰ হয়। তাৰোপৰি ইয়াৰ গ্ৰীষ্মকালত দিন দীঘলীয়া (সোতৰ ঘণ্টা পৰ্যন্ত) আৰু শীতকালত দিন অতি চুটি। সেয়ে প্ৰতিবছৰে বসন্ত আহিলেই কানাডাত ঘড়ী আগুৱাই দিয়া হয়, আৰু শৰৎ কালত পুনৰ পিছুৱাই অনা হয়। এই ব্যৱস্থাক কোৱা হয় Daylight Saving Time (DST)DSTৰ ফলত সন্ধিয়া বেছি পোহৰ পোৱা যায়, মানুহে বাহিৰৰ কাম, খেলা-ধূলা, সামাজিক জীৱন উপভোগ কৰিব পাৰে। বিদ্যুৎ ব্যৱহাৰ অলপ হ’লেও কমে। গতিকে বছৰত দুবাৰ ঘড়ীৰ কাঁটা এঘণ্টা সলাই দি অনুভৱ কৰোঁ, সময় ব্যৱস্থা কঠোৰ হ’ব নালাগে। অঞ্চলভিত্তিক প্ৰয়োজন অনুসৰি সেয়া সলনি হ’ব পাৰে। সলনি কৰা টান আমাৰ কৌটিকলীয়া ধ্যান ধাৰণাবোৰহে।

পাটকাই পৰ্বতমালাৰ ফাকিম গাঁৱত এতিয়াও ঘড়ীৰ কাঁটাৰ সলনি সূৰ্যক প্ৰদক্ষিণ কৰি আৱৰ্তিত হয় দৈনন্দিন জীৱন। কিন্তু উত্তৰ-পূব ভাৰতৰ অন্য বহু ঠাইৰ  দৈনন্দিন জীৱনৰ গুণগত মান ভাৰতীয় মান সময়ৰ ওপৰতে নিৰ্ভৰশীল। পাটকাই সময় কোনো আঞ্চলিক আবেগৰ ফল নহয়। এয়া এক ভৌগোলিক বাস্তৱ, বৈজ্ঞানিক আৰু ন্যায়সংগত দাবী।গতিকে পাটকাই সময় সম্ভৱ হয়নে নহয় সেয়া প্ৰশ্ন হৈ ৰোৱা নাই। মূল প্ৰশ্নটো হ’ল—অতবছৰে চলি অহা এই সময় বৈষম্য আৰু কিমান দিনলৈ উপেক্ষিত হৈ ৰ’ব? ভাৰতত কেতিয়ালৈ আধুনিক সময় বোধৰ উন্মেষ হ’ব? 

Sunday, 22 February 2026

সূৰ্যোদয়ৰ দেশ জাপানত (অন্তিম খণ্ড)

পূৰ্বৰ খণ্ডত-

বিদায় বেলাৰ মায়া

জাপানত আমাৰ অন্তিম দিন। এই দেশৰ অপূৰ্ব ৰূপ আৰু অভিজ্ঞতা বুটলি হৃদয় ভৰি আহিছে, কিন্তু সময়ৰ টনাটনিয়ে যেন মন সেমেকায়ো আনিছে। সেই মিশ্ৰিত আবেগেৰে জাপানৰ শেষ দিনটোত টকিঅ'ৰ পৰা উপসাগৰৰ দিশে ওলালোঁ- বিদায় বেলাত জাপানৰ অন্য এক অপৰূপ প্ৰতিচ্ছৱি চোৱাৰ হেঁপাহেৰে, এই দেশৰ মায়াময় ৰং-ৰূপ সোঁৱৰণিৰ মায়াজালেৰে সামৰি লোৱাৰ আশাৰে।

টকিঅ'ৰ পূব আৰু পশ্চিম দিশৰ ভূখণ্ড পৃথক কৰি ৰাখিছে টকিঅ' উপসাগৰে। আমাৰ হোটেল পশ্চিমৰ কিনশ্বিচ্চ' (Kinshicho) নামৰ এলেকাত। পূবদিশে যাবলৈ দুটা বাট- উপসাগৰৰ পাৰে পাৰে ট্ৰেইনেৰে নাইবা ফেৰীৰে পোনে পোনে সেই উপসাগৰ পাৰ হৈ। সিপাৰে আমাৰ গন্তব্যস্থান ন'ক'গিৰিয়ামা। ন'ক'গিৰি নামৰ এক সেউজ পৰ্বত, সাগৰ আৰু সেউজীয়াৰ অপূৰ্ব দৃশ্য আৰু জাপানৰ সৰ্ববৃহৎ বুদ্ধ মূৰ্তি- সকলো মিলি ন'ক'গিৰিয়ামাই যেন আমাক ৰিঙিয়াই মাতিলে। 

টকিঅ' উপসাগৰ পাৰ হৈ ন'ক'গিৰিয়ামালৈ বাট

টকিঅ'ৰ কিনশ্বিচ্চ' ষ্টেচনৰ পৰা আমাৰ প্ৰথম ট্ৰেইন য়'ক'হামালৈ। আকাশত সেই পুৱা থোপাথোপে ডাৱৰৰ ফুল। মাজে মাজে সুযোগ বুজি আকাশৰ নীলাই এভুমুকি মাৰিছে। কাইলৰ দুচকু মন্ত্ৰমুগ্ধৰ দৰে থমকি ৰৈছে ট্ৰেইনৰ ডিজিটেল স্ক্ৰীণত। তাত ইটোৰ পিছত সিটোকৈ নানা জাপানী বিজ্ঞাপনৰ অহা-যোৱা চলিছে। হঠাৎ জাপানী কথা আৰু আখৰেৰে ওলোৱা মাৰিঅ' কাৰ্টৰ বিজ্ঞাপন দেখি তাৰ চকু-মুখ চমকি উঠিছে। মই পিছে খিৰিকীৰ কাষত বহি বাহিৰলৈ চাই গ'লোঁ খিৰিকীৰ সিপাৰৰ পৃথিৱীখনলৈ। ট্ৰেইনৰ গতিৰ লগে লগে মোৰ দুচকুৰ সন্মুখেৰে খৰকৈ সলনি হ'ল সেই পৃথিৱীৰ প্ৰতিৰূপ। আকাশলংঘী অট্টালিকাৰ ঠাইত ধৰা দিলে সৰু সৰু গাঁও, কংক্ৰিটৰ ঠাইত সেউজ পথাৰ, আৰু গাড়ী-মটৰৰ সলনি বাটৰ কাষৰ য়ুজু টেঙাৰ গছ আৰু বনছাই কৰা ফুলনি। মহানাগৰিক জাপানৰ ঠাইত চহা জাপানৰ সেই সৰল জীৱন্ত প্ৰতিচ্ছৱিয়ে সমগ্ৰ বাটছোৱা মোক আছন্ন কৰি ৰাখিলে।

তিনিখন ট্ৰেইন সলাই প্ৰায় দুঘণ্টাৰ যাত্ৰাৰ শেষত আমি কুৰিহামা টকিঅ'-ৱান বন্দৰ পালোঁগৈ। সেই ফেৰী টাৰ্মিনেল তেতিয়া নিজান। কাউণ্টাৰত জাপানী কৰ্মচাৰীগৰাকীয়ে জনালে, ফেৰী এৰিবলৈ তেতিয়াও এঘণ্টা সময় আছে। গতিকে ঠিক কৰিলোঁ, ইয়াতে দুপৰীয়াৰ সাজ খাই লোৱা যাওক। ওচৰতে সাগৰীয় খাদ্যৰ এখন ৰেস্তোৰাঁ চকুত পৰিল। নাম ৰিয়'ছি ৰ'ৰি য়'ক'ছুকা। আহল-বহল ৰেস্তোৰাঁ। দেখাত অফিচৰ চাকৰিয়ালৰ টিফিন খোৱা মেচ যেনহে ভাৱ হয়। সেইসময়ত আমাৰ বাহিৰে কেৱল দুগৰাকীহে অন্য গ্ৰাহক দেখা পালোঁ। আমি বহাৰ লগে লগে এগৰাকী আদহীয়া জাপানী মহিলাই মেন্যু দি গ'ল। জাপানী আখৰেৰে লিখা খাদ্যৰ নামবোৰ দুয়ো একো বুজি নাপালোঁ। সেয়ে ছৱি চাই অনুমানতে অৰ্ডাৰ কৰিলোঁ।

সাগৰীয় মাছৰ চাছিমি

খন্তেক পিছতে ট্ৰেত ভাগে ভাগে সজাই কেইবাবিধো খাদ্য আমাৰ সন্মুখত দিলেহি। মূল বাতিটোত ভাতৰ ওপৰত এখিলা সেউজীয়া পাত, তাৰ ওপৰত কেইবাবিধো মাছৰ টুকুৰা তৰপে তৰপে সজাই দিছে। মাছৰ টুকুৰাখিনি সম্পূৰ্ণ কেঁচা- জাপানী চাছিমি আৰ্হিৰ। বৰ তৃপ্তিৰে সেই সতেজ মাছ আৰু ভাতৰ সোৱাদ ল'লোঁ। বিশ্বাসেই নহ'ল যে জাপানলৈ অহাৰ অগলৈকে কেঁচা মাছ মুখত দিয়াৰ কথা ভাৱিবকে পৰা নাছিলোঁ! 

ইতিমধ্যে ফেৰীৰ সময় হ'বৰ হৈছে। ফেৰী নামতহে, আচলতে দেখাত এখন বিশাল জাহাজৰ দৰে তিনিখলপীয়া। অন্য যাত্ৰীৰ সৈতে আমিও শাৰী পাতি ফেৰীত উঠিলোঁগৈ। প্ৰতিটো মহলাতে শাৰী শাৰী আসন। তাৰ চাৰিওকাষে কাঁচৰ আহল-বহল খিৰিকী। যাতে যাত্ৰীয়ে ভিতৰত বহিও সাগৰীয় যাত্ৰা উপভোগ কৰিব পাৰে। দেখা পালোঁ, মূল মহলাত এখন ৰেস্তোৰাঁ আৰু বাৰ। লগতে কেইবাটাও ভেণ্ডিং মেচিন। কাইল আৰু মই পিছে তাত নৰৈ পোনেই একেবাৰে ওপৰৰ ডেকত থিয় দিলোঁগৈ।

ফেৰীৰ লগে লগে অহা গাল চৰাই

টকিঅ' উপসাগৰৰ নীলিম পানীত ঢৌ তুলি ফেৰীখন চলিবলৈ ধৰিলে। কুৰিহামাৰ অৰণ্য, ঘৰ-দুৱাৰ লাহে লাহে ধূসৰ হৈ আহিল। ফেৰীৰ এমূৰে জাপানৰ শুভ্ৰ পতাকাৰ ৰঙা বৃত্তটো বতাহত থৰ থৰকৈ কঁপি গ'ল। সেইফালে চাই থাকোঁতেই মোৰ চকুত পৰিল, আমাৰ পিছে পিছে চোন এজাক গাল চৰাই। ফেৰীৰ অশান্ত ঢৌত দিশহাৰা হৈ পৰা মাছৰ সন্ধানত সিহঁত উৰি আহিছে। গাল চৰাইৰ পিছে পিছে দুটা চিলনীও। সিহঁতৰ খেলা ওচৰৰ পৰা চাবলৈকে কাইল আৰু মই ফেৰীৰ শেষ বিন্দুটোত থিয় দিলোঁগৈ। আমালৈ কোনো কেৰেপ নকৰি গাল চৰাইৰ জাকটো কাষে কাষে উৰি থাকিল। মাজতে একোবাৰ ওচৰেদি চোঁ মৰি গ'ল চিলনীজনীয়ে। অপলক নেত্ৰে আমি দুয়ো সমগ্ৰ বাটছোৱা প্ৰকৃতিৰ সেই অপূৰ্ব খেলা চাই গ'লোঁ। 

প্ৰায় আধাঘণ্টাৰ সাগৰীয় যাত্ৰাৰ অন্তত সিপাৰে কানায়া ফেৰী টাৰ্মিনেল পালোঁগৈ। এফালে সেউজীয়া পাহাৰ আৰু আনফালে টকিঅ’ উপসাগৰৰ নীলা পানীৰে আৱৰা কণমানি সাগৰীয় টাউন কানায়া। তাৰ পৰাই ন'ক'গিৰি পৰ্বত চকুত পৰিল। সুউচ্চ শিলাময় পৰ্বতটোৰ শিখৰৰ আকৃতি কৰতৰ দাঁতৰ দৰে ওখ চাপৰ। সেইবাবেই হেনো এই পৰ্বতৰ নাম “ন'ক'গিৰি”- জাপানী ভাষাত যাৰ অৰ্থ কৰত (saw)। 

কানায়া টাউনৰ পৰা ন'ক'গিৰি পৰ্বতৰ দৃশ্য

কানায়াৰ সৰু পকী বাটটোৰে বিছমিনিট মান খোজ দি ন'ক'গিৰিয়ামা ৰ'পৱেৰ ষ্টেচন পালোঁগৈ। ন'ক'গিৰিৰ শিখৰলৈ দুটা বাট- কে'বল কাৰেৰে পোনে পোনে বা পাহাৰৰ বুকুৰে বগাই ওপৰলৈ উঠিব পাৰি। সময় আৰু শক্তিলৈ চাই আমি কেব'ল কাৰেৰে যোৱাটোকে ঠিক কৰিলোঁ। স্বচ্ছ কেব'ল কাৰত আমাৰ সৈতে অন্য পাঁচজন যাত্ৰী লৈ কাৰখন ধীৰে ধীৰে ওপৰলৈ উঠিল। তলৰ নীল সাগৰখন বহল হৈ গৈ থাকিল, নাওবোৰ খেলনাৰ দৰে নীলিম পানীত দুলি থকা যেন দেখা গ'ল। কানায়া টাউনৰ সৰু সৰু ঘৰ, ঠেক বাট-পথ আৰু বন্দৰৰ নাও সকলো মিলি এক ৰঙীন মানচিত্ৰৰ দৰে অনুভৱ হ'ল। 

কেব'ল কাৰৰ পৰা কানায়া টাউন আৰু টকিঅ' উপকূল

ৰাকান মূৰ্তিৰ শাৰী

ন'ক'গিৰি পৰ্বতৰ শিখৰৰ পাই কিছুপৰ নীলিম সাগৰ আৰু সেউজ অৰণ্যৰ ৰূপ উপভোগ কৰিলোঁ। এটা সময়ত আমি তললৈ খোজ দিলোঁ। শিলৰ চিৰিৰে যিমানেই বগালোঁ, উপলব্ধি কৰিলোঁ যে এই ঠাই আমি ভবাতকৈ বহু প্ৰাচীন, বহু বিশাল। 

বাটত অৰণ্যৰ মাজৰ চিৰিৰে ওপৰলৈ পাহাৰ বগোৱা বহু পৰ্যটকৰ সৈতে দেখা হ'ল। সকলোৰে পৰিশ্ৰান্ত চকু-মুখ কিন্তু তাৰ লগতে যেন এক অবুজ পৰিতৃপ্তিৰ চিকমিকনি। এঠাইত বিশালকায় পুৰুষ এজনৰ ককাঁলৰ টাঙলি টানি আগে আগে যোৱা পত্নীগৰাকীলৈ চাই মই হাঁহি পেলালোঁ। পাহাৰ বগাই আদহীয়া পুৰুষজনৰ ফোঁপনি উঠিছে- কোনোমতে ভৰিৰ খোজ আগবঢ়াইছে। পত্নীয়ে মিচিক-মাচাককৈ হাঁহি তেওঁক আগলৈ টনাৰ চেষ্টা কৰিছে। সেই প্ৰচেষ্টা নিস্ফল বুলি জনা স্বত্বেও যেন সেই পৰ্বটোৱে তেওঁক ভীষণ আমোদ দিছে!

'তলৰ পৰা বগাই আহি শিখৰ পাবলৈ বহুত কষ্ট, যি দেখিছোঁ!' কাইলে তেওঁলোকলৈ চাই ক'লে।

ৰেলিঙত ধৰি খুপি খুপি থিয় চিৰিয়েদি নামি মোৰো একেই উপলব্ধি হ'ল। অন্তত: ওপৰলৈ বগোৱাতকৈ তললৈ নামিবলৈ কিছু সহজ!

লাহে লাহে ন'ক'গিৰিৰ শিলাময় বুকুৰ চিৰিবোৰ মসৃণ হৈ আহিল। চাইনব'ৰ্ড দেখি গম পালোঁ, সেইখিনিৰ পৰা নিহ'ঞ্জি মন্দিৰ (Nihon-ji Temple)ৰ চৌহদ- জাপানৰ আটাইতকৈ পুৰণি বৌদ্ধ মন্দিৰসমূহৰ ভিতৰত এটা এই মন্দিৰ। কেকুঁৰিটো ঘুৰিয়েই দেখা পালোঁ, পৰ্বতৰ কাষেৰে এখন শিলৰ দ্বাৰ। সেইখিনিতে ন'ক'গিৰিৰ বুকুত এটা শিলৰ গুহা। গুহাৰ সন্মুখত অলেখ-অসংখ্য শিলৰ বুদ্ধ মূৰ্তি। প্ৰত্যেকৰে মুখত বিভিন্ন ধৰণৰ অভিব্যক্তি। কাৰোৱাৰ মুখত হাঁহি, কাৰোৱাৰ শোকাভিভূত চকু-মুখ। এই মূৰ্তিবোৰক হেনো ৰাকান অৰ্হৎ মূৰ্তি বুলি কয়।  কিছুমান মূৰ্তিৰ মূৰ নাই, কিছুমানৰ আকৌ বাহু ভঙা।  ১৮০০ৰ দশকৰ শেষভাগত হোৱা বৌদ্ধবিৰোধী আন্দোলনৰ সময়ত এই মূৰ্তিসমূহ বিনষ্ট কৰাৰ অপচেষ্টপ্ৰ চিন সেয়া। এতিয়া সেইদৰেই থিয় দি ৰোৱা অলেখ-অসংখ্য বুদ্ধ মূৰ্তিবোৰ এক নিঃশব্দ প্ৰতিবাদৰ মিছিল যেন ভাৱ হ'ল। 

নিহ'ঞ্জি মন্দিৰৰ ৰাকান বুদ্ধ মূৰ্তিৰ মিছিল

চিকিৎসাৰ বুদ্ধ দাইবুটছু

নিহ'ঞ্জি মন্দিৰৰ এটা ঠেক বাটেৰে কিছু দূৰ আগবাঢ়ি গৈ পাহাৰৰ নামনিত এখন আহল-বহল ঠাই। সেইখিনি পায়ে বিস্ময়ত মই প্ৰায় চিঞৰি উঠাদি উঠিলোঁ। কাইল ব্যস্ত হৈ আছিল বাটৰ কাষৰ কণমানি জলপ্ৰপাত এটাৰ ফটো লোৱাত। মোৰ চিঞৰ শুনি সিও আগবাঢ়ি আহিল। তেতিয়ালৈ মই সেইদিশে প্ৰায় দৌৰিবলৈ আৰম্ভ কৰিলোঁ। মোৰ পিছে পিছে কাইলৰো দৌৰ।

এক বিশালকায় শিলৰ বুদ্ধ মূৰ্তিৰ সন্মুখত থিয় দি মই থৰ হৈ ৰ'লোঁ।পাহাৰৰ নামনিৰ পৰা শিখৰলৈকে শিলত খোদিত কৰা ত্ৰিছ মিটাৰ উচ্চতাৰ সেই মূৰ্তি। চাৰিওফালে সেউজীয়া গছ-গছনিৰে আৱৰি প্ৰকৃতিৰ এক অংশ কৰি তুলিছে। তাৰ মাজত দুচকু মুদি ধ্যানমগ্ন বুদ্ধ। হাতত এটা সৰু ঔষধৰ পাত্ৰ। মূৰ্তিটোৰ সন্মুখত এখন ছালিৰ তলত ৰছীৰে ওলোমাই থোৱা এক প্ৰকাণ্ড ঘণ্টা। ন'ক'গিৰিৰ সেউজীয়াৰ মাজত সেই মূৰ্তিয়ে যেন সমগ্ৰ পৰিৱৱেশটোতে কিবা এক অলৌকিকতা সানি দিছে। 

জাপানৰ সৰ্ববৃহৎ বুদ্ধৰ সন্মুখত আমি
'এয়াই তেনে দাইবুটছু (Daibutsu)- চিকিৎসাৰ বুদ্ধ! জাপানৰ সৰ্ববৃহৎ বুদ্ধ মূৰ্তি।' মোৰ কাষত থিয় দি বিস্ময়বিহ্বল মাতেৰে কাইলে ক'লে।

মোৰ যেন ভৰিৰ পৰা মূৰলৈ এক শিহৰণ জাগি আহিল। সেই বিশালতা আৰু প্ৰশান্তিৰ সন্মুখত মোৰ সকলো অস্থিৰতা-চিন্তা-ভাৱনা থমকি ৰোৱা যেন ভাৱ হ'ল। জাপানৰ বহুতো অপৰূপ অভিজ্ঞতা হৈছে- কিন্তু এই বুদ্ধৰ সন্মুখত সোশৰীৰে থিয় দিয়াৰ অভিজ্ঞতাই মোক অন্য এক পৃথিৱীলৈ লৈ যোৱা যেন ভাৱ হ'ল। যেন এক অবাৰ্চীন অবিশ্বাস্য সৌভাগ্যইহে এই বুদ্ধৰ ওচৰলৈ আমাক টানি আনিলে।বেছ কিছুপৰ আমি সেই মূৰ্তিৰ সন্মুখত বহি ৰ'লোঁ। 

কৰুণাৰ বৌদ্ধ দেৱী

নিহ'ঞ্জি মন্দিৰৰ অন্য এটা কোণত চকুত পৰিল সুউচ্চ কংক্ৰিটৰ দেৱাল। এই পৰ্বতৰ এক অংশ অতীজত শিলৰ খনি হিচাপে ব্যৱহৃত হৈছিল। সেউজীয়া অৰণ্যই সেই ইতিহাস প্ৰায় ঢাকি পেলাইছে কিন্তু ওখ শিলৰ দেৱালবোৰ এতিয়াও থিয় দি আছে। সেইদিশতে এটা কোণ ঘূৰি চকুত পৰিল অন্য এক বিশালকায় বুদ্ধ মূৰ্তি।

নিহ'ঞ্জি মন্দিৰৰ কৰুণাৰ বৌদ্ধ দেৱী
লগত লৈ ফুৰা কাগজৰ মানচিত্ৰখন চাই কাইলে ক'লে,

'এয়া হ্য়াকু-ছাকু কানন- নিহ'ঞ্জি মন্দিৰৰ কৰুণাৰ বৌদ্ধ দেৱী।' 

প্ৰকৃতি আৰু ধৰ্মৰ মিলনৰ এক শক্তিশালী প্ৰতীক ৰূপে শিলৰ দেৱালত খোদিত হৈ আছে সেই বৌদ্ধ দেৱী। এই মূৰ্তিটো ১৯৬০ৰ দশকত পুৰণি পাথৰখনিৰ অৱশিষ্টৰ ওপৰত খোদিত কৰা হৈছিল। দ্বিতীয় বিশ্বযুদ্ধৰ নিহত ভুক্তভোগীসকলৰ স্মৃতিত মূৰ্তিটো প্ৰতিষ্ঠা কৰা হৈছিল হেনো। 

সেইখিনিতে অলপ আগবাঢ়ি গৈ এইবাৰ দেখা পালোঁ ন'ক'গিৰিৰ অন্য এক আকৰ্ষণ “জিগোকু ন'জ'কি” — অৰ্থাৎ “নৰকৰ দৃশ্য”। কংক্ৰিটৰ বেঁৰাৰ পৰা তললৈ চালে সঁচাকৈয়ে তলৰ গভীৰ খাদ নৰক যেন দেখায়। সেইখিনিত এটা ডাঙৰ দল। হাতে হাতে অত্যাধুনিক কেমেৰা। গম পালোঁ, জাপানী টি ভি চেনেল এটাই নৰকৰ দৃশ্যৰ ফিল্মিং কৰি আছে। তেওঁলোকক আমনি নিদিবলৈকে আমি দুয়ো তাৰ পৰা ওলাই উভতনিৰ বাটত খোজ দিলোঁ।

তললৈ বগোৱাৰ বাট নিজম- চিৰিবোৰো অসমান, কোনো কোনো ঠাইত চিৰিৰ চিন-মোকামেই নাই। ভাৱ হয় যেন বহু যুগ ধৰি সেই বাটত কাৰো খোজ পৰা নাই। চিৰসেউজীয়া চিডাৰ গছ আৰু বাঁহপাতৰ ছাঁ-পোহৰৰ খেলাৰ মাজেৰে আমি খুপি খুপি তললৈ খোজ দিলোঁ। আমাৰ খোজ পৰি শুকান পাতৰ মচমচ শব্দ, গছৰ আঁৰৰ পৰা চৰাইৰ কিচিৰ মিচিৰ মাত, সৰু-ডাঙৰ শিলবোৰৰ নিস্তব্ধ স্থিতি সকলো মিলি যেন মন্ত্ৰমুগ্ধ কৰি ৰাখিলে আমাক। 

ন'ক'গিৰিৰ নৰকৰ দৃশ্য

এনেতে মোৰ সোঁহাতে বাঁহপাতৰ খচখচ শব্দ শুনি মই থমকি ৰ'লোঁ। মোৰ পিছে পিছে আহি থকা কাইল কোনোমতেহে উজুটি নোখোৱাকৈ ৰ'লহি। আমাৰ দুয়োৰে সন্মুখৰ বাটত সেইদিশৰ পৰা  ওলাই আহিল এটা হৰিণ। আমাৰ অসমত দেখা পোৱা ফুটুকী হৰিণতকৈ কিছু ডাঙৰ আৰু নিমজ গা, কিন্তু একেই গভীৰ দুচকু, সতৰ্ক থিয় কাণ। হৰিণাটোৱে এপলক আমাৰ ফালে চালে। আৰু ঘপকৈ সম্বিত অহাৰ দৰে দৌৰি অৰণ্যৰ জোপোহাৰ মাজত লুকাই পৰিল।

'জাপানৰ ছিকা হৰিণ (Sika deer) সেয়া!'

ফুচফুচাই কাইলক ক'লোঁ। সি আগবাঢ়ি গৈ হৰিণাটোনো কেনি লুকাল চোৱাৰ চেষ্টা কৰিলে।

মই তাতে থমকি ৰ'লোঁ। এটা অপূৰ্ব সুখ আৰু সন্তুষ্টিয়ে মোক আৱৰি পেলালে।

'বহুত ধন্যবাদ, জাপান! এই সমগ্ৰ যাত্ৰা কেনে মায়াময়! আজি তাৰেই কেনে এক বিস্ময়কৰ সামৰণি!

মনতে সেয়া কৈ দুচকু মুদি দিলোঁ। বুকুলৈ উজাই আহিল সুখ আৰু কৃতজ্ঞতাৰ ঢৌ। সেই মুহূৰ্তটো, চৌদিশৰ পৰিৱেশটো এটা দীঘল উশাহেৰে হৃদয়ত সামৰি ল’লোঁ, চিৰদিনৰ বাবে এক অবিস্মৰণীয় সোঁৱৰণি হিচাপে।

ন'ক'গিৰিৰ শিলৰ চিৰি আৰু অৰণ্য


Friday, 13 February 2026

সূৰ্যোদয়ৰ দেশ জাপানত (১৪)

পূৰ্বৰ খণ্ডত-

অপৰূপ চেঞ্চ'জি মন্দিৰ

টকিঅ'ৰ এটা গোমা ৰাতিপুৱা। ঘন ডাৱৰৰ আচল এখনে সমগ্ৰ মহানগৰীখন ঢাকি ৰাখিছে। কাইল আৰু মই সেই বোৱাৰী পুৱাতে বাছেৰে আছাকুছা অঞ্চল পালোঁগৈ। কাইল ইতিমধ্যে সম্পূৰ্ণ সুস্থ হৈ উঠিছে। কিন্তু জাপানত আমাৰ সময়ো কমি আহিছে। সেয়ে শেষৰ দুটা দিনত যি পাৰোঁ চাওঁ বুলিয়ে এই পুৱাতে ভৰি দিলোঁগৈ চেঞ্চ'জি মন্দিৰত।

টকিঅ'ৰ চেঞ্চ'জি মন্দিৰ আৰু নাকামিছে ষ্ট্ৰীট

টকিঅ'ৰ আটাইতকৈ প্ৰাচীন আৰু জনপ্ৰিয় বৌদ্ধ মন্দিৰ এয়া।মন্দিৰৰ প্ৰৱেশদ্বাৰ পাৰ হৈ এটা মসৃণ আৰু সুসজ্জিত পথ। পথটোৰ নাম নাকামিছে ষ্ট্ৰীট।গম পালোঁ, এই পথ হেনো এশ বছৰতকৈও অধিক পুৰণি। পথৰ দুয়োকাষে সৰু সৰু দোকানত জাপানী মিঠাই, হস্তশিল্প আৰু স্মাৰক সামগ্ৰী। পুৱা আঠ বাজিছেহে বাবে বহুতো দোকান খুলিবলৈ আৰম্ভ কৰিছেহে। কিন্তু মন্দিৰ প্ৰাংগনত ইতিমধ্যে মানুহৰ সোঁত আৰম্ভ হৈছে। সেয়ে আমি পোনেই মন্দিৰলৈকে গ'লোঁ।

মূল মন্দিৰটোত অপৰূপ কাঠৰ স্থাপত্য- ৰঙা খুঁটাৰ মাজে মাজে শুভ্ৰ দেৱাল। দুৱাৰৰ দুফালে দুটা বিশাল সোণালী লণ্ঠান। সোঁমাজৰ ৰঙা প্ৰকাণ্ড লণ্ঠনটোত জাপানী আখৰ। তাৰ তলেৰে আগবাঢ়ি গৈ দেৱীমূৰ্তি দৰ্শন কৰি ধূপ এডাল লগালোঁ। জনশ্ৰুতি অনুসৰি, ৬২৮ খ্ৰীষ্টাব্দত দুজন মাছমৰীয়াই টকিঅ'ৰ ওচৰৰ সুমিদা নদীত অকস্মাৎ এই কানন দেৱীৰ মূৰ্তি উদ্ধাৰ কৰিছিল হেনো। সেই মূৰ্তি আনি বেদীত প্ৰতিষ্ঠা কৰিয়ে এই মন্দিৰ স্থাপিত হয়। 

চেঞ্চ'জি মন্দিৰৰ পেগোডাৰ সন্মুখত আমি

মন্দিৰৰ চাৰিওকাষে কেইবাঠাইতো ধূপ লগোৱাৰ ব্যৱস্থা কৰি দিয়া হৈছে। আমাৰ মন্দিৰবোৰৰ দৰেই। চকুত পৰিল তাত ধূপ জ্বলাই বহু লোকে দুয়ো হাতেৰে আলফুলে ধূপৰ ধোৱাঁ নিজৰ মুখৰ ফালে ঠেলি দিছে। তাৰপিছত দুচকু মুদি সেই ধোৱাঁৰ পৰশ চকুৱে-মুখে সানি লৈছে। জাপানীসকলৰ বিশ্বাস যে এই পৰম্পৰাই সুস্বাস্থ্য আৰু সৌভাগ্য আনে। সেয়ে আমি দুয়ো তেওঁলোকক অনুসৰণ কৰিলোঁ। আমাৰ সকলোৰে প্ৰাৰ্থনা আৰু মন্দিৰৰ টিলিঙাৰ সুৰৰ মাজেৰে ধূপৰ ধোঁৱাই গতি ল'লে গোমা আকাশখনলৈ বুলি।

মন্দিৰ চৌহদত বাওঁকাষে এটা পাঁচ-মহলাৰ ওখ কাঠৰ পেগোডা। পেগোডাৰ গাত গাঢ় ৰঙা আৰু শুকুলা ৰঙৰ কাৰুকাৰ্য।পেগোডাৰ এই পাঁচটা স্তৰ হেনো প্ৰকৃতিৰ পাঁচ উপাদান মাটি, পানী, অগ্নি, বায়ু আৰু আকাশৰ প্ৰতীক একেবাৰে ওপৰ মহলাৰ পৰা আকাশলৈ মূৰ তুলি আছে এটা সোণালী স্তম্ভই। পেগোডাৰ সন্মুখত থিয় দি বেছ কিছুপৰ সেই ৰূপ উপভোগ কৰিলোঁ। ভাৱ হ'ল যেন সেয়া এক পহৰাদাৰ —যি যুগ যুগ ধৰি এই মন্দিৰ ৰক্ষা কৰি আছে। এই পেগোডা যেন কেৱল এক স্থাপত্য নহয়, প্ৰাচীন জাপানৰ আত্মাৰ এক প্ৰতিচ্ছবি। টিলিঙাৰ শব্দ, ধূপৰ মিঠা গোন্ধ, অলেখ ভক্তৰ প্ৰাৰ্থনা মিলি এই চেঞ্চ'জি মন্দিৰ যেন আকাশৰ বুকুত জাপানৰ ইতিহাসে আঁকি থোৱা এক নীৰৱ কবিতা! প্ৰশান্তিময় হৃদয় এখন লৈ মন্দিৰৰ পৰা ওলালোঁ।

ছুম' খেলৰ আমেজ 

টকিঅ'ৰ আছাকুছা অঞ্চলতে থকা অন্য এক জাপানী পৰম্পৰাৰ সোৱাদ ল'বলৈ এইবাৰ আমি আছাকুছা ছুম' ক্লাবত থিয় দিলোঁগৈ। দুৱাৰমুখতে এগৰাকী কৰ্মচাৰীয়ে আদৰিলে।

'আহক আহক, অনুষ্ঠান আৰম্ভ হ'বলৈ এতিয়াও সময় আছে। গতিকে লাহে-ধীৰে সাজু হ'ব পাৰিব।'

তেওঁ আমাক পোনেই অনুষ্ঠান হ'ব লগীয়া আহল-বহল হলঘৰটোলৈ আগবঢ়াই নিলে। হলঘৰটোৰ সোঁমাজত মঞ্চ- দুয়োফালে গেলেৰীৰ দৰে শাৰী শাৰীকৈ কাঠৰ চকী-টেবুলেৰে দৰ্শক বহাৰ ব্যৱস্থা। ইতিমধ্যে বেছিভাগ দৰ্শক আহি বহিছে- বহুতেই খোৱাত ব্যস্ত। আমি বহাৰ লগে লগে এগৰাকী ৱেইট্ৰেছ আহি কেইবাবিধো খাদ্য আমাৰ সন্মুখৰ টেবুলত থ'লেহি। টেবুলত দুয়োৰে বাবে সুকীয়াকৈ থকা ষ্ট'ভ দুটাও অন কৰি দিলে।

'আমাৰ খাদ্য আনলিমিটেড। যিমান মন যায় অৰ্ডাৰ কৰিব পাৰে!'

তেওঁ ইংৰাজীতে ক'লে।

মুহূৰ্ততে আমাৰ ষ্ট'ভত শাক-পাচলি আৰু মাংসৰ সৈতে চুপ উতলিবলৈ আৰম্ভ কৰিলে। ভাৱ হ'ল যেন পলকতে দুয়ো সোমাই পৰিলোঁ অন্য এক পৃথিৱীত!

আছাকুছা ছ্যুম' ক্লাবত জাপানী খাদ্য
 
প্ৰথমেই মঞ্চলৈ আহিল অনুষ্ঠানটোৰ হ'ষ্ট বা এম চি ৰিক। দেখাত তেওঁক জাপানৰ স্থানীয় লোক যেন নালাগে। সলসলীয়া ইংৰাজীৰে তেওঁ সকলো দৰ্শকক আদৰণি জনালে। তাৰপিছত ক'লে,
'আজি আপোনালোকে ছুম' খেলৰ ইতিহাস, কৌশল সকলো জনাৰ উপৰিও এখন ছুম' খেল চোৱাৰ সুবিধা পাব। লগতে আপোনালোকৰ সন্মুখত আজি পৰিৱেশন কৰা হৈছে ছুম' খেলুৱৈৰ পৰম্পৰাগত খাদ্য-চাংক' নাবে (Chanko Nabe)। তেওঁলোকৰ শক্তিৰ মূল উৎস সেয়া। আশা কৰিছোঁ, সেয়া খাই উঠি আপোনালোকেও এই ছুম'বিদ সকলৰ দৰেই শাৰীৰিক আৰু মানসিক শক্তি পাব। কাৰণ আজি আমি অপোনালোককো খেলত যোগদান কৰিবলৈ সুবিধা দিম!'

টকিঅ'ত গেইছা নৃত্য
ৰিক'ৰ কথাত দৰ্শকৰ মাজৰ পৰা সুহুৰি ওলাল। তেওঁ হাঁহি হাঁহি ক'লে,
'পিছে খেল আৰম্ভ হোৱাৰ আগতে এটা সুন্দৰ গেইছা নৃত্য উপভোগ কৰি লওঁ আহক।'

লগে লগে পৰম্পৰাগত বাদ্যযন্ত্ৰ ছামিছেনৰ শব্দ ভাঁহি আহিল। গীতৰ সুৰে সুৰে অপৰূপ ভংগীমাৰে  কিম'ন' পৰিহিতা এগৰাকী গেইছাই নাচিবলৈ আৰম্ভ কৰিলে। গেইছা নৃত্য চোৱাৰ এয়া প্ৰথম অভিজ্ঞতা মোৰ। ভাৱ হ'ল যেন হাতৰ লয়লাস ভংগী, মুখৰ ভাৱ আৰু ধীৰ গতিৰে এই নৃত্য অতি সুক্ষ্ম আৰু পৰিমিত।

দৰ্শকৰ বিপুল হাত-চাপৰিৰ মাজেৰে গেইছা গৰাকীয়ে নৃত্য সামৰিলে। কাইলে আকৌ খাদ্য অৰ্ডাৰ কৰিলে। ধোঁৱাই থকা চুপ, শাক-পাচলি, মাংসৰ অপূৰ্ব সোৱাদ আওকাণ কৰাই যেন মস্কিল হ'ল। ৰিক আগবাঢ়ি আহি ছুম'ৰ ইতিহাসৰ বিষয়ে কিছু কথা ক'লে। জাপানত আজিৰ পৰা প্ৰায় ১৫০০ বছৰৰো আগতে ছুম'ৰ আৰম্ভণি হৈছিল। প্ৰথমে ছুম' কেৱল খেল নাছিল—শ্বিন্ত’ ধৰ্মৰ এক পৱিত্ৰ আচাৰ হিচাপে প্ৰাচীন জাপানত দেৱতাসকলক সন্তুষ্ট কৰাৰ বাবে মন্দিৰত ছুম' প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল। এই আচাৰৰ ফলত ভাল ফচল, শান্তি আৰু সমৃদ্ধি আহে বুলি বিশ্বাস কৰা হৈছিল। সময়ৰ লগে লগে ছুম' ৰাজদৰবাৰৰ বিনোদনৰ এক অংশ হৈ উঠিল, আৰু এডো যুগত ই জনসাধাৰণৰ মাজত এক জনপ্রিয় খেললৈ পৰিণত হ’ল। বৰ্তমান ছুম' জাপানৰ 'জাতীয় খেল' হিচাপে পৰিগণিত হৈছে।

এইবাৰ ৰিকে ছুম' খেলুৱৈ দুগৰাকীক মঞ্চলৈ আহিবলৈ আহ্বান জনালে। বিশাল দেহেৰে প্ৰথমে আগুৱাই আহিল অন'ছাট'। দৰ্শকলৈ চাই তেওঁ হাত দাঙি দেহৰ শক্তি-বীৰ্য দেখুৱালে। সকলোৱে উকিয়াই, হাত চাপৰি বজাই তেওঁক উষ্ণ আদৰণি জনালে। তাৰপিছতে আহিল কিৰিবায়ামা। অন'ছাট'ৰ তুলনাত তেওঁৰ দেহ বিশালকায় নহয় কিন্তু দেখাতেই ধৰিব পাৰি তেওঁৰ দেহতো অপাৰ শক্তি। দুয়োৰে দেহত একমাত্ৰ সাজ ছুম' খেলৰ পৰম্পৰাগত বহল বেল্ট এডাল। সেই বেল্টডালক হেনো মাৱাছি বুলি কোৱা হয়। ৰিকৰ অনুৰোধ ৰক্ষা কৰি অন'ছাট' আৰু কিৰিবায়ামা দুয়ো মাৱাছি কেনেকৈ কঁকালত মেৰিয়াই লোৱা হয় দেখুৱালে। তাৰপিছত ৰিকে ক'লে, ছুম' খেলুৱৈৰ বাবে দৰ্শকৰ সঁহাৰি আৰু উৎসাহ বহুত গুৰুত্বপূৰ্ণ। গতিকে খেলখনৰ বাবে তেওঁৰ সোঁহাতে বহা দৰ্শকসকল থাকিব কিৰিবায়ামাৰ পক্ষত। আৰু বাওঁহাতৰ দৰ্শক অৰ্থাৎ আমি সকলো অন'ছাট'ত পক্ষত।

ছুম' খেলৰ চমক

খাই থকাৰ পৰাই এইবাৰ আমিও সুহুৰিয়ালোঁ। ছুম' খেলৰ আৰম্ভণিতে হেনো নিমখ ছটিয়াই মঞ্চৰ শুদ্ধি কৰাৰ নিয়ম। ৰিকে আমাক সকলোকে সেই পৰ্বত ভাগ ল'বলৈ অনুৰোধ কৰাত উঠি গ'লোঁ। আমাৰ পক্ষৰ খেলুৱৈ অন'ছাট'ই আগবঢ়াই দিয়া পাত্ৰটোৰ পৰা নিমখ অলপ ল'লোঁ। ৰিকে শিকোৱাৰ দৰে সেয়া মঞ্চত ছটিয়াই চিঞৰি উঠিলোঁ, 'গনবাৰে অন'ছাট'!' -  ভালকৈ খেলিবা অন'ছাট'।

ৰিকে নিয়মসমূহৰ এটা আভাস দিলে। দৰ্শকক আমোদ দিবলৈকে দুয়ো খেলুৱৈয়ে প্ৰতিটো নিয়মৰ নমুনা দেখুৱালে। খেলুৱৈসকলে ইজনে সিজনক ঘোঁচা বা গোৰ মৰা বা চুলি টনা নিষেধ। জিকাৰ নিয়ম পোনপটীয়া, বিৰোধীক খেলৰ ৰিং অৰ্থাৎ দহ্য'ৰ বাহিৰ কৰিলে বা বিৰোধীৰ ভৰিৰ পতাৰ বাহিৰে দেহৰ যিকোনো অংশই মাটি স্পৰ্শ কৰিলেই খেলৰ সামৰণি পৰে।

দৰ্শক ইতিমধ্যে উত্তেজিত হৈ উঠিছে। যথেষ্ট হৈ চৈৰ মাজেৰে খেল আৰম্ভ হ'ল। অন'ছাট' আৰু কিৰিবায়ামা দুয়ো হাউলি লৈ মাটিত ভৰিৰে ধুপকৈ গোজ মাৰিলে। ৰিকে ৰেফাৰীৰ ভূমিকা ল'লে। পোনেই অন'ছাট'ই কিৰিবায়ামাক ঠেলা মাৰি ৰিঙৰ একাষে নিবলৈ আৰম্ভ কৰিলে। কেইমিনিটমান যুঁজ দি থাকি কিৰিবায়ামাৰ শক্তি যেন শিথিল হৈ আহিল। দুয়োফালৰ দৰ্শকৰ চিঞৰ-বাখৰৰ মাজতে অন'ছাট'ই কিৰিবায়ামাক প্ৰায় দাঙি নিয়াদি নি বাহিৰ কৰি দিলে। পাঁচমিনিটতে প্ৰথম ৰাউণ্ড সমাপ্ত! 

আমাৰ বিপৰীতে থকা দৰ্শকসকল যেন কিছু চিন্তাতে পৰিল। ছুম' খেলত হেনো ওজনৰ কোনো ভাগ নাই। যিকোনো ওজনৰ খেলুৱৈয়ে কম বা বেছি ওজনৰ প্ৰতিযোগীৰ সৈতে খেলিব পাৰে। এতিয়া যেন অন'ছাট'ৰ বিশাল শৰীৰে স্বাভাৱিকতে কিৰিবায়ামাক আয়াসতে বিপাঙত পেলাব পাৰিছে। পিছে আমাৰ ধাৰণা ভুল বুলি প্ৰমাণ কৰি দ্বিতীয় ৰাউণ্ডৰ কিৰিবায়ামাই অপূৰ্ব শক্তিৰে অন'ছাট'ক ৰিঙৰ বাহিৰ কৰি দিলে। দুয়োফালৰ দৰ্শকৰ পৰম উত্তেজনা আৰু 'গনবাৰে'ৰ হৈ হাল্লাৰে তৃতীয় ৰাউণ্ড আৰম্ভ হ'ল। এইবাৰ দুয়ো সমানে যুঁজ দিলে- এবাৰত কিৰিবায়ামা ৰিঙৰ কাষ পায়গৈ, ক্ষন্তেকতে আকৌ অন'ছাট' ৰিঙৰ বাহিৰ ওলাওঁ ওলাওঁ অৱস্থা। কিন্তু শেষত অন'ছাট'ৰ বিশালকায় দেহৰ সন্মুখত কিৰিবায়ামা তিষ্ঠি থকাটো যেন অসম্ভৱ হৈ পৰিল। তেওঁৰ এটা ভৰি ৰিঙৰ বাহিৰ ওলোৱাৰ লগে লগে বাওঁফালৰ সকলো দৰ্শক থিয় দি কিৰিলিয়াই উঠিল। 

অন'ছাট'ক বিজয়ী ঘোষণা কৰাৰ পিছতে তেওঁ সুধিলে, কোন কোন দৰ্শকে তেওঁৰ সৈতে এঘড়ী যুঁজিব খোজে?' দৰ্শকৰ মাজৰ পৰা কেইবাগৰাকীও উঠি গ'ল। ক্ষন্তেক পিছতে ছুম' খেলৰ বাবে সাজু হৈ প্ৰথমগৰাকী দৰ্শক মঞ্চলৈ ওলাই আহিল। তেওঁৰ সমগ্ৰ দেহ ঢাকি কেৱল মাৱাছি বেল্ট আঁকি থোৱা এটা ছুম' কষ্টিউম। তেওঁক দেখা মাত্ৰকে সকলোৱে হাঁহিবলৈ আৰম্ভ কৰিলে। কিন্তু আমাক সকলোকে আচৰিত কৰি তেওঁ অন'ছাট'ক বেছ কিছুপৰ ঠেলি থাকিল। হয়তো দৰ্শকৰ আমোদৰ বাবেই অন'ছাট'ই বিশেষ বল প্ৰয়োগ নকৰিলে।

অনুষ্ঠানৰ শেষত প্ৰশ্নোত্তৰ শিতান। অন'ছাট' আৰু কিৰিবায়ামা দুয়ো দৰ্শকৰ বিভিন্ন প্ৰশ্নৰ উত্তৰত ছুম' কেৰিয়াৰৰ বিষয়ে বহু কথা ক'লে। দুয়োৰে জাপানী ভাষাৰ উত্তৰ সমূহ ৰিকে আমাৰ বাবে ইংৰাজীলৈ অনউবাদ কৰি দিলে। দুয়ো হেনো প্ৰায় তিনিবছৰ বয়সৰ পৰাই ছুম'ৰ প্ৰশিক্ষণ আৰম্ভ কৰিছিল। তেতিয়াৰ পৰাই তেওঁলোকৰ সমগ্ৰ জীৱন পৰম্পৰা, কঠোৰ অনুশাসন আৰু আত্মনিয়ন্ত্ৰণৰ মাজেৰে পাৰ হৈছে।ছুম' ষ্টেবল বা হেয়া নামৰ আশ্ৰমত তেওঁলোকে শৈশৱ কটাইছে,  জ্যেষ্ঠ খেলুৱৈৰ আদেশ মানি কঠোৰ শৃংখলা আৰু নিয়মৰ মাজেৰে প্ৰশিক্ষণ লৈ নিজকে ছুম'বিদ হিচাপে গঢ়িছে।  

গম পালোঁ, ত্ৰিছ বছৰমান বয়সৰ পিছতে ছুম'ৰ কেৰিয়াৰ শিথিল হৈ আহে। এতিয়া অন'ছাট' আৰু কিৰিবায়ামা দুয়ো অৱসৰপ্ৰাপ্ত খেলুৱৈ। সেইবাবেই আছাকুছা ছুম' ক্লাবত এই কামত নিয়োজিত হৈছে। ভাৱ হ'ল, ছুম' খেলুৱৈসকলৰ জীৱন মানে কেৱল ৰিঙৰ কেইছেকেণ্ডৰ যুঁজ নহয়! এয়া কঠোৰ পৰিশ্ৰম, সাধনা আৰু আত্মসমৰ্পণৰ এক দীঘলীয়া যাত্ৰা। এয়া যেন কেৱল শাৰীৰিক শক্তি-বীৰ্যৰ যুঁজ নহয়, ছুম' খেল প্ৰকৃততে আত্মসংযমৰ যুঁজ।

সেইনিশা আছাকুছা ছুম' ক্লাব এৰোঁতে অনুভৱ কৰিলোঁ, জাপানৰ এই জাতীয় খেল জাপানী মানসিকতাৰো এক প্ৰতিচ্ছবি—শক্তিৰ মাজত শৃংখলা, বিজয়ৰ মাজত বিনয়, আৰু পৰম্পৰাৰ মাজত গৌৰৱৰ এক অপূৰ্ব প্ৰতিফলন।

আছাকুছাত জাপানী মিঠাই ক্ৰীম ব্ৰুলেৰ সোৱাদ লৈ


Saturday, 7 February 2026

সূৰ্যোদয়ৰ দেশ জাপানত (১৩)

পূৰ্বৰ খণ্ডত-

শ্বিনজুকুত সন্ধিয়াৰ অভিযান

'আপোনালোক ট্যুৰৰ বাবে ৰৈ আছে নেকি?'

টকিঅ'ৰ শ্বিনজুকু অঞ্চলত সন্ধিয়াৰ ব্যতিব্যস্ততা আৰম্ভ হৈছে। মূল পথত হৰেক ৰকমৰ গাড়ীৰ লানি। দুয়োকাষে ৰঙীন লাইটৰ চমক। মানুহৰ অবিৰাম অহা-যোৱা। সেই ভিৰৰ একাষে ষ্টাৰ বাক্সৰ সন্মুখত কাইল আৰু মই থিয় দি আছিলোঁ। ইংৰাজীত মাতষাৰ শুনি ঘুৰি চালোঁ। 

এজন চফল যুৱক। বয়স আৰু দেখা-শুনাই ছাত্ৰ যেন ভাৱ হয়। চিনাকি দি ক'লে,

'মোৰ নাম কাই, ময়ে আপোনালোকৰ আজিৰ ট্যুৰ গাইড।'

তেওঁৰ কথাত আৰু দুগৰাকীমান কাষ চাপি আহিল। কাইৰ চাৰিওফালে প্ৰায় দহ-বাৰজনীয়া এটা গোট  হ'ল। আমাৰ দৰেই বিদেশী পৰ্য্যটক! সকলোকে উদেশ্যি কায়ে ক'লে, ' আজি আমি কেইবাঠাইত বিভিন্ন জাপানী খাদ্যৰ সোৱাদ ল'ম। খাদ্যই হওক বা জাপানৰ অন্য বিষয়ে হওক আপোনালোকৰ যিকোনো প্ৰশ্নৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। প্ৰথমে শ্বিনজুকুৰ এটা বিখ্যাত খাদ্যৰ গলি চাওঁগৈ আহক।'

তেওঁৰ খোজ আগবঢ়াৰ লগে লগে আমাৰ দলৰ এগৰাকীয়ে সমানে খোজ দি প্ৰশ্ন সুধিবলৈ আৰম্ভ কৰিলেই! মোৰ মনটো পিছে কিছু সংকুচিত হৈ পৰিল। এই শ্বিনজুকু অঞ্চলটো খাদ্যৰ বাবে অত্যন্ত জনপ্ৰিয়। কিন্তু ইয়াৰ ঠেক গলিবোৰত হৰেক ৰকমৰ খাদ্যৰ পোহাৰৰ মাজত নিজে ঘুৰি ফুৰিবলৈ অসুবিধা হ'ব বুলিয়ে অনলাইন ট্যুৰ গাইড বুক কৰিছিলোঁ। আশা আছিল, জাপানী গাইডৰ সহায়ত সততে নেদেখা-নুশুনা প্ৰকৃত জাপানী খাদ্যৰ সোৱাদ ল'ম। 

পিছে কাই দেখাতেই অনা-স্থানীয় গাইড। সুযোগ পাই সুধি গম পালোঁ, তেওঁ মাথোঁ দুটা বছৰ ধৰি জাপানত আছেহি। তেওঁৰ পিছে পিছে গৈ থকাৰ মাজতে কাইলক কাণে কাণে কৈ পেলালোঁ,

'অনা-স্থানীয় মানুহ এজনে জাপানীসকলৰ স্থানীয় খাদ্য আৰু সংস্কৃতিৰ বিষয়ে আনক জ্ঞান দিবলৈ যোৱাতো কেনেকৈ গ্ৰহণযোগ্য হ'ব পাৰে?'

কাইলে মোৰ চেপা মাতটোতে বিৰক্তি উজাই অহাৰ উমান পালে কিজানি! কান্ধত হেঁচা এটা মাৰি আশ্বাস দিয়াৰ সুৰত সি ক'লে, 'ট্যুৰত আহিলোঁৱে যেতিয়া তেওঁনো ক'ত কি দেখুৱায় এবাৰ মুকলি মনেৰে চোৱাৰ চেষ্টা কৰাচোন! গাইড যেনেকুৱাই  নহওক খাদ্যবোৰ ভাল হয়েই বা!'

হয়ভৰ দিবলৈ বাধ্য হ'লোঁ। এইবাৰ কাইৰ লগে লগে সমগ্ৰ দলটো বাটৰ কাষত থামকি ৰ'ল। তেওঁ আমালৈ চাই ক'লে, 'এতিয়া আমি অ'ম'ইডে য়'ক'চ্চ (Omoide Yokocho) ৰ মাজেৰে খোজ দিম। এই খাদ্যৰ গলিয়ে জাপানৰ সন্ধিয়াৰ প্ৰকৃত ৰূপটোৰ সৈতে আপোনালোকক চিনাকি কৰাই দিব। দিনটোৰ কাম শেষ কৰি বহুতো লোকে বন্ধু-বান্ধৱৰ সৈতে একেলগে বহি ইয়াত ছাকে (জাপানী চাউলৰ মদ)ত চুমুক দিয়েহি—দিনটোৰ ক্লান্তি এৰি হাহি-গল্পত ডুব যোৱাৰ চেষ্টা কৰে।সন্ধিয়াৰ লগে লগে ইয়াৰ অলেখ-অসংখ্য দোকানবোৰ খাদ্যৰ সুগন্ধি আৰু মানুহৰ হাঁহি-মাতেৰে জীপাল হৈ উঠে।' 

টকিঅ'ৰ অ'ম'ইডে য়'ক'চ্চ

সঁচাকৈয়ে ঠেক গলিটোৰে খোজ দি সেই ৰূপ নিজ চকুৰে চোৱাৰ সুযোগ পালোঁ। গলিৰ দুয়োফালে সৰু সৰু জাপানী বাৰ ইজাকায়া আৰু খাদ্যৰ ষ্টল। কাঠৰ সৰু সৰু দোকান, ৰঙীণ জাপনী লেম্প, আৰু  ধোঁৱাই থকা চুপৰ বাতি লৈ ভিতৰত বহি থকা মানুহবোৰলৈ কৌতুহলেৰে চালোঁ। কাইৰ উপদেশ মানি আমাৰ দলটো ক'তো নোসোমোৱাকৈ আগবাঢ়ি গৈ থাকিলোঁ। অ'ম'ইডে য়'ক'চ্চ পাৰ হৈ গৈ আমি এখন আহল-বহল ৰেস্তোঁৰাত সোমালোঁগৈ। কায়ে আগতীয়াকৈ সমগ্ৰ দলটোৰ বাবে আসন ৰাখি খাদ্যৰো অৰ্ডাৰ দি থৈছিল হেনো। 

মুখামুখিকৈ বহি এইবাৰহে দলটোৰ বাকীসকলৰ সৈতে চা-চিনাকি হোৱাৰ সুযোগ পালোঁ। কাঠৰ বেঞ্চখনত মোৰ কাষত অটাৱাৰ বেৰী আৰু জেনিন, আমাৰ সন্মুখত আমেৰিকাৰ চিয়াটলৰ এলেক্স আৰু কলীন। চাৰিও আমাৰ সমবয়সীয়া। 

'তুমি ইঞ্জিনিয়াৰ নেকি?' বেৰীয়ে কাইলৈলৈ চাই ক'লে।

প্ৰশ্নটো শুনি মই আচৰিত হ'লোঁ। কিন্তু কাইলে সহজভাৱে ক'লে, 'অঁ, আমি কানাডাৰ এলবাৰ্টাৰ পৰা আহিছোঁ। মোৰ ইঞ্জিনিয়াৰিঙো তাতে কৰা।'

'তেওঁৰ হাতৰ আঙঠিটো দেখি গম পালোঁ।' বেৰীয়ে মোৰ মুখলৈ চাই হাঁহি হাঁহি ক'লে। কাইলে হাঁহিত যোগ দি সোঁহাতৰ কেঞা আঙুলীৰ আঙঠিটো সকলোকে দেখুৱালে। 

তেতিয়াহে মোৰ মনত পৰিল, সেয়া কানাডাৰ সকলো ইঞ্জিনিয়াৰে ডিগ্ৰী সম্পূৰ্ণ কৰাৰ পিছত পিন্ধা লোহাৰ আঙঠি (Iron Ring)- ইঞ্জিনিয়াৰৰ নৈতিকতা আৰু দায়িত্বশীলতাৰ এক চিৰন্তন সোঁৱৰণ হিচাপ। ১৯০৭ চনত কানাডাৰ কুবেক চহৰত নিৰ্মাণ চলি থকা এখন বৃহৎ দলং হঠাৎ ভাঙি পৰি বহু লোকৰ অকাল মৃত্যু হৈছিল। এই দূৰ্ঘটনাই যেন সকলোকে সোঁৱৰাই গ'ল, ইঞ্জিনিয়াৰসকলৰ দায়িত্ব কেনে গুৰুত্বপূৰ্ণ আৰু সৰু ভুল বা অৱহেলাৰ পৰিণতি কি হ'ব পাৰে! তাৰে ফলস্বৰূপে ১৯২২ চনত কানাডাত আৰম্ভ হয় “The Ritual of the Calling of an Engineer” অনুষ্ঠান। এই অনুষ্ঠানত স্নাতক ইঞ্জিনিয়াৰসকলক এটা লোহাৰ আঙঠি দিয়া হয়। নতুনচামক মনত পেলাই দিয়া হয় সুৰক্ষা, সততা আৰু দায়িত্বশীলতা ইঞ্জিনিয়াৰিংৰ মূল ভিত্তি!

কাইলে সেই ইতিহাস সকলোকে কৈ উঠাৰ পিছতে বেৰীয়ে ক'লে, 'আচলতে ময়ো ইঞ্জিনিয়াৰ!'

'ময়ো!' এইবাৰ এলেক্সে কৈ উঠিল।

সকলোৱে একেলগে হাঁহি পেলালে। একেটা গোটতে তিনিগৰাকীকৈ ইঞ্জিনিয়াৰ!

এনেতে কাই আৰু এগৰাকী ৱেইটাৰে আমাৰ টেবুলত কেইবাখনো প্লেট থ'লেহি। এখনত ছুছি ৰ'ল সৈতে ৱাছাবি আৰু চই চছ, এটা কাঠৰ বাতিত সাগৰীয় শেলাইৰ চালাড আৰু অন্য এটা ডাঙৰ বাতিত বৰফৰ ওপৰত তিনি-চাৰিবিধ কেঁচা মাছৰ টুকুৰা!

'এয়া সকলোৰে বাবে। তিনিওবিধৰে সোৱাদ ভিন্ন। খাই চাওকচোন!'

তাৰ লগে লগে ৱেইটাৰগৰাকীয়ে ছাকে মদ বাকি দিলেহি। অতিথিলৈ আদৰ দেখুৱাই পৰম্পৰা অনুসৰি কাঠৰ গিলাচ উপচি পৰাকৈ!

খাদ্যৰ প্লেট আৰু বাতি দুটা ইজনৰ পৰা সিজনৰ হাতলৈ আগবাঢ়িল। চালাড অলপ নিজৰ প্লেটত লৈ বেৰীয়ে ধেমালিৰ সুৰেৰে ক'লে, 

'আমি তিনিও বাৰু ইঞ্জিনিয়াৰ! আমাৰ পাৰ্টনাৰ কেইগৰাকীৰ পেছা কি অনুমান কৰিব পাৰিবনে?'

'আৰু কোনোবা ইঞ্জিনিয়াৰ নেকি? এলেক্সে হাঁহি হাঁহি সুধিলে। জেনিন, কলীন আৰু মই পোনপটীয়া উত্তৰ নিদি খেলখনৰ ৰং চাই থাকিলোঁ।

প্ৰথমে সকলোৱে চিয়াটলৰ কলীনলৈ চালে! 

'স্পৰ্টছ?' বেৰীৰ অনুমান।

'শিক্ষয়ত্ৰী?' সুৰত সুৰত মিলাই কাইলে সুধিলে।

কলীনে মূৰ জোকাৰিলে। 'নহয়, মই লাইব্ৰেৰীয়ানহে!'

'কাণৰ তিনিযোৰ কাণফুলি আৰু পনিটেইল চাই মই আকৌ স্পৰ্টছ বুলি ভুল কৰিলোঁ।' বেৰীৰ কৈফিয়ৎ শুনি আমি হাঁহি পেলালোঁ।

জেনিনক লৈ কৰা অনুমানবোৰো ভুল বুলি প্ৰমাণ কৰি তাই ক'লে, 'মই আচলতে নাৰ্ছ!'

এইবাৰ গোটৰ সকলোৱে মোলৈ চালে।

কলীনে ক'লে, 'তুমি ক্ৰিয়েটিভ বা কলাত্মক কিবা এটা ফিল্ডৰ হ'বা যেন লাগিছে।'

মোৰ হাঁহি উঠি গ'ল, 'হয়ো- নহয়ো!' 

সকলোৰে কৌতুহলী মুখবোৰ দেখি বুজাই ক'লওঁ, 'আচলতে মই পেছাত বিজ্ঞানী, নিচাত লেখক!' গতিকে কলা আৰু বিজ্ঞানৰ দুয়োটাই খাঁটে!

জাপানৰ পাচিংক' খেল

ৰেস্তোৰাঁৰ পৰা ওলাই আকৌ শ্বিনজুকুৰ নিয়ন লাইট আৰু ভিৰৰ মাজেৰে আমাৰ দলটোৱে খোজ দিলে। কাইৰ কথা-বতৰাৰ পৰা জাপানী খাদ্যৰ বিষয়ে তেওঁৰ আগ্ৰহ আৰু দখলৰ উমান পাইছোঁ। তেওঁৰ প্ৰতি প্ৰথমে ওপজা বিৰক্তি মোৰ কমি আহিছে। এইবাৰ এক বিশাল অট্টালিকাৰ সন্মুখত ৰৈ তেওঁ ক'লে,

'আপোনালোকে জাপানৰ পাচিংকো সংস্কৃতিৰ বিষয়ে শুনিছেনে?'

বেৰী আৰু জেনিনৰ বাহিৰে আমি সকলোৱে মূৰ জোঁকাৰি ক'লোঁ, 'নাই শুনা!'

সেই অট্টালিকাৰ মূল দুৱাৰখন মেলি ধৰি কায়ে ক'লে, 'এবাৰ ভুমুকিয়াই চাই আহকচোন। মই বাহিৰতে ৰৈছোঁ। তাৰপিছত বুজাই ক'ম।'

সোমাই দেখিলোঁ, গেইম চেণ্টাৰৰ দৰে শাৰী শাৰী মেচিন আৰু সন্মুখত চকী। বহুতো মানুহ মগ্ন হৈ খেলি আছে। সৰু লোহাৰ বলবোৰ অহৰহ তললৈ সৰি শব্দ সৃষ্টি কৰি আছে।

'সেইবোৰ পাচিংক' মেচিন' কায়ে ক'লে, 'বাহিৰৰ পৰা চালে ইবোৰ একেবাৰে গেম চেণ্টাৰ যেন লাগে, কিন্তু বহুলোকৰ বাবে এয়া কেৱল খেল নহয়, ই দৈনন্দিন জীৱন। পাচিংকো মূলতঃ পিনবল-ধৰণৰ এটা খেল। খেলুৱৈয়ে বল কিনে, মেচিনত পেলায়, আৰু ভাগ্য অনুসাৰে জিকে বা হাৰে। জাপানত জুৱা আইনগতভাৱে নিষিদ্ধ হোৱাৰ বাবে, ইয়াত এটা কৌশলী ব্যৱস্থা আছে—জিকিলে পোৱা বলবোৰ বাহিৰৰ “এক্সচেঞ্জ কাউণ্টাৰ”ত সেইবোৰ নগদ টকাৰ সৈতে পৰোক্ষভাৱে সলনি কৰা হয়। এই ব্যৱস্থাটোৱেই পাচিংকোক এক ধৰণৰ “আইনী জুৱা”ৰ ৰূপ দিছে। যি এবাৰ খেলিছে আসক্ত হৈ পৰিছে!'

জাপানৰ নগৰজীৱনৰ সেই কিছু অদ্ভুত ৰূপে আমাক কিছু বিস্মিত কৰিলে, কিছু আমোদ দিলে। কিন্তু তেতিয়াও যেন আমাৰ বাবে তাতোকৈ এক ডাঙৰ বিস্ময় ৰৈ আছিল। কাইক অনুসৰণ কৰি আমি 'কাবুকিচ্চ' (Kabukicho) নামৰ এটা এলেকাত ভৰি দিলোঁগৈ। কায়ে আঙুলীয়াই দেখুৱালে এটা প্ৰকাণ্ড অট্টালিকাৰ ছাঁদৰ পৰা ওলাই থকা গডজিলাৰ বিশাল মূৰটো। ভাৱ হ'ল যেন হঠাৎ গডজিলা চলচ্চিত্ৰৰ দৃশ্য এটাৰ মাজতে থিয় হৈ আছোঁ। এটা ৰোমাঞ্চকৰ শিহৰণ জাগিল!

অন্য ঠাইৰ দৰে এই এলেকাতো বাটৰ কাষে কাষে ৰেস্তোৰাঁ, জকমকীয়া বিজ্ঞাপন, বাটত আমাৰ দৰেই অনেক পৰ্যটক, কাম শেষ কৰি ওলাই অহা স্থানীয় মানুহ, আৰু নিশাটোক নিজৰ ধৰণে উপভোগ কৰা বিভিন্ন মুখ—সকলো মিলি কাবুকিচ্চ' যে এক জীৱন্ত মঞ্চ! কিন্তু সেইসকলো পৰিচিত ৰূপৰ উপৰি চকুত পৰিল বাটৰ কাষে কাষে মডেলৰ দৰে থিয় দি আছে বহুতো যুৱক-যুৱতী। প্ৰায়বোৰৰ হাতত একোখন প্লেকাৰ্ড, ইংৰাজীত লিখা আছে - ১০০০০ য়েন/ঘণ্টা।

তেওঁলোকৰ পৰা কিছু আঁতৰত ৰৈ কায়ে আমাক ক'লে, 'এই এলেকা প্ৰাপ্তবয়স্কৰ বিনোদনৰ এলেকা। সেই যুৱক-যুৱতী সকলে হোষ্টেছ ক্লাবক টকিঅ'ৰ বাটলৈ উলিয়াই আনিছে। ঘণ্টাৰ হাৰত তেওঁলোকে আপোনাক সংগ দিব, আপোনাৰ সৈতে মদ গিলিব, মুঠতে সেই ঘণ্টাতো আপোনাৰ বাবে উপভোগ্য কৰি তুলিব!'

সেয়া শুনি অ'ছাকাৰ ক্লাববোৰলৈ মোৰ মনত পৰি গ'ল, 'এওঁলোক যৌন কৰ্মীও নেকি?' কাইক সুধিলোঁ।

'ইয়াত থিয় দি থকা সকলো নহয়। জাপানৰ আইন মতে সেয়া নিষিদ্ধ।কিন্তু ইয়াৰ কিছুমান গলিত অবৈধ যৌন ব্যৱসায়ো আছে বুলি শুনোঁ। তেনে বহু ঠাইত কোনো নাম নাথাকে। বন্ধ দুৱাৰৰ সন্মুখত মাথোঁ জিলিকি থাকে ইনফ'ৰমেশ্যনৰ আই চিনটো। বহুতো পৰ্যটকে সেয়া সহায়ৰ চিন বুলিও ভুল কৰি পায়। যেনেকৈয়ে নহওক, এই সকলো কৰ্মীয়ে নিসংগ যেন লগা মানুহক লক্ষ্য কৰি লয়। আপোনাক যদি দেখাত দুখী বা ক্লান্ত যেন লাগে, তেওঁলোকে মাত লগাব, ভাল লগা সময় এখিনি একেলগে কটাবলৈ নিমন্ত্ৰণ জনাব।'

'দেখিয়ে কেনেকৈ সেয়া গম পাব সেয়া?' আমাৰ দলৰ ইটালীৰ পৰা অহা ভাই-ককাই দুজনৰ এগৰাকীয়ে সুধিলে।

'তাৰেই পৰীক্ষা কৰিম এতিয়া!' কায়ে দুষ্টালিৰ হাঁহি এটা মাৰিলে, 'আপোনালোকৰ কাৰ কাৰ সাহস আছে ওলাওক- আমি এজন এজনকৈ সেই কৰ্মী সকলৰ সন্মুখেৰে খোজ কাঢ়ি যাম। কোনোবাই নিমন্ত্ৰণ পাই নেকি চাওঁ!'

আমি প্ৰথমে ইজনে সিজনলৈ চালোঁ। কি কয় আমাৰ গাইডে! কিন্তু ক্ষন্তেক ভাৱি বেৰীয়ে কান্ধ জোকাঁৰি ক'লে, 'হুৱাই নট!' তাৰ পিছত অকলে সেইদিশে আগবাঢ়ি গ'ল।

শলঠেকত পৰাদি পৰি আমিও এজন এজনকৈ সেইদিশে খোজ ল'লোঁ। উজ্বল ৰঙী টপ আৰু মিনি স্কাৰ্টেৰে অনেক যুৱতী, গাত লিপিট খাই থকা টিচাৰ্টেৰে কেইবাগৰাকী যুৱকো। তেওঁলোকৰ সন্মুখেৰে খোজ দি যাওঁতে অনুভৱ কৰিলোঁ, তেওঁলোকে যেন আমাক প্ৰত্যেককে ভৰিৰ পৰা মূৰলৈ পৰীক্ষা কৰি চাইছে। হয়তো জুখি চাইছে আমাৰ কোনোবা সেই মায়াৰ জগতৰ বাবে সাজুনে! নাইবা হয়তো ট্যুৰ গাইডৰ এনে খেলাৰ সৈতে তেওঁলোক ইতিমধ্যে পৰিচিত।

কাইলে যেন ইচ্ছা কৰিয়ে খুউব ধীৰেৰে খোজ দিলে। সেয়ে সি পিছ পৰি ৰ'ল। মোৰ কাষে কাষে খোজ দিলেহি দলৰ অন্য এগৰাকী মহিলাই। বয়স প্ৰায় পঞ্চাছৰ ঘৰত হ'ব কিজানি। অকলশৰীয়া পৰ্যটক।

'বিশ্বাস হোৱা নাই জানানে আমি যে এনেকৈ এওঁলোকৰ সন্মুখেৰে খোজ কাঢ়িছোঁ।' তেওঁ মুখ টিপি হাঁহি হাঁহি ক'লে।

'জাপান ভ্ৰমণৰ ব্যতিক্ৰমী অভিজ্ঞতা আৰু!' মই ক'লোঁ।

পিছৰ ৰেস্তোৰাঁখনত তেওঁৰ মুখামুখিকৈ বহি ভালকৈ চিনাকি হ'লোঁ। তেওঁৰ নাম এনি। ব্ৰিটিছ যদিও কৰ্মসূত্ৰে আজি ছবছৰ মান ধৰি জাপানত আছেহি।

'এয়া আপোনালোকৰ কাৰণে এবিধ নতুন খাদ্য আনিছোঁ- প্ৰ'টিনবিধৰ সোৱাদ লৈ অনুমান কৰকচোন কি হ'ব পাৰে।' কায়ে প্ৰত্যেককে এখনকৈ প্লেট দি ক'লে। কাইৰ কথা শুনি দুগৰাকীমানে মুখত দিবলৈকে সংকোচ কৰিলে। এনিয়ে ক'লে, এনে ৰহস্যময় খাদ্য খাই গা বেয়া কৰিব নোৱাৰোঁ দেই!

টকিঅ'ত জাপানী খাদ্যৰ সোৱাদ লৈ

মোৰ পেটে পেটে কিছু হাঁহি উঠিল- খাদ্যৰ ট্যুৰত আহিও ভিন্ন খাদ্যৰ স্বাদ লোৱাৰ উৎসুকতা নাইনে! কাইল আৰু মই কৌতুহলেৰে চালোঁ।ডিপ ফ্ৰাই কৰা এবিধ প্ৰ'টিন। গতিকে কেৱল চাই ধৰিব নোৱাৰি। পিছে মুখত দিও মাছেই নে মাংসই ক'বলৈ টান হ'ল। সোৱাদটো যেন চিনাকি হ'লেও অচিনাকি। পিছত কায়ে সকলোৰে কৌতুহল ভাঙি ক'লে, সেয়া আচলতে ট্যুনা মাছ! তেতিয়াহে স্বস্তিৰ নিশ্বাস পেলাই বাকীকেইগৰাকীয়ে তাৰ সোৱাদ লৈ চালে।

টকিঅ'ৰ ত্ৰিমাত্ৰিক মেকুৰী

'ইয়াৰ আগতে মই কোৰিয়াৰ চিউলত কাম কৰিছিলোঁ জানা, তেতিয়া প্ৰতি সপ্তাহতে শনিবাৰে ইয়ালৈ গুচি আহোঁ।' এনিয়ে কৈ গ'ল।

'ফুৰিবলৈকে?'

'অঁ জানাই নহয় চিউল কেনে! সেয়ে সময় কটাবলৈকে টকিঅ'লৈ আহোঁ!'

'নাজানোঁ! কিন্তু কোৰিয়ালৈ যোৱাৰ, তাৰ ৰং-ৰূপ চোৱাৰ বহুত হেঁপাহ মোৰ!'

মুখ ফুটাই সেয়া নক'লোঁ। কিন্তু বিভিন্ন ঠাইক লৈ এনিৰ তেনে মন্তব্যবোৰ শুনি আমোদ পালোঁ। ব্যক্তিত্ব অনুসৰি পৰ্যটনৰ ধাৰণা আৰু আকৰ্ষণৰ যে কেনে ভিন্নতা থাকিব পাৰে সেয়া যেন নতুনকৈ উপলব্ধি হ'ল।

শ্বিনজুকুৰ নিয়ন লাইটৰ মাজেৰে আকৌ আমাৰ দলটো আগবাঢ়িল। শ্বিনজুকু ষ্টেচনৰ ওচৰৰ বিশাল চাৰিআলি এটাত থমকি ৰৈ কায়ে ক'লে, 'সকলোৱে সৌ ওপৰলৈ চাওকচোন!' 

দেখা পালোঁ চাৰিআলিৰ কোণতে থকা এটা বিশাল অট্টালিকাৰ একেবাৰে ওপৰৰ দুটা মহলা জুৰি এটা মেকুৰীৰ ছৱি! ত্ৰিমাত্ৰিক মেকুৰীটো দেখাত একেবাৰে সঁচা মেকুৰীৰ দৰে। আমি চাই থাকোঁতেই সি অলস ভাৱে শুই  থকাৰ পৰা এঙামুৰি দি উঠিল, তাৰপিছত তলত কেমেৰা টোঁৱাই ৰৈ থকা মানুহবোৰলৈ চাই পঠিয়ালে। ভাৱ হ'ল যেন এইমাত্ৰ ওপৰৰ পৰা জপিয়াই দিবহি! ইমান জীৱন্ত! কাইৰ পৰা গম পালোঁ, এই ত্ৰিমাত্ৰিক মেকুৰী শ্বিনজুকুৰ এক উল্লেখযোগ্য আকৰ্ষণ।

তাৰেই এটা গলিত বাটৰ কাষৰ ষ্টলত আমি মিঠাইৰ বাবে ৰ'লোঁগৈ। কায়ে আমাৰ হৈ জাপানৰ এবিধ জনপ্ৰিয় মিঠাই টাইয়াকি (Taiyaki) অৰ্ডাৰ কৰিলে। মাছৰ আকৃতিৰ ৱাফ'ল বিধৰ মাজত পছন্দ অনুসৰি বিভিন্ন মিশ্ৰণ ভৰাই দিয়া হয়। 'টাই' নামৰ এটা মাছবিধ জাপানত সৌভাগ্যৰ প্ৰতীক বাবেই হেনো মিঠাইবিধৰ এই জনপ্ৰিয়তা। কাইলে ৰঙা বীন পেষ্ট ল'লে। মই চখতে অৰ্ডাৰ কৰিলোঁ চকলেট দি কৰা টাইয়াকি। মিঠা যদিও অতিপাত মিঠা নহয়। মাছৰ ৱাফল আৰু ভিতৰৰ  মিশ্ৰণৰ সোৱাদ মিলি বৰ জুতিলগা।

টকিঅ'ৰ বহু ঠাইৰ খাদ্য আৰু আকৰ্ষণীয় ঠাইৰ তথ্য-পাতি দি কায়ে তাতে ট্যুৰৰ সামৰণি মাৰিলে। সন্ধিয়াৰ আৰম্ভণিতে অহা বিৰাগৰ সলনি এইবাৰ কৃতজ্ঞতাৰে তেওঁক মই বিদায় জনালোঁ।

টকিঅ'ত গডজিলাৰ আক্ৰমণ!