Saturday 11 June 2022

চপেনৰ কলিজাটো

সিদিনা ৰাতিপুৱাৰ পৰাই প'লেণ্ডৰ ৰাজধানী ৱাৰশ্ব’ৰ আকাশ গোমা। তাতে ডিচেম্বৰৰ ঠেঁটুৱৈ-ধৰা জাৰ। তৰপে তৰপে উমাল কাপোৰ পিন্ধিহে ঘৰৰ বাহিৰ হোৱাৰ সাহস কৰিলোঁ৷ ৱাৰশ্ব’ বা প’লিছ ভাষাত ৱাৰশ্বাৱা মহানগৰীত এয়া মোৰ প্ৰথম সপ্তাহ। জেটলেগ আৰু শীতৰ প্ৰকোপৰ সৈতে এতিয়াও অভ্যস্ত হোৱাই নাই। তথাপি নতুন দেশখন ভালকৈ চোৱাৰ আৰু ইয়াৰ জীৱনৰ ৰং-ৰূপ উপভোগ কৰাৰ হেঁপাহতে ওলাই আহিবলৈ বাধ্য হ'লোঁ যেন!

মোৰ বাবে বাট চাই থকা শীত-তাপ নিয়ন্ত্ৰিত উবাৰখনত বহি লৈ স্বস্তিৰ নিশ্বাস পেলালোঁ।

’জিন ড’ব্ৰে (শুভ দিন৷)’- উবাৰৰ চালকজনে মাত দিলে। মাস্কৰ মাজেৰে দেখা পোৱা তেওঁৰ মুখৰ অবয়বটো আৰু কথাৰ সুৰটোত ৰাছিয়াৰ মানুহ যেন ভাৱ হ'ল।

উমাল টুপী, স্কাৰ্ফ আৰু হাতৰ ডাঠ মোজাযোৰ খুলি খুলি ময়ো সম্ভাষণ জনালোঁ, 'জিন ড'ব্ৰে!'

যোৱা কেইদিনত ইয়াত ইংৰাজী কোৱা মানুহ কমেই পাইছোঁ। গতিকে বাটে-ঘাটে দুই এষাৰ প'লিছ কথা-বতৰা নাজানিলেই নহয়। সেয়ে এইকেইদিনতে ময়ো কাম চলাকৈ যি পাৰোঁ প'লিছ কোৱাৰ অভ্যাস কৰিছোঁ।

মই আলহী হৈ থকা প'লিছ বন্ধু য়ানেকৰ ঘৰৰ পৰা মূল চিটি চেণ্টাৰলৈ গাড়ীৰে প্ৰায় আধাঘন্টাৰ বাট৷ সমগ্ৰ বাটছোৱা উবাৰৰ খিৰিকীৰে চাই গ'লো ৱাৰশ্ব' মহানগৰীৰ মাদকতাময় ৰূপ ৷ চাৰিওদিশে বৰদিনৰ উৎসৱমুখৰ পৰিৱেশ। মূলত: কেথ'লিক ধৰ্মী এই দেশত বৰদিনৰ আয়োজন বৰ আড়ম্বৰপূৰ্ণ। দোকান-পোহাৰ আৰু বাটে-পথে ৰং-বিৰঙী লাইট আৰু সাজ-সজ্জা। 

অ'ল্ড টাউন স্কুৱাৰত ৰাজকীয় প্ৰসাদ আৰু ছিগমাণ্ডৰ স্তম্ভ

অ’ল্ড টাউন স্কুৱাৰত উবাৰখনৰ পৰা নমাৰ লগে লগেই শীমশীতল বতাহ এজাকে মোক চুই গ’লহি৷ এই অ’ল্ড টাউন ৱাৰশ্ব'ৰ আটাইতকৈ প্ৰাচীন অংশ৷ অ'ল্ড টাউনৰ ঠিক সোঁমাজতে আহল বহল মুকলি স্কুৱাৰ। তাৰ একাষে আটকধুনীয়া কাৰুকাৰ্য্যৰ ৰাজকীয় প্ৰসাদ৷ বিপৰীতে সৰু-বৰ দোকান, ৰেষ্টোৰাঁ, গিৰ্জাঘৰ আৰু সংগ্ৰহালয় ইত্যাদি। 

ৰাজকীয় প্ৰসাদৰ সন্মুখতে সুউচ্চ ছিগমাণ্ডৰ স্তম্ভ। ৱাৰশ্ব'ত ভৰি দিয়াৰ দিনাই সেয়া দেখুৱাই বন্ধু য়ানেকে কৈছিল, প’লেণ্ডৰ তৃতীয়জন ৰজা এই ছিগমাণ্ড (Sigismund III Vasa)-এ পোন্ধৰ শতিকাত প’লেণ্ডৰ ৰাজধানী ক্ৰাক’ভ (Kraków) ৰ পৰা ৱাৰশ্ব'লৈ আনিছিল৷ তাৰে স্মৃতিত স্থাপিত এই স্তম্ভ৷

আজি সেই স্তম্ভৰ তলতে দেখা পালোঁ কমলাৰঙী ছাতি এটা মেলি লৈ থিয় দি আছে এজন যুৱক। আগবাঢ়ি গৈ সুধিলোঁ,

’আপুনিয়ে ৱাকিং ট্যুৰৰ গাইড নেকি?’

’হয়, মোৰ নাম মেক্স৷ আপোনালোকক আজি ময়ে ৱাৰশ্ব' দেখুৱাম৷’

মেক্সৰ বয়স মাথোঁঁ বিছ-বাইছ বছৰহে হ'ব যেন লাগিল৷ ইমান কমবয়সতে নিজৰ ঠাইখনক লৈ তেওঁৰ আগ্ৰহ দেখি মোৰ ভাল লাগিল৷ ক্ষন্তেক পিছতে আমাৰ কাষ চাপি আহিল এহাল গ্ৰীক দম্পতী৷ মোৰ দৰেই প'লেণ্ডৰ অতীত আৰু বৰ্তমানৰ বুজ লোৱাৰ হেঁপাহত আহিছে তেওঁলোক। দুয়ো চল্লিশৰ অনুৰ্দ্ধৰ। গম পালোঁ, কৰ্মসূত্ৰে যুৱকজন লণ্ডনত, যুৱতীগৰাকী এথেন্সত থাকে৷ গতিকে বৰদিনৰ বন্ধত দুয়ো প’লেণ্ডত লগ হৈছেহি ৷

মেক্সে আমাৰ চিনাকি লয় মানে হুৰহুৰাই বৰফ পৰিবলৈ আৰম্ভ কৰিলে৷ বাট-পথ আৰু দাঁতিকাষৰীয়া ঘৰ, গছ-বন সকলো নিমিষতে ছানি পেলালে বৰফৰ শুভ্ৰ দলিচাই৷ উমাল কাপোৰৰ তৰপৰ পৰা কোনোমতে দুচকু মুকলি কৰি লৈ আমি মেক্সৰ সৈতে খোজ আগবঢ়ালোঁ।তাৰ লগে লগে মেক্সে আমাক অ’ল্ড টাউনৰ ইতিহাসৰ আভাস দিলে। 

দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত জাৰ্মানীৰ নাজী বাহিনীয়ে এই মহানগৰৰ প্ৰায় ৮৫% ধ্বংস কৰি পেলাইছিল। মাটিৰ সৈতে মিলি গৈছিল প্ৰায় সকলোবোৰ ঘৰ-দুৱাৰ অৰু ঐতিহাসিক কীৰ্তিচিহ্ন। বহু প'লিছ নাগৰিক বন্দী হৈ পৰিছিল শ্ৰমিক শিবিৰ বা নাজী কন্‌চেণ্ট্ৰেশ্যন কেম্পত৷ মানৱতাৰ এক কৰুণ ইতিহাস সেয়া৷ ৱাৰশ্ব'ৰ অলিয়ে গলিয়ে মেক্সে আমাক সেই ইতিহাসৰে চানেকি দেখুৱাই গ’ল৷

কিন্তু নাজী বাহিনীয়ে নিশ্চিহ্ন কৰি পেলাব খোজা ৱাৰশ্ব' যেন শ্মশানৰ পৰাই পুনৰ জী উঠিল। বিশ্বযুদ্ধৰ শেষত মহানগৰখনৰ ঘৰ-বাট-দলং-গীৰ্জা সকলোৰে এক অভূতপূৰ্ব পুনৰ্নিমাণ প্ৰক্ৰিয়া আৰম্ভ হ’ল৷ বহুবছৰ জোৰা কষ্ট আৰু পৰিশ্ৰমেৰে এই অ’ল্ড টাউন পুনৰ আগৰদৰেই হুবহু নিৰ্মাণ কৰি উলিওৱা হ'ল৷

’প্ৰতিটো বাটৰ দুয়োকাষে, ঘৰবোৰৰ ভিতৰে-বাহিৰে সম্পূৰ্ণ একেদৰেই নিখুঁতভাৱে পুনৰ্নিমাণ কৰিবলৈ যুদ্ধত বিধ্বস্ত দেশখনে পুঁজি ক’ৰ পৰা গোটালে?’ মোৰ কৌতুহল হ’ল৷

’আপোনালোকে হয়তো বিশ্বাস নকৰিব! ইয়াৰ সকলো পুঁজি আহিছিল জনসাধাৰণৰ বৰঙণিৰ পৰা৷ সমগ্ৰ প’লেণ্ডৰ পৰা আহি এই প্ৰকল্পবোৰত কাম কৰিবলৈ স্বেচ্ছাসেৱী গোট খাইছিলহি৷’

মেক্সৰ উত্তৰ শুনি আচৰিত হ'লোঁ। লগতে প'লিছসকলৰ অদমনীয় সত্বাৰ প্ৰতি শ্ৰদ্ধাত মোৰ মূৰ দোঁ খালে। ৰাইজে নখ জোকাৰিলে সঁচাই নৈ বয়! তাৰেই এক অপূৰ্ব নিদৰ্শন হৈ থিয় দি আছে যেন এই মহানগৰ।

সিদিনা অবিৰাম সৰি থকা বৰফৰ মাজতে থিয় দি মেক্সে 
ইটোৰ পিছত সিটোকৈ প'লিছ জাতীয়তাবাদৰ বহু কাহিনী কৈ গ'ল। প’লেণ্ডৰ সৰ্বশ্ৰেষ্ঠ কবি ৰূপে জনাজাত আদাম মিটছ্কে‌ভিট্ছ‌ৰ প্ৰতিমূৰ্তিৰ সন্মুখত ৰৈ শুনিলোঁ কেনেকৈ সেই কবিয়ে প’লিছ সত্ত্বা জীয়াই ৰখাৰ বাবে কলমেৰে যুঁজিছিল৷ ক’পাৰনিকাছ চায়েন্স চেন্টাৰত মেক্সে এই দেশৰে সন্তান নিক’লাছ ক’পাৰনিকাছৰ অৱদানৰ কথা ক'লে। ৱাৰশ্ব’ বিশ্ববিদ্যালয় দেখুৱাই ক'লে মেৰী কুৰীৰ অধ্যাৱসায়ৰ কাহিনী৷ উচ্চ শিক্ষা আৰু গৱেষণাৰ বাবে এটা সময়ত ফ্ৰান্সলৈ প্ৰব্ৰজন কৰিলেও মেৰী কুৰী অন্তৰেৰে চিৰদিন প’লিছ হৈয়ে ৰ’ল৷ তেওঁ আৱিষ্কাৰ কৰা প্ৰথমটো ৰাসায়নিক মৌলৰ সেয়ে নাম দিলে ’প’ল’নিয়াম' ৷ এই আৱিষ্কাৰেই তেওঁলৈ দ্বিতীয়টো ন’বেল বঁটা আনিছিল৷

এটা সময়ত আমাক কিছু সকাহ দি বৰফ পৰা বন্ধ হ’ল৷ ডাৱৰ ফালি লাহেকৈ এচেৰেঙা ৰ’দো ওলাল৷ আমি তিনিও মেক্সৰ সৈতে খোজ দি য’তেই সুৰুঙা পালোঁ তাতে ৰ’দৰ উত্তাপত হাত-ভৰিবোৰ সজীৱ কৰাৰ চেষ্টা কৰিলোঁ৷

ৱাৰশ্ব’ বিশ্ববিদ্যালয়ৰ বিপৰীতে এটা বিশাল গিৰ্জাঘৰ৷ তাৰ সন্মুখত ৰৈ মেক্সে ক’লে,

’এই হ’লী ক্ৰছ গিৰ্জা এটা সময়ত প’লেণ্ডৰ আটাইতকৈ গুৰুত্বপূৰ্ণ গিৰ্জা আছিল৷ এতিয়া পিছে ইয়ালৈ অন্য এটা আকৰ্ষণতহে পৰ্য্যটকৰ সোঁত বয়৷ কাৰণ এই গিৰ্জাতে বিশ্ববিখ্যাত সুৰকাৰ চপেনৰ কলিজাটো আছে!’

সেই কথা শুনি মোৰ দেহ-মন ৰোমাঞ্চিত হৈ উঠিল। তেন্তে এয়াই সেই ঠাই! য়ানেকৰ মুখত শুনা সেই কিংবদন্তীৰ উৎস!

ৱাৰশ্ব'ৰ হ’লী ক্ৰছ গিৰ্জা (ফটো: ৱিকি কমনছ)

ফ্ৰেডেৰিক চপেনৰ সংগীতৰ খ্যাতি সমগ্ৰ বিশ্বতে অতুলনীয়৷ ডেকা বয়সতে প’লেণ্ডত থিতাপি লোৱা ফৰাচী দেউতাক আৰু প’লিছ মাকৰ সন্তান চপেন এই মহানগৰতে ডাঙৰ হৈছিল৷ শৈশৱতে তেওঁ পৰিয়ালৰ সৈতে বহু দেওবাৰৰ দিন হেনো এই গিৰ্জাতে কটাইছিলহি৷ পিছে প’লিছ-প্ৰুছিয়ান যুদ্ধৰ সময়ত বিছ বছৰ বয়সতে চপেনে চিৰদিনৰ বাবে প’লেণ্ড এৰি যাবলৈ বাধ্য হ’ল৷ জীৱনৰ বাকী সময়ছোৱা তেওঁ ফ্ৰান্সত সংগীত সাধনা কৰি কটালে৷ চিৰৰুগীয়া চপেন মাথোঁ উনচল্লিছ বছৰ বয়সতে শয্যাশায়ী হ'ল। মৃত্যুৰ সময়ত ভনীয়েকক মাতি আনি ক’লে, তেওঁৰ শেষইচ্ছা তেওঁৰ কলিজাটো যাতে ৱাৰশ্ব'ৰ এই হ’লী ক্ৰছ গীৰ্জাত থোৱা হয়!

সেয়া ১৮৫০ চনৰ কথা। প'লেণ্ড তেতিয়া ৰাছিয়ান সাম্ৰাজ্যৰ অধীনত। তাৰ মাজেৰেই বহু বাধা বিঘিনি অতিক্ৰম কৰি ভনীয়েকে চিচাৰ বটলৰ ভিতৰত ব্ৰেণ্ডিত ডুবাই চপেনৰ কলিজাটো প’লেণ্ড পোৱালেহি৷ স্বাধীনতাৰ বাবে হাঁহাকাৰ কৰি উঠা প’লেণ্ডত ইতিমধ্যে চপেন এক ৰাষ্ট্ৰীয় নায়ক হৈ পৰিছে৷ পিছে ভনীয়েকক আচৰিত কৰি সেই অমূল্য উপহাৰ গ্ৰহণ কৰিবলৈ গিৰ্জাৰ কৰ্তৃপক্ষ অমান্তি হ’ল৷ কাৰণ হ’ল, মৃত্যুৰ আগতে প্ৰগতিবাদী লেখিকা এগৰাকীৰ সৈতে চপেনৰ ৰোমান্টিক সম্পৰ্ক! ভনীয়েকৰ কাতৰ অনুৰোধ এৰাব নোৱাৰি অৱশেষত গিৰ্জাই কলিজাটো চমজি ল’লে। কিন্তু বহুবছৰ ধৰি বিশ্বৰ সৰ্বশ্ৰেষ্ঠ সেই সুৰকাৰৰ কলিজাটো জাবৰৰ দ’মৰ সৈতে গিৰ্জাৰ কোনোবা চুকত অৱহেলিত হৈ পৰি ৰ’ল৷

১৯৪৫ চনৰ ৱাৰশ্ব’ বিদ্ৰোহ (Warsaw uprising)-ৰ সময়ত পুনৰ এবাৰ প’লেণ্ডত দেশপ্ৰেম উঠলি উঠিল৷ অতীতত হেৰাই যাব খোজা ৰাষ্ট্ৰীয় নায়কসকলৰ সন্ধান চলিল। সেই দিনবোৰতে এগৰাকী সাংবাদিকে কেনেবাকৈ জাবৰৰ দ’মৰ মাজত পৰি ৰোৱা চপেনৰ কলিজাটো বিচাৰি পালেগৈ৷ এইবাৰ পিছে মহা আড়ম্বৰেৰে গিৰ্জাত সেই উপহাৰ স্থাপিত হ’ল ৷

চপেনৰ সেই অপূৰ্ব কাহিনীৰেই সিদিনা মেক্সে আমাৰ ৱাকিং ট্যুৰ সামৰিলে। পিছে ভাগ্যৰ বিড়ম্বনাত তাৰ লগতে ময়ো প'লেণ্ড চোৱাৰ হেঁপাহ সামৰিব লগাত পৰিলোঁ। ক'ভিডত জুৰুলা হৈ দুটা সপ্তাহ ৱাৰশ্ব'ত গৃহবন্দী হৈ ৰ'লোঁ। অচিন দেশত অচিন পৰিস্থিতিত পাৰ কৰিবলৈ বাধ্য হ'লোঁ এছোৱা স্থবিৰ নিৰুপায় সময়।

গৈ থৈ কোৱাৰেনটিনৰ পৰা ওলাই প'লেণ্ড এৰাৰ আগতে মোৰ হাতত বাকী থাকিল এটা মাত্ৰ দিন। এই একমাত্ৰ দিনটোত কি কৰা যায়। য়ানেকে সোধাত বিশেষ নভৱাকৈয়ে ক'লোঁ,

'চপেনৰ জন্মস্থান চাবগৈ পাৰি, নহয়নে?'

সিদিনা য়ানেকে পিয়ান'ত বজোৱা চপেনৰ সুৰটো যেন 
তেতিয়াও মোৰ মনত ৰি ৰি কৈ বাজি আছিল। লগতে অহা যোৱা কৰি আছিল চপেনৰ কলিজাৰ কাহিনীটো।

কথামতেই কাম। পিছদিনাই আমি ৱাৰশ্ব'ৰ পৰা প্ৰায় পঞ্চাছ কি:মি: দূৰৈৰ চপেনৰ জন্মস্থান অভিমুখে ৰাওনা হ'লোঁ। মহানগৰী এৰি আমাৰ গাড়ী যিমানেই আগবাঢ়িল পকী বাটবোৰ ঠেক হৈ আহিল আৰু লাহে লাহে ধৰা দিলেহি 
প'লেণ্ডৰ এক নিৰিবিলি গ্ৰাম্য ৰূপে। মহানগৰীৰ ব্যস্ততা আৰু শাৰী শাৰী অট্টালিকাৰ ঠাই ল'লেহি দূৰ দিগন্তলৈকে বিয়পি থকা মুকলি পথাৰে। তাৰ মাজে মাজে সৰু সৰু পকী ঘৰ আৰু লঠঙা গছেৰে একো একোখন সৰু গাওঁ। 

চপেনৰ শৈশৱৰ ঘৰত এটি কোঠা

প্ৰায় এঘণ্টামানৰ পিছতে জেলাজ'ৱা ৱ'লা (Żelazowa Wola) নামৰ কণমানি গাওঁখনত আমাৰ গাড়ী ৰ'লগৈ। চাৰিওদিশে নিমাত-নিতাল এক মন জুৰোৱা পৰিৱেশ। বিশাল গেইটখনেৰে সোমাই প্ৰথমে আমি আধুনিক আৰ্হিৰ মিউজিয়ামটোলৈ আগবাঢ়ি গ'লো। তাত টিকেট লৈ বিশাল এক উদ্যান বা মেন'ৰ (manor) ৰ মাজত থকা এটি প'লিছ আৰ্হিৰ সৰু বগা ৰঙী ঘৰত আমি ভৰি দিলোঁগৈ। ১৮১০ চনত এই ঘৰতে চপেনৰ জন্ম হৈছিল। তেওঁৰ মাক হেনো এই উদ্যানৰ মূল অধিবাসী স্কাৰবেক (Skarbek) পৰিয়ালৰ পৰিচায়িকা আছিল। সেই সূত্ৰেই তেওঁলোকৰ মূল ঘৰৰ কাষতে এই ঘৰটোত চপেনৰ পৰিয়ালটো বাস কৰিছিল।

ঘৰটোৰ ভিতৰত বহা কোঠা, সংগীত কোঠা, পাকঘৰ আদিকৈ উনৈশ শতিকাৰ আচবাব আৰু সা-সামগ্ৰীৰে সুসজ্জিত কেইবাটাও কোঠা।বহা কোঠাত এযোৰ কাঠৰ চকী মেজ, কাঠৰ খাঁজ কটা এটা আলমিৰা, একাষে জুহাল। পাকঘৰতো সেই দশকৰ আৰ্হিৰে এখন ঘূৰণীয়া খোৱা মেজ। তাতে সজাই থোৱা আছে চীনামাটিৰ কাপ-প্লেট আৰু চাহৰ টিপয়। চপেনৰ জন্ম হোৱা বুলি ঠাৱৰ কৰা কোঠাটো আয়তাকাৰ। একাষে বিশাল খিৰিকীৰ কাষত এখন পিয়ানো আৰু অন্য মূৰত চপেনৰ প্ৰতিমূৰ্তি। অৱশ্যে চপেনৰ পৰিয়ালটো থকাৰ সময়ত এই ঘৰৰ ৰূপ এনে নাছিল। এতিয়াৰ এই ঘৰ নানা ঐতিহাসিক তথ্যৰ ভিত্তিত পুনৰ্নিমাণ কৰাহে।

তাৰ পৰা ওলাই এইবাৰ আমি ঘৰৰ চৌহদত থকা বাগিচাখনত খোজ দিলোঁগৈ। বিশাল বাগিচাখনত চিনাকি-অচিনাকি বিভিন্ন ফুল। এফালে লঠঙা গছেৰে এখন অৰণ্যৰ মাজত এটি বৰফাবৃত জুৰি। তাৰ ওপৰত কাঠৰ এখন কণমানি দলং। স্পিকাৰত ভাঁহি অহা চপেনৰ মনোমোহা সংগীতৰ সুৰে মুখৰিত কৰি তুলিলে সেই বাগিচাৰ আকাশ-বতাহ। তাকে শুনি শুনি মোৰ দুচকুত জিলিকি উঠিল বহু দশক পূৰ্বে এই বাগিচাৰে কোনোবা গছৰ তলত বহি সংগীত সাধনাত তন্ময় হৈ ৰোৱা কৈশোৰ চপেনৰ ৰূপ।

বাগিচাৰ পৰা দেখা পোৱা চপেনৰ ঘৰটো

এই আপোন ঘৰ আৰু মাতৃভূমিৰ পৰা নিৰ্বাসনেই চপেনৰ দেহ-মন ভাঙি পেলাইছিল নেকি বাৰু? বহুদিনলৈকে অন্তত: প'লিছসকলে তেনেকৈয়ে ধাৰণা কৰি আহিছিল। শেহতীয়াকৈ সেই ধাৰণাৰ সত্যাসত্য বিচাৰ কৰিবলৈএদল বিজ্ঞানী আগবাঢ়ি আহিল। তেওঁলোকে হ'লী ক্ৰছ গিৰ্জাত থকা চপেনৰ কলিজাটোৰ বৈজ্ঞানিক পৰীক্ষা কৰি তেওঁৰ মৃত্যুৰ প্ৰকৃত কাৰণ উদ্ভাৱনৰ প্ৰস্তাৱ দিলে। সেই বাতৰিয়ে পুনৰ বিশ্বত এবাৰ উখল-মাখল লগাই গ'ল।

অৱশেষত গিৰ্জাৰ কৰ্তৃপক্ষৰ অনুমতিক্ৰমে ২০১৪ চনৰ ১৪ এপ্ৰিলত কাঠৰ বাকচ খুলি সন্তৰ্পনে উলিয়াই অনা হ'ল সেই চিচাৰ বটল।দলটোৱে দেখা পালে এটা শতিকাৰ পিছতো সেই বটলৰ ভিতৰত থকা কগনেক (cognac) নামৰ মুগাৰঙী জুলীয়া দ্ৰব্যবিধ শুকাই যোৱা নাই। তাত ওপঙি আছে লোপথুপীয়া আৰু ফুলি উঠা চপেনৰ কলিজাটো! সেই কলিজাৰ কলাসমূহত থকা অস্বাভাৱিক দাগবোৰ চাক্ষুষভাৱেই কিন্তু তন্নতন্নকৈ পৰীক্ষা কৰি তেওঁলোকে ৰায় দিলে, চপেন ক্ৰ'নিক টিউবাৰকুল'ছিছৰ জটিলতাত ভুগিছিল। দলটোৱে সেই কলিজাটো উলিয়াই নানি পুনৰ একেটা বটলতে সাঁফৰ মাৰি উভতাই দিলে। এইবাৰহে যেন সকলোৰে কৌতুহল নিৰ্বাপিত কৰি চপেনৰ কলিজাটোৱে জিৰোৱাৰ অৱকাশ পালে!

প’লিছ আৰু ফৰাচীসকলে এতিয়াও হেনো চপেনক লৈ টনা-আঁজুৰা কৰিব খোজে৷ সিদিনা ওন্দোলা আকাশখন মূৰত লৈ শান্ত-সমাহিত সেই জেলাজ'ৱা ৱ'লা গাওঁ এৰাৰ পৰত সেই বিষয়ে পিছে আমাৰ কাৰো দ্বিমত নাথাকিল৷ চপেনৰ হৃদয়খন আক্ষৰিক অৰ্থতে চিৰদিন প’লেণ্ডৰ হৈ ৰ’ৱ। কথাতেই কয়- Home is where your heart is!

Saturday 21 May 2022

চৰাই চিনাৰ কিটিপ (১)

'বগলী এ বগা ফোঁট দি যা দি যা'

আকাশেদি উৰি যোৱা বগলীজাকলৈ চাই আপুনি বাৰু কেতিয়াবা বগা ফোঁট বিচাৰি পাইছেনে? চৰাইৰ কিচিৰ মিচিৰ মাতে কোনোবা চিকুণ পুৱা আপোনাক জগাই দিছেহিনে? নাইবা নীলিম আকাশত ভ্ৰমি ফুৰা চৰাই এটিলৈ চাই কল্পনা কৰিছেনে, এদিন আপুনিও উৰিব পৰা হ'লে? এনে বিভিন্ন ধৰণে ৰঙীন আৰু বৈচিত্ৰ্যময় চৰাইবোৰ আমাৰ দৈনন্দিন জীৱনৰ অংগ, কবি-সাহিত্যিকৰ সৃষ্টিৰ উৎস আৰু মনোৰম  প্ৰকৃতিৰ ধ্বজাবাহক। সেইবাবেই চৰাই পৰ্যবেক্ষণ দেশে-বিদেশে বৰ্তমান এক জনপ্ৰিয় চখ বা হবী হৈ পৰিছে। এই চখ পূৰাবলৈ কোনো বয়স, সময় বা অৰ্হতাৰ সীমা নাই। প্ৰয়োজন নাই কোনো বিশেষ সঁজুলিৰ বা অন্য খৰচৰো। এই চখ গঢ়িবৰ বাবে প্ৰয়োজন মাথোঁ প্ৰকৃতিৰ অপূৰ্ব ৰূপ উপভোগ কৰাৰ বাবে কিছু সময় আৰু আগ্ৰহ। আহকচোন চাওঁ কেনেকৈ? 

প্ৰথমেই আপোনাৰ প্ৰশ্ন হ'ব পাৰে, চৰাই ক'ত চাব? সহজ উত্তৰটো হ'ল,  আপুনি য’তেই নাথাকক, য'লৈকে নাযাওক প্ৰায় সকলো ঠাইতে অলপ মন কৰিলেই চৰাই চাব পাৰে। আপোনাৰ ঘৰৰ চোতালতে হয়তো প্ৰতিদিনে কাউৰী, শালিকা, ঘৰচিৰিকা, বুলবুলি আদি বহুকেইবিধ চিনাকি চৰায়ে দেখা দিয়েহি। এদিন পুৱাতে কিছুপৰ তাতে বহি লৈ মন কৰকচোন, কিমানবিধ বেলেগ বেলেগ চৰাই দেখা পাইছে?   

ঘৰচিৰিকা চৰায়ে পানীত ওমলিছে (উৎস)

আমি যেনেকৈ আলহীক ঘৰলৈ আদৰি নিওঁ, চাহ-পানী যাচোঁ, তেনেকৈ বহু চৰাইকো আপুনি নিজৰ ঘৰলৈ আদৰিব পাৰে।  অলপ কষ্ট কৰিয়ে আপোনাৰ বাৰীখন চৰাইৰ বাবে আকৰ্ষণীয় কৰি তুলিব পাৰে। চোতালৰ অলপ মুকলি ঠাইত বহলকৈ মুখৰ পাত্ৰ এটাত পানী অলপ ৰাখি চাওকচোন। ঘৰচিৰিকা আৰু বুলবুলিৰ দৰে কিছুমান চৰায়ে গৰমকালি তেনে পাত্ৰত গা ধুই, পানী খাই খেলা কৰিবলৈ ভাল পায়। তেনেদৰে বাৰীত ফুল, জোপোহা বা গছ ৰুই চৰাইৰ খোৱা বস্তু বিচাৰিবলৈ আৰু বাহ সাজিবলৈ সুবিধা কৰি দিব পাৰে। 

 ওলমাই ৰাখিব পৰা চৰাইৰ খাদ্যভঁৰাল (উৎস)

মানুহৰ ঘৰে-বাৰীয়ে দেখা পোৱা চৰাইৰ বাহিৰেও অন্য বহু চৰাই আছে যিবোৰ কেৱল বিশেষ পৰিৱেশতহে দেখা যায়। এই চৰাইবোৰে কিছুমান নিৰ্দিষ্ট বাসস্থান বা চৰণীয়া ঠাই পছন্দ কৰে। উদাহৰণস্বৰূপে, আপুনি নৈ, পুখুৰী বা জলাশয়ৰ ওচৰত বহু ধৰণৰ হাঁহ, মাছোৰোকা বা বগলী আদি চৰাই দেখা পাব। তেনেদৰে হাবি বা অৰণ্যৰ ওচৰে পাঁজৰে দেখা পাব ৰূপহী বা বাৰীসুন্দৰী আদি চৰাইবোৰ।গতিকে যেতিয়াই আপুনি ভিন্ন পৰিৱেশত চৰাই চাবলৈ আৰম্ভ কৰিব, সিহঁতৰ ৰং-ৰূপৰ অপাৰ বৈচিত্ৰ্যও লাহে লাহে আপোনাৰ চকুত ধৰা দিবহি। 

চৰাই কেনেকৈ বিচাৰি উলিয়াব? তাৰ মূল উপায় দুটা- দেখি আৰু শুনি। বেছিভাগ ডাঙৰ বা মজলীয়া জোখৰ চৰাই হয়তো পোনেই আপোনাৰ চকুত পৰিব। নৈপৰীয়া কোনোবা ঠাইত ক'লা পাখি দুখন মেলি ৰ'দ লৈ থকা পানীকাউৰীটো বা দ'লনিত গোঁজ মাৰি ৰোৱা পানী বগলীটো আপোনাৰ দুচকুত হয়তো সহজেই ধৰা দিবহি। অৱশ্যে দূৰৈৰ চৰাই চাবলৈ বাইন'কুলাৰ 
এটা থাকিলে বেছি সুবিধা। পিছে বহুতো চৰাই আকৌ দেখা পোৱাৰ আগতেই হয়তো আপুনি সিহঁতৰ মাত শুনিব। বিশেষকৈ কিছুমান কণমানি আৰু লাজকুৰীয়া চৰাই চিনাৰ মূল উপায় হ'ল সিহঁতৰ সুকীয়া মাতবোৰ চিনা। বাৰীৰ জোপোহাৰ মাজৰ পৰা অহৰহ মাতি থকা টিপচী চৰাইটো দেখা পোৱাৰ আগতেই আপুনি এনেকৈ চিনিব পাৰিব।

টিপচী চৰাইটি দেখিছে নে শুনিছে? (উৎস)

দেখি বা শুনি আপুনি চৰাই এটা বাৰু ঠিকেই বিচাৰি পালে। পিছে চৰাইটোৰ নামটো জনাৰ উপায় কি? তাৰবাবে সহজ উপায় হ'ল পক্ষী নিৰীক্ষণৰ হাতপুথিবোৰ। এনে কিছুমান জনপ্ৰিয় হাতপুথি হ’ল সৌম্যদ্বীপ দত্তৰ 'অসমৰ চৰাই পৰ্যবেক্ষণৰ হাতপুথি', ৰিচাৰ্ড গ্ৰিমেট, কেৰ'ল ইনস্কিপ আৰু টিম ইনস্কিপৰ ‘বাৰ্ডছ অৱ দ্য ইণ্ডিয়ান চাবকন্টিনেণ্ট’, চেলিম আলীৰ ‘দ্য বুক অৱ ইণ্ডিয়ান বাৰ্ডছ’ আদি। তাৰ লগতে বৰ্তমান স্মাৰ্টফোনত ইনষ্টল কৰিব পৰা ভালেসংখ্যক এপ যেনে ইবাৰ্ড (ebird), আই নেচাৰেলিষ্ট (iNaturalist) আদিত এনে চৰাইৰ ফটো, নাম আৰু মাতৰো সন্ধান কৰিব পাৰি।

চৰাই চিনাৰ সহায়ক হাতপুথি

চৰাই চোৱা আৰু চিনাৰ বাবে অন্য কিছুমান দৰকাৰী কিটিপ হ'ল-
  • পুৱা আৰু বিয়লি বেলা চৰাই চোৱাৰ বাবে অতি উত্তম সময়। এইখিনি সময়তে বেছিভাগ চৰাই আটাইতকৈ সক্ৰিয় হৈ থাকে। গতিকে সিহঁতক বিচাৰি উলিয়াবলৈ সহজ হয়।
  • চৰাই চাবলৈ ওলাই গ’লে সৰু বহী এখন আৰু কলম এটাও লৈ যাবলৈ চেষ্টা কৰক। অচিনাকি চৰাই এটা দেখা পালে ইয়াৰ আকাৰ, আকৃতি বা ৰঙৰ বিষয়ে মন কৰি লিখি ৰাখিবলৈ চেষ্টা কৰক। যদি আপুনি অঁকি ভাল পায়, তেন্তে চৰাইটোৰ এখন মোটামুটি ছৱিও আঁকি পেলাব পাৰে। পিছত সেয়া হাতপুথিৰ ছৱিৰ লগত মিলাই চিনিবলৈ সহজ হয়।
  • কিছুমান চৰাই দেখা পোৱা ঠাই আৰু আচৰণৰ পৰাও চিনিবলৈ সহজ হয়। উদাহৰণস্বৰূপে, বালিমাহী চৰাইবোৰে নেজডাল অনবৰতে লৰাই থাকে। তেনেকৈ নাচনী চৰায়ে আকৌ প্ৰায়ে নেজডাল জাপানী বিচনীখনৰ দৰে মেলি ধৰে। গতিকে এনে আচৰণবোৰৰ পৰা চৰাইবিধৰ নাম উলিয়াবলৈ সুবিধা হয়।  
  • চৰাই চোৱাৰ বাবে স্থানীয় গোট থাকিলে তাতো যোগ দিয়ক। যদি আপোনাৰ অঞ্চলত এনে কোনো গোট নাই, তেন্তে আপুনি নিজেই আগ্ৰহী লোকৰ এনে এটা দল গঠন কৰক।একেলগে চৰাই চাবলৈ যাওক বা আপুনি দেখা পোৱা নতুন চৰাইবোৰৰ বিষয়ে কথা পাতক। দেখিব, কম দিনৰ ভিতৰতে চৰাই চিনাৰ চখ যথেষ্ট উপভোগ্য হৈ পৰিছে।  
  • চৰাইৰ ৰং, আকৃতি আৰু আকাৰৰ ক্ষেত্ৰত পাৰ্থক্য থাকিলেও সিহঁতৰ শৰীৰৰ মৌলিক অংশবোৰ একে। শৰীৰৰ এই অংশৰ নামবোৰ জানিলেও চৰাইবিধ চিনাত যথেষ্ট সহায় হয়। পৰৱৰ্ত্তী খণ্ডত এইবিষয়ে অধিক জানিবলৈ পাব। 

Saturday 14 May 2022

হেঁপাহৰ এদিন

এক মে', ২০২২। ভেনকুভাৰ মহানগৰীৰ কুইন এলিজাবেথ পাৰ্ক সিদিনা লোকে লোকাৰণ্য। পুৱা ছয় বাজিছেহে। যোৱাকেইদিনৰ দৰে বৰষুণ নাই যদিও ডাৱৰে ওন্দোলাই ৰখা আকাশ। ইয়াত বহুতে ধেমালিতে কোৱাৰ দৰে ভেনকুভাৰ নহৈ বেছ কিছুদিন ধৰি 'ৰেইনকুভাৰ' হৈ আছে!  বান্ধৱী দেবীক উদেশ্যি কিছু আশংকাৰে মই ক'লোঁ,

'বৰষুণ দিলে বৰ দিগদাৰি হ'ব, নহয়?'

'চিন্তা নকৰিবা। আগজাননী মতে অলপ পিছত ৰ'দহে ওলাব লাগে।' তাই মোক ভৰসা দি কথাষাৰ ক'লে যদিও কথাৰ মাজতে নিজৰ জেকেটটো ডিঙিলৈকে টান মাৰি ল'লে।

অলপ লৰি চৰি থাকিলে ঠাণ্ডাৰ প্ৰকোপ কমিব বুলিয়ে মানুহৰ ভিৰ ফালি আগবাঢ়ি গ'লোঁ। দুয়ো পাৰ্কৰ কাষেৰে যোৱা অণ্টাৰিঅ' পথত ভৰি দিলোঁগৈ। সেই পথছোৱাত সকলো গাড়ী-মটৰৰ চলাচল বন্ধ কৰি থোৱা হৈছে। তাৰ সলনি ইমূৰৰ পৰা সিমূৰলৈ ব্যায়াম-জগিং আদিত ব্যস্ত হৈ থকা অলেখ-অসংখ্য মানুহ। আমি দুজনীয়েও তাতে যোগ দিলোঁগৈ।

এই ঠাইৰ পৰাই আজি ভেনকুভাৰ মাৰাথনৰ আৰম্ভণি হোৱাৰ কথা। দিনটোৰ বিভিন্ন সময়ত আৰম্ভ হ'ব পূৰ্ণাংগ মাৰাথন (৪২ কিমি), অৰ্ধ মাৰাথন (২১.১ কিমি) আৰু আঠ আৰু দহ কিমি দূৰত্বৰ দৌৰ। সকলো মিলি আজি ভেনকুভাৰৰ ৰাজপথত ওঠৰ হাজাৰ মানুহে একেলগে দৌৰিব।  

ক'ভিডৰ বাবে যোৱা দুটা বছৰ অনলাইন অনুষ্ঠিত হোৱাৰ পিছত এয়া ভেনকুভাৰ মাৰাথনৰ পঞ্চাছবছৰীয়া বৰ্ষপূৰ্তি। গতিকে এইবাৰ মানুহৰ উৎসাহ-উদ্দীপনা স্বাভাৱিকতে বেছি । চাৰিওফালে কিশোৰৰ পৰা বয়োজ্যেষ্ঠলৈকে ভিন্ন বয়সৰ, ভিন্ন গঢ়ৰ মানুহ। বেছিভাগৰ দেহত দৌৰাৰ পোছাক যদিও কিছুমানে ৰং- বিৰঙী সাজ-পোছাক আৰু টুপী আদিও পিন্ধি আহিছে। পথৰ একাষে পাতি লোৱা অস্থায়ী মঞ্চৰ পৰা আয়োজকৰ অহৰহ ঘোষণা আৰু সংগীত ভাঁহি আহিছে। তাৰ লগে লগে মানুহবোৰৰ হৰ্ষধ্বনি। দুই এজনে তাল মিলাই নাচিছেও। যেন মাৰাথন নহয় আজি এক উৎসৱহে চলিছে। দৌৰৰ উৎসৱ! 

মোৰ পিছে এই মাৰাথনক লৈ যিমান উত্তেজনা, তাৰ সমানে উৎকণ্ঠাও হৈ থাকিল। সঁচাই পাৰিমনে? জীৱনৰ প্ৰথমটো মাৰাথন! ইয়াৰ আগতে কেতিয়াও কোনো দৌৰ প্ৰতিযোগিতাত অংশ লোৱাৰ কথা মনত নপৰে। দৌৰিবলৈ লোৱাইনো কিমান দিন হৈছে! মনত আছে, প্ৰথম কানাডাত ভৰি দি পিছদিনাই এই কুইন এলিজাবেথ পাৰ্কলৈকে আহিছিলোঁ। শৰতৰ মিঠা বতাহজাক গালে-মুখে লৈ এই পাৰ্কৰে ইমূৰৰ পৰা সিমূৰলৈ দৌৰিছিলোঁ। সেই সময়ত কল্পনাও কৰা নাছিলোঁ আঢ়ৈ বছৰৰ পিছত ইয়াৰ পৰাই এদিন জীৱনৰ প্ৰথমটো মাৰাথন দৌৰিম। 

'পাৰিবা, কিয় নোৱাৰিবা? ইমানদিনৰ ট্ৰেইনিঙে কামত নিদিবনে! মাত্ৰ মনত ৰাখিবা, প্ৰথমে লাহে লাহে আৰম্ভ কৰাৰ দৰকাৰ।' মোৰ লগতে সোঁ ভৰিখন আগলৈ দি ব্যায়াম কৰি কৰি দেবীয়ে মোক আশ্বস্ত কৰাৰ চেষ্টা কৰিলে।

দেবী আমেৰিকাৰ। ইয়াৰ আগতে তাই ছান ফ্ৰান্সিছক',  মিচিগান আদি আমেৰিকাৰ বিভিন্ন মহানগৰীত কেইবাবাৰো মাৰাথনত ভাগ লৈছে। গতিকে তাইৰ পৰামৰ্শ মনত ৰখাৰ চেষ্টা কৰিলোঁ। এনেতে আমাক সকলোকে নিজৰ নিজৰ ক'ৰেল বা দলত থিয় দি সাজু হ'বলৈ আহ্বান জনালে। লগে লগে দেবী আৰু মই শাৰী পাতিলোঁগৈ নীলৰঙী ক'ৰেলত।

কুইন এলিজাবেথ পাৰ্কত মাৰাথনৰ আৰম্ভণি

প্ৰায় আঠহাজাৰ মানুহে একেলগে এই অৰ্ধ মাৰাথন দৌৰিব। গতিকে আমাৰ সাম্ভাব্য গতিৰ ভিত্তিত বিভিন্ন গোটত ভাগ কৰি দিয়া হৈছে। একেবাৰে সন্মুখত ক'লা ৰঙী ক'ৰেলত আগশাৰীৰ দৌৰবিদসকল। হয়তো বেছিভাগেই অন্য দেশৰ। বিশ্ব ৰেকৰ্ড গঢ়াৰ আশাত অহা খেলুৱৈ।

প্ৰথম শাৰীৰ পৰা কেইবাফুট পিছত একাদিক্ৰমে মুগা আৰু নীলা ক'ৰেল। দেবীৰ সৈতে তাতে থিয় দি মানুহৰ আলেখ লেখ চাই ৰ'লোঁ। মাজে মাজে ইটো সিটো ব্যায়াম কৰিলোঁ। কিন্তু এই আৰম্ভ হ'ব, এই আৰম্ভ হ'ব বুলি অহৰহ ঘোষণা কৰি থাকিলেও আৰম্ভণিৰ নিৰ্ধাৰিত সময় পাৰ হৈ গৈ থাকিল।

এটা সময়ত ঘোষকে কৈফিয়ৎ দিবলৈ বাধ্য হ'ল,

'আপোনালোকৰ নিৰাপত্তা আমাৰ কাৰণে সকলোতকৈ গুৰুত্বপূৰ্ণ। আমি জানিব পাৰিছোঁ যে মাৰাথনৰ পথত পুলিচে কিছু অনুসন্ধান চলাব লগাত পৰিছে। ভেনকুভাৰ পুলিচে সেউজ সংকেত দিয়াৰ লগে লগেই এই মাৰাথন আৰম্ভ হ'ব।'

আমি উচপিচাই উঠিলোঁ। ক'ত কি হৈছে? পিছদিনাৰ বাতৰি চাইহে গম পালোঁ যে মাৰাথনৰ পথৰ একাষত কিবা এক সন্দেহজনক বস্তু পাই স্বেচ্ছাসেৱী লোকে পুলিচক খৱৰ দিলে। সেয়া পৰীক্ষা কৰি আঁতৰোৱাৰ বাবেই আৰম্ভণিৰ সময়ত সেই বিলম্ব। 

'এয়া আপোনালোকৰ বাবে সোণালী সুযোগ আপোনাৰ আশে পাশে থিয় দি থকা প্ৰতিযোগীৰ জীৱন কাহিনী শুনাৰ।' ঘোষণাটো শুনি দেবী আৰু মই দুয়ো দুয়োলৈ চাই হাঁহি পেলালোঁ।

নাই, ইমান উত্তেজনাৰ মাজত জীৱন-বৃত্ত শুনাৰ কাৰো ধৈৰ্য নাই। তেনেতে অচিনাকি মহিলা এগৰাকীয়ে সুধিলেহি,

'সেই যে চাইন লৈ থিয় দি আছে মানুহবোৰ, তাৰ অৰ্থটো কি জানে নেকি?'

তেওঁৰ দৃষ্টি অনুসৰণ কৰি দেখিলোঁ, ২:০০, ২:১৫, ২:৩০ আদি সময় লিখা একো একোখন প'ষ্টাৰ হাতত লৈ আমাৰ আগে পিছে কেইবাগৰাকী খেলুৱৈ।

'তেওঁলোক পেচাৰ (pacer)। তেওঁলোকৰ গতিত গ'লে আপুনি সেই সময়ৰ ভিতৰতে মাৰাথন সম্পূৰ্ণ কৰিবগৈ পাৰিব।' দেবীয়ে তপৰাই উত্তৰ দিলে।

'অঁ হয় নেকি! জনোৱাৰ বাবে বহুত ধন্যবাদ। মোৰ এয়া প্ৰথম মাৰাথন। গতিকে কথাবোৰ নতুনকৈ শিকিছোঁ।'

'মোৰো এয়া প্ৰথম! আপুনি ২১.১ কিমি দৌৰিবলৈ সাজুনে?' মই যেন তেওঁক নুসুধি নোৱাৰিলোঁ।

'উম..' মানুহ গৰাকীয়ে ওঁঠ কামুৰি কেইটামান মুহূৰ্ত ভাৱিলে। তাৰপিছত ক'লে,

'সাজু বুলি ঠিক ক'ব নোৱাৰোঁ। এতিয়াও ভাৱ হৈ আছে আৰু অলপ ট্ৰেইনিং কৰিব পৰা হ'লে ভাল আছিল।'

'আমাৰো একেই অৱস্থা!' দেবী আৰু মই একেলগে কৈ উঠিলোঁ।

কথাষাৰে মোক অলপ সকাহ দিলে। অনুভৱ কৰিলোঁ, আমাৰ দৰেই বহুতৰে হয়তো একেই উদ্বিগ্নতা, একেই আশংকা।

মাৰাথনৰ আৰম্ভণি (উৎস: BMO Vancouver Marathon)

প্ৰায় এঘণ্টাৰ অপেক্ষাৰ অন্তত এক সুৱদী কণ্ঠত ভাঁহি অহা কানাডাৰ ৰাষ্ট্ৰীয় সংগীত 'অঁ কানাডা'ই যেন মানুহবোৰক সাৰ পোৱাই দিলে। গীত শেষ হোৱাৰ পিছতেই সুহুৰি আৰু নানা হৰ্ষধ্বনিৰ মাজেৰে দৌৰ আৰম্ভ কৰিলে ক'লাৰঙী ক'ৰেলৰ প্ৰতিযোগীসকলে। তাৰ পিছতে আগবাঢ়িল মুগাৰঙী ক'ৰেল। তেওঁলোক যোৱাৰ পাঁচমিনিটৰ পিছতে আমি থিয় দিলোঁগৈ আৰম্ভণিৰ সীমাত। বিভিন্ন দলৰ আৰম্ভণিৰ সময় অগা পিছা যদিও মাৰাথনৰ শেষত আমি নিজৰ চোলাত আঁৰি লোৱা বিবত থকা নম্বৰ আৰু ট্ৰেকিং চিপৰ ভিত্তিতহে প্ৰত্যেকৰে সঠিক সময় নিৰ্ধাৰণ কৰিব।

আয়োজকৰ লগতে আমি সকলোৱে অতীব উত্তেজনাৰে গন্তি কৰিলোঁ,

'দহ, ন, আঠ, সাত, ছয়, পাঁচ, চাৰি, তিনি, দুই, এক!!!'

লগে লগে দৌৰ আৰম্ভ। কুইন এলিজবেথ পাৰ্কৰ পৰা ওলায়ে আমি কেম্বি পথেৰে  ডাউনটাউন অভিমুখে দৌৰিলোঁ। কথা আৰু হাঁহিৰ মাজেৰে কেইবাটাও দল মোৰ কাষেৰে পাৰ হৈ গ'ল। দেবীক ক'লোঁ,

'তোমাৰ দুঘণ্টাৰ ভিতৰতে শেষ কৰাৰ লক্ষ্য যেতিয়া তুমি আগবাঢ়া। মই লাহে লাহে গৈ থাকিম।'

হয়ভৰ দি তাই আগবাঢ়িল। চাই থাকোঁতেই তাই হেৰাই গ'ল সন্মুখৰ বহুতো প্ৰতিযোগীৰ মাজত।

মোৰ লক্ষ্য হ'ল আঢ়ৈৰ পৰা তিনিঘণ্টাৰ ভিতৰত ২১.১ কিমি সম্পূৰ্ণ কৰা। পিছে দুই কিলোমিটাৰমান পাৰ হৈছোঁহে, ভৰি দুখনত বিষ এটা উজাই আহিল। লাহে লাহে তীব্ৰতা বাঢ়ি অসহনীয় যেন হৈ পৰিল। দুয়োখন ভৰি যেন শিলৰ দৰে জঠৰ হৈ গৈছে।দৌৰা দূৰৈৰ কথা, খোজেই যেন আগনাবাঢ়িব এনে ভাৱ হ'ল। মুহূৰ্ততে নানা আশংকাই মোক কাবু কৰি পেলাব খুজিলে। ভালকৈ 'ৱাৰ্ম আপ' নকৰিলে কেতিয়াবা এনে হয় কিন্তু দুয়োখন ভৰিতে এনে তীব্ৰ বিষ আগতে কেতিয়াও হোৱা নাই। 

ডাউনটাউন পোৱাৰ আগতেই বুৰাদ সুঁতি (Burrad inlet) ৰ ওপৰত কেম্বি দলং। সেইখিনি পাওঁগৈ মানে উপায়ন্তৰ হৈ দৌৰাৰ সলনি বাটৰ একাষেৰে খোজ কাঢ়িবলৈ আৰম্ভ কৰিলোঁ। এক কিংকৰ্তব্যবিমূঢ় অৱস্থা। বেছিকৈ হেঁচা দি দৌৰাৰ চেষ্টা কৰিলে ভৰিত আঘাত পোৱাৰ আশংকা। আনহাতে ইমান যা-যোগাৰৰ পিছত মাৰাথনৰ আৰম্ভণিতেই ৰৈ যোৱাৰ হতাশা।

অৰ্ধ মাৰাথনৰ গতিপথ (উৎস: BMO Vancouver Marathon)

ইতিমধ্যে মোৰ কাষেৰে আগবাঢ়ি গৈছে ইজনৰ পিছত সিজন প্ৰতিযোগী। দীঘলকৈ এটা উশাহ টানি ল'লোঁ। নিজকে সোঁৱৰালোঁ, কিয় দৌৰিছোঁ আজি? এই মাৰাথন জানো মোৰ বাবে মাথোঁ এক প্ৰতিযোগিতা?

মাথোঁ পাঁচবছৰ আগেয়ে প্ৰথম দৌৰিবলৈ আৰম্ভ কৰিছোঁ। ইংলেণ্ডত গৱেষণা কৰি থাকোঁতে কামৰ তীব্ৰ হেঁচাই দিনবোৰ পিষ্ট কৰি পেলোৱাৰ সময়ত এদিন প্ৰথমবাৰৰ বাবে দৌৰিবলৈ ওলাই গৈছিলোঁ। দৌৰৰ ছন্দোবদ্ধ গতিৰ লগে লগে সিদিনা যেন মন-মগজুৰ আহ-পাহ বোৰলৈকো সতেজ বতাহ এছাটি সোমাই আহিল। ক্লান্ত দেহ-মন পলকতে সজীৱ হৈ পৰিল। তাৰবাবেই পিছত বাৰে বাৰে দৌৰিবলৈ ওলাই গৈছিলোঁ। 

সেই যে আৰম্ভ হ'ল, তাৰ পিছত দৌৰ হৈ পৰিল মোৰ বাবে সচেতনতা (mindfulness)-ৰ এক অপৰিহাৰ্য্য মাধ্যম। কানাডাত থিতাপি লোৱাৰ পিছত ক'ভিড মহামাৰীয়ে পুনৰ সোঁৱৰাই দিলে এই সাধাৰণ কামটোৰ অসাধাৰণ থেৰাপিউটিক তাৎপৰ্য্যৰ কথা। যোৱা দুটাবছৰে ভেনকুভাৰৰ অপূৰ্ব বৰ্ষাৰণ্যৰ বহু অলিয়ে গলিয়ে আৰু সাগৰৰ পাৰে পাৰে দৌৰিলোঁ। ৰ'দ-বৰষুণ নেওচি প্ৰায় প্ৰতিদিনে। দৌৰৰ লগে লগে মোৰ বাবে যেন এক নতুন ৰূপত প্ৰতিভাত হৈ পৰিল বৰ্তমানৰ পৃথিৱীখন। ব্যতিব্যস্ত জীৱনৰ দৈনন্দিন গতানুগতিকতাৰ পৰা মূৰ তুলি প্ৰকৃতিৰ সৈতে ক্ষন্তেক একাত্ম হোৱাৰ সুযোগ পালোঁ। যিমানে দৌৰিলোঁ, সিমানে উপলব্ধি কৰিলোঁ ক'ভিডৰ পূৰ্বৰ সাধাৰণ নিৰাপদ জীৱনটোও কেনে অসাধাৰণ আশীৰ্বাদস্বৰূপ এই নতুন পৃথিৱীত। দৌৰে যেন মোক নতুনকৈ শিকালে জীৱনৰ প্ৰতিটো দিন উদযাপন কৰাৰ আদিপাঠ৷ 

সেইবাবেইতো আজি দৌৰিছোঁ। যোৱা তিনিমাহে আজিৰ দিনটোৰ বাবেই জোৰদাৰ প্ৰশিক্ষণ চলাইছোঁ।  আজিৰ এই মাৰাথনত ভাগ লৈছোঁ কানাডাৰ মানসিক স্বাস্থ্য সন্থা (Canadian Mental Health Association)-ৰ বাবে পুঁজি সংগ্ৰহ কৰিবলৈ। ক'ভিডে আচোঁৰ মাৰি যোৱা বা জীৱন তছ নছ কৰি যোৱা বহুজনৰ মানসিক স্বাস্থ্য পুনৰুদ্ধাৰত কিঞ্চিৎ এক সহায় হ'ব -সেই আশাত।

মাৰাথনৰ এটা মুহূৰ্ত

সেইবাবেই এই মাৰাথন মোৰ একান্তই নিজা এক পৰিক্ৰমা। অন্য কাৰো সৈতে এয়াতো মোৰ প্ৰতিযোগিতা নহয়। প্ৰতিযোগিতা যদি হ'বই লাগে তেনে সেয়াও কেৱল মোৰ নিজৰ সৈতে। সেই উপলব্ধিয়ে মনলৈ কিছু সাহস আনি দিলে। বাটৰ একাষে মোৰ খোজবোৰ ৰৈ গ'লহি। দূৰৈতে দেখিলোঁ তিনি কিমি লিখা এখন ফলক। পুনৰ দুবাৰমান দীঘলকৈ উশাহ টানি এটা এটাকৈ দুয়োটা ভৰিৰ কিছু ব্যায়াম কৰিলোঁ।যথেষ্ট আৰাম পালোঁ। 

এইবাৰ একেবাৰে লাহে লাহে দৌৰা আৰম্ভ কৰিলোঁ। আগৰদৰে ভৰিৰ তীব্ৰ বিষটো উজাই নাহিল। কি এক সকাহ!

ক্ৰমান্বয়ে মোৰ গতি খৰ হ'বলৈ আৰম্ভ কৰিলে। ভৰিৰ বিষ কমাত চাৰিওফালৰ পৰিৱেশটোও উপভোগ কৰাৰ অৱকাশ পালোঁ যেন। বাটৰ দুয়োকাষে বহু দৰ্শক। চিনকি-অচিনাকি সকলো প্ৰতিযোগীকে মাত লগাই উৎসাহ যোগাইছে। বহুতৰ হাতত আমোদজনক চাইন। 'গ', ৰেণ্ডম ষ্ট্ৰেঞ্জাৰ, গ'', 'হুয়েৰ ইজ এভৰিৱান গ'য়িং?', 'ৱৰ্ষ্ট পেৰেড এভাৰ'! এজনে আকৌ অভিনেতা ৰায়ান গছলিঙৰ ফটোৰে সৈতে তুলি ধৰিলে, 'হেই গাৰ্ল, ইউ লুক গুড!' বাটে বাটে সেইবোৰ পঢ়ি গৈ থাকি বৰ আমোদ পালোঁ। দৌৰাৰ বাটতে স্বেচ্ছাসেৱীসকলে দিয়া পানী খালোঁ, এনাৰ্জি বাৰ একোটাও থাপ মাৰি নিয়াদি লৈ পুনৰ দৌৰিলোঁ। 

দহ কিমি পাৰ হওঁ মানে দেহ-মন সেই ছন্দোৱদ্ধ গতিত সোমাই পৰিল। অভিজ্ঞতাই শিকাইছে সেই গতিত অভ্যস্ত হৈ পৰাৰ পিছত বহু দূৰত্ব অনায়াসে গৈ থাকিব পাৰি। গতিকে দুগুণ উৎসাহেৰে সাগৰৰ পাৰে পাৰে বীচ্চ এভিনিউ হৈ দৌৰিলোঁ। আমাৰ সন্মুখত ষ্টেনলী পাৰ্কৰ সেউজীয়া। তাৰ সিপাৰে চিম'ৰ, গ্ৰাউজ আৰু চাইপ্ৰেছ পৰ্বতৰ বৰফে ঢকা শৃংগ। ভেনকুভাৰৰ সেই তেনেই চিনাকি কিন্তু এক অপৰূপ দৃশ্য। 

হঠাৎ চকুত পৰিল সৌৱাচোন কিছু দূৰৈত ২:৩০ ৰ পেচাৰজন! তেন্তে এতিয়াও মোৰ লক্ষ্য হেৰুৱা নাই। কথাটো উপলব্ধি কৰি নতুনকৈ অনুপ্ৰেৰণা পোৱা যেন লাগিল। বাকীবোৰ মানুহক পিছ পেলাই বাটত সুৰুঙা উলিয়াই খৰকৈ আগবঢ়াৰ চেষ্টা কৰিলোঁ। সাগৰৰ ঢৌৰ গৰ্জন এৰি ষ্টেনলী পাৰ্কৰ সেউজীয়াৰ বুকুত সোমাওগৈ মানে মই পেচাৰজনৰ কাষ পালোঁগৈ। এইবাৰ তেওঁৰ লগে লগে দৌৰিবলৈ আৰম্ভ কৰিলোঁ।

লাহে লাহে পেচাৰজনৰ আগে পিছে আমাৰ এটা দল বান্ধিলে। তেওঁ ঘড়ীত সময় মিলাই খৰকৈ দৌৰিলে আমিও খৰকৈ যাওঁ। তেওঁৰ গতি লেহেমীয়া হ'লে সেই সুযোগতে আমি উশাহটো ঘূৰাই এনাৰ্জি বাৰ এটাত মুখ দিওঁ। বুজিলোঁ, সকলোৰে মোৰ দৰেই একেটাই উদেশ্য। তেওঁৰ সমানে সমানে দৌৰি আঢ়ৈ ঘণ্টাৰ ভিতৰত মাৰাথন সম্পূৰ্ণ কৰা। 

বাটৰ বহু দৰ্শকে আমাক ২:৩০ ৰ বাবে অভিনন্দন জনাবলৈ আৰম্ভ কৰিলে। কেইবাঠাইতো আমি পিছ পেলাই যোৱা প্ৰতিযোগীয়ে চাইনৰ সেই সময় চাই ফোঁপাই জোঁপাই কৈ উঠিল,

'অহ ন'!!!'

'আহি থাকক! আহি থাকক! আপোনাক পাঁচমিনিটমানৰ পিছতে লগ পাম দেই। ইউ গট দিছ্‌।' পেচাৰৰ সান্ত্বনাবাণী।

মাজতে পুলিচৰ দুখন বাইকে বাট উলিয়াই আগবঢ়াই  নিলে এগৰাকী দৌৰবিদ (elite runner)-ক। বুজিলোঁ ইতিমধ্যে পূৰ্ণাংগ মাৰাথন আৰম্ভ হৈছে আৰু তেওঁ দৌৰিছে ৰেকৰ্ড ভংগ কৰিবলৈ।

সামৰণিৰ হাঁহি

বতৰ ডাৱৰীয়াই হৈ থাকিল। কিন্তু মোৰ ঠাণ্ডা, আশংকা বা বিষ সকলো কেতিয়াবাই আঁতৰিছে। তাৰ সলনি অন্য দিনাৰ দৰেই দেহ-মন উপচাই পেলাইছে এক প্ৰশান্তিময় অনুভৱে, এক নতুন উদ্যমে। ষ্টেনলী পাৰ্কৰ পৰা ওলালেই সাগৰৰ পাৰৰ 'চি ৱাল'ৰ কিছু বাট। সেই বাটেদিয়ে ঘুৰি আমি ডাউনটাউনৰ সামৰণিৰ সীমা স্পৰ্শ কৰিমগৈ। গতিকে শৰীৰৰ সকলো শক্তিৰে দৌৰি থাকিলোঁ। ইতিমধ্যে প্ৰায়বোৰ প্ৰতিযোগীৰ গতি লেহেমীয়া হৈছে। বহুতে কোনোমতে টানি আঁজুৰি নিয়াদি আগবঢ়াই নিছে ক্লান্ত ভৰিদুখন। সেই সকলোকে অনায়াসে পিছ পেলাই একমনে মাথোঁ দৌৰি থাকিলোঁ।

'চি ৱাল' পাৰ হৈয়ে প্ৰথমে চকুত পৰিল বাটৰ দুয়োকাষে অলেখ-অসংখ্য মানুহ। গান-বাজনা আৰু হৰ্ষধ্বনিৰ মাজত কি এক হৈ চৈ! যোৱা দুবছৰত ভেনকুভাৰত কেতিয়াও এনেকৈ মানুহ দেখা নাই, দেখা নাই এনে উৎসৱমুখৰ পৰিৱেশ। ক'ব নোৱাৰাকৈয়ে মোৰ হাঁহি ওলাল।

কেইমিনিটমানৰ পিছতে কেইবাগৰাকী প্ৰতিযোগীৰ সৈতে একেলগে ভৰি দিলোঁগৈ সামৰণিৰ সীমাত। স্বেচ্ছাসেৱী এগৰাকীয়ে আগবাঢ়ি আহি মোৰ ডিঙিত পিন্ধাই দিলেহি এটা ৰূপোৱালী মেডেল।

জীৱনৰ প্ৰথমটো মেডেল। প্ৰথমটো মাৰাথন। সময় চালোঁ,  ২ ঘণ্টা ৩০ মিনিট ০৯ ছেকেণ্ড!! কি এক অপূৰ্ব অনুভৱ! প্ৰাপ্তি আৰু সন্তুষ্টিৰ মন জুৰোৱা আবেগ!

ইতিমধ্যে মাৰাথন সামৰি মোৰ বাবে বাট চাই থকা দেবী হাঁহি হাঁহি আগবাঢ়ি আহিল। কাষ চাপি আহি মোলৈ হাতখন তুলি ধৰিলেহি। এটা হাই ফাইভৰ বাবে!

Thursday 12 May 2022

জৈৱসাংস্কৃতিক বৈচিত্ৰ্য আৰু ইয়াৰ সংৰক্ষণ

১৯৯৫ চন। আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউ মেক্সিক' চহৰ। তাৰে স্থানীয় বিশ্ববিদ্যালয়খনত  অনুষ্ঠিত হোৱা এক আলোচনাচক্ৰত অংশ ল'বলৈ আহিছিল লুইছা মাফি (Luisa Maffi) নামৰ ইটালিয়ান বিজ্ঞানীগৰাকী। মাফিয়ে তাৰ মাথোঁ এবছৰৰ পূৰ্বে ভাষা আৰু নৃতত্ববিজ্ঞানত ডক্টৰেট ডিগ্ৰী লাভ কৰিছে। তাৰ উপৰিও সেইসময়ত তেওঁ পৰিৱেশ  আৰু জীৱবিজ্ঞানৰ প্ৰতি অত্যন্ত আগ্ৰহী।

ড° লুইছা মাফিয়ে অংশ লোৱা আলোচনাচক্ৰ (Symposium on Language Loss and Public Policy)ৰ বিষয় আছিল হেৰাই যাব খোজা খিলঞ্জীয়া ভাষাবোৰ। তাত উপস্থিত থকা বহুতো ভাষাবিজ্ঞানীয়ে থলুৱা ভাষাৰ সংকটৰ বিষয়ে আলোচনা কৰিলে। তেনেদৰে নৃতত্ববিজ্ঞানীসকলে আশংকা প্ৰকাশ কৰিলে খিলঞ্জীয়া কৃষ্টি-সংস্কৃতি বিপন্ন হোৱাক লৈ। পৰিৱেশ আৰু জৈৱবৈচিত্ৰ্য ধ্বংসৰ বিষয়টোও ইতিমধ্যে এক জলন্ত সমস্যা হৈ পৰিছে। এইসম্পৰ্কীয় আলোচনাবোৰ শুনি ড° মাফি চিন্তাত ডুব গ'ল। তেওঁ অনুভৱ কৰিলে যেন এই সকলোবোৰৰ মাজৰ এক সহজাত আন্ত:সম্পৰ্কৰ কথা এতিয়াও আলোচনাৰ পৰা বাদ পৰি ৰৈছে। 

ড° মাফিৰ এই ধাৰণাকে যেন সত্য বুলি প্ৰতিপন্ন কৰিলে সেই আলোচনাচক্ৰৰ এগৰাকী বক্তাই।  ডেভিদ হাৰ্মন (David Harmon) নামৰ এই জীৱবিজ্ঞানী গৰাকীয়ে তেওঁৰ নিজা গৱেষণাৰ উল্লেখ কৰি ক'লে যে পৃথিৱীৰ জৈৱবৈচিত্ৰ্য আৰু ভাষাৰ বিচিত্ৰতাৰ মাজৰ সম্পৰ্কৰ বিষয়ে পূৰ্ণাংগ গৱেষণা আৰু বিশ্লেষণৰ থল আছে।

সেই মুহূৰ্তটোৱে হৈ পৰিল ড° মাফিৰ পৰৱৰ্তী জীৱনৰ বাবে এক নতুন পথ নিৰ্দেশনা। বক্তৃতা শেষ হোৱাৰ লগে লগে তেওঁ এক মুহুৰ্তও বিলম্ব নকৰাকৈ হাৰ্মনক লগ ধৰিলেগৈ। নিজৰ চিনাকি দিয়ে তেওঁ উত্তেজিতভাৱে ক'লে,

'আপোনাৰ লগত মোৰ ভালকৈ কথা পতাৰ দৰকাৰ!' 

তেওঁলোকৰ আলোচনাৰ বিষয়টোৱে অন্য কেইবাগৰাকী বিজ্ঞানীৰো দৃষ্টি আকৰ্ষণ কৰিলে। অলপ সময়ৰ ভিতৰতে তেওঁলোকৰ চাৰিওফালে বিজ্ঞানীৰ এটা সৰু জুম বান্ধিল। ৰাতিৰ সাঁজ খোৱালৈকে তেওঁলোক গভীৰ আলোচনাত মগ্ন হৈ পৰিল। আনকি খোৱামেজত কোনো কোনোজনে খোৱাৰ মাজে মাজে নেপকিনতে লিখিবলৈ আৰম্ভ কৰিলে। সেইনিশা বিজ্ঞানীৰ দলটো একমত হ'ল যে ভাষা, সংস্কৃতি আৰু পৰিৱেশ তিনিওটাই ইটোৱে সিটোৰ লগত পাৰস্পৰিকভাৱে সম্বন্ধ থকা বিষয়। গতিকে পৃথক বিষয় হিচাপে অধ্যয়ন কৰাৰ সলনি এই তিনিওটাৰে সামগ্ৰিকভাৱে গৱেষণাৰ প্ৰয়োজন। 

সেই আলোচনাৰ পৰাই জন্ম হ'ল এক নতুন ধাৰণাৰ- জৈৱসাংস্কৃতিক বৈচিত্ৰ্য (biocultural diversity)। প্ৰকৃততে ভাষা, সংস্কৃতিৰ বৈচিত্ৰ্য আৰু জৈৱবৈচিত্ৰ্য সকলোবোৰ এই পৃথিৱীত জীৱনৰ বৈচিত্ৰ্য (Diversity of life) ৰে একো একোটা ৰূপ। আদিম কালৰে পৰা পৃথিৱীৰ ভিন্ন পৰিৱেশত বাস কৰা মানুহৰ ভাষা আৰু সংস্কৃতিৰ একেলগে বিৱৰ্তন হৈছে। সময়ৰ লগে লগে পৰিৱৰ্তিত পৰিৱেশৰ সৈতে মানুহ আৰু মানুহৰ ভাষা আৰু সংস্কৃতিয়েও একেলগে খাপ খুৱাই লৈছে। খিলঞ্জীয়া জাতিসমূহৰ পৰম্পৰাগত জ্ঞান (Traditional Ecological knowledge) হ'ল পৰিৱেশৰ সৈতে মানুহৰ এনে অভিযোজনৰ এক উদাহৰণ। 

জৈৱসাংস্কৃতিক বৈচিত্ৰ্যৰ ধাৰণা জন্ম হোৱাৰ পৰা যোৱা পঁচিছটা বছৰত এই ক্ষেত্ৰখন গৱেষণালব্ধ তথ্যই যথেষ্ট সমৃদ্ধ কৰিছে। শেহতীয়া গৱেষণাই দেখুৱাইছে যে পৃথিৱীত জৈৱবৈচিত্ৰ্য আৰু পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত সংকটৰ সন্মুখীন হোৱা অঞ্চলবোৰত থলুৱা ভাষা আৰু সংস্কৃতিও বিপদাপন্ন (চিত্ৰ ১)। উত্তৰ-পূব ভাৰতো ইয়াৰে এক জলন্ত উদাহৰণ।ইয়াৰ কাৰণ হ'ল জৈৱবৈচিত্ৰ্যৰ ক্ষেত্ৰত পৃথিৱীৰ সকলোতকৈ চহকী গ্ৰীষ্মপ্ৰধান অঞ্চলসমূহত মানুহৰ জনবসতিও অধিক। কাৰণ এই অঞ্চলসমূহত পৰ্য্যাপ্ত প্ৰাকৃতিক সম্পদৰ বাবে কম পৰিসৰতে বহুতো মানুহে থুপ পাতি বাস কৰিবলৈ সক্ষম হৈছিল। এনে গোটসমূহত ভিন্ন ভাষা আৰু সংস্কৃতিৰো বিকাশ সম্ভৱপৰ হ'ল। উত্তৰ-পূব ভাৰতৰ পৰ্বতীয়া অঞ্চলসমূহত দেখা পোৱা জনজাতীয় ভাষা আৰু সংস্কৃতিৰ বৈচিত্ৰ্য এনে এক প্ৰক্ৰিয়াৰে নামান্তৰ। 

চিত্ৰ ১: পৃথিৱীত উদ্ভিদৰ বৈচিত্ৰ্য আৰু বিভিন্ন ভাষাৰ বৈচিত্ৰ্যৰ এক মানচিত্ৰ (উৎস: Stepp et al. 2004)

জৈৱসাংস্কৃতিক বৈচিত্ৰ্য বৰ্তমান ঘোৰ সংকটত। এহাতে মানৱ ইতিহাসত অভূতপূৰ্ব এক দ্ৰুত হাৰত প্ৰকৃতিৰ ধ্বংস হৈছে যাৰ পৰিণতিত আজি  প্ৰায় এক মিলিয়ন উদ্ভিদ আৰু প্ৰাণীৰ প্ৰজাতি বৰ্তমান বিলুপ্তিৰ পথত৷ আনহাতে বিভিন্ন প্ৰান্তত খিলঞ্জীয়া ভাষা, কৃষ্টি-সংস্কৃতিও হেৰাই যোৱাৰ উপক্ৰম হৈছে। উদাহৰণস্বৰূপে, বিশ্বত মাতৃভাষা ক'ব পৰা লোকৰ সংখ্যাৰ ভিত্তিত কৰা এক বিশ্লেষণত ধৰা পৰিছে যে ১৯৭০ চনৰ পৰা বিশ্বৰ ভাষাৰ বৈচিত্ৰ্যতা ২০% হ্ৰাস পাইছে। তাৰ লগে লগে হেৰাই গৈছে খিলঞ্জীয়া ভাষাত সঞ্চিত হৈ থকা প্ৰকৃতি আৰু সংস্কৃতি সম্পৰ্কীয় মূল্যৱান পৰম্পৰাগত জ্ঞানৰ ভাণ্ডাৰ। বিপদাপন্ন হৈছে প্ৰকৃতিৰ সৈতে মানুহৰ সহজাত সম্পৰ্কও। গতিকে জীৱনৰ এই সামগ্ৰিক বৈচিত্ৰ্যতা ৰক্ষা কৰিবলৈ হ'লে জৈৱবৈচিত্ৰ্যৰ লগতে থলুৱা ভাষা-সংস্কৃতিকো বিপন্ন হোৱাৰ পৰা ৰক্ষা কৰাৰ প্ৰয়োজন।


চিত্ৰ ২: নাগালেণ্ডৰ জুম খেতি আৰু খেতিয়ক

জৈৱসাংস্কৃতিক বৈচিত্ৰ্য সংৰক্ষণৰ বাবে আন্ত:ৰাষ্ট্ৰীয় পৰ্য্যায়ত ইতিমধ্যে বিভিন্ন কাৰ্য্যসূচী লোৱা হৈছে। এইক্ষেত্ৰত আগভাগ লৈছে অষ্ট্ৰেলিয়া, কানাডা, আমেৰিকা যুক্তৰাষ্ট্ৰ আদি দেশে। বিশেষকৈ আমেৰিকাৰ হাৱাই দ্বীপত জৈৱসাংস্কৃতিক বৈচিত্ৰ্যৰ পুনৰুদ্ধাৰ (Biocultural Restoration)ৰ বাবে খিলঞ্জীয়া জাতিসমূহে অহোপুৰুষাৰ্থ কৰি আহিছে। তেওঁলোকে ঠাই, জীৱ-জন্তুৰ থলুৱা নামৰ উদ্ধাৰৰ পৰা খিলঞ্জীয়া উপায়েৰে পৰিৱেশ সংৰক্ষণৰ ব্যৱস্থা লৈছে। এই উপায়সমূহে মানুহৰ দৈনন্দিন জীৱনৰ লগতে প্ৰকৃতিকো সমৃদ্ধ কৰাৰ প্ৰমাণ শেহতীয়া গৱেষণাই দিছে। উদাহৰণস্বৰূপে, তাৰ খিলঞ্জীয়া জাতিসমূহৰ বাবে সাংস্কৃতিকভাৱে গুৰুত্বপূৰ্ণ জীৱ-জন্তুৰ সংৰক্ষণে প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষাতো সহায় কৰিছে। তেনেদৰে লুইছা মাফিয়ে জন্ম দিয়া 'টেৰালিংগুৱা' নামৰ প্ৰতিষ্ঠানটোৱেও বিশ্বৰ বিভিন্ন কোণৰ বিজ্ঞানী আৰু খিলঞ্জীয়া জাতি-জনজাতিৰ নেতৃত্বত জৈৱসাংস্কৃতিক বৈচিত্ৰ্য সংৰক্ষণৰ বাবে নিৰলস প্ৰচেষ্টা চলাই আহিছে। 

উত্তৰ-পূব ভাৰত ভাষা, সংস্কৃতি আৰু প্ৰাকৃতিক বৈচিত্ৰ্যৰ ক্ষেত্ৰত অতুলনীয়। এই অঞ্চলটো পূব হিমালয় আৰু ইণ্ডো-বাৰ্মা দুয়োটা  জৈৱ বৈচিত্ৰ্যৰ উল্লেখ্য স্থান (biodiversity hotspot) ৰ অন্তৰ্ভুক্ত। তেনেদৰে দুশৰো অধিক খিলঞ্জীয়া জাতি-জনজাতিয়ে আদিম কালৰে পৰা এই অঞ্চলত বাস কৰি আহিছে। একেসময়তে বিভিন্ন কাৰকৰ প্ৰভাৱত উত্তৰ-পূবৰ জৈৱবৈচিত্ৰ্য আৰু ভাষা-সংস্কৃতি বৰ্তমান সংকটৰ মুখামুখি হৈছে। এই পৰিপ্ৰেক্ষিতত বিশ্বৰ অন্য প্ৰান্তৰ দেশসমূহে লোৱা জৈৱসাংস্কৃতিক পুনৰুদ্ধাৰৰ পদক্ষেপসমূহ উত্তৰ-পূব ভাৰতৰ বাবেও খুবেই প্ৰাসংগিক হৈ পৰিছে। উত্তৰ-পূবৰ প্ৰকৃতি আৰু ভাষা-সংস্কৃতিৰ সামগ্ৰিক সংৰক্ষণৰ বাবেও বৰ্তমান প্ৰয়োজন হৈছে অন্য এগৰাকী লুইছা মাফিৰ।

তথ্যউৎস:

  • https://terralingua.org/
  • Maffi, L., & Woodley, E. (2012). Biocultural diversity conservation: a global sourcebook. Routledge.
  • Maffi, L. (2005). Linguistic, cultural, and biological diversity. Annu. Rev. Anthropol.34, 599-617.
  • Gorenflo, L. J., Romaine, S., Mittermeier, R. A., & Walker-Painemilla, K. (2012). Co-occurrence of linguistic and biological diversity in biodiversity hotspots and high biodiversity wilderness areas. Proceedings of the National Academy of Sciences, 109(21), 8032-8037.
  • Henson, L., Balkenhol, N., Gustas, R., Adams, M., Walkus, J., Housty, W., ... & Darimont, C. (2021). Convergent geographic patterns between grizzly bear population genetic structure and Indigenous language groups in coastal British Columbia, Canada. Ecology and Society26(3).
  • Winter, K., Ticktin, T., & Quazi, S. (2020). Biocultural restoration in Hawaiʻi also achieves core conservation goals. Ecology and Society25(1).

Saturday 30 April 2022

আশৈশৱ (চুটিগল্প)

কলিতা ছাৰ সোমাই অহাৰ লগে লগে গোটেই শ্ৰেণীটো কাঁহ পৰি জীণ যোৱাৰ দৰে হ'ল। ছাৰৰ কপালত বিন্দু বিন্দু ঘাম। তামোলৰ বোলেৰে ৰাঙলী মুখখনত ধুমুহাৰ আগৰ নিমাত-নিসাৰ ৰূপ। শ্ৰেণীত সোমায়ে ছাৰে কাঠৰ টেবুলখনত ধাচ্ কৈ পৰীক্ষাৰ বহীৰ জাপটো থ'লে। সেই তীব্ৰতা সহিব নোৱাৰি টেবুলখনৰ লেহুকা মাৰিকেইডাল কঁপি উঠিল। তালৈ আওকাণ কৰি ছাৰে দুহাতমান দীঘল বেতডাল হাতেৰে খামোচ মাৰি লৈ সিহঁতলৈ চালে। ঠিক বাঘৰ চোঙত ক'ব নোৱাৰাকৈয়ে আৱদ্ধ হৈ পৰা হৰিণৰ জাকলৈ চোৱাৰ দৰে। ছাৰৰ প্ৰতিটো চাল-চলন সুক্ষ্মভাৱে নিৰীক্ষণ কৰি থকা গোটেই ছোৱালীজাকে প্ৰমাদ গণিবলৈ আৰম্ভ কৰিলে।

ষষ্ঠ শ্ৰেণীৰ কোঠাটোত তৃতীয় শাৰীৰ বেঞ্চখনৰ একোণত পম্পী। লগৰ ছোৱালীবোৰৰ দৰে কলিতা ছাৰৰ আতংকই ইতিমধ্যে তাইৰো মন-মগজু গ্ৰাস কৰাৰ উপক্ৰম কৰিছে। কিন্তু তাৰ মাজতো তাই আঁৰ চকুৰে কোঠাটোৰ সোঁফাললৈ চাই পঠিয়ালে। দীঘল স্কুলঘৰটোত শ্ৰেণীবোৰ পৃথক কৰিছে অস্থায়ী জালীকটা বেৰাই। সেই জালীকটা বেৰাৰ মাজেৰে পম্পীয়ে পৰীক্ষা কৰিলে, কাষৰ শ্ৰেণীৰ পৰা ভনীয়েক মাতুৱে এইফালে চাইছে নেকি! সিহঁতৰ শ্ৰেণীলৈ এতিয়াও কোনো শিক্ষক অহা নাই। কিন্তু সিহঁতে এইপাৰে কলিতা ছাৰ সোমোৱাৰ উমান পাইছে। পম্পীয়ে দেখিলে, মাতুৱে লগৰ পিংকীৰ সৈতে ভুনভুনাই কথা পাতিছে। কিন্তু কথাৰ মাজে মাজে এইফালেও চকু দি আছে। আস, তাই অলপ পিছতে কান্দিবলৈ নল'লেই হ'ল!

কলিতা ছাৰে ইতিমধ্যে ছমহীয়া পৰীক্ষাৰ বহীবোৰ দিবলৈ আৰম্ভ কৰিছে। প্ৰথমেই ছাৰে মাতিলে, 'ৰোল নম্বৰ দুই!'

অঁ, এইবাৰ তেনে সমাজ অধ্যয়নত জাহ্নবীয়ে সকলোতকৈ বেছি নম্বৰ পাইছে! খপজপকৈ উঠি গৈ তাই নিজৰ বহীখন ল'লে। বেতডাল টেবুলতে লৰচৰ নকৰাকৈ পৰি থাকিল। জাহ্নবীয়ে হাহোঁ হাহোঁ কৰিও ছোৱালীবোৰৰ কেহেৰাজ বৰণীয়া মুখবোৰলৈ চাই হাঁহিব নোৱাৰিলে। মাথোঁ নীৰৱে উভতি গৈ পম্পীৰ সন্মুখৰ বেঞ্চখনত বহি পৰিল। বাকীবোৰৰ দৰেই পম্পীৰো ঈৰ্ষাৰ দৃষ্টি জাহ্নবীৰ পিঠিত লাগিলগৈ।

তাইৰ পিছতে ৰোল নম্বৰ মতাত আগবাঢ়ি গ'ল মণিকুন্তলা। বহী ল'বলৈ পতা তাইৰ হাতখনত পোনেই বেতৰ কোবহে পৰিল। সৰৌপ সৰৌপকৈ তিনিবাৰ!

'নাম সেইটো আৰু নম্বৰ পাইছ এয়া!' কোব দিয়াৰ মাজতে ছাৰে ভেকাহি মাৰি ক'লে।

লাজে-দুখে কোঙা হৈ মণিকুন্তলা নিজৰ ঠাইলৈ উভতি আহিল। তাই কিমান নম্বৰ পাইছে চাবলৈ শ্ৰেণীৰ বাকীবোৰে অলপ জুমাজুমি কৰিলে। ৬৫ নম্বৰৰ কাৰণে তিনিকোব যদি ৪০, ৫০ আৰু ৬০ নম্বৰৰ কাৰণে কিমান বাৰ বেতৰ কোব পৰিব? এটা সৰল মৌখিক অংক। কিন্তু পাছ কৰিবনে নাই তাকে লৈ আশংকাত ভোগা পম্পীৰ বাবে সেই মৌখিকটোও যেন বৰ জটিল হৈ পৰিল!

তাৰপিছত আৰু ছাৰৰ হাতৰ পৰা সেই বেতডালে আহৰি নাপালে। বহীৰ জাপটো যিমানেই কমি আহিল সিমানেই বাঢ়ি আহিল বেতৰ কোবৰ সংখ্যা আৰু কলিতা ছাৰৰ বিষোদগাৰ।

'কোন গাঁৱৰ ছোৱালী তই? অঁ, সেই গাঁৱৰ মানুহে পৃথিৱী বেলিৰ চাৰিওফালে ঘূৰে নে বেলিটো পৃথিৱীৰ চাৰিওফালে ঘূৰি থাকে তাকো ক'ব নোৱাৰে, মোৰ জনা আছে।'

'কি উত্তৰ লিখিছ এইবোৰ? ইমান ভুল! পঢ়া-শুনা কৰি মাৰ-বাপেৰৰ টকা ভঙাতকৈ ৰন্ধা-বঢ়া শিক বুজিছ? এনেয়ে মই তহঁতজাকৰ লগত কষ্ট কৰি মৰিছোঁ।'

যিমানে সময় গ'ল সিমানে পম্পীৰ অস্থিৰতা বাঢ়িল। তাই ইমান কম নম্বৰ পাইছেনে যে এতিয়াও তাইৰ বহীখন ওলোৱা নাই! সেই আশংকা-অস্থিৰতাৰ মাজতে তাই আকৌ এবাৰ পঞ্চম শ্ৰেণীলৈ চালে। এতিয়ালৈকে সিহঁতৰ শিক্ষক নাহিল। সেয়া মাতুকে ধৰি গোটেইবোৰ ছোৱালীয়ে বেৰাখনৰ কাষত ৰৈ ঠৰ লাগি এইফালেই চাই আছে। সেই বেৰাৰ মাজেদিও মাতুৰ সজল দুচকু তাই ঠিকেই দেখা পালে। ফুলৰ পাহিহেন কোমল এই মাতুজনীৰ মনটো। পম্পীয়ে জানে বায়েকক কষ্ট পোৱা দেখিলে মাতুৰ চকুপানীয়ে বাধা নমনা হ'ব। মাতুৰ বাবেই যেন তাই বুকুত সাহ বান্ধিলে। নিজৰ ৰোল নম্বৰ শুনাৰ লগে লগে অসহায় ভাৱটো লুকুৱাই তাই আগবাঢ়ি গ'ল।

কলিতা ছাৰে কিবা কোৱাৰ আগতেই পম্পীয়ে নিজৰ হাতখন পাতি দিলে। মনতে প্ৰাৰ্থনা কৰিলে, ছাৰে যি কয় কওক- কিন্তু তাইৰ নম্বৰটো যাতে সকলোৰে আগত কৈ নিদিয়ে। পিছে বেতৰ কোবৰ লগে লগে মুখখন বিকটাই লৈ ছাৰে গোঁজৰি উঠিল,

'এই নম্বৰ লৈ জীৱনত কি কৰিবিগৈ হুহ! চাফ-চিকুণতাৰ কাৰণে দিয়া পাঁচ নম্বৰ লৈ কোনোমতে পাছ কৰিছ।'

পম্পীয়ে লাজতে তলমূৰ কৰিলে। হাতখন বিষত থৰথৰাই গ'ল। তথাপিও বেতৰ কোব বন্ধ নোহোৱা দেখি নিৰুপায় হৈ তাই এইবাৰ হাত সলাই সোঁহাতখন পাতি দিলে। একেৰাহে বেত ঘূৰাই ছাৰৰো থুলন্তৰ দেহটোত ইতিমধ্যে ফোঁপনি উঠিছে। সেয়ে কিজানি হাতৰ সলনি ছাৰৰ মুখৰ তীব্ৰতা বাঢ়িল। ছাৰৰ সেই তীব্ৰ ককৰ্থনা নিৰৱে হজম কৰি এটা সময়ত পম্পী নিজৰ ঠাইলৈ উভতি আহিল।

বেঞ্চত বহি পম্পীয়ে কোনোমতে চকুপানী সামৰি হাত দুখন অলপ পৰ জোকাৰি থাকিল। দুয়োহাতৰ পতা টিকটিকীয়া ৰঙা। ভালকৈ চাই দেখিলে বাওঁহাতৰ আঙুলীৰ পাবত অলপকৈ তেজ বিৰিঙিছে। এনেতে কোনোবাই নাক উজোৱা শুনি তাই মূৰ তুলি চাই দেখিলে, বেৰৰ সিপাৰে তাইৰ নিচেই কাষত সেইজনী মাতু। পম্পীৰ উখহি উঠা হাত দুখন তায়ো দেখা পাইছে। পম্পীয়ে ভয় কৰাৰ দৰেই চকুপানীয়ে তাইৰ দুয়োগাল তিয়াই পেলাইছে।

পম্পীয়ে তাইলৈ চাই জোৰ কৰি হাঁহি এটা উলিওৱাৰ চেষ্টা কৰিলে। অন্য দিনাৰ দৰেই আকাৰে-ইংগিতে মাতুক পতিয়ন নিওৱাৰ চেষ্টা কৰিলে, তাই ঠিকে আছে। ক'তা, একোৱেতো হোৱা নাই তাইৰ! মাতুৱে মাথোঁ অবিশ্বাসৰ দৃষ্টিৰে তাইলৈ চাই ৰ'ল। পিছে পম্পীয়ে ইমান সহজে হাৰ নামানিলে। ছাৰৰ বেতৰ কোব কেনেকৈ তাইৰ হাতত পৰিল আৰু স্প্ৰীঙৰ দৰে উফৰি গ'ল তাকে তাই হাতৰ চিয়াৰেৰে দেখুৱাবলৈ ধৰিলে। পম্পীৰ সেই অংগী-ভংগী দেখি এটা সময়ত মাতুৱে সঁচাকৈ হাঁহি পেলালে। এনেতে দুয়োৰে চকুত পৰিল, মাতুৰ শ্ৰেণীলৈ খৰ খোজেৰে সোমাই আহিছে হাজৰিকা বাইদেউ। বাইদেউৰ হাততো এজাপ বহী! দেখিয়েই নিমিষতে মাতুৰ মুখৰ হাঁহি মৰহি গ'ল। একেকোবে দৌৰি গৈ তাই নিজৰ আসনত বহি পৰিলগৈ।

পম্পীৰ বুকুখন চিৰিংকৈ গ'ল। আজিৰ দিনতোৱে যেন আপদীয়া। আজি কিয়, গৰম বন্ধ খোলাৰ পিছৰ এই গোটেই মাহটো বিভীষিকাৰ মাহ! ছমহীয়া পৰীক্ষাৰ বহী দিয়াৰ পৰ্বটোৱে সিহঁতৰ গা আৰু মনত এচাৰিৰ ঘাঁ শুকাবলৈ নিদিয়ে।

প্ৰথমবাৰ এই হাজৰিকা বাইদেউৰ ৰুদ্ৰমূৰ্ত্তি দেখি পিছদিনাৰ পৰা স্কুললৈ নাহোঁ বুলি মাতুৱে কান্দিছিল। পম্পীয়ে সেইদিনা মৰসাহ কৰি গৈ বাইদেউক কৈছিল,

'বাইদেউ, আপোনালৈ ভয় কৰি মোৰ ভণ্টি মাতুৱে স্কুললৈ নাহে বুলি কন্দা-কটা কৰিছে। তাইক আপুনি নামাৰে বুলি কৈ দিবনে? নহ'লে যে তাই কেতিয়াও স্কুললৈ নাহিব!'

সেই অদ্ভুত অনুৰোধটো শুনি বাইদেৱে থতমত খাই গৈছিল সেইদিনা।

'কিয় নাহিব তাই? স্কুলত শাসন মানিলে আৰু ভালকৈ পঢ়িলে এনেয়ে মাৰ নাখায় নহয়!'

বাইদেৱে আজি সেই কথা নাৰাখে, পম্পীয়ে বুজিলে। অসহায় হৈ তাই মাথোঁ চাই ৰ'ল মাতুৱে বাইদেউৰ পৰা বহী লোৱাৰ পৰ্ব। পম্পীৰ দৰে সাহসীৰ অভিনয় কৰাৰ সলনি তাই বেতৰ কোব পৰাৰ আগতেই আতংকত হাও হাওকৈ কান্দি পেলালে। বাইদেউৰ কঠোৰ মুখখন যেন অলপ কুমলিল। 'বছৰেকীয়া পৰীক্ষাত ভাল নম্বৰ পাব লাগিব' বুলি কৈ দুকোব দিয়ে তাইক ঘুৰাই পঠালে। বেঞ্চত বহিও মাতুৱে উচুপি থাকিল। পম্পীৰ বুকুখন মোচৰ খাই যোৱা যেন ভাৱ হ'ল।

স্কুল ছুটি হোৱাৰ পৰলৈকে মাতুৰ চকু-নাক ৰঙা পৰি থাকিল। পম্পীয়ে টিউবেলৰ পাৰলৈ নি তাইৰ মুখখন ধুৱাই দিলে। ৰুমালেৰে মুখখন লাহেকৈ মচি দি তাই ক'লে,

'একো নহয় দে! কাইলৈকে এইবোৰ বিষ কমি যাব। হু ল- এয়া তোলৈ মৰ্টন কিনিছিলো।'

টেঙা মৰ্টনৰ কমলা বাকলিখন এৰুৱাই এৰুৱাই মাতুৱে আপচোছ ভৰা মাতেৰে ক'লে,

'আজি ইংৰাজীৰ বহী নিদি ছবিৰ দিয়া হ'লে! মই জানো, ছবিত ভাল নম্বৰ পামেই। পৰীক্ষাত কিমান ধুনীয়াকৈ কাপ-প্লেটযোৰ আঁকিছিলো।'

'পাবি, ছবি অঁকাত তোক কোনেও হৰুৱাব নোৱাৰে মাতু।'

মাতুৱে মিচিকিয়াই হাঁহিলে। মৰ্টন চুপি চুপি দুয়ো লাহে লাহে ঘৰলৈ বাট বুলিলে। মাতুৰ মনটো অলপ মুকলি হোৱা দেখি সেই সুযোগতে পম্পীয়ে ক'লে,

'শুনচোন মাতু! আজি যদি দেউতাই এচাৰি লৈ খেদি আহে, তই ঠাইতে ৰৈ নাথাকিবি দেই। দুয়োজনীয়ে একেলগে পলাম। পিছত দেউতাৰ খং কমিলে ইমান মাৰ খাব লগা নহয়।'

কথাষাৰ শুনাৰ লগে লগে মাতুৰ মুখখন পুনৰ ক'লা পৰি গ'ল।তাই যেন পাহৰিয়ে গৈছিল এতিয়াও ঘৰত যে কি বিভীষিকা ৰৈ আছে! পৰীক্ষাৰ বহীত দেউতাকৰ চহী লৈ কাইলৈকে স্কুলত দেখুৱাব লাগিব। সিহঁতৰ পঢ়াৰ অগ্ৰগতি যে ঘৰত জানে তাৰ প্ৰমাণ দিব লাগিব। কিন্তু পৰীক্ষাৰ নম্বৰ চাই আজি ৰাতি দেউতাকে বা কি ৰূপ লয়! চিটিপনি এচাৰিৰ কোব দিয়েই ক্ষান্ত হ'বনে খাবলৈ-শুবলৈ নিদি শেষ নিশালৈকে সিহঁতক পঢ়ুৱাবলৈ ল'ব কোনে জানে।

পম্পীৰ হাত এখনত জোৰেৰে খামোচ মাৰি ধৰি তাই ক'লে,

'কিন্তু দেউতাৰ ওচৰলৈতো যাবই লাগিব! কাইলৈ চহী দেখুৱাব নোৱাৰিলে স্কুলত আকৌ মাৰ খাব লাগিব। '

'নহয় অঁ! দেউতাক বহীখন দি ৰৈ নাথাকিবি আকৌ। এনেকৈ ধৰাৰ নিচিনাকৈ মোক হাতত ধৰি ল'বি। আমি দুয়োজনী একেলগে পলাম।'

'ক'লৈ?'

'বাটলৈ। একো নহ'লেও গাঁৱৰ মানুহে শুনা পাব। কেনেবাকৈ তামুলী খুড়া ঘৰত থাকিলে জৰুল আমাক বচাবহি!'

মাতুৱে কিছু দ্বিধাৰে মূৰ দুপিয়ালে। তাই যে বুজি নাপায় কি হৈ যায়! দেউতাকৰ সেই ৰূপ দেখিলে তাইৰ যেন মন-মগজু উকা হৈ পৰে। হাত-ভৰি লৰচৰ কৰিব নোৱাৰা হৈ পৰে। পম্পীৰ চিৎকাৰ, মাকৰ কান্দোনৰ বিপৰীতে মাতু হৈ পৰে এক প্ৰস্তৰ মূৰ্ত্তি।

এবাৰ এনেকুৱা এটা কালনিশাৰ পিছত সিহঁতৰ গাঁৱৰে তামুলী খুড়াই দেউতাকক কৈছিলহি,

'হোমেনকাই, এই ফুকলীয়া ছোৱালীদুজনীক ইমানকৈ মাৰধৰ কৰিব লাগেনে বাৰু? এইবয়সত ইমানকৈ মাৰ খালে সিহঁত গোটেই জীৱনলৈ ঘুণীয়া হৈ পৰিব।'

দেউতাকে ভেকাহি মাৰি উঠিছিল,

'কি কোৱাহে ব্ৰজেন! ছেকনিৰ আগতহে বিদ্যা বুলি এনেয়ে নকয় নহয়। আমাৰ দেউতাৰ এচাৰিৰ কোবকেইটায়ে আমাক পোন কৰিছিল, মানুহ হোৱাৰ শিক্ষা দিছিল। এতিয়াও সেই শিক্ষা পাহৰা নাই।'

তাৰপিছত দেউতাকে আৰম্ভ কৰিলে সেই একেখন ৰেকৰ্ড। ককাক হৰিকান্তৰ ভয়ত কেনেকৈ সাতোটা ককাই-ভাই ঘৰত থৰহৰি কম্পমান হৈ ৰৈছিল। হৰিকান্তৰ চকুলৈ চাই কোনেও কথা কোৱাৰ সাহস নকৰিছিল। কৈ কৈ দেউতাক অতীত সোঁৱৰণিত ডুব গ'ল। তামুলী খুড়াই হামিয়াবলৈ আৰম্ভ কৰিলে। বহা কোঠাৰ সিপাৰে কাণ উনাই ৰোৱা পম্পীৰ গধুৰ খোজবোৰ পাকঘৰ অভিমুখে গতি কৰিলে।

সকলো যেন একেটা পাকচক্ৰত বন্দী। কথাবোৰ যেনেকৈ চলি আহিছে তেনেকৈয়ে চলাই নিয়াৰ এটা অদ্ভুত তাড়নাত বন্দী। এবাৰ মাথোঁ- এবাৰ যদি ছেকনিৰ আগেৰে সিহঁতক ডাঙৰ মানুহ কৰাৰ অহৰহ চেষ্টাত যতি পেলাই কেৱল মানুহ বুলি চালেহেঁতেন। তেজ-মঙহৰ মানুহ। ভাল লগা-বেয়া লগা বহু অনুভূতিৰে, হেঁপাহেৰে উপচি থকা মানুহ! ইমান সাধাৰণ কথাটোনো মাক-দেউতাক-ছাৰ-বাইদেউহঁতে কিয় দেখা নাপায়? পম্পীয়ে বুজি নাপায়।

যিমানেই ঘৰৰ কাষ চাপিল সিমানেই দুয়োজনীয়ে মনে-প্ৰাণে বিচাৰিলে এই বাটৰ যেন কেতিয়াও শেষ নহওক। বাটৰ বাওঁকাষৰ ধাননি পথাৰবোৰ দীঘল হৈ গৈ থাকক, সন্মুখৰ কেকুঁৰিটোৰ ওৰ নোলাওক, সোঁকাষৰ দ'লনিখন বহল হৈ গৈ ইপাৰ-সিপাৰ নমনা হৈ পৰক!

ঘৰ পায়ে মুখ হাত ধুই দুয়ো নিৰৱে ভাত খাবলৈ বহিল। দুয়োৰে শুকান মুখ দেখি একো নোকোৱাকৈয়ে মাকে যেন সকলো বুজি পালে।

'কিহৰ বহী দিলে আজি? কিমান পালি?' খাই থকাৰ মাজতে মাকে সুধিলে।

পম্পী আৰু মাতুৱে একো ক'ব নোৱাৰিলে। মাথোঁ নিৰৱে গৈ বহী দুখন মাকৰ হাতত দিলেহি। লগে লগে মাকৰ মুখ গোমোঠা হৈ পৰিল। সিহঁত দুজনীতকৈ মাকৰ দুখ আৰু হতাশাৰ ধাৰাহে তীব্ৰ হৈ পৰিল যেন!

পাকঘৰৰ চৰু-কেৰাহী সামৰি সামৰি মাকে আপোনমনে ক'বলৈ লাগিল,

'লোকৰ ল'ৰা-ছোৱালীয়ে ইমান নম্বৰ তোলে। আমাৰ কেইজনীৰ চোৱা। পঢ়া-শুনাত নহ'ল, নাচ-গান-ঘৰৰ কাম কাজ একোতেই নহ'ল।'

পম্পী আৰু মাতুৱে ভাতৰ গৰাহ মুখলৈ নিনি লিৰিকি বিদাৰি মাকৰ কথা শুনি থাকিল। কিমান কষ্ট কৰি মাক-দেউতাকে দুয়োজনীক স্কুলত পঢ়াইছে। দেউতাকে দিনৰ দিনটো চাপৰিৰ খেতিতে কটায়। মাকে তাঁত বয়। তথাপি সিহঁত দুজনীক স্কুললৈ পঠাইছে- পঢ়ি-শুনি মানুহ হওক বুলি। মাক-দেউতাকৰ দৰে কষ্টৰ জীৱন সিহঁতৰো নহওক বুলি। তাৰ প্ৰতিদান এয়া?

মাকৰ দুখৰ মালিতা স্তব্ধ হোৱাৰ কোনো লক্ষণ নেদেখি পম্পীয়ে অলপ অসহিষ্ণুভাৱে কৈ পেলালে,

'কিয়, স্কুলৰ প্ৰতিযোগিতাত কিমানবোৰ খেলত মই প্ৰতিবাৰেই প্ৰথম হওঁ!'

পিছে হিতে বিপৰীত হ'ল। মাকৰ দুচকু ভমক কৰে জ্বলিহে উঠিল যেন।

'খেলত প্ৰথম হৈ তই কেনেকৈ ঘৰ পুহিবি মোক ক'চোন। মাতু অন্তত: নম্ৰ। তইতো সেয়াও হ'বলৈ নিশিকিলি, কথাই কথাই উত্তৰ দিয়। ইমান চোকা মুখখনেৰে কাৰ ঘৰ ধৰিবিগৈ?'

দুখে-ক্ষোভে মাকে এসোঁতা কান্দি পেলালে। পম্পীৰ মন বিতৃষ্ণাৰে ভৰি পৰিল। তাই ভাতৰ থালখনকে থেকেচিলে। মাক আৰু পম্পীৰ উখনা-উখনিৰ মাজত মাতু যেন নিৰুপায় হৈ পৰিল। তাই কোমল মাতেৰে লেনিয়াই ক'লে,

'মা, আমি পথাৰত গৈ সোণটোহঁতৰ লগত অলপ খেলোগৈনে?'

'পৰীক্ষাত সেয়া নম্বৰ আনিছ আৰু খেলাৰ কথা ক'বলৈ লাজ লগা নাই? যা: অলপ শুই লগৈ। ৰাতি পঢ়িব লাগিব।' মাকে দাবী দি উঠিল।

দুয়ো সুৰসুৰাই আহি বিছনাত পৰিলহি। মাকে নক'লেও দুয়ো বুজিলে, আজি ৰাতিৰ বাবে সাজু হ'বলৈহে এই ব্যৱস্থা। দেউতাক অহাৰ পিছত সিহঁতৰ কি দশা হ'ব কোনেও নাজানে!

মনত হাজাৰটা আশংকা লৈও কেতিয়ানো টোপনি গ'ল দুয়ো ক'বই নোৱাৰিলে। সন্ধিয়া মাকে জগাই দিলত পম্পী আৰু মাতু দুয়ো একেজাপে উঠি আহিল। প্ৰথমেই দেউতাক আহিল নেকি তাৰ উমান ল'লে। নাই, এতিয়াও ঘৰ পোৱাহি নাই! মুখ হাত ধুই দুয়ো প্ৰাৰ্থনা কৰি লৈ পোনেই পঢ়া টেবুলত বহিল। অন্য দিনাৰ দৰে আজি সিহঁতক পঢ়িবলৈ মাকে সোঁৱৰাব লগা নহ'ল।

পিছে সিহঁত এজনীৰো পঢ়াত মন নবহিল। এই যেন এজাক তীব্ৰ ধুমুহা আহিব। তছনছ কৰি দিবহি এই নিৰিবিলি সন্ধিয়াটো। সেই উদ্বিগ্নতাই সিহঁতৰ উশাহবোৰ চুটি কৰি আনিলে। তথাপি মাতুৱে বিজ্ঞানৰ পাঠ এটা যিমান পাৰে ডাঙৰ মাতেৰে মাতি পঢ়িবলৈ চেষ্টা কৰিলে। তাকে দেখি দেউতাকৰ মন কুমলেই বা।

শিল্পী: Alina-Ondine Slimovschi


সন্ধিয়া লাগি ভগাৰ পিছত দেউতাক ঘৰ সোমালহি। চাহকাপ খাই লৈ তেওঁ বহাকোঠাৰ আৰামী চকীখনত বহিল। তাৰপৰাই কাষৰ কোঠাত পঢ়ি থকা পম্পী আৰু মাতুৱে শুনাকৈ ডাঙৰ মাতেৰে ক'লে,

'বহীকেইখন লৈ আন!'

লগে লগে আতংকত মাতুৰ কণ্ঠৰুদ্ধ হৈ গ'ল। বিজ্ঞানৰ কিতাপখন তাইৰ হাতৰ পৰা সৰি পৰিল। পম্পীয়ে তাইক ভৰসা দিয়াৰ চেষ্টা কৰিলে। ঘৰলৈ অহাৰ বাটত কি পাতিছিল সোঁৱৰাই দিয়াৰ চেষ্টা কৰিলে। দুয়ো চুচুক-চামাককৈ নিজৰ নিজৰ পৰীক্ষাৰ বহী হাতত লৈ বহাকোঠাটোলৈ সোমাই আহিল।

দেউতাকৰ ক্লান্ত মুখ। কিন্তু চকুৱে-মুখে খঙৰ ৰেখা স্পষ্ট। দেউতাকৰ কাষতে টমীয়ে মজিয়াত বাগৰ দি আছে। দুদিনমানৰ আগতে সেই বাটৰ কুকুৰটোৱে ঘৰ লৈছেহি। কিন্তু সি যেন ইতিমধ্যে দেউতাকৰ বিশস্ত সহচৰ হৈ পৰিছে। বহাকোঠাৰ খোলা দুৱাৰেৰে অহা ফিৰফিৰিয়া বতাহজাক লৈ আৰাম কৰি থকা টমীলৈ সিহঁতৰ ঈৰ্ষা উপজিল। পম্পীয়ে পাকঘৰলৈ যোৱা দুৱাৰখনত ভেঁজা দি ৰৈ থকা মাকলৈ চালে। অসহায় নিৰৱ দৰ্শক মাকৰ দুচকুত এসাগৰ দুখ। নে হতাশা? পম্পীয়ে ঠিক ধৰিব নোৱাৰিলে। দেউতাকৰ কথামতে মাকে বিনা প্ৰতিবাদে কোঠাৰ চুকৰ পৰা চেৰেপনি এছাৰি ডাল আনি তেওঁৰ হাতত তুলি দিলে।

বহীখন দেখুৱাবলৈ কোৱাৰ লগে লগে পম্পীয়ে মাতুৰ বাওঁহাতখনত খামোচ মাৰি ধৰিলে আৰু চকুৰে ইংগিত দিলে। তথাপি যেন কিছু পলম হৈ গ'ল!

ইতিমধ্যে মাতুৰ সমগ্ৰ শৰীৰ জঠৰ হৈ পৰিছে। পম্পীয়ে সৰ্বশক্তিৰে টানিও তাইৰ গাটো কেটকুটেই কৰাব নোৱাৰিলে। মাতুৱে যেন উশাহো ল'বলৈ পাহৰি গৈছে। মাথোঁ নিথৰ চকুৰে চাই ৰৈছে দেউতাকলৈ।

পম্পীৰ কাৰবাৰ দেখি দেউতাকে প্ৰথমে তাইকে ধৰিবলৈ উদ্যত হ'ল। এইবাৰ আৰু এক মুহুৰ্তও পলম নকৰি পম্পীয়ে মাক-দেউতাকে তলকিবলৈ পোৱাৰ আগতেই সাউৎকৈ বাহিৰলৈ দৌৰ দিলে।

বিস্ফোৰিত দুচকুৰে দেউতাকে তাইৰ পিছে পিছে খেদি গ'ল। দেউতাকৰ পিছে পিছে লৰ দিলে টমীয়ে। ঘটনাৰ আকস্মিকতাত মাক তাতে হতভম্ব হৈ থিয় দি ৰ'ল।

কেনিও নোচোৱাকৈ ঘৰৰ সন্মুখৰ বাটেৰে পম্পীয়ে মাথোঁ দৌৰিলে আৰু দৌৰিলে। দৌৰি দৌৰি তাই পাৰ হৈ গ'ল সেই ধূলিয়ৰি বাট, বাটৰ সিপাৰৰ সৰিয়হডৰা। স্কুলৰ দৌৰ প্ৰতিযোগিতাত তাই সদায়ে প্ৰথম হয়।তাইৰ ভৰি দুখনেই যেন যিকোনো বিপদৰ সময়ত একমাত্ৰ সাৰথি।

তাইৰ দৌৰৰ লগত তাল মিলাব নোৱাৰি বাটটোৰ শেষত ফোঁপাই জোঁপাই দেউতাক ৰৈ গ'ল। প্ৰচণ্ড আক্ৰোশেৰে তেওঁ গৰজিলে,

'আহ তই আজি ঘৰলৈ! ভৰিৰ কলাফুল ফালি চিৰাচিৰ কৰি দিম।'

সেই কাণিমুনি আন্ধাৰৰ মাজেদি তাই অবিৰাম দৌৰিয়ে থাকিল। কিমান দূৰ, কিমান সময় দৌৰিলে তাই ক'বই নোৱাৰিলে। দেউতাক যে বহু আগতেই ঘৰলৈ উভতি গৈছে তাই মনেই নকৰিলে। 

এটা সময়ত তাইৰ দুভৰি থমকি ৰ'ল। পথাৰৰ সিপাৰৰ দ'লনি খন পাবৰ হৈছে। সেইখিনিতে ঘোপমৰা বাঁহনি এখন। বুকুৰ ধপধপনিটো কমাৰ পিছত পম্পীয়ে লাহেকৈ বাঁহনিৰ কাষতে থকা বৰটেঙাৰ গছ এজোপাত বগাই উঠিল। এইখিনিত ওচৰে পাজৰে এঘৰো মানুহ নাই। পথাৰৰ সিপাৰেহে ঘৰবোৰৰ ধিমিক ধামাক লেমৰ পোহৰ দেখা গৈছে। সেইফালে মন দি চাই পম্পীয়ে সিহঁতৰ ঘৰটোও দেখিলে। টমীৰ ভুকভুকনিৰ ক্ষীণ শব্দ এটা শুনা পালে যেন তাই। নাই, সেয়া অন্য কুকুৰহে কিজানি। সৌৱা সিহঁতৰ ঘৰৰ মূল দুৱাৰখনচোন বন্ধ হৈ গৈছে। মাথোঁ খিৰিকীৰে ভাঁহি আহিছে টেবুল লেম্পৰ অনুজ্জল পোহৰ।

বৰটেঙাৰ ডাল এটা সাবটি ধৰি সেই গছৰ ফেৰেঙণিতে বহু পৰ বহি ৰ'ল পম্পী। বতাহে কঁপাই যোৱা বাঁহপাতৰ চি চি শব্দৰ বাহিৰে চাৰিওফালে মৰিশালিৰ নিৰ্জনতা। ইমান অন্ধকাৰ, ইমান প্ৰশান্তিময় সেই ঠাই! কেইটামান মুহুৰ্ত্তৰ আগৰ সেই আতংকৰ যেন একো চিনমোকামেই নাই ইয়াত।

দিনটোৰ অৱসাদে যেন এতিয়াহে আৱৰি ধৰিলে তাইক। চকুহাল মুদি লৈ তাই ভাবিবলৈ ধৰিলে, কি কৰা যায়? তাই গুচি যাব নেকি? এই গাওঁ এৰি। এই ঘৰ এৰি। চিৰদিনলৈ?

আজি ৰাতিটো ইয়াতে কটাই দোকমোকালিতে যোগেনৰ বাছত উঠি টাউনলৈ গুচি যাব নেকি? টাউনত কাৰোবাৰ ঘৰত বন কৰা ছোৱালী হৈ পইচা ঘটিব। দিনত কাম কৰি আৰু ৰাতি ৰাতি পঢ়ি তাই এদিন মানুহ হ'ব!

নাইবা- নাইবা এই গাওঁ পাৰ হৈ বহু দূৰৈৰ কোনোবা অজান গাঁৱলৈ গুচি যাব নেকি? এই হাবিতলীয়া বাটেৰে গোটেই ৰাতি দৌৰি দৌৰি গৈ ক'ৰবাৰ কোনোবা গাওঁ ওলাবগৈ। তাত মৰমিয়াল এঘৰ মানুহে তাইক তুলনীয়া জী কৰি ল'ব। তাৰ স্কুলৰ শিক্ষকেও মৰম কৰি পঢ়াব। তাই তাতে খুউব মন দি পঢ়িব।

কল্পনাৰ পখীঘোঁৰাত উঠি বেছ কিছুপৰ তাই আপোনপাহৰা হৈ ৰ'ল।

কিন্তু এনেতে এটা শব্দই তাইক বাস্তৱলৈ উভতাই আনিলে। বহুত দূৰৈৰ পৰা ৰিৰিয়াই ভাঁহি আহিছে এটা কান্দোনৰ শব্দ। কোনোবা নাৰীয়ে হিয়া বিদাৰি কান্দিছে।

কাৰ কি হৈছে? পম্পীয়ে উৎকণ্ঠাৰে সিহঁতৰ ঘৰলৈ চাই পঠিয়ালে। ঘৰৰ খিৰিকী খোলা কিন্তু ভিতৰখন আন্ধাৰ।

হঠাৎ যেন তাইৰ সম্বিত আহিল। তাই গুচি গ'লে মাতুৰ কি হ'ব? মাতুৰ??

হুৰুসকৈ গছজোপাৰ পৰা পম্পী নামি আহিল। গছৰ ঠানি এটাত লাগি তাইৰ চোলাটোৰ এফাল চিঙি গ'ল। ছেহ! মাকে দেখা পোৱাৰ আগতেই চোলাটো চিলাই পেলাব লাগিব। ফালি যোৱা চোলাটোলৈ চাই চাই তাই ভাৱিলে।

লাহে লাহে তাইৰ ভৰি দুখন আগবাঢ়িল। ঘৰ অভিমুখে। 

Tuesday 22 March 2022

অবাঞ্ছিত (চুটিগল্প)

’আজি আমাৰ হাফ ছুটি দেই!’ 

পম্পীয়ে ব’ৰ্ডখনৰ কাষত থিয় দি লৈ সকলোৱে শুনাকৈ অলপ ডাঙৰ মাতেৰে ঘোষণা কৰিলে৷ কথাষাৰৰ লগে লগে তাইৰ সৰু চকুহাল উৎসাহত তিৰবিৰাই উঠিল। বেগৰ পৰা কিতাপ-বহী, জ্যামিতি বক্স আদি উলিওৱাৰ মাজে মাজে ভুনভুনাই কথা পতাত ব্যস্ত ছোৱালীবোৰ ক্ষন্তেক থমকি ৰ’ল৷ হিলৈদাৰী বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ কেপ্টেইন পম্পী৷ তাইৰ প্ৰায়বোৰ কথাই সিহঁতে মন দি শুনে, শ্ৰেণীটোৰ নেত্ৰী বুলি কিছু সমীহো কৰে৷

আজি কাৱেৰীৰ বিয়া৷ পম্পীয়ে তাইৰ এবেগেত দীঘল বেণী ডালত হাত বুলাই বুলাই সিহঁতক মনত পেলাই দিলে৷ অঁ, অঁ, সিহঁতে পাহৰা নাই৷ সকলোৱে দেখিছেই, যোৱা দুসপ্তাহ ধৰি কাৱেৰী স্কুললৈ অহা নাই৷ তাইৰ ঘৰৰ ওচৰৰ মাতু্ৱে সিহঁতক কৈছেহি, কাৱেৰী পেহীয়েকৰ সৈতে চুবুৰীয়াৰ ঘৰ ফুৰিবলৈ গৈ এদিন সন্ধিয়া ঘৰ সোমাইছিলহে৷ অলপ পিছতে মাক-পেহীয়েকৰ হিয়ালি জিয়ালিকৈ কান্দোনৰ ৰোল উঠিল৷ ওচৰ-চুবুৰীয়া ঢপলিয়াই আহি সিহঁতৰ ঘৰ পালেহি৷ কি হ’ল? কি হ’ল? তেতিয়াহে কথাটো ওলাল, কাৱেৰীৰ বিয়া হ’ল! ছোৱালী গাভৰু হ’ল!

’প্ৰত্যেকেই টিফিন ছুটিৰ আগতে মোৰ হাতত দহটকাকৈ দিবাহি দেই৷ কাৱেৰীহঁতৰ ঘৰলৈ যোৱাৰ বাটতে গিফট্ এটা কিনি ল’ম৷’ পম্পীয়ে ক’লে৷ 

তাইৰ কথাত হয়ভৰ দি শ্ৰেণীটোৰ ছোৱালীজাক পুনৰ ব্যস্ত হৈ পৰিল৷ প্ৰথম পিৰিয়ডতে আজি ইংৰাজী আছে৷ ডিম্বেশ্বৰ ছাৰে টেনিছনৰ কবিতাটো মুখস্থ লোৱাৰ কথা৷ আজি বা ছাৰে কেনে ৰূপ ধৰি আহে, কোনে জানে! ডিম্বেশ্বৰ ছাৰৰ এচাৰিৰ কোব কেইটাৰ আতংকই সিহঁতৰ বাবে বিয়া খাবলৈ যোৱাৰ উত্তেজনাটো যথেষ্ট দমাই থ’লে যেন৷ ইংৰাজী কিতাপখন উলিয়াই বহুতে অহৰহ দোহাৰি থাকিল, ’Home they brought her warrior dead....’।

সিহঁতৰ মাজত পম্পী অৱশ্যে ব্যতিক্ৰম৷  ইংৰাজী কবিতা লৈ তাই বিশেষ ব্যতিব্যস্ত নহ’ল৷ সেয়া তাই কাহানিবাই সলসলীয়াকৈ মুখস্থ কৰি থৈছে৷ তাৰ সলনি চিচাৰ গিলাচটো ভালকৈ ধুই পখালি আনি তাই ডিম্বেশ্বৰ ছাৰৰ বাবে টেবুলত পানী এগিলাচ থ’লেহি৷ শ্ৰেণীৰ কেপ্টেইনৰ বাবটো পোৱাৰ পৰা প্ৰতিটো পিৰিয়ডতে বৰ নিষ্ঠাৰে তাই এইটো কাম কৰি আহিছে৷ তাৰ লগতে ক্লাছৰ শেষত ব’ৰ্ডখন মোহাৰি চিকুণ কৰি ৰখা, কোনোবা পিৰিয়ডত শিক্ষক অহা পলম হ’লে শ্ৰেণীৰ শৃংখলা বজাই ৰখা আদি সকলোখিনি কাম তাই বৰ দায়িত্বসহকাৰে কৰে৷ এই চিৰাচৰিত দায়িত্বখিনিৰ লগতে মাজে মাজে তোলনি বিয়া খাবলৈ যোৱাৰ ওপৰঞ্চি দায়িত্বটো তাই বেয়া পোৱা নাই৷ 

সিদিনা শ্ৰেণীত ছিটিকনি এছাৰিৰ কোবত বহুতৰে হাতৰ তলুৱাবোৰ থৰথৰাই গ’ল৷ কিন্তু সেয়া প্ৰায় আওকান কৰিয়ে টিফিন ছুটিৰ সময়লৈ গোটেই ছোৱালীজাক হৈ-চৈকৈ বিয়া খাবলৈ ওলাল৷ স্কুলৰ পৰা সোনকালে ওলোৱাৰ লগতে বিয়াঘৰত চিৰা-দৈ খোৱাৰ হেঁপাহে সিহঁতৰ মনবোৰ ৰঙীয়াল কৰি  তুলিলে৷ যোৱা কেইমাহমানত সিহঁতৰ কেইবাবাৰো এই সুযোগ মিলিছে৷ ষষ্ঠ শ্ৰেণীলৈ পোৱাৰ পৰা এনেকৈ হাফছুটি লৈ সিহঁতে ইয়াৰ আগতেও তিনিজনীকৈ সমনীয়াৰ বিয়া খাই আহিছেগৈ৷ 

যোৱাকেইবাৰৰ দৰেই বিয়াঘৰলৈ যোৱাৰ বাটত মহেন্দ্ৰ ষ্ট’ৰত সোমাই সিহঁতে স্কুলবেগ এটা কিনিলে৷ পম্পীয়ে দোকানীক কৈ বেগটো চিকমিকিয়া ৰঙীন কাগজেৰে মেৰিয়াই বন্ধাই ল’লে৷ মহেন্দ্ৰ দোকানীয়ে সেইটো পম্পীলৈ আগবঢ়াই দি হাঁহি হাঁহি ক’লে,

’হয়নে,এইবাৰ তেনে কাৱেৰী গাভৰু হ’ল! যা যা ভালকৈ বিয়া খাই যিমান পাৰ স্ফূৰ্ত্তি কৰি ল, ইয়াৰ পিছৰবাৰ বা তহঁতৰ কোনজনীৰ পাল পৰে কোনে জানে!’

পম্পীয়ে একো উত্তৰ নিদিলে৷ কিন্তু মহেন্দ্ৰৰ কথাষাৰত গোটেই ছোৱালীজাক লাজত মৰহি যোৱাৰ দৰে হ’ল৷ হয়তো! সিহঁতৰ মাজৰে কোনজনীৰ গাত বা এইবাৰ প্ৰজাপতি পৰেহি! কাক বা ছাৎ মাৰি টানি নি শৈশৱৰ দেওনা পাৰ কৰি একেকোবে যৌৱনৰ পাৰ-ঘাটত পেলাবগৈ কোনে জানে! সেই উপলব্ধিয়ে আশংকা আৰু উত্তেজনাৰ এটা মিশ্ৰিত আবেগ আনি দিলে সিহঁতৰ মনলৈ৷ পিছে তেনে কথাই বেছিপৰলৈ কাবু কৰি ৰাখিব পৰাৰ বয়স নহয় এয়া৷ কিছু পৰৰ পিছতে সিহঁতৰ খোজৰ লগে লগে হাঁহি-খিকিন্দালি আৰু কথাৰ গতিও তীব্ৰ হৈ আহিল৷

দলটো বিয়াঘৰ পাইগৈ মানে ৰভাতলী আয়তীৰ উৰুলি, নাম-প্ৰসংগ, গাঁৱৰ মানুহেৰে উদুলি মুদুলি হৈ পৰিছে৷ ইয়াৰ আগৰবাৰ কেতিয়া কাৱেৰীৰ ঘৰলৈ আহিছিল সেয়া মনত পেলাবলৈ চেষ্টা কৰিলে পম্পীয়ে৷ ছমাহমানেই হ’ল নেকি! তেতিয়া দেখা আহল-বহল চোতাল আৰু জপনাৰ দুয়োকাষৰ ফুলনিৰ সলনি আজি ইমূৰৰ পৰা সিমূৰ জুৰি নীলা-বগা পেণ্ডেলেৰে সজ্জিত ৰভাতলী৷ পম্পী অলপ আচৰিত হ’ল, কাৱেৰীয়ে তাইৰ মৰমৰ গোলাপকেইজোপাও কাটি পেলাবলৈ দিলেনে!

ৰভাতলীৰ বাটচ’ৰাতে দুফালে দুটা কলপুলি৷ সোঁমাজৰ তোৰণত এখন ভমকাফুলীয়া গামোচাৰে সৈতে দুটা ডাঙৰ জাপি৷ সেই তোৰণৰ তলেদিয়ে পম্পীৰ লগে লগে সিহঁত গোটেইবোৰ অলপ চুচুক-চামাককৈ সোমাই গ’ল৷ সিহঁতৰ যেন এইবাৰহে নিজৰ ইউনিফৰ্মবোৰলৈ চকু গ’ল৷ এই বিয়াঘৰৰ চকুত চাত মৰা সাজ-সজ্জা আৰু অভ্যাগতৰ সাজোন-কাচোনৰ মাজত সিহঁতৰ বগা চাৰ্ট আৰু সেউজীয়া স্কাৰ্টবোৰ বৰ বিসদৃশ যেন দেখা গ'ল!

 এনেতে কাষেৰে পাৰ হৈ যোৱা দুগৰাকী অভ্যাগতৰ কথা পম্পীৰ কাণত পৰিল, 

’আয়ৈ, তোলনি বিয়াতে ইমান ৰমক জমক! বৰবিয়াৰ আয়োজন কেনে হ’ব ভাবচোন নীৰুৰ মাক!’

’হয় দে! কোনে জানে, ছোৱালী পলাই গ’লে বৰবিয়া পাতিবলৈ নাপাব বুলিয়ে কিজানি মাক-বাপেকে এতিয়াই হেঁপাহটো পলুৱাই লৈছে!’

দুয়োৰে হাঁহিৰ খলকনিয়ে যেন পম্পীক বাৰুকৈ জোকাৰি গ’ল৷ শুনিলেনে অন্য কোনোবাই? শুনিলেনে? তাই লগৰবোৰলৈ চালে৷ নাই! সিহঁত গোটেইবোৰে মাথোঁ ৰভাতলীৰ সাজ-সজ্জা ট্ লাগি চাই ৰৈছে৷ হয়তো কল্পনা কৰিছে, সিহঁতৰ বিয়াতো এনে আয়োজন হ’বনে নহ’ব৷ কইনা সাজেৰে সিহঁতক কেনেকৈ সজাব৷ চিৰা-দৈৰ লগতে মিঠাই খুৱাবনে নুখুৱাব৷ 

স্কুলৰ ইউনিফৰ্ম দেখিয়ে সকলোৱে বুজি পালে, কাৱেৰীৰ সমনীয়াবোৰ একেলগে ওলাইছেহি৷ আলহী সোধাত ব্যস্ত হৈ থকা কাৱেৰীৰ মাক আগবাঢ়ি আহিল৷ আথে বেথে সিহঁতক মাতি নিলে,

’আহা আহা, কাৱেৰীয়ে ৰাতিপুৱাৰে পৰা তোমালোকলৈ বাট চাই আছে ৷’ 

আলহী বহিবলৈ শাৰী শাৰীকৈ ৰখা চকীখিনি পাৰ হৈ আহি পম্পীহঁতে কাৱেৰীক দেখা পালে৷ নাৰ্জী আৰু গোলাপ ফুলেৰে চাৰিওকাষ সজাই ৰখা এখন আহল বহল চোফাত তাই বহি আছে৷ ৰঙা পাটৰ কাপোৰ আৰু সোণৰ গহনাৰ মাজৰ পৰা কোনোমতে ওলাই থকা তাইৰ কণমান মুখখনত প্ৰসাধনৰ ডাঠ প্ৰলেপ, ওঁঠত ৰঙা লিপষ্টিক৷ কেঁকুৰা চুলিটাৰিৰ সৰু খোপাটোত কৃত্ৰিম চুলিৰ তৰপেৰে ডাঙৰ কৰি সোঁকাষে গুঁজি দিছে এপাহ গোলাপ ফুল৷ দূৰৈৰ পৰা দেখাত তাইক মহেন্দ্ৰ’ ষ্ট'ৰৰ শ্ব’কেছত সজাই থোৱা পুতলা এজনীৰ দৰে লাগিছে৷ হাতত চফদানি লৈ কাৱেৰীয়ে যন্ত্ৰবৎ হাঁহি এটাৰে ইজনৰ পিছত সিজনকৈ অতিথিক মাত লগাইছে৷ বিয়াৰ উপহাৰবোৰ লৈ চফদানিটো আগবঢ়াই দিছে৷ 

সিহঁতক দেখা পায়ে কাৱেৰীৰ দুচকু জিলিকি উঠিল, হাঁহিটো সজীৱ হৈ পৰিল ৷ আলহ উলহকৈ সিহঁত গোটেইজাককে কাষতে বহিবলৈ তাই ঠাই উলিয়াই দিলে৷ 

’আস্ তহঁত ইমান দেৰিকৈ ওলাইছহি! ইয়াত আলহী সুধি সুধি মই ব’ৰ হৈ গৈছোঁ৷ যাচোন যা পম্পী, সৌ চ্যুটকেছটো ভিতৰত খালী কৰি আনগৈ৷ গিফটবোৰ থ’বলৈ ঠাই নোহোৱা হৈছে৷’

পম্পীয়ে হাঁহি হাঁহি ক’লে,

’আমাৰ গিফট্ টোও লৈ ল তেনে! একেলগে ভিতৰত থৈ আহোঁ৷’

কাৱেৰীয়ে হাঁহিলে৷ ৰঙীন কাগজ ফালি উৎসাহেৰে তাই স্কুলবেগটো উলিয়ালে৷

’ইয়ে, এনেকুৱা বেগ এটাকে কিনিম কিনিম বুলি ভাৱি আছিলো৷ তহঁতে তাকে পছন্দ কৰি আনিলি! থেংক্ ইউ!’

কাৱেৰীয়ে বেগটো ভাল পোৱা দেখি সিহঁত সুখী হ’ল৷ লগতে বিয়াৰ অন্য উপহাৰবোৰৰ বিষয়ে, কাৱেৰীৰ যোৱা দুসপ্তাহৰ বিষয়ে জানিবলৈ সিহঁতৰ বৰ কৌতুহল হ’ল৷ যোৱামাহত শান্তি হোৱা ভনীকনে অভিজ্ঞ সুৰ এটাৰে ক’লে,

’কাৱেৰী, তোৰ মুখৰ ৰঙেই বদলিলচোন৷’

’যা:’ বুলি কৈ কাৱেৰীয়ে তাইক লাহেকৈ ঠেলা এটা মাৰিলে৷

’এতিয়াৰ পৰা যে চাদৰ-মেখেলাৰ ইউনিফৰ্ম পিন্ধিব লাগিব, গম পাইছনে নাই? তোৰ স্কাৰ্ট-চাৰ্ট পিন্ধাৰ দিন উকলিল আৰু৷ ’

মেনকাৰ কথা শুনি কাৱেৰীয়ে পাতলীয়া সুৰেৰে ডবিয়ালে, 

’সেইবোৰ যে মনত পেলাই নিদিবি এতিয়াই! কইনা হোৱাৰ স্ফূৰ্ত্তিখিনি কৰি লও ৰ৷ যোৱা এঘাৰ দিন মাটিতে খেৰৰ বিছনা কৰি শুলো, চাগু-বুট খাই ৰ’দ অকণ নোসোমোৱা চুকটোত পৰি থাকিলো বুজিছ৷ একো ক’ব নোৱাৰি, ক’লৈকো যাব নোৱাৰি- উস, অসহ্য লাগি গ’ল!’

পম্পীৰ বেথা উপজিল কাৱেৰীলৈ৷ বৰ চটফটীয়া ছোৱালী তাই৷ ক’তো যেন থিৰেৰেই নাথাকিব৷  এতিয়া সেই কাৱেৰীয়ে এঘাৰদিনীয়া বন্দীত্বৰ অন্তত গহীন গপচকৈ কইনা সাজেৰে বহি ৰৈছে৷ নম্ৰ হাঁহিৰে আলহী সুধিছে৷ তাৰ মাজতো বাৰে বাৰে কাপোৰৰ ভাঁজবোৰ ঠিক কৰি দি বৰমাকে সোঁৱৰাই দিছেহি, 

’এতিয়া তই গাভৰু হ’লি৷ আগৰ দৰে লচপচাই থাকিলে নহ’ব৷ অলপ লাহেকৈ খোজ নিদিয় কিয়!’

পম্পীয়ে দেখিছে, দুটা মুহুৰ্ত্তৰ বাবে কাৱেৰীজনী যেন জঁই পৰি গৈছে৷ নিজৰ ভিতৰলৈকে কেৰেলুৱাৰ দৰে সোমাই গৈছে৷ কিন্তু ক্ষন্তেক পিছতে পুনৰ তাই নম্ৰ হাঁহিটো যেন উলিয়াই লৈছে৷ তাই সঁচাই সলনি হোৱাৰ চেষ্টা কৰিছে নে মাথোঁ সকলোৰে দিহা-পৰামৰ্শ মানি চলাৰ অভিনয় কৰিছে? পম্পীয়ে ঠিক ধৰিব নোৱাৰিলে৷ 

ছোৱালীজাকৰ মাজত নানা কথা-হাঁহি খিকিন্দালি চলি থাকিল৷ পম্পী বা কাৱেৰী কোনো এজনীয়ে যেন তাত পুৰামাত্ৰাই অংশ ল’ব নোৱাৰিলে৷ দুয়ো যেন নিজা একোখন অনুভৱৰ জগতত ডুব গৈ থাকিল৷ দুয়ো যেন স্বকীয়ভাৱেই উপলব্ধি কৰিলে, এই আনন্দ উলাহ সিহঁতৰ বাবে নহয়, সেয়া মাক-দেউতাকৰ বাবে, অঙহী-বঙহীৰ বাবে, এই সমাজখনৰ বাবে৷ তাইক উৰ্বৰ বুলি সমাজক জনাই মাক-দেউতাক ধন্য হৈছে৷ তাৰে উত্তৰত হাঁহি হাঁহি সমাজে তাইলৈ আগবঢ়াই দিছে নাৰীজীৱনৰ তথাকথিত বাধ্যবাধকতাৰ শিকলিডাল৷ 

কাইলৈৰ পৰা কাৱেৰী কিশোৰীৰ সলনি এগৰাকী ৰজস্বলা: নাৰী হৈ পৰিব৷ লিংগভেদৰ শিকলিৰে আঁটি আঁটি বান্ধি পেলোৱা হ’ব তাইক৷ তাইৰ ইচ্ছা-অনিচ্ছাবোৰ নিৰ্ধাৰিত কৰি দিব মাক-দেউতাক আৰু অঙহী-বঙহীয়ে৷ আগৰদৰে খিলখিলাই হাঁহিব নোৱাৰিব, অকলশৰে ইফালে সিফালে যাব নোৱাৰিব৷ পুৰুষৰ লোলুপ দৃষ্টিৰ পৰা সমগ্ৰ শৰীৰ লুকুৱাই ভৰিৰ সৰু গাঁঠিলৈকে ঢাকি তাই কাপোৰ পিন্ধিব লাগিব৷ ৰজস্বলা: নাৰীৰ যে পদে পদে বিপদ, চেকা লগাৰ আশংকা৷ 

ৰুমালৰে যুৰীয়া তামোল মেৰিয়াই সজোৱা কেঁচুৱাটি লৈ কাৱেৰীৰ মাকে আয়তীসকলৰ সৈতে ধেমালি কৰা চাই চাই পম্পীৰ দেহ-মন যেন সংকুচিত হৈ পৰিল৷ কাৱেৰীৰো কাণ দুখন ৰঙা হৈ পৰা তাই ঠিকেই দেখিলে৷ এতিয়াৰ পৰা তাইৰ যেন জীৱনৰ লক্ষ্য আৰু উদেশ্য হৈ পৰিব  সন্তান ধাৰণৰ আৰু পালনৰ বাবে নিজকে সাজু কৰা৷ ইমানবোৰ সমনীয়াৰ মাজত থাকিও পম্পীয়ে বৰ অকলশৰীয়া অনুভৱ কৰিলে৷ এই সকলোবোৰ সমাজৰ বিধান বুলি নীৰৱে মানি লোৱা সমনীয়াবোৰৰ লগত তাই একোকে পাতিব নোৱাৰিলে৷

আবেলি ঘৰলৈ উভতে মানে পম্পীৰ হৃদয়ত ভয় আৰু আশংকাৰ হাজাৰটা ঢৌয়ে ছানি ধৰিলে৷ তাইৰ বাবেও এনেকৈয়ে হেৰাই যাব নেকি এই শৈশৱ? পৰিৰ্ৱত্তনৰ ধুমুহাই নিশ্চিহ্ন কৰি দিব নেকি এই মুকলি আকাশ আৰু সপোনৰ ৰামধেনু? পাৰিবনে তাই? পাৰিবনে কাৱেৰীৰ দৰেই সেই সামাজিক বিধান নীৰৱে মানি ল’ব? অথবা মানি লোৱাৰ অভিনয় কৰিব? 

’বিয়া খালিগৈ?’ তাইলৈ গাখীৰ এগিলাচ আগবঢ়াই দি মাকে সুধিলে৷ বাবু আৰু মাকণক খাবলৈ দি মাক পাকঘৰত ব্যস্ত ৰাতিৰ সাঁজৰ যোগাৰত৷ ভায়েক-ভনীয়েকৰ কাষতে পীৰা এখন পাৰি পম্পী বহি পৰিল৷ মাকৰ কথাৰ উত্তৰত একো নকৈ মাথোঁ মূৰ দুপিয়ালে আৰু গাখীৰত চুমুক দিলে৷

অন্য একোকে নোসোধা স্বত্বেও মাকৰ মুখৰ ভাষা পম্পীয়ে ঠিকেই বুজি পালে৷ প্ৰতিবাৰে সমনীয়াৰ তোলনি বিয়া খাই আহি ঘৰ পোৱাৰ পিছতে মাকৰ এই কেঁহৰাজ বৰণীয়া মুখখন আৰু উদ্বিগ্ন দৃষ্টি তাই দেখি আহিছে। সেয়াই যেন তাইক বাৰে বাৰে সোঁৱৰাই দিয়ে, তাই যে এটা বিস্ফোৰণৰ আগজাননী  লৈ আহিছে ঘৰখনলৈ৷ মাক-দেউতাকে যেন অহৰহ শুনা পাইছে সেই বোমাৰ টিকটিক শব্দ! 

কাৱেৰীৰ দৰেই আজি বা কাইলৈ পম্পীৰ শান্তি হ’ব৷ কেনেকৈ কোন সতেৰে এখন বিয়াৰ আয়োজন কৰিব মাক-দেউতাকে? সৌ সিদিনা মাথোঁ ককায়েকৰ সৈতে মাটি-সম্পত্তি লৈ দুৰ্বাদল কাজিয়া হোৱাৰ পিছত দেউতাকে ঘাইঘৰ এৰি আহিছে৷ গাঁৱৰ একোণৰ এই চাপৰিত কোনোমতে চালি এখন তৰি পৰিয়ালটোৱে মূৰ গুঁজি আছে৷  চাপৰিৰ মাটি টুকুৰা দ৷ যোৱা মাহৰ পৰা দেউতাকে ধাৰ-ধুৰ কৰি ট্ৰাকেৰে মাটি পেলোৱাই ভেঁটিটো ওখ কৰিছে৷ তাতে পকী ঘৰ এটা সাজিবলৈ বিলালৰ দোকানত শিল, বালি, চিমেন্টৰ বাকীৰ দাম দৰ কৰিছে৷ বৰ বেয়া সময় এতিয়া৷ বৰ বেয়া সময়!

উৎস

সেই নিশা টোপনিত ঢলি পৰা বাবু-মাকণৰ কাষত পম্পী নীৰৱে পৰি ৰ’ল৷ দিনটোৰ কথাবোৰে উখল মাখল লগাই থকাৰ বাবেই বহুপৰলৈ কিজানি তাইৰ টোপনি নাহিল৷ কাষৰ দ পথাৰ খনৰ পৰা ভাঁহি  অহা ভেকুলীৰ টোৰটোৰণিৰ মাজতে তাই শুনা পালে কাষৰ কোঠাৰ পৰা অহা মাক-দেউতাকৰ কথা৷ দেউতাকৰ চেপা মাতে খং আৰু বিৰক্তিখিনি লুকুৱাই ৰাখিব পৰা নাই৷

’ছোৱালী মানেই জঞ্জাল বুলি মই এনেয়ে কওঁ নেকি! এতিয়া শিল-বালিৰ চিন্তা কৰোঁ নে ছোৱালীৰ বিয়াৰ চিন্তা কৰোঁ?’

’আপুনি সেয়া চিন্তা কৰিছে৷ দং দংকৈ যে ছোৱালীজনী বাঢ়ি আহিছে- চকুত লগা হৈ আহিছে সেয়া ভাৱিছে জানো? গাভৰু ছোৱালী এজনীৰ গাত চেকা নলগাকৈ পদে পদে সাৱধানে ৰখাটোৰ কথা মই  মাকজনীয়েহে ভাৱি মৰিছোঁ৷’ মাকৰ মাতটো অসহায় কান্দোনৰ দৰে ওলাইছে যেন৷

পম্পীৰ হৃদয়খন ক’লা পৰি আহিছে৷ নিজৰ শৰীৰটোৰ প্ৰতি এক তীব্ৰ বিতৃষ্ণা আৰু ক্ষোভে তাইক ডুবাই পেলাইছে৷ অভিশপ্ত এই শৰীৰেই যেন তাইৰ প্ৰধান শত্ৰু হৈ পৰিছে৷ তাই ডাঙৰ হ’ব নোখোজে৷ ৰজস্ব:লা নাৰী হৈ মাক-দেউতাকৰ বাবে বব নোৱাৰা বোজা হ’ব নোখোজে৷ তাই ৰৈ যাব খোজে শৈশৱৰ এই মুকলি পৃথিৱীখনতে৷ বহুপৰ লৈ সিনিশা তাইৰ চকুপানীয়ে গাৰুটো তিয়াই পেলালে, নীৰৱ প্ৰতিবাদ বোৰ ঠেকা খালে কোঠাৰ চাৰিবেঁৰত। কোনেও নজনাকৈ, কোনেও নুবুজাকৈ।

বাঢ়ি অহা শৰীৰটোৱে সঁচাকৈয়ে এদিন পম্পীৰ সকলো বিদ্ৰোহ ধূলিসাৎ কৰি দিলে৷ পুৱাতে গা ধুৱা ঘৰত সোমাই তাই শিয়ঁৰি উঠিল ৰঙা সোঁত এছাটি দেখি৷ কেইটামান মুহুৰ্ত্ত ভয় আৰু আতংকত তাই যেন উশাহেই ল’বলৈ পাহৰি গ’ল৷  এয়া যে তাইৰ জীৱন স্তব্ধ হৈ পৰাৰ অশনি সংকেত৷  কি কৰিব এতিয়া? কি কৰিব? উজাই আহিব খোজা কান্দোনটো কোনোমতে সামৰি থ'লে পম্পীয়ে। বৰ অসহায়, বৰ অকলশৰীয়া যেন অনুভৱ কৰিলে তাই।

বেছ কিছুপৰ কিংকৰ্তব্যবিমুঢ় হৈ ৰোৱাৰ পিছত পম্পীৰ হৃদয়ত কেনেকৈ জানো এটা দৃঢ়তাই ভৰ কৰিলেহি৷ তাই যেন হঠাৎ বদ্ধপৰিকৰ হৈ উঠিল নিয়তিৰ এই পৰিহাস নিশ্চিন্ন কৰি দিবলৈ৷ 

তেজৰ চেকা লগা চোলাটো ঘঁহি ঘঁহি ধুই লৈ তাই গা ধোৱা ঘৰৰ মজিয়াত বাল্টিয়ে বাল্টিয়ে পানী ঢালিলে৷ শেষত গাটো ধুই উঠি লাহেকৈ দুৱাৰখন খুলি মাকনো ক’ত আছে টং কৰাৰ চেষ্টা কৰিলে৷ বাবু-মাকণৰ মাত শুনি তাই অনুমান কৰি ল’লে অন্যদিনাৰ দৰেই মাকে পাকঘৰত চাহ আৰু টিফিন কৰাত লাগি পৰিছে৷ যিমান পাৰি মাকৰ চকুত নপৰাকৈ তাই পাকঘৰৰ দুৱাৰখন সাউৎকৈ পাৰ হৈ আহিল৷ দেউতাক ইতিমধ্যে কোৰ এখন লৈ পিছচোতালৰ শাকনি বাঁৰীখনত সোমাইছে৷ সেই সুযোগতে পম্পীয়ে শোৱাকোঠাৰ আলমিৰাৰ একেবাৰে তলৰ খাপটোৰ পৰা বিচাৰি বিচাৰি মাকৰ পুৰণা কপাহী চাদৰ এখন উলিয়াই আনিলে৷ খুউব সাৱধানেৰে চাদৰখন অন্য কাপোৰৰ লগত লৈ তাই পুনৰ গা ধোৱা ঘৰত সোমালগৈ৷ এইবাৰ চাদৰখনৰ পৰা আহল বহল এটুকুৰা চিৰি লৈ তাই সেই ৰাঙলী নৈৰ বাট ভেঁটাৰ ব্যৱস্থা কৰি ল’লে৷ প্ৰতিমাহে মাকক দেখি দেখি তাই ইমানখিনিলৈ অন্তত: আয়ত্ব কৰিব পাৰিছে৷ সকলো সামৰি সুতৰি লৈ তাই দীঘলকৈ স্বস্তিৰ উশাহ এটা ল’লে৷

’পম্পী, গাখীৰ আৰু বিস্কুট ইয়াতে থৈছোঁ, খা হি আহ আকৌ৷’ 

পাকঘৰৰ পৰা মাকৰ মাত শুনি তাই আতংকিত হৈ উঠিল৷ চুচুক চামাককৈ আহি পাকঘৰৰ দুৱাৰডলিত তাই থমকি ৰ’লহি৷ কি কৰিব লৈছে তাই এয়া? তাই জানে, এই চুৱা শৰীৰেৰে পাকঘৰত সোমোৱা নিষেধ৷ প্ৰতিমাহে মাক নোৱাৰাঁ হোৱাৰ পৰা সাতদিনলৈকে দেউতাকে ৰন্ধা খিচিৰি খাই সিহঁতে দুইবেলা কটায়৷ পম্পীয়ে চম্ভালিব পৰা হোৱাৰে পৰা এতিয়া পিছে সিহঁত তিনিওটাই অন্তত: সেইকেইদিনত টিফিনত খাবলৈ ৰুটি ভাজি কৰি নিব পৰা হৈছে৷ কোনেও নাজানিলেও সামাজিক বিধিৰ সেই অলংঘ্য সীমা পাৰ কৰাৰ সাহস নহ’ল তাইৰ৷ 

সমগ্ৰ মন আৰু শৰীৰ আছ্ন্ন কৰি পেলোৱা অস্বস্তি, ভয়-শংকা সকলো চেপি ধৰি যিমান পাৰি সহজভাৱে দুৱাৰডলিৰ পৰাই পম্পীয়ে মাকক ক’লে,

’মা, আজি স্কুললৈ নাযাওঁ নেকি! মোৰ গাটোচোন বৰ বেয়া লাগিছে৷’

আলুৰ বাকলি গুচাই থকাৰ পৰা মাকে মূৰ তুলি চালে৷ তাইৰ মুখৰ অভিব্যক্তিতে মাকে সকলো বুজি পাব বুলি পম্পী ভিতৰি উচপিচাই উঠিল! 

’কি হৈছে তোৰ? মুখখন এনেকুৱা কৰিছ কিয়? জ্বৰ উঠিছে নেকি?’ মাক যেন চিন্তিত হৈ পৰিল৷ 

ধৰা পৰাৰ আতংকই পম্পীক নিমিষতে বাকৰুদ্ধ কৰি পেলালে৷ হাতখন ধুই চাদৰৰ আচলেৰে মোহাৰি লৈ মাক তাইৰ কাষলৈ আহিল। আলফুলে তাইৰ কপালত হাত খন দি চালে৷ আস! এই যেন মাকৰ লনী দেহাটো সাৱট মাৰি লৈ হুকহুকাই কান্দি পেলাব তাই, সেই প্ৰশান্তিৰ ছায়াঁৰে যেন পুৱাটোৱে আনি দিয়া কলীয়া ডাৱৰজাক আঁতৰাই পেলাব! সেই তীব্ৰ ইচ্ছাটো মনতে সামৰি মাথোঁ দাঁত-ওঁঠ কামুৰি নীৰৱে থিয় দি ৰ'ল পম্পী।

’ইয়ে, গোটেই গাটোৱে গৰমচোন৷ হ’ব নালাগে আজি যাব৷ যা, বিছনাতে অলপ পৰি থাকগৈ৷ অলপ জিৰণি ল’লে ভাল লাগিবও পাৰে৷’

মাকে জানে, পম্পীয়ে স্কুললৈ গৈ বৰ ভাল পায়৷ অনাহকত স্কুল ক্ষতি কৰাৰ কথা তাই নকয়৷ সেয়ে তেওঁ সন্দেহ কৰাৰ থল নাপালে। পম্পীয়ে গৈ শোৱাকোঠাত সিহঁতৰ বিছনাখনতে বাগৰ দিলেগৈ৷  সাত বছৰীয়া মাকণে তাইৰ গাখীৰ গিলাচৰ সৈতে বিস্কুট দুখন বিছনাৰ কাষতে থ’লেহি৷ অন্যদিনা হোৱা হ’লে তাই মৰমতে ভনীয়েকক টানি আনি ভাকুটকুটাই দিলেহেঁতেন কিজানি৷ কিন্তু আজি তাই সঁহাৰি দিবলৈকো থেৰোঁগেৰোঁ কৰিলে। জানোচা, সেই চলতে ভনীয়েকে তাইৰ কাষত এবাগৰ দিবলৈ আহে! এতিয়া যে তাই এই চুৱা শৰীৰেৰে সিহঁতক চুব নাপায়!

বৰ অসহজভাৱে বিছনাৰ একেবাৰে দাঁতিত পম্পী পৰি ৰ’ল৷  কামলৈ ওলাই যোৱাৰ পৰত দেউতাকে আহি তাইক এবাৰ চাই গ’ল৷ দেউতাকৰ হাতখনে তাইৰ কপাল স্পৰ্শ কৰাৰ মুহুৰ্ত্তত পম্পীৰ সমগ্ৰ শৰীৰ যেন জিকাৰ খাই উঠিল। দুচকু জোৰেৰে মুদি দিলে তাই৷ তাই যে কোনো পুৰুষৰ মুখ চাব নাপায়, স্পৰ্শ কৰাটো দূৰৈৰে কথা! কোনেও  নাজানিলেও এটা অপৰাধবোধে তাইক খুলি খুলি খালে৷ 

বাবু আৰু মাকণ স্কুললৈ যোৱাৰ পিছত মাকে আগচোতালত চাউল জাৰিবলৈ ল’লে৷ ঘৰ-চাপৰি চম্ভালোতে মাকৰ দিনটো আহৰিয়ে নোলায়৷ তাৰ মাজতে দুপৰীয়া অকণমান সময় তেওঁ তাঁতৰ শালতো বহে৷ আজি পিছে সেইখিনি সময়ত মাকে কাম এৰি আহি পম্পীৰ কাষত বহিলহি৷ গৰমপানী এগিলাচৰ সৈতে তাই ভালপোৱা ৰঙালাউ আগ দি হাঁহৰ কণীৰ ভজা দিলেহি৷

পম্পীয়ে কোনোমতে বিছনাত বহি খালে৷ ভিতৰি অনুশোচনাত দগ্ধ হৈ পৰিল তাই মাকৰ পৰা ইমান ডাঙৰ কথা এটা লুকুওৱাৰ বাবে৷ কিন্তু কওঁ কওঁ বুলি বহু চেষ্টা কৰিও তাই মুখ খুলিব নোৱাৰিলে৷ এতিয়া যেন বহু পলম হৈ গৈছে৷ সেই পাপৰ বাটত তাই ইতিমধ্যেই ভৰি থৈছে- এতিয়া আৰু উভতাৰ বাট নাই৷ তাই যে ইতিমধ্যে পথভ্ৰষ্টা৷ তাইৰ ভীষণ ভয় হ’ল এই পাপৰ কেনেকৈ প্ৰায়শ্চিত্ত কৰিব সেইকথা ভাৱি৷ 

সন্ধিয়া বাবু আৰু মাকণে তাইক মাতিলে প্ৰাৰ্থনা কৰিবৰ বাবে৷ সিহঁত তিনিও একেলগে থাপনা ঘৰত বহি প্ৰতি সন্ধিয়া প্ৰাৰ্থনা কৰে৷ পম্পীয়ে লগে লগে টোপনিৰ ভাও জুৰিলে৷ মাকে বিছনাৰ কাষলৈ আহি তাইক এবাৰ চাই গৈ সিহঁতক ক’লে,

’বায়েৰৰ গা ভাল নহয় অঁ৷ তহঁত দুটায়ে মিলি আজি প্ৰাৰ্থনা কৰচোন৷’

পম্পীয়ে নীৰৱে শুনি থাকিল বাবু আৰু মাকণৰ মাতত ভাঁহি অহা ’মুক্তিতো নিস্পৃহো' ৰ মন জুৰোৱা সুৰ। তাৰ লগে লগে বিছনাৰ পৰাই তাই হৃদয়ৰ সকলো আবেগেৰে নীৰৱে ভগৱানক কাকুতি কৰিলে তাইৰ এই পাপ খণ্ডাবলৈ৷

সমগ্ৰ নিশাটো বিছনাৰ দাঁতিত বাবু আৰু মাকণৰ পৰা যিমান পাৰি দূৰৈত মৰা গছ এডালৰ দৰে চিত হৈ পৰি ৰ’ল পম্পী৷ একাঁতিকৈ শুলে কেনেবাকৈ বিছনা চাদৰখন লেতেৰা হৈ পৰাৰ আশংকাত তাই তিলমাত্ৰও লৰচৰ নকৰিলে৷ চাদৰখনৰ তলত ঠিক তাই শুৱা ঠাইকণতে সংগোপনে পলিথিনৰ বেগ এটা ফালি দীঘলীয়াকৈ পাৰি ল'লে। বিছনাৰ তুলীখন অন্তত: লেতেৰা নহ'ব। পিছে খিচখিচিয়া পলিথিনৰ ওপৰত  শুৱাটো বৰ অস্বস্তিকৰ হৈ পৰিল তাইৰ বাবে। কাল নিশাটো নাযায় নুপুৱায় যেন হ'ল।

পিছদিনা পুৱাতে কোনো নুঠোতেই হাতত সাৰে ভৰিত সাৰে মাকৰ সেই কপাহী চাদৰখন লৈ পম্পীয়ে পিছচোতাললৈ দৌৰ দিলে৷ গা-ধোৱা ঘৰত সোমায়ে তাইৰ মূৰ আচন্দ্ৰাই কৰিব খুজিলে যেন৷ ইমান তেজ! তেজৰ সোঁত নহৈ যেন সেয়া এক পাৰভঙা  নদী! আঙুলীৰ ছাল ছিঙি বিৰিঙা তেজখিনিও সহিব নোৱাৰা ছোৱালী পম্পী৷ জীৱনত কেতিয়াও তাই ইমান তেজ দেখা পোৱা নাই৷  কোনোমতে কান্দোন সামৰি থৈ তাই পিন্ধি থকা কাপোৰবোৰ  তন্নতন্নকৈ চালে কৰবাত তেজৰ দাগ লাগিছে নেকি বুলি৷ নীলা ফুটুকীয়া চোলাটোৰ একাংশ তেনেই ৰাঙলী হৈ পৰা দেখি তাই আতংকিত হৈ উঠিল৷ কি হ’ব এতিয়া! মাকে বা অন্য কোনোবাই সেয়া দেখিলে অনৰ্থ হ’বচোন৷ লৰালৰিকৈ পম্পীয়ে চোলাটো সলাই লৈ থুকুচি থুকুচি ধুলে। কাপোৰ আছাৰাৰ চিটিকনিৰ লগত তাইৰ অবিৰাম চকুপানী মিলি এক হৈ গ'ল। 

এই ধৰা পৰোঁ পৰোঁ কৈও মাক-দেউতাকৰ চকুত হাতে-লোটে ধৰা নপৰাকৈ দুটা সম্পূৰ্ণ দিন পাৰ হৈ গ’ল৷ দ্বিতীয় দিনাৰ পৰা পিছে ভূতৰ ওপৰত দানহ পৰাৰ দৰে চিৰিং চিৰিং কৈ পেটৰ  বিষ এটাই পম্পীক বাৰুকৈ ভোগালে। লাহে লাহে বিষটোৱে যেন তাইৰ সমগ্ৰ দেহটোৱে কাবু কৰি পেলালে। ক্ষণে ক্ষণে উঠা বিষৰ ঢৌবোৰে তল পেটটো বাৰে বাৰে খামোচ মাৰি আনিলে। সেই বিষৰ তীব্ৰতাত  কঁকালটো ছিঙি আহিব যেন ভাব হ'ল পম্পীৰ। সিদিনা সন্ধিয়া উভতাৰ পৰত দেউতাকে ফাৰ্মাচীৰ পৰা পেটৰ বিষ আৰু জ্বৰৰ টেবলেট দুটামান লৈ আহিল৷ মাকে দিয়াত তাকে বিনা প্ৰতিবাদে পম্পীয়ে খালে। কিন্তু তাইৰ বিশ্বাস হ'ল যেন এই যন্ত্ৰণা তাইৰ প্ৰাপ্য। দুটা দিনতে তাই কিমানবোৰ অপৰাধ কৰি পেলাইছে, কিমানবোৰ বাধা নিষেধৰ লক্ষ্মণ ৰেখা দেও দি গৈছে। এতিয়া তাই ভগৱানৰ দৃষ্টিতো এলাগী। কোনো দেব-দেৱীয়ে তাইৰ অশুচি দেহ-মনৰ প্ৰাৰ্থ্না গ্ৰহণ নকৰে। 

পিছদিনা পুৱা গাখীৰ গিলাচৰ সৈতে দুখন বিস্কুট লৈ আহি মাকে পম্পীক জগালেহি। পিছে গাত ধৰি কেইবাবাৰো মাত দিয়াতো তাই সাৰ নাপালে। মাকে উদ্বিগ্ন হৈ কপালখন চুই চালে। আগ্নেয়গিৰি হেন হৈ যেন ভকভকাব লাগিছে তাইৰ সমস্ত শৰীৰ! 

'হেৰি, এইফালে চাওকহিচোন। পম্পীৰ চোন সাৰ-সিকতি নাই।' মাকৰ আতংকিত চিঞৰটো শুনি শাকনিবাৰীৰ পৰা দেউতাক ঢপলিয়াই আহিল।

'পম্পী, চাওঁ মাত এষাৰ দেচোন মাজনী। কি হৈছে তোৰ? কিয় এনেকুৱাখন কৰিছ?' মাকে প্ৰায় কান্দিবলৈ আৰম্ভ কৰিছে তেতিয়ালৈ।

দেউতাক হতভম্ভ হৈ পৰিব খুজিলে। কিন্তু একমুহুৰ্ত্তৰ পিছত তেওঁ লৰালৰিকৈ তাইৰ  হাত আৰু ডিঙি  পৰীক্ষা কৰিলে।

'উশাহ লৈ আছে, উশাহ লৈ আছে তাই!!'

মাকে বিহ্বল দুচকুৰে দেউতাকলৈ চালে। বাবু আৰু মাকণ ইতিমধ্যে কোঠাৰ এচুকত তাপ মাৰি ৰৈছে। 

দেউতাক প্ৰায় দৌৰি যোৱাদি গ'ল চাপৰিৰ ইটো  মূৰত থকা নৱৰ ঘৰলৈ। ভাগ্যে নৱই তাৰ অট'ৰিক্সাখন লৈ টাউনলৈ তেতিয়াও ওলাই যোৱা নাই। 

দুয়ো কেইমিনিটমানৰ ভিতৰতে আহি পাই উথপথপকৈ পম্পীৰ চেতনাহীন শৰীৰটো  বিছনাৰ পৰা দাংকোলাকৈ ধৰিলেহি। তাইক তুলি আনোতেহে তেজেৰে ৰাঙলী হৈ পৰা বিছনাখনলৈ চকু গ'ল মাক দেউতাকৰ। দুয়োৰে একেসময়তে।সেই এচপৰা ৰঙা ৰঙে যেন পলকতে শুহি লৈ গ'ল দুয়োৰে মুখৰ সকলো ৰং। দুয়ো সেই মুহুৰ্ত্তত হৈ পৰিল বিবৰ্ণ আৰু বিধস্ত দুটা প্ৰস্তৰ মূৰ্ত্তি।