Friday 7 January 2022

নাম যাৰ জীৱন (৪): ঢকুৱাৰ ককা

চিলাপথাৰ৷ ধেমাজিৰ এখন সৰু নগৰ৷ তাতে মাহেকে-পষেকে হঠাৎ কোনোবা এদিন ঢকুৱাখনাৰ ককা ওলাইহি৷ কেৱল চিলাপথাৰলৈকে নহয়, দেউতাৰ চাকৰিৰ বদলিৰ লগে লগে আমাৰ পৰিয়ালটো ডলাৰ বগৰীৰ দৰে ঘুৰি ফুৰাৰ দিনবোৰত য’তেই দুদিন মানৰ বাবে আমি থিতাপি লওঁগৈ, ককাও তাতে ওলায়গৈ৷ 

স্মাৰ্টফোনে পৃথিৱীখন চপাই কোঁচাই অনাৰ বহু পূৰ্বৰ সময় সেয়া৷ মাজে সময়ে মাই পেহীহঁতৰ পৰা পোৱা চিঠিকেইখনৰ বাহিৰে খা-খৱৰ লোৱাৰ বিশেষ সুবিধা নাই৷ গতিকে কোনো আগতীয়া খৱৰ নোহোৱাকৈয়ে ককা ওলাইহি৷ 

মোৰ বয়স তেতিয়া প্ৰায় ছবছৰ৷ ককা আহিছে মানেই উলাহত মোৰ গা নধৰা হয়৷ কপাহী চোলা আৰু শুধ বগা ধুতিখনেৰে ওখ পাখ ককাৰ কাষে কাষে লাগি ফুৰোঁ আমি৷ আহি পাই পোনেই ককাই ঘৰৰ বাহিৰে-ভিতৰে পৰি ৰোৱা কিবা নহয় কিবা কামত হাত দিয়েহি৷ এখন্তেকো যেন এনেয়ে আৰাম কৰাৰ অভ্যাস নাই ককাৰ! আমি ৰ লাগি চাই থাকোঁতেই ককাই নিপুণ হাতেৰে ইটোৰ পিছত সিটোকৈ সাঁজি উলিয়ায় বাঁহৰ খৰাহী, বিছনী বা শোটা একোটা৷ 

প্ৰায়বোৰ কথাই আওপকীয়াকৈ কোৱাৰ অভ্যাস ককাৰ৷ যাক উদেশ্যি কৈছে তেওঁ নিজেই যেন অনুমান কৰি ল’ব পাৰিব লাগিব৷ 

’এহ, ৰাতিৰ ভাতসাঁজ আজি পলমেই হৈছে৷ সোনকাল কৰিব লাগে৷’

’ফাৰ্মাচীৰ পৰা এই ঔষধটো পাৰিলে অনাব লাগে৷’

কিন্তু সেই আওপকীয়া কথাবোৰতে সোমাই থাকে যেন এবুকু আন্তৰিকতা! টাকুৰী ঘুৰাদি ঘুৰি ঘৰুৱা কামৰ জঞ্জাল সামৰি ফুৰা মালৈ চাই ককাই উচপিচাই উঠে,

’ইমানবোৰ কাম এজনী মানুহে অকলে চম্ভালিব লগা হৈছে৷ অলপ সহায় কৰিব লাগে৷’

কৈয়ে ক্ষান্ত নাথাকি ককা নিজেই লাগি পৰে৷ পুৱা মাই কামত লগাৰ আগতেই ককা ব্যস্ত হৈ পৰে ঘটলং ঘটলং কৈ কুঁৱাৰ পানী তুলিবলৈ, কেঁকো-জেঁকোকৈ বাল্টিয়ে বাল্টিয়ে পানী কঢ়িয়াবলৈ৷ 

ককা অহা মানেই যেন মোৰ বাবে ঢকুৱাৰ গাঁৱলৈ যোৱাৰ বাট মুকলি হয়৷ শৈশৱৰ ৰম্যভূমি চাৰিকড়ীয়া নৈৰ পাৰলৈ যাবলৈ থৌকিবাথৌ হৈ উঠে মোৰ হৃদয়৷ চিলাপথাৰৰ আমাৰ ঘৰৰ পৰা ওলাবৰ দিনা ককাতকৈও আগতেই মই নতুন কাপোৰ পিন্ধি সাজু হৈ পৰোঁ৷ কেতিয়াবা আনকি মাই ’এইবাৰ নালাগে যাব’ বুলি কোৱাৰ ভয়তে আগতীয়াকৈ গৈ ওচৰৰ বাছ আস্থানত ককালৈ ৰৈ থাকোঁগৈ৷ ককাৰ কাষত বহি বাছত দুলি দুলি সমগ্ৰ বাটটো মই সপোন দেখোঁ চাৰিকড়ীয়াৰ পাৰৰ চাপৰিৰ, বিস্তীৰ্ণ ধাননি পথাৰবোৰৰ, হিলৈদাৰীৰ দ’লনিৰ জাক জাক ম’হৰ আৰু মোৰ খেলাৰ লগৰীবোৰৰ৷ 

ঢকুৱাখনা চাৰিআলিৰ পৰা বালিগাঁৱলৈ সোমোৱা বাটৰ চুকটোতে আমাৰ ঘাইঘৰ৷ ককাৰ সৈতে গৈ সেই ঘৰৰ দুৱাৰমুখ পাওঁতেই পম্পী দৌৰি আহে৷ মোৰ শৈশৱৰ প্ৰিয় বান্ধৱী খুড়াৰ ছোৱালী পম্পী৷ নাতিদূৰৈৰ খুড়াৰ ঘৰৰ সলনি তাই প্ৰায়ে নিশা কটায়হি ঘাইঘৰত কণপেহীৰ সৈতে৷ গৰমৰ বন্ধ আৰু অন্য সময়ত সুযোগ সুুবিধা পালেই চিলাপথাৰৰ পৰা ককাৰ সৈতে মই আহি পাওঁহি৷

সেই দিনবোৰত পম্পী আৰু মই হৈ পৰোঁ পৰস্পৰৰ ছাঁৰ দৰে৷ দুয়ো ককাৰ সৈতে চাপৰিত সৰিয়হ খেতি চাই চাই টঙীঘৰত বহি আমলখি খাওঁ, সন্ধিয়া চাপৰিৰ কামৰ পৰা উভতা পেহীহঁতৰ সৈতে মুঠি মুঠি ঢেকীয়া-লফা-দোৰোণশাক বুটলোঁ, চাৰিকড়ীয়াৰ পানীত মাছৰ খেলা চাই চাই দুয়ো কেতিয়াবা ঘৰলৈ উভতিবলৈকে পাহৰোঁ৷ কেতিয়াবা ককাই লৈ যায় পথাৰৰ সুঁতিত চেপাত লগা মাছ চাবলৈ৷ পথৰুৱা আলিৰ সিমূৰে দেখোঁ চিকাৰৰ আশাত জোপ দি থকা শামুকভঙা বা কাষৰে বৰটেঙা গছৰ হেলনীয়া ডালটোত গা শুকুৱাই থকা মাছোৰোকাটো৷ চেপাত লগা ছটফটীয়া সৰু-বৰ মাছবোৰ ঘৰলৈ আনি সেইদিনা বৰ তৃপ্তিৰে বাট চাওঁ পোৰা মাছৰ পিটিকাৰে দুপৰীয়াৰ ভাতসাঁজলৈ৷

চাপৰিৰ সৰিয়হ

সন্ধিয়া কাৰেন্টৰ লুকাভাকু আৰম্ভ হোৱাৰ লগে লগে পঢ়াকোঠাৰ লেমৰ শলিতা নমাই আমি কেইবাটাও নাতি-নাতিনী গৈ ককাৰ চাৰিওকাষে চোতালত বহোঁ৷ ফটফটীয়া আকাশৰ তৰা লেখি লেখি সকলোৱে ককাৰ সাধুকথা শুনো৷ বালিগাঁৱৰ এৰাবাৰীত থকা পোহনীয়া বাঁকটো বা হিলৈদাৰীৰ দ’লনিৰ দ’তৰ কাহিনী শুনি ভয়ত নিথৰ হয় আমাৰ ফুকলীয়া মন৷ দূৰণিৰ শিয়ালজাকৰ হোৱাৰ শব্দই কঁপাই যায় আমাৰ কণমান বুকু৷ পিছলৈ সেই ভূত-প্ৰেতৰ সলনি মোৰ আগ্ৰহ বাঢ়িবলৈ ল’লে জীয়া মানুহৰ সঁচা কাহিনী শুনিবলৈ, আমাৰ পূৰ্বপুৰুষৰ কাহিনী শুনিবলৈ৷ মোৰ অলেখ-অসংখ্য প্ৰশ্নৰ উত্তৰত ককাই ক’বলৈ লয়,

’আমি আচলতে ফুলপানী ছিগাৰ মানুহহে৷ সূতাৰ বেপাৰ কৰি কৰিহে এই বালিগাওঁ পাইছিলোহি৷ আহি ইয়াতে আইতাৰক লগ পাই ৰৈ দিলো!’

সকলোৰে দৰে খেতি-খোলাত নালাগি সেই তাহানিতে ককা সূতাৰ ব্যৱসায়ত কেনেকৈনো লাগি পৰিল নাজানো৷ কেতিয়াও সোধা নহ’ল ককাক৷ কিন্তু সেই ব্যৱসায় সূত্ৰে ককাই অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ভ্ৰমণ কৰাৰ কাহিনীবোৰ শুনি শুনি তধা লাগিছিলো৷ প্ৰথমবাৰৰ বাবে উপলব্ধি কৰিছিলো, পৃথিৱীখন আমি ভৱাতকৈও বহু ডাঙৰ৷ আমাৰ শৈশৱৰ এই পৰিধিৰ বাহিৰত আছে বহুতো নতুন ঠাই, ভিন্ন তাৰ জীৱনৰ ৰূপ৷ সেই নজনা-নেদেখা ঠাইবোৰে, জীৱনৰ ভিন্ন ৰং-ৰূপে মোক যেন অহৰহ হাত বাউলি দিবলৈ ল’লে তেতিয়াৰ পৰাই! 

বালিগাওঁখন আইতাৰ গাওঁ৷ আইতাৰ বংশ পৰিয়ালৰ সৈতে এক হৈ তাতে ৰৈ গ’ল ঢকুৱাৰ ককা৷ তেতিয়াৰ দিনত হয়তো সেয়াও এক ব্যতিক্ৰম৷ বহুবছৰৰ পিছত এদিন হোমেন বৰগোহাঞিৰ এখন কিতাপত আৱিষ্কাৰ কৰিলো ঢকুৱাৰ ককাৰ বিষয়ে এটি লেখা৷  সেই গাৱঁতে ডাঙৰ হোৱা হোমেন বৰগোহাঞিয়ে অশিক্ষিত ককাৰ হৈ আইতালৈ প্ৰেমৰ চিঠি লিখাৰ কাহিনী! ককাৰ আইতালৈ দিয়া প্ৰেমৰ সেই চিঠি হেনো হোমেন বৰগোহাঞিয়ে লিখা জীৱনৰ প্ৰথম প্ৰেমপত্ৰ! কি এক আশ্চৰ্য্য, কি এক পুলক সেয়া৷ ককাক আদ্যোপান্ত সোধাত মাথোঁ এটা হাঁহিৰে সামৰি থ’লে৷ সেয়া যে ককাৰ একান্তই নিজা এক অধ্যায়! 

ঢকুৱাৰ ককা আৰু আইতা

ঢকুৱাত থিতাপি লৈ গাৱঁৰ অন্য ডেকাৰ সৈতে মাটি ভাঙি বিঘাৰ পিছত বিঘা খেতি মোকলাইছিল ককাই৷ ককাৰ সপোন আছিল- ইমানবোৰ মাটি-সম্পত্তি, তেওঁৰ তিনিওটি ল’ৰাই তাতে একেলগে খেতি-খোলা কৰি খাব, মিলিজুলি ঘৰ-সংসাৰ তৰিব৷ সেই সপোনৰ আপাহতেই আমি য’তেই নাথাকো ত’তেই ওলাইছিলগৈ ককা৷ ডলাৰ বগৰীৰ জীৱন এৰি বালিগাঁৱত আপোন মানুহবোৰৰ সৈতে থিতাপি লোৱাৰ কথা কৈছিল প্ৰতিবাৰে৷ সেই সপোন খেদিয়ে আমি সপৰিয়ালে এদিন চিলাপথাৰ এৰি আহি ঢকুৱাখনা পালোহি৷ কিন্তু বাস্তৱৰ নিৰ্মম কৰাঘাতত ককাৰ সেই সপোন কাঁচৰ দৰে ভাঙি থান বান হৈ গ’ল৷ আমিবোৰ যেন হৈ ৰ’লো মাথোঁ পুতলা নাচৰ অসহায়, নিৰ্বাক একো একোটা পুতলা৷ সেই হেৰুৱা সপোনৰ বহু দুখ লৈয়ে এদিন ককা নিজেই হেৰাই গ’ল৷ ২০০৮ চনৰ ১০ জুলাই আছিল সিদিনা৷

তথাপিও, অতবছৰৰ পিছতো, যেতিয়াই ধাননি পথাৰৰ আঘোণ আঘোণ গোন্ধটো নাকত লাগেহি, এডোঙা পানীত জোপ লৈ থকা কণামুচৰি বা শামুকভঙা চৰাই এটি ভালকৈ চাবলৈ বাইন’কুলাৰ তুলি লওঁ, যেতিয়াই তৰাৰে জিলিকা আকাশখনলৈ চাই চাই বিভোৰ হৈ পৰোঁ, মোৰ ককালৈ মনত পৰে৷ প্ৰতিবাৰে এখন নতুন ঠাইৰ, নতুন অভিজ্ঞতাৰ হেঁপাহে হাত বাউলি মাতিলে মোৰ ককালৈ মনত পৰে৷ ককাৰ বহুতো সপোন আধৰুৱা হৈ ৰ’ল৷ কিন্তু সেই একেজন ককাই বহুতো নতুন সপোনৰ গুটি সিঁচি গ’ল মোৰ ফুলকুমলীয়া মনত৷ সেই সপোনবোৰৰ মাজতে নজহা-নপমা সোঁৱৰণি হৈ ৰ’ল ঢকুৱাৰ ককা৷

পূৰ্বৰ খণ্ডসমূহ

নাম যাৰ জীৱন (১)
নাম যাৰ জীৱন (২): হাতীৰ পিঠিয়েদি এটা বাট
নাম যাৰ জীৱন (৩): শিপাৰ সন্ধানত