Showing posts with label চুটিগল্প. Show all posts
Showing posts with label চুটিগল্প. Show all posts

Sunday, 15 June 2025

স্বতঃসিদ্ধ (চুটিগল্প)

বাছৰ পৰা নামি জুমিয়ে দীঘলকৈ উশাহ এটা টানি ল'লে। নাইট চুপাৰৰ দহঘণ্টীয়া যাত্ৰাৰ অন্তত তাইৰ হাত-ভৰিবোৰ প্ৰায় জঠৰ হৈ পৰা যেন লাগিল। দুচকুত এতিয়াও চিলমিল টোপনিৰ জাল। অঁকোৱা-পকোঁৱা পাহাৰীয়া বাটটোত বাছৰ প্ৰতিটো জোকাৰণিতে যোৱা নিশা তাই বাৰে বাৰে সাৰ পাই থাকিল। কাইলৈ আকৌ ট্ৰেইনত উঠাৰ আগেয়ে টোপনি পূৰাই ল'ব লাগিব- ভাৱি ভাৱি তাই যাত্ৰীৰ উখল-মাখলৰ মাজত বাছৰ পৰা নিজৰ বয়-বস্তু নমালে। বাটৰ ধূলিৰ পৰা ৰক্ষা পাবলৈ নীলা স্কাৰ্ফখন কেইবাটাও পাক দি মুখত মেৰিয়াই ল'লে। তাৰপিছত বেকপেকটো পিঠিত লৈ সোঁহাতেৰে প্ৰকাণ্ড চ্যুটকেছটোৰ চকা টানি জুমিয়ে হোটেললৈ বাট বুলিলে। 

এই বোৱাৰী পুৱাতে ডিমাপুৰত গাড়ী আৰু মানুহৰ খদমদম আৰম্ভ হৈছে। অন্য সীমামূৰীয়া চহৰৰ দৰেই ইয়াৰ জীৱন ব্যতিব্যস্ত আৰু বিশৃংখল। চৌদিশে জীৱনটো চলাই নিয়াৰ অহৰহ যুঁজ-বাগৰ। ডিমাপুৰৰ এই ধুলি আৰু যান্ত্ৰিক কোলাহলে যেন জুমিক এটা ধুনীয়া সপোনৰ পৰাহে হঠাৎ জগাই দিলে। যোৱা তিনিমাহ ধৰি আৰণ্যক নিৰ্জনতাৰ মাজত সঁচাই এক সপোনপুৰীত থকাৰ দৰেই ভাব হৈছিল। শাৰী শাৰী সেউজ পাহাৰৰ মাজত পেনকিম নামৰ নগা গাওঁখন। পুৱা-গধুলি মৰুং ঘৰৰ পৰা ভাঁহি অহা ডবাৰ কোব, চৰাইৰ কাকলি, বনৰীয়া ফুলৰ গোন্ধৰ মাজত এক অজটিল জীৱন। দিল্লীৰ মহানাগৰিক জীৱনৰ পৰা গৈ জুমিৰ ভাব হৈছিল যেন পেনকিম গাঁৱৰ অপূৰ্ব প্ৰাকৃতিক শোভাই তাইৰ দুচকু নিজাৰ পেলাই দিছে। সেই নিৰ্মলতাই যেন মগজুৰ আহ-পাহত জঁট লাগি ধৰা গাঁঠি কিছুমান মুকলি কৰি দিছে। বহুদিনৰ মূৰত যেন তাইৰ দেহ-মনক এক সজীৱতা আৰু মুক্তিৰ অনুভূতিৰে আৱৰি পেলাইছিল। পেনকিম গাওঁ এৰি আহি এতিয়া ডিমাপুৰৰ বৈপৰীত্যই তাইক ৰুক্ষ বাস্তৱৰ মুখামুখি কৰাই দিয়া যেন ভাৱ হৈছে। 

বাছ ষ্টেচনৰ পৰা খোজেৰে দহমিনিটৰ বাটতে হোটেল একেচিয়া। তাৰ পাইগৈ মানে বয়-বস্তু কঢ়িয়াই জুমিৰ ফোঁপনি উঠিছে। চেহ্‌ অ'ট'ৰিক্সা এখনকে ল'ব পাৰিলেহেঁতেন!

'গুড মৰ্ণিং মেম। আপোনাক কেনেকৈ সহায় কৰিব পাৰোঁ?' হোটেলৰ ৰিচেপশ্যনত কোট-টাই পৰিহিত এজন যুৱক। মিচিকিয়া হাঁহিটোতে মুদ খাই পৰিব খোজা চকুহালত এতিয়াও যেন কৈশোৰৰ মায়া। 

'মুই লাগা ৰুম একটা বুক কৰি কিনে ৰাখিছে।' জুমিয়ে নাগামিজত ক'লে। যোৱা তিনিমাহে নাগামিজ কৈ কৈ এতিয়া হঠাতে যেন অভ্যাসটো এৰি দিব খোজা নাই তাই। 

যুৱকজনৰ চকুৱে-মুখে কৌতুক বিৰিঙিল। তেৱোঁ নাগমিজতে ক'লে, তাইৰ কোঠা দ্বিতীয় মহলাত। হোটেলৰ লগতে ৰেস্তোঁৰা। কিন্তু কোঠাতে কিবা খাব বিচাৰিলে ৰুম চাৰ্ভিছো আছে।

জুমিয়ে মূৰ দুপিয়াই কোঠাৰ কাৰ্ডখন ল'লে আৰু লিফটত উঠিলগৈ। কোঠাটোত সোমাই তাই স্বস্তিৰ নিশ্বাস এটা এৰিলে। কত দিনৰ মূৰত যে বাথৰুমৰ শ্বাৱাৰত গা ধোৱাৰ, মেট্ৰেছ পৰা বিছনাত শুৱাৰ বা টিভি চোৱাৰ সুযোগ পাইছে! পেনকিম গাৱঁৰ হোমষ্টে'ত গৃহিণী আলেই বৰ আন্তৰিকতাৰে তাইক ৰাখিলে, ৰান্ধি-বাঢ়ি খুৱালে। কিন্তু সেই পৰ্বতীয়া গাৱঁত ইমানদিন থাকি মাজে মাজে জুমিৰ হাবিয়াস জাগিবলৈ আৰম্ভ কৰিছিল- শ্লিপিং বেগৰ সলনি এখন কোমল বিছনাত শুৱাৰ, প্ৰতিদিনে সিজোৱা মাংস আৰু আখুনিৰ খোৱাৰ সলনি হেঁপাহেৰে অসমীয়া ভাত এসাঁজ খোৱাৰ। চৌকাৰ জুই আৰু ধোঁৱাৰ সেই পৰিচিত গোন্ধটোৰ সলনি অকণমান পাৰফিউমৰ গোন্ধ লোৱাৰ। কি যে মিশ্ৰিত অনুভূতি! এফালে এক অপৰূপ অভিজ্ঞতা সামৰি তাইৰ গৱেষণাৰ ক্ষেত্ৰ এৰি অহাৰ দুখ, আনহাতে বহুদিনৰ মূৰত আধুনিক বিলাসৰ সোৱাদ পোৱাৰ মোহ!

এনেতে ফোনৰ ৰিংটোৱে তাইক বাস্তৱলৈ উভতাই আনিলে। নিয়ৰৰ হাঁহি থকা মুখখন ফোনৰ স্ক্ৰীণত জিলিকি উঠিল।
'কোৱা নিয়ৰ!'
'পালাহি তেন্তে?' সি পোনেই ক'লে। কিছু উৎকণ্ঠাৰে।
'অ' পালোঁহি। তুমি চিন্তা কৰি আছিলা নেকি? ডিমাপুৰ পোৱাৰ আগত ফোনৰ নেটৱৰ্ক নাপাওঁ বুলি কৈছিলোঁ নহয়!'
'অঁ ঠিকেই! মই পাহৰি গৈছিলোঁ। কেইবাবাৰো ফোন কৰি মাহঁতে তোমাক পোৱা নাই। সেয়ে মোক  সুধি আছিল।'

জুমিয়ে ফোনটো চাই দেখিলে, মাকৰ কেইবাটাও মিছ্ড‌ কল। সেয়া দেখি পলকতে তাইৰ কপাল কোঁচ খালে। আজি দুবছৰ ধৰি তাই দিল্লীত আৰু ভায়েক জোন পুনে'ত আছে। কিন্তু মাক-দেউতাকে যেন এতিয়াও দুয়োকে পাখিৰে আৱৰি ৰাখিব খোজে। য'লৈকে নাযাৱক, যিয়ে নকৰক মাক দেউতাকৰ সেই এটাই চিন্তা, ঠিকে-ঠাকে ঘৰ পালেহিনে সিহঁত? ক'ৰবালৈ ফুৰিবলৈ গৈ হুৱাট্ছ‌ এপত ধুনীয়া ফটো এখন পঠালে মাকে প্ৰথমেই সোধে, কেতিয়া ঘৰ পাবিহি? যেন বাহিৰত থকা মানেই সিহঁত নিৰাপদ নহয়। যিকোনো যাত্ৰাৰ আগতে দেউতাকে বাৰে বাৰে সোঁৱৰায়, 'দিন কাল বৰ বেয়া আজিকালি। কোনো অচিনাকি মানুহক বিশ্বাসত নল'বি। নিজৰ নাম-ঠিকনা নজনাবি। টোপনি ধৰিলে বেগটো ছিটৰ সৈতে বান্ধি থ'বি।......' কেতিয়াবা ভাব হয়, ঘৰৰ চাৰিবেৰৰ মাজত কেৱল টিভি আৰু সামাজিক মাধ্যমৰ বাতৰিৰে পৃথিৱীখন চাই চাই যেন মাক-দেউতাক অহৰহ আতংকিত হৈ ৰয় সিহঁতৰ নিৰাপত্তাৰ চিন্তাত! 

মাকলৈ তাই মেচেজ লিখিলে, 'এইমাত্ৰ হেটেল পাইছোঁহি। ৰ'ৱা- গা-পা ধুই ফোন কৰিম।'

শ্বাৱাৰৰ পানীয়ে চুলি পাৰ হৈ সমগ্ৰ শৰীৰ তিয়াই নিওঁতে জুমিৰ মন পুনৰ সেই নগা গাওঁ পেনকিমলৈ ঘুৰি গ'ল। প্ৰথমবাৰ ভৰি দিওঁতে যে মানুহবোৰে কেনেকৈ তাইলৈ থৰ লাগি চাইছিল! তাই ভঙা ভঙা নাগামিজত গৈছিল, 'মই আপোনালোকৰ গাৱঁলৈ গৱেষণাৰ কাৰণে আহিছোঁ। জুম খেতি কেনেকৈ কৰে, জলবায়ু পৰিৱৰ্ত্তনৰ লগে লগে কেনেকৈ ইয়াৰ ৰূপ সলনি হৈছে সেয়া জানিব খুজিছোঁ।'

মানুহবোৰ আচৰিত হৈছিল।এগৰাকী বৃদ্ধই কৈছিল, 'আজিলৈকে কোনো বাহিৰা মানুহ এই গাৱঁলৈ অহা নাই! সেয়ে তুমি কোনোবা চৰকাৰী বিষয়া বুলিহে ভাৱিছিলোঁ।'

গাৱঁৰ গাওঁবুঢ়া কিউচাং। চুটি-চাপৰ কিন্তু আটিল দেহৰ এগৰাকী আদহীয়া ইমচুংগাৰ নগা। তেৱেঁ জুমিৰ বাবে নিজৰ ঘৰত এটা কোঠা খালী কৰি দিছিল। তেওঁৰ আহল-বহল পাকঘৰৰ জুহালত গোটখোৱা মানুহবোৰক গলগলীয়া কণ্ঠেৰে কৈছিল,
'জুমিয়ে এইবছৰ জংঘলত জুই দিয়াৰ পৰা খেতি চপোৱালৈকে গোটেই সময় খিনি ইয়াতে থাকিব, খেতিৰ কথা শিকিব। আপুনিখান মৰম পৰা তাইক হেল্প কৰি দিবি দেই!'

তেতিয়াৰ পৰা বহুজনৰ লগত থিয় পাহাৰবোৰ বগাই জুম খেতিলৈ গ'ল; বহুজনৰ সৈতে বহু কথা পাতিলে; শিকিলে কেনে কঠিন এই জীৱনযাত্ৰা। কেনেকৈ বিজ্ঞানে আজিও বুজি নোপোৱা এই পৰম্পৰাগত খেতিত খেতিয়কে যুগ যুগ ধৰি শিকি অহা কথাবোৰ কামত লগাইছে। কেনেকৈ জুম খেতিয়কে প্ৰতিদিনে পৰিৱৰ্ত্তিত পৰিৱেশ আৰু জীৱন ধাৰাৰ সৈতে নিজকে খাপ খোৱাৰ যুঁজখন যুঁজিছে। কিমান দেখিলে আৰু কিমান শিকিলে তাই!

আহ্‌, আকৌ ফোনৰ ৰিং! তাই খপজপাই তিতা চুলিখিনি টাৱেলেৰে মেৰিয়াই ওলাই আহিল। টিচাৰ্ট আৰু পেণ্ট এটা পিন্ধি লৈ ফোনটো তুলি ল'লে। ভিডিঅ' কলত প্ৰথমে মাকৰ মূৰৰ চুলি আৰু সেন্দুৰৰ সেঁওতা ওলাল। জুমিয়ে খিলখিলাই হাঁহি ক'লে, 'মা, ফোনটো অলপ দূৰলৈ নিয়া- অলপ বেঁকা কৰা। তোমালোকৰ মুখখনকে দেখা নাই।'

মাকে ফোনটো হাত মেলি দূৰলৈ ধৰিলে। এইবাৰ তাই মাকৰ মুখখন সম্পূৰ্ণকৈ দেখিলে। কিন্তু দেউতাকক আকৌ বুজাব লগা হ'ল, 'দেউতা তুমি কলটো কাটা- মাৰ কাষত ৰোৱাহি। একেঠাইৰ পৰা দুইজনে কল কৰিলে মাতবোৰ ওপৰা-ওপৰি হ'ব নহয়!'

'বহুত দিনৰ মূৰত ভিডিঅ' কল কৰিছোঁ। সেয়ে খেলিমেলি লাগি গৈছে দেই!' দোষী দোষীভাৱে কথাষাৰ কৈ মাকে হাঁহিলে। জুমিয়ে বুজিলে, যোৱা তিনিমাহত ভায়েক জোনে কিজানি মাক-দেউতাকলৈ এবাৰো ভিডিঅ' কল কৰা নাই। ভায়েকে মাক-দেউতাকৰ চিৰাচৰিত আবদাৰবোৰলৈ বৰকৈ কেৰেপ নকৰে। জুমিয়ে পিছে এতিয়াও প্ৰতিদিনে এবাৰ কল কৰাৰ নিয়মটো যিমান পাৰি মানি চলাৰ চেষ্টা কৰে। মাকৰ কথা হ'ল, 'একো খবৰ নাথাকিলেও ভাত খালিনে নাই, ঘৰ পালিহিনে নাই তাকে মেচেজ এটা কৰি হ'লেও আমাক জনাবি- নহ'লে ৰাতি সেই চিন্তাতে টোপনি নধৰে।' 

জোনৰ দৰে কেতিয়াবা জুমিৰো বিৰক্তি ওপজে। কিন্তু তাই ভায়েকৰ দৰে সেইবোৰ আওকাণ কৰিব নোৱাৰে। কাৰণ তাই জানে, অনাহক বা মাত্ৰাধিক হ'লেও এই দাবীবোৰ মাক-দেউতাকৰ মৰমৰে এক প্ৰতিৰূপ।

মাক-দেউতাকৰ সৈতে কথা পাতি থাকোঁতেই জুমিয়ে দেখা পালে, ৰাঘৱ মাথুৰৰ ফোন। 
'তোমালোকৰ ফোন ৰাখাচোন, ইয়াৰ ডি এফ অ'ই কল কৰিছে চোন!'
'হেল্ল' চাৰ, কওকচোন।'
'হাই জুমি, কি খৱৰ?' ফোনৰ সিপাৰৰ পৰা মাথুৰৰ গলগলীয়া মাতটো ভাঁহি আহিল।
'ভালেই, আপোনাৰ?'
'মোৰো ভাল। আমাৰ ৰেঞ্জাৰ লিমথুৰেই এইমাত্ৰ জনালে, আজি তুমি ডিমাপুৰ পাবাহি বুলি। সেয়ে কল কৰিলোঁ। কামবোৰ ঠিকে ঠাকে হৈ গ'লনে?'

জুমিয়ে ওঁঠ কামুৰিলে। ছেহ্‌, সেইটো খবৰ আচলতে তাই নিজে মাথুৰক দিব লাগিছিল। গৱেষণাৰ কামত তেওঁ যে কিমান সহায় কৰি দিলে! প্ৰথম তেঁৱেই তাইক পেনকিম গাঁৱৰ কথা জনাইছিল। কৈছিল, জুম খেতি এতিয়াও তাত পৰম্পৰাগত পদ্ধতিৰে কৰা হয়। অন্য বহু ঠাইৰ দৰে অন্য স্থায়ী খেতিয়ে সেয়া সলাই পেলোৱা নাই। গতিকে সেই গাঁৱেই তাইৰ ক্ষেত্ৰ অধ্যয়নৰ কাৰণে উপযুক্ত ঠাই হ'ব। পেনকিমত ফোনৰ নেটৱৰ্ক নাই বাবে তেঁৱেই কাৰোবাৰ হাতত গাওঁবুঢ়া কিউচাঙলৈ বাৰ্তা দি পঠাইছিল। আনকি তাই গৱেষণা কৰি থকা সময়তে এদিন তেওঁ দেখাও দিছিলগৈ। 

'অঁ, হয় ছাৰ। এই এঘণ্টা মান আগতেহে পাইছোঁহি।'
'তোমাৰ সকলো কাম হৈ গ'লনে?
'হয়। যিমান পাৰোঁ তথ্য গোটাই আনিছোঁ। বাকী বিশ্লেষণ কৰিলেহে ফলাফল ওলাব আৰু!'
'ঠিকেই ওলাব। তুমি ইমান কষ্টৰে গৱেষণা কৰিছা, ফলো ঠিকেই হ'ব। পিছে আজিৰ কি প্লেন?'
'আজি মানে তেনে একো প্লেন নাই! কাইলৈ পুৱাই ইয়াৰ পৰা ট্ৰেইন আছে ঘৰলৈ।'
'ঠিক আছে। সন্ধিয়া ওলাবা তেনে- ডিনাৰ একেলগে কৰিম!'

জুমিয়ে অলপ থতমত খালে। মাথুৰে তেনেকৈ ৰাতিৰ সাজৰ কাৰণে নিমন্ত্ৰণ জনাব বুলি যেন তাই আশাই কৰা নাছিল। তাই কিবা কোৱাৰ আগতে তেওঁ আকৌ সুধিলে, 'কোন হোটেলত আছা তুমি?'
'হোটেল একেচিয়াত।' বাধ্য ছাত্ৰীৰ দৰে তাই উত্তৰ দিলে।
'ঠিক আছে। সন্ধিয়া সাত বজাত সাজু হৈ থাকিবা। মই নিবলৈ আহিম!'

ফোন ৰাখি জুমিয়ে কিছুপৰ ভাৱিলে। মাথুৰৰ সৈতে ডিনাৰ! অৱশ্যে এইটো তেনে একো নতুন কথা নহয়! তেওঁ পেনকিম গাঁৱত থকা তিনিওটা নিশাই দুয়ো একেলগে জুহালৰ কাষত বহি ৰাতিৰ সাজ খাইছিল। প্ৰতি নিশা গাৱঁৰ অন্য মানুহেও সিহঁতৰ সৈতে যোগ দি মেল মাৰিছিল। পেনকিমৰ লগতে ওচৰৰ পুংৰ' আৰু ছালুমী গাৱঁৰ মানুহক গোট খুৱাই পতা ৰাজহুৱা সভাত তেওঁ জুমিৰ চিনাকি দিছিল, 
'স্কুল-কলেজত যিমানলৈকে পঢ়িব পাৰি, তাৰ একেবাৰে ওপৰত এই জুমি। এই গৱেষণা শেষ কৰিলেই তেওঁ ডক্টৰেট ডিগ্ৰী পাব।'

সকলোৰে হাত-চাপৰি আৰু প্ৰশংসা শুনি জুমিৰ গাল দুখন ৰঙচুৱা হৈ পৰিছিল! সেই সভাতে মাথুৰে তিনিওখন গাৱঁত আৰম্ভ কৰিব বিচৰা কৃষিউদ্যানৰ চৰকাৰী যোজনাখন ব্যাখ্যা কৰিছিল। ৰাইজৰ মতামত বিচাৰিছিল। তেওঁৰ কৰ্মদক্ষতা আৰু সলসলীয়া নাগামিজে যেন সকলো গঞাকে মুগ্ধ কৰি পেলাইছিল।

ফোনত আকৌ মাকৰ মুখখন জিলিকিল। দেউতাক হয়তো আবেলিৰ বজাৰলৈ ওলাই গ'ল।
'কিয় ফোন কৰিছিল ডি এফ অ'অই, জুমি?'
'অঁ, খবৰ ল'বলৈ।'
'খবৰ ল'বলৈ?' 
'অঁ লগতে আজি একেলগে ডিনাৰ কৰাৰ কথা ক'লে।'
'একেলগে ডিনাৰ!'
'অঁ আজি ইয়াত মোৰ শেষ দিন যে!'

মাক খন্তেক নীৰৱ হৈ ৰ'ল। কিন্তু সেই চিন্তাক্লিষ্ট মুখ দেখিয়ে জুমিয়ে বুজি পালে, মাকৰ মমতা আৰু প্ৰতিৰক্ষাৰ দুয়োপাখি মেল খাইছে। তাইক আৱৰি পেলাব খুজিছে কিন্তু তাইৰ সহজ আৰু আত্মবিশ্বাসী সুৰটোৱে যেন কিছু দোমোজাত পেলাইছে। সেই যুঁজ বেছিপৰ নিটিকিল। 

'জুমি, অচিনাকি মতা মানুহ এজনৰ সৈতে ৰাতিখন এনেকৈ ওলাই যোৱাটো ভাল কথা জানো?'
'তুমি কিয় তেনেকৈ ভাৱিছা, মা? তেওঁ অচিনাকি নহয়- বহুবাৰ লগ পাইছোঁ। এতিয়ালৈকে মোক বহুত সহায় কৰিছে গৱেষণাৰ কামত।'
'কিয় বা সহায় কৰিছিল!'

মাকৰ কথাৰ সুৰটোৱে জুমিৰ চকুৱে-মুখে এসোঁতা তেজ বোৱাই আনিলে। সেই ইংগিতেৰে মাকে কেৱল মাথুৰকে নহয়, তাইৰো আত্মসন্মানত আঘাত কৰা যেন ভাব হ'ল। আজি কতদিন গৱেষণাৰ বাবে তাই ঘুৰি ফুৰিছে। কতবাৰ কিমান অচিনাকি মানুহৰ সৈতে একেলগে ঘুৰিছে, চাহ-ভাত খাইছে তাই হিচাপ ৰখা নাই। মাকেতো এবাৰ দুজন খেতিয়কৰ সৈতে জুম খেতিলৈ যোৱাৰ কথা শুনিয়ে জাঁপ মাৰি উঠিছিল,
'তই অকলে অকলে তেনেকৈ হাবিতলীয়া বাটেৰে খেতি চাবলৈকে গৈছ?
'নাই, মোৰ সৈতে দুজন নগা খেতিয়ক আছিল।'
'চিনি-জানি নোপোৱা মানুহ। তাতে তাৰ মানুহে হাতত খামতি দা লৈ নুফুৰে জানো!'

কেতিয়াবা জুমিৰ ভাব হয়, অহৰহ বাতৰিৰ ঘটনাবোৰ দেখি-শুনি মাক-দেউতাকৰ মন যেন বহু অনাহক ভয় আৰু শংকাই ভৰাই পেলাইছে। অন্যদিনাৰ দৰে আজিও মাকে নিজৰ সেই ভয় আৰু আশংকাবোৰ জুমিলৈ ঠেলি দিছে। হয়তো ৰক্ষণশীল সমাজ আৰু পৰিয়ালৰ আৱেষ্টনীৰ মাজত ডাঙৰ হোৱা মাকৰ বাবে ছোৱালী এজনী এনেকৈ ঘুৰি ফুৰাটোও আজব কথা। সেয়ে কিজানি প্ৰতিৰক্ষাৰ কবচেৰে তাইকো আৱৰি ৰাখিব খোজে। কিন্তু সেই আশংকাই যদি মানুহক জীৱনৰ বাটত আগবঢ়াতে পদে পদে বাধা দিয়ে, তেনে তাত জানো এডাল ৰেখা টনা নাযায়? কিমান দূৰলৈ মাক-দেউতাকে সিহঁতক মমতাৰে আৱাৰি ৰাখিব আৰু কিমানৰ পিছত প্ৰাপ্তবয়স্ক সন্তানে নিজৰ জীৱনৰ দায়িত্ব নিজে ল'ব!

মাকক কোনোমতে আশ্বস্ত কৰি জুমিয়ে ফোন সামৰিলে। আবেলি বিছনাতে এবাগৰ দিবৰ চেষ্টা কৰিলে। কিন্তু চিলমিলকৈ টোপনি আহোঁতেই আকৌ ফোনৰ ৰিঙে তাইক সাৰ পোৱাই দিলে। মামাৰ ফোন!

'মামা, কোৱা। ভালনে তোমালোকৰ?'

'অঁ আমাৰ ভালেই। তয়ো ঠিকে-ঠাকে ওলাই আহিলি নহয়? বাইদেৱে ক'লে আজি হেনো অফিচাৰে ডিনাৰত মাতিছে!'

জুমিয়ে ভীষণ অস্বস্তি পালে। এইটো কথা মাকে মামাককো ক'ব লাগেনে!

তাই একো ক'বলৈ সুযোগ নিদি মামাকেই কৈ গ'ল, 'চা জুমি, মই আজি বাৰ বছৰে চৰকাৰী অফিচৰ চাকৰিয়াল। গোটেই জীৱন এনে কাৰবাৰ দেখিছোঁ। পুৰুষৰ মনত কি চলি থাকে সেয়া আমিহে ভালদৰে জানো! ভুলতো ৰাতিখন ওলাই নাযাবি দেই!'

এইবাৰ জুমিয়ে কিছু বিৰক্তি আৰু ক্ষোভেৰে মাকলৈ ফোন কৰিলে, 'মা, মামাকো কিয় এইবোৰত লগাইছা বাৰু!'
'নাই নাই, মই নিজে কোৱা নাছিলোঁ। সন্ধিয়া ভাইটি আহিছিল। মই আৰু দেউতাৰে পাতি থাকোঁতেহে সি শুনিলে। সি আমাক দঢ়াই দঢ়াই কৈ গৈছে, কোনো কাৰণতে তোক যাবলৈ নিদিবলৈ।'

এইবাৰ মাকৰ মাতটো কাতৰ হৈ ওলাল, 'চা জুমি, আমি জানো, তই নিজেই চাই-চিতি চলিবলৈ জান। আজিৰ পৃথিৱীখন বহুত বেলেগ হ'ল-সেয়াও বুজোঁ। কিন্তু অতদিনে বিপদ-আপদ নোহোৱাকৈ সেই অজান্তি মুলিকত কাম কৰিলি। আজি শেষৰ দিনটোত আকৌ কিয়নো বিপদ চপাই ল'ব লাগে, ক'চোন!'

এইবাৰ জুমি যেন সঁচাই বিবুদ্ধিত পৰিল। সকলোৰে কথা শুনি শুনি তাইৰ নিজৰ ওপৰতে সন্দেহ হ'বলৈ ধৰিলে-তাইহে মানুহক সহজে বিশ্বাস কৰে নেকি! ক'তা, মাথুৰৰ কথা বা কামত কোনো সময়তে একো অসহজ ভাব তাইৰ হোৱা নাই। বৰঞ্চ পেনকিম গাৱঁৰ মানুহবোৰৰ তাই মুগ্ধ হৈছে তেওঁৰ কৰ্মদক্ষতা আৰু আন্তৰিকতাত। উত্তৰ প্ৰদেশৰ পৰা এনেকৈ এই অজান্তি মুলুকত থিতাপি লৈ তেওঁ ভাষা-সংস্কৃতি শিকিছে। গ্ৰামীণ জীৱন উন্নত কৰাৰ চেষ্টা কৰিছে।ত্তেনে এজন মানুহৰ তাইৰ প্ৰতি অসৎ উদেশ্য থকা বুলি কেনেকৈ ধৰি লয় বাৰু?

এইবাৰ তাই নিয়ৰলৈ ফোন লগালে, 'নিয়ৰ, মা-দেউতাই বৰকৈ কৈছে মাথুৰৰ সৈতে ডিনাৰলৈ নাযাবলৈ। এই এঘণ্টা পিছতে তেওঁ মোক নিবলৈ অহাৰ কথা- কি যে লেঠা!'
নিয়ৰ কিছুপৰ নীৰৱে ৰ'ল। তাৰ পিছত গম্ভীৰ স্বৰেৰে ক'লে, 'মাই মোলৈকো ফোন কৰিছিল, জুমি! ঘৰত সকলোৱে খুউব ভয় খাইছে। এনেকুৱা কত কিমান বাতৰি কাকতে পত্ৰই বা টিভিত দেখা পাই থাকে ভাবাচোন। ভয় খোৱাৰে কথা! 

নিয়ৰৰ কথাখিনিয়ে এইবাৰ যেন জুমিয়ে বিচাৰি থকা সেই আঁচডাল টানি দিলে। সকলোৰে বাধা উলাই কৰি মাথোঁ মাথুৰৰ কথা ৰাখিবলৈকে তাই ডিনাৰ কৰিবলৈ যোৱাৰ কোনো প্ৰয়োজন নাই। তাই খৰধৰকৈ কাপোৰসাজ সলালে। তাৰপিছত হোটেলৰ কোঠাৰ আইনাৰ সন্মুখত থিয় দি মুখৰ ভিতৰতে ক'লে,
'ছাৰ- বেয়া নাপাব। মোৰ হঠাতে খুউব মূৰৰ বিষ আৰম্ভ হৈছে। পোনেই বিছনালৈহে যাব খুজিছোঁ। আজি আৰু বাহিৰত ডিনাৰ কৰাৰ সাধ্য নাই!'

কেইবাবাৰো মনতে সেই কথাখিনিকে দোহাৰি তাই বাহিৰ ওলাল। বুকুখন কিছু কঁপিল। তাই যে মানুহক না ক'বলৈ অসুবিধা পায়। তাৰ মাজতে মাকৰ মেচেজ, 'হোটেলৰ ৰুম সোমালিনে? আহ্‌, নাগালেণ্ডৰ এই শেষৰ নিশাটোত কিয় যে এইবোৰ জঁট লাগিল- আশা কৰি থকাৰ দৰে তাই ভালদৰে উপভোগ কৰিবলৈকে আহৰি নাপালে!

তাই নামি আহি হোটেলৰ লবীত থিয় দিলেহি। ইযোৰাৰ পিছত সিযোৰা মানুহ আহিল আৰু গ'ল। তাই উদাস দৃষ্টিৰে বাটলৈ চাই ৰ'ল। এনেতে মাথুৰৰ ফোন আহিল। 
'ছাৰ!' ফোনৰ সিপাৰে সন্ধিয়াৰ যান-জঁটৰ হুলস্থুল।
'জুমি, এয়া পাইছোঁহি দেই। তুমি পাৰিলে হোটেলৰ সন্মুখলৈকে ওলাই আহাচোন।'
তাই একো ক'বলৈকে নাপালে। তেওঁ ফোন কাটি দিলে। 

অহ্ তাই কি কৰে এতিয়া? উপায়ন্তৰ হৈ জুমি ওলাই আহিল। সেয়া মাথুৰৰ গাঢ় নীলা জীপ গাড়ীখন একেচিয়াৰ সন্মুখ পাইছে। চালকৰ আসনৰ পৰাই মাথুৰে সোঁহাতখন জোঁকাৰিছে। অঁ, সেয়া তেওঁৰ কাষৰ আসনতচোন এগৰাকী মহিলা। গাড়ীৰ পিছৰ আসনৰ খিৰিকীৰেও কণমানি মুখ এখনে তাইক সম্ভাষণ জনাইছে।

জুমি যেন থৰ হৈ ৰ'ল! গাড়ীখন তাইৰ ঠিক সন্মুখতে ৰোৱাৰ লগে লগে মহিলাগৰাকী নামি আহিল। তেওঁৰ মুখত এটি কোমল হাঁহি। দেহত বগা কূৰ্টা আৰু আকাশী নীলা জিনছ।

'হাই জুমি, মোৰ নাম আৰাধ্যা- ৰাঘৱৰ পৰিবাৰ। এয়া আমাৰ ছোৱালী ঈশা। তুমি তাইৰ লগত পিছৰ আসনতে বহা দেই!' তেওঁ গাড়ীৰ পিছ দুৱাৰখন খুলি দিলে।

জুমিয়ে কোনোমতে মূৰ দুপিয়াই পিছৰ আসনত বহি পৰিল। লগে লগে গাড়ীখন সন্ধিয়াৰ যানজঁটৰ লানিত সোমাই পৰিল।

'হাই জুমি!' কণমানি ঈশাই তাইৰ কেকুঁৰা চুলিৰ বেণী লৰাই লৰাই মাত দিলে। তাইৰ বয়স খুউব সম্ভৱ ছয়-সাত বছৰ। দুচকুত নিষ্পাপ শৈশৱৰ কৌতুহল। মুখত লাজ লাজ হাঁহি।

এইবাৰ জুমিয়ে যথাসম্ভৱ সহজ হ'বলৈ চেষ্টা কৰিলে। 'হাই ঈশা, ইমান ধুনীয়া তোমাৰ নামটো!' ঈশাই খিলখিলাই হাঁহি পেলালে।

'তোমাৰ নামটোও বৰ ধুনীয়া!' দুচকুত তিৰবিৰণি তুলি তাই উত্তৰ দিলে।

মাথুৰৰ পৰিবাৰে মুখ ঘুৰাই ক'লে, 'ঈশাই তোমাক লগ পাবলৈ বৰ আগ্ৰহেৰে বাট চাই আছিল বুজিছা। তোমাৰ কথা এখেতে আমাক খুউব কৈ থাকে। আজিৰ দিনৰ ছোৱালী কিমানদূৰ আগবাঢ়ি গৈছে সেয়া শুনি বৰ ভাল লাগে জানা। সেয়ে ঈশায়ো বৰকৈ লগ পাব খুজিছিল!'

'আৰাধ্যা আৰু ঈশাক আজি নাগালেণ্ডৰ গাঁৱত থাকি কেনেকৈ গৱেষণা কৰিছা, জুম খেতিৰ কথা শিকিছা সকলো ক'বা দেই! ঈশাৰো তোমাৰ দৰেই কাম কৰিবলৈ মন, নহয় ঈশা?' মাথুৰে গাড়ী চলাই থকাৰ পৰা মাত দিলে।

'অঁ অঁ। ডাঙৰ হ'লে ময়ো তোমাৰ দৰে ৰিচাৰ্ছাৰ হ'ম! গোটেই পৃথিৱী ঘুৰিম!' ঈশাৰ কথাত তিনিও একেলগে হাঁহিলে।

জীপ গাড়ীখন ৰেষ্টোৰাঁ অভিমূখে আগবাঢ়িল। ৰেষ্টোৰাঁ পোৱাৰ আগেয়ে জুমিয়ে লাহেকৈ ফোনৰ বাওঁকাষৰ বাটনটো টিপি 'চাইলেণ্ট' কৰি থ'লে। 

Friday, 28 February 2025

বৃত্ত (চুটিগল্প)

ঘৰৰ পদূলিমুখ পায়ে প্ৰণামীয়ে পৰিস্থিতিৰ বুজ লোৱাৰ চেষ্টা কৰিলে। ভৃগু অফিচৰ পৰা আহি পালেহি নেকি! সন্ধ্যা লাগিবৰ হোৱা নাই যদিও বেলি লহিয়াইছে। তাই সোনকালেই উভতাৰ কথা আছিল। কিন্তু জ্যোতিৰ সৈতে কথাৰ যেন শেষেই নহ'ব! কিমান দিনৰ মূৰত যে দুয়োজনী লগ হ'ল! জ্যোতিয়ে বহুদিনৰ পৰাই প্ৰণামীক ফোনত কৈ আছিল- 

'এদিন আমাৰ ঘৰলৈ আহিবিচোন!  তই আহিম আহিমকৈ থাকোঁতেই আমাৰ ৰিমলী ডাঙৰ হ'বগৈ। ইয়ালৈ কিমাননো বাট? তোৰ স্কুটিখন আছেই। ভৃগুদাৰ সময় নিমিলে যদি বাবুৰ স্কুল বন্ধ থকা দিন এটাত তয়ে বাবুক লৈ এপাক আহিবিচোন।'

তেনেকৈয়ে যাম যামকৈ থাকোঁতে ৰিমলী দুবছৰীয়া হ'লহি। সেয়ে আজি প্ৰথমবাৰৰ কাৰণে কণমানি ৰিমলীজনীক দেখি প্ৰণামীৰ দুচকু সেমেকি উঠিছিল কিজানি।

'মা, ব'লা আকৌ। ইয়াতে ৰৈ দিলা যে!' স্কুটিৰ পিছৰ আসনৰ পৰা বাবুৱে মাত দিয়াতহে প্ৰণামীৰ জড়তা ভাঙিল।

গেটখন খুলি লৈ স্কুটি ঠেলি ঠেলি সিহঁত দুয়ো সোমাই আহিল। বাহিৰত সেমেকি পৰা মেলা কাপোৰখিনি চপাই লৈ প্ৰণামীয়ে দুৱাৰ খুলিলেগৈ। তেতিয়ালৈকে মাকৰ বুকুৰ ধপ্ধ‌পনিটো যেন বাবুৱেও শুনা পাইছে। সি নীৰৱে মাকৰ কাষতে থিয় দি ৰ'ল। চাবিপাত পকোৱাৰ আগতেই দুৱাৰখন খোল খালে।

দুৱাৰমুখত ভৃগু! তাৰ চুটি থৰঙা চুলি, শুকান মুখ, অবুজ দৃষ্টি।

'এই সন্ধিয়াখন ক'লৈ গৈছিলা?' পোনেই সি গহীন মাতেৰে প্ৰশ্ন  কৰিলে।

'ক'তনো সন্ধিয়া হোৱা দেখিলা? বেলি লহিয়াইছেহে!' প্ৰণামীয়ে কথাটো পাতলাবলৈ চেষ্টা কৰিলে। 'জ্যোতিৰ ওচৰলৈ গৈছিলোঁ। আজি বাবুৰ স্কুল সোনকালে ছুটি হ'ল যে! সেয়ে এপাক মাৰি আহিলোঁ।'

সেই ছেগতে বাবুৱে দেউতাকৰ কাষেৰেই 'মোৰ যে ইমান জোৰেৰে প্ৰস্ৰাৱ কৰিব লাগিছে' বুলি দৌৰ মাৰিলে। লগে লগে ভৃগু আৰু তাইৰ মাজত থকা একমাত্ৰ ঢালখন হেৰুৱাই পেলোৱা যেন ভাৱ হ'ল প্ৰণামীৰ! বাবু চকুৰ আঁতৰ হোৱাৰ লগে লগে ভৃগু প্ৰণামীৰ কাষ চাপি আহিল। তাৰ ডিঙিৰ সিৰ কেইডাল যেন টনটনাই উঠিল। আতংকত প্ৰণামীৰ বুকুত ডবাৰ কোব পৰিল! একেকোবে তাইৰ চুলিকোঁচাত থাপ মাৰি ধৰি সি চেপা মাতেৰে ক'লে, 

'স্কুল সোনকালে ছুটি হ'ল বুলিয়ে অলৌ-টলৌকৈ ঘুৰি ফুৰিবি নেকি? ইয়াত মই মানুহটোৱে অফিচৰ পৰা আহি কি খাম কি নাখামকৈ পাকঘৰত হাবাথুৰি খাইছোঁ। আৰু তাই দুনিয়াৰ হাৱা খাই ফুৰিছে! কাৰ লগত চুপতি মাৰিবলৈ গৈছিলি? ক ভালে ভালে!!'

প্ৰণামীয়ে ডিঙি বেঁকা ভাগেৰেই চুলিখিনি ভৃগুৰ হাতৰ মুঠিৰ পৰা আঁতৰোৱাৰ চেষ্টা কৰি কাবৌ কৰাদি ক'লে,

'কৈছোঁৱে দেখোন, জ্যোতিক লগ কৰিবলৈ গৈছিলোঁ- অন্য একো কৰা নাই।'

'মিছা নামাতিবি। স্কুটিখন লোৱাৰ পিছৰ পৰা তই কেনে উৰণীয়া হৈছ দেখি আছোঁ। কিন্তু মনত ৰাখিবি লাও যিমানেই ডাঙৰ নহওক সদায় পাতৰ তলত!'

অশ্লীল গালি দুটামান উচ্চাৰি ভৃগুৱে তাইক গতিয়াই দিলে। প্ৰণামী আফাল খাই বহাকোঠাৰ দেৱালখনত খুন্দা খালেগৈ। লগে লগে তাইৰ মুখেৰে বিকট চিঞৰ এটা ওলাল। চিঞৰটো ইমান জোৰেৰে ওলাল যে ভৃগুও চক্‌ খাই গ'ল। অন্যদিনা প্ৰণামীয়ে দাঁত-মুখ চেপি ভৃগুৰ মাৰপিট সহে। কাৰণ বাবু বা ওচৰ-চুবুৰীয়াই সেয়া কেনেবাকৈ শুনিব বা কি ভাবিব বুলি তাই লাজত মৰে। কিন্তু আজি যেন ভৃগুৰ ৰূপ অন্য দিনাতকৈ বহু ভয়ানক। অন্য দিনা বাবু নাথাকিলে বা শুৱাৰ পিছতহে চৰ-গোৰ দুটামান সোধাই ক্ষান্ত হোৱা ভৃগুৰ যেন আজি তাইক মাৰি পেলোৱাৰ পণ! সেই বাবেই কিজানি আগ-পাছ নুগুণি তাই তেনেকৈ চিৎকাৰ কৰি পালে।

ভৃগু ক্ষন্তেকৰ বাবে ৰৈ গ'ল। সেই সুবিধাতে চুলিকোঁচা তাৰ হাতৰ মুঠিৰ পৰা এৰাই তাই পলকতে গা-ধোৱা ঘৰলৈ দৌৰ মাৰিলে। গা-ধোৱা ঘৰৰ দুৱাৰ খুলি বাবু ওলাই আহিবলৈ লৈছিল। মাকৰ সেই ৰূপ দেখি সি দুৱাৰমুখতে থতমত খাই ৰৈ গ'ল। তাই কোনোমতে ভিতৰ সোমাই দুৱাৰখন ধাৰাম্কৈ‌ বন্ধ কৰি দিলে।বহুপৰলৈ মজিয়াতে বহি প্ৰণামীয়ে নিশব্দে কান্দিলে। দিনত জ্যোতিক লগ পাই তাইৰ বুকু ভৰাই পেলোৱা ভাল লগা অনুভৱখিনিৰ একো চিন-চাব নাথাকিল। 

এটা সময়ত গা-ধোৱা ঘৰৰ পৰা ওলাই আহি তাই ভাতৰ যোগাৰত লাগিলহি। মন বেয়া বুলিয়েইতো ৰোহ ঘৰত সোমাই বা বিছনাত পৰি থাকিব নোৱাৰে। তাইৰ গাত হাত উঠালে বুলিয়েইতো গিৰিয়েক আৰু নিজৰ ল'ৰাটোক ভোকে-লঘোণে থাকিবলৈ দিব নোৱাৰে। কিন্তু তাই নিজে একো এটা মুখত দিব নোৱাৰিলে। বাবু আৰু ভৃগুৰ কাৰণে ভাত উলিয়াই দি নিজে মাথোঁ পানী এগিলাচ লৈ কোট্‌ কোট্কৈ‌ গিলিলে।

একোৱে যেন হোৱা নাই এনে ভাৱেৰে ভৃগুৱে বাবুক ইটো-সিটো যতনাই দি একেলগে ভাত খালে। ভাতৰ মেজত বাবু নীৰৱ হৈ ৰ'ল। অন্য দিনাৰ দৰে 'ডালি নাখাওঁ- বেঙেনাৰ ভাজি যে ইমান বেয়া পাওঁ' বুলি থেনথেনাই নাথাকিল। সিহঁতৰ কোনোৱে প্ৰণামীক ভাত খাবলৈ নামাতিলে।

এটা সময়ত ভৃগু শোৱাকোঠালৈ আহিল। তেতিয়ালৈ প্ৰণামী বিছনাত। দেৱালৰ ফালে মুখ কৰি তাই একতীয়াকৈ  নিমাতে-নিসাৰে পৰি থাকিল। ভৃগুৱে বিছনাত গাটো পেলাই লাহেকৈ প্ৰণামীৰ বাহুত সোঁহাতখন থ'লে। তাই সাৰে থাকিলেও মাত নিদিলে, একো সাৰ-সুৰো নকৰিলে। ভৃগুৰ হাত নহয় যেন সেয়া তাইৰ দেহত হাজাৰটা বৰলৰ বিহ! সেই মুহূৰ্ততে যেন তাই জাঁপ মাৰি সাত মাইল আঁতৰি যাব!  ভৃগুৱে কোমল মাতেৰে ক'লে,

'চাওঁ- শুলাই নেকি! খং উঠিলে কি যে হয় যায় মোৰ! জানাইচোন, ঘৰলৈ উভতি আহি তোমাক নাপালে মোৰ ভাল নালাগে। অকলে অকলে ঘৰত তোমাৰ কাৰণে বাট চাই থাকিলে খেলিমেলি চিন্তাবোৰ আহে।কিয় মোক এনে কৰিবলৈ বাধ্য কৰা তুমি?'

অন্যদিনাৰ দৰে আজিও প্ৰণামীত বিবুদ্ধিত পৰিল। এই ভৃগু আজি সন্ধিয়া মাৰাত্মক ৰূপ লৈ তাইক খেদি অহা দানৱ নহয়। এই ভৃগু মৰম আকলুৱা। তাই যেন ক'বকে নোৱাৰে, কেনেকৈ যে খেলিমেলিবোৰ আৰম্ভ হৈ যায়! কেনেকৈ মৰমিয়াল ভৃগুৱে দৈত্যকায় ৰূপ লয়! ভাৱ হয় যেন, কেৱল ভাল বা বেয়াৰেই মানুহক দুটা শ্ৰেণী কৰি ৰাখিব নোৱাৰি। প্ৰত্যেক মানুহৰ ভিতৰতে যেন অনেক ৰূপ সোমাই থাকে। কিন্তু ভৃগুৰ এই বৈপৰীত্যই তাইক খেলিমেলি লগাই দিয়ে। এনে মুহূৰ্তবোৰত ভাৱ হয় যেন দোষটো তাইৰে! মৰমিয়াল ভৃগুৰ সলনি দানৱ ভৃগুক উলিয়াই অনাৰ বাবে। তাই কিয় বাৰে বাৰে ভুল কৰি পেলায়? কিয়? 

প্ৰণামী বদ্ধপৰিকৰ হয়। আজিৰ পৰা তাই ভৃগুৱে বেয়া পোৱা একো কামকে নকৰে। লাগিলে বান্ধৱী জ্যোতিৰ সৈতে আৰু কেতিয়াও দেখাই নহওক, তাইৰ ঘৰলৈ এনেকৈ আৰু নাযায়। কোনো অন্য পুৰুষৰ লগত তাই পৰাপক্ষত আৰু কথা নাপাতে। সম্পৰ্কীয় পুৰুষ হ'লেও যোগাযোগ নাৰাখে। এইবোৰ কথাত যে ভৃগু বৰ সন্দেহী হৈ উঠে। কাৰোবাৰ সৈতে তাইৰ গোপন সম্পৰ্ক আছে বুলি মনতে ধৰি লয়!  সি বিচৰাৰ দৰেই তাই যিমান পাৰি ঘৰতে থাকিব। ভৃগুৱে বিচাৰিলেহে অন্য মানুহৰ লগত হলি-গলি কৰিব।

প্ৰণামীয়ে সঁচাই মন বান্ধিলে। তাইৰ কথা আৰু কামেৰে ভৃগুৰো কথা আৰু কাম সলনি কৰিব বুলি এটা অদ্ভুদ জেদত লাগি পৰিল যেন। তাইৰ জেদত হাত উজান দিলে পৃথিৱীখন ছাটি ধৰা ক'ভিড মহামাৰীয়ে। কাকো আৰু অজুহাত দেখুৱাব লগা নহ'ল- কিয় আজিকালি সমজুৱা নামলৈ প্ৰণামী নহা হৈছে। কিয় মাহীয়েকৰ ল'ৰা অলকেশক তাই আগৰ দৰে হোষ্টেলৰ সিকা ভাতসাঁজৰ সলনি প্ৰতি দেওবাৰে ঘৰতে এসাঁজ খাবলৈ নমতা হ'ল। লক ডাউনে প্ৰণামীৰ পৰিকল্পনা একেবাৰে সহজ কৰি পেলালে যেন! কিন্তু সহজ নকৰিলে তাইৰ জীৱন!

আগৰ দৰে কামলৈ যোৱাৰ সলনি ভৃগু বেছিভাগ সময় ঘৰতে শুই-বহি থকা হ'ল। আগতকৈ বেছি খিংখিঙীয়া হ'ল। প্ৰণামীৰ ভুলবোৰ তাৰ চকুত বেছিকৈ পৰা হ'ল। সিদিনা তাইৰ ভনীয়েকৰ লগত ফোনত কথা পাতি থকাৰ পৰত সি ভেকাহি মাৰি সুধিলেহি,

'কাৰ লগত ইমান সময় ধৰি কথা পাতি আছা?' মোক যে চাহ একাপ লাগে বুলি কেতিয়াবাই কৈছিলোঁ, খৱৰেই নাই!'

প্ৰণামী অলপ হতভম্ব হ'ল। সিফালে নৱমীয়ে সেয়া শুনিলেই নেকি বুলি অসহজ হ'ল। লৰালৰিকৈ ফোন থৈ চাহকাপ যতনাই দিলেগৈ।

গোমোঠা মুখেৰেই ভৃগুৱে ক'লে, 'নৱমী আৰু তোমাৰ মা-দেউতাহঁতৰ লগত যে ঘণ্টাৰ পিছত ঘণ্টা কথা পাতি থাকা, মোৰ মা-দেউতাৰ কি হৈছে খৱৰ কৰিছানে? দিন-কাল বেয়া। মানুহবোৰ কেনেকৈ মাখি মৰাদি মৰিব লাগিছে, এতিয়াতো মোৰ পৰিয়ালৰ অলপ খেয়াল ৰাখিবলৈ চেষ্টা কৰা।'

ভৃগুৱে কি কৈছে এইবোৰ! বিয়াৰ দিন ধৰি চোন তাই ভৃগুৰ পৰিয়ালকে আপোন বুলি সকলো কৰি আহিছে। আজি মাত্ৰ দুবছৰ আগতে সিহঁতে ঘাই ঘৰৰ পৰা আছুতীয়াকৈ এইটো চুবুৰীত ঘৰ কৰিছে। ভৃগুৰ মাক-দেউতাক ইয়াৰ পৰা খোজেৰে মাথোঁ পোন্ধৰ মিনিট দূৰৈত। গতিকে সকলো সময়তে আহ-যাহ চলিয়ে থাকে। লক ডাউনৰ সময়ত যেনিবা সেয়া আগতকৈ কমিছে। কিন্তু তাইৰ ভনীয়েক নৱমী গুৱাহাটীত, মাক-দেউতাক যোৰহাটত। সেইবাবে প্ৰণামীয়ে যাওঁ বুলিলেও যাব নোৱাৰে। তাই এদিনৰ বাবেও ঘৰ এৰি গ'লে যে ভৃগুৰ ইমান অসুবিধা হয়! ঘৰখনত ইটো-সিটো বিচাৰি ঘূৰ্মুটিয়াই ফুৰে। তাৰ খোৱা-শুৱা সকলোবোৰ খেলিমেলি হৈ যায়। সেই বাবেই তাই মাক-দেউতাকক চাই অহাৰ কথা নাভাৱেই। তেনে ক'ৰ পৰা এই ওজৰ-আপত্তিৰ বোজাবোৰ গোট খাইছেহি? কিজানি প্ৰণামীৰ চেষ্টাত সুৰুঙা ৰৈ গৈছে। সেইবাবেই তেনে কথাবোৰে ভৃগুৰ মনত বিষ সিঁচিছে।

লাহে লাহে যেন প্ৰণামীৰ পৃথিৱীখন ঠেক হৈ আহিল। আগতকৈও অবুজ হৈ আহিল। প্ৰতিদিনে পুৱা সাৰ পাই তাই বিব্ৰত হৈ ৰোৱা হ'ল, কণীৰ খোলাৰ ওপৰেদি খোজ দিব লগা হ'ল। আজি বা ভৃগুৰ মন কেনে হৈ থাকিব, কেতিয়া কোন পলকত খঙৰ ভমক উঠিব কোনে জানে! কৰবাত কথা আৰু কামৰ অকণমান হেৰফেৰ হ'লেও সেই কণীৰ খোলাত ফাঁট মেলিব- সিহঁতে তত ধৰিবলৈ পোৱাৰ আগেয়ে খোলাটো ফালি চিৰাচিৰ হ'ব। মাথোঁ তাৰ দাগ ৰৈ যাব তাইৰ দেহত! 

উৎস

প্ৰণামীৰ বুকুৰ কঁপনিটো যেন বন্ধ নোহোৱা হ'ল। বাবুৱেও দেউতাকৰ মুড চাইহে ওচৰ চপা হ'ল। আগতে বাবু থাকিলে যিমান পাৰি নিজকে ক্ষান্ত ৰখা ভৃগুৱে আজিকালি একোলৈকে ভ্ৰুক্ষেপ নকৰা হ'ল। ইমান সাৱধানেৰে চলিলেও যেন প্ৰণামীৰ খোজে প্ৰতি ভুল হোৱা হ'ল। সিদিনা নিমখ কম হ'ল বুলিয়ে ভৃগুৱে ভাতৰ কাঁহীখন তাইৰ ফালে দলি মাৰি দিলে। তাৰ লগে লগে তাইৰ কঁকালত এটা প্ৰচণ্ড ভুকু! নিশালৈ আকৌ কোমল মাতেৰে সি ক'লে,

'আচলতে তোমাৰ ফোনটো ইমানকৈ বাজি আছিল, সেইটো খঙতে কিবা কৰি পেলালোঁ। সেইবোৰ ধৰি নাথাকিবাচোন!'

তাই খপ্জ‌প্কৈ‌ বিছনাৰ পৰা উঠি গ'ল।গাধোৱা ঘৰত সোমাই ফোনটো চাই দেখিলে, জ্যোতিৰ তিনিটা মিছড কল। এটা মেচেজ- 'ঠিকে আছনে, প্ৰণামী? সিদিনা অলকেশক লগ পালোঁ। বহুদিন তোৰ খৱৰ পোৱা নাই বুলি ক'লে। সেয়ে চিন্তাই লাগিল। খা-খৱৰ জনাবিচোন!'

আস্‌, লাজ আৰু বেজাৰৰ ভৰত তাই আপোন বান্ধৱীকনো কি ক'ব ভাৱিকে নাপালে। কেনেকৈ ক'ব অলকেশে দেওবাৰে হোষ্টেলৰ ভাতসাঁজ এৰি সিহঁতৰ ঘৰত এসাঁজ খোৱাটোক লৈ ভৃগুৱে তাইক সন্দেহ কৰিবলৈ লৈছে। কেনেকৈ ক'ব সিদিনা যে অলকেশ সিহঁতৰ দুৱাৰমুখত ৰৈ থাকোঁতে ভিতৰত ভৃগুৰ কি তাণ্ডৱ! বাবু ঘৰতে আছিল সেইদিনা। বহাকোঠাৰ খিৰিকীৰে অলকেশক জপনা খুলি সোমাই অহা দেখিয়ে ভৃগুৱে চামৰাৰ বেল্ট এডাল জোকাৰি গুজৰি গুমৰি উঠিল,

'অলকেশৰ লগত তোৰ কিহৰ লেটিপেটি? কিয় সি ইয়ালৈ ইমান ঘনাই আহে? আজি যদি সি এই ঘৰৰ ভিতৰত ভৰি দিয়ে, মই কি কৰিম ঠিক নাই কিন্তু।'

প্ৰণামী থৰ লাগিল। দুদিনৰ আগৰ এছাৰিৰ কোব এতিয়াও তাইৰ পিঠিত সেৰ পাতি আছে। তাই একো ক'ব নোৱাৰে- কৰিব নোৱাৰে। ইফালে দুৱাৰত অলকেশৰ টোকৰ!

'বাবু! ঘৰত কোনো নাই বুলি ক!' ভৃগু গৰজি উঠিল।

বাবুৱে এবাৰ ভৃগুৰ ফালে চালে, এবাৰ চালে ভয়ত কাতৰ প্ৰণামীৰ ফালে। তাৰপিছত দুচকু জোৰেৰে মুদি  কান্দি পেলালে আৰু তাৰ কোঠালৈ দৌৰ মাৰিলে। ৰৈ ৰৈ এটা সময়ত অলকেশ গ'লগৈ।

বহুদিনলৈ প্ৰণামী মূক হৈ ৰ'ল, কিংকৰ্তব্যবিমূঢ় হৈ ৰ'ল। জ্যোতিৰ ফোন কল আহি আহি এটা সময়ত নহা হৈ গ'ল।

সিদিনা আবেলি তাই পিছচোতালত মেলা কাপোৰ চপাই আছিল। এনেতে জেওৰাৰ সিপাৰেদি ৰিনী বাইদেৱে মাত দিলে,

'হেৰা প্ৰণামী, ভালে আছানে?'

তাই চক খাই উঠিল। ব্লাউজৰ হাতখনৰ সীমা পাৰ হৈ জিলিকি থকা এছাৰিৰ চিন দুটা খপজপকৈ চাদৰখনেৰে ঢাকি পেলালে। তাৰপিছত হাহোঁ নাহাহোঁকৈ ক'লে,

'ভালেই। আপোনালোকৰ ভালনে?'

'ভৃগু কেনিবা গ'ল নেকি?' ৰিনী বাইদেউৰ মাতটো ফুচফুচনিৰ দৰে শুনা গ'ল!

'অঁ। শাক-পাচলিৰ বজাৰলৈ ওলাই গৈছে।'

'অঁ তাকে ভাবিলোঁ; ঘৰখন নিতাল মাৰি আছে!' ৰিনী বাইদেৱে কথাষাৰ কৈয়ে যেন দাঁত কামুৰিলে। প্ৰণামীয়ে বুজিও নুবুজাৰ ভাও ধৰাৰ চেষ্টা কৰিলে।

দুয়ো যেন নীৰৱেই বহু কথা পাতিলে। হুমুনিয়াহ এটা কাঢ়ি ৰিনী বাইদেৱে ক'লে,

'কি কৰিবা, মাইকী মানুহৰ ভাগ্যই এনেকুৱা! দুখ আৰু কষ্টত লেটি লোৱা জীৱন! আমাৰ দীপুৰ দেউতাকো এনে আছিল বুজিছা- কিন্তু দীপু আৰু মানু ডাঙৰ হোৱাৰ লগে লগে মানুহটো নিজে নিজেই শান্ত হৈ পৰিল! তোমাক কিবা ঔষধ-পাতি লাগিলে ক'বা।'

প্ৰণামী লাজে-দুখে জয় পৰি গ'ল! বহুদিনৰ পিছত আকৌ এবাৰ ৰঙা তেজ এসোঁতা ভৰিৰ আঙুলীৰ পৰা তাইৰ চকু-মুখলৈ উজাই অহা যেন ভাৱ হ'ল। এইবোৰ মানি লোৱাটো ইমান সহজ নে? ইমান সহজ নে ভাল দিনবোৰৰ আশাত বন্দী হৈ সকলো সহি যোৱাটো? কিন্তু তায়ো জানো ৰিনী বাইদেউৰ দৰেই ভাগ্যক ধিয়াই ৰৈ যোৱা নাই? 

কথাবোৰ এনে নাছিল- এনে হোৱাৰ কথাও নাছিল! ভাগ্যক ধিয়াই সকলো সহি যোৱাৰ সপোন লৈ তাই বিয়াত বহা নাছিল। সিহঁতৰ বিয়াখনত প্ৰণামীৰ  মাক-দেউতাকৰ মত নাছিল। তাৰবাবে ভৃগুৱে দিনৰ পিছত দিন প্ৰায় ডকা-হকা কৰাৰ দৰে মাক-দেউতাকৰ সৈতে যুঁজিছিল। তাইক বিয়া পাতিব নোৱাৰিলে যেন তাৰ জীৱনেই অথলে যাব। ভৃগুৰ জোৰতে এটা সময়ত মাক-দেউতাক মান্তি হ'বলৈ বাধ্য হৈছিল। তেতিয়া প্ৰণামীৰ ভাৱ হৈছিল, তাই ভাগ্যশালী। তাইক ইমান আকুলতাৰে বিচৰা কাৰোবাক জীৱন-সংগী হিচাপে পাইছে। 

কিন্তু বিয়াৰ এমাহ নহওঁতেই ভৃগুৱে এদিন তালৈ অনা চাহৰ কাপটো হাত পিছলি পৰি যোৱাৰ কাৰণে তাইৰ গালত থাপ থাপ কৈ দুটা চৰ সোধাই দিছিল। সিদিনা তাই থৰ হৈ গৈছিল। অপমানত ক'লা পৰি গৈছিল। সিদিনাই ঘৰ এৰি গুচি যাব যেন ভাব হৈছিল। কিন্তু মাক-দেউতাকৰ ঘৰলৈ উভতি যোৱাৰ বাটো যে বন্ধ হৈ গৈছিল! ভৃগুৰ আঙুলীৰ সাঁচ বহি যোৱা গালখন আইনাত চাই সিদিনা প্ৰণামীয়ে ফেঁকুৰি ফেঁকুৰি কান্ধিছিল। প্ৰথমবাৰৰ বাবে অনুশোচনাৰ জাল এখনে তাইক আৱৰি ধৰিছিল। কিন্তু ভৃগুৰ অনুতপ্ত চকুযুৰি, তাৰ কাবৌ-কোকালিয়ে তাইৰ সান্তনা হৈ থিয় দিলে। তাই পাহৰিবলৈ চেষ্টা কৰিলে। মানুহ মাত্ৰেইতো ভুল হয়। তাই ভৃগুৰ খং তোলা কথা বা কামবোৰ নকৰিলেইতো সকলো ঠিক হৈ যাব!

নহ'ল! তাৰ সলনি দিনে দিনে কথাই প্ৰতি ভৃগুৰ চৰ-ভুকু বাঢ়িহে গ'ল। এটা সময়ত প্ৰণামীৰ মায়াৰ জাল ফাঁটিল। বিয়াৰ এবছৰ পিছতে তাই লাজ-মান কাটি কৰি মাক-দেউতাকৰ ওচৰ পালেগৈ। সকলো শুনি লৈ মাকে ক'লে,

'মতা মানুহবোৰ এনেকুৱাই! খং- দুখ সকলো নিজৰ ঘৈণীৰ ওপৰত উলিয়ায়। সংসাৰ কৰিছ যেতিয়া সেইবোৰো সামৰিবলৈ শিকিব লাগিব। সেইটোও তোৰে দায়িত্ব।'

মাকৰ কথাই প্ৰণামীৰ দেহ-মন বিছাই ডকাদি ডাকিলে। মাকে মুখ ফুটাই নোকোৱা কথাখিনিও তাই ঠিকেই বুজিলে। বিয়া দি উলিয়াই দিয়া জীয়ৰীৰ এই ঘৰত ঠাই নাই। তাইক ৰাখি লৈ মাক-দেউতাকে সমাজৰ লাঞ্ছনা সহিব নোৱাৰে। দেউতাকৰ পেন্সনৰ টকাৰে আৰু এখন মুখ খুৱাব নোৱাৰে। পিছদিনা পুৱাতে ভৃগু গৈ ওলোৱাত মাকে উৎসাহেৰে আদৰিলে। প্ৰণামীয়ে যেন সেইদিনা প্ৰথম উপলব্ধি কৰিলে, তাইৰ ভাগ্যৰ লিখন লিখা হৈ গৈছে। তাইৰ সুখ-দুখৰ বিধান কেতিয়াবাই দিয়া হৈ গৈছে। এইবাৰ ভৃগুৰ কাকুতি-মিনতিৰ দৰকাৰেই নহ'ল। নীৰৱে বেগটো সাজু কৰি লৈ তাই অহা বাটেৰে উভতিল। 

উভতি আহি প্ৰণামীয়ে নিজাকৈ চাকৰি এটা যোগাৰ কৰিবলৈ টঙালি বান্ধিলে। স্কুল এখনত সোমাই ল'ব পাৰিলেও যেন তাই কিছু সাহস পাব- নিজাকৈ উপাৰ্জন এটা থাকিব, নিজৰ এটা ভৰষা থাকিব। কিন্তু কথাবোৰ ভবাৰ দৰে নহ'ল। একলা-দুকলাকৈ তাইৰ গৰ্ভত বাঢ়ি অহা বাবুয়ে তাইৰ হিচাপ-নিকাচবোৰ সলাই পেলালে- চিৰদিনলৈ! বাবুৰ মৰমে যেন ভৃগুকো গলাই পেলালে। প্ৰণামী আৰু ভৃগু দুয়ো বাবুৰ মাজতে আপোন-পাহৰা যেন হ'ল। অৱশেষত উত্তাল ধুমুহাবোৰ ক্ষান্ত হোৱা যেন প্ৰণামীৰ ভাৱ হ'ল। বিয়াৰ পিছত প্ৰথমবাৰৰ বাবে জীৱনে এছাটি স্বস্তি আৰু প্ৰশান্তিৰ বা লৈ অহা যেন ভাৱ হ'ল।

কিন্তু খুউব সোনকালে জীৱনে সোঁৱৰাই দিলে এই গঞ্জনাৰ বাট সদায়ে বৃত্তাকাৰ। বৃত্তৰ পৰিধি সলনি হ'ব পাৰে, সময়ৰ দীঘ বাঢ়িব পাৰে কিন্তু সেই পথ কেতিয়াও সলনি নহয়। চিৰন্তন একেই বাটেৰে ঘুৰি ঘুৰি গঞ্জনা আৰু হাঁহাকাৰে যে একেখিনি ঠাইকে সামৰি লয়! বাবু একলা দুকলাকৈ ডাঙৰ হ'ল। কেঁচুৱাৰ যত্ন লোৱাৰ পৰা ঘৰ চম্ভালালৈকে সকলো সামৰি প্ৰণামী ব্যতিব্যস্ত হৈ ৰোৱা হ'ল। আৰু তাৰ লগে লগে ক'ৰৱাত অকণমান ইফাল- সিফাল হ'লেই ভৃগুৱে হাত তুলিবলৈ ল'লে।আকৌ এবাৰ প্ৰণামী কিংকৰ্তব্যবিমুঢ় হ'ল। অসহায় যেন হ'ল! কথাবোৰ সলনি কৰাৰ আগৰ সেই শক্তি আৰু সাহসৰ খুদমানো নোহোৱা যেন ভাৱ হ'ল। অথচ এতিয়া যে কেৱল তাই নহয়, এই কণমাণি ল'ৰাটোৰ জীৱনো সেই মেৰপাকত সোমাই পৰিল! 

তাইৰ মূৰৰ ওপৰেদি হাজাৰ ধুমুহা যাওক, তাই সহি থাকিব। তাইৰ সকলো শক্তি আৰু চেষ্টাৰে কেৱল বাবুক মানুহ কৰাৰ বাবে যুঁজিব। কেৱল বাবুৰ বাবেই এইবাৰ তাই ভাগ্যৰ এই লিখনকে মানি লোৱাৰ অংগীকাৰ ল'লে। কোনে জানে, ৰিনী বাইদেৱে কোৱাৰ দৰে এদিন হয়তো বাবুৰ মুখলৈ চায়ে ভৃগু সলনি হ'ব! সেই আশা মৰুভূমিৰ মৰীচিকা হ'লেও যেন তাই বুকুত সযতনে পালি থাকিব। নহ'লে যে এই জীৱন দু:সহ, এই সময় বিধস্ত আৰু পৰিশ্ৰান্ত! 

সমগ্ৰ বিশ্ব স্তব্ধ কৰি দিয়া লকডাউন লাহে লাহে খুলিবলৈ আৰম্ভ কৰিছে। ভৃগু পুনৰ কামলৈ যাবলৈ আৰম্ভ কৰিছে। বাবুৱেও অংগনবাদীত দিনটোৰ কিছু সময় কটাবলৈ লৈছে। প্ৰণামীৰ পৃথিৱীখনত অকণমান আহৰি ওলাইছে। আকৌ এবাৰ চাকৰি এটা বিচৰাৰ হেঁপাহটোৱে তাইৰ মাজত ভৰ কৰিবলৈ লৈছে। এনেকুৱা এটা দিনতে তাই বাতৰি-কাকতত চাকৰিৰ বিজ্ঞাপন খুঁচৰি আছিল। এনেতে কলিংবেল বজাত তাই উচপ খাই উঠিল। আজিকালি সিহঁতৰ ঘৰলৈ তেনেকৈ কোনো মানুহ নাহেই চোন! আকৌ অলকেশ ওলালহি বুলি তাই অলপ ভয় খালে। তথাপিও কিছু সংকোচেৰে গৈ দুৱাৰখন খুলি দি প্ৰণামী আচৰিত হৈ গ'ল। 

দুৱাৰ মুখত বান্ধৱী জ্যোতি আৰু কণমানি ৰিমলী!

তাই কিবা ক'বলৈ পোৱাৰ আগেয়ে ৰিমলীয়ে আগবাঢ়ি আহি প্ৰণামীৰ কঁকালতে মেৰিয়াই ধৰিলেহি। প্ৰণামীৰ বুকুখন মোচৰ খাই উঠিল। এই কণমানিজনীৰ হেঁপাহখিনি যে তাই ক'ত কেনেকৈ সামৰি থ'ব!

'ইমানদিন তোৰ একো খৱৰ পোৱা নাই। সেয়ে ভাৱিলোঁ এবাৰ চায়ে আহোঁ!!' এমুখ হাঁহিৰে জ্যোতিয়ে ক'লে।

আবেগৰ জোৱাৰজাক নীৰৱে সামৰি প্ৰণামীয়ে দুয়োকে আথে-বেথে ভিতৰলৈ লৈ গ'ল। বাবুয়ে ৰিমলীক তাৰ খেলাঘৰ দেখুৱালেগৈ। প্ৰণামী আৰু জ্যোতি দুয়ো চাহ একোকাপ লৈ বহিল। 

'কেনে আছ প্ৰণামী? আজি এবছৰেই হ'বৰ হ'ল তোৰ খৱৰ নোপোৱা! মোৰ সদায়ে চিন্তা লাগি থাকে বুজিছনে!' জ্যোতিয়ে ক'লে।

প্ৰণামীয়ে একোকে ক'ব নোৱাৰিলে। মাথোঁ এখন হাতেৰে জ্যোতিৰ হাতখন খামুচি ধৰি থাকিল। নোকোৱা-নপতা কথাবোৰে যেন সকলো গৰা খহাই বানপানী আনিব খুজিলে। 

'সঁচাই ক'চোন কি হৈছে? মই জানো, ফোনত ক'ব নোৱাৰ কাৰণেই তই মোৰ ফোন তোলা নাই!'

এইবাৰ প্ৰণামীৰ চকুলোৱে বাধা নামানিলে। জ্যোতিৰ দুয়োহাতত খামুচি ধৰি থাকি তাই হেঁপাহ পলুৱাই কান্দিলে। জ্যোতিয়ে একো নকৈ আলফুলে তাইৰ পিঠিত হাত ফুৰাই থাকিল। তাইৰ পিঠিত সেৰ পাতি থকা দাগবোৰে জ্যোতিক সকলো কৈ গ'ল।

'কিয় এনেকৈ কষ্ট খাই আছ প্ৰণামী? এনেকৈ সংসাৰ কৰাৰ কি অৰ্থ আছে ক'চোন!' 

উচুপনি ৰখাই প্ৰণামীয়ে ক'লে, 'বাবুৰ কাৰণে, জ্যোতি। ভৃগুৱে বাবুৰ খুউব যত্ন লয়, মৰম কৰে- বাবুকো দেউতাকৰ বহুত দৰকাৰ। মই কেৱল নিজৰ কথা ভাৱি বাবুৰ প্ৰতি সেই অন্যায় কৰিব নোৱাৰোঁ!'

কিন্তু বাবুক জানো মাকৰো দৰকাৰ নাই? এটা সুখী পৰিয়ালৰ দৰকাৰ নাই? এনে এটা পৰিৱেশত বাবু ডাঙৰ হোৱাটোও জানো তাৰ প্ৰতি অন্যায় নহয়? ক'ব খুজিও জ্যোতি নীৰৱ হৈ ৰ'ল। কাৰণ তাই জানে, সেইবোৰ প্ৰশ্নই প্ৰণামীৰ যন্ত্ৰণাত মাথোঁ ঘিউ ঢালিব। কেতিয়াবা কিছুমান সত্য ধ্ৰুৱতৰাৰ দৰে জিলিকি থাকিলেও যে সেয়া সত্য বুলি মানি ল'বলৈ বহুত টান!

এনেতে কথাৰ মাজতে হঠাৎ ৰিমলীৰ চিৎকাৰ শুনি জ্যোতি আৰু প্ৰণামী জাঁপ মাৰি উঠিল। কি হৈছে? কি হৈছে??

প্ৰণামীয়ে লগে লগে বাবুৰ কোঠাৰ ফালে ঢাপলি মেলিলে। তাইৰ পিছে পিছে জ্যোতি। বাবুৰ কোঠাৰ সোঁমাজতে মজিয়াত লেগ'ৰ বহুতো টুকুৰা। আধাসজা লেগ'ৰ ঘৰটোৰ কাষতে গম্বুজৰ দৰে ৰৈ আছে বাবু। তাৰ দুচকু ৰঙা, ডিঙিৰ সিৰ টনটনাইছে! জ্যোতিক দেখিয়ে ৰিমলী দৌৰি আহি মাকৰ পিছফালে থিয় দিলেহি। চাদৰৰ আচলত মুখ লুকুৱাই কান্দি কান্দি ক'লে, 

'মা,মোক বাবুৱে চৰ মাৰি দিলে! ইমান জোৰেৰে!!' কৈ তাই সোঁ গালখন দেখুৱালে।

জ্যোতিয়ে দেখিলে সঁচাই তাইৰ সোঁ গাল খনতে মুখৰ সকলো তেজ গোট খাইছেহি! প্ৰণামী থৰ লাগিল! কি হৈছে এইবোৰ? কিয় হৈছে?

'বাবু, কিয় এনে কৰিছা? ৰিমলীক কিয় মাৰিছা?' তাই বাবুৰ গাত হাত দিয়া মাত্ৰকে সি হাত উফৰাই পেলালে। লেগ'ৰ ঘৰটো ভৰিৰে গুৰিয়াই দি সি চিঞৰি চিঞৰি ক'বলৈ ধৰিলে,

'মোৰ লেগ'ৰ ঘৰটো তাই কি কৰিলে চোৱা।নালাগে ৰিমলীয়ে মোৰ সৈতে খেলিব। লেগ'ও নালাগে মোক। এইবোৰ চব ভাঙি পেলাম!'

সেয়া কৈয়ে সি সিঁচৰতি হৈ পৰা টুকুৰাবোৰ উন্মাদৰ দৰে ভৰিৰে মোহাৰি ভাঙিবলৈ চেষ্টা কৰিলে। সেয়া দেখি ৰিমলীয়ে হাও হাওকৈ কান্দিবলৈ আৰম্ভ কৰিলে। জ্যোতিয়ে তাইক কোলাত লৈ কোঠাটোৰ পৰা উলিয়াই নিলে। 

বাবুৰ সেই ৰূপ দেখি যেন প্ৰণামী থৰ হৈ গ'ল। লাহে লাহে তাইৰ দুচকু বহল হৈ আহিল। প্ৰথমবাৰৰ কাৰণে তাইৰ বিশ্বাস হ'ল, মাৰাত্মক ভুল কৰি পেলাইছে তাই। যাৰ ভৱিষ্যতৰ দোহাই দি তাই অতদিনে সকলো সহি-সামৰি অছিল, আচলতে তাৰ বিপৰীতহে হৈ আছিল। নোৱাৰে, তাইৰ ল'ৰাক অন্য এক ভৃগু হ'বলৈ এৰি দিব নোৱাৰে। তাই কোঠাৰ সোঁমাজতে আঁঠু কাঢ়ি বহি হাও হাওকৈ কান্ধি পেলালে। 

তাইৰ কান্দোন শুনি বাবু ৰৈ গ'ল। একেবাৰে শান্ত হৈ আহি সি মাকৰ গাতে গা লগাই মজিয়াতে বহিলহি। যেন সিয়ো বিধস্ত, কিংকৰ্তব্যবিমূঢ়! ৰিমলীক বহা কোঠাতে এৰি জ্যোতিও পুনৰ সোমাই আহিল। প্ৰণামীক এহাতেৰে মেৰিয়াই ধৰি তাই এসোঁতা কান্দিলে। তাৰপিছত লাহেকৈ ক'লে,

'মই আৰু ৰিমলী যাওঁগৈ দে, প্ৰণামী!'

প্ৰণামীৰ কান্দোন ৰৈ গ'ল। চাদৰৰ আচলেৰে তাই চকু-মুখ মচি ল'লে। তাৰপিছত বাবুক এহাতেৰে সাৱটি লৈ তাই আকূতি ভৰা মাতেৰে ক'লে,

'অলপ সময় ৰৈ দে, জ্যোতি। আমিও ওলাই যাওঁ। দুদিনমান তহঁতৰ ঘৰতে ৰাখিব পাৰিবিনে?' 

বি:দ্ৰ: প্ৰণামীৰ কাহিনীৰ সৈতে যদি আপুনি ক'ৰবাত মিল বিচাৰি পায় বা এনে কোনো প্ৰণামীক আপুনি জানে তেন্তে অনতি পলমে নিজকে বা প্ৰণামীক সহায় কৰক। আপোনাৰ এষাৰ মাতে বা সহায়ৰ হাতে কাৰোবাৰ জীৱন ৰক্ষা কৰিব পাৰে! অধিক তথ্য আৰু সহায়ৰ বাবে এই লিংকত চাওক।

Thursday, 31 August 2023

ভাষিক (চুটিগল্প)

'কাম তুলিকা, ছিট হিয়্যেৰ!'

দেউতাকে ইংৰাজীত কোৱা কথাষাৰ শুনি তুলিকা যেন সচকিত হৈ উঠিল। ঘপকৈ এবাৰ চাৰিওফালে চাই ল'লে তাই। ট্ৰেইন এৰিবলৈ বেছি পৰ নাই। সেয়ে চৌদিশে খদমদম লাগি গৈছে- কোনোবাই বয়-বস্তু উঠাইছে, কোনোৱে নমাইছে, কোনোবাই নিজৰ বাৰ্থটো বিচাৰি হাবাথুৰি খাইছে। সিহঁতৰ কাষৰ বাৰ্থটোত এজনে আকৌ সেই সকলোবোৰৰ মাজতো নাক বজাই শুই আছে।

তাই স্বস্তিৰ নিশ্বাস পেলালে। এই খদমদমৰ মাজত সিহঁতৰ ফালে মন-কাণ দিবলৈ কাৰো আহৰি নাই। কিন্তু বুজিলে, এই যে দেউতাকে ইংৰাজী আৰম্ভ কৰিলে, সেয়া আৰু দিল্লী পোৱালৈকে বন্ধ নহ'ব। আস্‌, দেউতাকে সেই অতিৰঞ্জিত সুৰতে ইংৰাজী কৈ গ'লে এই দীঘলীয়া ট্ৰেইন যাত্ৰা কেনে অসহনীয় হৈ পৰিব! উপায়ন্তৰ হৈয়ে যেন তাই চেন্দেলযোৰ কাষৰীয়া কৰি থৈ ওপৰৰ বাৰ্থটোলৈ বগাই গ'ল। ডাফ'ল বেগটো বাৰ্থৰ মূৰ শিতানত থৈ ট্ৰেইনৰ বগা বিছনা চাদৰখন মেলি পাৰি ল'লে। তাৰপিছত বেগৰ ওপৰতে গাৰুটো দি বাৰ্থত বাগৰ দিলে।

'আৰ ইউ শ্লিপিং নাউ?'

দেউতাকৰ প্ৰশ্নৰ উত্তৰত তাই কেৱল মূৰ দুপিয়ালে আৰু বিপৰীতফালে মুখ কৰি একতীয়াকৈ পৰি ৰ'ল। নাই, এই বাইছঘণ্টীয়া ট্ৰেইন যাত্ৰাত দেউতাকৰ সৈতে তাই একেৰাহে ইংৰাজীত কথা পাতি যাব নোৱাৰে। অগ্যতা টোপনিৰ ভাও জুৰিয়ে সেই অস্বস্তিৰ পৰা হাত সাৰিব পৰা যাব বুলি তুলিকাই ধৰি ল'লে।

দেউতাকে এবাৰ থিয় দি তাইক চাই গৈছে, তুলিকাই গম পালে। হয়তো উপলব্ধি কৰিছে, তাইক ইংৰাজী কোৱাত পাকৈত কৰাৰ প্ৰচেষ্টাটোৱে এই যাত্ৰাত তেওঁকহে বিপাঙত পেলাবলৈ ওলাইছে। কিজানি মনতে ভাৱিলেও, কি যে হ'ব এই ছোৱালীজনীৰ! দিল্লীলৈ ওলাইছে। অথচ লাজ আৰু অস্বস্তিৰ প্ৰকোপত তাইৰ মুখেৰে ইংৰাজীত এষাৰো কথা নোলায়। তাত গৈ কেনেকৈ মিলিবগৈ তাই!

চকু মুদি মুদি তুলিকাই ভাৱিলে, কিয় ইমান জোৰ কৰি থাকে মাক-দেউতাকহঁতে? তাই যে ভীষণ অস্বস্তি পায়! ইংৰাজীত ক'লে তাইৰ যে নিজে কোৱা যেনেই নালাগে। অদ্ভুত অংগী-ভংগী আৰু উচ্চাৰণেৰে অন্য মানুহৰ আগত নিজকে কিবা ক্লাউন এটা যেনহে লাগি যায়! অতিৰঞ্জিত সুৰত দেউতাকে কোৱা প্ৰতিষাৰ কথাই যেন তাইক বহু দূৰলৈহে ঠেলি দিয়ে। যেন, ভাষাটোৱেই আউল লগাই দিয়ে, থিয় কৰাই দিয়ে এখন দুৰ্ভেদ্য দেৱাল! যেন হেৰাই যায় অসমীয়াৰ আপোনত্বখিনি, নিভাঁজ আন্তৰিকতাখিনি!

ইতিমধ্যে দেউতাকে কাষৰ যাত্ৰীজনৰ সৈতে কথা পতা আৰম্ভ কৰিছে। প্ৰথমে একেই উৎসাহেৰে দেউতাকে তেওঁৰ লগতো ইংৰাজীতে ক'বলৈ আৰম্ভ কৰিছে। কিন্তু সেই আদহীয়া যাত্ৰীয়ে হাজাৰ চেষ্টাৰেও ইংৰাজী বুজিব পৰা নাই- নিজেও ক'ব পৰা নাই। উপায়ন্তৰ হৈ কথা পতাৰ হেঁপাহতে দেউতাকে সেই ব্যৰ্থ প্ৰচেষ্টা বাদ দিছে। তাৰপিছত অসমীয়াতে কৈছে,

'এইজনী মোৰ ডাঙৰ ছোৱালী। এইবছৰ দিল্লী বিশ্ববিদ্যালয়ত বায়'টেকন'লজীৰ মাষ্টাৰ্চ প্ৰগ্ৰেমত ছিট পাইছে।'

তুলিকাই শুই শুয়ে অনুমান কৰিছে, দেউতাকৰ কথাত সেই অচিনাকি যাত্ৰীৰ দুচকু কিছু ডাঙৰ হৈছে। দেউতাকৰ হাঁহিটো আৰু অলপ বহল হৈছে।

'আপুনি ভাগ্যৱান!' মানুহজনে কৈছে।

'হয়, হয়। বহুত কষ্ট গৈছে ল'ৰা-ছোৱালীৰ লগত। সিহঁতে ভালকৈ পঢ়ক, নিজৰ কেৰিয়াৰ ভালকৈ গঢ়ক বুলিয়ে আমি মাক-বাপেক হালে কম ত্যাগ কৰা নাই।'

'ঠিকেই কৈছে, সাধনা লাগে। মাক বাপেকৰ বহুত কষ্ট আৰু ত্যাগৰ মূৰতহে এনে ফল ওলায়। মোৰ ল'ৰাটোৱেও ইঞ্জিনিয়াৰিঙৰ পৰীক্ষা দিছে বুলিয়ে আমি ঘৰৰ টিভিকে বেচি দিছোঁ বুজিছে। অন্য একো কথাই আমনি নিদিয়ক বুলি।'

ওপৰৰ বাৰ্থত তুলিকাই এইবাৰ ওঁঠযোৰ কামুৰি ধৰিলে। বেগৰ পৰা লাহেকৈ হেডফোনটো উলিয়াই তাই দুয়োকাণত লগাই ল'লে। কাৰণ ইয়াৰ পিছৰ কথা-বাৰ্তাখিনি শুনাৰ তাইৰ ধৈৰ্য্য নাই। অজস্ৰবাৰ শুনিছে আৰু দেখিছে, এনে এটা সুযোগে দেউতাকৰ চকুহাল তিৰবিৰাই তোলা। সফল অভিভাৱক হিচাপে অন্যক উপদেশ দিয়াৰ সন্তুষ্টিত ডুব যোৱা। তুলিকাৰ ৰিজাল্ট ওলোৱাৰ পিছৰে পৰা শেহতীয়াকৈ দেউতাকৰ উপদেশৰ লানিত যোগ হৈছে, সকলো কেৰিয়াৰতকৈ লাভজনক হ'ল বায়'টেকনলজী- জৈৱপ্ৰযুক্তিবিদ্যা। কেৱল সেই ক্ষেত্ৰখনতহে লুকাই আছে উজ্বল ভৱিষ্যতৰ প্ৰতিশ্ৰুতি। গতিকে তেওঁ সকলোকে মেডিকেল-ইঞ্জিনিয়াৰিং বাদ দি জৈৱপ্ৰযুক্তি পঢ়িবলৈ উপদেশ দিয়া আৰম্ভ কৰিছে।

নোৱাৰে, তুলিকাই সেয়া পুনৰ এবাৰ শুনিব নোৱাৰে। তাৰ সলনি হেডফোনত ভূপেন হাজৰিকাৰ গান শুনি শুনি তাই ভাৱিবলৈ ধৰিলে, কেনে হ'ব দিল্লী মহানগৰী? কেনে হ'ব তাইৰ হোষ্টেল আৰু লগৰ ল'ৰা-ছোৱালীবোৰ? এয়া যে প্ৰথমবাৰৰ বাবে তাই আপোন ঘৰখন এৰি আহিছে। প্ৰথমবাৰৰ বাবে অসমৰ বাহিৰত এটা নতুন জীৱন আৰম্ভ কৰিবলৈ ওলাইছে। তাততো কোনেও অসমীয়াত কথা নাপাতে! তাই হিন্দী ভালকৈ বুজিও নাপায়, ক'বও নোৱাৰে। ইংৰাজী বুজি পালেও তাইৰ মুখেৰে এটা বাক্যও ঠিককৈ নোলায়।মাক-দেউতাকে কোৱাৰ দৰে, ভাষা নুবুজা-নজনাৰ দোষতে তাই তাত লঘোণে থাকিব লগা নহয়তো? হাজাৰ উৎকণ্ঠাই তাইৰ বুকুখন হেঁচা মাৰি ধৰিছে। পেটটো উকট-পাকট লাগি পৰিছে। কোনোমতে সকলো সহি সামৰি তাই জোৰকৈ দুচকু মুদি দিলে।

দিল্লীত ট্ৰেইনৰ পৰা নমাৰ পিছত পিছে সেই অশান্তিবোৰে তুলিকাক খোঁচা-বিন্ধা কৰিবলৈ সুৰুঙাই নাপালে। দিল্লীৰ ভিৰৰ মাজত দেউতাক আৰু তাই উৱাদিহ হেৰুৱাবৰ উপক্ৰম হ'ল। ইমান মানুহৰ হেঁচা-ঠেলা, বাইক-অট'ৰিক্সা, গাড়ীৰ পু-পাঁ! চৌদিশে অলেখ-অজস্ৰ শব্দৰ কোলাহল আৰু উৎকট গোন্ধৰ তীব্ৰতা। পঞ্চইন্দ্ৰিয়ৰ ওপৰত সেইবোৰৰ অবিৰাম অত্যাচাৰে তাইক যেন তেনেই জুৰুলা কৰি পেলালে। কোনোমতে হোষ্টেল বিচাৰি পাইহে তাই স্বস্তিৰ নিশ্বাস পেলালে।

'ভালকৈ থাকিবি। পঢ়া-শুনাও ঠিকে কৰিবি। কিবা দিগদাৰ হ'লে আমাক জনাবি।' সকলো বন্দবস্ত কৰি উঠি পিছদিনা বিদায় পৰত দেউতাকে ক'লে। তাই বাধ্য ছাত্ৰীৰ দৰে মুৰ দুপিয়ালে।

'অঁ, এইখন পাহৰিছিলোঁয়ে। তোক লাগি থাকিব- ৰাখি থ।'

দেউতাকে বেগৰ পৰা উলিওৱা কিতাপখন দেখিয়ে তুলিকা জাপ মাৰি উঠিল। 'ৰেপিডেক্স ইংলিছ স্পিকিং ক'ৰ্ছ'- সেই চিনাকি বেটুপাত, শকত কলেবৰৰ চিনাকি কিতাপখন।

'মোক নালাগে সেইখন। আপুনিয়ে ঘুৰাই লৈ যাওক দেউতা। ইয়াত কোনোবাই দেখিলে বৰ লাজ পাম।' তাই চেপা মাতেৰে ক'লে।

'ইংৰাজী ক'ব নোৱাৰিলে যে তাতোকৈ বেছি লাজ পাবি।' দেউতাকে কঁপাল কোঁচ খুৱাই চকু পকাই ধৰিলে।

দেউতাকৰ মাতত ওলমি থকা ধিক্কাৰৰ সুৰটোৱে তুলিকাক যেন কেৰেলুৱা এডালৰ দৰে মেৰ খুৱাই দিলে। ঠিকেই কৈছে দেউতাকে! তাই মেট্ৰিক পাছ কৰোঁতেই মাক-দেউতাকে এইখন আনি দিছিল। প্ৰায়ে 'ৰেপিডেক্স পঢ়িছনে নাই' বুলি মনত পেলায়ো দিয়ে। তাইহে সদায় দুপৃষ্ঠামান লুটিয়ায়ে সামৰি থয়। ভাৱে, সেই সকলোবোৰতো তাই জানেই। ইংৰাজী বিষয়ত তাই সদায়ে ভাল নম্বৰেই পায়। ক'বলৈ ল'লেহে ক'ৰ পৰা জানো লাজ-সংকোচবোৰে আৱৰি ধৰেহি! ইংৰাজী মাধ্যমত পঢ়া ভায়েকে ফৰফৰাই ইংৰাজী কোৱা দেখি তাইৰ হীনমন্যতাবোধ যেন তীব্ৰতৰ হ'বলৈ ধৰে। সুধিবলৈ ইচ্ছা হয়, মাক-দেউতাকে কিয়নো ভায়েক আৰু তাইৰ পঢ়াৰ মাধ্যমক লৈ ভিন্ন সিদ্ধান্ত ল'লে? কিন্তু সুধিবলৈ তাইৰ ভয় হয়। কিজানিবা তাৰ আঁৰ লৈ লুকাই থকা অপ্ৰিয় সত্যটোৰ মুখামুখি হোৱাৰ সাহস তাইৰো নাই, মাক-দেউতাকৰো নাই!

সিদিনাও তাই নিমাতে দেউতাকৰ হাতৰ পৰা কিতাপখন লৈ চ্যুটকেছত ভৰাই থ'লে। সেইনিশা তুলিকাই সপোনত দেখিলে, হোষ্টেলৰ ক'ৰিডৰত প্ৰকাণ্ড হাতীৰ দল। অসহায়-অকলশৰীয়া তুলিকাৰ গাৰ ওপৰেদি পাৰ হৈ গৈছে হাতীবোৰৰ বিয়াগোম শৰীৰ। তাই পিষ্ট হৈ গৈছে, ধূলিকণাত মিলি গৈছে। তুলিকা নিৰুদ্দেশ হৈ গৈছে এই পৃথিৱীৰ পৰা।

বহুনিশা পীড়া দি দি সেই সপোনটো এটা সময়ত মিলি গ'ল চেতনাৰ অন্ধকাৰত। ক্ৰমান্বয়ে তুলিকা অভ্যস্ত হৈ পৰিল হোষ্টেলৰ নতুন জীৱন, নতুন শ্ৰেণী আৰু চিনাকি-অচিনাকি সহপাঠীৰ মুখবোৰৰ সৈতে। কিন্তু ভাষাৰ দেৱালখনে পিছে তাইক পীড়া দিবলৈ নেৰিলে। ইংৰাজীৰ দাঁত ভঙা প্ৰতিশব্দবোৰৰ সৈতে অতদিনে অসমীয়াত শিকি অহা, বুজি লোৱা ধাৰণাবোৰৰ মিল বিচাৰি প্ৰতিদিনেই তাই শ্ৰেণীত হাবাথুৰি খালে। অথচ সেই সকলোবোৰৰে সংজ্ঞা তাই অসমীয়াত জানে। কেৱল জনাই নহয়, জৈৱপ্ৰযুক্তিৰ সেই পৃথিৱীখনে তাইক অতদিনে যে আপোন-পাহৰা কৰি আহিছে। সেই প্ৰযুক্তিৰ প্ৰয়োগেৰে এদিন বহুতো জলন্ত সমস্যাৰ সমাধান উলিওৱাৰ সপোন দেখি আহিছে। কিন্তু এতিয়া যে তাৰেই অলেখ-অসংখ্য প্ৰতিশব্দৰ অসমীয়া আৰু ইংৰাজী ৰূপে তাইৰ মগজুত জোঁট-পোঁট লগাই দিছে।

'জিন ট্ৰেন্সক্ৰিপশ্যন কি কোনোবাই বুজাই ক'ব পাৰিবনে?' অধ্যাপক ভট্টই ইংৰাজীতে সুধিছে।

তুলিকাই খৰকৈ ভাৱিবলৈ ধৰিছে। ট্ৰেন্সক্ৰিপশ্যনৰ অৰ্থ জিন স্থানান্তৰণ, সেই প্ৰক্ৰিয়া তাই বুজে। কিন্তু সেইখিনি কথাকে মনত ইংৰাজীলৈ অনুবাদ কৰি উঠালৈ ক্লাছত দুই তিনিজনে উপৰাউপৰিকৈ হাত দাঙিছে। ভট্টৰ ইংগিতত সহপাঠী অৰ্জুনে সলসলীয়াকৈ ইংৰাজীত উত্তৰ দিছে। সেয়া নীৰৱে শুনি থাকোঁতে দেউতাকৰ ধিক্কাৰৰ সুৰটোৱে পুনৰ এবাৰ তুলিকাক খোঁচ মাৰি উঠিছে।

সিদিনা দুপৰীয়া মেচত আলু পৰাঠা লৈ তুলিকাই নীৰৱে কামোৰ দিওঁতে সহপাঠী শিখা আহি কাষতে বহিলহি। উজ্বল দুচকু, জোঙা নাক আৰু দীঘল ফিৰফিৰিয়া চুলিটাৰিৰে সুগঢ়ী শিখা। তাইক দেখা পালেই তুলিকাৰ ভাৱ হয়, ইমান ধুনীয়া আৰু স্মাৰ্ট এই শিখা- যেন তুলিকাৰ সম্পূৰ্ণ বিপৰীত!

'তুমি অসমৰ ন?' শিখাই অভ্যস্ত হাতেৰে চ'পষ্টিকত নুডলছ ঘুৰাই ঘুৰাই ইংৰাজীতে সুধিলে।

'অঁ। তুমি দিল্লীৰে?' তুলিকায়ো ইংৰাজীতে ক'লে।

'অঁ। মোৰ নৰ্থ-ইষ্টলৈ যাবলৈ বহুত মন জানা। ইমান এক্স'টিক ডেষ্টিনেশ্যন! তোমালোকে হেনো বান্দৰৰ মাংসও খোৱা? ইউ পিপ'ল ইট এনিথিং ডেট মোভছ্‌?'

পৰাঠাৰ টুকুৰাটো মুখলৈ নিবলৈ লৈয়ো ৰৈ গ'ল তুলিকা। কাণখন যেন ৰঙা পৰি গ'ল। কি কয় এই? ক'ত পাইছে এইবোৰ ধাৰণা?

'নাই, নাই। উত্তৰ-পূব ভাৰত বহুত বৈচিত্ৰ্যময়। বেলেগ বেলেগ জাতি-জনজাতিৰ খাদ্যাভাসো বেলেগ হয়।' কোনোমতে তাই ইংৰাজীত কথাকেইষাৰ ক'লে।

তুলিকাৰ মাতত ফুটি উঠা লাজ-অপমান খিনি সম্পূৰ্ণ অগ্ৰাহ্য কৰি শিখাই ক'বলৈ ধৰিলে, তাইৰ লগৰ আশীষে হেনো কেৱল ভিন্ন মাংসৰ সোৱাদ ল'বলৈকে নাগালেণ্ডলৈ গৈছিল। সেই ঠাইবোৰত সভ্যতাৰ পোহৰ পৰিবলৈ এতিয়াও যে বহুত বাকী! সেইবোৰ মানুহ এতিয়াও জংঘলৰ মাজত থাকে নহয়?

তুলিকাৰ চিঞৰি চিঞৰি ক'বলৈ মন গ'ল, কেৱল দিল্লীৰ দৰে মহানগৰীত অত্যাধুনিক লাহ-বিলাহৰ মাজত থাকিলেই মানুহ সভ্য হৈ নাযায়। ক'বলৈ মন গ'ল, উত্তৰ-পূবৰ সেই জাতি-জনজাতিৰ অপূৰ্ব কৃষ্টি-সংস্কৃতিৰ কথা, বৈচিত্ৰ্যময় ইতিহাস-ভূগোলৰ কথা। ভাঙি ছিঙি চিৰাচিৰ কৰি দিবৰ মন গ'ল উত্তৰ-পূবক লৈ থকা এই ভ্ৰান্ত ধাৰণাবোৰ।

কিন্তু ইমানবোৰ কথা একেলগে ইংৰাজীত নোলায় তাইৰ। অগ্যতা তাই 'মোৰ কাম এটা আছে- যাব লাগে' বুলি অজাহাত দেখুৱাই উঠি আহিল। তাইৰ পেটটো আকৌ এবাৰ উকট পাকট লাগিল। উকালি আহিব খুজিলে। বুকুখনত কিহবাই খোঁচ মাৰি ধৰা যেন লাগিল।

সেয়া যেন এক আৰম্ভণিহে আছিল। দিন যোৱাৰ লগে লগে লগৰবোৰৰ তেনে প্ৰশ্নৰ সংখ্যা আৰু তাত মিহলি হৈ থকা শ্লেষৰ তীব্ৰতাও যেন বাঢ়িহে গ'ল। সেই অনুপাতে সৰু হৈ গৈ থাকিল তুলিকাৰ মাতষাৰ, জয় পৰি আহিল খোলা হাঁহিটো, বুকুৰ প্ৰাণচাঞ্চল্যতাখিনি। তথাপিও তাই প্ৰাণপণে চেষ্টা কৰি থাকিল ভাষা আৰু ঠাইৰ বৈষম্যৰ সেই দুৰ্ভেদ্য দেৱাল পাৰ হ'বলৈ।

উৎস

'ভায়া, এক চম্মচ্চ চ্যাহিয়ে।' সিদিনা খাবলৈ বহি তুলিকাই মেচৰ কৰ্মচাৰী এগৰাকীক কৈছিল। কিন্তু লগে লগেই কাষতে খাই থকা হোষ্টেলৰে দুজনমানে গিৰগিৰাই হাঁহিলে। তাই বুজিলে, তাৰ কাৰণ তাইৰ অসমীয়া ঠাঁচৰ হিন্দী উচ্চাৰণ। তাৰ মাজৰে ছিনিয়ৰ ৰাজে তাইক চিনি পাই জোকালে,

'তুলিকা, কোৱাচোন- চন্দু কে চাচ্চা নে চন্দু কই চাচ্চী কো চান্দনী চ'ক মে চান্দী কি চম্মচ্চ চে চাটনী চাটায়ে।'

তাৰ লগত সুৰ মিলালে লগতে বহি থকা কেইজনেও, 'কোৱা কোৱা। অন্তত: চেষ্টাতো কৰা।'

তাইৰ মুখেৰে এটাও শব্দ নোলাল। দুচকু পানীৰে ভৰি পৰিল। নিৰুদ্দেশ হৈ পৰাৰ ইচ্ছা জাগিল। তাই জোৰ কৰি বেঙা হাঁহি এটা মাৰিলে আৰু আধাখোৱাকৈয়ে এৰি নিজৰ কোঠালৈ উভতি আহিল।কোঠাত সোমায়ে তাই ধাম্‌ কৈ বিছনাত পৰি দিলেহি। ধাৰাসাৰ চকুপানীয়ে গাৰুটো তিয়াই পেলালে। কাক ক'ব, কোনে বুজিব ইয়াত যে প্ৰতিটো দিন তাইৰ বাবে কেনে অসহনীয় হৈ পৰিছে।

দেশৰ আগশাৰীৰ এনে এখন বিশ্ববিদ্যালয়ত পঢ়িবলৈ পোৱাটো ভাগ্যৰ কথা- তাই জানে। জানে, সেই গৌৰৱেৰে মাক-দেউতাকৰ বুকু ফুলি উঠিছে। সফল অভিভাৱক হিচাপে সমাজৰ বাহ-বাহ লোৱাত ব্যস্ত মাক-দেউতাকক তাই এইবোৰ কথা ক'ব নোৱাৰে। ইংৰাজী মাধ্যমত পঢ়িছে বুলিয়ে তুলিকাতকৈ বেছি স্মাৰ্ট বুলি সকলোৰে প্ৰশংসা পোৱা ভায়েকেও এয়া প্ৰথমবাৰৰ বাবে বায়েকৰ কৃতিত্বক লৈ গৌৰৱ কৰিছে। সেই ভায়েকক কেনেকৈ ক'ব তাইৰ এই সংগ্ৰামৰ কথা? স্কুলৰ লগৰবোৰলৈ মনত পৰে তাইৰ। কিন্তু প্ৰায় লগে লগেই মনটো কোঁচ খাই পৰে। তাই ইয়ালৈ অহাৰে পৰা যেন সিহঁতবোৰো সলনি হৈ গৈছে। 'কি খৱৰ? ভালে আছনে?' বুলি সোধাৰ সলনি সিহঁতে ক'বলৈ লৈছে, 'তোৰতো লাইফ বনি গ'ল! ইউ হ্যেভ মেইড ইট!' যেন ইয়াৰ পিছত নতুন বুলিবলৈ একো নাই! সমস্যা বুলিবলৈ একো নাই! সুখৰ যেন অন্য নাম সফলতা। সমাজৰ চকুত সফলতা চুই পোৱা মানুহৰ কোনো দুখ নাই, সংগ্ৰাম নাই, অন্য কোনো প্ৰয়োজন নাই! কিমান ভুল সেই ধাৰণা, কিমান ভুল!

নিসংগতা আৰু আত্মগ্লানিয়ে তুলিকাৰ হৃদয়খন যেন কুটি কুটি খাবলৈ আৰম্ভ কৰে।

পিছদিনা দেওবাৰ। বাকীবোৰ উঠাৰ আগেয়ে তাই খৰধৰকৈ মেচত অকলশৰে ব্ৰেকফাষ্ট কৰি আহিল। কোনো কাৰণতে যাতে ৰাজৰ মুখামুখি হ'ব লগা নহয় তাকে লৈ খুউব সাৱধান হ'ল। খাই উঠি পোনেই হোষ্টেলৰ কোঠাত সোমাই তাই আজি সঁচাকৈয়ে ৰেপিডেক্স ইংলিছ স্পিকিং ক'ৰ্ছ খন উলিয়ালে। এখন এখনকৈ পৃষ্ঠাবোৰ লুটিয়াই গ'ল। কিন্তু তাৰ লগে লগে মনলৈ আহিল দেউতাকে ৰাতি ৰাতি পঢ়োৱা ইংৰাজী ব্যাকৰণৰ পাঠবোৰ। তাই কৰা টেন্ছ‌ৰ প্ৰতিটো ভুলত ভায়েকৰ উপলুঙাবোৰ। দেউতাকৰ চটপ্‌ চটপ্‌ বেতৰ কোববোৰ। লাহে লাহে কিতাপৰ অসমীয়া আৰু ইংৰাজী আখৰৰ শাৰীবোৰ নেদেখা হৈ আহিল। ৰেপিডেক্সৰ পাতত টপ্‌ টপ্‌কৈ তাইৰ চকুপানী সৰিবলৈ আৰম্ভ কৰিলে।

'ঠক্‌ ঠক্‌।' দুৱাৰৰ টোকৰটোৱে তুলিকাক উচপ খুৱাই দিলে।

চকুপানী মোহাৰি তাই খপ্‌জপ্‌কৈ উঠি আহিল। নাকৰ আগটো ৰঙা পৰি গৈছে নেকি আইনাত চালে।অকণমান পাউদাৰ লগাই লৈ তাই লাহেকৈ দুৱাৰখন খুলিলেহি।

ৰোমেইন! কেকুঁৰা চুলি, মুগাৰঙী চকু দুটাৰে সিহঁতৰ ক্লাছৰ ফৰাচী ল'ৰাটো। এক্সচেঞ্জ ষ্টুডেণ্ট হিচাপে এবছৰৰ বাবে আহিছে। প্ৰথমদিনাই ক্লাছত সকলোৰে চিনা-পৰিচয়ৰ সময়ত সি কৈছিল। সিহঁতৰ এই হোষ্টেলটোত যে ল'ৰা-ছোৱালীৰ সমূহীয়া আৱাস- এই কথাটো তুলিকাই প্ৰায়ে পাহৰিয়ে থাকে।এতিয়াও ৰোমেইনক দুৱাৰমুখত দেখি তাই থতমত খালে। আস্‌, তাই ইমান জাধলীকৈ ওলাইছেহি! তাই পিন্ধি থকা টিচাৰ্ট আৰু পায়জামাটোৰ কথা ভাৱি অলপ অস্বস্তি অনুভৱ কৰিলে।

'তুলিকা, হয়নে?' ৰোমেইনৰ মুখত ফৰাচী ঠাঁচত তাইৰ নামটো শুনি তুলিকাই হাঁহি পেলালে। সিও হাঁহিলে অলপ বেঙাৰ দৰে। তাৰপিছত আকৌ ক'লে, 'মই তোমাৰ চুবুৰীয়া।'

জানে তুলিকাই। তাইৰ হোষ্টেলৰ কোঠাটোৰ সোঁফালে দুটা কোঠা পাৰ হৈ গ'লেই সৌটো ৰোমেইনৰ কোঠা। আলঙে আলঙে তাক মন কৰে যদিও মুখামুখি হ'লেই তাই যেন পলোৱাৰ বাট বিচাৰে। তাৰ লগতনো কেনেকৈ কি কথা পাতিব তাকে ভাৱি অস্বস্তিত পৰে তাই।

'আমাৰ কোঠাৰ কাৰণে নতুন চকী-টেবুল আহিছে হেনো, ক'ত আছে জানা নেকি?' ভঙা ভঙা ইংৰাজীৰে ৰোমেইন কথাষাৰ ক'লে। লগতে ক'লে, 'বেয়া নাপাবা। মোৰ ইংৰাজী কওঁতে অলপ অসুবিধা হয়।'

গাঢ় ফৰাচী সুৰৰ তাৰ কথাকেইষাৰে তুলিকাক যেন কিছু সহজ কৰি পেলায়। ইমান অকপটে কৈছে সি। কোনো আত্মগ্লানি বা হীনমন্যতাৰ চেকনি নাই তাত।

'অঁ, ব'লা দেখুৱাই দিম।' তুলিকাই দুৱাৰ বন্ধ কৰি চিৰিয়েদি খোজ দিলে। ৰোমেইন তাইক অনুসৰণ কৰিলে।

নতুন চকী-টেবুলবোৰ তলৰ মহলাৰ ষ্ট'ৰৰুমটোত আছে। হোষ্টেলৰ ৰিচেপশ্যনত থকা কাৰোৱাক ক'লে ষ্ট'ৰৰুমটো খুলি দিব। তাই কালি 
মাথোঁ নিজৰ চকী-টেবুলযোৰ আনি কোঠাত সোমোৱাইছেহি। ইমানখিনি কথা তুলিকাই ৰোমেইনক ইংৰাজীত বুজাব নোৱাৰে। গতিকে তাই তাক ৰিচেপশ্যনলৈকে লৈ গ'ল। তাৰ পৰা ষ্ট'ৰৰুমৰ ছাবিটো লৈ দুয়ো দীঘল ক'ৰিডৰটোৰে আগবাঢ়িল।

'তুমি উত্তৰ-পূবৰ?' খোজৰ লগে লগে ৰোমেইন সুধিলে।

'অঁ' তাইৰ মনটো অলপ কোঁচ খালে। ইয়ালৈ অহাৰে পৰা মুখামুখি হোৱা অদ্ভুত প্ৰশ্নবোৰৰ এটাকে 
সিও সুধিব নেকি ?

'শুনিছোঁ উত্তৰ-পূব ভাৰতৰ অন্য ঠাইৰ লগত একেবাৰে নিমিলে। বহুত বেলেগ হেনো?'

'অঁ।' তাইৰ ভিতৰত পুনৰ কেৰেলুৱা এডালৰ গতি আৰম্ভ হয়।

'মোৰ তালৈ এবাৰ যাবলৈ খুউব মন আছে জানা। এই যে ইমানবোৰ ভিন্ন ঠাই, সেইবোৰৰ ভিন্ন সমাজ, ভাষা-সংস্কৃতিৰ বৈচিত্ৰ্য-সেইবোৰৰ কাৰণেই ভাৰতৰ প্ৰতি মোৰ ইমান আকৰ্ষণ! নিজ চকুৰে চাব খুজিছিলোঁ এই বৈচিত্ৰ্যময় দেশ।'

কেৰেলুৱাডালৰ মেৰটো লাহে লাহে যেন খোল খাবলৈ ধৰিলে। নাই, অন্য সমনীয়াৰ দৰে ৰোমেইনৰ কোনো ভ্ৰান্ত ধাৰণা নাই উত্তৰ-পূবক লৈ। অসমক লৈ।

'যাবা এদিন। বহুত ধুনীয়া উত্তৰ-পূব ভাৰত। অন্য কোনো ঠাইৰ সৈতে তুলনা নহয়।' তাই হাঁহি এটাৰে ক'লে।

ষ্ট'ৰ ৰুমৰ পৰা নতুন চকী আৰু পঢ়া টেবুলখন দুয়ো ধৰাধৰিকৈ দাঙি আনি ৰোমেইনৰ কোঠা পোৱালেহি। দুয়োখন থানথিত লগাই উঠি ৰোমেইন ক'লে, 'আহা, বহাহি।'


'নাই নাই, মই যাবলৈ লৈছিলোঁৱে। মেচত সন্ধিয়াৰ চাহ দিবলৈ হ'ল নহয়।' তুলিকাই ক'লে। তাইৰ ভাৱ, ৰাজ বা লগৰ কোনোবা অহাৰ আগেয়ে সন্ধিয়াৰ চাহকাপ নিজৰ কোঠালৈকে লৈ আনিবগৈ।

'অঁ ঠিকেই, ব'লা একেলগে খাওঁগৈ।' অগ্যতা তাই ৰোমেইনৰ লগতে মেচ পালেগৈ। কিন্তু এনে বিড়ম্বনা যে গৈ পায়ে দেখিলে, ৰাজে মেচৰ একোণত সমনীয়াবোৰৰ সৈতে চাহত শোহা মাৰিছে। তুলিকাক দেখি সি দূৰৈৰ পৰাই ডাঙৰ মাতেৰে ক'লে,

'তুলিকা, চান্দনী চ'ক বুলি এবাৰ কোৱাচোন।' লগে লগে সেইখিনিৰ পৰা জাউৰিয়ে জাউৰিয়ে হাঁহি।

তুলিকাই নুশুনাৰ ভাও ধৰিলে। ৰোমেইনলৈ চাই ক'লে, 'চাহ বাৰাণ্ডাতে বহি খাবা নেকি?'

ৰোমেইনে মাথোঁ মুৰ দুপিয়ালে। যিমান পাৰি খৰখেদাকৈ চাহকাপ লৈ তুলিকা ওলাই আহিল। তাইৰ পিছে পিছে ৰোমেইন। দুয়ো হোষ্টেলৰ বাৰাণ্ডাৰ চিৰিতে বহিলহি। কেম্পাছৰ চৌদিশে তেতিয়া আন্ধাৰ-পোহৰৰ খেলা। তাতে বহি লৈ তুলিকাই দীঘলকৈ উশাহ এটা ল'লে। তাইৰ ভাৱ হ'ল, কেতিয়াও যেন এনেকৈ কেম্পাছৰ স্নিগ্ধ ৰূপ, সন্ধিয়াৰ ৰাগিনী উপভোগ কৰাৰ সুযোগেই পোৱা নাছিল! অহাৰ দিনাৰে পৰা যেন তাই কেৱল অস্তিত্ব ৰক্ষাৰ যুঁজখনতে ব্যতিব্যস্ত হৈ ৰৈছে।

'অসমত চাহ খুউব ভাল হয়, ন?' ৰোমেইনৰ কথাই তাইৰ সম্বিত ঘুৰাই আনিলে। 

'অসমৰ চাহৰ কথা জানা তুমি?' তাই উৎসাহেৰে সুধিলে।

'অঁ অঁ- আছাম টি। মই লণ্ডনত থাকোঁতে প্ৰায় সদায়ে আছাম টি খাইছিলোঁ।'

'হয় নেকি? অসমলৈ গ'লে তুমি বহুত চাহবাগান দেখিবলৈ পাবা। আমাৰ নিজৰো এখন আছে।' তাই ভঙা ভঙা ইংৰাজীতে ক'লে। এইবাৰ আচৰিতভাৱে আগৰ সংকোচবোৰে আৱৰি নধৰিলে।

সিদিনা বহুপৰলৈকে দুয়ো তাতে বহি কথা পাতি থাকিল। তুলিকাই ৰোমেইনৰ নিজা ঠাই লীয়ঁ'ৰ কথা আগ্ৰহেৰে শুনিলে। ফ্ৰান্সৰ ফুড কেপিটেল হেনো লীয়ঁ'। তাই তাক ক'লে অসমৰ পিঠা-লাৰু আৰু পোৰা মাছৰ পিটিকাৰ কথা, বিহুৰ কথা। উত্তৰ-পূবৰ বৈচিত্ৰ্যৰ কথা। যেন ইয়ালৈ অহাৰ দিন ধৰি বুকুতে সামৰি-সুতৰি থোৱা বহুতো কথাই প্ৰকাশৰ বাট বিচাৰি হেতা-উপৰা লগালে।

উভতাৰ পৰত ৰোমেইনলৈ চাই তাই সোধোঁ নোসোধোঁকৈ সুধিলে, 'ৰোমেইন, তুমি যে ইংৰাজীত দিগদাৰ লাগে বুলি ক'লা, ফ্ৰান্সৰ বাহিৰত তোমাৰ অসুবিধা নহয়?'

ৰোমেইন যেন প্ৰশ্নটোত অলপ আচৰিত হ'ল। কিন্তু পলকতে সি 
কিবা এটা বুজিও পালে।

'ইমানপৰে যে ভঙা ভঙা ইংৰাজীৰেই তোমাৰ লগত কথা পাতিলোঁ, সেয়া বুজাত জানো তোমাৰ অসুবিধা হ'ল?'

তাই মূৰ জোকাৰিলে। নাই, নাই হোৱা। ব্যাকৰণ ভুল হ'লেও, কিছুমান শব্দ কোৱাতকৈ আকাৰে-ইংগিতেৰে বুজালেও ঠিকেইতো বুজিছে তাই!

'তেনে? চোৱা, ইংৰাজী মোৰ মাতৃভাষা নহয়। মাজে মাজে কিছুমান শব্দ বিচাৰি উজুটি খাওঁ, ব্যাকৰণত খেলিমেলি লাগে, শব্দৰ উচ্চাৰণ ফৰাচী ঠাঁচত কওঁ। তথাপিও কাম চলি যায়। বিদেশী ভাষা এটাত সেই অলপ-অচৰপ খেলিমেলিতো থাকিবই। তাত লাজ কৰিবলৈ কি আছে?'

ৰোমেইনৰ কথাখিনিয়ে সিদিনা তুলিকাক বহুপৰলৈকে ভাবুক কৰি ৰাখিলে। কিমান সহজভাৱে সি ক'ব পাৰিছে, বিদেশী ভাষা এটা শুদ্ধকৈ ক'বলৈ কেতিয়াবা অসুবিধা হয়। সেয়া একেবাৰেই স্বাভাৱিক! ইমান সৰল যুক্তি এটাকে তাইযে অতদিনে কাকো দিব পৰা নাই। নিজেও গ্ৰহণ কৰি ল'ব পৰা নাই! অথচ তাইৰ ভায়েকে যে অসমীয়া পঢ়িবলৈ-লিখিবলৈ টান পায় তাতচোন কাৰো আপত্তি নাই, কোনো ধিক্কাৰ নাই? কিয়? প্ৰকৃততে কোনটো লাজৰ কথা? নিজৰ মাতৃভাষা নজনাটো নে বিদেশী ভাষা এটা নজনাটো?  কি পাৰ্থক্য তাইৰ আৰু ৰোমেইনৰ মাজত? নিজৰ মাতৃভাষা অসমীয়াক লৈ সেই একেই স্বাভিমান নথকাটো? নে বৃটিছ শাসনে পুতি থৈ যোৱা ইংৰাজীৰ আধিপত্যৰ শিপাডাল? ৰোমেইনৰ কথাবোৰে সিদিনা যেন তাইক বহু কথা নতুনকৈ ভাৱিবলৈ শিকালে। তুলিকাৰ মনলৈ এটা দৃঢ়তা আনি দিলে।

দুদিনমানৰ ভিতৰতে তুলিকাৰ কোঠাৰ দেৱালত কেইবাখনো তালিকা ওলমিল। তাতে জৈৱপ্ৰযুক্তিৰ 
খোকোজা লগা প্ৰতিশব্দবোৰৰ অসমীয়া আৰু ইংৰাজী ৰূপবোৰ তাই চিজিলকৈ লিখিলে। নিজকে ভৰসা দিলে, এই ধাৰণাবোৰটো তাই জানেই। যিমানেই অভ্যাস কৰিব সিমানেই খৰকৈ সেয়া ইংৰাজীলৈ অনুবাদ কৰিব পৰা হ'ব। শ্ৰেণীতো নীৰৱে থকাৰ সলনি তাই উত্তৰ দিবলৈ চেষ্টা কৰা হ'ল। ভুলে-শুদ্ধই ক'লেও অন্তত: সংকোচ বা লাজখিনিয়ে আগৰদৰে বাট ভেঁটি নধৰা হ'ল।

লাহে লাহে দিনবোৰ সহজ হৈ অহাৰ সময়তে এদিন পুনৰ তুলিকা ৰাজৰ দলটোৰ সন্মুখত পৰিলগৈ। সিদিনা বহুপৰলৈ তাই ক্লাছৰ এচাইণ্টমেণ্টত লাগি আছিল। নিশাহে মনত পৰিল, অন্যদিনাৰ দৰে আগতীয়াকৈ ভাতসাঁজ মেচৰ পৰা নিজৰ কোঠালৈ আনি থোৱা নহ'ল।

ৰাজে তাইক দেখা মাত্ৰেই ক'লে, 'আৰে তুলিকা, মোক দেখিলেই তুমি আজিকালি পলোৱা যে? চান্দনী চ'কৰ ভয়ত নেকি? কোৱা কোৱা-চন্দু কে চাচ্চা নে চন্দু কই চাচ্চী কো চান্দনী চ'ক মে চান্দী কি চম্মচ্চ চে চাটনী চাটায়ে। আজি নক'লে নেৰিছোঁ তোমাক।' তাৰ লগৰ তিনিটা ল'ৰাই তাইক বাট ভেঁটা দি ৰং চাবলৈ লাগিল।

তুলিকাৰ মুখখনত যেন দেহৰ সমগ্ৰ তেজে থোপা পাতিলেহি। আজি যেন লাজ-ভয়ৰ সলনি জাত্যাভিমানে ভৰ কৰিলেহি তাইৰ দেহত।

স্থিৰ দৃষ্টিৰে ৰাজলৈ চাই তাই ক'লে, 'কেন ইউ চে, হলৌ উঠিল টকৌ গছত লগাই খদৌ মদৌ/ জৌ জৌ কৈ সৰিল নিয়ৰ/ হ’ল জলৌ জপৌ? তুমি যদি সেয়া কোৱা ময়ো তোমাৰটো ক'বলৈ চেষ্টা কৰিম।'

ৰাজ হতভম্ভ হোৱাৰ দৰে হ'ল। মুখে মুখে উত্তৰ দিয়া বাদেই, কেতিয়াও তলমূৰ ওপৰ নকৰা ছোৱালীজনীয়ে কি কৈছে এইবোৰ?

'কি সেয়া?' তাৰ লগৰ এটাই সুধিলে।

'এটা জীভাকেঁকুৰি- টাং টুইষ্টাৰ। যেনেকৈ তোমালোকৰ মাতৃভাষা হিন্দীত টাং টুইষ্টাৰ আছে আমাৰো আছে।'

'তোমাৰ মাতৃভাষা? সেইটো কি ভাষা?' ৰাজে সুধিলে।

এইবাৰ খঙে-বিষে তুলিকাই ক'লে, 'অসমীয়া- গুগল কৰি চাবা।'

সিহঁতক তাতে এৰি দপদপাই তাই চিৰিয়েদি উঠি আহিল। ধাৰামকৈ দুৱাৰখন মাৰি বিছনাত বহি পৰিল। তিক্ততাই আৱৰি ধৰিলে তাইক। ভাৱ হ'ল, কি লাভ এনে ঠাইত পঢ়ি? য'ত উচ্চ শিক্ষা ল'বলৈ অহাবোৰৰ মাজতে ইমান অজ্ঞতা, ইমান বিভেদ! 

'ঠক্‌ ঠক্‌ ঠক্‌।' দুৱাৰত টোকৰ শুনি তাই বিৰক্ত হৈ পৰিল। ৰাজেই আহিছে নেকি? তাইক উভতি ধৰিবলৈ? 
কথা শুনাবলৈ? তাই থমথমকৈ বহি থাকিল। কোনো সৌজন্যতা দেখুওৱাৰ ইচ্ছা নাজাগিল।

'ঠক্‌ ঠক্‌ ঠক্‌। তুলিকা, আছানে?'

আস্‌ সেয়াচোন ৰোমেইনৰ মাত। এইবাৰ তাই খৰধৰকৈ উঠি গৈ দুৱাৰখন খুলি দিলে।

আহল-বহল হাঁহি এটাৰে ৰোমেইন থিয় দি আছে। তাৰ লগতে তাইৰ ক্লাছৰ শিখা, অৰ্জুনকে ধৰি গোটেইকেইজন।

'এইখন তোমালৈ আনিছোঁ, লোৱা।' ৰোমেইনে তাইলৈ এখন কাৰ্ড আগবঢ়াই দিলে। 'হেপ্পী নিউ ইয়েৰ তুলিকা।' গোটেইকেইজনে সমস্বৰে ক'লে।

আশ্চৰ্য্যচকিত হৈ তুলিকাই এবাৰ সিহঁতলৈ আৰু এবাৰ কাৰ্ডখনলৈ চালে। কাৰ্ডৰ ভিতৰত গোট গোট অসমীয়া আখৰেৰে লিখা আছে 'ব'হাগ বিহুৰ শুভেচ্ছা।' আখৰবোৰত জিলিকি আছে অপৈণত আঙুলীৰ কঁপনি আৰু কলমৰ উপৰা-উপৰি চিন। তলত শ্ৰেণীৰ গোটেইবোৰৰ নাম।

তুলিকাই যেন পাহৰিয়ে পেলাইছিল, আজি ব'হাগৰ প্ৰথম দিন!

ঘৰৰ পৰা আঁতৰত এয়া তাইৰ প্ৰথম বিহু!

এয়া লগৰবোৰে অসমীয়াতে লিখি বিহুৰ শুভেচ্ছা দিছেহি!

গোটেইখিনি কথা টং কৰিবলৈ তাইক যেন কিছু সময় লাগিল।তাই
 কোনোমতে উচ্চাৰিলে, 'থেংক ইউ!'

'ৰোমেইনৰ আইডিয়া এইটো। এতিয়া কোৱা বিহু কেনেকৈ পাতে? নতুন বছৰ বুলি আমি বাহিৰতে এসাঁজ খাওঁগৈ নেকি?' শিখাই হাঁহি হাঁহি ক'লে।

শিখাই কিজানি আজিও নেদেখিলে দুটোপাল চকুপানীয়ে ঢুলঢুলীয়া কৰি দিয়া তুলিকাৰ চকুহাল। প্ৰথমবাৰৰ বাবে আজি তুলিকাৰ বুকুৰ খোঁচা-বিন্ধাবোৰ কমি অহা যেন লাগিল। পেটৰ উকট-পাকটবোৰ শান্ত হৈ পৰা যেন লাগিল। একো নক'লেও সেয়া ৰোমেইনে ঠিকেই দেখিলে আৰু বুজিলে। 

জীৱনৰ বহু অনুভৱ যে ভাষিক নহয়, হয় কেৱল আন্তৰিক!



Sunday, 26 March 2023

প্ৰজাপতি (চুটিগল্প)

অৱশেষত ঘৰখনে কেকোঁৰা চেপাদি প্ৰশান্তক চেপা মাৰি ধৰিলে৷ এইবাৰ ব'হাগতে বিয়াখন পাতিব লাগে৷ কেৰিয়াৰ হৈ থাকিব, কিন্তু বয়স ৰৈ নাথাকে। বিয়াৰ বয়স উকলি গ’লে মনে মিলা ছোৱালী পাবলৈকে টান হ’ব৷ 

মনে মিলা ছোৱালী

প্ৰশান্তৰ হাঁহি উঠে৷ মাক-খুড়ীয়েকহঁতে ছোৱালীৰ ৰূপ-গুণ, পৰিয়ালৰ আঁতি গুৰি সকলো প্ৰথমে চালি-জাৰি চাব। তাৰপিছত তালৈ বুলি আগবঢ়াই দিব কোনোবা বীণা, নমিতা বা পূৰৱীক। ক'ব, এইজনী ছোৱালীৰ লগতে তোৰ মন মিলিব বুলি ভাৱিছোঁ। 

ধেৎ! এনেকৈ জানো কাৰোৱাক আপোন কৰি ল'ব পাৰিবত্ৰিছটা বসন্তই ৰুকি ৰুকি খন্দা হৃদয়ৰ নিভৃত গলিবোৰ এনেকৈয়ে জানো উদঙাই দিব পাৰি? কথাবোৰ ভাবিবলৈকে সি অসহজ পায়৷ 

আবেলি কলেজৰ পৰা আহি প্ৰশান্ত পোনেই খোৱা মেজত বহে। ইটো সিটো খোৱা বস্তু যতনাই দি মাক তাৰ সন্মুখৰ চকীখনতে বহি লয়। মাকে কিবাকৈ কথাৰ পাক নি প্ৰায়ে বিয়াৰ কথা পোৱাইগৈ। কেতিয়াবা ইখনৰ পিছত সিখন ফটো দেখুৱায়, ছোৱালীৰ ৰূপ-গুণৰ বিৱৰণ দিয়ে।সি 'ওঁ আঁ' কৈ কোনোমতে শুনি থাকি যিমান পাৰি খৰকৈ ভাতৰ গৰা মুখলৈ নিয়ে। খাই উঠি একমুহূৰ্তও পলম নকৰাকৈ কেনিবা আঁতৰ হয়।

মাকৰ মুখখন গোমোঠা হৈ আহে। তথাপি কয়, 'এবাৰ লগ কৰি চাচোন। ফটোৱে মানুহে কেনেকুৱা নিজেই ভালকৈ বুজি ল'ব পাৰিবি।' 

কেতিয়াবা সি মাকৰ মুখতে ধৰি কৈ পেলায়, কিয়,আগতেচোন মাকে ছোৱালীৰ পৰা যিমান পাৰি দূৰৈত থাকিবলৈ সকীয়াইছিল! এতিয়াযে ইজনীৰ পিছত সিজনী ছোৱালীক লগ কৰিবলৈ ঠেলি হেচুঁকি আছে?

সি মাকক সঁচাই অভিযোগ কৰে নে নিজৰ অপৰাধবোধৰ ভাৰখন কমোৱাৰ চেষ্টা কৰে নিজেই ধৰিব নোৱাৰে। মাক-দেউতাকৰ যে তাৰ বিয়াখনক লৈ ইমান হেঁপাহ। কিন্তু তাৰচোন অকণোৱে ইচ্ছা নাযায় সেই ফটোৰ গৰাকীক লগ পাবলৈ।কৌতুহল নহয় সেই অচিনাকি নাৰীৰ বিষয়ে জানিবলৈ। 

কেতিয়াবা সি নিজকে প্ৰবোধ দিয়ে। সৰুৰে পৰা মাকহঁতে ছোৱালীৰ পৰা আঁতৰত থাকিবলৈ কত যে বাধা-নিষেধ জাৰি কৰিছিল! সেইবোৰেই হয়তো বৰ দকৈ শিপালে। সেই জহতে কিজানি তাৰ ৰোমাণ্টিক আবেগ-অনুভূতিবোৰ সাৰ-পানী নাপাই অকালতে লেৰেলি গ'ল।

মাকে পিছে সেই অভিযোগ মুঠেই গ্ৰাহ্য নকৰে। কয়, তাৰ ভালৰ কাৰণেই সেয়া কৰিছিল। তেতিয়া পঢ়া-শুনা নকৰি ছোৱালীৰ লগত প্ৰেম কৰি ফুৰা হ'লে তাৰ জানো কিবা উন্নতি হ'লহেঁতেন? কৈয়ে তেওঁ উচাট মাৰি কোঠাৰ পৰা ওলাই যায়।

আস্‌, কি লেঠা! 

সিদিনা সন্ধিয়াৰ আড্ডাত প্ৰশান্তৰ অভিযোগৰ সীমা নাথাকিল। চিত্ৰলেখা উদ্যানৰ ওখ চাপৰ বাটটোত তাৰ সৈতে খোজ দি ধ্ৰুৱই সেয়া নিৰৱে শুনি গ'ল। 

শৰতৰ ফৰকাল বতৰ যদিও অলপীয়াকৈ ঠাণ্ডা পৰিছে। ধ্ৰুৱই তাৰ ক'লা ফ' লেডাৰ জেকেটটোৰ চেইনডাল ওপৰলৈকে মাৰি ল'লে। জিনছ পেণ্টটো পিন্ধি আহি ভাল কৰিলে, ভাবিলে সি। প্ৰশান্তৰ দেহত পাতল নীলা চাৰ্ট আৰু ক'লা ফৰমেল ট্ৰাউজাৰ। নৈপৰীয়া বতাহজাকে তাৰ ফিৰফিৰিয়া চুলিখিনি খেলিমেলি কৰি দিছেহি। ধ্ৰুৱই সেইফালে কেইবাবাৰো চাইছে। তাৰ বেছব'ল কেপটো খুলি প্ৰশান্তক দি দিব নেকি সেয়াও ভাৱিছে। পিছে প্ৰশান্তৰ সেইবোৰলৈ সিমান ধ্যান নাই। সি মাথোঁ অনৰ্গল কথা কৈ গৈছে।

'ক'চোন ধ্ৰুৱ! সৰুৰে পৰা আমি লোকৰ চকুত ভাল ল'ৰা হৈ থাকিবলৈকে লাগি থকা নাছিলোঁনে? ছোৱালী চোৱা বা ছোৱালীৰ লগত কথা পতা মানেই নষ্ট হৈ যাম বুলি সাংঘাতিক ভয় নাছিলনে?' 

ধ্ৰুৱই মূৰ দুপিয়ালে। মনত আছে তাৰ। সকলো মনত আছে। সেই যে স্কুলত অঘাইতং ৰাণাহঁতে ছোৱালীৰ নাম ল’লেই দুয়ো নুশুনাৰ ভাও জুৰি আড্ডাৰ পৰা থিতাতে আঁতৰ হৈছিল৷ গাঁৱৰ ল'ৰাবোৰে নাচনীৰ সৈতে ৰাতি বিহু কৰোঁতে সিহঁতে মূৰ গুঁজি আছিল উচ্চগণিতৰ পাঠত। 

ধ্ৰুৱই হাঁহি হাঁহি ক'লে, 'মনত আছেনে কলেজত যে  সদায় ক্লাছৰ শেষত তোৰ বাবে নয়নমণি ৰৈ থাকিছিল? আৰু তাইৰ লগত একেলগে ঘৰলৈ যাব লাগিব বুলি ভয়তে তইযে দৌৰাদৌৰিকৈ ক্লাছৰ পিছদুৱাৰেদি বাহিৰ হৈছিলি?'

এইবাৰ প্ৰশান্তয়ো হাঁহি পেলালে। পঢ়া-শুনাই, স্বভাৱে চৰিত্ৰই সুখ্যাতিৰ মুকুট পিন্ধি সি কলেজত ভৰি থৈছিল৷ লগৰ ছোৱালীবোৰ ক্ষন্তেকতে যেন তাৰ গুণমুগ্ধ হৈ পৰিছিল৷ তাৰ চাৰিওকাষে জুমাজুমি কৰি সিহঁতে হাঁহো হাঁহো কৰিছিল৷ 

পিছে তেতিয়া প্ৰশান্তৰ এটাই লক্ষ্য। মাক-দেউতাক আৰু পৰিয়ালৰ আশাবোৰ পূৰাই ভাল ৰিজাল্ট কৰা। যৌৱনৰ আমনিক চল দিয়াৰ তেতিয়া কোনো অৱকাশেই নাছিল। 

কিছুদুৰ গৈয়ে বিশাল পুখুৰীটোৰ সন্মুখৰ বেঞ্চ এখনত প্ৰশান্ত হঠাৎ বহি পৰিল। তাৰ যেন বৰ ভাগৰ লাগিছে। চছমাযোৰ খুলি লৈ সি সন্মুখৰ জিলমিলীয়া পানীখিনিলৈ চাই ৰ'ল। তাৰ লগতে ধ্ৰুৱও থমকি ৰ'ল। বেঞ্চখন পৰিস্কাৰ হয় নে নহয় এবাৰ চালে। অগ্যতা পকেটৰ পৰা ৰুমালখন উলিয়াই বেঞ্চত পাৰি লৈ সি প্ৰশান্তৰ কাষতে  বহি পৰিল। 

'সেই নয়নমণি এতিয়া ঘোৰ সংসাৰী বুজিছ। এহাল ল'ৰাছোৱালীৰ মাক।' প্ৰশান্তই ক'লে।

'তই কেনেকৈ জানিলি?' কথাষাৰ সুধিলে যদিও ধ্ৰুৱই নিজেই তাৰ উত্তৰো পালে। 

তথাপি প্ৰশান্তই ক'লে,
'ফে'চবুকৰ মহিমাত লগৰ কোনে নিজাকৈ ঘৰ সাজিলে, ক'ত চাকৰি পালে, কেইটা ল'ৰা-ছোৱালীৰ মাক-দেউতাক হ'ল সব গম পাই থাকোঁ।ভাল ল'ৰা বোলাই থাকি আমি দুটাহে এতিয়াও ডঙুৱা হৈ আছোঁ বুজিছ।'

'মোকো তোৰ লগতে কিয় যুটি লৈছ?'  ধ্ৰুৱই যেন প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ল। সি যে ঘৰত কেতিয়াবাই জনাই দিছে, বিয়া-বাৰু পাতি সংসাৰী হোৱাৰ একো সপোন নাই তাৰ।

'তোৰেই ভাল দে। ঘৰৰ পৰা একো হেঁচা নাই। নিজাকৈ আৰামত বেচ্চেলৰ জীৱন কটাইছ।' 

'চাকৰিটোৰ জহতহে ইয়াত ঘৰ ল'ব পাৰিলোঁ বুজিছ। নহ'লে মা-দেউতাই কৈয়ে থাকে 'আমাৰ লগতে গুৱাহাটীৰ ঘৰত থাকহি' বুলি।' গুৱাহাটীৰ ঘৰখন এৰি অহা সময়ৰ মাক-দেউতাকৰ অভিমানী মুখ দুখন ধ্ৰুৱৰ চকুত ভাঁহি উঠিল। 

নাই, সেই দোষী ভাৱটোক লাই দিব নোৱাৰি। দেউতাকৰ চাকৰিৰ ট্ৰেন্সফাৰ বুলি এমাহৰ ভিতৰতে সিহঁতৰ পৰিয়ালটো তেজপুৰ এৰি গুচি গৈছিল। নতুনকৈ গুৱাহাটীত ঘৰ পাতিছিলগৈ। সেই সময়ত তাৰোতো বুকুখন বিষাই উঠিছিল! মাক-দেউতাকে জানো তাৰ উমান পাইছিল!

'প'ষ্ট অফিচৰ চাকৰিটোয়ে তোক তেজপুৰলৈ ঘুৰাই আনিলে বুলিহে। নহ'লে মোৰ স্কুল-কলেজৰ লগ বুলিবলৈ ইয়াত এতিয়া কোনোৱে নাই। গোটেইবোৰ দিহিঙে দিপাঙে গ'লগৈ।মইহে এটাই ল'ৰা বুলি কেতিয়াও ঘৰ এৰিব নোৱাৰিলোঁ। এতিয়া দিনে ৰাতিয়ে মা-দেউতাৰ পৰা কথা শুনি থাকিব লাগে। কলেজৰ চাকৰিটো স্থায়ী নোহোৱাক লৈ। বিয়াখন নপতাক লৈ।'  

প্ৰশান্তই এটা দীঘল হুমুনিয়াহ কাঢ়িলে। তাৰ গালে-মুখে একধৰণৰ স্থিৰতা নামি আহিল। ধ্ৰুৱই সেয় লক্ষ্য কৰি ক'লে, হ'ব; সময়ত সকলো হৈ যাব। এতিয়াওতো ক'বলৈ কলেজৰ প্ৰফেছাৰেই প্ৰশান্ত। সিহঁত পঢ়া কলেজখনতে এতিয়া সি নিজে পঢ়ায়, সেয়াও জানো কম গৌৰৱৰ কথা! কিমানে সেয়া কৰিব পাৰিছে?'

প্ৰশান্তৰ মনটো শৰতৰ আকাশখনৰ দৰে কিছু মুকলি হৈ পৰিল। এইকাৰণেইতো ধ্ৰুৱ তাৰ ইমান আপোন। মুহূৰ্ততে যেন সি তাক বুজিব পাৰে, ক'লা ডাৱৰ ফালি তাৰ মনটো উজ্বলাই তুলিব পাৰে। 

ইতিমধ্যে চিত্ৰলেখা উদ্যানৰ সিপাৰে ৰান্ধনি বেলিটো ডুবিব ধৰিছে। পুখুৰীৰ পানীত ঢৌ তুলি থকা নাওবোৰ লাহে লাহে পাৰত ৰ'লহি। উদ্যানৰ সেউজীয়াৰ মাজত থোপাথোপে আন্ধাৰৰ কণাবোৰ সোমাই পৰিলহি। 

প্ৰশান্তই ধ্ৰুৱৰ কান্ধত বাওঁহাতখন লাহেকৈ থৈ ক'লে, উভতাৰ সময় হ'ল। 

ধ্ৰুৱৰ ইচ্ছা হ'ল এনেকৈয়ে কিছুপৰ ৰৈ যোৱাৰ। ঠিক এনেদৰেই বহি থাকি নীৰৱে চিত্ৰলেখা উদ্যানত আন্ধাৰৰ খেলা চোৱাৰ। কিন্তু একো নকৈ সিও প্ৰশান্তৰ লগতে বহাৰ পৰা উঠিল।সন্ধিয়াৰ ট্ৰেফিকৰ যান্ত্ৰিক কোলাহলৰ মাজেৰে দুয়ো দুফালে বাট বুলিলে। ঘৰলৈ বুলি। 

পিছদিনা সন্ধিয়া ডাকঘৰৰ পৰা আহি ধ্ৰুৱই দেখে, তাৰ ভাড়াঘৰৰ দুৱাৰ খোলা! বহা-কোঠাৰ মুগাৰঙী চোফাখনত প্ৰশান্ত থম্থ‌ম্‌কৈ বহি আছে।

'কেতিয়া আহিলি? মোৰ ঘৰত এনেকৈ সময়ে অসময়ে শিবিৰ পাতিবলৈ তোক ঘৰৰ চাবি দিয়া নাছিলোঁ নহয়!' জোতাযোৰ খুলি ধ্ৰুৱই বাৰাণ্ডাৰ পৰাই কৃত্ৰিম খঙেৰে ক'লে।

প্ৰশান্তই যেন সেয়া নুশুনিলেই। সি ক'লে, এইবাৰ কথা বিষম। ঘৰত নতুন নাটক আৰম্ভ হৈছে! ধ্ৰুৱ নহ'লে সি অকলে বলে নোৱাৰিব।

ধ্ৰুৱই এটা অবুজ চাৱনিৰে  তালৈ চালে। ইতিমধ্যে প্ৰশান্ত পাকঘৰ পালেগৈ। যাওঁতে কৈ গ'ল, আজি ধ্ৰুৱক সি তাৰ স্পেচিয়েল চাহ কৰি খুৱাব। লগত খাবলৈ গৰম গৰম পকৰিও আনিছে। 

ধ্ৰুৱই বুজিলে অন্যদিনাৰ দৰে ক'ৰবালৈ ওলাই যোৱাৰ মুড নাই প্ৰশান্তৰ। আজি তাৰ ভাড়াঘৰতে সন্ধিয়াৰ আড্ডাৰ আয়োজন। অগ্যতা সি মুখ হাত ধুলেগৈ। অফিচৰ কাপোৰ সাঁজ সলাই বহা কোঠাত সোমায় মানে কাঁচৰ ঘুৰণীয়া টেবুলখনত চাহ-পকৰি সাজু। 

সৰু বহা কোঠাটোৰ প্ৰায়খিনি ঠাই চোফা আৰু কাঁচৰ টেবুলখনেই আগুৰি আছে। এচুকত এটা ওখ কিতাপৰ আলমাৰি। তাতে সৰুৰ পৰা ডাঙৰ আকাৰলৈ কিতাপবোৰ থিয়কৈ সজাই থোৱা আছে। বিপৰীত মূৰত ফ্ৰেডী মাৰ্কিউৰিৰ এখন বিশাল ফটো।

গুৱাহাটী এৰি আহি ধ্ৰুৱই এই ভাড়াঘৰ লোৱা দুবছৰ হ'ল। কিন্তু সেই ফটোখনৰ বাহিৰে গোটেইবোৰ ৱাল উকা। সেই ফটোখনো প্ৰশান্তইহে আনি অঁৰি দিছিল। ধ্ৰুৱৰ জন্মদিনৰ উপহাৰ হিচাপে। কৈছিল, 'একো নাথাকিলেও তোৰ প্ৰিয় মানুহজনৰ ফটোখন থকাটো দৰকাৰী।'

পকৰিত কামোৰ মাৰি লৈ ধ্ৰুৱই সুধিলে, এইবাৰ কিহৰ নাটক চলিছে?

প্ৰশান্তই বেকপেকৰ পৰা লেপটপটো উলিয়ালে। এইবাৰ হেনো মাকৰ ভাবুকি —মেট্ৰিম'নিয়েল চাইটত তাৰ প্ৰফাইল খুলিব লাগে। সি নুখুলিলে তেওঁ নিজে প্ৰশান্তৰ নামত খুলিব হেনো!

ধ্ৰুৱই চৰ্চ‌ৰনি খালে। গৰম চাহে তাৰ আগজীভাখন পুৰি গ'ল। চাহৰ কাপটো প্ৰশান্তই থাপ মাৰি ধৰাতহে লেপটপটো গৰম চাহৰ পৰা বাচিল।

'কথাটো শুনি মোৰো একেই অৱস্থা হৈছিল বুজিছ। মাহীৰ ছোৱালী ৰিমলীৰ বুদ্ধি এইবোৰ। তাইৰ লগৰ কাৰোৱাৰ এনেকৈয়ে ভাল দৰা ওলাইছিল হেনো।' প্ৰশান্তই লেপটপটো লৈ গৈ কিছু আঁতৰত বহি লৈ ক'লে।

'কৰ আকৌ তেন্তে। মই কি কৰিব লাগে?' 

'তই কি কৰিব লাগে মানে? তোৰ দৰে মোক কোনে ভালকৈ জানে ক'চোন। মাৰ পৰা তত নাপাই প্ৰফাইল খুলিবলৈকে ওলাইছিলোঁ। কিন্তু খোলাৰ আগতেই যিমানবোৰহে প্ৰশ্ন সুধিলে মোৰ মূৰ ঘুৰাই গ'ল।'

কৈ কৈ প্ৰশান্তই লেপটপৰ স্ক্ৰীণত সেই পৃষ্ঠাটো উলিয়ালে।  ধ্ৰুৱই যেন উপায়ন্তৰ হৈহে চালে। 

সৌ সিদিনা ধ্ৰুৱই ব্ৰহ্মপুত্ৰৰ পাৰত তুলি দিয়া ফটোখন প্ৰশান্তই প্ৰফাইলত দিছে। ৰাঙলী আকাশ আৰু ব্ৰহ্মপুত্ৰৰ ঢৌবোৰ পিঠিত লৈ সি হাঁহি আছে। হাঁহিৰ লগে লগে তাৰ দুচকুত তিৰবিৰণি উঠিছে। কিন্তু প্ৰফাইল ফটোখনৰ পিছতে অহা শাৰী শাৰী প্ৰশ্নৰ উত্তৰ এতিয়াও উকা। 

'দেখাত সাধাৰণ যেন লগা প্ৰশ্ন। কিন্তু উত্তৰ বিচাৰি মোৰ নাজল-নাথল অৱস্থা হৈ গৈছে বুজিছ! মোৰ কি ভাল লাগে? কেনেকুৱা জীৱনসংগী বিচাৰোঁ?' প্ৰশান্তই ধ্ৰুৱৰ পৰাহে উত্তৰ বিচাৰিলে যেন।

'কিয় অতদিনে ঘৰৰ পৰা ছোৱালী বিচাৰি আছে। তোক জানো এইবোৰ সোধা নাই?'

'নাই সোধা। কইনাৰ কাৰণে ঘৰৰ যিখনহে দীঘলীয়া লিষ্ট। তাৰ ওপৰত মোৰ ইচ্ছা-অনিচ্ছা নৰয়, তই জানই দেখোন!'

অলপ ৰৈ সি ক'লে, 'এইবাৰ ৰিমলীয়েহে সুধিছিল মোকনো কেনেকুৱা ছোৱালী লাগে বুলি।'

'কি ক'লি?' ধ্ৰুৱই উৎসুকতাৰে সুধিলে।

'ক'লোঁ, মোক ভালকৈ বুজি পোৱা মানুহ এই পৃথিৱীত এটাই। গতিকে ধ্ৰুৱৰ দৰে যদি কোনোবা ছোৱালী পাৱ ক'বি।' 

'তোৰ মূৰটো।' ধ্ৰুৱ উঠি গ'ল পাকঘৰলৈ।

'ইমান খং খাইছ কিয়! সঁচা কথাইতো কৈছোঁ।' 

পাকঘৰত বাচন ধুৱাৰ শব্দ হ'ল। প্ৰশান্তই লেপটপত জুপি থাকিল। প্ৰফাইলৰ অলেখ অসংখ্য প্ৰশ্ন লৈ সি যেন বৰ বিমোৰত পৰিল।  

'চা ধ্ৰুৱ। তই নক'লে কোনে ক'ব? প্ৰথম প্ৰশ্নটোৱে হ'ল তোমাৰ বন্ধুৱে তোমাৰ কথা কেনেকৈ ক'ব।' সি অলপ ডাঙৰ মাতেৰে ক'লে।

নাই, ধ্ৰুৱ নীৰৱ। পাকঘৰৰ ঠুং ঠাং শব্দও বন্ধ হৈছে।

প্ৰশান্ত উঠি গ'ল।পাকঘৰটো সৰু যদিও ধ্ৰুৱই বৰ আটোম-টোকাৰিকৈ ৰাখিছে।ইতিমধ্যে সি চাহৰ চচপেন, কাপ-প্লেট সকলো ধুই অঁটাইছে। প্ৰশান্তই চাহ কৰোঁতে ইফাল-সিফাল কৰা বটলকেইটাও সামৰি থৈছে। তাৰপিছত গেছ টেবুলতে আলু তিনিটা উলিয়াই বাকলি গুচাবলৈ আৰম্ভ কৰিছে। 

প্ৰশান্তলৈ মূৰ তুলি চাই সি ক'লে, 'চা, আজি বৰ ভাগৰি আহিছোঁ। এইবোৰ ভাৱিলেও মগজুৰ পৰা একো নোলায়। শনিবাৰে একেলগে বহি চাম দে।' তাৰ মাত যেন কিছু অস্থিৰ।

'আৰে ভাই, তাকেতো ক'ব পাৰ। ব'ল উঠ, আমাৰ ঘৰত ভাত খাবিগৈ। তই থাকিলে মায়েও বিয়াৰ কথা লৈ কামোৰ নিদিব।' কৈয়ে প্ৰশান্তই তাৰ হাতৰ পৰা কটাৰীখন কাঢ়ি নিলে। আধা কটা আলুকেইটা ফ্ৰীজত সোমালগৈ।

উপায়ন্তৰ হৈ ধ্ৰুৱ ওলাল। কিন্তু প্ৰশান্তই গাড়ী উলিয়াবলৈ লওঁতে সি ক'লে,
'আজি গাড়ীখন মোৰ গেৰেজতে ভৰাই থ। মোৰ বাইকত যাওঁ ব'ল। উভতিবলৈ এনেও মোক বাইকখন লাগিব।'

কথামতেই কাম। সন্ধিয়া লাগি ভাগিছে ইতিমধ্যে। লাইটৰ পোহৰত জিলিকি উঠা দোকান-পোহাৰবোৰ পিছ পেলাই সিহঁতৰ বাইক আগবাঢ়িল। 

পৰুৱা চাৰিআলিৰ পৰা সোঁফালে কমাৰচুবুৰীলৈ নুঘুৰি ধ্ৰুৱৰ বাইক পোনে পোনে আগবাঢ়িল।

তাৰ কান্ধত হেঁচুকি হেলমেটৰ মাজেৰেই প্ৰশান্তই মাত দিলে,
'আমাৰ ঘৰলৈ যোৱাৰ বাট পাহৰিলি নেকি?'

'এনেয়ে অকণমান ফুৰি আহোঁ ব'ল।' ধ্ৰুৱই ক'লে।

এইবাৰ পিছফালৰ পৰা ধ্ৰুৱৰ পিঠিত লাহেকৈ খুন্দা এটা মাৰি প্ৰশান্তই ক'লে, 'এই অলপ আগতে ভাগৰত লেবেজান হৈ আছিলি দেখোন? তোৰ মুডৰ একো পাৰেই নোপোৱা হৈছোঁ দেই।' 

ধ্ৰুৱই একো নক'লে। মিচিকিয়াই হাঁহিলে মাথোঁ। নৈপৰীয়া চেঁচা বতাহজাকে যেন সিহঁতক জোকাই গ'ল। পোন্ধৰমিনিট মানতে দুয়ো কলীয়াভোমোৰা দলঙৰ কাষ পালেগৈ। দলঙত নুঠি বাওঁহাতৰ বাট এটাৰে জোকাৰণি তুলি তুলি বাইকখন আগবাঢ়ি গ'ল।  

পূৰ্ণিমাৰ জোনটো ওপৰলৈ উঠিছে তেতিয়া। সিহঁতৰ দুয়োকাষে জোনাকত উজ্বলি উঠিছে ভোমোৰাগুড়িৰ সেউজীয়া। তাৰ লগে লগে যেন প্ৰশান্তৰ স্মৃতিপটৰ ধূলিবোৰ জাৰি-জোকাৰি মুকলি হৈ পৰিল। 

সিদিনা সন্ধিয়াও অন্যদিনাৰ দৰে ধ্ৰুৱ আহিছিল। সেইদিনা তাৰ ড্ৰাইভিং লাইচেন্স আহি পাইছিল। সেয়ে দেউতাকে প্ৰথমবাৰৰ বাবে তেওঁৰ মপেটখন চলাবলৈ দিছিল।চাইকেলৰ সলনি পুৰণি মপেটখনকে বীৰৰ দৰে চলাই সি পোনেই প্ৰশান্তৰ ঘৰ পাইছিলহি। 

'ব'ল ফুৰিবলৈ যাওঁ।'  থুঁতৰিত ওলাও নোলাওকৈ দেখা দিয়া দাঢ়ি কেইডালত হাত ফুৰাই ধ্ৰুৱই গৌৰৱেৰে কৈছিল।

পৰম উলাহেৰে প্ৰশান্ত মপেটত বহিছিল। মপেটৰ গতিয়ে আনি দিয়া স্বাধীনতাৰ উত্তেজনাই মায়াময় কৰি পেলাইছিল কৈশোৰ-যৌৱনৰ সেই সন্ধিক্ষণ। আজিৰ দৰেই সিদিনাও নৈপৰীয়া চেঁচা বতাহজাকে সিহঁতক জোকাইছিল। এই লুংলুঙীয়া বাটত পুৰণি মপেটখনে কেঁকাইছিল। পিছৰ চিটত বহা প্ৰশান্তই ধ্ৰুৱক সকীয়াইছিল,

'ঐ লাহে লাহে! খুড়াৰ আওপুৰণি মপেটে ইমান টানিব নোৱাৰে।' 

কি এক অপৰূপ নিষ্পাপ সময় আছিল সেয়া!

এটা ডাঙৰ শিলৰ কাষত বাইকখন ৰ'ল। নামিয়ে প্ৰশান্তই নীৰৱে আগবাঢ়ি গৈ সেই শিলছটাত হাত দি চালে। সেই একেই চেঁচা আৰু খহটা, কিন্তু বৰ আপোন স্পৰ্শ! আস্‌! কিমান সোঁৱৰণি লৈ ৰৈ আছে এই শিল, এই মাটি, এই অৰণ্য! 

'ইমান আপোন এই ঠাইডোখৰ। ভাল আজি তোৰ মনত পৰিল দেই!' সি ধ্ৰুৱলৈ চাই ক'লে।

ধ্ৰুৱই হাঁহিলে মাথোঁ। নক'লে কেৱল আজি নহয়, এই ঠাই আৰু ইয়াত ৰৈ যোৱা সোঁৱৰণিবোৰে  অবিৰাম ঢৌ তুলি থাকে তাৰ ভিতৰে-বাহিৰে। 
সেই প্ৰথম দিনটোৰ পিছৰে পৰা এই ঠাই আৰু এই শিলছটা হৈ পৰিছিল সিহঁতৰ এক বিলাস। হৈ পৰিছিল দিনে-নিশাই পঢ়াত মূৰ গুঁজি থকা দুটি কিশোৰৰ বাবে এটা মুকলিমুৰীয়া হেঁপাহ।মপেটখন পালেই দুয়ো এই ঠাইলৈ প্ৰায়ে অহা হৈছিল। এই শিলছটাতে পৰি লৈ দুয়ো বহুদিন বাট এৰি দিছিল আকাশৰ নীলাক, চৌদিশৰ সেউজীয়াক, নীৰৱতাৰ ভাষাক। কাকো ক'ব নোৱাৰা বহু কথা পাতিছিল, সপোনৰ ৰামধেনু গঢ়িছিল- দুয়ো একেলগে। 

শিলছটাত পিঠি দি প্ৰশান্ত শুই পৰিল। তাহানিৰ দৰেই আকাশলৈ চাই পঠিয়ালে। ধ্ৰুৱও তাৰ কাষতে ওপৰমুৱাকৈ বাগৰ দিলে। কিছুসময় দুয়ো নীৰৱ।

'কিমানদিন যে এনেকৈ আকাশ চোৱা নাই!' প্ৰশান্তৰ এটা হুমুনিয়াহ ওলাল।

ধ্ৰুৱই উত্তৰ নিদিলে। সি জানে। জানে ঠিক কেতিয়াৰ পৰা প্ৰশান্তৰ জীৱনত এনে মুহূৰ্তৰ বাবে আহৰি নোহোৱা হ'ল। ঠিক কেতিয়াৰ পৰা সি কেৱল দৌৰিবলৈ ল'লে। সকলো যেন ধ্ৰুৱৰ মানসপটত জীয়া ছৱি হৈ ৰৈ আছে। প্ৰশান্তই নজনাকৈয়ে সি বুকুত পুহি ৰাখিছে হেৰুওৱাৰ সেই অস্ফুট বেদনা।

যিদিনা প্ৰশান্তই মেট্ৰিক পৰীক্ষাত স্কুল আৰু ক'মাৰচুবুৰীৰ নাম উজ্বলাইছিল, যিদিনা মাক-দেউতাকহঁতৰ বুকু গৌৰৱেৰে উপচি পৰিছিল, ঠিক সেইদিনাই যেন কোনোবাই বহুতো আশা আৰু সপোনৰ বোজা তাৰ পিঠিত জাপি দিলেহি। ঠিক সেইদিনাৰ পৰা পৰিয়ালৰ কোনেও কেতিয়াও ঢুকি পাব নোৱাৰা সকলো সপোনৰ গধুৰ ভাৰখন সি কঢ়িয়াবলৈ ল'লে। জোৰদাৰ লাগি পৰিল সকলোৰে আশা আৰু সপোন পুৰোৱাত-মাক-দেউতাকৰ, ছাৰ-বাইদেউৰ, গোটেই সমাজখনৰ। ঠিক তেতিয়াৰ পৰা প্ৰশান্তৰ দৌৰ আৰম্ভ হ'ল। সেই দৌৰত সি যেন নিজকে ক'ৰবাত এৰি থৈ আহিল। এৰি থৈ আহিল তাৰ উদ্দাম হেঁপাহবোৰ, অকপট সপোনৰ ৰংবোৰ। বহুদিন হ'ল সি একেদৰেই দৌৰি থকা। বহুদিন হ'ল সি নিজকে বিচাৰি নোচোৱা।

'হেই চা চা, সৌটো পপীয়া তৰা।' প্ৰশান্তৰ চিঞৰত ধ্ৰুৱৰ তন্ময়তা ভাগিল।'ক ক! কি বিচাৰ তই? যি বিচাৰ তাকেই পাবি।' 

'ধুৰ! কলেজৰ প্ৰফেছাৰ হৈ এইবোৰ বিশ্বাস কৰ।' ধ্ৰুৱই চল দিয়াৰ সুৰত হাঁহি হাঁহি ক'লে। প্ৰশান্তৰ শিশুসুলভ উচ্চলতাখিনিয়ে তাকো সুখী কৰি তুলিলে।

'আস্‌! ইয়াত বিশ্বাস-অবিশ্বাসৰ কথা কি আছে। ভাল লগা কাম এটা আৰু।মই কৰিলোঁ, তয়ো কৰ।' প্ৰশান্তৰ একপ্ৰকাৰ আদেশ।

'ঠিক আছে,কৰিলোঁ।'

'কি কৰিলি?'

'তই কি কৰিলি?'

'মোৰ বিয়াখন যাতে এইবাৰ ব'হাগতে হৈ যায়।'

'সেইটো কাৰ ইচ্ছা? তোৰ নিজৰ নে খুড়া-খুড়ীৰ?'

'হুঁ, নাজানো। তই কি কৰিলি?' 

'কৰিলোঁ আৰু কিবা এটা!'

'হাইট। কি কৰিলি ক। মোৰতো চোন ঘপকৈ ক'লোঁ।'

'কৈ দিলে ইচ্ছা পূৰ নহয় হেনো, নাজান নেকি?'

'তেনে মোক সুধিছিলি কিয়?'

একো নকৈ ধ্ৰুৱ উঠিল। বাইকখন ষ্টাৰ্ট কৰিবলৈ লৈ ক'লে,
'ব'ল উঠ, খুড়ীয়ে সিফালে ভাত বাঢ়ি বাট চাই থাকিব।'

সিদিনা আৰু প্ৰশান্তৰ অনলাইন প্ৰফাইল খোলা নহ'ল। পিছে কথাবোৰ বৰ খৰকৈ আগবাঢ়িল। সি দৰ্শকৰ শাৰীত বহি থাকোঁতেই যেন তাৰ জীৱনৰ দৃশ্যপট লিখা হৈ গৈ থাকিল। এটা সপ্তাহৰ ভিতৰতে সি গৈ দুঠাইত ছোৱালী চালেগৈ। মাক আৰু মাহীয়েকে মিলি বিচাৰি উলিওৱা ছোৱালী। 

দুয়োবাৰেই সি ধ্ৰুৱক মাতিলে,
'লগতে ব'লচোন। তই থাকিলে মোৰ সাহস এটা থাকে। তোৰ বাহিৰে মোৰ অৱস্থাটো অন্য কোনেও নুবুজে, জানই চোন।'

প্ৰথমবাৰ ধ্ৰুৱৰ অফিচত লেঠা ওলাল। পিছৰবাৰ সি ক'লে, তাৰ গা বেয়া। সেয়ে ছোৱালীৰ ঘৰৰ পৰা উভতি সেইদিনা প্ৰশান্ত পোনেই ধ্ৰুৱৰ ঘৰ ওলালগৈ।

দ্বিতীয় মহলাৰ এপাৰ্টমেণ্টটোলৈ উঠি যাওঁতে সি খটখটীৰ পৰাই দেখিলে, ধ্ৰুৱৰ দুৱাৰত তলা। আধাবাটতে থমকি ৰৈ সি লৰালৰিকৈ ফোন লগালে।

'ইমানকৈ ফোন কৰিছোঁ, কিয় উঠোৱা নাই? ক'ত তই?

'হস্পিতেলত!' প্ৰশান্তৰ বুকুখন যেন চিৰিংকৈ গ'ল। কি হৈছে ধ্ৰুৱৰ? কি হৈছে? 

'নাই,নাই। একো চিন্তা কৰিবলগা নাই। যোৱা  দুদিনমান ধৰি পেটৰ বিষ উঠি আছিল। তাকে দেখুৱাবলৈ আহোঁতে  ধৰা পৰিল মোৰ এপেণ্ডিক্স বাৰ্ষ্ট হৈছে। গতিকে লগে লগে অপাৰেশ্যনৰ কাৰণে আহিব লগাত পৰিলোঁ।'

একেকোবেই প্ৰশান্তৰ গাড়ী হস্পিতেল পালেগৈ। বাটত হঠাতে তাৰ খেয়াল হ'ল, বহুদিন সি ধ্ৰুৱৰ খৱৰ লোৱা নাই। নিজৰ সমস্যাবোৰত এনেকৈ ডুবি আছে যে ধ্ৰুৱনো কেনে আছে তাকে সুধিবলৈ সি পাহৰি পেলাইছে। অপৰাধবোধৰ ভাৱ এটাই তাক গিলিবলৈ আৰম্ভ কৰিলে। কেতিয়াৰ পৰা সি ইমান স্বাৰ্থপৰ হ'ল?

হস্পিতেলৰ ৱাৰ্ডত শুই থকা ধ্ৰুৱলৈ চাই তাৰ বুকুখন মোচৰ খাই উঠা যেন লাগিল। পেটৰ বিষত ধ্ৰুৱই ওঁঠজুৰি চেপা মাৰি আছে। তথাপি যেন প্ৰশান্তক ভৰসা দিবলৈকে সি হাঁহিবলৈ চেষ্টা কৰিছে। প্ৰশান্তই কিবা কোৱাৰ আগতেই তৎপৰতাৰে কৈ উঠিছে,

'হেই একো ডাঙৰ কথা নহয়। অপাৰেশ্যন হ'লেই ঠিক হৈ যাব। এৰাতি থাকিব লাগিব আৰু।'

© Pam Blackstone

প্ৰশান্তই সকলো বুজি পাইছে। খং-দুখ আৰু অপৰাধবোধ মিলি তাৰ দুচকু সেমেকি উঠিব খুজিছে। কিয়? কিয় ধ্ৰুৱই এনেকুৱা কৰে? সকলো সময়তে সি প্ৰশান্তৰ খৱৰ ৰাখে, যত্ন লয়; কিন্তু নিজৰ সকলো লুকুৱাই থয়! কেনেকৈ বুজাব সি ধ্ৰুৱক- সিওতো তাৰ বাবে কিবা কৰিব খোজে, তাৰ যত্ন ল'ব খোজে! ভগ্ন কণ্ঠেৰে সি ক'লে,

'তই ক'বতো পাৰ মোক। কিবা লাগিলে সহায় কৰি দিবলৈ মই নাই নেকি?'

'এতিয়াহে লাগিব। অথ'নি ফোনত ক'বলৈ লওঁতেই তই ফোন কাটি দিলি!' ধ্ৰুৱই পাতলীয়া সুৰেৰে ক'লে।

'কি  লাগে ক'চোন।' ধ্ৰুৱই বিচাৰিলে যেন আকাশৰ তৰাটোও আনি দিব এনে এক ভাৱেৰে প্ৰশান্তই কথাষাৰ ক'লে।

'আহোঁতে হস্পিতেলত ভৰ্তি হ'ব লাগিব বুলি ভৱাই নাছিলোঁ যে, একোৱে লগত লৈ অনা নহ'ল। ঘৰৰ পৰা বিছনা চাদৰ, পাতল নীলা কম্বলখন, টাৱেল আৰু ঘৰত পিন্ধা কাপোৰ এযোৰ লৈ আনিব পাৰিবি? অঁ মোৰ টুথব্ৰাছ ডালো।'

প্ৰশান্তৰ এইবাৰহে হাঁহি ওলাল। ধ্ৰুৱইযে হস্পিতেলৰ বিছনাত অস্বস্তি পাইছে সি বুজিলে। 

'ঠিক আছে। এই যাম আৰু এই আহিম। অপাৰেশ্যন সন্ধিয়া সাত বজাতহে আছে ন? বহুত সময় আছে।'

পুনৰ আহি প্ৰশান্ত ধ্ৰুৱৰ এপাৰ্টমেণ্ট পালেহি। এইবাৰ খটখটী পাৰ হৈ আহি সি তলাটো খুলিলে। কেইমিনিটমানৰ ভিতৰতে বেগ এটা বিচাৰি ধ্ৰুৱই কোৱা বস্তুকেইপদ ভৰালে। ওলাই আহিব খোজোঁতেই তাৰ হঠাৎ চকুত পৰিল, ধ্ৰুৱৰ বিছনাখন এতিয়াও পৰা নাই। আঁঠুৱা মেল খায়ে আছে। কম্বল আৰু বিছনা ছাদৰ কোঁচমোঁচ খাই বিছনাৰ একোণত পৰি আছে। 

ৰাতিপুৱা ইমান পেটৰ বিষ উঠিলনে তাৰ? নহ'লে সদায় ধ্ৰুৱই শুই উঠিয়ে নিজৰ বিছনা পাৰে। তাৰ সেয়া সৰুকালৰে অভ্যাস। হস্পিতেলৰ পৰা ঘুৰি আহি নিজৰ বিছনাখন পৰিপাটীকৈ পালে সি বৰ ভাল পাব, প্ৰশান্তই ভাৱিলে।

হস্পিতেললৈ সাজু কৰা বেগটো মজিয়াতে থৈ প্ৰশান্তই ধ্ৰুৱৰ আঁঠুৱাখন খুলিলে। ঘৰত তাৰ নিজৰ বিছনা পৰাৰ অভ্যাস নাই। সেয়ে আঁঠুৱাখন কোনোমতে সামৰি জাপি-কুঁচি থ'বলৈ  তাৰ কিছু সময় লাগিল। তাৰপিছত সি কম্বলখন টান মাৰি জাপিলে। বিছনা চাদৰ খনো টানিটুনি ঠিক কৰিলে।মূৰ শিতানত গাৰুটো চিজিলকৈ থ'বলৈ লওঁতে তাৰ চকুত পৰিল, গাৰুৰ তলত এইখনচোন এখন নোটবুক। হাতত লৈ উপলব্ধি হ'ল- নহয়, ডাঠ নীলাৰঙৰ বকলাৰে সেইখন এখন ডায়েৰীহে।

ধ্ৰুৱই আকৌ কেতিয়াৰ পৰা ডায়েৰী লিখিবলৈ ল'লে! প্ৰশান্ত আচৰিত হ'ল। লগতে কৌতুহলীও। কিন্তু ধ্ৰুৱৰ ব্যক্তিগত ডায়েৰী বুলিয়ে খুলি চাবলৈ তাৰ সংকোচ হ'ল। বিছনাৰ কাষৰ সৰু টেবুলখনত ডায়েৰীখন থ'বলৈ লওঁতেই হঠাতে মজিয়াত থোৱা বেগটোত প্ৰশান্ত উজুটি খাই পৰিল। হামথুৰি খাই পৰাৰ পৰা কোনোমতে বাচিল যদিও তাৰ হাতৰ পৰা ডায়েৰীখন উফৰি গৈ মজিয়াত পৰিলগৈ।

'আয়ৌ!' সি মজিয়াতে বহি লৈ ভৰিৰ বুঢ়া আঙুলীটোত দুখ পালে নেকি চালে।

তেনেতে তাৰ চকুত পৰিল, ডায়েৰীৰ মাজৰ পৰা ওলাই মজিয়াত সিঁচৰতি হৈ পৰিছে কেইবাখনো ফটো! সেইফালে চাই তাৰ চকু থৰ হৈ গ'ল। প্ৰতিখন ফটোতে সি আৰু ধ্ৰুৱ। সৌৱা ৰঙা মপেটত বহি সি আৰু ধ্ৰুৱ, ব্ৰহ্মপুত্ৰৰ বালিত থিয় দি সি আৰু ধ্ৰুৱ, স্কুলৰ খেলপথাৰত ঘৰ্মাক্ত মুখেৰে সি আৰু ধ্ৰুৱ!!

এইবাৰ প্ৰশান্তই সকলো বাধাৰ দেওনা পাৰ হৈ গৈ পৰম কৌতুহলেৰে ডায়েৰীখন তুলি ল'লে। সি যেন নিজৰ চকুকে বিশ্বাস কৰিব নোৱাৰিলে। ধ্ৰুৱৰ ডায়েৰীৰ প্ৰতিটো পৃষ্ঠাৰ একেই আৰম্ভণি—একেই সম্বোধন। “মৰমৰ প্ৰশান্ত”

দিনৰ পিছত দিন। 
মাহৰ পিছত মাহ। 

শেষ পৃষ্ঠাত অসংলগ্ন আঁকবাঁক। তাৰ তলত মাত্ৰ তিনিটা শব্দ—

“মোৰ প্ৰিয় মানুহ”

প্ৰশান্তৰ যেন উশাহটো আধাতে ৰৈ গ'ল। ডায়েৰীখন মেল খাই পৰি ৰ'ল। ঘৰৰ ভিতৰখন অস্বাভাৱিকভাৱে নীৰৱ। বাহিৰত ক’ৰবাত কুকুৰ এটাই ভুকিলে।

এইবাৰ ব'হাগতো প্ৰশান্তৰ বিয়াখন নহ'ল।