Tuesday 26 September 2017

প্লাষ্টিক প্ৰদূষণৰ চিকাৰ হৈ পৰিছে মাছ

আমি সকলোৱে কম-বেছি পৰিমাণে পেলনীয়া প্লাষ্টিকে পৰিৱেশৰ ওপৰত পেলোৱা বিৰূপ প্ৰভাৱবোৰৰ কথা জানো৷ বিশ্বত উৎপাদিত মুঠ প্লাষ্টিকৰ প্ৰায় দহ শতাংশই শেষত গৈ সাগৰৰ পানীত পৰেগৈ৷ গতিকে সাগৰীয় দূষিত পদাৰ্থত প্লাষ্টিকৰ পৰিমাণেই অধিক ৷ সূৰ্য্যৰ ৰশ্মি, ঢৌ, জলচৰ প্ৰাণীৰ প্ৰভাৱত এই প্লাষ্টিকবোৰ ভাঙি-চিঙি গৈ অৱশেষত ক্ষুদ্ৰাতিক্ষুদ্ৰ কণা বা নেন’প্লাষ্টিকত পৰিণত হয়গৈ৷ পেলনীয়া প্লাষ্টিকৰ পৰিৱেশৰ ওপৰত প্ৰভাৱ কেনে সেইসম্পৰ্কে ভালেমান গৱেষণা হৈছে যদিও নেন’প্লাষ্টিকৰ কণাসমূহৰ বিষয়ে আমাৰ জ্ঞান সীমিত৷ 
Credit: © Zacarias da Mata / Fotolia
শেহতীয়াকৈ ছুইডেনৰ লাণ্ড বিশ্ববিদ্যালয়ত বিজ্ঞানীসকলে কৰা এক গৱেষণাই  ধৰা পেলাইছে যে পেলনীয়া প্লাষ্টিকৰ ক্ষুদ্ৰাতিক্ষুদ্ৰ কণা বা নেন’প্লাষ্টিকে মাছৰ মগজুৰ ভয়ংকৰ ৰূপত ক্ষতি কৰিব পাৰে৷ এই কণাবোৰ প্ৰথমে পানীৰ শেলাইত বিয়পি থাকে৷ এই শেলাই খায় প্লেংকটন (Zooplankton) সমূহে ৷ অৱশেষত মাছে প্লেংকটন খালে নেন’প্লাষ্টিকৰ কণাসমূহ মাছৰ দেহত সোমাই পৰে৷ এইদৰে খাদ্যশৃংখলৰ যোগেদি পাৰ হৈ গৈ মাছৰ মগজুৰ কলাসমূহত এই কণাবোৰ জমা হৈ পৰে৷ এই কণাসমূহে মগজুৰ ক্ষতি কৰাৰ ফলত মাছৰ ব্যৱহাৰৰ পৰিৱৰ্তন হয় বুলি গৱষণাটোত প্ৰকাশ পাইছে৷ মাছৰ ব্যৱহাৰৰ পৰিৱৰ্ত্তন নিৰ্ভৰ কৰে এই কণাবোৰৰ আকাৰৰ ওপৰত৷ উদাহৰণস্বৰূপে এক বিশেষ আকাৰৰ কণা জমা হ’লে মাছবোৰে খোৱা আৰু চলা-ফিৰা কমাই পেলায়৷ অৱশ্যে মাছৰ দেহৰ অন্য অংগতো এই কণাবোৰ জমা হৈ একেই খাদ্য শৃংখলৰ যোগেদি মানুহৰ দেহলৈকো বিয়পাৰ সম্ভাৱনা সম্পৰ্কে সঠিকভাৱ জানিবলৈ হ’লে অধিক গৱেষণাৰ প্ৰয়োজন৷

Thursday 21 September 2017

কণমান ভেকুলীৰ বধিৰতা

ৰঙালাও বেং (Pumpkin toadlet) - নামৰ দৰেই দেখাতো মৰমলগা এই কণমান বেং বিধ পোৱা যায় ব্ৰাজিলৰ আটলান্টিক অৰণ্যত৷ বিশ্বৰ সবাতোকৈ ক্ষুদ্ৰ ভেকুলীবোৰৰ এবিধ এই বেং৷ শেহতীয়াকৈ ব্ৰাজিল, ডেনমাৰ্ক আৰু ব্ৰিটেইনৰ এদল বিজ্ঞানীয়ে যুটীয়া এক গৱেষণাত ধৰা পেলাইছে যে এই বেঙৰ দুটা প্ৰজাতি বধিৰ-ইহঁতে নিজে মতা মাতো শুনা নাপায়৷ 

আঙুলিৰ মূৰত এটা ৰঙালাও বেং (Brachycephalus pitanga) 
চিত্ৰ: Sandra Goutte
কেমব্ৰিজ বিশ্ববিদ্যালয়ত সম্পন্ন কৰা এলানি পৰীক্ষাত গৱেষকৰ দলটোৱে আৱিষ্কাৰ কৰে যে ৰঙালাও বেঙৰ কাণৰ উচ্চ-কম্পনাংকৰ শব্দ শুনাৰ অংশটো অৱশেষাংগ (vestigial organ) হিচাপেহে আছে৷

জীৱ-জন্তুৱে মানুহৰ দৰেই মাতেৰে ইটোৱে সিটোৰ সৈতে যোগাযোগ ৰাখে৷ ভেকুলীবোৰে নিজৰ এলেকা বা টেৰিট’ৰী ওচৰ চুবুৰীয়াক জনাবলৈ, লগৰীক আকৰ্ষণ কৰিবলৈ আৰু বিপদ সংকেত দিবলৈ টোৰটোৰায়৷ নিজৰ মাতকে শুনা নোপোৱা স্বত্বেও টোৰটোৰোৱা এই ৰঙালাও বেঙৰ দৰে পৰিঘটনা প্ৰাণীজগতত অতিকৈ বিৰল৷ কাৰণ বিৱৰ্তনে প্ৰকৃতিক প্ৰতিটো প্ৰক্ৰিয়াতে মিতব্যয়ী হ’বলৈ বাধ্য কৰে৷ গতিকে নিজৰ মাজতে যোগাযোগ ৰাখিবলৈ মাতৰ প্ৰয়োজনীয়তা নোহোৱা হৈ যোৱাৰ পিছতো এই বেঙৰ মাত কিয় ৰৈ গ’ল?

ৰঙালাও বেং ৰঙালাওটোৰ দৰেই উজ্বল কমলা ৰঙৰ আৰু দিনৰ সময়ছোৱাত সক্ৰিয়৷ গতিকে গৱেষক দলটোৰ ধাৰণা যে, এই বেঙৰ ক্ষেত্ৰত দৃষ্টিয়ে শব্দৰ দ্বাৰা সম্ভৱ নোহোৱা যোগাযোগ বৰ্তাই ৰাখিব পাৰিছে৷ তাৰোপৰি মাত মতাৰ সময়ত ডিঙিৰ চালনায়ো চাক্ষুষ যোগাযোগত সহায় কৰিব পাৰে৷ ৰঙালাও বেঙৰ এই অকাৰ্য্যক্ষম শব্দৰ যোগাযোগ ব্যৱস্থা প্ৰাণীজগততে এক অদ্বিতীয় উদাহৰণ৷ এই বেঙৰ ভৱিষ্যত অধ্যয়নে প্ৰাণীজগতৰ যোগাযোগ ব্যৱস্থাত বিৱৰ্তনৰ প্ৰভাৱৰ এনে ৰহস্যসমূহৰ আঁত ভাঙিবলৈ সহায় কৰিব৷

Tuesday 19 September 2017

দেহত ইনছুলিনৰ তাৰতম্য ৰোধাৰ নতুন উপায় আৱিষ্কাৰ

আমি প্ৰায় সকলোৱে জানো যে বহুমূত্ৰ ৰোগ হ’লে দেহত ইনছুলিন নামৰ হৰ্মন বিধৰ পৰিমাণ কমি যায়৷ অগ্ন্যাশয় (Pancreas)-এ ক্ষৰণ কৰা এই ইনছুলিনে আমাৰ দেহত শৰ্কৰাৰ বিপাক ঘটাই শক্তিৰ যোগান ধৰে৷ বহুমূত্ৰৰ সম্পূৰ্ণ বিপৰীত প্ৰক্ৰিয়াত সৃষ্টি হোৱা ৰোগবিধ হ’ল ’ক’নজেনিটেল হাইপাৰ-ইনছুলিজম’-অৰ্থাৎ এই ৰোগত দেহত ইনছুলিন অত্যাধিক পৰিমাণে ক্ষৰণ হয়৷ ফলত এই হৰ্মনে খৰতকীয়াকৈ বিপাক ঘটাই দেহৰ শৰ্কৰাৰ পৰিমাণো কমায় পেলায় ৷ এই ৰোগত দেহত পৰ্য্যাপ্ত শক্তিৰ অভাৱৰ বাবে মগজু অচল হৈ মানুহৰ মৃত্যু পৰ্য্যন্ত হ’ব পাৰে৷ বহুমূত্ৰৰ দৰে বিস্তৰ ভাৱে দেখা নিদিলেও বহুক্ষেত্ৰত এই ৰোগ চিনাক্ত নোহোৱাকৈ ৰৈ যায় বুলি বিজ্ঞানীসকলে সন্দেহ কৰে৷

ছুইজাৰলেণ্ডৰ জেনেভা বিশ্ববিদ্যালয়ৰ এদল গৱেষকে শেহতীয়াকৈ এই ৰোগৰ জিনগত উৎস আৱিষ্কাৰ কৰিছে৷ তেওঁলোকৰ গৱেষণাই দেখুৱাইছে যে আমাৰ দেহৰ 
’গ্লুড ১’ নামৰ এবিধ বিশেষ জিনৰ উৎপৰিৱৰ্তন (mutation) ঘটি  হাইপাৰ-ইনছুলিজম সৃষ্টি কৰে৷  এই জিনে জি ডি এইচ নামৰ প্ৰ’টিনৰ সহায়ত অগ্ন্যাশয়ৰ পৰা ইনছুলিনৰ ক্ষৰণ নিয়ন্ত্ৰণ কৰে৷ জি ডি এইচ প্ৰ’টিন মুকলি হৈ থাকিলে এবিধ বিশেষ গ্ৰাহক অণুৰ সৈতে সংযোজিত হয়৷ এই সংযোজন প্ৰক্ৰিয়াই অগ্ন্যাশয়লৈ ইনছুলিন ক্ষৰণৰ বাবে সংকেত পঠিয়ায়৷ সাধাৰণ অৱস্থাত দেহত শৰ্কৰাৰ পৰিমাণ এক নিৰ্দিষ্ট সীমা অতিক্ৰম কৰি গ’লে এই প্ৰ’টিনবিধে অণুবিধৰ সংযোজন বন্ধ কৰি দিয়ে-ফলত ইনছুলিনৰ ক্ষৰণতো বাধা পৰে৷ কিন্তু ’গ্লুড ১’ জিনৰ উৎপৰিৱৰ্তন ঘটিলে জি ডি এইচ প্ৰ’টিনে একেৰাহে গ্ৰাহক অণুৰ সৈতে সংযোজিত হৈ ৰয়৷ ফলত প্ৰ’টিনৰ নিৰ্দেশত অগ্ন্যাশয়েও অনিয়ন্ত্ৰিতভাৱে ইনছুলিন ক্ষৰণ কৰি থাকে৷ এই উৎপৰিৱৰ্তিত জিন থকা ৰোগীৰ দেহত জি ডি এইচ প্ৰ’টিনে যকৃতত এম’নিয়াৰ পৰিমাণো অধিক কৰি তোলে বুলি গৱেষণাটোৱে প্ৰকাশ কৰিছে৷  
হাইপাৰ-ইনছুলিজমৰ সৈতে জড়িত জি ডি এইচ প্ৰটিনবিধ৷  সাধাৰণ অৱস্থাত বাওঁফালে থকাৰ দৰে প্ৰ’টিনবোৰ মুকলি হৈ থাকি অণুবিধেৰে সংযোজিত হয়৷ এই প্ৰক্ৰিয়াই ইনছুলিন ক্ষৰণৰ বাবে সংকেত পঠিয়ায়৷  ইনছুলিনৰ পৰিমাণ অধিক হৈ পৰিলে প্ৰ’টিনবোৰে গ্ৰাহক অণুৰ সৈতে সংযোজন বন্ধ কৰি দিয়ে৷ এই ৰোগৰ ক্ষেত্ৰত জিনীয় উৎপৰিৱৰ্তনৰ ফলত এই সংযোজন প্ৰক্ৰিয়া অনিয়ন্ত্ৰিত হৈ পৰে৷ (চিত্ৰ: Pierre Maechler / UNIGE)

বৰ্তমানে এই ৰোগৰ চিকিৎসাত 
দেহৰ পৰা অগ্ন্যাশয় সম্পূৰ্ণকৈ আঁতৰাই পেলোৱা হয়৷ এই প্ৰক্ৰিয়াৰ পৰা অন্যন্য জটিলতা সৃষ্টি হোৱাৰ সম্ভাৱনা থাকে৷ তাৰোপৰি অগ্ন্যাশয় অবিহনে ৰোগী কৃত্ৰিমভাৱে বহুমূত্ৰ ৰোগত ভূগিব পাৰে৷ এই গৱেষণাই দেখুৱাইছে যে জি ডি এইচ প্ৰ’টিনত গ্ৰাহক অণুবিধৰ সলনি কৃত্ৰিম দ্ৰৱ্যৰ সংজোজন ঘটিবলৈ দিলে প্ৰ’টিন বিধে অগ্ন্যাশয়লৈ পঠোৱা সংকেত বন্ধ হ’ব পাৰে৷ ফলত অত্যাধিক ইনছুলিন ক্ষৰণো ৰোধ কৰিব পৰা যাব৷ গতিকে এই নতুন গৱেষণাই ’হাইপাৰ-ইনছুলিজম’ ৰোগৰ উন্নত চিকিৎসাৰ দিশ মুকলি কৰিছে৷