Tuesday 23 December 2014

অৰণ্য পুৰাণ ৪: ৰাংকুকুৰৰ সৈতে এখন্তেক

ঈগলনেষ্টত মোৰ দ্বিতীয় দিন আছিল সেয়া৷ আগদিনা ফুটগধূলি বম্পুৰ বেছকেম্প পাইছিলোহি৷ ঈগলনেষ্টৰ দৰে প্ৰকৃতিৰ ৰম্যভূমি এখনলৈ কাম কৰিবলৈ অহাৰ উত্তেজনা শাম কটাই নাই৷ পুৱাতে সহকৰ্মী উমেশৰ সৈতে আমাৰ কামৰ আলোচনা, আহিলা-পাতিৰ যা-যোগাৰ চলিল৷ তৃতীয় দিনাৰ পৰাহে কাম ভালকৈ আৰম্ভ হোৱাৰ কথা৷ ভাবিলো, আবেলি অকণমান পাক এটাই মাৰি আহোঁ৷ উমেশ কেম্পতে কিবা কামত লাগি আছিল৷ তাক মাত লগাই বাইন’কুলাৰ আৰু কেমেৰাটো লৈ কেম্পৰ পৰা ওলাই আহিলো৷ কেম্পৰ সমভূমিখিনি এৰি পাহাৰীয়া বাটেৰে চৰাই নিৰীক্ষণ কৰি কৰি খোঁজ দিলো৷ বাটৰ একাষে থিয় পাহাৰ, সিটো কাষে খাৱৈ৷ আগতে নেদেখা চৰাইবোৰ চাই চিনাক্ত কৰি যথেষ্ট দূৰ আগবাঢ়ি গ’লো৷ হয়তো কেম্পৰ পৰা এক-ডেৰ কিলোমিটাৰ মান৷ এটা কেঁকুৰিত নতুন চৰাই এটা ফিল্ডৰ গাইড বুকত ভালকৈ পৰীক্ষা কৰি চাওঁ বুলি বাটৰ কাষতে গছৰ মুঢ়া এটাত বহি পৰিলো৷ 



মোৰ সন্মুখত বাটটো পাৰ কৰিয়ে ওখ পাহাৰটো৷ মই বহা দিশে তললৈ ঘন অৰণ্য৷ একমনে গাইডবুকত চৰাইটোৰ বৰ্ণনা চাই চিনাক্ত কৰাৰ চেষ্টা কৰি আছিলো৷ এনেতে মোৰ সন্মুখৰ পাহাৰৰ ফালৰ পৰা কিবা এটা শব্দ শুনিলোঁ৷ কোনোবা যেন খৰকৈ পাহাৰৰ হাবি ভাঙি নামি আহিছে! মই উৎসুক হৈ শব্দটো অহাৰ দিশে চকু দিলোঁ৷ ভাব হ’ল, কোনোবা গাৱঁৰ লোকেই চমু বাটেদি কেম্পলৈ আহিছে চাগৈ৷ কিন্তু দুটা মুহূৰ্ত্তৰ পিছতে মোক চক খুৱাই দি হাবিৰ পৰা ওলাই আহিল ৰাংকুকুৰ এটা!

ৰাংকুকুৰ (ফটো-ইন্টাৰনেটৰ পৰা সংগৃহীত)
বাটৰ এইপাৰে মই আৰু মোৰ মুখে মুখে মাথোঁ ছয়-সাতফুট আঁতৰত বাটৰ সিপাৰে ৰাংকুকুৰটো৷ মই নিজ চকুৰে ৰাংকুকুৰ জীৱনত আগতে কেতিয়াও দেখা নাই৷ কিন্তু এপলকৰ বাবে ৰঙচুৱা জন্তুটো, তাৰ নোমাল শকত ক’লা-চানেকীয়া নেজডাল দেখি ৰাংকুকুৰৰ ছবিখনেই মোৰ মনলৈ ভাঁহি আহিল৷ দুই ছেকেন্ডৰ পিছতে একেই শব্দ শুনা পালো৷ একেটা বাটেৰে খৰমৰকৈ পিছে পিছে আহি ওলালহি দ্বিতীয়টো ৰাংকুকুৰ৷ ৰাংকুকুৰ দুটাইও হয়তো মোৰ দৰেই থতমত খালে হঠাত সন্মুখত নৰমনিচ দেখা পাই! দুয়ো ক’লা-মুগা চকু দুটাৰে ট টকৈ মোৰ চকুলৈ চাই ৰ’ল৷ মই আক্ষৰিক অৰ্থতে ‘ফ্ৰীজ’ হৈ গ’লো৷ এনে পৰিস্থিতিত কি কৰা উচিত-অনুচিত একো ভাবেই নাহিল মনলৈ৷ দুটা পলক মাত্ৰ৷ মোতকৈ আগতেই দুয়োটা ৰাংকুকুৰেই সম্বিত ঘুৰাই পাই ভিৰাই লৰ মাৰিলে খাৱৈৰ ফালে ৷ দুয়ো যেন একছেকণ্ডতে মোৰ সন্মুখৰ পৰা অদৃশ্য হৈ গ’ল! কিছুপৰৰ পিছতহে মই লৰচৰ কৰিলো-ওচৰতে কেমেৰাটো দেখিহে খেয়াল হ’ল, ফটো এখনকে লোৱাৰ চেষ্টা কৰিব পাৰিলোহেঁতেন৷ পিছে মই অলপো লৰচৰ কৰা হ’লেই সিহঁতে যে পলালেহেঁতেন সেয়া খাটাং৷ 

ৰাংকুকুৰক ইংৰাজীত 'Asiatic Wild dog' বা 'Dhole' বুলি কোৱা হয়৷ আই ইউ চি এনৰ ৰেড ডাটা বুকত এই জন্তুবিধক সংকটগ্ৰস্ত (endangered) বুলি আখ্যা দিয়া হৈছে৷ এই জন্তুবিধ উত্তৰ-পূৰ্বাঞ্চলৰ অসম, অৰুণাচল প্ৰদেশ আৰু মেঘালয়ৰ উপৰিও এছিয়া মহাদেশৰ বাংলাদেশ, ভূটান, ম্যানমাৰ, থাইলেণ্ড আদি দেশত পোৱা যায়৷ ইহঁতৰ সংখ্যা দিনকদিনে কমি আহিছে আৰু আমাৰ অৰণ্যসমূহত ইয়াৰ খাদ্য অৰ্থাৎ বনৰীয়া গাহৰি, হৰিণা আদিৰ হ্ৰাস পোৱাটোৱে ইয়াৰ প্ৰধান কাৰণ বুলি জনা গৈছে৷ এনে এবিধ জন্তুৰ সৈতে দুটা বিৰল মুহূৰ্ত্ত এনেকৈ পাই মোৰ আনন্দৰ সীমা নোহোৱা হৈ গ’ল৷ দৌৰাৰ দৰে উভটি গৈ যেতিয়া কেম্পত সকলোকে ক’লোগৈ, মানুহবোৰ প্ৰায় আচৰিতেই হ’ল৷ ক’লে, ৰাংকুকুৰ ঈগলনেষ্টত আছে বুলি জানে যদিও কোনেও নিজ চকুৰে দেখা পোৱাৰ ৰেকৰ্ড নাই৷ আনকি যোৱা দুটাবছৰে তাত গৱেষণা কৰি থকা উমেশৰো কেতিয়াও ৰাংকুকুৰৰ সৈতে দেখা-সাক্ষাৎ হোৱা নাই হেনো৷ সৌভাগ্যক্ৰমে সেইবছৰেই কেইমাহ মানৰ পিছত কেমেৰা ট্ৰেপিঙত ৰাংকুকুৰৰ ফটো আহিল! গৈ পোৱাৰ দ্বিতীয় দিনাই এই বিৰল মুখামুখিয়ে ঈগলনেষ্টত মোৰ এক বৈচিত্ৰ্যময় জীৱনৰ পাতনি মেলিলে৷

এছিয়া মহাদেশত ৰাংকুকুৰ বিস্তৃতি (ইন্টাৰনেটৰ পৰা সংগৃহীত)

Sunday 21 December 2014

অৰণ্য পুৰাণ ৩: যাত্ৰাৰ বাৰ্তা

শাৰী-শাৰী পাহাৰৰ মাজত টেঙা ভেলী


অৰুণাচলৰ ঈগলনেষ্ট বন্যপ্ৰাণী অভয়াৰণ্যত গৱেষণাৰ কাম কৰি থকা সময়ৰে ঘটনা৷ টেঙা টাউনৰ পৰা প্ৰায় পোন্ধৰ কিমি দুৰত ঈগলনেষ্টৰ ভিতৰৰ বম্পু নামৰ ঠাইখনতে আমি কেম্প সাঁজি আছিলো৷ অৰণ্যৰ মাজত বিদ্যুতৰ কোনো ব্যৱস্থা নাই৷ ম’বাইলৰ নেটৱৰ্কো পোৱা টান৷ কেম্পৰ সন্মুখত থকা সৰু পৰিত্যক্ত মন্দিৰটোৰ ওচৰে পাজৰে বতৰ ভাল থাকিলে বি এছ এন এলৰ নেটৱৰ্ক কেতিয়াবা পোৱা যায়৷ বাহিৰৰ পৃথিৱীৰ লগত অন্য কোনো যোগাযোগৰ অৱকাশ নাথাকে৷ অন্য বা-বাতৰিও আমি বাহিৰৰ পৰা কোনোবা কেম্পলৈ আহিলেহে পাওঁ৷ মই পিছে সকলো সময়তে ‘কানেক্টেড’ হৈ থকাৰ বিড়ম্বনাটোৰ পৰা মুকলি হৈ থাকিবলৈ পালেই ভীষণ সুখী হৈ পৰোঁ৷ সেয়ে প্ৰতিবাৰে ঈগলনেষ্টলৈ সোমালেই ফোন, মেইল, মেচেজ- সকলোৰে পৰা মুক্তি পাই কোলাহলবিহীন এক মানসিক জগতত ভৰি থোৱা যেন লাগি পৰে৷ এই অনুভৱে মনলৈ যে কিমান প্ৰশান্তি আনি দিব পাৰে, সেয়া কেৱল পোৱাজনেহে হয়তো সঁচা অৰ্থত উপলব্ধি কৰিব পাৰিব৷

বম্পুৰ পৰা টেঙালৈ যোৱাৰ বাটত

যি কি নহওক, এনে দিনবোৰত আমাৰ বাবে সকলো বাহিৰা লেনদেনৰ মাধ্যম সাধাৰণতে এজনেই-নিমা ছেৰিং৷ নিমা টেঙাৰ ওচৰৰে ৰামালিংগম গাঁৱৰ এগৰাকী মনপা লোক৷ লগতে ঈগলনেষ্টৰ ইক’টুৰিজিমৰ কামখিনিও তেৱেঁই চোৱা-চিতা কৰে৷ ট্যুৰিষ্ট চিজনত তেওঁ অভ্যাগতৰ অৰণ্যৰ ভিতৰত থকা-খোৱাৰ সকলো বন্দবস্ত কৰে৷ বাকী সময়ত আমাৰ দৰে অ’ত ত’ত কেম্প কৰি থকা গৱেষকবোৰৰ বাবে নিমাই সকলো আশা-ভৰসাৰ থল৷ মাহেকে-পষেকে আমাৰ দীঘলীয়া বজাৰৰ লিষ্ট লৈ গৈ টেঙাৰ পৰা সকলো ৰেচন-পাতি কিনি আনি নিমাই কেম্পত দি যায়৷ বাকী যিকোনো সৰু-ডাঙৰ প্ৰয়োজনতো আমি সম্পূৰ্ণৰূপে তেওঁৰ ওপৰতে নিৰ্ভৰশীল৷


এনে এটা দিনতে এবাৰ মই কাম এৰি দুদিনৰ বাবে ঘৰলৈ যাব লগাত পৰিলো, হঠাতে এটা ইন্টাৰভিউৰ খবৰ পাই৷ ইন্টাৰভিউ স্কাইপ’ত হোৱাৰ কথা৷ পিছে টেঙাত থকা একমাত্ৰ ইন্টাৰনেট কেফেৰ ওপৰত ভৰসা কৰিলে পিছত কাৰেন্ট বা নেটৱৰ্ক নাথাকিলে বিপদত হে পৰাৰ সম্ভাৱনা বেছি দেখিলো৷ সেয়ে তেজপুৰৰ ঘৰলৈকে যোৱাৰ সিদ্ধান্ত ল’লো৷ বম্পু হৈ ৰামালিংগমলৈ যোৱা এজনৰ হতুৱাই নিমালৈ খবৰ দিয়ালো, ইন্টাৰভিউৰ এদিনৰ আগতে মই বম্পুৰ পৰা ওলোৱাৰ ব্যৱস্থা কৰিবলৈ৷ কথা মতেই কাম৷ বম্পুৰ পৰা তিনিঘন্টাৰ পাহাৰীয়া বাট পাৰ কৰি মোক টেঙালৈকে আগবঢ়াই থৈ আহিবলৈ নিমাই গাত ল’লে৷ 

পুৱাতে সাজু হৈ নিমালৈ বাট চাই ৰ’লো ৷ এটা সময়ত তেওঁ সেই অঞ্চলত বিখ্যাত মেক্স (পিক আপ ভান)খন লৈ ওলালেহি৷ আমাৰ লগতে বিজু নামৰ ফিল্ডৰ সহায়ক ল’ৰাজনো ওলাল৷ তাৰ ঘৰ টেঙাৰ কাষৰে বুশ্বুৰি বস্তিত৷ গতিকে এই সুযোগতে ঘৰত দেখা এটা দি আহিব হেনো৷ 

বম্পুৰ পৰা ওলাওঁ মানে আঠ বাজিলেই৷ গাড়ীত উঠিয়েই নিমাক ক’লো,
“এঘাৰ বজাত ছুম’ পোৱা যাবনে যেনেতেনে? মই আজিয়ে ঘৰ পাবগৈ লাগে নহয়!”

নিমা বিৰাট স্ফুৰ্টিবাজ মানুহ৷ এনেকুৱা সৰু-সুৰা কথা লৈ পৰোৱাই নকৰে৷ ক’লে,

“মিলাব লাগিব আৰু কিবা এটা কৰি৷ বেছিভাগ ছুম’তো ৰাতিপুৱাই ওলাই যায় তেজপুৰলৈ৷ ব’মডিলাৰ পৰা অহা কোনোবা এখনত ছিট এটা বিচাৰিব লাগিব তেনে!”

সাধাৰণতে মই টেঙা বা ৰামালিংগমত নিশাটো কটাই তেজপুৰলৈ ৰাতিপুৱা ছয় বজাৰে ছুম’ ধৰো৷ নহ’লে আকৌ এঘাৰ বজাতহে ব’মডিলাৰ পৰা ছুম’বোৰ আহে ৷ পিছে সেইবোৰত খালী ছিট পোৱা মহা মস্কিল৷ তাতো নহ’লে শেষ উপায় থাকিব দুপৰীয়া ওলোৱা একমাত্ৰ চৰকাৰী বাছখন৷ 

হাবিৰ মাজৰ উখোৰা-মোখোৰা পাহাৰীয়া বাটেদি গাড়ীয়ে লাহে ধীৰে গতি ল’লে৷ লামা কেম্প নামৰ শেষ কেম্পটো এৰি আহি ৰামালিংগমৰ মাজেদি গাড়ী পাৰ হৈ আহিল৷ মোৰ পলম হোৱা যেন দেখি আনদিনাৰ দৰে নিমাই তেওঁৰ ঘৰত চাহ খাবলৈকো গাড়ী নৰখালে৷ টেঙালেজ্জ পাৰ হৈ অকোৱা পকোৱা বাটেৰে পাহাৰটোৰে গাড়ীখন নামি আহিব ধৰিলে৷ এপাকত যেতিয়া তলৰ টেঙাভেলীখন চকুত পৰিল, বিজুৱে মোক দেখুৱালে,

“চাওক চাওক, সেইখন তেজপুৰলৈ যোৱা চৰকাৰী বাছখন গৈ আছে!”

দেখিলো! বাছখন গৈ থকা পাহাৰৰ বাটটো আৰু আমাৰ পাহাৰৰ মাজতে তললৈ টেঙা টাউনখন ৷ বাছ ইমানদূৰ পালেগৈ যেতিয়া কি হ’ব আৰু, ছুম’তে যামগৈ-এনে ভাবত আমি গৈ থাকিলো৷ টেঙা পায়ে নিমাই জৰুৰী কামত ‘ৰূপা’লৈ পোনালে৷ মই বিশমিনিটমানৰ পিছতে ছুম’ কাউন্টাৰ পালোগৈ৷ তাত বুকিঙৰ দায়িত্বত থকা ৰাজকুমাৰে মোক দেখিয়েই ওলাই আহি ক’লেহি,

“আপোনাক ইমানকৈ ফোন কৰি আছোঁ৷ নেটৱৰ্কেই নাপায় নহয় সেইফালে৷ নিমাদাজুৱে মোক কৈ থৈছিল, আপোনাৰ কাৰণে ছিট এটা ৰাখিবলৈ৷ কিন্তু আজি ব’মডিলাৰ পৰা দুখন হে ছুম’ আহিছে-চব বুকিং হৈ আছে৷ আপুনি ‘দিংখৌ’তে ৰৈ দিয়ক ৰাতিটো৷ কাইলৈ ৰাতিপুৱাই লৈ আহিম তাৰ পৰা৷”

প্ৰতিবাৰৰ দৰেই ৰাজকুমাৰে মোৰ অহা-যোৱাৰ বন্দবস্ত কৰি পেলোৱা দেখি হাঁহি লৈ ক’লো,

“নাই, কাইলৈ মোৰ জৰুৰী কাম আছে, আজি যাবই লাগে৷ কি কৰিব পাৰি কওক৷ বাছখনো আধাঘন্টামান আগতে পাৰ হৈ যোৱা দেখিলোঁ!”

ৰাজকুমাৰে মোৰ কথা শুনিয়েই খৰখেদা লগাই দিলে,

“এস, বাছখন ধৰিব লাগিব তেন্তে৷ অন্য কিবা পাবলৈ টান আছে আজি৷ কালি অসম বন্ধ আছিলতো, আজি সেইকাৰণে চবতে ভিৰ হৈছে৷ আপুনি এটা কাম কৰক, ইয়াৰ পৰা অলপ আগত নাগমন্দিৰত বাছখন ৰখায় সাধাৰণতে চাহ খাবলৈ৷ মই ড্ৰাইভাৰক ফোন কৰি খবৰ কৰোঁ, আছে নে গ’ল৷ আপুনি গাড়ী এখন লৈ খৰকৈ যাওক৷”

ততাতৈয়াকৈ মই ভান এখন ভাড়া কৰিলো৷ ইতিমধ্যে ৰাজকুমাৰে গম ল’লে, বাছ তাতে ৰৈ আছে৷ 

কিন্তু যিকোনো মুহুৰ্তত নাগমন্দিৰ এৰিব পাৰে৷ ভানত উঠিয়ে ক’লো,

“যিমান পাৰি সোনকালে ব’লা৷ বাছ ধৰিবগৈ লাগে৷”

ড্ৰাইভাৰ ওঠৰ-বিশ বছৰীয়া ল’ৰা এটা৷ একা-বেঁকা বাটেৰে ভান উৰিবলৈ লাগিল! আধাঘন্টাৰ পাহাৰীয়া বাট সি পোন্ধৰমিনিটত পোৱাই দিলেগৈ৷ বাছ দেখি মই স্বস্তিৰ নিশ্বাস পেলালো, ড্ৰাইভাৰৰ মুখত বিজয়ৰ হাঁহি ওলাল৷ বাছখনত লাম-লিকটু, খাং, বজাৰৰ সৰু-বৰ টোপোলাৰে মানুহ থেপা খাই আছিল৷ ড্ৰাইভাৰ মোৰ স’তে বাছলৈ আহি কোনোবা এজনক কৈ কেবিনত বহিবলৈ ঠাই উলিয়াই দিলেহি৷ সময়ত পোৱাই দিয়াৰ বাবদ দুগুণ ভাড়া লৈ সি সন্তোষৰ হাঁহি মাৰি গ’লগৈ৷ বাছৰ মানুহ তেতিয়াও চাহ খাই অহাই নাই৷ চাওঁতে চাওঁতে আধাঘন্টা পাৰ হ’ল৷ বাছ এৰাৰ নাম-গোন্ধই নাই৷ ভাবিলো, এই বাছখনৰ এনেয়ে ইমান বদনাম হোৱা নাই৷ সময়মতে কেতিয়াও নচলে৷ হাঁহিও উঠিল, এইখন বাছ ধৰিবলৈকে দুগুণ ভাড়া দি ভান উৰুৱাই আহিলোনে! সম্পূৰ্ণ এঘন্টা পোন্ধৰ মিনিট যোৱাৰ পিছত বাছ এৰিলে৷ 

কেবিনত যেনেতেনে কুঁচিমুঁচি বহি থাকি ভাবিলো, হওক তেও, অন্তত: আজিয়ে ঘৰ পামগৈ৷ পিছে ভবা কথা সিদ্ধি নহ’বলৈ সিফালে বাটত কণা বিধিয়ে অৱস্থান গ্ৰহণ কৰিলেই বুলি ভাবকে অহা নাই! অলপমান আগবঢ়াৰ পিছতে বাটৰ গতি লেহেমীয়া হ’বলৈ ধৰিলে৷ তথাপিও হেহোঁ-নেহোঁকৈ গৈ থাকিল৷ খন্তেক পিছতে জোকাৰণি এটা খাই বাছ হঠাতে ৰৈ গ’ল৷ মানুহবোৰৰ মাজত ভোৰভোৰণি উঠিল৷ ড্ৰাইভাৰক হিন্দীতে সুধিলো,

“কি হ’লহে? বাছৰ কিবা বেমাৰ লাগিল নেকি?”

তেওঁ বোলে, “জানো! চাব লাগিব৷”

ড্ৰাইভাৰ সাউতকৈ নামি গ’ল৷ বাছৰ চকা, ইঞ্জিণ ঘুৰি ঘুৰি পৰীক্ষা কৰিবলৈ লাগিল৷ মাজতে দেখিলো, মালবাহী ট্ৰাক এখন ৰখাই ডিজেল ল’লে৷ টেঙাৰ একমাত্ৰ তেল-ডিপোটো বন্ধ হোৱাৰ পৰা পেট্ৰল-ডিজেলৰ বেচা-কিনা এনেকৈয়ে ব্লেকত চলিবলৈ লৈছে৷ আধাঘন্টা মান যুঁজাৰ পিছত অৱশেষত বাছ ষ্টাৰ্ট হ’ল৷ তেতিয়ালৈ দুই বাজিলেই৷ ছুম’ত টেঙাৰ পৰা তেজপুৰ পাবলৈ মাথোঁ পাঁচঘন্টা লাগে৷ বাছে সাধাৰণতে ছয়-সাতঘন্টা লয় বুলি জানো, পিছে এইখনে যে কেতিয়া পোৱাবগৈ সন্দেহেই হ’ল৷

আকৌ অলপ যোৱাৰ পিছতে আকৌ একেই বেমাৰ৷ থমকি গৈ গৈ এঠাইত বাছ ৰৈ গ’ল৷ আকৌ ড্ৰাইভাৰ নামি গৈ হেলনীয়া বাটটোতে কোনোমতে বাছত ঠেকা-ঠেকুলি দি ইঞ্জিন পৰীক্ষা কৰিবলৈ লাগিল৷ বাছৰ মানুহবোৰে কি কৰোঁ নকৰোঁকৈ নামি আহিল৷ পাহাৰীয়া একা-বেঁকা বাটৰে কেকুঁৰি এটাত আমিবোৰ ৰৈ আছিলো৷ এফালে থিয় সেউজ পাহাৰ, বিপৰীতে দ খাৱৈ-দুৰলৈ আকৌ শাৰী শাৰী ডাৱৰে ঢকা সেউজ-নীলা পাহাৰ৷ বাটৰ কাষতে অকণমানি হোটেলএখন৷ হোটেল মানে কি আৰু, বাহঁৰ চাং ঘৰ এটাত তিনিযোৰ চকী-টেবুল৷ পুৱাই খাই অহা, ভোক লাগিছিলেই৷ তাতে বিস্কুটৰ পেকেট কেইটামান কিনি ল’লো৷ ইফালে সিফালে চাই আমিবোৰে বাট চাই ৰ’লো, বাছ ঠিক হ’লেই যামগৈ বুলি৷ পিছে দেৰঘন্টামান পাৰ হোৱাৰ পিছতো যেতিয়া বাছৰ ড্ৰাইভাৰৰ মুখমণ্ডলৰ সেই একেই ৰেহৰূপ দেখা পালো, আমি সকলোবোৰ উৎকন্ঠিত হৈ উঠিলো৷ দেখিলো, দুই একে বাছত যোৱাৰ আশা বাদ দি বাটেৰে অহা যোৱা কৰা গাড়ীলৈ হাত দাঙিছে৷ পিছে ইয়াত এনেয়ে গাড়ীৰ সংখ্যা সেৰেঙা৷ যিকেইখন আহিছে, প্ৰায়বোৰতে ঠাই নাই৷ হোটেলৰ অৰুণাচলী মানুহগৰাকীয়ে আগবাঢ়ি আহি বাট চাই ৰোৱা সকলোকে ক’লেহি,

“ইয়াত সন্ধিয়া কৰিলে দিগদাৰি হ’ব! বহুত ঠাণ্ডা পৰে৷ ওচৰে পাজৰে অন্য থকা ঠাইয়ো নাই৷ যি যেনেকৈ পাৰে বাটৰ গাড়ী ধৰি গৈ থাকক দেই৷”

কথা শুনি মানুহবোৰৰ মাজতো খদমদম লাগিল৷ কিছুমানে তললৈ মানে অসমলৈ যোৱা গাড়ী ৰখাবলৈ চেষ্টা কৰিলে৷ দুই একে অসমৰ পৰা উভতি অহা ছুম’ৰ ওপৰতে বহি টেঙালৈকে উভতি যাবলৈ আৰম্ভ কৰিলে৷ মই অলপ বিমূঢ় হৈ পৰিলো৷ আজিয়ে যোৱাটো যে জৰুৰী! হিচাপ কৰি চালো, ইয়াৰ পৰা ভালুকপুঙলৈ মোটামুটি তিনিঘন্টাৰ বাট৷ তাৰপৰা আকৌ তেজপুৰলৈ দুঘন্টা৷ গাড়ী পাই গ’লেও ৰাতি যে হ’ব খাটাং৷ ভাবিলো, যি পাওঁ টুকুৰা-টুকুৰিকৈয়ে যাওঁগৈ৷ লগত কোনোবা থাকিলে যিমানে পলম নহওক গাড়ী ভাড়া কৰিও গুচি যাব পাৰিম৷ 

বাটৰ কাষত ৰৈ গাড়ীলৈ হাত দাঙি থকা মানুহবোৰৰ লগ হ’লো৷ এখনমান ৰাখিলেই গাড়ীত উঠিবলৈ মানুহবোৰৰ মাজত দৌৰাদৌৰি লাগিবলৈ ল’লে৷ বেছিভাগ অৰুণাচলী মানুহেই খৰখেদাকৈ নিজৰ ভাষাতে কিবাকিবি কৈ উঠি ল’লে৷ মই বিবুদ্ধি হ’লো! এনেতে দেখিলো, টেঙাৰ পৰা অহা এখন ট্ৰাক ৰৈছে৷ দুজনী জনজাতীয় ছোৱালীয়ে ট্ৰাক ড্ৰাইভাৰৰ লগত কথা পতিছে৷ খন্তেক পিছতে দুয়ো উঠি ল’লে ড্ৰাইভাৰৰ স’তে৷ আমি দহ-বাৰজন মান যাত্ৰীয়েও গৈ আমাকো নিবলৈ অনুৰোধ কৰিলো৷ অলপ হেহোঁ-নেহোঁ কৰি শেষত ড্ৰাইভাৰে ক’লে,

“ট্ৰাক ভালুকপুঙলৈকেহে যাব৷ সন্মুখত ঠাই নাই ৷ পিছফালে মাল লো’ড কৰা আছে৷ তাতে যদি যাব খোজে উঠিব পাৰে৷ কিন্তু মাল নষ্ট হ’ব নালাগিব৷”

আমি একেষাৰতে মান্তি হৈ গ’লো৷ পিছে ট্ৰাকৰ পিছফালে লৰা-ঢপৰাকৈ উঠি লৈহে দেখিলোঁ, গোটেইখন কাৰ্টুনেৰে ভৰা৷ ড্ৰাইভাৰৰ সহযোগী ল’ৰাজনে আহি সকীয়াই দিলেহি,

“চব কাৰ্টুনতে বন্ধাকবি-বিলাহী আৰু মটৰ আছে৷ হেঁচা পৰিলেই নষ্ট হৈ যাব কিন্তু! সাবধানে থিয় হ’বলৈ ঠাই উলিয়াই লওক৷ কাৰ্টুনৰ ওপৰত ভুলতো যাতে কোনো নবহে!”

আমি মানুহ আছিলোঁ মুঠতে দহ-বাৰজনমান৷ তাৰে দুগৰাকী মহিলাৰ পিঠিত কাপোৰেৰে মেৰিয়াই লোৱা কেঁচুৱাও৷ উপায় নাপাই আমি আটাইবোৰে য’ত যিকণ ঠাই পালো, ভৰি থৈ আউজি ৰ’লো৷ ট্ৰাকে গতি ল’বলৈ আৰম্ভ কৰিলে৷ মই চুক এটাতে আউঁজি কেকুঁৰি বোৰত হামথুৰি নপৰাকৈ থাকিবলৈ চেষ্টা কৰিলো৷ ইমানেই কাৰ্টুন যে মোৰ এটা ভৰি এঠাইত, গাটো হলাই আনটো ভৰি দুটা কাৰ্টুনৰ মাজৰ অকণমান ফাঁকত ৰাখি ভীষণ অসুবিধাজনক ভাৱে থিয় দি ৰ’ৱ লগাত পৰিলো৷ চিকিমিকি হোৱাৰ লগতে হিমচেঁচা বতাহজাকৰ কোব খোৱাৰ পৰা বাচিবলৈ জেকেটৰ টুপীৰে যিমান পাৰোঁ মুখ ঢাকি ল’লো৷ বাকীকেইগৰাকী যাত্ৰীৰো অৱস্থা তথৈবচ৷ ট্ৰাকে ইউ টাৰ্ণ ল’লেই হালি নপৰিবলৈ আমিবোৰে সৰ্বশক্তিৰে লোহাৰ ৰ’ডডালতে খামুচি ধৰোঁ৷ চেচাৰ পৰা ভালুকপুঙলৈ পোৱা প্ৰতিটো কেকুঁৰিয়ে আমাৰ বাবে এটা প্ৰত্যাহ্বান হৈ থিয় দিলে যেন! যিটো বাটত আৰামেৰে বহি যাওঁতেও ছুম’ত আগছিট ল’বলৈ হেতা-ওপৰা কৰোঁ, সেই একেটা বাটতে এনেকৈ হালি-জালি উলমি যাওঁতে উপলব্ধি হ’ল সেই সুবিধাখিনিৰ মূল্য কিমান! সহযাত্ৰী কেইগৰাকীৰ সৈতে দুই-আষাৰ পাতি গম পালো, মই ভবাৰ দৰে তেওঁলোক পৰস্পৰৰ অচিনাকি নহয়৷ মোৰ বাহিৰে আটাইকেউজন একেলগে আহিছে৷ বিশ্বনাথ চাৰিআলিৰ চাহ-বাগান এখনৰ বনুৱা৷ তেওঁলোকৰো সিদিনাই গৈ পোৱাটো জৰুৰী৷ কিন্তু লগতে শুনিলো, ভালুকপুঙৰ অসম-অৰুণাচল চেক-গেট হেনো নিশা আঠ বজাতে বন্ধ কৰে৷ তাৰপিছত আৰু ইপাৰ-সিপাৰ হোৱা সম্ভৱ নহয়৷ এইবাৰ মোৰ সঁচাই চিন্তা লাগিল৷ ভাবিলো, কথমপি তাৰ আগতেই পাই গ’লেই হয়৷ ট্ৰাক যিমানেই তললৈ নামি গৈ থাকিল, মোৰ ঘড়ী চোৱাও ঘন হৈ গৈ থাকিল৷ মাজতে কেঁচুৱা লৈ অহা মাক এগৰাকীৰ মূৰ ঘুৰোৱাত আমি সকলোৱে মিলি ট্ৰাকৰ মূৰলৈ কাৰ্টুন চপাই-কোঁচাই বহাৰ ব্যৱস্থা কৰি দিলো৷ মাজে মাজে পিছফালে আহি কাৰ্টুনবোৰ পৰীক্ষা কৰি থকা ড্ৰাইভাৰৰ সহযোগী ল’ৰাজনে আপত্তি কৰিছিল, কিন্তু সকলোৰে অনুৰোধত তাৰো মন কুমলিল যেনিবা৷

অৱশেষত টিপি পালোহি৷ তেতিয়া সন্ধ্যা লাগি ভাঙিছে৷ বাটে-পথে যানবাহন প্ৰায় শূন্য৷ তাৰপৰা ভালুকপুঙলৈ মাত্ৰ পাঁচ কিলোমিটাৰ৷ স্বস্তিৰ নিশ্বাস পেলাই ভাবিলো, ৰক্ষা তেও, সময়তে পালোহি৷ পিছে ট্ৰাকখন গৈ তাৰে এটা ঘৰৰ সন্মুখত ৰৈ গ’ল৷ কি হ’ল সুধিবলৈ লওঁতেই দেখিলোঁ, ঘৰৰ পৰা এগৰাকী জনজাতীয় মহিলা ওলাই আহিছে৷ সহযোগী ল’ৰাজনে সাউতকৈ আহি বন্ধাকবিৰ দুটা কাৰ্টুন উঠাই নিলেহি৷ মহিলাগৰাকী আৰু তাৰ মাজত দাম-দৰ চলিল, বন্ধাকবিৰ পৰীক্ষা-নিৰীক্ষা চলিল৷ আমিবোৰে চুপ মাৰি ট্ৰাক চলালৈ বাট চাই ৰ’লো৷ এনেদৰে আৰু দুঠাইত বন্ধাকবি-বিলাহী বেচি ট্ৰাক ভালুকপুঙত সোমাওতে আঠ বাজি গ’ল৷ ভালুকপুঙৰ ডাঙৰ গুডাম এটাৰ সন্মুখত ট্ৰাক ৰয়গৈ মানে গম পালো, মোৰ সৈতে যোৱা দলটোৱে নিশাটোৰ বাবে তাতে ৰৈ দিয়াৰ সিদ্ধান্ত লৈছে৷ মই গাড়ী ভাড়া কৰি তেওঁলোককো লৈ যোৱাৰ কথা কোৱাত ক’লে,

“নাই নাই, আজি ‘ল’ডাৰ’ (অমংগল) লাগি গ’ল আৰু৷ মাকে-কেচুঁৱাই বহুত কষ্ট খালে৷ আজি আৰু যোৱা নাযায়!”

মুহুৰ্ততে তেওঁলোকে থকা ঠাই বিচাৰি ক’ৰবালৈ ঢাপলি মেলিলে৷ মই তাতে কিংকৰ্তব্যবিমুঢ় হৈ ৰৈ গ’লো৷ লটি-ঘটি খাই আহিলোৱে যেতিয়া শেষ চেষ্টা এটা কৰি চাবৰ ইচ্ছা গ’ল৷ ভালুকপুঙত কোনো মানুহ, ঠাই তেনেকৈ চিনা-জনাও নাই৷ জনপ্ৰাণীহীন ঠাইখনত ইফালে সিফালে চাই দেখিলো, ট্ৰাকৰ সেই ল’ৰাজনে বস্তু সামৰি-সুঁতৰি যাবলৈ ওলাইছে৷ তাক সুধিলো, টেক্সি ষ্টেণ্ড কোনফালে৷ সি দেখুৱাই দিয়াৰ দিশত গৈ ট্ৰেক্সি ষ্টেণ্ড পালোগৈ৷ কিন্তু তাতো কোনো নাই৷ হয়তো নিশা গাড়ী ভাড়া নাযায়েই ইয়াত! মনটো যেন জেদী হৈ গ’ল৷ আজিয়েই যোৱাৰ কিবা উপায় পাঁৱেই নেকি বুলি চেক-গেটৰ ফালে খোঁজ ল’লো৷ গৈ দেখোঁ, গেট বন্ধ৷ কিন্তু দুই-এখন গাড়ী আৰ্মীৰ নিৰ্দেশত পাৰ হৈ গৈ আছে৷ গৈ চেক-গেটৰ আৰ্মীজনকে ধৰিলোগৈ গাড়ী বন্দবস্ত কৰাত সহায়ৰ বাবে৷ মোৰ সকলো কথা শুনি তেওঁ বুজনিৰ সুৰত ক’লে,

“মই কৈ দিলে কোনোবা গাড়ী ভাড়া কৰি যাব পাৰিবা কিজানি৷ কিন্তু এই ৰাতিখন ভালুকপুং-তেজপুৰ বাটটো অকণো নিৰাপদ নহয়! মোৰ কথা মানা, যদি অত্যন্ত জৰুৰী নহয়, আজি ইয়াতে ৰৈ দিয়া-কাইলৈ ৰাতিপুৱাই যাবাগৈ৷”

স্বয়ং তেৱেঁই তেনেকৈ সন্দেহ দেখুওৱাত মোৰ সকলো আশাত চেঁচাপানী পৰিল৷ নব্বৈ কিলোমিটাৰ বাট পাৰ কৰিবলৈ বাৰঘন্টা আৰু মই এতিয়াও ভালুকপুঙতে! ভাবিলো সঁচাই ‘ল’ডাৰ’ লাগি গ’ল নেকি আজি! সেমেকা মন এটা লৈ কাষৰে হোটেল এখনত ৰুম এটা ল’লোগৈ৷ ঘৰলৈ খবৰ দিলো, আজি নাপামগৈ৷ 

পিছদিনা ধলপুৱাতে ভালুকপুঙৰ পৰা প্ৰথম বাছখন ধৰিলো৷ তাতে মোৰ আগনিশাৰ সহযাত্ৰী কেইজনকো লগ পালো৷ ইন্টাৰভিউৰ দুঘন্টা আগত ঘৰ পাই গ’লোগৈ অৱশেষত আৰু ইন্টাৰভিউ ভালকৈ পাৰ হৈ গ’ল! শেষ ভালেই সকলো ভাল :)

Thursday 11 December 2014

অন্ধবিশ্বাসৰ বলি ফেঁচা


ফেঁচা বুলিলেই আমাৰ বহুতৰে মন অজানিতে শিঁয়ৰি উঠে৷ সচৰাচৰ দেখা পোৱা চৰাই-চিৰিকটিবোৰৰ ভিতৰত লোকবিশ্বাসত ফেঁচাৰ আসনখন যেন কিছু বেলেগ- কিছু ৰহস্যময় আৰু শিহৰণকাৰী! ফেঁচাক লৈ জন্ম হৈছে নানা লোককথা আৰু অন্ধবিশ্বাসৰ ৷ গভীৰ নিশা ফেঁচাৰ নিউ নিউ মাত শুনিলে বহুতৰে মন মৃত্যুৰ আশংকাত ভীতিবিহ্বল হৈ পৰে৷ তেনেদৰে ফেঁচাৰ উৰুলি শুনি কাৰোবাৰ বিয়াৰ লগন পৰিছে বুলিও বহুতে ভাবে৷ কেৱল অসমতে নহয়, দেশ-দেশান্তৰৰ লোকবিশ্বাস আৰু কৃষ্টিত ফেঁচাই অতীজৰে পৰা এই অবাঞ্চিত ভূমিকা লাভ কৰি আহিছে৷ অৱশ্যে, ভাৰতত হিন্দুৰ দেৱী লক্ষ্মীৰ বাহন হিচাপে শুকুলা ফেঁচাক জ্ঞান আৰু ঐশ্বৰ্য্যৰ প্ৰতীক বুলি মনা হয়৷ এই ফেঁচাবিধ ‘Barn owl’ বুলি ভবা হয়৷ 



প্ৰচলিত মতবাদ মতে, প্ৰাচীন ৰোমত যুদ্ধৰ সময়ত সৈনিকে ফেঁচাৰ মাত অনুকৰণ কৰি শত্ৰুৰ আক্ৰমণৰ সংকেত দিছিল ৷ ফলত ইয়ে এক অমংগলৰ প্ৰতীক ৰূপে ৰৈ গ’ল৷ ফেঁচাৰ দেহৰ অনুপাতে প্ৰকাণ্ড চেপেটা মুখ, ডিঙি ঘুৰাই চাব পৰা ক্ষমতা, নিশাচৰ অভ্যাস সকলো মিলি যেন ইহঁতক মানুহৰ দৃষ্টিত ৰহস্যময় কৰি তোলে৷ তাৰোপৰি গভীৰ নিশা ভাঁহি অহা ফেঁচাৰ বিশেষ মাতেও এক শিহৰণ জগায় তোলাতো স্বাভাবিক৷ ইহঁতে প্ৰায়ে গাৱেঁ-ভূঞে থকা পুৰণি আৰু বৃহৎ গছত নিশা খাদ্য বা লগৰীয়াৰ সন্ধানত পৰেগৈ৷ এনে গছ সাধাৰণতে শ্মশানৰ ওচৰে পাজৰেও থাকে৷ সেয়ে এনে ঠাইৰ পৰা ভাঁহি অহা মাতৰ বাবে মানুহে ফেঁচাক অপশক্তিৰ বাহক বুলি গণ্য কৰিবলৈ ল’লে যেন ভাব হয়৷ 

এন্টাৰ্কটিকাৰ বাহিৰে পৃথিৱীৰ প্ৰায় সকলো ঠাইতে ফেঁচা দেখা পোৱা যায়৷ সমগ্ৰ বিশ্বত কমেও ১৫০ বিধ ফেঁচাৰ প্ৰজাতি আছে৷ ইহঁতৰ মাইকী চৰাইজনী মতাটোতকৈ সাধাৰণতে আকাৰত কিছু ডাঙৰ হয়৷ ফেঁচা প্ৰধানত: এবিধ নিশাচৰ চৰাই৷ ইয়াৰ শাৰিৰীক গঠনো অন্য চৰাইতকৈ যথেষ্ট বেলেগ৷ মুখখন ঘুৰণীয়া চেপেটা, বৃহৎ দুচকু আৰু ঠেং কেইখন নোমাল ৷ ফেঁচাৰ চকু দুটা ‘স্ক্লেৰ’টিক ৰিং’ নামৰ এক হাড়েৰে আবৰি থাকে বাবে ই কেৱল পোনে পোনেহে চাব পাৰে৷ কাষৰীয়াকৈ চাব লগা হ’লে সেয়ে ই মূৰটো ঘুৰাই চাব লাগে৷ তাৰ বাবে ইয়াৰ ডিঙি বিশেষভাবে অভিযোজিত, ফলত ই মূৰটো ২৭০ ডিগ্ৰীলৈকে ঘুৰাব পাৰে৷ তেনেদৰে নিশা চিকাৰ কৰিবৰ বাবেও ইয়াৰ শ্ৰবণ শক্তি অতি শক্তিশালী৷ এই অভিযোজনৰ বাবে ফেঁচাৰ কাণদুখন কেতিয়াবা অলপ তল-ওপৰকৈ থাকে৷ ফেঁচাই জীৱন্ত প্ৰাণী যেনে পোক-পৰুৱাৰ পৰা আৰম্ভ কৰি সৰু স্তন্যপায়ী প্ৰাণীও চিকাৰ কৰি খায়৷ 

বহুতে ভাবে, ফেঁচাৰ এশ এটা মাত আছে৷ বিভিন্ন সময়ত মানুহক বিভিন্ন বাৰ্তা বা আগজাননী দিবলৈ ই বেলেগ বেলেগ মাত ব্যৱহাৰ কৰে৷ কথাটো একধৰণে সঁচা৷ কিন্তু, ডাঙৰ ভুল ধাৰণাটো হৈছে, ই মানুহক আগজাননী দিবলৈ বেলেগ বেলেগ মাত নুলিয়ায়, প্ৰকৃততে নিজৰ উদেশ্যৰ বাবেহে বেলেগ বেলেগ মাত দিয়ে৷ প্ৰায়বোৰ চৰাইৰে মাতৰ উদেশ্য হ’ল, নিজৰ মাজত যোগাযোগ কৰা৷ মতাই মাইকী চৰাইক মুহিবলৈ সুললিত কন্ঠেৰে গান (bird song) গায়, এটা মতা চৰায়ে অন্য এটাক নিজৰ বাসস্থান বা টেৰিটৰীৰ ভিতৰত নোসোমাবলৈ সকীয়ায় দিওঁতে এবিধ বিশেষ মাত (territorial call) উলিয়ায়৷ তেনেকৈ শত্ৰুৰ আগমণৰ ইংগিত দিবলৈও চৰায়ে এবিধ বিশেষ মাত (alarm call) মাতে৷ ফেঁচাৰ ক্ষেত্ৰতো একে কথাই খাঁটে৷ 


অসমত বিশ বিধ ফেঁচাৰ প্ৰজাতি দেখা পোৱা যায়৷ ইয়াৰে ভয়ংকৰ বুলি লোকবিশ্বাসত গণ্য কৰা প্ৰজাতিটো হৈছে Forest-Eagle Owl৷ অতীজৰে পৰা অসমকে ধৰি বিশ্বৰ বিভিন্ন প্ৰান্তত এই চৰাইবিধক মৃত্যুৰ সংবাদ বাহক বুলি গণ্য কৰি ‘Devil Bird’ নামেৰে জনা যায়৷ কিন্তু, ঘৰৰ ছালত বা আশে পাশে গছৰ ডালত পৰি ‘নিউ নিউ’ মাতেৰে প্ৰকৃততে ই মানুহক মৃত্যুৰ আগজাননী নিদিয়ে৷ লগৰীয়াৰ সৈতে যোগাযোগহে কৰে৷ এনে মাত বিশেষ সময়তহে শুনিবলৈ পোৱাৰ কাৰণ হ’ল, প্ৰজননৰ সময়তহে সচৰাচৰ ই এনে গান গায়৷ ভাৰতত ঠাই বিশেষে প্ৰজনন কাল ভিন্ন যদিও অসমৰ ফালে ই ফেব্ৰুৱাৰী-মাৰ্চ মাহত প্ৰজনন কৰে বুলি জনা যায়৷ ইয়াৰ দেহৰ আকাৰ বৃহৎ আৰু সেই অনুপাতে কেৰ্কেটুৱা, বনকুকুৰা, ময়ুৰৰ পৰা পোৱালি সুগৰি পহুও ইহঁতে চিকাৰ কৰিব পাৰে৷ তেনেদৰে উৰুলিৰ দৰে গান গোৱা ফেঁচাবিধ হ’ল, Asian-barred Owlet৷ ইয়াৰ দেহৰ আকাৰ তুলনামূলকভাৱে সৰু৷ ইহঁত নিশাচৰ নহয়, দিনৰ ভাগতহে বিশেষকৈ সক্ৰিয় হৈ থাকে৷ ইয়াৰ মাতো কেইবাবিধো বুলি জনা যায়৷



মৃত্যুৰ আগজাননী দিয়া বুলি অপবাদ পোৱা এই ফেঁচাৰ বৰ্তমান নিজৰ জীৱনৰে শংকা আহি পৰিছে মানু্হৰ এই অন্ধবিশ্বাসবোৰৰ ফলস্বৰূপে৷ TRAFFIC নামৰ বন্যপ্ৰাণীৰ বেহা নিয়ন্ত্ৰণ কৰা সংস্থাটোৰ শেহতীয়া তথ্য অনুসৰি ভাৰতৰ বিভিন্ন ঠাইত অন্ধবিশ্বাসৰ বলি হৈ মৃত্যুমুখত পৰা ফেঁচাৰ সংখ্যা বৃদ্ধি পাইছে৷ বিশেষকৈ দীপাৱলীৰ দিনা হিন্দু পৰম্পৰা মানি বহুতে ফেঁচা বলি দিয়ে৷ ফেঁচাৰ দেহৰ বিভিন্ন অংশ চোৰাং ভাৱে মিছা ঔষধি মূল্যৰ বাবে বিক্ৰী হয়৷ তেনেদৰে ৰাইজক আভুঁৱা ভৰা তান্ত্ৰিক-বাবা জাতীয় লোকেও ফেঁচাৰ পাখি, চকু, কণী আৰু অন্যান্য অংগ প্ৰত্যংগ ব্যৱহাৰ কৰে৷ 


এই নিমাখিত চৰাইবিধে মানুহৰ অপকাৰ সধা দূৰৰে কথা, বৰং ই মানুহৰ বসতিস্থলৰ পোক-পতংগ, নিগনি আদি চিকাৰ কৰি প্ৰাকৃতিকভাৱে মহামাৰী নিয়ন্ত্ৰণৰ কামহে কৰে ৷ সেয়ে ই খাদ্যজালৰ সমতা ৰক্ষা কৰাতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ বিশেষকৈ খেতি-প্ৰধান অঞ্চল এটাত ফেঁচাই উৎপাদন বৃদ্ধিতো বহুলাংশে সহায় কৰিব পাৰে৷ পুৰণি কালত বতাহ-বৰষুণলৈকো ভয় কৰা মানুহৰ সমাজ এখনত অজ্ঞানতাৰ আন্ধাৰত জন্ম হোৱা এইবোৰ অন্ধবিশ্বাসৰ পৰা আধুনিক সমাজ মুক্ত নোহোৱাতো অতি পৰিতাপৰ কথা৷ ৰাইজ সচেতন নহ’লে সংকটৰ গৰাহত পৰা অন্য বহুতো আপুৰুগীয়া জীৱ-জন্তু, চৰাই চিৰিকটিৰ দৰে এই চৰাইবিধো অদুৰ ভৱিষ্যতে এদিন হেৰাই যাব৷

Saturday 22 November 2014

অৰণ্য পুৰাণ ২: মাজনিশাৰ আলহী

মোৰ সেইসময়ৰ কৰ্মস্থলী অৰুণাচলৰ ঈগলনেষ্ট বন্যপ্ৰাণী অভয়াৰণ্য ৷ আমি কাম কৰা সময়ছোৱাত অভয়াৰণ্যৰ ভিতৰত বম্পু নামৰ ঠাইখনত কেম্প কৰি থাকোঁ৷ বম্পু পাহাৰীয়া অৰণ্যৰ মাজতে অকণমান সমভূমি৷ আগতে তাতে অফিচ পাতি ঘৰ-দুৱাৰ সাজি গ্ৰেফৰ লোকে পথ নিৰ্মাণৰ কাম কৰিছিল৷ গ্ৰেফে পাহাৰ কাটি নিৰ্মাণ কৰা ঈগলনেষ্টৰ একমাত্ৰ মূল পথটো অৰুণাচলৰ টেঙাৰ পৰা বম্পু হৈ তেজপুৰৰ মিছামাৰী ওলাইছেগৈ৷ ঈগলনেষ্টক অভয়াৰণ্য স্বীকৃতি দিয়াৰ পিছত অফিচ ভাঙিল, লাম-লিকটু লৈ সকলো মানুহ উঠি গ’ল৷ পূৰ্বৰ চিন স্বৰূপে বম্পুত মাথোঁ পকীঘৰ এটা আৰু সৰু মন্দিৰ এটা ৰৈ গৈছিল৷ পিছে পৰিত্যক্ত ঘৰটোৰ পৰা টিনপাত, দুৱাৰ-খিৰিকীৰ কাঠকে ধৰি ব্যৱহাৰ কৰিব পৰা সকলো বস্তু মানুহে সামৰি-সুতৰি নিলে৷ বাকীৰোৱা ভাঙিব পৰা অংশখিনিও হাতীৰ জাকে প্ৰতিবাৰে আহি ভাঙি চুৰমাৰ কৰি যায়৷ সময়ৰ সোঁতত ঘৰৰ নামত কেৱল পকা বেৰকেইখনহে ৰ’লগৈ৷ আমি কামৰ সময়ত প্ৰতিবাৰে গৈ সেই ঘৰটোতে ওপৰত কাম চলাকৈ চালি এখন দি লৈ থাকিব পৰা কৰি লওঁ৷ সেইবাৰো সেই ঘৰটোতে থাকি ফিল্ডৰ কাম চলাই আছিলো৷

আমাৰ বহু ৰোমাঞ্চকৰ স্মৃতিৰ ইতিহাস লৈ বম্পুৰ ঘৰটো
ঘৰটোত মূলকোঠা দুটা৷ বাঁহৰ ধোঁৱাচাঙৰ তলতে তৈয়াৰ কৰি লোৱা চৌকাৰে এটা পাকঘৰ৷ পাকঘৰৰ একাষে ওখকৈ বাঁহৰ চাং এখন৷ তাতে ফিল্ড সহায়ক ল’ৰা চাৰিজন শোৱে৷ আনটো কোঠাত মজিয়াতে শুব পৰাকৈ চিমেন্টৰ প্ৰলেপটো বাকী আছেই বাবে মই তাতে শুইছিলো৷ সেইবাৰ পিছে আগতীয়াকৈয়ে খুউব বৰষুণ হোৱাত কোঠাটোৰ ওপৰতে ত্ৰিপালখনত ঠিক কৰিব নোৱাৰাকৈ ব্ৰহ্ম ফুঁটা কেইটামান হৈছিল৷ বৰষুণ দিলেই আমি য’ত যি পাওঁ, বাল্টি-চচপেন-বাতি আদি লৈ পানী সৰকা ঠাইৰ তলে তলে পাতি ফুৰিব লগা হয়৷ আকৌ বেছিকৈ পানী ৰৈ গৈ কেতিয়াবা ত্ৰিপাল এফালে হালি পৰে৷ বাঁহ এডাল লৈ সেইবোৰ খুঁচি খুঁচি পানী উলিয়াব লাগে৷ মুঠতে প্ৰতিজাক বৰষুণৰ পিছতেই আমাৰ উপৰুৱা কাম বাঢ়ে৷ পিছে যিমান চেষ্টা কৰিলেও, বৰষুণ দিলেই মোৰ কোঠাটো পানী পানী হৈ পৰে৷ উপায় নাপাই সেইবাৰ মই কোঠাৰ ভিতৰতে ড’ম টেন্ট এটাকে পাতি লৈছিলো৷ কোনোমতে দৰকাৰী বস্তুবোৰ নিতিতাকৈ ৰাখি নিজেও সোমাই থাকিব পৰাকৈ অকণমানি টেন্ট এটা ৷ 

শিল-বৰষুণে ধোৱাই নিয়া এটা দিনত

তেনেকুৱা দিন এটাৰ ঘটনা৷ সেইদিনা সন্ধিয়াতে ৰান্ধি খাই আমি সোনকালে শুবলৈ গ’লো৷ উদং খিৰিকী আৰু দুৱাৰকেইখনত মাৰি থোৱা বাঁহৰ বেঁৰাইদি চেঁচা বতাহজাক হো-হোৱাই সোমাই হাড়লৈকে কঁপাই দিয়েহি৷ গতিকে সন্ধিয়া হোৱাৰ লগে লগে চৌকাৰ জুইকুৰাৰ উম লৈ বহা বা শ্লিপিং বে'গৰ ভিতৰত সোমোৱাৰ বাহিৰে আমাৰ গত্যন্তৰ নাই৷ তাতে পুৱা পোহৰ হওঁ-নহওঁতেই আমি ওলাই যাব লাগে কামলৈ৷ সেয়ে তাত নিশা সাতমান বজাতে আমাৰ শোৱাৰ অভ্যাস হৈ পৰে৷ সিদিনাও একো ব্যতিক্ৰম নাছিল৷


নিশা হঠাৎ মোৰ গভীৰ টোপনি ভাঙিল৷ শুনিলো, কোনোবা মানুহে ডাঙৰ ডাঙৰকৈ কথা পতা আৰু খোজৰ শব্দ! এই পাণ্ডৱবৰ্জিত ঠাইলৈ মাজনিশাখননো কোন আহিল বুলি উচপ খাই উঠিলো৷ তাতে খোজকাঢ়ি! বাহিৰৰ পৰাতো গাড়ী লৈ নাহিলে বম্পু ওলোৱাহি সম্ভৱ নহয়! একেবাৰে ওচৰত মানুহৰ বসতি বুলিলে অৰুণাচলৰ টেঙাৰ দিশে ৰামালিংগম গাঁৱলৈ ১৫-২০ কিমি পাহাৰ বগাই উঠিব লাগে, অসমৰ দিশে দৈমাৰাৰ বড়ো গাঁৱলৈ ২২-২৫ কিমি নামিব লাগিব৷ ৰাতিখন কোনো নৰমনিচে সেই সাহস নকৰে বুলি জানো৷ খোজৰ শব্দ ওচৰ চাপি অহাৰ লগে লগে মই উৎকন্ঠিত হৈ পৰিলো ৷ হিচাপ নিকাচ কৰি ভাবিলো, ঈগলনেষ্টৰ তলা-নলা জনা কোনোবা মানুহেই হ’ব লাগিব৷ অলপ সন্দেহ হ’ল পিছে৷ হে'ডলাইটটো লগাই ঘড়ী চাই দেখিলো, নিশা এক বাজিছে৷

ঘৰৰ বাৰান্দা খন পাৰ হৈয়ে দুখন দুৱাৰ, এখন মোৰ কোঠালৈ, আনখন পাকঘৰলৈ৷ দুয়োখনতে হেঁচা মাৰিয়ে খুলিব পৰা বাঁহৰ বেঁৰাৰ দুৱাৰ৷ ইতিমধ্যে কাষৰ কোঠাত ল’ৰাকেইজনো সাৰ পাইছিল, সিহঁতে ভুনভুনাই কথা পতা শুনা পালো৷ সেই কোঠাত পোহৰ দেখিয়ে হ’বলা মানুহকেইজন (কথা-বতৰাত বুজিছিলো কমেও চাৰি-পাঁচজন হ’ব লাগিব) সেইফালে সোমাল৷ নেপালীতে মাত লগালে,

“কোনোবা আছে নেকি ঔ!”

ল’ৰাকেইটা দুপদুপাই উঠি আহিল বিছনাৰ পৰা৷ মাত দিলে,

“অ, আমিহে আছোঁ৷ কোননো ?”

গ’লগলীয়া মাতটোৰে মানুহজনে ক’লে,

“মই নকথে দাজু! আমি গাৱঁৰ পৰা আহিছোঁ৷ হাবিৰ মাজতে বাটত গাড়ী বেয়া হ’ল ৷ একো কৰিব নোৱাৰা হ’লো৷” (নাম সলাই দিয়া হৈছে)

নামটো কাণত পৰাৰ লগে লগে মই বুজি পাই গ’লো প্ৰকৃততে কোন এওঁলোক! এই বিখ্যাত চিকাৰীজনক চিনি নোপোৱা লোক সেই অঞ্চলটোত নাই৷ স্থানীয় কিছুমান জনজাতিয়ে কৰি অহা পৰম্পৰাগত চিকাৰ অভিযান সমূহত এওঁৰ সমান নামী চিকাৰী হয়তো কমেই ওলাব৷ এওঁৰ নাম আৰু চিকাৰ কাহিনীবোৰ শুনিহে আছিলো, কল্পনাও কৰা নাছিলো এনেকুৱাও দিন (ৰাতি?) আহিব বুলি! খৰকৈ চিন্তা কৰিলো, কি কৰা যায়! মোৰ সহকৰ্মী উমেশ নথকাত অলপ অসহায়বোধ কৰিলো৷ বিশেষ কামত সি কিছুদিনৰ বাবে ফিল্ডৰ দায়িত্ব মোক অকলে দি অষ্ট্ৰেলিয়ালৈ গৈছিল৷ যাওঁতে সি কৈ গৈছিল, জৰুৰী কথাত ফিল্ডৰ সহায়ক ল’ৰা কেইজনৰ ওপৰত নিৰ্ভৰ কৰিবলৈ আৰু সিহঁতৰ উপদেশ মানি চলিবলৈ৷ কাৰণ স্থানীয় মানুহ হিচাপে অৰণ্যৰ মাজত যিকোনো পৰিস্থিতিকে চম্ভালি ল’ব পৰাকৈ সিহঁত অভিজ্ঞ৷ উমেশৰ সেই কথাষাৰকে মনত পেলাই ল’ৰাকেইজনে মোক নমতালৈকে নীৰৱে থকাৰ সিদ্ধান্ত ল’লো৷ পিছে চিন্তা হ’ল, সিহঁতৰ কথা ভাবি৷ সেই ঠাণ্ডাতো ঘামি-জামি কাণ উনাই সষ্টম হৈ ৰ’লো যিকোনো পৰিস্থিতিৰ বাবে৷ অন্য এজন মানুহে উথপথপ লগাই নিৰ্দেশ দিয়াৰ সুৰত ক’লে,

“বহুত জাৰ লাগিছে, ভোকো লাগিছে৷ জুইকুৰা ধৰচোন ঘপকৈ৷”

ধুপ ধাপ কৈ খৰি ফলাৰ শব্দ আহিল৷ দীনেশে মিহি মাতেৰে কোৱা শুনিলো,

“চাহ কৰোঁ নেকি?” মাতটো শুনিয়ে বুজিলো সিহঁতেও ভয় খাইছে৷ বেচেৰা ওঠৰ-বিশ বছৰীয়া ল’ৰাকেইটাইনো এনে পৰিস্থিতিত ভয় নাখাবনে!

“নাই নাই, কি চাহ কৰিবি আৰু৷ ভোকত পেটৰ বিষ উঠি গৈছে, আবেলিতে ওলাই অহা৷ ভাত-শাক কি আছে উলিয়া, সেয়াই খাওঁ!”

“ভাত অলপহে আছে, আমি খাই বৈ শুইছিলোৱে যে৷” দীনেশে বিনয়েৰে ক’লে৷

“ যি আছে তাকে দে আকৌ৷ আমি ভগাই খাম নহয়!”

চচপেনত পুৱাতে টিফিনত ভৰাই নিবলৈ হেঁপাহেৰে থোৱা ভাতকেইটা দীনেশে উলিয়াই দিলে হয়তো৷ মেগীৰ পেকেট দেখা পাই সেয়াও কৰাৰ হুকুম আহিল৷ খোৱা-বোৱা আৰু পূৰাদমে আড্ডা চলিল৷ লগতে ল’ৰাকেইজনক জেৰাৰ সুৰত উপৰা-উপৰি প্ৰশ্ন৷

“ইয়াত কি কৰ তহঁতে?”

“ৰিচাৰ্ছ”

“কোনে কৰে?”

“ছাৰ আৰু মেডামে৷”

“ক’ত আছে ছাৰ আৰু মেডাম?”

“ছাৰ অষ্ট্ৰেলিয়ালৈ গ’ল! মেডাম শুই আছে৷”

“ছাৰ-মেডামৰ নাম কি?”

উমেশৰ নামটো শুনি মানুহকেইজনে নিজৰ মাজতে কিবাকিবি পাতিলে৷ স্পষ্টকৈ শুনা নাপালো৷ তাৰপিছত আগতকৈ মাতটো কোমল কৰি সুধিলে,

“ডাক্তৰ উমেশ নেকি?”

বুজিলো, উমেশৰ কথা এওঁলোকেও জানে৷ গৱেষকৰ লগতে উমেশ চিকিৎসকো৷ এম বি বি এছ কৰি ওলাই কেৱল বন্যপ্ৰাণীৰ গৱেষণাত থকা আগ্ৰহৰ বাবে আকৌ এম এছ চি কৰিলে সি৷ তাৰপিছত পি এইচ ডিৰ গৱেষণা আৰম্ভ কৰিলেহি৷ কামৰ মাজে মাজে সি চিকিৎসাৰ সা-সুবিধা নথকা ওচৰৰ গাৱেঁ-ভূঞে বিনামূলীয়াকৈ চিকিৎসা সেৱা আগবঢ়ায়৷ বিপদে আপদে গাঁৱৰ লোকৰ বাবে উমেশেই একমাত্ৰ ভৰসা৷ সেয়ে সেই অঞ্চলটোত উমেশ সকলোৰে প্ৰিয়পাত্ৰ৷ নকথে চিকাৰীয়েও হয়তো তাৰ বিষয়ে শুনিছে৷

এইবাৰ মানুহকেইজনৰ কথাৰ সুৰ বদলিল৷ কোমল মাতেৰে ক’লে,

“ হাবিৰ মাজত কষ্টেৰে থাকি মেলি কাম কৰিছ, ভালদৰে কৰিবি, বুজিছ! আমিতো নিজৰ ঠাই কাৰণেই মাজে মাজে আহি চাই যাওঁহি৷ দুই এটা জন্তু যি পাওঁ লৈ যাওঁহি৷ পুৰণা ৰীতি-নীতিৰ কথা এটাও আছেতো৷”

শুনি মই আচৰিত নহ’লো৷ বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে স্বীকৃতি পোৱাৰ আগতে ঈগলনেষ্ট সেই অঞ্চলৰ দুটা জনজাতি বুগুণ আৰু শ্বেৰডুকপেনসকলৰ অধিকাৰত আছিল৷ এটা অংশ বুগুণ সকলৰ আৰু আনটো শ্বেৰডুকপেনৰ৷ কাষৰীয়া গাঁৱত বসবাস কৰি অহা এই স্থানীয় লোকসকলে বছৰ বছৰ ধৰি এই অৰণ্য নিজৰ বুলি মানি আহিছে৷ গতিকে এতিয়াও পৰম্পৰাগত ৰীতি মনাৰ আচিলাতে হওক, অন্য কাৰণতে হওক মাহেকে পষেকে দল বান্ধি নিশা মানুহ কিছুমান আহে৷ পালে কিবা এটা চিকাৰ কৰে৷ নাপালে কেম্পৰ মানুহকে মনত পেলাই থৈ যায়, এয়া তেওঁলোকৰ অধিকাৰত থকা ঠাই৷ কেতিয়াবা কোনো উগ্ৰ দলে দাবি হুমকি দি কেম্পৰ বস্তুও উঠাই নিয়ে বুলি শুনিছোঁ৷ 

ল’ৰাকেইজনৰ ভিতৰত আটাইতকৈ সৰু আৰু চঞ্চল ভাৰতে মাত দিলে,

“কিবা পালে নে আজি?”

“এহ, কিনো পাম! আহিয়ে চাক্কুৰ ওচৰত গাড়ী বেয়া হ’ল৷ সন্ধিয়াখন ভালকৈ চাবলৈও নহ’ল৷ কাইলৈ মেকানিক মাতি পঠাইছোঁ৷ কাইলৈ ৰাতিপুৱাই ঠিক কৰি যামগৈ আৰু!”

আন এজনে মাত দিলে,

“তহঁত এই বাঁহৰ চাং খনতে শোৱ নেকি? আমাকো ৰাতিটো যেনতেন কটাবলৈ ঠাই অকণ উলিয়াই দেচোন৷ পোহৰ হ’লেই ওলাই যাম৷”

মানুহকেইজন শান্ত হোৱা দেখি ইতিমধ্যে মোৰ উদ্বিগ্নতা কমিছিল৷ মানুহবোৰে শুবলৈ যা-যোগাৰ কৰাৰ উমান পাইছিলো৷ তেতিয়ালৈ শেষ নিশা হৈছিল৷ ময়ো শুবলৈ বুলি শ্লিপিং বেগত সোমালো৷ পিছে চিকাৰীৰ নাকৰ প্ৰচণ্ড ঘোৰঘোৰণিত চিলমিল টোপনি আকৌ ভাঙিল ৷ পুৱতি নিশা কেতিয়া চকু মুদ খালে ক’ব নোৱাৰো৷ কোনোবা এটা সময়ত চিঞৰ বাখৰ শুনি সাৰ পালো৷

ল’ৰাকেইটাৰ উত্তেজিত মাত,

“মেডাম, উঠক উঠক৷ কালি ৰাতি কি হ’ল গম পায়নে?”

মই টেন্টৰ চেইনডাল খুলি মুখখন উলিয়াই দেখোঁ গোটেইকেইটা মোৰ টেন্টৰ সন্মুখত হাজিৰ! লাহেকৈ ক’লো,

“মই চব গম পাওঁ৷ মানুহকেইজন আহোঁতেই সাৰ পাইছিলো নহয়৷ তহঁতে নমতা কাৰণে ওলাই যাবলৈ বেয়া পালো৷”

কামিয়ে ক’লে,

“ভালেই কৰিলে দেই! আপোনাক আকৌ বেলেগ কোনোবা বুলিহে ভাবিলে৷” কথা শেষ হোৱাৰ লগে লগে গোটেইকেইটাৰ ঔফুলীয়া হাঁহি!

মই আচৰিত হৈ সুধিলো, “কিয়?”

কোনোমতে হাঁহি ৰখাই কামিয়ে ক’লে, 

“ইয়ে আপুনি নুশুনিলে হ’বলা? প্ৰথম আহিয়ে কোন ছাৰ-মেডাম, কোন উমেশকৈ সুধি আছিল যে, তেতিয়া ভাৰতে থতমত খাই আপুনিয়ে উমেশ ছাৰৰ মানুহজনী মানে নন্দিনী মেডাম বুলি কৈ দিলে!”

“মানে?” 

“মানে উমেশ ছাৰক নন্দিনী মেডামৰ সৈতে হেনো বহুদিনৰ আগতে নকথে দাজুৱে টেঙাত লগ পাইছিল৷ সুধিলে, কাষৰ ৰুমত সেয়া ছাৰৰ মেডামেই নেকি বুলি আৰু ভাৰতে হয়ভৰ দিলে৷”

একো ক’বলৈ নাপালোৱে; দেখিলো, ভাৰতে বিৰাট স্ফুৰ্টিৰে বি এছ এন এলৰ নেটৱৰ্ক পোৱা মন্দিৰৰ সন্মুখৰ একমাত্ৰ ঠাইটুকুৰালৈ বুলি দৌৰ দিছে৷ যাওঁতে কৈ গ’ল, “নন্দিনী মেডামক কওঁগৈ, আজিৰ পৰা ভাইৰাছ বুদ্ধা (উমেশৰ ল’ৰাহঁতে ৰখা নাম)ৰ আৰু এজনী গোট খালে বুলি!!”

--------------------------------------------------------------------------

বি:দ্ৰ:- এয়া আজিৰ পৰা দুবছৰৰ আগৰ ঘটনা৷ বুগুণ জনজাতিয়ে কিছুবছৰ ধৰি ইক’ট্যুৰিজিমৰ কামত সক্ৰিয়ভাৱে অংশ লৈ ঈগলনেষ্টৰ বন্যপ্ৰাণীৰ সংৰক্ষণৰ কাম কৰি আহিছে৷ শেহতীয়াকৈ শ্বেৰডুকপেন সকলেও এই কামত আগভাগ ল’বলৈ আৰম্ভ কৰিছে৷ বহু লোক/সংগঠনৰ অহৰহ প্ৰচেষ্টাৰ ফলস্বৰূপে দুয়োটা জনজাতিয়ে বৰ্তমান ঈগলনেষ্টৰ জৈব-বৈচিত্ৰ্যক লৈ সজাগ হৈছে, খুউব কৰ্মপটুটাৰে ইক’ট্যুৰিজিমৰ কামবোৰ আগবঢ়াই নিছে- এয়া নিশ্চয় ঈগলনেষ্টৰ বাবে খুবেই আশাব্যঞ্জ্যক৷

Friday 14 November 2014

অৰণ্য পুৰাণ ১: থেংকছ গ’লাইত এদিন

ঈগলনেষ্ট বন্যপ্ৰাণী অভয়াৰণ্যত মোৰ গৱেষণাৰ কাম আৰম্ভ কৰাৰ সময়ৰ কথা৷ অৰুণাচল প্ৰদেশৰ এই অভয়াৰণ্যখন বহুতেই চৰাইৰ বাবে এক স্বৰ্গপুৰী বুলি গণ্য কৰে৷ প্ৰতিবছৰে বহু দেশী-বিদেশী পৰ্যটকে ইয়াত ভিৰ কৰেহি বিভিন্ন পৰিভ্ৰমী আৰু স্থানীয় চৰাই চাবলৈ৷ মোৰো গৱেষণা মূলত: চৰাইৰ ওপৰতে৷ কিন্তু আজৰি সময় পালে অন্য কামতো লাগি দিছিলো৷ সেইসময়ত আমি কেমেৰা ট্ৰেপিঙৰ প্ৰজেক্ট এটা হাতত লৈছিলো৷ মূল উদেশ্য আছিল অভয়াৰণ্যখনৰ স্তন্যপায়ী জন্তুৰ আবাদী সম্পৰ্কে তথ্য সংগ্ৰহ কৰা৷ আমাৰ কাম আছিল, অৰণ্যৰ ভিতৰত জীৱ-জন্তু নিয়মীয়াকৈ অহা-যোৱা কৰা বাটৰ কাষত বা অন্য সাম্ভাব্য ঠাইত বিশেষ কেমেৰা সংযুক্ত কৰি থৈ অহা৷ এনে কেমেৰাই সাধাৰণতে সন্মুখত হোৱা কোনো সঞ্চালন ধৰা পেলাই (motion detection) স্বয়ংক্ৰিয়ভাৱে যিকোনো সময়তে ফটো তুলিব পাৰে৷ গতিকে এই কেমেৰাই সন্মুখেৰে পাৰ হৈ যোৱা জন্তুৰ ফটো লয় আৰু আমি পিছত গৈ কেমেৰাবোৰ সংগ্ৰহ কৰি আনি ফটোবোৰ গবেষণাৰ কামত ব্যৱহাৰ কৰিব পাৰোঁ৷ 



আমাৰ প্ৰথম কাম আছিল, গৱেষণাৰ ডিজাইন অনুসৰি মেপত আগতীয়াকৈ ঠিক কৰি লোৱা ঠাইবোৰ জি পি এছৰ সহায়ত বিচাৰি উলিয়াই কেমেৰা লগাই থৈ অহা৷ ঈগলনেষ্টৰ পাহাৰীয়া গভীৰ অৰণ্যৰ মাজত এনেকৈ নিৰ্দ্বাৰিত ঠাই বিচৰাটো কষ্টসাধ্য৷ তাতে মোৰ বাবে সেই অৰণ্য তেতিয়াও অচিনাকি৷ সেয়ে এজন স্থানীয় ল’ৰা ওলাল মোৰ স’তে গৈ সহায় কৰিবলৈ৷ কাষৰ গাঁৱৰ বিশ-বাইশ বছৰীয়া নেপালী ল’ৰা৷ নাম আংগু৷ কামটোৰ আৰম্ভণিৰ দিনা কেম্পৰ ওচৰৰে প্লট এটালৈকে যোৱাৰ সিদ্ধান্ত হ’ল৷ আংগু আৰু মই চাৰিটাকৈ কেমেৰা বেকপেকত ভৰাই ল’লো৷ জন্তুৱে ভাঙিব নোৱাৰাকৈ আৰু বৰষুণ আদিৰ পৰা ৰক্ষা পৰিবলৈ এই কেমেৰাবোৰ বিশেষ ভাৱে নিৰ্মাণ কৰা হয়৷ কেমেৰাটো বাকচৰ ভিতৰত ৰাখি কেৱল লেনছখনৰ বাবে সুৰুঙা এটা ৰখা হয়৷ গতিকে কেমেৰাবোৰ যথেষ্ট গধুৰ ৷ কিন্তু সেইবোৰ কঢ়িওৱাৰ অন্য উপায় নাই বাবে আমি তেনেকৈয়ে খোজ ল’লো প্লটলৈ বুলি৷ আংগু বিৰাট স্ফুৰ্টিবাজ ল’ৰা, বাটে বাটে সি ঈগলনেষ্টৰ অৰণ্যৰ কাহিনী ক’বলৈ লাগিল৷ আধাঘন্টামান খোজ কঢ়াৰ পিছতে আমি এটা কেঁকুৰি পালোগৈ৷ আংগুৱে ক’লে,



“বাইদেউ, এইখনেই ‘থেংকছ গ’লাই’৷ ইয়াৰ পৰাই আমি পাহাৰৰ ওপৰলৈ বগাব লাগিব৷ ’’

নামটো শুনি আচৰিত লাগিল৷ এইটো আকৌ কেনেকুৱা নাম! সুধিলো তাক৷ আংগুৱে ক’লে,

"গ’লাই মানে আমাৰ ভাষাত কেঁকুৰি৷ আচলতে এই কেঁকুৰিটোত আগতে ফৰেষ্ট ডিপাৰ্টমেন্টে ‘থেংকছ’ বুলি চাইনবৰ্ড এখন লগাইছিল৷ তাৰ পিছৰ পৰাই সকলোৱে ঠাইটুকুৰাকে থেংকছ গ’লাই বুলি ক’বলৈ ধৰিলে! ইয়াৰ পৰা অকণমান ওপৰলৈ হাবিৰ মাজলৈ সোমালেই আপুনি কেমেৰা লগাব বিচৰা ঠাইখন পাবগৈ৷ ”

দুয়ো হাবিতলীয়া বাটটোৰে ওপৰলৈ বগাবলৈ আৰম্ভ কৰিলো৷ আংগুৱে আগে আগে বাট দেখুৱাই গ’ল৷ মই ডিঙিত লগাই লোৱা জি পি এছতে বাটটোৰ মেপ এখনো তৈয়াৰ কৰি গ’লো৷ তেতিয়া ৰাতিপুৱা আঠমান বাজিছে৷ ওচৰৰে প্লট যেতিয়া দুপৰীয়াৰ ভাত খোৱাকৈ ঘুৰি আহিম বুলি আমি ৰাতিপুৱাই কিবা অলপ খায়ে ওলাইছিলো৷ ঘন অৰণ্য, ওপৰলৈ মূৰ কৰি চালে আকাশ দেখাৰ সুৰুঙা নথকাকৈ ডাল-পাতেৰে আবৰি বিশাল গছবোৰ, তলত আগনিশা সৰা বৰষুণে ভিজাই থোৱা সৰাপাতৰ দম! চাৰিওদিশে নানাটা চৰাই-চিৰিকটিৰ মাত৷ তাৰ মাজে মাজে হাতীৰ জাকৰ উমান পাবলৈও দুয়ো কাণ থিয় কৰি খুপি খুপি আগবাঢ়িলো৷ প্ৰথম ঠাইটুকুৰা বিচাৰি পাবলৈ বিশেষ অসুবিধা নহ’ল৷ কেমেৰাৰ কাম আগেয়ে নকৰা বাবে আংগুক খুঁটি নাটিবোৰ দেখুৱাই দিলো৷ দুয়ো মিলি মেকুৰীজাতীয় জন্তুৱে নিয়মীয়াকৈ অহা যোৱা কৰা বাট এটাৰ কাষতে প্ৰথম কেমেৰাটো লগাই পেলালো ৷ কাম কৰিছেনে নাই পৰীক্ষা কৰিবলৈ আংগুৱে কেমেৰাৰ সন্মুখেৰে খোজ দি চালে৷ মুহুৰ্ত্ততে মৰা ফ্লেছৰ পোহৰত আমি দুয়ো উচপ খাই উঠিলো৷ ক্লিকক! আংগুৰ বিৰাট স্ফুৰ্টি লাগি গ’ল৷

ঈগলনেষ্টৰ মূল বাট আৰ কাষৰীয়া অৰণ্য
“আৰে, এইটোৱে বঢ়িয়া কাম কৰেচোন৷ ময়েই যাত্ৰা কৰি দিলো দেই!” মই হাঁহিলো ৷ তাৰ উৎসাহ দুগুণে বাঢ়িল৷ দুয়ো জি পি এছৰ মেপ চাই দ্বিতীয় ঠাইটুকুৰা বিচৰাত লাগিলো৷ এইবাৰ আমি হাবিতলীয়া বাট এৰি খুবেই গভীৰ অৰণ্যলৈ সোমাই গ’লো৷ কিছুমান ঠাইত ঘন জোপোহাৰ মাজেৰে বাট উলিয়াই আগবাঢ়িব লগা হ’ল৷ জি পি এছত মেপ আছিল যদিও বতৰ ভাল নহ’লে বা বেছি ঘন অৰণ্য হ’লে ই ভালদৰে কাম নকৰে বাবে আংগুৱে ক’লে,

“ডাঙৰ গছৰ গাত দাৰে চিন এটা এটা ৰাখি যাওঁ৷ ঘুৰি আহোঁতে বাট বিচাৰি পাবলৈ সুবিধা হ’ব৷’’

কথা মতেই কাম৷ এইবাৰ জি পি এছেৰে বাট উলিয়াই লৈ মই আগবাঢ়িলো৷ সি চিন দি দি মোৰ পিছে পিছে আহি থাকিল৷ যিমানেই আগবাঢ়িলো, অৰণ্য ঘন হৈ গৈ থাকিল৷ এটা পাহাৰৰ নামনি পাৰ হৈ অন্য এটাত বগালোগৈ৷ কিছুমান ইমানেই থিয় গঁড়া যে আমি ঘুৰি পকিহে জি পি এছে দেখুওৱা বাট ওলাব লগা হ’ল৷ বুজিলো, ভবাৰ দৰে কামটো ইমান সহজ নহয় ৷ তেনেদৰেই কিছু যুঁজি মেলি ঠাই বিচাৰি উলিয়াই আৰু দুটা কেমেৰা লগালো৷ ইতিমধ্যে এক বাজি গৈছে৷ আমাৰ পেট কলমলাবলৈ আৰম্ভ কৰিছে৷ খাবলৈতো একো অনা নহ’লেই, দুয়োটাই পানীও অনাৰ কথা নাভাবিলো৷ কেমেৰাৰ বোজাটো কিছু কমিছিল যদিও ভাগৰো লাগি আহিছিল৷ পথালিকৈ পৰি থকা বিশালকায় মৰা গছ এডালৰ গাতে আউজি বহি পৰিলো৷ ভাবিলো, আজিলৈ সামৰো নেকি! ভবাতকৈ বহুত বেছি সময় লৈছে প্ৰতিটো কেমেৰা লগাওঁতে৷ জি পি এছৰ মেপখন চাই লৈ ভালকৈ চিন্তা কৰি চালো৷ পৰিকল্পনা অনুসৰিয়ে আমাৰ প্লটটো প্ৰায় বৰ্গাকাৰ, প্ৰতিটো চুকত একোটাকৈ কেমেৰা লগোৱাৰ কথা৷ আজি ওচৰা ওচৰিকৈ দুটা বৰ্গাকাৰ প্লটত কেমেৰা লগোৱাৰ কথা আছিল৷ দুটাত নহ’বই যেতিয়া এটা সম্পূৰ্ণ কৰাৰ কথা ভাবিব পাৰি৷ তাতে আমি তিনিটা চুকত লগালোৱে যেতিয়া চতুৰ্থটো প্ৰথমটোৰ পৰা বেছি দুৰত নহ’ব৷ গতিকে আকৌ অহা বাটেৰে উভতি যোৱাতকৈ চতুৰ্থ ঠাইখনৰ পৰা প্ৰথমটোলৈ চিধাই গুচি যাব পাৰিম৷ তাৰপৰা মূলবাট ওলাবলৈ অসুবিধা নহ’ব৷ মই চিন্তা ভাবনা কৰি থাকোতে আংগুৱে দাখন লৈ বাঁহ এডালৰ কুমলীয়া আগটো কাঁটি আনিলে৷ ক’লে,

“পিয়াহ লাগিছে বুলি কৈছিল নহয়, এয়া বাঁহৰ চুঙাৰ পানী খাওঁক৷ আপোনালোকৰ টাউনৰ ফিল্টাৰৰ পানীত কৈ বেছি পৰিস্কাৰ পানী!”

তাৰ কাম দেখি মোৰ সঁচাই ভাল লাগি গ’ল৷ হেপাঁহেৰে খালো, পিয়াহত থকাৰ বাবেই নে কি নাজানো, সঁচাই বৰ সোৱাদ যেন লাগিল৷ আংগুৱে নিজেও খাই ল’লে৷ মোৰ প্লেনটো বুজাই ক’লো তাক৷ সি ক’লে,

“ঠিক আছে, তেনেকৈয়ে চেষ্টা কৰি চোৱা যাওঁক৷ সেইমতে নহ’লেগৈ দীঘলীয়া বাটেৰে উভতি যাব পৰাকৈয়ো মইতো গছত দাৰে চিন দি আহিছোৱে৷’

দুয়ো আগবাঢ়িলো৷ এইবাৰ এখন বেঁতনি পাৰ হ’ব লগাত পৰিলো৷ ইমানেই কাইঁটীয়া বেঁত যে বৰ সাবধানেৰে আশে পাশে গছৰ ডালত ধৰি মেলি খোজ দিলো৷ ভাব হ’ল, থিয় পাহাৰত বেঁতনিৰ মাজেৰে বাট উলিয়াই যোৱাৰ সমান কষ্ট নাই৷ গৈ থাকোঁতে ভাবিলো, যিয়ে নহওঁক এইবাটেৰে উভতাৰ নাম নলওঁ!

অৱশেষত চতুৰ্থ ঠাইখন পালোগৈ৷ বেলি লহিয়াবলৈ আৰম্ভ কৰা দেখি মোৰ চিন্তা বাঢ়িল৷ কিন্তু আংগুৰ আগত একো নকৈ যিমান পাৰোঁ খৰধৰকৈ কেমেৰা লগালো৷ এইবাৰ আংগুৱে আকৌ কেমেৰাৰ আগেৰে অহা যোৱা নকৰিলে৷ লেনছৰ আগত হাতখন ঘুৰাই-ফিৰাই চালে-ফ্লেছ আহিল-হৈ গ’ল৷ ঘন হাবিৰ মাজত আন্ধাৰ সোনকালে হৈ পৰে ৷ তাতে আকৌ শীতকালি৷ আংগুক ক’লো,

“আমাৰ হাতত বেছি সময় নাই৷ সোনকালে ঘুৰিম বুলিয়ে টৰ্চ অনাৰ কথাও নাভাবিলো৷ গতিকে আগত যেনেকুৱাই পাহাৰ বা হাবি হওক, আমি যিমান পাৰো চিধাই প্ৰথম কেমেৰাৰ ঠাইলৈকে যাবলৈ চাম৷”
কেমেৰাবোৰ পিঠিত 'বুকি' (কঢ়িয়াই) লৈ সেয়া আংগু
সি হয়ভৰ দিলে৷ দুয়ো যিমান পাৰোঁ খৰখেদাকৈ আগবাঢ়িলো৷ তথাপিও জোপোহা, বাঁহনি, থিয় গঁড়া সকলো মিলি আমাৰ যথেষ্ট সময় ল’লে৷ অৱশেষত গৈ এটা থিয় গঁড়াৰ মূৰ ওলালোগৈ৷ তললৈ চাই বুকু কঁপি গ’ল৷ জি পি এছৰ মতে আমি পোনে পোনে যাব লাগে৷ বুজিলো, এইবাৰ নিস্তাৰ নাই, বাট সলাবই লাগিব৷ ইফালে সময় কমি আহিছে৷ আংগুৱেও ক’লে,

“এই গঁড়াৰে কোনোপধ্যে নামিব নোৱাৰি৷ বহুত ৰিস্কি কাৰবাৰ৷”

ইফালে সিফালে চালো৷ এটা ঠেক বাট চকুত পৰিল৷ দুয়ো আকৌ আশাবাদী হৈ পৰিলো৷ বাট মানেই ক’ৰবাততো ওলাবগৈ! আৰু মূল বাটলৈ বেছি দুৰৈত নহয় যেতিয়া এইটো খৰিকটিয়াৰ বাটেই হ’ব লাগে৷ তেতিয়ালৈ কোনোমতে এই অৰণ্যৰ পৰা বাহিৰ ওলোৱাটোৱে আমাৰ প্ৰধান চিন্তা হৈ পৰিছিল৷

দুয়ো প্ৰায় দৌৰাৰ দৰে আগবাঢ়িলো৷ গৈ আছো, গৈ আছো, বাট শেষ নহয় হে নহয়৷ অন্য বাটৰ দৰে বহলো নাই হোৱা৷ মোৰ সন্দেহ হ’ল৷ হয়তো আংগুৰো কিজানি মনে মনে সন্দেহ হৈছিলেই৷ আমাৰ সন্দেহ সঁচা হ’ল৷ হঠাৎ এঠাইত গৈ হাবিৰ মাজতে বাটটো শেষ হৈ থাকিল৷ নাই মানে নায়েই! আগলৈ যোৱাৰ একো উপায়ে নাই৷ আংগুক সুধিলো,
“এইফালে কিবা গাওঁ আছে নেকি?” 
সি ক’লে, “ মোৰ মতেতো নাই৷ আমি থেংকছ গ’লাইৰে কেতিয়াবা খৰি লুৰিবলৈ সোমাওঁ ৷ কিন্তু এইফালে অহাতো মনত নপৰে৷”

আমি দুয়োটাই বুজিলো, এতিয়া আৰু ভবা চিন্তাৰ সময় নাই৷ তৎক্ষণাত সিদ্ধান্ত লৈ কাম কৰাৰ সময়৷ অলপ পিছতে গোটেইখন আন্ধাৰে আৱৰি ধৰিব৷ আমাৰ আৰু একো উপায় নাথাকিব৷ আংগুক ক’লো,

“আমাৰ শেষ উপায়, অহা বাটে ঘুৰি যোৱা৷ তাকো যিমান পাৰি খৰকৈ৷ অন্তত: গছত দি অহা চিনবোৰ চাই চাই মূল বাট ওলাবগৈ পাৰিম৷”

এখন্তেকো পলম নকৰি আমি খৰ খোজেৰে ঘুৰিলো৷ দুয়ো ইজোপাৰ পৰা সিজোপা চিন থকা গছ বিচাৰি বিচাৰি আগবাঢ়িলো৷ পিয়াৰ-ভোক-ভাগৰ সকলো পাহৰি কেৱল ভৰি চলালো৷ এই পালোহি, এই পালোহি বুলি নিজকে সান্তনা দি দি আমি হাবি ফালি বাট বুলিলো৷ কিন্তু লাহে লাহে চিকিমিকি হৈ আহিল৷ চিনবোৰ বিচাৰি উলিয়াওতে আমাৰ বেছি কষ্ট হ’বলৈ ধৰিলে৷ কম সময়ৰ ভিতৰতে আমি বুজি উঠিলো, এতিয়াও আধাতকৈ বেছি বাট বাকী আৰু যিমান চেষ্টা কৰিলেও আমি চকুৰে দূৰৰ গছত চিন মনা সম্ভৱ নহয়৷ আমি দুয়ো পাহাৰৰ এনে এঠাইত ৰৈ গ’লোহি, য’ৰ পৰা আগলৈ-পিছলৈ, তললৈ বা ওপৰলৈ আন্ধাৰত খোজ দিয়াটো সাংঘাটিক ভয়াবহ কথা! জোনৰ ক্ষীণ পোহৰে অৰণ্যখন খুবেই জয়াল কৰি তুলিলে৷ দূৰৰ পৰা ব্লাইথছ ট্ৰগ’পান চৰাইৰ কেঁচুৱাৰ কান্দোনৰ দৰে ‘ওৱাৱাৱা..ওৱাৱা..’ মাত ভাঁহি আহিল৷ ঈগলনেষ্টৰ কেম্পত প্ৰথম নিশা এই গভীৰ মাত শুনি হোৱাৰ দৰে আকৌ এবাৰ মনটো শিঁয়ৰি উঠিল৷ আংগুৰ মুখখন স্পষ্টকৈ নেদেখিলো, কিন্তু বুজিলো সি ভয় খাইছে৷ ধেমালিকৈ ক’লো,
"আংগু, একো উপায় নাপালে ইয়াতে কটাই দিম আৰু ৰাতিটো, নহয়?”
সি শংকিত মাতেৰে ক’লে,

“নাই নাই, হাতী আহিলে কি কৰিম! ওচৰত মানুহ থাকিব পাৰে৷ সুহুৰিয়াই চাওঁ!”

প্ৰথম দুবাৰ তাৰ সুহুৰিয়ে নোলাল৷ বেচেৰাৰ ভোকে-পিয়াহে অন্ঠ-কন্ঠ শুকাই পৰিছিল৷ ময়ো চেষ্টা কৰিলো৷

“টুউ..উউউউউ…টুউ..উউউউউট…”

অৰণ্য কঁপাই গ’ল আংগুৰ তৃতীয়টো সুহুৰিয়ে৷ সি আকৌ কেইবাবাৰো একেধৰণে সুহুৰিয়ালে৷ কিন্তু একো সঁহাৰি নাপালো৷ বহু দুৰলৈকে মানুহৰ চিন-চাব নাই৷ পানী আৰু টৰ্চ ননাৰ কাৰণে মোৰ নিজৰ ওপৰতে খং উঠিল৷ পানী বিচাৰিবলৈ বাঁহনিখনো বহু দূৰৈত এৰি আহিলো৷ আমি দুয়ো বহি পৰিলো, আৰু কিবা উপায় আছে নেকি চিন্তিবলৈ লাগিলো৷ ভাবিলো, কেম্পত থকা বাকী চাৰিজন ল’ৰাটো নিশ্চয় চিন্তাত পৰিছে! আমি এক-দুই মান বজাতে উভতিম বুলি কৈ আহিছিলো৷ কি বা ভাবিছে৷ সিহঁতে আমাক বিচাৰি আহিবনে! নে আমি নিজেই উভতিম বুলি বাট চাই ৰ’ব! চিন্তা-ভাবনা আৰু সহায়ৰ বাবে বাট চোৱাৰ বাহিৰে তেতিয়া আৰু আমাৰ কৰিব লগীয়া বিশেষ একো নাছিল৷

…..এটা এটা মুহুৰ্ত্ত এযুগ যেন ভাব হ’ল৷ আংগু নীৰৱ, কিন্তু মই ইতিমধ্যে মনতে ধৰি লৈছিলো যে ৰাতিটো তাতে কটাব লাগিব৷ মনে মনে গুণা-গঁঠা আৰম্ভ কৰিয়ে দিলো ক’ত আটাইতকৈ নিৰাপদে থাকিব পাৰিম! কেম্পৰ শ্লিপিং বেগটোলৈ মনত পৰিল, মনত পৰিল পোৰা গাহৰিৰে খোৱা ৰাতিৰ ভাত সাঁজলৈ৷ ভয়-শংকাবোৰ ডবাই মনটো জোৰকৈ বান্ধি ৰাখিলো৷ ……

কিমান সময় পাৰ হৈ গ’ল আমি ধৰিব নোৱাৰিলো৷ এটা সময়ত হঠাতে ক’ৰবাৰ পৰা সুহুৰি এটা শুনা যেন লাগিল! নিজৰ কাণকে বিশ্বাস কৰিব নোৱাৰিলো৷ দুয়ো সজাগ হৈ কাণ উনালো৷ আকৌ সেই একে সুহুৰি৷ আংগুৰ মাত ওলাল,

“ইহঁতৰ কোনোবা এটা হ’ব লাগিব৷ খেতিলৈ গ’লে আমি এনেকৈয়ে সুহুৰিয়াই দূৰৰ পৰা ইটোৱে সিটোক মাত দিওঁ!”

দুয়োৰে মনলৈ যেন সাহস ঘুৰি আহিল৷ তৃতীয়বাৰৰ সুহুৰিটো শেষ নহওঁতেই এইফালৰ পৰা আংগুৱে সুহুৰিয়াবলৈ লাগিল৷ লগে লগে সিফালৰ পৰা উত্তৰ আহিল৷ এইবাৰ আমি নিশ্চিত হ’লো, কেম্পৰ ল’ৰাকেইটাই আমাক বিচাৰি আহিছে৷ ভীষণ সকাহ পালো৷ আংগুৱে সকলো পাহৰি নেপালীতে সিহঁতক চিঞৰি মাতিলে,

“ক’ত আছ তহঁত? 
উত্তৰ আহিল, “মূলবাটত! তহঁত ক’ত?”
“আমি বাট বিচাৰি পোৱা নাই!!” 
মই আংগুক ক’লো, “পানী আৰু টৰ্চ আছে নেকি সোধচোন”
আংগুৱে দোহাৰিলে, উত্তৰ আহিল “নাই”

এইবাৰ মোৰ খঙেই উঠিল! আমাক এই ৰাতিখন বিচাৰি আহিছে আৰু পানীটো নাই নায়েই, টৰ্চো অনা নাই!!

আংগুৱেও অলপকৈ ডবিয়ালে৷ সিহঁতে আকৌ চিঞৰি খৱৰ ল’লে মই ঠিকে আছোঁ নে নাই!! এইবাৰ মোৰ হাঁহি উঠিল৷ পানীৰ কথা সোধা দেখি সিহঁতে হয়তো ভাবিছে মই ভোকে-ভয়ে মূৰ্ছাই গ’লো নেকি! 

ল’ৰাকেইজনৰ ভিতৰত ঈগলনেষ্টৰ তলা-নলা খুউব ভালকৈ জনা কামিয়েই আমাক আগবঢ়াই নিবলৈ আহিল৷ সুহুৰি মাৰি মাৰি আমাৰ গম লৈ সি ওচৰ চাপিল, দাৰে বাটো উলিয়াই আহিল৷ অৱশেষত তাৰ ম’বাইলৰ ক্ষীণ পোহৰটো আমাৰ চকুত পৰিল৷ কামিয়ে বিশেষ একো নক’লে৷ মাথোঁ মোক সতৰ্ক কৰি দিলে,

“মোৰ পিছে পিছে সাবধানে আহি থাকক৷ ৰাস্তা বৰ বিপদজনক৷”
কামি সন্মুখত, তাৰ পিছত আংগু, শেষত মই৷ দিনৰ দিনটো একেৰাহে হাবি ভাঙি পাহাৰ বগাই মই ক্লান্ত হৈ পৰিছিলো৷ একো নভবাকৈ মাথোঁ ভৰি দুখন অনুমানতে আগবঢ়াই নি থাকিলো৷ পুৱাৰ বেঁতনিখন আকৌ পাৰ হ’ব লগাত পৰিলো৷ কামিয়ে আগবাঢ়ি ম’বাইলৰ পোহৰ দেখুৱালে৷ আংগুৱে বেঁতৰ কাইঁটৰ কিমান যে খোঁচ খালে হিচাপ নাই৷ কিন্তু প্ৰতিবাৰেই খোঁচ খাই লৈ সি বেঁতবোৰ একাষৰীয়া কৰি ধৰি থাকি মোক কয়,

“এইফালে কাইঁট আছে দেই৷ এইখিনিত খোঁজ দি এনেকৈ আহক”

তাৰ প্ৰতি গভীৰ মমতা আৰু কৃতজ্ঞতাৰে মোৰ মন ভৰি উঠিল৷ এবাৰো খোঁচ নোখোৱাকৈ সেই ভয়ংকৰ বেঁতনি পাৰ হৈ আহিলো৷ হাবি ভাঙি আহি এটা সময়ত আমি তিনিওটা থেংকছ গ’লাই ওলালোহি৷ দীনেশ, গ’ৰে আৰু ভাৰত তাতে ৰৈ আছিল৷ সিহঁতে আমাক দেখি স্বস্তিৰ নিশ্বাস পেলালে৷ কথা কোৱাৰ শক্তি নাছিল আমাৰ৷ তেতিয়াও মূল বাটেদি কেম্পলৈ আধাঘন্টাৰ বাট৷ ভাৰতে সুধিলে, “খোজ কাঢ়িব পাৰিবনে? নে দাঙি নিব লাগিব আকৌ??”

মই বোলো, “ইমানখন পাহাৰ বগাই ওলাইছোহি! এতিয়া এই সমান মুকলি বাট কোন কূটা!!”

তথাপিও মনলৈ বহুত জোৰ আনিহে খোজ দিব লগাত পৰিলো৷ ভৰি দুটা যেন অচল হৈ যাব এনে লাগিল৷ আধামান বাট গৈয়ে বাটৰ কাষত সৰু নিজৰা এটা পালো৷ তাতে বাঁহ এফাল দি ধুনীয়াকৈ পানী অহাৰ ব্যৱস্থা কৰি থোৱা আছে৷ আংগু আৰু মই গৈ তাৰ তলতে মূৰ পাতি দিলোগৈ৷ হেঁপাহ পলুৱাই খাই ল’লো৷ এইবাৰহে আমাৰ দুয়োৰে দেহলৈ প্ৰাণ অহা যেন লাগিল৷ পানীৰ মূল্য কিমান সেই মুহৰ্ত্তত নতুনকৈ উপলব্ধি কৰিলো৷

কেম্পলৈ গৈয়ে ভাতৰ পাতত বহিলো৷ পোৰা গাহৰিৰ মাংস আৰু সিজোৱা ঢেঁকীয়াৰে ভাত৷ নিজকে ধন্য মানিলো, কেম্পত চৌকাৰ কাষত বহি ধোঁৱা ওলাই থকা ভাতসাঁজ পোৱাৰ বাবে৷ ইহঁতে এইবাৰ মুখ খুলিলে৷ মুখ খুলিলে মানে আৰু ৰক্ষা নাই৷ বাটৰ কাষৰ ইমান সহজ ঠাইখনলৈ গৈ ক’ৰবাৰ পাহাৰত হেৰাই যোৱাৰ বাবে আমাক অজস্ৰ ঠাট্টা-মস্কৰাৰে উপচাই দিলে৷ ভাৰতে আমাক লৈ গীতকে ৰচি পেলালে৷ আংগু আৰু মোৰ নতুন জোকোৱা নামো আনকি ঠিক হৈ গ’ল৷ সেইবোৰৰ মাজতে মই সুধিলো,

‘আমাৰটো বাৰু মানি ল’লো! আমাক বিচাৰি যাওঁতে সেই ৰাতিখন তহঁতে টৰ্চ এটাও লৈ যাব নালাগেনে?? তাকো গোটেই তিনিওটাই গৈছে হাৱাই চেণ্ডেল পিন্ধি!”

সিহঁতে যি উত্তৰ দিলে শুনি আমি কিনো ক’ম ভাবি নাপালো৷ আগৰ খং উটি গৈ হাঁহিহে উঠিল খুউব৷ সিহঁতে হেনো কেম্পত বিশেষ কাম নথকাত আবেলিতে ওলাই আহিছিল৷ বাটত ক’ৰবাত লুকাই থাকি আমি ঘুৰি যাওঁতে ভয় খুৱাব বুলি হেনো পাঙি আছিল৷ তেনেকৈয়ে বহু সময় ৰৈ থাকি আমি উভতি নোযোৱাত সিহঁতে সন্দেহ কৰিলে, একে উদেশ্যেৰে আমিহে ওলোটাই ক’ৰবাত লুকাই আছোঁ বুলি ৷ সেয়ে চাৰিওটাই ওখ গছ এজোপাত উঠি আমাক ধৰা পেলাবলৈ ছেগ চাই আছিল!! শেষত একো সাৰ-সুৰ নাপাইহে সুহুৰিয়াছিল হেনো!

ধেৎ, এনেকুৱাওনো হ’ব লাগেনে, ভাবিলো! অহাৰ দিনাৰে পৰা এই সহজ সৰল ল'ৰাকেইটাৰ স'তে কৰি অহা ইটো সিটো ধেমালিবোৰ মনত পৰিল৷ ভাব হ'ল, আচলতে সেইবোৰলৈ চাই সিহঁতে তেনেকৈ ভবাটোত আচৰিত হ'ব লগা একো নাই কিজানি! নিমাতে ৰোৱাৰ বাহিৰে মোৰ অন্য উপায় নাছিল৷

কিন্তু সেই এটা দিনে আমাক যেন বহুত কথাই নতুনকৈ শিকাই গ'ল৷ তাৰ পিছৰে পৰা য’লৈকে যাওঁ, আংগু আৰু মোৰ পিঠিৰ বেগ গধুৰ কৰা হ‘ল প্ৰয়োজনীয় খাদ্য-সম্ভাৰ আৰু পানীৰ বটলে৷ হেডলাইট এটাই মোৰ বেগত স্থায়ীভাৱে ঠাই পালে৷ সিদিনা একো নক’লেও মোৰ বিকট সুহুৰিয়ে বহুদিনলৈ কামিহঁতক হাঁহিৰ খোৰাক যোগাই থাকিল৷ শেষত মোৰ প্ৰতি দয়া ওপজিয়ে হ’বলা ভাৰতে মোক বাঁহৰ আগেৰে অকণমানি সুহুৰি এটা তৈয়াৰ কৰি দিলে৷ আজিও সেইটো মই সযতনে নিজৰ লগত লৈ ফুৰোঁ৷ অৰণ্যত কাম কৰোঁতে ল’বলগীয়া সাবধানতাবোৰৰ বাহিৰেও সেই দিনটোৱে আৰু কিছুমান কথা উপলব্ধি কৰাই দিলে ৷ আমাক যেন আৰু বেছি কাষ চপাই নিলে প্ৰকৃতিৰ বুকুলৈ, এনে ভাব হ’ল৷ এই পাহাৰীয়া মানুহখিনিৰ নিঁভাজ আন্তৰিকতায়ো চুই গ'ল মোক৷ বিশেষকৈ আংগু মোৰ মৰমৰ বন্ধু হৈ ৰ’ল চিৰদিনৰ বাবে৷ পিছে তেতিয়াও মই জনা নাছিলো, এয়া যে মাথোঁ আৰম্ভণিহে ৷ ঈগলনেষ্টে মোৰ কল্পনাৰো অগোচৰ বহু ৰোমাঞ্চকৰ অভিজ্ঞতাৰ সম্ভাৰ লৈ ৰৈ আছিল সঠিক সময়লৈ :)

Monday 27 October 2014

একাত্ম

আধা দশকৰ নিৰ্বাক অনুভৱে সিদিনা
উখল মাখল কৰি তুলিছিল হৃদয়ৰ চোতাল
ফুটো নোফুটোকৈ শব্দৰ ৰূপ লৈছিল
এজাক বৰষুণ সৰিছিল, ধাৰাসাৰ
এটা মুহুৰ্ত সোণালী ফ্ৰেমত বন্দী হৈছিল
আৰু আমি একেলগে খোজ দিছিলো
এক সেউজীয়া বাটেৰে
শৰতৰ শুকুলা ডাৱৰে দি গৈছিল
জীৱনৰ এক নতুন ঠিকনা
সময়ৰ আঁচোৰক দেও দি যোৱা
এক মায়াময় আত্মীয়তা
যি উপচাই ৰাখিছে মোৰ ইকুল-সিকুল
প্ৰতি পল, প্ৰতি দিন
চিৰদিন


ৰচনা: ২৫ অক্টোবৰ, ২০১৪

Tuesday 26 August 2014

বিচিত্ৰ প্ৰকৃতি-১: বিষাক্ত চৰাই পিট’হুই


১৯৯০ চনৰ কোনো এটা সুন্দৰ পুৱা৷ কেলিফৰ্ণিয়া একাডেমী অব চায়েন্সৰ ছাত্ৰ জেক ডাম্ব’কাৰ (Jack Dumbacher) নিউ গিনি দ্বীপৰ গভীৰ অৰণ্যত কামত ব্যস্ত আছিল৷ তেওঁ চৰাইৰ প্ৰজননৰ সময়ত কৰা আচৰণৰ বিষয়ে গৱেষণা কৰি আছিল৷ তেওঁ অন্য সহকৰ্মীসকলৰ সৈতে চৰাইৰ বাবে বিশেষভাৱে নিৰ্মিত এবিধ জালে (mist-net) ৰে চৰাইবোৰ ধৰি পৰীক্ষা কৰি পুনৰ মুক্তি দিয়ে৷ সেইদিনা ওচৰা ওচৰিকৈ পাতি থোৱা ৪০ খন মান জালত লগা চৰাইবোৰ এফালৰ পৰা পৰীক্ষা কৰি আগবাঢ়ি গৈ থাকোতে তেওঁ এবিধ নতুন প্ৰজাতিৰ কেইবাটাও চৰাই দেখা পালে৷ এই চৰাইবিধৰ নাম হ’ল হুডেড পিট’হুই৷ চৰাইবোৰ জালৰ পৰা এৰুওৱাৰ সময়ত তেওঁৰ হাতত ঠোঁটৰ দুটামান আচোঁৰ পৰিল৷ কিন্তু জেকে কথাটোত বিশেষ গুৰুত্ব নিদিলে ৷ দুখ পোৱা আঙুলিটো কিছু সময়ৰ বাবে মুখত চুপি লৈ তেওঁ কামত মগ্ন হ’ল৷
জেক ডাম্ব’কাৰ
কিন্তু আচৰিতভাৱে কিছুসময়ৰ পিছতে তেওঁৰ মূখৰ ভিতৰখন জ্বলা যেন ভাব হ’ল, জিভা আৰু ওঁঠ নিসাৰ যেন অনুভৱ হ’ল৷ কেইবাঘন্টালৈকে এই লক্ষণবোৰ থকাত তেওঁলোকে অনুমান কৰিলে এই চৰাইবিধ হয়তো অন্য চৰাইবোৰৰ দৰে একে নহয়৷ সেয়ে সেইদিনা তেওঁলোকে তাৰ স্থানীয় লোকসকলৰ সৈতে আলচ কৰাৰ সিদ্ধান্ত ল’লে৷ সোধাত গম পোৱা গ’ল যে, সেই দ্বীপত বাস কৰা স্থানীয় লোকসকলে এই চৰাইবিধৰ বিষৰ কথা জানে আৰু সকলোৱে ইয়াক জঞ্জালময় (rubbish) চৰাই বুলি গণ্য কৰে ৷ পৰাপক্ষত সকলোৱে এই চৰাইবোৰৰ পৰা সাধাৰণতে ইয়াৰ পৰা আঁতৰি থাকে৷ জেক আৰু তেওঁৰ দলে লগে লগে এই চৰাইবিধৰ বিষয়ে অধিক জানিবলৈ গৱেষণা আৰম্ভ কৰিলে৷ বৈজ্ঞানিক অধ্যয়নৰ পৰা গম পোৱা গ’ল যে এই চৰাইবিধৰ ডেউকা আৰু মাংসপেশীৰ কলাত হ’ম’বেট্ৰেক’টক্সিন (homobatrachotoxin) নামৰ এবিধ ষ্টেৰ’য়ডেল এলকলইড নিউৰ’টক্সিন (steroidal alkaloid) থাকে৷ এই বিষাক্ত ৰাসায়নিক পদাৰ্থবিধৰ অধিক মাত্ৰাই মানু্হৰ শৰীৰ অসাৰ কৰিব পাৰে আৰু আনকি হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যুও ঘটাব পাৰে৷


হুডেড পিট’হুই (Hooded Pitohui)
এনেদৰেই জেকে বিশ্বৰ প্ৰথম বিষাক্ত চৰাইবিধৰ বিষয়ে বৈজ্ঞানিকভাৱে তথ্য লাভ কৰিবলৈ সক্ষম হয়৷ এই চৰাইটোৰ দেহটো মজলীয়া আকাৰৰ (প্ৰায় শালিকাৰ সমান)৷ ইয়াৰ পেট অংশ উজ্বল কমলাবৰণৰ আৰু মূৰটো ক’লা৷ পিট’হুই অৰিয়’লিডি (Oriolidae) পৰিয়ালৰ চৰাই য’ত আমাৰ অসমত পোৱা সখিয়তী চৰায়ো অন্তৰ্ভুক্ত হৈছে৷ নিউ গিনিত এই চৰাইবিধ বহুলভাৱে বিস্তৃত ৷ জেক ডাম্ব’কাৰে পিট’হুই গণ (genus) ৰ তিনিবিধ প্ৰজাতিৰ দেহত এই বিষাক্ত পদাৰ্থবিধ আৱিস্কাৰ কৰে৷ এই চৰাইকেইবিধ হ’ল- হুডেড পিট’হুই (Hooded Pitohui, Pitohui dichrous), ভেৰিয়েব’ল পিট’হুই (Variable Pitohuis, P. kirhocephalus), আৰু (Rusty Pitohuis, P. ferrugineus) ৷ ইয়াৰ পিছত শেহতীয়াকৈ তেওঁলোকে ২০০২ চনত নিউ গিনিৰ অৰণ্যত দ্বিতীয়বিধ বিষাক্ত চৰাইৰ , blue-capped ifrita (Ifrita kowaldi) সন্ধান পাইছে৷ 


এই বিষাক্ত চৰাই কেইবিধৰ দেহত থকা বিষৰ প্ৰকৃত কাৰ্য্য এতিয়াও নিৰ্ধাৰণ কৰা হোৱা নাই৷ কিন্তু অনুমান কৰা হৈছে যে পৰজীৱী বা চিকাৰী জীৱৰ পৰা ৰক্ষা পোৱাৰ বাবে (chemical defense) ইয়াৰ ব্যৱহাৰ হয় ৷ তাৰোপৰি এই বিষাক্ত পদাৰ্থবিধ পিট’হুই চৰাইৰ দেহত নিজে উৎপন্ন নহয় বুলি ধাৰণা কৰা হৈছে৷ হয়তো চৰাইটোৱে খাদ্যৰ পৰা এই বিষ আহৰণ কৰে৷


উৎস:
JP Dumbacher, BM Beehler, TF Spande, HM Garraffo. 1992. Homobatrachotoxin in the genus Pitohui: chemical defense in birds?Science.
JP Dumbacher, TF Spande, JW Daly. 2000. Batrachotoxin alkaloids from passerine birds: a second toxic bird genus (Ifrita kowaldi) from New Guinea, Proceedings of the National Academy of Sciences

Sunday 10 August 2014

কেৰিয়াৰৰূপে বন্যজীৱ বিজ্ঞান (Wildlife Science)

কলেজীয়া জীৱনৰ শেষৰ দিনকেইটাত আমাৰ প্ৰায়বোৰৰে মনবোৰ ভৱিষ্যত কেৰিয়াৰৰ প্ৰশ্নৰে উদ্বিগ্ন হৈ পৰে৷  বহুতেই চাকৰিৰ বাবে আবেদন কৰে, অন্যই চাকৰিমুখী কাৰিকৰী শিক্ষাৰ বাবে মন মেলে৷ সচৰাচৰ বাচি লোৱা এইসমূহ কেৰিয়াৰৰ তুলনাত আমাৰ বহুতৰে দৃষ্টিগোচৰ নোহোৱাকৈ ৰৈ যোৱা আকৰ্ষণীয় কেৰিয়াৰসমূহৰ ভিতৰত এটা হ’ল বন্যজীৱবিজ্ঞান (Wildlife Science)|  এই বিজ্ঞানে বন্যজীৱ (উদ্ভিদ আৰু প্ৰাণী)ৰ বাসস্থান (habitat), আচৰণ (behavior), শ্ৰেণীবিভাজন (taxonomy) আৰু সংৰক্ষণ (conservation) আদি সকলো বিষয় সামৰি লয়৷ নিতৌ গৱেষণালব্ধ নতুন নতুন তথ্য সংযোগেৰে বন্যজীৱবিজ্ঞানৰ পৰিসৰ ক্ৰমান্বয়ে বৃদ্ধি পাই আহিছে৷  প্ৰকৃতিৰ অনুপম বৈচিত্ৰ্যৰ মাজত থাকি ভালপোৱা, ইয়াৰ গছ-লতা, জীৱ-জন্তুৰ বিষয়ে জানিবলৈ আৰু এইবোৰৰ সংৰক্ষণৰ বাবে আগ্ৰহী ছাত্ৰ-ছাত্ৰীসকলে এই বিষয়টো অধ্যয়ন কৰিবলৈ আগবাঢ়ি আহিব পাৰে৷  

বন্যজীৱবিজ্ঞান অধ্যয়নৰ বাবে অসমকে ধৰি ভাৰতৰ বিভিন্ন ৰাজ্যত ভালেসংখ্যক শিক্ষানুষ্ঠানত সুবিধা আছে৷ ইয়াৰে ভিতৰত প্ৰখ্যাত শিক্ষানুষ্ঠান সমূহ হৈছে-
স্নাতকোত্তৰ পৰ্য্যয়ত-
ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান (IISc, বাংগালোৰ)
ৰাষ্ট্ৰীয় জীৱবিজ্ঞান কেন্দ্ৰ (NCBS, বাংগালোৰ)
ভাৰতীয় বন্যজীৱ প্ৰতিষ্ঠান (WII, ডেৰাডুন)
ছেলিম আলী চেন্টাৰ ফৰ অৰ্নিথ’লজি এণ্ড নেচাৰেল হিষ্টৰি (SACON, কইম্বটোৰ) 
এমিটি ইন্সিটিউট অব ৱাইল্ডলাইফ চায়েন্স (Amity Institute Of Wildlife Sciences, নয়ডা)
এ ভি চি মহাবিদ্যালয় (AVC College, তামিলনাডু)
নৰ্থ উৰিষ্যা ইউনিভাৰ্ছিটি (North Orissa University, উৰিষ্যা)
গুৱাহাটী বিশ্ববিদ্যালয় (অসম)

বন্যজীৱ বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি নিজৰ আগ্ৰহ অনুযায়ী বিভিন্ন ক্ষেত্ৰত নিয়োজিত হ’ব পৰা যায়৷ উচ্চ শিক্ষা তথা গৱেষণাৰ বাবে আগ্ৰহীসকলে ভাৰতৰ বিভিন্ন অঞ্চলত চলি থকা গৱেষণা প্ৰকল্পত যোগদান কৰিব পাৰে৷ অথবা নিজাকৈ গৱেষণা আৰম্ভ কৰিব পাৰে৷ এনে স্বাধীন গৱেষণাৰ বাবে ভাৰতত চৰকাৰী তথা বেচৰকাৰী আৰু আন্ত:ৰাষ্ট্ৰীয় সংগঠনৰ পৰা আৰ্থিক সাহায্য পোৱা যায়৷ গৱেষণাৰ বাবে ভাৰতৰ উচ্চ শিক্ষা প্ৰতিয্ঠানসমূহৰ ভিতৰত উল্লেখযোগ্য হ’ল- ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান (IISc), ৰাষ্ট্ৰীয় জীৱবিজ্ঞান কেন্দ্ৰ (NCBS), ভাৰতীয় বন্যজীৱ প্ৰতিষ্ঠান (WII) আদি৷ তাৰোপৰি ভাৰতত ভালেসংখ্যক স্বেছ্ছাসেৱী সংগঠনেও বন্যজীৱ সম্পৰ্কে উৎকৃষ্ট গৱেষণা চলাই আহিছে আৰু সংৰক্ষণৰ বাবে কাম কৰি আহিছে৷ এনে অগ্ৰণী সংগঠনসমূহৰ ভিতৰত নেচাৰ কনজাৰভেশ্যন ফাউণ্ডেশ্যন  (NCF, বাংগালোৰ), অশোকা ট্ৰাষ্ট ফৰ ৰিচাৰ্ছ ইন ইক’লজি এণ্ড এনভাইৰনমেন্ট (ATREE,বাংগালোৰ), ৱৰ্ল্ড ৱাইড ফাণ্ড ফৰ নেচাৰ (WWF),  ৱাইল্ডলাইফ ট্ৰাষ্ট ফৰ ইণ্ডিয়া (WTI), আৰণ্যক (অসম) ইত্যাদিয়ে উল্লেখযোগ্য৷


সম্প্ৰতি বন্যজীৱবিজ্ঞান বহুতৰ বাবে এক আকৰ্ষণীয় কেৰিয়াৰ হৈ উঠিছে৷ এই ক্ষেত্ৰখনত অৰণ্যৰ ৰোমাঞ্চকৰ অভিজ্ঞতা, গছ-লতা,পশু-পক্ষীৰ বিষয়ে নিত্য নতুন তথ্য জনাৰ তথা আৱিস্কাৰৰ সম্ভাৱনাৰ লগতে জৈৱ-বৈচিত্ৰৰ সংৰক্ষণৰ বাবে হাতে কামে লগাৰ সুযোগ পোৱা যায়৷ তাৰোপৰি কোনো কোনোৰ দৰে এই ক্ষেত্ৰখন কেৱল পুৰুষৰ বাবেহে অনকূল বুলি কৰা ধাৰণাও তেনেই অমূলক৷ ব্যক্তিগত অভিজ্ঞতাৰ পৰা কওঁ যে, নাৰী-পুৰুষে সমানেই এই ক্ষেত্ৰখনত দক্ষতা দেখুৱাই আহিছে ৷ 

জৈৱ-বৈচিত্ৰ্য সংৰক্ষণ বৰ্তমান সময়ত এক বহুল চৰ্চিত বিষয়৷ জনসংখ্যা বৃদ্ধিৰ লগে লগে বাঢ়ি অহা প্ৰয়োজনসমূহ পূৰ কৰিবলৈ হোৱা অভূতপূৰ্ব উদ্যোগিক বিকাশৰ ফলত বহুতো জৈৱ-বৈচিত্ৰ্যৰে ভৰপুৰ প্ৰাকৃতিক অৰণ্যভূমিৰ ধব্ংস হৈছে৷ লগে লগে এই পৃথিৱীৰ পৰা প্ৰায় সকলোৰে অগোচৰে মেলানি মাগিছে অলেখ-অসংখ্য বন্য জীৱ-জন্তুৱে ৷ সমগ্ৰ বিশ্বত মাথোঁ কেইটামান অঞ্চলতহে এতিয়াও মানুহৰ ধ্বংসাত্মক কাৰ্য্যকলাপৰ ফলত হোৱা সংকট স্বত্বেও বৈচিত্ৰ্যময় প্ৰাকৃতিক অৰণ্যসমূহ বৰ্তি আছে৷ জৈৱ-বৈচিত্ৰ্যৰ হটস্পট বুলি আখ্যা দিয়া এনে অঞ্চলসমূহৰ ভিতৰত ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলো অন্যতম৷ কিন্তু, দুখৰ বিষয় এয়ে যে আমাৰ এই দুলৰ্ভ প্ৰাকৃতিক সম্পদৰ বিষয়ে গৱেষণা কৰা বা ইয়াৰ অপূৰ্ব জৈৱ-বৈচিত্ৰ্যৰ  সংৰক্ষণৰ ক্ষেত্ৰত হাতে-কামে লগা অসমীয়া লোকৰ সংখ্যা তুলনামূলকভাৱে যথেষ্ট কম৷ সেয়ে, এইক্ষেত্ৰত আগ্ৰহী আমাৰ ছাত্ৰ-ছাত্ৰীসকলে কেৰিয়াৰ নিৰ্বাচনৰ সময়ত বন্যজীৱবিজ্ঞানৰ বিষয়েও বিবেচনা কৰি চাব পাৰে৷ উত্তৰ-পূৰ্বাঞ্চলৰ জৈৱ-বৈচিত্ৰ্য সংৰক্ষণৰ ক্ষেত্ৰত ই এক নতুন দিগন্তৰ উন্মোচন কৰিবলৈ সক্ষম হ'ব৷

Saturday 15 March 2014

অসমীয়া ৱিকিপিডিয়াত লিখোঁ আহক

ৱিকিপিডিয়া “ৰাইজৰ দ্বাৰা ৰাইজৰ বাবে” সংকলিত এক মুক্ত অনলাইন বিশ্বকোষ৷ পৃথিৱীৰ যিকোনো ঠাইৰ আগ্ৰহী লোকে নিজৰ অৰ্হতা অনুসৰি কোনো বিষয়ত জ্ঞান সংগ্ৰহ কৰি ৱিকিপিডিয়ালৈ অৱদান আগবঢ়াব পাৰে৷ ২০১১ চনত ৱিকিমিডিয়া ফাউণ্ডেশ্যনে ইংৰাজী ৱিকিপিডিয়া আৰম্ভ কৰাৰ পৰা বিশ্বত মুক্ত জ্ঞানৰ ব্যৱহাৰ আৰু বিতৰণৰ ক্ষেত্ৰত এক আন্দোলনৰ সূচনা হৈছে৷ এই প্ৰকল্পৰ অধীনত সমগ্ৰ বিশ্বত বৰ্তমানলৈকে ২৮৭ টা ভাষাৰ ৱিকিপিডিয়া আৰম্ভ হৈছে৷ বৰ্তমান ইয়াৰ জৰিয়তেই যিকোনো বিষয়ৰ জ্ঞান বিনামূল্যে বিশ্বৰ সকলো লোকৰ বাবে নিজ ভাষাতো উপলব্ধ হৈ উঠিছে৷  


মালায়ালম ৱিকিপিডিয়াৰ পিছতে ২০০২ চনত মুকলি কৰা অসমীয়া ৱিকিপিডিয়া ভাৰতীয় ভাষাসমূহৰ ভিতৰতে দ্বিতীয়খন ৱিকিপিডিয়া৷ কিন্তু সক্ৰিয় অৱদানকাৰীৰ অভাৱৰ বাবে বৰ্তমানলৈকে এই ৱিকিপিডিয়া চালুকীয়া অৱস্থাতে আছে৷ পৰিসাখ্যিকভাৱে ইংৰাজী ৱিকিপিডিয়াৰ প্ৰবন্ধৰ সংখ্যা ৪৪ লাখ আৰু মালায়ালম ৱিকিপিডিয়াৰ ৩৪ হাজাৰ হোৱাৰ বিপৰীতে অসমীয়া ৱিকিপিডিয়াৰ প্ৰবন্ধ কেৱল আঢ়ৈহাজাৰটা৷ এই ৱিকিপিডিয়াত পঞ্জীভূত সদস্য ৮,৪০৭ গৰাকী যদিও নিয়মীয়াকৈ অৱদান আগবঢ়োৱা সক্ৰিয় সদস্য সংখ্যা তেনেই কম৷ 


ৱিকিপিডিয়াৰ বাহিৰেও ৱিকিমিডিয়া ৰ তত্বাৱধানত অসমীয়া ৱিকিপিডিয়াৰ সহযোগী প্ৰকল্প ৱিকিউৎস আৰম্ভ কৰা হৈছে৷ এই ৱিকিউৎস এক মুক্ত পুথিভঁৰাল য’ত মুক্ত প্ৰকাশনসমূহ ডিজিটেল ৰূপত সংগ্ৰহ কৰি ৰখা হয়৷ শেহতীয়াকৈ কেইগৰাকীমান অসমীয়া স্বেছ্ছাসেৱকৰ আশাসুধীয়া আৰু নিৰলস প্ৰচেষ্টাত ইয়াত লেখাৰ সংখ্যা এহাজাৰ হৈছেগৈ৷ শংকৰ-মাধৱৰ প্ৰায়ভাগ বৰগীত তথা ৰচনাকে ধৰি ভালেসংখ্যক প্ৰসিদ্ধ লেখকৰ সাহিত্য কৰ্মসমূহ এই ৱিকিউৎসত উপলব্ধ কৰা হৈছে ৷

বহুলোকে ভৱাৰ দৰে অসমীয়া ৱিকিপিডিয়াত সম্পাদনা কৰাটো মুঠেই টান কাম নহয়৷ ইয়াত নিজৰ অৰ্হতা বা আগ্ৰহ অনুসাৰে বিষয়বস্তু বাচি লৈ যিকোনো লোকে ইতিমধ্যে থকা প্ৰবন্ধৰ যথাযথ সম্পাদনা কৰিব পাৰে নাইবা প্ৰয়োজনীয় বুলি ভবা বিষয়ৰ ওপৰত নতুন প্ৰবন্ধ সৃষ্টি কৰিব পাৰে৷ তাৰোপৰি, ৱিকিপিডিয়াত সম্পাদনা কৰিবলৈ দীঘলীয়া সময়ৰো প্ৰয়োজন নাই৷ নিজৰ সুবিধা আৰু সামৰ্থ্য অনুসাৰে সময় উলিয়াই সম্পাদনা কৰিব পৰা যায়৷ সম্পাদনাত অসুবিধাৰ মুখামুখি হোৱা নতুন সদস্যসকলক অভিজ্ঞ ৱিকিপিডিয়ানসকলে বন্ধুত্বপূৰ্ণভাৱে সহায় কৰে৷ এই সদস্যসকলৰ মাজত ৱিকিপিডিয়া সম্পৰ্কীয় আলোচনা তথা যোগাযোগৰ বাবে ফে’চবুকত Assamese Wikipedia Community নামৰ এটা আলোচনা গোট আৰু অসমীয়া ৱিকিপিডিয়া- Assamese Wikipedia নামৰ এখন পৃষ্ঠাও আছে৷ 

বিশ্বৰ যিকোনো ঠাইতে উপলব্ধ হোৱাকৈ ইন্টাৰনেটত অসমীয়া ভাষাৰ সমল বৃদ্ধি কৰাৰ ক্ষেত্ৰত অসমীয়া ৱিকিপিডিয়াৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ৷ শেহতীয়াকৈ ৱিকিপিডিয়াত অসমীয়া ভাষাত তথ্য বৃদ্ধি পোৱাৰ লগে লগে বিভিন্ন ছাৰ্ছ ইঞ্জিনসমূ্হত বাংলাৰ পৰিৱৰ্ত্তে অসমীয়া ভাষাত তথ্য পাব পৰা হৈছে৷ গতিকে অধিক অৱদানেৰে নিসন্দেহে ই অসমীয়া ভাষাটোক ডিজিটেল জগতত আৰু এধাপ আগুৱাই নিব পাৰে৷ কিন্তু ইয়াৰ বাবে অধিক লোকে ৱিকিপিডিয়ালৈ অৱদান আগবঢ়োৱাৰ প্ৰয়োজন৷ গতিকে আহক, অসমীয়া ভাষা আৰু সংস্কৃতি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ এই প্ৰয়াসত আমি সকলোৱে কণমানকৈ হ’লেও অৱদান আগবঢ়াওঁ৷ আহক, সকলোৱে অসমীয়া ৱিকিপিডিয়াত লিখোঁ!

Monday 6 January 2014

মহেশ্বৰ বসুমতাৰী: চোৰাংচিকাৰীৰ পৰা প্ৰকৃতিবিদলৈ পৰ্যবসিত হোৱাৰ এক অনুপম কাহিনী



বড়োলেণ্ডৰ এই যুৱকজনে জীৱনৰ এছোৱা বহু ঘাত-প্ৰতিঘাতেৰে কটায়ো দৃঢ় মনোবলৰ বাবেই অৱশেষত জীৱন যুঁজত নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ’ল৷ জন্মৰে পৰা সংঘাতপূৰ্ণ অঞ্চলটোত বসবাস কৰা বসুমতাৰীয়ে শিক্ষা আধাতে সামৰি উনৈশ বছৰ বয়সতে বিয়া কৰায়৷ কিন্তু উপাৰ্জনৰ কোনো পথ বিচাৰি নাপাই অৱশেষত চোৰাংচিকাৰীক মানাহৰ অৰণ্যত বাট দেখুৱাই লৈ যোৱাৰ কাম কৰিবলৈ লয়৷ কিন্তু তেওঁৰ এই কামৰ কথা জানিব পাৰি পত্নীয়ে দুটি সন্তানৰ সৈতে তেওঁক পৰিত্যাগ কৰে৷ নিজৰ ভুল বুজিব পাৰি মহেশ্বৰ বসুমতাৰীয়ে ২০০৫ চনত আাত্মসমৰ্পন কৰে আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ জৈববৈচিত্ৰ্য সংৰক্ষণত অংশগ্ৰহণ কৰিবলৈ লয়৷ 

ইয়াৰ পিছত তেওঁ আৰু পুনৰ উভতি চাবলগীয়া হোৱা নাই৷ এটাৰ পিছত আনটোকৈ ইতিবাচক সংযোগবোৰে আহি তেওঁক লগ দিলেহি ৷ ৱাইল্ডলাইফ ট্ৰাষ্ট অব ইণ্ডিয়া(WTI) ৰ ‘Centre for Wildlife Rehabilitation and Conservation (CWRC)’ ত যোগ দি মাউৰা গোধাফুটুকী বাঘৰ সংস্থাপনত তেওঁ অৱদান আগবঢ়ায়৷ এই অৱদানৰ বাবে National Geographic ৰ ‘The Return of the Clouded Leopards’ নামৰ তথ্যচিত্ৰখনতো মহেশ্বৰ বসুমতাৰীৰ কাহীনী প্ৰচাৰিত হয়৷ তাৰোপৰি তেওঁ অসমৰ বনবিভাগৰ হৈ স্থানীয় চোৰাংচিকাৰী সকলক অস্ত্ৰ পৰিত্যাগ কৰি বন্যপ্ৰাণী সুৰক্ষাৰ বাবে প্ৰত্যয় জন্মাবলৈও চেষ্টা কৰি আহিছে৷ শেহতীয়াকৈ Sanctuary Asia নামৰ প্ৰখ্যাত বন্যপ্ৰাণী সম্পৰ্কীয় আলোচনীখনৰ Earth Hero সকলৰ মাজত স্থান পাইছে এই যুৱকজনে৷ বন্যপ্ৰাণী সুৰক্ষাৰ বাবে আগবঢ়োৱা তেওঁৰ অনবদ্য অৱদানৰ বাবে Sanctuary Asia ই ২০১৩ বৰ্ষৰ Wildlife Service বঁটা আগবঢ়ায় মহেশ্বৰ বসুমতাৰীলৈ ৷ যোৱা আঠটা বছৰে বন্যপ্ৰাণী সুৰক্ষা আৰু যত্নৰ হকে কাম কৰি অহা এই প্ৰকৃতিবিদ গৰাকী নিসন্দেহে অসমৰ গৌৰৱ আৰু অন্য সকলোলোৰে বাবে এক অপূৰ্ব নিদৰ্শন৷