Saturday 26 December 2020

নাম যাৰ জীৱন (২): হাতীৰ পিঠিয়েদি এটা বাট

তেলাম৷ অসম-অৰুণাচলৰ সীমান্তত এখন কণমানি ঠাই৷ মোৰ স্মৃতিত এই তেলাম এক কিংবদন্তীৰ দৰে৷ জীৱনৰ আগলি পুৱাৰ পাঁচটা বছৰ এই ঠাইৰ মাটিয়ে-বালিয়ে, পটে নৈৰ ঢৌৰ সৈতে উমলি জামলি পাৰ কৰিলো৷ ঠাইখনৰ বেছিভাগ স্মৃতিয়েই এতিয়া হয়তো পাহৰণিৰ গৰ্ভত৷ কিন্তু তাৰ মাজতো কিছু সোঁৱৰণী ৰৈ গ’ল একোখন নজহা নপমা স্থিৰ ছৱিৰ দৰে৷ এটি অজুহাত পালেই সময়ে-অসময়ে কেতিয়াবা সেই স্থিৰ ছৱিখন হঠাৎ প্ৰাণচঞ্চল হৈ পৰে৷ ক’ৰবাৰ পৰা সোণোৱালী ৰ’দ এচেৰেঙা পৰে, এজাক বতাহ বলিবলৈ আৰম্ভ কৰে৷ কিচিৰ মিচিৰ শব্দ, ৰং আৰু ৰূপেৰে সাৰ পাই উঠা তেলামে এতিয়াও সোঁৱৰণীৰ এখন প্ৰবল নৈ বোৱাব পাৰে৷

চিমেন চাপৰিৰ পৰা গ’লে তেলাম তিনিআলি পোৱাৰ আগে আগে ঘাইপথৰ সোঁকাষে আমাৰ ঘৰ৷ দীঘলীয়া পদূলিৰে সৰু বাটামী ঘৰটো৷ পদূলিৰ মুখত বাহৰ জপনা৷ জপনাইদি আৰম্ভ হোৱা লিৰলিৰীয়া বাটটোৰ দুয়োফালে ওখ তমোল গছ আৰু বেলিপকা-জেতুলীপকা, ভলুকা বাঁহনিৰে এখন ভৰপুৰ বাঁৰী৷ ঘাইপথৰ পৰাই ট টকৈ জিলিকি থাকে ঘৰটোৰ হালধীয়া টিনপাত৷ কোনোবা এদিন দেউতাই চখ কৰি হালধীয়া ৰং এখিনি লৈ ওপৰত উঠিল আৰু এবেলাৰ ভিতৰতে ঘৰটোৰ গোটেই টিনপাতবোৰ হালধীয়া হৈ পৰিল৷ তাৰপিছৰ পৰা কোনোবাই আমাৰ ঘৰ ক’ত সুধিলে তপৰাই কওঁ,

’গামচুকৰ দীঘল পদূলিৰ হালধীয়া ঘৰটোৱে আমাৰ ঘৰ!’

ঘৰৰ সন্মুখৰ বিশাল চোতালখনত গোটেই পুতলাবোৰ মেলি লৈ মোৰ বাইদেউ আৰু মই হেঁপাহ পলুৱাই খেলো৷ খেলি খেলি আমনি লাগিলে কেতিয়াবা জপনামুখৰ বাঁহডালতে আৰামকৈ বহি লৈ ঘাইপথেৰে যোৱা গাড়ীবোৰলৈ ৰ লাগি চাওঁ, কেইখন গৈছে হিচাপ কৰোঁ নাইবা কোনখন ক’লৈ গৈছে অনুমান কৰাৰ চেষ্টা কৰোঁ৷ কল্পনা কৰোঁ, চলন্ত গাড়ীবোৰৰ ভিতৰৰ মানুহবোৰৰ কথা৷ যেন এটা মজাৰ খেল- কল্পনাৰ এখন নিজা পৃথিৱী সাজি লোৱাৰ খেল!

গৰমৰ দিনবোৰত বৰফৱালাই চিনাকি টিলিঙাটো বজাই আহে৷ সেই ডুগুৰু ডুগুৰু শব্দটো শুনিলে প্ৰতিঘৰৰ শিশুবোৰৰ দৰে আমিও চঞ্চল হৈ উঠো৷ আব্দাৰৰ উজান উঠে, 

’এটকা এটা দিয়াচোন- মাত্ৰ আজি খাবলৈ! ইমান যে গৰম পৰিছে- বৰফ খাবলৈ বৰ মন গৈছে!’

তেতিয়াৰ দিনত মিহি লাঠিত লগাই দিয়া বৰফ দুবিধেই- এবিধ বগা, আনবিধ কমলা৷ আমি তাকে পৰম তৃপ্তিৰে খাওঁ৷ মনত পৰে, প্ৰায়ে সেই বৰফ খোৱাৰ দুদিনমানৰ ভিতৰতে অসুখ হয় মোৰ৷ হয়তো অপৰিষ্কাৰ পানী বা আন উপাদানবোৰৰ কাৰণে৷ কিন্তু তেতিয়াই মনতে ধাৰণা হৈ গৈছিল, গৰম দিনত বৰফ বা আইচক্ৰীম খোৱা মানেই অসুখ হোৱা৷ সেই ধাৰণাটোৰ মূল উৎস উপলব্ধি কৰিবলৈ আৰু ভুল ভাঙিবলৈকো কেইবা দশক লাগিল!

এনে এটা দিনতে ঘৰৰ সন্মুখৰ বিশাল বাঁৰীখনতে দেউতাই কাম কৰি আছিল৷ আমি লগে লগে ঘুৰি হয়তো চিনাকি-অচিনাকি বনবোৰৰ ফুল তুলিছিলোঁ- উমলাঘৰত ৰান্ধিবলৈ! মোৰ বয়স প্ৰায় তিনিবছৰ৷ কথা আৰু কামৰ মাজে মাজে আমাৰ এটা চকু সদায়ে ঘাইপথত৷ কাৰণ সেই গতানুগতিক কণমান পৃথিৱীখনৰ সকলো উত্তেজনা আৰু নতুনত্বৰ উৎস সেই ঘাইপথটোৱই৷

আশা কৰি থকাৰ দৰে বৰফৱালা বা গাড়ী-মটৰৰ সলনি সিদিনা হঠাৎ দেখা পালো অন্য এক বাহন৷ গহীন খোঁজেৰে বাটটোৰে যাব লাগিছে এটা প্ৰকাণ্ড হাতী! হাতীটোৰ ছন্দোময় খোঁজৰ লগে লগে মাউতৰ গা হালিছে জালিছে৷ কি ছন্দ, কি ৰূপ সেয়া! বৰফৱালাৰ বৰফতকৈও বহু বেছি উত্তেজনাময়, গাড়ী-মটৰৰ অচিনাকি যাত্ৰীবোৰতকৈও বহু ৰহস্যময়!

দৃশ্যটো দেখা পায়েই আমি দুয়োজনী প্ৰায় জপিয়াই উঠিলো৷ হয়তো আমি দুয়োজনীয়ে মিলি গাবলৈকো ধৰিলো-

’ঐ কনক ঐ ভৰত
ঐৰাৱত যায়,
পিঠিত উঠি মাউতে
ঐনিতম গায়।’

নাজানো ক’ৰ পৰা জানো ধাৰণা এটা টপকৈ পৰিলহি! মই দেও পাৰি উঠিলো,
’আমি হাতীত উঠিম, আমি হাতীত উঠিম!’

দেউতাই কামৰ পৰা মূৰ তুলি বাটলৈ চালে, তাৰপিছত আমাৰ উত্তেজিত মুখবোৰলৈ! একমুহুৰ্ত্ত কিবা ভাৱি মান্তিও হৈ গ’ল৷ ক্ষন্তেকতে আমি উদ্দাম হাঁহি একোটা লৈ এটা নতুন অভিযানৰ আশাত জপনামুখলৈ দৌৰ দিলো৷

দেউতাই দূৰৈৰ পৰাই মাত দি মাউতক ৰখালে৷ মাউতজন ৰ’ল- লগে লগে ৰৈ গ’ল সুবিশাল হাতীটোও৷ তেওঁনো কিয় মান্তি হ’ল এতিয়া আৰু মনত নাই৷ মাউতৰ নিৰ্দেশত হাতীটো বাধ্য ছাত্ৰৰ দৰে বহি পৰিল৷ সেয়া প্ৰথম ইমান ওচৰৰ পৰা হাতী দেখা পালো৷ পৰম বিস্ময়েৰে চালো হাতীটোৰ অতিকায় শৰীৰ, অলপকৈ লৰাই চৰাই থকা দীঘল শুৰডাল, ধপলা ধপল কাণদুখন, শান্ত কিন্তু ৰহস্যময় কণমান চকুযোৰ! কি এক অপৰূপ সৌন্দৰ্য্য সেয়া!

মাউতে মাত দিয়াত মোৰ সম্বিত ঘুৰিল৷ বাইদেউ ইতিমধ্যে হাতীৰ পিঠিত বহি পৰিছে৷ মাউতজনে দুয়োহাতে  দাঙি ধৰাত ময়ো বগাই গ’লো সেই পৰ্বত হেন গা আৰু দুফালে দুখন ভৰি দি হাতীটোৰ পিঠিত বহি পৰিলো৷ আমাৰ দুয়োজনীক দুহাতেৰে মেৰিয়াই ধৰি মোৰ পিছফালে বহিল দেউতা৷ 


ফটো: ৱিকিমিডিয়া কমনছ্
জীৱনত প্ৰথমবাৰৰ বাবে হাতীৰ পিঠিত উঠাৰ সেই বিস্ময়কৰ অভিজ্ঞতা সম্পূৰ্ণকৈ অনুভৱ কৰিবলৈকে নাপালো, হাতীৰ একাষে থিয় দি থকা মাউতজনে কৈ উঠিল,

’উঠ!’

হাতীটোৱেও নিৰ্দেশ মানি লগে লগে গম্বুজৰ দৰে ভৰিকেইখন পোনালে আৰু একেচাবতে বিশাল দেহটো উঠি গ’ল৷ কিবা তলকিবলৈ পোৱাৰ আগতেই একমুহুৰ্ত্ততে সুৰুসকৈ আমি তিনিও হাতীটোৰ কাণখনৰ কাষেৰে সৰি পৰিলোহি ঘাইপথৰ ওপৰত৷ তিনিও ইজনে সিজনক হাতেৰে মেৰিয়াই ধৰি থকাৰ বাবেই নেকি চিধাই ঘাইপথৰ একাষে পৰিল বাইদেউ, তাইৰ ওপৰত মই আৰু আমাৰ দুয়োজনীৰ ওপৰত দেউতা!

খন্তেকতে হুৰমূৰ লাগি গ’ল৷ কোনে কেনেকৈ আমাক আনি ঘৰৰ ভিতৰ পোৱালেহি আৰু সেই হাতী আৰু মাউত কেনি গ’ল সেয়া ক’ব নোৱাৰিলো৷ মাথোঁ মনত আছে, আমি দুয়ো কিছু আঘাত পাইছিলো৷ সেই সময়ত তেলামত বিশেষ চিকিৎসা সেৱা থকাৰ কথা মনত নপৰে৷ গতিকে হোমিঅ’ ঔষধকে খাই হয়তো লাহে লাহে ভাল হৈ উঠিছিলো৷

জীৱনৰ পৰিক্ৰমাত তাৰ পিছত বন্যপ্ৰাণী সংৰক্ষণৰ কামত  বহুবাৰ তেনেই ওচৰৰ পৰা 
বনৰীয়া হাতীৰ মুখামুখি হৈছোঁ ৷ কাজিৰঙাত এশিঙীয়া গঁড়ৰ সন্ধানত হাতীৰ পিঠিত বহিবলৈ লৈ তেলামৰ এই দিনটোৰ স্মৃতিয়ে দুৰু দুৰুকৈ কঁপাই তুলিছে মন-প্ৰাণ, উত্তৰাখণ্ডৰ ঘন অৰণ্যত গছৰ আঁৰত চোপ লৈ থকা হাতীক দেও দি অন্ধকাৰ হাবিতলীয়া বাটেৰে কেম্পলৈ উভতাৰ পৰত ভয় আৰু আশংকাত উশাহ বন্ধ হৈ যোৱাৰ উপক্ৰম হৈছে, অৰুণাচলৰ দুৰ্গম পৰ্বতীয়া অৰণ্যৰ মাজত থকা আমাৰ চাংঘৰলৈ হাতীৰ দল আহি ঠিক মোৰ বিছনাৰ তলৰ খুঁটাটোতে অবিৰাম হেঁচুকি-লঠিয়াই মাজনিশাটো উৎকন্ঠাময় কৰি তুলিছে! কোনোটোৱে পাহৰিব নোৱাৰা অভিজ্ঞতা৷ কিন্তু এই সকলোবোৰৰ পৰা হাতীলৈ যিমান ভয় সোমাল, তাতোকৈ বহু বেছিকৈ মনত থিতাপি ল’লে এই জন্তুবিধলৈ এক অদম্য বিস্ময় আৰু আকৰ্ষণ (fascination)৷ দিনে দেৰশ কেজি পৰ্য্যন্ত খাই বছৰ বছৰ ধৰি গঢ়ি তোলা সেই সুবিশাল শৰীৰ,  প্ৰখৰ বুদ্ধিমত্তা, বিভিন্ন শব্দ, স্পৰ্শ, গন্ধ আৰু দেহৰ ভাষাৰে ইটোৱে সিটোৰ লগত কৰা ভাব বিনিময়, পৰিয়ালৰ আন্তৰিক আৰু নিবিড় গাঁথনি সকলোবোৰ মিলি হাতীৰ পৃথিৱীখন বহু জটিল আৰু ৰহস্যময়! যিমানেই জানিছোঁ, ওচৰৰ পৰা পাইছোঁ, প্ৰতিবাৰেই অনুভৱ কৰিছোঁ, পৃথিৱীৰ সবাতোকৈ ডাঙৰ, সবাতোকৈ বুদ্ধিমান এই জন্তুবিধৰ অস্তিত্বই কেনে বিস্ময়কৰ! আৰু কিমান গুৰুত্বপূৰ্ণ এই হাতীৰ সংৰক্ষণ, ইহঁতৰ বিচৰণস্থলৰ সংৰক্ষণ!

তেলামৰ সেই দিনটোৱে যেন মোৰ বাবে এটা বাট মুকলি কৰি থৈ গ’ল! হাতীৰ পিঠিয়েদি ৰামধেনু চুব খোঁজা এটা সেউজীয়া বাট!

Monday 16 November 2020

নাগৰিক বিজ্ঞান: ৰাইজৰ বাবে, ৰাইজৰ দ্বাৰা আৰু ৰাইজৰ বিজ্ঞান

বিজ্ঞান বুলি ক’লেই হয়তো আমাৰ মনলৈ আহে লেবৰেটৰীত শুভ্ৰ কোট পৰিহিত গৱেষকৰ দল, ভিন্ন আকৃতি-প্ৰকৃতিৰ যন্ত্ৰ বা অবোধ্য কিছুমান সমীকৰণৰ এখন প্ৰতিচ্ছবি! বহুতেই ভাৱি লয়, এয়া হয়তো আমাৰ মগজুৰ পৰিধিৰ বাহিৰত, আমাৰ দৈনন্দিন জীৱনৰ পৰা বহু নিলগৰ এক জগত! যদি আপোনাৰ মনতো বৰ্তমান এনে এটা ধাৰণাই ক্ৰিয়া কৰিছে তেনে নাগৰিক বিজ্ঞান (Citizen Science)-এ আনি দিয়া সম্পূৰ্ণ বিপৰীত এখন পৃথিৱীৰ মুখামুখি হ’বলৈ সাজু হওক! আমাৰ বহুতৰ হয়তো অজানিতেই নাগৰিক বিজ্ঞান নামৰ এই অভূতপূৰ্ব্ব আন্দোলন আৰম্ভ হৈছে, আপোনাৰ-মোৰ দৰে বহুজনে এই আন্দোলনত যোগ দিছে আৰু কণ কণ পানীৰ টোপালেৰে সাগৰ ভৰাৰ দৰে অলেখ অসংখ্য জনতাৰ অৱদানে বিজ্ঞানক সহায় কৰিছে বহু জটিল আৰু সমস্যাৰ সমাধান উলিওৱাত!

নাগৰিক বিজ্ঞান হ’ল বৈজ্ঞানিক গৱেষণাৰ বিভিন্ন পৰ্য্যায়ত জনসাধাৰণেও অংশ লৈ অৱদান আগবঢ়াব পৰা এক মাধ্যম৷ যিকোনো ঠাইৰ, যিকোনো বয়সৰ বা যিকোনো শিক্ষাগত অৰ্হতাৰ মানুহেই নাগৰিক বিজ্ঞানী হ’ব পাৰে৷ তাৰ বাবে মাথোঁ লাগে আমাৰ চাৰিওদিশৰ প্ৰকৃতিৰ বিষয়ে কিছু কৌতুহল আৰু পৰ্য্যবেক্ষণৰ আগ্ৰহ আৰু সময়৷

নাগৰিক বিজ্ঞান অৰ্থাৎ ’citizen science’ অভিধা (term)টোৰ প্ৰথম ব্যৱহাৰ কৰিছিল ১৯৯৪ চনত কপেনহেগ’নৰ এগৰাকী সমাজ বিজ্ঞানী এলেন আৰৱিন (Alan Irwin)-এ৷ তেওঁৰ মতে নাগৰিক বিজ্ঞান হ’ল ৰাইজে গঠন কৰা আৰু অৱদান আগবঢ়োৱা এক বিজ্ঞান (a form of science developed and enacted by the citizens themselves)৷ এই অভিধা শেহতীয়াকৈ যোগ হ’লেও সমূহীয়া তথ্য সংগ্ৰহ আৰু বিশ্লেষণ কৰি জনসাধাৰণে বহু শতিকা ধৰি বিজ্ঞানলৈ অৱদান আগবঢ়াই আহিছে৷ নাগৰিক বিজ্ঞানৰ ইতিহাস এতিয়াৰ পৰা দুহেজাৰ বছৰ পুৰণি৷ ১৮০০ ৰ দশকতে ৱেলছ্ কুক (Wells Cooke) নামৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ এগৰাকী পক্ষীবিজ্ঞানীয়ে চৰাইৰ পৰিভ্ৰমণৰ গৱেষণাত ৰাইজৰ সহায় লৈছিল৷ এই গৱেষণাত স্বেচ্ছাসেৱকসকলে পৰিভ্ৰমী চৰাইৰ স্থান আৰু সময়ৰ বিষয়ে তথ্য সংগ্ৰহ কৰি অৱদান আগবঢ়াইছিল৷




বৰদিনৰ পক্ষী জৰীপ
ফটো: https://wa.audubon.org/christmas-bird-count-1

অন্য এক উল্লেখযোগ্য নাগৰিক বিজ্ঞানৰ প্ৰকল্পৰ আৰম্ভণি কৰিছিল আমেৰিকা যুক্তৰাষ্ট্ৰত নেশ্যনেল অডুবন ছ’ছাইটি (National Audubon Society) নামৰ সংস্থাটোৱে৷ উনৈশ শতিকালৈ উত্তৰ আমেৰিকাত বৰদিনৰ দিনা চৰাই চিকাৰৰ এটা পৰম্পৰা প্ৰচলিত আছিল৷ সেই দিনটোত কোনে কিমান চৰাই বধ কৰিব পাৰে তাকে লৈ প্ৰতিযোগিতা হৈছিল৷ ১৯০০ চনৰ ডিচেম্বৰ মাহত নেশ্যনেল অডুবন ছ’ছাইটিয়ে সকলোকে আহ্বান জনালে বৰদিনৰ দিনা চৰাই বধ নকৰি হিচাপ কৰিবলৈ৷ বৰ্তমান এই বৰদিনৰ পক্ষী জৰীপ (Christmas Bird Count) বিশ্বৰ আটাইতকৈ দীঘলীয়াকৈ চলি থকা নাগৰিক বিজ্ঞানৰ প্ৰকল্প ৰূপে পৰিগণিত হৈছে৷

নাগৰিক বিজ্ঞানী কেনেকৈ হ’ব? আপোনাৰ আগ্ৰহ অনুসৰি যিকোনো বিষয় বাছি লওক, লাগিলে সেয়া বতৰ, গছ-লতা, জীৱ-জন্তু বা মহাকাশ যিয়েই নহওক৷ নাগৰিক বিজ্ঞানৰ পৰিসৰ যথেষ্ট বিশাল আৰু সময়ৰ লগে লগে ইয়াৰ বিস্তাৰ অধিক দ্ৰুতগামী হৈছে৷ আপুনি যদি প্ৰকৃতিৰ মাজত সময় কটাবলৈ ভাল পায় তেনে আইনেচাৰেলিষ্টইবাৰ্ড আদি এপ আপোনাৰ ফোনত ইনষ্টল কৰি ল’ব পাৰে৷ এই জৈববৈচিত্ৰ বিষয়ক নেটৱৰ্ক বোৰত সুবিধা আৰু সাৰ্মথ্য অনুসৰি আপুনি লক্ষ্য কৰা যিকোনো গছ-লতা বা জীৱ-জন্তুৰ ফটো, মাত আদিকে ধৰি নানা তথ্য যোগ দিব পাৰে৷ তেনেদৰে আপোনাক যদি মহাকাশৰ অসীম ৰহস্যইহে বেছিকৈ আকৰ্ষণ কৰে তেনে স্পেইচহেক, গেলেক্সি জু আদি প্ৰকল্পই আপোনাক সুযোগ দিব ঘৰতে বহি মঙ্গল গ্ৰহৰ পৃষ্ঠ অন্বেষণ কৰা বা সুদুৰ কোনো তাৰকাপুঞ্জ বিচৰাত!
নাগৰিক বিজ্ঞানৰ প্ৰকল্পৰ কেইটামান উদাহৰণ

ভাৰতত জনপ্ৰিয় নাগৰিক বিজ্ঞানৰ প্ৰকল্পবোৰ হ’ল, চিজনৱাটছ, আই ফাউণ্ড বাটাৰফ্লাইজ, চিটিজেন স্পেৰ’, ইবাৰ্ড, হৰ্ণবিল ৱাটছ্ ইত্যাদি (সম্পূৰ্ণ তালিকাৰ বাবে তথ্যসূত্ৰ চাব পাৰে)৷ প্ৰায়বোৰ প্ৰকল্পৰে মূখ্য ধাৰণা একেই- প্ৰকৃতিৰ বিভিন্ন ৰং-ৰূপৰ তথ্য সংগ্ৰহ৷ উদাহৰণস্বৰূপে, চিজনৱাটছ্ত অংশ ল’বলৈ আপোনাৰ কাম হ’ব, মাথোঁ পছন্দৰ যিকোনো এজোপা গছ বাছনি কৰা আৰু প্ৰতি সপ্তাহে গছজোপাৰ বিভিন্ন পৰিৱৰ্তন পৰ্য্যবেক্ষণ কৰা৷ এই তথ্যৰ সামূহিক বিশ্লেষণৰ পৰা আমি জানিব পাৰিম বিভিন্ন ঋতুৰ পৰিৱৰ্তনে আমাৰ চাৰিওদিশৰ প্ৰকৃতিৰ যেনে গছ-লতাৰ ফুল বা ফল ধৰাৰ সময়ৰ কেনে পৰিৱৰ্ত্তন আনিব পাৰে৷ ৰাইজে আগবঢ়োৱা এনে অৱদানৰ বৈজ্ঞানিক বিশ্লেষণে বহুতো উল্লেখযোগ্য আৱিষ্কাৰত সহায় কৰিব পাৰে৷

নিউয়ৰ্কৰ সোণপোক বিধ
ফটো:https://bugguide.net/node/view/1466799
কেৱল চখ পূৰাবৰ বাবেই নাগৰিক বিজ্ঞানী হৈ পৰা বহু লোকে নতুন আৱিষ্কাৰ কৰি বিজ্ঞানলৈ অমূল্য অৱদান আগবঢ়াবলৈ সক্ষম হৈছে৷ উদাহৰণস্বৰূপে, নিউয়ৰ্কৰ ৰাজ্যিক পতংগ হ’ল এবিধ বিশেষ সোণপোক (Nine-spotted ladybug)৷ কিন্তু ১৯৮২ চনৰ পৰা এই সোণপোকবিধ কোনেও দেখা পোৱা নাছিল আৰু ই বিলুপ্ত হ’ল বুলিয়ে সকলোৱে ধাৰণা কৰি লৈছিল৷ ২০১১ চনত এগৰাকী নাগৰিক বিজ্ঞানীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ এখন পামত হঠাতে এপাহ সূৰ্য্যমুখী ফুলত এই সোণপোকবিধ আৱিষ্কাৰ কৰে৷

অন্য এটা অনন্য উদাহৰণ হ’ল ফ’ল্ডইট! বিজ্ঞানীসকলে এইডছ্ গৱেষণাৰ বাবে অতিকৈ দৰকাৰী এবিধ উৎসেচক (enzyme) ৰ আৰ্হি (model) প্ৰস্তুত কৰিবলৈ চেষ্টা কৰি আছিল৷ পোন্ধৰ বছৰৰ নিৰলস প্ৰচেষ্টাৰ অন্ততো সফলতা লাভ কৰিব নোৱাৰি তেওঁলোকে এই সমস্যা জনসাধাৰণৰ বাবে মুকলি কৰি দিলে৷ তেওঁলোকে ’ফ’ল্ডইট’ নামৰ এবিধ অনলাইন খেলৰ জড়িয়তে জনসাধাৰণক আহ্বান জনালে এই আৰ্হি তৈয়াৰ কৰাত সহায় কৰিবলৈ৷ দুইলাখৰো অধিক লোকে এই অনলাইন খেলবিধত অংশ ল’লে আৰু তিনিসপ্তাহৰ ভিতৰতে ৰহস্যৰ সমাধান উলিয়াবলৈ সক্ষম হ’ল! 

নাগৰিক বিজ্ঞান বহু দিশৰ পৰা আজিৰ পৃথিৱীত অপৰিহাৰ্য্য আৰু অৱধাৰিত হৈ পৰিছে৷ ৰাইজে সংগ্ৰহ কৰা তথ্যই জীৱ-জন্তুৰ সংখ্যা, বিস্তৃতি, ব্যৱহাৰ আদিৰ বিষয়ে বিশদভাৱে জনাত সহায় কৰিছে৷ বিশেষকৈ কম সময়তে বিশাল একোটা অঞ্চলৰ বিষয়ে তথ্য সংগ্ৰহৰ বাবে নাগৰিক বিজ্ঞানৰ বিকল্প নাই৷ তাৰোপৰি অৰ্থনৈতিক বাধাৰ বাবে থমকি ৰোৱা বহু দৰকাৰী গৱেষণাৰ কাৰণে
 নাগৰিক বিজ্ঞান এক অতিকৈ আৱশ্যকীয় আৰু প্ৰাসংগিক মাধ্যম হৈ পৰিছে৷

নাগৰিক বিজ্ঞানে ৰাইজৰ মাজত বৈজ্ঞানিক সচেতনতা বৃদ্ধি কৰাতো গুৰুত্বপূৰ্ণ ভূমিকা লয়৷ প্ৰকৃতি বিষয়ক প্ৰকল্প সমূহে বিনন্দীয়া প্ৰকৃতিৰ ৰং-ৰূপ উপভোগ কৰাত আৰু 
মানুহক প্ৰকৃতিৰ মাজলৈ লৈ যোৱাত সহায় কৰিছে৷ তাৰোপৰি নাগৰিক বিজ্ঞানে আনি দিয়া সচেতনতাই আমাক বিজ্ঞানৰ বিভিন্ন বিষয়ত মতামত প্ৰকাশ কৰা আৰু সময়োপযোগী পদক্ষেপ লোৱাতো উদগণি যোগাইছে৷

সময়ৰ লগে লগে বিজ্ঞানীসকলেও উপলব্ধি কৰিছে যে বৰ্তমানৰ পৃথিৱীৰ বহু ৰহস্য সমাধান কৰিবলৈ পৰম্পৰাগত পদ্ধতিৰে কৰা বিজ্ঞানেই যথেষ্ট নহয়৷ নাগৰিক বিজ্ঞানে বন্ধ কোঠাৰ পৰা বিজ্ঞানক ৰাইজৰ মাজলৈ লৈ যোৱাৰ প্ৰয়াস কৰিছে৷ গতিকে এই প্ৰকল্পই বহু ক্ষেত্ৰত বিজ্ঞানক অধিক গণতান্ত্ৰিক কৰি তুলিছে৷ নাগৰিক বিজ্ঞান প্ৰকৃতাৰ্থতে হৈ পৰিছে ৰাইজৰ বাবে, ৰাইজৰ দ্বাৰা আৰু ৰাইজৰ বিজ্ঞান!
Illustration and text Frits Ahlefeldt    https://hiking.org/portfolio/giving-a-hand-to-science/



তথ্যসূত্ৰ
  • The Field Guide to Citizen Science: How You Can Contribute to Scientific Research and Make a Difference
  • Michael A. Peters & Tina Besley (2019) Citizen science and post-normal science in a post-truth era: Democratising knowledge; socialising responsibility, Educational Philosophy and Theory, 51:13, 1293-1303,
  • Bowser, A, Cooper, C, de Sherbinin, A, Wiggins, A, Brenton, P, Chuang, T-R, Faustman, E, Haklay, MM and Meloche, M. (2020). Still in Need of Norms: The State of the Data in Citizen Science. Citizen Science: Theory and Practice, 5(1): 18 pp. 1–16.
  • MacPhail, V, Colla, S, R. (2020). Power of the people: A review of citizen science programs for conservation. Biological Conservation Volume 249, 108739
  • Fraisl, D., Campbell, J., See, L. et al. Mapping citizen science contributions to the UN sustainable development goals. Sustain Sci (2020). https://doi.org/10.1007/s11625-020-00833-7
  • ভাৰতৰ নাগৰিক বিজ্ঞান প্ৰকল্পসমূহ

Saturday 14 November 2020

আফ্ৰিকাত প্ৰথম খোজ: লিভিংষ্ট’নৰ দেশত (৭): অন্তিম খণ্ড

আতংকৰ ছাঁ (২)

জাম্বিয়া দেশৰ লিভিংষ্ট’ন বিমানবন্দৰ৷ ক’লা, এলাইডা আৰু মই কিংকৰ্তব্যবিমুঢ় হৈ ৰৈ আছিলোঁ নিৰাপদে এই দেশ এৰাৰ বাট বিচাৰি৷ চাৰিওদিশে চলি থকা হিংসাত্মক ঘটনাবোৰক লৈ ভুৱা বাতৰি বা আতংক বিয়পোৱা ৰোধ কৰিবলৈকে দেশখনৰ সমগ্ৰ চাউথাৰ্ণ প্ৰভিঞ্চতে চৰকাৰে সেইসময়ত ইন্টাৰনেট সেৱা বন্ধ কৰি ৰাখিছে৷ গতিকে অনলাইন শেহতীয়া বা-বাতৰি লোৱা বা ফ্লাইটৰ টিকেট কৰাৰ কোনো উপায় নাই৷

’মে আই হেল্প ইউ?’- এগৰাকী ব্যক্তি কাষ চাপি আহি আমাক সুধিলেহি৷ হয়তো তেওঁ আমাৰ মুখবোৰ দেখিয়েই আমাৰ সহায়হীন অৱস্থাটো বুজিব পাৰিলে৷ তেওঁৰ পিন্ধনত নিৰাপত্তাৰক্ষীৰ ইউনিফৰ্ম৷

অলপ আশাৰ ৰেঙণি লৈ এলাইডাই মাত লগালে,

’হয়, আমাক বৰ জৰুৰীভাৱে কানাডালৈ উভতি যাবলৈ টিকেটৰ দৰকাৰ হৈছে, কিন্তু সকলোবোৰ কাউন্টাৰ আজি বন্ধ হ’লেই৷’

’ইয়াত নিশালৈ বিমান নাথাকেই কাৰণে সন্ধিয়াতে সকলোবোৰ বন্ধ হয়৷ কাইলৈ দহ বজাত আহিলে পাব৷ অন্য কিবা অসুবিধা হৈছে নেকি?’

আমাৰ অৱস্থাটোৰ কথা সকলো শুনি তেওঁ কৈ উঠিল,

’চাওক, দিনৰ ভাগত লিভিংষ্ট’নত একো অঘটন হোৱাৰ বাতৰি পোৱা নাই৷ গতিকে আপোনালোকে উভতি যোৱাৰ ব্যৱস্থা কৰিব নোৱাৰালৈকে নিশ্চিন্তে থাকক৷ আতংক বিয়পাবলৈকে বহুতো ভুৱা বাতৰি প্ৰচাৰ হৈছে- সেইবোৰক লৈ অস্থিৰ হোৱাৰ কোনো প্ৰয়োজন নাই৷ মাথোঁ সাঁজ লগাৰ পিছত ঘুৰা-ফিৰা নকৰিব আৰু টেক্সি লোৱাৰ সময়ত সাৱধান হ’ব৷’

তেওঁৰ কথাখিনিয়ে তিনিওকে যথেষ্ট আশস্ত কৰিলে৷ ক’লাই তাৰ স্বভাৱসিদ্ধ বেপৰোৱা ভাৱেৰে কৈ উঠিল,

’অহ! বহুত টেনছন হ’ল দেই৷ এতিয়া আমাৰ প্ৰিয় ৰেষ্টুৰেন্ট ফ্লেভাৰছলৈ গৈ ভালকৈ নিশাৰ সাঁজ খোৱাৰহে কথা৷’

ফ্লেভাৰছত নিশাৰ সাঁজ সন্ধিয়াতে খাই বৈ আমি আছেংগালৈ উভতিলো৷ তেতিয়ালৈ এলাইডাই কানাডাত থকা মাকক পৰিস্থিতিৰ উমান দিছে ৷ তাইৰ অনুৰোধত মাকে দুঘন্টামান যুঁজি আমাৰ দুয়োজনীৰ এসপ্তাহৰ পিছৰ উভতনি যাত্ৰা আগুৱাই আনি তিনিদিনৰ পিছতে কৰি দিলে৷ তেতিয়াহে ঘটনাবহুল দিনটোৰ শেষত তিনিও স্বস্তিৰ নিশ্বাস পেলাই নিজৰ কোঠালৈ গ’লো৷

অপৰূপা মছিঅ’ টুন্যা



উভতনি যাত্ৰাৰ বাবে লিভিংষ্টন’ত তেতিয়াও দুদিন বাকী৷ আমাৰ তিনিওৰে খুবেই ইচ্ছা আছিল জাম্বিয়াৰ প্ৰকৃতিৰ ৰং-ৰূপ চোৱাৰ, আফ্ৰিকান চাফাৰিৰ অভিজ্ঞতা লোৱাৰ৷ ক’লাই প্ৰস্তাৱ দিলে,


’মছিঅ’ টুন্যা ৰাষ্ট্ৰীয় উদ্যান ইয়াৰ পৰা একেবাৰে ওচৰ৷ এই দুদিন আছেংগাত হা-হুমুনিয়াহ কাঢ়ি উভতাৰ দিনটোৰ বাবে বাট চাই থকাতকৈ তালৈকে চাফাৰি এটা কৰিলে কেনে হয়? শেষৰ দিন দুটা ভালকৈ উপভোগ কৰিব পাৰিম৷’


কথা মতেই কাম৷ লিভিংষ্ট’নতে এটা ট্যুৰ এজেঞ্চিত বন্দোবস্ত কৰিলো৷ তেওঁলোকে আশ্বাস দিলে দিনৰ ভাগত আমাৰ চাফাৰি-গতিকে সম্পূৰ্ণ সুৰক্ষিত! পিছদিনা ৰাতিপুৱা সাত বজাত এখন আহল-বহল মুকলি চাফাৰি কাৰত আমাক আছেংগাৰ পৰা লৈ গ’লহি গাইড থ’মাছ আৰু ড্ৰাইভাৰ এলেক্সে৷ 

মছিঅ’ টুন্যা ৰাষ্ট্ৰীয় উদ্যান


মছিঅ’ টুন্যা ৰাষ্ট্ৰীয় উদ্যানখন লিভিংষ্ট’নৰ গাতে লাগি আছে৷ জাম্বিয়াৰ আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যান কিন্তু আফ্ৰিকাৰ বিগ ফাইভৰ বাসস্থান ইয়াতে৷ গাইড থ’মাছে আমাৰ গছ-লতা-চৰাই চিৰিকটিৰ আকৰ্ষণৰ কথা গম পাই উদ্যানলৈ সোমোৱাৰ বাটত বহুতো ঘাঁহ-বন, গছৰ চিনাকি দিলে৷ লগতে স্থানীয় ব্যৱহাৰ আৰু গছবোৰৰ নামৰ আঁৰৰ কথাবোৰো বৰ ৰস লগাকৈ কৈ গ’ল৷ থ’মাছৰ চৰাই পৰ্য্যবেক্ষণৰ কৌশল দেখি আচৰিত হোৱাত ড্ৰাইভাৰ এলেক্সে ক’লে, ’থ’মাছৰ চকুজোৰ বাইন’কুলাৰ আৰু মগজুটো বাৰ্ড গাইডৰ দৰে!’

মছিঅ’ টুন্যাত জিব্ৰা
উদ্যানখনৰ চাৰিওদিশে অ’ত ত’ত কাইটীয়া গছৰ জোপোহা৷ মিঅ’ম্ব গছেৰে ভৰা বাবে এই অৰণ্যবোৰক মিঅ’ম্ব কাঠনি (woodland) বুলিও কয়৷ বাৰিষাৰ কৃপাত ৰুক্ষ ৰঙা মাটিত জীপ লৈছে সেউজ ওখ-চাপৰ ঘাঁহনিয়ে৷ এনেতে আমাৰ গাড়ীৰ সন্মুখেৰে ইম্পালা এজাকে দেও দি গ’ল ৷ কম সময়ৰ ভিতৰতে নিচেই কাষৰ পৰা আমি দেখা পালো ইম্পালাৰ বিশাল জাক৷ আমালৈ সম্পূৰ্ণ আওকাণ কৰি সিহঁত ঘাঁহ খোৱাত মগ্ন হৈ থাকিল৷ থ’মাছে ক’লে,

’ইয়াত ইম্পালা মাৰি খাবলৈ চিকাৰী জন্তু একো নাই কাৰণেই ইমান নিশ্চিন্ত সিহঁত!’

মাথোঁ ২৫ বৰ্গ কিলোমিটাৰৰ অৰণ্যখনত জন্তুৰ ঘনত্ব ইমান যে প্ৰতি মুহুৰ্ত্ততে আমাৰ তিনিওৰে কেনি চাও কি দেখা পাওঁ যেন অৱস্থা হ’ল! জীৱনত প্ৰথমবাৰৰ বাবে একেবাৰে ওচৰৰ পৰা দেখা পালো জিব্ৰা, জিৰাফ, ভেলভেট বান্দৰ, ৱাইল্ডাবিষ্ট, বুশ্ববাক, ৱাৰ্টহগ আদি নানা জন্তু! মনৰ হেপাঁহেৰে উপভোগ কৰিলো সেই অভিজ্ঞতা!
ইম্পালাৰ জাক


জাম্বেজি নদীৰ পাৰত ক্ষন্তেকৰ বাবে জিৰণি লৈ উঠাৰ পিছত থ’মাছে ক’লে,


’এই উদ্যানৰ প্ৰধান আকৰ্ষণ হ’ল শুকুলা গড়ঁ৷ আমাৰ স্থানীয় প্ৰজাতি নহয় যদিও দক্ষিণ আফ্ৰিকাৰ পৰা আনি এই শুকুলা গড়ঁ কেইটা ইয়াত ৰাখিছে৷ সেইঠাইলৈ পিছে খোজেৰে যাব লাগিব৷’

তেওঁৰ কথামতেই খুউব সাৱধানে আৰু সষ্টমভাৱে আৰম্ভ কৰিলোঁ আমাৰ ৰাইন’ ৱাক৷ আমাৰ আগে পিছে দুজন বন্দুকধাৰী ৷ দহমিনিটমান জোপোহা অৰণ্যৰ মাজেৰে খোজ কাঢ়ি গৈ দেখা পালোগৈ দুটা  খড়্গৰ শুকুলা গড়ঁ! খুপি খুপি থ’মাছে আমাক নিচেই কাষৰ পৰা চোৱাৰ সুবিধা কৰি দিলে৷ এটা এটাকৈ পাচোঁটা গড়ঁ৷ আমাক লৈ বিশেষ আমনি পোৱা যেন নালাগিল- এবাৰ আমালৈ চাই উঠিয়ে আপোন মনে ঘাঁহ খোৱাত ব্যস্ত হৈ থাকিল৷ আগতেই থ’মাছক কৈ থৈছিলো, কেৱল ওচৰৰ পৰা ফটো উঠিবলৈকে আমি গড়ঁকেইটাক আমনি কৰিব নোখোজো৷ এই বিৰল অভিজ্ঞতা জানো এখন চেলফিয়ে প্ৰতিফলন কৰিব পাৰে!
দুটা খড়্গৰ শুকুলা গঁড়


জাম্বেজি নদীৰ সুবাস


সিদিনাই আবেলি ওলালো কাষৰীয়া জাম্বেজি নদীৰ চাফাৰিলৈ৷ এখন সৰু নাওত আমি তিনিও আৰু ড্ৰাইভাৰ মাইকৰ সৈতে গাইড নাছি৷
বিশাল জাম্বেজি নদীত নাও এৰি দিয়াৰ লগে লগে মাইকে ক’লে,


’আপোনালোকৰ চাফাৰিৰ পেকেজতে ড্ৰিংকছ সংযুক্ত৷ ক’ক, স্প্ৰাইটৰ পৰা আৰম্ভ কৰি ৱাইন, বীয়েৰ সকলো আছে৷ চাফাৰিৰ লগতে যিমান মন যায় ল’ব পাৰে৷’


দুয়ো সেয়া জনায়ে ক্ষান্ত নাথাকিল, চাফাৰিৰ গোটেই সময়খিনি আমাক যাচিও থাকিল ইটোৰ পিছত সিটো ড্ৰিংক৷ গাইড নাছিৰ ভাষাত,


’যিমানেই ল’ব চাফাৰি সিমানেই উপভোগ্য হ’ব৷’


ভাৱ হ’ল, এয়া হয়তো পৰ্য্যটকক যৎপৰোনাস্তি সন্তুষ্ট কৰি ভাল টিপছ্ পোৱাৰ এক উপায়! আমাৰ বাবে অৱশ্যে অন্য একো উপায় লোৱাৰ প্ৰয়োজন নহ’ল৷ বিশাল জাম্বেজি নৈৰ কাষৰীয়া সেউজ অৰণ্য, পাৰৰ বিচিত্ৰ চৰাই-চিৰিকটি আৰু জাম্বেজি নৈৰ পৰা দেখা পোৱা সূৰ্য্যাস্তৰ অপূৰ্ব ৰূপে আমাক সহজেই মুগ্ধ কৰি পেলালে৷

জাম্বেজি নৈত সূৰ্য্যাস্ত


সূৰ্য্যাস্তৰ পৰত আমি লং আইলেণ্ড নামৰ এটা দ্বীপত নামিলোগৈ৷ নাছিয়ে টেবুল পাৰি ধুনীয়াকৈ কুকুৰাৰ ড্ৰামষ্টিক আৰু ভজা গাহৰি মাংস সজালে৷ লগতে নিৰামিষ চম’চা! চম’চাৰ আকৃতি দেখি মনতে হাঁহি উঠিল কিন্তু জাম্বিয়াৰ ক’তো পাবলৈ নোহোৱা নিৰামিষ খাদ্য দেখি ভাল পালো৷ তেতিয়ালৈ নাছি আৰু মাইক দুয়ো আমাৰ সৈতে সহজ হৈ পৰিছে৷ তেওঁলোকে আমাৰ কামৰ বিষয়ে জনাৰ আগ্ৰহ কৰাত ক’লাই সকলো বিৱৰি ক’লে৷ মাইকৰ আশ্চৰ্য্য এটাই,


’আপোনালোক তিনিও তিনিখন বেলেগ বেলেগ দেশৰ কিন্তু গোটেইকেইজন নিৰামিষভোজী কেনেকৈ হ’ল!’


বুজিলো জাম্বিয়াৰ দৰে এখন মাংসাহাৰী দেশত তিনিজন নিৰামিষভোজী এনেকৈ গোট খোৱাটোৱে কিমান বিৰল!!


উভতাৰ বাটত জীৱনৰ অন্য এক অপূৰ্ব অভিজ্ঞতা-প্ৰথমবাৰৰ কাৰণে দেখা পালো নীলিম পানীত সাঁতুৰি নাদুৰি থকা বিশাল হিপ্প’ৰ দল৷

থ’মাছে ক’লে,


’সেই যে দেখিছে এটাই মুখখন মেলি হামিওৱা যেন লাগিছে, সেয়া হ’ল আক্ৰমণৰ আগজাননী- আমাক সাৱধান কৰি দিছে আৰু কাষ নাচাপিবলৈ!’

হিপ্প’ৰ জাকৰ খেলা


কি এক শ্বাসৰুদ্ধকাৰী অনুভৱ সেয়া! অপলক নেত্ৰে চাই ৰ’লো নৈৰ সোঁতৰ সৈতে খেলা কৰি থকা সিহঁতৰ বিশালকায় দেহ-আমাৰ নাৱৰ ওপৰত স্থিৰ হৈ ৰোৱা সিহঁতৰ গুলাপী চকু, ফুলি উঠা নাক আৰু আমাক সতৰ্ক কৰি দিয়া শক্তিশালী দাঁতবোৰ৷ আমি খুউব সাৱধানে দুৰত্ব বজাই নাও পাৰ কৰিলো কেইবাটাও হিপ্প’ৰ দলৰ কাষেৰে৷


সন্ধিয়া আন্ধাৰ হোৱালৈ অলেখ অসংখ্য চৰাই-চিৰিকটি, ঘৰিয়াল আৰু কেইবাটাও হিপ্প’ৰ জাক চাই বিস্মিত আৰু তৃপ্ত মন একোটা লৈ আছেংগালৈ উভটিলো৷


বিদায় জাম্বিয়া!


জাম্বিয়াত শেষ নিশা বিজুলী ঢেৰেকনীৰে প্ৰচণ্ড বৰষুণ আহিল৷ ইতিমধ্যে ক’লা ফ্ৰান্সলৈ উভতি গৈছে৷ আছেংগাৰ বিশাল চৌহদটোত মাথোঁ এলাইডা আৰু মই সেইনিশাৰ অতিথি৷ নিশা নিস্তব্ধ ৰেষ্টুৰাখনত খাবলৈ বহি দুয়ো প্ৰতিফলন কৰিলো যোৱা দুসপ্তাহৰ দিনবোৰৰ৷


হঠাৎ পাৱাৰ কাট! চাৎকৈ সকলো লাইট নুমাই গ’ল৷ গোটেই চৌহদটো নীৰৱতা আৰু অন্ধকাৰত ডুব গ’ল এখন্তেক৷ নাজানো কিয় এটা শিহৰণ বৈ গ’ল মোৰ দেহৰ ভিতৰেদি! এলাইডাৰ দুচকুতো আশংকা৷ যিমানেই সাহসী হোৱাৰ চেষ্টা নকৰোঁ কিয় দুয়ো জানো, লিভিংষ্ট’নৰ কোনো ঠাইয়ে এই অন্ধকাৰ নিশা নিৰাপদ নহয়৷


এনেতে নিস্তব্ধ অন্ধকাৰ খেদি ৰেষ্টুৰাৰ এগৰাকী কৰ্মচাৰীয়ে আমাৰ টেবুলত মম এডাল থৈ গ’ল৷ মিচিকিয়া হাঁহি এটাৰে আমাক ক’লে,


’ইয়াত পাৱাৰ কাট হৈ থাকে মাজে মাজে, অলপ পিছতে আহিব কিজানি! আজি আমাৰ হেড কুকে আপোনালোকলৈ নিৰামিষ ডিনাৰ ৰান্ধিছে দেই!’


নিমিষতে সকলো আশংকা আঁতৰি গৈ আমি দুয়ো সহজ হৈ পৰিলো৷ যোৱা কেইদিনতে আছেংগাৰ মেনেজাৰৰ পৰা আৰম্ভ কৰি ৰান্ধনি, কৰ্মচাৰীলৈকে বহুজনৰ লগত আমাৰ আন্তৰিকতা গঢ়ি উঠিছে৷ নিৰামিষ খাদ্যৰ সন্ধানতে প্ৰায় প্ৰতিদিনেই আমি আছেংগাৰ ৰেষ্টুৰেন্টৰ সলনি ফ্লেভাৰছলৈ গৈ খাব লগাত পৰিছিলো৷ সেইবাবেই ইয়াৰ ৰেষ্টুৰাৰ ৰান্ধনিয়ে দোষী অনুভৱ কৰি আমাৰ বাবে শাক-পাচলি বজাৰ কৰোৱাই শেষ নিশাৰ সাঁজ ৰান্ধিছে হেনো!


পৰম তৃপ্তিৰে সেই সাঁজ খাই দুয়ো যেন কিছু আবেগিক হৈ পৰিলো! মূখ্য ৰান্ধনি গৰাকী ওলাই আহি খাদ্যৰ বুজ লোৱাত এলাইডা আৰু মই কৃতজ্ঞতা জনালো৷ তেওঁ ৰন্ধা নিৰামিষ খাদ্যৰ প্ৰশংসা শুনি তেওঁ সন্তুষ্টিৰ হাঁহি এটা মাৰি পাকঘৰত সোমালগৈ৷


পিছদিনা ৰাতিপুৱা আছেংগাৰ মেনেজাৰে গাড়ীত আমাৰ বয়-বস্তু উঠোৱাত সহায় কৰি দিলে৷ আমাক বিদায় দিলেহি ৰুম চাৰ্ভিচৰ কৰ্মচাৰীৰ পৰা আৰম্ভ কৰি মূখ্য ৰান্ধনি সকলোৱে৷ কেইবাজনে ইমেইল আইডি ল’লে ভৱিষ্যতেও যোগাযোগ ৰখাৰ প্ৰতিশ্ৰুতি দি! সেই মুখবোৰলৈ চাই অনুভৱ হ’ল, এই অচিন দেশত অভূতপূৰ্ব পৰিস্থিতিত কেনেকৈ যে বিশ্বাস আৰু সহমৰ্মিতাৰ সাকোঁ গঢ়ি উঠিব পাৰে! কেনেকৈ যে পলকতে আপোন হৈ পৰিব পাৰে অচিনাকি মুখৰ আঁৰৰ হৃদয়বোৰ! জাম্বিয়াৰ ঘটনাবহুল ভ্ৰমণে বহু কথা নকৈ শিকাই গ’ল আমাক- বহু অভিজ্ঞতাৰ ৰং সানি গ’ল জীৱনৰ উকা পৃষ্ঠাত!


বিমানবন্দৰত চেক-ইনৰ সময়ত সুৰক্ষা কৰ্মী এগৰাকী আগবাঢ়ি আহি সুধিলে,


’যাবলৈ ওলালে তেন্তে? আশা কৰোঁ এই যাত্ৰা ভালেই গ’ল আপোনালোকৰ? ’


দেখি মনত পৰিল, এওঁ আমাক বিমানবন্দৰত নিশ্চিন্ত মনেৰে থাকিবলৈ আশ্বাস দিয়া সেই একেগৰাকী সুৰক্ষা কৰ্মী!

এলাইডা আৰু মই খোলা হাঁহি এটাৰে প্ৰায় একেলগৈ কৈ উঠিলো,


’yes, it was an amazing trip!'



লিভিংষ্ট’নৰ দেশত (১): ভিজা, ক’ৰ’না আৰু ধুমুহা
লিভিংষ্ট’নৰ দেশত (২):ভিক্টোৰিয়া ফলছ্: দ্য স্ম’ক দেট্ থাণ্ডাৰছ্
লিভিংষ্ট’নৰ দেশত (৩): এটা সপোন খেদি
লিভিংষ্ট’নৰ দেশত (৪): বাওবাব গছৰ সন্ধানত
লিভিংষ্ট’নৰ দেশত (৫): যাত্ৰা আৰু আড্ডা
লিভিংষ্ট’নৰ দেশত (৬): লিভিংষ্ট’নত স্থবিৰ সময়

Friday 23 October 2020

আফ্ৰিকাত প্ৰথম খোজ: লিভিংষ্ট’নৰ দেশত (৬)

লিভিংষ্ট’নত স্থবিৰ সময়

কেতিয়াবা ভাৱ হয়, জীৱনৰ দুৰন্ত গতিয়ে, উখল-মাখলবোৰে আমাক যেন এটা যান্ত্ৰিক পৰিক্ৰমাত আৱদ্ধ কৰি ৰাখে৷ দৈনন্দিন ব্যস্ততাৰ পৰা কণমান আহৰি পালেও হাতৰ মুঠিতে যে কিমানবোৰ অজুহাত ৰৈ থাকে সেই নীৰৱতা মুখৰ কৰি তুলিবলৈ- ডিজিটেল স্ক্ৰীণৰ মায়াজালে অহৰহ বন্দী কৰি ৰাখিব খোঁজে আমাৰ মন-মগজু!


কৰ্মশালা সামৰি লিভিংষ্ট’নলৈ উভতি আহি থাকোঁতে আমাৰ এখন দীঘলীয়া তালিকা আছিল কৰিব লগীয়া কামৰ- দুটামান সময়সীমাৰ! আহি পাই দেখোঁ, ইন্টাৰনেট অচল; হঠাতে পুৱা শুই উঠি বাতৰিত চকু ফুৰোৱা, ফেইচবুক-টুইটাৰৰ আপডেট চোৱা, ইটোৰ পিছত সিটোকৈ ইমেইলৰ উত্তৰ দিয়াৰ ব্যতিব্যস্ততা খিনিয়ে নোহোৱা হৈ পৰিল! আনকি বাহিৰৰ পৃথিৱীখনৰ সৈতে যোগাযোগ ৰখাৰো একো উপায় নোহোৱা হ’ল৷ হঠাতে যেন জীৱনেই অচল হৈ গ’ল আমাৰ দলটোৰ চাৰিওৰে৷ বহু হাই-উৰুমিৰ শেষত বেজী এটা পৰিলেও চক খাই উঠাৰ দৰে নীৰৱ নিথল হৈ পৰিল যেন সকলো! নতুনকৈ অনুভৱ কৰিলোঁ ইন্টাৰনেটে, ডিজিটেল পৃথিৱীয়ে কেনেকৈ আমাৰ অন্তৰ্জগতখন হেঁচা মাৰি ৰুদ্ধ কৰি পেলাব পাৰে!

লিভিংষ্ট’নৰ আছেংগা ল’জত এনে এটা অচল ৰৌদ্ৰোজ্জল দুপৰীয়া৷ অন্য সময়ৰ দৰে নিজৰ কোঠাত লেপটপ লৈ ব্যস্ত হৈ থকাৰ সলনি এজন এজনকৈ আমি ওলাই আহিলো ৷ কোঠাৰ লানিবোৰৰ সোঁমাজতে এটা সৰু ছুইমিং পুল৷ পুলৰ নীলা পানীত চাৰিওকাষে চিকুণকৈ ৰখা তালজাতীয় গছৰ লিহিৰি পাতৰ ছাঁই তলমল কৰিছে৷ সেই ছাঁৰ তলে তলে কেইবাজোৰা চকী-টেবুল৷ এলাইডা, ক’লা আৰু মই বহিলোগৈ অলপ একাষৰীয়াকৈ থকা মুখামুখি জোলনা দুখনত৷ ছুইমিং পুলৰ নীলা পানীখিনিয়ে, পাতলীয়া বতাহজাকে গা-মন শাঁত পেলালে৷ ক’লা আৰু এলাইডাৰ সৈতে পাৰ হৈ যোৱা দিনকেইটাৰ ৰোমন্থন চলিল৷ ক’ল’মৰ কৰ্মশালাত লগ পোৱা বিভিন্ন মুখ, বিভিন্নজনৰ সৈতে মতবিনিময়ৰ শেষত হোৱা উপলব্ধিৰ প্ৰতিফলন৷


এটা সময়ত কাষৰ কোঠাৰ পৰা আহি যোগ দিলেহি জেম্ছে৷ ক’লা আৰু এলাইডাই জেম্ছক কেইবাবাৰো লগ পাইছে যদিও প্ৰকল্পত যোগ দিয়াৰ পিছত জেম্ছৰ সৈতে এই জাম্বিয়া ভ্ৰমণতে মোৰ প্ৰথম সাক্ষাৎ৷ গতিকে ব্যক্তিগত ৰূপত তেওঁক তেনেকৈ জনাৰ সুযোগ পোৱা নাই৷ যোৱা কেইদিনৰ সান্নিধ্যৰে মাথোঁ বুজি উঠিছোঁ, জেম্ছ খুবেই অন্তৰ্মুখী মানুহ৷ কিন্তু সেই অচল আবেলিটোত অপ্ৰত্যাশিতভাৱে তেওঁ স্বতস্ফূৰ্ত হৈ উঠিল৷ আমিও কৌতুহলী হৈ বহু কথাই সুধি পেলালো৷ জেমছে নিৰলসভাৱে কৈ গ’ল তেওঁৰ জীৱন কাহিনী৷ বিছ বছৰীয়া চফল ডেকাজনে যুক্তৰাজ্যৰ শিক্ষা ব্যৱস্থাত নিজৰ ঠাই বিচাৰি পোৱা নাছিল৷ তেওঁনো জীৱনত প্ৰকৃততে কি কৰিব বিচাৰে একো উৱাদিহ পোৱা নাছিল৷ জীৱনৰ অৰ্থ বিচাৰিয়ে যুক্তৰাজ্য এৰি তেওঁ সেইসময়ত অনিৰ্দিষ্ট কাললৈ বিশ্ব ভ্ৰমণলৈ যোৱাৰ সিদ্ধান্ত ল’লে৷ এনে দিন এটাতে হঠাত লগ পাই গ’ল ৰেচেলক৷ বিশ্ব ভ্ৰমণলৈ যাবলৈ তেতিয়া দুসপ্তাহ বাকী মাথোঁ৷ মাত্ৰ দুবাৰ লগ পোৱাৰ পিছতে ৰেচেলে প্ৰস্তাৱ দিলে তেৱোঁ জেম্ছৰ সৈতে একেলগে সেই ভ্ৰমণত যাব খোঁজে৷ জেম্ছে পোনেই না কৰিলে৷ কিন্তু বিশ্ব ভ্ৰমণৰ প্ৰথমটো আস্থান স্পেইনত দুদিন কটাই কিবা ভাৱি তেওঁ ৰেচেললৈ ফোন কৰিলে,

’এতিয়াও যদি তুমি আহিব খোঁজা, মোক স্পেইনত লগ কৰিব পাৰা৷’


ৰেচেলে কলেজীয়া শিক্ষা আধৰুৱা কৰি গুচি গৈছিল দুদিনৰ চিনাকী জেম্ছৰ কাষলৈ৷ কেইবা মাহজোৰা এই ভ্ৰমণত দুয়ো অলৌ টলৌকৈ ইখন দেশৰ পৰা সিখন দেশলৈ ঘুৰিলে৷ নানা দেশত জেম্ছে শাৰীৰিক শ্ৰম কৰিলে, ক’ৰবাত ইংৰাজী শিক্ষকৰ কাম কৰিলে৷ বিধিৰ পৰিহাসত ইণ্ডোনেছিয়াত ৰেচেলে এটা কৰ্মসংস্থান পালে আৰু তাৰ পৰাই নতুন সুযোগ আহিল৷ তাতে জেম্ছৰ টেৰীৰ সৈতে চিনাকি হ’ল৷ তেওঁৰ অসাধাৰণ প্ৰতিভা চিনিবলৈ টেৰীৰ অকণো টান নহ’ল৷ তাৰ পিছত জেম্ছে আৰু কেতিয়াও ঘুৰি চাবলগীয়া নহ’ল৷ ত্ৰিছ বছৰ বয়সত কলেজীয়া শিক্ষা আৰম্ভ কৰি তেওঁ মাথোঁ দুবছৰত অভূতপূৰ্ব সফলতাৰে পি এইচ ডি সম্পূৰ্ণ কৰিলে৷ বৰ্তমান সেই ৰেচেলৰ সৈতে দুটি সন্তানেৰে তেওঁৰ সুখৰ সংসাৰ আৰু ইণ্ডোনেছিয়াৰ সেই সংস্থানেই তেওঁৰ কৰ্মস্থান!


অভিভূত হৈ পৰিলো! সমাজে বা পৰম্পৰাই ঠিক কৰি দিয়া বাটবোৰ-ধাৰণাবোৰ আওকাণ কৰি কেৱল নিজৰ হৃদয়ৰ আহ্বান শুনাৰ এনে সততা আৰু সাহসিকতা কিমান বিৰল, কিমান প্ৰেৰণাদায়ক!


আতংকৰ ছাঁ

লিভিংষ্ট’নত যোগাযোগবিহীন হৈ অচল দুটা দিন কটোৱাৰ পিছত পুৱা টেৰী আৰু জেমছে হোটেল এৰিলে- দুপৰীয়া জোহানেছবাৰ্গ হৈ লণ্ডনলৈ ফ্লাইট৷ আছেংগাত ৰৈ গ’লো এলাইডা, ক’লা আৰু মই৷ ক’লা দুদিনৰ পিছত ফ্ৰান্সলৈ উভতি যোৱাৰ কথা৷ এলাইডা আৰু মই জিম্বাবোৱেৰ ৰাজধানী লুছাকাত এখন আন্ত:ৰাষ্ট্ৰীয় আলোচনা সভাত যোগ দি এসপ্তাহৰ পিছত কানাডালৈ উভতাৰ পৰিকল্পনা৷


আবেলি নিজৰ কোঠাত জিৰণি লওঁ বুলি কিতাপ এখন মেলি ল’লো৷ এটা সময়ত চিলমিল কৈ টোপনিও আহিল! এনেতে ফোনৰ ৰিঙৰ শব্দত চক্ খাই সাৰ পাই গ’লো৷ অচিনাকি নম্বৰ৷ সন্দেহ হ’ল- ৰ’মিং কল ধৰোঁ নধৰোঁ কৈ ৰিচিভ কৰিলো৷

ফোনৰ সিপাৰে টেৰীৰ ভীষণ উৎকন্ঠিত মাত!

’আমি অলপ আগতে জোহানেছবাৰ্গ পাইছোঁহি৷ তোমালোক ঠিকে আছানে?’

’হয়, ঠিকে আছোঁতো!’- আচৰিত হ’লো অলপ৷ আজি ৰাতিপুৱা মাথোঁ গৈছে টেৰী আৰু জেম্ছ৷ এবেলাতে কি সলনি হ’বনো!

টেৰীয়ে একেই সুৰত কৈ গ’ল,

’ইয়াত আহি পাই ইন্টাৰনেট পোৱাতহে গোটেই কথাবোৰ গম পাইছোঁ৷ আমাৰ সংগঠনৰ লুছাকাৰ অফিচৰ পৰা উপৰাউপৰিকৈ বহুত ইমেইল আৰু ফোন কল৷ জাম্বিয়াৰ পৰিস্থিতি খুউব বেয়া৷ কালি লুছাকালৈ উভতি যোৱা চিফৰৰ গাড়ী বাটত মানুহৰ আক্ৰমণ (riot) ৰ পৰা কোনোৰকমেহে ৰক্ষা পাইছে৷ পুলিচ আহি কন্দুৱাগেছ মৰাতহে মুকলি হৈ যাব পাৰিছে৷ বহু ঠাইত মানুহে গাড়ী হাইজেক কৰিছে আৰু যাত্ৰীক গুলীয়াই মাৰিছে হেনো৷’

মই আতংকিত হৈ পৰিলোঁ৷ কাৰো সৈতে একো যোগাযোগ নথকাত আমি একো গমেই নাপাওঁ!

টেৰীয়ে ক’লে,

’মোৰ কথা মন দি শুনা! লুছাকাৰ আলোচনা সভালৈ তোমালোক যাব পৰাটোতো দূৰৰে কথা, লিভিংষ্টনো একেবাৰে নিৰাপদ নহয়৷ চিফৰৰ অফিচৰ লগত পাতি আমি সিদ্ধান্ত লৈছোঁ, তোমালোক যিমান পাৰি সোনকালে ভেনকুভাৰলৈ উভতি অহাটোৱে ঠিক হ’ব৷ পাৰা যদি কাইলৈকে জাম্বিয়া এৰিবলৈ চেষ্টা কৰে৷ কথাবোৰে কেতিয়া কি ৰূপ লয় কোৱা টান হৈছে৷’

মোৰ টোপনিৰ জাল কাটি গ’ল৷ যিমান পাৰোঁ খৰকৈ চিন্তা কৰাৰ চেষ্টা কৰিলোঁ৷ কৈ উঠিলো,

’কিন্তু আমাৰ উভতাৰ ফ্লাইট এসপ্তাহৰ পিছত হে আছে!’

’সলনি কৰি কাইলৈকে অহাৰ চেষ্টা কৰা৷ যিমানেই খৰচ নহওক তোমালোক নিৰাপদে উভতি অহাটো সকলোতকৈ গুৰুত্বপূৰ্ণ৷ আমাৰ লণ্ডনৰ ফ্লাইটলৈ আৰু তিনিঘন্টা আছে৷ সকলো বন্দবস্ত কৰি খৱৰ দিবা মোক৷’

ফোনটো ৰাখি দীঘলকৈ উশাহ এটা টানি ল’লো৷ খৰকৈ হিচাপ-নিকাচ কৰিলো৷ তেতিয়া আবেলি চাৰে-চাৰি বাজিছে৷ আন্ধাৰ হোৱাৰ পিছত ক’লৈকো ওলাই যোৱাটো সেই পৰিস্থিতিত নিৰাপদ নহয়৷ গতিকে যিয়ে নকৰোঁ সোনকালে কৰিব লাগিব৷

ক’লা বাহিৰতে গছৰ তলত বহি আছিল৷ তাৰ সৈতে গৈ এলাইডাৰ কোঠাৰ দুৱাৰত টুকুৰিয়ালোগৈ৷ বৃত্তান্ত শুনি দুয়ো কিছুপৰ কিংকৰ্তব্যবিমুঢ় হৈ ৰ’ল৷ এলাইডাই গোটেই কথাবোৰ জুকিয়াই চালে৷ ফোন বা ইন্টাৰনেট নোহোৱাকৈ কাইলৈকে টিকেট কৰাৰ উপায় কি? এয়াৰপৰ্ট ইয়াৰ পৰা গাড়ীৰে আধাঘন্টামানৰ বাট৷ এতিয়াই গ’লে আন্ধাৰ হোৱাৰ আগতে নিৰাপদে আহি পামনে!

অন্য একো উপায় নথকাত তাকে কৰাৰ সিদ্ধান্ত হ’ল৷ লৰালৰিকৈ ওলাই গৈ এয়াৰপৰ্টলৈ টেক্সি ল’লো৷ টেক্সিৰ ড্ৰাইভাৰক ক’লাই সুধিলে,

’আজিৰ দিনটোত লিভিংষ্ট’নৰ ওচৰে পাজৰে কিবা হিংসাত্মক ঘটনা ঘটিছে নেকি?’

আদহীয়া ড্ৰাইভাৰজনে হাঁহিমুখেৰেই ক’লে,
’আমিতো একো শুনা নাই এতিয়ালৈকে৷ মাত্ৰ কাৰ্ফিউৰ কাৰণে সন্ধিয়াৰ লগে লগে ঘৰৰ বাহিৰলৈ নোলোৱাৰ নিৰ্দেশহে পাইছোঁ৷’

লিভিংষ্ট’নৰ একেবাৰে সৰু এয়াৰপৰ্ট৷ সোমায়ে দেখোঁ, এয়াৰলাইনৰ সকলো কাউন্টাৰ বন্ধ! গম পালো, দিনটোত মাথোঁ দুখনমানহে ফ্লাইট অহা-যোৱা কৰে৷ গতিকে পাঁচবজাত সকলো বন্ধ হয়৷

আমি তিনিও অসহায় হৈ তাতে থিয় দি ৰ’লো!


লিভিংষ্ট’নৰ দেশত (১): ভিজা, ক’ৰ’না আৰু ধুমুহা
লিভিংষ্ট’নৰ দেশত (২):ভিক্টোৰিয়া ফলছ্: দ্য স্ম’ক দেট্ থাণ্ডাৰছ্
লিভিংষ্ট’নৰ দেশত (৩): এটা সপোন খেদি
লিভিংষ্ট’নৰ দেশত (৪): বাওবাব গছৰ সন্ধানত
লিভিংষ্ট’নৰ দেশত (৫): যাত্ৰা আৰু আড্ডা

Friday 17 July 2020

অসমলৈ অহা পৰিভ্ৰমী চৰাই

চৰাইৰ পৰিভ্ৰমণ প্ৰকৃতিৰ আটাইতকৈ আশ্চৰ্য্যকৰ পৰিঘটনাসমূহৰ ভিতৰত অন্যতম৷ সমগ্ৰ বিশ্বৰ চৰাইৰ প্ৰজাতিসমহূৰ ভিতৰত প্ৰায় ২০% অৰ্থাৎ প্ৰায় ২০০০ বিধ সৰু-বৰ চৰায়ে ঋতু অনুযায়ী খাদ্যবস্তু তথা বাসস্থানৰ সন্ধানত বিভিন্ন অঞ্চললৈ পৰিভ্ৰমণ কৰে৷ ইয়াৰ ভিতৰত আটাইতকৈ দীঘলীয়া দূৰত্ব অতিক্ৰম কৰা চৰাইবিধ হ’ল আৰ্কটিক টাৰ্ন নামৰ গঙাচিলনীজাতীয় চৰাইবিধ৷ এই চৰাইবিধে সুমেৰুৰ পৰা কুমেৰুলৈ প্ৰায় ৪০,৩০০ কিলোমিটাৰ দুৰত্ব অতিক্ৰম কৰি প্ৰতিটো শীততে পৰিভ্ৰমণ কৰে আৰু গ্ৰীষ্মকালত উভতি আহে৷ শীতকালৰ আগমণৰ লগে লগে অসমৰ বিভিন্ন অঞ্চললৈও পৰিভ্ৰমী চৰাইৰ সোঁত বয়৷ তথ্য অনুসৰি অসমলৈ ২৮০ বিধ পৰিভ্ৰমী চৰাইৰ আগমণ ঘটে৷ ইয়াৰে উল্লেখযোগ্য কেইবিধমান চৰাইৰ বিষয়ে তলত চমুকৈ উল্লেখ কৰা হৈছে-

ধৃতিৰাজ (Bar-headed Goose): ধৃতিৰাজ নামৰ বনৰীয়া হাঁহবিধ বিশ্বৰ আটাইতকৈ দীঘলীয়া সময় ধৰি আৰু সৰ্বোচ্চ উচ্চতাত পৰিভ্ৰমণ কৰা চৰাই সমূহৰ মাজত অন্যতম৷ এই হাঁহবিধে সুদূৰ ৰাছিয়াৰ পৰা অসমকে ধৰি ভাৰতৰ অন্যান্য ঠাইবোৰ পাবলৈ সুউচ্চ হিমালয় পৰ্বত উৰি পাৰ হৈ আহে৷ কোনো কোনোৰ মতে মাউন্ট এভাৰেষ্টতো এই হাঁহবিধক দেখা পোৱাৰ নজিৰ আছে৷ প্ৰতিবছৰে নৱেম্বৰ-ডিচেম্বৰ মাহত ধৃতিৰাজ হাঁহৰ জাক অসম পায়হি আৰু মাৰ্চ মাহৰ ভিতৰত পুনৰ উভতি যায়৷ শীতকালত অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যনত দুই-তিনিহাজাৰ পৰ্য্যন্ত ধৃতিৰাজ দেখা পোৱা যায়৷ তথ্য অনুসৰি কাজিৰঙাত বিশ্বৰ মুঠ ধৃতিৰাজৰ প্ৰায় ৪-৫% চৰায়ে পৰিভ্ৰমণ কৰেহি৷ ইয়াৰোপৰি মানাহ ৰাষ্ট্ৰীয় উদ্যান, ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, ওৰাং ৰাষ্ট্ৰীয় উদ্যান, নামেৰী ৰাষ্ট্ৰীয় উদ্যান, দ্বীপৰ বিল, বুঢ়াচাপৰি অভয়াৰণ্য আদিত শীতকালি এই হাঁহ দেখা পোৱা যায়৷

File:Bar-headed Goose - St James's Park, London - Nov 2006.jpg
ধৃতিৰাজ হাঁহ (ফটো: ৱিকিমিডিয়া কমনছ)

দীঘলনেজী (Northern Pintail)
: দীঘলনেজী হাঁহ সমগ্ৰ বিশ্বতে বহুলভাৱে বিস্তৃত হৈ থকা এবিধ হাঁহৰ প্ৰজাতি৷ ইয়াৰ মতা হাঁহটোৰ দীঘল আৰু জোঙা নেজডালৰ বাবে অসমীয়াত 'দীঘলনেজী' বুলি কোৱা হয়৷এই হাঁহৰ প্ৰজাতিটোৱে প'লেণ্ড, মংগোলিয়া,কানাডা, আলাস্কা, আমেৰিকা আদি দেশত এপ্ৰিল আৰু জুন মাহত প্ৰজনন কৰে আৰু অসমকে ধৰি অন্য বিষুৱীয় অঞ্চল যেনে পানামা, আফ্ৰিকা আৰু দক্ষিণ এছিয়া লৈ শীতকালত পৰিভ্ৰমণ কৰে৷ এই হাঁহে ঘন্টাত ৪৮ মইল পৰ্য্যন্ত বেগেৰে নিশাৰ ভাগত পৰিভ্ৰমণ কৰে বুলি জনা যায়৷ দীঘলনেজীয়ে সাধাৰণতে মুকলি জলাশয় যেনে, পানীপূৰ্ণ ঘাঁহনি, হ্ৰদ আদিত বাস কৰে৷ দীঘলনেজীয়ে অগভীৰ পানীত আন্ধাৰ হোৱাৰ পিছত ডুব দি দি খাদ্যৰ সন্ধান কৰে৷ সেয়ে ই দিনৰ বেছিভাগ সময় জিৰণি লৈ থাকে৷ ই প্ৰধানকৈ জলজ উদ্ভিদৰ বিভিন্ন অংশ যেনে শিপা, গুটি আদি খাই জীয়াই থাকে৷ কাজিৰঙকে ধৰি অসমৰ বিভিন্ন বনাঞ্চল, জলাশয় আদিত দীঘলনেজী দেখা পোৱা যায়৷

Northern Pintails (Male & Female) I IMG 0911.jpg
দীঘলনেজী  (ফটো: ৱিকিমিডিয়া কমনছ)

চাকৈ-চকোৱা (Ruddy Shelduck): চাকৈ-চকোৱা বা বামুণী হাঁহ সোণালী বৰণৰ এটা হাঁহৰ প্ৰজাতি। চাকৈ-চকোৱাই গ্ৰীষ্মকালত ইউৰোপ আৰু কেন্দ্ৰীয় এছিয়াত প্ৰজনন কৰে আৰু শীতকালত অসমকে ধৰি ভাৰত মহাদেশৰ অন্যান্য অঞ্চল সমূহলৈ পৰিভ্ৰমণ কৰে৷ ই ওখ পাহাৰৰ ওপৰত, গছৰ ধোন্দত, মাটিৰ ফাঁকত, কণী পাৰি পোৱালি জগায়। এই চৰাই বিধ সদায় যোৰা পাতি থাকে নাইবা সৰু দলবান্ধি থাকে। হিন্দু আৰু বৌদ্ধ ধৰ্মত এই হাঁহক পৱিত্ৰ বুলি গণ্য কৰা হয়৷ শীতকালি অসমৰ কাজিৰঙা, দ্বীপৰ বিল, ডিব্ৰু ছৈখোৱাকে ধৰি বিভিন্ন জলাশয়ত এই হাঁহ দেখিবলৈ পোৱা যায়৷ 

File:Ruddy shelduck (Tadorna ferruginea) 200.jpg
চাকৈ-চকোৱা  (ফটো: ৱিকিমিডিয়া কমনছ)
কলীমূৰী হাঁহ (Common Teal): কলীমূৰী হাঁহ বহুলভাৱে বিস্তৃত হৈ থকা হাঁহৰ প্ৰজাতি৷ ই সাধাৰণতে মাৰ্চ মাহত নাতিশীতোষ্ণ ইউৰেছিয়া অঞ্চল প্ৰজনন কৰে আৰু শীতকালত জাপান, টাইৱান, দক্ষিণ এছিয়া আদিলৈ পৰিভ্ৰমণ কৰে৷ ক'লীমূৰী হাঁহে প্ৰধানকৈ জাক পাতি বাস কৰে৷ প্ৰজননৰ সময়ত ঘাইকৈ ইয়াক ওখ জলজ উদ্ভিদেৰে পৰিপূৰ্ণ জলাশয় সমূহত দেখিবলৈ পোৱা যায়৷ আনহাতে শীতকালত ই সাগৰীয় পানী থকা জলাশয় সমূ্হত চৰে৷ প্ৰজনন কালত ক'লীমূৰী হাঁহে প্ৰধানকৈ জলজ অমেৰুদণ্ডী প্ৰাণী যেনে- কেঁকোৰা, পোক-পতংগ, কণী আদি খাই জীয়াই থাকে৷ শীতকালত ইহঁতে জলজ উদ্ভিদৰ গুটি, ঘাঁহ আদি খাবলৈ লয়৷ শীতকালত এই হাঁহবিধে গধূলি বা নিশাৰ ভাগত খাদ্যৰ সন্ধান কৰে৷ অসমৰ কাজিৰঙা, ওৰাং, মানাহকে ধৰি বিভিন্ন বনাঞ্চল আৰু জলাশয়ত শীতকালি এই হাঁহ দেখিবলৈ পোৱা যায়৷ 

File:Common Teal Anas crecca 690V0830 - Lip Kee.jpg
কলীমূৰী হাঁহ  (ফটো: ৱিকিমিডিয়া কমনছ)

খন্তীয়া হাঁহ (Northern Shoveller): খন্তীয়া হাঁহ এবিধ বহুলভাৱে বিস্তৃত হৈ থকা হাঁহৰ প্ৰজাতি। ই প্ৰধানকৈ ইউৰোপ, এছিয়া আৰু উত্তৰ আমেৰিকাত প্ৰজনন কৰে আৰু শীতকালত দক্ষিণ ইউৰোপ, আফ্ৰিকা, ভাৰত উপমহাদেশ , দক্ষিণ এছিয়া তথা আমেৰিকালৈ পৰিভ্ৰমণ কৰে। খন্তীয়া হাঁহে প্ৰধানকৈ মুকলি জলাশয়ত বসবাস কৰে আৰু উদ্ভিদৰ বিভিন্ন অংশ খাদ্য হিচাপে গ্ৰহণ কৰে। তদুপৰি ই দীঘল আৰু বিশেষভাৱে অভিযোজিত খন্তীৰ দৰে ঠোঁটটো ব্যৱহাৰ কৰি পানীৰ পৰা বিভিন্ন জলজ কীট-পতংগ আদিও খায়। অসমৰ কাজিৰঙা, পবিতৰা, মাজুলী, দ্বীপৰ বিল আদিৰ মুকলি জলাশয়সমূহত শীতকালি এই হাঁহ দেখা পোৱা যায়৷

File:Northern Shoveller Anas clypeata.jpg
খন্তীয়া হাঁহ  (ফটো: ৱিকিমিডিয়া কমনছ)

বগা বালিমাহী (White Wagtail): বগা বালিমাহী এটা সৰু আকাৰৰ বালিমাহী চৰাইৰ প্ৰজাতি৷ বালিমাহী চৰায়ে সকলো সময়তে নেজডাল লৰাই থাকে (tail wagging) বাবে ইয়াৰ ইংৰাজী নাম ৱেগটেইল৷ ই এপ্ৰিল মাহৰ পৰা আগষ্টৰ সময়ছোৱাত ইউৰোপ, এছিয়া আৰু উত্তৰ আফ্ৰিকাত প্ৰজনন কৰে৷ বগা বালিমাহী পতংগভোজী৷ ইহঁতে প্ৰধানকৈ জলাশয় বা পানীৰ অন্যান্য উৎসৰ আশে পাশে চৰে৷ শীতকালি অসমৰ প্ৰায়বোৰ পথাৰ, নৈকাষৰীয়া অঞ্চল আৰু জলাশয়ৰ আশে পাশে বগা বালিমাহী দেখা পোৱা যায়৷

File:Bachstelze - Bergeronnette grise - White wagtail 02.jpg
বগা বালিমাহী  (ফটো: ৱিকিমিডিয়া কমনছ)

বৰবালি বগুৱা (Wood Sandpiper): বৰবালি বগুৱা এবিধ সৰু আকাৰৰ জলচৰ চৰাইৰ প্ৰজাতি৷ বৰবালি বগুৱাই প্ৰধানত: ইউৰোপ আৰু এছিয়াৰ বিভিন্ন জলাশয় সমূহত প্ৰজনন কৰে৷ ই আফ্ৰিকা, দক্ষিণ এছিয়া আৰু অষ্ট্ৰেলিয়ালৈ পৰিভ্ৰমণ কৰে বুলিও জনা যায়৷ বৰবালি বগুৱাই অগভীৰ পানী বা বোকাত ঠোঁট গুজি খাদ্যবস্তু বিচাৰি খায়৷ পোক-পতংগ আৰু অন্যান্য সৰু জলজ প্ৰাণীয়েই ইয়াৰ প্ৰধান খাদ্য৷ই পানীৰ কাষৰ গছত বা কেতিয়াবা মাটিত বাহ সাজি পোৱালি জগায়৷ অসমৰ কাজিৰঙা, ডিব্ৰু-ছৈখোৱা আদি বনাঞ্চলকে ধৰি অন্যান্য জলাশয়সমূহত শীতকালি বৰবালি বগুৱা দেখা পোৱা যায়৷

File:Wood Sandpiper Tringa glareola by Dr. Raju Kasambe DSCN1982 (2).jpg
বৰবালি বগুৱা  (ফটো: ৱিকিমিডিয়া কমনছ)

লৰীয়তী (Marsh Sandpiper): এটা সৰু আকাৰৰ চৰাইৰ প্ৰজাতি। ই সাধাৰণতে ইউৰোপ আৰু এছিয়া মহাদেশৰ মুকলি ঘাঁহনি অঞ্চল তথা জলাশয় আদিত প্ৰজনন কৰে বুলি জনা যায়। লৰীয়তী চৰায়ে আফ্ৰিকা আৰু এছিয়াত আৰু অন্য কিছুমানে দক্ষিণ-পূব এছিয়া তথা অষ্ট্ৰেলিয়াত শীতকালটো কটায়। ইহঁতে সাধাৰণতে হ্ৰদ, বিল আদিত অকলশৰে বা সৰু গোটত চৰিবলৈ পছন্দ কৰে।লৰীয়তী চৰায়ে অগভীৰ পানীত বা বোকাত ঠোঁটেৰে খুচৰি খাদ্য খায়। ই প্ৰধানকৈ পোক-পতংগ আদি খাই জীয়াই থাকে। লৰীয়তী চৰাই অসমৰ কাজিৰঙা, ডিব্ৰু-ছৈখোৱা আদি বনাঞ্চলত দেখা পোৱা যায়৷

File:Marsh Sandpiper Tringa stagnatilis by Dr. Raju Kasambe DSCN0948 (4).jpg
লৰীয়তী  (ফটো: ৱিকিমিডিয়া কমনছ)

ৰামপাৰ (Brown-headed Gull)
: ৰামপাৰ এবিধ জলচৰ চৰাই৷ ই তাজিকিস্তান, মংগোলিয়া আদি কেন্দ্ৰীয় এচিয়াৰ দেশসমূহত প্ৰজনন কৰি শীতকালি ভাৰত উপমহাদেশলৈ পৰিভ্ৰমণ কৰে৷ ৰামপাৰ সাধাৰণতে সাগৰীয় অঞ্চলত আৰু বিশাল নদী বা জলাশয়ত চৰে৷ ৰামপাৰই শীতকালত প্ৰধানকৈ মাছ আৰু প্ৰজননৰ সময়ত এন্দুৰ, কেঁচু আদিকে ধৰি কীট-পটংগ খায়৷ অসমৰ দ্বীপৰ বিল, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, বৰদৈবাম বিলমুখ পক্ষী উদ্যান, বুঢ়াচাপৰি অভয়াৰণ্য, লাওখোৱা অভয়াৰণ্য, মাজুলী আদিত দেখা পোৱা যায়৷

File:Brown Headed Gull.jpg
ৰামপাৰ  (ফটো: ৱিকিমিডিয়া কমনছ)

গলমণিকা নাচনী (Red-throated Flycatcher): গলমণিকা নাচনী এবিধ সৰু আকাৰৰ চৰাইৰ প্ৰজাতি৷ এই চৰাইবিধে উত্তৰ ইউৰোপ আৰু কেন্দ্ৰীয় এছিয়াত প্ৰজনন কৰে৷ শীতকালত গলমণিকা নাচনী চৰায়ে দক্ষিণ এছিয়া লৈ পৰিভ্ৰমণ কৰে৷গলমণিকা নাচণি চৰাই সাধাৰণতে পৰ্ণপাতী অৰণ্যত পানীৰ উৎসৰ আশে পাশে দেখা পোৱা যায়৷ ইহঁতে ঘাইকৈ পোক-পতংগ খাই জীয়াই থাকে৷

File:Red-throated or Taiga Flycatcher Ficedula albicilla female by Dr. Raju Kasambe DSCN4790 (7).jpg
গলমণিকা নাচনী  (ফটো: ৱিকিমিডিয়া কমনছ)

তথ্যউৎস:

· BirdLife International (2020) Species factsheet

· India Biodiversity Portal

· অসমীয়া ৱিকিপিডিয়া

Friday 26 June 2020

অসমৰ আপুৰুগীয়া উদ্ভিদৰ প্ৰজতি

অসমৰ অৰণ্যসমূহক মূলত: সাতটা শ্ৰেণীত ভগোৱা হয়-১) ক্ৰান্তীয় সেমেকা চিৰসেউজ অৰণ্য ২) ক্ৰান্তীয় অৰ্ধচিৰসেউজ অৰণ্য ৩) ক্ৰান্তীয় আৰ্দ্ৰ পৰ্ণপাতী অৰণ্য ৪) উপক্ৰান্তীয় বিস্তৃত পাতৰ পাহাৰীয়া অৰণ্য ৫) উপক্ৰান্তীয় সৰল গছৰ অৰণ্য ৬) উপকূলীয় আৰু জলাহ অৰণ্য আৰু ৭) তৃণভূমি আৰু ক্ৰান্তীয় অঞ্চলৰ তৃণভূমি৷ তথ্য অনুসৰি অসমৰ এই অৰণ্যসমূহত মুঠতে ৩৮৫৪ বিধ সপুষ্পক উদ্ভিদৰ প্ৰজাতি দেখা পোৱা যায়৷ ইয়াৰে ৩২৮ বিধ অৰ্কিড, ৪২ বিধ বাঁহ, ১৪ বিধ বেঁত আৰু ৯৫২ বিধ ঔষধি গুণসম্পন্ন উদ্ভিদৰ প্ৰজাতি৷ এই প্ৰজাতিসমূহৰ ভিতৰত ১৬৭ বিধ উদ্ভিদ স্থানিক উদ্ভিদ (endemic species) অৰ্থাৎ এই প্ৰজাতিসমূহ কেৱল অসমতহে দেখা পোৱা যায়৷

আই ইউ চি এনৰ ৰঙা তালিকা (IUCN Red List of Threatened Species) ত অসমত দেখা পোৱা কেইবাবিধো উদ্ভিদক সংকটাপন্ন (threatened) বুলি অভিহিত কৰা হৈছে৷ ইয়াৰে ২৮৪ বিধ উদ্ভিদ ঘোৰ সংকটজনক (critically endangered), ১৪৯ বিধ উদ্ভিদ বিলুপ্তপ্ৰায় (endangered) যেনে চিয়া নাহৰ, ৫৮ বিধ অসুৰক্ষিত (vulnerable) আৰু ১৩ বিধ সংকটাসন্ন (near threatened) ৰূপে চিহ্নিত হৈছে৷ এনে গুৰুত্বপূৰ্ণ উদ্ভিদৰ প্ৰজাতি কিছুমান হৈছে Accacia gageana, Adiantum assamicum, Alseodaphne andersonii, Alseodaphane khasyana, Angiopteris assamica, Cedrela fabrifuga, Cinnamomum cacharensis, Coelogyne assamica, Combretum wallichii, Dinochloa indica, Diospyros cacharensis, Dipterocarpus mannii, Eugenia cyanophylla ইত্যাদি৷ অসমত বহুলভাৱে ব্যৱহৃত গুৰুত্বপূৰ্ণ উদ্ভিদৰ ভিতৰত হোলোং (Dipterocarpus macrocarpus), Gurjan (Dipterocarpus tubinatus), Mekai (Shorea assamica), Kurta (Palaquium polyanthum), নাহৰ (Mesua ferrea), চিয়া নাহৰ (Keyea assamica), শিশু (Dalbergia sissoo), খৈৰ (Acacia catechu) ইত্যাদি উল্লেখযোগ্য৷

ইয়াৰোপৰি অসমত ২৯৩ বিধ অৰ্কিডৰ প্ৰজাতি পোৱা যায় যি ভাৰতত দেখা পোৱা মুঠ অৰ্কিডৰ ২৪.৪২% আৰু উত্তৰ-পূবৰ ৮৮.৩৯% প্ৰজাতিক প্ৰতিনিধিত্ব কৰে ৷ এইসমূহৰ ভিতৰত Bulbophyllum elassonotum, Bulbophyllum vireus, Dendrobium assamicum, Bulbophyllum obrienianum, Calanthe odora, Dendrobium parciflorum, Dendrobium spatella, Eria pumila, Eulophia candida, Liparis plantaginea, Luisia macrotis, Phalaenopsis mastersii, Tainia barbata আদি স্থানিক প্ৰজাতি (endemic)৷ কপৌফুল, ভটৌফুল আদি অৰ্কিডৰ অসমৰ জনজীৱন আৰু সংস্কৃতিত স্থান অতি গুৰুত্বপূৰ্ণ৷

অসম বাঁহ-বেতৰ বৈচিত্ৰ্যও যথেষ্ট৷ তথ্য অনুসৰি অসমত মুঠতে ৩৮ বিধ বাঁহৰ প্ৰজাতি প্ৰাকৃতিকভাৱে হয়৷ ইয়াৰ ভিতৰত ভলুকা বাঁহ (Bambusa balcooa ), জাতি বাঁহ (Dendrocalamus strictus), মূলি বাঁহ (Malocanna bacciferra ), কাঁক বাঁহ (Dendrocalamus hamiltonii), মোকাল বাঁহ (Bambusa pallida), কোটোহা বাঁহ 
(Bambusa arundinacea), বিজুলি বাঁহ (Bambusa tulda), বৰুৱা বাঁহ (Dendrocalamus giganteus)আদি উল্লেখযোগ্য৷ অসমৰ স্থানিক বাঁহৰ প্ৰজাতিৰ ভিতৰত উল্লেখযোগ্য Bamboosa masrtersei কেৱল ডিব্ৰুগড় জিলাত, Bamboosa cacharensis, Dinochlora compactiflora, Dinochlora india কেৱল বৰাক উপত্যকাত আৰু Chimnobabusa griffithiana আৰু Oxetenanthera parviflora কেৱল উত্তৰ কাছাৰ পাৰ্বত্য অঞ্চলত দেখা পোৱা যায়৷ ইয়াৰোপৰি, অসমত মুঠতে চৈধ্য বিধ বেতৰ প্ৰজাতিও দেখা পোৱা যয়৷ ইয়াৰ ভিতৰত অসমত সাধাৰণতে পোৱা প্ৰজাতিবোৰ হৈছে Calamus flagellum, Calamus floribunadus, Calamus latifolius ইত্যাদি৷ অসমৰ স্থানিক বেতৰ প্ৰজাতিসমূহৰ ভিতৰত Plectomia assamica আৰু Plectomia bractealis উল্লেখযোগ্য৷ 

অসমত সৰ্বমুঠ ৯৫২ প্ৰকাৰৰ ঔষধি গুণসম্পন্ন উদ্ভিদৰ তথ্য পোৱা গৈছে৷ এইসমূহৰ ভিতৰত অসমীয়া ৰাইজে গৰু বিহুৰ দিনা পৰম্পৰাগতভাৱে খোৱা এশ এবিধ শাকৰ বহুতো ঔষধি গুণ থকা বুলি জনা যায়৷ এই শাকসমূহ হৈছে- ১) সৰু মানিমুনি ২) বৰ মানিমুনি ৩) মচন্দৰী ৪) নৰসিংহ ৫) তিতা ভেঁকুৰী ৬) পনৌনৌৱা ৭) ভেদাইলতা ৮) ঢেঁকীয়া ৯) তিতামৰা ১০) টেঙেচি ১১) চজিনা ১২) কালমেঘ ১৩) জিলমিল ১৪) কচুঠুৰি ১৫) কলমৌ শাক ১৬) কেহৰাজ ১৭) খুতুৰা শাক ১৮) কাটা খুতুৰা ১৯) গাজৰ ২০) লাইজাবৰি ২১) শুকলতি ২২) দহিকচু ২৩) ওলকচু ২৪) টিকনিবৰুৱা ২৫) ধনিয়া পাত ২৬) চুকাশাক ২৭) দোৰোণবন ২৮) নেফাফু ২৯) পদিনা ৩০) পুৰৈশাক ৩১) পালেংশাক ৩২) পাতেগজা ৩৩) পানীটেঙেচি ৩৪) ব্ৰাহ্মীশাক ৩৫) বাহক তিতা ৩৬) ভাঙৰ পাত ৩৭) মহাভৃংগৰাজ ৩৮) মটৰ মাহ ৩৯) মহানিম ৪০) মেথিশাক ৪১) মাটিকাঁদুৰি ৪২) মূলা ৪৩) মালভোগ শাক ৪৪) মৰিচা শাক ৪৫) মানকচু ৪৬) সৰিয়হ শাক ৪৭) কাচকল ৪৮) বনজালুক ৪৯) টেঙামৰা ৫০) তিতাফুল ৫১) চেংমৰা ৫২) মধুসোলেং ৫৩) তিতা কেৰেলা ৫৪) কপৌঢেঁকীয়া ৫৫) বেতগাজ ৫৬) তেজপাত ৫৭) তিয়ঁহ ৫৮) চিৰতা ৫৯) কেঁচা জলকীয়া ৬০) কালজিৰা ৬১) উৰহী ৬২) পচলা ৬৩) কঁঠাল ৬৪) অমিতা ৬৫) ৰঙালাউ ৬৬) মৰলীয়া ৬৭) বাবৰিশাক ৬৮) হেলচি শাক ৬৯) শুহনিবন ৭০) তিতাফুল ৭১) মোৱা আলু ৭২) বকফুল ৭৩) ভাতকেৰেলা ৭৪) আদা ৭৫) হালধি ৭৬) ভূতমলা ৭৭) ফুটকলা ৭৮) জেতুলীপকা ৭৯) কলডিল ৮০) বিলাহী ৮১) চয়াবিন ৮২) নহৰু ৮৩) পিয়াঁজ ৮৪) জালুক ৮৫) ৰঙাআলু ৮৬) আলু ৮৭) পানীলাউ ৮৮) ৰঙা মৰিচা ৮৯) ভোট জলকীয়া ৯০) কাজিনেমু ৯১) শেৱালি ফুল ৯২) বেঙেনা ৯৩) জিকা ৯৪) ভোল ৯৫) ফেচবিন ৯৬) ভেন্দি ৯৭) মানধনিয়া ৯৮) লেচেৰামাহ ৯৯) হাতীভেঁকুৰি ১০০) ভুঁই আমলখি আৰু ১০১) ধঁপাত তিতা৷

তথ্যউৎস

Bhattacharya, P. C., Muzumder, R., & Sarmah, G. D. (1991). Rare medicinal plants of Assam. Ancient science of life, 10(4), 234.

De, L. C., & Medhi, R. P. (2014). Diversity and conservation of rare and endemic orchids of North East India-A Review. Indian Journal of Hill Farming, 27(1), 138-153.

Envis Centre, Ministry of Environment & Forest, Govt. of India
http://asmenvis.nic.in/Database/PlantDiversity_833.aspx?format=Print

Gogoi¹, K., Borah, R. L., & Sharma, G. C. (2010). Orchid flora of Dibru–Saikhowa National Park and Biosphere Reserve, Assam, India.

Gogoi, K., Borah, R. L., Sharma, G. C., & Yonzone, R. (2012). Present status of orchid species diversity resources and distribution in Dibrugarh district of Assam of North East India. International Journal of Modern Botany, 2(2), 19-34.

Monday 22 June 2020

আফ্ৰিকাত প্ৰথম খোজ: লিভিংষ্ট’নৰ দেশত (৫)

যাত্ৰা আৰু আড্ডা

চ’মাৰ ৰাতিপুৱা৷ অন্যদিনাৰ দৰে পুৱাৰ আহাৰৰ সময়ত হাঁহি আৰু আড্ডাৰ পৰিৱেশ নাই৷ কৰ্মশালাৰ শেষত সকলোকে এটা অৱসাদে আৱৰি ধৰিছিলেই৷ তাতে আগনিশা জাম্বিয়াৰ বিভিন্ন ঠাইত আৰম্ভ হোৱা হিংসাত্মক ঘটনাৰ বাতৰিয়ে গোটেই দলটোক চিন্তিত কৰি তুলিছে৷ আমি বাহৰ পাতি থকা চ’মা টাউনখন ভিতৰুৱা ঠাই বাবে ইয়াৰ বহুতো খৱৰ এতিয়াও দুৰদৰ্শনৰ বাতৰিত অহা নাই৷ গতিকে জাম্বিয়া দলৰ নেতা কালা আৰু ডেভিছনে অফিচৰ দুজনমানক পঠালে, খোঁজেৰে গৈ টাউনৰ পৰিৱেশৰ গম লৈ আহিবলৈ৷


চ’মা টাউনৰ উত্তৰে প্ৰায় চাৰি ঘন্টাৰ বাটত ৰাজধানী লুছাকা৷ তাতে আমাৰ স্থানীয় সহযোগী সংগঠন চিফৰৰ মূল কাৰ্য্যালয়৷ গতিকে স্থানীয় গোটেই দলটো তালৈ উভতি যোৱাৰ কথা৷ বিপৰীত দিশত চ’মা টাউনৰ দক্ষিণত লিভিংষ্ট’ন নগৰী৷ আমাৰ প্ৰকল্পৰ মূল ব্যক্তি টেৰী আৰু জেমছ তালৈ উভতি যাব লাগে- দুদিন পিছতে লণ্ডনলৈ বুলি ফ্লাইট ধৰিবলৈ৷ পৰিকল্পনা মতে সকলো তেনেকৈ দিহাদিহি যোৱাৰ পিছত এলাইডা আৰু মই প্ৰকল্পৰ অন্য দুজন গৱেষক ফ্ৰেডী আৰু মালাইকাৰ সৈতে চ’মাতে এসপ্তাহৰ বাবে ৰৈ দিয়াৰ কথা৷ এই এসপ্তাহতে আমাৰ প্ৰকল্পৰ অধীনত থকা ঠাইবোৰলৈ গৈ তাৰ সমস্যাৰ বুজ লোৱা, স্থানীয় জনজাতিৰ প্ৰতিনিধি সকলক লগ কৰি আলাপ আলোচনা কৰাৰ আঁচনি৷ কিন্তু এতিয়া পৰিস্থিতিৰ মেৰপাকত সেই সকলোবোৰ অসম্ভৱ যেনেই লাগিল৷

পুৱাৰ আহাৰৰ পিছতে দলটোৰ জৰুৰী আলোচনা বহিল৷ ডেভিছন আৰু কালাই স্পষ্ট কৰি দিলে,

’যি বাতৰি পোৱা গৈছে পৰিস্থিতি খুবেই স্পৰ্শকাতৰ৷ ক’ত কেতিয়া হিংসাত্মক ঘটনা ঘটিব একো ক’ব পৰা নাযায়! বিশেষকৈ আমাৰ মাজৰ বিদেশী সকলৰ বাবে এয়া বেছি বিপদজনক!’

’তেনে এলাইডা আৰু মই কি কৰিলে ভাল হ’ব?’-  আমি অলপ কিংকৰ্তব্যবিমুঢ় হ’লো৷

কালাই ক’লে,
’এনে পৰিস্থিতিত তোমালোক ভিতৰুৱা গাঁৱে ভূঞে যোৱাটো খুবেই বিপদজনক! বহুতো ঠাইত গাঁৱৰ মানুহে বাহিৰা যিকোনো মানুহকে সন্দেহজনক বুলি গণ্য কৰি শাস্তি বিহাৰ বাতৰি আহি আছে৷ গতিকে তোমালোকৰ হাতত এতিয়াও এসপ্তাহ সময় আছে যেতিয়া আমাৰ চিফৰৰ দলৰ সৈতে লুছাকালৈকে আহিব পাৰা৷ তিনিদিন পিছত আমি তাত এখন আন্ত:ৰাষ্ট্ৰীয় সভা আহ্বান কৰিছোঁ৷ সমগ্ৰ আফ্ৰিকাৰ বিভিন্ন দেশৰ প্ৰতিনিধিসকলে প্ৰাকৃতিক সম্পদৰ সংৰক্ষণৰ বিষয়ে সভাখনত অংশ ল’ব৷ তাত থাকিলে তোমালোকেও বহু কথা শিকিব পাৰিবা৷ বহুতো দৰকাৰী বিষয়া আৰু বিজ্ঞানীকো লগ পাবা৷’

এলাইডা আৰু মই টেৰীলৈ চাই পঠিয়ালো৷ এইক্ষেত্ৰত শেষ মতামত ৰজিব টেৰীৰহে৷

টেৰীয়ে ক’লে, সেই সভাত ভাগ ল’ব পাৰিলে খুবেই ভাল কিন্তু পৰিস্থিতিয়ে অহা কেইদিনমানতে কি ৰূপ লয় ক’ব নোৱাৰি৷ টেৰীয়ে প্ৰস্তাৱ দিলে আমাৰ উভতাৰ ফ্লাইট যিহেতু লিভিংষ্ট’নৰ পৰাই আছে, গতিকে আমাৰ দলৰ বিদেশী কেইজন তালৈকে ঘুৰি যাওঁ৷ তিনিদিনৰ পিছত পৰিস্থিতিৰ বুজ লৈ এলাইডা আৰু মই লুছাকালৈ গৈ সেই সভাত যোগ দিব পাৰিম৷  

কথা মতেই কাম৷ চ’মাৰ পৰা লিভিংষ্টন আঢ়ৈ ঘন্টাৰ বাট৷ লুছাকা অভিমুখী চিফৰৰ দলটোক বিদায় দি কিছু সেমেকা মন এটাৰে আমি উভতিলো৷ চিফৰৰ গাড়ীচালক মিঅ’বাৰ সৈতে আমাৰ দলটো ওলাল৷  সন্মুখৰ আসনত বহি জেমছে এখন কিতাপ উলিয়াই ল’লে৷ পিছৰ আসনত এলাইডা, ক’লা, টেৰী আৰু মই৷ 

কিছুপৰ নীৰৱেই পাৰ হৈ গ’লো কাঁইটীয়া অৰণ্য, বাটৰ কাষে কাষে কয়লাৰ বস্তাৰ ভিৰ আৰু কাঁঠফুলাৰ লানি! সকলো ফালেই দেখাত স্বাভাৱিক পৰিৱেশ৷ একোৱেই যেন হোৱা নাই৷ কিন্তু কিছুপৰৰ পিছতেই কেইবা ঠাইতো আমাৰ চকুত পৰিল বাটৰ কাষলৈ চপাই থোৱা আধাপোৰা টায়াৰ, লণ্ডভণ্ড কৰা খুটা আৰু বেঁৰা! হয়তো মাথোঁ যোৱা নিশা সেইবোৰ ঠাইত ঘটি গৈছে জনতাৰ ৰায়ত, মিলিটেৰীৰ গুলীচালনা, কাৰোৱাৰ জীৱন্ত অগ্নিদাহ! ভাৱিয়ে গা জিকাৰ খাই উঠিল মোৰ৷

এলাইডা আৰু ক’লাই টোপনিয়াইছিল৷ গাড়ীৰ ভিতৰৰ উদ্বিগ্নতাৰে ভৰা গধুৰ পৰিৱেশটো দেখিয়ে হয়তো টেৰীয়ে মাতি দিলে,

’এই যে কাঠফুলাবোৰৰ লগতে ৰঙা প্ৰকাণ্ড জলকীয়া দেখিছা, এইবোৰে ভাৰতীয় কাৰীৰ লগত ফেৰ মাৰিব পাৰিবনে?’

মই হাঁহিলো৷ বিদেশী প্ৰায়বোৰ মানুহৰে ভাৱ, ভাৰতীয় কাৰী মানেই পশ্চিমীয়াই সহিব নোৱাৰা মছলা যুক্ত জ্বলা খাদ্য! সেই একেখন দেশতে কত কিমানযে সোৱাদ আছে, ৰন্ধাৰ বিবিধ প্ৰকৰণ আছে তাকে মই প্ৰায়ে সোঁৱৰাই থাকো!


ক’লো,
’হ’ব পাৰে৷ ইয়াৰ জলকীয়া কিমান জ্বলা সেই  বিষয়ে মোৰ একো ধাৰণাই নাই-গতিকে ক’বলৈ টান৷’
’ভিন্দালুৰ দৰে হ’লেতো কথাই নাই!’
’ভিন্দালু? সেইটো কি?’
’সঁচাই নাজানানে তুমি?’

টেৰী যেন ভীষণ আচৰিত হ’ল! ধৰি ল’লে, মই জানি শুনিয়ে নজনাৰ ভাও ধৰিছোঁ৷ কিন্তু সেইদিনাই মই প্ৰথম শুনিলো ভিন্দালুৰ কথা! তেওঁৰ প্ৰতিক্ৰিয়া দেখি মোৰ আকৌ ভাৱ হ’ল টেৰীৰ এইটোও ধেমালিহে৷ আমাৰ দুয়োৰে মাজত ধেমেলীয়া ভাৱতে কথাৰ অলপ কটাকটি হ’ল৷ উপায়হীন হৈ মই জেমছক সুধিলো,

’জেমছ, আপুনি জানেনে ভিন্দালু কি বস্তু?
’ভিন্দালু এটা গান!’ পঢ়ি থকা কিতপখনৰ পৰা মূৰ তুলি জেমছে বেপৰোৱা ভাৱে ক’লে৷
’কি?’

লগে লগে জেমছে গাবলৈ লাগিল,

’ভিন্দালু ভিন্দালু ভিন্দালু ভিন্দালু না না..
ভিন্দালু ভিন্দালু ভিন্দালু ভিন্দালু না না..

ভিন্দালু.......
ভিন্দালু এণ্ড ৱি অ’ল লাইক ভিন্দালু’

মোৰ কৌতুহল বাঢ়ি গ’ল, কিন্তু এইটো সঁচাই খায় নে পিন্ধে খুঁচৰি চাবলৈকো কাৰো লগতে ইন্টাৰনেটো নাই৷ এটা সময়ত তন্দ্ৰালস মাত এটাৰে এলাইডাই বিৰক্তিৰে কৈ উঠিল,

’প্লিজ, ভিন্দালুৰ কথা আৰু নাপতিলেও হ’বনে? মোৰ মূৰ কামোৰণি উঠাৰ উপক্ৰম হৈছে ভিন্দালুৰ আলোচনা শুনি শুনি!’

এলাইডাৰ আপত্তি শুনি আমাৰ তৰ্ক আধাতে বন্ধ হ’ল৷ কিন্তু মই টেৰীক ক’লো,

’লিভিংষ্টনৰ হোটেল গৈ পাই নেট পোৱাৰ পিছত মই খুঁচৰিম ৰ’ৱ৷ নজনাকৈ নেৰিছোঁ!’


চ’মাৰ পৰা লিভিংষ্ট’নলৈ যাত্ৰা

আছেংগাত নতুন আশংকা

লিভিংষ্ট’নৰ আছেংগা ল’জ৷ পৰ্য্যটন নগৰী বাবে ঘাইপথৰ কাষে কাষে অলেখ অসংখ্য ল’জ৷ সকলোৰে আৰ্হি প্ৰায় একেই- পৰ্য্যটকক আকৰ্ষণ কৰাৰ বাবে আধুনিক সা-সুবিধাৰে কিছু দুৰত্বত প্ৰতিটো কোঠা৷ কোঠাৰ লানিবোৰৰ মাজৰ মুকলি ঠাইত ছুইমিং পুল, চাৰিওকাষে বহাৰ ব্যৱস্থা৷ ভীষণ গৰমত পুলৰ পানীৰ কাষত গছৰ ছাঁত বহিয়ে সকলোৱে খোৱা বোৱা কৰিবলৈ ভাল পায় কিজানি!

গৈ পায়ে গম পালো, যোৱা দুদিন ধৰি সমগ্ৰ দক্ষিণ প্ৰভিঞ্চতে ইন্টাৰনেট সেৱা কাটি থৈছে! হোটেলৰ পৰিচালকে ক’লে, হয়তো ছ’ছিয়েল মেডিয়াত গেছিঙ আৰু অন্য হিংসাত্মক ঘটনাবোৰৰ বিষয়ে ভাইৰেল হোৱা উৰা বাতৰি বোৰ ৰুধিবলৈকে চৰকাৰে বন্ধ কৰি থৈছে৷ 

আমি কিছু বিপাঙত পৰিলো৷ ইন্টাৰনেট নাই মানে কাৰোৰে সৈতে সম্পৰ্ক কৰিবলৈ ভীষণ অসুবিধা হ’ব- ক’ত কি হৈছে একো জনাৰ উপায় নাথাকিব৷ বিশ্বাস নহ’ল, মাথোঁ দুমাহ আগতে একেই পৰিৱেশত আবদ্ধ হৈ পৰিছিলো অন্য এখন মহাদেশত, অসমত নিজৰ ঘৰত৷ একেই ঘটনাৰে যেন পুনৰাবৃত্তি! এনেবোৰ পৰিস্থিতিয়ে কেতিয়াবা মোৰ মনলৈ সন্দেহ আনি দিয়ে,

’মই নিজেই এনে পৰিস্থিতি খেদি ফুৰোঁ নে মোক এইবোৰে খেদি ফুৰে!!’

যি নহওক, টেৰী আৰু জেমছে ততাতৈয়াকৈ লিভিংষ্ট’ন বিমানবন্দৰলৈ ওলাই গ’ল, এদিন পিছত লণ্ডনলৈ যাব লগা ফ্লাইটখন সময়মতে যাব নে নাযাব খৱৰ ল’বলৈ৷ আমাৰ ভোকে-ভাগৰে হেঁচা মাৰি ধৰিছিল৷ আবেলিৰ তীব্ৰ ৰ’দজাক মুখতে লৈ ক’লা আৰু এলাইডাৰ সৈতে ওলাই গ’লো নিৰামিষ খাদ্য বিচাৰি৷ জাম্বিয়াত ভৰি দিয়াৰে পৰা সেইটো আমাৰ বাবে অন্য প্ৰত্যাহ্বানবোৰৰ লগতে এটা হৈ পৰিছে৷ প্ৰায়বোৰ ৰেষ্টুৰেন্টতে কেৱল বিভিন্ন প্ৰকাৰৰ মাংসৰ বিধে বিধে খাদ্য৷ নিৰামিষ খাদ্য বিচাৰিলে সকলোৱে আচৰিত ধৰণে আমালৈ চাই পঠিয়ায়, ক’ৰ পৰা এই তিনিও আহিল বুলি!কাৰণ তেনে অভ্যাগত নাহেই হেনো!

অৱশেষত আক তাক সুধি আমি বিচাৰি উলিয়ালোগৈ ’ফ্লেভাৰ্ছ’ নামাৰ ৰেষ্টুৰেন্টখন৷ মেন্যু চায়ে মোৰ চকু কপালত উঠিল৷ বিধে বিধে প্ৰায়বোৰ ভাৰতীয় কাৰী! নিৰামিষ-আমিষ সকলোবোৰ উপলব্ধ৷ কৌতুহল দমাব নোৱাৰি ক’লাই ৱেইট্ৰেছক সুধিয়ে পেলালে 

’এই ৰেষ্টুৰেন্টৰ মালিক ভাৰতীয় নেকি?’

উত্তৰ আহিল, ’নহয়!’

ভাৱ হ’ল, হয়তো জাম্বিয়াত চুকে কোণে থিতাপি লোৱা ভাৰতীয় সকলৰ প্ৰভাৱতে এনেদৰে খাদ্যও সোমাই পৰিছে জাম্বিয়াৰ জনজীৱনত!

তৃপ্তিৰে খাই বৈ আছেংগা গৈ পাওঁ মানে সন্ধিয়া হ’বৰ হ’ল৷ টেৰী আৰু জেমছ বিমানবন্দৰৰ পৰা আহি পাইছিলহি৷ খৱৰ পালো,

’ফ্লাইট সময় মতেই যাব৷ পিছে লিভিংষ্ট’নতো ঠায়ে ঠায়ে জনতাৰ ৰায়’ট আৰম্ভ হৈছে হেনো৷ লগতে গেছিঙৰ ঘটনাৰো বাতৰি আহি আছে৷ গতিকে প্ৰয়োজন নহ’লে নিশাৰ ভাগত ঘুৰা ফিৰা নকৰিবলৈ চৰকাৰে সকলোকে উপদেশ দিছে!’

উপায় নাপাই যিমান পাৰোঁ সোনকালেই নিশাৰ সাঁজো খাই আহো বুলি এইবাৰ আমি পাঁচোজনেই ফ্লেভাৰ্ছলৈ ওলাই গ’লো৷ ভাৰতৰ চহৰবোৰৰ দৰেই ইয়াত প্ৰাইভেট টেক্সিৰ সীমা সংখ্যা নাই৷ গতিকে উভতাৰ পৰত এই দহমিনিটৰ বাট টেক্সি এখন লৈয়ে আহিব পাৰিম বুলি ধৰি ল’লো৷

ফ্লেভাৰ্ছ পৰ্য্যটকেৰে গিজগিজাই আছে৷ নিশাৰ ৰঙীন পৰিৱেশ, মানুহৰ আড্ডা আৰু হাঁহিৰ মাজত ধাৰণাই নহয় এই নগৰখনৰে ঠায়ে ঠায়ে হিংসা দাবানল জ্বলি উঠিছে৷ কেতিয়া কি হ’ব কোনেও ক’ব নোৱাৰে! হয়তো ইন্টাৰনেটৰ অভাৱত বহুতো পৰ্য্যটকে পৰিস্থিতিৰ একো ভূকে পোৱা নাই৷

আমাৰো আড্ডা জমিল৷ খাই বৈ এটা সময়ত টেক্সিৰে আছেংগালৈ উভতনি যাত্ৰা৷ ঘাইপথ এৰি আছেংগালৈ বুলি উপপথটো ল’ব খোঁজোতেই আমাৰ চকুত পৰিল, সন্মুখত বাট বন্ধ কৰি থোৱা আছে! টেক্সিৰ হেডলাইটৰ সন্মুখত জিলিকি উঠিল সশস্ত্ৰ দুজন ব্যক্তি!


অজান আশংকাত আমাৰ হৃদয় কঁপি উঠিল! তেওঁলোকৰ ইংগিতত ট্যু শব্দ এটাও নকৰি টেক্সি চালকে ষ্টাৰ্ট বন্ধ কৰিলে৷ এগৰাকী আমাৰ গাড়ীৰ কাষ চাপি আহি খিৰিকীৰে জুমি চালে৷৷ ইংৰাজীতে সুধিলে,

’ক’লৈ যাব?’
’আছেংগা ল’জ!’- টেক্সি চালকৰ সমীহ ভৰা উত্তৰ৷

তেতিয়ালৈ আমি বুজি উঠিছোঁ, তেওঁলোক জাম্বিয়াৰ বিশেষ মিলিটেৰী বাহিনীৰ৷ 

’ক’ৰ আপোনালোক?’
’আমি যুক্তৰাজ্য আৰু কানাডাৰ পৰা আহিছোঁ৷’- টেৰীয়ে উত্তৰ দিলে৷

ৱেলকাম ট্যু জাম্বিয়া! আপোনালোকৰ নিৰাপত্তা আমাৰ দায়িত্ব৷ পৰিস্থিতি খুবেই স্পৰ্শকাতৰ৷ গতিকে সন্ধিয়া লগাৰ পিছত বাহিৰত ঘুৰা ফিৰা যিমান পাৰি এৰাই চলিব!’

তেওঁলোকৰ সুব্যৱহাৰত আমি প্ৰায় আচৰিতেই হ’লো৷ লগতে সেই মুহুৰ্ত্ততে পৰিস্থিতিৰ ভয়াবহতা নতুনকৈ  উপলব্ধি কৰিলোঁ যেন! আছেংগা পোৱালৈকে আমাৰ কাৰোৰে মুখত এটাও মাত নোলাল৷ 


------------------------------------------

বিশেষ দ্ৰষ্টব্য: ঘটনাৰ মেৰপাকত পৰি ভেনকুভাৰলৈ  উভতি অহাৰ পিছতহে ভিন্দালুৰ বিষয়ে খুঁচৰি চাবলৈ আহৰি পালো৷ গম পালো, ভিন্দালু গোৱা আৰু দক্ষিণ ভাৰতৰ ঠাইবিশেষে প্ৰচলিত এবিধ খুউব জ্বলা মছলাযুক্ত কাৰী৷ কিবা কাৰণত চিকেন টিক্কা মছলাৰ দৰেই এইবিধো যুক্তৰাজ্যত খুবেই জনপ্ৰিয় হৈ পৰিল৷ গতিকে মই সেইবিষয়ে নজনাটো টেৰীৰ বাবে অবিশ্বাস্য হোৱাটোৱে স্বাভাৱিক৷ 

Tuesday 9 June 2020

আফ্ৰিকাত প্ৰথম খোজ: লিভিংষ্ট’নৰ দেশত (৪)

বাওবাব গছৰ সন্ধানত 

জাম্বিয়া দেশৰ ক’ল’ম’ জিলাত আমি৷ চ’মা নামৰ সৰু নগৰ এখনত দলটোৱে বাহৰ পাতি আছে৷ বতৰ গোমা৷ নিচেই পুৱাতে খোঁজেৰে ওলাই গ’লো আশে পাশে ঠাইখন চাওঁ বুলিয়ে৷ দেখা পালো প্ৰতিদিনৰ দৰেই আমাৰ প্ৰকল্পৰ মূল সমন্বয়ৰক্ষী জেম্ছ দৌৰিবলৈ ওলাই গৈছে৷ য’ত যেনেকৈয়ে নাথাকক ব্যস্ততাৰ মাজতো এটা দিনো ক্ষতি নকৰাকৈ দৌৰিবলৈ যোৱাৰ কি অদম্য উৎসাহ তেওঁৰ!

ধূলিয়ৰী বাটটোৰ একাষে এখন বিশাল আদ্ৰভূমি, অন্যকাষে গোমধানৰ খেতি- দুই এটা ঘৰ নাতিদূৰৈত৷ হয়তো আগলৈ এখন গাওঁ আছে৷ আমাৰ দলৰ মালাইকাই কৈছিল, সেইফালে কিছুদূৰ আগবাঢ়ি গ’লে স্কুলঘৰ এটাৰ কাষতে এজোপা প্ৰকাণ্ড বাওবাব গছ আছে৷ জাম্বিয়াত ভৰি থোৱাৰ পৰাই মোৰ মনটো উচপিচাই আছে বাওবাব গছ এজোপা নিজ চকুৰে চাবলৈ৷ ওভোতাকৈ ৰোৱা গছ যেন লগা এই বাওবাববোৰ আফ্ৰিকাৰ জীৱনদায়িনী গছ (tree of life)৷ বিস্তৰ চাভানা অঞ্চলত জীৱজন্তুক খাদ্য আৰু আশ্ৰয় দিয়াৰ উপৰিও বাওবাবৰ বাকলিৰ পৰা মানুহে কাপোৰ-ৰছী আদিও তৈয়াৰ কৰে৷ শুনামতে এই গছজোপা তিনিহাজাৰ বছৰ পৰ্য্যন্ত জীয়াই থাকে! গতিকে গছজোপাৰ প্ৰতি মোৰ কৌতুহলৰ শেষ নাই!


বাটত লগ পোৱা প্ৰায় সকলোৱে মাত লগালে খুবেই বন্ধুত্বপূৰ্ণ ভাৱে৷ দেখা পালো, বাটৰ কাষৰ ওখ বনবোৰৰ মাজত ৰেড বিশ্ব’প চৰাইটোৱে অহৰহ দেও দি ফুৰিছে৷ পুৱাৰ ৰ’দত সেউজীয়া বনবোৰৰ মাজত চৰাইটোৰ টিকটিকীয়া ৰঙা মূৰটো জিকমিকাই উঠিছে৷ কি অপৰূপ দৃশ্য! ভালকৈ চাবলৈ বুলি ৰৈ গ’লো তাতে৷ কিছুপৰ আগ্ৰহেৰে তাকে চাই থাকোতে মোৰ কাষতে হঠাৎ সেউজীয়া গাড়ী এখন ৰৈ গ’লহি৷ 
চ’মাৰ ধূলিয়ৰি বাট আৰু সেউজীয়া অৰণ্য
চালকৰ আসনত এগৰাকী আফ্ৰিকান মহিলা- বেছ দেখনিয়াৰ! খিৰিকীৰে মূৰটো উলিয়াই  খুউব উৎসাহেৰে মাত দিলে,
’গুড মৰ্ণিং! ইমানকৈ ফটো তুলিছা যে আমাকো তোলা আকৌ!’
কৈয়ে তেওঁ মুকলিকৈ হাঁহি উঠিল৷

ময়ো হাঁহি মাৰি কাষ চাপি গ’লো৷ চা-চিনাকি পৰ্ব চলিল৷ মানুহগৰাকীৰ নাম বাৰবাৰা৷ পিছৰ আসনত আঠবছৰীয়া জীয়েক জেমা৷ তাইক স্কুলত থ’বলৈ যাবলৈ ওলাইছে৷ মোক হেনো কালি আবেলিও আমি থকা হোটেলৰ কাষত দেখা পাইছিল৷ সৰু ঠাই! নতুন মানুহ সকলোৰে চকুত পৰিবলৈ বেছি সময় নালাগেই৷

মোৰ বাওবাব গছৰ সন্ধানৰ কথা শুনি তেওঁ কলে,
’সেই গছজোপা মই শিক্ষকতা কৰা স্কুলখনৰ লগতে লাগি আছে৷ জেমাৰ দেউতাক সেইখন স্কুলৰে প্ৰধান শিক্ষক৷ আমাৰ ঘৰো স্কুলৰ কাষতে৷ আজি আবেলি ঘৰলৈকে আহিবা ৷ বাওবাব দেখুৱাম আৰু লগতে ভালকৈ বহি কথাও পাতিম৷’

তেওঁৰ নিমন্ত্ৰণ পাই ভালেই পালো৷ এই সুযোগতে এই ঠাইৰ বিষয়ে, ইয়াৰ জীৱনৰ বিষয়ে কিছু আভাস পাম বুলিয়ে! উৎসাহেৰে ক’লো,

’অহ, বঢ়িয়া তেনে! নিশ্চয় আহিম৷ পিছে আজি আৰু কাইলৈ আমাৰ মিটিং এখন আছে৷ মিটিং শেষ কৰি পৰহিলৈহে আপোনালোকৰ ঘৰলৈ আহিব পাৰিম৷ হ’বনে?’

’ঠিক আছে, আহিবা দেই! বাট চাই থাকিম৷’

বাৰবাৰাৰ সেউজীয়া গাড়ীখনে উৰুৱাই যোৱা ধূলিজাকৰ পৰা চকু আঁতৰাইহে উপলব্ধি কৰিলোঁ মোৰ পলমেই হৈছে৷ কৰ্মশালা আৰম্ভ হ’বলৈ বেছিপৰ নাই৷ দুদিন পিছত তেওঁলোকৰ ঘৰলৈ যাওঁতেই ভালকৈ বাওবাবজোপা চোৱাৰ আশা লৈ উভতনি খোঁজ দিলো৷



পৰিৱৰ্ত্তনৰ উকমুকনি

পুৱাৰ খদম্দম্খিনি পাৰ কৰি এটা সময়ত আমাৰ দলটো ওলাই আহিল৷ পোন্ধৰ মিনিটমানৰ বাটতে সভাৰ প্ৰেক্ষাগৃহ টুইন কেভ ল’জ৷ এজন দুজনকৈ বিশাল হ’লটোত মানুহবোৰ গোট খালেহি৷ জিলা প্ৰশাসন, বনবিভাগ, জলসম্পদ বিভাগৰ পৰা আৰম্ভ কৰি স্থানীয় সংগঠন আৰু বিভিন্ন গাঁৱৰ গাওঁবুঢ়া আদিলৈকে বৈচিত্ৰপূৰ্ণ অভ্যাগতৰ দলটো দেখি ভাল লাগিল৷


আমাৰ দলৰ ফ্ৰেডি চ’মাৰ স্থানীয় ল’ৰা৷ সি আঁতৰৰ পৰা আমাক দেখুৱালে,
’সৌৱা যে একাষৰীয়াকৈ বহিছে তেওঁলোক হ’ল ক’ল’ম’ জিলাৰ তিনিজন চিফ৷ তেওঁলোক আমাৰ পৰম্পৰাগত নেতা৷ প্ৰতিজনৰ অধীনত বহুতো গাওঁ আছে আৰু গাওঁবুঢ়াসকলে তেওঁলোকৰ লগত বিচাৰ কৰিহে গাওঁ পৰিচালনা কৰে৷’

দেখিলো, সভাগৃহত প্ৰৱেশ কৰিয়ে প্ৰতিজন লোকে চিফকেইজনৰ ফালে আগবাঢ়িছে৷ প্ৰতিজন চিফৰ সন্মুখত সন্মানেৰে আঁঠু লৈ কৰমৰ্দন কৰি সম্ভাষণ জনাইছে৷

আমি অনুৰোধ কৰাত ফ্ৰেডিয়ে এলাইডা আৰু মোকো শিকালে পৰম্পৰাগত পদ্ধতিৰে কেনেকৈ কৰমৰ্দন কৰিব লাগে৷ ক’লে,

আগবাঢ়ি গৈয়ে প্ৰথমে আঁঠু ল’বা৷ কথা পাতোতে ’ইয়ৰ হাইনেছ’ বুলি সম্বোধন কৰিবা৷ আৰু তিনিবাৰ এনেকৈ হাতখন ঘুৰাই কৰমৰ্দন কৰিবা৷’

ফ্ৰেডীৰ লগতে ইয়াৰ নিয়ম অনুসৰি তিনিটা পৃথক ভংগীমাৰে তিনিবাৰ কৰমৰ্দন কৰাৰ কেইবাৰমান অভ্যাস কৰি লৈ আগবাঢ়ি গ’লো৷ নিজৰ চিনাকি দি কৰমৰ্দন কৰিলোগৈ চিফ চিকান্টাক৷ তেওঁ হাঁহি মাৰি আগ্ৰহেৰে ইংৰাজীতে সম্ভাষণ জনালে৷


কৰ্মশালাৰ একাংশ


এটা সময়ত কৰ্মশালা আৰম্ভ হ’ল৷ আমাৰ দলৰ ফালৰ পৰা ফ্ৰান্সৰ অৰ্থনীতিবিদ ক’লা আৰু ইংলেণ্ডৰ সমাজবিজ্ঞানী জেম্ছে বিতংকৈ বুজালে এই ’থিঅ’ৰি অব চেঞ্জ’নো কি৷ জাম্বিয়া দলৰ নেতা কালাই স্থানীয় টংগা ভাষাত অনুবাদ কৰি গ’ল কথাবোৰ৷ 

’এই কৰ্মশালাৰ জড়িয়তে আমি দুটা প্ৰশ্নৰ উত্তৰ বিচৰাৰ চেষ্টা কৰিম - ক’ল’ম’ জিলাৰ মূল সমস্যাসমূহৰ কাৰণ আৰু পৰিণতি কি? আৰু ইয়াৰ পৰা আমি ভৱিষ্যতে আমি ক’লৈ যাব খোঁজো আৰু কেনেকৈ?  

তেওঁ লগতে স্পষ্ট কৰি দিলে, ’আমি বৰ্তমানৰ পৰা সেই ভৱিষ্যতলৈ যাবলৈ বাটটো বিচৰিম- সেই বাটত আগবাঢ়িবলৈ কোনবোৰ পদক্ষেপ ল’ব পৰা যায় সেয়াও পাতিম৷  কিন্তু এই সকলোবোৰ হ’ব সন্মিলিত প্ৰচেষ্টা৷’

কালাৰ আহ্বানতে  আমিবোৰ যাদৃচ্ছিকভাৱে দুটা গোটত ভাগ হ’লো৷  আমাৰ দলৰ গৱেষকসকলে দুয়োটা গোটৰ আলোচনাত কোনো প্ৰভাৱ নেপেলাবলৈ মূলত: পৰ্য্যবেক্ষকৰ ভূমিকা ল’লে৷ দেখা পালো, মুহুৰ্ত্ততে দুয়োটা দল বিশাল হলঘৰটোৰ দুটাকোণত ব্যস্ত হৈ পৰিল৷ এটা দলত স্বত:স্ফূৰ্ত্ত ভাৱে নেতৃত্ব দিবলৈ আগবাঢ়ি আহিছে জিলা প্ৰশাসনৰ বিষয়া ডৰীন৷ কি এক ব্যক্তিত্ব মানুহগৰাকীৰ! তেওঁ দলটোক প্ৰশ্ন কৰিছে- সকলোৰে মতামত শুনি লৈ খচখচকৈ লিখি ভৰাই গৈছে পেপাৰ পেডৰ পৃষ্ঠা৷ দ্বিতীয় দলত কেয়াৰ ইন্টাৰনেশ্যনেল সংগঠনৰ আহ্বায়ক টেডী উঠি গৈছে পেপাৰ পেডৰ কাষলৈ৷ মানুহবোৰ এপলকৰ বাবেও থমকি ৰোৱা নাই৷ সকলোৱে বিভাগীয় বাধ্যবাধকতা বা মতবিৰোধ পাৰ কৰি খুউব মুকলিকৈ ক’ল’মৰ সমস্যাবোৰৰ নিজা দৃষ্টিভংগীৰে দাঙি ধৰিছে৷  বাৰে বাৰে উচ্চাৰিত হৈছে- বনাঞ্চল ধ্বংস, ধপাত আৰু কয়লাৰ বাণিজ্যৰ প্ৰভাৱ, অনুষ্ঠান-প্ৰতিষ্ঠানৰ মাজত সমন্বহীনতা, সমাজ সচেতনতাৰ অভাৱ আদি প্ৰত্যাহ্বান৷ 
ক’ল’ম’ৰ সমস্যাৰ ৰূপৰেখা

নিচিমাৰে দুপৰীয়াৰ সাঁজ খাই লৈ দুয়োটা দলে বৰ্তমানৰ সমস্যাসমূহ সকলোৰে আগত সাংঘাতিক দক্ষতাৰে  উপস্থাপন আগবাঢ়ালে৷ দুয়োটা দলৰ আলোচনাৰ সুঁতি একেই- বিভাগীয় সমন্বয়ৰ অভাৱত কেনেকৈ চৰকাৰী সেৱা প্ৰতিহত হৈছে, চৰকাৰী আৰু পৰম্পৰাগত নেতৃত্বৰ মাজত সহযোগিতা নথকাৰ বাবে বহুতো ক্ষেত্ৰত হকে বিপৰীত পৰিণতিহে হৈছে! এইবোৰৰ পৰানো কল্যানমুখী এটা ভৱিষ্যতৰ বাবে কেনেকৈ আগবাঢ়িব পৰা যায় সেয়া পিছদিনালৈ বুলি সামৰাৰ সিদ্ধান্ত হ’ল৷ 

সন্ধিয়া উভতি আহি আমাৰ হোটেল পাওঁহি মানে সাত বাজি গ’ল৷ জেট লেগৰ প্ৰভাৱ আৰু দিনটোৰ অৱসাদে মোক বাৰুকৈয়ে জুৰুলা কৰিলে৷ তথাপিও দলটোৰ সৈতে আজিৰ দিনটোৰ আলোচনাত বহি ৰ’লো৷ আজি দুয়োটা দলে উত্থাপন কৰা প্ৰত্যাহ্বানবোৰৰ পৰা ভৱিষ্যতৰ এটা বাট উলিওৱা আৰু সকলোৱে সন্মিলিত ভাৱে কাৰ্য্যপন্থা স্থিৰ কৰাটো যে কাইলৈৰ নতুন প্ৰত্যাহ্বান সেয়া সকলোৱে মৰ্মে মৰ্মে অনুভৱ কৰিলে৷ তথাপি দলৰ সকলো আশাবাদী হৈ ৰ’ল নতুন দিন এটাই নতুন সম্ভাৱনা কঢ়িয়াই অনাৰ হেঁপাহেৰে!


আকাশ চোৱাৰ হেঁপাহ 


কৰ্মশালাৰ দ্বিতীয় দিন! আগদিনা এৰা আঁতবোৰ উলিয়াই লৈ সেই একেই কচৰৎ৷ দুয়োটা দল একেটা প্ৰশ্ন লৈ পৃথকে পৃথকে আলোচনাত বহিল ,

’আমাৰ সপোনৰ ক’ল’ম’খনৰ ৰূপটো কেনে? ভৱিষ্যতে কি বিচাৰোঁ আমি?’

এজনে কৈ উঠিল, ’আমি বিচাৰো শুকাই যোৱা নৈবোৰ আকৌ বব!’

মানুহবোৰৰ মাজত এটা ৰঙীন সপোনৰ সুঁতি উঠিল যেন৷ ওপৰাওপৰিকৈ কৈ গ’ল-

’আমাৰ লঠঙা অৰণ্যবোৰ আকৌ সেউজীয়া হ’ব৷’
’মাটিবোৰ সাৰুৱা হ’ব!’
’গোমাধানৰ খেতি ভাল হ’ব৷’
’খেতিয়ক দুখ-কষ্টবোৰ আঁতৰিব!’


কথাবোৰ শুনি বাৰে বাৰে চমকি ৰ’লো মই৷ এইবোৰ সপোন জানো সকলোৰে একেই নহয়? এনে বহুতো সপোন জানো প্ৰত্যেকেই কঢ়িয়াই ফুৰা নাই? তেনে আমি কিয় অমিলখিনি ক্ষন্তেকৰ বাবে একাষৰীয়াকৈ থৈ মিলবোৰৰ পৰা আৰম্ভ কৰিব নোৱাৰোঁ!


সঁচাই সকলো মতানৈক্য একাষে থৈ মানুহবোৰে যুঁজ দিলে এটা সন্মিলিত বাট গঢ়াৰ প্ৰচেষ্টাত৷ সপোনৰ ক’ল’ম’ক বাস্তৱত ৰূপ দিবলৈ বিভিন্ন জনে বিভিন্ন উপায় প্ৰস্তাৱ কৰিলে৷ ইজনে সিজনক যুক্তি দিলে তাৰে কোনটো কিছুদিনৰ বাবে, কোনটো দীৰ্ঘদিনীয়া পদক্ষেপ৷ পেপাৰ পেডখনত ৰঙা-নীলা টোকাৰ ভিৰ হ’ল৷ প্ৰতিটোতে লিখা আছে একোটা পদক্ষেপ- বৃক্ষৰোপণ, পৰম্পৰাগত আইনৰ সৈতে চৰকাৰী আইনৰ সমন্বয়, বিভাগীয় সহযোগীতা, স্থানীয় জাতি-জনজাতিৰ মাজত সচেতনতা আৰু কল্যানমূলক পদক্ষেপ, বৈজ্ঞানিক পদ্ধতিৰ ব্যৱহাৰেৰে খেতিৰ ফচল বৃদ্ধি ৷ ইটোৰ পৰা সিটোলৈ একোজনে সংযোগ কৰিছে৷ এখোঁজ দুখোঁজকৈ এটা বাটৰ সৃষ্টি হৈছে! 

এটা বাট, বহুতো খোঁজ
কোৱাৰ দৰে কৰিবলৈ তেনে সহজ নহয়- সকলোৱে যেন উপলব্ধি কৰিলে৷ কেইবাজনে আঙুলীয়াই দেখুৱালে বাস্তৱৰ জটিলতাবোৰ! বনবিষয়া ৰেইছে শান্তভাৱে বাকীসকলক কৈ উঠিল,

’বৃক্ষ ৰোপন মানে যিকোনো গছ ৰুই যোৱাৰ কথাও নহয়৷ আমি ভাৱিব লাগিব কোনবোৰ গছ বিচাৰোঁ আৰু কিহৰ বাবে এই বৃক্ষৰোপণ৷’

ভৱিষ্যতৰ সেই সপোন আৰু সপোন চুব খোঁজা পদক্ষেপবোৰৰ উপস্থাপন শুনি চীফ চিকান্টাই মাত দিলে,

’আমি মনত ৰাখিব লাগিব এয়া মাথোঁ এটা প্ৰকল্পৰ সময়সীমাৰ ভিতৰত সম্ভৱ নহয়৷ তেনেকৈ ভৱাটোৱে বাস্তৱসন্মত নহয়৷ এইটো এটা প্ৰক্ৰিয়া৷ এই প্ৰক্ৰিয়াটো আমিয়ে আগবঢ়াই নি থাকিব লাগিব৷ প্ৰথম পদক্ষেপটো হ’ল এই কৰ্মশালাৰ মূল বক্তব্যখিনি স্থানীয় জাতি-জনজাতিবোৰৰ মাজলৈ লৈ যোৱা, কোনবোৰ পদক্ষেপৰ দায়িত্ব কোনে পালন কৰিব সেয়া নিৰ্ধাৰণ কৰা৷’

মোৰ মনত এটা আশাৰ ৰোল উঠিল৷ মাথোঁ দুদিনতে যে ক’ল’ম’ৰ বিভিন্ন অংশৰপৰা প্ৰতিনিধিসকল আহি আলোচনা কৰিলে, এটা সন্মিলিত বাট নিৰ্ধাৰণ কৰিলে, এয়াই এটা সোণালী যাত্ৰাৰ অপূৰ্ব শুভাৰম্ভ! ক’ল’ম’ৰ খেতিয়ক, বিষয়া-কৰ্মচাৰী, বিজ্ঞানী সকলোৰে সৈতে এই যাত্ৰাৰ অংশীদাৰ হ’বলৈ পাই সুখী হৈ উঠিলো মই!


আমাৰ দলৰ (সোঁফালৰ পৰা) মালাইকা, ফ্ৰেডী, এলাইডাৰ সৈতে

নিশাৰ বিভীষিকা 


সেই নিশা দলৰ সকলোৰে সৈতে চ’মা টাউনৰ ৰেষ্টুৰেন্ট এখনত নিশাৰ আহাৰৰ বাবে গ’লো৷ আমাৰ সহযোগী সংগঠন চিফৰৰ বিষয়া লিকাণ্ড’, মালাইকা আৰু এছনেলীৰ সৈতে আড্ডা চলিল৷ লিকাণ্ড’ই জাম্বিয়াৰ পৰম্পৰাগত সুৰাক লৈ হোৱা অভিজ্ঞতাৰ ৰসাল বৰ্ণনা দিলে৷

আড্ডাৰ মাজতে লক্ষ্য কৰিলোঁ, দলৰ বাকী সকলোৰে চকু কিছুদূৰৈত থকা টিভিৰ বাতৰিত! দেখিলো টিভিৰ পৰ্দাত ইখনৰ পিছত সিখন খণ্ডচিত্ৰ আহিব লাগিছে - উত্তপ্ত জনতা, ক’লা ধোঁৱা, মিলিটেৰীৰ জাক জাক দল!

মোৰ প্ৰশ্নবোধক চাৱনি দেখি এছনেলীয়ে মাত দিলে,

’গেছিঙৰ ঘটনা এইবোৰ৷ আজি কিছুদিন ধৰি জাম্বিয়াৰ কেইবাখনো প্ৰভিঞ্চত ৰহস্যময় গেছ আক্ৰমণৰ হৈ আছে৷ কোনে কিয় কৰিছে কোনেও নাজানে!’

’মানে? সঁচাই কিবা ভিত্তি আছেনে এই আক্ৰমণবোৰৰ নে এয়া মানুহৰ মাজত কিবা কাৰণে আতংক বিয়পাবলৈ উলিওৱা উৰাবাতৰি?’ মই আচৰিত হ’লো৷


’অঁ, সঁচাই হৈছে ঠাই কিছুমানত৷ শুনিছোঁ অপৰাধীবোৰে ৰাতি কিবা উপায়েৰে মানুহৰ ঘৰত সোমাই গেছ স্প্ৰে কৰি মানুহবোৰক অচেতন কৰি পেলায়৷ লুটপাট হোৱা নাই বুলি শুনিছোঁ৷ কিন্তু কোনো কোনোৱে কয়, সিহঁতে মানুহৰ গাৰ পৰা তেজ উলিয়াই নিয়ে! কোনেও নাজানে কোনে কি কাৰণে এইবোৰ কৰিছে৷ যোৱা দুদিনত এই গেছিঙৰ আতংক ঠায়ে ঠায়ে এনেকৈ বিয়পিল যে স্থানীয় ৰাইজে ৰায়ট আৰম্ভ কৰি দিছে!’

ফ্ৰেডীয়ে মাত দিলে,

’চৰকাৰৰ মতে ইয়াৰে বহুখিনি উৰা বাতৰি! ছ’ছিয়েল মেডিয়াই বিকৃত কৰি পেলাইছে৷ বিৰোধী ৰাজনৈতিক দলবোৰে আকৌ চৰকাৰৰ কৃতী বুলি সমালোচনা কৰিছে৷’

অবিশ্বাস্য! মোৰ মনত পৰিল এটা সময়ত ভাৰতত বান্দৰ-মানৱক লৈ হোৱা আতংকৰ কথা! কিন্তু ইমান গহীন বুলি অনুমান কৰিব পৰা নাছিলো কিজানি৷ আমি থকা কেইদিনতে এই ঘটনাসমূহ বৰ খৰতকীয়াকৈ জাম্বিয়াৰ বাকীবোৰ অঞ্চলতো বিয়পি পৰিল৷ চৰকাৰে কোনো তাৎক্ষণিক পদক্ষেপ নোলোৱা যেন অনুভৱ কৰি ঠায়ে ঠায়ে স্থানীয় জনগোষ্ঠীবোৰে নিজৰ প্ৰতিৰক্ষাৰ ব্যৱস্থা ল’বলৈ আৰম্ভ কৰিলে৷ ৰায়ট আৰু জনতাৰ হিংসাত্মক প্ৰতিৰোধৰ বাতৰি আহি থাকিল টিভিত৷ বাতৰিত ক’লে,

’জনতাই নীৰৱ চৰকাৰক ধিক্কাৰ দি নিজৰ হাতত আইন তুলি লৈছে৷ ৰাজধানী লুছাকাকে ধৰি বহুতো ঠাইত জনতাৰ দলে হত্যা বা গেছৰ আক্ৰমণৰ আঁৰত থকা বুলি সন্দেহ হোৱা মানুহবোৰক আক্ৰমণ কৰিছে৷ বাট-পথ ৰোধ কৰিছে কোনো বাহিৰৰ মানুহ বা গাড়ী সোমাব নোৱাৰাকৈ৷ সন্দেহজনক গাড়ী- ঘৰ-দুৱাৰত জুই লগাই দিছে৷’

বাতৰি কওঁতাৰ কাষত অহৰহ আহি থকা ভয়ংকৰ খণ্ডচিত্ৰবোৰ আৰু ব্ৰেকিং নিউজৰ হেডলাইন চাই চাই লিকাণ্ডই কৈ উঠিল,

’অহ, এই ঠাইখন চোন আমাৰ পৰা মাথোঁ পাঁচ কিলোমিটাৰ মান আঁতৰত! ৰায়টৰ আক্ৰমণত তাত এজন মানুহ জীৱন্তে অগ্নিদগ্ধ!’

আমাৰ বাবে সকলো আকস্মিক, অবিশ্বাস্য! খোৱা-বোৱা সিমানতে সামৰি আমি সকলো টিভিৰ চাৰিওফালে গোট খালো৷ চাই ৰ’লো সেই ফিৰিঙতিৰ পৰা খাণ্ডৱ দাহ হ’ব খোঁজা পৰিস্থিতি৷

শুনিলো, চৰকাৰে অতিৰিক্ত সৈন্যবাহিনী নিয়োগ কৰিছে উত্তেজিত হৈ পৰা জনতা আৰু এই হিংসাত্মক আক্ৰমণবোৰৰ আঁৰৰ অপৰাধীক বিচাৰি উলিয়াবলৈ৷

গধুৰ মন এটাৰে হোটেললৈ উভতাৰ পৰত টেৰীয়ে এলাইডা আৰু মোক একাষৰীয়া কৰি নি ক’লে,

’মই জানো, তোমালোকে আৰু এটা সপ্তাহ ইয়াতে থাকি এই ক’ল’ম অঞ্চলটো, গাওঁ-ভুই, অৰণ্য ভালকৈ চাব খোঁজা৷ কিন্তু পৰিস্থিতি চাই সেয়া সম্ভৱ নহ’বই যেন লাগিছে৷ মোৰ দুদিন পিছতে ভেনকুভাৰলৈ উভতাৰ ফ্লাইট৷ গতিকে কাইলৈ জেমছ আৰু মই লিভিংষ্টনলৈ উভতি যাবলৈ লাগিব৷ চিফৰৰ গোটেইখিনি মানুহ তাৰ বিপৰীত দিশে ৰাজধানী লুছাকালৈ যোৱাৰ কথা৷ আজি বাতৰিত যি দেখিলো দুয়োটা বাটতে বিপদৰ সম্ভাৱনা! কিন্তু ইয়াত ৰৈ দিয়াটোও সুৰক্ষিত নহয়! বিশেষকৈ আমি দুটা দল দুফালে গুচি যোৱাৰ পিছত তোমালোক দুজনী ইয়াত ৰৈ দিয়াটো মই কোনোপধ্যেই সমৰ্থন নকৰোঁ৷’

আমাৰ মন সেমেকিল৷ বহু আশা কৰি আছিলো, এই ঠাই, ইয়াৰ জীৱনৰ ৰেহ-ৰূপ নিজ চকুৰে চাম আৰু শিকিম বুলি৷ পিছে পৰিস্থিতিৰ অপ্ৰত্যাশিত পট পৰিৱৰ্ত্তনে সেই আশাত চেঁচাপানী ঢলাৰ উপক্ৰম কৰিলে৷  সিদিনা নিশা সেমেকা মনেৰে বিছনাত পৰোঁতে কল্পনাও কৰা নাছিলো, আৰু কেনে ঘটনাবহুল সময় এখিনিয়ে অপেক্ষা কৰি আছিল আমালৈ! পিছে বাৰবাৰাৰ ঘৰলৈ গৈ বাওবাব গছ মোৰ চোৱা নহ’ল! 



দ্বিতীয় খণ্ড: লিভিংষ্টনৰ দেশত
তৃতীয় খণ্ড: এটা সপোন খেদি