Showing posts with label স্বাস্থ্য. Show all posts
Showing posts with label স্বাস্থ্য. Show all posts

Friday, 30 April 2021

মহামাৰী ৰোধৰ বাবে জৈৱবৈচিত্ৰ্য সংৰক্ষণ

  • আমাৰ দেহত  দেখা দিয়া তিনি-চতুৰ্থাংশ সংক্ৰমনশীল ৰোগ  হয় জন্তুৰ পৰা বীজাণুৰ  সঞ্চাৰণৰ যোগেদি৷
  • মানুহৰ অদুৰদৰ্শী কাৰ্য্যকলাপৰ ফলত প্ৰাকৃতিক পৰিৱেশ বিনষ্ট  হোৱাৰ  বাবে ৰোগৰ বীজাণুৰ বাহক বন্য জন্তুৰ লগত মানুহ আৰু পোহনীয়া জন্তুৰ সংস্পৰ্শ বাঢ়িছে ৷
  • ভৱিষ্যতে কৰ'না ভাইৰাছ ৰোগৰ দৰে মহামাৰী  প্ৰতিৰোধ কৰিবলৈ জৈৱবৈচিত্ৰ্যৰ সংৰক্ষণ অতি প্ৰয়োজন৷

এবছৰৰ অধিক দিন কৰ'না ভাইৰাছ ৰোগৰ গ্ৰাসত স্তব্ধ হৈ ৰোৱাৰ পিছত বৰ্তমান পৃথিৱীৰ দেশে দেশে এই ৰোগৰ প্ৰতিষেধকৰ বিতৰণ আৰম্ভ হৈছে৷ লগতে ৰোগৰ সংক্ৰমণ ৰোধ আৰু চিকিৎসাৰো প্ৰচেষ্টা পূৰ্ণোদ্যমে চলি আছে৷ কৰ'না ভাইৰাছ ৰোগৰ দৰে যিকোনো মহামাৰী ৰোধৰ বাবে এই সকলোবোৰ প্ৰচেষ্টা খুবেই প্ৰয়োজনীয়৷ কিন্তু একেসময়তে আমি পাহৰিলে নহ’ব যে এইবোৰ পদক্ষেপ প্ৰকৃততে ৰোগৰ মূল উৎস ৰোধৰ সলনি কেৱল লক্ষণ নিৰাময়ৰ দৰে ব্যৱস্থাহে৷ কৰ'না ভাইৰাছ ৰোগে ভাইৰাছকে আদি কৰি অন্য ৰোগৰ বীজাণুৰ সংক্ৰমণ ঘটি কেনে ভয়াবহ মহামাৰীৰ ৰূপ ল’ব পাৰে সেয়া সমগ্ৰ বিশ্বকে সোঁৱৰাই গ’ল ৷ গতিকে ইয়াৰ পুনৰাবৃত্তি নহ’বলৈ এনে ৰোগৰ সংক্ৰমণৰ মূল কাৰকবোৰ আৰু ইয়াৰ প্ৰতিৰোধৰ ব্যৱস্থাবোৰ ফঁহিয়াই চোৱাটোও অতি জৰুৰী৷ 

আমি সকলোৱে ইতিমধ্যেই গম পাইছোঁ যে কৰ'না ভাইৰাছ ৰোগৰ আৰম্ভ হৈছিল চীন দেশৰ ৱ’হান প্ৰদেশত বন্য জন্তুৰ পৰা মানুহলৈ সংক্ৰমণ হোৱা ভাইৰাছৰ জড়িয়তে৷ কিন্তু আমি বহুতেই হয়তো নাজানো, ইয়াৰ পূৰ্বেও কেইবাটাও মহামাৰীৰ উৎপত্তি হৈছিল একেই প্ৰক্ৰিয়াৰে৷ উদাহৰণস্বৰূপে, বিংশ শতাব্দীত এইচ আই ভি ভাইৰাছৰ সংক্ৰমণ হৈছিল চিম্পাঞ্জী আৰু গৰিলাৰ পৰা মানুহলৈ ৰোগৰ বীজাণু বিয়পি৷ তেনেদৰে ছোৱাইন ফ্লু , ইব’লা, জিকা  আৰু নিপা ভাইৰাছ আদিৰ মহামাৰী বন্য জন্তুৰ পৰাই মানুহলৈ বিয়পিল বুলি ইতিমধ্যে তথ্য পোৱা গৈছে৷ এইখিনিতে আহি পৰে মহামাৰীৰ প্ৰাদুৰ্ভাৱ আৰু জৈৱবৈচিত্ৰ্য ধ্বংসৰ মাজৰ ওত:প্ৰোত সম্পৰ্কৰ কথা ৷   

জৈৱবৈচিত্ৰ্যৰ সৈতে মহামাৰীৰ সম্পৰ্ক

জৈৱবৈচিত্ৰ্য সংৰক্ষণ আৰু স্বাস্থ্য দুয়োটা এক জটিল প্ৰাকৃতিক আৰু আৰ্থসামাজিক প্ৰক্ৰিয়াৰে পাৰস্পৰিকভাৱে সংযুক্ত৷ শেহতীয়াকৈ আইপিবিইএছ (Intergovernmental Science-Policy Platform on Biodiversity and Ecosystem Services, IPBES) নামৰ আন্ত:ৰাষ্ট্ৰীয় সংস্থাই প্ৰকাশ কৰা এক প্ৰতিবেদনত  জৈৱবৈচিত্ৰ্য ধ্বংস আৰু মহামাৰীৰ সম্ভাৱনা বৃদ্ধি কৰা কাৰকসমূহৰ মাজৰ সম্পৰ্কৰ বিশ্লেষণ দাঙি ধৰিছে৷ জৈৱবৈচিত্ৰ্য ধ্বংসৰ কাৰক যেনে বনাঞ্চল ধ্বংস, বেদখল, চোৰাংচিকাৰ আৰু বন্য জীৱৰ বেআইনী বেপাৰ আদি সংক্ৰংমণশীল ৰোগ(infectious disease)ৰ উৎপত্তিৰো মূল কাৰণ৷ প্ৰতিবেদনখনত প্ৰকাশ পাইছে যে, ১৯৮০ৰ দশকৰ পৰা বিশ্বৰ বিভিন্ন প্ৰান্তত সংক্ৰমণশীল ৰোগৰ প্ৰাদুৰ্ভাৱ ক্ৰমাগতভাৱে বাঢ়ি আহিছে৷ উদাহৰণস্বৰূপে, ১৯৮০ ৰ পৰা ২০১৩ চনলৈ ১২,০১২ টা বিভিন্ন মহামাৰীৰ প্ৰাদুৰ্ভাৱ ঘটিছে য’ত বিশ্বৰ প্ৰতিখন দেশেই কম-বেছি পৰিমাণে আক্ৰান্ত হৈছে৷  একেসময়তে বনাঞ্চল ধবংসৰ হাৰ যোৱা দুটা দশকত অনিয়ন্ত্ৰিত ৰূপত বৃদ্ধি পাইছে আৰু বিশ্বত বিভিন্ন সময়ত দেখা পোৱা ৩১% ৰোগ যেন ইব’লা, জিকা আৰু নিপা ভাইৰাছৰ মহামাৰীৰ প্ৰাদুৰ্ভাৱৰ সৈতে ইয়াৰ পোনপটীয়া সম্পৰ্ক থকা বুলি জানিব পৰা গৈছে৷ 

ইণ্ডোনেছিয়াৰ এখন বজাৰত বন্যজন্তুৰ মাংস
আলোকচিত্ৰ: Axel Drainville
বন্য জন্তুৰ পৰা মানুহলৈনো কেনেকৈ ৰোগ বিয়পে? বৈজ্ঞানিক গৱেষণাই দেখুৱাইছে যে  প্ৰতিটো বন্য জন্তুৰ দেহতে এটা নিৰ্দিষ্ট সংখ্যক ভাইৰাছ আৰু বেক্টেৰিয়া থাকে৷ সাধাৰণতে ইয়াৰ বেছিভাগেই নিৰাপদ৷ ইয়াৰে মাথোঁ এটা সৰু অংশৰহে মানুহৰ দেহত ৰোগ সৃষ্টি কৰাৰ সামৰ্থ্য থাকে৷ আই বি পি এছৰ প্ৰতিবেদনখনত প্ৰকাশ পোৱা মতে স্তন্যপায়ী আৰু চৰাইৰ দেহত থকা মানুহলৈ এতিয়াও নিবিয়পা কিন্তু সাম্ভাৱ্য ক্ষতিকৰ ভাইৰাছৰ সংখ্যা প্ৰায় ১৭ লাখ ৷ এই ৰোগৰ বীজাণুবোৰৰ  বিশেষ পৰিৱেশতহে উৎপৰিৱৰ্ত্তন (evolve) ঘটি মানুহক আক্ৰান্ত কৰিব পৰা সংক্ৰমণশীল ৰোগৰ সৃষ্টি হয়৷  প্ৰত্যক্ষ বা পৰোক্ষভাৱে মানুহ বন্য জন্তুৰ সংস্পৰ্শলৈ আহিলে জন্তুৰ দেহত থকা সংক্ৰমণশীল ৰোগৰ বীজাণু আমাৰ দেহলৈ বিয়পিব পাৰে৷ বৈজ্ঞানিক পৰিভাষাত এই প্ৰক্ৰিয়াক ’স্পিল অভাৰ’ (spillover) বুলি কোৱা হয়৷ এই প্ৰক্ৰিয়া সংঘটিত হ’ব পাৰে বহুতো উপায়েৰে- পোনপটীয়াকৈ যেনে, বনৰীয়া জন্তুৱে কামুৰিলে, কেঁচা বা ভালকৈ নিসিজোৱা বনৰীয়া জন্তুৰ মাংস খালে, আনকি দূষিত পানীৰ জড়িয়তেও৷ তাৰোপৰি পৰোক্ষভাৱে বনৰীয়া জীৱ-জন্তুৰ পৰা পোহনীয়া জন্তুলৈ বিয়পিও ৰোগৰ বীজাণুৱে মানুহক সংক্ৰমিত কৰিব পাৰে৷ মানুহে বনাঞ্চল মোকলাই খেতি-পথাৰ, ঘৰ-দুৱাৰ সাজি বাস কৰিবলৈ লোৱাৰে পৰা মানুহ আৰু ঘৰচীয়া জীৱ-জন্তুৰ বন্য পশু-পক্ষীৰ সৈতে সংস্পৰ্শ আগতকৈ বাঢ়িছে৷ বেআইনী আৰু নিয়ন্ত্ৰণবিহীন বন্য জন্তুৰ বেপাৰ আৰু অস্বাস্থ্যকৰ পৰিৱেশত কৰা পোহনীয়া আৰু বনৰীয়া জন্তুৰ মাংসৰ বজাৰবোৰেও এনে ৰোগৰ বীজাণু মানুহলৈ বিয়পাৰ উপযুক্ত পৰিৱেশ এটা গঢ়ি তোলে৷ এনে পৰিৱেশত ভাইৰাছৰ জিনগত পৰিৱৰ্ত্তন (genetic recombination) ঘটি মানুহক আক্ৰান্ত কৰিব পৰা ন’ভেল ভাইৰাছৰ উৎপত্তিৰ সম্ভাৱনাও বাঢ়ি যায়৷ 

বনাঞ্চল ধ্বংসই মহামাৰীৰ সম্ভাৱনা বৃদ্ধি কৰে

জনসংখ্যা বিস্ফোৰণ আৰু মানুহৰ অদুৰদৰ্শী কাৰ্য্যকলাপৰ ফলত প্ৰকৃতিৰ ওপৰত পৰা বিৰূপ প্ৰভাৱে জন্তুৰ পৰা মানুহলৈ ৰোগৰ বীজাণু সংক্ৰমণ হোৱাৰ আশংকা যথেষ্ট পৰিমাণে বঢ়াই তোলে৷ উদাহৰণস্বৰূপে, ১৯৬০ চনৰ পৰা বৰ্তমানলৈ বিশ্বত দেখা দিয়া প্ৰায় ৩০% শতাংশ নতুন ৰোগৰ উৎপত্তিৰ মূলতে ভূমিৰ ব্যৱহাৰৰ পৰিৱৰ্ত্তন ( Land-use change) যেনে বনাঞ্চল ধবংস, বেদখল, বনাঞ্চলৰ কাষৰীয়া অঞ্চলত  খেতি-বাতি আৰু গৰু-ছাগলী পালন আৰু নগৰীকৰণ বুলি জানিব পৰা গৈছে৷ বনাঞ্চলত কুণ্ডা কটা  (Logging), খনন (mining), পথ আৰু  বান্ধ আদিৰ নিৰ্মাণ, অপৰিকল্পিত নগৰীকৰণ আদিৰ ফলত বনাঞ্চলসমূহৰ অপূৰণীয় ক্ষতি হৈছে৷ ইয়াৰ ফলতেই বাসস্থান আৰু খাদ্যৰ সন্ধানত বন্য জন্তু মানুহৰ বাসস্থানৰ কাষ চাপিছে আৰু ৰোগ সঞ্চাৰণৰ আশংকা বৃদ্ধি পাইছে৷ 

মানুহে জৈৱবৈচিত্ৰ্য ধ্বংস কৰি প্ৰাকৃতিক সমতা বিনষ্ট কৰাৰ ফলত খাদ্য শৃংখলত বিজুতি ঘটাটোও মহামাৰীৰ প্ৰাদুৰ্ভাৱৰ অন্য এটা কাৰণ৷ প্ৰকৃতিত প্ৰতিটো জীৱ বা জন্তুৰে এটা নিৰ্দিষ্ট ভূমিকা থাকে আৰু সকলোবোৰ জীৱ-জন্তু খাদ্য-শৃংখল (food chain) ৰ যোগদি ইটোৱে সিটোৰ লগত সংযুক্ত হৈ থাকে৷ উদাহৰণস্বৰূপে, হৰিণাই ঘাঁহ খায় আৰু হৰিণাক বাঘে খায়৷ গতিকে অৰণ্যত ঘাঁহ বা হৰিণাৰ সৈতে বাঘৰ জীৱন সংযুক্ত হৈ থাকে৷ এই খাদ্য শৃংখলৰ ওপৰৰ ফালে কোনো জন্তুৰ সংখ্যা কমিলে বা বিলুপ্ত হ’লে শংখলৰ তলৰ জীৱ-জন্তুবোৰৰ সংখ্যা অনিয়ন্ত্ৰিতভাৱে বাঢ়িবলৈ লয়৷ গতিকে জৈৱবৈচিত্ৰ্য হ্ৰাস পোৱাৰ ঘটনাটো যাদৃচ্ছিক (random) নহয়৷ জৈৱবৈচিত্ৰ্য ধ্বংসৰ লগে লগে কিছুমান প্ৰজাতিৰ সংখ্যা কমি যোৱাৰ লগে লগে অন্য কিছুমান প্ৰজাতিৰ সংখ্যা বাঢ়ি গৈছে৷ চিন্তনীয় কথাটো হ’ল, বনাঞ্চল ধবংসৰ ফলত বহুতো বিৰল প্ৰজাতি লোপ পাইছে কিন্তু একেসময়তে খাদ্য-শৃংখলত অসমতাৰ ফলত অনিয়ন্ত্ৰিতভাৱে বাঢ়ি গৈছে নিগনি, এন্দুৰ, বাদুলি আদি৷ এইবোৰ প্ৰজাতিৰ বহুতেই ৰোগৰ বীজাণুৰ মূখ্য বাহক৷ ইয়াৰ প্ৰমাণ প্ৰথমে পোৱা গৈছিল নব্বৈৰ দশকত মালয়েছিয়াত দেখা দিয়া নিপা ভাইৰাছৰ মহামাৰীত৷ বনাঞ্চল ধবংসৰ ফলত মালয়েছিয়াত বাদুলিৰ প্ৰজাতিবোৰ (fruit bats) অৰণ্যৰ পৰা ওলাই আহি গাহৰিৰ পামত থকা আমৰ বাগানত বাস কৰিবলৈ লয়৷ সিহঁতৰ দেহত থকা নিপা ভাইৰাছে বাদুলি একো অপকাৰ নকৰে কিন্তু বাদুলিৰ মুখৰ লেলাউটি আৰু বিষ্ঠাৰ পৰা গাহৰিবোৰ আক্ৰান্ত হ’ল৷ এই গাহৰিৰ পৰাই পামৰ বনুৱাবোৰৰ দেহলৈ নিপা ভাইৰাছ সংক্ৰমণ হ’ল৷ তেনেদৰে শেহতীয়াকৈ লণ্ডনৰ ইউনিভাৰ্ছিটি কলেজৰ এক গৱেষণাত ধৰা পৰিছে যে এখন বনাঞ্চল নগৰীয়া ঠাইলৈ ৰূপান্তৰ কৰাৰ লগে লগে জৈৱবৈচিত্ৰ্য হ্ৰাস পালে, কিন্তু বাদুলি, এন্দুৰকে ধৰি ১৪৩ বিধ স্তন্যপায়ী জন্তুৰ জনসংখ্যা বাঢ়িল, যিবোৰৰ দেহত মানুহলৈ বিয়পিব পৰা ৰোগৰ বীজাণু থাকে বুলি তথ্য আছে৷ গতিকে এই গৱেষণাই জৈৱবৈচিত্ৰ্য হ্ৰাসৰ সৈতে ৰোগৰ প্ৰাদুৰ্ভাৱৰ মাজত নিকট সম্পৰ্ক প্ৰতিষ্ঠা কৰিলে৷ 

বনাঞ্চল আৰু জৈৱবৈচিত্ৰ্য ধবংসৰ ফলত হ’ব পৰা ৰোগৰ সংক্ৰমণৰ আশংকা আটাইতকৈ বেছি অসমৰ দৰে ক্ৰান্তীয় (tropics) বা গ্ৰীষ্মপ্ৰধান অঞ্চলবোৰত৷ বিশ্বৰ গ্ৰীষ্মপ্ৰধান অঞ্চলবোৰত দেখা পোৱা প্ৰজাতিৰ সংখ্যা নাতিশীতোষ্ণ অঞ্চলতকৈ বহুত বেছি৷ গ্ৰীষ্মপ্ৰধান অঞ্চলত জৈৱবৈচিত্ৰ্য অধিক বাবে ইটোৰ পৰা সিটো প্ৰজাতিলৈ স্থানান্তৰ হৈ ৰোগ সৃষ্টি কৰিব পৰা ভাইৰাছৰ সংখ্যাও বেছি৷ মানুহৰ পৰা আঁতৰত প্ৰাকৃতিক পৰিৱেশত এই প্ৰক্ৰিয়াবোৰ বনাঞ্চলতে সীমাবদ্ধ হৈ থাকে৷ কিন্তু যেতিয়াই এনে বনাঞ্চল ধবংস কৰি মানুহে পথ নিৰ্মাণ, খেতি বা বাস কৰিবলৈ লয়, তেতিয়াই এই বীজাণু বহনকাৰী জীৱ-জন্তু মানুহৰ সংস্পৰ্শলৈ আহে৷ এনে জন্তুৰ মাংস চিকাৰ কৰি বেআইনী বজাৰত বেহা কৰাৰ সময়ত জন্তুৰ পৰা মানুহলৈ ভাইৰাছৰ স্থানান্তৰ হোৱাৰ বাট মুকলি হয়৷ গতিকে জৈৱবৈচিত্ৰ্যত চহকী কিন্তু মানুহৰ জনসংখ্যাৰ আধিক্য থকা অঞ্চলবোৰত ’স্পিল অভাৰ’ প্ৰক্ৰিয়াৰ সম্ভাৱনা অধিক৷ অৱশ্যে এইকাৰণতে মহামাৰীৰ প্ৰাদূৰ্ভাৱ কেৱল জৈৱবৈচিত্ৰ্যৰ ক্ষেত্ৰত চহকী অঞ্চলবোৰতহে হোৱাৰ সম্ভাৱনা বেছি বুলি ধাৰণা কৰাটো ভুল হ’ব৷ লগতে এনে অঞ্চলৰ অৰণ্য ধ্বংস কৰি বন্য জীৱ-জন্তু নি:শেষ কৰাটো ইয়াৰ সমাধান নহয়৷ তাৰ পৰিৱৰ্ত্তে, এনে বিপদসংকুল অঞ্চলত সমাজৰ সকলো স্তৰৰ সম্প্ৰদায়সমূহৰ মাজত সংক্ৰমণশীল ৰোগ বিয়পাৰ মূল কাৰণ আৰু জনস্বাস্থ্যৰ প্ৰতি থকা ভাবুকিসমূহৰ বিষয়ে সচেতনতা অনাৰ প্ৰয়োজন৷ ভৱিষ্যতে কৰ'না ভাইৰাছ ৰোগৰ দৰে মহামাৰীৰ প্ৰাদূৰ্ভাৱ আৰু সংক্ৰমণ ৰোধ কৰিবলৈ হ’লে এই গ্ৰামীণ আৰু অৰণ্যৰ দাঁতিকাষৰীয়া অঞ্চলসমূহৰ সামাজিক আৰু অৰ্থনৈতিক পৰিৱৰ্ত্তনৰ সৈতে জৈৱবৈচিত্ৰ্য আৰু জনস্বাস্থ্যৰ সম্পৰ্কৰ বিভিন্ন দিশসমূহ বিশ্লেষণ কৰাৰ প্ৰয়োজন৷

অৰণ্যৰ দাঁতিকাষৰীয়া অঞ্চলসমূহত বন্যপ্ৰাণী পোনপটীয়াকৈ মানুহৰ সংস্পৰ্শলৈ আহে

আই পি বি এছৰ শেহতীয়া প্ৰতিবেদনখনে সমগ্ৰ বিশ্বকে সকীয়াই দিছে যে বনাঞ্চল আৰু জৈৱবৈচিত্ৰ্য সংৰক্ষণৰ সময়োচিত ব্যৱস্থা নল’লে ভৱিষ্যতে বিশ্বত মহামাৰীৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পাই গৈ থাকিব আৰু বিনষ্ট পৰিৱেশে এই মহামাৰীৰ বিস্তৃতিও অধিক খৰতকীয়া কৰি তুলিব৷ এই সকলোবোৰ কাৰকে বিশ্বৰ অৰ্থনীতি আৰু জনস্বাস্থ্যৰ ওপৰত কৰ’না ভাইৰাছ ৰোগতকৈও অধিক ভয়াবহ প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা প্ৰবল৷ মহামাৰীৰ প্ৰাদূৰ্ভাৱ হ’লেহে নিৰাময়ৰ ব্যৱস্থা কৰাৰ সলনি তাৰ আগতেই ৰোগ সংক্ৰমণৰ মূল উৎসবোৰ বিচাৰ কৰিলেহে সময়োচিত প্ৰতিৰোধ ব্যৱস্থা ল’বলৈ সক্ষম হ’ব৷ মহামাৰীৰ আগতীয়া আশংকা নিবাৰণ (risk reduction)ত হোৱা ব্যয় মহামাৰীৰ নিয়ন্ত্ৰণত হোৱা ব্যয়তকৈ এশগুণ পৰ্য্যন্ত কম হ’ব পাৰে৷ গতিকে ভৱিষ্যতে মহামাৰী ৰোধ কৰিবলৈ প্ৰতিক্ৰিয়াৰ পৰা প্ৰতিৰোধ (reaction to prevention) লৈ আমাৰ  মানসিকতাৰ পৰিৱৰ্ত্তন কৰাৰ দৰকাৰ৷ ইয়াৰ বাবে মাথোঁ প্ৰয়োজন মানুহ আৰু প্ৰকৃতিৰ মাজৰ পৰিৱৰ্ত্তনশীল সম্পৰ্কৰ এক নিৰ্মোহ বিশ্লেষণৰ৷ 

মহামাৰী ৰোধৰ বাবে আমাৰ কৰণীয়

ভৱিষ্যতে কৰ’না ভাইৰাছ ৰোগৰ দৰে মহামাৰীৰ আগতীয়াকৈ প্ৰতিৰোধ কৰাত সমাজৰ সকলো শ্ৰেণীৰে যথেষ্ট কৰণীয় আছে৷ প্ৰকৃতিবিদসকলে সংক্ৰমণশীল ৰোগৰ গৱেষক আৰু জনস্বাস্থ্য বিভাগৰ কৰ্মীৰ সৈতে একেলগে স্বাস্থ্য, প্ৰাকৃতিক পৰিৱেশ আৰু বহনক্ষম উন্নয়ন (sustainable development) আদি সকলো দিশৰ সামগ্ৰিক বিশ্লেষণৰ জড়িয়তে ৰোগ সংক্ৰমণৰ সম্ভাৱনা বিচাৰ কৰাৰ দৰকাৰ৷ এনে বিশ্লেষণে ভৱিষ্যতে কোন অঞ্চলত মহামাৰীৰ প্ৰাদূৰ্ভাৱৰ আশংকা প্ৰবল, কেনে ৰোগৰ বীজাণু সংক্ৰমণ হ’ব পাৰে আৰু সামাজিক আৰু অৰ্থনৈতিক পৰিৱৰ্ত্তনে তাত কেনে প্ৰভাৱ পেলাব পাৰে তাৰ পূৰ্বানুমান দিবলৈ সক্ষম হ’ব৷ এই তথ্যৰ ভিত্তিত জীৱ-জন্তুৰ পৰা মানুহৰ দেহলৈ ৰোগ সংক্ৰমণৰ মানচিত্ৰ অৰ্থাৎ ৰিস্ক মেপ প্ৰস্তুত কৰিব পৰা যাব৷ পূৰ্বতে বিজ্ঞানীসকলে  আফ্ৰিকাৰ ইব’লা মহামাৰীৰ সময়ত এনে মানচিত্ৰ প্ৰস্তুত কৰি উলিয়াইছিল৷ ইয়াৰ পৰাই কংগো দেশত যোৱা কেইবছৰত কোনবোৰ ঠাইত মহামাৰী আৰম্ভ হোৱাৰ সম্ভাৱনা আছে সেয়া সঠিকভাৱে ভৱিষ্যতবাণী কৰি উচিত পদক্ষেপ ল’বলৈ সক্ষম হৈছিল৷ গতিকে এনে প্ৰচেষ্টাই ভৱিষ্যতে কৰ’না ভাইৰাছ মহামাৰীৰ দৰে মহামাৰীৰ পূৰ্বানুমান পোৱাৰো বাট মুকলি কৰিব৷

একেসময়তে চৰকাৰ আৰু সংশ্লিষ্ট বিভাগসমূহে বনাঞ্চল আৰু জৈৱবৈচিত্ৰ্য ধ্বংসৰ প্ৰতিৰোধ, সংৰক্ষিত বনাঞ্চলৰ প্ৰতিৰক্ষা, বন্য প্ৰাণীৰ বেহা-বেপাৰ নিয়ন্ত্ৰণ কৰিবলৈকো সমুচিত পদক্ষেপ লোৱাৰ প্ৰয়োজন৷ তেনেদৰে যিকোনো উন্নয়নৰ প্ৰকল্প হাতত লোৱাৰ আগতেই ইয়াৰ ফলত হ’ব পৰা সংক্ৰমণশীল ৰোগ আৰু মহামাৰীৰ প্ৰাদূৰ্ভাৱৰ আশংকাও বিচাৰ কৰি চোৱাৰ অতিকৈ প্ৰয়োজন৷ লগতে বিশ্বৰ দেশসমূহে  কৰ’না ভাইৰাছ ৰোগৰ দৰে যিকোনো মহামাৰীৰ  প্ৰতিৰোধ  আৰু  অৰ্থনৈতিক অৱস্থাৰ পুনৰুদ্ধাৰৰ  পৰিকল্পনাত  জৈৱবৈচিত্ৰ্য সংৰক্ষণৰ  পদেক্ষেপ অন্তৰ্ভুক্ত কৰাটোও অতিকৈ প্ৰয়োজনীয়৷ গ্ৰামীণ আৰু নগৰ অঞ্চলসমূহৰ বিনষ্ট পৰিৱেশ উদ্ধাৰ কৰি অধিক স্থিতিস্থাপক (resilient) কৰিব পাৰিলেহে ৰোগৰ সংক্ৰমণৰ আশংকাও কমাব পৰা যাব৷ 

আলোকচিত্ৰ: Arın Turkay
কংক্ৰিটৰ অৰণ্যত বন্দী আমাৰ বহুতৰ বাবে প্ৰকৃতি বা জৈৱবৈচিত্ৰ্যৰ ধাৰণাটো মানৱ সমাজৰ পৰা বিছিন্ন এক বিষয় যেন ভাৱ হ’ব পাৰে৷ কিন্তু আমাৰ অজানিতেই প্ৰকৃতিয়ে বহু দিশৰ পৰা দৈনন্দিন জীৱন সুচল কৰি তুলিছে, আমাৰ স্বাস্থ্য আৰু কল্যান (well-being) সুনিশ্চিত কৰি ৰাখিছে৷ পৰিস্কাৰ পানী, বায়ুৰ পৰা জলবায়ু নিয়ন্ত্ৰণলৈকে আমাৰ জীৱনৰ তেনেই প্ৰাথমিক প্ৰয়োজনবোৰ পূৰাই ৰাখিছে প্ৰকৃতিয়ে৷ গতিকে কেৱল প্ৰকৃতিৰ বাবে নহয়, মানৱ জাতি তিষ্ঠি থাকিবৰ বাবেই মানুহে প্ৰাকৃতিক পৰিৱেশ আৰু জীৱকুলৰ ভাৰসাম্যতা ৰক্ষা কৰাৰ অতিকৈ প্ৰয়োজন৷ যোৱাটো শতিকাত হোৱা অভাৱনীয় বনাঞ্চল ধবংস, খেতিৰ প্ৰসাৰ আৰু খনন আদিয়ে প্ৰাকৃতিক ভাৰসাম্য নষ্ট কৰাৰ ফলত মানুহৰে জীৱনলৈকে আশংকা আহি পৰিছে৷ মানুহৰ ধ্বংসাত্মক কাৰ্য্যৰ ফলত সমগ্ৰ বিশ্বৰে ৭৫% ভুখণ্ড আৰু ৬৬% সাগৰীয় অঞ্চল ক্ষতিগ্ৰস্ত হৈছে আৰু প্ৰায় এক মিলিয়ন অৰ্থাৎ দহ লাখ উদ্ভিদ আৰু প্ৰাণীৰ প্ৰজাতি সংকটৰ গৰাহত পৰিছে৷ কৰ’না ভাইৰাছ মহামাৰী এই বিনষ্ট প্ৰাকৃতিক ভাৰসাম্যতা আৰু জৈৱবৈচিত্ৰ্য হ্ৰাসৰ ভয়াবহ পৰিণতিৰ এক নমান্তৰ মাথোঁ৷ এই মহামাৰীয়ে আকৌ এবাৰ নতুনকৈ মানৱজাতিক উপলব্ধি কৰাইছে যে প্ৰকৃতি সংৰক্ষণ আমাৰ নিজৰ অস্তিত্ব ৰক্ষাৰ বাবেই অতিকৈ প্ৰয়োজনীয়৷ 


তথ্যউৎস
  • ’Why deforestation and extinctions make pandemics more likely’-Jeff Tollefson, Nature 584, 175-176 (2020) https://www.nature.com/articles/d41586-020-02341-1
  • 'Celebrating and Safeguarding Biodiversity to Prevent the Next Pandemic' UN Chronicle 5 June, 2020 https://www.un.org/en/un-chronicle/celebrating-and-safeguarding-biodiversity-prevent-next-pandemic-0
  • 'How biodiversity loss is hurting our ability to combat pandemics'-John Scott 09 Mar 2020, The World Economic Forum COVID Action Platform (https://www.weforum.org/agenda/2020/03/biodiversity-loss-is-hurting-our-ability-to-prepare-for-pandemics/)
  • IPBES Report on biodiversity and pandemics

Tuesday, 6 February 2018

সুস্বাস্থ্যৰ বাবে পাঁচটা অভ্যাস

স্বাস্থ্যৰক্ষাৰ বিধি সম্পৰ্কে কাৰিকৰী পৰামৰ্শ দিব পৰাকৈ মই কোনো বিশেষজ্ঞ নহওঁ৷ কিন্তু নিজৰ অভিজ্ঞতাৰ পৰা এইটো নিশ্চয় ক’ব পাৰোঁ যে কেৱল অকণমান স্বাস্থ্য সচেতনতা আনিব পাৰিলেই মোৰ দৰে যিকোনো সাধাৰণ মানুহে স্বাস্থ্যকৰ জীৱন এটা কটাব পাৰে৷ সঁচা কথা ক’বলৈ গ’লে আজি কিছু বছৰৰ আগলৈকে মই নিজেও স্বাস্থ্য সম্পৰ্কে প্ৰায় নিৰ্বিকাৰ আছিলো৷ ডাক্তৰৰ ওচৰলৈ দৌৰিব লগীয়া অৱস্থা এটা নোহোৱালৈকে স্বাস্থ্য সম্পৰ্কে কিবা ভাবিলগীয়া আছে বুলিয়ে গণ্য কৰা নাছিলো৷ কিন্তু কামৰ টানে যেতিয়া নানা দুৰ্গম ঠাইত পাহাৰে-কণ্ডৰে সাধাৰণ অৰ্থত ’কঠিন’ পৰিস্থিতিৰ মুখামুখি কৰাই দিলে, তেতিয়াহে নতুনকৈ উপলব্ধি কৰিলো এটা সুস্থ-সবল শৰীৰৰ গুৰুত্ব আৰু জীৱনত সুস্বাস্থ্যৰ প্ৰয়োজনীয়তা৷ আমি বহুতেই হয়তো ভাবি নাচাওঁ, এই পৃথিৱীত আমাৰ অস্বিত্ব, আমাৰ দৈনন্দিন জীৱন, আমাৰ সুখ-দুখ সকলোৰে মাধ্যম হ’ল আমাৰ শৰীৰটো৷ কথাতে কয়, সুস্থ শৰীৰ এটাতহে সুস্থ মন এটাই বাস কৰিব পাৰে৷ গতিকে সেই শৰীৰক সুস্থ কৰি ৰখাৰ গুৰুত্বও আমি হয়তো সচৰাচৰ ভবাতকৈ বহু বেছি৷


স্বাস্থ্য সম্পৰ্কে কিছু সচেতন হোৱাৰ পৰা মই নিজে কিছুমান অভ্যাস গঢ়ি তুলিবলৈ চেষ্টা কৰি আহিছোঁ৷ বিশেষকৈ এনে অভ্যাস যিবোৰে শৰীৰটোক যিমানদূৰ সম্ভৱ নিৰোগী আৰু সক্ৰিয় কৰি ৰাখে৷ কাৰণ ৰোগৰ চিকিৎসা (cure)ত কৈ প্ৰতিকাৰ (prevention) কৰিব পাৰিলে  বহুতো আহুকালৰ পৰাও নিলগত থাকিব পাৰি৷ ৰোগৰ এনে আগতীয়া প্ৰতিকাৰৰ বাবে মাথোঁ কিছুমান প্ৰাথমিক অভ্যাস কৰিয়ে বহুখিনি সুফল পাব পাৰি বুলি মোৰ বিশ্বাস৷ মোৰ জীৱনত সুস্বাস্থ্যৰ বাবে বিশেষভাৱে ফলপ্ৰসূ হোৱা এনে কেইটামান অভ্যাস আগবঢ়াইছোঁ৷ আশাকৰোঁ মোৰ দৰেই সকলোকে সুস্বাস্থ্য বৰ্তাই ৰখাত এই অভ্যাসবোৰে সহায় কৰিব৷

১) আপোনাৰ সুস্বাস্থ্যৰ প্ৰধান বৈৰী চেনি

সুস্বাস্থ্যৰ বাবে কৰিব পৰা প্ৰথম আৰু প্ৰাথমিক কামটো কি বুলি কোনোবাই সুধিলে মোৰ তাৎক্ষণিক উত্তৰ হ’ব মিঠা সোৱাদকণৰ সৈতে চিৰবিচ্ছেদ! এটা সময় আছিল, যেতিয়া মোৰ বাবে সকলো সময়তে পাকঘৰত মিঠাই বা বেকাৰিৰ বিভিন্ন বিস্কুট-কেক, চকলেট আদি মজুত কৰি ৰাখিব লগা হৈছিল৷ গৰমদিনত শীতল পানীয়, আইচক্ৰীম আদি নহ’লে মোৰ জীয়াই থকাই অসম্ভৱ যেন লাগিছিল৷ সময়ত বুজি পালো, এই কেক, বিস্কুট, আইচক্ৰীম, পেষ্ট্ৰি, শীতল পানীয়, কেণ্ডি সকলোতে অতি বেছি কেল’ৰি শক্তি থাকে, কিন্তু পৰিপুষ্টিৰ উপাদান বিশেষ একো নাথাকে৷ এইবোৰ নিয়মীয়াকৈ খালে উপৰুৱা কেল’ৰিখিনি দেহে চৰ্বি (visceral fat) হিচাপে দেহত জমা কৰি ৰাখে৷ সেইবাবেই এইবোৰ খাদ্যই মেদবহুলতা আনে৷ চেনিৰ প্ৰতি আমাৰ প্ৰায় সকলোৰে আসক্তিৰ বৈজ্ঞানিক ভিত্তিও আছে৷ এই চেনীজাতীয় খাদ্যবোৰত থকা ফ্ৰুক্ট’জে আমাৰ মগজুত ড’পামাইন নামৰ এবিধ ৰাসায়নিক দ্ৰব্য (neurotransmitter) ক্ষৰণ কৰে৷ এই ড’পামাইনে গৈ আমাৰ স্নায়ুতন্ত্ৰৰ সুখানুভূতিৰ কেন্দ্ৰ (reward centre)বোৰ সক্ৰিয় কৰি দিয়ে যাৰ বাবে মিঠা কিবা এটা খালেই আমাৰ মন ভাল লাগে৷ সেই অনুভৱখিনিৰ বাবেই আমাৰ বাৰে বাৰে মিঠা খোৱাৰ ইচ্ছা হয়৷ মিঠাৰ এই আসক্তিৰ প্ৰক্ৰিয়া ক’কেইন, নিক’টিন আদি ড্ৰাগছৰ আসক্তিৰ সৈতে সম্পূৰ্ণ একে৷ গতিকে দ্বিতীয়বাৰ মিঠাই এবিধ মুখত দিয়াৰ আগতে ক্ষন্তেক ৰৈ নিজকে সুধি চাবচোন, সুস্বাস্থ্য গঢ়াৰ বাটটো আপুনি অজানিতে নিজেই ভেটি থৈছে নেকি!


২) (বিশুদ্ধ) পানীয়েই অমৃত
আমাৰ শৰীৰৰ দুই-তৃতীয়াংশই পূৰাই ৰখা পানীৰ উপকাৰিতাৰ কথা আমি সকলোৱে জানো৷ পানীয়ে খাদ্য হজম কৰাত সহায় কৰে, দেহৰ উষ্ণতা নিয়ন্ত্ৰণ কৰে, শৰীৰৰ ছাল সতেজ কৰি ৰাখে, বিষাক্ত পদাৰ্থ বৰ্জন কৰি পৰিশুধনত সহায় কৰে আৰু বিপাক ক্ৰিয়াও নিয়মিত কৰে৷ পিছে প্ৰতিদিনে পৰ্য্যাপ্ত পৰিমাণে পানী খাবলৈ বাৰু আমাৰ কিমানৰ মনত থাকে! মোৰো নাছিল!  কেইবাজনো ডাক্তৰে প্ৰেছক্ৰিপ্টশ্যনত যেতিয়া মোৰ বাবে ঔষধৰ সলনি যথেষ্ট পানী খোৱাৰহে উপদেশ দিলে, তেতিয়াহে মোৰ গা লৰিল৷ শুই উঠি অন্য কিবা পেটত পেলোৱাৰ আগতে এগিলাচ কুহুমীয়া গৰম পানী খাবলৈ ল’লো৷ ঘৰ-অফিচ, বাটে-পথে য’তেই নাথাকো পানীৰ বটলটো লগত লৈ ফুৰা হ’লো৷ কম সময়ৰ ভিতৰতে আৰু ক’ব নোৱাৰাকৈয়ে শৰীৰৰ পূৰ্বৰ বহুতো আলৈ-আহুকাল দূৰ হ’ল৷ এতিয়া সঁচা অৰ্থতে মই পানীৰ সম্পূৰ্ণ ’আসক্ত’! দিনটোতে বটলত যিমানবাৰ পানী ভৰাওঁ আৰু পৰম তৃপ্তিৰে গিলাচে গিলাচে যেনেকৈ পানী খাওঁ যে কোনোবাই মন কৰিলে সঁচাই সেই সন্দেহেই কৰিব! বিশুদ্ধ বুলি কিয় কৈছোঁ বুজিছেই চাগৈ৷ দূষিত পানী হাজাৰটা ৰোগৰ উৎসও৷ গতিকে খোৱা পানীখিনি বিশুদ্ধ নহ’লে হিতে বিপৰীতহে হোৱাৰ সম্ভাৱনা৷

৩) আখলত কিছু সময়
প্ৰথমেই এটা স্বীকাৰোক্তি: বহুদিনলৈকে মই মেগীৰ বাহিৰে অন্য একো ৰান্ধিবলৈ নাজানিছিলো৷ ঘৰত থাকোতে শিকাৰ একো আগ্ৰহ নাছিল৷  ভাৱিছিলো, মোৰ দ্বাৰা ৰন্ধা-বঢ়া সম্ভৱ নহয়৷ যেন তেন প্ৰকাৰেণ সোৱাদ লগা খাদ্য মুখৰ আগত পাই থাকিলে কি খালো, ক’ৰ পৰা-কেনেকৈ আহিল সেইবোৰ প্ৰশ্ন ভুলতো মনলৈ অহা নাছিল৷ পিছে কামৰ বাবে লাগ বুলিলেই কিবা এটা খোৱাবস্তু কিনিবলৈ শ শ মাইল দূৰলৈ কোনো দোকান বা ৰেষ্টুৰেন্ট নোহোৱাকৈ অৰণ্যৰ মাজত নূন্যতম খাদ্যৰে দিন কটোৱাৰ অভিজ্ঞতাই প্ৰথমবাৰৰ বাবে খাদ্যৰ মূল্য কি সেয়া নতুনকৈ উপলব্ধি কৰাই দিলে৷ তেনে ঠাইৰ পৰা ’সভ্যতা’ৰ মাজলৈ ওলাই অহাৰ পিছত মনৰ জোখাৰে সোৱাদ লগাই কিবা এটা খোৱাৰ বাবে পুহি ৰখা হেঁপাহটোৱে ৰান্ধিবলৈ আগ্ৰহী কৰি তুলিলে মোক৷ ইটো-সিটোকৈ নতুন একোবিধ ৰান্ধি-খাই আৰু খুৱাই বৰ সন্তুষ্টি পোৱা হ’লো৷ সুযোগ-সুবিধা মিলিলেই  ৰেষ্টুৰেন্টত খাবলৈ যোৱাৰ অভ্যাসটো প্ৰায় নোহোৱা হৈ পৰিল৷ এই সাধাৰণ পৰিৱৰ্ত্তনটোৱে নজনাকৈয়ে স্বাস্থ্যতো আমূল পৰিৱৰ্ত্তন আনি দিলে৷ ইয়াৰ কাৰণ যথেষ্ট৷ প্ৰথমেই হ’ল, বাহিৰৰ পৰা যিমানেই পৰিষ্কাৰ যেন নালাগক আমাৰ প্ৰায়বোৰ ৰেষ্টুৰেন্টৰ ৰন্ধাঘৰৰ ভিতৰখন এবাৰ দেখিলে আপোনাৰ কেতিয়াও দ্বিতীয়বাৰ তাতে খোৱাৰ সত নাযাব৷ আইনগতভাৱে বাধ্যতামূলক যদিও খাদ্যৰ স্বাস্থ্যবিধি (food hygiene) সম্পৰ্কত আমি এতিয়াও সচেতন হোৱা নাই৷ অপৰিষ্কাৰ খাদ্যই কিমান ৰোগ বিয়পায় সেয়া জানিও আমি প্ৰায় সকলোৱে সেয়া পাহৰি থাকিবলৈ চেষ্টা কৰোঁ৷ ৰেষ্টুৰেন্টত খোৱাটো কমালে এনে অপৰিষ্কাৰ খাদ্যই বিয়পোৱা ৰোগবোৰৰ পৰা হাত সাৰিব পাৰি৷ অতিপাত মছলা দিয়া খাদ্যই কৰা পেটৰ আলৈ আহুকালবোৰৰ কথা নক’লেও হয়৷ বিশেষকৈ কেঁচা শাক-পাচলিৰ চালাড কিমান পৰিষ্কাৰ নিজ চকুৰে নেদেখিলে কেতিয়াও মুখত দিব নালাগে, কাৰণ অপৰিষ্কাৰ কেঁচা পাচলিয়ে বিষক্ৰিয়া কৰিব পাৰে৷ তাৰোপৰি ৰেষ্টুৰেন্টত খোৱাৰ অভ্যাস আঁতৰাব পাৰিলে নিজৰ ইচ্ছামতে স্থাস্থ্যকৰ খাদ্যৰে খোৱা কাঁহীখন সজাই ল’ব পাৰি৷ এখোপ আগবাঢ়ি মই এইটোও ক’ম যে স্থাস্থ্যসচেতন যিকোনো মানুহে নিজৰ প্ৰয়োজনীয় খিনি নিজেই ৰান্ধিবলৈ শিকাটো অতি দৰকাৰী৷ বৰ্তমান ইন্টাৰনেটত সহজ ৰেচিপিৰ, ইউটিউবত নিৰ্দেশনাৰ অভাৱ নোহোৱা দিনত সেইখিনি শিকি ল’ব পাৰিলেই পৰত আশ, বনত বাস পৰিস্থিতিৰ পৰা সহজতে হাত সাৰিব পাৰি৷

৪) দৈনিক কিছু শাৰীৰিক পৰিশ্ৰম 
সুস্বাস্থ্যৰ বাবে শাৰীৰিক সক্ৰিয়তাৰ কিমান প্ৰয়োজন সেয়া জানিলেও  দৈনন্দিন জীৱনৰ নানা লেঠাৰ মেৰপাকত পৰি বহুতৰ সময় বা আগ্ৰহৰ অভাৱ হয়৷ মোৰো হৈছিল বা সঁচাকৈ ক’বলৈ গ’লে এতিয়াও হয়৷ কিন্তু এটা সময়ত মই অনুভৱ কৰিলো, বেলেগকৈ সময় বা সুবিধা নোলালেও দৈনন্দিন জীৱনৰ ৰুটিনৰ সৈতে খাপ খুৱাই আমি বহুতো উপায়েৰে শাৰীৰিক সক্ৰিয়তা বজাই ৰাখিব পাৰোঁ৷ সাধাৰণভাৱে আপোনাৰ ২০ টা খোঁজত এক কেল’ৰিকৈ শক্তি ক্ষয় হয়৷ গতিকে যিমান পাৰি ভৰি দুখনকে ব্যস্ত কৰি ৰাখিব পাৰিলেই শৰীৰৰ সক্ৰিয়তা বৃদ্ধি কৰিব পাৰি৷ যেনে, কম দূৰত্বৰ কৰ্মক্ষেত্ৰলৈ গাড়ীৰে নগৈ খোঁজকাঢ়ি, দৌৰি বা চাইকেলেৰে অহা-যোৱা কৰা, পৰাপক্ষত লিফটৰ সলনি  খটখটী ব্যৱহাৰ কৰা, ঘৰৰ ফুলনি বা শাকনিবাৰীৰ নিজে যত্ন লোৱা- মুঠতে শৰীৰক সক্ৰিয় কৰি ৰাখিব পৰা যিকোনোধৰণৰ এনে সৰু-সুৰা সুযোগবোৰৰ পূৰ্ণব্যৱহাৰ কৰক৷ গৱেষণাই দেখুৱাইছে যে দিনে এঘন্টা নিয়মীয়া খোঁজকঢ়া আৰু তিনিবাৰকৈ মাথোঁ দহমিনিট সময়ৰ বাবে খুউব খৰ খোঁজ দিয়াৰ শৰীৰৰ ওপৰত প্ৰভাৱ একেই৷ সৰু হ’লেও এইবোৰ অভ্যাস সুস্বাস্থ্যৰ বাবে একোটা উল্লেখযোগ্য পদক্ষেপ৷ 

৫) ভাতঘুমটিৰ আমেজকণৰ পৰা বিপদ
অসমীয়াৰ বাবে ভাতঘুমটিৰ আমেজখিনি বৰ হেপেহুৱা৷ গধুৰকৈ ভাতসাঁজ খাই আমি ভাগৰুৱা অনুভৱ কৰোঁ আৰু অকণমানকৈ জিৰোৱাৰ ইচ্ছা হয়েই৷ পিছে এই ভাতঘুমটি কণেই শৰীৰত কেণা লগাই পেলাব পাৰে৷ ইয়াৰ কাৰণ হ’ল, খাই উটাৰ লগে লগে শৰীৰে খাদ্যবোৰ হজম কৰা প্ৰক্ৰিয়া আৰম্ভ কৰে আৰু এই কামটো ভালকৈ সম্পন্ন হয় শৰীৰটো থিয় হৈ থাকিলে৷ শুই দিলে, কিছুমান খাদ্য পাকস্থলী অৰ্থাৎ পেটৰ পৰা উভতি হৈ গ্ৰাসনলী (esophagus)লৈ গ’লে তাৰ সৈতে থকা হজমৰ বাবে নি:সৰণ হোৱা উৎসেচকে পেট জ্বলা-পূৰা (Gastroesophageal Reflux Disease) আৰম্ভ কৰে৷ তাৰোপৰি নিশা খায়ে পোনেই বিছনালৈ গ’লে ষ্ট্ৰ’কৰ সম্ভাৱনাও বঢ়াই তোলে বুলি গৱেষণাত ধৰা পৰিছে৷ গতিকে খোৱাৰ পিছত ভাতঘুমটি কণৰ আমেজ এৰি প্ৰায় দুইৰ পৰা চাৰি ঘন্টালৈ বিছনাত বাগৰ নিদিয়াকৈ থাকিবলৈ চেষ্টা কৰা ভাল৷ 


ব’নাছ টিপ: আজিৰ যুগত যিকোনো বস্তুৰে আঁতি-গুৰি ছেকেণ্ডতে ইন্টাৰনেটত বিচাৰি উলিয়াব পাৰি৷ গতিকে ঘৰুৱা বিধি, বনৌষধ, হোমিঅ’পেথিক-এলোপেথিক-আয়ুৰ্বেদিক আদি যি সামগ্ৰীয়ে নহওক কোনোবাই পৰামৰ্শ দিলে বুলিয়ে জধে-মধে নাখাই গুণাগুণ পৰীক্ষা কৰিহে লোৱা উচিত৷ আটাইতকৈ দৰকাৰী কথাটো হ’ল, আমি যিয়ে মুখত নিদিওঁ, সেয়া আমাৰ নিজৰ শৰীৰেই পাব-তাৰ ভাল-বেয়া প্ৰভাৱ আমাৰ নিজৰ শৰীৰতে আৰু নিজৰ জীৱনতে পৰিব৷ সেয়ে যিমান পাৰি স্বাস্থ্যকৰ খাদ্য খাওক, সুস্বাস্থ্যই আপোনাৰ জীৱনত নিজে ধৰা দিবহি৷

Medindia-ই প্ৰস্তুত কৰা সুষম খাদ্যৰ পিৰামিড