Monday 28 February 2022

বৰশিমলুৰ ভূত (চুটিগল্প)

নীৰুয়ে আকৌ টোপনিতে বিৰবিৰাব লাগিছে৷ সেই শব্দত সাৰ পাই কোঠাৰ সিমূৰৰ বিছনাখনত খৰমৰাই উঠিল পূৰ্ণিমা৷ মূৰ শিতানতে থকা ফোনটো টানি লৈ তাই চালে৷ নিশা দুই বাজি গৈছে৷ ইতিমধ্যে নীৰুৰ অস্পষ্ট বিৰবিৰনিবোৰ ক্ৰমাৎ ডাঙৰ হৈ আহিছে৷ তাইক জগাই নিদিলে সিনিশাৰ দৰে আকৌ বিকট চিঞৰ মাৰি উঠিব নেকি! কথাটো মনলৈ অহাত খপজপকৈ পূৰ্ণিমা উঠি আহিল৷

নীৰু.....নীৰু!’ আঁঠুৱাখন দাঙি লৈ নীৰুৰ কান্ধত ধৰি তাই লাহেকৈ জোকাৰি দিলে৷

নীৰুৰ অবিন্যস্ত চুটি চুলিৰে ঢাক খাই থকা কপালখনত বিন্দু বিন্দু ঘাম৷ সমগ্ৰ শৰীৰত কঁপনি৷ যেন তাই দৌৰিব খুজিছে, কিহবাৰ পৰা পলাব খুজিছে৷ কিন্তু সৰ্ব শৰীৰৰ এটি অংগও লৰচৰ কৰিব পৰা নাই৷ সকলোবোৰ যেন কিবা এক অদৃশ্য শক্তিৰ প্ৰভাৱত স্থানু হৈ ৰৈছে৷ অসহায় হৈ কাতৰ আস্ফালন কৰি উঠিছে নীৰুয়ে৷

তাইৰ অৱস্থাটো দেখি কিছু বিতত হৈ পূৰ্ণিমাই এইবাৰ তাইক দুবাহুত খামুচি ধৰি জোৰেৰে জোকাৰি দিলে৷

’নীৰু!!’

মুহুৰ্ত্ততে সেই কঁপনি আৰু অসহায় বিৰবিৰনি থমকি ৰ’ল৷ নীৰুয়ে লাহেকৈ দুচকু মেলি চালে৷ তাইৰ দুচকুত এতিয়াও কিবা এক অজান যুঁজৰ ক্লান্তি, অসহায় আবেগৰ ছাঁয়া৷ 

’সপোন দেখিছিলি তই?’ পূৰ্ণিমাই কোমল মাতেৰে ল’লে৷

’হু অঁ! তোক টোপনিৰ পৰা জগালো নেকি আকৌ? বেয়া নাপাবি দেই৷ নাজানো কিয় যে ইমানকৈ বেয়া সপোনবোৰ দেখোঁ৷’ নীৰুয়ে দোষী দোষী ভাৱ এটাৰে ক’লে৷

’বেয়া পোৱা নাই দে৷ কিনো দেখিছিলি সপোনত?’

’সদায় দেখাৰ দৰেই সেই একেই’ , নীৰুৰ প্ৰায় নিৰুদ্বেগ উত্তৰ, ’বৰশিমলুৰ ভূতৰ সপোন!’ 

’বৰশিমলুৰ ভূত?’ পূৰ্ণিমা আচৰিত হ’ল৷ 

’পিছত ক’ম দে৷ এতিয়া দুঘন্টামান টোপনি মাৰি নল’লে ৰাতিপুৱাৰ ক্লাছত মনেই নবহিব৷ শুই লগৈ যা৷’ 

নীৰুৰ কথাত হয়ভৰ দি পূৰ্ণিমা নিজৰ বিছনালৈ উঠি গ’ল যদিও তাইৰ মনত হাজাৰটা প্ৰশ্ন ৰৈ গ’ল৷ এই হোষ্টেলত নীৰুৰ সৈতে তাই একেটা কোঠাতে থকা প্ৰায় দুমাহমানহে হৈছে৷ এই দুটা মাহতে নীৰুৰ সপোন, টোপনিতে যুঁজ-বাগৰ আদিৰে সৈতে তাই প্ৰায় অভ্যস্ত হৈ পৰিছে৷ পিছে এতিয়াও সেই বৰশিমলুৰ ভূতৰ একো শুংসূত্ৰ পোৱা নাই পূৰ্ণিমাই৷

পুৱা অন্যদিনাতকৈ পলমকৈ পূৰ্ণিমাৰ টোপনি ভাগিল৷ সাৰ পাই দেখে, নীৰু ওলাই গ’লেই৷ তাইৰ কুংফুৰ ক্লাছলৈ কিজানি! যিমান যি হ’লেও নীৰুয়ে সেই ক্লাছ ক্ষতি নকৰে, তাই জানে৷ প্ৰথম লগ পোৱাৰ দিনাই নীৰুয়ে কৈছিল, 

’মোৰ বৰ হেঁপাহ ব্লেক বেল্ট ল’বলৈ৷ সকলোৱে গাওঁ এৰি মহানগৰলৈ পঢ়িবলৈ, কেৰিয়াৰ গঢ়িবলৈ আহে৷ মোৰ পিছে অহাৰ মূল কাৰণ আছিল কুংফু শিকা৷’

দিনটোৰ ব্যস্ততাৰ শেষত সেইদিনা আৰু সিহঁতৰ বৰশিমলুৰ ভূতৰ কথা পতা নহ’ল৷ কিন্তু তাৰ দুদিন পিছতেই নিশা পুনৰ নীৰুৰ চিঞৰত পূৰ্ণিমা সাৰ পাই গ’ল ৷ বিছনাৰ পৰা মূৰ তুলি দেখিলে কিবা এক অজান আতংকত থৰ্ থৰ্ কৈ কঁপিছে নীৰু৷

পূৰ্ণিমাই জোৰ কৰি জগাই দিলে তাইক৷

’নীৰু! নীৰু!! কি হৈছে! একো ভয় নকৰিবিচোন৷ সেয়া সপোনহে দেখিছ তই!’ 

নীৰুয়ে সাৰ পালে৷ কিছুপৰ অসহায় যেন হৈ বিছনাতে পৰি থাকি তাই উঠি আহিল৷ নীৰৱে আহি চকী এখনত বহি লৈ আঁঠুত মুখ গুঁজি ৰ’ল৷ কিছুপৰৰ পিছত বিছনাত বহি তাইলৈ কিছু চিন্তিতভাৱে চাই থকা পূৰ্ণিমাক ক’লে,

’তই শুই থাক পূৰ্ণিমা৷ মোৰ টোপনি ভাগিল৷’

পূৰ্ণিমাই শুৱাৰ চেষ্টা কৰিলে৷ কিন্তু তাইৰো টোপনি নধৰা হ’ল৷ কিছুপৰ নিষ্ফল চেষ্টা কৰি থাকি এটা সময়ত এনেয়ে আঁঠুৱাৰ মাজেৰে জুপি চালে৷ নীৰু তেতিয়াও চকীখনতে জুপুকা লাগি ৰৈছে৷ টোপনিত কলমটিয়াই থাকিও চকুৰ পতা জাপ খাবলৈ নিদিয়াৰ চেষ্টাত যেন লাগি আছে৷ তাই বুজিলে, নীৰুৰ হয়তো ভয় হৈছে, টোপনি গ’লেই যদি বৰশিমলুৰ ভূতটোৱে ধৰেহি!

উঠি আহি নীৰুৰ কাষতে বহিলহি তাই৷ নীৰুৰ সৰু সৰু চকু দুটাত তেতিয়াও অসহায় আতংক৷ পূৰ্ণিমাই আশ্বাস দি ক’লে,

’পাৰ যদি ক’চোন সপোনত কি দেখিলি৷ ক’লে কিজানি মনটো পাতলেই তোৰ৷’

নীৰু কিছুপৰ নীৰৱে ৰ’ল৷ তাৰ পিছত লাহে লাহে কিন্তু কিছু কষ্টেৰে যেন ক’বলৈ চেষ্টা কৰিলে৷

’সপোনটো অন্য দিনাৰ দৰেই আৰম্ভ হৈছিল৷ ফৰিংফুটা জোনাক৷ জোনাকৰ পোহৰত জিলিকি উঠিছে আমাৰ গাঁৱৰ বৰশিমলুজোপা৷ বতাহত শিমলুৰ ডালবোৰ কঁপি আছে, ৰঙা ফুলৰ পাহিবোৰ যেনি তেনি উৰি ফুৰিছে৷’

’সঁচাকৈয়ে তহঁতৰ গাঁৱত আছে গছজোপা?’

’অঁ, গাঁৱৰ ঘৰবোৰ শেষ হৈ যিখিনিত শাৰী শাৰী পথাৰ আৰম্ভ হৈছে তাতে বাটৰ একোণত আছে এই বৰশিমলুজোপা৷ শিমলুজোপাৰ বয়স কোনেও নাজানে৷ গাঁৱৰ মানুহে ককা-আজোককাৰ দিনৰে পৰা সেই গছজোপা দেখি আহিছে হেনো৷ কোনেও সেইগছত হাত দিয়াৰ সাহস নকৰে৷ সেই শিমলুজোপা দেওলগা!’

নিজৰ অজানিতে নীৰু শিয়ঁৰি উঠিল যেন৷ পূৰ্ণিমাই তাইৰ হাতখন জোৰেৰে খামোচ মাৰি ধৰি থাকিল কিছুপৰ৷ 

’মানুহে কয়, বৰশিমলুৰ ভূতে ইয়াৰ আশে পাশে কাকো সহ্য নকৰে৷ সেই বৰশিমলুৰ পোনে পোনে বাটৰ দুয়োকাষে কোনেও ঘৰ নাসাজে, খেতি নকৰে৷ যিয়ে আগতে চেষ্টা কৰিছে, তাৰ জীৱনলৈ কাল নামি আহিছে৷’

পূৰ্ণিমাৰ দুচকুত অপাৰ কৌতুহল, কিন্তু তাৰ মাজতো অবিশ্বাসৰ ছিটিকনিখিনি নীৰুয়ে ঠিকেই দেখিলে৷ তাইলৈ মূৰ তুলি চাই নীৰুয়ে ক’লে,

’মই জানো, তই ভূত বিশ্বাস নকৰ পূৰ্ণিমা৷ কিন্তু এই বৰশিমলুজোপাৰ তলতে মই সৰু থাকোঁতে কুমুদ মহাজনৰ মানুহজনীয়ে ট্ৰাক এখনৰ সন্মুখত জাঁপ দিছিল৷ তেতিয়াৰ পৰাই শিমলুজোপাৰ আশে পাশে কত ঘটনা ঘটি গৈছে যাৰ কোনো ব্যাখ্যা নাই৷ এই বৰশিমলুজোপাৰ ডালবোৰেই ৰাতিৰ পিছত ৰাতি মোক মেৰিয়াই ধৰেহি৷ মোৰ...মোৰ গোটেই গাটো চাৰিওফালৰ পৰা চেপি আনে৷ উশাহ বন্ধ হৈ যাব খোজে৷ ৰাতিবোৰলৈ, সেই সপোনবোৰলৈ মোৰ বৰ ভয় হয় পূৰ্ণিমা!’

পূৰ্ণিমাই এইবাৰ একো নকৈ সহানুভূতিৰে নীৰুক আলফুলে আকোঁৱালি ধৰি থাকিল৷ তাই বৰশিমলুৰ ভূতৰ পম খেদাৰো যেন প্ৰয়োজনবোধ নকৰিলে৷ কাৰণ সেয়া সঁচা হওক বা নহওক নীৰুৰ শৰীৰৰ কঁপনি আৰু কাতৰ আবেগখিনিৰ সততা তাই যেন মৰ্মে মৰ্মে উপলব্ধি কৰিলে৷ 

কলেজৰ ক্লাছ আৰু কামৰ ব্যস্ততাৰ মাজেৰেই পূৰ্ণিমা আৰু নীৰুৰ গতানুগতিক জীৱন আগবাঢ়ি গৈ থাকিল৷ নিশাবোৰ সহজ কৰিবলৈকে নীৰুয়ে ৰাতিপুৱাৰ সলনি সন্ধিয়ালৈ কুংফুৰ ক্লাছ কৰিবলৈ ল’লে৷

’কুংফু ক্লাছৰ জোৰদাৰ লৰা-ঢপৰাবোৰৰ পিছত একেবাৰে অৱশ হৈ বিছনালৈ গ’লে চিন্তা-ভয়বোৰে বৰ পাত্তা নাপাই বুজিছ!’ পূৰ্ণিমাক তাই সন্তুষ্টিৰ হাঁহি এটাৰে ক’লে৷

সেই উপায়টোয়ে সঁচাই যেন কিছু কাম দিলে৷ তথাপিও মাজে সময়ে ভিন্ন ৰূপত বৰশিমলুৰ ভূতে নীৰুৰ সপোনত ভুমুকি মাৰি থাকিল৷ কিন্তু আগৰদৰে সেই দুস্বপ্নৰ আতংক মনতে সামৰি নাৰাখি নীৰুয়ে পূৰ্ণিমাক উপযাচিয়ে সপোনৰ কাহিনীবোৰ ক’বলৈ ল’লে৷ যেন কৈ কৈ তাই বুকুখন পাতলাব খুজিলে৷ যেন শব্দৰ সেই প্ৰকাশতে বৰশিমলুৰ ভূতৰ সৈতে তাই যুঁজাৰ কিছু সাহস পালে৷ কাকো ক’ব নোৱাৰা কথাবোৰে যে প্ৰায়ে লাহে লাহে শিপা মেলি হৃদয় ছাটি ধৰে৷ নুফুটা শব্দৰ হাহাঁকাৰে এনেকুৱাকৈ জপটিয়াই ধৰে যে ৰ’দ এচেৰেঙা সোমাবলৈ নিদিয়াকৈ হৃদয়খন আন্ধাৰ কৰি আনে৷ 

পূৰ্ণিমাই সেয়া বুজে৷ বুজে বাবেই মন দি শুনে নীৰুৰ সপোনৰ কাহিনী৷ সপোনটো প্ৰায়ে একেই যদিও সপোনত প্ৰায়ে নতুন অংশ একোটা যোগ হয়৷ যেন দিনৰ পিছত দিন ক্ৰমাৎ সপোনৰ অংশবোৰ অলপ অলপকৈ জোৰা লাগে৷ ইটোৰ পিছত সিটো অংশ জোৰা লাগি লাগি এটা আধৰুৱা সাঁথৰ সম্পূৰ্ণ হ’বলৈ ধৰে৷

’সেই একেই জোনাক নিশা৷ কাষৰ ধাননি পথাৰৰ পৰা অহা পকা ধানৰ ফুৰফুৰীয়া গোন্ধ এটা মোৰ নাকত লাগে৷ কাণত পৰেহি পথাৰৰ সিপাৰে হাবিডৰাত শিয়ালৰ হোৱা৷ লগতে শুনা পাওঁ সেই ৰাগৰ সৈতে এক হৈ পৰা কঁহাৰ শালৰ অহৰহ টুং-টাং শব্দবোৰ!’ নীৰুয়ে প্ৰায় একাত্ম হৈ কৈ যায়৷

’কঁহাৰ শাল?’

’অঁ৷ তোক কোৱা নাই কিজানি৷ শিমলুজোপাৰ কাষত এখন কঁহাৰ শাল৷ শালৰ মানুহকেইজনে পুৱাৰ পৰা সন্ধিয়ালৈ একেৰাহে তাতে কাম কৰে৷ আৰু নিশা বৰশিমলুৰ ভূতলৈ পূজা দি বহুপৰলৈকে নাম জপে৷ গাঁৱৰ মানুহে কয়, মাত্ৰ সেই আপাহতে বৰশিমলুৰ তলতে থকা স্বত্বেও শালখনৰ আজিলৈকে একো অপকাৰ হোৱা নাই!’

’বৰশিমলুৰ আশে পাশে অন্য একো নাই?’ পূৰ্ণিমাৰ কৌতুহলটো যেন পুনৰ সাৰ পাই উঠে৷

’উহো, বৰশিমলুৰ কাষৰ মাটিত কোনোবাই ঘৰ দুৱাৰ সাজিবলৈ বা খেতি কৰিবলৈ চেষ্টা কৰিলেও কেনেবাকৈ সেয়া হৈ নুঠেগৈ৷ কিবা নহয় কিবা দুৰ্ঘটনাৰ ৰূপত সেই মানুহবোৰৰ জীৱনলৈ কাল নামি আহে৷’

নীৰু ক্ষন্তেক ৰ’ল৷ তাইৰ মুখত পূৰ্ণিমাই দেখা পালে কিবা এটা অবুজ হাঁহাকাৰৰ ৰেঙনি৷ জানিও নজনা, দেখিও নেদেখা যেন এক অস্থিৰতাৰ উকমুকনি৷ তথাপিও যথেষ্ট কষ্টেৰে হ’লেও তাই কৈ গ’ল,

’কঁহাৰ শালখন আৰু শিমলুজোপা পাৰ হৈয়ে অলপ আঁতৰত এটা সৰু পকী ঘৰ আছে৷ সকলোৱে সেইটোক পোৰা ঘৰ বুলিয়ে জানে৷ চহৰৰ কোনোবা এজন ঘোচখোৰ ঠিকাদাৰে হেনো তাতে মাটিডোখৰ কিনি ঘৰটো সজাইছিল৷ ঘৰটো সম্পূৰ্ণকৈ সাজি নহওঁতেই এৰাতি ঘৰটোত জুই লাগিল৷ কোনেও ক’ব নোৱাৰিলে সেই আধাসজা ঘৰটোত কেনেকৈ জুই লাগিবলৈ পালে৷ ’

নীৰুয়ে বৰ কষ্টেৰে এটা হুমুনিয়াহ কাঢ়িলে৷ তাইৰ যেন ভিতৰি কিবা এটা তীব্ৰ হাহাকাৰৰ উখলমাখল! 

উৎস

নীৰুৰ অস্থিৰতাখিনি পূৰ্ণিমাৰ বাবে কুঁহেলিকা হৈ ৰ’ল৷ পিছে তাই কৌতুহল সম্বৰণ কৰি নীৰৱে ৰ’ল৷ বেছ কিছুপৰ নীৰু মৌন হৈ ৰোৱা দেখি কথা সলাবলৈকে পূৰ্ণিমা উঠিল৷ 

’চাহ একাপ খাবি নেকি?’ তাই লাহেকৈ সুধিলে৷ ’পাকঘৰত মণিমালাই সান্ধিয়াৰ চাহ সাজু কৰিছেই কিজানি৷’ 

’মোৰ গাটো অলপ বেয়া লাগিছে অঁ৷ কালি টোপনি ঠিক নোহোৱাৰ কাৰণেই চাগৈ৷ আজি চাহ তই অকলেই খাগৈ পূৰ্ণিমা৷ কাষৰ ৰুমৰ অঞ্জলীহঁত থাকিব কিজানি৷’ 

বৰ অনিচ্ছাৰে কথা কেইষাৰ কৈ নীৰুয়ে চিধাই বিছনাত বাগৰ দিলেগৈ৷

অগ্যতা পূৰ্ণিমা ওলাই গ’ল৷ হোষ্টেলৰ পাকঘৰত অঞ্জলীহঁতৰ সৈতে কিছুপৰ আড্ডা দি মেলি পূৰ্ণিমা নিজৰ কোঠা পাইহি মানে সন্ধিয়া লাগি ভাগিছে৷ নীৰুক তেতিয়া কিছু সুস্থিৰ দেখা গৈছে৷ পূৰ্ণিমাই তাইলৈ লৈ অহা চাহ-বিস্কুট খাই খাই তাই আনখন হাতেৰে ফোনটো তুলি ল’লে৷ কিছুপৰৰ পিছতে ফোনৰ সিপাৰে মাকৰ মাত ভাঁহি আহিল৷

’ভালে আছনে নীৰু? এই সন্ধিয়াখন পঢ়িবলৈ নলৈ ফোন কৰিলি যে?

মাকৰ প্ৰশ্ন প্ৰায় আওকান কৰি নীৰুয়ে পোনেই সুধিলে, ’মা, বৰশিমলুৰ তলৰ কঁহাৰ শালখন এতিয়াও আছেনে?’

কিছুপৰ ফোনৰ সিপাৰে অসহজ নীৰৱতা৷ তাৰপিছত মাকৰ উদ্বিগ্নতা ভৰা মাত,

’মাজনী,  আকৌ বৰশিমলুৰ ভূতে তোক অশান্তি কৰিছে নেকি? ঘৰলৈ আহি যা এবাৰ৷ তই ঘৰলৈ নহা আজি দেৰবছৰ হ’বৰ হ’ল৷ মইদুল বেজে ভালকৈ জাৰি দিয়া তেল এটোপা তোৰ মূৰত পিহি দিলেই সেইবোৰ নোহোৱা হ’ব৷ আৰু..’

মাকক কথাৰ মাজতে ৰখাই কিছু বিৰক্তিৰে নীৰুয়ে কৈ উঠিল,

’মই ঠিকে আছোঁ মা৷ মইদুল বেজে বহুত জাৰিলে-সেইবোৰে কিমান কাম কৰে দেখিলিয়েই চোন!’

’তথাপিও এবাৰ..’

’মই পঢ়িবগৈ লাগে মা৷ পিছত কথা পাতিম৷’ কৈয়ে নীৰুয়ে ফোনটো কাটি দিলে৷

কোঠাৰ ইটো মূৰত মুখামুখিকৈ থকা টেবুলখনত কিতাপৰ পৰা মূৰ তুলি চাই থকা পূৰ্ণিমাৰ চকুৱে চকুৱে পৰিল নীৰুৰ৷ একো মাত নামাতি খপজপকৈ পূৰ্ণিমাই পুনৰ নোটবুকত লিখাত লাগিল৷ তাইৰ দৃষ্টিৰ পৰা আঁৰ হ’বলৈকে যেন নীৰুয়ে সেইনিশা এপৰলৈকে কিতাপত মূৰ গুঁজি ৰ’ল৷ কিন্তু ভিতৰি এক বিদ্ৰোহ আৰু নিৰাশাই চেপি ধৰিলে তাইক৷ নাই, নাযায় তাই ঘৰলৈ৷ এই হোষ্টেলৰ চাৰিবেৰৰ মাজতে বহুত নিৰাপদ তাই৷ বহু সুখী৷ 

পিছদিনাৰ পৰা নীৰুয়ে ইটোৰ পিছত সিটোকৈ নতুন নতুন উপায় উলিয়াবলৈ আৰম্ভ কৰিলে৷ দুস্বপ্নৰ পৃথিৱীখনৰ পৰা, বৰশিমলুৰ বন্ধনৰ পৰা নিজকে ৰক্ষা কৰাৰ বাবে৷ পূৰ্ণিমা হৈ ৰ’ল সেই সকলো নিৰন্তৰ প্ৰচেষ্টাৰ একমাত্ৰ সাক্ষী৷ লাহে লাহে নীৰুৰ সেই ঐকান্তিক চেষ্টাৰ জোৰতে যেন সপোনবোৰৰ  তীব্ৰতা আৰু সঘন আমনি আগতকৈ কমি আহিল৷ কলেজৰ ক্লাছ, চিটিবাছৰ অহা-যোৱা আৰু হোষ্টেলৰ হাঁহি-কান্দোনৰ মাজেৰে গভীৰ হৈ আহিল পূৰ্ণিমা আৰু নীৰুৰ আন্তৰিক বান্ধোন৷ 

হোষ্টেলৰ সেই গতানুগতিক জীৱনৰ মাজত ডুবি থাকি দুয়ো বৰশিমলুৰ ভূতৰ সপোনবোৰ প্ৰায় পাহৰি যোৱাৰ উপক্ৰম হওঁতেই এদিন কলেজৰ পৰা উভতি আহি হোষ্টেলৰ কোঠাত সোমাই পূৰ্ণিমা উচপ খাই উঠিল৷

নীৰু কোঠাৰ মজিয়াত লেপেটা কাঢ়ি বহি আছে৷ তাইৰ উখহি উঠা দুচকুত এক শূন্য দৃষ্টি৷ নাক-মুখ ৰঙা হৈ পৰিছে৷ অবিন্যস্ত চুলি-কাপোৰ একোলৈকে যেন তাইৰ খেয়াল নাই৷ যেন অলপ আগতে তাইৰ মাজেৰে এজাক বলিয়া ধুমুহা পাৰ হৈ গৈছে৷ যেন সেই ধুমুহাত তাই খোপনি হেৰুৱাই পেলাইছে৷ এডাল ঠেৰু হেৰুওৱা লতাৰ দৰে তাই বিছনাতে আঁউজি মূৰটো পেলাই থৈছে৷ 

পূৰ্ণিমা শংকিত হৈ উঠিল৷ কলেজৰ বেগটো কোঠাৰ একাষে পেলাই তাই প্ৰায় দৌৰি অহাদি আহি নীৰুৰ কাষ পালেহি৷

’নীৰু, কি হ’ল তোৰ? গা বেয়া নেকি? নে কালি ৰাতি আকৌ সপোন দেখিলি? ৰাতিপুৱাচোন ঠিকেই দেখিছিলো তোক!’

তাইৰ উপৰা-উপৰি প্ৰশ্নৰ উত্তৰ দিবলৈকো যেন নীৰুৰ শক্তিৰ অভাৱ৷ এনে এটা দৃষ্টিৰে তাই পূৰ্ণিমালৈ চালে৷ তাইৰ কাষতে মজিয়াত পূৰ্ণিমা বহি পৰিল৷ নীৰুৰ কপালত হাতখন থৈ চালে৷ এক ভকভকীয়া উত্তাপত বিদ্ধ নীৰুৰ সমগ্ৰ শৰীৰ!

কি হৈছে নীৰুজনীৰ! পূৰ্ণিমাই পুনৰ কিবা সুধিবলৈ পোৱাৰ আগতেই নীৰুয়ে হুকহুকাই কান্দি পেলালে৷ পূৰ্ণিমা আচৰিত হ’ল৷ অতদিনে তাই নীৰুৰ দুচকুত মাথোঁ দেখি আহিছে ভয় আৰু আশংকাৰ এজাৰবুলীয়া ৰং৷ কিন্তু আজি যে নীৰুৰ দুচকুৱেদি বৈ আহিছে এটা সাতোৰঙী অনুভৱৰ নিজৰা৷ যেন হৃদয়ত বহুদিন ধৰি গোট মাৰি ৰোৱা অলেখ অপাৰ যন্ত্ৰণা, খং-ক্ষোভ আৰু হতাশাৰ বন্যা৷

’আজি মই বৰশিমলুৰ ভূতটো বিচাৰি পালো পূৰ্ণিমা!’ চকুপানীখিনি মোহাৰি লৈ নীৰুয়ে কৈ উঠিল৷ বৰ শান্ত কিন্তু কৰুণ তাইৰ কন্ঠস্বৰ৷

’কি? কি কৈছ তই এইবোৰ? মই একোকে বুজিব পৰা নাই!’

তাই একো নকৈ সিদিনাৰ বাতৰি কাকতখন পূৰ্ণিমালৈ আগবঢ়াই দিলে৷ চকুৰে ইংগিত কৰি দেখুৱালে প্ৰথম পৃষ্ঠাৰ বাতৰি এটালৈ৷

’বাছ দুৰ্ঘটনাত দুজনৰ মৃত্যু’

পূৰ্ণিমাই বাতৰটো পঢ়ি গ’ল৷ আমবাৰীৰ পৰা যোৰহাটলৈ যোৱা বাছখনৰ ট্ৰাকৰ সৈতে আগনিশা মুখামুখি সংঘৰ্ষ৷ বহু যাত্ৰী আহত হৈছে৷ তাৰে দুগৰাকীৰ হস্পিটেলত মৃত্যু৷ এজন হ’ল ড্ৰাইভাৰ তীৰ্থ দত্ত আৰু আনজন কণ্ডাক্টৰ যতীন হাজৰিকা৷

বাতৰিটো পঢ়ি একো নুবুজাৰ দৰে পূৰ্ণিমাই নীৰুলৈ মূৰ তুলি চালে৷ 

’তোৰ চিনাকি কোনোবা নেকি নীৰু?’ তাই লাহেকৈ কিন্তু ভয়ে ভয়ে সুধিলে৷

’মই কোৱা নাছিলো তোক৷ আচলতে কাকোৱে ক’ব পৰা নাই আজিলৈকে পূৰ্ণিমা! নিজকো৷ নিজৰ পৰাই অতদিনে পলাই ফুৰিছিলো কিজানি৷ কিন্তু আজি সকলো চকুৰ আগত ফটফটীয়াকৈ যেন জিলিকি উঠিল!’

নীৰুৰ মাতটো প্ৰায় কান্দোনৰ দৰে ওলাল৷

’বৰশিমলুৰ তললৈ এদিন সন্ধিয়া মই ফুৰিবলৈ গৈছিলো৷ এই যতীন হাজৰিকাৰ লগত৷ মোৰ দুৰসম্পৰ্কীয় যতীন খুড়াৰ লগত৷’

পূৰ্ণিমাৰ বাবে তেতিয়ালৈ বৰ ৰহস্যঘন হৈ পৰিছে সেই বৰশিমলুৰ তলখন৷ কিন্তু এই মুহুৰ্ত্তত সেই সাঁথৰৰ সন্ধি ভঙাৰ সলনি তাইৰ তীব্ৰ ইচ্ছা হ’ল বৰশিমলুৰ ভূতৰ অশৰীৰী ৰূপটো স্বীকাৰ কৰি ল’বলৈহে৷ নীৰুৰ ভয়টোৱে যেন অজানিতে আহি তাইকো মেৰিয়াই ধৰিলেহি৷ কেতিয়াবা যেন সপোন আৰু বাস্তৱৰ মাজৰ বন্ধ দুৱাৰ কিছুমান কেতিয়াও নোখোলাটোৱে নিৰাপদ৷ কিন্তু তেতিয়ালৈ বহু পলম হৈ গৈছে৷ তেতিয়ালৈ সেই অভিশপ্ত দুৱাৰখন খোল খাই গৈছে৷

পূৰ্ণিমাৰ দুচকুৰ সন্মুখৰ পৰা উনৈশ বছৰীয়া নীৰু হেৰাই গৈছে৷ তাৰ ঠাইত থিয় দিছেহি এজনী সাতবছৰীয়া কণমানি ছোৱালী৷ তাইৰ পিন্ধনত নীলা ফুটুকীয়া এটা ফ্ৰিল দিয়া চোলা৷ কিন্তু সেই একেই অবিন্যস্ত চুলি, সৰু সৰু দুটি চকু৷

জোনৰ পোহৰত গাঁৱৰ বাটটো লিৰলিৰিয়া সাপ এডাল হেন হৈ জিলিকিছে৷ জোনাকী পৰুৱাবোৰ বাটৰ দুয়োকাষে মুকুতা হৈ ফুলিছে৷ সৌৱা যতীন খুড়াই ছোৱালীজনীৰ হাতত ধৰি হাঁহি হাঁহি কৈছে,

’ব’ল নীৰু, অলপ ফুৰি আহোঁ৷’

নীৰুয়ে উলাহতে জাপ মাৰি উঠিছে৷ যতীন খুড়াৰ লগত যোৱা মানেইতো এটা নতুন অভিযান৷ সেই খুড়াই তাইক ভাতৰ আঠা দি, বাঁহৰ কামি আৰু ৰঙীন কাগজেৰে চিলা সাজি দিয়ে৷ বিৰিণাৰ আগেৰে পেঁপা বজাবলৈ শিকায়৷ কত কিমান ধেমালিৰ লগৰীয়া এই যতীন খুড়া! 

এটা নতুন খেলাৰ উত্তেজনা লৈ নীৰু আগবাঢ়িছে যতীন খুড়াৰ লগত৷ খুড়াৰ কিবা খুহুতীয়া কথাত তাই খিলখিলাই হাঁহিছে৷ মাজে মাজে খুড়াই তাইৰ হাতখনত টান মাৰি কাষ চপাই আনিছে৷ খোজেৰে গৈ থকাৰ মাজতে হাউলি তাইৰ গালখনত চুমা একোটা খাইছে৷ 

নীৰুৰ কণমান হৃদয়খন মৰমৰ পৰশত দুবেগেত হেন হৈ পৰিছে৷ লাহে লাহে সিহঁত গাঁৱৰ বাটটোৰ এমূৰত বৰশিমলুৰ কাষ চাপিছেগৈ৷ বৰশিমলুৰ তলখন দেখি হঠাতে এটা দুৰু দুৰু ভয়ে তাইক আৱৰি পেলাব খুজিছে৷ দেওলগা বৰশিমলুৰ কাষৰ পৰা পলোৱাৰ বাট বিচাৰিছে তাই৷

’খুড়া, সৌৱা বৰশিমলুৰ ছাঁটোৱে গুৰিৰ পৰা বাটটো কাটি থৈছে৷ পেহীহঁতে কৈছে সেই ছাঁ পাৰ হৈ যাব নাপায়৷ গ’লেই হেনো অনৰ্থ হয়৷ উভতি যাওঁ বলক৷’

’হেই! তই ইমান সাহসী ছোৱালীজনীয়ে সেইবোৰ কৱনে নীৰু! গছৰ ছাঁ বাটত নপৰি ক’ত পৰিব! চাচোন চা, জোনৰ পোহৰত বাকীবোৰ গছৰ ছাঁও কেনেকৈ বাটটোতে পৰিছেহি৷’

খুড়াই আঙুলীয়াই দিয়াৰ ফাললৈ নীৰুৱে চালে৷ সেয়া বাটৰ সোমাঁজতে কেইবাটাও ছাঁ, কাষৰ ৰবাব টেঙাজোপাৰ, ওখ তামোলজোপাৰ, ফ্ৰিল দিয়া চোলাটোৰে তাইৰ আৰু কাষত যতীন খুড়াৰ ছাঁ!

তাইৰ চকুৰ সন্মুখতে এইবাৰ যতীন খুড়াৰ ছাঁটোৰ লেং পেং ঠেংদুখনে এটা দীঘল জাঁপ মাৰিলে৷ লগে লগে লৰচৰ কৰি উঠিল হাত দুখনো৷  ছাঁটোৰ অদ্ভুত অংগী ভংগীবোৰ দেখি হাঁহি পেলালে নীৰুয়ে৷

হাঁহি হাঁহিয়ে দীঘল দীঘল খোজেৰে দুয়োটা ছাঁই বৰশিমলুৰ ছাঁটো দেও দি গ’ল!

’ব’ল, সেই ঘৰটোত কি আছে চাওঁগৈ!’

এইবাৰ পিছে কিবা এক আতংক আৰু উত্তেজনাই একেলগে মিলি নীৰুক যেন ধৰাশায়ী কৰি পেলাব খুজিলে৷

’নাই নাই, নাযাওঁ দেই! পোৰা ঘৰটো দেওলগা!’

’হেই, একো ভয় নকৰিবি৷ মই আছোঁ নহয়৷ ব’ল, মোৰ কোচত তুলি নিম তোক!’

আস, যতীন খুড়া যেন সেইদিনা বহু বেছি দু:সাহসী হৈ পৰিল! যেন দুৰ্জেয় হৈ পৰিল৷ যেন মানুহ হৈ নাথাকিল তাইৰ যতীন খুড়া৷ পানীৰ পৰা তুলি অনা কাৱৈ মাছটোৰ দৰে ছটফটাই উঠা, হাত-ভৰি আচাৰি পেলোৱা নীৰুক একেকোবে দাঙি নি পোৰা ঘৰটোৰ ভিতৰ পোৱালেগৈ৷  

সেই জোনাক নিশা পোৰা ঘৰটোৰ ভিতৰত নীৰুয়ে সময়ৰ চেতনা হেৰুৱালে৷ অনুভূতিৰ ৰামধেনুখনৰ পৰা এটা এটাকৈ ৰংবোৰ মোহাৰ খাই গ’ল৷ তাইৰ হৃদয়খন যেন ওলাই গৈ বহুপৰলৈ পোৰা ঘৰৰ ভঙা মূধচখনত ওলমি ৰ’ল৷ তাৰ পৰা নীৰৱে নিশব্দে চাই ৰ’ল মজিয়াত পৰি ৰোৱা তাইৰ শূন্য দেহটোলৈ, ধিমিককৈ নুমাই যোৱা জোনাকী পৰুৱাবোৰলৈ৷ নিৰ্বিবাদে শুনি ৰ’ল, কঁহাৰ শালৰ অনৰ্গল টুং টাং শব্দ, শিয়ালৰ হোৱা আৰু এটা সোণালী শৈশৱৰ উচুপনিৰ ধাৰা৷ 

সিদিনা নিশালৈ নীৰুৰ তীৰকঁপে জ্বৰ উঠিল৷ মাকে কপালত কাপোৰ তিয়াই তিয়াই দি থাকিল ওৰে ৰাতি৷ কেইবাবাৰো নীৰুয়ে দুচকু মেলি মাকক কিবা ক’বৰ চেষ্টা কৰিলে৷ কিন্তু শব্দবোৰ জোৰা লগাই কথাবোৰৰ সংগতি আনিবলৈ বৰ কষ্ট হ’ল তাইৰ, বৰ কষ্ট!

’বৰ....বৰশিমলু মা! জোনাকী পৰুৱা! ইমান জোনাকী পৰুৱা!’

তাই মনত পেলাব নোৱাৰিলে৷ মূধচৰ পৰা ওলমি ৰোৱা তাইৰ হৃদয়খনেনো কি দেখিলে, কি অনুভৱ কৰিলে তাই কাকোৱে বুজাব নোৱাৰিলে৷ নিজকো, মাককো, হাজাৰ প্ৰশ্নৰে ব্যতিব্যস্ত কৰি তোলা পৰিয়ল আৰু গাঁৱৰ মানুহকো৷ মইদুল বেজৰ জাৰণি পানীয়েও সেই অস্ফুট হৃদয়ক প্ৰকাশৰ ভাষা দিব নোৱাৰিলে৷ সকলোৰে প্ৰশ্নবোৰ ঠেকা খাই ৰ’ল নীৰুৰ ঘোলা দুচকুত, শিল হেন হৃদয়ত৷ 

বৰশিমলুৰ ভূতৰ ৰোমহৰ্ষক কাহিনীয়ে আকৌ এবাৰ সোণাপুৰ গাঁৱক জোকাৰি গ’ল৷ 

নীৰুজনী যেন নীৰু হৈ নাথাকিল৷ জোনাক ৰাতি ককাকৰ সৈতে চোতালত বহি তাই সাধু শুনিব নোৱাৰা হ’ল৷ তেতিয়াৰ পৰা তাই লুকাই ফুৰা হ’ল মানুহৰ পৰা৷ কিন্তু যতীন খুড়া আগৰদৰেই সিহঁতৰ ঘৰলৈ আহি থাকিল৷ খুড়াকক দেখিলেই তাই লৰ মাৰি শোৱাকোঠাৰ কাঠৰ আলমিৰাটোৰ ভিতৰত সোমোৱা হ’ল৷ কোনেও তাৰ ব্যাখ্যা নিবিচাৰিলে৷ কাকোৱে তাই বুজাই ক’ব নোৱাৰিলে কেনেকৈ তাইৰ বুকুখন ঘনে ঘনে টনটনাই উঠে৷ গোটেই শৰীৰটোৱে কিবা এটা বিদ্ৰোহত আস্ফালন কৰে৷ ৰাতিৰ পিছত ৰাতি বৰশিমলুৰ ডালবোৰে কেনেকৈ মেৰিয়াই ধৰি তাইৰ উশাহ বন্ধ কৰি পেলাব খোজে৷ 

প্ৰচণ্ড ক্ষোভ আৰু যন্ত্ৰণাত যেন ফাঁটিহে পৰিব নীৰু!

'তেনেকুৱা অসহ্য পৰিৱেশটোৰ পৰা প্ৰথম সুযোগটোতে ওলাই আহিলো মই বুজিছ!’

ইতিমধ্যে চকুপানীৰে পূৰ্ণিমাৰ হালধীয়া টিচাৰ্টৰ সন্মুখভাগ তিতি গৈছে৷ বাকৰুদ্ধ হৈ পৰিছে তাই৷ তেনেকৈয়ে নীৰুক আঁকোৱালি লৈ তাই কোনোমতে মাথোঁ ক’লে,

’চা নীৰু৷ সেয়া শেষ হৈ গ’ল৷ সকলো শেষ আজি৷’

নীৰুয়ে ভগ্ন কন্ঠেৰে তাকে দোহাৰিলে,

’শেষ, সকলো শেষ আজি৷ কিন্তু মইতো কিবা এটা কৰিব পাৰিলোহেঁতেন!’

’কাৰোৱাক ক’ব পাৰিলোহেঁতেন!’

’বন্ধ কৰিব পাৰিলোহেঁতেন!’

’কিবা এটাতো কৰিব পাৰিলোহেঁতেন, নহয় পূৰ্ণিমা?’

পূৰ্ণিমাই একো উত্তৰ নাথাকিল৷ তাই জানে, এইবোৰৰ উত্তৰ বিচৰাৰ সময় কেতিয়াবাই পাৰ হৈ গৈছে৷ হয়তো নীৰুয়েও সেয়া জানে৷ সেইবাবেই তাৰপিছত বহুদিনলৈ দুয়োৰে মাজত বৰশিমলুৰ ভূতৰ প্ৰসংগ নোলাল৷ বহুদিনলৈ নীৰুৰ বিৰবিৰণিত পূৰ্ণিমাৰ টোপনিও নাভাঙিল৷

কিন্তু সকলোৰে অজানিতে নীৰুয়ে বুকুৰ সেই বিষটো লৈ ফুৰিলে৷ কঢ়িয়াই ফুৰিলে সেই হেঁতেনবোৰৰ অসহায় হাহাকাৰখিনি৷ 

তাৰ মাজতে শিৱৰাত্ৰিৰ দিনটো পালেহি৷ পুৱাতে চুলি তিয়াই চাদৰ-মেখেলা পিন্ধি হোষ্টেলৰ ছোৱালীবোৰ জাকে জাকে ওচৰৰ শিৱমন্দিৰটোলৈ ওলাল৷ অঞ্জলী, পূৰ্ণিমাকে ধৰি হোষ্টেলৰ কেইবাজনী ছোৱালীৰ লগ হৈ নীৰুয়েও গৈ মন্দিৰত ভৰি থ’লেগৈ৷ 

শিৱমন্দিৰৰ শাৰী শাৰী চাকি, ধূপৰ সুগন্ধি, টিলিঙাৰ নিৰন্তৰ শব্দই উদ্বেলিত কৰি পেলালে নীৰুৰ দেহ-মন৷ কি এক অপৰূপ আধ্যাত্মিক পৰিৱেশ৷ যেন যোৱা বেছ কিছুদিন ধৰি এই সুৰকে বিচাৰি আছিল তাই! যি সুৰে সেইমুহুৰ্ত্তত তাইক এৰি যোৱা হৃদয়খন স্থাপন কৰিব, হেৰুৱা অনুভূতিৰ ৰংবোৰ ঘুৰাই আনিব৷ বাস্তৱৰ এটা সুগভীৰ ভেঁটি গঢ়িব তাইৰ মাজত৷

দেৱমূৰ্ত্তিৰ সন্মুখত আঁঠু লৈ চাকিগছি জ্বলোৱাৰ সময়ত, পূজাৰীৰ অনৰ্গল মন্ত্ৰপাঠৰ সময় নীৰুয়ে একমনে তাকেই প্ৰাৰ্থনা কৰিলে৷ প্ৰাৰ্থনা কৰিলে তাইৰ সেই অতীত অতীত হৈ যোৱাৰ বাবে, বৰ্তমান কেৱল বৰ্তমানৰ হৈ ৰোৱাৰ বাবে৷ এটা নতুন আৰম্ভণিৰ বাবে৷ নীৰুৰ কাষতে আঁঠু লৈ তাইৰ অজানিতে পূৰ্ণিমাইও যেন নিজৰ প্ৰাৰ্থনাত তাকেই দোহাৰিলে৷

পূজা-অৰ্চনা সামৰি সিহঁত উঠিল৷ হোষ্টেলৰ বাকীবোৰৰ সৈতে পূৰ্ণিমা আৰু নীৰুয়েও কংক্ৰীটৰ বিশাল শিৱলিংগৰ চাৰিওফালে ধীৰ গতিৰে খোজ দিলে৷ কোনে জানো ক’লে, ’তিনিপাক দিব লাগে দেই, তিনিপাক!’

তিনিনম্বৰ পাকটোত মানুহৰ ঠেলা-হেঁচাত নীৰুৰ তন্ময়তা ভাঙিল৷  ভাঙৰ উৎকট গোন্ধ এটা তাইৰ নাকত লাগিল৷ পিছলৈ ঘুৰি চাই তাই দেখা পালে৷ সিহঁতৰ কাষতে দুজন থুলন্তৰ মানুহ৷ ইচ্ছাকৃতভাৱেই তাইৰ কাষৰ অঞ্জলীৰ ফালে ঠেলা দিছেহি যেন৷ এনেতে পূৰ্ণিমাই চিঞৰ মাৰি উঠিল,

’ক’ত হাত দিছে অসভ্য কৰবাৰ!’

মাথোঁ এটা ছেকেণ্ডৰ বাবে নীৰুৰ চকুত পৰিল শিৱলিংগৰ ফালে ঠেলা মাৰি নি অঞ্জলীৰ কঁকালত সেই মানুহজনে হাতখনেৰে মেৰিয়াই ধৰিব খুজিছে৷ অঞ্জলীৰ মুখখন বিকৃত হৈ উঠিছে৷

ছেকেণ্ডৰ ভিতৰতে পূজাৰ থালখন পূৰ্ণিমাৰ হাতত দি নীৰু বলিয়া বাঘিনীৰ দৰে জপিয়াই পৰিল৷ পলকতে সেই মানুহটোৰ হাতৰ মুঠিত ধৰি লৈ ওলোটাকৈ পকাই পেলালে তাই৷ মুহুৰ্ত্ততে ফৰিং ছিটিকা দিয়া মানুহবোৰে দূৰৰ পৰা মাথোঁ দেখা পালে, সেই থুলন্তৰ মানুহটোৱে ভীষণ যন্ত্ৰণাত হাউলি পৰিছে আৰু বলিৰ পঠাৰ দৰে কেঁকাবলৈ ধৰিছে৷ একোলৈকে ভ্ৰক্ষেপ নকৰি নীৰুয়ে মানুহটোৰ দেহত উপৰ্যুপৰি ঘোঁচা সোধাবলৈ ধৰিলে৷ পূৰ্ণিমাই অবাক হৈ দেখা পালে, নীৰুৰ মুখৰ ৰং বাৰে বাৰে সলনি হৈছে, হাতৰ মুঠিৰ জোৰত যেন ফাটি পৰিব খুজিছে তাইৰ দুবাহুৰ পেশী৷

মানুহটোৱে তেজ বটিয়াবলৈ আৰম্ভ কৰা দেখিহে পূৰ্ণিমাৰ যেন সম্বিত ঘুৰি আহিল! অঞ্জলীৰ সৈতে মিলি দুয়ো নীৰুক জোৰ কৰি টান মাৰি আঁতৰাই আনিলে৷ প্ৰত্যক্ষদৰ্শী কোনোৱেই সিহঁতৰ কাষ চপাৰ হয়তো সাহস বা প্ৰয়োজনবোধ নকৰিলে৷

নীৰু ক্ষান্ত হোৱা যেন পাই হোষ্টেলৰ ছোৱালীকেইজনী এটা সময়ত হোষ্টেললৈ উভতিল৷ ক’ৰবাত ছিটিকি পৰি ৰোৱা পূজাৰ প্ৰসাদ, ধূপ-চাকি বুটলি অনাৰ আৰু সত নগ’ল সিহঁতৰ৷ গোটেই বাটছোৱা টু শব্দ এটাও নকৰাকৈ পূৰ্ণিমা আৰু নীৰুয়ে নীৰৱে খোজ দি আহিল৷ যিমানেই খোজ আগবঢ়ালে, সিমানেই নীৰুৰ বুকুখন যেন পাতল হৈ আহিল৷ যেন হাহাকাৰবোৰে অতীতৰ বুকুলৈ উভতি যোৱাৰ এটা বাট বিচাৰি পালে৷ সকলো যেন নীৰৱ হৈ পৰিল আজি৷ 

হোষ্টেলৰ দুৱাৰমুখ পোৱাৰ সময়ত পূৰ্ণিমালৈ ঘুৰি চাই নীৰুয়ে মুকলি হাঁহি এটাৰে ক’লে,

’বৰশিমলুৰ ভূতটোৱে মোক আৰু আমনি কৰিব নোৱাৰে পূৰ্ণিমা৷ বৰশিমলুৰ ভূতটো ঘুৰি গৈছে শিমলুৰ বুকুলৈকে৷’

পৃথিৱীৰ বাবে এটা দিন

আমি বাস কৰা পৃথিৱীখনৰ যে আজি এক সংকটময় অৱস্থা সেয়া আমি সকলোৱে জানো৷ গোলকীয় উষ্ণতা বাঢ়িছে, সেউজীয়া অৰণ্যবোৰ আৰু তাত বাস কৰা আপুৰুগীয়া জীৱ-জন্তুবোৰ নোহোৱা হৈ আহিছে ইত্যাদি নানা বাতৰিয়ে আমাক সময়ে-অসময়ে হয়তো আমনি কৰেহি৷ তেনে সময়ত অসহায় অনুভৱ কৰাটোৱে স্বাভাৱিক৷ কিন্তু আমি বহুতেই হয়তো গম নাপাওঁ, এই বিশাল পৃথিৱীখনক সংকটৰ পৰা মুক্ত কৰিবলৈ কেৱল চৰকাৰ বা অন্য অনুষ্ঠান-প্ৰতিষ্ঠানলৈ বাট চাই নাথাকি আপোনাৰ মোৰ দৰে সাধাৰণ নাগৰিকেও বহুখিনি অৱদান আগবঢ়াব পাৰোঁ৷ এটোপ দুটোপ পানীৰেই সাগৰ ভৰাৰ দৰেই আমাৰ প্ৰত্যেকৰে সৰু সৰু একোটা চিন্তাশীল পদক্ষেপেই পৃথিৱী ৰক্ষাৰ ক্ষেত্ৰত অভাৱনীয় আৱদান আগবঢ়াব পাৰে৷ এই কথা যদি শুনাত অবিশ্বাস্য যেন ভাৱ হৈছে,আহকচোন চাওঁ এখন বহনক্ষম পৃথিৱীৰ বাবে এটা দিনতে আমি কি কৰিব পাৰোঁ? 

১৯৫১ চনৰ পৰা পৃথিৱীৰ উষ্ণতা বৃদ্ধিৰ ৰূপ; উৎস: ৱিকিকমনছ

এটি নতুন দিনৰ আৰম্ভণি! নিত্যনৈমিত্তিকভাৱে আপুনি বিছনা এৰিছে৷ গা ধোৱা ঘৰত সোমাই  দাঁত মজা ব্ৰাছডাল হাতত লৈছে৷ আইনাত চকু থৈ দিনটোৰ কৰিবলগীয়া কামবোৰৰ কথাৰে হয়তো আপুনি কিছু অন্যমনস্ক হৈ পৰিছে৷ কিন্তু এইখিনিতে এবাৰ মন কৰকচোন, মুখ ধুবলৈ লৈ বা দাঁত মাজি থাকোঁতে পানীৰ টেপটো অপ্ৰয়োজনতে খুলি থৈছে নেকি? কথাতে কয়, সকলো বিপ্লৱৰ আৰম্ভণি হ’ব পাৰে আপোনাৰ নিজৰ ঘৰখনৰ পৰাই৷ পাকঘৰত, গা ধোৱা ঘৰত বা ঘৰৰ অন্য সকলো কাম-কাজত পানীৰ অপচয় কমাই আপুনি পৃথিৱীখন ৰক্ষা কৰিবলৈ সহায় কৰিব পাৰে৷ 

নিত্য কৰ্মখিনি কৰি লৈ আপুনি ঘৰৰ মূল দুৱাৰখন খুলিছেগৈ৷ সতেজ বতাহ ছাটিয়ে, এচেৰেঙা উজ্বল ৰ’দে আপোনালৈ স্নিগ্ধ পুৱাটিৰ মিঠা আমেজ কঢ়িয়াই আনিছে৷ চিৰাচৰিত নিয়ম অনুসৰি আপুনি বাৰাণ্ডা বা চোতাল পোহৰাই ৰখা লাইটটো নুমুৱাইছে৷ খুউব ভাল কথা! আশা কৰোঁ, সন্ধিয়াবেলাও কোঠাত কোনো নাথাকিলে লাইটৰ চুইচবোৰ অফ কৰিছে, পাহৰিলে পৰিয়ালৰ আনসকলক মনত পেলাই দিছে৷ তাৰ লগে লগে আপোনাৰ বিজুলীৰ বিলো কমিল, এইছেগতে পৃথিৱীখনৰ বাবে আপোনাৰ অৱদানো কিছু বাঢ়িল! 

পুৱাতে খৰধৰকৈ সকলোৱে ভাতসাঁজ খাই দিনটোৰ কামৰ বাবে ওলাই যাবলৈ লৈছে৷ আজিৰ ভাতসাঁজ কিহেৰে খালে? ক্ষন্তেক মন কৰকচোন, প্ৰতিসাঁজ ভাতৰ সৈতে প্ৰায়ে আপুনি থলুৱা শাক-পাচলিৰ নে মাছ-মাংসৰ জুতি বিচাৰে? গৱেষণাই দেখুৱাইছে যে গাহৰি, ছাগলী, গৰু আদিৰ মাংসই শাক-পাচলিতকৈ ১০-৪০ গুণ বেছি সেউজগৃহ গেছ নিৰ্গমণ কৰে৷ কেনেকৈ? কাৰণ, সেই জন্তুবোৰক পালন কৰাৰ পৰা মাংস হিচাপে ব্যৱহাৰ কৰালৈ বহুতো শক্তিৰ অপচয় হয়৷ এই জন্তুবোৰ পালন কৰিবলৈ প্ৰতিবছৰে বহুতো অৰণ্য ধ্বংস আৰু পানীৰ অপচয় হৈ আহিছে৷ গতিকে সম্পূৰ্ণৰূপে নিৰামিষ খাদ্য খোৱাৰ অভ্যাস কৰিব নোৱাৰিলেও যিমান পাৰি এনেধৰণৰ মাংস খোৱাটো কমাই সেউজগৃহ প্ৰভাৱ কমোৱাত আপুনিও সহায় কৰিব পাৰে৷ তেনেদৰে থলুৱাভাৱে উৎপাদন হোৱা বতৰৰ ফল-মূল বা শাক পাচলি খোৱাৰ অভ্যাস কৰিলে বাহিৰৰ পৰা আমদানি কৰা আবতৰীয়া ফল-মূল-পাচলি আদিৰ ভ্ৰমণৰ বাবে হোৱা শক্তিৰ অপচয়ো ৰোধ কৰিব পাৰিব৷ 

অসমৰ থলুৱা শাক পাচলি; উৎস
খোৱা মেজৰ পৰা উঠাৰ আগেয়ে এবাৰ মন কৰকচোন৷ আপুনি বা পৰিয়ালৰ অন্য কোনোৱে কাঁহীখনত খাদ্য এৰি গ’ল নেকি? সহানুভূতিৰে নিজকে বা আনকো খাদ্য অপচয়ৰ কৰুণ পৰিণতিৰ কথা সোঁৱৰাই দিয়াৰ চেষ্টা কৰক৷ আমি খোৱা প্ৰতিসাঁজ খাদ্য কাঁহীখন পোৱালৈকে উৎপাদন আৰু আমদানি-ৰপ্তানি আদিত বহুত পৰিমাণে সেউজ গৃহ গেছ নিৰ্গমণ হৈছে, অৰণ্য ধ্বংস হৈছে৷ গতিকে সেয়া অনাহকতে অপচয় কৰা মানে পৃথিৱীৰ বোজাটো অধিক গধুৰ হোৱা৷ তথ্যমতে সমগ্ৰ বিশ্বত উৎপাদন হোৱা খাদ্যৰ এক তৃতীয়াংশই অনাহকত নষ্ট হয়৷ পৃথিৱীৰ সকলো মানুহে মিলি যদি এতিয়া অপচয় কৰা খাদ্যৰ এক চতুৰ্থাংশও ৰাহি কৰিব পাৰে, এই পৃথিৱীত হেনো তেতিয়া কোনো লোক অনাহাৰে নাথাকিব৷ গতিকে যিমান খাব খোজে সিমানখিনি অনুমান কৰিহে কাঁহীখনত লওক৷ 

ঘৰৰ পৰা ওলাই ঠিক সময়তে আজি আপুনি কামলৈ বুলি বাছখনত উঠি পৰিছে৷ বাটতে কিনি লোৱা তামোলখন মুখত ভৰাই প্লাষ্টিকৰ পেকেটটো বা মিনাৰেল ৱাটাৰৰ খালী বটলটো বাছৰ খিৰিকীৰে দলিয়াই দিছে নেকি? তাকে নকৰি সেয়া ডাষ্টবিনত পেলাবলৈ বুলি সামৰি ৰাখকচোন৷ নাইবা আপুনি লৈ যোৱা ফ্লাস্ক বা পুনৰ ব্যৱহাৰ কৰিব পৰা বটলটোৰ পৰা বিশুদ্ধ পানীটোপা খাওক৷ তাৰ লগে লগে প্লাষ্টিক প্ৰদূষণো কমিল, লগতে সমজুৱা বাট পথ নিকা কৰি ৰখাতো আপুনি সহায় কৰিলে৷ ইফালে সিফালে যাবলৈ অপ্ৰয়োজনতে গাড়ী বা স্কুটাৰখন লৈ যোৱাৰ অভ্যাসটো কমালেও পৃথিৱীখন বহু পৰিমাণে ৰক্ষা পৰে৷ তথ্যমতে, ২০২০ চনত ভাৰতত পৰিবহণ ব্যৱস্থাই নিৰ্গমণ কৰা সেউজগৃহ গেছৰ ৭১% ই হ’ল ব্যক্তিগত বাহনৰ পৰা হোৱা নিৰ্গমণ৷ গতিকে মাজেসময়ে তাৰ পৰিমাণ কমায়ো আপুনি এখন বহনক্ষম পৃথিৱী গঢ়াত সহায় কৰিব পাৰে৷

কাৰ্য্যালয়ত আজি আপোনাক হাজাৰ ব্যস্ততাই আৱৰি ধৰিছে৷ তাৰ মাজতে কিবা এখন কাগজ প্ৰিন্ট কৰিব খুজিছে৷ এইখিনিতে এবাৰ ৰৈ নিজকে দুটামান প্ৰশ্ন কৰকচোন৷ সেই কাগজখন প্ৰিন্ট কৰাটো সঁচাই কিমান দৰকাৰী? যদিহে অত্যৱশ্যকীয়, কাগজৰ দুয়োপিঠিতে প্ৰিন্ট কৰিব পাৰিবনে? পৃথিৱীত অৰণ্যৰ পৰা কাটি ব্যৱসায়িকভাৱ চালান দিয়া ৪০% কাঠৰ কুণ্ডা ব্যৱহাৰ হয় কাগজ তৈয়াৰ কৰাত৷ গতিকে কাগজৰ অযথা অপচয় কৰা মানে আপুনি পৰোক্ষভাৱে কোনোবা কোণত এজোপা গছ কটাৰ চাহিদা বৃদ্ধি কৰা৷ গতিকে খুবেই প্ৰয়োজন ন’হলে কাগজৰ ব্যৱহাৰ কমাই আনক৷ 

সন্ধিয়া বজাৰ কৰিবলৈ ওলাই গৈছে৷ বজাৰৰ মোনাটোৰ সলনি আপুনি প্লাষ্টিকৰ মোনাত ভাগে ভাগে বস্তু কিনিছে নেকি? আপুনি জানেনে, সমগ্ৰ পৃথিৱীত মানুহে একেলগে প্ৰতিবছৰে ৫,০০,০০০ কোটিটা প্লাষ্টিকৰ মোনা এবাৰ ব্যৱহাৰ কৰি পেলাই দিয়ে৷ ইয়াৰে বেছিভাগ গৈ নৈ-জান-জুৰি আৰু সাগৰত পৰেগৈ৷ গতিকে এইবাৰ তাকে নকৰি শাক-পাচলি, গেলামালৰ বস্তুবোৰ ভৰাবলৈ বজাৰৰ মোনাটো আগবঢ়াই দিয়কচোন৷ সেই এটা পদক্ষেপেৰেই প্লাষ্টিকৰ প্ৰদূষণ কমোৱাত আপোনাৰ অৱদান মূল্যৱান হৈ পৰিব৷ আপোনাৰ-মোৰ দৰে একো একোজন নাগৰিকৰ সচেতনতা যিমানে বাঢ়িব সিমানেই প্লাষ্টিকৰ আৱৰ্জনাৰ দ’মটোৰ উচ্চতা কমি আহিব৷ 

প্লাষ্টিকৰ আৱৰ্জনা কমোৱাত আপুনিও সহায় কৰিব পাৰে; উৎস

নিশা দিনটোৰ পৰিশ্ৰমৰ শেষত আপুনি বিছনাখনত ভাগৰুৱা দেহটো এৰি দিছেহি৷ চাবচোন, টোপনিত ঢলি পৰাৰ আগতে এই এটা দিনতে পৃথিৱীখন ৰক্ষা কৰিবলৈ আপুনি আগবঢ়োৱা অৱদানখিনিৰ বাবে এক অপাৰ গৌৰৱবোধে আপোনাক সুখী কৰি তুলিছে৷ আপোনালৈ আন্তৰিক অভিনন্দন! 

Thursday 17 February 2022

বনৰৌৰ বিলৈ

জন্তুবিধৰ আকৃতি প্ৰকাণ্ড জেঠী এটাৰ দৰে৷ কিন্তু ই জেঠীৰ দৰে সৰীসৃপ নহয়, স্তন্যপায়ী জন্তুহে৷ পৰুৱা, উঁইহাঁফলু আদি খাই বৰ ভাল পায় ই৷ সেইবাবেই এই জন্তুবিধৰ আক্ষৰিক অৰ্থতে ইংৰাজী নাম ৰখা হৈছে, স্কেলি এন্টইটাৰ (Scaly anteater)বা পেংগ’লিন;অসমীয়াত বনৰৌ৷ বনৰৌৰ সমগ্ৰ দেহটো দেখাত মাছৰ বাকলিৰ দৰে টান বাকলিৰে আবৃত৷ অৰণ্যৰ চিকাৰী জন্তুৱে আক্ৰমণ কৰিলে ই প্ৰতিৰক্ষাৰ বাবে ঘুৰণীয়া বল এটাৰ দৰে পাক খাই লৈ টান বাকলিবোৰেৰে নিজকে ঢাকি পেলায়৷ যুগ যুগ ধৰি এই ব্যৱস্থাৰেই বনৰৌবোৰে নিজকে প্ৰতিৰক্ষা দি আহিছে অৰণ্যৰ বাঘ, বনৰীয়া কুকুৰ, শিয়াল আদিৰ পৰা৷ পিছে জীৱশ্ৰেষ্ঠ মানুহৰ নিৰ্মমতাৰ পৰা প্ৰতিৰক্ষাৰ বাবে কোনো অৱলম্বন নাই এই নিমাখিত জন্তুবিধৰ৷

অসমত দেখা পোৱা চীনা বনৰৌ; উৎস: ৱিকিকমনছ

অৰণ্যৰ কোনোবা গছৰ খোৰোঙত লুকাই থকা লাজকুৰীয়া বনৰৌবোৰ চিকাৰী মানুহে পিতপিতকৈ বিচাৰি উলিয়ায়৷ বনৰৌ থকা গছৰ তলৰ পৰা ধোঁৱা দি শ্বাসৰুদ্ধ কৰি চিকাৰীয়ে সিহঁতক বাহিৰলৈ ওলাই পৰিবলৈ বাধ্য কৰে৷ জালিকটা মোনাত সোমাই ভয়াৰ্ত বনৰৌবোৰ চিকাৰীৰ চোং পাইহি৷ তাৰ পিছত আৰম্ভ হয় অন্য এক বৰ্বৰ অধ্যায়৷ চিকাৰীয়ে উপৰ্যুপৰি মাৰ সোধাই বনৰৌবোৰ লৰচৰ কৰিব নোৱাৰা কৰি পেলায়৷ প্ৰায় অচেতন কিন্তু কেতিয়াবা জীৱিত বনৰৌবোৰক উতলা পানীত পেলাই দি হত্যা কৰা হয়৷ কেতিয়াবা জীৱন্তে অন্য ঠাইলৈ চালান দিয়া বনৰৌবোৰে অমানুষিক যন্ত্ৰণা সহি দীঘলীয়া যাত্ৰা কৰে অবৈধ বেহাৰ গন্তব্যস্থলীলৈ৷ 

বনৰৌৰ এই বিলৈৰ কাৰণ হ’ল সিহঁতৰ মাংস আৰু বাকলিক লৈ চলি অহা আন্তৰ্জাতিক বেহা৷ বনৰৌৰ বাকলিৰ মূল চাহিদা মূলত: চীন দেশত৷ এই দেশৰ পৰম্পৰাগত বিশ্বাস অনুসৰি বনৰৌৰ বাকলিয়ে শালমইনাৰ পৰা কৰ্কটৰোগলৈকে বহুতো ৰোগ নিবাৰণ কৰে৷ তেনেদৰে পশ্চিম আৰু কেন্দ্ৰীয় আফ্ৰিকাৰ বিভিন্ন দেশতো পৰম্পৰাগত ঔষধ তৈয়াৰ কৰাত বনৰৌৰ বাকলি ব্যৱহাৰ কৰা হয়৷  বনৰৌৰ বাকলি গঠনকাৰী কেৰাটিনেই আমাৰ আঙুলীৰ নখো তৈয়াৰ কৰিছে৷ গতিকে সেই বাকলি আৰু মানুহৰ নখৰ গঠনগত পাৰ্থক্য নাই৷ কোনো বৈজ্ঞানিক ভিত্তি নথকা স্বত্বেও এই দেশসমূহতত পৰম্পৰাগতভাৱে নানা ৰোগৰ ঔষধ হিচাপে বনৰৌৰ বাকলি আৰু মাংসৰ বিধান দিয়া হৈ আহিছে আৰু তেনেদৰেই চাহিদা ক্ৰমাৎ বৃদ্ধি পাই আহিছে ৷ তাৰোপৰি চীন আৰু ভিয়েটনামৰ বহু ঠাইত ঔষধি গুণৰ বাবে আৰু দুষ্প্ৰাপ্য খাদ্যৰূপে বনৰৌৰ মাংস পৰিৱেশন কৰা হয়৷ বিশেষকৈ বিলাসী ৰেষ্টোৰাত জুই ছাই দামৰ বনৰৌৰ মাংস পৰিৱেশন কৰাটো আঢ্যবন্ত গ্ৰাহকৰ বাবে ’ষ্টেটাছ চিম্বল’ যেন হৈ পৰিছে৷ এই আন্তৰ্জাতিক বেহাই এনে ৰূপ লৈছেগৈ যে বৰ্তমান সমগ্ৰ বিশ্বতে সৰ্বাধিক হাৰত চোৰাংচিকাৰ আৰু অবৈধ বেহাৰ বলি হোৱা স্তন্যপায়ী জন্তু হিচাপে পৰিগণিত হৈ পৰিছে এই বনৰৌ৷

সমগ্ৰ বিশ্বত ২০০০ ৰ পৰা ২০১৯ চনৰ ভিতৰত ৮৯৫,০০০ বনৰৌৰ চালান দিয়া বুলি তথ্য প্ৰকাশ পাইছে৷ ভাৰতত ২০০৬ ৰ পৰা ২০১৭ চনৰ ভিতৰত ৬০০০ টা বনৰৌ চালানীৰ সময়ত জব্দ কৰা হৈছে৷ অসমতো শেহতীয়াকৈ বিভিন্ন ঠাইত অবৈধ বেহাত সৰবৰাহ কৰাৰ সময়ত বনৰৌ উদ্ধাৰ কৰাৰ ঘনাই বাতৰি ওলাবলৈ লৈছে৷ গৱেষণাৰ তথ্য অনুসৰি যোৱা দহটা বছৰত মণিপুৰত সৰ্বাধিক পৰিমাণে বনৰৌ জব্দ হৈছে৷ তাৰ পিছতেই স্থান মিজোৰাম আৰু অসমৰ৷ তথ্য মতে এই বেহাৰ দালালবোৰে উত্তৰ-পূবৰ বিভিন্ন অঞ্চলৰ পৰা বনৰৌৰ বাকলি কিনি মণিপুৰ ৰাজ্যলৈ চালান দিয়ে৷ তাৰ পৰা বনৰৌৰ সৰবৰাহ হয় ম্যানমাৰ আৰু চীনদেশৰ য়ুনান প্ৰভিন্সলৈ৷ এই সমগ্ৰ সৰবৰাহত গুৱাহাটী আৰু কলকাতা  ৰাষ্ট্ৰীয় আৰু আন্ত:ৰাষ্ট্ৰীয় বেহাৰ বিশেষ সংযোগ বুলি ধৰা পৰিছে৷  

চীনা বনৰৌৰ বিস্তৃতি; উৎস: ৱিকিকমনছ


এছিয়া আৰু আফ্ৰিকা মহাদেশত বনৰৌৰ মুঠ আঠটা প্ৰজাতি দেখা পোৱা যায়৷ ইয়াৰে ভাৰতত পোৱা  প্ৰজাতি দুটা হৈছে ভাৰতীয় বনৰৌ (Manis crassicaudata) আৰু চীনা বনৰৌ (Manis pentadactyla)। অসমৰ বনৰৌবিধ হৈছে চীনা বনৰৌ৷ চীনা বনৰৌ উত্তৰ-পূব ভাৰতকে ধৰি চীন, ম্যানমাৰ, নেপাললৈকে দেখা পোৱা যায়৷ বৰ্তমানলৈকে ইহঁতৰ বিস্তৃতি বা সংখ্যা সম্পৰ্কে বিশদ কোনো তথ্য উপলব্ধ হোৱা নাই৷ আই ইউ চি এনৰ ৰঙা তালিকা অনুসৰি চীনা বনৰৌক ঘোৰ সংকটজনক ( Critically Endangered), আৰু ভাৰতীয় বনৰৌক বিলুপ্তপ্ৰায় (Endangered) আখ্যা দিয়া হৈছে৷ বনৰৌৰ আঠবিধ প্ৰজাতিকে চাইটিছ (Convention on International Trade in Endangered Species, CITES)ৰ প্ৰথম পৰিশিষ্ট (Appendix I) ত স্থান দিয়া হৈছে৷ গতিকে এই আন্তৰ্জাতিক আইন অনুসৰি বনৰৌ সংৰক্ষিত আৰু ইহঁতৰ চোৰাং চিকাৰ আৰু বেহা অবৈধ৷ কিন্তু আইনমতে সৰ্বাধিক প্ৰতিৰক্ষা লাভ কৰা স্বত্বেও আন্ত:ৰাষ্ট্ৰীয় চাহিদাৰ বাবে বনৰৌৰ চিকাৰ আৰু বেহা অবাধ গতিত চলি আছে৷ এই গতি অব্যাহত থাকিলে অনতিপলমেই এই আপুৰুগীয়া জন্তুবিধ এই পৃথিৱীৰ পৰা হেৰাই যোৱাৰ সম্ভাৱনা আহি পৰিছে৷  

কিন্তু বনৰৌৰ সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ লগতে অন্য এক সংকটে বনৰৌৰ বেহা ৰোধ কৰাটো মানৱ সমাজৰ বাবেই কিমান জৰুৰী আৰু গুৰুত্বপূৰ্ণ সেয়া পোহৰলৈ আনিলে৷ গৱেষণাৰ তথ্য মতে ভৱিষ্যতে কৰ'না ভাইৰাছ ৰোগৰ দৰে মহামাৰী ৰোধ কৰিবলৈকো বনৰৌৰ চিকাৰ আৰু অবৈধ বেহা অনতিপলমে বন্ধ কৰাৰ প্ৰয়োজন৷ আমি সকলোৱে ইতিমধ্যেই গম পাইছোঁ যে কৰ'না ভাইৰাছ ৰোগৰ আৰম্ভ হৈছিল চীন দেশৰ ৱ’হান প্ৰদেশত বন্য জন্তুৰ পৰা মানুহলৈ সংক্ৰমণ হোৱা ভাইৰাছৰ জড়িয়তে৷ এই ভাইৰাাছ বাদুলীৰ পৰা বনৰৌলৈ আৰু তাৰ পিছত মানুহলৈ সংক্ৰমণ হ’ল বুলি গৱেষণাই দেখুৱাইছে৷ ইয়াৰ পূৰ্বেও কেইবাটাও মহামাৰীৰ উৎপত্তি হৈছিল একেই প্ৰক্ৰিয়াৰে৷ উদাহৰণস্বৰূপে, বিংশ শতাব্দীত এইচ আই ভি ভাইৰাছৰ সংক্ৰমণ হৈছিল চিম্পাঞ্জী আৰু গৰিলাৰ পৰা মানুহলৈ ৰোগৰ বীজাণু বিয়পি৷ তেনেদৰে ছোৱাইন ফ্লু , ইব’লা, জিকা  আৰু নিপা ভাইৰাছ আদিৰ মহামাৰী বন্য জন্তুৰ পৰাই মানুহলৈ বিয়পিল৷  যেন মানুহৰ বৰ্বৰতাৰ উত্তৰ দিবলৈ প্ৰকৃতি বাধ্য হৈছে! প্ৰকৃতিৰ এই শিকনি লৈ জীৱ-জন্তুৰ চোৰাংচিকাৰ আৰু বেহা বন্ধ কৰাৰ বাবে সকলো ব্যৱস্থা লোৱাটো মানৱ সমাজৰ কল্যানৰ বাবেই অতিকৈ জৰুৰী৷

ভাৰতীয় বনৰৌ B হাতৰ খাৰু হিচাপে বনৰৌৰ বাকলি C বেহাৰ বাবে সাজু কৰা বনৰৌৰ বাকলি D অসমৰ ডিমা হাছাওৰ ডিঙিৰ অলংকাৰ হিচাপে পিন্ধা বনৰৌৰ বাকলি আৰু নখ
উৎস: গৱেষণা


বনৰৌৰ চোৰাং চিকাৰ আৰু অবৈধ বেহা বন্ধ কৰিবলৈ ইয়াৰ চিকাৰ, সৰবৰাহ আৰু ব্যৱসায়িক চাহিদা নিবাৰণৰ বাবে সৰ্বাংগীন উপায়েৰে পৰিকল্পনা কৰাৰ প্ৰয়োজন৷ পৰম্পৰাগত ঔষধত বনৰৌৰ মাংস বা বাকলিৰ ব্যৱহাৰ বন্ধ কৰিবলৈ চীন দেশৰ পৰম্পৰাগত ঔষধৰ হাতপুথি ফাৰ্মাক’পিয়া (Pharmacopoeia) ৰ পৰা বনৰৌৰ উল্লেখ আঁতৰাই দিবলৈ বিভিন্ন মহলে দাবী উত্থাপন কৰি আহিছে৷ বৈজ্ঞানিক মানসিকতাই এই অন্ধবিশ্বাসবোৰ নোহোৱা কৰাত সহায় কৰিব৷

অসমৰ দৰে বহু ঠাইত স্থানীয় লোকসকল কেৱল জীৱিকাৰ প্ৰয়োজনত বনৰৌৰ এই আন্ত:ৰাষ্ট্ৰীয় বেহাৰ জালত সোমাই পৰে আৰু বনৰৌৰ চিকাৰ কৰি বহিৰাগত দালালৈ চালান দিয়ে৷ শেহতীয়াকৈ অসমৰ ডিমা হাছাও জিলাত কৰা এক গৱেষণাৰ সময়ত ডিমাছা, কাৰ্বি আৰু বিয়াটে জনজাতিৰ ১৪০ গৰাকী স্থানীয় চিকাৰীৰ সাক্ষাৎকাৰত এই তথ্য প্ৰকাশ পাইছে৷ এই গৱেষণাৰ মূল উদেশ্য আছিল বনৰৌৰ চিকাৰ আৰু বেহাত স্থানীয় লোকসকল কিয় আৰু কেনেদৰে জড়িত হৈ পৰিছে তাৰ বুজ লোৱা৷ পূৰ্বতে অৰণ্যৰ ওচৰে পাজৰে থকা অধিবাসীসকলে কেৱল ব্যক্তিগত প্ৰয়োজনত সীমিতভাৱে বনৰৌৰ চিকাৰ কৰিছিল যদিও বৰ্তমান ইয়াৰ বাকলিৰ উচ্চ দাম আৰু চাহিদাৰ বাবে পোৱা ব্যৱসায়িক লাভে পৰম্পৰাগত ব্যৱহাৰ সলাই পেলালে৷ এই গৱেষণাত প্ৰকাশ কৰা মতে মাথোঁ এটা বনৰৌৰ বাকলি বিক্ৰী কৰি ডিমা হাছাওৰ এগৰাকী স্থানীয় চিকাৰীয়ে চাৰি মাহৰ আয়ৰ সমান টকা ঘটিব পাৰে৷ গতিকে এই সমস্যা দূৰ কৰিবলৈ দৰিদ্ৰতা নিবাৰণ আৰু স্থানীয় চিকাৰীৰ বিকল্প সংস্থাপন গুৰুত্বপূৰ্ণ৷ কিন্তু কেৱল এই ব্যৱস্থাসমূহে বনৰৌৰ চিকাৰ আৰু বেহা সম্পূৰ্ণ বন্ধ কৰিব নোৱাৰে৷ এই সম্প্ৰদায়সমূহৰ মাজত বনৰৌৰ সংৰক্ষণ সম্পৰ্কে সচেতনতা অনাটোও দৰকাৰী৷ তেনেদৰে স্থানীয় সম্প্ৰদায়সমূহে বনৰৌৰ সংৰক্ষণৰ বাবে আগভাগ লোৱাৰ সুবিধা পাবলৈ সম্প্ৰদায় কেন্দ্ৰিক সংৰক্ষণ (community-based conservation)ৰ ব্যৱস্থা লোৱাৰ প্ৰয়োজন৷

বনৰৌবোৰে আমাৰ পৰিস্থিতিতন্ত্ৰত এক বিশেষ ভূমিকা লৈ আহিছে৷ ইহঁতে পোক-পৰুৱা খাই  কীট-নিয়ন্ত্ৰণ (pest control) কৰে আৰু খাদ্যৰ সন্ধানত মাটি খুঁচৰি মাটিৰ সমতাও বজাই ৰাখে৷ এই আপুৰুগীয়া জন্তুবিধৰ বাসস্থান, বিস্তৃতি, আচৰণ আদিৰ বিষয়ে বিশদ অধ্যয়ন কৰাৰ প্ৰয়োজন৷ চোৰাং চিকাৰ আৰু অবৈধ বেহাৰ বৰ্বৰতা বন্ধ কৰি বনৰৌক বিলুপ্তিৰ গৰাহৰ পৰা উভতাই অনাটো মানৱ সমাজৰ কল্যাণৰ বাবেই অতীব গুৰুত্বপূৰ্ণ৷


তথ্যউৎস

  • D’Cruze, N., Singh, B., Mookerjee, A., Harrington, L. A., & Macdonald, D. W. (2018). A socio-economic survey of pangolin hunting in Assam, Northeast India. Nature Conservation, 30, 83
  • Challender, D. W., Heinrich, S., Shepherd, C. R., & Katsis, L. K. (2020). International trade and trafficking in pangolins, 1900–2019. In Pangolins (pp. 259-276). Academic Press.
  • Aisher A. (2016). Scarcity, Alterity and Value: Decline of the Pangolin, the World’s Most Trafficked Mammal. Conservation & Society. 14(4): pp 317-329