Showing posts with label নাম যাৰ জীৱন. Show all posts
Showing posts with label নাম যাৰ জীৱন. Show all posts

Friday, 2 January 2026

সূৰ্যোদয়ৰ দেশ জাপানত (৭)

পূৰ্বৰ খণ্ডত-

পাহাৰী নগৰী হাক'নেত

প্ৰশান্ত মহাসাগৰৰ পাৰৰ অ'ডাৱাৰা ট্ৰেইন ষ্টেচন। তাত দিনটোৰ পঞ্চমখন ট্ৰেইনত উঠি উপলব্ধি কৰিলোঁ, যাত্ৰীৰ যথেষ্ট ভিৰ! বহিবলৈ আসন পোৱাই টান। এখন খালী আসন দেখি কাইলক ক'লোঁ, 'সৌ তাতে বহাগৈ। শেষ ট্ৰেইন যেতিয়া এইখিনি মই থিয়ৈ যাব পৰিম!'

সি এনেয়ে মোক প্ৰথমে বহিবলৈ জোৰ কৰে। আজি পিছে মূৰ দুপিয়াই পোনেই বহি পৰিল। বুজিলোঁ, কাইল ভাগৰিছে। জাপনৰ উত্তৰ প্ৰান্তৰ নিক্ক'ৰ পৰা আজি তেনেই পুৱাতে ওলোৱা। দিনৰ দিনটো ইখনৰ পিছত সিখন ট্ৰেইন ধৰি এতিয়া দক্ষিণৰ সাগৰৰ কাষ চাপিছোঁহি। তাতে যোৱা নিশাৰে পৰা কাইলৰ জ্বৰ জ্বৰ ভাৱ! 

পাঁচখন ট্ৰেইনেৰে জাপানৰ নিক্ক' টাউনৰ পৰা হাক'নেলৈ
কাইলৰ হাতত বেগ দুটা চমজাই মই ট্ৰেইনৰ দুৱাৰৰ কাষত থিয় দিলোঁগৈ। হাক'নে ট্ৰ'জান ৰে'লৱেৰ ট্ৰেইন এয়া- জাপানৰ আটাইতকৈ পুৰণি পৰ্বতীয়া ৰে'লৱে ব্যৱস্থা। ট্ৰেইনৰ গতিৰ লগে লগে দুয়োকাষৰ পাহাৰবোৰ যেন কাষ চাপি আহিল। সেউজ অৰণ্য ঘন হৈ আহিল। কণ্ডাক্টৰে মাইক্ৰ'ফোনত ইংৰাজীতে ঘোষণা কৰিলে, 'আমি এতিয়া ফুজি-হাক'নে-ইজু ৰাষ্ট্ৰীয় উদ্যানত প্ৰৱেশ কৰিছোঁ। ইয়াৰ পৰাই চুইচবেকৰ ব্যৱহাৰ কৰি এই ট্ৰেইনে পাহাৰৰ ঢালেৰে ওপৰলৈ উঠিবলৈ আৰম্ভ কৰিব। নহ'লে এনে থিয় পাহাৰেৰে অন্য কোনো ট্ৰেইন যাব নোৱাৰে।' 

সঁচাকৈয়ে ট্ৰেইনখনে কেইবাঠাইত ক্ষন্তেক থমকি ৰৈ দিশ সলনি কৰি (চুইচবেক ব্যৱস্থাৰে) পাহাৰৰ ওপৰলৈ বগাবলৈ আৰম্ভ কৰিলে। তাৰ লগে লগে মোৰ দুচকুৰ সন্মুখত ধৰা দিলে, শাৰী শাৰী পাহাৰৰ অপৰূপ সেউজীয়া, শিলনিৰ বুকুৰে অকোঁৱা পকোঁৱাকৈ বৈ যোৱা নদী আৰু সেই ভূচিত্ৰৰ মাজে মাজে জাপানী ঘৰ আৰু বাঁৰী। এখন জীৱন্ত তুলিকাৰ দৰে সেই ৰূপে গোটেই সময়ছোৱা মোক বিমুগ্ধ কৰি ৰাখিলে।

ট্ৰেইনৰ পৰা দেখা পোৱা হাক'নেৰ সেউজীয়া

গ'ৰা ষ্টেচনত নামোঁগৈ মানে সিদিনা আবেলি চাৰি বাজিল। এয়া জাপানৰ কানাগাৱা প্ৰিফেকচাৰৰ পাহাৰীয়া চহৰ হাক'নে। হাকনে আচলতে কেইবাখনো সৰু সৰু গাৱঁৰ সমষ্টি। তাৰে কণমানি এখন নিৰিবিলি পাহাৰীয়া গাওঁ গ'ৰা। ষ্টেচনৰ পৰা আমাৰ এয়াৰ বিএনবিৰ ঘৰলৈ খোজেৰে প্ৰায় দহমিনিটৰ বাট। ঘৰটোৰ নাম- গ'ৰা বেইছ ১০১ (Gora Base 101)। গৃহস্থ মেকুৱে ইতিমধ্যে অনলাইন বিশদ নিৰ্দেশনা দি থৈছে- বাটৰ আৰু ঘৰৰ। লগতে সকীয়াই থৈছে গুগল মেপৰ ঠিকনা চাই ঘৰ উলিয়াব নোৱাৰি। তাৰ সলনি তেওঁ নিজে ফটোৰে সৈতে বাটৰ নিৰ্দেশনা দিছে। তাকে চাই দুয়ো খোজ দিলোঁ। কিন্তু অলপ আগবাঢ়িয়ে খেলিমেলি লাগি গ'ল। 

মেকুৰ ঘৰলৈ নিৰ্দেশনা!

চৌদিশে সৰু সৰু ওখ-চাপৰ পাহাৰীয়া বাট। প্ৰায়বোৰ বাট বা কেঁকুৰিত কোনো নাম বা চিন নাই। আনকি মেকুৰ ফটোৰে সৈতে দিয়া নিৰ্দেশনায়ো সহায় নকৰিলে। এটা কণমানি তিনিআলিৰ মাজত থিয় দি ফোনৰ নিৰ্দেশনা চাই থাকোঁতে এগৰাকী জাপানী মহিলা কাষ চাপি আহিল। জাপানী ভাষাৰে আমাক সুধিলে, কিবা সহায়ৰ প্ৰয়োজন নেকি! অনুমানতে ক'লোঁ, ঘৰ বিচাৰি পোৱা নাই। এইবাৰ তেৱোঁ মেপ চাই বুজাবলৈ আৰম্ভ কৰিলে। জাপানী ভাষাত কোৱা এটা শব্দও বুজি নাপালোঁ কিন্তু আমাক সহায় কৰাৰ আন্তৰিক প্ৰচেষ্টা দেখি মূৰ দোঁৱাই দুয়ো তেওঁক ধন্যবাদ জনালোঁ। 
'কেনি যাব লাগে কিবা বুজিলানে?' তেওঁ যোৱাৰ দিশে চাই মই কাইলক সুধিলোঁ।
'ওহো- একোৱে নুবুজিলোঁ! কিন্তু তেওঁ এই বাওঁহাতে আঙুলীয়াইছিল নহয়-এইফালেই কিজানি।' কাইলে ক'লে।

হাক'নেৰ বাট
কথামতেই কাম। সঁচাকৈয়ে সেইদিশে থকা ঠেক চিৰিয়েদি উঠি গৈ অৱশেষত মেকুৰ ঘৰ ওলালোঁগৈ। চকুত পৰিল, তাৰ কাষৰ ঘৰটোত লিখা আছে- 'নট এ হোটেল'! বুজিলোঁ আমাৰ দৰেই ঘৰ বিচাৰি ঘুৰ্মুটিয়াই থকা পৰ্যটকে কিজানি চুবুৰীয়া ঘৰত বহুবাৰ সুধিছেগৈ! 

মেকুৱে দিয়া স্মাৰ্ট কীৰ ক'ড দি ঘৰৰ দুৱাৰ খুলিলোঁ। এটা আধুনিক ষ্টুডিঅ' এপাৰ্টমেণ্ট। বহা-কোঠাৰ কাষতে দুখলপীয়া বিছনা মানে বাংক বেড। তাত বয়-বস্তু থৈয়ে দুয়ো পুনৰ ওলাই আহিলোঁ- আন্ধাৰ নমাৰ আগেয়ে গ'ৰা টাউনখন চাওঁ বুলি। কাইলে ক'লে,
'ইয়াত ৭-১১ এখন আছে- তাতে দৰকাৰী বয়-বস্তুও কিনিব পাৰিম।'

এই আমেৰিকান কনভেনিয়েন্স ষ্ট'ৰ বা দোকান ৭-১১ ৰ জাপানত জনপ্ৰিয়তাৰ কথা শুনি আহিছোঁ। কিন্তু এতিয়ালৈকে আমি আশা কৰাৰ দৰে সকলো ঠাইতে ৭-১১ দেখিবলৈহে পোৱা নাই। কানাডাত প্ৰতিটো কোণতে অলেখ-অসংখ্য ৭-১১ ৰ দোকান। সেয়ে ইয়াৰ জাপানী ৰূপ চাওঁ বুলি তালৈকে ওলালোঁ। গুগুল মেপৰ মতে খোজেৰে মাথোঁ বিছ মিনিটৰ বাট। পিছে মূল বাটেৰে নগৈ হাবিৰ মাজেৰে সেয়া চমু বাট। হাবিতলীয়া বাটটোত ঠেক পকী চিৰি। দুয়োফালে বাঁহনি। সেইবাটেৰে যিমানে পাহাৰৰ তললৈ নামিলোঁ সিমানেই বাটটো থিয় হৈ আহিল- ওখ-চাপৰ ঠেক চিৰিত উজুটি নাখাবলৈ খুপি খুপি যাবলৈ আৰম্ভ কৰিলোঁ। 
'এই ৭-১১ বিচৰাৰ অভিযান ভবাতকৈও বেছি এডভেঞ্চেৰাছ হ'ব যেন পাইছোঁ।' কাইলে ক'লে। 
'একো নাই, উভতাৰ পৰত টেক্সি বা বাছ লৈ ল'ম দিয়া।' সান্তনাৰ সুৰত ক'লোঁ। এই চিৰিৰে পাহাৰৰ ওপৰলৈ বগোৱাৰ কথা ভাৱিবৰে ইচ্ছা নহ'ল মোৰ। এনেতে দেখা পালোঁ দুগৰাকী জাপানী পৰ্য্যটক চিৰিৰে ওপৰলৈ বগাই আহিছে। দেখাত মাক-জীয়েক যেন ভাৱ হ'ল। দুয়োৰে হাতত এটাকৈ প্ৰকাণ্ড চ্যুটকেছ। কেঁকো-জেঁকোকৈ বেগ দুটা চিৰিৰে ওপৰলৈ উঠাইছে। তেওঁলোকৰ দুচকুৰ ক্লান্তি দেখি পুতৌ উপজিল।

হাক'নেৰ হায়া নদী
'মূল বাটলৈ বেছি দূৰ নাই! ইউ গট দিছ!' কাইলে কৈ উঠিল।

'আৰিগাট' গজাইমাছ!'  মাক-জীয়েক দুয়ো স্বস্তিৰ হাঁহি এটা মাৰি আগবাঢ়িল।

পাহাৰৰ নামনিত হায়া নদীৰ ওপৰত এখন কাঠৰ দলং।নৈৰ দুয়োপাৰৰ শাৰদী ৰং উপভোগ কৰি তাতে কিছুপৰ জিৰাই ল'লোঁ। সিপাৰে মিয়াগিন' গাওঁ। তাৰ মূল বাটৰ কাষতে ৭-১১। দোকানখন অন্য কনভেনিয়েন্স ষ্ট'ৰৰ দৰেই। দৈনন্দিন জীৱনত প্ৰয়োজনীয় সকলো বয়-বস্তুৰে ঠাহ্‌ খাই আছে। পিছদিনা খাবলৈ দুই এবিধ বস্তু লৈ এইবাৰ আকৌ উভতনি যাত্ৰা। গম পালোঁ, বাছ বা টেক্সিৰ বাবে আধাঘণ্টা বাট চাব লাগিব। অগ্যতা দুয়ো টৰ্চ উলিয়াই ল'লোঁ। হায়া নদী পাৰ হৈ সেই একেই থিয় চিৰিৰে পাহাৰ বগাবলৈ আৰম্ভ কৰিলোঁ। এইবাৰো প্ৰকাণ্ড বেগৰ সৈতে যুঁজি থকা কেইবাগৰাকী পৰ্য্যটকৰ সৈতে মুখামুখি হ'ল। ভাৱ হ'ল, প্ৰায়বোৰ হোটেল বা থকা ঠাইলৈ কিজানি এই বাটেই চমূ বাট। সেয়ে সকলো বাধ্য হৈ এই বাটকে লৈছে। 

এয়াৰ বিন এনবিৰ ঘৰ পাই কাইল পোনেই বিছনাত পৰিলগৈ। সন্ধিয়াৰ অভিযানে হয়তো জ্বৰ আৰু গাৰ বিষৰ প্ৰকোপ বঢ়ালেহে। অন্ধকাৰ আৰু নিস্তব্ধতাই মাজৰাতি যেন ভাৱ আনিলেও তেতিয়া মাথোঁ সন্ধিয়া সাত বাজিছেহে। সেয়ে চোফাত আৰামকৈ বহি লৈ মই পিছদিনাৰ পৰিকল্পনা কৰাত লাগিলোঁ। মূল লক্ষ্য, মানুহৰ সোঁতৰ পৰা কেনেকৈ হাত সৰা যায়! 

জাপানৰ হাক'নে পৰ্যটকৰ মাজত ভীষণ জনপ্ৰিয়। ইয়াৰ এক প্ৰধান আকৰ্ষণ  হাক'নে লুপ (Hakone loop) -এটা বৃত্তাকাৰ পথ যি অৱাকুডানিৰ আগ্নেয়গিৰিৰ পৰা অপৰূপ অশ্বি হ্ৰদলৈকে অঞ্চলটোৰ সকলোবোৰ পৰ্য্যটনৰ আকৰ্ষণ সামৰি লৈছে। এই বৃত্তাকাৰ পথৰ পৰিৱহণ ব্যৱস্থাও অভিনৱ। সমগ্ৰ পথটো সংযোগ কৰিছে বাছ, কেবল কাৰ, আকাশী পথ (rope way) আৰু জলদস্যুৰ নাওঁ (Pirate ship)-এ! গতিকে পৰ্য্যটকে হাক'নেৰ প্ৰাকৃতিক আৰু সাংস্কৃতিক ৰূপ উপভোগ কৰাৰ লগতে এই যাত্ৰাৰ অপূৰ্ব অভিজ্ঞতাৰ সোৱাদো ল'ব পাৰে। সেইবাবেই কণমানি হাক'নেত পৰ্য্যটকৰ ভিৰৰ মাত্ৰাও বেছি। শুনিছোঁ, প্ৰায়বোৰ ঠাইতে মানুহৰ সৈতে দীঘলীয়া শাৰীত ৰৈ থাকোঁতেই বহুপৰ যায়। সেয়ে অনলাইন খুঁচৰিলোঁ-'how to beat the crowd at Hakone?'  উপায় উলিয়াবলৈ গুগলৰ বেছি পৰ নালাগিল। 
হাক'নে লুপ ( চিত্ৰ: গুগল)

প্ৰায়বোৰ পৰ্য্যটকে হেনো কেবল কাৰ আৰু আকাশী পথেৰে এই যাত্ৰা আৰম্ভ কৰি আবেলিলৈ হ্ৰদৰ পাৰ পায়হি। গতিকে গুগলৰ উপদেশ-বিপৰীত মূৰত আৰম্ভ কৰিলে মানুহৰ ভিৰ কম থাকিব। বৰ উৎসাহেৰে মাত দিলোঁ, 'কাইল, কাইলৈ আমি হাক'নে লুপ ওলোটাকৈ আৰম্ভ কৰিম দেই!'  

'কাইল?!'

একো উত্তৰ নাপাই ঘুৰি চালোঁ। কাইল ইতিমধ্যে টোপনিৰ কোলাত!
হাক'নেৰ চুবুৰীয়া ঘৰটোত জাননী 

Saturday, 29 November 2025

সূৰ্যোদয়ৰ দেশ জাপানত (৩)

পূৰ্বৰ খণ্ডত-

য়'য়'গি উদ্যানৰ প্ৰাণময় পুৱা

য়'য়'গি উদ্যানৰ একাংশ
টকিঅ'ত আমাৰ তৃতীয় দিন। জেট লেগৰ প্ৰভাৱত পুৱতি নিশাতে সাৰ পালোঁ। সেয়ে পূবত ধলফাট দিয়াৰ লগে লগে দৌৰিবলৈ ওলাই আহিলোঁ। যোৱা প্ৰায় এটা দশক ধৰি য'তে সুবিধা পাওঁ সেউজীয়াৰ মাজেৰে দৌৰাটো মোৰ প্ৰায় নিচাৰ দৰে হৈছেগৈ। আমাৰ হোটেলৰ কাষতে উদ্যান এখন থকা দেখা পাই টকিঅ'তো সেই লোভ সামৰিব নোৱাৰিলোঁ। 

শ্বিবুয়াৰ হোটেলৰ পৰা ওলাই উত্তৰদিশে দুইমিনিটমান খোজ কাঢ়িলেই য়'য়'গি উদ্যান। মেইজি তীৰ্থভূমিৰ কাষৰীয়া অন্য এক মহানাগৰিক সেউজীয়া পৃথিৱী। মূল প্ৰবেশদ্বাৰেৰে সোমোৱাৰ লগে লগে পুৱাৰ সতেজ বতাহ এছাটিয়ে মোক চুই গ'ল। তাতে ৰহণ চৰাই কোমল ৰ'দজাক শাৰী শাৰী ওখ গছৰ সেউজীয়াৰ মাজেৰে উদ্যানৰ বাটত ছিটিকি পৰিছে। সেই বাটেৰে আগবাঢ়িছে বহু পদচাৰী। কিছু লোক অকলশৰে, কিছুমানে গোট বান্ধি দৌৰিছে, কিছুমানে চাইকেল চলাইছে। বহুতে আকৌ উদ্যানৰ সেউজীয়া, পুখুৰীৰ হাঁহ আৰু বগলীৰ ৰূপ চাই চাই মৰ্ণিং ৱাক কৰিছে। প্ৰায়বোৰ মানুহেই উদ্যানৰ ঘাঁহনিত মুকলিতে থুপ খুৱাই নিজৰ বেগ আৰু অন্য বয়-বস্তু এৰি গৈছে। ভাৱ হ'ল, আগেয়ে শুনি অহাৰ দৰেই ইয়াত চুৰি বা অন্য অপৰাধ হয়তো কম। 

অন্য পদচাৰীৰ লগত যোগ দি ময়ো উদ্যানৰ সৰু-বৰ বাটেৰে দৌৰিবলৈ আৰম্ভ কৰিলোঁ। ভৰিৰ গতিৰ লগে লগে দেহ-মন পাতলি আহিল- জেট লেগৰ ক্লান্তি আঁতৰি এক অবাৰ্চীন শিহৰণে জোকাৰি গ'ল। মোৰ আগে-পিছে বিভিন্ন বয়স আৰু ফিটনেছৰ লোক। কিছুমানে ভীষণ জৰুৰী ভাৱে নিজৰ স্মাৰ্টৱাট্চ‌ চাই চাই সময় মিলাই দৌৰিছে- হয়তো কোনো প্ৰশিক্ষণৰ বাবে। কোনোবাই লগৰীয়াৰ লগত কথা আৰু হাঁহিৰ মাজেৰে চৌদিশৰ শোভা উপভোগ কৰি লাহে লাহে দৌৰিছে। এই উদ্যানে যেন বয়স-ফিটনেছ নিৰ্বিশেষে সকলোকে প্ৰকৃতি আৰু নিজৰ কাষ চপাৰ সুবিধা দিছে। মহানগৰীৰ কংক্ৰিটৰ অৰণ্য আৰু নিয়ন লাইটৰ পৰা ক্ষণিক বিৰতি দিছে। এনেকৈ টকিঅ' মহানগৰীৰ সেউজ কোণ এটাত দৌৰিবলৈ পাই নিজকে বৰ ভাগ্যৱান যেন ভাৱ হ'ল। এয়া যে মাথোঁ তিনিদিন আগলৈকে মোৰ বাবে এক সপোনেই আছিল! 

টকিঅ'ৰ পৰা নিক্ক'লৈ

উভতি আহি দেখোঁ, বয়-বস্তু সকলো সামৰি কাইল ইতিমধ্যে সাজু হৈছে। গতিকে ময়ো খৰধৰকৈ সাজু হ'লোঁ। পুৱা নমান বজাত দুয়ো শ্বিবুয়া ট্ৰেইন ষ্টেচন পালোঁগৈ। আজি ষ্টেচনত আগতকৈ সহজ ভাৱ হ'ল। টকিঅ' আহি পায়ে ইয়াত প্ৰথম নিশাৰ চমকৰ কথা মনত পেলাই দুয়ো হাঁহিলোঁ। সেই নিশাৰ দৰে নহ'লেও এই পুৱাতে ষ্টেচনত যথেষ্ট ভিৰ। বিভিন্ন ৰে'লৱে লাইন-সেইমতে নিৰ্দিষ্ট ৰঙৰ চিন আৰু নিৰ্দেশনা। গুগল মেপত সেয়া চাই আমাৰ ষ্টেচন বিচাৰি উলিয়াই স্থানীয় ট্ৰেইনেৰে আছাকুছা ষ্টেচনলৈ ৰাওনা হ'লোঁ। মানুহৰ ভিৰৰ মাজেৰে কেৰি অন চ্যুটকেছ আৰু পিঠিৰ বেগ ধৰি থিয় দি থাকিয়ে দুয়ো আছাকুছা পালোঁগৈ। 

আজি আমাৰ গন্তব্যস্থান নিক্ক'। টকিঅ'ৰ পৰা উত্তৰলৈ জাপানৰ ট'চিগি প্ৰিফেকচাৰত থকা এক ঐতিহাসিক পাহাৰী চহৰ নিক্ক'। সাংস্কৃতিক সমৃদ্ধি আৰু প্ৰাকৃতিক সৌন্দৰ্যৰ এক অনন্য মিলনক্ষেত্ৰ। আছাকুছাৰ পৰা নিক্ক'লৈ যাবলৈ 'চবু নিক্ক' ট্ৰেইন লাইন ধৰিব লাগে। কিন্তু আমি ঠিক কৰিলোঁ, প্ৰথমে নিক্ক' পাছ একোখন কিনি লওঁ। সেয়ে ষ্টেচনত থকা টবু ৰে'লৱেৰ  অফিচ পালোঁগৈ। সন্মুখত মানুহৰ দীঘলীয়া লানি। পোন্ধৰ মিনিটমান শাৰী পতাৰ পিছত কাউণ্টাৰ পোৱাত সাদৰী জাপানী মহিলাগৰাকীয়ে দুখন নিক্ক' পাছ আগবঢ়াই ইংৰাজীত ক'লে,

'এয়া আপোনালোকৰ নিক্ক' পাছ। তিনিদিনৰ বাবে বৈধ। গতিকে সেইকেইদিনত নিক্ক'ৰ সকলো টবু বাছ, ৰে'লৱে আৰু ফেৰী ক্ৰুজত আপোনালোকে এই পাছ ব্যৱহাৰ কৰিব পাৰিব। বেলেগকৈ কোনো টিকেট লোৱাৰ প্ৰয়োজন নাই। পাছৰ দাম আঠহাজাৰ য়েন- গতিকে দুজনৰ ষোল্লহাজাৰ।'

'আৰিগাট' গ'জাইমাছ!' কাইলে ক্ৰেডিট কাৰ্ডখন আগবঢ়াই দিলে। কানাডাৰ ক্ৰেডিট কাৰ্ড প্ৰায় সকলো ঠাইতে ব্যৱহাৰ কৰিব পাৰি। গতিকে অন্য উপায় ল'ব লগা নহ'ল।

তেওঁ মূৰ দোঁৱাই কাৰ্ডখন ল'লে। তাৰপিছত সুধিলে,

'নিক্ক'লৈ যাবলৈ স্থানীয় ট্ৰেইনতহে এই পাছ ব্যৱহাৰ কৰিব পাৰিব। লিমিটেড এক্সপ্ৰেছ ট্ৰেইনখন কমসময়তে নিক্ক' পায়গৈ। কিন্তু তাৰবাবে বেলেগকৈ টিকেট কৰিব লাগিব। আপোনালোকক সেই টিকেটৰো প্ৰয়োজন নেকি?'

আমি দুয়ো দুয়োৰে চকুলৈ চালোঁ। কি কৰা যায়?

'লিমিটেড এক্সপ্ৰেছ কেইবজাত আছে বাৰু?' মই সুধিলোঁ।

'দহমিনিট পিছতে এখন ট্ৰেইন আছে। কিন্তু তাৰ সকলো টিকেট ইতিমধ্যে বিক্ৰী হৈ গৈছে। পিছৰখন দুঘণ্টা পাছত মানে বাৰ বজাত আছে।'

টকিঅ'ৰ পৰা নিক্ক'লৈ প্ৰায় ১৫০ কিমি

আমি আচৰিত হ'লোঁ। আমাৰ মুখৰ ভাৱ দেখি মহিলাগৰাকীয়ে আকৌ ক'লে, 'এতিয়া শৰতৰ ৰূপ চাবলৈ নিক্ক'লৈ বহুত পৰ্য্যটক আহিছে- এয়া নিক্ক'ত পৰ্য্যটনৰ আটাইতকৈ ব্যস্ত সময়।'

'আজি তালৈ যাবলৈ অন্য কিবা ট্ৰেইন আছেনে?' কাইলৰ উৎকণ্ঠিত মাত।

'আছে!' তেওঁ যেন সাজু হৈয়ে আছিল। লিফলেট এখন আগবঢ়াই দি ক'লে, 'এয়া নিক্ক'লৈ যোৱা সকলো স্থানীয় ট্ৰেইনৰ সময়। পিছে স্থানীয় ট্ৰেইন বহুতো ষ্টেচনত ৰ'ৱ বাবে নিক্ক' গৈ পাবলৈ লিমিটেড এক্স্প্ৰেছতকৈ যথেষ্ট সময় ল'ব। ট্ৰেইন কেইবাবাৰো সলাবও লাগিব।'

কাইল আৰু মই খৰকৈ চিন্তা কৰিলোঁ। ইতিমধ্যে আমাৰ পিছত মানুহৰ লানি আগতকৈও দীঘল হৈছে। ঠিক কৰিলোঁ, ইয়াৰ পিছৰখন লিমিটেড এক্সপ্ৰেছৰ বাবে দুঘণ্টা ৰৈ থকাতকৈ স্থানীয় ট্ৰেইনত গৈ থকাই ভাল হ'ব। বয়-বস্তু বেছি নাই যেতিয়া ট্ৰেইন সলাবলৈও বিশেষ অসুবিধা নহয়।

জাপানী কৰ্চন চৰাইৰ অৰিগেমি

কাউণ্টাৰৰ মহিলাগৰাকীক ধন্যবাদ জনাই আমি ওলাই আহিলোঁ। অফিচৰ সন্মুখতে এগৰাকী মহিলাই অৰিগামি বেচি আছিল। জাপানৰ এক পৰম্পৰাগত আৰু জনপ্ৰিয় এই হস্তবিদ্যা। মই তাতে থমকি ৰোৱা দেখি মহিলাগৰাকী আগবাঢ়ি আহিল। ভঙা ভঙা ইংৰাজীৰে ক'লে,

'এয়া কৰ্চন চৰাইৰ ধাতুৰে কৰা অৰিগামি- কৰ্চন চৰাইক জাপানত কৃতজ্ঞতা আৰু সৌভাগ্যৰ প্ৰতীক বুলি বিশ্বাস কৰে।'

'বহুত ধুনীয়া!' ক্ৰেইন মানে কৰ্চন চৰাইবোৰ চাই মই ক'লোঁ। 'ধাতুৰ অৰিগেমি মোৰ বেগত নোসোমাব- দামো বেছি!'

'এয়া কাগজৰো অৰিগেমি আছে- সেয়া বিনামূলীয়া। ইচ্ছা কৰিলে সেয়া ল'ব পাৰে!'

দুয়ো হেঁপাহেৰে কাগজৰ দুটি কৰ্চন চৰাই একোটা লৈ আৰু তেওঁক বহুত ধন্যবাদ জনাই  ষ্টেচনতে এখন কেফেত বহিলোঁহি।কফি একোকাপ খাই লৈ স্থানীয় ট্ৰেইনত উঠাৰ কথা। কিন্তু কফিৰ মাজতে লিফলেটত স্থানীয় ট্ৰেইনৰ সময় চাই মোৰ চকু কপালত উঠিল। অন্তত: তিনি বা চাৰিবাৰ ট্ৰেইন সলাব লাগিব। তাৰে কেইখনমানৰ সময়ৰ মাজৰ বিৰতি মাথোঁ পাঁচমিনিট। কেফেৰ চকীৰ পৰা ঘপকৈ উঠি কাইলক ক'লোঁ,

'যিমান খৰধৰ কৰিলেও ইয়াৰ বিশাল ষ্টেচনবোৰত মানুহৰ ভিৰৰ মাজেদি প্লেটফৰ্ম সলাই পাঁচমিনিটত অন্য ট্ৰেইন ধৰা সম্ভৱ নহয়। সেয়া যদি নাপাওঁগৈ লিমিটেড এস্কপ্ৰেছতকৈ বহুত পলমকৈ আমি নিক্ক' পামগৈ।'

দুয়োৰে বুজিবলৈ বাকী নৰ'ল যে দুঘণ্টা পিছৰ ট্ৰেইনখনেই আমাৰ একমাত্ৰ ভৰসা। এইবাৰ আকৌ মানুহৰ ভিৰৰ মাজেৰে প্ৰায় দৌৰি যোৱাদি টবু ৰে'লৱেৰ অফিচ পালোঁগৈ। আকৌ দীঘলীয়া লানিত থিয় দিব লগা হ'ল। আধাঘণ্টামান পিছত সেই ট্ৰেইনৰ দুটা টিকেট পাইহে স্বস্তিৰ নিশ্বাস পেলালোঁ।

এক মিনিটৰো হেৰফেৰ নকৰাকৈ চাৰে বাৰ বজাৰ লিমিটেড এক্সপ্ৰেছ ট্ৰেইনে শ্বিবুয়া এৰিলে। স্থানীয় ট্ৰেইনতকৈ টিকেটৰ দাম বেছি যদিও এইখন যথেষ্ট আৰামদায়ক ট্ৰেইন। আসনৰ সন্মুখত সৰু ফল্ডিং টেবুল আৰু কোট বা জেকেট ওলমোৱাৰ ব্যৱস্থা। মূৰৰ ওপৰত সৰু বেগ আৰু প্ৰতিখন কাৰৰ একাষে ডাঙৰ বয়-বস্তু লক কৰি থোৱাৰ ব্যৱস্থা আছে।

দুঘণ্টীয়া যাত্ৰাৰ সমগ্ৰ বাটছোৱা ৰ' লাগি খিৰিকীৰে জাপানৰ ৰূপ উপভোগ কৰিলোঁ। দুয়োকাষে সঘনে চিত্ৰপট সলনি হ'ল। টকিঅ' মহানগৰীৰ আকাশচুম্বী অট্টালিকা আঁতৰি ন-ভূঁই ৰোৱা পথাৰ, সৰু সৰু জুৰি আৰু গাওঁ দেখা দিলে। বহু ঘৰৰ চৌহদত দেখা পালোঁ প্ৰায় পাতবিহীন গছ কিছুমানত ভৰি ভৰি কমলাৰ দৰে এবিধ ফল। পিছতহে গম পালোঁ, সেয়া য়ুজু ফল। নিক্ক'ৰ দিশে যিমানেই ট্ৰেইন আগবাঢ়িল, সিমানেই খৰকৈ দিগন্তৰ শাৰী শাৰী পাহাৰবোৰ কাষ চাপি আহিল। মোৰ উত্তেজনাও বাঢ়িল। ভাৱ হ'ল যেন, মহানাগৰিক হৈ চৈৰ পৰা ওলাই ক্ৰমান্বয়ে নিৰিবিলি প্ৰকৃতিৰ বুকুলৈ আগবাঢ়ি গৈছোঁ। 

ট্ৰেইনৰ পৰা দেখা পোৱা জাপানী শইচৰ পথাৰ

পাহাৰী নগৰী নিক্ক'ৰ আদৰণি

টবু-নিক্ক' ষ্টেচন
আবেলি চাৰে তিনিবজাত টবু-নিক্ক' ষ্টেচনত নামিলোঁগৈ। মাথোঁ দুটা প্লেটফৰ্মেৰে তেনেই কণমানি সেই ষ্টেচন। ষ্টেচনৰ পৰা ওলোৱাৰ লগে লগে চেঁচা বতাহ এজাকে আমাক নিক্ক'লৈ আদৰিলে।

'ইয়াত টকিঅ'তকৈ যথেষ্ট ঠাণ্ডাচোন!' কাইলে কোটৰ বুটাম মাৰি ল'লে।

'পাহাৰীয়া ঠাই যে! আমাৰ এয়াৰ বি এনবি ওচৰতে। গৈ পাইহে বাকী গৰম কাপোৰ উলিয়াম আৰু।' মই ক'লোঁ।

দুয়ো ষ্টেচনৰ পৰা ওলাই মূল পথেৰে খোজ দিলোঁ। তাৰ পৰা পোনে পোনে এলানি ওখ গছৰ শেষত এয়াৰ বি এন বিটো বিচাৰি উলিয়াবলৈ কোনো অসুবিধা নহ'ল। ইতিমধ্যে জাপানী গৃহস্থই পঠাই থোৱা নিৰ্দেশাৱলী চাই লৈ লকাৰৰ পৰা ঘৰৰ চাবি উলিয়ালোঁ।

'এয়াই চাৰিদিনৰ কাৰণে আমাৰ ঘৰ!' চাবি পকাই মূল দুৱাৰখন খুলি কাইলক ক'লোঁ। সি হাঁহিলে। 

মূল দুৱাৰৰ সিপাৰে কিছু মুকলি ঠাই। একাষে চেলফত বহুকেইযোৰ শ্লিপাৰ চেণ্ডেল। লগতে এটা খৰাহীত চাৰি-পাঁচটা ছাতি। তাৰ পৰা আগলৈ কিছু ওখ মজিয়া। বুজিলোঁ, সেইখিনিৰ পৰা আগলৈ বাহিৰৰ জোতা-চেণ্ডেল নিব নোৱাৰি। দুয়ো বুটজোতা খুলি শ্লিপাৰ এযোৰ পিন্ধি ল'লোঁ। দুয়ো বয়-বস্তু তাতে থৈ এফালৰ পৰা কৌতুহলেৰে ঘৰটো চাই গ'লোঁ। সোঁফালে বহা কোঠা আৰু পাকঘৰ। বাওঁকাষে দুটা শোৱাকোঠা আৰু গা ধোৱা ঘৰ। সকলো পৰিপাটিকৈ সজাই ৰাখিছে। মন কৰিলোঁ, বাথৰুমত টয়লেট লিখি থোৱা অন্য এযোৰ শ্লিপাৰ। শৌচাগাৰত সকলোতে দেখি অহা অত্যাধুনিক ৱাছলেট। আনকি বাথ টাবৰ কাষতো এখন চুইচবৰ্ড। কিমান উষঞতাৰ পানী লাগে ইত্যাদি চুইচ টিপিয়ে কৰিব পাৰি। 

'ধুনীয়া!' ঘুৰি পকি চাই কাইলে সন্তুষ্টিৰে মাত দিলে। দুয়ো গৈ এইবাৰ গৈ এখিনি ঠেক চিৰিৰ সন্মুখত থিয় দিলোঁগৈ। সি অলপ আচৰিত ভাৱেৰে ক'লে, 'ইমান ডাঙৰ ঘৰ! ওপৰত আৰু আছে?' 

নিক্ক' চহৰৰ এয়াৰ বি এনবি

'চাৰপ্ৰাইজ!'  বহল হাঁহি এটাৰে মই ক'লোঁ। নিক্ক'ৰ সকলো পৰিকল্পনা মোৰ। জাপানৰ প্ৰায়বোৰ হোটেলৰ কোঠা সৰু বুলি জানিয়ে নিক্ক'ত এই ঘৰ বুক কৰিছিলোঁ। মহানগৰৰ পৰা দূৰৈৰ এই পাহাৰীয়া টাউনত আহল-বহলকৈ দুদিনমান থাকিম বুলি। এইবাৰ দুয়ো উৎসাহেৰে চিৰিয়েদি ওপৰ পালোঁগৈ। 

ওপৰ মহলাত সৰু বেলকনি এখনেৰে জাপানৰ পৰম্পৰাগত কোমল বাঁহৰঙী টাটামি মেটৰ এটা কোঠা। প্ৰথম দেখাত আমি দুয়ো অলপ আচৰিত হ'লোঁ। কাৰণ কোঠাটো সম্পূৰ্ণ মুকলি। কণমানি এখন জাপানী টেবুলৰ বাহিৰে একো আচবাব পত্ৰ নাই! 
 
'অঁ, এইটোচোন জাপানৰ পৰম্পৰাগত শোৱা কোঠা!' কৈ কাইলে আগবাঢ়ি গৈ খিৰিকীৰ পৰ্দা কোঁচাই দিলে। খিৰিকীৰ বাওঁকাষে দিগন্তৰ ধৰা দিলে শাৰী শাৰী সেউজীয়া পাহাৰে। মই অভিভূত হৈ পৰিলোঁ। নিক্ক'ত থকা দিনকেইটাত প্ৰতি পুৱা তাৰ টাটামি মেটত যোগা কৰিবলৈ পাই এই কোঠাটো মোৰ প্ৰিয় কোঠা হৈ পৰিল!

নিক্ক'ৰ জাপানী পৰম্পৰাগত কোঠা

Sunday, 11 June 2023

এলবাৰ্টা ১০৭: এডমণ্টনত গ্ৰীষ্ম

 (ক) দেশ-বিদেশ

ব'নী ডুন কমিউনিটি চেণ্টাৰ। শনিবাৰৰ ৰাতিপুৱা যদিও ৰ'দজাক চোকাকৈ ওলাইছে। ইয়াত জাৰৰ প্ৰকোপ যেনে গ্ৰীষ্মৰো তেনে। হঠাতে পৰা গৰমৰ প্ৰতাপত মানুহবোৰ খপজপকৈ যেন সাজু হৈছে। পাহৰি পেলাইছে বৰফাবৃত শীতৰ দিনবোৰৰ কথা। বৰফ গলি মুকলি হৈ পৰা চোতালত ফুলনি আৰু শাকনি পাতিছে। পুৱাই বাটে বাটে দৌৰা, চাইকেল চলোৱা মানুহে ভিৰ লগাইছে। এই দিনবোৰে আনি দিয়া সজীৱতাখিনি আকোঁৱালি লৈয়ে ময়ো আজি ছুইমিং পুলত।

এডমণ্টনৰ চুবুৰীয়ে চুবুৰীয়ে থকা কমিউনিটি চেণ্টাৰবোৰৰ দৰেই এই চেণ্টাৰতো পৰিয়াল-বন্ধু বান্ধৱৰ সৈতে খেলা, ব্যায়াম বা সাঁতোৰাৰ অনেক ব্যৱস্থা। যোৱা কেইমাহমানৰ পৰা ইয়াৰ ছুইমিং পুললৈ আহিবলৈ লৈছোঁ। শিকোঁ শিকোঁ বুলিও ৰৈ যোৱা সাঁতোৰ শিকিবলৈ প্ৰতি সপ্তাহে চেষ্টা কৰিছোঁহি। 

আজিও পোনেই গৈ লেন'ত নামিলোঁ। অন্যদিনাৰ দৰে বেছি ভিৰ নাই। মোৰ গগলছ লগাই লৈ লাহে লাহে সাঁতুৰি আগবাঢ়িলোঁ। ওপৰলৈ মুখ কৰি চিত হৈ দিয়া চিলনী সাঁতোৰ ঠিকেই শিকিছোঁ। কিন্তু পুলৰ সিপাৰৰ দ' অংশলৈ যাবলৈ এতিয়াও সাহস হোৱা নাই। সেয়ে সাঁতুৰি গৈ পুলৰ ঠিক মাজ পায়ে ৰৈ গ'লোঁ। লেন ভাগ কৰা চিনটোৰ একাষে থমকি ৰৈ ভাৱিলোঁ, 

'গৈ চাওঁ নেকি আজি? লাইফগাৰ্ডবোৰতো ঘুৰিয়ে ফুৰে। সাঁতুৰিব নোৱাৰিলে ধৰিব নহয়!'

'হাই!' কাষতে মাতটো শুনি চক খাই উঠিলোঁ। 

সিমূৰৰ পৰা সাতুঁৰি আহি আহি ঠিক মোৰ কাষতে ৰৈ গৈছেহি এজন ডেকা ল'ৰা। লনী দেহৰ ল'ৰাজনৰ ৰঙচুৱা কেকুঁৰা চুলি, ৰঙচুৱা দাড়ি- যাক ইয়াত কয় আদাবৰণীয়া (জিঞ্জাৰ) বুলি।

কি ক'লে ধৰিব নোৱাৰি গগলছযোৰ খুলি লৈ মুখৰ পানীখিনি টুকি লৈ ক'লোঁ, 'ছ'ৰি, কিবা কৈছিল?'

'তুমি ফিলিপিন' নেকি?' তেওঁ কৌতুহলেৰে মোলৈ চাই থাকি সুধিলে।

'নহয়, মই ভাৰতীয়।' কৈ ভাৱিলোঁ আৰু কিবা ব্যখ্যা দিমনে! 

এই প্ৰশ্নটোৰ উত্তৰ দি দি কেতিয়াবা আমনি লাগি যায় মোৰ। মোৰ মংগোলীয় ঠাচৰ চেহেৰা বহুতে ভাৰতীয় বুলি অনুমানেই কৰিব নোৱাৰে। আনকি ভাৰতীয় মানুহেও সেই ভুল কৰে। সাধাৰণতে মই নিজে ঠিক কৰি লোৱা নিয়মটো হ'ল, ভাৰতৰ বাহিৰৰ মানুহ হ'লে ক'ম ভাৰতৰ বৈচিত্ৰ্যৰ কথা- উত্তৰ-পূব কোণত থকা মানুহবোৰৰ কথা, তাৰ থলুৱা কলা-সংস্কৃতিৰ কথা। যেন বিদেশী চিনাকি-অচিনাকি মানুহবোৰক অসমৰ বিষয়ে জনোৱাৰ সেয়া এক সোণালী সুযোগ বুলিয়ে গ্ৰহণ কৰিব খোজো।

কিন্তু ভাৰতীয় হ'লে মোৰ অসমীয়া জাতীয়তাবাদে আৰু আত্মসন্মানবোধে বাট ভেঁটা  দি ধৰে। নিজৰ দেশৰ বিষয়ে জনাটো সকলোৰে কৰ্তব্য নহয় জানো? বিচাৰিলে নিজেই ভূগোল-ইতিহাস-গুগুল চাই অসমৰ বিষয়ে শিকি ল'ব। কোনো ভাৰতীয়ক সেইবিষয়ে মই নিজে ক'বলৈ নাযাওঁ। সেইটো যেন মোৰ সন্মানত আঘাত লগা কথা।

কিন্তু এই আদাবৰণীয়াক কি কোৱা যায়? মই ঠিক কৰাৰ আগেয়ে তেওঁ ক'লে,

'তোমাৰ মা-দেউতা কোনোবা ফিলিপিন' নেকি?'

'নহয়।' ইচ্ছাকৃতভাৱেই মই তাতোকৈ বেছি একো নক'লোঁ। চাওঁচোন এওঁ কথা কিমান দূৰলৈ টানে!

'সঁচাই? তুমি ফিলিপিনছ'ত থাকিছা নেকি কেতিয়াবা?'

এইবাৰ মোৰ ধৈৰ্য্য হেৰাল! মুঠতে তেওঁ যে মোক ফিলিপিন' বুলি অনুমান কৰিলে কিবা-প্ৰকাৰে হ'লেও তাৰ প্ৰতিপাদন (ভেলিদেশ্য'ন) লাগে যেন।

'নহয়, মোৰ ফিলিপিনছ'ৰ লগত একো সম্পৰ্ক নাই। মাথোঁ দেখাত মই তেনে। মানুহে মোক প্ৰায়ে ভুল কৰে ফিলিপিন' বুলি!'

এইবাৰহে তেওঁ সন্তুষ্ট হ'ল যেন। কেৱল তেৱেঁ নহয়, বহুতে কৰে সেয়া। 

বহুতে!

পিছৰ সপ্তাহত পুনৰ সেই একেই কমিউনিটি চেণ্টাৰ। একেই ছুইমিং পুল। পানীৰ এই নতুন পৃথিৱীখনে মোৰ দেহ-মন যেন সজীৱ কৰি আনিছে। এটা নতুন নিচাৰ দৰে হৈ পৰিছে এই পানীৰ খেলা। পিছে এইবাৰো সিমূৰৰ দ' অংশলৈ যোৱাক লৈ মোৰ একেই গুণাগথা চলিল।

লাইফ জেকেট পিন্ধি যাওঁ নেকি?

নাই সাঁতুৰিব পাৰোঁৱে দেখোন। লাইফ জেকেট পিন্ধি গ'লে সাঁতোৰা যেনেই নালাগিব!

এনেতে মোৰ কাষৰ মহিলাগৰাকীয়ে কিবা এষাৰ কোৱা যেন লাগিল। ঘুৰি চাই দেখোঁ, মংগোলীয় মুখৰ দুগৰাকী মধ্যবয়সীয়া মহিলা। মই চোৱা দেখি প্ৰথমগৰাকীয়ে একেষাৰকে আকৌ দোহাৰিলে। এইবাৰ বুজিলোঁ, তেওঁ মেণ্ডেৰিন ভাষাত কথা কৈছে!মোৰ চীনা বন্ধু-বান্ধৱৰ মুখত শুনি শুনি সেয়া যে মেণ্ডেৰিন ধৰিবলৈ অসুবিধা নহ'ল।

'আপুনি কি কৈছে মই একো বুজিব পৰা নাই।' ইয়াৰ পিছৰ কথোপকথন কেনেকৈ যাব জানিও নজনাৰ দৰেই ক'লোঁ।

এইবাৰ তেওঁ আচৰিত হৈ ইংৰাজীত ক'লে,

'তুমি চাইনিজ নহয় জানো?' 

'নহয়, মই ভাৰতীয়।' শুনিয়ে তেওঁৰ দুচকু বহল হৈ পৰিল। দুয়ো মহিলাই খুকখুকাই হাঁহি পেলালে। মই হাঁহিত হাঁহি মিলাই লৈ এইবাৰ পানীত জাপ দিলোঁ।

সেইবোৰৰ পৰা মন আঁতৰাই এইবাৰ বৰ একমনে পুলৰ দ' অংশলৈ বুলি আগবাঢ়িলোঁ। 'এইবাৰ পাৰিমেই! পাৰিমেই' বুলি মনতে আওৰাই আওৰাই সাঁতুৰি গৈ থাকিলোঁ।

আৰু তেনেকৈয়ে আজি তিনিমাহৰ চেষ্টাৰ অন্তত নিজেই সাঁতুৰি পুলৰ সিপাৰ পালোঁগৈ! 

সিপাৰৰ সীমা চুই সন্তুষ্টি আৰু গৌৰৱেৰে যেন মনটো ভৰি পৰিল। ইয়ালৈ প্ৰথম অহাৰ দিনা একঁকাল পানীতে ডুবিম বুলি ভয় খাইছিলোঁ! শৈশৱৰে পৰা মোক কাবু কৰি ৰখা সেই অহেতুক ভয়ে আজিৰ পৰা সঁচাই মোৰ পাছ এৰিব! কি এক মুকলি বিজয়ীৰ অনুভৱে যেন মোক বুৰাই পেলালে। অকলে অকলেই হাঁহি পেলালোঁ।

'তুমি ক'ল'ম্বিয়ান নেকি?' 

আহ্‌ আজি কিহে পালে মোক? এইবাৰ আকৌ কোন ওলাল? চাই দেখোঁ সীমাৰ এটা কোণত মোৰ ফালে থৰ লাগি চাই আছে এজন মংগোলীয় ঠাচৰ ব্যক্তিয়ে।

মনটো অলপ ৰেঙালে। তথাপিও ক'লোঁ, 'নহয়, মই ভাৰতীয়।'

'আহ, তুমি মোক বাৰুকৈয়ে মূৰ্খ সাজিলা দেই!'

'যি দেখিছোঁ, মই বহুত মানুহকেই এইটো কথাত মূৰ্খ সাজোঁ।' মোৰ মাতত কিছু তিক্ততা।

'ঠিকেই ঠিকেই, ভাৰত বহুত ডাঙৰ আৰু বৈচিত্ৰ্যময় নহয় জানো! তুমি কিজানি উত্তৰ-পূবৰ পৰা আহিছা?'

এইবাৰ মোৰ আচৰিত হোৱাৰ পাল। ক'লোঁ, 

'হয়, মই অসমৰ। উত্তৰ-পূবৰ বুলি আপুনি কেনেকৈ জানিলে?'

'মই মোৰ ভূগোল জানো।' তেওঁ হাঁহি হাঁহি ক'লে।

'মই ইম্প্ৰেছড! আজিলৈকে কিমান মানুহে যে মোক এই প্ৰশ্নটো সুধিছে। কোনেও কিন্তু ভাৰত বুলি কোৱাৰ পিছতো এনেকৈ ক'ব পৰা নাই।'

এইবাৰ তেওঁ কিছু গহীনভাৱে ক'লে, 'তাত ইম্প্ৰেছড হ'বলগীয়া একো কথা নাই। মই ভিয়েটনামিজ, আমেৰিকান নহয়। আমেৰিকানবোৰহে ভূগোলত কেঁচা। সিহঁতে নিজৰ দেশখন আৰু বন্ধুকৰ বাহিৰে বাকী একো চিনি নাপায়!'

মোৰ মুখ মেল খাই গ'ল। কথাষাৰত বৰ্ণবাদৰ সুৰ নিহিত হৈ থাকিলেও তাৰ সততাখিনিও যেন নুই কৰিব নোৱাৰিলোঁ। 

তেওঁৰ কথাত হয়ভৰ দিয়ে মই আকৌ পুনৰ পুলৰ সিটো পাৰলৈ বুলি পানীত হাত-ভৰি মেলি দিলোঁ।

এডমণ্টনত গ্ৰীষ্ম

(খ) বিদেশত আপোন মানুহ 

এডমণ্টনত শীতে মেলানি মগাৰ পৰতে এদিন ফে'চবুকত এটা প'ষ্ট দেখা পালোঁ। 

এডমণ্টনত ৰঙালী বিহু! 

লগে লগে কোনে ক'ত পাতিছে খুঁচৰিলোঁ। যোৱাৰ ইচ্ছা আছে বুলি কোৱাৰ লগে লগে এডমণ্টনৰ এগৰাকী অসমীয়াই ফোন কৰিলে। 

বাচ্‌ তেনেকৈয়ে সকলো ঠিক হৈ গ'ল! ব'হাগৰ প্ৰথম দিনটোত গৈ লগ পালোঁ এডমণ্টনত থিতাপি লোৱা বহু ন-পুৰণি অসমীয়া। পিঠা-পনা-জলপানেৰে বিহু খালোঁ। সকলোৰে লগত থিয় দি 'অ' মোৰ আপোনাৰ দেশ' গালোঁ, দুপাকমান বিহুও নাচিলোঁ। দিনটোৰ শেষত ভাৱেই নহ'ল যে সকলোকে সেইদিনাহে প্ৰথম লগ পাইছোঁ, ভাৱেই নহ'ল সেই দিনটো অসমত নহয়, সাত সাগৰ তেৰ নদীৰ সিপাৰে কানাডাত আছোঁ!

তাৰপিছৰে পৰা যেন এডমণ্টনত মোৰ জীৱনৰ সুঁতিত এটা নতুন জোৱাৰ আহি পৰিল। প্ৰায়ে অসমীয়া সমাজৰ ইজন-সিজনৰ সৈতে লগ কৰা হ'লোঁ। ইফালে-সিফালে যোৱা হ'লোঁ। বহুদিনীয়া চিনাকিৰ দৰেই ময়ো সোনকালেই যেন সকলোৰে মাজৰ এজন হৈ পৰিলোঁ।

কৰ্মসূত্ৰে আজি প্ৰায় পোন্ধৰ বছৰ অসমৰ বাহিৰত আছোঁহি। ভাৰত বা বিদেশতো ক'তো কেতিয়াও এনেকৈ অসমীয়া সমাজ এখন পোৱা নাছিলোঁ। পোৱাৰ আশাও কৰা নাছিলোঁ। যেন লাহে লাহে গ্ৰহণ কৰি লৈছিলোঁ অসমৰ সৈতে মোৰ সম্পৰ্ক কেৱল অনলাইন কথা-কাম  আৰু বছৰেকীয়া 'ঘৰলৈ যোৱা' পৰ্বতে সীমাবদ্ধ।

এডমণ্টনৰ অসমীয়া সমাজে হঠাতে সেই বদ্ধমূল ধাৰণাবোৰ যেন মোহাৰি পেলালে! বিভিন্ন সময়ত অসমৰ পৰা আহি ইয়াত থিতাপি লোৱা ভিন্ন বয়সৰ অসমীয়া সকল যেন এক সমন্বয় আৰু বিবৰ্তনৰ চানেকি হৈ ধৰা দিলেহি মোৰ আগত। আমি সকলোৱেই হয়তো সাত সাগৰ তেৰ নদীৰ সিপাৰে এই নতুন জীৱনত ভিন্ন ৰূপত বিবৰ্তনৰ  বাট বুলিছোঁ। কিন্তু দুয়ো ঠাইৰ জীৱন-ধাৰা আৰু সংস্কৃতিৰ সমন্বয়ৰ মাজতো আমাৰ সকলোৰে সিৰাই সিৰাই বৈ আছে অসমীয়াৰ তেজ।

সেইবাবেই মোৰ এডমণ্টনৰ দৈনন্দিন জীৱনত নতুনকৈ যোগ হ'ল সৰু সৰু সুখবোৰ। 

অসমীয়াত কথা পতাৰ সুখ। 

অসমৰ কথা পতাৰ সুখ। 

অসমীয়া খাদ্যক লৈ, গানক লৈ নষ্টালজিক হৈ পৰাৰ সুখ। 

বিদেশী বন্ধু-বান্ধৱৰ সৈতে পাতিলে বহু কথাত কৰি অহাৰ দৰে কোনো ব্যখ্যাৰ প্ৰয়োজন নোহোৱাকৈ ভাল লগাবোৰত হঁহাৰ, বেয়া লগাবোৰক লৈ বিষাদগাৰ কৰিব পৰাৰ সুখ। ঘড়ীৰ কাঁটাৰ লগত চলাত অভ্যস্ত হৈ পৰা জীৱনটোত 'আহা এনেয়ে আড্ডা মাৰোঁ' বুলিলেই গৈ ওলোৱাৰ সুখ।

জীৱনত প্ৰথমবাৰৰ বাবে মোৰ প্ৰিয় দুখন ঠাই কানাডা আৰু অসম একেলগে পোৱাৰ সুখ!

বিহুত এডমণ্টনৰ অসমীয়া (ফটো: মণীষ)

(গ) লেখকৰ আড্ডা

ৰিমেডী কেফে। অন্যদিনাৰ দৰেই কেফেখনৰ একোণত দীঘল টেবুলখনত সকলোৱে নিজৰ নিজৰ লেপটপ উলিয়াই লৈছে। দহগৰাকীমান চিনাকি-অচিনাকি মানুহৰ মুখ। নতুন কেইগৰাকীমানে সোমায়ে কিছু ইতস্ততভাৱে সুধিছেহি,

'এইটোৱে লেখকৰ মীট আপ নহয় জানোঁ?

'হয়, হয়। সোমাই আহা।'পুৰণি সদস্য এগৰাকীয়ে মাত দিছে।

চাহ-কফিৰ পিয়লাবোৰ লৈ সকলো বহে মানে আয়োজক ডায়েনাই চিনাকি দিবলৈ আৰম্ভ কৰিছে,

'মই ডায়েনা। এই মীট আপৰ আয়োজক। আমি দেওবাৰে এনেকৈ লগ হওঁ, চমূকৈ চা-চিনাকি দিওঁ আৰু দুঘণ্টা লিখোঁ। সেইকাৰণে আমাৰ আড্ডাৰ নাম- 'জাষ্ট ৰাইট'। এতিয়া এজন এজনকৈ আপোনালোকৰ চিনাকিও দিয়কচোন।'

নতুন-পুৰণি মুখবোৰে চিনাকি দিবলৈ আৰম্ভ কৰিলে। কোনোবাই কল্পবিজ্ঞানৰ কাহিনী লিখিছে, কোনাবাই কবিতা, কোনোবাই আকৌ পূৰ্বে প্ৰকাশিত নিজৰ গ্ৰন্থখনৰ পুনৰ সংকলনৰ কাম কৰিছে। সকলোৱে বিচাৰি আহিছে, দুঘণ্টা ধৰি কিবা এটা লিখাৰ বাবে কিছু প্ৰেৰণা।

মোৰ পালো পৰিল। ক'লোঁ,

'মই এই এলবাৰ্টা প্ৰদেশত নতুন। গতিকে শেহতীয়াকৈ ইয়ালৈ আহি হোৱা অভিজ্ঞতাবোৰকে লিখি আছোঁ।'

'তুমি আমাৰ এই লেখকৰ আড্ডাৰ কথাও লিখিবা নেকি তেনে?' আগতে কেইবাবাৰো লগ পাই চিনাকি হৈ পৰা শ্বেনে হাঁহি হাঁহি মোক সুধিলে।

'হয়, লিখিম। মই এই লেখকৰ আড্ডাতে বহি লেখকৰ আড্ডাৰ কাহিনী লিখিম এদিন।' 

গোটেইবোৰে হোহোৱাই হাঁহি উঠিল। ডায়েনাই তাৰ মাজতে ক'লে,

'কিন্তু নতুন কেইগৰাকীয়ে হয়তো নাজানে, জলিয়ে অসমীয়াতহে লিখে। গতিকে আমাৰ দাবী হ'ল, তুমি এদিন অসমীয়াৰ পৰা ইংৰাজীলৈ অনুবাদ কৰি শুনাবা কিনো লিখিছা।'

মই হাঁহি হাঁহি মুৰ দুপিয়ালোঁ। কিন্তু প্ৰতিশ্ৰুতি নিদিলোঁ। সেয়া যে ভৱিষ্যতৰ কথা! বৰ্তমান মোৰ কাহিনীৰ পাঠক কেৱল অসমীয়া!

(ঘ) ডাক্তৰ টাৰিক 

ডাক্তৰ টাৰিকৰ চেম্বাৰত। মোৰ ফেমিলি ডাক্তৰ। মোৰ সকলো অসুখ-বিসুখ, স্বাস্থ্যসম্পৰ্কীয় কথাৰ ভৰসা! মোক দেখিয়ে তেওঁ স্বভাৱসূলভ হাঁহিটো মাৰি ক'লে,

'আৰে, বহুদিনৰ মূৰত তোমাক দেখা পালোঁ। কি খৱৰ?'

'ভাল ভাল। আপোনাৰ কেনে? খুউব ব্যস্ত যেন দেখিছোঁ।'

'মোৰো ভাল। ডাক্তৰ মানুহৰ জানো ব্যস্ততা কমিব!'

ডাক্তৰ টাৰিক মূলত: মধ্য-পূব দেশীয়। মানুহজনক প্ৰথম লগপোৱাৰে পৰা মোৰ সহৃদয়তা গঢ়ি উঠিছে। আজিও তেওঁ বৰ আন্তৰিকতাৰে খা-খৱৰ ল'লে। 

মোৰ নৈমিত্তিক ঔষধখিনি প্ৰেছক্ৰিপশ্যনত লিখি থকাৰ মাজতে তেওঁ সুধিলে,

'কেনে পাইছা এডমণ্টন? গৰমদিন বোৰ কেনে হয় জানো ইয়াত?

'ময়ো তাকে চাবলৈ ৰৈ আছোঁ। এডমণ্টনত মোৰ এয়াই প্ৰথম গ্ৰীষ্ম। আমি দুয়ো একেসময়তে এডমণ্টনলৈ আহিছিলোঁ, মনত আছেনে আপোনাৰ?'

তেওঁ হাঁহি হাঁহি ক'লে, 'আছে আছে। কিয় নাথাকিব। জাৰৰ প্ৰকোপত কি অৱস্থা হৈছিল সেইয়াও মনত আছে।'

ঠিকেই, শেষৰবাৰ এডমণ্টন বৰফে ঢাকি থোৱাৰ পৰত এবোজা উমাল কাপোৰ মেৰিয়াই মই তেওঁক লগ কৰিবলৈ আহিছিলোঁ। দুয়ো মিলি ইয়াৰ অতিপাত ঠাণ্ডাক লৈ বিষাদগাৰ কৰিছিলোঁ। মোৰ ঠিকেই মনত পৰিল।

যোৱাৰ পৰত দুৱাৰলৈকে আগবঢ়াই থৈ ডাক্তৰ টাৰিকে ক'লে,

'তোমাক আগতকৈ বহুত ভাল দেখিছোঁ জলি। সুখী দেখিছোঁ।'

'থেংক ইউ।' মোক যেন এছাটি সুকোমল বতাহে জোকাৰি গ'ল। ডাক্তৰ টাৰিক যেন হঠাতে মোৰ জীৱনৰ এটা প্ৰসংগ বিন্দু হৈ দুচকুত ধৰা দিলে!

যোৱাবাৰ তেওঁক লগ কৰিবলৈ আহোঁতে কি এক যুঁজত ব্যতিব্যস্ত হৈ আছিলোঁ ! ভেনকুভাৰত এৰি অহা জীৱনটোৰ স্মৃতিয়ে ম্ৰিয়মাণ কৰি থৈছিল মোক। এই নতুন চহৰৰ শীতৰ তাণ্ডৱ আৰু নতুন চাকৰিৰ প্ৰত্যাহ্বানবোৰে চেপি ধৰিছিল যেন। যোৱাবাৰ ডাক্তৰ টাৰিকক লগ কৰিবলৈ আহিছিল মোৰ ঠাইত এক ক্লান্ত যুঁজাৰু!

মাথোঁ কেইটামান মাহৰ পিছতে জীৱনে যেন পুনৰ খোপনি পুতিছে এই নতুন চহৰত। হেঁপাহৰ এখন ঘৰ হৈছে। এই চহৰৰ চুকে কোণে ভালপোৱা বহু নতুন ঠাই হৈছে। ভালপোৱা বহু কাম আৰম্ভ হৈছে। ভালপোৱা এখিনি মানুহ হৈছে। ভেনকুভাৰক বুকুৰ একোণত লৈও এডমণ্টনৰ এই জীৱন ভাল পাবলৈ, মনৰ হেঁপাহেৰে উপভোগ কৰিবলৈ শিকিছোঁ -নতুনকৈ!

এনেকৈয়েতো জীৱনে নতুন মোৰ লয়। বাট দেখুৱাই লৈ যায়- নতুন আপোনত্বৰ, নতুন সপোনৰ, সুখ আৰু পৰিপূৰ্ণতাৰ।

পূৰ্বৰ খণ্ডসমূহ:

Monday, 23 January 2023

প্ৰত্যাৱৰ্তন (১)

বাটৰ বিঘিনি

ডিচেম্বৰৰ এটি মাজনিশা। বেংগালুৰু এয়াৰপৰ্টৰ এটা দীঘলীয়া শাৰীত তাম্মা আৰু মই। টোপনিৰ জালে মোক বাৰে বাৰে আমনি কৰিছে। কিন্তু এই দুপৰ নিশাও তাম্মা চিৰাচৰিতভাৱেই প্ৰাণচঞ্চল। হাঁহি হাঁহি মোক তাইৰ ডিঙিত মেৰিয়াই লোৱা স্কাৰ্ফখন দেখুৱাইছে। তাৰ ৰংটো যে চুটি কেকোঁৰা চুলিৰ এজাৰবুলীয়া হাইলাইটৰ সৈতে নভৱাকৈ মিলি পৰিল তাকে কৈ তাই হোহোৱাই হাঁহিছে। 

'কি হ'ল? তোমাৰ মুখত হাঁহি নাই যে!' ইংৰাজীতে কৈ তাম্মাই মোৰ দুবাহুত ধৰি জোকাৰি দিলে। 

'আমি নাগালেণ্ডলৈ যাবলৈ ওলাইছোঁ জলি!' সোঁৱৰালে তাই।

সেই সোঁৱৰণিয়ে মোক পলকতে লৈ গ'ল দহবছৰ আগৰ এটা দিনলৈ। এই বেংগালুৰুৰে এক প্ৰসিদ্ধ গৱেষণাগাৰ। মোৰ বাবে অচিন চহৰ, নতুন গৱেষণা, অসহজ পৰিৱেশ। কোঠাৰ এটা চুকত মই কামত ব্যস্ত।তেনেতে দুৱাৰেৰে ধুমুহাৰ দৰে তাম্মা সোমাই আহিল। একেই চুটি কেকোঁৰা চুলি, দক্ষিণ ভাৰতীয় মুখখনত আজিৰ দৰেই এক উজ্বল হাঁহি। দেহত আঁঠুলৈকে পৰা এটা ফুটুকীয়া কুৰ্তাৰ সৈতে নীলা জিনছ। মোৰ সহকৰ্মী সুমিত্ৰাৰ ফালে নাচি নাচি অহাদি আহি তাই ক'লেহি,

'সুমিত্ৰা!! মোৰ ফিল্ডৱৰ্কৰ ফাণ্ডিং আহিল। এইমাহতে নাগালেণ্ডলৈ গৈ আছোঁ!' 

তাৰপিছত 'নাগালেণ্ডলৈ গৈ আছোঁ' টো দোহাৰি তাই দুপাকমান ঘুৰি ঘুৰি নাচি পেলালে।

সিদিনা সেই উলাহ-উত্তেজনাৰ মাজত মোক তাম্মাই দেখা পাইছিলনে নাই নাজানো। কিন্তু প্ৰথমবাৰৰ বাবে তাইক দেখি, সেই প্ৰাণচাঞ্চল্যৰ তীব্ৰতা দেখি মোৰ অন্তৰ্মুখী মনটোৱে কিছু ভয়েই খাই গৈছিল কিজানি!  এওঁনো কেনে মানুহ বুলি!

যোৱা এটা দশকৰ পৰিক্ৰমাত, সুখে-দুখে বহু মুহুৰ্ত একেলগে কটাই সেই প্ৰশ্নটোৰ উত্তৰ পাইছোঁ। এই দীৰ্ঘসময়ত বহু কথাই সলনি হ'ল। সলনি হ'ল আমাৰ জীৱনো। তাম্মা এতিয়া বিশ্ববিদ্যালয়ৰ অধ্যাপিকা, মই সুদূৰ কানাডাত চৰকাৰী চাকৰিয়াল। কিন্তু আমি যেতিয়াই লগ হওঁ, সময়ৰ সেই পৰিক্ৰমা যেন থমকি ৰ'ৱ খোজে। ভাৱ হয়, একেই আছে সেই আন্তৰিক টান আৰু হাঁহিৰ খলকনি। একেই আছে 'নাগালেণ্ডলৈ গৈ আছোঁ' কথাষাৰে আনি দিয়া আবেগ-উত্তেজনাৰ জোৱাৰ।

'বেগৰ ওজনৰ কাৰণে চিন্তা কৰি আছা নেকি?' তাম্মাৰ মাতে মোৰ সম্বিত ভাঙিলে।

'তাকেহে, ইয়াত ফচি নগ'লেই হ'ল।' এয়াৰপৰ্টত মোক প্ৰায়ে ব্যতিব্যস্ত কৰি তোলা চিন্তা এইটো।

'হেই, একো চিন্তা কৰিবলগীয়া নাই। কিবা কৰি দুইজনীৰ মাজত মিলাই ল'ম।' তাম্মাৰ সহজ সমিধান।

তাইৰ ট্ৰলীত থকা ফিল্ড বেগটো চালোঁ। মোৰ ছ্যুটকেছতকৈ যথেষ্ট সৰু। হয়তো তাতে মিলাব পৰা হ'ব।  প্ৰসংগ সলাবলৈকে মই ক'লোঁ,

'তোমাৰ জোতাযোৰ ভাল লাগিছে। মই কিন্তু হাইকিঙৰ কাৰণে বেলেগকৈ জোতা অনা নাই। ওজন বঢ়াৰ ভয়তে!' 

তাম্মাই সোঁভৰিটো দাঙি জোতাযোৰ মোক ওচৰৰ পৰা দেখুৱাই ক'লে,

'বিশ্বাস কৰিবানে, এইযোৰ মই আজি সন্ধিয়া কিনি আনিছোঁ। নাগালেণ্ডৰ কাৰণে পেকিং কৰি থাকোঁতে দেখা পালোঁ মোৰ ফিল্ডৰ জোতাযোৰৰ এপাটত গোটেই শ্বুলটো এৰাই আহিছে। কৰোঁ কি! উপায় নাপাই য'ৰ কাম ত'তে এৰি ওচৰৰে বাটাৰ দোকানখন পালোঁগৈ।  এইযোৰ চকুত পৰাত খৰধৰকৈ কিনি লৈ আনিলোঁ।'

তাম্মা কেনে মানুহ সেয়া নজনা কোনোবা চাগৈ আচৰিত হ'লহেঁতেন। মই নহ'লোঁ। জানোঁ, নাগালেণ্ডৰ ভিতৰুৱা ঠাইত পাহাৰে-কণ্ডৰে বগাই ফুৰিবলৈ এযোৰ ভৰসা কৰিব পৰা জোতা বৰ দৰকাৰী। কেতিয়াও পিন্ধি নোচোৱা নতুন জোতা এযোৰে ক'ত কেতিয়া কি বিপদত পেলাব একো ক'ব নোৱাৰি। কিন্তু সেইবোৰ নিয়মতো তাম্মাৰ অভিধানত নাই!

'এতিয়াৰ পৰা পিন্ধি আছোঁ যাতে নাগালেণ্ডত পাহাৰ বগোৱালৈ এইযোৰ মোৰ ভৰিত সহজ হৈ পৰে!' মোৰ মনৰ ভাৱ বুজিব পাৰিয়েই কিজানি তাই ক'লে।

'ব'ৰ্ডিং পাছ প্লিজ!' কাউণ্টাৰৰ পৰা এয়াৰ এছিয়াৰ কৰ্মী গৰাকীয়ে মাত দিলে। আমাৰ পাল এইবাৰ।  

নিয়মমাফিক কামখিনি কৰি অঁতাই মোৰ প্ৰকাণ্ড  ছ্যুটকেছটো তুলি দিলোঁ। আস্ ভয় কৰাৰ দৰেই হ'ল। স্কেলত জিলিকি উঠিল ৰঙা সংখ্যাকেইটা- বিছ কেজি!! 

'মই আচলতে কানাডাৰ পৰা আহি আছোঁ! ইণ্টাৰনেশ্যনেল ফ্লাইটৰ পৰা আকৌ ওজন মিলাব লগা হৈছে। বেয়া নাপাই যদি এইখিনি ৰেহাই দিব পাৰিবনে?' ক'ব নোৱাৰাকৈ মোৰ মুখেৰে কথাষাৰ লেনিয়াকৈ ওলাল।

'নাই, নোৱাৰিম। পোন্ধৰ কেজিৰহে অনুমতি আছে। ইমান বেছি ওজন কেনেকৈ মিলাম কওক। আপুনিয়ে মিলাব পাৰে যদি কৰি চাওক।'

উপায়ন্তৰ হৈ কাউণ্টাৰৰ একাষে গৈ প্ৰকাণ্ড ছ্যুটকেছটো মেলি ধৰিলোঁ। মানুহৰ দীঘল শাৰীটোৰ পৰা ছিটিকি পৰা দৃষ্টিবোৰ আওকাণ কৰি গধুৰ বস্তু কি আছে বিচাৰিবলৈ লাগিলোঁ।  

'মোৰ বাৰ কেজি হৈছে। কি পাৰা মোৰ বেগতে ভৰাই দিয়া।' তাম্মাই কাষ চাপি আহি হাউলি লৈ ক'লে।

তাম্মাৰ কথামতেই বাইন'কুলাৰ, নোটবুক, জোতা যি পাৰো হেঁচি হেঁচি তাইৰ বেগত ভৰালোঁ। নাগালেণ্ডৰ শীতৰ বাবে অনা ৰঙা জেকেটটো তাই নিজৰ গাতে সোমোৱাই ল'লে। তাইৰ জোখতকৈ সৰু জেকেটটো টানি টানি পিন্ধা দেখি হাঁহি উঠিল। দুটা জেকেট ময়ো পিন্ধি ল'লোঁ। এইবাৰ বাৰু কোনোমতে মিলিলগৈ। বস্তু দি লৈ ঘামি জামি দুয়ো চিকিউৰিটি চেক পাৰ হৈ আকৌ সেইবোৰ খুলি হাতত ল'লোঁ। 

পুৱতি নিশাৰ ফ্লাইট। সেয়ে ব'ৰ্ডিং কৰিয়ে টোপনিত ঢলি পৰিলোঁ। কিন্তু সাৰ পাই দেখোঁ আমি উৰিবলৈ লৈছোঁহে। তেতিয়াহে উপলব্ধি হ'ল ফ্লাইট এঘণ্টা পলম হৈছে। লগে লগে উৎকণ্ঠিত হৈ পৰিলোঁ। এয়াৰ এছিয়াৰ এই ফ্লাইট কলকাতাত নমাৰ পিছত আমি ডিমাপুৰলৈ ইণ্ডিগ'ৰ ফ্লাইট ধৰিব লাগে। মাজত আছিল মাথোঁ দুঘণ্টা। এতিয়া তাৰে এঘণ্টা ইয়াতে নষ্ট হ'ল মানে আমাৰ কলকাতা এয়াৰপৰ্টত দস্তুৰমত হাঁহাকাৰ অৱস্থা হ'বগৈ।

কথাটো টং কৰিয়ে মোৰ টোপনিৰ জাল কাটি গ'ল। সাধাৰণতে একেটা এয়াৰলাইনৰ মাজত এনেকৈ সময়ৰ খেলিমেলি হ'লে মিলাই দিয়ে। কিন্তু এয়াৰলাইন বেলেগ বেলেগ হ'লে সেই আশা কম। 

তাম্মা কিছু আঁতৰত বহি আছিল। কলকাতাৰ মাটিত নমাৰ লগে লগেই নেটৱৰ্ক পাই তাইলৈ কল কৰিলোঁ।

'তাম্মা, আমাৰ হাতত সময় একেবাৰে কম!'

'ময়ো তাকে চিন্তা কৰি আছিলোঁ। বেগবোৰ ল'বলৈকো সময় লাগিব। কি কৰা যায়?

'এটা কাম কৰোঁ। যিমান পাৰোঁ সোনকালে ইয়াৰ পৰা ওলোৱাৰ চেষ্টা কৰিব লাগিব। ইজনীয়ে সিজনীক লগ পাবলৈ ৰোৱাৰ দৰকাৰ নাই। এয়াৰপৰ্টত তুমি লাগেজ বেল্টত ৰ'ৱা। মই গৈ পায়ে ইণ্ডিগ' এয়াৰলাইনৰ মানুহ বিচাৰিম। বুজাই ক'লে কিবা উপায় ওলায়েবা।'

কথা মতেই কাম। ফ্লাইটৰ দুৱাৰ খোলাৰ লগে লগেই দুয়ো দুফালে দুৱাৰলৈ দৌৰ দিলোঁ। বাছ পাই মই আগতীয়াকৈ এয়াৰপৰ্ট পালোহি। কেবিনত নিয়া ছ্যুটকেছৰ চকা ঘুৰাই ইণ্ডিগ'ৰ মানুহ বিচাৰি দৌৰ দিলো। ইতিমধ্যে ন বাজি গৈছে। 

ইণ্ডিগ'ৰ কাউণ্টাৰ এটা দেখি হুৰামূৰাকৈ সুধিলোগৈ। দুগৰাকী মহিলা কৰ্মী। দুয়োৰে চকু সন্মুখৰ স্ক্ৰীণত আবদ্ধ। 

'আমাৰ ফ্লাইট দেৰিকৈ পালেহি। এতিয়া এঘণ্টা পিছতে দহবজাত ইণ্ডিগ'ৰ ফ্লাইট আছে, কি কৰোঁ বাৰু?'

এগৰাকীয়ে মোৰ ব'ৰ্ডিং পাছখন লৈ চকু ফুৰালে। তেওঁৰ গোল মুখ বা কাজল সনা টনা টনা দুচকুত কোনো অভিব্যক্তি ফুটি নুঠিল। যেন এয়াৰপৰ্টৰ এই লৰা-ঢপৰা, অস্থিৰতাই চুব নোৱাৰা এক অৱস্থানত তেওঁ এক নিৰ্লিপ্ত সত্তা।

'আপোনাৰ লাগেজ কিমান আছে?'

'আৰু এটা বেগ আছে। বেল্টত অহাই নাই। মোৰ বন্ধু এগৰাকী আছে। তাইৰো বেগ পোৱাই নাই।' 

'আপোনালোকৰ চেক-ইন, চিকিউৰিটি চেকৰ কাৰণে সময় নোলাব। ফ্লাইটৰ ব'ৰ্ডিং গেইট পচিছ মিনিট আগতেই বন্ধ হৈ যাব। বেগ পালেই লৈ ইয়ালৈ আহক। আমি কিবা কৰিব পাৰোঁ নেকি চাওঁ। যিমান পাৰি সোনকালে আহক মাত্ৰ।' নিৰুদ্বেগ মাতেৰেই তেওঁ ক'লে।

এইবাৰ মই লাগেজ বেল্টলৈ দৌৰিলোঁ। বেগবোৰ আহিবলৈ আৰম্ভ কৰিছে। তাম্মাই ট্ৰলী দুখন সাজু কৰি লৈ খাপ পিটি ৰৈ আছে। দাঁত-ওঁঠ কামুৰি ময়ো তাইৰ লগ হ'লোঁ। দুয়োৰে এটা চকু বেল্টৰ হৰেক ৰকমৰ বেগবোৰৰ ওপৰত আৰু আনটো বেল্টৰ কাষৰ ৱালত থকা প্ৰকাণ্ড ঘড়ীটোৰ ওপৰত।

ন বিছ, ন পঁচিছ, ন ত্ৰিছ। আমাৰ সন্মুখেৰে বেগবোৰ আহি আছে। বহুজনে ট্ৰলীত বেগ উঠাইছে। উবাৰ মাতিছে। লাহে লাহে মানুহবোৰ ঘৰমুৱা হৈছে। আমাৰ বেগ দুটাৰ দেখাদেখি নাই। মোৰ উশাহবোৰ ঘন হৈছে। সেই ঠাণ্ডাতো সমগ্ৰ দেহ ঘামি উঠিব খুজিছে।

'আমি ফ্লাইটখন নাপামগৈ আৰু! কলকাতাত যদি হোটেলত ৰাতিটো কটাই দিওঁ এয়াৰ এছিয়াকে সেইটো খৰচ দিবলৈ ধৰিম- কাইলৈ ৰাতিপুৱা ডিমাপুৰলৈ ফ্লাইট....'

'তাম্মা! সেইবোৰ নহয়।'মোৰ মাতটো অলপ ডাঙৰকৈ ওলাল। 

'এতিয়াও পাই যাব পাৰোঁ। কেনেকৈ পাম সেয়া ভাবিব লাগে। নাপালে কি হ'ব ভাবি কিয় সময় নষ্ট কৰিছা?'

'নহয় মানে সেইটো ভাৱি থ'লে টেনছন কমি থাকে। বেক আপ প্লেন এটা লাগেতো।' তাম্মাৰ মাতত বুজনিৰ সুৰ।

'নালাগে।' মোৰ অধৈৰ্য্য মাত। 'যেনেকৈ হ'লেও আজিয়ে আমি নাগালেণ্ড পামগৈ!' 

নিজৰ মাতৰ দৃঢ়তাত মই নিজেই অলপ আচৰিত হ'লোঁ। আজি যে তিনিবছৰৰ মূৰত আপোন ঠাইখনলৈ উভতিছোঁ। আৰু যেন এটা দিনো পলম হোৱাতো মই মনেৰে মানি ল'ব পৰা নাই!

'সেয়া সেয়া, সেইটো তোমাৰ বেগ!!' মোৰ প্ৰায় চিঞৰ এটাই ওলাল। 

তাম্মাই লগে লগে ট্ৰলীৰ চকা ঘুৰাই দৌৰ দিলে। তাইক আঙুলীয়াই দেখুৱালোঁ,  

'সৌৱা বাওঁফালৰ চুকটো ঘুৰিলেই ইণ্ডিগ'ৰ কাউণ্টাৰটো আছে। গৈ কোৱাগৈ বেগ পালোঁ বুলি। ময়ো গৈ আছোঁ।'

তাম্মা যোৱাৰ কিছু পিছতে ভাগ্যে মোৰ বেগো আহিল। লগে লগে মোৰো দৌৰ। ইতিমধ্যে চাৰে ন বাজি গৈছে। আজি ডিমাপুৰ গৈ পোৱাৰ আশাটো ক্ষীণ হৈ আহি আছে।

কাউণ্টাৰত সেই একেই গোল মুখ, টনা টনা চকু। তাম্মাৰ কাষতে বেগেৰে সৈতে আৰু এজন যুৱক। তেওঁৰ খৰ খৰ কথাকেইষাৰত গম পালোঁ তেওঁৰো আমাৰ দৰেই দশা।

আমাৰ ৰূপ দেখি সেই নিৰ্লিপ্ত সত্তায়েই উপায় দিলে,

'আপোনালোকৰ ফ্লাইটৰ ব'ৰ্ডিং আৰম্ভ হ'লেই। গতিকে এতিয়া চেক ইন কৰিলে নাপায়গৈ। বেগেৰে সৈতে চিকিউৰিটি চেকলৈ যাওক।আমি পঠাইছোঁ বুলি ক'ব। আমিও জনাই দিম।'

কথাষাৰ শেষ হ'বলৈ নাপালেই মই ভিৰাই দৌৰ দিলোঁ। মোৰ পিছে পিছে তাম্মা আৰু সেই ল'ৰাজন। আমাৰ প্ৰত্যেকৰে হাতত প্ৰকাণ্ড বেগৰ ট্ৰলী। আমাৰ ৰূপ দেখিয়ে কিজানি কলকাতা এয়াৰপৰ্টৰ ভিৰৰ মাজতো বাট ওলাল। চিকিউৰিটি চেকৰ দীঘলীয়া শাৰীতো মানুহবোৰ একাষৰীয়া হৈ দিলে। 'থেংক ইউ' কৈ কৈ মই আমাৰ উধাতু খোৱা দলটো আগবঢ়াই নিলোঁ। 

চিকিউৰিটি চেকত আমাৰ বয়-বস্তু দেখি পুলিচ কেইজন অলপ বিবুধি হ'ল। প্ৰকাণ্ড বেগ কেইটা স্কেন কৰাই ইটো সিটো উলিয়াবলৈ ক'লে। তেতিয়ালৈ আমাৰ অস্থিৰ ৰূপ। অচিনাকি যাত্ৰী কোনোবাই ট্ৰেবোৰ আনি দিলে, কোনোবাই স্কেনলৈ আগবঢ়াই দিলে, তাম্মা আৰু মোৰ স্কেনত উলিওৱা বস্তু কাৰ কি বেগত সোমাল একো হিচাপ নাথাকিল। তেনেকৈয়ে গৈ অৱশেষত গেইট পালোঁগৈ। 

গৈ দেখোঁ গোটেইখন নিমাও মাও! 

ফ্লাইট গ'লেই নেকি!! ইফালে সিফালে চাওঁতে এজন যুৱক আগবাঢ়ি আহিল। ইণ্ডিগ'ৰ ক্ৰু।

'অহ্‌, আপোনালোকক ফাইনেল কলত কিমানবাৰ মাতিলো!'  আমাৰ ট্ৰলীবোৰলৈ চাই তেওঁ ক'লে,

'এই গোটেইবোৰ বেগ আপোনালোকৰ লগত যাব?' 

আমি ফোঁপাই জোপাই মাথোঁ মূৰ দুপিয়ালো।

গেইটৰ দুৱাৰ খুলি দি অন্য এজন যুৱকে হাঁহি হাঁহি ইংৰাজীতে ক'লে 'ইমান কম বস্তু আনিলে যে!'

আমি হাঁহি পেলালোঁ। স্বস্তি আৰু সন্তুষ্টিৰ হাঁহি। 

ফ্লাইটত বহি প্ৰথমে এগিলাচ পানী খুজিলোঁ। দীঘলকৈ এটা উশাহ এৰিলোঁ। উস্‌ কেনে টনাটনিকৈ পালোঁহি!

কাষতে বহা তাম্মালৈ চকু গ'ল। তিনিটা দীঘলীয়া বছৰৰ শেষততেনে সঁচাই আমি নাগালেণ্ডলৈ ওলাইছোঁ! নাগালেণ্ড- যাৰ আত্মীয়তাৰ শিপাই সাত সাগৰ তেৰ নদীৰ সিপাৰেও মোক আঁটি আঁটি বান্ধি ৰাখে, যাৰ অবাৰ্চীন ৰং-ৰূপ আৰু স্মৃতিয়ে মোক অহৰহ হাত বাউলি দি থাকে সেই সপোনপুৰীলৈ উভতিছোঁ! তাকো তাম্মাৰ সৈতে একেলগে! আমাৰ বন্ধুত্ব আৰু নাগালেণ্ডৰ মায়া যেন একেডাল সূতাৰে বন্ধা। 

তাইক দুবাহুত ধৰি জোকাৰি দি মই এইবাৰ উলাহেৰে ক'লোঁ,

'তাম্মা, আমি সঁচাই নাগালেণ্ডলৈ গৈ আছোঁ!'

পলকতে এক অবুজ আবেগৰ জোৱাৰে আমাক দুয়োকে বুৰাই পেলালে। এটা দশকৰ আগৰ সেই দিনটোৰ দৰেই।

ফ্লাইটৰ পৰা দেখা পোৱা নাগালেণ্ডৰ ৰূপ

আগলৈ.....

Friday, 7 January 2022

নাম যাৰ জীৱন (৪): ঢকুৱাৰ ককা

চিলাপথাৰ৷ ধেমাজিৰ এখন সৰু নগৰ৷ তাতে মাহেকে-পষেকে হঠাৎ কোনোবা এদিন ঢকুৱাখনাৰ ককা ওলাইহি৷ কেৱল চিলাপথাৰলৈকে নহয়, দেউতাৰ চাকৰিৰ বদলিৰ লগে লগে আমাৰ পৰিয়ালটো ডলাৰ বগৰীৰ দৰে ঘুৰি ফুৰাৰ দিনবোৰত য’তেই দুদিন মানৰ বাবে আমি থিতাপি লওঁগৈ, ককাও তাতে ওলায়গৈ৷ 

স্মাৰ্টফোনে পৃথিৱীখন চপাই কোঁচাই অনাৰ বহু পূৰ্বৰ সময় সেয়া৷ মাজে সময়ে মাই পেহীহঁতৰ পৰা পোৱা চিঠিকেইখনৰ বাহিৰে খা-খৱৰ লোৱাৰ বিশেষ সুবিধা নাই৷ গতিকে কোনো আগতীয়া খৱৰ নোহোৱাকৈয়ে ককা ওলাইহি৷ 

মোৰ বয়স তেতিয়া প্ৰায় ছবছৰ৷ ককা আহিছে মানেই উলাহত মোৰ গা নধৰা হয়৷ কপাহী চোলা আৰু শুধ বগা ধুতিখনেৰে ওখ পাখ ককাৰ কাষে কাষে লাগি ফুৰোঁ আমি৷ আহি পাই পোনেই ককাই ঘৰৰ বাহিৰে-ভিতৰে পৰি ৰোৱা কিবা নহয় কিবা কামত হাত দিয়েহি৷ এখন্তেকো যেন এনেয়ে আৰাম কৰাৰ অভ্যাস নাই ককাৰ! আমি ৰ লাগি চাই থাকোঁতেই ককাই নিপুণ হাতেৰে ইটোৰ পিছত সিটোকৈ সাঁজি উলিয়ায় বাঁহৰ খৰাহী, বিছনী বা শোটা একোটা৷ 

প্ৰায়বোৰ কথাই আওপকীয়াকৈ কোৱাৰ অভ্যাস ককাৰ৷ যাক উদেশ্যি কৈছে তেওঁ নিজেই যেন অনুমান কৰি ল’ব পাৰিব লাগিব৷ 

’এহ, ৰাতিৰ ভাতসাঁজ আজি পলমেই হৈছে৷ সোনকাল কৰিব লাগে৷’

’ফাৰ্মাচীৰ পৰা এই ঔষধটো পাৰিলে অনাব লাগে৷’

কিন্তু সেই আওপকীয়া কথাবোৰতে সোমাই থাকে যেন এবুকু আন্তৰিকতা! টাকুৰী ঘুৰাদি ঘুৰি ঘৰুৱা কামৰ জঞ্জাল সামৰি ফুৰা মালৈ চাই ককাই উচপিচাই উঠে,

’ইমানবোৰ কাম এজনী মানুহে অকলে চম্ভালিব লগা হৈছে৷ অলপ সহায় কৰিব লাগে৷’

কৈয়ে ক্ষান্ত নাথাকি ককা নিজেই লাগি পৰে৷ পুৱা মাই কামত লগাৰ আগতেই ককা ব্যস্ত হৈ পৰে ঘটলং ঘটলং কৈ কুঁৱাৰ পানী তুলিবলৈ, কেঁকো-জেঁকোকৈ বাল্টিয়ে বাল্টিয়ে পানী কঢ়িয়াবলৈ৷ 

ককা অহা মানেই যেন মোৰ বাবে ঢকুৱাৰ গাঁৱলৈ যোৱাৰ বাট মুকলি হয়৷ শৈশৱৰ ৰম্যভূমি চাৰিকড়ীয়া নৈৰ পাৰলৈ যাবলৈ থৌকিবাথৌ হৈ উঠে মোৰ হৃদয়৷ চিলাপথাৰৰ আমাৰ ঘৰৰ পৰা ওলাবৰ দিনা ককাতকৈও আগতেই মই নতুন কাপোৰ পিন্ধি সাজু হৈ পৰোঁ৷ কেতিয়াবা আনকি মাই ’এইবাৰ নালাগে যাব’ বুলি কোৱাৰ ভয়তে আগতীয়াকৈ গৈ ওচৰৰ বাছ আস্থানত ককালৈ ৰৈ থাকোঁগৈ৷ ককাৰ কাষত বহি বাছত দুলি দুলি সমগ্ৰ বাটটো মই সপোন দেখোঁ চাৰিকড়ীয়াৰ পাৰৰ চাপৰিৰ, বিস্তীৰ্ণ ধাননি পথাৰবোৰৰ, হিলৈদাৰীৰ দ’লনিৰ জাক জাক ম’হৰ আৰু মোৰ খেলাৰ লগৰীবোৰৰ৷ 

ঢকুৱাখনা চাৰিআলিৰ পৰা বালিগাঁৱলৈ সোমোৱা বাটৰ চুকটোতে আমাৰ ঘাইঘৰ৷ ককাৰ সৈতে গৈ সেই ঘৰৰ দুৱাৰমুখ পাওঁতেই পম্পী দৌৰি আহে৷ মোৰ শৈশৱৰ প্ৰিয় বান্ধৱী খুড়াৰ ছোৱালী পম্পী৷ নাতিদূৰৈৰ খুড়াৰ ঘৰৰ সলনি তাই প্ৰায়ে নিশা কটায়হি ঘাইঘৰত কণপেহীৰ সৈতে৷ গৰমৰ বন্ধ আৰু অন্য সময়ত সুযোগ সুুবিধা পালেই চিলাপথাৰৰ পৰা ককাৰ সৈতে মই আহি পাওঁহি৷

সেই দিনবোৰত পম্পী আৰু মই হৈ পৰোঁ পৰস্পৰৰ ছাঁৰ দৰে৷ দুয়ো ককাৰ সৈতে চাপৰিত সৰিয়হ খেতি চাই চাই টঙীঘৰত বহি আমলখি খাওঁ, সন্ধিয়া চাপৰিৰ কামৰ পৰা উভতা পেহীহঁতৰ সৈতে মুঠি মুঠি ঢেকীয়া-লফা-দোৰোণশাক বুটলোঁ, চাৰিকড়ীয়াৰ পানীত মাছৰ খেলা চাই চাই দুয়ো কেতিয়াবা ঘৰলৈ উভতিবলৈকে পাহৰোঁ৷ কেতিয়াবা ককাই লৈ যায় পথাৰৰ সুঁতিত চেপাত লগা মাছ চাবলৈ৷ পথৰুৱা আলিৰ সিমূৰে দেখোঁ চিকাৰৰ আশাত জোপ দি থকা শামুকভঙা বা কাষৰে বৰটেঙা গছৰ হেলনীয়া ডালটোত গা শুকুৱাই থকা মাছোৰোকাটো৷ চেপাত লগা ছটফটীয়া সৰু-বৰ মাছবোৰ ঘৰলৈ আনি সেইদিনা বৰ তৃপ্তিৰে বাট চাওঁ পোৰা মাছৰ পিটিকাৰে দুপৰীয়াৰ ভাতসাঁজলৈ৷

চাপৰিৰ সৰিয়হ

সন্ধিয়া কাৰেন্টৰ লুকাভাকু আৰম্ভ হোৱাৰ লগে লগে পঢ়াকোঠাৰ লেমৰ শলিতা নমাই আমি কেইবাটাও নাতি-নাতিনী গৈ ককাৰ চাৰিওকাষে চোতালত বহোঁ৷ ফটফটীয়া আকাশৰ তৰা লেখি লেখি সকলোৱে ককাৰ সাধুকথা শুনো৷ বালিগাঁৱৰ এৰাবাৰীত থকা পোহনীয়া বাঁকটো বা হিলৈদাৰীৰ দ’লনিৰ দ’তৰ কাহিনী শুনি ভয়ত নিথৰ হয় আমাৰ ফুকলীয়া মন৷ দূৰণিৰ শিয়ালজাকৰ হোৱাৰ শব্দই কঁপাই যায় আমাৰ কণমান বুকু৷ পিছলৈ সেই ভূত-প্ৰেতৰ সলনি মোৰ আগ্ৰহ বাঢ়িবলৈ ল’লে জীয়া মানুহৰ সঁচা কাহিনী শুনিবলৈ, আমাৰ পূৰ্বপুৰুষৰ কাহিনী শুনিবলৈ৷ মোৰ অলেখ-অসংখ্য প্ৰশ্নৰ উত্তৰত ককাই ক’বলৈ লয়,

’আমি আচলতে ফুলপানী ছিগাৰ মানুহহে৷ সূতাৰ বেপাৰ কৰি কৰিহে এই বালিগাওঁ পাইছিলোহি৷ আহি ইয়াতে আইতাৰক লগ পাই ৰৈ দিলো!’

সকলোৰে দৰে খেতি-খোলাত নালাগি সেই তাহানিতে ককা সূতাৰ ব্যৱসায়ত কেনেকৈনো লাগি পৰিল নাজানো৷ কেতিয়াও সোধা নহ’ল ককাক৷ কিন্তু সেই ব্যৱসায় সূত্ৰে ককাই অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ভ্ৰমণ কৰাৰ কাহিনীবোৰ শুনি শুনি তধা লাগিছিলো৷ প্ৰথমবাৰৰ বাবে উপলব্ধি কৰিছিলো, পৃথিৱীখন আমি ভৱাতকৈও বহু ডাঙৰ৷ আমাৰ শৈশৱৰ এই পৰিধিৰ বাহিৰত আছে বহুতো নতুন ঠাই, ভিন্ন তাৰ জীৱনৰ ৰূপ৷ সেই নজনা-নেদেখা ঠাইবোৰে, জীৱনৰ ভিন্ন ৰং-ৰূপে মোক যেন অহৰহ হাত বাউলি দিবলৈ ল’লে তেতিয়াৰ পৰাই! 

বালিগাওঁখন আইতাৰ গাওঁ৷ আইতাৰ বংশ পৰিয়ালৰ সৈতে এক হৈ তাতে ৰৈ গ’ল ঢকুৱাৰ ককা৷ তেতিয়াৰ দিনত হয়তো সেয়াও এক ব্যতিক্ৰম৷ বহুবছৰৰ পিছত এদিন হোমেন বৰগোহাঞিৰ এখন কিতাপত আৱিষ্কাৰ কৰিলো ঢকুৱাৰ ককাৰ বিষয়ে এটি লেখা৷  সেই গাৱঁতে ডাঙৰ হোৱা হোমেন বৰগোহাঞিয়ে অশিক্ষিত ককাৰ হৈ আইতালৈ প্ৰেমৰ চিঠি লিখাৰ কাহিনী! ককাৰ আইতালৈ দিয়া প্ৰেমৰ সেই চিঠি হেনো হোমেন বৰগোহাঞিয়ে লিখা জীৱনৰ প্ৰথম প্ৰেমপত্ৰ! কি এক আশ্চৰ্য্য, কি এক পুলক সেয়া৷ ককাক আদ্যোপান্ত সোধাত মাথোঁ এটা হাঁহিৰে সামৰি থ’লে৷ সেয়া যে ককাৰ একান্তই নিজা এক অধ্যায়! 

ঢকুৱাৰ ককা আৰু আইতা

ঢকুৱাত থিতাপি লৈ গাৱঁৰ অন্য ডেকাৰ সৈতে মাটি ভাঙি বিঘাৰ পিছত বিঘা খেতি মোকলাইছিল ককাই৷ ককাৰ সপোন আছিল- ইমানবোৰ মাটি-সম্পত্তি, তেওঁৰ তিনিওটি ল’ৰাই তাতে একেলগে খেতি-খোলা কৰি খাব, মিলিজুলি ঘৰ-সংসাৰ তৰিব৷ সেই সপোনৰ আপাহতেই আমি য’তেই নাথাকো ত’তেই ওলাইছিলগৈ ককা৷ ডলাৰ বগৰীৰ জীৱন এৰি বালিগাঁৱত আপোন মানুহবোৰৰ সৈতে থিতাপি লোৱাৰ কথা কৈছিল প্ৰতিবাৰে৷ সেই সপোন খেদিয়ে আমি সপৰিয়ালে এদিন চিলাপথাৰ এৰি আহি ঢকুৱাখনা পালোহি৷ কিন্তু বাস্তৱৰ নিৰ্মম কৰাঘাতত ককাৰ সেই সপোন কাঁচৰ দৰে ভাঙি থান বান হৈ গ’ল৷ আমিবোৰ যেন হৈ ৰ’লো মাথোঁ পুতলা নাচৰ অসহায়, নিৰ্বাক একো একোটা পুতলা৷ সেই হেৰুৱা সপোনৰ বহু দুখ লৈয়ে এদিন ককা নিজেই হেৰাই গ’ল৷ ২০০৮ চনৰ ১০ জুলাই আছিল সিদিনা৷

তথাপিও, অতবছৰৰ পিছতো, যেতিয়াই ধাননি পথাৰৰ আঘোণ আঘোণ গোন্ধটো নাকত লাগেহি, এডোঙা পানীত জোপ লৈ থকা কণামুচৰি বা শামুকভঙা চৰাই এটি ভালকৈ চাবলৈ বাইন’কুলাৰ তুলি লওঁ, যেতিয়াই তৰাৰে জিলিকা আকাশখনলৈ চাই চাই বিভোৰ হৈ পৰোঁ, মোৰ ককালৈ মনত পৰে৷ প্ৰতিবাৰে এখন নতুন ঠাইৰ, নতুন অভিজ্ঞতাৰ হেঁপাহে হাত বাউলি মাতিলে মোৰ ককালৈ মনত পৰে৷ ককাৰ বহুতো সপোন আধৰুৱা হৈ ৰ’ল৷ কিন্তু সেই একেজন ককাই বহুতো নতুন সপোনৰ গুটি সিঁচি গ’ল মোৰ ফুলকুমলীয়া মনত৷ সেই সপোনবোৰৰ মাজতে নজহা-নপমা সোঁৱৰণি হৈ ৰ’ল ঢকুৱাৰ ককা৷

পূৰ্বৰ খণ্ডসমূহ

নাম যাৰ জীৱন (১)
নাম যাৰ জীৱন (২): হাতীৰ পিঠিয়েদি এটা বাট
নাম যাৰ জীৱন (৩): শিপাৰ সন্ধানত

Friday, 1 January 2021

নাম যাৰ জীৱন (৩): শিপাৰ সন্ধানত

’হেই হেই, স্পীড ব্ৰেকাৰ! স্পীড ব্ৰেকাৰ আছে দেই আগত৷’ 

গাড়ীৰ পিছৰ আসনৰ পৰা দেউতাই ঘপকৈ মাত লগালে৷ কথাত মছগুল হৈ থকা মা আৰু মই চক খাই উঠিলো৷ মোৰ ভৰিয়ে ক্লাছত হেঁচা দিয়াৰ আগতেই চালকৰ কাষৰ আসনত মাই ক’ব নোৱাৰাকৈ নিজেই ভৰি ডবাই পালে৷ বেছিভাগ সময় নিজে গাড়ী চলাই ফুৰাৰ বাবে অভ্যাসবশত:!

গাড়ীৰ গতি কমিলেও স্পীড ব্ৰেকাৰৰ থেকেচাটো অলপকৈ খাই লৈ দেউতাই মুখখন অলপ বিকটাই দিলে৷ মাই অপ্ৰস্তুত ভাৱে অলপ হাঁহি মাথোঁ ক’লে,

’পুহমাহৰ কুঁৱলী যিহে একো দেখাই নাপায়!’

একো যেন হোৱা নাই তেনে এটা ভাও ধৰি মই ঘাইপথত দৃষ্টি ৰাখিয়ে মাক উদেশ্যি ক’লো,

’তাৰ পিছত? পুখুৰীটোৰ কথা কৈ আছিলা তুমি!’

ধেমাজি চাৰিআলিৰ ভিৰৰ মাজেৰে অলপ সষ্টম হৈ গাড়ীখন চলাই নিলো৷ চাকৰি সূত্ৰে যোৱা কেইবামাহো আয়াৰলেণ্ডৰ মসৃণ শৃংখলাবদ্ধ পথত গাড়ী চলাই থাকি মোৰ এতিয়া অসমত খেলিমেলি লাগি গৈছে৷ কোনফালে কি আহিছে যেন টলকিবই নাপাওঁ! আগে-পিছে অন্য গাড়ী-মটৰ, চাইকেলবোৰে ট্ৰেফিকৰ নিয়ম মানি ঠিকেই চলাবনে নে সকলো নীতি নিয়ম ধোঁৱা ছাঙত তুলি আকস্মিক কিবা এটা ষ্টান্ট কৰি দিব সেই আশংকাই মোক লগ এৰিব খোঁজা নাই৷ বাটৰ মাজতে হঠাৎ আৱিৰ্ভাৱ হোৱা গৰু-ছাগলী, হাঁহ-কুকুৰাবোৰতো আছেই!

’হা-অঁ৷ তেলামৰ পুখুৰীটো? আগতে এইবোৰ তোক বহুবাৰ কৈছোঁৱে দেখোন৷ আকৌ সুধিছ যে৷’  মাৰ  কথাৰ আঁত হেৰাল নে ৰাতিপুৱাৰ হেৰোৱা টোপনিৰ আমেজখিনিলৈ মনত পৰিল ধৰিব নোৱাৰিলো৷ 

’জানো, আগতেও কৈছা৷ কিন্তু আজি তালৈকে ওলাইছোঁ যেতিয়া কথাবোৰ ভালকৈ মনত পেলাই ল’ব খুজিছোঁ৷’ 

’তালৈ গৈ সকলো দেখিবিয়ে নহয়! তেতিয়া নিজে নিজে কথাবোৰ মনত পৰিব৷’- পিছৰ আসনৰ পৰা দুটা কমলা মাৰ হাতলৈ দি দেউতাই মোক উদেশ্যি ক’লে৷

’মোৰ মনত থকা ছৱিখন স্পষ্ট কৰি নল’লে তেতিয়াৰ আৰু এতিয়াৰ কথাবোৰ মিলি সকলো খেলিমেলি লাগি নাযাব জানো? কোৱাচোন৷’

মই কথাৰ পাক ইমান সহজে এৰি নিদিওঁ বুলি বুজিয়ে হয়তো কমলাৰ বাকলি গুচাই গুচাই মাই ক’বলৈ ধৰিলে,

’ঘৰৰ সন্মুখৰ চোতালখনৰ একাষে সেই সৰু পুখুৰীটো আছিল৷ সেইসময়ত পানীৰ বৰ অসুবিধা৷ সেয়ে পুখুৰীটো বন্ধাই লৈছিলো৷ তাৰ পানীৰেই ঘৰৰ বহুখিনি কাম চলিছিল৷’

’অঁ, মনত আছেতো! তুমি পটে নদীতো প্ৰায়ে কাপোৰ ধুবলৈ গৈছিলা নহয়? আমি লগতে গৈ পানীত খেলিছিলো৷’ মোৰ ধুঁৱলী কুঁৱলী স্মৃতিৰ পটত যেন কিছুমান ৰঙৰ আঁচোৰ পৰিল৷

’অঁ, ওচৰ চুবুৰীয়াৰ লগ পালে পটে নদীলৈকে গৈছিলো৷ কিন্তু সদায় তালৈ যাবলৈ আহৰি নোলায়৷ সেয়ে পুখুৰীতে ঢেৰ কাম৷’

’বুজিছোঁ৷ তাৰ পিছত?’ ঘাইপথত চকু দি থাকিয়েই মই মাত লগালো৷ এইখিনিত ভিৰ কম৷ গাড়ীৰ কাষেৰে মাথোঁ পাৰ হৈ গ’ল, শুধ বগা চাৰ্ট আৰু সেউজীয়া স্কাৰ্টৰ ইউনিফৰ্মেৰে কথাত মছগুল দুজনী কিশোৰীৰ চাইকেল, যাত্ৰী আৰু বয়-বস্তুৰে ঠাহ খোৱা এখন হালধীয়া টাটা ছুম’৷ বাটৰ একাষে দাই নিয়া ধাননি পথাৰত বগা-কজলা গৰুৰ দল৷ সোঁফালে এটা কেঁচা আলিৰ দুয়োপাৰে কেইবালানি বাঁৰী আৰু ঘৰ৷ হয়তো এখন গাওঁ৷ 

মোলৈ দুফোঁটা কমলা আগবঢ়াই দি মাই ক’লে,

’এদিন দুপৰীয়া মই পাছচোতালত কিবা কামত লাগি আছিলো৷ তোৰ বয়স দুবছৰ হোৱাই নাই কিজানি! এনেতে শুনা পালো ’জুপুং’কৈ শব্দ এটা৷ বুুকুখন চিৰিংকৈ গ’ল মোৰ৷ কিনো হ’ল বুলি ধপলিয়াই আগচোতাললৈ আহিলো৷ ক’তো একো নাই৷ কিন্তু মুহুৰ্ত্ততে চকু গ’ল পুখুৰীটোলৈ৷ দেখিলো, তই পুখুৰীৰ পানীৰ মাজত ককবকাই আছ!’

’পানী কিমান আছিল?’ আগতে এই কাহিনী বহুবাৰ শুনিছোঁ যদিও প্ৰতিবাৰেই মোৰ একেই উৎকন্ঠা!

’বেছি নাছিল, এআঁঠু মানহে হ’ব৷ কিন্তু দেৰ-দুবছৰীয়া ছোৱালী এজনী ডুবিবৰ কাৰণে সেয়াই যথেষ্ট! ভাল যে মাৰে দেখিলে বুলিহে!’ দেউতাই কৈ উঠিল৷

তেলামমুখী ঘাইপথৰ একাষে

কিছুপৰ নীৰৱেই গাড়ী আগবাঢ়িল৷ আমি তিনিও যেন সোঁৱৰণীৰ নৈখনক বাট এৰি দিলো৷ অসম-অৰুণাচল সীমান্তৰ তেলাম নামৰ এসময়ৰ সেই দুৰ্গম আৰু পিছপৰা কণমানি ঠাইখনলৈ প্ৰায় দুটা দশকৰ পিছত আজি উভতিছোঁ আমি৷ এটা সময়ত এই ঠাইত আমাৰ এটা আপোন ঘৰ আছিল- ভলুকা, তামোল, জেতুলীপকাৰে ভৰা এখন বাঁৰী আছিল আৰু ইয়াতে আছিল সেই সকলোবোৰ লৈ গঢ় লোৱা এখন পৃথিৱী! সেই একেই সময়, একেই ঠাই, কিন্তু আমাৰ তিনিওৰে নিজস্ব সুকীয়া সোঁৱৰণী!

চিমেন চাপৰিত শৈশৱৰ বান্ধৱী ৰেখাৰ লগ ল’লো৷ এইবাৰ আমি সকলো ৰেখাৰ গাড়ীত৷ তাই দেখুৱাই গ’ল পৰিচিত ঠাইবোৰ৷  বিস্তীৰ্ণ ধাননি পথাৰৰ সিপাৰে অৰুণাচল সীমান্ত- ছিয়াঙৰ সেউজ-নীলা পাহাৰ৷ দেউতাই ক’লে,

’আগৰ ভঙা-ছিঙা বাটৰ চিনমোকামেই নাই৷ ঘাইপথটো হোৱাৰ পৰা একালৰ এই দুৰ্গম ঠাইবোৰৰ ৰূপেই সলনি হৈ গ’লচোন!’

আধাঘন্টাৰ ভিতৰতে তিনিআলি এটাৰ ওচৰ পাই গাড়ীৰ গতি লেহেমীয়া হ’ল৷ ৰেখাই ক’লে,

’এইটোৱে তেলাম তিনিআলি! আপোনালোকৰ ঘৰটো কোনফালে আছিল?’

আমি তিনিও যেন চক খাই উঠিলো৷ মাই ক’লে,

’অহ, আমাৰ ঘৰটো এৰি আহিলো তেনে, তিনিআলি পোৱাৰ আগতেই গামচুকত বাটৰ কাষত পাব লাগে৷’

এইবাৰ আগতকৈও লাহে লাহে একেটা বাটেৰে গাড়ী উভটিল৷ একান্তমনেৰে আমি বাওঁকাষে চাই গ’লো৷ বাট-পথ, ঘৰ-দুৱাৰ সকলো ইমান অচিনাকি! সন্দেহ হ’ল, আমাৰ ঘৰটোও জানো চিনি পাম? তেতিয়াৰ ঘৰৰ এখন ফটোওতো নাই! সকলো কেৱল স্মৃতিৰ মায়াজাল যেন! 

তেলামৰ ঘৰৰ পদূলি
’এইটো! এইটোৱে আমাৰ ঘৰ!’ হঠাৎ মা-দেউতাই প্ৰায় একেলগে কৈ উঠিল৷ জোকাৰণি এটা খাই গাড়ীখন ৰৈ গ’ল৷ দেখা পালো, নঙলামুখেৰে এটা পদূলি৷ অতদিনে মনত লৈ ফুৰা ছৱিখনৰ দৰে অতিকৈ দীঘল নহ’লেও এটা যথেষ্ট দীঘলীয়া পদূলি৷ বহুখিনি একে- বহু সাদৃশ্য এতিয়াও মোৰ স্মৃতিৰ ছৱিখনৰ সৈতে! 

’অঁ, আমি ৰুৱা তামোল গছবোৰেই আছে চোন৷’ মাৰ মাতত অলপ আশ্চৰ্য্য, অলপ আনন্দ!

এখন্তেক পদূলিমুখতে থিয় দি চাৰিওফালে চালো৷ 

’এই নঙলামুখৰ বাওঁহাতে বাটৰ কাষতে এখন সৰু চাং দিয়া দোকান নাছিলনে?’ মোৰ হঠাৎ মনত পৰিল৷

’অঁ ঠিকেই, পাণদোকান আছিল সেইখন৷’ কৈয়ে দেউতা আগবাঢ়িল পদূলিৰে৷

এখন্তেকৰ বাবে মই ৰৈ গ’লো সেই পদূলিমুখতে৷ চকুৰ আগত ভাঁহি উঠিল এখন ছৱি; বাইদেউ আৰু মই নঙলামুখেৰে ওলাই আহিছোঁ কিবা কিনিবলৈ৷ দুয়োজনীৰ পিন্ধনত মাই ক্ৰছে কৰা দুটা কণমান চোলা৷ সিমূৰে বাটৰ কুকুৰৰ তীব্ৰ গেঙণি কিছুমান শুনি দুয়ো হঠাৎ জিকাৰ খাই উঠিছোঁ৷ এটা পলকৰ ভিতৰতে তিনিটামান কুকুৰে ধুমুহাৰ গতিৰে আহি সেই ক্ৰছেৰ চোলাত কামুৰি টানি লৈ গৈছে বাইদেউক৷ মোৰ চকুৰ সন্মুখতে সিহঁতে তাইক সেই পাণদোকানৰ চাংখনৰ তল পোৱাইছেগৈ৷ ভয় আৰু আতংকত মই জলকা লাগিছোঁ সেইখিনিতে! মুখৰ মাত ওলোৱা নাই- সমগ্ৰ শক্তিৰেও দেহটো লৰচৰ কৰিব পৰা নাই৷ মাথোঁ দেখিছোঁ চাঙৰ তলত এক ভয়ানক যুঁজ বাগৰ- দোকানী আৰু বাটৰুৱাৰ চিঞৰ-বাখৰ আৰু দৌৰ!

সেই আতংকই এক মুহুৰ্ত্তৰ বাবে এতিয়াও এটা শিহৰণ এৰি গ’ল যেন৷ তেতিয়াই কুকুৰলৈ সোমোৱা ভয়টো আঁতৰিবলৈকে কেইবাটাও দশক লাগিল৷ চকু-মুখ জোঁকাৰি লৈ বাস্তৱলৈ উভতি অহাৰ চেষ্টা কৰিলো৷ সকলো ইতিমধ্যে পদূলি পাৰ হৈছিলেই৷ নঙলা খুলি ময়ো সোমাই গ’লো সেই পৌৰাণিক ঘৰলৈ বুলি৷ সপোন সপোন যেন লগা কিছুমান সময়ৰ, কিছুমান স্মৃতিৰ আঁত বিচাৰি৷

আগৰ লিৰলিৰীয়া বাটৰ সলনি আহল বহল মুকলি পদূলি কিন্তু এতিয়াও দুয়োফালে তামোল আৰু ভলুকা বাঁহৰ বাঁৰী৷ চোতালখন পাৰ হৈ সেই একেই বাটামী ঘৰটো৷ যেন ঠিক এইখিনিতে যোৱা দুটা দশক ধৰি সময় স্থৱিৰ হৈ গ’ল!

 মা-দেউতাই চোতালতে ৰৈ ইফালে সিফালে চালে৷ মোলৈ ঘুৰি চাই মাই ক’লে,

’এই পদূলিৰেই প্ৰতিদিনে ৰাতিপুৱা ’ডেৰলিটাৰ’ আহিছিল গাখীৰ দিবলৈ, মনত আছে?’

হাঁহি উঠিল মোৰ৷

’আছে আছে৷ ডেৰলিটাৰ গাখীৰ লওঁ বুলিয়ে আমি তেওঁৰ নামটোৱে ’ডেৰলিটাৰ’ কৰি পেলাইছিলো!’ 

’এবাৰ বাৰিষা সেই ডেৰলিটাৰৰ গাখীৰ লৈ থুপুক থাপাককৈ খোঁজ দি পদূলিৰে উভতি আহোতে তই বোকাত পিছল খাই পৰি গৈছিলি!’ দেউতাই হাঁহি হাঁহি ক’লে৷ ’হয়তো ঠিক এইখিনিতে৷’ আমি থিয় দি থকা ঠাইখিনিৰে একাষে দেখুৱালে দেউতাই৷

ইমান সাধাৰণ অথচ সময়ে মচিব নোৱাৰা ইমান অসাধাৰণ এই শৈশৱৰ স্মৃতিবোৰ! জীৱন নদীৰ সোঁতে য’লৈকে লৈ নাযাওক শৈশৱৰ এনে সৰু-বৰ মুহুৰ্ত্তবোৰ যেন গভীৰৰ পৰা গভীৰতৰলৈ বৈ থাকে অন্য এখন নৈ হৈ- একোৱে আঁচোৰ পেলাব নোৱাৰাকৈ- একোৱে সলনি কৰিব নোৱাৰাকৈ! প্ৰতিজন মানুহেই হয়তো হৃদয়ত সযতনে আৰু সংগোপনে কঢ়িয়াই ফুৰে সেই অতলস্পৰ্শী নৈ৷ জীৱন নদীৰ দিশ সলনি কৰি দিব পৰাকৈ শক্তিশালী সেই নৈৰ তলৰ নৈ৷ সেই নৈয়ে পেলোৱা পলসতে মানুহে সাজে আশা-নিৰাশাৰ সৌধ৷ নাইবা শৈশৱতে থিতাপি লোৱা একোটা অযাচিত পকনীয়াই সময়ে অসময়ে আনি দিয়ে বিধ্বংসী বানপানী৷ 

সময় স্থৱিৰ হৈ ৰোৱা তেলামৰ ঘৰখন

অঁ, তোমালোক ডেকাপাম কলেজতে পঢ়া নেকি? ছাৰক আমাৰ নাম ক’লেই চিনি পাব!’ - ঘুৰি চাই দেখোঁ দেউতাই কথা পাতিছে৷ ঘৰৰ দুৱাৰমুখত কৈশোৰ-যৌৱনৰ দেওনাত থমকি ৰ’ৱ খোজা দুজন ল’ৰা৷  থুঁতৰিত দেখা নেদেখা দাড়িৰ আৰু দুচকুত ৰামধেনু চুব খোজা সপোনৰ আভাস৷

মোৰ পাঁচবছৰ বয়সত দেউতাৰ চাকৰিৰ আকৌ বদলি হৈ আমি তেলাম এৰি গুচি গৈছিলো অন্য এক প্ৰান্তলৈ৷ এই ঘৰ-বাঁৰী নিজৰ কৰি লৈছিল ডেকাপাম কলেজৰ সেই সময়ৰ অধ্যক্ষই৷ এতিয়া তেনে এই ঘৰ এক ছাত্ৰাবাস৷

দেউতাই সিহঁতক থুলমুলকৈ আমাৰ সেই ইতিহাসৰ আভাস দিলে৷ অলপ সংকোচ আৰু অলপ অপ্ৰস্তুত ভাৱেৰে সঁহাৰি দি সিহঁত উভতি গ’ল নিজৰ নিজৰ কোঠালৈ৷ 

ঘৰটোৰ চাৰিওকাষে এপাক মাৰিলো৷ অযত্নপালিত বাঁৰীখনৰ সিপাৰে এতিয়া চুবুৰীয়া মানুহঘৰ দেখা নাপায়৷ তেতিয়াৰ দিনত বাওঁকাষেৰে এটা বাট আছিল আমাৰ চুবুৰীয়া তায়েৰ ঘৰলৈ৷ মনত ভাঁহি উঠিল তায়েৰ ৰুগীয়া ছোৱালীজনী! কৈশোৰতে এনকেফেলাইটিছ হৈছিল তাইৰ৷ তেতিয়া তেলামৰ দৰে পিছপৰা ঠাইত প্ৰাথমিক চিকিৎসাৰে অভাৱ৷ হোমিঅ’ ঔষধ দিবলৈ যোৱা দেউতাৰ সৈতে কেতিয়াবা ময়ো সেই বাঁৰীৰ মাজৰ বাটটোৰে তায়েৰ ঘৰলৈ গৈছিলো৷ ঘৰখনৰ ওখ কাঠৰ দুৱাৰদলি পাৰ হৈ মাটিৰ মজিয়াখনত ভৰি দিয়াৰ লগে লগেই এটা বিষাদ কৰুণ সুৰে আছন্ন কৰি তুলিছিল দেহ-মন৷ যিমানেই দিন গৈছিল সিমানেই তীব্ৰ হৈ আহিছিল সেই সুৰ৷ 

এদিন সেই সুৰে হিয়াভঙা কান্দোনৰ ৰূপ লৈছিল৷ মৃত্যুৰ পদধ্বনি ইমান কাষৰ পৰা শুনিছিলো যে মোৰ বুকু কঁপি গৈছিল৷ তাই হেৰাই যোৱাৰ পিছত আমাৰ বাঁৰীৰ কাষতে তায়েৰ বাঁহনিত এটা ঢিপ উঠিছিল৷ তাৰ চাৰিওকাষে বাঁহৰ জেওৰাত ঘৰৰ মানুহে তাইৰ কাপোৰ-কানি আঁৰি দিছিল৷ প্ৰতিদিনে সেই ঢিপটোৰ দৃশ্য দেখি মোৰ হৃদয়ত ৰি ৰি কৈ বাজি ৰৈছিল সেই বিষাদ কৰুণ সুৰ৷ বিষণ্ণতাৰ সৈতে মোৰ প্ৰথম চিনাকি হয়তো সেই দিনবোৰতেই! 

এটা সময়ত আমি ওলাই আহিলো৷ সৰু বৰ দোকান-পোহাৰ কিছুমান, গাড়ী-মটৰৰ লানি আৰু যান্ত্ৰিক কোলাহলেৰে ব্যস্ততাৰ আখৰা কৰা তেলাম তিনিআলি৷ তাতে সোধাসুধি কৰি ওলালোগৈ মোৰ জীৱনৰ প্ৰথম স্কুল- তেলাম গামচুক প্ৰাথমিক বিদ্যালয়৷ তেতিয়ালৈ স্কুলৰ ছুটি হৈছে হয়তো৷ নিজম বাৰাণ্ডাখনেৰে শাৰী শাৰী শ্ৰেণীকোঠাৰ দুৱাৰবোৰ পাৰ হৈ গ’লো লাহে লাহে৷ ইয়াতেইতো আৰম্ভ হৈছিল মোৰ জীৱনৰ আদিপাঠ! একপ্ৰকাৰ জেদ ধৰিয়ে সময়তকৈ আগত আৰম্ভ কৰিছিলো সেই আদিপাঠ৷

মোতকৈ এবছৰ ডাঙৰ বাইদেউ স্কুললৈ যোৱা দেখি ময়ো লগতে যাব খুজিছিলো৷ মাহঁতে বুজাইছিল,

’এতিয়া তোৰ বয়স কম হৈ আছে যে- অহাবাৰ পাঁচ বছৰ হ’লে তোৰো নাম লিখাই দিম দেই৷’

কাৰো বুজনিয়ে কাম কৰা নাছিল৷ কেইবাদিনো কান্দি কাটি গছৰ পাত সৰোৱালো৷ মাৰ ভাষাত মই হেনো ’অকৰা-মৈ’ত উঠিছিলো! অৱশেষত মোৰ জেদ কমাৰ একো লক্ষণ নেদেখি একপ্ৰকাৰ উপায়ন্তৰ হৈয়ে মাই মোক লৈ আহিছিল এই স্কুললৈ৷

তেলাম গামচুক প্ৰাথমিক বিদ্যালয়

তেতিয়া এই স্কুলৰ নামত মাথোঁ চাৰিটা কাঠৰ খুঁটাৰে চাৰিওকাষ মুকলি এখন কণমান ছালি৷ কেইটামান ল’ৰা-ছোৱালীৰে সকলোবোৰ শ্ৰেণীক একেলগে বহুৱাই পঢ়ুৱাইছিল এজন শিক্ষকে৷ মাই প্ৰতিদিনে বাইদেউক অলপ সময় পঢ়াই-লিখাই স্কুললৈ যাবলৈ সাজু কৰাইছিল৷ মই কিজানি ক-ৰ চুক কেইটাও চিনি নোপোৱাকৈ ভৰি থৈছিলোহি এই চৌহদত৷ ঢাৰি-পাটী পাৰি লৈ মাটিৰ মজিয়াত বহিবলৈ পায়ে মোৰ চকুপানী শুকাই হাঁহি ওলাইছিল৷  শিক্ষকে ধেমেলীয়া সুৰত কৈছিল,

’ইমান কম বয়সতে স্কুল আৰম্ভ কৰিবলৈ দিয়াৰ নিয়ম নাই নহয়৷ গতিকে তোমাৰ নাম এতিয়াই নিলিখোঁ৷ বছৰেকীয়া পৰীক্ষাত প্ৰথম হ’ব পাৰিলেহে নাম ভৰ্ত্তি হ’ব দেই৷ সেয়ে ভালকৈ পঢ়িব লাগিব৷’

মই হয়তো একো উত্তৰ দিয়া নাছিলো৷ হয়তো নীৰৱে কলা চিলেটখনত মাটি পেঞ্চিলেৰে আঁক-বাক কৰিছিলো- আৰু নিমিষতে মোহাৰি পেলাইছিলো তলসৰা বহতৰ হালধীয়া গুটিৰে৷ প্ৰথম শ্ৰেণীৰ প্ৰথম পৰীক্ষাত কিন্তু ময়ে প্ৰথম হৈছিলো৷

’আচৰিত নহয়নে?’

ৰেখাৰ মাতত মোৰ সম্বিত ঘুৰি আহিল৷ 

’হুহ?’ সোঁৱৰণীৰ পৃথিৱীখনৰ পৰা ওলাই আহি কিছু বিবুদ্ধিৰে চালো তাইলৈ৷

মোৰ কাষ চাপি আহি তাই লাহেকৈ ক’লে,

’আচৰিত নহয়নে এনে এখন স্কুলৰ পৰাই পঢ়ি গৈ তই ইংলেণ্ডৰ পৰা পি এইচ ডি কৰিলিগৈ?’

তাইৰ কথাত একো নকৈ হাঁহি সামৰি থ’লো৷ মাথোঁ মনতে ভাৱিলো- নহয়, অন্তত: মোৰ বাবে একো আচৰিত নহয়৷ কাৰণ সেই যাত্ৰাৰ প্ৰতিটো কেঁকুৰি, প্ৰতিটো সংগ্ৰামৰ ৰং-ৰূপ মই চিনো! এই বিনম্ৰ আৰম্ভণিয়েই মোক সপোন দেখাৰ সাহস দিছে, হাজাৰ বাধা-বিঘিনি নেওচিও আগবাঢ়ি যোৱাৰ সংকল্প দিছে৷ সেই বাবেইতো আকাশ চুব খোজাৰ হেঁপাহ লৈয়ো মোৰ সিৰাই প্ৰতিসিৰাই বিয়পি থকা এই শিপাডাল পাহৰিব নোৱাৰোঁ৷ সূতা ছিঙা চিলা হৈ উটি ভাহি যাব নোৱাৰোঁ৷ অজস্ৰ শাখা প্ৰশাখাৰে এই মাটি, এই আকাশ বতাহ ছাটি ধৰি থকা শিপাৰ বাবেই অহৰহ লতাৰ সলনি এজোপা গছ হোৱাৰ সপোন দেখিব পাৰোঁ৷ সেই শিপাৰ মূল যে ইয়াতেই৷ চিৰদিন ইয়াতেই৷

তেলামৰ পটে নদীত: তেতিয়া আৰু এতিয়া