Showing posts with label কবিতা. Show all posts
Showing posts with label কবিতা. Show all posts

Thursday, 22 November 2018

আমি

মই ঠিকে আছোঁ
জানো তুমিও ঠিকে থাকিবা
যদিওবা সোণালী ৰ’দজাকে তোমাৰ গালে-মুখে
বিয়লিৰ ৰাগটি সানি যাওঁতে
গোমা পুৱাটোৰে মই প্ৰাত্যহিকতা দোহাৰো
দিনবোৰ মাহত আৰু মাহবোৰ বছৰ হ’লে
লেপটপৰ স্ক্ৰীণৰ পৰা আহি 
আমি বাস্তৱ পৃথিৱীত থিয় দিওঁ
একেলগে আওৰাও জীৱনে ৰচি যোৱা
 সুখ-দুখৰ কবিতা


আমাৰ মাজত যে অৰ্ধ পৃথিৱীৰ দুৰত্ব
 যি অহৰহ ধূসৰ কৰিব খোঁজে
হৃদয়ৰ মৌন গুঞ্জন
নিৰ্মম হাতেৰে আঁজুৰি নিয়ে
ৰ’দাল দুপৰীয়া এটাৰ একান্ত হাবিয়াস
সিৰাই সিৰাই এৰি যায়
অপাৰ বিষণ্ণতা

তথাপিও মই ঠিকে আছোঁ
জানো তুমিও থাকিবা কুশলে
তুমিয়েতো কোৱা একেই থাকিব সকলো
ব’হাগৰ প্ৰথমজাক বৰষুণ
দুচকুৰ সেউজীয়া আশাৰ সোপান
আৰু হিয়াৰ ইকুল সিকুল জুৰাই থকা
আমাৰ ভালপোৱা

এই দুৰত্ব, এই নিৰ্যাস

মাথোঁ এক সময়ৰ পৰিহাস
আমি ঠিকে আছোঁ, ঠিকে থাকিম
চিৰদিন

Friday, 6 April 2018

তোমাৰ সান্নিধ্যত

তোমাৰ সান্নিধ্যত
হেঁপাহবোৰ কৃষ্ণচূড়া ফুল হৈ ফুলে
আকাশখনে ঘনে ঘনে বিজুলীয়াই
ধাৰাসাৰ এজাক বৰষুণ নামে হৃদয়লৈ

তোমাৰ সান্নিধ্যত
প্ৰাচীন এক সুৰ সাৰ পায় সংগোপণে
যি মূৰ্ত হৈ উঠে বাসনাৰ সপ্তম লয়ত
হেৰায় যায় অবাধ্য সময়ৰ আঁত

তোমাৰ সান্নিধ্যত
জীৱনে দেও দি যায় সুখৰ বাটেৰে
উৰ্বৰা হৃদয়ত সপোনে সঁজাল ধৰে
বিশ্বাস আৰু ভালপোৱাৰ এই বান্ধোনে
বাৰে বাৰে মোক পূৰ্ণ কৰি তোলে৷

Saturday, 13 January 2018

প্ৰবাসত ভোগালী

ভোগালীৰ গধূলি
পদূলিত জাৰৰ উকমুকনি
ভেলাঘৰত ডেকা-গাভৰুৰ উচ্ছ্বসিত হাঁহি
খুড়ী-পেহীৰ আখলৰ মায়াময় পৃথিৱী

ভোগালী আহে
মেজিৰ পবিত্ৰ জুইৰ উত্তাপৰ মাজেৰে
লাৰু-পিঠা, কোমল-চাউল আৰু সান্দহৰ জুতিৰে
আপোন মানুহৰ মৰমসনা সান্নিধ্যৰে

এই সকলোবোৰৰৰ পৰা বহু যোজঁন আঁতৰত
সাত সাগৰ তেৰ নদীৰ সিপাৰে
এদল প্ৰবাসী অসমীয়াৰ প্ৰয়াস
ভোগালীক আদৰাৰ
অসমৰ অমিয়া সুবাসেৰে
অসমীয়া হোৱাৰ গৌৰৱেৰে
প্ৰবাসত ভোগালী

মৰুভূমি

সময় উকলি গ’ল
আমি নজনাকৈয়ে
হৃদয়বোৰ বৃদ্ধ হ’ল
সেউজীয়া সপোনৰ ঠাই ল’লে
সোঁৱৰণিৰ সৰা পাতে
আশাবোৰ ভৰুণ হৈও
অনাদৰত গেলি-পচি ৰ’ল
ঘনে ঘনে বাৰিষাৰ ঢল অনা
বৰদৈচিলাজাকো থমকি ৰ’ল

নোকোৱা নপতা কথাবোৰ
সাঁচতিৰ জাপতে হেৰাল
শব্দহীন হাজাৰটা অনুভৱৰ ঢৌ
অদেখা হৈয়ে মাৰ গ’ল
আমি চকুৰ টিপ নেপেলাওঁতেই
বহু সময় পাৰ হৈ গ’ল

এতিয়া কেনেকৈ আনো
বসন্তৰ কুঁহিপাত
কেনেকৈ সী নিওঁ
অবুজ অভিমানৰ ফাঁট?

সময় উকলি গ’ল
আমি নজনাকৈয়ে
হৃদয় যে মৰুভূমি হ’ল

Tuesday, 19 December 2017

পৰিচয়

চিনাকি মুখবোৰৰ আঁৰত
সংগোপনে বাস কৰে
একোখন অপৰিচিত হৃদয়
দিনে নিশাই য’ত ঐক্যতান জুৰে
হাজাৰ অচিনাকি সুৰে

এই সহজ হাঁহি, এই অপূৰ্ব অভিনয়
সকলোৰে সিপাৰে দেও পাৰি থাকে
অপাৰ ক্ষোভ, হতাশা অথবা অপূৰ্ণতা
আৰু হৃদয়ক শিল কৰিব খোজাঁ
কোনো অভিশপ্ত মুহুৰ্ত

আমি মাথোঁ ভাও দি যাওঁ
হৃদয়ত চ’তৰ বা-মাৰলি লৈও
সৌম্য প্ৰতিমূৰ্ত্তি হৈ ৰওঁ
দাপোণত নিজকে নিচিনাৰ পৰত
আত্মীয়তাৰ মায়াজাল ৰচোঁ
অন্য মুখ কিছুমানৰ স’তে
চিনাকি অথচ বহু অচিনাকি




Monday, 9 October 2017

দাপোণত নিজৰ মুখ

স্ফটিকৰ দৰে তোৰ দেহত মোৰ প্ৰতিবিম্ব
নিজৰ দুচকুত চকু থৈ
মুখামুখি হওঁ নিজৰ সৈতে
উদঙাই দিওঁ মোৰ
ভাটিয়ালী সপোণ আৰু আশা
আৰু তাৰ আঁৰতে লুকাই থকা
এবুজ এসাগৰ বিষণ্ণতা
নিজৰ পৰা নিজলৈকে টানি লওঁ
অনুভৱৰ মৌন কোলাহল
তোৰ বুকুৱেদি পাৰ ভাঙি বৈ আহে
হাঁহি-কান্দোন আৰু খং-অভিমানৰ ঢল

তই মুকলি কৰা  বাটেৰে গৈ
নিজৰ মাজতে মগন হওঁ মই
চকুপানীবোৰ মোহাৰি লওঁ
অভিমান সামৰি থওঁ
হাঁহিবোৰ বিয়পাই দিওঁ
চিৰদিন কাষতে ৰোৱাৰ প্ৰতিশ্ৰুতি দিওঁ

বাৰে বাৰে প্ৰমাণ কৰোঁ
আমি যে নিজৰেই চিৰন্তন প্ৰেমিক

Thursday, 8 June 2017

অনলাইন

এইযে দুআষাৰ পাতিলো
স্কাইপৰ পৰ্দাত চকুত চকু থৈ
দুয়ো একেলগে হাঁহিলো
সেইকণ অনলাইন নিবিড়তাই
নিমিষতে যেন এৰি গ’ল
সহস্ৰ অনুভৱৰ বুলনি
আৰু হৃদয়ত  ৰচি গ’ল
এটি সুৰীয়া গীত

সাত সাগৰ তেৰ নদী পাৰ হৈ
তোমাৰ কাষত থিয় দিবগৈ নোৱাৰোঁ
নোৱাৰোঁ এই স্ক্ৰীণৰ পৰিধি ভাঙি
তোমাৰ স’তে একেলগে টানি ল’বলৈ
একেজাক সুগন্ধি বতাহ
অথবা হাতত হাত থৈ ক’ব নোৱাৰোঁ
আহাচোন, দুয়ো মিলি মচি দিওঁ
একাকি সময়ৰ এই ব্যৱধান
মৌনতাই সামৰি থোঁৱা
এই দূৰ-দিগন্তৰ হুমুনিয়াহ

তথাপিও নানা ঢৌ উঠে আৰু নামে
আমাৰ হৃদয়ত, একেলগে
দুয়ো বাট এৰি দিওঁ
স্কাইপ, জিমেইল আৰু হুৱাটছএপ
সকলো উবুৰিয়াই বৈ আহে
ভালপোৱাৰ বোৱঁতী নৈখন 
আমি মাথোঁ আমাৰ হৈ ৰওঁ 
আৰু আমাৰ পৃথিৱী সেউজীয়া
অনলাইন৷

Sunday, 20 November 2016

হৃদয়ত খৰাং

এসময়ত ইয়াতে এডৰা সেউজীয়া আছিল
অনুভৱৰ বা-মাৰলিয়ে ঘনে ঘনে
শব্দৰ বৰষুণ নমাইছিল
ৰ’দ-বৰষুণৰ লুকাভাকুৱে
সপোনৰ ৰানধেনু আঁকিছিল
উছাহৰ ফেনে-ফোটোকাৰে ভৰা নৈখনত
সৰু-বৰ অজস্ৰ ঢৌ তুলিছিল

এতিয়া ইয়াত ৰাশি ৰাশি বালি
এক অনুৰ্বৰা নিৰ্দয় মৰুভূমি
ইপাৰ-সিপাৰ নমনা শূন্যতা

এজাক বৰষুণৰ আশাত বন্দী
মোৰ হৃদয়ত এতিয়া খৰাং


ৰচনাকাল: ০২/০৭/২০১৬

Thursday, 3 November 2016

এটি অজুহাত পালেই

এটি অজুহাত পালেই মই গুচি যাব পাৰোঁ
কোনেও নোযোৱা বাট এটিৰে
সিপাৰে কি নজনা সুঁতি এটাৰে
গৈ গৈ নিৰুদ্দেশ হৈ যাব পাৰোঁ
কোনোবা অচিন-অজান কেকুঁৰিত

একোৱেইতো নাই যি
আঁটি আঁটি বান্ধি ৰাখিব মৰমৰ জৰীৰে
যি জীৱনৰ মৰিশালিত সেউজ ৰহণ বোলাব
যি সহমৰ্মিতাৰ হাতখন মেলি দিব আৰু
আৱৰি ধৰিব এবুকু ভালপোৱাৰে

নাজানো কোন বাটে কেনি আহি
পালোহি এইখিনি
য’ত হেপাঁহবোৰ এলাগী হয়
সপোনবোৰ তচনচ হয়
সুখ হৈ পৰে মায়াবী হৰিণী
য’ত বাৰিষাৰ কোবাল নৈ হয় জীৱন
ঠেলি-হেঁচুকি লৈ যায় পকনীয়াৰ গহ্বৰলৈ
কেতিয়াও উভতি আহিব নোৱাৰাকৈ

এটি অজুহাত পালেই মই গুচি যাব পাৰোঁ
কোনেও নোযোৱা বাট এটিৰে
সিপাৰে কি নজনা সুঁতি এটাৰে
গৈ গৈ নিৰুদ্দেশ হৈ যাব পাৰোঁ
কোনোবা অচিন-অজান কেকুঁৰিত৷

Thursday, 8 September 2016

অপেক্ষা

তোমাৰ পৰা হাজাৰ মাইল দূৰত
মৌনতাৰে মুখৰ এটি নিশা
দুলি আছেহি
মোৰ চোতালত সোঁৱৰণীৰ ঢৌ  তুলিছেহি
মিলনৰ আকলুৱা পল গণিছেহি

তোমাৰ অবিহনে
হৃদয়ত ওলোমা বাদুলি হৈ ৰয়
টুকুৰা-টুকুৰি অস্থিৰতা
নিশাবোৰৰ উচপিচনিত
বগুৱা বাই আহে অনিদ্ৰা
শূন্যতাই ভাৰাক্ৰান্ত কৰি তোলেহি
মোৰ ইপাৰ সিপাৰ

এই কংক্ৰীটৰ মহানগৰীত
নিজম নিশাবোৰ জয়াল হৈ নুঠে
ফেঁচাৰ উৰুলিত
বিজুলী-ঢেৰেকনিৰে মুখৰিত হৈ
বাৰিষাও নাহে এই নগৰীলৈ

তুমি আহিলেই ইয়াত যে বসন্ত নামিব
প্ৰাণহীন নগৰী জীপাল হৈ উঠিব
চঞ্চল সময় ৰৈ যাবহি
ভালপোৱাৰ কেঁকুৰিত
দুয়ো এক হৈ যোৱাৰ গান এটি আওৰাব

তুমি অহাৰ দিনা
বিৰহী শীতৰ পুৱাও
হিয়াখন উমাল হৈ ৰ’ৱ
গোমোঠা আকাশৰ ডাৱৰ ফালি
এছাটি ৰ’দ উজ্বলিব
এই বিদেশী মাটি আৰু বতাহ
আপোনত্বৰ গোন্ধত আমোলমোলাব

তুমি অহাৰ দিনা
মই পাখিলাহী পখিলা হ’ম
অতদিনে গোঁজ মাৰি থোৱা
হাঁহিবোৰ এৰি দিম
আৰু চকুপানীবোৰকো
তোমাৰ বুকুত ঠাই উলিয়াই দিম

তুমি অহাৰ দিনা
মই সুখী হ’ম
সকলো হাঁহাকাৰ দলিয়াই
পৰিপূৰ্ণ হ’ম

তুমি আহিবানে?
তুমি আহিবানে?

Saturday, 13 August 2016

আহা আমি কথা পাতোঁ

আহা আমি কথা পাতোঁ
Source:artbp.com

এবাৰ কাণ পাতি শুনি চাওঁ
কথাৰ শেষৰ মৌনতাৰ কোৰ্হাল
বুকু পাতি আদৰি লওঁ
ইজনে সিজনৰ অযুত হাহাঁকাৰ
আহা এবাৰ সঁচা অৰ্থত মুখামুখি হওঁ
ইজনে সিজনৰ, নিজে নিজৰ


একো নাই যদিহে 
তোমাৰ কথাত ৰুঢ় বাস্তৱে
উদাসীনতাৰ সুৰ তোলোতে
মই মাতাল হৈ থাকো
জীয়াই থকাৰ ৰঙীন নিচাত
অথবা সপোনৰ ৰামধেনু ৰচাত


তথাপিও কোঁৱা
তোমাৰ বুকুত কিহে ঘৰ পাতিছে
কিহে আজুঁৰি নিছে স্নিগ্ধ হাঁহি
সোধা মোৰ উচ্ছল জুৰিটোৰ
কোন গহ্বৰত সাঁচি থৈছোঁ
যন্ত্ৰণাৰ অপাৰ সাগৰ


ধুমুহা আহে আৰু যায়
তাৰ মাজেদিয়েতো জীৱন
সময়-দু:সময়ৰ ৰছীৰে 
খেলোৱা পুতলা আমিবোৰ
সেইবুলিয়েই তুমি নীৰৱ হৈ ৰ’ৱানে
সকলো আঁটি আঁটি বান্ধি
বুকুখন শিল কৰি লৈ 
অপেক্ষা কৰিবানে ধুমুহা শাম কটালৈ?


নপতা কথাবোৰেইতো গঢ়ে
শূন্যতা আৰু অপ্ৰেমৰ বৰঘৰ
আবতৰীয়া বা-মাৰলিজাকে কঁপাই দিয়েহি
ভালপোৱাৰ অখণ্ড চাকিগছি 
সহমৰ্মিতাৰ পৰশে ঢ়ুকি নোপোৱাকৈ
হৃদয়ৰ মাজত গঢ়ে
উদাসীনতাৰ অভেদ্য দেৱাল

সেয়েতো মই এইপাৰে আকুল হৈ
ৰৈ আছোঁহি বুকু পাতি
উবুৰিয়াই দিয়াহিচোন তোমাৰ
উদাসীনতাৰ আঁৰৰ অনুভৱী নৈ
কেনে আছোঁ মই এবাৰ সোধা

আহা আমি কথা পাতোঁ
এবাৰ কাণ পাতি শুনি চাওঁ
কথাৰ শেষৰ মৌনতাৰ কোৰ্হাল
বুকু পাতি আদৰি লওঁ
ইজনে সিজনৰ অযুত হাহাঁকাৰ
আহা এবাৰ সঁচা অৰ্থত মুখামুখি হওঁ
ইজনে সিজনৰ, নিজে নিজৰ
আৰু আকৌ এবাৰ জুৰুলি-জুপুৰি হওঁ 
ভালপোৱাৰ হেপেহুৱা বৰষুণজাকত৷

Monday, 27 October 2014

একাত্ম

আধা দশকৰ নিৰ্বাক অনুভৱে সিদিনা
উখল মাখল কৰি তুলিছিল হৃদয়ৰ চোতাল
ফুটো নোফুটোকৈ শব্দৰ ৰূপ লৈছিল
এজাক বৰষুণ সৰিছিল, ধাৰাসাৰ
এটা মুহুৰ্ত সোণালী ফ্ৰেমত বন্দী হৈছিল
আৰু আমি একেলগে খোজ দিছিলো
এক সেউজীয়া বাটেৰে
শৰতৰ শুকুলা ডাৱৰে দি গৈছিল
জীৱনৰ এক নতুন ঠিকনা
সময়ৰ আঁচোৰক দেও দি যোৱা
এক মায়াময় আত্মীয়তা
যি উপচাই ৰাখিছে মোৰ ইকুল-সিকুল
প্ৰতি পল, প্ৰতি দিন
চিৰদিন


ৰচনা: ২৫ অক্টোবৰ, ২০১৪

Thursday, 9 June 2011

বৰষুণ

আবতৰীয়া বৰষুণ এজাকে জুৰুলি জুপুৰিকৈ তিয়াই পেলালেহি সন্ধ্যাৰ পৃথিৱীখন
গোমা আকাশ খণ্ড-বিখণ্ড কৰি চমকাই তুলিলে বিজুলীৰ ৰেখাবোৰে
আকাশ খনে গৰজিয়ে থাকিল অবিৰত
ধূলিৰ আৱৰণ ভেদি হৃদয়ৰ আলি-পদূলিত চিনাকি মাটিৰ সুৰটো উভতাই ননালৈকে!

Saturday, 20 September 2008

তুমি অহাৰ কথা আছিল

 
তুমি অহাৰ কথা আছিল
ব্যাকুল প্ৰতীক্ষাই ধুৱাই নিয়া বাটটোৰে
এবুকু অবুজ হাহাঁকাৰ সামৰি ল'বলৈ আলফুলে
আউসীৰ চোতালত মুঠি মুঠি জোনাক সিঁচিবলে
 
তুমি অহাৰ কথা আছিল


 
আকাশচুম্বী এপার্টমেন্টৰ সলনি
তোমাক আদৰাৰ কথা আছিল
ৰঙা কৃষ্ণচূড়াৰ ঠিকনাৰে
সুগন্ধি বাটটোৰে দুয়ো একেলগে
অলপ খোজকঢ়াৰ কথা আছিল
দুটিমান নীৰৱ মুহুর্ত্ত
মৌনতাৰে মুখৰ কৰি তোলাৰ কথা আছিল
দুয়ো একেলগে আওঁৰোৱাৰ কথা আছিল
এটা মংগলময় প্ৰার্থনা
 
তুমি অহাৰ কথা আছিল
কাৰণ আহিম বুলি তুমি কথা দিছিলা
 
এতিয়া ইয়াত উদাসী সুৰ
কৃষ্ণচূড়া বিৱর্ণ অকলশৰীয়া
মর্মাহত অপেক্ষাৰ বাট
সকলোৰে আঁৰত
শব্দময় হৃদয়ৰ সজল মৌনতা
তুমি যে নাহিলা
তুমি যে নাহিলা।

Thursday, 3 January 2008

শীত নামিব ধৰিছে

শীত নামিব ধৰিছে
মায়াময় কুঁৱলীৰ শুভ্ৰতাই
হৃদয় পথাৰৰ ইকুল সিকুল 
আৱৰি পেলাইছে
অনুভৱৰ লঠঙা গছবোৰ
ঠক ঠককৈ কঁপিছে
ক’ৰবাৰ উদাসী সুৰ এটিয়ে
জুহালৰ উমাল পুৱা
চেতনাক জগাইছে
পদুলিমুখত যে ৰৈ আছেহি
ভালপোৱা চিকুণ ৰ’দ
কাণে কাণে তাৰে বতৰা দিছে
শীত নামিব ধৰিছে

ৰচনাকাল- জানুৱাৰী২০০

Thursday, 11 October 2007

কবিতা

কোনে জানিছিল 
সৰাপাতৰ খচমচনিত যে
লুকাই থাকিব পাৰে
কিমান বিষাদৰ হুমুনিয়াহ
য’ত টগবগাই উঠে
গছে এলাগী কৰাৰ অপাৰ যন্ত্ৰণা

অথবা কিহৰ মায়াত
নিজৰ আলসুৱা বাহটোলৈ
ব্যাকুল হৈ উভতি আহে
আকাশৰ সীমা চুব খোজা চৰাইটো

কোনে জানিছিল 
হাজাৰ বাধা নেওচিও একা বেঁকা বাটেৰে
কিয় নিৰবধি বৈ যায় নৈখন
কোনোবা সাগৰৰ বুকুত একাকাৰ হ’বলৈ

কোনে জানিছিল 
এই যাযাবৰী ব্যর্থ কবিও যে
এদিন সৰাপাতৰ দৰে
বিচ্ছেদৰ যন্ত্ৰণাত ডুব যাব

বাহলৈ উভতা চৰাইটোৰ দৰে
গৈ গৈ ক’ৰবাত ৰৈ যাব
এখন ঘৰৰ মায়াত
আৰু নিৰবধি নৈ খনৰ দৰে
বৈ যাব মৰমৰ সাগৰলৈ

হ্য়তো প্ৰত্যেকেই সন্ধান কৰে
সংগোপনে এক নিশ্চিন্ত আশ্ৰয়
যাৰ বুকুত নিৰলে উজাৰি দিব পাৰি
ক্লান্ত হৃদয়ৰ সকলো ব্যথা
যাত্ৰাৰ শেষত উভতি অহাকৈ
বুকুয়ে বুকুয়ে যি মেলি থয় 
ভালপোৱাৰ অজস্ৰ শিপা
কোনেও নজনাকৈ।


ৰচনাকাল- অক্টোবৰ, ২০০

Friday, 3 August 2007

এছ এম এছত বৰষুণ



তোমাৰ এছ এম এছৰ
বৰষুণৰ এটা টোপালেই মাতি আনিলে
এজাক ধাৰাসাৰ বৰষুণ


নোকোৱাকৈয়ে জানিলা তুমি
ঠিক তোমাৰ দৰেই
বৰষুণ যে খুবেই প্ৰিয় মোৰ

অথচ নুবুজিলা যে
একেখন আকাশৰে
একেখিনি ডাৱৰে নমোৱা
একেজাক বৰষুণতে তিতি বুৰি
জুৰুলি জুপুৰি হওঁ আমি
পৃথকে পৃথকে


ৰচনাকাল-আগষ্ট, ২০০৭

Friday, 27 July 2007

মাজৰাতিৰ নৈশব্দত


মাজৰাতিৰ নৈশব্দত
বিষাদৰ সুৰ এটা বাজে
সেই সুৰে গিলি থয় মোৰ
দিবাস্বপ্নৰ আকাশখন
বহুদিন নীৰৱ হৈ ৰোৱা
স্মৃতিবোৰ সাৰ পায় মাজৰাতি
ধুলি-মাকতি জোকাৰি
মনৰ চোতালত ওমলে
বিষাদৰ গীত জুৰি
ওৰে ৰাতি অনাদৰত পৰি ৰয় টোপনি।

ৰচনাকাল-২০০৭

Wednesday, 27 July 2005

আপোনাক কৈছো

যথেষ্ট বাস্তৱবাদী আপুনি
আবেগৰ টুলুঙা নাৱত উঠি
জীৱন নৈত উটি ভাঁহি ফুৰাৰ
কোনো দুৰাকাঙ্ক্ষা নাই আপোনাৰ
গতিকে সঠিক সিদ্ধান্তই ল'লে আপুনি
নীৰৱে আঁতৰি গৈ

ঠিকেই, কি দৰকাৰ আপোনাৰ
কাৰোৱাৰ বিষাদৰ অন্ধকাৰ অৰণ্যত
জোনাক সিঁচিবলৈ
বিবৰ্ণ লঠঙা গছবোৰত কুঁহিপাতৰ সন্ধান কৰিবলৈ 
নাইবা কাৰোৱাৰ তপত হুমুনিয়াহেৰে 
বুকুখন ওপচাই পেলাবলৈ৷

যথেষ্ট বাস্তৱবাদী আপুনি
কাৰোৱাৰ জীৱনৰ বাট ভেঁটি ৰোৱা
কেকটাছ উঘালি কিয়ইবা
ৰাঙলী কৰিব নিজৰ হাত
যদিও আপোনাৰ বহু দুঃসময়ৰ নিশা
মতলীয়া ধুমুহাই বাট বুলিছিল তেওঁৰ বুকুৱেদি
তেওঁ কাঁজলিয়ে কাঁজলিয়ে
সুখৰ সম্ভাৰ গোটাইছিল আপোনাৰ বাবে
নিজৰ সকলো হতাশা আৰু বেদনা 
সামৰি থৈ তেওঁ হাঁহিছিল প্ৰাণখুলি
গাইছিল বসন্তৰ গান
কেৱল আপোনাৰ বাবেই

যথেষ্ট বাস্তৱবাদী আপুনি
আপোন সত্বাক বিস্মৃতিৰ গৰ্ভলৈ দলিয়াই
সঠিক সিদ্ধান্তই ল'লে আপুনি৷

ৰচনাকাল-২০০৫