Wednesday 25 December 2013

বনভোজৰ বতৰত

ইংৰাজী নৱবৰ্ষ আৰু ভোগালী বিহুৰ এই বতৰত আমাৰ মাজত বনভোজ বা পিকনিক খোৱাৰ জোৱাৰ উঠে৷ আমি সকলোৱে কৰ্মস্থানৰ সহকৰ্মী, পৰিয়াল বা বন্ধু-বান্ধৱৰ সৈতে লগ হৈ ব্যস্ত একঘেয়ামী জীৱনৰ কোলাহলৰ পৰা আঁতৰি প্ৰাকৃতিক পৰিৱেশৰ কোনো ঠাইত এটা দিন স্ফুৰ্ত্তিৰে, মনৰ হেঁপাহেৰ উপভোগ কৰিব খোজোঁ৷ সাধাৰণতে এনে বনভোজৰ ঠাই বা ‘পিকনিক স্পট’বোৰ কোনো নৈ বা পাহাৰীয়া জান-জুৰিৰ আশে পাশে হয়৷ ডিচেম্বৰৰ শেষৰফালে আৰম্ভ হৈ জানুৱাৰীৰ প্ৰায় সমগ্ৰ মাহটো এই ঠাইবোৰ বনভোজৰ দলেৰে উপচি থাকে৷ 

নিত্যনৈমিত্তিক কৰ্মব্যস্ততা নাইবা একঘেয়ামী জীৱনৰ গতানুগতিকতাৰ পৰা মুক্ত হৈ সকলোৱে মিলি এদিনৰ বাবে প্ৰকৃতিৰ কোলাত এসাঁজ খোৱাটো নিশ্চয় খুবেই আনন্দদায়ক৷ কিন্তু আনন্দৰ উচ্ছাসত আমি বহুতেই হয়তো জ্ঞাতে বা অজ্ঞাতে এই বিশেষ দিনত কিছুমান দিশত দায়িত্বজ্ঞানহীনতাৰ পৰিচয় দিওঁ ৷ বনভোজৰ আনন্দ উচ্ছাসৰ মাজেৰে নতুন বছৰটোক আদৰণি জনোৱাৰ পিছত এই দিনটো আমাৰ বাবে এক সোঁৱৰণি হৈ পৰে, কিন্তু আমাৰ দায়িত্বজ্ঞানহীনতাৰ পৰিচায়ক এই কামবোৰৰ ফল বহুদিনলৈ,কেতিয়াবা আনকি বহু বছৰ ধৰি ৰৈ যায়৷ 

উদাহৰণস্বৰূপে, বনভোজৰ সময়ত খোৱা-বস্তু ৰন্ধা বঢ়া কৰোঁতে আমি বহুতেই পেলনীয়া সামগ্ৰী যেনে শাক-পাচলিৰ বাকলি, প্লাষ্টিকৰ বেগ, বটল আদি সেই ঠাইতে পেলাই থৈ আহোঁ৷ এনেদৰে সিঁচৰিত কৰি এৰি অহা জাবৰ-জোথৰবোৰে ঠাইখনৰ সৌন্দৰ্য্য শেষ কৰি পেলায়৷ পিছত অহা অন্য এটা দলে সেই বিশেষ ঠাইখিনি লেতেৰা দেখি ওচৰৰে অন্য এক ঠাইত বনভোজ পাতে৷ এই দলটোও অন্য নিৰানব্বৈ শতাংশ বনভোজৰ দলৰ দৰে দায়িত্বহীন হ’লে সেই ঠাইখনো পুনৰ লেতেৰা হৈ পৰে৷ এনেদৰে যিবোৰ প্ৰকৃতিক স্থানৰ নৈসৰ্গিক শোভাৰ বাবে আমি বনভোজ খাবলৈ যাওঁ, এৰি অহাৰ পৰত সেই ঠাইবোৰ আনৰ বাবে বৰ্জনীয় হৈ পৰেগৈ৷ 

লায়াছান এলবেট্ৰছৰ পেটত প্লাষ্টিক
এতিয়া আহো, আমি সেই ঠাইবোৰৰ জীৱ-জন্তু আৰু প্ৰাকৃতিক পৰিৱেশৰ ক্ষেত্ৰত কৰা ক্ষতিলৈ৷ আমি এৰি অহা সেই জাবৰ-জোথৰবোৰে জীৱ-জন্তুৰ অকল্পনীয় ক্ষতি সাধন কৰিব পাৰে৷ প্লাষ্টিকৰ যিকোনো অংশ মাছ, চৰাই আদিয়ে খাদ্য বুলি ভুল কৰি ভক্ষণ কৰাৰ ফলত ডিঙিত লাগি ধৰি মৃত্যু হয়৷ তেনেদৰে ভঙা কাঁচে বহু জীৱ-জন্তুৰ দেহত আঘাত সানে৷ জেঠীৰ দৰে প্ৰাণীয়ে বটল আদিৰ ভিতৰত থকা অৱশিষ্টখিনি খাবলৈ চেষ্টা কৰি বটলৰ মুখত লাগি ধৰি আঘাতপ্ৰাপ্ত হয় বা কেতিয়াবা ভিতৰৰ পৰা ওলাব নোৱাৰি লঘোণত মৃত্যুমুখত পৰে৷ প্ৰতিবছৰে এনে বহুতো প্ৰাণীৰ জাবৰ-জোথৰৰ বাবে মৃত্যু হয়, কিন্তু কাৰো ওচৰত ইয়াৰ সঠিক হিচাপ নাই৷ প্ৰশান্ত সাগৰৰ এটা দ্বীপত কৰা এটা গৱেষণাত গম পোৱা গৈছিল যে লায়াছান এলবেট্ৰছ (Laysan Albatross) নামৰ সাগৰীয় চৰাইবিধৰ পেট প্লাষ্টিকেৰে পূৰ্ণ হৈ থকাৰ ফলত বদহজমৰ বাবে ইয়াৰ মৃত্যূ হয়৷ তাৰোপৰি এই চৰাইটোৱে পোৱালিবোৰকো প্লাষ্টিক খুৱাই থকাৰ ফলত সকলোবোৰৰে পাখি গজাৰ পূৰ্বেই মৃত্যু হৈছিল৷ গতিকে ইয়াৰ পৰাই আমি এইবোৰৰ ভয়াবহতা অনুমান কৰিব পাৰোঁ৷ 


সত্ত্বজান বিলত শৰালি হাঁহৰ জাক
বনভোজৰ দলে প্ৰাকৃতিক পৰিৱেশত কৰা দায়িত্বজ্ঞানহীন আনন্দৰ ফল আনে কেনেদৰে ভোগ কৰিবলগীয়া হৈছে তাৰ এটা উদাহৰণ বালিৰাম গগৈ৷ উত্তৰ লখিমপুৰত প্ৰস্তাবিত পক্ষী উদ্যান সত্ত্বজান নামৰ বিলখনৰ পাৰতে এই গৰাকী প্ৰকৃতিকৰ্মী বালিৰাম গগৈৰ ঘৰ৷ আমি যি সময়ত নতুন বছৰক আদৰাৰ আনন্দত উটি ভাঁহি যাওঁ সেইসময়ত এই বয়োজ্যেষ্ঠ নীৰৱ কৰ্মী গৰাকীৰ বাবে দিনবোৰ দূৰ্বিসহ হৈ উঠে বনভোজৰ দলবোৰৰ বাবে৷ নতুন বছৰৰ প্ৰথমকেইদিন তেওঁৰ দিনৰ সৰহভাগ সময় পাৰ হয় বিলৰ পাৰত বনভোজৰ দলে সিঁচৰিত কৰি যোৱা জাবৰ-জোথৰ আঁতৰাই চাফা কৰা কামত৷ তাৰোপৰি জলচৰ চৰাইৰে ভৰি থকা এই বিলৰ পানী আৰু আশে পাশে ঠাইবোৰ লেতেৰা নকৰিবলৈ তেওঁৰ বুজনিক অপমানেৰে উত্তৰ দিয়া বনভোজৰ দলৰ সৈতে নিত্যনৈমিত্তিক বাদানুবাদ আছেই৷ 

আকৌ, বনভোজৰ ঠাইৰ আশে পাশে থকা শিল বা মনোমোহা গছবোৰৰ গাত নিজৰ প্ৰেমৰ কথা খোদিত কৰি অমৰ হ’ব খোজা সকলে প্ৰকৃততে নিজৰ স্থুল মানসিকতাৰহে পৰিচয় দিয়ে ৷ তাৰোপৰি এনে বনভোজৰ দলসমূহত মদ খাই কৰা উদ্ভণ্ডালি বা গাড়ীৰ দুৰ্ঘটনাৰ কথা নক’লোৱেবা৷ মদ খোৱা-নোখোৱা সেইটো প্ৰত্যেকৰে ব্যক্তিগত সিদ্ধান্ত আৰু তাত আমাৰো ক’বলগীয়া একো নাই৷ কিন্তু তাৰ লগত জড়িত এনে নেতিবাচক ঘটনাবোৰ নিসন্দেহে নিন্দনীয়৷ আহকচোন, এইবাৰ বনভোজত আমি দায়িত্বশীলভাবে আনন্দ কৰোঁ আৰু নতুন বছৰটোত এনে কামবোৰ এৰাই চলো৷ বেয়া কাম এটা পৰিত্যাগ কৰাটোও ভাল কামৰে আৰম্ভণি নহয়জানো?

Tuesday 24 December 2013

চকলেট_গীটাৰ_ম’ম’জ: পঢ়ুৱৈৰ দৃষ্টিৰে

সংগীতৰ জগতত প্ৰতিষ্ঠা লাভৰ বাবে সংগ্ৰাম কৰি থকা এজন অসমীয়া যুৱক, জোছেফ৷ কেইবাগৰাকী প্ৰেয়সীৰে সৈতে তিক্ততাপূৰ্ণ আৰু বিফল সম্পৰ্কৰ অন্তত জোছেফে গল্প-উপন্যাসত থকাৰ দৰে অদৃষ্টই নিৰ্ধাৰণ কৰি থোৱা জীৱনৰ প্ৰকৃত সংগী (soulmate) গৰাকীৰ সন্ধানত নামে৷ বোলছবিৰ নায়কৰ ক্ষেত্ৰত হোৱাৰ দৰে আঠবছৰৰ আগতে গুৱাহাটীৰ কোনো এটা বাছ আস্থানত বাটৰ সিপাৰৰ পৰা তেওঁলৈ চাই এগৰাকী যুৱতীয়ে মিচিকিয়াই হঁহাৰ মুহুৰ্তটোৱে সেই অদৃষ্টৰ ইংগিত বুলি তেওঁ ধৰি লয়৷ উদ্ভট যেন লাগিলেও তেওঁৰ প্ৰিয় বন্ধু উৎপলেও জোছেফৰ এই সন্ধানত সহায় কৰে৷ কিন্তু সমস্যা হ’ল, সেই বিশেষগৰাকীৰ কোনো তথ্যই জোছেফৰ হাতত নাই৷ নাম-ঠিকনাতো দূৰৰে কথা তেওঁৰ চেহেৰাটোৱে জোছেফৰ সঠিককৈ মনত নাই৷ কেৱল মনত আছে-সেইদিনা তেওঁ এটা ছাই-বৰণীয়া স্কাৰ্ট পৰিধান কৰি আছিল৷ তথাপিও হতাশ নহৈ দুয়ো বন্ধুৱে কেৱল এই কথাটোকে ভেঁটি হিচাপে লৈ ইন্টাৰনেট আৰু বন্ধুবান্ধৱৰ সহায়েৰে সন্ধানত নামি পৰে৷ এনে এক অহেতুক আৰু ৰোমান্তিক বিলাসপূৰ্ণ সন্ধানেৰে আৰম্ভ হৈ দুয়ো বন্ধুৰ ঘটনাবহুল জীৱন পৰিক্ৰমা কিদৰে আগবাঢ়ে তাৰে কাহিনী কেনী দেউৰী বসুমতাৰীৰ চকলেট_গীটাৰ_ম’ম’জ’ (Chocolate Guitar Momos) নামৰ উপন্যাসখন৷

কিতাপখনৰ বেটুপাত
২০১৩ চনত মুক্তি পোৱা ‘লোকেল কুংফু’ নামৰ প্ৰথম অসমীয়া এক্স’ন-কমেডী চলচ্চিত্ৰখনৰ পৰিচালনাৰে জনপ্ৰিয় হৈ পৰা কেনী দেউৰী বসুমতাৰীয়ে লেখক ৰূপে আত্মপ্ৰকাশ কৰে ২০১১ চনত প্ৰকাশ পোৱা চকলেট_গীটাৰ_ম’ম’জ’ নামৰ এই ইংৰাজী উপন্যাসখনেৰে৷ আধুনিক পৃথিৱীৰ যুৱ প্ৰজন্মৰ মনস্তত্বৰ এক হাস্য-মধুৰ প্ৰতিফলন এই উপন্যাস৷ মূলত: গুৱাহাটী মহানগৰীক পটভূমি হিচাপে লৈ ৰচিত উপন্যাসখনত নগৰীয়া জীৱন সুন্দৰভাৱে ৰূপায়িত হৈছে৷ এগৰাকী অভিলাসী আৰু ৰোমান্তিক যুৱকৰ প্ৰেমৰ কাহিনীৰে আগবঢ়া বিষয়বস্তুত বিশেষ নতুনত্ব নাই যদিও কাহিনীৰ উপস্থাপন খুবেই আকৰ্ষণীয়৷ কাহিনীৰ আদিৰে পৰা শেষলৈকে চৰিত্ৰসমূহৰ ৰসাল (witty) কথোপকথন, কামৰ ধৰণে পাঠকক যথেষ্ট আমোদ দিব৷ উপন্যাসৰ সামৰণিয়ে এক অপ্ৰত্যাশিত গতি লৈ পাঠকক কিছু চাচপেঞ্চত ৰাখিবলৈও সক্ষম হৈছে৷ 

কিতাপখনৰ আকৰ্ষণীয় নাম আৰু বেটুপাতৰ দৰেই কাহিনীৰ উপস্থাপনৰ ধৰণো ব্যতিক্ৰমী আৰু উপভোগ্য৷ মুঠতে ২২ টা খণ্ডত বিভক্ত উপন্যাসখনৰ পঞ্চম খণ্ডটোত (A Year Goes by) কেৱল এটা বাক্য ‘A Year went by’ৰে লেখকে কৌতুকপূৰ্ণভাৱে সামৰি থৈছে৷ হাস্যৰসেৰে পৰিপূৰ্ণ ঘটনাসমূহ আৰু কাহিনীৰ ক্ষিপ্ৰ গতিৰ বাবে আমনি নিদিয়াকৈ একেবহাতে পঢ়ি শেষ কৰিব পৰাকৈ উপন্যাসখনে যিকোনো স্তৰৰ পাঠকৰ মনোযোগ আকৃষ্ট কৰিবলৈ সক্ষম হ’ব৷ উপন্যাসখনৰ শেষৰ কিছু অংশত অত্যাধিক নাটকীয়তাই উজুটি খুৱায় যদিও সামগ্ৰিকভাৱে নৱ-প্ৰজন্মৰ বাবে উপন্যাসখন যথেষ্ট উপভোগ্য হ’ব বুলি আশা কৰিব পাৰি৷ উপন্যাসৰ কাহিনীত অদৃষ্টই ঠিক কৰি থোৱা সেই বিশেষগৰাকীৰ সন্ধানৰ বাবে নায়কে সৃষ্টি কৰা গানটোৰ স’তে কাহিনীৰো কিছু আভাস পাবৰ বাবে লেখকৰ ভিডিঅ’ টোও ইয়াত চাব পাৰে৷ প্ৰথমখন উপন্যাসতে নিসন্দেহে কেনী দেউৰী বসুমতাৰীয়ে তেওঁৰ সাহিত্য প্ৰতিভাৰ পৰিচয় দিছে৷ অনাগত দিনত তেওঁৰ পৰা যুৱপ্ৰজন্মৰ উপযোগী এনে অধিক অৱদান আশা কৰিলো৷


নাম: চকলেট_গীটাৰ_ম’ম’জ (Chocolate_Guitar_Momos)
লেখক: 
কেনী দেউৰী বসুমতাৰী
ভাষা: ইংৰাজী
প্ৰকাশক: ৱেষ্টলেণ্ড লিমিটেড ( Tranquebar Press, Westland Limited) (৩০ জানুৱাৰী, ২০১১)
মূল্য: দুশ টকা
পৃষ্ঠা সংখ্যা: ২৪৮ পৃষ্ঠা




(কিতাপখন অনলাইন বিক্ৰেতা snapdeal.com, amazon.in infibeam.com আৰুcrossword.in তো উপলব্ধ)

Wednesday 23 October 2013

চিনাকি প্ৰকৃতিৰ অচিনাকি বতৰা

প্ৰকৃতিৰ বিচিত্ৰ জগতখনৰ এক অপৰিহাৰ্য অংগ হ’ল আমাৰ চৌপাশে থকা ৰং-বিৰঙী চৰাইবোৰ ৷ এই বিনন্দীয়া চৰাইবোৰৰ বিষয়ে অধিক জানিবলৈ আমাৰ সকলোৰে কম-বেছি পৰিমাণে কৌতুহল হয়৷ পুৱাতে কিচিৰ-মিচিৰ মাতেৰে ঘৰৰ চৌপাশ সৰব কৰি তোলা এনে কিছুমান চৰাই যেনে ঘৰচিৰিকা, শালিকা, টুনি; কাষৰে পুখুৰীটোলৈ খাদ্যৰ সন্ধানত ওলাই অহা বগলী, ডাউক বা পানীকাউৰী; অথবা বাঁৰীৰ জোপোহাৰ মাজে মাজে মাত দি উৰি ফুৰা টিপচী, ভদৰকলি আদি চৰাইবোৰ অলপ মন কৰিলেই আমি সিহঁতৰ বিষয়ে বহুতো নজনা কথা জানিব পাৰোঁ৷ উদাহৰণস্বৰূপে, কিছুদিনৰ নিয়মীয়া পৰ্য্যবেক্ষণেৰেই আমি কোনবিধ চৰায়ে কি আহাৰ খায়, কেতিয়া বাহ সাঁজে বা কিমান পোৱালি জন্ম দিয়ে আদিবোৰৰ এটা সম্যক ধাৰণা পাব পাৰোঁ ৷ কিন্তু ইয়াৰ বাহিৰেও আমাৰ তেনেই চিনাকি এই চৰাইবোৰৰ সমাজত আমাৰ চকুৰ অলক্ষিতে অনেকবিধ আমোদজনক পৰিঘটনা ঘটি আছে যিবোৰৰ সম্ভেদ আমাক বৈজ্ঞানিক গৱেষণাই আমাক দিছে ৷ আহকচোন, আমি সচৰাচৰ দেখা পোৱা চিনাকি-অচিনাকি এনে চৰাই দুবিধমানৰ নিজা পৃথিৱীখনৰ কথা কিছু গম লওঁ-​ 


পাকৈত মাছুৱৈৰ পৰিয়াল পৰিকল্পনা:

পখৰা মাছোৰোকাই মাছ ধৰিবৰ বাবে পানীলৈ চো
মাৰি নামি যোৱা অৱস্থাত (ফটো- Dan Logen)
পুখুৰী বা নৈৰ আশে পাশে গছৰ ডালত বা কোনো খুঁটাত ৰৈ পানীলৈ একান্তমনে চাই থাকি মাছৰ বাবে জোপ লৈ থকা মাছোৰোকা চৰাইবিধ আমি সকলোৱে হয়তো মন কৰিছোঁ৷ মাছোৰোকা প্ৰকৃততে উজ্বল বৰণৰ সৰু বা মধ্যমীয়া আকাৰৰ এবিধ চৰাইৰ গোষ্ঠী৷ বৃহৎ মূৰ, দীঘলীয়া আৰু জোঙা আকৃতিৰ ঠোঁট আৰু ছুটি নেজ এই গোষ্ঠীৰ সকলোবোৰ মাছোৰোকা প্ৰজাতিৰে মূল বৈশিষ্ট্য ৷ সমগ্ৰ বিশ্বত এই গোষ্ঠীৰ মুঠ ৯৩ টা প্ৰজাতি পোৱা যায়৷ ইয়াৰে ১৩ বিধ প্ৰজাতি ভাৰতবৰ্ষত দেখা পোৱা যায়৷ ইয়াৰে আকৌ দহ বিধমান মাছোৰোকাৰ প্ৰজাতি অসমত দেখা পোৱা যায়৷ যেনে- বৰঠুটিয়া মাছৰোকা (Stork-billed Kingfisher) , ৰাড্ডী মাছোৰোকা (Ruddy Kingfisher), বগা বুকুৱা মাছৰোকা (White throated Kingfisher), ঝুটিয়া মাছৰোকা (Himalayan Pied Kingfisher), পখৰা মাছৰোকা (Lesser Pied Kingfisher), নীলা মাছোৰোকা (Common Kingfisher) ইত্যাদি৷ এই প্ৰজাতিসমূহৰ ভিতৰত পখৰা মাছোৰোকা (Lesser Pied Kingfisher) হৈছে এবিধ পাকৈত মাছুৱৈ চৰাই৷ আমাৰ বিল, পুখুৰী বা নৈসমূহৰ আশে পাশে এই চৰাইবিধক প্ৰায়ে মাছৰ সন্ধানত পানীলৈ একমনে লক্ষ্য কৰি থকা দেখা যায়৷ চিকাৰ দেখিলেই ই পানীত থকা মাছটোৰ ঠিক ওপৰত পাখি মাৰি উৰি থাকি (hover) লক্ষ্য নিৰ্ধাৰণ কৰে আৰু পিছমুহুৰ্ত্ততে চো মাৰি পানীলৈ ৰকেটৰ দৰে নামি গৈ মাছটো ঠোঁটেৰে ধৰি তুলি আনে৷

এই পাকৈত মাছুৱৈবিধে ফেব্ৰুৱাৰীৰ পৰা এপ্ৰিল মাহৰ ভিতৰত প্ৰজনন কৰে আৰু পোৱালি জগায়৷ পখৰা মাছোৰোকাই সাধাৰণতে পুখুৰী বা নৈৰ পাৰৰ থিয় পাৰত গাঁত খান্দি বাহ সাঁজে৷ ই এবাৰত ৩-৬ টাকৈ কণী পাৰে৷ পোৱালিৰ প্ৰতিপালনৰ ক্ষেত্ৰত এই চৰাইবিধে আকৌ এক আমোদজনক আচৰণ দেখুৱায়৷ পখৰা মাছোৰোকাৰ বাহত মাক-দেউতাকৰ উপৰিও অন্য ওচৰ সম্পৰ্কীয় চৰায়ে থাকি পোৱালি ডাঙৰ-দীঘল কৰাত সহায় কৰে৷ এই প্ৰাণীবোৰক সহায়কাৰী (helper) বুলি আখ্যা দিয়া হয়৷ এনেধৰণে নিজৰ পোৱালি নোহোৱা স্বত্বেও পৰিয়ালৰ সম্পৰ্কীয় কণমানিহঁতৰ লালন পালনত যত্ন লোৱা প্ৰজননৰ ধাৰণাটোক জীৱবিজ্ঞানৰ ভাষাৰে সহযোগিতামূলক প্ৰজনন (co-operative breeding) বুলি কোৱা হয়৷ পূৰ্বতে বিজ্ঞানী সকলে প্ৰায় বিৰল বুলি গণ্য কৰা এই আচৰণ চৰাই চিৰিকটিৰ লগতে শেহতীয়াকৈ বহুতো জীৱ-জন্তুয়েও দেখুৱায় বুলি প্ৰমাণিত হৈছে৷ বৰ্ত্তমানলৈকে গৱেষণাত পোৱা তথ্য অনুসৰি বিশ্বৰ সমগ্ৰ চৰাইৰ প্ৰজাতিসমূহৰ ভিতৰত প্ৰায় ৯% চৰাই অৰ্থাৎ প্ৰায় ৮০০ বিধ প্ৰজাতিত আৰু কেইবিধমান স্তন্যপায়ী প্ৰাণী তথা মাছৰ প্ৰজাতিৰ ক্ষেত্ৰত এই আচৰণ দেখা যায়৷ নতুনকৈ বাহ সাজিবলৈ প্ৰয়োজনীয় ঠাইৰ অভাৱ আৰু নতুনকৈ প্ৰজননক্ষম হোৱা অনভিজ্ঞ চৰায়ে স্বাধীনভাৱে থকাৰ বাবে হ’বলগীয়া সংকটৰ পৰা ৰক্ষা পোৱা আদিয়ে ইয়াৰ মূল কাৰণ বুলি জীৱবিজ্ঞানীসকলে ধাৰণা কৰিছে৷

চৰাইৰ সমাজত স্বয়ম্বৰ প্ৰথা:

মতা ময়ুৰে মাইকীজনীৰ সন্মুখত পেখম ধৰাৰ দৃশ্য
ময়ুৰে পেখম ধৰাৰ কথা আমি সকলোৱে জানো৷ কিন্তু ইয়াৰ আঁৰৰ ৰহস্যটো কি? অন্য কোনো চৰায়ে এনেকৈ পেখম ধৰেনে? আহকচোন, এইবিষয়ে কিছু গম লওঁ৷ অলপ মন কৰিলেই দেখা যায় যে কেৱল মতা ময়ুৰেহে পেখম ধৰে৷ প্ৰকৃততে ময়ুৰ চৰাইৰ এই পেখম ধৰা আচৰণটোৰ মূল উদেশ্য মাইকী ময়ুৰজনীক আকৃষ্ট কৰি নিজৰ বংশবৃদ্ধি কৰাহে৷ মাইকী আৰু মতা ময়ুৰ চৰাইৰ মাজত পাৰ্থক্য চিনাৰ আটাইতকৈ সহজ উপায়টো হৈছে ইয়াৰ ডিঙি অংশৰ বৰণ- মতা ময়ুৰৰ ডিঙি অংশ ডাঠ নীলা ৰঙৰ হোৱাৰ বিপৰীতে মাইকীজনীৰ সেউজীয়া হয়৷ মাইকী ময়ুৰজনীক আকৃষ্ট কৰিবলৈ মতা ময়ুৰবোৰৰ মাজত এক স্বয়ম্বৰ হোৱা দেখা যায়৷ এই প্ৰথাটোক জীৱবিজ্ঞানৰ ভাষাত লেকিং (lekking) বোলা হয়৷ ময়ুৰৰ দৰে অন্য চৰাই, স্তন্যপায়ী জন্তু আৰু সৰীসৃপ কিছুমানেও এনে স্বয়ম্বৰ পতাৰ কথা জনা যায়৷ বিশেষকৈ ‘Pheasants’ গোত্ৰৰ প্ৰায়ভাগ চৰাইৰ ক্ষেত্ৰতে এনে ব্যৱস্থাৰে সংগী নিৰ্বাচন হয়৷ এইক্ষেত্ৰত মতা জন্তু বা চৰাই কিছুমানে এখন বিশেষ ঠাই বাচি লৈ তাত একগোট হয়৷ ইহঁতে বিভিন্ন উপায়েৰে মাইকীজনীক আকৰ্ষিত কৰিবলৈ চেষ্টা কৰে; কিছুমানে সুমধুৰ গীত জুৰে, কিছুমানে ময়ুৰৰ দৰে পেখম ধৰি প্ৰদৰ্শন কৰে আৰু অন্য কিছুমানে বিশেষ ৰাসায়নিক পদাৰ্থ কিছুমান ক্ষৰণ কৰে ৷ ময়ুৰ চৰাইৰ ক্ষেত্ৰত মতা ময়ুৰে এক নিৰপেক্ষ স্থানত গোট হৈ প্ৰথমে মাইকী ময়ুৰক মাত দি সেই ঠাইলৈ নিমন্ত্ৰণ কৰে৷ মাইকী ময়ুৰজনী আহি পোৱাৰ পিছত ইহঁতে মাত মতা বন্ধ কৰে আৰু পেখম ধৰি নিজৰ দেহৰ সৌষ্ঠব প্ৰদৰ্শন কৰে৷ এনে প্ৰদৰ্শনক ইংৰাজীত ‘courtship display’ বুলি কোৱা হয়৷ মাইকী ময়ুৰবোৰে এনে প্ৰদৰ্শনৰ ভিত্তিতে আটাইতকৈ শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰীক নিজৰ সংগী হিচাপে নিৰ্বাচন কৰে৷ গতিকে আটাইতকৈ সুন্দৰ মতা ময়ুৰটোৱে সকলোতকৈ বেছিকৈ সংগী লাভ কৰে যাৰ ফলত ইয়াৰ উত্তৰাধিকাৰীও অধিক হয়৷ এনে স্বয়ম্বৰ প্ৰথা ময়ুৰ চৰাইৰ বাহিৰেও অন্য বহুতো চৰাই আৰু কিছুসংখ্যক জন্তুৰ ক্ষেত্ৰত দেখা পোৱা যায়৷

ময়ুৰৰ লগতে অন্য কিছুমান চৰাই তথা জীৱজন্তুৱে এনেদৰে স্বয়ম্বৰ প্ৰথাৰে নিজৰ সংগী বাচি লোৱাৰ মূলতে উৎকৃষ্ট জিন বহনকাৰী সদস্যৰ সংখ্যা বৃদ্ধি কৰাৰ উদেশ্য নিহিত হৈ আছে বুলি বিজ্ঞানীসকলে ঠাৱৰ কৰিছে৷

যুঁজাৰু ফেঁচু:

যুঁজাৰু ফেঁচু চৰাই (ফটো- Ram Thakur)
ফেঁচু (Black Drongo,বৈজ্ঞানিক নাম-Dicrurus macrocercus) 'Dicruridae' পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ মজলীয়া আকাৰৰ চৰাইৰ প্ৰজাতি৷ ইয়াৰ সমগ্ৰ দেহটো ক'লা বৰণৰ আৰু নেজডাল দকৈ দুভাগ কৈ খাঁজকটা (forked) হয়৷ মতা আৰু মাইকী ফেঁচু দেখাত প্ৰায় একে৷ অৱশ্যে পূণৰ্বয়স্ক নোহোৱা ( Juvenile) ফেঁচুৰ বৰণ সাধাৰণতে মুগা বৰণীয়া হোৱা দেখা যায়৷ সমগ্ৰ ভাৰততে ই এবিধ স্থানীয় চৰাই৷ ফেঁচু চৰায়ে সাধাৰণতে মুকলি ঠাইত চৰে আৰু ই নগৰীয়া পৰিবেশত বসবাস কৰাতো খুবেই অভ্যস্ত৷ এই চৰাইবিধে প্ৰধানকৈ পোক-পতংগ খাই জীয়াই থাকে বাবে খেতি-পথাৰৰ আশে পাশে পৰ্য্যাপ্ত পৰিমাণে ফেঁচু চৰাই দেখা পোৱা যায়৷

এই ফেঁচু চৰাইবিধ আকৌ ইয়াৰ অতিমাত্ৰা আক্ৰমণাত্মক আচৰণৰ বাবে চৰাইৰ সমাজত প্ৰখ্যাত৷ কাউৰী, ঈগলকে ধৰি নিজৰ বাহ থকা এলেকা (টেৰিটৰী)ৰ ভিতৰত সোমোৱা অন্য যিকোনো সৰু-বৰ চৰাইকে ই দলবদ্ধভাৱে আক্ৰমণ কৰি (mob) খেদি পঠিয়ায়৷ সেইবাবে অন্য সৰু আৰু শান্তিপ্ৰিয় চৰাই যেনে কপৌ, বুলবুলি, সখিয়তী আদিয়ে ফেঁচুৰ বাহৰ আশে পাশে বাহ সাঁজে যাতে ফেঁচুৰ দ্বাৰা পৰোক্ষভাৱে ডাঙৰ চিকাৰী চৰাইবোৰৰ পৰা প্ৰতিৰক্ষা পায়৷ নিজৰ সুৰক্ষাকো আওকাণ কৰি এনেকৈ বিপদজনকভাৱে ডাঙৰ বা মাংসাহাৰী চৰাইক আক্ৰমণ কৰাৰ কাৰণ বহুদিন ধৰি বিজ্ঞানীসকলৰ বাবে ৰহস্য হৈয়ে আছিল৷ কিয়নো ফেঁচুৰ দৰে চৰায়ে অন্য মাংসাহাৰী চৰাইক খেদোতে নিজে আঘাতপ্ৰাপ্ত হোৱাৰ ঘটনাও নঘটা নহয়৷ এই প্ৰশ্নৰ উত্তৰ পাবলৈ বিজ্ঞানীসকলে এনে আক্ৰমণাত্মক আচৰণ দেখুউৱা চৰাইৰ বাহৰ আশে পাশে চিকাৰী(predator) চৰাইৰ পুতলা ৰাখি বা তেনে চৰাইৰ মাতৰ ৰেকৰ্ডিং বজাই আক্ৰমণকাৰী চৰাইবিধৰ প্ৰতিক্ৰিয়া লক্ষ্য কৰে৷ ইন্দোনেছিয়াৰ জাভাৰ বৰ্ষাৰণ্যত ফেঁচুৰ ওপৰত কৰা এনে এলানি পৰীক্ষাত পোৱা গৈছে যে ফেঁচুৱে পোৱালি জগোৱাৰ সময়ত অধিক আক্ৰমণাত্মক হৈ উঠে৷ গতিকে এনে আক্ৰমণাত্মক আচৰণ বিশেষকৈ প্ৰজননৰ সময়ত বাহ আৰু পোৱালিক সুৰক্ষা প্ৰদান কৰিবৰ বাবে উদ্ভৱ বুলি ধাৰণা কৰা হয়৷

আমাৰ তেনেই চিনাকি চৰাইবোৰৰ সমাজত এনে বহুতো অচিনাকি আৰু আমোদজনক পৰিঘটনা দেখা পোৱা যায়৷ এই তথ্যসমূহে প্ৰকৃতিৰ ৰহস্যময় জগতখনৰ সম্পৰ্কে কিছু কৌতুহল নিবাৰণ কৰিছে যদিও হাজাৰটা নতুন দিশত অধিক প্ৰশ্নৰো অৱতাৰণা কৰিছে৷

চৰাইৰ পৰিভ্ৰমণ:প্ৰকৃতিৰ এক আশ্চৰ্য্যকৰ পৰিঘটনা

চৰাইৰ পৰিভ্ৰমণ বুলিলেই চৌদিশে কলৰোল তুলি আকশেদি জাকপাতি উৰি যোৱা চৰাইবোৰৰ কথাই আমাৰ মনলৈ আহে৷ পৰিভ্ৰমণ প্ৰকৃতিৰ আটাইতকৈ আশ্চৰ্য্যকৰ পৰিঘটনাসমূহৰ ভিতৰত অন্যতম৷ সমগ্ৰ বিশ্বৰ চৰাইৰ প্ৰজাতিসমহূৰ ভিতৰত প্ৰায় ২০% অৰ্থাৎ প্ৰায় ২০০০ বিধ সৰু-বৰ চৰায়ে ঋতু অনুযায়ী খাদ্যবস্তু তথা বাসস্থানৰ সন্ধানত বিভিন্ন অঞ্চললৈ পৰিভ্ৰমণ কৰে৷ ইয়াৰ ভিতৰত আটাইতকৈ দীঘলীয়া দূৰত্ব অতিক্ৰম কৰা চৰাইবিধ হ’ল আৰ্কটিক টাৰ্ন (Arctic Tern) নামৰ গঙাচিলনীজাতীয় চৰাইবিধ৷ এই চৰাইবিধে সুমেৰু (Arctic)ৰ পৰা কুমেৰু (Antarctic) লৈ প্ৰতিটো শীততে পৰিভ্ৰমণ কৰে আৰু গ্ৰীষ্মকালত উভতি আহে৷ এই অহা-যোৱাৰ দূৰত্ব প্ৰায় ৪০,৩০০ কিলোমিটাৰ৷ অন্য এটা আমোদজনক কথা হ’ল, প্ৰায়ভাগ চৰায়ে এঠাইৰ পৰা আন ঠাইলৈ উৰিয়ে পৰিভ্ৰমণ কৰে যদিও অন্য কিছু চৰায়ে সাঁতুৰি বা খোঁজেৰেও পৰিভ্ৰমণ কৰে বুলি জনা যায়৷ উদাহৰণস্বৰূপে, পেংগুইণে যথেষ্ট দূৰত্ব সাঁতুৰি অতিক্ৰম কৰিব পাৰে৷ ঠিক তেনেকৈ উত্তৰ আমেৰিকাৰ ব্লু গ্ৰাউজ (Blue Grouse, বৈজ্ঞানিক নাম-Dendragapus obscurus) নামৰ কুকুৰাজাতীয় চৰাইবিধে খোঁজেৰে পৰিভ্ৰমণ কৰে৷ এই চৰাইবিধে সাধাৰণতে ৰকি পৰ্বতমালাত পৰ্ণপাতী অৰণ্যত বাস কৰা দেখা যায়৷ শীতকাল নমাৰ লগে লগে ইহঁতে সাগৰপৃষ্ঠৰ পৰা অধিক উচ্চতাৰ পৰ্বতসমূহত থকা সৰল গছৰ বনাঞ্চললৈ পৰিভ্ৰমণ কৰে৷ এই পৰিভ্ৰমণৰ দূৰত্ব কেৱল ৩০০ মিটাৰ হোৱাৰ হেতুকে এই চৰাইবিধে বিশ্বৰ আটাইতকৈ চমু পথৰ পৰিভ্ৰমী চৰাই হিচাপেও গীনিজ বুকত স্থান পাইছে৷ 

অসমলৈ অহা বিশ্বৰ আটাইতকৈ দীঘলীয়াকৈ
 আৰু সৰ্বোচ্চ উচ্চতাত পৰিভ্ৰমণ কৰা চৰাই ধৃতিৰাজ 
শীতকালৰ আগমণৰ লগে লগে অসমৰ বিভিন্ন অঞ্চললৈও পৰিভ্ৰমী চৰাইৰ সোঁত বয়৷ ইয়াৰ ভিতৰত উল্লেখযোগ্য হ’ল, ধৃতিৰাজ (Bar-headed Goose) নামৰ বনৰীয়া হাঁহবিধ৷ ধৃতিৰাজ বিশ্বৰ আটাইতকৈ দীঘলীয়া সময় ধৰি আৰু সৰ্বোচ্চ উচ্চতাত পৰিভ্ৰমণ কৰা চৰাই সমূহৰ মাজত অন্যতম৷ অবিশ্বাস্য হ’লেও সঁচা যে এই হাঁহবিধে সুদূৰ ৰাছিয়াৰ পৰা অসমকে ধৰি ভাৰতৰ অন্যান্য ঠাইবোৰ পাবলৈ সুউচ্চ হিমালয় পৰ্বত উৰি পাৰ হৈ আহে৷ কোনো কোনোৰ মতে মাউন্ট এভাৰেষ্টতো এই হাঁহবিধক দেখা পোৱাৰ নজিৰ আছে৷ প্ৰতিবছৰে নৱেম্বৰ-ডিচেম্বৰ মাহত ধৃতিৰাজ হাঁহৰ জাক অসম পায়হি আৰু মাৰ্চ মাহৰ ভিতৰত পুনৰ উভতি যায়৷ অসমলৈ অহা অন্যান্য পৰিভ্ৰমী চৰাইৰ ভিতৰত বিভিন্ন হাঁহৰ প্ৰজাতি যেনে, দীঘলনেজীয়া (Northern Pintail), চাকৈ-চকোৱা (Ruddy Shelduck), কলীমূৰী হাঁহ (Common Teal), খন্তীয়া হাঁহ (Northern Shoveller) আৰু অন্যান্য চৰাই যেনে, বগা বালিমাহী (White Wagtail), বগাঢেৰা (Great White Pelican),বৰবালি বগুৱা (Wood Sandpiper) লৰীয়তী (Marsh Sandpiper), ৰামপৰা (Brown-headed Gull), গলমণিকা নাচনী (Red-throated Flycatcher) আদি উল্লেখযোগ্য৷



ৰষ্টক বিশ্ববিদ্যালয়ৰ প্ৰাণী সংগ্ৰহালয়ত
থকা কাঁড়বিদ্ধ হুৱাইট ষ্টৰ্ক চৰাইটো
উনৈশ শতিকাৰ আগলৈকে শীতকালি যথেষ্ট সংখ্যক চৰাই ইউৰোপৰ পৰা অন্তৰ্ধান হৈ যোৱাটো পক্ষী নিৰীক্ষক সকলৰ বাবে এটা ৰহস্য হৈয়ে আছিল৷ অৱশ্যে ইয়াৰ প্ৰকৃত কাৰণ সম্পৰ্কে বহুজনে বহু ধাৰণা কৰিছিল৷ আনকি আজিৰ পৰা ৩০০০ বছৰ পূৰ্বেই এৰিষ্টটলে মত প্ৰকাশ কৰিছিল যে এই চৰাইবোৰে সাগৰৰ অতল বুকুত হয়তো শীতনিদ্ৰা (hibernation)ৰ বাবে গুচি যায়৷ অন্য কিছু বিশেষজ্ঞই আনকি চৰাইবোৰে চন্দ্ৰলৈ গৈ শীতকালটো অতিবাহিত কৰা বুলিও কল্পনা কৰিছিল৷ পোনপ্ৰথমবাৰৰ বাবে ১৮২২ চনৰ মে মাহৰ ২১ তাৰিখে আচম্বিতে এই প্ৰশ্নৰ উত্তৰ পোৱা গ’ল৷ এই দিনটোতে জাৰ্মানীত এটা কনুৱাজাতীয় হুৱাইট ষ্টৰ্ক (White Stork) চৰাই পোৱা গ’ল যাৰ ডিঙিত এপাত ৮০ ছে:মি দীঘল আফ্ৰিকান কাঁড়ে বিন্ধি থৈছিল৷ গম পোৱা গ’ল যে, এই চৰাইটোৱে আফ্ৰিকাত শীতকালিটো কটাই এই অৱস্থাতে পৰিভ্ৰমণ কৰি ইউৰোপৰ জাৰ্মানী পাইছিলহি৷ এই বিশেষ কাঁড়পাত বৰ্তমান ৰষ্টক বিশ্ববিদ্যালয়ৰ প্ৰাণী সংগ্ৰহালয় (Zoological Collection of the University of Rostock) ত সংৰক্ষণ কৰি ৰখা হৈছে৷ চৰায়ে এখন ঠাইৰ পৰা অন্য ঠাইলৈ ঋতু অনুযায়ী কৰা পৰিভ্ৰমণৰ প্ৰথমটো প্ৰমাণ হিচাপে এই ঘটনা খুবেই জনপ্ৰিয় হৈ পৰিল৷ অৱশ্যে এয়া কেৱল এক আৰম্ভণিহে আছিল৷ ইয়াৰ পিছতো এনে ২৫ টামান কাঁড়বিদ্ধ চৰায়ে পৰিভ্ৰমণ কৰাৰ তথ্য পোৱা গৈছে৷ এনেদৰে কাঁড়েৰে আঘাতপ্ৰাপ্ত হৈ পৰিভ্ৰমণ কৰি অহা এই কনুৱাজাতীয় চৰাইবোৰক ইংৰাজীত ‘Arrow-Stork’ বা জাৰ্মান ভাষাত ‘Pfeilstorch’ বুলি আখ্যা দিয়া হয়৷ 


এই আৰম্ভণিৰ পিছত যোৱা দুটা দশকত চৰাইৰ পৰিভ্ৰমণ সম্পৰ্কে আমাৰ বৈজ্ঞানিক তথ্যৰ সমল যথেষ্ট বৃদ্ধি পাইছে৷ শেহতীয়াকৈ চৰাইৰ ঠেঙত আঙঠি পিন্ধাই (bird ringing) ছেটেলাইটৰ সহায়ত টে্ৰকিং (satellite and radio tracking), জিয়’ল’কেশ্যন (Geolocation) আৰু অন্যান্য উন্নত প্ৰযুক্তিৰ সহায়ত চৰাইৰ পৰিভ্ৰমণনৰ বহুতো বিতং তথ্য পোৱা গৈছে৷ চৰাইৰ পৰিভ্ৰমণ অধ্যয়নৰ বাবে ছেটেলাইট টে্ৰকিং প্ৰযুক্তিৰ ব্যৱহাৰ আৰম্ভ হয় নব্বৈৰ দশকতে ৷ এই প্ৰযুক্তিৰ দ্বাৰা চৰাইৰ দেহত ছেটেলাইট ট্ৰেন্সমিটাৰ (Platform transmitter terminal বা PTT) স্থাপন কৰি বিভিন্ন সময়ত ইয়াৰ পৰিভ্ৰমণৰ গতিপথ সম্পৰ্কে তথ্য লাভ কৰিব পৰা যায়৷ বৰ্তমান পৰিভ্ৰমী চৰাইৰ পৰিভ্ৰমণৰ গতিপথ নিৰ্ধাৰণ, ঋতু অনুযায়ী ইয়াৰ পৰিবৰ্ত্তনৰ ধৰণ, আৰু জিৰণি লোৱা ঠাইসমূহৰ গুৰুত্ব সম্পৰ্কে অধ্যয়ন কৰাৰ বাবে এই প্ৰযুক্তিৰ ব্যৱহাৰ খুবেই জনপ্ৰিয় হৈ উঠিছে৷ কিন্তু এনেধৰণৰ ছেটেলাইট ট্ৰেন্সমিটাৰ সৰঞ্জামসমূহৰ অধিক ওজনৰ বাবে এই প্ৰযুক্তি কেৱল ডাঙৰ আকাৰৰ চৰাই যেনে বগলী, হাঁহ আদিৰ ক্ষেত্ৰতহে প্ৰয়োগ কৰা সম্ভৱপৰ হৈছে৷ তাৰোপৰি এনে ট্ৰেন্সমিটাৰসমূহৰ বেটাৰীৰ আয়ুস কম হোৱাৰ বাবেও কিছু সীমাবদ্ধতা আহি পৰে৷ শেহতীয়াকৈ সৌৰশক্তিৰে পৰিচালিত বেটাৰীৰ প্ৰয়োগে ইয়াৰ আয়ুস ২-৩ বছৰ পৰ্যন্ত বৃদ্ধি কৰিছে ৷ বৰ্তমানৰ তথ্য অনুসৰি আটাইতকৈ সৰু সৌৰশক্তিৰে পৰিচালিত পিটিটি ট্ৰেন্সমিটাৰৰ ওজন প্ৰায় ৫ গ্ৰাম যিটো এটা ১৫০-২০০ গ্ৰাম ওজনৰ চৰাই যেনে গংগাচিলনী (River Tern), লৰীয়তী (Marsh Sand-Piper) আদিৰ বাবে উপযুক্ত৷ 

এই পৰিভ্ৰমী চৰাইসমূহৰ বাট বিচাৰি পোৱাৰ ক্ষমতা (homing instinct) অতুলনীয় আৰু বহুদিন ধৰি ই বিজ্ঞানীসকলৰ বাবে কৌতুহলৰ বিষয় হৈ আহিছে ৷ এইগুণৰ বাবেই পৰিভ্ৰমী চৰাইবোৰে বছৰ বছৰ ধৰি শ শ মাইল অতিক্ৰম কৰি একে অঞ্চললৈকে উভতি আহিব পাৰে ৷ উল্লেখযোগ্য যে পৰিভ্ৰমী চৰাইক পৰিভ্ৰমণৰ কালত কৃত্ৰিমভাৱে আবদ্ধ কৰি ৰাখিলে ইহঁতে কিছুমান অসহজ আচৰণ কৰে৷ এই সময়ত চৰাইক সঁজাত ভৰাই ৰাখিলেও ইহঁতে পৰিভ্ৰমণৰ গতিৰ দিশত উৰি মুকলি হৈ যাবলৈ চেষ্টা কৰে৷ এই অৱস্থাটোক প্ৰব্ৰজনীয় অস্থিৰতা (Migratory restlessness) বা ‘জুগুনৰুৱ’ (Zugunruhe) বুলি কোৱা হয়৷ জাৰ্মান ভাষাত ইয়াৰ অৰ্থ হ’ল; Zug-পৰিভ্ৰমণ, Unruhe-অস্থিৰতা ৷ পূৰ্ণবয়স্ক চৰাইৰ এনে ক্ষমতাৰ জোখ পোৱাৰ উদেশ্যেৰে মেংক্স শ্বিয়েৰৱাটাৰ (Manx Shearwater) নামৰ এবিধ সাগৰীয় চৰাইৰ প্ৰজাতিক ইহঁতৰ প্ৰজননস্থলী গ্ৰেটব্ৰিটেইনৰ কাষত থকা সৰু সৰু দ্বীপসমহূৰ পৰা বিমানেৰে আঁতৰাই লৈ যোৱা হৈছিল৷ ইয়াৰে এজাক চৰাই বষ্টনত আৰু আনজাকক ইটালীৰ ভেনিচত এৰি দিয়া হ’ল৷ কিন্তু অৱশেষত দেখা গ’ল যে দুয়োজাক চৰায়েই এই দুখন ঠাইৰ পৰা প্ৰতিদিনে ২৫০ মাইল দূৰত্ব অতিক্ৰম কৰি ১৪ দিনৰ ভিতৰতে নিজৰ মূল বাসস্থান পাইছিলগৈ৷

ইয়াৰ পৰৱৰ্ত্তী কালত বহুতো পৰীক্ষা নিৰীক্ষাই প্ৰমাণ কৰিছে যে অনেক পৰিভ্ৰমী চৰায়ে সৌৰকম্পাছৰ সহায়ত পৰিভ্ৰমণৰ বাট উলিয়ায়৷ ১৯৫১ চনত গুস্তভ ক্ৰেমাৰ (Gustav Kramer) নামৰ জাৰ্মান প্ৰাণীবিজ্ঞানীজনে এই সৌৰ কম্পাছৰ আৱিস্কাৰ কৰে৷ তেওঁ ইউৰোপীয় শালিকাৰ প্ৰজাতি (European Starling) কিছুমানক বিশেষ সঁজা (orientation cage) ত বন্দী কৰি আইনাৰ সহায়ত সূৰ্য্যৰ আপেক্ষিক স্থানৰ সালসলনি কৰি পৰীক্ষা কৰে৷ এই পৰীক্ষাত দেখা গ’ল যে চৰাইবোৰে সূৰ্য্যৰ এই কৃত্ৰিম স্থানৰ সৈতে সমন্ধ ৰাখি নিজৰ প্ৰব্ৰজনীয় অস্থিৰতাৰ প্ৰকৃতি সলনি কৰিছিল৷ শেহতীয়া গৱেষণাই প্ৰমাণ কৰিছে যে চৰাইৰ এই সৌৰ কম্পাছৰ ব্যৱহাৰ ইয়াৰ দিন আৰু ৰাতিৰ তাৰতম্য (circadian rhythm)ৰ ওপৰত নিৰ্ভৰ কৰে৷ 

সাধাৰণতে কিছুমান মাংসাহাৰী চৰাই, বতাহী, চাতক আৰু জলচৰ চৰাইবোৰে দিনৰ ভাগত পৰিভ্ৰমণ কৰে৷ আনহাতে পেচ্ছেৰিফৰমিছ (Passeriformes) বৰ্গৰ অন্তৰ্ভুক্ত গানগোৱা চৰাই (Songbirds) যেনে বগা বালিমাহী, দহিকতৰা (Magpie Robin) আদিয়ে চিকাৰী চৰাই আৰু দিনৰ বেলিৰ উত্তাপৰ পৰা ৰক্ষা পাবলৈ নিশাৰ ভাগত পৰিভ্ৰমণ কৰে৷ নিশাৰ ভাগত পৰিভ্ৰমণ কৰা এই চৰাইবোৰৰ ক্ষেত্ৰত ৰাতিৰ আকাশৰ তৰাবোৰে কম্পাছৰ কাম কৰে বুলি অনুমান কৰা হয়৷ বিজ্ঞানীসকলে নিয়ন্ত্ৰিত পৰিবেশত চৰাইক কৃত্ৰিমভাৱে তৈয়াৰী তাৰকাগৃহত এৰি দি এই ধাৰণাৰ সত্যতা প্ৰমাণ কৰিবলৈ সক্ষম হৈছে৷ 

তাৰোপৰি পৃথিৱীৰ চুম্বকীয় ক্ষেত্ৰখনৰ ব্যৱহাৰ কৰিও চৰায়ে পৰিভ্ৰমণৰ বাবে বাট বিচাৰি উলিয়ায় বুলি প্ৰমাণ পোৱা গৈছে৷ পৃথিৱীৰ চুম্বকীয় ক্ষেত্ৰখনৰ বিষুৱ ৰেখাৰ পৰা যিমানে দূৰত্ব বাঢ়ে সিমানেই অধিক শক্তিশালী হৈ উঠে৷ দুয়োটা মেৰুৰ অঞ্চলত ই আটাইতকৈ শক্তিশালী৷ বিজ্ঞানীসকলে ঠাৱৰ কৰিছে যে, চৰায়ে দুখন ঠাইৰ মাজৰ চুম্বকীয় ক্ষেত্ৰৰ শক্তিৰ নগণ্য পৰিবৰ্ত্তন সমূহো ধৰিব পাৰে আৰু ইয়াৰ সহায়তে গতিপথ নিৰ্ণয় কৰে৷ জাৰ্মান বিজ্ঞানীৰে এটা দলে ষাঠিৰ দশকত ইউৰোপীয়ান ৰবিন চৰাইক সঁজাত বন্দী কৰি সূৰ্য্য বা তৰাৰ পোহৰৰ উমান নোপোৱাকৈ ৰাখি চুম্বকীয় ক্ষেত্ৰৰ প্ৰভাৱ পৰীক্ষা কৰিছিল৷ পৰিভ্ৰমণৰ সময়ত এই চৰাইবোৰে সৌৰ বা নিশাৰ কম্পাছৰ সহায় নোলোৱাকৈয়ে পৰিভ্ৰমণৰ সঠিক দিশ নিৰ্ধাৰণ কৰিবলৈ সক্ষম হৈছিল৷ তাৰোপৰি হেমহল্টজ কইল (Helmholtz coil) নামৰ সঁজুলিৰ সহায়ত চুম্বকীয় ক্ষেত্ৰখনৰ দিশৰ পৰিৱৰ্ত্তন কৰাত ইয়াৰ লগে লগে চৰাইসমূহৰ উৰাৰ দিশৰো পৰিৱৰ্ত্তন ঘটা দেখা গৈছে৷ এই পৰীক্ষাসমূহে পৃথিৱীৰ চুম্বকীয় ক্ষেত্ৰই চৰাইৰ পৰিভ্ৰমণত দিকনিৰ্দেশনা দিয়ে বুলি স্পষ্ট ইংগিত দিয়ে৷ এই দিকনিৰ্দেশক কম্পাছসমূহৰ উপৰিও বহুতো চৰায়ে পৰ্বতমালা, নৈ, হ্ৰদৰ চিন ৰাখি বাট বুলে বুলিও ধাৰণা কৰা হয়৷ 

এই পৰীক্ষাসমূহে চৰাইৰ পৰিভ্ৰমণৰ দিকনিৰ্দেশকবোৰৰ বিষয়ে সম্ভেদ দিলেও পৰিভ্ৰমী চৰাইৰ বাট বিচাৰি উলিয়াব পৰাৰ সহজাত প্ৰবৃত্তিৰ বহু গুৰুত্বপূৰ্ণ দিশ এতিয়াও পোহৰলৈ আহিবলৈ বাকী৷ এটা উল্লেখযোগ্য পৰীক্ষাত জাৰ্মান বিজ্ঞানী হেনছ ৱালৰাফ (Hans Wallraff)এ পাৰ চৰাইৰ এটা জাকক বাহিৰৰ পৰা গতিপথ সম্পৰ্কীয় কোনো তথ্য নোপোৱাকৈ বন্ধ চিলিণ্ডাৰত কৃত্ৰিম অক্সিজেন প্ৰদান কৰি দূৰৰ অঞ্চল এটালৈ কঢ়িয়াই নিছিল৷ এই চিলিণ্ডাৰৰ ভিতৰত যাদৃচ্ছিকভাৱে(randomly) আন্ধাৰ-পোহৰ কৰি থাকি দিন-ৰাতিৰ তাৰতম্য নোহোৱা কৰা হৈছিল৷ আনকি চৰাইক বাট বিচৰাত সহায় কৰা চুম্বকীয় ক্ষেত্ৰখনৰ প্ৰভাৱো চিলিণ্ডাৰৰ ভিতৰত নোহোৱা কৰাৰ ব্যৱস্থা কৰা হৈছিল৷ এই সকলোবোৰ প্ৰক্ৰিয়া সফলভাৱে সম্পন্ন কৰি অৱশেষত পাৰ চৰাইবোৰ অচিনাকি আৰু দূৰৰ ঠাই এখনত মুকলি কৰি দিয়া হ’ল৷ কিন্তু দেখা গ’ল যে প্ৰায়বিলাক চৰায়ে সুকলমে নিজৰ পুৰণা বাসস্থানলৈ উভতি আহিবলৈ সক্ষম হ’ল৷ গতিকে এই পৰীক্ষাটোৱে প্ৰমাণ কৰিলে যে, বাহ্যিক কম্পাছৰ উপৰিও চৰাইৰ নিজৰ অন্তৱৰ্ত্তী কম্পাছ বা মেপ থাকিব লাগিব৷ কিয়নো বাহ্যিক কম্পাছে দিশ নিৰ্দেশনা দিলেও চৰায়ে কোনটো দিশত ইয়াৰ পুৰণি বাসস্থান আছে সেইবিষয়ে ধাৰণা কৰিব নোৱাৰিব৷ এইদৰে কেতিয়াও নোযোৱা অচিনাকি ঠাই এখনৰ পৰা চৰায়ে কেনেকৈ নিজৰ পুৰণা বাসস্থানৰ দিশ বিচাৰি উলিয়ায় সেয়া এতিয়াও ৰহস্য হৈয়ে আছে৷ এইক্ষেত্ৰত চৰাইৰ ঘাণেন্দ্ৰিয়ই কিছু পৰিমাণে সহায় কৰে বুলি ধাৰণা কৰা হয়৷

পিতা-পুত্ৰৰ মিলন ঘটোৱা ডৰিয়ান ষ্টাৰলিং চৰাইবিধ 
পৰিভ্ৰমী চৰায়ে মানুহৰ জীৱনতো সংযোগ ঘটোৱাৰ দৰে আমোদজনক ঘটনাও নঘটা নহয়৷ ১৯৫০ ৰ দশকত উত্তৰ কোৰিয়াত অং হোং (Wong Hong) নামৰ পক্ষীবিদ গৰাকীয়ে তেওঁৰ নুমলীয়া পুত্ৰ প্যোং হোঙৰ সৈতে নিয়মীয়াকৈ চৰাই নিৰীক্ষণ কৰিছিল৷ কিন্তু সেইসময়তে হোৱা কোৰিয়াৰ যুদ্ধত এই পৰিয়ালটো ছেদেলি ভেদেলি হৈ পৰে৷ ফলত মাক-দেউতাক উত্তৰ কোৰিয়াতে ৰৈ যায় আৰু প্যোং হোঙৰ সৈতে বাকী কেইজন ককাই-ভাই দক্ষিণ কোৰিয়াত থাকিব লগা হয়৷ যুদ্ধকালীন পৰিস্থিতিত তেওঁলোকৰ মাজত যোগাযোগ বিছিন্ন হৈ পৰে৷ কালক্ৰমত প্যোং হোং দক্ষিণ কোৰিয়াৰে ক্যোংহী বিশ্ববিদ্যালয় (Kyunghee University)ৰ অধ্যাপক হয়গৈ৷ ১৯৬৪ চনৰ মে মাহত জাপানৰ য়ামাছিনা ইন্সিটিউট অব অৰ্নিথ’লজি (Yamashina Institute for Ornithology)লৈ এগৰাকী পক্ষীবিদৰ পৰা এখন চিঠি আহিল৷ চিঠিখনৰ বক্তব্য আছিল যে তেওঁ উত্তৰ কোৰিয়াত ঠেঙত জাপানীজ আঙঠি (ring) পিন্ধোৱা ডৰিয়ান ষ্টাৰলিং ( Daurian Starling) নামৰ এটা শালিকাজাতীয় চৰাই পাইছে ৷ চিঠিৰ প্ৰেৰকে এই চৰাইটোৰ পৰিভ্ৰমণনৰ উৎসস্থানৰ বিষয়ে অধিক তথ্য জানিব খুজিছিল৷ অনুসন্ধানত গম পোৱা গ’ল যে এই চৰাইটোৰ ঠেঙত প্ৰকৃততে আঙঠি পিন্ধোৱা হৈছিল দক্ষিণ কোৰিয়াত ৷ পিন্ধাইছিল চিঠিৰ প্ৰেৰক অৰ্থাৎ অং হোঙৰ পুত্ৰ প্যোং হোঙেহে৷ বহু বছৰৰ বিৰতিৰ মূৰত পিতা- পুত্ৰৰ মিলন এনেদৰে সম্ভৱ কৰি তুলিলে এই পৰিভ্ৰমী চৰাই বিধে৷ 

পৰিভ্ৰমণ চৰাইবোৰৰ বাবে এটা প্ৰত্যাহ্বানমূলক অভিযান কিয়নো পৰিভ্ৰমণৰ সময়ত ইহঁতে বহুতো সমস্যাৰ সন্মুখীন হ’ব পাৰে৷ উদাহৰণস্বৰূপে বনাঞ্চল ধ্বংস, চিকাৰ, প্ৰদুষণ, আকাশীযানৰ সৈতে সংঘৰ্ষৰ ফলত এনে বহুতো পৰিভ্ৰমী চৰাইৰ পথচ্যুতি ঘটি মৃত্যুৰ মুখতো পৰিব পাৰে৷ বনাঞ্চল ধ্বংসৰ ফলত চৰাইবোৰৰ প্ৰজনন কৰা অঞ্চল, খাদ্য আদিৰ অভাৱ হয়৷ তেনেদৰে চিকাৰ আৰু প্ৰদুষণে চৰাইৰ প্ৰজনন ক্ষমতা আৰু আয়ুস কমাই আনে৷ তাৰোপৰি পৰিভ্ৰমী চৰায়ে পক্ষীজ্বৰৰ দৰে কিছুমান সোঁচৰা ৰোগো এখন ঠাইৰ পৰা ইখনলৈ বিয়পাব পাৰে৷ এইবোৰ কাৰণতে চৰাইৰ পৰিভ্ৰমণৰ গতিপথ, মাজপথত জিৰণি লোৱা ঠাই (Stopover site), লক্ষ্যস্থান, সময় আদিৰ অধ্যয়ন যথেষ্ট গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে৷ যি কি নহওক এনে বহু কাৰণত চৰাইৰ পৰিভ্ৰমণৰ মনোমোহা দিশবোৰে চিৰদিন মানুহৰ মন শিহৰিত কৰি ৰাখিছে আৰু আগলৈও ৰাখিব৷ আহক আমি সকলোৱে শ শ মাইল অতিক্ৰমি আমাৰ অঞ্চলসমূহলৈ অহা এই ৰং-বিৰঙী অতিথিক বনাঞ্চল ধবংস, প্ৰদুষণ আদি সংকটৰ পৰা নিৰাময়ৰ উপায় উলিয়াই সাদৰেৰে অভ্যৰ্থনা জনাও৷

Tuesday 20 August 2013

বিচিত্ৰ প্ৰকৃতি:প্ৰাণীৰ সমাজত সহায়কাৰী

প্ৰকৃতিৰ জগতখন চিৰ ৰহস্যময়৷  এই বিচিত্ৰ জগতখনৰ বহু কথাই এতিয়াও আমাৰ বাবে আন্ধাৰতে আছে৷ সময়ৰ লগে লগে এই অজানা প্ৰকৃতিৰ নতুন নতুন দিশ উন্মোচিত হৈ আহিছে৷ ইয়াৰে বহু কথাই আমাৰ বাবে হয়তো আশ্চৰ্য্যজনক৷ চৰাইৰ সমাজত ঘটা সহযোগিতামূলক প্ৰজননো এনে এটা আশ্চৰ্য্যজনক পৰিঘটনা৷ আহকচোন চাওঁ, কি এই সহযোগিতামূলক প্ৰজনন?



প্ৰায়ভাগ চৰাইৰ মাজতে এহাল মতা-মাইকী যোৰ পাতি কণী পাৰি পোৱালি জগোৱাৰ নিয়ম৷ কিন্তু কিছুমান চৰাইৰ প্ৰজাতিৰ ক্ষেত্ৰত এই সচৰাচৰ নিয়মৰ ব্যতিক্ৰম দেখা যায়৷ এই চৰাইবোৰৰ ক্ষেত্ৰত মাক-দেউতাকৰ উপৰিও অন্য ওচৰ সম্পৰ্কীয় চৰায়ে একেটা বাহতে থাকি পোৱালি ডাঙৰ কৰে৷ এনেধৰণে নিজৰ সন্তান নোহোৱা স্বত্বেও পৰিয়ালৰ সম্পৰ্কীয় কণমানিহঁতৰ লালন পালনত যত্ন লোৱা প্ৰজননৰ ধৰণটোক জীৱবিজ্ঞানৰ ভাষাৰে সহযোগিতামূলক প্ৰজনন (co-operative breeding) বুলি কোৱা হয়৷ পূৰ্বতে বিজ্ঞানী সকলে প্ৰায় বিৰল বুলি গণ্য কৰা এই আচৰণ শেহতীয়াকৈ বহুতো জীৱ-জন্তু তথা চৰাই চিৰিকটিয়ে দেখুৱায় বুলি প্ৰমাণিত হৈছে৷ বৰ্ত্তমানলৈকে গৱেষণাত পোৱা তথ্য অনুসৰি বিশ্বৰ সমগ্ৰ চৰাইৰ প্ৰজাতিসমূহৰ ভিতৰত প্ৰায় ৯% চৰাই অৰ্থাৎ প্ৰায় ৮০০ বিধ প্ৰজাতিত আৰু কেইবিধমান স্তন্যপায়ী প্ৰাণী তথা মাছৰ প্ৰজাতিৰ ক্ষেত্ৰত এই আচৰণ দেখা যায়৷ এই প্ৰাণীবোৰক সাধাৰণতে সহায়কাৰী (helper) বুলি আখ্যা দিয়া হয়৷ 



মিয়েৰকেটৰ পৰিয়াল
স্তন্যপায়ী প্ৰাণীৰ ভিতৰত আফ্ৰিকাত পোৱা শিয়ালৰ এক প্ৰজাতি (black-backed jackal, Canis mesomelas)) তথা মিয়েৰকেট (meerkat, Suricata suricatta) নামৰ প্ৰাণীৰ সমাজত সহায়কাৰী থকা দেখা যায়৷ তেনেদৰে ভাৰত তথা প্ৰশান্ত মহাসাগৰত পোৱা এনিমন মাছৰ ক্ষেত্ৰত পোৱালিৰ যত্ন লোৱাত মাক-দেউতাকৰ বাহিৰেও অন্য মাছে সহায় কৰে৷ চৰাইৰ ভিতৰত আফ্ৰিকাৰ এটা জিঞাখাটী চৰাইৰ প্ৰজাতি ( White-fronted Bee-eater), উত্তৰ আমেৰিকাত পোৱা এবিধ কাঠোৰোকা (Red-cockaded woodpeckers) আদিয়ে এই আচৰণ দেখুৱায়৷ তেনেদৰে আমাৰ তেনেই চিনাকি পখৰা মাছৰোকা (Lesser-pied Kingfisher) ৰ সমাজতো সহায়কাৰী চৰাই থকা দেখা যায়৷ 

  •  সহায়কাৰীয়ে কৰেনো কি?
 সহায়কাৰীয়ে অন্যান্য চিকাৰী প্ৰাণীৰ পৰা বাহটোক প্ৰতিৰক্ষা দিয়ে৷ যেনে কণী বা পোৱালি খাবলৈ অহা সাপক জাক পাতি খেদি বা পৰিয়ালৰ অন্যান্য সদস্যক সতৰ্ক কৰি দিয়ে৷ ফলত ই পোৱালিবোৰৰ সুৰক্ষা নিশ্চিত কৰে৷ তাৰোপৰি ইহঁতে খাদ্য আদি গোটাই আনি পোৱালিক খুউৱাতো সহায় কৰে৷ ফলত পোৱালিৰ প্ৰকৃত মাক-দেউতাকৰ কষ্ট বহুখিনি লাঘব হয়৷ গতিকে পোৱালিৰ লগতে মাক-দেউতাকো বেছিদিন জীয়াই থাকে৷ কেতিয়াবা সহায়কাৰীয়ে বাহ সঁজাত তথা কণী উমনি দিয়াতো সহায় কৰে বুলি জনা যায়৷

  •  প্ৰকৃততে কোন এই সহায়কাৰী?
গৱেষণাৰ তথ্য অনুসৰি প্ৰায়বোৰ সহায়কাৰীয়ে পোৱালিৰ প্ৰকৃত মাক-দেউতাকৰ সম্পৰ্কীয় হয়৷ মতা-মাইকী উভয়ে সহায়কাৰীৰ ভূমিকাত অৱতীৰ্ণ হ’ব পাৰে কিন্তু সাধাৰণতে মাইকীতকৈ মতা সহায়কাৰীৰ সংখ্যা বেছি হোৱা দেখা যায়৷

পখৰা মাছোৰোকা
  • স্বাৰ্থান্বেষী নে নিস্বাৰ্থ সেৱা ?
জীৱ-জন্তু তথা চৰাই-চিৰিকটিৰ মাজত এনে ব্যৱহাৰ কিয় দেখা যায় সেয়া এতিয়াও বিতৰ্কিত বিষয়৷ জীৱবিজ্ঞানীসকলে এই প্ৰক্ৰিয়াটোক দুটা ভাগত ভগাই বিশ্লেষণ কৰিবলৈ চেষ্টা কৰিছে-

১) পূৰ্ণবয়স্ক বয়সতো নিজাকৈ বাহ সাঁজি বংশবৃদ্ধি নকৰি কিয় পুৰণা বাহতে প্ৰয়োজনতকৈ দীঘলীয়াকৈ ৰৈ যায়? 

২) পোৱালিৰ লালন-পালনত কিয় সহায় কৰে?

এই প্ৰশ্ন দুটাৰ উত্তৰ কেইবাধৰণেও দিব পাৰি৷ হয়তো পূৰ্ণতাপ্ৰাপ্তিৰ পিছতো কোনো কোনো পৰিস্থিতিতন্ত্ৰত নতুনকৈ বাহ সাজিবলৈ প্ৰয়োজনীয় ঠাইৰ অভাৱ হয়৷ ফলত মাক-দেউতাকৰ পোৱালিবোৰ পিছৰবাৰ কণী পৰালৈকে পুৰণা বাহ এৰি যাবলৈ সক্ষম নহয়৷ কাৰণ সোনকালে পুৰণি বাহ এৰি গ’লে নতুনকৈ প্ৰজনন ক্ষম হোৱা এই চৰাইবোৰে অভিজ্ঞতাৰ অভাৱ তথা খাদ্যকে আদি কৰি প্ৰয়োজনীয় সম্পদসমূহ গোটাব নোৱাৰাৰ বাবে মৃত্যুমুখত পৰাৰ সম্ভাৱনা থাকে৷ এই ধাৰণাটো (The ecological constraints hypothesis; Selander, 1964)ৰ সমৰ্থনত গম পোৱা গৈছে যে পৰিস্থিতি অনুকূল হ’লে তথা বাহ সাজিব পৰাকৈ নতুন ঠাইৰ সন্ধান পালে সহায়কাৰীয়ে পুৰণি বাহটো এৰি গুচি যায়৷ 

অন্য এটা ধাৰণা ( Philopatry hypothesis; Stacey & Ligon 1987, Waser 1988) অনুসৰি সহায়কাৰীয়ে সন্মুখীন হোৱা বাধা বোৰতকৈ এই সহায়কাৰ্য্যৰ পৰা হোৱা লাভ-লোকচানৰ অংকইহে সিহঁতক এনে আচৰণ দেখুৱাবলৈ উদগনি যোগায়৷ এই ধাৰণা অনুসৰি ঠাইৰ অভাৱ নথকা স্বত্বেও কিছুমান পৰিৱেশত সহায়কাৰী চৰাই থকা দেখা যায়৷ গতিকে এই ধাৰণাই যুক্তি দিয়ে যে, মতা চৰায়ে মাক দেউতাকক নতুন পোৱালিৰ যত্ন লোৱাত সহায় কৰাৰ কাৰণ হৈছে ই উত্তৰাধিকাৰী সুত্ৰে পুৰণি ভৌগোলিক এলেকা (territory)ৰে এটা অংশ লাভ কৰে৷ কাৰণ সমূহীয়াকৈ থকাৰ বাবে নিজা এলেকাৰ আকাৰ কিছু ডাঙৰ হয়৷ তাৰোপৰি এনেদৰে পোৱালিৰ যত্ন লৈ সহায়কাৰীয়ে পিছত নিজৰ পোৱালিৰ তোলাৰ বাবে প্ৰশিক্ষণ লাভ কৰে বুলিও কোনোৱে মত পোষণ কৰে৷ 

আচলতে ভালকৈ চাবলৈ গ’লে এই দুয়োটা ধাৰণাই একেটা মুদ্ৰাৰ ইপিঠি সিপিঠিৰ দৰে৷ কাৰণ প্ৰথমটোৱে পুৰণা বাহ এৰি যোৱাৰ সংকট (risk) আৰু দ্বিতীয়টোৱে পুৰণা বাহতে থকাৰ লাভ সমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে৷ গতিকে দুয়োটাই বাহ এৰা আৰু থকাৰ মাজত লাভ-লোকচানৰ বিশ্লেষণ (cost–benefit analysis ) ৰ ওপৰত প্ৰতিষ্ঠিত৷ 

তাৰোপৰি দুৰসম্পৰ্কীয় প্ৰাণীয়েই সহায়কাৰীৰ ভূমিকাত অৱতীৰ্ণ হোৱাৰ অন্তৰালত অন্য এটা ক্ৰমবিৱৰ্ত্তন সম্পৰ্কীয় কাৰণো থকা বুলি ধাৰণা কৰা হয়৷ ক্ৰমবিৱৰ্ত্তনৰ ধাৰণা অনুসৰি সকলো জীৱৰে জীয়াই থকাৰ মূল উদেশ্য বংশবৃদ্ধি কৰা আৰু তাৰদ্বাৰাই ভৱিষ্যত প্ৰজন্মৰ বাবে নিজৰ সৰ্বোচ্চ সংখ্যক জিন এৰি যোৱা৷ ১৯৬৪ চনত প্ৰসিদ্ধ বিজ্ঞানী হেমিলটন (W. D. Hamilton) এ প্ৰমাণ কৰে যে যিহেতু প্ৰাণী এটাৰ একে প্ৰজাতিৰ সম্পৰ্কীয় প্ৰাণীৰ দেহত থকা জিনবোৰৰ মিল থাকে, গতিকে তেনে এটা প্ৰাণীৰ লালন-পালন কৰি জীৱন সুনিশ্চিত কৰিলে মূল প্ৰাণীটোও আংশিকভাৱে লাভান্বিত হয়৷ 

জীৱ-জন্তুৰ বিচিত্ৰ এই পৃথিৱীখনৰ বহু কথাই এতিয়াও আমাৰ অজ্ঞাতেই আছে ৷ তাৰ মাজতে শেহতীয়া গৱেষণাই আৱিস্কাৰ কৰা এনে মনোগ্ৰাহী কথাবোৰে এই ৰহস্যময় জগতখনৰ কিছু কিছু অংশ আমাৰ বাবে বোধগম্য কৰি তোলে আৰু সম্পূৰ্ণকৈ জনাৰ স্পৃহা অদম্য কৰি তোলে৷


সহায়ক গ্ৰন্থপঞ্জী: 
১) Cooperative breeding in birds: long term studies of ecology and behaviour-PB Stacey, WD Koenig - 1990 

২) Ecology and evolution of cooperative breeding in birds
-WD Koenig, JL Dickinson - 2004 

৩) Jetz, Walter; Rubinstein, Dustin R. (2011). "Environmental Uncertainty and the Global Biogeography of Cooperative Breeding in Birds" (PDF). Current Biology 21: 1–7.

৪) Ecological constraints, life history traits and the evolution of cooperative breeding (2000)-BJ Hatchwell, J Komdeur; Animal Behaviour 59: 1079-1086

Friday 16 August 2013

এজন অসমীয়াপ্ৰেমী তামিলৰ কথাৰে!

যোৱা ১৫ আগষ্টৰ দিনা নতুনকৈ ঘোষণা কৰা স্তন্যপাণী প্ৰাণী ওলিঙ্গোইটোৰ বিষয়ে কালি অসমীয়া ৱিকিপিডিয়াত এটা প্ৰবন্ধ যোগ দিছিলো (ইয়াত চাব পাৰে)৷ নিশাৰ ভাগলৈ মোৰ সদস্যপৃষ্ঠাত এটা বাৰ্ত্তা আহিল৷ লিখিছিল C.R.Selvakumar  নামৰ তামিল ৱিকিপিডিয়ান এগৰাকীয়ে৷  পঢ়ি লৈ অলপ আচৰিত হ’লো যদিও খুউব ভালো লাগিল৷ তেওঁ লিখিছিল যে, তেওঁ অসমীয়া ভাষা বুজি নাপায় যদিও তামিল ৱিকিপিডিয়াত সেই একেটা বিষয়ত এটা প্ৰবন্ধ সংযোগ কৰাৰ পিছত তেওঁ জানিব পাৰিলে যে অসমীয়া ৱিকিপিডিয়াত সেই একেটা প্ৰবন্ধ ইতিমধ্যে সৃষ্টি কৰা হৈছে৷ ইমান শেহতীয়া বিষয় এটাত তাৎক্ষণিক ভাৱে এনেকৈ তথ্য সংযোগ কৰাকে লৈ তেওঁ আনন্দ প্ৰকাশ কৰিলে৷ (ইয়াত চাব পাৰে)

কিছুপৰৰ পিছতে দেখিলো তেওঁ অসমীয়া ৱিকিপিডিয়াতো এটা একাউন্ট খুলিছে৷ তাত তেওঁৰ বক্তব্য আছিল-
“Greetings!I contribute to Tamil Wikipedia and my user page can be seen at செல்வா (C.R.Selvakumar). I wish to contribute whatever I can to Assamese Wikipedia, like adding a picture and taking part in matters related to Tamil language and Tamil culture in Assamese Wikipedia. I don't yet know Assamese language, but will be picking up a little at least I hope in due course. I wish Assamese Wikipedia a great success-Regards,செல்வா (C.R.Selvakumar)”(তেওঁৰ সদস্য পৃষ্ঠা)

অসমীয়া ৱিকিপিডিয়াত অৰিহণা যোগাবলৈ অসমীয়াৰ মাজতে আগ্ৰহৰ অভাৱৰ এই হতাশাজনক পৰিস্থিতিত  তামিল ৱিকিপিডিয়ান এজনৰ এনে আগ্ৰহ আৰু আন্তৰিকতা দেখি অভিভূত হৈ পৰিলো৷ কিন্তু, তাতোকৈ বেছি আশ্চৰ্য্য ৰৈ আছিল মোৰ বাবে! তেওঁৰ বিষয়ে অধিক জানিবৰ বাবে তেওঁৰ তামিল ৱিকিৰ সদস্যপৃষ্ঠাটোত চকু ফুৰালো৷ তামিল আখৰৰ মাজত দুটা ইংৰাজী ভাষাত থকা লিংক দেখা পালো (তেওঁৰ ইউনিভাৰ্ছিটিৰ প্ৰফাইল)৷ লিংকত গৈ দেখিলো, এওঁ কানাডাৰ ইউনিভাৰ্ছিটি অব ৱাটাৰলুৰ কম্পিউটাৰ ইঞ্জিনিয়াৰিং বিভাগৰ অধ্যাপক! তেওঁৰ প্ৰতি শ্ৰদ্ধাত মোৰ মন ভৰি উঠিল৷

বিশ্বৰ  শীৰ্ষস্থানীয় বিশ্ববিদ্যালয় সমূহৰ ভিতৰত অন্যতম, ইউনিভাৰ্ছিটি অব ৱাটাৰলুৰ এগৰাকী অধ্যাপকে তেওঁৰ কৰ্মব্যস্ততাৰ মাজত তামিল ৱিকিপিডিয়াৰ নিয়মীয়া অৱদানকাৰী হোৱাকৈ, একেবাৰে নজনা অসমীয়া ভাষা শিকি লৈ অসমীয়া ৱিকিলৈ অৰিহণা যোগোৱাৰ প্ৰস্তাব দিব পৰাকৈ আগ্ৰহ আৰু ঐকান্তিকতা থকা এনে এজন ব্যক্তি সঁচাই অশেষ শ্ৰদ্ধাৰ আৰু প্ৰেৰণাৰ উৎস৷ এনে সততাৰে লগা লোকৰ বাবেই হয়তো তামিল ৱিকিপিডিয়াৰ প্ৰবন্ধ সংখ্যা  বৰ্ত্তমান ৫৫,১৩৬ টা আৰু ভাৰতৰ সকলো ভাষাৰ ভিতৰত দ্বিতীয়তে সৃষ্টি হোৱা স্বত্বেও অসমীয়া ৱিকিপিডিয়াৰ প্ৰবন্ধ সংখ্যা পুতৌজনকভাৱে ২,৩৩৮ টা ৷ এখন আগশাৰীৰ বিশ্ববিদ্যালয়ৰ অধ্যাপকে যদি বিদেশত থাকিও তেওঁৰ শৈক্ষিক ব্যস্ততাৰ মাজতে নিজ ভাষা(তামিল)ৰ লগতে আনৰ ভাষা(অসমীয়া)ৰ বাবে সময় উলিয়াব পাৰে আমাৰ অসমীয়াসকলে নিজৰ ভাষাৰ বাবে দিনে ১০-১৫ মিনিট সময় উলিয়াব নোৱাৰেনে! কেৱল "জয় আই অসম" বা "চিৰ চেনেহী মোৰ ভাষা জননী" ধ্বনি  তুলি থাকিলে আমাৰ ভাষাটো বাচি নাথাকে (সকলোকে কোৱা নাই)। তাতকৈ হাতে কামে লগাটোহে  বেছি প্ৰয়োজনীয়। এনে দহজনো ব্যক্তি আমাৰ মাজৰ পৰা ওলালে আমি আৰু কেতিয়াও ‘আমি অসমীয়া, নহওঁ দুখীয়া’ বুলিয়েই সান্তনা লভি হা-হুমুনিয়াহ কাঢ়ি থাকিব নালাগিব৷

প্ৰকৃতিৰ অনুপম বৈচিত্ৰ্যত এক নতুন সংযোজন-অ'লিংগুইট'(Olinguito)


প্ৰকৃতিৰ ৰহস্যময় জগতখনৰ বিষয়ে এতিয়াও আমাৰ যে কিমান জানিবলৈ বাকী তাকে প্ৰমাণ কৰি আৱিস্কাৰ হ’ল এবিধ নতুন মাংসভোজী প্ৰাণী৷ ইয়াৰ নাম অ'লিংগুইট' (Olinguito)৷ ই এবিধ স্তন্যপায়ী প্ৰাণী৷ বাহ্যিক গঠনৰ ফালৰ পৰা ইয়াক বিজ্ঞানীসকলে ঘৰচীয়া মেকুৰী আৰু টেডী ভালুকৰ মাজৰ এটা প্ৰাণী বুলি বৰ্ণনা কৰিছে৷ ৱাছিংটনৰ স্মিথছনিয়ান ইন্সটিউটৰ বিজ্ঞানীসকলে পোণপ্ৰথমে এই প্ৰাণীটোৰ অস্তিত্ব পোহৰলৈ আনে৷ যোৱা ৩৫ বছৰৰ ভিতৰত নতুন বিশ্ব (New World) ত নতুনকৈ আৱিস্কাৰ হোৱা ইয়েই প্ৰথম মাংসভোজী প্ৰাণী৷ ই কলম্বিয়া আৰু ইকোৱেডৰৰ ঘন বনাঞ্চলৰ মাজত বাস কৰে৷

আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিভিন্ন সংগ্ৰহালয়ত এই প্ৰাণীবিধৰ সংৰক্ষিত নমুনা আছিল যদিও এই সকলোবোৰ যোৱা প্ৰায় এশবছৰ ধৰি ইয়াৰ দৰে দেখাত মিল থকা অ'লিঙ্গো (olingo) নামৰ প্ৰাণীটো বুলি ভুলকৈ চিনাক্ত কৰি ৰখা হৈছিল৷ আনকি ১৯৬০ ৰ দশকত আমেৰিকাৰ কিছু চিৰিয়াখানাত অ'লিংগুইট' থকাৰো তথ্য পোৱা গৈছে৷ কিন্তু ইয়াক অন্য ওলিঙ্গোৰ সৈতেই ৰখা হৈছিল আৰু ই অ'লিঙ্গোৰ সৈতে প্ৰজনন নকৰাটো আশ্চৰ্য্যজনক আছিল যদিও কোনেও বিশেষ গুৰুত্ব সহকাৰে লোৱা নাছিল৷ অৱশেষত স্মিথছনিয়ান নেশ্যনেল মিউজিয়াম অব নেশ্যাৰেল হিষ্ট’ৰি (Smithsonian National Museum of Natural History) নামৰ প্ৰতিষ্ঠানটোৰ স্তন্যপায়ী প্ৰাণী বিভাগৰ কিউৰেটৰ ক্ৰিষ্টোফাৰ হেলগেন (Kristofer Helgen) কালি অৰ্থাৎ ১৫ আগষ্টৰ দিনটোতে শৰীৰস্থান (anatomical) তথা জিনীয় তথ্যৰ সহায়ত এই প্ৰাণীবিধক অন্য প্ৰাণীবোৰৰ পৰা পৃথক এক নতুন স্তন্যপায়ী প্ৰাণী বুলি ঘোষণা কৰে৷ 

 অ'লিংগুইট' নামৰ নতুন প্ৰাণীবিধ 
বিজ্ঞানী হেলগেন তথা তেওঁৰ গোটৰ এই আবিষ্কাৰ ইতিমধ্যে ZooKeys নামৰ জাৰ্ণেলখনত গৱেষণাপত্ৰৰূপে প্ৰকাশ পাইছে৷ হেলগেনে ইয়াৰ পূৰ্বেও কেইবাবিধো নতুন স্তন্যপায়ী জন্তুৰ সম্ভেদ উলিয়াইছে যদিও অ'লিংগুইট' (Olinguito)ৰ ক্ষেত্ৰত তেওঁ সেই উদেশ্যেৰেই পৰিকল্পনা কৰা নাছিল৷ অ'লিংগুইট' (Olinguito) ক ভুলকৈ চিনাক্ত কৰা ওচৰ সম্পৰ্কীয় আনবিধ প্ৰাণী অৰ্থাৎ ওলিঙ্গোৰ বিভিন্ন প্ৰজাতি সমূহ ভালকৈ চিনাক্ত কৰাৰ বাবেহে তেওঁ প্ৰচেষ্টা চলাই আছিল৷ ইয়াৰ বাবে তেওঁ বিভিন্ন সংগ্ৰহালয় সমূহত সংৰক্ষিত কৰি ৰখা অ'লিঙ্গোৰ নমুনা সমূহৰ বিতং পৰীক্ষা কৰি আছিল৷ এনেকৈ কাম চলাই থাকোতেই হঠাৎ এদিন তেওঁ চিকাগো ফিল্ড মিউজিয়ামত এটা ড্ৰয়াৰত নতুন ধৰণৰ ৰঙা-মটিয়া নোমাল ছাল লক্ষ্য কৰে৷ অ'লিঙ্গোৰ চুটি মুগা নোমবোৰৰ পৰা ই সম্পূৰ্ণ পৃথক আছিল৷ ইয়াৰ ভিত্তিতে তেওঁ এই প্ৰাণীবিধৰ দাঁত আৰু শৰীৰস্থান অধ্যয়ন কৰে আৰু তাৰ লগে লগে তেওঁলোকৰ সন্দেহো দৃঢ় হ’বলৈ ধৰে৷

প্ৰায় ১৮ টাতকৈ অধিক সংগ্ৰহালয় পৰিদৰ্শন কৰি আৰু বিশ্বৰ ৯৫% তকৈও অধিক অ'লিঙ্গো নমুনা পৰীক্ষা কৰি হেলগেনে এই ৰহস্যময় প্ৰাণীবিধৰ ভালেসংখ্যক নমুনা গোটাবলৈ সক্ষম হয়৷ এই সংগ্ৰহসমূহৰ উৎসস্থান বিচাৰি তেওঁলোকে জানিব পাৰিলে যে এই সকলোবোৰ নমুনা দক্ষিণ আমেৰিকাৰ পাৰ্বত্য অঞ্চল সমূহৰ পৰা সংগ্ৰহ কৰা হৈছে৷ 

অ'লিঙ্গো: অ'লিংগুইট'ৰ ডাঙৰ ভাই! 
এই ৰহস্যময় প্ৰাণীটোৰ সম্ভেদ উলিয়াবলৈ হেলগেনে তেওঁৰ অন্য দুগৰাকী সহকৰ্মীৰ স’তে ২০০৬ চনত দক্ষিণ আমেৰিকাত অৱস্থিত ইকোৱেডৰৰ অ'টংগা বনাঞ্চল (Otonga Reserve) লৈ যাত্ৰা কৰে৷ এই বনাঞ্চলত পূৰ্বে কোনো কোনো জীৱবিজ্ঞানীয়ে গৱেষণা কৰিছিল যদিও অজ্ঞাত কাৰণবশত: কোনেও এই প্ৰাণীবিধৰ সম্ভেদ পোৱা নাছিল৷ অৱশ্যে তাত প্ৰথম নিশাটো কটায়ে বিজ্ঞানীৰ দলটোৱে ইয়াৰ কাৰণ বিচাৰি পাইছিল৷ এই বনাঞ্চল সাগৰ পৃষ্ঠৰ পৰা ৫,০০০-৯,০০০ ফুট উচ্চতাত অৱস্থিত আৰু সকলো সময়তে ঘন কুঁৱলীয়ে চাৰিওকাষ ঘেৰি ৰাখে৷ যি কি নহওক, কিছু বিচাৰ খোচাৰৰ অন্তত তেওঁলোকে স্পেচিমেনৰ স’তে কিছু মিল থকা প্ৰাণী দেখা পালে যদিও তেওঁলোক নিশ্চিত হোৱা নাছিল৷ অৱশেষত শেষ উপায় হিচাপে স্থানীয় চিকাৰীৰ দলৰ চিকাৰৰ মাজত বিচাৰি চোৱাত তেওঁলোকে অবিশ্বাস্যভাৱে এই প্ৰাণীটো দেখা পালে৷

ইয়াৰ পিছত কেইবাবছৰ ধৰি হেলগেন আৰু তেওঁ গোটৰ বিজ্ঞানীসকলে অ'টংগা বনাঞ্চল আৰু আশে পাশে থকা অৰণ্যসমূ্ত এই প্ৰাণীবিধৰ বৈশিষ্ট্যসমূহ তথা আচৰণ অধ্যয়ন কৰিলে৷ তেওঁলোকে ইয়াক নাম দিলে অ'লিংগুইট' (Olinguito) বুলি৷ অ'লিঙ্গোৰ স’তে “ ইটো (-ito)” সংযোগ কৰা হ’ল যাৰ স্পেনিচ ভাষাত অৰ্থ হ’ল-সৰু৷ ওলিঙ্গোইটোৰ দেহটো নোমাল, ওজন প্ৰায় ০.৯ কিলোগ্ৰাম৷ ওলিঙ্গোৰ দৰেই ই নিশাচৰ প্ৰাণী কিন্তু আকাৰ যথেষ্ট সৰু৷ বিজ্ঞানীসকলে এই বনাঞ্চলত প্ৰাণীবিধক পৰ্য্যবেক্ষণ কৰি জানিব পাৰিছে যে খাদ্য হিচাপে ই মাংসৰ লগতে ফল-মূলো গ্ৰহণ কৰে৷ দিনটোৰ প্ৰায়ভাগ সময় গছতে কটায়৷ ইহঁতে এবাৰত এটাকৈ পোৱালি জন্ম দিয়ে বুলিও তথ্য পোৱা গৈছে৷

অ'লিংগুইট'ৰ বিতৰণ 
প্ৰাণীটোৰ তেজৰ নমুনা সংগ্ৰহ কৰি এই বিজ্ঞানী সকলে ডিএনএৰ বিশ্লেষণ কৰি জানিব পাৰিলে যে অ'লিঙ্গোৰ পৰা ই সম্পূৰ্ণ পৃথক৷ এই প্ৰাণীটোৰ বৈজ্ঞানিক নাম-Bassaricyon neblina বুলি দিয়া হৈছে৷ এই Bassaricyon ত গছত বাস কৰা অন্যান্য মাংসভোজী স্তন্যপাবী প্ৰাণীসমূহো অন্তৰ্ভুক্ত কৰা হৈছে৷ হেলগেনৰ দলটোৱে বৰ্ত্তমান ইয়াৰ স্থিতি তথা সংৰক্ষণ সম্পৰ্কে অধ্যয়ন কৰি আছে৷ প্ৰাৰম্ভিক পৰ্য্যায়ৰ তথ্যমতে এই দুস্প্ৰাপ্য প্ৰাণীবিধৰ প্ৰতি প্ৰধান ভাবুকি হৈ পৰিছে বনাঞ্চল ধ্বংস৷ তথ্য অনুসৰি ইয়াৰ বাসস্থানৰ প্ৰায় ৪২% অঞ্চলেই ইতিমধ্যে নগৰীকৰণ নাইবা খেতি পথাৰলৈ পৰিৱৰ্ত্তন হৈছে৷ গতিকে অনাগত দিনত ইয়াৰ সংৰক্ষণৰ বাবে উপযুক্ত ব্যৱস্থা নল'লে ইও অন্যান্য বহুতো আপুৰুগীয়া প্ৰাণীৰ দৰেই বিলুপ্তিৰ পথত আগবঢ়াৰ সম্ভাৱনা আছে৷ 

পোক-পতংগ বা উভচৰ প্ৰাণীৰ নতুন নতুন প্ৰজাতিৰ প্ৰায়ে সম্ভেদ পোৱা যায় যদিও স্তন্যপায়ী প্ৰাণীৰ আৱিস্কাৰ খুবেই কম আৰু আশ্চৰ্য্যপূৰ্ণ৷ হেলগেনৰ ভাষাত, “অ'লিংগুইট'ৰ আৱিস্কাৰেই প্ৰমাণ কৰে যে ৰহস্যময় প্ৰকৃতিৰ বহুতো আশ্চৰ্য্য এতিয়াও আন্ধাৰতেই আছে-আধুনিক বিজ্ঞানে এতিয়াও বহু অংশ পোহৰলৈ আনিবলৈ বাকী!” 

সহায়ক উৎস: 

http://www.smithsonianmag.com/science-nature/For-the-First-Time-in-35-Years-A-New-Carnivorous-Mammal-Species-is-Discovered-in-the-Western-Hemisphere--219762981.html#New-Mammal-Olinguito-1.png 
http://www.bbc.co.uk/news/science-environment-23701151


Sunday 28 July 2013

জীৱবিজ্ঞানৰ উচ্চশিক্ষাৰ প্ৰতিষ্ঠান

A list of all the good courses available in India in Biology-



Tuesday 2 July 2013

সংগীতৰ অন্য এখন পৃথিৱী

সংগীত বুলিলে আমাৰ মনলৈ সাধাৰণতে মানুহে সৃষ্টি কৰা সংগীতৰ কথাই আহে৷ আমাৰ বহুতৰে অগোচৰেই হয়তো ৰৈ যায় সংগীতৰ অন্য এখন পৃথিৱী- প্ৰকৃতিৰ অপূৰ্ব সংগীতময় জগতখন৷ মানৱ সমাজৰ হিংসা-দ্বেষ, খাম-খেয়ালিৰ পৰা আঁতৰত প্ৰকৃতিৰ কোলাত বসবাস কৰা ক্ষুদ্ৰাকাৰ জীৱৰ পৰা আদি কৰি সকলো পশু-পক্ষীৰ মাজত সংগীতৰ গুৰুত্ব অপৰিসীম৷ কেৱল শ্ৰুতিমধুৰ বাবেই নহয়, সংগীত বহু জীৱ-জন্তু তথা চৰাই চিৰিকটিৰ জীয়াই থকাৰ বাবে এক অতি আৱশ্যকীয় যোগাযোগৰ মাধ্যমো! আহকচোন, প্ৰকৃতিৰ এই বিচিত্ৰ জগতখনৰ সংগীতৰো কিছু আমেজ লওঁ৷


প্ৰকৃতিৰ বহুতো নিৰ্জীৱ মাধ্যমৰ মাজেৰেও সংগীতৰ সৃষ্টি হয় স্বতৰ্স্ফূতভাৱে৷ উদাহৰণস্বৰূপে, কুলু কুলু সুৰেৰে বৈ যোৱা পাহাৰীয়া জুৰিৰ প্ৰাণোচ্ছল গীত, শীতৰ সেমেকা ৰাতি টোপ টোপকৈ গছৰ পাতৰ পৰা সৰি পৰা নিয়ৰৰ টোপালৰ শব্দ, ফাগুণী পছোৱাৰ হো-হোৱনি, সৰাপাতৰ খচমচনি, মেঘৰ গাঁজনি সকলো যেন প্ৰকৃতিৰ অমিয়া গীতৰ একো একোটা কলি! তেনেদৰে প্ৰকৃতিৰ কোলাত বাস কৰা পশু-পক্ষীয়েও এনে সংগীতত তাল নিমিলোৱাকৈ ৰৈ নাথাকে৷ সৰু কীট-পতংগয়ো নিজৰ সাৰ্মথ্যৰে গীতৰ সম্ভাৰ মেলে৷ অৱশ্যে এই সংগীত কেৱল মাত্ৰ মনোৰঞ্জনৰ আহিলা নহৈ পশু-পক্ষীৰ বহুতো প্ৰয়োজনীয় কাৰ্য্য সমাধা কৰাতো ই সহায় কৰে৷ প্ৰায়বোৰ জীৱ-জন্তু তথা চৰাই-চিৰিকটিয়ে এই সুৰীয়া সংগীতেৰে কোনো এলেকাত নিজৰ অধিকাৰ সাব্যস্ত কৰে, বহুতো প্ৰতিযোগীৰ মাজত নিজৰ শ্ৰুতিমধুৰ গীতেৰে লগৰীক আকৰ্ষিত কৰিবলৈ গীত জুৰে৷ বহুতে আকৌ খাদ্যৰ সন্ধান পোৱাৰ কথা বা চিকাৰী জন্তুৰ আগমণৰ বিষয়ে গোটৰ অন্যবোৰক সাৱধান কৰি দিবলৈও বেলেগ বেলেগ সুৰত গীত জুৰে৷


কণমাণি কীট-পতংগ কিছুমানে খুউব তীক্ষ্ন সুৰেৰে গীত গাব পাৰে৷ যেনে গধূলিপৰত আমাৰ সকলোৰে চিনাকী সহস্ৰ জিলি (Cicada)ৰ তীক্ষ্ন মাতে অন্য সকলো কোলাহল থাম কটাই দিবলৈ সক্ষম হয়৷ উইচিৰিঙাই আকৌ মুখেৰে নহয়, পাখিৰ গুৰিত থকা এবিধ বিশেষ ধৰণৰ অংগ (stridulatory organ)ত পাখিৰ ঘঁহনি খুৱাইহে তীব্ৰ শব্দৰ সৃষ্টি কৰে (শুনিবৰ বাবে ইয়াত চাব পাৰে)৷ তেনেদৰে ভেকুলীৰ টোৰটোৰণিয়ে চৌপাশলৈ বৰষাৰ বতৰা আনি দিয়ে৷ এনেধৰণৰ গীতবোৰ প্ৰকৃততে সমস্বৰে গোৱা বাবেহে এনে তীক্ষ্ন হৈ উঠে৷

এই ক্ষুদ্ৰ কীট-পতংগ তথা নিম্নবৰ্গৰ প্ৰাণীসমূহৰ উপৰিও স্তন্যপায়ী জন্তুৱেও গীতৰ ভাষা বুজি পায় আৰু নিজৰ সামৰ্থ্যৰে অংশগ্ৰহণ কৰে৷ পশুৰ মাজত আটাইতকৈ পাকৈত গায়কবোৰৰ ভিতৰত তিমি মাছ অন্যতম৷ 
ভাৰত মহাসাগৰত দেখা পোৱা
হাম্পবেক তিমি-সুদক্ষ গায়ক
 হাম্পবেক তিমি (humpback whale) য়ে বেলগ বেলেগ কম্পনাংক বিশিষ্ট এনে কিছুমান শব্দ কৰে যাক তিমিৰ গীত (whale song) বুলি জনা যায়৷ সাগৰীয় জীৱবিজ্ঞানী সকলে এই গীতক প্ৰাণীজগতৰ আটাইতকৈ জটিল গীত সমূহৰ ভিতৰত এটা বুলি স্বীকৃতি দিছে৷ অতীজৰে পৰা নাৱিক সকলে এই গীত শুনি আহিছিল যদিও পোনপ্ৰথমবাৰৰ বাবে ইয়াক ৰেকৰ্ডিং কৰা হয় পঞ্চাছৰ দশকত৷ তাৰো এটা দশকৰ পিছতহে বিজ্ঞানীসকলে এই গীত হাম্পবেক তিমিয়ে গায় বুলি প্ৰমাণ কৰিবলৈ সক্ষম হয়৷ এই গীত বিশেষকৈ প্ৰজনন কালত শুনিবলৈ পোৱা যায়৷ ইহঁতে একো একোটা গান ৮-১৫ মিনিট পৰ্যন্ত গায়৷ এই গানবোৰৰ বিষয় (theme) তথা কথাংশ (phrase) বেলেগ বেলেগ হয়৷ মাইকী তিমিক আকৰ্ষিত কৰিবলৈকে মতা তিমিয়ে এনেদৰে গান গায় বুলি বিজ্ঞানীসকলে ধাৰণা কৰে৷ আশ্চৰ্য্যজনক ভাৱে, এই গীতৰ ধৰণ সময়ৰ লগে লগে পৰিৱৰ্তিত হৈ আহিছে বুলিও তথ্য পোৱা গৈছে৷ (শুনিবৰ বাবে ইয়াত চাওক)

মতা আৰু মাইকী গিবন বান্দৰ
তেনেদৰে অসমৰ গিবন অভয়াৰণ্য আৰু অন্যান্য অঞ্চলত বসবাস কৰা গিবন বান্দৰ (Western hoolock gibbon)ৰ মাজত আকৌ প্ৰজননৰ সময়ছোৱাত মতা আৰু মাইকী বান্দৰে মিলি বিশেষ এবিধ প্ৰেমৰ গীত গায়, যাক দ্বৈত সংগীত (duet) বুলি কোৱা হয়৷ মতা গিবন বান্দৰে চুটি কিন্তু উচ্চ নোট(high notes) ত এই গীত আৰম্ভ কৰে আৰু তাৰ পিছতেই মাইকীজনীয়ে যোগ দিয়ে৷ ই প্ৰজনন কালত নিজৰ এলেকা (territory) ৰক্ষাত তথা মতা-মাইকীৰ যোৰ পতাত সহায় কৰে(শুনিবৰ বাবে ইয়াত চাওক)৷ 

চৰাই-চিৰিকটিৰ সমাজতো সংগীতৰ গুৰুত্ব অপাৰ৷ সকলো পশু-পক্ষীৰ ভিতৰতে চৰাই চিৰিকটিৰ গীত জনপ্ৰিয়৷ দোকমোকালিতে ঘৰচিৰিকাৰ ‘কিচিৰ-মিচিৰ’ মাতে টোপনিৰ পৰা জগাই দিয়াৰ পৰা কুলিৰ ‘কুউ কুউ’ মাতে ব’হাগৰ বতৰা অনা, হুদুৰ ‘নিউ নিউ’ মাতে আমাৰ মনলৈ এক অজান আশংকা আনি দিয়ালৈকে সততে দেখা বা শুনা পোৱা কিছুমান চৰাইৰ সংগীতৰ সৈতে আমি কম-বেছি পৰিমাণে পৰিচিত৷ বেলেগ বেলেগ চৰাইৰ মাত বেলেগ বেলেগ হয় বুলি আমি সকলোৱে জানো৷ বহুতো চৰাইৰ আকৌ মাত আৰু গানো বেলেগ বেলেগ হয়৷ এনে চৰাইৰ গান সাধাৰণতে মাততকৈ দীঘলীয়া আৰু জটিল হয়৷ চৰাইৰ পেছ্ছেৰিফৰমিছ (Passeriformes) নামৰ বৰ্গটোত গান গোৱা চৰাইৰ পয়োভৰ আটাইতকৈ বেছি৷ 


অষ্ট্ৰেলিয়াত পোৱা লায়াৰ চৰাই,
 যি শুনা পোৱা প্ৰায়বোৰ মাতৰে নকল কৰিব পাৰে
গিবন বান্দৰৰ দৰে বহুতো চৰাইৰ মাজতো দ্বৈত গান গোৱাৰ প্ৰবৃত্তি আছে৷ মতা আৰু মাইকী চৰায়ে তাল মিলাই এনেদৰে গীত জুৰে যে শুনিলে একেটা চৰায়ে গোৱা যেনেই ভাৱ হয়৷ উদাহৰণস্বৰূপে, ‘Puff-throated babbler’ নামৰ সৰু আকাৰৰ চৰাইবিধে একেলগে গীত জুৰিলে ইমানেই সমকালিকভাৱে সংঘটন (synchronise) ঘটাই যে দুটা চৰায়ে মিলি একেলগে গাইছে বুলি বিশ্বাস কৰাই টান হৈ পৰে (শুনিবৰ বাবে ইয়াত চাব পাৰে)৷ এই দীঘলীয়া মাতটোৰ দুটা অংশ থাকে, এটা অংশ মতা চৰায়ে গাই শেষ কৰাৰ লগে লগে মাইকী চৰাইজনীয়ে পিছৰ অংশ গাবলৈ আৰম্ভ কৰে আৰু এনেদৰে দুয়ো মিলি বাৰে বাৰে গোৱা বাবে গীতটো সম্পূৰ্ণ হৈ উঠে৷ বহুতো চৰায়ে আকৌ অন্য বহুতৰ, আনকি মানুহৰো মাতৰ সুবহু নকল কৰিব পাৰে৷ অষ্ট্ৰেলিয়াৰ লায়াৰ চৰাই (Lyrebird)য়ে নিজে শুনিবলৈ পোৱা বিছ টাতকৈও অধিক চৰাইৰ মাতৰ উপৰিও অন্যান্য শব্দ যেনে গাড়ীৰ ইঞ্জিন, কুকুৰৰ ভুকভুকনি, কেচুৱাৰ কান্দোন, অগ্নি নিৰ্বাপক এলাৰ্ম আদিৰ হুবহু নকল কৰিব পাৰে(লায়াৰ চৰাইৰ গীত) তেনেদৰে আমাৰ অসমত দেখা পোৱা ভীমৰাজ (Greater Racket-tailed Drongo), দহিকতৰা (Oriental Magpie Robin) আদি চৰায়েও অন্য চৰাইৰ গীত নকল কৰাত খুবেই পাকৈত৷

চৰাইৰ গানে চৰাইটোৰ যোগ্যতা(fitness) তথা সুস্বাস্থ্যৰ ইংগিত বহন কৰে বুলি জনা যায়৷ সেয়ে ভালকৈ গান গাব জনা মতা চৰায়ে যোগ্য মাইকী চৰাইক আকৰ্ষিত কৰি প্ৰজননতো সফল হয়৷ তাৰোপৰি চৰায়ে চিকাৰীৰ অৱস্থিতি সম্পৰ্কে অন্য চৰাইক সতৰ্ক কৰিবলৈ (alarm calls), চিকাৰীক জুম পাতি খেদিবলৈ (Mobbing calls) অথবা মাক-দেউতাকে নিজৰ পোৱালি চৰাই চিনাক্ত কৰিবলৈও মাত দিয়ে৷

এনেদৰেই আমাৰ বহুতৰে অলক্ষিতেই প্ৰকৃতিৰ এই অমিয়া জগতখন সংগীতময় হৈ আছে৷ আৰু 
আপাত দৃষ্টিত বিশেষ অৰ্থপূৰ্ণ যেন নালাগিলেও এই সংগীতেই পশু-পক্ষীৰ সমাজত জীয়াই থকাৰ সংগ্ৰামৰ স’তেও ওত:প্ৰোতভাৱে জড়িত হৈ আছে৷


সহায়ক সূত্ৰ: 

http://www.xeno-canto.org/browse.php?dir=0&order=xc

http://www.whaletrust.org/whales/whale_song.shtml

http://www.gibbons.de/main2/08teachtext/facthoolock/hoolockfact.html

http://www.theprimata.com/hylobates_hoolock.html


জুলাই, ২০১৩ সংখ্যাৰ সাহিত্য ডট অৰ্গ ত প্ৰকাশিত

Saturday 22 June 2013

অৱগুণ্ঠিতা


“ ঐ... ঐ.. মাইকী মানুহে ভান গাড়ী চলাইছে চা চা…”

বাটৰ কাষৰ পাণদোকানখনৰ আড্ডাটোৰ পৰা ভাঁহি অহা আশ্চৰ্য্য তথা কিছু গৰিহণা মিহলি কথাষাৰ মানুহ গৰাকীৰ কাণত ঠিকেই পৰিলহি৷ কিন্তু  কথাষাৰে পূৰ্বৰ দৰে তেওঁৰ মনত অকণো  খং বা বিৰক্তিৰ ভাৱ জগাই নুতুলিলে৷ তাৰ পৰিৱৰ্ত্তে তেওঁ কিছু আমোদহে পালে কথাষাৰৰ সুৰটোত৷ তেওঁৰ মনৰ ভাৱটোকে অবিকল প্ৰকাশ কৰিয়েই যেন সন্মুখৰ আসনত তেওঁৰ স’তে বহি যোৱা জীয়েক অৰুণাই কৃত্ৰিম খঙেৰে কৈ পেলালে-

“ধেৎ,অতদিনে দেখাই পোৱাই নাছিল নে!!”

মাক-জীয়েক আৰু পিছৰ আসনত বহা পুতেক পাৰ্থই প্ৰাণ খুলি হাঁহি পেলালে৷ 

পিছফালৰ আসনতে কোমল গাৰু এটা আওঁজাই লৈ গভীৰ টোপনিত মগ্ন বৰুৱাই এইবোৰৰ একো ভূ-ভা নাপালে৷ চালকৰ আসনৰ পৰাই ৰিয়েৰ-ভিউ আইনাত বৰুৱালৈ এবাৰ চাই তেওঁ ল’ৰা-ছোৱালী হালক দেউতাক শুই থকাৰ কথা ইংগিতেৰে সোঁৱৰাই দিলে৷ পুৱা চাহকাপ খায়ে তেওঁলোক আজি বোৱালগুৰিলৈ বুলি ওলাই আহিছে - বৰুৱাৰ গাৱঁৰ ঘৰলৈ বুলি৷ কালি হঠাতে খবৰ আহিল বৰুৱাৰ দেউতাকৰ অসুখ বুলি-পুৰণি হাই প্ৰেছাৰৰ আমনি৷ গতিকে কৰ্মস্থলীৰ পৰা কালি নিশাৰ বাছেৰে দুদিনৰ ছুটি লৈ বৰুৱা আজি পুৱা ঘৰ ওলালেহি৷  

ঘৰৰ পৰা ওলোৱাৰ সময়ত গাড়ীৰ পিছৰ আসনত আৰামেৰে বহি লৈ তেওঁ পত্নীক ক’লে, “মই হ’লে ভাগৰহে মাৰিম৷ তোমাৰ আমনি নলগালৈকে চলোৱা দেই৷ ভাগৰ লাগিলে মই লাগিম আৰু৷”
মানুহগৰাকীয়ে হাঁহিলে মাথোঁ; মনতে ভাবিলে, ইয়াৰ পৰা বোৱালগুৰিলৈ মাথোঁ পাঁচঘন্টাৰ বাটহে! আগতে ইমান দীঘলীয়াকৈ একেৰাহে গাড়ী চলোৱা নাই যদিও পাৰিব তেওঁ! সেইবুলি কালি গোটেই নিশাটো বাছত এপলকো শুৱলৈ নোপোৱা মানুহজনক জিৰণি ল’বলৈ নিদি গাড়ী চলাবলৈ ক’বনে!

সৰু মফচলীয় অঞ্চলটোৰ পুৱাৰ ভিৰৰ পৰা ওলাই আহি ৰাষ্ট্ৰীয় ঘাইপথেদি গাড়ীখন আগবাঢ়িল৷ সেই আড্ডাস্থলীৰ পৰা অহা মন্তব্যটোৱে মানুহগৰাকীৰ হৃদয়ত একো আঁচোৰ নেপেলালেও কিছু আনমনা কৰি তুলিলে৷ বৰ্তমান মানুহগৰাকীয়ে এনেকৈ ভান এখন চলাই ফুৰা কথাটো চহৰখনত নতুন দৃশ্য হৈ ৰোৱা নাই৷ কিন্তু বহুদিনৰ বিৰতিৰ অন্তত এনে এটা মন্তব্য শুনি তেওঁৰ মনটো যেন অতীতলৈ ঘুৰি গ’ল৷


গাড়ীখন কিনাৰ সময়ত ৰ’দে বৰষুণে বিপদে-আপদে ইফাল সিফাল কৰিবলৈ সুবিধা হ’ল বুলি সকলোৰে লগতে তেওঁৰো আনন্দ লাগিছিল৷ সেইসময়ত বাট-পথত ব্যক্তিগত বাহন বুলিলে কেইখনমান  মাৰুতী ৮০০ হে দেখিবলৈ পোৱা গৈছিল। তথাপিও ভানখনৰ আহল-বহল ভিতৰখন আৰু বেয়া বাটতো সুচাৰুকৈ চলাবলৈ ভাল হ’ব বুলি ভাবিয়ে তেওঁলোকে ভান এখন কিনাৰ সিদ্ধান্ত লৈছিল৷ কিন্তু কিনাৰ সময়ত আজিৰ দৰে পৰিস্থিতি এটা তেওঁৰ বাবে সপোনৰো অগোচৰ আছিল৷  সময়ে হঠাতে পৰিয়ালটোলৈ যেন পৰিবৰ্তনৰ ঢৌজাক লৈ আনিছিল৷ ল’ৰা-ছোৱালীৰ স’তে মানুহজনীক গাড়ীত তুলি ফুৰোৱাৰ হেঁপাহ পুৰ নৌ-হওঁতেই বৰুৱাৰ চাকৰিৰ বদলিৰ খৱৰ আহিছিল৷ তাকো নতুন কৰ্মস্থলী ঘৰৰ পৰা দহ-বাৰঘন্টীয়া যাত্ৰাৰ দুৰত্বত হ’ল৷ আগৰ দৰে পুনৰ স্কুল বদলি কৰি পাৰ্থ-অৰুণাৰ পঢ়া-শুনাৰ খেলি-মেলি নহওক বুলিয়ে বৰুৱাই অকলশৰেই থাকি লৈ কাম চলোৱাৰ সিদ্ধান্ত ল’লে৷ আৰু তাৰ পিছৰ পৰা মাহত এবাৰ-দুবাৰ হে ঘৰলৈ আহিবলৈ মিলাব পৰা হ’ল তেওঁ৷

পাৰ্থ আৰু অৰুণাৰ পঢ়া-শুনাৰ পৰা আদি কৰি সংসাৰখনৰ এশ এবুৰি দায়িত্ব মানুহগৰাকীয়ে অকলশৰে মূৰ পাতি ল’বলৈ  বাধ্য হ’ল৷ প্ৰথমে তেওঁ কিংকৰ্তব্যবিমুঢ় হ’ল-কিন্তু লাহে লাহে কথাবোৰ তেওঁ আয়ত্বলৈ আনি ল’লে৷ দিনে দিনে তেওঁ সকলোবোৰ কামতে অভ্যস্ত হৈ পৰিল, আত্মবিশ্বাসেও কমসময়ৰ ভিতৰতে লগ দিলেহি৷ তেওঁৰ কৰ্মদক্ষতা লক্ষ্য কৰি বৰুৱাও ঘৰখনৰ বাবে নিশ্চিত হৈ থাকিব পৰা হ’ল৷
এবাৰ দুদিনীয়া ছুটিত ঘৰলৈ আহোতে নিত্যনৈমিত্তিক ভাৱে গেৰেজলৈ গৈ  বৰুৱাই গাড়ীখন ষ্টাৰ্ট দি চালে৷ বহুদিন একেৰাহে নচলোৱাকৈ পৰি থকা গাড়ীৰ বেটেৰীয়ে কাম নকৰা হোৱাৰ কেইবাটাও ঘটনা তেওঁ জানে, সেয়ে৷ অলপ সময় চালকৰ আসনতে বহি থাকি খুঁটি নাটিবোৰ পৰীক্ষা কৰি মেলি তেওঁ ওলাই আহিল৷ বাৰাণ্ডাতে আবেলিৰ ফিকা চাহ কাপ লৈ ৰৈ থকা অৱস্থাত তেওঁ পত্নীক দেখিলেহি৷ দুয়ো বাৰাণ্ডাৰ বেটৰ চকীদুখনতে বহি চাহত চুমুক দিলে৷ চাহকাপত এসোহা মাৰিয়ে বৰুৱাই পত্নীক ক’লে,

“হেৰা, নতুন গাড়ীখন গেৰেজত এনেকৈ পেলাই থোৱাতকৈ তুমিয়ে চলাবলৈ শিকি নোলোৱানো কিয়? বহুত কামত সময় বাচিব-সুবিধাও হ’ব৷”

গৰম চাহে মানুহগৰাকীক জিভাত অকণমান পুৰি গ’ল৷ ধেমালি কৰা বুলি তেওঁ বৰুৱাৰ মুখলৈ চালে৷ নাই, তেওঁৰ ভাগৰে ক্লান্ত কৰি থোৱা মুখখনত ধেমালিৰ ৰেশ এটাও নাই! তেওঁ আশ্চৰ্য্যৰ ভাৱটো লুকুৱাই শান্তভাৱে ক’লে,

“মই পাৰিম জানো? মানুহে বা কি ভাবিব? আৰু চলাবলৈনো কোনে শিকাব?" 

আধুনিকতাৰ বতাহজাকে মাথোঁ চেলেকা চুবীয়াকৈহে স্পৰ্শ কৰা এই সৰু ঠাইখনত মহিলাই এইদৰে গাড়ী চলোৱাতো নাভূত নাশ্ৰুত কথাই। তাৰোপৰি মহিলাৰ বাবে আচুতীয়াকৈ সংৰক্ষিত স্কুটী, ট্ৰেণ্ডী আদি চেৰাই গৈ গাড়ী এখন চলাবলৈ লোৱাতো প্ৰায় দুঃসাহসী প্ৰচেষ্টা হ'ব যেন ভাৱ হ'ল তেওঁৰ।

কিন্তু বৰুৱাৰ মুখৰ ক্লান্তিখিনি যেন নিমিষতে উৎসাহৰ তিৰবিৰণিয়ে ঢাকি পেলালে।

“পাৰিবা! ইমানবোৰ কাম অকলশৰেই চম্ভালিছা যদি গাড়ীখন নো কিয় চলাব নোৱাৰিবা? আনে কি ভাবিব বা কি ক'ব ভাবিবলৈ হ'লে জীৱনত পদূলি মূৰলৈ ওলাই যোৱাটোয়ে নহ'বগৈ।  আৰু শিকাবলৈ মই আছোৱে চোন! ব’লা, আজিয়ে আৰম্ভ কৰোঁ৷”

বৰুৱাৰ মনৰ উৎসাহখিনি মুহুৰ্ততে মানুহগৰাকীৰ হৃদয়ৰ চুকে কোণে বিয়পি পৰিল৷ প্ৰথমবাৰ গাড়ীখনৰ ষ্টিয়েৰিঙত হাত থৈ তেওঁৰ হাতখন কঁপিল-তাতোকৈ জোৰেৰে মনটো কঁপিল৷ শিহঁৰিত হৈ উঠা দেহ-মনক শান্ত কৰি তেওঁ চাবিকোঁচা পকালে৷ বৰুৱাই কাষৰ আসনত বহি দেখুৱাই গ’ল৷ পিছদিনাৰ পৰা ওচৰৰ খেলপথাৰখনত দোকমোকালিতে কাউৰীয়ে কাঁ কৰাৰ আগতেই তেওঁৰ গাড়ী চলোৱাৰ প্ৰশিক্ষণ আৰম্ভ হ’ল৷  লাহে লাহে আত্মবিশ্বাস বাঢ়িল৷ ল’ৰা-ছোৱালী হালৰ যত্নত অসুবিধা নহওক বুলিয়ে শিক্ষয়িত্ৰীৰ চাকৰি এৰি আজি দহটা বছৰে ঘৰৰ চাৰিবেৰৰ মাজতে নিজৰ পৃথিৱীখন সামৰি ৰখা মানুহগৰাকীৰ দক্ষতা বৰুৱাই যেন নতুনকৈহে আৱিস্কাৰ কৰিলে৷ অৰুণা আৰু পাৰ্থইয়ো মাকক উৎসাহ দিলে৷ বৰুৱা নথকা দিনকেইটাত ঘৰৰ চোতালতে তেওঁ ভান খন অগা পিছা কৰিবলৈ ল’লে৷ মাহেকৰ মূৰত বৰুৱাৰ ছুটিৰ দিনকেইটালৈ আগ্ৰহেৰে বাট চাবলৈ যেন পৰিয়ালটোৰ বাবে আৰু এটা কাৰণ  যোগ হ’ল৷

দুমাহ এনেকৈয়ে পাৰ হ’ল৷ এবাৰ বৰুৱা নথকা অৱস্থাতে আচম্বিতে এটা ঘটনা ঘটিল৷ দুপৰীয়া অসময়ত মানুহগৰাকীলৈ অৰুণাৰ স্কুলৰ পৰা আহিল, ক’লে, অৰুণাৰ হঠাতে খুউব পেটৰ বিষ আৰম্ভ হৈছে৷ ডাক্তৰক খৱৰ দিয়া হৈছে৷ মাক নৰ’লেই৷ এখন্তেকো নভৱাকৈ তেওঁ ঘৰত পিন্ধা সাঁজেৰেই গাড়ীৰ চাবিকোঁচা লৈ ওলাই আহিল৷ তাইৰ স্কুললৈ পাঁচ কি:মি: তেওঁ পাঁচ মিনিটতে পাৰ হ’ল৷

সেই বাটছোৱা বাটৰ কাষৰ চিনাকী বাটৰুৱা- দোকানী মানুহবোৰে যেন নিজৰ চকুকে বিশ্বাস কৰিব নোৱাৰিলে৷ বাটতে ৰৈ ইজনে সিজনৰ লগত কথাটো আলচি থাকোতে সেই বগা ভানখন পুনৰ তেওঁলোকৰ সন্মুখেদিয়ে পাৰ হৈ গ’ল হস্পিটেল অভিমুখে৷ এইবাৰ মানুহবোৰে ভালকৈ দেখিলে, বুজিলে; হয়, সেয়া চালকৰ আসনত বৰুৱাদাৰ বাইদেউৱেই!!
মানুহগৰাকীয়ে এইবোৰ লক্ষ্য নকৰিলে৷ তেওঁ সেই মুহুৰ্তত অৰুণাৰ চিন্তাত বিতত৷ হস্পিতেলত ডাক্তৰে ক’লে, তাইৰ এপেণ্ডিছাইছিটছৰ অপাৰেশ্যন কৰাব লাগিব, বিশেষ চিন্তাৰ কাৰণ নাই৷ ৷ বৰুৱা সিদিনা ৰাতিৰ বাছেৰে আহি পোৱাৰ পিছত পিছদিনা পুৱাতে তাইৰ অপাৰেশ্যন হৈ গ’ল৷ তাইক তিনিদিনৰ অন্তত ঘৰলৈ অনাৰ পিছত বৰুৱাই প্ৰথমে কথাটো উলিয়ালে৷ ইতিমধ্যে অৰুণাৰ খৱৰ ল’বলৈ অহা প্ৰতিবেশী তথা চিনাকী প্ৰতিজন মানুহৰ মুখত তাইৰ অসুখতকৈ মানুহগৰাকীয়ে ভান খন কেনেকৈ চলাই গ’ল সেইটোৱে বেলেগ  বেলেগ কাহিনীৰ ৰূপ লৈ বৰুৱাৰ কাণতো পৰিছিলগৈ৷ 

লাইচেন্স নোহোৱাকৈ আৰু বৰুৱা নথকা অৱস্থাত তেনেদৰে হঠাতে প্ৰথমবাৰৰ বাবে গাড়ীখন লৈ ওলাই যোৱাৰ বাবে বৰুৱাই তেওঁক মৃদু ককৰ্থনা কৰিলে৷ ক’লে, পুলিচে ধৰা হ’লে কি খন যে হ’লগৈ হেঁতেন! মানুহগৰাকীয়ে নীৱৱে শুনি ৰ’ল৷ কিন্তু বৰুৱা নীৰৱে বহি নাথাকিল৷ অতি সোনকালেই পত্নীৰ বাবে লাইচেন্স উলিওৱাৰ ব্যৱস্থা কৰিলে তেওঁ৷ এমাহৰ তাতবাদি আৰু বিভাগীয়া কামবোৰৰ অন্তত লাইচেন্স ওলাল৷ 

লাইচেন্সখন হাতত লৈ মানুহগৰাকীৰ দুচকু তিৰবিৰাই উঠিল৷ এইবাৰ তেওঁৰ লগতে বৰুৱা আৰু ল’ৰা-ছোৱালী হালৰো আত্মবিশ্বাস বাঢ়িল৷ সকলো কামতে গাড়ীখন নহ’লেই নোহোৱা হৈ পৰিল৷  বজাৰ-সমাৰ, পাৰ্থ-অৰুণাক স্কুলৰ পৰা অনা-নিয়া, চিলিণ্ডাৰ অনা, বিজুলী, টেলিফোনৰ বিল পৰিশোধ কৰা আদি নৈমিত্তিক কামবোৰৰ বাহিৰেও গাড়ীখনৰ কাগজ-পত্ৰ আপডে'ট কৰা, মাজে মাজে গেৰেজলৈ নি সৰু-সুৰা ওজৰ আপত্তি বোৰ নোহোৱা কৰা আদি অনেক কামত তেওঁ ব্যস্ত হৈ পৰিল৷ কম সময়ৰ ভিতৰতে চহৰখনত মহিলা এগৰাকীয়ে এনেকৈ ভান চলাই ফুৰাৰ কথাটো ৰজনজনাই গ’ল৷ বাটৰ কাষত ৰৈ তেওঁলৈ তধা লাগি চোৱা মানুহবোৰৰ আশ্চৰ্য্য দৃষ্টি, কিছুমানৰ তীৰ্য্যক মন্তব্যবোৰে মানুহগৰাকীক শেলে বিন্ধাদি বিন্ধিবলৈ ধৰিলে! কিন্তু লাহে লাহে তেওঁ সেইবোৰলৈ মন-কাণ নিদিয়া হৈ পৰিল৷ তেনে স্থুল দৃষ্টি বা কটু মন্তব্যই ঢুকি পোৱাৰ পৰা তেওঁ যেন বহু যোজন আঁতৰলৈ গুচি গ’ল! পুৰ্বতে কেৱল ঘৰুৱা কাম কাজতে সীমাবদ্ধ তেওঁৰ পৃথিৱীখন হঠাতে বহু মুকলি হৈ যোৱা যেন ভাৱ হ’ল তেওঁৰ!  

সময় একে হৈ নাথাকিল৷ খুউব কম দিনৰ ভিতৰতে তেওঁ দক্ষতা দেখি মানুহবোৰৰ শেলে বিন্ধা চাৱনিলৈ শ্ৰদ্ধা আহিল, কটু মন্তব্যবোৰ প্ৰশংসালৈ ৰূপান্তৰিত হ’ল৷ কিছুদিনৰ ভিতৰতে তেওঁক সকলোৱে ভান চলোৱা বাইদেউ বুলি জনা হ’ল৷ বিয়াৰ পিছত গাৱঁত প্ৰথমে ন-বোৱাৰী, অৰুণাৰ জন্মৰ পিছত অৰুণাৰ মাক নামবোৰ সাদৰেৰে গ্ৰহণ কৰাৰ দৰে এই নামটোও তেওঁ আনন্দেৰে আকোঁৱালী ল’লে৷ প্ৰতিবেশী ঘৰৰ অসুখীয়া লোকক হঠাতে হস্পিতেললৈ নিবলৈ, বৰষুণৰ বতৰত ল’ৰা- ছোৱালীক স্কুলৰ পৰা অনা-নিয়া কৰিবলৈ, বিয়া-বাৰুত দৰা বা কইনাৰ স’তে  যাবলৈ মানুহে তেওঁকে পাচিবলৈ ভালপোৱা হ’ল৷ ভান চলোৱা বাইদেৱে কাম ল’লে ঠিককৈ আৰু সময়মতে কৰিবই, তাত একো সন্দেহেই নাই৷ তেওঁক পূৰ্বতে সমালোচনা কৰা মানুহবোৰেই তেওঁৰ প্ৰশংসাত পঞ্চমুখ হ’বলৈ ধৰিলে৷

এই সকলোবোৰৰ প্ৰতি সম্পূৰ্ণ নিৰ্লিপ্ত হৈ ৰ’ল মানুহগৰাকী৷ 

“মা, ভোক লাগিছে! ইয়াতে খাই লওঁ ব’লা!”- পাৰ্থৰ মাতত মানুহগৰাকী বাস্তৱলৈ ঘুৰি আহিল৷ দেখিলে, বৰুৱাইও সাৰ পাইছে৷ চাহবাগানৰ কাষৰ ছাঁ পৰি থকা ঠাইকণতে ৰৈ তেওঁলোকে ঘৰৰ পৰা কৰি অনা ৰুটী-ভাজি খাই ল’লে৷ বৰুৱাই খাই উঠি পিছৰ আসনত গাৰুটো ঠিক-ঠাক কৰি লৈ তেওঁক এবাৰ সুধিলে,

“পাৰিবা নহয় এইখিনি?”  

তেওঁ মূৰ দুপিয়ালে৷ এইবাৰ মাকৰ স’তে সন্মুখত পাৰ্থ বহিল৷ অৰুণাই দেউতাকৰ স’তে শুবলৈ পিছলৈ গৈ ল’লে!

বোৱালগুৰি পোৱাৰ আগে আগে তেওঁ বৰুৱাক ক’লে,

“হেৰি, আপুনিয়ে এইকণ চলাওক নেকি! আমি ঘৰ পাবহিৰে হ’ল!”

তেওঁৰ কথাখিনিত অন্তৰ্নিহিত সংকোচৰ ভাৱটো বৰুৱাই ঠিকেই ধৰিব পাৰিলে৷ গাঁৱৰ বোৱাৰী এজনীয়ে এনেকৈ ভানত পৰিয়ালক উঠাই নিজে চলাই অনাৰ গুজবটো আকৌ নোলাওক বুলিয়ে তেওঁৰ এই সাবধানতা৷ বৰুৱাই তেওঁক সহজভাৱে ক’লে,

“নাই, চলোৱা তুমিয়ে!”

বৰুৱাই জানে, তেওঁৰ পত্নীক এনে সংকোচে, এনে সীমাবদ্ধতাই বান্ধি ৰাখিব নোৱাৰে৷ সেয়ে ইছ্ছাকৃতভাৱে তেওঁ মানুহগৰাকীক ভুৱা আৱৰণেৰে ঢকাৰ চেষ্টা নকৰিলে৷ 

গাওঁৰ সীমামূৰীয়া পথাৰখন পাওঁতেই মানুহগৰাকীয়ে ওৰণিখন ভালকৈ টানি লৈ ল’লে৷ অৰুণা আৰু পাৰ্থই মাকৰ কাৰবাৰ দেখি মুখটিপি হাঁহিলে৷ গাৱঁৰ মানুহবোৰৰ আশ্চৰ্য্য দৃষ্টি প্ৰায় আওকাণ কৰিয়ে তেওঁলোকৰ ঘাইঘৰৰ সন্মুখত গাড়ীখন ৰ’লগৈ৷ চোতালতে চকী এখনত বহি থকা ককাকৰ ওচৰলৈ পাৰ্থ আৰু অৰুণাই দৌৰ দিলে৷ 

সিহঁতৰ পিছতে তেওঁৰ ভৰি চুই সেৱা কৰিব খোজা মানুহগৰাকীক তেওঁ ক’লে,

“ আও! বোৱাৰীয়েই চলাই আহিলা যেন পাওঁ!”

“হয় দেউতা! অৰুণাৰ দেউতাকৰ গোটেই ৰাতি বাছত টোপনি ক্ষতি!”

দেউতাকে একো নক’লে৷  বৰুৱালৈ চাই মাথোঁ নীৰৱে  হাঁহিলে৷ সেই হাঁহিত শ্লেষ বা খঙৰ কোনো আভাস নেদেখি মানুহগৰাকী আশস্ত হ’ল! দেউতা ইমান ঠেক-মনোবৃত্তিৰ মানুহ নহয়, ভাৱিলে তেওঁ৷ ভায়েকৰ পৰিয়ালটোৰ স’তে ভাত-পানী খাই সকলোৱে ভাল-বেয়া খৱৰ আলচিলে৷ তেওঁ ভানখন চলাই অহাৰ কথাটো মুকলিকৈ কোনেও নাপাতিলে৷ অৱশ্যে ভাইবোৱাৰী জনীয়ে নিশা ভাত ৰন্ধাৰ পৰত ক’লে, “বৌ, আপুনি হেনো টাউনত এনেকৈয়ে চলাই ফুৰে! মোকো শিকাই দিবনে বাৰু?”

‘’কিয় নিদিম আকৌ? আমাৰ তালৈকে গৰমৰ বন্ধত দীঘলীবাকৈ থকাকৈ আহিবা-ওচৰৰ পথাৰখনতে শিকিব পাৰিবা!”- তেওঁ হাঁহি লৈ ক’লে!

দেউতাকৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি বৰুৱাই ভায়েকৰ সৈতে আলচি তেওঁক চহৰৰ ঘৰলৈ দুদিনমানৰ বাবে লৈ অনাৰ সিদ্ধান্তকে ল’লে৷ অন্তত: প্ৰয়োজনৰ সময়ত ডাক্তৰ বা অন্য সুবিধা সমূহ পাবলৈ অসুবিধা নহ’ব৷ পিছদিনাই দেউতাকক লৈ উভতিবলৈ ওলাল তেওঁলোক৷

বয়-বস্তুবোৰ তুলি লৈ বৰুৱাই জোকাৰণি নাখাওক বুলিয়ে দেউতাকক সন্মুখৰ আসনত বহুৱালে ৷ তাৰপিছত নিজে চালকৰ আসনত বহিবলৈ লওঁতেই দেউতাকে ক’লে,

“বোপাই তই পিছত বহগৈ যা! বোৱাৰীয়েই অলপ চলাওক৷ ময়ো চাওঁ আকৌ বোৱাৰীয়ে কিমান ভালকৈ চলায়! এইখন গাৱঁত বোৱাৰীয়েকে চলোৱা ভানত উঠা ময়েই প্ৰথম মানুহ হ’ম কিজানি, নহয়?”

কথাষাৰ কৈয়ে ককাকে হোহোৱাই হাঁহি উঠিল৷ বৰুৱায়ো দেউতাকৰ স’তে হাঁহিত যোগ দিলে৷ মানুহগৰাকীয়ে
​লাজ ভাবটো কোনোমতে লুকুৱাই  ওৰণিখন পুনৰ এবাৰ পৰীক্ষা কৰি ল’লে ৷ সংকোচ বা অসহজ ভাৱৰ শেষ কণিকাটোলৈকে মনৰ পৰা চিৰদিনলৈ জোকাৰি দি তেওঁ গাড়ীখনৰ ষ্টাৰ্ট দিলে৷
-----------------------------------------------------------

১ ডিচেম্বৰ, ২০১৩ ৰ আজিৰ দৈনিক বাতৰি কাকতৰ দেওবৰীয়া পৰিপুৰিকা 'সুৰভি'ত প্ৰকাশিত৷http://www.ajirdainikbatori.com/surabhi/main/special2.htm