Showing posts with label ভ্ৰমণ কাহিনী: এছিয়া. Show all posts
Showing posts with label ভ্ৰমণ কাহিনী: এছিয়া. Show all posts

Wednesday, 1 May 2019

মালয়েছিয়াত দুসপ্তাহ (দ্বিতীয় খণ্ড)

মালয়েছিয়াৰ কুচিং বিমানবন্দৰৰ পৰা ওলাই টেক্সি এখন ল’লো৷ বান্ধৱী চিণ্ডিয়ে আগতীয়াকৈ ঠিক কৰি থোৱা এপাৰ্টমেন্টৰ ঠিকনাটো দেখুৱালোঁ টেক্সিৰ ড্ৰাইভাৰজনক৷ আকাৰে ইংগিতে কথা পতিব লগাত পৰিলো, কাৰণ মালয় ভাষাৰ এটা শব্দও নাজানো!

টেক্সিত প্ৰায় আধাঘন্টাৰ বাট৷ ভৰ দুপৰীয়াৰ উজ্জল ৰ’দ৷ বাট-পথবোৰ আমাৰ বাংগালোৰৰ দৰে যেন৷ দুটা সাগৰীয় দ্বীপৰ একাংশকৈ লৈ মালয়েছিয়া দেশখন৷ বনিঅ’ দ্বীপৰ অংশটোত পশ্চিমে থকা চাৰাৱাক ৰাজ্যৰ ৰাজধানী এই কুচিং মহানগৰী৷ বৰ্ণিঅ’ দ্বীপৰ মালয়েছিয়ান অংশটোৰ মাজতে আকৌ আছে ক্ষুদ্ৰ ব্ৰুণেই দেশখন৷

জাভাৰ সাগৰেৰে পৃথক হৈ থকা মালয়েছিয়া উপদ্বীপ (বাওঁফালে) আৰু বৰ্ণিঅ’ দ্বীপ (সোঁফালে) ৰ অংশটোত কুচিং মহানগৰী (ৰঙা চিন)

মোৰ ভাৱৰ যতি পেলাই টেক্সিখন ৰ’লহি এটা বিশাল অট্টালিকাৰ সন্মুখত৷ এফালে সন্মুখত বিশাল আখৰেৰে লিখা আছে- কনছুলেট জেনেৰেল অব ব্ৰুণেই! অন্যকাষে হোটেল৷ হয়তো বিশাল অট্টালিকাটোৰে কিছু অংশ এপাৰ্টমেন্ট হিচাপেও ৰাখি ব্যৱসায় কৰিছে৷  ড্ৰাইভাৰ জনক বাইশ ৰিংগিট (আমাৰ হিচাপত প্ৰায় চাৰিশ টকা) দি বিদায় দিলো৷ মোক দেখিয়েই হাঁহিমুখেৰে এগৰাকী সুসজ্জিতা ছোৱালী আগবাঢ়ি আহিল,

’জলি?’
’য়েছ্, এণ্ড ইউ আৰ এঞ্জি?’
’য়েছ্ য়েছ্! মই তোমাৰ কাৰণেই বাট চাই আছিলো, চিণ্ডিয়ে খৱৰ দিছিল তুমিয়ে প্ৰথম পাবাহি বুলি৷”

এঞ্জিৰ লগতে সোমাই গৈ লিফটেৰে দহ নম্বৰ মহলা পালোগৈ৷ সঁচা অৰ্থতে বিশাল ঘৰটোৰ বাহিৰ-ভিতৰ৷ আহল-বহল কৰিডৰ এটাৰে লৈ গৈ তাই এটা এপাৰ্টমেন্টৰ দুৱাৰ খুলি দিলেগৈ৷ ভিতৰত সোমায়ে উল্লাসিত হৈ উঠিিলো৷ আটোমটোকাৰিকৈ থোৱা এটা আধুনিক এপাৰ্টমেন্ট৷ প্ৰতিটো কোঠাৰ লগতে পৃথক বেলকনি৷ এঞ্জিয়ে ঘৰৰ সকলো সা-সুবিধা দেখুৱাই মেলি গ’লগৈ৷

আমাৰ দলটোৰ বাকীবোৰ বেলেগে বেলেগে দিনটোৰ ভিতৰতে পোৱাহিৰ কথা৷ ট্ৰলীটো একাষে থৈয়ে মই বেলকনি লৈ গ’লো৷ বহা কোঠাৰ বেলকনিৰ তলতে চাৰাৱাক নৈখন!  দিনে-নিশাই এখন নৈৰ পাৰত থাকিম, সেয়া দেখিয়েই ভাল লাগি গ’ল৷ তাতে যাওঁ যাওঁ কৈও যাব নোখোঁজা শ্বেফিল্ডৰ ঠাণ্ডা ডাৱৰে আৱৰা  দিনবোৰৰ পৰা আহি হঠাতে ৰ’দাল কুচিংখন পাই সুখী হৈ পৰিলো!

বস্তু-বাহানি চিজিল কৰি আজৰি হওঁ মানে চিণ্ডি আৰু পেডী ওলালহি৷ দু্য়োৰে হাতত ফিল্ডৰ বেকপেক৷ বৰ্ণিঅ’ দ্বীপত আমাৰ লেবৰ বহুদিনীয়া গৱেষণা চলি আছে- তাৰ ক্ৰান্তীয় বৰ্ষাৰণ্যৰ জৈৱবৈচিত্ৰ্যৰ সংৰক্ষণৰ বাবে৷ চিণ্ডী আৰু পেডীয়ে তাতে চলি থকা ফিল্ডৱৰ্কৰ পৰা বিৰতি লৈ ওলাইছেহি৷ দুয়ো আহিয়ে অৰণ্যৰ ৰোমাঞ্চকৰ খা-খৱৰবোৰ দিবলৈ লাগিল৷ কনফাৰেঞ্চ শেষ হোৱাৰ পিছত তালৈ এপাক মৰাৰ পৰিকল্পনা বাবে উৎসাহেৰে সিহঁতৰ কাহিনী শুনিলো৷


কথাৰ মাজতে কেইবাবাৰো কলিংবেল বাজি উঠিল৷ এজন এজনকৈ আহি ওলালহি ইংলেণ্ডৰ ৰেবেকা, ছিংগাপুৰৰ ফিলিক্স আৰু বাংগালোৰৰ পৰা তাম্মা৷ তাম্মাৰ বাহিৰে বাকী গোটেইকেইজন মোৰ বৰ্তমানৰ লেবমেট৷ তাম্মাও একালৰ সহকৰ্মীৰ পৰা হৈ পৰা আপোন বান্ধৱী৷ আজি দুবছৰৰ মূৰত লগ পালো! নিমিষতে আমাৰ আড্ডা জমি উঠিল৷

Wednesday, 2 January 2019

মালয়েছিয়াত দুসপ্তাহ (প্ৰথম খণ্ড)

যাত্ৰাৰ বাৰ্তা

শ্বেফিল্ড বিশ্ববিদ্যালয়, ইংলেণ্ড৷ চতুৰ্থ মহলাৰ এটা অফিচ৷ কীবৰ্ডৰ খট খট শব্দৰ সন্মিলিত সুৰে কোঠাটোৰ নীৰৱতাখিনি আঁতৰোৱাৰ চেষ্টাত অহৰহ লাগি পৰিছে৷  অৱশ্যে বেছি সময় তাৰ বাবে অপেক্ষা লগা নহ’ল!

’We are going to Kuching this July!' 

অফিচলৈ সোমায়ে কাকো বিশেষভাৱে উদেশ্য নকৰাকৈ ডেভে ঘোষণা কৰিলেহি৷ কম্পিউটাৰৰ স্ক্ৰীণৰ পৰা দৃষ্টি আতঁৰাই কেইবাযোৰা চকুৱে প্ৰশ্নবোধক চিন এটা লৈ ডেভলৈ চাই পঠিয়ালে৷ অৱশ্যে কোনো বিশেষ আচৰিত নহ’ল৷ ডেভ এনেকুৱাই! 

ডেভ মানে ডেভিদ আমাৰ গৱেষণাৰ গাইড৷ এনেকৈয়ে মাজে সময়ে আমি সকলোৱে কাম কৰা কোঠাটোলৈ আহি ডেভে একো একোটা ঘোষণা কৰেহি, কৌতুক কৰে নাইবা একো কথা নাথাকিলে আমাৰ ’ফুড টেবুল’ (যিখন সকলোৱে অনা হৰেক ৰকমৰ খাদ্যৰে প্ৰায়ে উপচি থাকে)-ৰ বস্তুবোৰকে চাই নতুন দুই এটাৰ সোৱাদ লৈ যায়হি৷ বিশেষ প্ৰয়োজন নাথাকিলে ডেভে এনে সময়ত কামৰ কথা সাধাৰণতে নুলিয়ায়৷

আমি কোনেও একো মাত নমতা দেখি ডেভে নিজেই ভেদ ভাঙিলে-

’কুচিঙত এখন কনফেৰেঞ্চ আছে৷ ক্ৰান্তীয় বৰ্ষাৰণ্যৰ জৈৱবৈচিত্ৰ্য সংৰক্ষণৰ ওপৰত৷’
’অ ইয়েছ৷ এ টি বি চি!’ বন্ধু ফিলিক্সে মাত দিলে৷

ডেভে উৎসাহহে পাই গ’ল যেন৷ ক’লে-
’আমাৰ লেবৰ পৰা এখন চিম্প’জিয়া কৰা যাওক৷’

বাচ্, লগে লগেই ঠিক হৈ গ’ল৷ সকলোৱে আগ্ৰহেৰে চিম্প’জিয়াৰ আয়োজনত লাগি পৰিলো৷ চিম্প’জিয়াত আমাৰ গৱেষণাৰ থীম অনুসৰি এটা বিষয় লৈ সেইবিষয়ত জড়িত অন্য বিজ্ঞানীসকলক বক্তৃতা দিবলৈ নিমন্ত্ৰণ কৰিলো৷ আমাৰ লগ দিলে একেধৰণৰ গৱেষণা কৰি থকা চিংগাপুৰৰ নেশ্যনেল ইউনিভাৰ্ছিটিৰ এটা দলে৷  বিষয় ঠিক হ’ল- পৰিৱেশ আৰু জৈৱবৈচিত্ৰ্য বিপন্ন নকৰাকৈ বিশ্বৰ আঠ বিলিয়ন লোকৰ বাবে কেনেকৈ খাদ্যৰ যোগান ধৰিব পাৰি? 

আমাৰ বৃহৎ লেবটোৰ পৰা ক্ৰান্তীয় অঞ্চলৰ জৈৱবৈচিত্ৰ্যৰ ওপৰত গৱেষণা কৰি থকা  মুঠতে পাঁচজন ওলালো কুচিঙলৈ বুলি- চিণ্ডি, পেট্ৰিক (পেডী), ফিলিক্স, ৰেবেকা আৰু মই৷ সাংগঠনিক কামত সদায়ে আগৰণুৱা চিণ্ডিয়ে দুমাহ পূৰ্বেই এয়াৰ বি এন বিত বিচাৰি-খুঁচৰি আমি সকলো একেলগে থাকিব পৰাকৈ এটা এপাৰ্টমেন্ট বুক কৰিলে৷ 

যোৱাৰ পৰত পিছে সকলো কামৰ বাবে বেলেগ বেলেগ ঠাইত থকাৰ বাবে ভাগে ভাগে যাব লগীয়াত পৰিলো৷  মই অকলশৰেই ওলালো লণ্ডনৰ পৰা৷ মালয়েছিয়ান এয়াৰলাইনছত কুৱালালমপুৰলৈ প্ৰায় বাৰঘন্টীয়া যাত্ৰা৷ কুৱালালামপুৰত এঘন্টাৰ বিৰতিৰ পিছত অন্য এখন ঘৰুৱা বিমানেৰে কুচিঙলৈ ডেৰঘন্টাৰ বাট৷ কুৱালালামপুৰত এঘন্টাৰ ভিতৰতে ইমিগ্ৰেশ্যনৰ কাম শেষ কৰি দ্বিতীয়খন বিমান সময়মতে ধৰিবলৈ যে টনাটনি হ’ব, সেইটো পিছতহে উপলব্ধি কৰিলো৷ দুয়োখন বিমান মালয়েছিয়ান এয়াৰলাইনছ বাবে যেনিবা অলপ সকাহ পালো৷ 

দুখন চিনেমা, কেইঘন্টামানৰ টোপনি আৰু কনফাৰেঞ্চত দিবলগীয়া মোৰ বক্তৃতাৰ ওপৰত কাম কৰাৰ বৃথা চেষ্টাৰ শেষত  কুৱালালামপুৰত অৱতৰণ কৰাৰ সময়ত দেখোঁ মই যাবলগীয়া বিমানখন উৰা মাৰিবলৈ মাথোঁ পোন্ধৰ মিনিট বাকী!

দৌৰাদৌৰিকৈ ওলায়ে দেখোঁ এয়াৰলাইনৰ ষ্টাফ ৰৈ আছে৷ হাতত প্লেকাৰ্ড৷ লিখা আছে,  'Passengers to Kuching, this way'

মোৰ চকুৰ দৃষ্টি অনুসৰণ কৰি ল’ৰাজনে সুধিলে, ’Connecting flight to Kuching?'
খৰধৰকৈ ক’লো, ’হয় হয়, আছে জানো এতিয়াও?’

’হয়, আপোনালোকৰ কাৰণেই ৰৈ আছে৷ বাওঁহাতে পোনে পোনে গৈ থাকক আৰু অলপ আগৰ পৰা ডমেষ্টিক টাৰমিনেললৈ ট্ৰেইনত যাব পাৰিব৷’

মোৰ আশে পাশে থকা কেইবাগৰাকী যাত্ৰীৰো মোৰ দৰেই থৰকাছুটি হেৰাল৷ অগাপিছাকৈ আমি সকলোৱে দৌৰিলো ৷ ট্ৰেইনত পাঁচমিনিটৰ বাট৷ তেতিয়ালৈ বিমানৰ নিৰ্দ্বাৰিত সময় পাৰ হৈছে৷

বিমানৰ পৰা দেখা পোৱা দক্ষিণ চীন সাগৰৰ একাংশ
কুৱালালমপুৰ এয়াৰপৰ্টটো ইমান বিশাল বুলি উপলব্ধিয়ে কৰা নাছিলো৷ টাৰ্মিনেল সলাবলৈকে আমি ট্ৰেইনেৰে যাবলগীয়াত পৰিলো৷ গৈ দেখোঁ তাৰ ইমিগ্ৰেশ্যনতো মানুহৰ দীঘলীয়া শাৰী৷ উপায়বিহীন হৈ শান্তভাৱেই থিয় দি ৰ’লো৷ শাৰীত মোৰ সন্মুখৰ আটাইকেইজন যাত্ৰীৰো গন্তব্যস্থান কুচিং ৷ ৰক্ষা যে ভিজাৰ প্ৰয়োজন নহ’ল এইবাৰ৷ মালয়েছিয়াৰ চৰকাৰে ভাৰতীয় সকলক কেইবছৰমান ধৰি ই-এন্ট্ৰিৰ সুবিধা দিছে৷ ই-এন্ট্ৰি কৰিলে নিজৰ ফটো আৰু অন্য তথ্য-পাতিবোৰ দি মাথোঁ অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে৷ ৰেজিষ্ট্ৰেশ্যনৰ তথ্যখিনিৰ পৰীক্ষা একেবাৰে ইমিগ্ৰেশ্যনতহে হয়৷ অৱশ্যে এই সুবিধা ল’লে খুউব বেছি পোন্ধৰ দিনহে থাকিব পাৰি৷

ইমিগ্ৰেশ্যনৰ কামখিনি সামৰি এইবাৰ  নিৰ্দিষ্ট গেটখন বিচাৰি দৌৰাদৌৰি আৰম্ভ হ’ল৷ পাঁচ-ছয়জনীয়া আমাৰ দলটোৱে অগা পিছাকৈ দৌৰিবলৈ আৰম্ভ কৰিলে৷ ফাইনেল কলত বাৰে বাৰে শুনিবলৈ পালো মোৰ নামটো৷  মোৰ দৌৰৰ গতি বাঢ়িল৷  কোনোমতে শেষমুহুৰ্ত্তত গৈ পাইহে স্বস্তিৰ নিশ্বাস পেলালো৷

এঘন্টাৰ ভিতৰতে আমাৰ বিমান গৈ কুচিং এয়াৰপৰ্টত নামিলগৈ৷ কুচিঙত দিনৰ দহ বাজিছে তেতিয়া৷ বিমানৰ পৰা ওলায়ে মোৰ চকু ছাট মাৰি ধৰিলে  উজ্জল ৰ’দজাকে! কিমানদিন যে হৈ গ’ল এনে ৰ’দ নেদেখাৰ৷ ব্ৰিটিছ আকাশত বছৰৰ বেছিভাগ দিনেই ওন্দোলা ডাৱৰৰহে লুকাভাকু৷  মালয়েছিয়াত অনাগত ৰ’দোজ্জল দুসপ্তাহৰ কথা ভৱিয়ে উচ্ছসিত হৈ উঠিলো৷ 

 চাৰাৱাক নদীৰ পাৰত ৰৌদ্ৰোজ্জল  কুচিং মহানগৰী

Monday, 22 April 2013

মুম্বাই

বাংগালোৰৰ পৰা মুম্বাইলৈ এটা ইন্টাৰভিউ দিয়াৰ বাবে যাব লগাত পৰিলোঁ৷ লগৰ ল’ৰা চেতানৰ ঘৰ তাতে৷ আজি দুবছৰ ধৰি লগো পোৱা হোৱা নাই৷ সি ক’লে, “মোৰ ঘৰলৈকে আহি যা!” একেলগে পঢ়া আৰু বৰ্ত্তমান বাংগালোৰতে কাম কৰি থকা লগৰ দিব্যাও ওলাল ৷ ক’লে “উই ৱিল হেভ ফান টুগ্যেদাৰ৷’’ শেষত গৈ থৈ ইন্টাৰভিউটো মুম্বাইলৈ যোৱাৰ অজুহাত হে হৈ পৰিলগৈ৷ পৰিকল্পনা চলিল… 

১) কে এছ আৰ টি চি-শ্লীপ লাইক এ বেবী


ইন্টাৰভিউলৈ কেইটামান দিন বাকী থাকোতেহে যোৱাৰ সিদ্ধান্ত লোৱাত খৰধৰকৈ যা-যোগাৰ কৰিব লগাত পৰিলোঁ৷ গতিকে ট্ৰেইনত একো সুবিধা কৰিব নোৱাৰিলো৷ লগৰবোৰে ক’লে বাছেই ভাল-ট্ৰেইনতকৈ বহুত কম সময় লয়৷ ২৪ ঘন্টাৰ ঠাইত ১৮ ঘন্টা৷ হ’ব- ঠিক আছে বুলি ভাৱিলো যদিও ১৮ ঘন্টা বাছেৰে একেৰাহে গৈ থকাৰ কথা ভাৱিয়ে চিন্তা লাগিল! উপায় নাই৷ আগতে কে এছ আৰ টি চিৰ বাছত দীঘলীয়া ভ্ৰমণ কৰাৰ মোৰ বিশেষ অভিজ্ঞতা নাই৷ দিব্যাই তাইৰ ঘৰ চেন্নাইত বাবে বাছেৰে অহা-যোৱা কৰিয়ে থাকে৷ তায়ে ক’লে, তাতে টিকেট কৰোঁ-ভাল চাৰ্ভিছ৷ হৈ গ’ল টিকেট৷ 

"শ্লীপ লাইক এ বেবী" বাছ
যথা সময়ত মেজেষ্টিকৰ কেম্পেগ’ৰা বাছ ষ্টেচন পালোগৈ৷ ম’বইলত এচ এম এচ আহিল আপুনি টিকেট বুক কৰা বাচৰ নম্বৰ অমুক, বাচ এৰাৰ সময় অমুক, আপোনাৰ চিটৰ নম্বৰ অমুক অমুক বুলি! ৰিপৰ্টিঙৰ বাবে ধাৰ্য্য সময়তে বাছ আহিল৷ বাছৰ গাত এটা টোপনিত লালকাল শিশুৰ ছবি, লিখা আছিল, “Sleep like a baby”৷ দিব্যাক আশ্চৰ্য্যৰে ক’লো, “বাহ, এনেকুৱাইনে!!” ধকধকীয়া বগা ইউনিফৰ্মেৰে কণ্ডাক্টৰ আগুৱাই আহিল৷ প্ৰত্যেকৰে টিকেট আৰু আই কাৰ্ড পৰীক্ষা কৰি এজন এজন কৈ যাত্ৰীসকলক সোমাবলৈ দিলে৷ সময়মতেই বাছ চলিল৷ লগে লগে আমাক পানীৰ বটল আৰু কম্বল একোখনকৈও দি গ’ল৷ শীত-তাপ নিয়ন্ত্ৰিত বাছ, আৰামদায়ক আসন, কানাড়া চিনেমা এখন আৰম্ভ হ’ল৷ ইংৰাজী চাবটাইটল নাথাকিলেও তেনেকৈয়ে চাই চাই টোপনি গ’লো৷ নিশা ভাত খাবলৈ এখন ৰেষ্টুৰেন্টত বাছ ৰ’ল৷ কণ্ডাক্টৰে পূৰ্বেই সকীয়াই দিয়া মতেই বিশ মিনিটতকৈ অকনমাণো পলম নকৰাকৈ বাছে গতি ল’লে৷ ট্ৰেফিক জামত ৰৈ মেলি ১৮ ঘন্টাৰ ঠাইত ২০ ঘন্টাৰ অন্তত পিছদিনা বাৰ বজাত মুম্বাইৰ মালাডত নামিলোগৈ ৷ কিন্তু ভৱাৰ দৰে অকণো ভাগৰ নালাগিল, আমনিও নালাগিল৷ I actually slept like a baby :)


২) মুম্বাই-ট্ৰেফিক

আমি গৈ পোৱাৰ দিনাই চেতানে সকীয়াই দিলে মুম্বাইৰ ট্ৰেফিকৰ সমস্যাৰ বিষয়ে৷ গতিকে ইন্টাৰভিউৰ দিনা সোনকালে ওলোৱাৰ সিদ্ধান্ত ল’লো৷ ইন্টাৰভিউ আছিল পুৱা দহ বজাত, ফৰ্ট অঞ্চল মানে দক্ষিণ মুম্বাইত৷ চেতানৰ ঘৰ পশ্চিম মালাডৰ পৰা তালৈ প্ৰায় ৩৫ কিলোমিটাৰ বাট৷ সেয়ে সিহঁতৰ গাড়ীৰে পুৱা আঠ বজাতে ওলালো৷ ইমানকৈ শুনি অহা মুম্বাই ট্ৰেফিক জামৰ পৰা পিছে ৰক্ষা নপৰিলো৷ বান্দ্ৰা-ৱৰলী চি লিংকতে ট্ৰেফিক জামত বহু সময় ৰৈ থাকিব লগাত পৰিলো আমি৷ দিব্যাই ইফালে সিফালে ফটো ল’লে৷ ইন্টাৰভিউ বুলি থকা অৱশিষ্ট অসহজবোধ খিনি আঁতৰাবলৈকে ময়ো ফটো লোৱাত লাগিলো৷ কিন্তু ঘড়ীৰ কাঁটাই যেতিয়া ন-পঞ্চলিছ বুলি সময় দেখুৱালে, মই কিছু চিন্তিত হৈ উঠিলো৷ চেতানক সুধিলো, “আৰু কিমান দূৰ?” সি বোলে, “উই আৰ জ্যাষ্ট দেয়াৰ!” ঘড়ীৰ কাঁটাৰ লগে লগে মোৰ টেনছনো বাঢ়ি গ’ল কিন্তু চেতানৰ উত্তৰ একেটাই থাকিল- “উই আৰ জ্যাষ্ট দেয়াৰ!” দহ বাজি গ’ল-এক দুই মিনিটকৈ সময় গৈ থাকিল৷ আমাৰ গাড়ী মাজে মাজে চলিল, মাজে মাজে জামত আকৌ ৰৈ গ’ল৷ 


চেতানে সন্মুখৰ গাড়ীবোৰক দুটামান গুৱাল-গালি পাৰিলে৷ সাধাৰণতে সকলো সময়তে একেবাৰে টেনছন ফ্ৰী হৈ থকা ধৰণৰ ছোৱালী দিব্যাইয়ো মাজতে এবাৰ সুধিলে মোক, “ তেওঁলোকে জানেতো তই ইন্টাৰভিউ দিবলৈ আহি আছ বুলি?” মই ‘অ’ বুলি কয়েই মনতে নিজক সান্তনা দি থাকিলো৷ কাৰণ ইয়াৰ আগতে সকলো ইন্টাৰভিউতে মই কমেও এঘন্টাৰ আগতেই উপস্থিত হোৱাৰহে অভ্যাস৷ এনেকৈ পলম হ’লে কি কৰা উচিত মোৰ একো ধাৰণাই নাই৷ গতিকে মই নীৰৱে ৰ’লো৷ আমি যেতিয়া এশ বছৰীয়া ঐতিহাসিক মুল্লা হাউচ অৰ্থাৎ মোৰ গন্তব্যস্থান পালোগৈ তেতিয়া দহ বাজি বিশ মিনিট৷ দিব্যা-চেতানে আগবঢ়াই থৈ গুচি গ’ল৷ ইমান ততাতৈয়াৰ মাজতো সিহঁতক ক’বলৈ নাপাহৰিলো, “মোলৈ ৰৈ থাকোতে যিমান ঘুৰিবলৈ মন যায় ঘুৰিবি, কিন্তু বাড়াপাও নাখাবি, মই ওলোৱাৰ পিছত একেলগে খাম!”

গৈ দেখিলো ইন্টাৰভিউ আৰম্ভ হৈছে কিন্তু মোৰ পাল পৰা নাই৷ মোৰ কাগজ-পত্ৰ দেখুৱাই মেলি শান্তিৰ নিশ্বাস লৈ বহিলোগৈ৷ পোন্ধৰ মিনিট মানৰ পিছতেই মোক ভিতৰলৈ মতা হ’ল৷ সময়খিনি ভালদৰেই পাৰ হৈ গ’ল যেনিবা ৷ তাৰ পৰা ওলায়েই দিব্যা আৰু চেতানক খৱৰ দিলো৷ সিহঁত ওচৰতে আছিল, লগে লগেই আহিল৷ এই পঞ্চলিছ মিনিট কি কৰিলে সুধিলো৷ দিব্যাই পৰম সন্তুষ্টিৰে ক’লে বোলে কিনো কৰিব ভাবি নাপাই বড়াপাও খাই আহিল৷ এনেয়ে ইন্টাৰভিউলৈ পলম হোৱাৰ খংটো সামৰি থোৱা আছিলেই৷ এইটোৱে তাকে উলিয়াবলৈ সুবিধা কৰি দিলে৷ জাৰি দিলো দুয়োটাকে৷ পিছত কালাঘোঁৰাৰ অতিকায় আকাৰৰ গিলাচত ফ্ৰেছ কুঁহিয়াৰৰ ৰস খুৱাইহে সিহঁতে মোক শান্ত কৰিলে৷

৩) এদিনৰ বাবে মেৰী ক'ম  



দিব্যাই তোলা সেই ফটোখন 
দিব্যা আৰু চেতানৰ লগত এদিন লোকেল ট্ৰেইনত মালাডৰ পৰা চাৰ্চগেটলৈ বুলি উঠিলো৷ চেতান চিধাই গৈ দুৱাৰমুখত থিয় দিলেগৈ, তাত ৰৈ বতাহ খাই খাই গৈ হেনো তাৰ বিৰাট আৰম লাগে! ভিৰৰ বাবে দিব্যা আৰু মই দুয়ো থিয় হৈয়ে গৈ আছিলো৷ ট্ৰেইন চলি থকাৰ মাজতে বহা আসনৰ পৰা এজন বয়সস্থ লোকে দিব্যাক মাত লগাই কিবা সুধিলে৷ দিব্যাই মাত্ৰ হাঁহি লৈ ‘ন’’ বুলি কৈ থ’লে৷ ষ্টেচনৰ কথা সুধিছে বুলি ময়ো বিশেষ গুৰুত্ব নিদিলো৷ পিছত মানুহৰ ভিৰ কমাত আমি দুয়োজনীয়ে যেতিয়া শান্তিৰে এচুকত বহিলোগৈ দিব্যাই ক’লে, মানুহজনে সুধিছিল, “এওঁ মেৰী ক'ম নেকি?” এওঁ মানে দিব্যাৰ কাষত থিয় দি থকা মই! মোৰ আশ্চৰ্য্যৰ সীমা নোহোৱা হ’ল! কিন্তু দিব্যাই ক’লে এইটো ইমানো অস্বাভাৱিক কথা নহয়৷ তাই যুক্তি দিলে যে প্ৰথম দেখিলে আমাৰ উত্তৰ-পূবৰ মংগোলীয় সাঁচৰ সকলো মানুহকে সিহঁতৰ দৰে বাহিৰৰ মানুহৰ একে যেন লাগে৷ কিছুদিন ওচৰৰ পৰা পালেহে হেনো পাৰ্থক্যবোৰ দেখা পায়৷ গতিকে মোৰ মংগোলীয় চেহেৰা দেখি মেৰী কম বুলি ভুল কৰাটো একো ডাঙৰ কথা নহয়৷ মোৰ প্ৰতিক্ৰিয়া কেনে হোৱা উচিত ভাৱি নাপালো৷ কিন্তু পিছত কাৰৱাৰ নামৰ কৰ্ণাটকৰ সীমান্তৱৰ্তী ঠাই এখনত মেৰী ক'মৰ বিশাল হৰ্ডিং এখন দেখি দিব্যাই কৰা অন্যায় (?) অনুৰোধ ৰাখি মই ফটোৰ বাবে প’জ দিব লগা হ’ল৷


৪) জুহু বীচ্চত এটা প্ৰাণোচ্ছল গধূলি

এনিশা বাইদেউ দুগৰাকীৰ লগত অন্ধেৰীত থাকিলো৷ নিশা সিহঁতে জুহু বীচ্চলৈ লগ ধৰিলে- ওলালো৷ অট’ৰে গৈ বীচ্চত নামিলোগৈ৷ দেখিলো দিনটোৰ আমনিদায়ক গৰমৰ আতিশয্যৰ পৰা সকাহ পাবলৈকে নেকি সাগৰৰ পাৰত অলেখ অসংখ্য মানুহ ৷ কোনোৱে পাৰে পাৰে খোজ দিছে, কোনোৱে পানীত খেলিছে, কোনোৱে জুম পাতি লৈ আড্ডা দিচে, কোনোৱে আকৌ বালিতে কাপোৰ এখন পাৰি ক্ষন্তেকৰ বাবে দীঘল দিছে৷ বীচ্চৰ একাষে শাৰী শাৰী ফাষ্ট ফুড ষ্টলত মানুহৰ বিৰ দি বাট নোপোৱা অৱস্থা৷ আমি বহুপৰ সাগৰৰ চেঁচা বতাহৰ আমেজ লৈ লৈ বালিৰ ওপৰেদি খোজ কাঢ়িলো৷ প্ৰচণ্ড গৰমৰ পৰা আহি মন শাঁত পৰি গ’ল৷ কণমাণি বোৰে সাগৰৰ ঢৌবোৰৰ স’তে কৰা খেলাবোৰ চাই তবধ মানিলো৷ ভয় বা আশংকাৰ যেন চিন চাবেই নাই৷ মাক-দেউতাকেও ল’ৰা-ছোৱালীক ইচ্ছামতে স্ফূৰ্তি কৰিবলৈ দি বালিত বহি আৰাম কৰিছে, আড্ডা দিছে৷ দিব্যাই ক’লে, চেন্নাইত সাগৰৰ পাৰত এনে দৃশ্য এতিয়া দুৰ্লভ৷ নিশা বাৰ বজাৰ পিছত কাকো বীচ্চত থকাৰ অনুমতি দিয়া নহয়৷ কেইবাটাও দুৰ্ভাগ্যজনক ঘটনাৰ পিছত শেহতীয়াকৈ এনে পদক্ষেপ লোৱা হৈছে হেনো৷ 


জুহুৰ বীচ্চৰ গধুলি
যি নহওক গা-মন শীতল কৰি ফাষ্ট ফুডৰ দোকানবোৰলৈ গ’লো৷ সোমায়েই মূৰ ঘুৰাই গ’ল৷ সীমা-সংখ্যা নোহোৱা দোকান, অলেখ অজস্ৰ খোৱাবস্তু, কেনি যাম-কি খাম যেন অৱস্থা হ’ল৷ তাতে প্ৰতিখন দোকানৰ পৰা একোজন প্ৰতিনিধি আগুৱাই আহি নিজৰ নিজৰ দোকানৰ গুণ বখানি আমাক খাবলৈ নিমন্ত্ৰণ কৰিবলৈ লাগিল৷ নিমন্ত্ৰণ নহয় যেন টনা-আজোৰাহে! অৱশেষত খালো- বাটাৰত ডুবাই ডুবাই ৰন্ধা পাওভাজি, মুখখন যিমান পাৰি ডাঙৰকৈ মেলিলেও সুমুৱাব নোৱাৰা আকাৰৰ বড়াপাও, বেনাৰসী বুলি মিছাকৈ দিয়া অতি মিঠা চুপাৰিবিহীন পান সকলো খালো৷ 

সিদিনালৈ আৰু একো খাবলৈ পেটত ঠাই নাথাকিল৷

৫) কাৰৱাৰৰ সাগৰ

মুম্বাইৰ পৰা উভতি আহোতে আমি কৰ্ণাটকৰ সীমান্তৱৰ্ত্তী এখন সৰু ঠাই কাৰৱাৰত এটা দিন কটাবলৈ ঠিক কৰিলো৷ চেতানৰ মাকৰ মূল ঘৰ এই ঠাইত৷ সেয়ে আমাৰ স’তে চেতানো আহিল৷ মুম্বাইৰ পৰা ট্ৰেইনেৰে বাৰ ঘন্টা আহি আমি কাৰৱাৰৰ সৰু ৰেলৱে ষ্টেচনটোত নামিলোহি৷ তেতিয়া দিনৰ এঘাৰ বাজিছে৷ আমাৰ প্ৰত্যেকৰে হাতত মজলীয়া আকাৰৰ একোটা পিঠিত লোৱা বেগ৷ চেতানে ক’লে তাৰ মামাকৰ ঘৰ মাজালী নামৰ গাওঁখনত আৰু কাৰৱাৰ টাউনৰ পৰা তালৈ দহ কিল’মিটাৰ মান৷ গতিকে তালৈ যোৱাৰ আগতে আমি কাৰৱাৰৰ বীচ্চ চাই যোৱাৰ সিদ্ধান্ত ল’লো৷

মই প্ৰথম সাগৰ দেখা পোৱাৰ বেছি দিন হোৱা নাই৷ অৱশ্যে তাৰ পিছত সাগৰৰ পাৰৰ মেনগ্ৰুভ অৰণ্যত একেৰাহে পাঁচমাহ থাকি কাম কৰাৰ অভিজ্ঞতা হ’ল৷ তথাপিও শৈশৱৰে পৰা সাগৰৰ পানীত খেলি ডাঙৰ হোৱা চেতান, দিব্যা হঁতৰ দৃষ্টিত মই সাগৰ নেদেখা ছোৱালীজনীয়ে হৈ থাকিলো! গতিকে প্ৰতিবাৰেই এনেকুৱা সুবিধা পালে সিহঁতে মোক সাগৰখন দেখুওৱাৰ দায়িত্বটো উৎসাহেৰে পালন কৰে! এইবাৰ অৱশ্যে দিব্যাও খুউব উৎসাহী হৈ আছিল৷ অতদিনে তাই হেনো পশ্চিমৰ বীচ্চ দেখাৰ সুবিধা পোৱা নাছিল৷ ময়ো বেয়া নাপালো-জুহুৰ মানুহেৰে পূৰ্ণ বীচ্চৰ পিছত কাৰৱাৰৰ নীৰৱ বীচ্চৰ ৰূপো চাই যোৱা হব বুলি৷ কিন্তু আমাৰ মুম্বাই ভ্ৰমণৰ গাইড জনৰে মানে চেতানৰে অকণো উৎসাহ নাই৷ আমি টানি লৈ ফুৰাৰ দৰে হ’ল তাক৷ সি বোলে, সৰুৰে পৰা দেখি অহা একেবোৰ ঠাইকে সি কি উৎসাহেৰেনো বাৰে বাৰে চাব! 

কাৰৱাৰৰ দুপৰীয়াৰ সাগৰ
ভৰ-দুপৰীয়া চোকা ৰ’দ জাক মূৰত লৈ জনপ্ৰাণীশূন্য ৰৱীন্দ্ৰনাথ ঠাকুৰ বীচ্চলৈ গ’লো আমি তিনিওটা৷ চেতানে বালিত বহি দুঘন্টামান সময় ধৰি আমাৰ বেগ আৰু চেন্দেল-জোতাৰ পহৰা দিলে৷ দিব্যা আৰু মই গোটেই পাৰটোত এপাক মাৰিলো, সাগৰৰ ঢৌৰ লগে লগে জাপ মাৰিবলৈ চেষ্টা কৰিলো, সৰু ৰং-বিৰঙী শংখ বুটলিলো৷ তেতিয়া অনুভৱ কৰিলো, সদায় দেখিলেও এই সাগৰৰ ৰূপ কেতিয়াও নতুনত্ব বিহীন হৈ নাযায়, তেনে হৈছে বুলি ভৱাটো আচলতে চেতানৰ ভুল ধাৰণাহে৷

৬)মাজালী-
সাগৰৰ পাৰৰ এখন শান্ত গাওঁ 

অৱশেষত একমান বজাত মাজালীৰ গাঁৱৰ ঘৰ পালোগৈ আমি৷ চেতানৰ ককাক-আইতাক ঢুকুৱাৰ পিছত বৰ্ত্তমান দুজন মামাকে ঘৰখন চলাই আছে৷ ডাঙৰ জনে বিয়া কৰালে-দুজনী ছোৱালী, ৰুচি আৰু অনুস্কা৷ ৰুচি পঞ্চম শ্ৰেণীত, অনুস্কা সপ্তম শ্ৰেণীত৷ দুয়োজন মামাকে পৈতৃক সূত্ৰে পোৱা কাপোৰৰ ব্যৱসায় চম্ভালে৷ সেই অঞ্চলত সেইখনেই আটাইতকৈ ডাঙৰ আৰু পুৰণি কাপোৰৰ দোকান৷ তাতে এইসময়তো বিয়াৰ বতৰ৷ গতিকে দুয়োৰে খাৱন-শুৱন বাদ দিয়াৰ দৰে অৱস্থা৷

মাজালীৰ ঘৰটো পুৰণি, দেখাত বাহিৰৰ পৰা ইমান ডাঙৰ যেন নেদেখায় কিন্তু এবাৰ ভিতৰত সোমালে ইটোৰ পিছত সিটো কোঠা, তলৰ পৰা ওপৰলৈ উঠা-নম কৰা খটখটিৰ মাজত নিজকে হেৰুওৱাৰ উপক্ৰম হয়৷ তাতে দোকানৰ গুডামত বস্তুৰ বাবে ঠাইৰ নাটনি হোৱাত ঘৰৰ অন্য কোঠাবোৰতো শাৰীৰ পেকেটৰ দ’ম লাগি আছে৷ আনকি খটখটিৰো আধা মানুহক অহাযোৱা কৰিবলৈ এৰি দি বাকী অংশত শাৰীৰ পেকেটেৰে ভৰাই থোৱা৷ এই সকলোবোৰৰ মাজেৰে নি চেতানে আমাক প্ৰকৃততে মানুহ থকা কোঠা যেন লগা এটা কোঠাত সুমুৱালেগৈ৷ জিৰণি ল’লো তাতে৷

চেতানৰ মামীয়েকে ৰন্ধা সুস্বাদু কেকোঁৰা আৰু অইষ্টাৰেৰে ভাত খাই এবাগৰ নিদিয়াকৈ ৰ’ব নোৱাৰিলো৷ কিন্তু বেছি সময় নহ’লেই, ৰুচি, অনুস্কাই আমাৰ কোঠাৰ দুৱাৰেদি জুমি জুমি চাবলৈ লাগিল৷ হাত-বাউলি দি মাতিলো৷ দুয়ো উৎসাহেৰে সোমাই আহি কথা পাতিবলৈ আৰম্ভ কৰিলে৷ সিহঁতৰ নিজৰ নিজৰ মেকুৰী পোৱালী দুটা দেখুৱালে, গম পালো ইজনীয়ে সিজনীৰ মেকুৰী চুই চোৱাৰো অধিকাৰ নাই, তেনে হ’লেই তামাম কাজিয়া হৈ যায়৷ ৰুচিয়ে তাইৰ ৰিম’ট কন্ট্ৰলৰ গাড়ী খন দেখুৱালে৷ অনুস্কাই ডিস্ক’ভাৰী চেনেলে প্ৰকাশ কৰা বিশ্বৰ জীৱ-জন্তু, চৰাই আদিৰ ৰং বিৰঙৰ অতিকায় কিতাপখন আনি দেখুৱালেহি৷ মই চৰাইৰ ওপৰত গৱেষণা বুলি জানি ইটো সিটো প্ৰশ্নৰে ব্যতিব্যস্ত কৰি তুলিলেহি৷

গধূলি আমি গাওঁখনতে এপাক মাৰোগৈ বুলি ওলাই গ’লো৷ গাৱঁৰ বাটেৰে পোনে পোনে এক কিল’মিটাৰ মান গ’লেই সাগৰ৷ সেইখিনিতে কেইবাখনো মাছমৰীয়া গাওঁ৷ সাগৰৰ পাৰত বহুতো মাছমৰীয়া নাওঁ৷ এফালে শিলৰ এটা সৰু পাহাৰ৷ শান্ত ঠাইৰ শান্ত সাগৰ৷ তাতে বহি ৰ’লো বহুপৰ৷ 

মাজালীৰ দুভাগ দুৱাৰ
 উভতি আহোতে মন কৰিলো সকলোৰে ঘৰৰ দুৱাৰখনত তল আৰু ওপৰ দুটা ভাগ৷ দুয়োটা লগ লগাই বন্ধ কৰিলে আমাৰ দীঘল দুৱাৰ বোৰৰ দৰেই দেখায়৷ চেতানে ক’লে সেয়া পৰম্পৰাগত ভাৱেই চলি আহিছে৷ দেখি ভাল লাগিল-পুৰণি কৃষ্টি এটা এনেকৈ ধৰি ৰখা দেখি৷ তাৰ বেছিভাগ মানুহে কোংকণি ভাষা কয়৷ চেতানে ক’লে গোৱা মাথোঁ দহ কিল’মিটাৰ মান আঁতৰতে হোৱাৰ বাবে বেছিভাগ মানুহেই তাতে সংস্থাপন লাভ কৰে৷ 


   ***********

সিদিনা নিশাই কাৰৱাৰৰ পৰা বাংগালোৰলৈ বুলি বাছত উঠিলো৷ এইবাৰ প্ৰাইভেট বাছ৷ আমাৰ চিটত বহি আৰামত টোপনি যোৱা মানুহক জগাই আমি নিজে উঠিবলৈ ক’লো৷ মাজনিশালৈকে চিনেমা চলিল৷ লেতেৰা কম্বল দিয়াৰ বাবে নোলোৱাকৈয়ে ৰাতিটো শুই আহিলো৷ কে এছ আৰ টি চি কিয় ভাল তেতিয়াহে বুজিলো৷