Saturday, 28 March 2026

হেৰুৱা সোৱাদৰ স্বৰগম

সৰুৰে পৰা পেৰা মোৰ প্ৰিয় মিঠাই। সুযোগ পালেই মায়ে ঘৰলৈ পেৰা আনিছিল। বহুবছৰ ধৰি আমাৰ এটা নিজা ৰুটিন আছিল, পুৱা গাখীৰ দিয়া কাঢ়া চাহ একাপৰ সৈতে পেৰা বা আন কোনো মিঠাই লৈ দুয়ো বাৰাণ্ডাত একেলগে বহোঁ। সন্মুখৰ ফুলনিখন চাই চাই মা আৰু মই সুখ-দুখৰ মালিতা মেলোঁ। সময় থমকি ৰোৱা কিছু ক্ষণ সেয়া।কিন্তু লাহে লাহে এই সৰু সৰু সুখবোৰ নীৰৱে আঁতৰিবলৈ ধৰিলে। প্ৰথমে মিঠাইবোৰ বাদ পৰিল। তাৰ পিছত গাখীৰ দিয়া চাহকাপৰ ঠাইত আহিল ফিকা চাহ। পচন্দৰ বাবে নহয়, বাধ্যত পৰিহে। কাৰণ মোৰ শৰীৰে সেই সময়তে এক নীৰৱ বিদ্ৰোহ আৰম্ভ কৰিলে। প্ৰতি কাপ চাহত, প্ৰতিবিধ মিঠাইত —গাখীৰ থকা সকলো খাদ্যতে।

শৰীৰৰ এই বিদ্ৰোহ প্ৰথমতে মনেৰে মানিবলৈ টান হ'ল। সৰুৰে পৰা খাই অহা এবিধ খাদ্য হঠাতে কেনেকৈ খাব নোৱাৰা হৈ পৰিব পাৰে? সেই অবিশ্বাসতে বহু বছৰ কটাই দিলোঁ—মন আৰু শৰীৰৰ মাজত এক অদৃশ্য টনা-আঁজোৰা চলি থাকিল। মাজে-সময়ে হেঁপাহতে দৈ অলপ বা গাখীৰ দিয়া মিঠাইৰ এটুকুৰা খাই পাওঁ। তাৰ পিছত একেই আমনি—  বদহজম, পেট ফুলা বা পেটৰ বিষ। প্ৰতি বাৰেই ভাবোঁ—“এয়া কেনেকৈ সম্ভৱ? কেনেকৈ?  

এই প্ৰশ্নৰ উত্তৰ স্পষ্ট হ’বলৈ ধৰিলে অৰুণাচলৰ পৰ্বতীয়া অৰণ্যত গৱেষণা কৰি থকাৰ সময়ত। সেই ভিতৰুৱা ঠাইবোৰত সতেজ গাখীৰ পোৱা টান। গতিকে সকলোৰে পাকঘৰত আমুলৰ পাউডাৰ গাখীৰ। অসমৰ দৰে সেই গাওঁবোৰতো পৰম্পৰা- আলহীক ডাঠকৈ গাখীৰ চাহ একাপ আগবঢ়োৱা। বিশেষ আলহীৰ বাবে এচামুচৰ সলনি দুচামুচ পাউডাৰ মিহলাই কৰা গাখীৰ চাহ।  এদিন গাওঁ ফুৰিবলৈ গৈ তিনিঘৰত তেনে তিনিকাপ গাখীৰ চাহত চুমুক দিলোঁ। জনজাতীয় মানুহৰ সৰলতা আৰু অতিথিপৰায়ণতাই যেন চাহকাপ অস্বীকাৰ কৰিবলৈ বাধা দিলে। অৱধাৰিতভাৱেই পেটৰ বিষত কাতি হৈ সেই নিশা উজাগৰে কটালোঁ।

পিছৰবাৰ আকৌ গাওঁ ফুৰিবলৈ ওলাওঁতে সহকৰ্মী উমেশক কিছু সংকোচেৰে ক'লোঁ, “মোৰ হৈ তুমিয়ে চাহকাপ খাব পাৰিবানে? গাৱঁৰ সৰল মানুহবোৰক না ক'বলৈ বেয়া লাগে!”   

উমেশে হাঁহি হাঁহি মূৰ দুপিয়ালে। মানুহঘৰত আথেবেথে চিনামাটিৰ ফুলকটা কাপত গাখীৰ চাহ দুকাপ উলিয়াই আনিলে। বিনা প্ৰতিবাদে মই চাহকাপ হাতত ল'লোঁ, কিন্তু মুখত নিদিলোঁ। দুয়োযোৰ কাপ-প্লেট একেলগে থোৱাৰ সুযোগ লৈ উমেশেই যিমান পাৰে চাহ খালে।আমাৰ সেই কাৰবাৰ ভাগ্যে গৃহস্থৰ চকুত নপৰিল।সেইদিনাহে যেন প্ৰথমবাৰৰ বাবে মোৰ শৰীৰৰ সীমাবদ্ধতা স্বীকাৰ কৰিলোঁ। মানি ল'লোঁ বহুদিন ধৰি অস্বীকাৰ কৰি অহা সত্যটো—মই লেক্ট'জ অসহিষ্ণুতা (lactose intolerance)ত ভুগি আছোঁ

লেক্ট’জ অসহিষ্ণুতাৰ অৰ্থ হ’ল—গাখীৰ বা গাখীৰেৰে তৈয়াৰী খাদ্য হজম কৰিব নোৱাৰা। ডাক্টৰে জনালে, মোৰ শৰীৰত লেক্টেইজ (lactase) নামৰ এনজাইম বা উৎসেচকৰ অভাৱ। এই উৎসেচকবিধে গাখীৰত থকা লেক্ট’জ ভাঙি শৰীৰে শোষণ কৰিব পৰা ৰূপলৈ পৰিণত কৰে। এই উৎসেচকৰ পৰিমাণ কমি গ'লে অপাচ্য লেক্ট’জ বৃহদান্ত্ৰলৈ গৈ বেক্টেৰিয়াৰ সৈতে ক্ৰিয়া কৰে। তাৰ ফলত গেছ, পেট ফুলা বা বিষ আদি লক্ষণে দেখা দিয়ে।

জানি আচৰিত হ’লোঁ যে বয়স বঢ়াৰ লগে লগে বহু মানুহৰ শৰীৰত স্বাভাৱিকতেই লেক্টেইজৰ পৰিমাণ কমি আহে। সেয়ে জীৱনৰ এটা সময়ৰ পিছত হঠাতে গাখীৰ অসহ্য লাগিবলৈ আৰম্ভ কৰে। কিছুমান ক্ষেত্ৰত অন্ত্ৰৰ অসুখ বা সংক্ৰমণেও এই সমস্যা বঢ়াব পাৰে। ডাক্টৰৰ পৰাই গম পালোঁ—এই সমস্যা কেৱল মোৰ নহয়, বিশ্বজুৰি বহু মানুহৰ এয়া দৈনন্দিন অভিজ্ঞতা। বিশেষকৈ আফ্ৰিকা, এছিয়াৰ লোক আৰু আমেৰিকাৰ খিলঞ্জীয়া জনগোষ্ঠীৰ মাজত হেনো লেক্ট'জ অসহিষ্ণুতাৰ প্ৰবণতা অধিক  

লেক্ট'জ অসহিষ্ণুতাৰ বিষয়ে সম্যক জ্ঞানে মোৰ মনলৈ যথেষ্ট স্বস্তি আনি দিলে। নিজৰ শৰীৰক দোষ দিয়াৰ সলনি বুজিবলৈ শিকিলোঁ। প্ৰয়োজন হ’লে সহায় হিচাপে ল'বলৈ আৰম্ভ কৰিলোঁ লেক্টাচিড (Lactaid) জাতীয় টেবলেট। এই টেবলেটে গাখীৰৰ লেক্ট’জ ভাঙিবলৈ সহায় কৰে। কেনেবাকৈ ভুলতে গাখীৰ জাতীয় খাদ্য খাই পালে টেবলেট এটাও মুখত দিওঁ। লোভ সামৰিব নোৱাৰি গাখীৰেৰে কৰা মিঠাই বা অন্য খাদ্য কেতিয়াবা জানি- বুজিয়ে খালে আগতীয়াকৈ এটাৰ সলনি দুটাকৈ টেবলেট খাই লওঁ।  

পিছে এই সমস্যা কেৱল শাৰীৰিকেই নহয়— সামাজিকো। অসম বা ভাৰতৰ বহু ঠাইত বহুবাৰ সামাজিক পৰিৱেশত অস্বস্তিত পৰিছোঁ। সেই পৰ্ববোৰত গাখীৰৰ মিঠাই, পায়স, পনীৰৰ পৰা আৰম্ভ কৰি বহু খাদ্যই মোৰ জীভাৰ পানী আনিছে। তাৰ মাজত নিজৰ বাবে বিকল্প বিচাৰিবলৈ অসহজ হৈ পৰিছোঁ। কাৰোবাৰ সেয়া চকুত পৰিলেতো কথাই নাই- “কিয় খোৱা নাই? এয়া লোৱা” বুলি একপ্ৰকাৰ জোৰ কৰিবলৈ আৰম্ভ কৰিছে। এয়াও আমাৰ অতিথিপৰায়ণতাৰে চিন। কিন্তু তাত যেন এতিয়াও লেক্ট'জ অসহিষ্ণুতাৰ দৰে বহু শাৰীৰিক সীমাবদ্ধতাৰ কোনো ঠাই নাই। সেয়ে প্ৰায়ে সেই কথা এৰাই চলাৰ চেষ্টা কৰোঁ। কেতিয়াবা বাধ্যত পৰি অস্ফুটভাৱে কৈ পালে লগে লগে শ্ৰোতাগৰাকীৰ দুচকু ডাঙৰ হৈ পৰে। আশ্চৰ্যচকিত মাতেৰে কয়, 

“হেই, কি কোৱা! এইবোৰ শ্বেতাংগ মানুহৰহে সমস্যা। ভাৰতীয় মানুহৰ এনে ৰোগ নহয়তো!

ঠিকেই! আমাৰ সমাজত এতিয়াও খাদ্য-সম্পৰ্কীয় এনে সমস্যা প্ৰায়ে এক ফেশ্বন বুলিহে ধৰা হয়। ডেইৰী ফ্ৰী, গ্লুটেন ফ্ৰী, নাট ফ্ৰী, ভিগান- এইবোৰ সেই ফেশ্বনৰে অংশ নহয় জানো? তেনে ধাৰণাই খাদ্যক লৈ আমাৰ বাচ-বিচাৰ যে বহুসময়ত এক বাস্তৱ বাধ্যবাধকতা সেই কথা ভাৱি চাবলৈ আহৰি নিদিয়ে। 

আপোন ঠাই আৰু দেশ এৰি আহি বিদেশত থিতাপি লোৱাৰে পৰা পিছে এক ভিন্ন পৰিৱেশৰ সন্মুখীন হৈছোঁ। সামাজিক নিমন্ত্ৰণ বা ৰেষ্টোৰাঁত এসাজ খাবলৈ গ'লে প্ৰায়ে সোধে, “কিবা খাদ্য-সম্পৰ্কীয় সীমাবদ্ধতা (dietary restriction) আছে নেকি?” সেই এটা প্ৰশ্নই যেন এক বিৰল স্বস্তি আনি দিয়ে! গৃহস্থ বা আলহী কোনো অসুবিধাত নপৰাকৈ সামাজিক পৰ্ব ৰক্ষা কৰাৰ বাট এটা মুকলি কৰে। 

প্ৰথমবাৰ মোৰ জীৱনসংগী কাইলৰ পৰিয়ালক লগ পাবলৈ ওলাইছোঁ। ককাক-আইতাকৰ ঘৰত বৰদিন উপলক্ষে পৰিয়ালৰ সকলোবোৰ লগ হৈছে। কেনেডিয়ান পৰিয়াল- গতিকে স্বাভাৱিকতে প্ৰায়বোৰ খাদ্যত চীজৰ পয়োভৰ। কিন্তু গম পালোঁ- বৰদিনৰ সকলো খাদ্য লেক্ট'জ ফ্ৰী।কাইলে হেনো আগতীয়াকৈ পৰিয়ালৰ সকলোকে জনাই থৈছিল। সেয়ে সকলো খাদ্যত গাখীৰৰ সলনি বিকল্প উপাদান যোগ দি ৰান্ধিছে। সেই মুহূৰ্তত ভাৱ হৈছিল, খাদ্যৰ যোগেদিয়ে যেন পৰিয়ালটোৱে মোক গ্ৰহণ কৰি লৈছে- মোৰ সকলো সীমাবদ্ধতা সহজভাৱে মানি লৈছে। সেইদিনা নিমিষতে আপোন যেন হৈ পৰিছিল সেই বিদেশী পৰিয়ালটো!

কেতিয়াবা অৱশ্যে তেনে সহমৰ্মিতাৰ মাত্ৰাধিক্যই অস্বস্তিতো পেলায়। এবাৰ সহকৰ্মীৰ দলৰ সৈতে এখন ৰেষ্টোৰাঁত দুপৰীয়াৰ আহাৰৰ বাবে বহিছিলোঁগৈ। ৱেইট্ৰেছে অৰ্ডাৰ লোৱাৰ পৰত লাহেকৈ সুধিলোঁ, মোৰ খাদ্যত গাখীৰৰ কিবা উপাদান আছে নেকি? লগে লগে যুৱতীগৰাকীৰ চকুৰ ভ্ৰু কোঁচ খালে। ক'লে, তেওঁ পাকঘৰলৈ গৈ ৰান্ধনিক এবাৰ সুধি জনাব। তাৰপিছত তেওঁ এবাৰ নহয়, দুবাৰ মোৰ সৈতে খাদ্যৰ উপাদান পৰীক্ষা কৰিলেহি। শেষত মোৰ সন্মুখত থ'লেহি—শুকান ব্ৰেড আৰু মৰমৰীয়া চালাডৰ বাতিটো। গম পালোঁ, মোৰ খাদ্যৰ পৰা গাখীৰৰ কণা এটাও থকা বুলি সন্দেহ হোৱা সকলো উপাদান আঁতৰাই দিছে। মোৰ খাদ্যৰসিক মনটো যেন জয় পৰি গ'ল। তাৰপিছৰে পৰা যিকোনো ৰেষ্টোৰাঁলৈ গ'লে বুজাই ক'বলৈ লৈছোঁ, গাখীৰ সহ্যহে কৰিব নোৱাৰোঁ।ভয় খাবলগীয়া একো নাই। এয়া ডিঙি ফুলি উশাহ ল'ব নোৱাৰা হৈ পৰা ধৰণৰ কোনো মাৰাত্মক এলাৰ্জী নহয়!

বিদেশৰ প্ৰায়বোৰ ঠাইতে গাখীৰৰ বিকল্প বহু সামগ্ৰী পাবলৈকো সহজ। অ'ট বা এলমণ্ডৰ গাখীৰ, লেক্ট'জ ফ্ৰী চীজ বা গাখীৰৰ সলনি নাৰিকলৰ ক্ৰীম আদিৰে কৰা সামগ্ৰী প্ৰায় সকলো দোকানতে কিনিবলৈ পোৱা যায়। গতিকে কানাডাত থিতাপি লোৱাৰে পৰা বহু খাদ্য গাখীৰ অবিহনেই ৰান্ধিব পৰা হৈছোঁ। তথাপি আজিও মই দৈ, মিঠাই, পনীৰৰ সোৱাদক লৈ নষ্টালজিয়াত ভোগোঁ। কিন্তু এতিয়া অন্ততঃ নিজৰ শৰীৰৰ কথা শুনিবলৈ শিকিছোঁ। লাজ-সংকোচ নকৰাকৈ মুখ ফুটাই ক’ব পৰা হৈছোঁ—“মই সেয়া খাব নোৱাৰোঁ, বেয়া নাপাব।” 

বাৰাণ্ডাত বহি মাই এতিয়াও গাখীৰ চাহ একাপ লৈ দিনটোৰ আৰম্ভণি কৰে। মই সাত সাগৰ তেৰ নদীৰ সিপাৰৰ পৰা ফোনত কথা হওঁ —সন্মুখৰ চোতাল আৰু ফুলনিৰ সেই স্নিগ্ধ ৰাতিপুৱাবোৰ সোঁৱৰণিৰ পটত জিলিকি উঠে।  এনে এটা দিনতে মাই ক'লে, দেউতাৰ পেটৰ অসুখ। কিয়, কি খাইছিল? বিহুৰ সময় যেতিয়া ঘৰে-বাহিৰে পিঠা-পনা আৰু ম'হৰ এঠা দৈৰ জা-জলপান খাইছে। আৰু বেলেগ একোতো খোৱা নাই। বেকাঁ হাঁহি এটাৰে মই ক'লোঁ, 

“দেউতাৰো লেক্ট'জ অসহিষ্ণুতা কিজানি!”

Sunday, 8 March 2026

পাটকাই সময় বনাম ভাৰতীয় সময়

ভাৰত-ম্যানমাৰ সীমান্তৰ পাটকাই পৰ্বতমালাৰ বুকুত এখন সৰু নগা গাঁও—ফাকিম। চৰাইৰ গৱেষণাৰ কামত জীৱনৰ এছোৱা সময় সেই গাঁৱৰ আলহী হৈ আছিলোঁগৈ। লাহে লাহে গাঁৱৰ দৈনন্দিন ছন্দত অভ্যস্ত হৈ পৰিছিলোঁ। পুৱা চাৰি বজাৰ আগতেই কুকুৰাৰ ডাকে ফাকিমৰ নিস্তব্ধতা ভাঙে। চৰাই পৰ্যবেক্ষণ কৰিবলৈ সূৰ্য উঠাৰ আগতেই অৰণ্য পাবগৈ লাগে। সেয়ে প্ৰতিদিনে পুৱতি নিশা তিনিবজাত গাঁওবুঢ়াৰ আলহী কোঠাৰ পৰা ওলাই আহোঁ। মূৰত হেডলেম্প আঁৰি লুংলুঙীয়া বাটেৰে পাহাৰ বগাবলৈ আৰম্ভ কৰোঁ। গৱেষণাৰ ঠাই পাওঁগৈ মানে সূৰ্যৰ প্ৰথম কিৰণে নগা পাহাৰৰ শিখৰ চুই যায়, চৌদিশৰ অৰণ্য লাহে লাহে সাৰ পাই উঠে। আবেলিৰ বেলি পৰিলেই গাঁৱৰ পঁজাঘৰত চৌকা জ্বলে। আখুনি দিয়া শাক আৰু শুকান মাংস চচপেনত উতলে। চৌকাৰ চাৰিওকাষে বহি লৈ ফুটগধূলিতে আমি একেলগে ভাত খাওঁ। সন্ধিয়া সাত বজাৰ আগতেই সকলো বিছনাত পৰোঁগৈ। 

ফাকিম গাঁৱৰ দৰেই উত্তৰ-পূবৰ জীৱনধাৰা ঘড়ীৰ সময়তকৈ সূৰ্যৰ প্ৰাকৃতিক গতিৰ সৈতে অধিক সংযোজিত হৈ আহিছে। ভাৰতৰ অন্য ঠাইতকৈ বহু আগতেই সাধাৰণতে উত্তৰ-পূবত দৈনন্দিন জীৱন আৰম্ভ হয়। কাৰণ উত্তৰ-পূব আৰু পশ্চিম ভাৰতৰ সূৰ্যোদয় আৰু সূৰ্যাস্তৰ সময়ৰ যথেষ্ট পাৰ্থক্য আছে। তথাপি সমগ্ৰ দেশখনে একে সময় অৰ্থাৎ ভাৰতীয় মান সময় (Indian Standard Time) অনুসৰণ কৰে। এইখিনিতে মনলৈ আহে সময়-মণ্ডলী বা টাইম জ'নৰ প্ৰসংগটো।

সূৰ্যৰ প্ৰাকৃতিক গতিৰ সৈতে দৈনন্দিন জীৱন খাপ খুৱাই লোৱাৰ উদেশ্যেৰেই সময়-মণ্ডলীৰ ধাৰণাটো সৃষ্টি হৈছে। আমি সকলোৱে জানোঁ, পৃথিৱীৰ আৱৰ্তনৰ লগে লগে ভিন্ন ঠাইত ভিন্ন সময়ত সূৰ্যৰ পোহৰ পৰে। সেইবাবেই অসমৰ পুৱা পৃথিৱীৰ সিমূৰত থকা আমেৰিকাত নিশা হয়। সমগ্ৰ পৃথিৱীখনক ৩৬০ ডিগ্ৰী ৰেখাংশৰে বিভক্ত কৰি সময় মণ্ডলীৰ হিচাপ কৰা হয়।পৃথিৱীয়ে যিহেতু ২৪ ঘণ্টাত এটা আৱৰ্তন সম্পূৰ্ণ কৰে, সেয়ে প্ৰতি ১৫ ডিগ্ৰী ৰেখাংশই প্ৰায় এক ঘণ্টা সময়ৰ পাৰ্থক্য সৃষ্টি কৰে। যিমান পূৱলৈ যাব, সময় আগবাঢ়ে আৰু পশ্চিমলৈ গ’লে সময় সিমানে পিছলৈ যায়। 

সমন্বিত সাৰ্বজনীন সময় (Coordinated Universal Time – UTC)ৰ তুলনাত পৃথিৱীৰ বিভিন্ন দেশৰ সময়-মণ্ডলী। মানচিত্ৰৰ তলত দিয়া সংখ্যাবোৰে প্ৰতিটো অঞ্চল সমন্বিত সাৰ্বজনীন সময়তকৈ কিমান ঘণ্টা আগত (ঋণাত্মক চিহ্ন) বা পিছত (ধনাত্মক চিহ্ন) অৱস্থিত সেয়া দেখুৱাইছে। (উৎস)

ভাৰতীয় মান সময় (Indian Standard Time, IST) ৮২.৫ ডিগ্ৰী পূৱ ৰেখাংশৰ ওপৰত নিৰ্ধাৰিত (UTC + 5:30)এই ৰেখাংশ উত্তৰপ্ৰদেশৰ প্ৰয়াগৰাজৰ মাজেদি গৈছে। কিন্তু ভাৰতৰ পূৱ-পশ্চিম দিশৰ বিস্তৃতি প্ৰায় ৩ হাজাৰ কিলোমিটাৰৰো অধিক। সময়-মণ্ডলীৰ হিচাপত এই পাৰ্থক্য প্ৰায় ৩০ ডিগ্ৰী ৰেখাংশ। সেইবাবেই উত্তৰ-পূবৰ নাগালেণ্ড আৰু গুজৰাটৰ সূৰ্যোদয়ৰ সময়ৰ মাজত প্ৰায় দুঘণ্টাৰ পাৰ্থক্য।তেন্তে সমগ্ৰ দেশখনে এটা মাত্ৰ সময় অনুসৰণ কৰাটো কিমান যুক্তিপূৰ্ণ? 

উত্তৰ-পূব ভাৰতৰ ক্ষেত্ৰত এই প্ৰশ্নটো বহুদিনৰ পৰা উত্থাপিত হৈ আহিছে। সেই প্ৰশ্নৰ পৰাই জন্ম লৈছে উত্তৰ-পূব ভাৰতৰ বাবে এক বিশেষ সময় মণ্ডলী পাটকাই সময়ৰ প্ৰস্তাৱপোনপ্ৰথমে পাটকাই সময়ৰ প্ৰস্তাৱ উত্থাপন কৰা ব্যক্তিগৰাকী হ'ল প্ৰসিদ্ধ অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা জাহ্নু বৰুৱা।  ১৯৭৬ চনত ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ISRO) ত বিজ্ঞানীৰূপে কৰ্মৰত হৈ থকা কালতে তেওঁ এই প্ৰস্তাৱ দিছিল। ইয়াৰ সপক্ষে তেওঁ চাহ বাগান সময়ৰ উদাহৰণ দাঙি ধৰিছিল। স্থানীয় জীৱনৰ সৈতে খাপ খুৱাই ল'বলৈ ব্ৰিটিছ শাসনকালতে অসমৰ চাহ বাগিচাসমূহত এই চাহ বাগান সময় (Chai Bagan Time) ব্যৱহাৰ কৰা হৈছিল। এই সময় ভাৰতীয় মান সময়তকৈ প্ৰায় এঘণ্টা আগবঢ়া আছিল। সেই ব্যৱস্থা ব্যৱহাৰিকভাৱে সফল হৈছিল কিন্তু এই প্ৰথা স্বাধীনতাৰ পিছত লুপ্ত হৈ পৰিল। লগতে দশকজোৰা প্ৰচেষ্টাৰ পিছতো জাহ্নু বৰুৱাৰ পাটকাই সময়ৰ প্ৰস্তাৱ এতিয়াও এক অলীক সপোন হৈয়ে ৰৈছে। 

জাহ্নু বৰুৱা; ফটো: বিষ্ণু শইকীয়া

পাটকাই সময় কেৱল জীৱনধাৰাৰ দাবী নহয়—এইটো শক্তি সংৰক্ষণ আৰু অৰ্থনৈতিক দক্ষতাৰ প্ৰশ্ন। বৰ্তমান সময় অনুসৰি ভাৰতৰ বাকী অংশত মানুহ শুই থকা সময়তেই উত্তৰ পূবত ধলফাট দিয়ে। কিন্তু ভাৰতীয় মান সময়মতে কাৰ্যালয় আৰম্ভ হয় পুৱা দহ বজাত—তেতিয়া স্থানীয় সময় অনুসাৰে প্ৰায় দুপৰ হয়গৈ।ফলত মূল্যবান প্ৰাকৃতিক পোহৰৰ সদ্ব্যৱহাৰ নহয়। আনহাতে সন্ধিয়া পাঁচ বা ছয়বজাতে আন্ধাৰ নামি আহে। ফলত বিদ্যুৎ আৰু শক্তিৰ অপচয় হয়। বহুতে আনকি উত্তৰ-পূবৰ দুৰ্বল কৰ্মসংস্কৃতিৰো গুৰিতে এই সময়ৰ পাৰ্থক্যই হ্ৰাস কৰা উৎপাদনশীলতা বা কৰ্মক্ষমতা বুলি ক'ব খোজে। 

আমাৰ অজানিতেই সময়-মণ্ডলীৰ অসমতাই স্বাস্থ্যতো প্ৰভাৱ পেলায়। কাৰণ আমাৰ দেহঘড়ী (Body Clock) সূৰ্যৰ প্ৰাকৃতিক গতিৰ সৈতে ওত:প্ৰোতভাৱে সংযোজিত। গৱেষণাই দেখুৱাইছে যে ঘড়ীৰ সময় আৰু প্ৰাকৃতিক সময়ৰ সামঞ্জস্য নাথাকিলে মানুহৰ টোপনি ভাল নহয়। উত্তৰ-পূবৰ স্থানীয় সময় ভাৰতীয় মান সময়তকৈ প্ৰায় দুঘণ্টা আগবঢ়া হ'লেও আমি ভাৰতীয় মান সময় মানি দৈনন্দিন কাম-কাজ চলাই নিওঁ। অফিচ-কাৰ্যালয় পুৱা দহ বজাত আৰম্ভ হোৱাৰ বাবে আমি যদি নবজাত ৰাতিপুৱাৰ আহাৰ খাওঁ, সেয়া প্ৰকৃততে স্থানীয় সময় অনুসাৰে প্ৰায় দুপৰ হ’বৰ হয়। তেনেদৰে নিশা দহবজাত ৰাতিৰ ভাতসাঁজ খোৱা মানে উত্তৰ-পূবত প্ৰায় মাজনিশা। এনে দীর্ঘদিনীয়া অসামঞ্জস্যতাই শাৰীৰিক আৰু মানসিক দুয়ো দিশতে হানি কৰিব পাৰে। 

জাহ্নু বৰুৱাৰ মতে ভাৰতৰ অন্য ঠাইৰ তুলনাত উত্তৰ-পূবৰ প্ৰাকৃতিক সময়ৰ দুঘণ্টা পাৰ্থক্যৰ প্ৰভাৱ সুদুৰপ্ৰসাৰী। কাৰণ প্ৰতিদিনে যদি আমি কেৱল ছঘণ্টা উৎপাদনশীল সময় পাওঁ, তেন্তে স্বাধীনতাৰ পিছৰে পৰা ভাৰতীয় মান সময় অনুসৰণ কৰাৰ ফলত উত্তৰ-পূবে উৎপাদনশীলতাৰ ক্ষেত্ৰত ইতিমধ্যে ২৫ বছৰৰো অধিক সময় হেৰুৱাইছে। তাৰ পৰিৱৰ্তে, পশ্চিম ভাৰতৰ মানুহে দিনৰ পোহৰ অধিক ফলপ্ৰসূভাৱে ব্যৱহাৰ কৰিব পাৰে। ফলত এই অঞ্চলসমূহ অধিক উৎপাদনশীল আৰু সমৃদ্ধ হয়। এয়াও উত্তৰ-পূবৰ ক্ষেত্ৰত এক “অদৃশ্য অসমতা” নহয়নে? 

পাটকাই সময়ৰ প্ৰস্তাৱ মাজে সময়ে উত্থাপিত হৈ আহিছে যদিও এয়া এতিয়াও এক অলীক সপোন হৈ ৰৈছে।  ২০১৪ চনত অসমৰ সেইসময়ৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে উত্তৰ-পূবৰ বাবে পৃথক সময়-মণ্ডলীৰ প্ৰস্তাৱ আগবঢ়াইছিল। গগৈৰ সমৰ্থন জনাইছিল অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডয়েও। পৰৱৰ্তী সময়ত অসমৰ বিজেপি চৰকাৰে এই বিষয়টো কেন্দ্ৰীয় চৰকাৰৰ আগত উত্থাপন কৰিছিল।কেন্দ্ৰীয় চৰকাৰে পৃথক সময়-মণ্ডলীৰ সম্ভাৱনা পৰ্যালোচনাৰ বাবে বিজ্ঞান আৰু প্ৰযুক্তি বিভাগ (Department of Science and Technology)ৰ নেতৃত্বত এটা অধ্যয়ন সম্পন্ন কৰিছিল। এই অধ্যয়নৰ লক্ষ্য আছিল দেশত দুটা পৃথক সময়-মণ্ডলী থাকিলে শক্তি সঞ্চয়ৰ সম্ভাৱনা কেনে সেয়া বিচাৰি কৰি চোৱা। কিন্তু এই অধ্যয়নৰ পূৰ্বেই ২০১৭ চনত গুৱাহাটী উচ্চ ন্যায়ালয়ে উত্তৰ-পূবৰ বাবে পৃথক সময়-মণ্ডলী স্থাপন কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক নিৰ্দেশ দিয়াৰ দাবীত দাখিল কৰা এক জনস্বাৰ্থ জড়িত আবেদন (PIL) খাৰিজ কৰে। কেন্দ্ৰীয় চৰকাৰে আদালতত জনায় যে ভাৰতীয় বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়ৰ এখন উচ্চস্তৰীয় সমিতিয়ে এই বিষয়টো ইতিমধ্যে পৰ্যালোচনা কৰিছে, আৰু সমিতিয়ে সমগ্ৰ দেশত একক আৰু অভিন্ন মান সময় অব্যাহত ৰাখিবলৈ পৰামৰ্শ আগবঢ়াইছে। 

বহুতে একাধিক সময়-মণ্ডলী থাকিলে বিভ্ৰান্তি বা ৰাষ্ট্ৰীয় একতাৰ ক্ষতি হোৱাৰ আশংকা প্ৰকাশ কৰে।  কিন্তু আজিৰ এই আধুনিক প্ৰযুক্তিৰ এয়া কোনো অসাধ্য পদক্ষেপ নহয়। ৰেল, বিমান আৰু প্ৰশাসনিক ব্যৱস্থাত মান সময় মানি অন্য ক্ষেত্ৰত আঞ্চলিক সময় প্ৰয়োগ কৰিব পৰা যায়। ইয়াৰ প্ৰমাণ দিছে ভাৰততকৈও ভৌগোলিকভাৱে অধিক বিস্তৃত বিশ্বৰ বহু দেশে। উদাহৰণস্বৰূপে আমেৰিকাত বাৰটা আৰু ৰাছিয়াত এঘাৰটাকৈ পৃথক সময়-মণ্ডলী ব্যৱহাৰ হয়। গতিকে দেশৰ ভিন্ন অংশৰ লোকে সূৰ্যৰ প্ৰাকৃতিক সময় অনুসৰি নিজৰ দিন আৰম্ভ কৰিব পাৰে। ইয়াৰ ফলত পোহৰৰ সদ্ব্যৱহাৰ ভাল হয়, শক্তি সঞ্চয় হয় আৰু উৎপাদনশীলতাও বৃদ্ধি পায়। একাধিক সময় মণ্ডলী ব্যৱহাৰ কৰা বাবে এই দেশবোৰৰ বিমান সেৱা বা ৰাষ্ট্ৰীয় একতাৰ কোনো ঋণাত্মক প্ৰভাৱ পৰা নাই। 

সময় মণ্ডলী- ঘড়ীৰ কাঁটা আৰু সূৰ্যৰ প্ৰাকৃতিক গতি

আজি প্ৰায় এটা দশক ধৰি মই কানাডাৰ নিবাসী। মাটিকালিৰ দিশৰ পৰা ভাৰতৰ তুলনাত কানাডা তিনিগুণ বৃহৎ। এই দেশৰ পূবৰ পৰা পশ্চিমলৈ ছটা সময়-মণ্ডলী ব্যৱহাৰ হয়। তাৰোপৰি ইয়াৰ গ্ৰীষ্মকালত দিন দীঘলীয়া (সোতৰ ঘণ্টা পৰ্যন্ত) আৰু শীতকালত দিন অতি চুটি। সেয়ে প্ৰতিবছৰে বসন্ত আহিলেই কানাডাত ঘড়ী আগুৱাই দিয়া হয়, আৰু শৰৎ কালত পুনৰ পিছুৱাই অনা হয়। এই ব্যৱস্থাক কোৱা হয় Daylight Saving Time (DST)DSTৰ ফলত সন্ধিয়া বেছি পোহৰ পোৱা যায়, মানুহে বাহিৰৰ কাম, খেলা-ধূলা, সামাজিক জীৱন উপভোগ কৰিব পাৰে। বিদ্যুৎ ব্যৱহাৰ অলপ হ’লেও কমে। গতিকে বছৰত দুবাৰ ঘড়ীৰ কাঁটা এঘণ্টা সলাই দি অনুভৱ কৰোঁ, সময় ব্যৱস্থা কঠোৰ হ’ব নালাগে। অঞ্চলভিত্তিক প্ৰয়োজন অনুসৰি সেয়া সলনি হ’ব পাৰে। সলনি কৰা টান আমাৰ কৌটিকলীয়া ধ্যান ধাৰণাবোৰহে।

পাটকাই পৰ্বতমালাৰ ফাকিম গাঁৱত এতিয়াও ঘড়ীৰ কাঁটাৰ সলনি সূৰ্যক প্ৰদক্ষিণ কৰি আৱৰ্তিত হয় দৈনন্দিন জীৱন। কিন্তু উত্তৰ-পূব ভাৰতৰ অন্য বহু ঠাইৰ  দৈনন্দিন জীৱনৰ গুণগত মান ভাৰতীয় মান সময়ৰ ওপৰতে নিৰ্ভৰশীল। পাটকাই সময় কোনো আঞ্চলিক আবেগৰ ফল নহয়। এয়া এক ভৌগোলিক বাস্তৱ, বৈজ্ঞানিক আৰু ন্যায়সংগত দাবী।গতিকে পাটকাই সময় সম্ভৱ হয়নে নহয় সেয়া প্ৰশ্ন হৈ ৰোৱা নাই। মূল প্ৰশ্নটো হ’ল—অতবছৰে চলি অহা এই সময় বৈষম্য আৰু কিমান দিনলৈ উপেক্ষিত হৈ ৰ’ব? ভাৰতত কেতিয়ালৈ আধুনিক সময় বোধৰ উন্মেষ হ’ব?