Showing posts with label প্ৰকৃতি. Show all posts
Showing posts with label প্ৰকৃতি. Show all posts

Saturday, 20 September 2025

বিজ্ঞানৰ দৃষ্টিত লোকবিশ্বাস

'সৌৱা গংগাচিলনীয়ে মাতিছে, এইবাৰ বানপানী হ'বই হ'ব'- শৈশৱতে বাৰিষাৰ আকাশেদি টি-টিয়াই উৰি যোৱা গঙাচিলনী এহাললৈ আঙুলীয়াই সমনীয়াই কৈছিল।  

'আজি কাউৰীয়ে বৰকৈ ৰমলিয়াইছে দেই- আলহী আহিব কিজানি!'- পেহীয়ে খদমদমকৈ পাকঘৰত যা-যোগাৰত লাগিছিল। 

'ক'লা মেকুৰীয়ে বাট কাটিলে, আজি ক'লৈকো নাযাওঁ আৰু।' -দেউতা আধা বাটৰ পৰাই ঘৰলৈ উভতিছিল। 

স্মৃতিয়ে ঢুকি পোৱা প্ৰথম দিনটোৰ পৰাই এনেকৈ আমি সকলোৱে পৰিয়াল আৰু সমাজৰ পৰা লোকবিশ্বাসৰ শিক্ষা লৈ আহিছোঁ। যুগ যুগ ধৰি প্ৰচলিত হৈ অহা এই লোকবিশ্বাসবোৰ আমাৰ বাবে জীৱনটো আৰু এই পৃথিৱীখন বুজি পোৱাৰ এক আধাৰ হৈ আহিছে। সময়ৰ পৰিক্ৰমাত তাৰে কিছুমান হয়তো দৃঢ় হৈছে, কিছুমান পাহৰণিৰ গৰ্ভত হেৰাই গৈছে। কিন্তু কেতিয়াবা সুধি চাইছেনে, এই লোকবিশ্বাসবোৰৰ আঁৰত বৈজ্ঞানিক যুক্তিযুক্ততা কিমান? বা কেনেকৈনো এই বিশ্বাসবোৰ গঢ় লৈ উঠিব পাৰে? আহকচোন, এনে কিছু লোকবিশ্বাসৰ আঁত বিচাৰি যাওঁ আৰু বিজ্ঞানে কি কয় জানো-

১) কাউৰীয়ে ৰমলিয়ালে আলহী আহে

এয়া হয়তো অসমত বহুলভাৱে প্ৰচলিত লোকবিশ্বাসবোৰৰ এটা। প্ৰকৃততে কাউৰীৰ সৈতে জড়িত এনে বহু লোকবিশ্বাস কেৱল অসমতে নহয়, সমগ্ৰ বিশ্বতে প্ৰচলিত হৈ আহিছে। ভাৰতীয় লোকগাথাত কাউৰীক পূৰ্বপুৰুষৰ দূত বুলি গণ্য কৰা হয়। জাপানৰ শ্বিন্টো পৌৰাণিক কাহিনীতো কাউৰীক এক ঐশ্বৰিক দূত হিচাপে উল্লেখ কৰিছে। সেয়ে হয়তো ঘৰৰ ওচৰত কাউৰীয়ে ৰমলিয়ালে পূৰ্বপুৰুষৰ আত্মাই ভ্ৰমণ কৰিছে বা কোনোবা আহি আছে বুলি বহুতে ধাৰণা কৰে।


উৎস: ৱিকিকমন্স

বৈজ্ঞানিক গৱেষণাই দেখুৱাইছে যে কাউৰী অতি বুদ্ধিমান আৰু সামাজিক চৰাই। কাউৰীয়ে ৰমলিউৱাৰ বিভিন্ন কাৰণ থাকিব পাৰে। সাধাৰণতে ই মানুহ বা অন্য জন্তু দেখিলে আগন্তুক বিপদৰ বিষয়ে অন্য কাউৰীক সতৰ্ক কৰি দিবলৈ (alarm call), নিজৰ ঠাই বা ভুখণ্ড প্ৰতিপন্ন কৰিবলৈ (Territorial call), ইটোৱে সিটোৰ সৈতে যোগাযোগ কৰিবলৈ (communication call) ৰমলিয়ায়। ভালকৈ মন কৰিলে এই বিভিন্ন মাতবোৰৰ পাৰ্থক্য আপুনিও শুনা পাব। গতিকে, যেতিয়াই আপোনাৰ ঘৰৰ ওচৰত কাউৰীয়ে ৰমলিয়ায়, প্ৰায়ে তাৰ আঁৰত এই কাৰণবোৰ লুকাই থাকে। কেতিয়াবা হয়তো পথচাৰীক দেখি মাত দিয়াৰ পিছত কাকতালীয় ভাৱে সেই পথচাৰী আপোনাৰ আলহী হৈছেহি। কিন্তু বিজ্ঞানৰ দৃষ্টিত এই দুয়োটা ঘটনা কাকতালীয়হে, কাউৰীয়ে ৰমলিউৱাৰ লগত আলহী অহাৰ কোনো পোনপটীয়া সম্পৰ্ক নাই। 

২) এযোৰা শালিকা দেখিলে দিনটো শুভ হয়

উৎস: ৱিকিকমন্স
শৈশৱতে স্কুললৈ যোৱাৰ পৰত প্ৰায়ে ঘৰৰ চৌহদত বা আলিবাটত দুচকুৱে যুৰীয়া শালিকাৰ সন্ধান কৰিছিল। কেনেবাকৈ কেৱল এটা শালিকা দেখা পালে তৎক্ষণাৎ ওচৰে-পাজৰে দ্বিতীয়টো শালিকা বিচাৰিছিলোঁ। কাৰণ এটাই, এযোৰা শালিকা একেলগে দেখা মানেই দিনটো ভালেৰে যাব। পিছত গম পালোঁ,  কেৱল অসমতে নহয়, ভাৰত আৰু শ্ৰীলংকাৰ বহু ঠাইত এই লোকবিশ্বাস বহুলভাৱে প্ৰচলিত।  

শালিকা সামাজিক চৰাই। ইহঁতে প্ৰায়ে যোৰা পাতি বা গোট বান্ধি চৰে। তাতে শালিকা মানুহৰ আশে পাশেই থাকে। গতিকে আমি প্ৰায়ে ইহঁতক যুৰীয়াকৈ দেখাৰ সম্ভাৱনাই বেছি। বন্যজীৱ বিজ্ঞানে দেখুৱাইছেো যে ইহঁতে প্ৰায়ে জীৱনলৈ যোৰা পাতে- অৰ্থাৎ মতা আৰু মাইকী শালিকাবোৰ একপত্নিক (Monogamous)। হয়তো আমাৰ পূৰ্বপুৰুষে প্ৰকৃতিৰ দৈনন্দিন পৰ্য্যবেক্ষণৰ পৰা  এইবিষয়ে জানিছিল আৰু সেয়ে হয়তো এযোৰা শালিকা শুভ লক্ষণ বুলি বিশ্বাস উপজিছিল। বিজ্ঞানৰ দৃষ্টিত এযোৰা শালিকা দেখা পোৱাটো চৰাইৰ প্ৰাকৃতিক আচৰণৰ প্ৰতিফলন, কোনো আলৌকিক চিন নহয়। যদিও ই ভাগ্য বা ভৱিষ্যতৰ পৰিঘটনাৰ ওপৰত কোনো প্ৰভাৱ নেপেলায়, সাংস্কৃতিক ভাৱে ইয়াৰ অৰ্থ ইতিবাচক আৰু বহু লোকগাথাত এনে যোৰা সমন্বয়, প্ৰেম আৰু সম্পূৰ্ণতাৰ সূচক।

৩) ক'লা মেকুৰীয়ে বাট কটিলে যাত্ৰা ভংগ হয়

উৎস: ৱিকিকমন্স
ক'লা মেকুৰীক লৈ বহুতো লোকবিশ্বাস অসমকে ধৰি বিশ্বৰ প্ৰায়বোৰ অঞ্চলত প্ৰচলিত হৈ আহিছে। মধ্যযুগীয় ইউৰোপত ক’লা মেকুৰীক ডাইনী আৰু দুষ্ট আত্মাৰ প্ৰতীক বুলি ভৱা হৈছিল। সময়ৰ লগে লগে ক'লা মেকুৰীয়ে দুৰ্ভাগ্য মাতে বুলি বিশ্বাস গঢ় লৈ উঠিল। কিন্তু অন্য কিছুমান সংস্কৃতিত ক’লা মেকুৰীৰ স্থান তাৰ বিপৰীত। উদাহৰণস্বৰূপে, জাপানী লোকগাথাত ক’লা মেকুৰীয়ে বিশেষকৈ মহিলাৰ বাবে সৌভাগ্য কঢ়িয়াই আনে বুলি বিশ্বাস কৰে। তেনেকৈ, স্কটিছ পৰম্পৰাত কাৰোবাৰ ঘৰলৈ ক’লা মেকুৰী এটা অহা মানে সমৃদ্ধিৰ চিন বুলি ধৰা হয়। 

বৈজ্ঞানিক গৱেষণাই দেখুৱাইছে যে মেকুৰীৰ ক’লা ৰংটো জিনগত উৎপৰিৱৰ্ত্তন (genetic mutation) ৰ ফলত ইউমেলানিন নামৰ ৰঞ্জক উৎপন্ন কৰাৰ বাবে হয়। এই ৰঞ্জকে মেকুৰীৰ গাৰ নোম ক'লা কৰে। ক'লা মেকুৰীৰ আচৰণ অন্য যিকোনো ৰঙৰ সাধাৰণ মেকুৰীৰ দৰেই। ইহঁতৰ মাজত ৰহস্যময় একো নাই। 

মেকুৰী এটাই বিভিন্ন কাৰণত বাট পাৰ হ'ব পাৰে। উদাহৰণস্বৰূপে চিকাৰ বা সংগীৰ সন্ধানত বা ইয়াৰ থকা ঠাইলৈ যাবলৈ বা বিপদ আৰু অন্য জন্তুৰ পৰা পলাবলৈ।প্ৰকৃততে মানুহে বন্ধা আলিবাট মেকুৰীৰ যাত্ৰাত এক বাধাহে। গতিকে ক’লা বা যিকোনো ৰঙৰ মেকুৰী এটাই আপোনাৰ আগেদি বাট পাৰ হ'লে আপোনাৰ জীৱনত ভাল বা বেয়া কিবা এটা ঘটাৰ কোনো বৈজ্ঞানিক প্ৰমাণ পোৱা নাযায়। আনকি এঢাপ আগবাঢ়ি ক'ব পাৰি যে, মানুহে বাট কাটিলে ক'লা মেকুৰীৰ বাবেহে অমংগল হ'ব পাৰে। কাৰণ ক'লা হোৱাৰ বাবে চকুত নপৰিলে গাড়ী-মটৰৰ চেপাত সিহতঁৰহে অপমৃত্যুৰ আশংকা বেছি!

৪) আপোনাৰ দেহত পখিলা পৰিলে শুভ

পখিলা বা প্ৰজাপতিক লৈ অসমত বহুধৰণৰ লোকবিশ্বাস আছে। ইয়াৰ বেছিভাগেই ইতিবাচক। বিশেষকৈ কাৰোবাৰ দেহত পখিলা পৰিলে শুভ বুলি প্ৰায়ে শুনোঁ। ক'ৰৱাত আকস্মিকভাৱে পখিলা এটা আহি আপোনাৰ হাত, মুখ বা কান্ধত ৰং-বিৰঙী পখিলা এটা আহি পৰিলে এনেয়ে ভাল লাগিব, নহয়নে? গতিকে সেই ভাল লগা মুহূৰ্তটোৱেই শুভ। কাৰণ বিজ্ঞানৰ দৃষ্টিত এয়া এক প্ৰাকৃতিক পৰিঘটনা, কোনো আলৌকিক ভৱিষ্যতবাণী নহয়।

বৈজ্ঞানিক তথ্য অনুসৰি পখিলাক বিভিন্ন প্ৰাকৃতিক কাৰকে আকৰ্ষণ কৰিব পাৰে। আপোনাৰ দেহত পৰিবলৈ আকৰ্ষিত কৰা এনে কিছুমান কাৰক হ'ল, আপোনাৰ কাপোৰৰ উজ্জ্বল ৰং, শৰীৰৰ উষ্ণতা, আপুনি লৈ যোৱা কোনো সুগন্ধিময় ক্ৰীম বা পাৰফিউম, আনকি আপোনাৰ ঘামত থকা নিমখ আৰু খনিজ পদাৰ্থ৷ এই কাৰকসমূহ পখিলা এটিৰ জীৱনৰ বাবে খুবেই প্ৰয়োজনীয় হ'ব পাৰে। গতিকে আপোনাৰ দেহত পখিলা এটা আহি পৰাটো পৰিৱেশৰ কাৰকৰ ফলত হোৱা এক যাদৃচ্ছিক, স্বাভাৱিক পৰিঘটনা — কোনো আলৌকিক ভৱিষ্যতবাণী নহয়।

উৎস: https://depositphotos.com

৫) ফেঁচাৰ নিউ নিউ মাত মৃত্যুৰ ভৱিষ্যতবাণী

ফেঁচা বুলিলেই আমাৰ বহুতৰে মন অজানিতে শিয়ৰি উঠে। ফেঁচাক লৈ জন্ম হৈছে নানা লোককথা আৰু অন্ধবিশ্বাসৰ ৷ গভীৰ নিশা ফেঁচাৰ নিউ নিউ মাত শুনিলে বহুতৰে মন মৃত্যুৰ আশংকাত ভীতিবিহ্বল হৈ পৰে৷ কেৱল অসমতে নহয়, দেশ-দেশান্তৰৰ লোকবিশ্বাস আৰু কৃষ্টিত ফেঁচাই অতীজৰে পৰা এই অবাঞ্চিত ভূমিকা লাভ কৰি আহিছে৷ 

অসমত বিছ বিধ ফেঁচাৰ প্ৰজাতি দেখা পোৱা যায়৷ ইয়াৰে ভয়ংকৰ বুলি লোকবিশ্বাসত গণ্য কৰা প্ৰজাতিটো হৈছে Forest-Eagle Owl৷ বহুতে ভাবে, ইয়াৰ এশ এটা মাত আছে৷ বিভিন্ন সময়ত মানুহক বিভিন্ন বাৰ্তা বা আগজাননী দিবলৈ ই বেলেগ বেলেগ মাত ব্যৱহাৰ কৰে৷ কথাটো একধৰণে সঁচা৷ কিন্তু, ডাঙৰ ভুল ধাৰণাটো হৈছে, ই মানুহক আগজাননী দিবলৈ বেলেগ বেলেগ মাত নুলিয়ায়, প্ৰকৃততে নিজৰ উদেশ্যৰ বাবেহে বেলেগ বেলেগ মাত দিয়ে৷ ঘৰৰ ছালত বা আশে পাশে গছৰ ডালত পৰি ‘নিউ নিউ’ মাতেৰে প্ৰকৃততে ফেঁচাই মানুহক মৃত্যুৰ আগজাননী নিদিয়ে৷ লগৰীয়াৰ সৈতে যোগাযোগহে কৰে৷ এনে মাত বিশেষ সময়তহে শুনিবলৈ পোৱাৰ কাৰণ হ’ল, প্ৰজননৰ সময়তহে সচৰাচৰ ই এনে গান গায়৷ ইয়াৰ সৈতে মানুহৰ ভাগ্য বা অকাল মৃত্যুৰ কোনো সম্পৰ্ক নাই।

প্ৰচলিত মতবাদ মতে, প্ৰাচীন ৰোমত যুদ্ধৰ সময়ত সৈনিকে ফেঁচাৰ মাত অনুকৰণ কৰি শত্ৰুৰ আক্ৰমণৰ সংকেত দিছিল ৷ ফলত ইয়ে এক অমংগলৰ প্ৰতীক ৰূপে ৰৈ গ’ল৷ ফেঁচাৰ দেহৰ অনুপাতে প্ৰকাণ্ড চেপেটা মুখ, ডিঙি ঘুৰাই চাব পৰা ক্ষমতা, নিশাচৰ অভ্যাস সকলো মিলি যেন ইহঁতক মানুহৰ দৃষ্টিত ৰহস্যময় কৰি তোলে৷ ইহঁতে প্ৰায়ে গাৱেঁ-ভূঞে থকা পুৰণি আৰু বৃহৎ গছত নিশা খাদ্য বা লগৰীয়াৰ সন্ধানত পৰেগৈ৷ সেয়ে এনে ঠাইৰ পৰা ভাঁহি অহা মাতৰ বাবে মানুহে ফেঁচাক অপশক্তিৰ বাহক বুলি গণ্য কৰিবলৈ ল’লে যেন ভাব হয়৷ 

লোকবিশ্বাসৰ আধাৰ হৈছে চাৰিওকাষৰ পৰিঘটনাৰ পৰ্যবেক্ষণ আৰু সেইবোৰ ব্যাখ্যা কৰাৰ বাবে মানুহৰ চিৰন্তন প্ৰচেষ্টা। অতীজৰে পৰা মানুহে প্ৰকৃতিৰ বিভিন্ন ঘটনা বা পৰিৱৰ্তন লক্ষ্য কৰিছে আৰু তাৰ কাৰণ বা মানুহৰ জীৱনত তাৰ পৰা পৰিব পৰা প্ৰভাৱ বিচাৰ কৰি চাইছে। গতিকে কাকতালীয়ভাৱে ঘটা দুটা ঘটনাৰ এনে সংযোগ উলিয়াই মানুহে নিজৰ জীৱন সুৰক্ষিত কৰাৰ চেষ্টা কৰে- অপায়-অমংগলৰ পৰা হাত সাৰি থকাৰ চেষ্টা কৰে।

মনোবিজ্ঞানৰ মতে লোকবিশ্বাসৰ অন্য এক কাৰণ হ'ল, নিশ্চিতকৰণ পক্ষপাতিত্ব (Confirmation bias)। নিশ্চিতকৰণ পক্ষপাতিত্ব সৃষ্টি হয় যেতিয়া মানুহে নিজৰ ইতিমধ্যে থকা এটা বিশ্বাসক নিশ্চিত কৰা পৰিঘটনাবোৰ লক্ষ্য কৰে আৰু মনত ৰাখে, কিন্তু সেই বিশ্বাসৰ সৈতে সামঞ্জস্য নথকা যিকোনো কথা আওকাণ কৰে। উদাহৰণস্বৰূপে, ক’লা মেকুৰী এটাই আপোনাৰ বাট কটাৰ পিছত যদি কিবা বেয়া হয় তেন্তে সেইটো আপোনাৰ মনত থাকে। কিন্তু যদি একো নহয় (বা ভাল কিবা এটা হয়), তেন্তে সেইটো পাহৰি যায় — কাৰণ সেইটোৱে ইতিমধ্যে থকা আপোনাৰ বিশ্বাসটোক সমৰ্থন নকৰে। তেনেদৰে কাউৰীয়ে ৰমলিয়ালে, সেইদিনাই আলহী আহিল- আপোনাৰ বিশ্বাসটো দৃঢ় হৈ পৰিল। কিন্তু যদি কাউৰীয়ে ৰমলিয়ালে কিন্তু কোনো নাহিল- গতিকে আপুনিও হয়তো সেই কথা পাহৰি পেলালে। শৈশৱৰে পৰা লৈ অহা এনে যিকোনো লোকবিশ্বাসৰ আঁত বিচাৰি চাবচোন- ইয়াৰ সাংস্কৃতিক আৰু বৈজ্ঞানিক সূত্ৰই নিজকে আৰু এই পৃথিৱীকো নতুনকৈ চিনাৰ বাট মুকলি কৰিব পাৰে।

প্ৰকৃতিৰ সৈতে জড়িত এনে কোনো লোকবিশ্বাস আপুনিও লৈ আহিছে নেকি? তলত মন্তব্য দি জনাব পাৰে। তেনে যিকোনো লোকবিশ্বাসৰ বৈজ্ঞানিক সূত্ৰ বিচৰাৰ চেষ্টা কৰি চাম!

Monday, 31 March 2025

কাউৰীৰ অসাধাৰণ বুদ্ধিমত্তা

ঈছপৰ সাধুৰ তৃষ্ণাতুৰ কাউৰীটোৰ কথা আপোনাৰ মনত আছেনে? গ্ৰীষ্মৰ দিন এটাত কাউৰী এটাই চাৰিওদিশে পানী বিচাৰি হাহাঁকাৰ কৰি আছিল। এনেতে তাৰ চকুত পৰিল এটা মাটিৰ কলহ। ওচৰ পাই দেখে যে কলহৰ তলিত কণমান পানী আছে কিন্তু তাৰ ঠোঁটেৰে সেয়া ঢুকি নাপায়গৈ। চতুৰ কাউৰীটোৱে ক্ষন্তেক ভাবি উৰা মাৰিলে। তাৰপিছত এঠাইৰ পৰা ঠোঁটেৰে সৰু সৰু শিলগুটি এটা এটাকৈ তুলি আনি কলহটোত পেলাবলৈ আৰম্ভ কৰিলে। যিমানেই শিলগুটি পৰিল, কলহৰ তলিৰ পানীও অলপ অলপকৈ ওপৰলৈ উঠি আহিবলৈ ধৰিলে। আৰু এটা সময়ত কাউৰীটোৱে কলহৰ মুখলৈ উঠি অহা পানী খাই আয়াসেৰে পিয়াহ পলুৱাবলৈ সক্ষম হ'ল। 

ঈছপৰ সাধুৰ কাউৰীটো; উৎস: মিল' ৱিণ্টাৰ

বছৰ বছৰ ধৰি এই উপকথাটো ধৈৰ্য্য আৰু উপস্থিত বুদ্ধিৰ চানেকি এক নৈতিক কাহিনী হিচাপে প্ৰচলিত হৈ আহিছে। তাৰ লগতে ই জনমানসত কাউৰীৰ চতুৰালি এক কিংবদন্তীৰূপে প্ৰতিষ্ঠা কৰাত সহায় কৰি আহিছে। পিছে কাউৰীৰ বুদ্ধিমত্তা কেৱল এনে উপকথাতে সীমাবদ্ধ নহয়। শেহতীয়া বৈজ্ঞানিক গৱেষণাই দেখুৱাইছে যে  ইহঁত সঁচা অৰ্থতে অবিশ্বাস্যভাৱে বুদ্ধিমান চৰাই। সঁজুলি ব্যৱহাৰ কৰাৰ অপূৰ্ব ক্ষমতাৰ বাবে কাউৰী বৰ্তমান বান্দৰজাতীয় প্ৰাণীৰ পিছতেই প্ৰাণীজগতৰ আটাইতকৈ বেছি বুদ্ধিমত্তা সম্পন্ন প্ৰাণী বুলি পৰিগণিত হৈছে৷ 

দীৰ্ঘদিন ধৰি সঁজুলি ব্যৱহাৰ কৰাটো মানৱ সমাজৰ এক অনন্য বৈশিষ্ট্য বুলি গণ্য কৰা হৈছিল। সভ্যতাৰ আৰম্ভণিতে চিকাৰ কৰা সঁজুলিৰ পৰা আৰম্ভ কৰি ক্ৰমাগতভাৱে বহু জটিল সঁজুলিৰ উদ্ভাৱন আৰু ব্যৱহাৰে মানুহক সভ্যতাৰ পথত তড়িৎ গতিৰে আগুৱাই লৈ গৈছিল। কিন্তু বৰ্তমান গৱেষণাই প্ৰমাণ কৰিছে যে এইক্ষেত্ৰত মানুহ অকলশৰীয়া নহয়, বহু জীৱ-জন্তুৱেও দৈনন্দিন জীৱনত সঁজুলি ব্যৱহাৰ কৰে। উদাহৰণস্বৰূপে, চিম্পাঞ্জীয়ে মাছ ধৰিবলৈ ডাল-পাত আৰু কিছুমান শগুনে উটপক্ষীৰ কণী ভাঙিবলৈ শিলগুটি ব্যৱহাৰ কৰে। কিন্তু এই চতুৰ জীৱবোৰৰ ভিতৰত কাউৰীৰ স্থান এখোপ ওপৰত। কাৰণ প্ৰাথমিক সঁজুলিৰ ব্যৱহাৰত পাৰ্গত হোৱাৰ উপৰিও কাউৰীয়ে উপস্থিত বুদ্ধিৰে বহুতো জটিল সমস্যা-সমাধান আৰু জটিল সঁজুলি ব্যৱহাৰ কৰাৰ প্ৰমাণ পোৱা গৈছে৷ উদাহৰণস্বৰূপে, দক্ষিণ প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ নিউ কেলেডোনিয়া দ্বীপৰ স্থানীয় কাউৰীবোৰ ডাল-পাত, কাঠ আদিৰে সঁজুলি নিৰ্মাণ কৰাৰ ক্ষমতাৰ বাবে জনাজাত। সিহঁতে এই সঁজুলিবোৰ ব্যৱহাৰ কৰি ঈছপৰ সাধুৰ কাউৰীটোৰ দৰেই গছৰ গাঁতৰ পৰা পোক-পৰুৱা আৰু পলু উলিয়াই আনে।

নিউ কেলেডোনিয়া দ্বীপৰ স্থানীয় কাউৰী এটাই সৰু লাঠি ব্যৱহাৰ কৰি খাদ্য বিচাৰে। উৎস: গৱেষণা পত্ৰ  

দৰাচলতে বিজ্ঞানীসকলে নিউ কেলেডোনিয়ান কাউৰীৰ ওপৰত আজি কেইবা দশক ধৰি অধ্যয়ন কৰি আহিছে। অক্সফ'ৰ্ড বিশ্ববিদ্যালয়ৰ বিজ্ঞানী এলেক্স কেচলিক আৰু তেওঁৰ দলে  বেটী নামৰ কাউৰীজনীৰ বাবে এটা থিয় কাঁচৰ নলীত খাদ্য থৈ এটা পৰীক্ষা কৰিছিল। সেই খাদ্য উলিয়াই আনিবলৈ বেটীক দিয়া হৈছিল এডাল পোন তাঁৰ। বেটীয়ে প্ৰথমে তাঁৰেৰে খাদ্যবিধ তুলি আনিবলৈ কেইবাবাৰো চেষ্টা কৰিলে। তাৰপিছত তাঁৰডাল বাহিৰলৈ আনি বেঁকা কৰি হুক এটাৰ ৰূপ দিলে। এইবাৰ সেই বেঁকা হুকৰ সহায়ত বেটীয়ে নলীৰ পৰা খাদ্য উলিয়াই আনি সকলোকে বিস্ময়াভূত কৰি পেলালে। ইয়াৰ আগতে কোনোধৰণৰ তাঁৰ ব্যৱহাৰ কৰি নোপোৱা বেটীৰ এই বুদ্ধিমত্তা মানুহৰ বাহিৰে অন্য কোনো প্ৰাণীৰ ক্ষেত্ৰতে দেখা নাযায়। গতিকে এই গৱেষণাই কাউৰীৰ বুদ্ধিমত্তাৰ ক্ষেত্ৰত যুগান্তকাৰী অৱদান আগবঢ়ালে। বেটীৰ এই কৃতিত্ব ইমানেই তাৎপৰ্যপূৰ্ণ আছিল যে বেটীৰ নামত এটা ডাক টিকটৰো প্ৰচলন হ'ল। 


পৃথিৱীৰ বিভিন্ন ঠাইত প্ৰায় ৪৩ বিধ কাউৰীৰ প্ৰজাতি পোৱা যায়। দক্ষিণ আমেৰিকা আৰু এণ্টাৰ্কটিকাৰ বাহিৰে সমগ্ৰ পৃথিৱীতে বিভিন্ন পৰিৱেশত নিজকে খাপ খোৱাই লৈ এই কাউৰীবোৰে জীৱন নিৰ্বাহ কৰিছে। আমাৰ গাঁৱে-ভূঞে-চহৰে-নগৰে দেখা পোৱা পাটিকাউৰীটোকে কেতিয়াবা ভালদৰে মন কৰিবচোন! ঈছপৰ সাধুৰ কাউৰীটোৰ দৰেই ইহঁতৰো বুদ্ধিমত্তাৰ প্ৰমাণ আপুনি নিজেই হয়তো দেখা পাব।  

তথ্যউৎস:

Monday, 20 March 2023

অসমৰ মাছৰোকা চৰাইবোৰ

অসমৰ খাল, বিল বা নৈৰ আশে পাশে গছৰ ডালত বা জেওৰা খুঁটিত বহি পানীলৈ একান্তমনে চাই জোপ লৈ থকা মাছৰোকা চৰাইটোলৈ কেতিয়াবা মন কৰিছেনে?  চিকাৰ চকুত পৰিলে ই পানীৰ ঠিক ওপৰতে উৰি থাকি  লক্ষ্য নিৰ্ধাৰণ কৰে আৰু পিছমুহূৰ্ততে ৰকেটৰ দৰে ছোঁ মাৰি পানীলৈ  নামি যায়। মাছৰোকাৰ এই বিশেষ উৰণ (hovering) অসমৰ বহু জলাশয়ত চিনাকি দৃশ্য। কিন্তু আপুনি জানেনে, ভাৰতত থকা ১৩ বিধ মাছৰোকাৰ ভিতৰত দহটা প্ৰজাতি আমাৰ অসমতে দেখা পোৱা যায়? আহকচোন, এই ৰং বিৰঙী চৰাইবিধৰ বৈচিত্ৰ্যময় জগতখনত এভুমুকি মাৰি চাওঁ। 

মাছৰোকা চৰাই কেনেকৈ চিনিব? আটাইতকৈ সহজ উপায় হৈছে, চৰাইটোৰ ৰঙকে ধৰি অন্য শাৰীৰিক বৈশিষ্ট্যবোৰ মন কৰা।প্ৰায়বোৰ মাছৰোকাৰ দেহত উজ্জ্বল সেউজীয়া, নীলা আৰু কমলা ৰঙৰ সমাহাৰ দেখা পাব। মাছৰোকা চৰাইৰ মূৰটো ডাঙৰ।নেজ প্ৰায়ে চুটি।ঠোঁটটো ডেগাৰৰ দৰে দীঘল আৰু জোঙা। ইয়াৰ ঠোঁটটো চিকাৰৰ বাবে বিশেষভাৱে নিৰ্মিত। ঠোঁটটোৰ আকাৰ বায়ুগতিবিদ্যাৰ ফালৰ পৰা এনে এৰ'ডাইনেমিক যে ই জোপ লৈ থকা ঠাইৰ পৰা চিকাৰৰ ফালে তীব্ৰ গতিৰে যাব পাৰে। ডুব দিয়াৰ সময়তো এই আকাৰে পানীৰ ছিটিকনি কমোৱাত সহায় কৰে। এইবাবেই মাছৰোকাৰ ঠোঁটৰ আৰ্হি জাপানৰ বুলেট ট্ৰেইনতো অনুকৰণ কৰিছে। 

বগা-কণীয়া মাছৰোকা (Credit-Nejib Ahmed)

চিকাৰ কৰিবৰ বাবে মাছৰোকাৰ দুচকুৰ বিশেষভাৱে অভিযোজন হৈছে। ইহঁতৰ দৃষ্টিত দূৰবীক্ষণ ক্ষমতা আছে। ইয়াৰ উপৰিও চকুত নিচিটেটিং মেমব্ৰেন (nictitating membrane) নামৰ এবিধ পতা থাকে যি পানীৰ তলত আমি পিন্ধা চছমাৰ দৰে কাম কৰি দুচকুক সুৰক্ষা দিয়ে। 

মেৰু অঞ্চল আৰু কিছুমান শুকান মৰুভূমিৰ বাহিৰে বিশ্বৰ প্ৰায়বোৰ ঠাইতে মাছৰোকা চৰাই আছে। সমগ্ৰ বিশ্বত মুঠ ৯৩ টা ৰং-বিৰঙী মাছোৰোকাৰ প্ৰজাতি পোৱা যায়৷ অসমত পোৱা প্ৰজাতি কেইটাৰ আকাৰ, দেহৰ বৰণ আৰু সিহঁতৰ বাসস্থান লক্ষ্য কৰিলে সহজে চিনিব পাৰি। সাধাৰণতে নৈ, বিল-পুখুৰীৰ পাৰৰ কোনো গছৰ ডালত দেখা পোৱা সৰু নীল-সেউজীয়া মাছোৰোকাবিধৰ নাম নীলা মাছৰোকা (Common Kingfisher)। সততে দেখিবলৈ পোৱা অন্য এবিধ ডাঙৰ আকাৰৰ মাছৰোকা হ'ল বগা-বুকুৱা মাছৰোকা (White-throated Kingfisher)। নামটোৰ দৰেই ইহঁতৰ মূগা দেহত বুকুৰ বগা দাগটো জিলিকি থাকে।বৰঠুটিয়া মাছৰোকা (Stork-billed Kingfisher) আকৌ তাতোকৈ ডাঙৰ।  ইয়াৰ উজ্জ্বল ৰঙা ঠোঁট আৰু মূগাবৰণীয়া মূৰটো সহজে চকুত পৰে। এই চৰাইটো সাধাৰণতে নদী বা ডাঙৰ পুখুৰীৰ পাৰত দেখা পোৱা  যায়।  

বগা-বুকুৱা মাছৰোকা (Credit- Ali Arsh)

নীল-সেউজীয়া ৰঙৰ সলনি কেৱল ক'লা আৰু বগা ৰঙ থকা মাছৰোকাবিধ হ'ল পখৰা মাছৰোকা (Pied Kingfisher)। ইয়াৰ মূৰত অকণমানকৈ মুকুট বা চূড়া এটি থাকে। ইয়াৰ দৰে দেখিবলৈ সাইলাখ একে অন্য এবিধ মাছৰোকা হ'ল ক্ৰেষ্টেড মাছৰোকা (Crested Kingfisher)। এইবিধ চৰাই পখৰা মাছৰোকাতকৈ আকাৰত কিছু ডাঙৰ। এই দুয়োবিধ মাছৰোকাই সাধাৰণতে খৰস্ৰোতা জুৰি বা নৈৰ পাৰত বাস কৰে।  অসমত দেখা পোৱা অন্য প্ৰজাতিবোৰ হ'ল ব্লাইথ মাছৰোকা (Blyth's Kingfisher), বগা-কণীয়া মাছৰোকা (Blue-eared Kingfisher), বাওনা মাছৰোকা (Black-backed Dwarf Kingfisher),  ক'লা-টুপীৰ মাছৰোকা (Black-capped Kingfisher) আৰু ৰঙচুৱা মাছৰোকা (Ruddy Kingfisher)। ইহঁতৰ প্ৰায়বোৰকে মূলত: ডাঙৰ গছ থকা হাবিতলীয়া জান-জুৰিৰ কাষত বা অৰণ্যত দেখিবলৈ পোৱা যায়। 

মাছৰোকাই পিছে মাছৰ বাহিৰেও বিভিন্ন ধৰণৰ খাদ্য খায়। জলাশয়ৰ কাষত পোৱা জিঞাঁ, পোক-পৰুৱা, গুবৰুৱা, কেঁকোৰা, বেং, মকৰা আদি ইহঁতৰ প্ৰিয় খাদ্য। মাছৰোকা প্ৰায়ে অকলশৰে থাকে। ইহঁতে নিজৰ থকা ঠাইখন অন্য চৰাইৰ পৰা জোৰদাৰ ৰক্ষা কৰি চলে।বসন্তৰ এনে দিনবোৰত পিছে মাছৰোকাই সংগীৰ সন্ধান কৰে। মতা মাছৰোকাই প্ৰায়ে ঠোঁটত মাছ লৈ মাইকী চৰাইজনীৰ কাষ চাপে। যোৰ পাতিলে দুয়ো মিলি জলাশয়ৰ কাষৰ বালিয়া মাটিত বা গছৰ খোৰোঙত বাহ পাতে। মাইকী মাছৰোকাই বাহত ৩-৬ টা শুভ্ৰ কণী পাৰে আৰু দুয়ো পাল পাতি কণীবোৰ  উমনী দিয়ে। পোৱালীবোৰ তিনি-চাৰি মাহ ধৰি খুৱাই দুয়ো মিলি ডাঙৰ কৰে। 

পোৱালিৰ প্ৰতিপালনৰ ক্ষেত্ৰত পখৰা মাছৰোকাই  আকৌ এক আমোদজনক আচৰণ দেখুৱায়৷ পখৰা মাছৰোকাৰ বাহত মাক-দেউতাকৰ উপৰিও ওচৰ সম্পৰ্কীয় চৰায়ে পোৱালি ডাঙৰ-দীঘল কৰাত সহায় কৰে৷ এনেধৰণে নিজৰ পোৱালি নোহোৱা স্বত্বেও পৰিয়ালৰ সম্পৰ্কীয় কণমানিহঁতৰ লালন পালনত যত্ন লোৱা পৰিঘটনাটোক সহযোগিতামূলক প্ৰজনন (co-operative breeding) বুলি কোৱা হয়৷ গৱেষণাৰ তথ্য অনুসৰি বিশ্বৰ প্ৰায় ৯% চৰাই অৰ্থাৎ প্ৰায় ৮০০ বিধ চৰাইৰ ক্ষেত্ৰত এই আচৰণ দেখা যায়৷ নতুনকৈ বাহ সাজিবলৈ প্ৰয়োজনীয় ঠাইৰ অভাৱ আৰু নতুনকৈ প্ৰজননক্ষম হোৱা অনভিজ্ঞ চৰায়ে স্বাধীনভাৱে থকাৰ বাবে হ’বলগীয়া সংকটৰ পৰা ৰক্ষা পোৱা আদিয়ে ইয়াৰ মূল কাৰণ।

মাছৰোকাৰ এই বৈচিত্ৰ্যময় জীৱনৰ বিভিন্ন দিশকলৈ বৈজ্ঞানিক গৱেষণা চলি আছে আৰু নিতৌ ন ন তথ্য পোহৰলৈ আহিছে। অসমৰ থলুৱা মাছৰোকা চৰাইবোৰ পৰ্য্যবেক্ষণ কৰি আমি প্ৰকৃতিৰ এই বিনন্দীয়া জগতখন সুবাস ল'ব পাৰোঁ আৰু প্ৰকৃতি সংৰক্ষণৰ বাবে এখোঁজ আগবঢ়াব পাৰোঁ।

পখৰা মাছৰোকা (Credit- Saumitra Newalkar)



Saturday, 21 May 2022

চৰাই চিনাৰ কিটিপ (১)

'বগলী এ বগা ফোঁট দি যা দি যা'

আকাশেদি উৰি যোৱা বগলীজাকলৈ চাই আপুনি বাৰু কেতিয়াবা বগা ফোঁট বিচাৰি পাইছেনে? চৰাইৰ কিচিৰ মিচিৰ মাতে কোনোবা চিকুণ পুৱা আপোনাক জগাই দিছেহিনে? নাইবা নীলিম আকাশত ভ্ৰমি ফুৰা চৰাই এটিলৈ চাই কল্পনা কৰিছেনে, এদিন আপুনিও উৰিব পৰা হ'লে? এনে বিভিন্ন ধৰণে ৰঙীন আৰু বৈচিত্ৰ্যময় চৰাইবোৰ আমাৰ দৈনন্দিন জীৱনৰ অংগ, কবি-সাহিত্যিকৰ সৃষ্টিৰ উৎস আৰু মনোৰম  প্ৰকৃতিৰ ধ্বজাবাহক। সেইবাবেই চৰাই পৰ্যবেক্ষণ দেশে-বিদেশে বৰ্তমান এক জনপ্ৰিয় চখ বা হবী হৈ পৰিছে। এই চখ পূৰাবলৈ কোনো বয়স, সময় বা অৰ্হতাৰ সীমা নাই। প্ৰয়োজন নাই কোনো বিশেষ সঁজুলিৰ বা অন্য খৰচৰো। এই চখ গঢ়িবৰ বাবে প্ৰয়োজন মাথোঁ প্ৰকৃতিৰ অপূৰ্ব ৰূপ উপভোগ কৰাৰ বাবে কিছু সময় আৰু আগ্ৰহ। আহকচোন চাওঁ কেনেকৈ? 

প্ৰথমেই আপোনাৰ প্ৰশ্ন হ'ব পাৰে, চৰাই ক'ত চাব? সহজ উত্তৰটো হ'ল,  আপুনি য’তেই নাথাকক, য'লৈকে নাযাওক প্ৰায় সকলো ঠাইতে অলপ মন কৰিলেই চৰাই চাব পাৰে। আপোনাৰ ঘৰৰ চোতালতে হয়তো প্ৰতিদিনে কাউৰী, শালিকা, ঘৰচিৰিকা, বুলবুলি আদি বহুকেইবিধ চিনাকি চৰায়ে দেখা দিয়েহি। এদিন পুৱাতে কিছুপৰ তাতে বহি লৈ মন কৰকচোন, কিমানবিধ বেলেগ বেলেগ চৰাই দেখা পাইছে?   

ঘৰচিৰিকা চৰায়ে পানীত ওমলিছে (উৎস)

আমি যেনেকৈ আলহীক ঘৰলৈ আদৰি নিওঁ, চাহ-পানী যাচোঁ, তেনেকৈ বহু চৰাইকো আপুনি নিজৰ ঘৰলৈ আদৰিব পাৰে।  অলপ কষ্ট কৰিয়ে আপোনাৰ বাৰীখন চৰাইৰ বাবে আকৰ্ষণীয় কৰি তুলিব পাৰে। চোতালৰ অলপ মুকলি ঠাইত বহলকৈ মুখৰ পাত্ৰ এটাত পানী অলপ ৰাখি চাওকচোন। ঘৰচিৰিকা আৰু বুলবুলিৰ দৰে কিছুমান চৰায়ে গৰমকালি তেনে পাত্ৰত গা ধুই, পানী খাই খেলা কৰিবলৈ ভাল পায়। তেনেদৰে বাৰীত ফুল, জোপোহা বা গছ ৰুই চৰাইৰ খোৱা বস্তু বিচাৰিবলৈ আৰু বাহ সাজিবলৈ সুবিধা কৰি দিব পাৰে। 

 ওলমাই ৰাখিব পৰা চৰাইৰ খাদ্যভঁৰাল (উৎস)

মানুহৰ ঘৰে-বাৰীয়ে দেখা পোৱা চৰাইৰ বাহিৰেও অন্য বহু চৰাই আছে যিবোৰ কেৱল বিশেষ পৰিৱেশতহে দেখা যায়। এই চৰাইবোৰে কিছুমান নিৰ্দিষ্ট বাসস্থান বা চৰণীয়া ঠাই পছন্দ কৰে। উদাহৰণস্বৰূপে, আপুনি নৈ, পুখুৰী বা জলাশয়ৰ ওচৰত বহু ধৰণৰ হাঁহ, মাছোৰোকা বা বগলী আদি চৰাই দেখা পাব। তেনেদৰে হাবি বা অৰণ্যৰ ওচৰে পাঁজৰে দেখা পাব ৰূপহী বা বাৰীসুন্দৰী আদি চৰাইবোৰ।গতিকে যেতিয়াই আপুনি ভিন্ন পৰিৱেশত চৰাই চাবলৈ আৰম্ভ কৰিব, সিহঁতৰ ৰং-ৰূপৰ অপাৰ বৈচিত্ৰ্যও লাহে লাহে আপোনাৰ চকুত ধৰা দিবহি। 

চৰাই কেনেকৈ বিচাৰি উলিয়াব? তাৰ মূল উপায় দুটা- দেখি আৰু শুনি। বেছিভাগ ডাঙৰ বা মজলীয়া জোখৰ চৰাই হয়তো পোনেই আপোনাৰ চকুত পৰিব। নৈপৰীয়া কোনোবা ঠাইত ক'লা পাখি দুখন মেলি ৰ'দ লৈ থকা পানীকাউৰীটো বা দ'লনিত গোঁজ মাৰি ৰোৱা পানী বগলীটো আপোনাৰ দুচকুত হয়তো সহজেই ধৰা দিবহি। অৱশ্যে দূৰৈৰ চৰাই চাবলৈ বাইন'কুলাৰ 
এটা থাকিলে বেছি সুবিধা। পিছে বহুতো চৰাই আকৌ দেখা পোৱাৰ আগতেই হয়তো আপুনি সিহঁতৰ মাত শুনিব। বিশেষকৈ কিছুমান কণমানি আৰু লাজকুৰীয়া চৰাই চিনাৰ মূল উপায় হ'ল সিহঁতৰ সুকীয়া মাতবোৰ চিনা। বাৰীৰ জোপোহাৰ মাজৰ পৰা অহৰহ মাতি থকা টিপচী চৰাইটো দেখা পোৱাৰ আগতেই আপুনি এনেকৈ চিনিব পাৰিব।

টিপচী চৰাইটি দেখিছে নে শুনিছে? (উৎস)

দেখি বা শুনি আপুনি চৰাই এটা বাৰু ঠিকেই বিচাৰি পালে। পিছে চৰাইটোৰ নামটো জনাৰ উপায় কি? তাৰবাবে সহজ উপায় হ'ল পক্ষী নিৰীক্ষণৰ হাতপুথিবোৰ। এনে কিছুমান জনপ্ৰিয় হাতপুথি হ’ল সৌম্যদ্বীপ দত্তৰ 'অসমৰ চৰাই পৰ্যবেক্ষণৰ হাতপুথি', ৰিচাৰ্ড গ্ৰিমেট, কেৰ'ল ইনস্কিপ আৰু টিম ইনস্কিপৰ ‘বাৰ্ডছ অৱ দ্য ইণ্ডিয়ান চাবকন্টিনেণ্ট’, চেলিম আলীৰ ‘দ্য বুক অৱ ইণ্ডিয়ান বাৰ্ডছ’ আদি। তাৰ লগতে বৰ্তমান স্মাৰ্টফোনত ইনষ্টল কৰিব পৰা ভালেসংখ্যক এপ যেনে ইবাৰ্ড (ebird), আই নেচাৰেলিষ্ট (iNaturalist) আদিত এনে চৰাইৰ ফটো, নাম আৰু মাতৰো সন্ধান কৰিব পাৰি।

চৰাই চিনাৰ সহায়ক হাতপুথি

চৰাই চোৱা আৰু চিনাৰ বাবে অন্য কিছুমান দৰকাৰী কিটিপ হ'ল-
  • পুৱা আৰু বিয়লি বেলা চৰাই চোৱাৰ বাবে অতি উত্তম সময়। এইখিনি সময়তে বেছিভাগ চৰাই আটাইতকৈ সক্ৰিয় হৈ থাকে। গতিকে সিহঁতক বিচাৰি উলিয়াবলৈ সহজ হয়।
  • চৰাই চাবলৈ ওলাই গ’লে সৰু বহী এখন আৰু কলম এটাও লৈ যাবলৈ চেষ্টা কৰক। অচিনাকি চৰাই এটা দেখা পালে ইয়াৰ আকাৰ, আকৃতি বা ৰঙৰ বিষয়ে মন কৰি লিখি ৰাখিবলৈ চেষ্টা কৰক। যদি আপুনি অঁকি ভাল পায়, তেন্তে চৰাইটোৰ এখন মোটামুটি ছৱিও আঁকি পেলাব পাৰে। পিছত সেয়া হাতপুথিৰ ছৱিৰ লগত মিলাই চিনিবলৈ সহজ হয়।
  • কিছুমান চৰাই দেখা পোৱা ঠাই আৰু আচৰণৰ পৰাও চিনিবলৈ সহজ হয়। উদাহৰণস্বৰূপে, বালিমাহী চৰাইবোৰে নেজডাল অনবৰতে লৰাই থাকে। তেনেকৈ নাচনী চৰায়ে আকৌ প্ৰায়ে নেজডাল জাপানী বিচনীখনৰ দৰে মেলি ধৰে। গতিকে এনে আচৰণবোৰৰ পৰা চৰাইবিধৰ নাম উলিয়াবলৈ সুবিধা হয়।  
  • চৰাই চোৱাৰ বাবে স্থানীয় গোট থাকিলে তাতো যোগ দিয়ক। যদি আপোনাৰ অঞ্চলত এনে কোনো গোট নাই, তেন্তে আপুনি নিজেই আগ্ৰহী লোকৰ এনে এটা দল গঠন কৰক।একেলগে চৰাই চাবলৈ যাওক বা আপুনি দেখা পোৱা নতুন চৰাইবোৰৰ বিষয়ে কথা পাতক। দেখিব, কম দিনৰ ভিতৰতে চৰাই চিনাৰ চখ যথেষ্ট উপভোগ্য হৈ পৰিছে।  
  • চৰাইৰ ৰং, আকৃতি আৰু আকাৰৰ ক্ষেত্ৰত পাৰ্থক্য থাকিলেও সিহঁতৰ শৰীৰৰ মৌলিক অংশবোৰ একে। শৰীৰৰ এই অংশৰ নামবোৰ জানিলেও চৰাইবিধ চিনাত যথেষ্ট সহায় হয়। পৰৱৰ্ত্তী খণ্ডত এইবিষয়ে অধিক জানিবলৈ পাব। 

Thursday, 12 May 2022

জৈৱসাংস্কৃতিক বৈচিত্ৰ্য আৰু ইয়াৰ সংৰক্ষণ

১৯৯৫ চন। আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউ মেক্সিক' চহৰ। তাৰে স্থানীয় বিশ্ববিদ্যালয়খনত  অনুষ্ঠিত হোৱা এক আলোচনাচক্ৰত অংশ ল'বলৈ আহিছিল লুইছা মাফি (Luisa Maffi) নামৰ ইটালিয়ান বিজ্ঞানীগৰাকী। মাফিয়ে তাৰ মাথোঁ এবছৰৰ পূৰ্বে ভাষা আৰু নৃতত্ববিজ্ঞানত ডক্টৰেট ডিগ্ৰী লাভ কৰিছে। তাৰ উপৰিও সেইসময়ত তেওঁ পৰিৱেশ  আৰু জীৱবিজ্ঞানৰ প্ৰতি অত্যন্ত আগ্ৰহী।

ড° লুইছা মাফিয়ে অংশ লোৱা আলোচনাচক্ৰ (Symposium on Language Loss and Public Policy)ৰ বিষয় আছিল হেৰাই যাব খোজা খিলঞ্জীয়া ভাষাবোৰ। তাত উপস্থিত থকা বহুতো ভাষাবিজ্ঞানীয়ে থলুৱা ভাষাৰ সংকটৰ বিষয়ে আলোচনা কৰিলে। তেনেদৰে নৃতত্ববিজ্ঞানীসকলে আশংকা প্ৰকাশ কৰিলে খিলঞ্জীয়া কৃষ্টি-সংস্কৃতি বিপন্ন হোৱাক লৈ। পৰিৱেশ আৰু জৈৱবৈচিত্ৰ্য ধ্বংসৰ বিষয়টোও ইতিমধ্যে এক জলন্ত সমস্যা হৈ পৰিছে। এইসম্পৰ্কীয় আলোচনাবোৰ শুনি ড° মাফি চিন্তাত ডুব গ'ল। তেওঁ অনুভৱ কৰিলে যেন এই সকলোবোৰৰ মাজৰ এক সহজাত আন্ত:সম্পৰ্কৰ কথা এতিয়াও আলোচনাৰ পৰা বাদ পৰি ৰৈছে। 

ড° মাফিৰ এই ধাৰণাকে যেন সত্য বুলি প্ৰতিপন্ন কৰিলে সেই আলোচনাচক্ৰৰ এগৰাকী বক্তাই।  ডেভিদ হাৰ্মন (David Harmon) নামৰ এই জীৱবিজ্ঞানী গৰাকীয়ে তেওঁৰ নিজা গৱেষণাৰ উল্লেখ কৰি ক'লে যে পৃথিৱীৰ জৈৱবৈচিত্ৰ্য আৰু ভাষাৰ বিচিত্ৰতাৰ মাজৰ সম্পৰ্কৰ বিষয়ে পূৰ্ণাংগ গৱেষণা আৰু বিশ্লেষণৰ থল আছে।

সেই মুহূৰ্তটোৱে হৈ পৰিল ড° মাফিৰ পৰৱৰ্তী জীৱনৰ বাবে এক নতুন পথ নিৰ্দেশনা। বক্তৃতা শেষ হোৱাৰ লগে লগে তেওঁ এক মুহুৰ্তও বিলম্ব নকৰাকৈ হাৰ্মনক লগ ধৰিলেগৈ। নিজৰ চিনাকি দিয়ে তেওঁ উত্তেজিতভাৱে ক'লে,

'আপোনাৰ লগত মোৰ ভালকৈ কথা পতাৰ দৰকাৰ!' 

তেওঁলোকৰ আলোচনাৰ বিষয়টোৱে অন্য কেইবাগৰাকী বিজ্ঞানীৰো দৃষ্টি আকৰ্ষণ কৰিলে। অলপ সময়ৰ ভিতৰতে তেওঁলোকৰ চাৰিওফালে বিজ্ঞানীৰ এটা সৰু জুম বান্ধিল। ৰাতিৰ সাঁজ খোৱালৈকে তেওঁলোক গভীৰ আলোচনাত মগ্ন হৈ পৰিল। আনকি খোৱামেজত কোনো কোনোজনে খোৱাৰ মাজে মাজে নেপকিনতে লিখিবলৈ আৰম্ভ কৰিলে। সেইনিশা বিজ্ঞানীৰ দলটো একমত হ'ল যে ভাষা, সংস্কৃতি আৰু পৰিৱেশ তিনিওটাই ইটোৱে সিটোৰ লগত পাৰস্পৰিকভাৱে সম্বন্ধ থকা বিষয়। গতিকে পৃথক বিষয় হিচাপে অধ্যয়ন কৰাৰ সলনি এই তিনিওটাৰে সামগ্ৰিকভাৱে গৱেষণাৰ প্ৰয়োজন। 

সেই আলোচনাৰ পৰাই জন্ম হ'ল এক নতুন ধাৰণাৰ- জৈৱসাংস্কৃতিক বৈচিত্ৰ্য (biocultural diversity)। প্ৰকৃততে ভাষা, সংস্কৃতিৰ বৈচিত্ৰ্য আৰু জৈৱবৈচিত্ৰ্য সকলোবোৰ এই পৃথিৱীত জীৱনৰ বৈচিত্ৰ্য (Diversity of life) ৰে একো একোটা ৰূপ। আদিম কালৰে পৰা পৃথিৱীৰ ভিন্ন পৰিৱেশত বাস কৰা মানুহৰ ভাষা আৰু সংস্কৃতিৰ একেলগে বিৱৰ্তন হৈছে। সময়ৰ লগে লগে পৰিৱৰ্তিত পৰিৱেশৰ সৈতে মানুহ আৰু মানুহৰ ভাষা আৰু সংস্কৃতিয়েও একেলগে খাপ খুৱাই লৈছে। খিলঞ্জীয়া জাতিসমূহৰ পৰম্পৰাগত জ্ঞান (Traditional Ecological knowledge) হ'ল পৰিৱেশৰ সৈতে মানুহৰ এনে অভিযোজনৰ এক উদাহৰণ। 

জৈৱসাংস্কৃতিক বৈচিত্ৰ্যৰ ধাৰণা জন্ম হোৱাৰ পৰা যোৱা পঁচিছটা বছৰত এই ক্ষেত্ৰখন গৱেষণালব্ধ তথ্যই যথেষ্ট সমৃদ্ধ কৰিছে। শেহতীয়া গৱেষণাই দেখুৱাইছে যে পৃথিৱীত জৈৱবৈচিত্ৰ্য আৰু পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত সংকটৰ সন্মুখীন হোৱা অঞ্চলবোৰত থলুৱা ভাষা আৰু সংস্কৃতিও বিপদাপন্ন (চিত্ৰ ১)। উত্তৰ-পূব ভাৰতো ইয়াৰে এক জলন্ত উদাহৰণ।ইয়াৰ কাৰণ হ'ল জৈৱবৈচিত্ৰ্যৰ ক্ষেত্ৰত পৃথিৱীৰ সকলোতকৈ চহকী গ্ৰীষ্মপ্ৰধান অঞ্চলসমূহত মানুহৰ জনবসতিও অধিক। কাৰণ এই অঞ্চলসমূহত পৰ্য্যাপ্ত প্ৰাকৃতিক সম্পদৰ বাবে কম পৰিসৰতে বহুতো মানুহে থুপ পাতি বাস কৰিবলৈ সক্ষম হৈছিল। এনে গোটসমূহত ভিন্ন ভাষা আৰু সংস্কৃতিৰো বিকাশ সম্ভৱপৰ হ'ল। উত্তৰ-পূব ভাৰতৰ পৰ্বতীয়া অঞ্চলসমূহত দেখা পোৱা জনজাতীয় ভাষা আৰু সংস্কৃতিৰ বৈচিত্ৰ্য এনে এক প্ৰক্ৰিয়াৰে নামান্তৰ। 

চিত্ৰ ১: পৃথিৱীত উদ্ভিদৰ বৈচিত্ৰ্য আৰু বিভিন্ন ভাষাৰ বৈচিত্ৰ্যৰ এক মানচিত্ৰ (উৎস: Stepp et al. 2004)

জৈৱসাংস্কৃতিক বৈচিত্ৰ্য বৰ্তমান ঘোৰ সংকটত। এহাতে মানৱ ইতিহাসত অভূতপূৰ্ব এক দ্ৰুত হাৰত প্ৰকৃতিৰ ধ্বংস হৈছে যাৰ পৰিণতিত আজি  প্ৰায় এক মিলিয়ন উদ্ভিদ আৰু প্ৰাণীৰ প্ৰজাতি বৰ্তমান বিলুপ্তিৰ পথত৷ আনহাতে বিভিন্ন প্ৰান্তত খিলঞ্জীয়া ভাষা, কৃষ্টি-সংস্কৃতিও হেৰাই যোৱাৰ উপক্ৰম হৈছে। উদাহৰণস্বৰূপে, বিশ্বত মাতৃভাষা ক'ব পৰা লোকৰ সংখ্যাৰ ভিত্তিত কৰা এক বিশ্লেষণত ধৰা পৰিছে যে ১৯৭০ চনৰ পৰা বিশ্বৰ ভাষাৰ বৈচিত্ৰ্যতা ২০% হ্ৰাস পাইছে। তাৰ লগে লগে হেৰাই গৈছে খিলঞ্জীয়া ভাষাত সঞ্চিত হৈ থকা প্ৰকৃতি আৰু সংস্কৃতি সম্পৰ্কীয় মূল্যৱান পৰম্পৰাগত জ্ঞানৰ ভাণ্ডাৰ। বিপদাপন্ন হৈছে প্ৰকৃতিৰ সৈতে মানুহৰ সহজাত সম্পৰ্কও। গতিকে জীৱনৰ এই সামগ্ৰিক বৈচিত্ৰ্যতা ৰক্ষা কৰিবলৈ হ'লে জৈৱবৈচিত্ৰ্যৰ লগতে থলুৱা ভাষা-সংস্কৃতিকো বিপন্ন হোৱাৰ পৰা ৰক্ষা কৰাৰ প্ৰয়োজন।


চিত্ৰ ২: নাগালেণ্ডৰ জুম খেতি আৰু খেতিয়ক

জৈৱসাংস্কৃতিক বৈচিত্ৰ্য সংৰক্ষণৰ বাবে আন্ত:ৰাষ্ট্ৰীয় পৰ্য্যায়ত ইতিমধ্যে বিভিন্ন কাৰ্য্যসূচী লোৱা হৈছে। এইক্ষেত্ৰত আগভাগ লৈছে অষ্ট্ৰেলিয়া, কানাডা, আমেৰিকা যুক্তৰাষ্ট্ৰ আদি দেশে। বিশেষকৈ আমেৰিকাৰ হাৱাই দ্বীপত জৈৱসাংস্কৃতিক বৈচিত্ৰ্যৰ পুনৰুদ্ধাৰ (Biocultural Restoration)ৰ বাবে খিলঞ্জীয়া জাতিসমূহে অহোপুৰুষাৰ্থ কৰি আহিছে। তেওঁলোকে ঠাই, জীৱ-জন্তুৰ থলুৱা নামৰ উদ্ধাৰৰ পৰা খিলঞ্জীয়া উপায়েৰে পৰিৱেশ সংৰক্ষণৰ ব্যৱস্থা লৈছে। এই উপায়সমূহে মানুহৰ দৈনন্দিন জীৱনৰ লগতে প্ৰকৃতিকো সমৃদ্ধ কৰাৰ প্ৰমাণ শেহতীয়া গৱেষণাই দিছে। উদাহৰণস্বৰূপে, তাৰ খিলঞ্জীয়া জাতিসমূহৰ বাবে সাংস্কৃতিকভাৱে গুৰুত্বপূৰ্ণ জীৱ-জন্তুৰ সংৰক্ষণে প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষাতো সহায় কৰিছে। তেনেদৰে লুইছা মাফিয়ে জন্ম দিয়া 'টেৰালিংগুৱা' নামৰ প্ৰতিষ্ঠানটোৱেও বিশ্বৰ বিভিন্ন কোণৰ বিজ্ঞানী আৰু খিলঞ্জীয়া জাতি-জনজাতিৰ নেতৃত্বত জৈৱসাংস্কৃতিক বৈচিত্ৰ্য সংৰক্ষণৰ বাবে নিৰলস প্ৰচেষ্টা চলাই আহিছে। 

উত্তৰ-পূব ভাৰত ভাষা, সংস্কৃতি আৰু প্ৰাকৃতিক বৈচিত্ৰ্যৰ ক্ষেত্ৰত অতুলনীয়। এই অঞ্চলটো পূব হিমালয় আৰু ইণ্ডো-বাৰ্মা দুয়োটা  জৈৱ বৈচিত্ৰ্যৰ উল্লেখ্য স্থান (biodiversity hotspot) ৰ অন্তৰ্ভুক্ত। তেনেদৰে দুশৰো অধিক খিলঞ্জীয়া জাতি-জনজাতিয়ে আদিম কালৰে পৰা এই অঞ্চলত বাস কৰি আহিছে। একেসময়তে বিভিন্ন কাৰকৰ প্ৰভাৱত উত্তৰ-পূবৰ জৈৱবৈচিত্ৰ্য আৰু ভাষা-সংস্কৃতি বৰ্তমান সংকটৰ মুখামুখি হৈছে। এই পৰিপ্ৰেক্ষিতত বিশ্বৰ অন্য প্ৰান্তৰ দেশসমূহে লোৱা জৈৱসাংস্কৃতিক পুনৰুদ্ধাৰৰ পদক্ষেপসমূহ উত্তৰ-পূব ভাৰতৰ বাবেও খুবেই প্ৰাসংগিক হৈ পৰিছে। উত্তৰ-পূবৰ প্ৰকৃতি আৰু ভাষা-সংস্কৃতিৰ সামগ্ৰিক সংৰক্ষণৰ বাবেও বৰ্তমান প্ৰয়োজন হৈছে অন্য এগৰাকী লুইছা মাফিৰ।

তথ্যউৎস:

  • https://terralingua.org/
  • Maffi, L., & Woodley, E. (2012). Biocultural diversity conservation: a global sourcebook. Routledge.
  • Maffi, L. (2005). Linguistic, cultural, and biological diversity. Annu. Rev. Anthropol.34, 599-617.
  • Gorenflo, L. J., Romaine, S., Mittermeier, R. A., & Walker-Painemilla, K. (2012). Co-occurrence of linguistic and biological diversity in biodiversity hotspots and high biodiversity wilderness areas. Proceedings of the National Academy of Sciences, 109(21), 8032-8037.
  • Henson, L., Balkenhol, N., Gustas, R., Adams, M., Walkus, J., Housty, W., ... & Darimont, C. (2021). Convergent geographic patterns between grizzly bear population genetic structure and Indigenous language groups in coastal British Columbia, Canada. Ecology and Society26(3).
  • Winter, K., Ticktin, T., & Quazi, S. (2020). Biocultural restoration in Hawaiʻi also achieves core conservation goals. Ecology and Society25(1).

Thursday, 10 March 2022

অসমীয়া ভাষাত বিজ্ঞান চৰ্চা

প্ৰাচীন কালৰে পৰা অসমত বিজ্ঞান চৰ্চাৰ ইতিহাস পোৱা যায়৷ মধ্যযুগত কোঁচৰাজ্যত মাটিৰ জোখ-মাখ আৰু ৰজাঘৰীয়া হিচাপ-পত্ৰ ৰাখিবৰ বাবে কায়স্থসকলে গণিতৰ এটা নতুন পদ্ধতিৰ বিকাশ কৰিছিল৷ এই বিশেষ ধাৰাটো কাইথেলী অংক নামেৰে জনাজাত হৈ পৰিছিল৷ এই অংকবোৰ  প্ৰায়ে সাঁথৰ, পদ্য বা সাধু একোটাৰ দৰে হোৱাত সাধাৰণ ৰাইজৰ বাবে এই পদ্ধতিটো ব্যৱহাৰ কৰিবলৈ সহজ হৈছিল৷ প্ৰথমতে এই অংকবোৰ মানুহৰ মুখে মুখে প্ৰচলিত হৈ আহি পিছলৈ কায়স্থ পণ্ডিতসকলৰ চেষ্টাত লিখিত ৰূপ লয়৷ 

তেনে এজন পণ্ডিত বকুল কায়স্থই কোঁচৰজা নৰনাৰায়ণৰ সৌজন্যত ১৮৩৮ চনমানত ’কিতাবত মঞ্জৰী’ নামৰ কাইথলী অংকৰ কাব্য গ্ৰন্থখন ৰচনা কৰিছিল৷ এইখনেই অসমীয়া ভাষাত প্ৰকাশিত প্ৰথম বিজ্ঞান বিষয়ক গ্ৰন্থ বুলি জনা যায়৷ পৰৱৰ্ত্তী সময়ত কবিৰত্ন দ্বিজৰ ’লীলাৱতী’,  কবিৰাজ চক্ৰৱৰ্তীৰ ‘অংকৰআৰ্য্যা’, ’ভাস্বতী’, সুকুমাৰ বৰকাথৰ ‘হস্তী-বিদ্যাৰ্ণৱ-সাৰ সংগ্ৰহ’ আৰু  ‘ঘোঁৰানিদান’ আদি গ্ৰন্থই ব্যৱহাৰিক জ্ঞানৰ লগতে বিজ্ঞান বিষয়ক বিষয়বস্তুৰ লিখিত ৰূপ দিয়াত বৰঙণি যোগায়৷

ঊনবিংশ শতিকাৰ তৃতীয় দশকৰ পৰা অসমলৈ অহা খ্ৰীষ্টান মিছনেৰীসকলে অসমীয়া ভাষা-সাহিত্যলৈ আগবঢ়োৱা অৱদানৰ বিষয়ে আমি সকলোৱে জানো৷ তেওঁলোকে অসমীয়া ভাষাৰ অন্য বিষয়ৰ কিতাপ-আলোচনীৰ লগতে ভালেসংখ্যক বিজ্ঞান সম্পৰ্কীয় গ্ৰন্থও প্ৰকাশ কৰিছিল৷ এওঁলোকৰ ভিতৰত বিশেষকৈ নাথান ব্ৰাউনৰ অৱদান উল্লেখযোগ্য৷ তেওঁ বকুল কায়স্থৰ ‘কিতাবত মঞ্জৰী’কিতাপখন ‘পদগণিত’ আৰু ‘লীলাৱতী’ নামেৰে দুটা ভাগত বিভক্ত কৰি প্ৰকাশ কৰে। তেনেদৰে ব্ৰাউনে প্ৰকাশ কৰা ‘ভূগোল শিক্ষক’ নামৰ গ্ৰন্থখন অসমীয়া ভাষাৰ প্ৰথম ভূগোল বিষয়ক গ্ৰন্থ৷ এই সময়ছোৱাত মিছনেৰীসকলৰ উদ্যোগত সেইসময়ত প্ৰকাশ পোৱা অন্য কেইখনমান উল্লেখযোগ্য গ্ৰন্থ হ’ল ‘সমাচাৰ চন্দ্ৰিকা’, ‘পদাৰ্থ বিদ্যাসাৰ’, ‘বিজ্ঞানৰ বাৰেমতৰা’ ইত্যাদি৷

খ্ৰীষ্টান মিছনেৰীসকলৰ উদ্যোগতে ১৮৪৬ চনত প্ৰকাশ পাইছিল প্ৰথম অসমীয়া আলোচনী ‘অৰুণোদই’৷ অৰণোদয়ে প্ৰথম প্ৰকাশৰ পৰাই বিজ্ঞান বিষয়ৰ লেখা প্ৰকাশত গুৰুত্ব দিছিল৷ এই লেখাবোৰত নেজাল তৰা, গ্ৰহ, প্ৰিন্টিংপ্ৰেছ, পৃথিৱী, ৰক্তপৰিসঞ্চৰণ তন্ত্ৰ আদিৰ পৰা কাকতি ফৰিঙলৈকে বিভিন্ন বিষয়ৰ ওপৰত আলোচনা হৈছিল৷ তাৰপিছত প্ৰকাশ পোৱা বিভিন্ন আলোচনী যেনে ’জোনাকী’, ’বিজুলী’, ’আৱাহন’ , ‘আসাম বন্ধু, ‘মৌ, ‘ঊষা, ‘আসাম বান্ধৱ, ‘বাঁহী’, ‘ৰামধেনু’ আদিয়েও বিজ্ঞান বিষয়ক লেখা প্ৰকাশত যথেষ্ট গুৰুত্ব দিছিল। উদাহৰণস্বৰূপে, ‘ৰামধেনু’ত ’বিজ্ঞান বিচিত্ৰা’ নামেৰে এটা শিতান নিয়মীয়াকৈ প্ৰকাশ পাইছিল৷ অৱশ্যে অসমীয়া ভাষাত প্ৰকাশিত প্ৰথম বিজ্ঞান বিষয়ক আলোচনীখন হ’ল ’পশু পালন’৷ তেনেদৰে ৰসায়ন বিজ্ঞান বিষয়ক প্ৰথম অসমীয়া আলোচনী খন হ’ল ড৹ পবিত্ৰ কুমাৰ শৰ্মাৰ সম্পাদনাত প্ৰকাশ পোৱা ’ৰসায়ন শিক্ষা’৷ 


বৰ্তমান অসমত বিজ্ঞান চৰ্চাৰ পৰিৱেশ গঢ়ি তোলাৰ ক্ষেত্ৰত অসম বিজ্ঞান সমিতিৰ অৱদান যথেষ্ট গুৰুত্বপূৰ্ণ৷ ১৯৫৩ চনত প্ৰতিষ্ঠা হোৱা অসম বিজ্ঞান সমিতিৰ বৰ্তমান সমগ্ৰ অসমত এশৰো অধিক শাখা আছে৷ এই সমিতিয়ে বিজ্ঞানৰ জনপ্ৰিয়কৰণৰ কাৰণে বিভিন্ন প্ৰশিক্ষণ, কৰ্মশালা, সভা আদি অনুষ্ঠিত কৰি আহিছে আৰু বিজ্ঞান বিষয়ক ভালেসংখ্যক কিতাপো প্ৰকাশ কৰিছে৷ এই সমিতিয়ে ১৯৬১ চনৰ পৰা প্ৰকাশ কৰি অহা ’বিজ্ঞান জেউতি’ বৰ্তমান অসমীয়াত প্ৰকাশ পোৱা বিজ্ঞান বিষয়ক আলোচনীৰ ভিতৰত অন্যতম৷ 

সাম্প্ৰতিক সময়ত বিজ্ঞানক অসমীয়া ৰাইজৰ মাজলৈ লৈ যোৱাৰ ক্ষেত্ৰত বহু কেইজন বিশিষ্ট লেখকে গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই আহিছে৷ এওঁলোকৰ ভিতৰত ড° দীনেশ চন্দ্ৰ গোস্বামী, ড° কুলেন্দু পাঠক, ক্ষীৰধৰ বৰুৱা, ডিম্বেশ্বৰ চলিহা, ড° শ্যামাপ্ৰসাদ শৰ্মা, অভিজিত শৰ্মা বৰুৱা, জয়ন্তী চুতীয়া, ড° যজ্ঞেশ্বৰ হাতীবৰুৱা, ড° চন্দ্ৰমোহন শৰ্মা, ড° বসন্ত ডেকা, ড° ৰমেশ চন্দ্ৰ গোস্বামী আদি চিনাকি নাম৷ ড° দীনেশ চন্দ্ৰগোস্বামী, ড° বিজয়কৃষ্ণদেৱ শৰ্মা, ড° লক্ষ্ণীনন্দন বৰা, শান্তনু তামুলী, ৰথীন্দ্ৰনাথ গোস্বামী, ৰঞ্জু হাজৰিকা, চাকিল জামাল আৰু বন্দিতা ফুকনৰ লেখাসমূহে অসমীয়া কল্পবিজ্ঞানৰ সাহিত্য সমৃদ্ধ কৰিছে্৷ অসমত ‘ছাইন্টুন’ বা বিজ্ঞান কাৰ্টুন অংকনৰ ক্ষেত্ৰত পথ প্ৰদৰ্শক হ’ল ক্ষীৰধৰ বৰুৱা। তেনেদৰে ড° বিজয়কৃষ্ণ দেৱ শৰ্মাৰ ‘চন্দ্ৰলোকত প্ৰথম মানুহ’ (১৯৬৯) প্ৰথম অসমীয়া  কল্পবিজ্ঞানভিত্তিক উপন্যাস৷  

শিশুসকলৰ বাবে অসমীয়াত বিজ্ঞান বিষয়ক লেখা বা কিতাপ-আলোচনী আদি এতিয়াও যথেষ্ট  সীমিত৷ ১৯৯৩ চনত ৰোহিণী কুমাৰ বৰুৱাৰ ’বিজ্ঞানৰ সাধু’ খনেই প্ৰথম শিশু বিজ্ঞানৰ গ্ৰন্থ বুলি জনা যায়৷ অৱশ্যে বিভিন্ন সময়ত প্ৰকাশ পোৱা শিশু আলোচনী যেনে পখিলা (১৯৩৩) আৰু পাৰিজাত (১৯৪০) আদিত সৰু ল’ৰা ছোৱালীৰ উপযোগীকৈ বিজ্ঞানৰ বহু লেখা নিয়মীয়াকৈ প্ৰকাশ পাইছিল৷ পৰৱৰ্ত্তী সময়ত দীনেশ চন্দ্ৰ গোস্বামীৰ উদ্যোগত শিশু উপযোগী ভালেসংখ্যক কল্পবিজ্ঞান বিষয়ক অনুবাদ গ্ৰন্থ যেনে ’পৃথিৱীৰ কেন্দ্ৰলৈ অভিযান’, ’সাগৰৰ তলিয়েদি কুৰি হাজাৰ লিগ’, ’মহাকাশচাৰী’, ’এখন মহাকাশ অডিছি’ আদিয়ে শিশু বিজ্ঞান সাহিত্যলৈ উল্লেখযোগ্য অৱদান আগবঢ়াইছে৷

ইন্টাৰনেটত অসমীয়া ভাষাত বিজ্ঞান চৰ্চা অন্য ভাষাৰ তুলনাত এতিয়াও সীমিত যদিও তাৰ মাজতো বহুকেইটা ভাল প্ৰচেষ্টা দেখা পাইছোঁ৷ উদহৰণস্বৰূপে গণিত চ’ৰা, ৰিচাৰ্ছ মেটাৰ্ছ আদি ৱেবছাইটত বিজ্ঞানৰ নতুন নতুন ধাৰণা আৰু বাতৰিবোৰৰ চৰ্চা হৈ আহিছে৷ তেনদৰে বহুতো অসমীয়া ব্লগতো বিজ্ঞান বিষয়ক লেখা প্ৰকাশ পায়৷ উদাহৰণস্বৰূপে ’বিজ্ঞানৰ বিচিত্ৰ কথা’, ’এই সময়ত’, ’মুক্ত চিন্তা’, ’সাহিত্য ডট অৰ্গ’, ’নীলা চৰাই’, ’এজাক ৰ’দ’ আদি ব্লগসমূহত অন্য লেখাৰ লগতে বিজ্ঞান বিষয়ক লেখা প্ৰকাশ পাই আহিছে৷

মই কিয় লিখোঁ?

আজি প্ৰায় এটা দশক জুৰি মই বৈজ্ঞানিক গৱেষণাত জড়িত হৈ আছোঁ৷ এই সময়ছোৱাত প্ৰায়ে অনুভৱ কৰিছোঁ যে আমাৰ প্ৰায়ভাগ গৱেষণা কেৱল ইংৰাজী গৱেষণা পত্ৰ বা থেছিছ আদিতে সীমাবদ্ধ হৈ ৰয়৷ বৈজ্ঞানিক গৱেষণাৰ মূল উদেশ্যই হ’ল নতুন তথ্য-পাতি, আৱিস্কাৰেৰে সমাজখনক সহায় কৰা৷ বিশেষকৈ মই নিজে পৰিৱেশ সংৰক্ষণৰ গৱেষণাত জড়িত বাবে এনে গৱেষণাৰ ফলসমূহ ৰাইজৰ মাজলৈ লৈ যোৱাৰ প্ৰয়োজনীয়তা খুবেই গুৰুত্বপূৰ্ণ৷ গতিকে সেই প্ৰয়োজন পূৰাবলৈকে মই প্ৰথমে অসমীয়া ভাষাত বিজ্ঞান বিষয়ক প্ৰবন্ধ পাতি লিখিবলৈ আৰম্ভ কৰিলো৷ আৰম্ভণিতে শেহতীয়াকৈ গৱেষণাত প্ৰকাশ পোৱা তথ্যপাতিক লৈ সহজ-সৰল ভাষাত প্ৰবন্ধ লিখাৰ চেষ্টা কৰিছিলো৷ লাহে লাহে অনুভৱ কৰিলো যে, অসমীয়া ভাষাত সামগ্ৰিকভাৱেই বিজ্ঞান চৰ্চা যথেষ্ট সীমিত৷ এইক্ষেত্ৰত আনে কিবা কৰিব বুলি আশা কৰি থকাতকৈ মই নিজেই যি পাৰোঁ কৰিবলৈ আৰম্ভ কৰিলো৷ গতিকে মোৰ লিখনিবোৰো কেৱল গৱেষণাৰ বিষয়তে সীমাবদ্ধ হৈ নাথকিল৷  এই লেখাসমূহ বিবিন্ন সময়ত অসমৰ দৈনিক বাতৰি কাকত, আলোচনী আদিত প্ৰকাশ পাই আহিছে৷

অসমীয়া ভাষাত বৈজ্ঞানিক সমল বৃদ্ধি কৰিবলৈ মই বাছি লোৱা অন্য এটা মাধ্যম হ’ল অসমীয়া ৱিকিপিডয়া৷ ২০০২ চনতে আৰম্ভ হোৱা অসমীয়া ৱিকিপিডিয়াত বৰ্তমান দহহাজাৰ প্ৰবন্ধ হৈছেগৈ৷ ইয়াৰে বহুতো বিজ্ঞান বিষয়ক৷ ইন্টাৰনেটত যিকোনো বিষয় এটাৰ বিষয়ে কোনোবাই  খুঁচৰি চালে সেইবিষয়ে অসমীয়াতে তথ্য পাব, এই কথাটোৱে প্ৰায় এটা দশক ধৰি মোক ৱিকিপিডিয়াত লিখি থাকিবলৈ প্ৰেৰণা যোগাই আহিছে৷ অসমীয়া ৱিকিপিডিয়াত বৈজ্ঞানিক সমল বৃদ্ধি কৰিলে বিজ্ঞানৰ জনপ্ৰিয়কৰণত বহুখিনি সহায় হ’ব বুলি মই বিশ্বাস কৰোঁ৷ সেই আপাহতে বৰ্তমানলৈকে মই অসমীয়া ৱিকিপিডিয়াত অসমৰ গছ-গছনি, জীৱ-জন্তু, চৰাই-চিৰিকটি আদিৰ বিষয়ে পাঁচশৰো অধিক প্ৰবন্ধ যোগ দিছোঁ৷

সময়ৰ লগে লগে মই উপলব্ধি কৰিলো বিজ্ঞান স্কুল-কলেজৰ পাঠ্যপুথিতে আবদ্ধ এটা বিষয় বা আমাৰ শিক্ষা ব্যৱস্থাত কৰা কলা, বিজ্ঞান বা বাণিজ্যৰ দৰে এটা পৃথক বিভাগ নহয়৷ বিজ্ঞান প্ৰকৃততে আমাৰ দৈনন্দিন জীৱনৰ এটা অংগ৷ এটা সুস্থ আৰু সুখী জীৱনৰ কাৰণে বৈজ্ঞানিক মানসিকতা গঢ় দিয়াটো আমাৰ প্ৰত্যেকৰে বাবেই খুবেই প্ৰয়োজনীয়৷ উদাহৰণস্বৰূপে, জলবায়ু পৰিৱৰ্ত্তনে আমাৰ ভৱিষ্যত কেনেকৈ অনিশ্চিত কৰি পেলাইছে বা এই পৰিৱৰ্ত্তন ৰোধ কৰিবলৈ আমি কি কৰিব পাৰোঁ সেইবিষয়ে অসমীয়া ভাষাত তথ্য থকাৰ দৰকাৰ আৰু আমি সকলোৱে জনাৰ দৰকাৰী৷ তেনেকৈ কৰ’না ভাইৰাছ ৰোগৰ সময়ত কেনেকৈ নিজকে বা পৰিয়ালৰ সকলোকে বচাই ৰাখি নিৰাপদে থাকিব পাৰি সেই বিষয়ে জনাটো আমাৰ কাৰণে এতিয়া জীৱন-মৰণৰ প্ৰশ্ন! গতিকে বিজ্ঞানক কেৱল পাঠ্যক্ৰম বা গৱেষণাৰ মাজতে আৱদ্ধ নাৰাখি অসমীয়া ৰাইজৰ মাজত বৈজ্ঞানিক মানসিকতা গঢ়ি তোলাৰ বাবে চেষ্টা চলোৱাটো আমাৰ সমাজখনৰ উত্তৰণৰ বাবেই অতীব গুৰুত্বপূৰ্ণ৷

ভৱিষ্যত পদক্ষেপ

অসমত বিজ্ঞানৰ প্ৰচাৰ আৰু প্ৰসাৰৰ কাৰণে কিছুমান কাৰ্য্যকৰী পদক্ষেপ লোৱাৰ প্ৰয়োজন আহি পৰিছে৷ প্ৰথমেই মই ভাৱোঁ, নতুন প্ৰজন্মই অসমীয়া ভাষাত বিজ্ঞান চৰ্চাৰ ক্ষেত্ৰত কিছুমান অসুবিধাৰ সন্মুখীন হয়৷ বিশেষকৈ অসমীয়াৰ সলনি ইংৰাজী মাধ্যমত পঢ়া শুনা কৰা সকলৰ বাবে বিজ্ঞান বিষয়ক লেখা অসমীয়াত পঢ়া বা লেখাৰ চেষ্টা কৰাটো টান কাম৷ অসমীয়া ভাষাত বহুতো বৈজ্ঞানিক পৰিভাষা বিচাৰি মই নিজেও উজুটি খাওঁ৷ কিন্তু এনে অসুবিধাৰ সন্মুখীন হোৱা সকলোকে মই ক’ব খোজো যে এইক্ষেত্ৰত আগ্ৰহেই মূল৷ আগ্ৰহ থাকিলেই সমস্যা সমাধানৰ বাটো ওলায়৷ উদাহৰণস্বৰূপে, শেহতীয়াকৈ ক্ষীৰধৰ বৰুৱাই বিজ্ঞানৰ সকলো ক্ষেত্ৰ সামৰি ‘অসমীয়া বৈজ্ঞানিক পৰিভাষাকোষ’ প্ৰকাশ কৰাটো আমাৰ সকলোৰে কাৰণে খুবেই ভাল খৱৰ৷ অৱশ্যে ইয়াৰ লগতে এনে পৰিভাষাসমূহৰ নিয়মীয়াকৈ উন্নীতকৰণ (update) কৰাৰ দৰকাৰ৷ কাৰণ, বিজ্ঞান প্রযুক্তিৰ ক্ষেত্রখনত নিতৌ নতুন নতুন শব্দ আৰু ধাৰণাৰ সংযোজন ঘটি আছে আৰু নিৰন্তৰ উন্নীতকৰণ অবিহনে এইক্ষেত্ৰত স্থবিৰতা আহি পৰাৰ সম্ভাৱনা৷  তাৰোপৰি অনুবাদেই হওঁক বা মৌলিক লেখাই হওক, বিজ্ঞানৰ কথাবোৰ সহজ সৰল আৰু মনোগ্ৰাহীকৈ লিখিবলৈ বিশেষ কৌশলৰ দৰকাৰ৷ নতুন বা আগ্ৰহী লেখক-লেখিকাৰ বাবে এইসম্পৰ্কে কৰ্মশালা বা প্ৰশিক্ষণৰ ব্যৱস্থা থাকিলে যথেষ্ট সহায় হ’ব পাৰে৷ 

বৰ্তমান অসমীয়া ভাষাত প্ৰকাশ পোৱা বাতৰি কাকত আৰু আলোচনীসমূহে বিজ্ঞান বিষয়ক লেখা প্ৰকাশত গুৰুত্ব দিয়াৰ প্ৰয়োজন৷ বৰ্তমান প্ৰান্তিক বা সাতসৰীৰ দৰে দুই এখন আলোচনীৰ বাহিৰে অন্য কাকত আলোচনীত বিজ্ঞান বিষয়ক আলোচনা বিশেষ হোৱা দেখা নাযায়৷ লগতে মই ভাৱোঁ, বিজ্ঞানী সকলৰো এইক্ষেত্ৰত বহুখিনি দায়িত্ব আছে৷ উদাহৰণস্বৰূপে, অসমত চলা যিকোনো বৈজ্ঞানিক গৱেষণাৰ বিষয়ে প্ৰকাশ হোৱা গৱেষণা পত্ৰত অন্তত: এবষ্ট্ৰেক্ট বা সাৰাংশটো অসমীয়া ভাষাত প্ৰকাশ কৰিব পাৰে৷ তেতিয়া সংবাদ মাধ্যমেও এনে বাতৰি প্ৰকাশ কৰিবলৈ সুবিধা হয়৷ 

বিজ্ঞানৰ প্ৰচাৰ বা প্ৰসাৰ বুলি ক’লে আমি প্ৰায়ে পশ্চিমীয়া বিজ্ঞানৰ কথাই ভাৱোঁ৷ কিন্তু খিলঞ্জীয়া লোকসকলে পৰম্পৰাগত পদ্ধতিৰে আহৰণ কৰা জ্ঞান বহুসময়ত পশ্চিমীয়া বিজ্ঞানতকৈ গভীৰ হয়৷ কাৰণ এই জ্ঞানৰ উৎস হ’ল শ শ বছৰ জোৰা পৰ্য্যবেক্ষণ, বিভিন্ন পৰীক্ষা-নীৰিক্ষা আৰু পৰিৱেশৰ লগত খাপ খুৱাই চলাৰ অহৰহ চেষ্টা৷ এই পৰম্পৰাগত জ্ঞান (Indigenous Traditional Knowledge) ৰ গুৰুত্ব বৰ্তমান আন্তৰ্জাতিকভাৱে স্বীকৃত কিন্তু অসমীয়া ভাষাত এইবিষয়ে সিমান চৰ্চা হোৱা দেখা নাই৷ বিজ্ঞানৰ প্ৰচাৰ আৰু প্ৰসাৰ কেৱল একপক্ষীয় অৰ্থাৎ বিজ্ঞানীৰ পৰা জনসাধাৰণলৈ নহৈ পাৰস্পৰিক হোৱাৰ প্ৰয়োজন৷ তাৰোপৰি ইংৰাজীৰ বাহিৰেও অসমৰ অন্য আঞ্চলিক ভাষাসমূহৰ পৰাও বিজ্ঞান বিষয়ক লেখাৰ অনুবাদৰ প্ৰচেষ্টা হাতত লোৱা উচিত৷

বিজ্ঞানক ৰাইজৰ মাজলৈ লৈ যোৱাৰ ক্ষেত্ৰত নাগৰিক বিজ্ঞান বা চিটিজেন চায়েন্সে এটা গুৰুত্বপূৰ্ণ ভূমিকা ল’ব পাৰে৷ নাগৰিক বিজ্ঞান হ’ল বৈজ্ঞানিক গৱেষণাৰ বিভিন্ন পৰ্য্যায়ত জনসাধাৰণেও অংশ লৈ অৱদান আগবঢ়াব পৰা এক মাধ্যম৷ যিকোনো ঠাইৰ, যিকোনো বয়সৰ বা যিকোনো শিক্ষাগত অৰ্হতাৰ মানুহেই নাগৰিক বিজ্ঞানী হ’ব পাৰে৷ নাগৰিক বিজ্ঞানৰ সহায়ত আগ্ৰহ অনুসৰি যিকোনো বিষয় যেনে বতৰ, গছ-লতা, জীৱ-জন্তু বা মহাকাশ আদি যিকোনো বিষয় বাচি লৈ সেইসম্পৰ্কে তথ্য আহৰণত জনসাধাৰণে অৱদান আগবঢ়াব পাৰে৷ ভাৰতত জনপ্ৰিয় নাগৰিক বিজ্ঞানৰ প্ৰকল্পবোৰ হ’ল, চিজনৱাটছ, আই ফাউণ্ড বাটাৰফ্লাইজ, চিটিজেন স্পেৰ’, ইবাৰ্ড, হৰ্ণবিল ৱাটছ্ ইত্যাদি৷ প্ৰায়বোৰ প্ৰকল্পৰে মূখ্য ধাৰণা একেই- প্ৰকৃতিৰ বিভিন্ন ৰং-ৰূপৰ তথ্য সংগ্ৰহ৷ উদাহৰণস্বৰূপে, চিজনৱাটছ্ত অংশ ল’বলৈ আপোনাৰ কাম হ’ব, মাথোঁ পছন্দৰ যিকোনো এজোপা গছ বাছনি কৰা আৰু প্ৰতি সপ্তাহে গছজোপাৰ বিভিন্ন পৰিৱৰ্তন পৰ্য্যবেক্ষণ কৰা৷ এই তথ্যৰ সামূহিক বিশ্লেষণৰ পৰা আমি জানিব পাৰিম বিভিন্ন ঋতুৰ পৰিৱৰ্তনে আমাৰ চাৰিওদিশৰ প্ৰকৃতিৰ যেনে গছ-লতাৰ ফুল বা ফল ধৰাৰ সময়ৰ কেনে পৰিৱৰ্ত্তন আনিব পাৰে৷ ৰাইজে আগবঢ়োৱা এনে অৱদানৰ বৈজ্ঞানিক বিশ্লেষণে বহুতো উল্লেখযোগ্য আৱিষ্কাৰত সহায় কৰিব পাৰে৷ নাগৰিক বিজ্ঞানে ৰাইজৰ মাজত বৈজ্ঞানিক সচেতনতা বৃদ্ধি কৰাতো গুৰুত্বপূৰ্ণ ভূমিকা লয়৷ 

শেষত কওঁ, অসমীয়া ভাষাত বিজ্ঞানৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে অসমীয়া ন-পুৰণি লেখক-লেখিকাৰ মাজত সহযোগিতাৰ দৰকাৰ৷ তাৰোপৰি  ভাৰতৰ অন্য আঞ্চলিক ভাষাত বিজ্ঞান জনপ্ৰিয়কৰণৰ ক্ষেত্ৰত জড়িত হৈ থকা লোকসকলৰ সৈতে সহযোগিতাৰে আগবাঢ়িলে অসমত বিজ্ঞানৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত নতুন দিগন্তৰ উন্মোচন হ’ব৷

Monday, 28 February 2022

পৃথিৱীৰ বাবে এটা দিন

আমি বাস কৰা পৃথিৱীখনৰ যে আজি এক সংকটময় অৱস্থা সেয়া আমি সকলোৱে জানো৷ গোলকীয় উষ্ণতা বাঢ়িছে, সেউজীয়া অৰণ্যবোৰ আৰু তাত বাস কৰা আপুৰুগীয়া জীৱ-জন্তুবোৰ নোহোৱা হৈ আহিছে ইত্যাদি নানা বাতৰিয়ে আমাক সময়ে-অসময়ে হয়তো আমনি কৰেহি৷ তেনে সময়ত অসহায় অনুভৱ কৰাটোৱে স্বাভাৱিক৷ কিন্তু আমি বহুতেই হয়তো গম নাপাওঁ, এই বিশাল পৃথিৱীখনক সংকটৰ পৰা মুক্ত কৰিবলৈ কেৱল চৰকাৰ বা অন্য অনুষ্ঠান-প্ৰতিষ্ঠানলৈ বাট চাই নাথাকি আপোনাৰ মোৰ দৰে সাধাৰণ নাগৰিকেও বহুখিনি অৱদান আগবঢ়াব পাৰোঁ৷ এটোপ দুটোপ পানীৰেই সাগৰ ভৰাৰ দৰেই আমাৰ প্ৰত্যেকৰে সৰু সৰু একোটা চিন্তাশীল পদক্ষেপেই পৃথিৱী ৰক্ষাৰ ক্ষেত্ৰত অভাৱনীয় আৱদান আগবঢ়াব পাৰে৷ এই কথা যদি শুনাত অবিশ্বাস্য যেন ভাৱ হৈছে,আহকচোন চাওঁ এখন বহনক্ষম পৃথিৱীৰ বাবে এটা দিনতে আমি কি কৰিব পাৰোঁ? 

১৯৫১ চনৰ পৰা পৃথিৱীৰ উষ্ণতা বৃদ্ধিৰ ৰূপ; উৎস: ৱিকিকমনছ

এটি নতুন দিনৰ আৰম্ভণি! নিত্যনৈমিত্তিকভাৱে আপুনি বিছনা এৰিছে৷ গা ধোৱা ঘৰত সোমাই  দাঁত মজা ব্ৰাছডাল হাতত লৈছে৷ আইনাত চকু থৈ দিনটোৰ কৰিবলগীয়া কামবোৰৰ কথাৰে হয়তো আপুনি কিছু অন্যমনস্ক হৈ পৰিছে৷ কিন্তু এইখিনিতে এবাৰ মন কৰকচোন, মুখ ধুবলৈ লৈ বা দাঁত মাজি থাকোঁতে পানীৰ টেপটো অপ্ৰয়োজনতে খুলি থৈছে নেকি? কথাতে কয়, সকলো বিপ্লৱৰ আৰম্ভণি হ’ব পাৰে আপোনাৰ নিজৰ ঘৰখনৰ পৰাই৷ পাকঘৰত, গা ধোৱা ঘৰত বা ঘৰৰ অন্য সকলো কাম-কাজত পানীৰ অপচয় কমাই আপুনি পৃথিৱীখন ৰক্ষা কৰিবলৈ সহায় কৰিব পাৰে৷ 

নিত্য কৰ্মখিনি কৰি লৈ আপুনি ঘৰৰ মূল দুৱাৰখন খুলিছেগৈ৷ সতেজ বতাহ ছাটিয়ে, এচেৰেঙা উজ্বল ৰ’দে আপোনালৈ স্নিগ্ধ পুৱাটিৰ মিঠা আমেজ কঢ়িয়াই আনিছে৷ চিৰাচৰিত নিয়ম অনুসৰি আপুনি বাৰাণ্ডা বা চোতাল পোহৰাই ৰখা লাইটটো নুমুৱাইছে৷ খুউব ভাল কথা! আশা কৰোঁ, সন্ধিয়াবেলাও কোঠাত কোনো নাথাকিলে লাইটৰ চুইচবোৰ অফ কৰিছে, পাহৰিলে পৰিয়ালৰ আনসকলক মনত পেলাই দিছে৷ তাৰ লগে লগে আপোনাৰ বিজুলীৰ বিলো কমিল, এইছেগতে পৃথিৱীখনৰ বাবে আপোনাৰ অৱদানো কিছু বাঢ়িল! 

পুৱাতে খৰধৰকৈ সকলোৱে ভাতসাঁজ খাই দিনটোৰ কামৰ বাবে ওলাই যাবলৈ লৈছে৷ আজিৰ ভাতসাঁজ কিহেৰে খালে? ক্ষন্তেক মন কৰকচোন, প্ৰতিসাঁজ ভাতৰ সৈতে প্ৰায়ে আপুনি থলুৱা শাক-পাচলিৰ নে মাছ-মাংসৰ জুতি বিচাৰে? গৱেষণাই দেখুৱাইছে যে গাহৰি, ছাগলী, গৰু আদিৰ মাংসই শাক-পাচলিতকৈ ১০-৪০ গুণ বেছি সেউজগৃহ গেছ নিৰ্গমণ কৰে৷ কেনেকৈ? কাৰণ, সেই জন্তুবোৰক পালন কৰাৰ পৰা মাংস হিচাপে ব্যৱহাৰ কৰালৈ বহুতো শক্তিৰ অপচয় হয়৷ এই জন্তুবোৰ পালন কৰিবলৈ প্ৰতিবছৰে বহুতো অৰণ্য ধ্বংস আৰু পানীৰ অপচয় হৈ আহিছে৷ গতিকে সম্পূৰ্ণৰূপে নিৰামিষ খাদ্য খোৱাৰ অভ্যাস কৰিব নোৱাৰিলেও যিমান পাৰি এনেধৰণৰ মাংস খোৱাটো কমাই সেউজগৃহ প্ৰভাৱ কমোৱাত আপুনিও সহায় কৰিব পাৰে৷ তেনেদৰে থলুৱাভাৱে উৎপাদন হোৱা বতৰৰ ফল-মূল বা শাক পাচলি খোৱাৰ অভ্যাস কৰিলে বাহিৰৰ পৰা আমদানি কৰা আবতৰীয়া ফল-মূল-পাচলি আদিৰ ভ্ৰমণৰ বাবে হোৱা শক্তিৰ অপচয়ো ৰোধ কৰিব পাৰিব৷ 

অসমৰ থলুৱা শাক পাচলি; উৎস
খোৱা মেজৰ পৰা উঠাৰ আগেয়ে এবাৰ মন কৰকচোন৷ আপুনি বা পৰিয়ালৰ অন্য কোনোৱে কাঁহীখনত খাদ্য এৰি গ’ল নেকি? সহানুভূতিৰে নিজকে বা আনকো খাদ্য অপচয়ৰ কৰুণ পৰিণতিৰ কথা সোঁৱৰাই দিয়াৰ চেষ্টা কৰক৷ আমি খোৱা প্ৰতিসাঁজ খাদ্য কাঁহীখন পোৱালৈকে উৎপাদন আৰু আমদানি-ৰপ্তানি আদিত বহুত পৰিমাণে সেউজ গৃহ গেছ নিৰ্গমণ হৈছে, অৰণ্য ধ্বংস হৈছে৷ গতিকে সেয়া অনাহকতে অপচয় কৰা মানে পৃথিৱীৰ বোজাটো অধিক গধুৰ হোৱা৷ তথ্যমতে সমগ্ৰ বিশ্বত উৎপাদন হোৱা খাদ্যৰ এক তৃতীয়াংশই অনাহকত নষ্ট হয়৷ পৃথিৱীৰ সকলো মানুহে মিলি যদি এতিয়া অপচয় কৰা খাদ্যৰ এক চতুৰ্থাংশও ৰাহি কৰিব পাৰে, এই পৃথিৱীত হেনো তেতিয়া কোনো লোক অনাহাৰে নাথাকিব৷ গতিকে যিমান খাব খোজে সিমানখিনি অনুমান কৰিহে কাঁহীখনত লওক৷ 

ঘৰৰ পৰা ওলাই ঠিক সময়তে আজি আপুনি কামলৈ বুলি বাছখনত উঠি পৰিছে৷ বাটতে কিনি লোৱা তামোলখন মুখত ভৰাই প্লাষ্টিকৰ পেকেটটো বা মিনাৰেল ৱাটাৰৰ খালী বটলটো বাছৰ খিৰিকীৰে দলিয়াই দিছে নেকি? তাকে নকৰি সেয়া ডাষ্টবিনত পেলাবলৈ বুলি সামৰি ৰাখকচোন৷ নাইবা আপুনি লৈ যোৱা ফ্লাস্ক বা পুনৰ ব্যৱহাৰ কৰিব পৰা বটলটোৰ পৰা বিশুদ্ধ পানীটোপা খাওক৷ তাৰ লগে লগে প্লাষ্টিক প্ৰদূষণো কমিল, লগতে সমজুৱা বাট পথ নিকা কৰি ৰখাতো আপুনি সহায় কৰিলে৷ ইফালে সিফালে যাবলৈ অপ্ৰয়োজনতে গাড়ী বা স্কুটাৰখন লৈ যোৱাৰ অভ্যাসটো কমালেও পৃথিৱীখন বহু পৰিমাণে ৰক্ষা পৰে৷ তথ্যমতে, ২০২০ চনত ভাৰতত পৰিবহণ ব্যৱস্থাই নিৰ্গমণ কৰা সেউজগৃহ গেছৰ ৭১% ই হ’ল ব্যক্তিগত বাহনৰ পৰা হোৱা নিৰ্গমণ৷ গতিকে মাজেসময়ে তাৰ পৰিমাণ কমায়ো আপুনি এখন বহনক্ষম পৃথিৱী গঢ়াত সহায় কৰিব পাৰে৷

কাৰ্য্যালয়ত আজি আপোনাক হাজাৰ ব্যস্ততাই আৱৰি ধৰিছে৷ তাৰ মাজতে কিবা এখন কাগজ প্ৰিন্ট কৰিব খুজিছে৷ এইখিনিতে এবাৰ ৰৈ নিজকে দুটামান প্ৰশ্ন কৰকচোন৷ সেই কাগজখন প্ৰিন্ট কৰাটো সঁচাই কিমান দৰকাৰী? যদিহে অত্যৱশ্যকীয়, কাগজৰ দুয়োপিঠিতে প্ৰিন্ট কৰিব পাৰিবনে? পৃথিৱীত অৰণ্যৰ পৰা কাটি ব্যৱসায়িকভাৱ চালান দিয়া ৪০% কাঠৰ কুণ্ডা ব্যৱহাৰ হয় কাগজ তৈয়াৰ কৰাত৷ গতিকে কাগজৰ অযথা অপচয় কৰা মানে আপুনি পৰোক্ষভাৱে কোনোবা কোণত এজোপা গছ কটাৰ চাহিদা বৃদ্ধি কৰা৷ গতিকে খুবেই প্ৰয়োজন ন’হলে কাগজৰ ব্যৱহাৰ কমাই আনক৷ 

সন্ধিয়া বজাৰ কৰিবলৈ ওলাই গৈছে৷ বজাৰৰ মোনাটোৰ সলনি আপুনি প্লাষ্টিকৰ মোনাত ভাগে ভাগে বস্তু কিনিছে নেকি? আপুনি জানেনে, সমগ্ৰ পৃথিৱীত মানুহে একেলগে প্ৰতিবছৰে ৫,০০,০০০ কোটিটা প্লাষ্টিকৰ মোনা এবাৰ ব্যৱহাৰ কৰি পেলাই দিয়ে৷ ইয়াৰে বেছিভাগ গৈ নৈ-জান-জুৰি আৰু সাগৰত পৰেগৈ৷ গতিকে এইবাৰ তাকে নকৰি শাক-পাচলি, গেলামালৰ বস্তুবোৰ ভৰাবলৈ বজাৰৰ মোনাটো আগবঢ়াই দিয়কচোন৷ সেই এটা পদক্ষেপেৰেই প্লাষ্টিকৰ প্ৰদূষণ কমোৱাত আপোনাৰ অৱদান মূল্যৱান হৈ পৰিব৷ আপোনাৰ-মোৰ দৰে একো একোজন নাগৰিকৰ সচেতনতা যিমানে বাঢ়িব সিমানেই প্লাষ্টিকৰ আৱৰ্জনাৰ দ’মটোৰ উচ্চতা কমি আহিব৷ 

প্লাষ্টিকৰ আৱৰ্জনা কমোৱাত আপুনিও সহায় কৰিব পাৰে; উৎস

নিশা দিনটোৰ পৰিশ্ৰমৰ শেষত আপুনি বিছনাখনত ভাগৰুৱা দেহটো এৰি দিছেহি৷ চাবচোন, টোপনিত ঢলি পৰাৰ আগতে এই এটা দিনতে পৃথিৱীখন ৰক্ষা কৰিবলৈ আপুনি আগবঢ়োৱা অৱদানখিনিৰ বাবে এক অপাৰ গৌৰৱবোধে আপোনাক সুখী কৰি তুলিছে৷ আপোনালৈ আন্তৰিক অভিনন্দন! 

Thursday, 17 February 2022

বনৰৌৰ বিলৈ

জন্তুবিধৰ আকৃতি প্ৰকাণ্ড জেঠী এটাৰ দৰে৷ কিন্তু ই জেঠীৰ দৰে সৰীসৃপ নহয়, স্তন্যপায়ী জন্তুহে৷ পৰুৱা, উঁইহাঁফলু আদি খাই বৰ ভাল পায় ই৷ সেইবাবেই এই জন্তুবিধৰ আক্ষৰিক অৰ্থতে ইংৰাজী নাম ৰখা হৈছে, স্কেলি এন্টইটাৰ (Scaly anteater)বা পেংগ’লিন;অসমীয়াত বনৰৌ৷ বনৰৌৰ সমগ্ৰ দেহটো দেখাত মাছৰ বাকলিৰ দৰে টান বাকলিৰে আবৃত৷ অৰণ্যৰ চিকাৰী জন্তুৱে আক্ৰমণ কৰিলে ই প্ৰতিৰক্ষাৰ বাবে ঘুৰণীয়া বল এটাৰ দৰে পাক খাই লৈ টান বাকলিবোৰেৰে নিজকে ঢাকি পেলায়৷ যুগ যুগ ধৰি এই ব্যৱস্থাৰেই বনৰৌবোৰে নিজকে প্ৰতিৰক্ষা দি আহিছে অৰণ্যৰ বাঘ, বনৰীয়া কুকুৰ, শিয়াল আদিৰ পৰা৷ পিছে জীৱশ্ৰেষ্ঠ মানুহৰ নিৰ্মমতাৰ পৰা প্ৰতিৰক্ষাৰ বাবে কোনো অৱলম্বন নাই এই নিমাখিত জন্তুবিধৰ৷

অসমত দেখা পোৱা চীনা বনৰৌ; উৎস: ৱিকিকমনছ

অৰণ্যৰ কোনোবা গছৰ খোৰোঙত লুকাই থকা লাজকুৰীয়া বনৰৌবোৰ চিকাৰী মানুহে পিতপিতকৈ বিচাৰি উলিয়ায়৷ বনৰৌ থকা গছৰ তলৰ পৰা ধোঁৱা দি শ্বাসৰুদ্ধ কৰি চিকাৰীয়ে সিহঁতক বাহিৰলৈ ওলাই পৰিবলৈ বাধ্য কৰে৷ জালিকটা মোনাত সোমাই ভয়াৰ্ত বনৰৌবোৰ চিকাৰীৰ চোং পাইহি৷ তাৰ পিছত আৰম্ভ হয় অন্য এক বৰ্বৰ অধ্যায়৷ চিকাৰীয়ে উপৰ্যুপৰি মাৰ সোধাই বনৰৌবোৰ লৰচৰ কৰিব নোৱাৰা কৰি পেলায়৷ প্ৰায় অচেতন কিন্তু কেতিয়াবা জীৱিত বনৰৌবোৰক উতলা পানীত পেলাই দি হত্যা কৰা হয়৷ কেতিয়াবা জীৱন্তে অন্য ঠাইলৈ চালান দিয়া বনৰৌবোৰে অমানুষিক যন্ত্ৰণা সহি দীঘলীয়া যাত্ৰা কৰে অবৈধ বেহাৰ গন্তব্যস্থলীলৈ৷ 

বনৰৌৰ এই বিলৈৰ কাৰণ হ’ল সিহঁতৰ মাংস আৰু বাকলিক লৈ চলি অহা আন্তৰ্জাতিক বেহা৷ বনৰৌৰ বাকলিৰ মূল চাহিদা মূলত: চীন দেশত৷ এই দেশৰ পৰম্পৰাগত বিশ্বাস অনুসৰি বনৰৌৰ বাকলিয়ে শালমইনাৰ পৰা কৰ্কটৰোগলৈকে বহুতো ৰোগ নিবাৰণ কৰে৷ তেনেদৰে পশ্চিম আৰু কেন্দ্ৰীয় আফ্ৰিকাৰ বিভিন্ন দেশতো পৰম্পৰাগত ঔষধ তৈয়াৰ কৰাত বনৰৌৰ বাকলি ব্যৱহাৰ কৰা হয়৷  বনৰৌৰ বাকলি গঠনকাৰী কেৰাটিনেই আমাৰ আঙুলীৰ নখো তৈয়াৰ কৰিছে৷ গতিকে সেই বাকলি আৰু মানুহৰ নখৰ গঠনগত পাৰ্থক্য নাই৷ কোনো বৈজ্ঞানিক ভিত্তি নথকা স্বত্বেও এই দেশসমূহতত পৰম্পৰাগতভাৱে নানা ৰোগৰ ঔষধ হিচাপে বনৰৌৰ বাকলি আৰু মাংসৰ বিধান দিয়া হৈ আহিছে আৰু তেনেদৰেই চাহিদা ক্ৰমাৎ বৃদ্ধি পাই আহিছে ৷ তাৰোপৰি চীন আৰু ভিয়েটনামৰ বহু ঠাইত ঔষধি গুণৰ বাবে আৰু দুষ্প্ৰাপ্য খাদ্যৰূপে বনৰৌৰ মাংস পৰিৱেশন কৰা হয়৷ বিশেষকৈ বিলাসী ৰেষ্টোৰাত জুই ছাই দামৰ বনৰৌৰ মাংস পৰিৱেশন কৰাটো আঢ্যবন্ত গ্ৰাহকৰ বাবে ’ষ্টেটাছ চিম্বল’ যেন হৈ পৰিছে৷ এই আন্তৰ্জাতিক বেহাই এনে ৰূপ লৈছেগৈ যে বৰ্তমান সমগ্ৰ বিশ্বতে সৰ্বাধিক হাৰত চোৰাংচিকাৰ আৰু অবৈধ বেহাৰ বলি হোৱা স্তন্যপায়ী জন্তু হিচাপে পৰিগণিত হৈ পৰিছে এই বনৰৌ৷

সমগ্ৰ বিশ্বত ২০০০ ৰ পৰা ২০১৯ চনৰ ভিতৰত ৮৯৫,০০০ বনৰৌৰ চালান দিয়া বুলি তথ্য প্ৰকাশ পাইছে৷ ভাৰতত ২০০৬ ৰ পৰা ২০১৭ চনৰ ভিতৰত ৬০০০ টা বনৰৌ চালানীৰ সময়ত জব্দ কৰা হৈছে৷ অসমতো শেহতীয়াকৈ বিভিন্ন ঠাইত অবৈধ বেহাত সৰবৰাহ কৰাৰ সময়ত বনৰৌ উদ্ধাৰ কৰাৰ ঘনাই বাতৰি ওলাবলৈ লৈছে৷ গৱেষণাৰ তথ্য অনুসৰি যোৱা দহটা বছৰত মণিপুৰত সৰ্বাধিক পৰিমাণে বনৰৌ জব্দ হৈছে৷ তাৰ পিছতেই স্থান মিজোৰাম আৰু অসমৰ৷ তথ্য মতে এই বেহাৰ দালালবোৰে উত্তৰ-পূবৰ বিভিন্ন অঞ্চলৰ পৰা বনৰৌৰ বাকলি কিনি মণিপুৰ ৰাজ্যলৈ চালান দিয়ে৷ তাৰ পৰা বনৰৌৰ সৰবৰাহ হয় ম্যানমাৰ আৰু চীনদেশৰ য়ুনান প্ৰভিন্সলৈ৷ এই সমগ্ৰ সৰবৰাহত গুৱাহাটী আৰু কলকাতা  ৰাষ্ট্ৰীয় আৰু আন্ত:ৰাষ্ট্ৰীয় বেহাৰ বিশেষ সংযোগ বুলি ধৰা পৰিছে৷  

চীনা বনৰৌৰ বিস্তৃতি; উৎস: ৱিকিকমনছ


এছিয়া আৰু আফ্ৰিকা মহাদেশত বনৰৌৰ মুঠ আঠটা প্ৰজাতি দেখা পোৱা যায়৷ ইয়াৰে ভাৰতত পোৱা  প্ৰজাতি দুটা হৈছে ভাৰতীয় বনৰৌ (Manis crassicaudata) আৰু চীনা বনৰৌ (Manis pentadactyla)। অসমৰ বনৰৌবিধ হৈছে চীনা বনৰৌ৷ চীনা বনৰৌ উত্তৰ-পূব ভাৰতকে ধৰি চীন, ম্যানমাৰ, নেপাললৈকে দেখা পোৱা যায়৷ বৰ্তমানলৈকে ইহঁতৰ বিস্তৃতি বা সংখ্যা সম্পৰ্কে বিশদ কোনো তথ্য উপলব্ধ হোৱা নাই৷ আই ইউ চি এনৰ ৰঙা তালিকা অনুসৰি চীনা বনৰৌক ঘোৰ সংকটজনক ( Critically Endangered), আৰু ভাৰতীয় বনৰৌক বিলুপ্তপ্ৰায় (Endangered) আখ্যা দিয়া হৈছে৷ বনৰৌৰ আঠবিধ প্ৰজাতিকে চাইটিছ (Convention on International Trade in Endangered Species, CITES)ৰ প্ৰথম পৰিশিষ্ট (Appendix I) ত স্থান দিয়া হৈছে৷ গতিকে এই আন্তৰ্জাতিক আইন অনুসৰি বনৰৌ সংৰক্ষিত আৰু ইহঁতৰ চোৰাং চিকাৰ আৰু বেহা অবৈধ৷ কিন্তু আইনমতে সৰ্বাধিক প্ৰতিৰক্ষা লাভ কৰা স্বত্বেও আন্ত:ৰাষ্ট্ৰীয় চাহিদাৰ বাবে বনৰৌৰ চিকাৰ আৰু বেহা অবাধ গতিত চলি আছে৷ এই গতি অব্যাহত থাকিলে অনতিপলমেই এই আপুৰুগীয়া জন্তুবিধ এই পৃথিৱীৰ পৰা হেৰাই যোৱাৰ সম্ভাৱনা আহি পৰিছে৷  

কিন্তু বনৰৌৰ সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ লগতে অন্য এক সংকটে বনৰৌৰ বেহা ৰোধ কৰাটো মানৱ সমাজৰ বাবেই কিমান জৰুৰী আৰু গুৰুত্বপূৰ্ণ সেয়া পোহৰলৈ আনিলে৷ গৱেষণাৰ তথ্য মতে ভৱিষ্যতে কৰ'না ভাইৰাছ ৰোগৰ দৰে মহামাৰী ৰোধ কৰিবলৈকো বনৰৌৰ চিকাৰ আৰু অবৈধ বেহা অনতিপলমে বন্ধ কৰাৰ প্ৰয়োজন৷ আমি সকলোৱে ইতিমধ্যেই গম পাইছোঁ যে কৰ'না ভাইৰাছ ৰোগৰ আৰম্ভ হৈছিল চীন দেশৰ ৱ’হান প্ৰদেশত বন্য জন্তুৰ পৰা মানুহলৈ সংক্ৰমণ হোৱা ভাইৰাছৰ জড়িয়তে৷ এই ভাইৰাাছ বাদুলীৰ পৰা বনৰৌলৈ আৰু তাৰ পিছত মানুহলৈ সংক্ৰমণ হ’ল বুলি গৱেষণাই দেখুৱাইছে৷ ইয়াৰ পূৰ্বেও কেইবাটাও মহামাৰীৰ উৎপত্তি হৈছিল একেই প্ৰক্ৰিয়াৰে৷ উদাহৰণস্বৰূপে, বিংশ শতাব্দীত এইচ আই ভি ভাইৰাছৰ সংক্ৰমণ হৈছিল চিম্পাঞ্জী আৰু গৰিলাৰ পৰা মানুহলৈ ৰোগৰ বীজাণু বিয়পি৷ তেনেদৰে ছোৱাইন ফ্লু , ইব’লা, জিকা  আৰু নিপা ভাইৰাছ আদিৰ মহামাৰী বন্য জন্তুৰ পৰাই মানুহলৈ বিয়পিল৷  যেন মানুহৰ বৰ্বৰতাৰ উত্তৰ দিবলৈ প্ৰকৃতি বাধ্য হৈছে! প্ৰকৃতিৰ এই শিকনি লৈ জীৱ-জন্তুৰ চোৰাংচিকাৰ আৰু বেহা বন্ধ কৰাৰ বাবে সকলো ব্যৱস্থা লোৱাটো মানৱ সমাজৰ কল্যানৰ বাবেই অতিকৈ জৰুৰী৷

ভাৰতীয় বনৰৌ B হাতৰ খাৰু হিচাপে বনৰৌৰ বাকলি C বেহাৰ বাবে সাজু কৰা বনৰৌৰ বাকলি D অসমৰ ডিমা হাছাওৰ ডিঙিৰ অলংকাৰ হিচাপে পিন্ধা বনৰৌৰ বাকলি আৰু নখ
উৎস: গৱেষণা


বনৰৌৰ চোৰাং চিকাৰ আৰু অবৈধ বেহা বন্ধ কৰিবলৈ ইয়াৰ চিকাৰ, সৰবৰাহ আৰু ব্যৱসায়িক চাহিদা নিবাৰণৰ বাবে সৰ্বাংগীন উপায়েৰে পৰিকল্পনা কৰাৰ প্ৰয়োজন৷ পৰম্পৰাগত ঔষধত বনৰৌৰ মাংস বা বাকলিৰ ব্যৱহাৰ বন্ধ কৰিবলৈ চীন দেশৰ পৰম্পৰাগত ঔষধৰ হাতপুথি ফাৰ্মাক’পিয়া (Pharmacopoeia) ৰ পৰা বনৰৌৰ উল্লেখ আঁতৰাই দিবলৈ বিভিন্ন মহলে দাবী উত্থাপন কৰি আহিছে৷ বৈজ্ঞানিক মানসিকতাই এই অন্ধবিশ্বাসবোৰ নোহোৱা কৰাত সহায় কৰিব৷

অসমৰ দৰে বহু ঠাইত স্থানীয় লোকসকল কেৱল জীৱিকাৰ প্ৰয়োজনত বনৰৌৰ এই আন্ত:ৰাষ্ট্ৰীয় বেহাৰ জালত সোমাই পৰে আৰু বনৰৌৰ চিকাৰ কৰি বহিৰাগত দালালৈ চালান দিয়ে৷ শেহতীয়াকৈ অসমৰ ডিমা হাছাও জিলাত কৰা এক গৱেষণাৰ সময়ত ডিমাছা, কাৰ্বি আৰু বিয়াটে জনজাতিৰ ১৪০ গৰাকী স্থানীয় চিকাৰীৰ সাক্ষাৎকাৰত এই তথ্য প্ৰকাশ পাইছে৷ এই গৱেষণাৰ মূল উদেশ্য আছিল বনৰৌৰ চিকাৰ আৰু বেহাত স্থানীয় লোকসকল কিয় আৰু কেনেদৰে জড়িত হৈ পৰিছে তাৰ বুজ লোৱা৷ পূৰ্বতে অৰণ্যৰ ওচৰে পাজৰে থকা অধিবাসীসকলে কেৱল ব্যক্তিগত প্ৰয়োজনত সীমিতভাৱে বনৰৌৰ চিকাৰ কৰিছিল যদিও বৰ্তমান ইয়াৰ বাকলিৰ উচ্চ দাম আৰু চাহিদাৰ বাবে পোৱা ব্যৱসায়িক লাভে পৰম্পৰাগত ব্যৱহাৰ সলাই পেলালে৷ এই গৱেষণাত প্ৰকাশ কৰা মতে মাথোঁ এটা বনৰৌৰ বাকলি বিক্ৰী কৰি ডিমা হাছাওৰ এগৰাকী স্থানীয় চিকাৰীয়ে চাৰি মাহৰ আয়ৰ সমান টকা ঘটিব পাৰে৷ গতিকে এই সমস্যা দূৰ কৰিবলৈ দৰিদ্ৰতা নিবাৰণ আৰু স্থানীয় চিকাৰীৰ বিকল্প সংস্থাপন গুৰুত্বপূৰ্ণ৷ কিন্তু কেৱল এই ব্যৱস্থাসমূহে বনৰৌৰ চিকাৰ আৰু বেহা সম্পূৰ্ণ বন্ধ কৰিব নোৱাৰে৷ এই সম্প্ৰদায়সমূহৰ মাজত বনৰৌৰ সংৰক্ষণ সম্পৰ্কে সচেতনতা অনাটোও দৰকাৰী৷ তেনেদৰে স্থানীয় সম্প্ৰদায়সমূহে বনৰৌৰ সংৰক্ষণৰ বাবে আগভাগ লোৱাৰ সুবিধা পাবলৈ সম্প্ৰদায় কেন্দ্ৰিক সংৰক্ষণ (community-based conservation)ৰ ব্যৱস্থা লোৱাৰ প্ৰয়োজন৷

বনৰৌবোৰে আমাৰ পৰিস্থিতিতন্ত্ৰত এক বিশেষ ভূমিকা লৈ আহিছে৷ ইহঁতে পোক-পৰুৱা খাই  কীট-নিয়ন্ত্ৰণ (pest control) কৰে আৰু খাদ্যৰ সন্ধানত মাটি খুঁচৰি মাটিৰ সমতাও বজাই ৰাখে৷ এই আপুৰুগীয়া জন্তুবিধৰ বাসস্থান, বিস্তৃতি, আচৰণ আদিৰ বিষয়ে বিশদ অধ্যয়ন কৰাৰ প্ৰয়োজন৷ চোৰাং চিকাৰ আৰু অবৈধ বেহাৰ বৰ্বৰতা বন্ধ কৰি বনৰৌক বিলুপ্তিৰ গৰাহৰ পৰা উভতাই অনাটো মানৱ সমাজৰ কল্যাণৰ বাবেই অতীব গুৰুত্বপূৰ্ণ৷


তথ্যউৎস

  • D’Cruze, N., Singh, B., Mookerjee, A., Harrington, L. A., & Macdonald, D. W. (2018). A socio-economic survey of pangolin hunting in Assam, Northeast India. Nature Conservation, 30, 83
  • Challender, D. W., Heinrich, S., Shepherd, C. R., & Katsis, L. K. (2020). International trade and trafficking in pangolins, 1900–2019. In Pangolins (pp. 259-276). Academic Press.
  • Aisher A. (2016). Scarcity, Alterity and Value: Decline of the Pangolin, the World’s Most Trafficked Mammal. Conservation & Society. 14(4): pp 317-329

Wednesday, 12 May 2021

পৰিৱেশ দিৱস হওক পৰিৱেশ পুনৰুদ্ধাৰৰ এক দৃঢ় সংকল্প

বিদ্যালয়ত পঢ়ি থকা দিনবোৰত প্ৰতিবছৰে পাঁচ জুন তাৰিখটো কেৱল এটা কাৰণতে আমাৰ বাবে বিশেষ হৈ ৰৈছিল৷ বছৰৰ সেই দিনটোত বন বিভাগৰ স্থানীয় কাৰ্য্যালয়ৰ উদ্যোগত বিতৰণ কৰা বিভিন্ন গছপুলি ৰুইছিলো ঘৰ আৰু বিদ্যালয়ৰ চৌহদত৷ বিদ্যালয় বা স্থানীয় কোনো মঞ্চই আয়োজন কৰা ৰচনা বা চিত্ৰ প্ৰতিযোগিতা কিছুমানতো যোগ দিছিলো৷ এতিয়াও শিক্ষানুষ্ঠান আৰু অন্য প্ৰতিষ্ঠানবোৰত তেনেদৰেই বিশ্ব পৰিৱেশ দিৱস আয়োজন কৰা হয়নে নহয় নাজানো৷ কিন্তু প্ৰকৃতি সংৰক্ষণৰ ক্ষেত্ৰখনত যোৱা এটা দশক ধৰি জড়িত হৈ থাকি অনুভৱ কৰিছোঁঁ, মাথোঁ এই এটা দিনতে সজাগতা অনাৰ চেষ্টাসমূহ সীমিত হৈ থাকিলে বৰ্ত্তমানৰ পৰিৱেশ সংকটৰ পৰা ৰক্ষা পোৱাৰ আশা নিচেই কম৷ প্ৰগতিৰ শীৰ্ষত আৰোহণ কৰাৰ যুঁজত মগ্ন হৈ থাকোতে মানৱ সমাজে নিজৰ অস্তিত্বৰ মূল ভেঁটি প্ৰকৃতিৰ ভাৰসাম্যতাকে বিনষ্ট কৰি বৰ্তমান এক সংকটময় সময়ত উপস্থিত হৈছেহি৷ ইয়াৰ সাক্ষ্য দিছে ক্ৰমাগতভাৱে বৃদ্ধি পাই অহা গোলকীয় উষ্ণতা, প্ৰদূষণ, দৰিদ্ৰতা, মহামাৰী আদিয়ে৷ গতিকে বৰ্তমান প্ৰয়োজন হৈ পৰিছে সামগ্ৰিকভাৱে সমাজৰ সকলো স্তৰতে আৰু গাইগুটিয়াকৈ প্ৰতিজন সচেতন নাগৰিকেই পৰিৱেশ সংৰক্ষণৰ বাবে সময়োচিত ব্যৱস্থা লোৱাৰ আৰু মানুহ আৰু প্ৰকৃতিৰ মাজৰ সম্পৰ্কক এক নতুন সংজ্ঞা দিয়াৰ৷ আমি মৰ্মে মৰ্মে উপলব্ধি কৰাৰ প্ৰয়োজন হৈছে যে মানৱজাতিৰ অস্তিত্ব ৰক্ষা নিৰ্ভৰ কৰিছে পৰিৱেশ সংৰক্ষণৰ ওপৰত৷ 

প্ৰকৃতিয়ে মানৱ সমাজৰ কল্যানৰ বাবে আগবঢ়োৱা অমূল্য অৱদান আৰু বৰ্তমান পৰিৱেশৰ প্ৰতি আহি পৰা ভাবুকিবোৰৰ প্ৰতি লক্ষ্য ৰাখিয়ে ৰাষ্ট্ৰসংঘই ২০২১-২০৩০ দশকটো পৰিস্থিতিতন্ত্ৰৰ পুনৰুদ্ধাৰ (ecosystem restoration)ৰ দশক হিচাপে ঘোষণা কৰিছে৷ এইটোকে মূল বিষয় হিচাপে লৈ দেশে-বিদেশে এইবৰ্ষৰ বিশ্ব পৰিৱেশ দিৱস পালন কৰা হ’ব৷ এই দিৱসত ৰাষ্ট্ৰসংঘই সকলোকে আহ্বান জনাইছে মানুহ আৰু প্ৰকৃতিৰ উভয়ৰে ভৱিষ্যত সুনিশ্চিত কৰিবলৈ পৰিস্থিতিতন্ত্ৰৰ পুনৰুদ্ধাৰ আৰু প্ৰতিৰক্ষাৰ বাবে #GenerationRestoration নামৰ বিশ্বজুৰা আন্দোলনত যোগ দিবলৈ ৷ এই সুযোগতে আহকচোন বুজ লওঁ কিয় আৰু কেনেকৈ এই পৰিস্থিতিতন্ত্ৰৰ পুনৰুদ্ধাৰ কৰিব পৰা যায়?

পৰিস্থিতিতন্ত্ৰনো কি?

সহজ ভাষাত পৰিস্থিতিতন্ত্ৰ হৈছ জীৱ-জন্তুৱে ইটোৱে সিটোৰ লগত আৰু চাৰিওদিশৰ পৰিৱেশৰ সৈতে ওত:প্ৰোতভাৱে জড়িত হৈ থাকি জীৱন অতিবাহিত কৰা যিকোনো ঠাই৷ পৰিস্থিতিতন্ত্ৰ এটাত সকলো জৈৱিক কাৰক অৰ্থাৎ সৰু-বৰ সকলোবোৰ জীৱ চাৰিওদিশৰ পৰিৱেশৰ অজৈৱিক কাৰক যেনে উষ্ণতা, আৰ্দ্ৰতা আদিৰ সৈতে পাৰস্পৰিকভাৱে নিৰ্ভৰশীল হৈ জীয়াই থাকে৷ জৈৱিক বা অজৈৱিক কোনো এটা অংশৰ সালসলনি হ’লে পৰিস্থিতিতন্ত্ৰৰ বাকী অংশবোৰতো ইয়াৰ প্ৰভাৱ পৰে৷ উদাহৰণস্বৰূপে, এটা পৰিস্থিতিতন্ত্ৰত উষ্ণতা বাঢ়িলে তাত থকা উদ্ভিদবোৰৰ বৃদ্ধি আৰু প্ৰজননত প্ৰভাৱ পৰে৷ ইয়ে আকৌ গৈ তেনে উদ্ভিদৰ ওপৰত নিৰ্ভৰশীল প্ৰাণীবোৰক প্ৰভাৱান্বিত কৰে৷ পৰিস্থিতিতন্ত্ৰ এখন অৰণ্যৰ দৰে বিশাল হ’ব পাৰে নাইবা এটা কণমাণি পুখুৰীৰ দৰে সৰুও হ’ব পাৰে৷ পৃথিৱীৰ সকলো ঠাই প্ৰকৃততে ইটোৱে সিটোৰ লগত সংযোজিত হৈ থকা অলেখ-অসংখ্য পৰিস্থিতিতন্ত্ৰৰ সমষ্টি৷ 

অসমত সচৰাচৰ দেখা পোৱা এক পৰিস্থিতিতন্ত্ৰ

পৰিস্থিতিতন্ত্ৰবোৰ মানুহৰ বাবে অপৰিহাৰ্য্য কাৰণ প্ৰতিটো পৰিস্থিতিতন্ত্ৰই বিভিন্ন উপায়েৰে মানৱ সমাজক উপকৃত কৰে৷ আমি খোৱা পানী আৰু খাদ্য, উশাহত টানি লোৱা বায়ুৰ লগতে পৃথিৱীখন মানুহৰ বাবে বাসযোগ্য কৰি ৰখা সকলোখিনি পৰিস্থিতিতন্ত্ৰৰে অৱদান৷ 

পৰিস্থিতিতন্ত্ৰৰ পুনৰুদ্ধাৰ কিয়?

শেহতীয়াকৈ মানুহৰ ধ্বংসাত্মক কাৰ্য্য কলাপৰ ফলত পৰিস্থিতিতন্ত্ৰৰ ভাৰসাম্যতা বিনষ্ট হৈছে৷ মাটি আৰু সাগৰৰ ব্যৱহাৰৰ পৰিৱৰ্ত্তন , জীৱ-জন্তুৰ পোনপটীয়া শোষণ (exploitation) ,জলবায়ু পৰিৱৰ্ত্তন , প্ৰদূষণ আদিয়ে বহুতো পৰিস্থিতিতন্ত্ৰক ধ্বংসৰ মুখলৈ ঠেলি দিছে৷ শেহতীয়াকৈ মুক্তি পোৱা ৰাষ্ট্ৰসংঘৰ এখন গুৰুত্বপূৰ্ণ প্ৰতিবেদন ত প্ৰকাশ পাইছে যে মানৱ ইতিহাসত অভুতপূৰ্ব এক দ্ৰুত হাৰত প্ৰকৃতিৰ ধ্বংস হৈছে আৰু বিভিন্ন জীৱ বিলুপ্তিৰ পথত আগবাঢ়িছে৷ ৫০ খন দেশৰ ৩১০ গৰাকী বিজ্ঞানীয়ে বিশ্বৰ যোৱা পাঁচটা দশকৰ পৰিৱৰ্ত্তনসমূহ অধ্যয়ন কৰি আগবঢ়োৱা এই আন্ত:ৰাষ্ট্ৰীয় বিশ্লেষণত প্ৰকাশ পাইছে যে মানুহৰ ধ্বংসাত্মক কাৰ্য্যৰ ফলত সমগ্ৰ বিশ্বৰে ৭৫% ভুখণ্ড আৰু ৬৬% সাগৰীয় অঞ্চল ক্ষতিগ্ৰস্ত হৈছে আৰু ৮৫% ৰো অধিক জলাশয় নোহোৱা হৈছে৷ তেনেদৰে ১৯৮০ চনৰ পৰা বৰ্তমানলৈ প্লাষ্টিকৰ প্ৰদূষণ দহগুণ বৃ্দ্ধি পাইছে৷ বছৰি ৩০০-৪০০ মিলিয়ন টন প্লাষ্টিক, ৰাসায়নিক সাৰ আদি বিষাক্ত পদাৰ্থ সাগৰত পেলোৱাৰ ফলত বহুতো মৃত সাগৰীয় অঞ্চল (dead zone) সৃষ্টি হৈছে৷ এই অঞ্চলবোৰৰ মুঠ মাটিকালি অসমৰ ভুখণ্ডৰ প্ৰায় তিনিগুণ (২৪৫,০০০ বৰ্গ কিলোমিটাৰ)৷ বিশ্লেষণটোত লগতে ধৰা পৰিছে যে যোৱা ত্ৰিছ বছৰে প্ৰতিটো দশকতে পৃথিৱীৰ গড় উষ্ণতা ০.২ ডিগ্ৰী ছেলিছিয়াছকৈ বৃদ্ধি পাই আহিছে৷ পৰিস্থিতিতন্ত্ৰৰ এই সংকটৰ ফলতেই প্ৰায় এক মিলিয়ন অৰ্থাৎ দহ লাখ উদ্ভিদ আৰু প্ৰাণীৰ প্ৰজাতি সংকটৰ গৰাহত পৰিছে৷ এই ধ্বংসাত্মক কাৰ্য্যসমূহ অনতিপলমে বাধা দিব নোৱাৰিলে মানৱ সমাজৰ ওপৰত ইয়াৰ অতি বিপদজনক প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে৷

পৰিস্থিতিতন্ত্ৰৰ পুনৰুদ্ধাৰ হ’ব কেনেকৈ?

পৰিস্থিতিতন্ত্ৰবোৰ জটিল, ঠাইবিশেষে পৰিস্থিতিতন্ত্ৰও ভিন্ন৷ গতিকে পৰিস্থিতিতন্ত্ৰৰ পুনৰুদ্ধাৰৰ প্ৰক্ৰিয়াও ঠাই আৰু সেই ঠাইৰ প্ৰত্যাহ্বান লৈ বেলেগ বেলেগ হ’ব পাৰে৷ এইবাবেই ৰাষ্ট্ৰসংঘই শেহতীয়াকৈ সকলো পৰ্য্যায়ৰ সচেতন নাগৰিক, সংগঠন তথা চৰকাৰৰ বাবে বিশেষভাৱে সহায়ক হোৱাকৈ বিভিন্ন পৰিস্থিতিতন্ত্ৰ পুনৰুদ্ধাৰৰ এক নিৰ্দেশনা প্ৰস্তুত কৰি উলিয়াইছে ৷ এই নিৰ্দেশনাত পৰিস্থিতিতন্ত্ৰৰ ক্ষতি ৰোধ কৰিবলৈ দৰকাৰী পদক্ষেপসমূহৰ বিশদ আলোচনা কৰা হৈছে৷ ৰাষ্ট্ৰসংঘৰ নিৰ্দেশনাত  উল্লিখিত মূল পৰিস্থিতিতন্ত্ৰবোৰ হৈছে- অৰণ্য, পৰ্বত, তৃণভূমি, জলাশয়, কৃষিভূমি আৰু নগৰ অঞ্চল৷

নাগালেণ্ডৰ ফাকিম সংৰক্ষিত বনাঞ্চলৰ সেউজ অৰণ্য


অৰণ্য: অৰণ্যই আমাৰ বাবে পৰিস্কাৰ পানী আৰু বায়ু যোগান ধৰে আৰু জলবায়ু নিয়ন্ত্ৰণ কৰি পৃথিৱীখন মানুহৰ বসবাসৰ উপযোগী কৰি ৰাখে৷ অলেখ অসংখ্য উদ্ভিদ আৰু প্ৰাণীৰ বাসস্থান হ’ল অৰণ্যবোৰ৷ তেনেদৰে দেশে-বিদেশে বহুতো স্থানীয় জাতি-জনজাতিৰ জীৱন নিৰ্বাহৰ থলো অৰণ্য৷

জনসংখ্যা বাঢ়ি অহাৰ লগে লগে বৃদ্ধি পোৱা খাদ্য আৰু বাসস্থানৰ প্ৰয়োজন পূৰাবলৈ বহুতো অৰণ্য মোকলাই মানুহে খেতি-বাতি কৰিবলৈ লৈছে আৰু ঘৰ সাঁজি বাস কৰিবলৈও লৈছে৷ তাৰ লগে লগে বাঢ়ি গৈছে কুণ্ডা কটা, প্ৰদূষণ আৰু বনজুইৰ বিভীষিকা৷ অৰণ্যৰ পুনৰুদ্ধাৰৰ বাবে এই বনাঞ্চলসমূহত ওপৰত পৰা হেঁচা কমাই আনি ক্ষতিগ্ৰস্ত অঞ্চলবোৰত পুনৰীজ্জীৱিত কৰাত সহায় কৰাৰ প্ৰয়োজন৷ লগতে খেতিৰ বাবে অনুপযোগী হৈ পৰা বহুতো অঞ্চলত স্থানীয় গছৰোপণৰ জড়িয়তে অৰণ্যৰ উদ্ধাৰৰ ব্যৱস্থা কৰিব পাৰি৷ 

নাগালেণ্ডৰ সেউজ নাগা পৰ্বতশ্ৰেণী

পৰ্বত: পৃথিৱীৰ প্ৰায় এক চতুৰ্থাংশ ভূমি অধিকাৰ কৰি আছে পৰ্বতীয়া অঞ্চলে৷ এই পাহাৰ-পৰ্বতসমূহ বিশ্বৰ প্ৰায় আধা জনসংখ্যাৰ বাবে পৰিষ্কাৰ পানীৰো উৎস৷ বিশ্বৰ বহুতো আপুৰুগীয়া জীৱ-জন্তুৰ আবাসস্থল এই পৰ্বতবোৰত মানুহৰ সাংস্কৃতিক বৈচিত্ৰ্যতাও অদ্বিতীয়৷

পৰ্বতসমূহ মানুহৰ অদুৰদৰ্শী কাৰ্য্যকলাপ আৰু জলবায়ু পৰিৱৰ্তন দুয়ো দিশৰ পৰাই স্পৰ্শকাতৰ অঞ্চল৷ বহুতো পৰ্বতীয়া অঞ্চলত খেতি বা বসবাসৰ বাবে এঢলীয়া ঠাই মোকলালে তেনে ঠাইৰ মাটিত খহনীয়া হ’বলৈ আৰম্ভ কৰে৷ খহনীয়া আৰু প্ৰদূষণে পাহাৰৰ পৰা বৈ যোৱা নৈ-জুৰি আদিৰ পানীতো প্ৰভাৱ পেলায়৷ তেনেদৰে গোলকীয় উষ্ণতা বৃদ্ধিয়ে পৰ্বতৰ পৰিস্থিতিতন্ত্ৰত প্ৰভাৱ পেলাই স্থানীয় জীৱ-জন্তু বা জাতি-জনজাতিকো স্থানান্তৰিত কৰিব পাৰে৷ এনে ঠাইৰ পুনৰুদ্ধাৰৰ বাবে মাটিৰ সংৰক্ষণ কৰি খহনীয়া আৰু প্ৰদূষণ ৰোধ কৰাৰ দৰকাৰ৷ খেতিৰ সৈতে উপকাৰী গছৰ ৰোপন আৰু প্ৰতিপালৰ পদ্ধতি যেনে এগ্ৰ’ফৰেষ্টিৰ প্ৰয়োগেৰে এনে পৰিস্থিতিতন্ত্ৰৰ স্থিতিস্থাপকতা (resilience) বঢ়াব পাৰি৷ এইক্ষেত্ৰত স্থানীয়া জাতি-জনজতিৰ পৰম্পৰাগত জ্ঞান (Indigenous knowledge) বিশেষভাৱে সহায়ক হ’ব পাৰে৷

অসমৰ জীয়াভৰলী নৈ এক গুৰুত্বপূৰ্ণ পৰিস্থিতিতন্ত্ৰ

জলাশয়: নদ-নদীয়ে বহু লোকৰ বাবে খাদ্য, পানী আৰু শক্তিৰ যোগান ধৰে৷ অসমৰ দৰে নদ-নদী আৰু খাল-বিলেৰে পৰিপূৰ্ণ ৰাজ্যত এই পৰিস্থিতিতন্ত্ৰসমূহ পুনৰুদ্ধাৰৰ গুৰুত্ব অসীম৷ জলাশয়ৰ আশে পাশে চলা বিভিন্ন কাৰ্য্যকলাপে ইয়াৰ পৰিৱেশ বিনষ্ট কৰে, প্ৰদূষিত পানীয়ে জলাশয়ৰ জীৱ আৰু দাঁতিকাষৰীয়া অঞ্চলৰ মানুহৰ জীৱনতো প্ৰভাৱ পেলায়৷ 

জলাশয়ৰ পুনৰুদ্ধাৰৰ বাবে পানীৰ গুণাগুণ ৰক্ষা আৰু প্ৰদূষণ ৰোধ কৰাৰ দৰকাৰ৷ তেনেদৰে বান্ধ নিৰ্মাণৰ সময়ত ইয়াৰ ফলত জলাশয়ৰ বিভিন্ন স্তৰত আৰু আশে পাশে জৈৱবৈচিত্ৰ্য আৰু মানুহৰ ওপৰত পৰিব পৰা প্ৰভাৱৰ বিশদ আৰু নিৰপেক্ষ বিশ্লেষণৰ প্ৰয়োজন৷ 

অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিস্তীৰ্ণ তৃণভূমি

তৃণভূমি: তৃণভূমি মানুহ আৰু বহু জীৱ-জন্তুৰ বাবে এক গুৰুত্বপূৰ্ণ পৰিস্থিতিতন্ত্ৰ৷ এনে অঞ্চলসমূহৰ সঠিক পৰিচালনা নকৰাৰ বাবেই বহু ঠাইত তৃণভূমিসমূহ ক্ষতিগ্ৰস্ত হৈছে৷ তৃণভূমিৰ গুৰুত্ব নুবুজি বিস্তৰ অঞ্চল খেতি-পথাৰলৈ ৰূপান্তৰ কৰা হৈছে৷ ইয়াৰ ফলত এই অঞ্চলবোৰৰ মাটি অনুৰ্বৰা হৈ পৰিছে আৰু স্থানীয় উদ্ভিদৰ সলনি অপকাৰী বহিৰাগত উদ্ভিদ (invasive alien species) থন ধৰি উঠিছে৷

তৃণভূমিৰ পুনৰুদ্ধাৰৰ বাবে এই অঞ্চলসমূহৰ ব্যৱহাৰ বহনক্ষম (sustainable) কৰাৰ প্ৰচেষ্টা চলোৱা উচিত৷ এইক্ষেত্ৰত স্থানীয় লোকসকলৰ সৈতে সহমতত উপনীত হৈ দীৰ্ঘম্যাদী পৰিকল্পনা কৰাৰ দৰকাৰ৷ 

অসমৰ এখন ধাননি পথাৰ


কৃষিভূমি: বৰ্তমান পৃথিৱীৰ এক-তৃতীয়াংশ ভূমি কৃষিৰ বাবে ব্যৱহাৰ কৰা হয়৷ গতিকে এই অঞ্চলবোৰ মানুহৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ পৰিস্থিতিতন্ত্ৰ৷ আমাৰ বাবে খাদ্য যোগান ধৰাৰ উপৰিও বহু খেতি-পথাৰ বাদুলী, চৰাই-চিৰিকটিকে ধৰি নানা জৈৱবৈচিত্ৰ্যৰেও চহকী৷ গতিকে অৰ্থনৈতিক আৰু প্ৰাকৃতিক দুয়োটা দিশৰ পৰাই এই পৰিস্থিতিতন্ত্ৰৰ প্ৰতিৰক্ষা অতিকৈ প্ৰয়োজনীয়৷

 মাটিৰ খহনীয়া, অত্যাধিক ৰাসায়নিক সাৰ-প্ৰয়োগ, অপকাৰী কীট-পতংগ আদিয়ে কৃষিভূমিৰ ক্ষতিসাধন কৰি উৎপাদন কমাই আনিছে৷ এনে অঞ্চলৰ পুনৰুদ্ধাৰৰ বাবে জৈৱিক সাৰ প্ৰয়োগ, জৈৱিক পদ্ধতিৰে কীট-পতংগৰ প্ৰতিৰোধ, একেবিধ খেতিৰ সলনি মিশ্ৰিত খেতি আৰু প্ৰয়োজন সাপেক্ষে উপকাৰী গছৰোপণ কৰি সহায় কৰিব পাৰি৷ এনে পদক্ষেপবোৰে খেতিৰ মাটি উৰ্বৰা কৰে আৰু কম মাটিতে অধিক উৎপাদনতো সহায় কৰিব পাৰে৷ 

মিজোৰামৰ আইজ’ল চহৰ


নগৰ অঞ্চল: পৃথিৱীৰ প্ৰায় এক শতাংশ নগৰ অঞ্চল কিন্তু এই নগৰসমূহতে বৰ্তমান মুঠ জনসংখ্যাৰ অৰ্ধাংশ লোকে বসবাস কৰে৷ বৃহৎ নগৰ আৰু টাউন এলেকাবোৰক বহুতে প্ৰাকৃতিক মৰুভূমি (ecological deserts) বুলি আখ্যা দিয়ে কিন্তু এনে অঞ্চলৰো পৰিৱেশ পুনৰুদ্ধাৰ কৰাৰ থল আছে৷ কংক্ৰীটৰ অৰণ্য, যান-বাহনৰ ভিৰৰ মাজতো নগৰীয়া অঞ্চলবোৰে আমাৰ জীৱন-ধাৰণ স্বাস্থ্যকৰ কৰি তুলিব পাৰে৷

নগৰসমূহ মূলত ক্ষতিগ্ৰস্ত হৈছে প্ৰদূষণ আৰু অস্বাস্থ্যকৰ- অপৰিষ্কাৰ পৰিৱেশেৰে৷ ইয়াৰ পুনৰুদ্ধাৰৰ বাবে পথৰ আশে পাশে স্থানীয় উদ্ভিদ ৰোপন আৰু প্ৰতিপালন কৰি আৰু সৰু-বৰ সেউজ উদ্যান আদি গঢ়ি তুলি এটা সুস্থ পৰিৱেশ গঢ়াত অৰিহণা যোগাব পাৰে৷ তেনেদৰে প্লাষ্টিকৰ ব্যৱহাৰ পৰিহাৰ কৰি চলিলে এনে আৱৰ্জনাই প্ৰদূষণ কৰাৰো সম্ভাৱনা কমি যায়৷ তাৰোপৰি স্থানীয় সচেতন মহলে পৌৰনিগমৰ সৈতে লগ লাগি নলা-নৰ্দমাবোৰ পৰিষ্কাৰ কৰাৰ ব্যৱস্থা কৰিব পাৰে৷ 


আমাৰ চাৰিওকাষৰ বিভিন্ন পৰিস্থিতিতন্ত্ৰই বহুতো উপায়েৰে আমাৰ দৈনন্দিন জীৱন সুচল কৰি তুলিছে, আমাৰ স্বাস্থ্য আৰু কল্যান সুনিশ্চিত কৰি ৰাখিছে৷ গতিকে মানৱ জাতি তিষ্ঠি থাকিবৰ বাবেই মানুহে প্ৰাকৃতিক পৰিৱেশ আৰু জীৱকুলৰ ভাৰসাম্যতা ৰক্ষা কৰাৰ অতিকৈ প্ৰয়োজন৷ কিন্তু এই সকলোবোৰ উপযোগীতা বিনামূল্যেই বা অযাচিতেই পাই অহাৰ বাবেই হয়তো মানুহে প্ৰকৃতি বিনষ্ট কৰাৰ আগতে এবাৰ ভাৱি চোৱাৰ অৱকাশ নোলায়৷ এইপথতে একেগতিৰে আগবাঢ়ি গৈ থাকিলে মানৱজাতিয়ে নিজৰে কৃতকৰ্মৰ ফল বৰ্তমানতকৈও ভয়াবহভাৱে ভুগিবলৈ সাজু হ’ব লাগিব৷ আমাৰ জীৱন-ধাৰণৰ বাবে অপৰিহাৰ্য্য খাদ্য আৰু স্বাস্থ্যৰ ওপৰতে ইয়াৰ সকলোতকৈ গম্ভীৰ প্ৰভাৱ পৰিব৷ ক’ৰনা ভাইৰাছ ৰোগৰ প্ৰাদুৰ্ভাৱ আৰু ইয়াৰ পৰা হোৱা ব্যাপক ক্ষতিয়ে পুনৰবাৰ আমাক সোঁৱৰাই গৈছে যে, প্ৰাকৃতিক পৰিৱেশ ধবংসই মানৱজাতিৰ অস্তিত্ব ৰক্ষা কৰি থকা প্ৰক্ৰিয়াটোকে ধবংস কৰে৷ প্ৰকৃতিয়ে মানৱসমাজলৈ প্ৰেৰণ কৰা এই বাৰ্তাই আমাক সকলোকে জাগ্ৰত কৰি তোলক৷ বিশ্ব পৰিৱেশ দিৱস মাথোঁ এটা দিৱস নহওক, ই হওক পৰিৱেশ পুনৰুদ্ধাৰৰ এক দৃঢ় সংকল্প৷ এয়াই সকলোৰে প্ৰতি সময়ৰ আহ্বান৷