Sunday 26 February 2023

সংযোগ (চুটিগল্প)

ৰেষ্টোৰাঁখনৰ ঠিক সন্মুখতে থিয় দি ফাৰহানাই ফোনটো উলিয়াই চালে। তিনি বাজিবলৈ এতিয়াও দহ মিনিট বাকী। বিনীতক ইয়াতে ঠিক তিনিবজাত লগ পোৱাৰ কথা। ক'ৰবালৈ যাবলৈ উদ্বিগ্ন হৈ থাকিলে তাই প্ৰায়ে সময়তকৈ আগেয়ে সেই ঠাই ওলায়গৈ। আজিও তাৰ ব্যতিক্ৰম নহ'ল। তাইৰ দৰে সিও কেনেবাকৈ আগতীয়াকৈ আহি ৰৈ আছেহি নেকি বাৰু? কথাটো মনলৈ অহাৰ লগে লগে তাই সন্তৰ্পনে ইফালে-সিফালে চালে। 

চাৰিওদিশে মুম্বাইৰ আবেলিৰ চিৰাচৰিত ব্যস্ততা। ৰেষ্টোৰাঁৰ সন্মুখৰ পথেৰে অলেখ অসংখ্য গাড়ী-মটৰ, স্কুটাৰ-চাইকেল আৰু পদচাৰীৰ অহা-যোৱা। সেইবোৰৰ সন্মিলিত এক বেসুৰা টান অহৰহ তাইৰ কাণত পৰিছেহি। বাটৰ সিপাৰে পাউ ভাজিৰ এজন বেপাৰী। তেওঁ তাৱাৰ পাউৰুটীত দিয়া বাটাৰৰ টুকুৰাবোৰ ফিচ্‌ ফিচ্‌ শব্দ কৰি নিমিষতে গলি পৰিছে। কাষতে ষ্ট'ভৰ ওপৰত প্ৰকাণ্ড কেৰাহীত আলু আৰু বিলাহীৰ ৰঙা মছলাত বুদ্বু‌দনি উঠিছে। ষ্টিলৰ থালত তেওঁ দুটা পাউৰুটী সজাই কাষত মছলাৰ ওপৰতে আকৌ বাটাৰ এটুকুৰা ওপঙাই দিছে। থালৰ একাষে মিহিকৈ কুটি দিয়া পিয়াঁজ, কেঁচা জলকীয়া আৰু গোল নেমু দুটুকুৰা। বাটৰ কাষতে থিয় দি সেই পাউ ভাজিৰ সোৱাদ লোৱাত ব্যস্ত দুজনমান গ্ৰাহক। 

বিনীত যেন লগা কাকো চকুত নপৰিল ফাৰহানাৰ। এস্‌, দেখিলেও জানো সঁচাই তাক চিনি পাব? বিনীতৰ ফটোখন ফোনত উলিয়াই লৈ তাই আকৌ এবাৰ চালে। হাহোঁ নাহাহোঁকৈ থকা এখন মুখ। যেন ফটোৰ বাবে কেনেকৈ প'জ দিব ঠিক সিদ্ধান্ত কৰিব পৰা নাই! ডাঠ চেলাউৰিৰে দুচকুত এটা গম্ভীৰ ভাৱ। কাণৰ লতি পাৰ হৈ যোৱা কেকুৰা চুলি। কিমান ওখ বা চাপৰ সেয়া পিছে ফটোৰ পৰা ধৰিব নোৱাৰি। এইবাৰ তাই বাম্ব'ল এপটো খুলি তাৰ অন্য ফটো দুখনত চকু ফুৰালে। এখনত সাগৰৰ ঢৌবোৰৰ সন্মুখত বিনীতৰ হাঁহিভৰা মুখ। আনখন এক ঘৰুৱা পৰিৱেশত ক্ল'জ আপ ফটো। কিন্তু তিনিওখন ফটোতে চেহেৰাটো যেন অলপ বেলেগ। হয়তো ভিন্ন প'জত, ভিন্ন সময়ত তোলা ফটো।

অগ্যতা তাই তাতে থিয় দি বিনীতলৈ মেচেজ লিখিলে। তাই সোনকালেই পালেহি। সেয়ে সিও কেনেবাকৈ আহিল নেকি খৱৰ কৰিছে। সেয়া পঠাই লৈ তাই ক'ব নোৱাৰাকৈয়ে বিনীতলৈ দিয়া আগৰ মেচেজ কেইটা পঢ়ি চালে। মাথোঁ দুসপ্তাহৰ আগৰ অনলাইন চিনাকি। প্ৰথমে বিনীতেই দুই এটা কথা সুধিছে। সৌজন্যসূচক কথা-বতৰাৰ পিছতে সি কৈ পেলাইছে, এনেকৈ অনলাইন কথা পতাৰ সলনি সি মুখামুখিকৈ লগ পাব খোজে। ডিজিটেল পৃথিৱীত আন্তৰিকতাৰ সুবাস বিচৰাত এতিয়াও বহু অসহজ ফাৰহানা। গতিকে তায়ো মুখামুখি চিনা-পৰিচয়ৰ বাবে তৎক্ষণাত মান্তি হৈ গৈছে  

বেছ কিছুপৰলৈ একো উত্তৰ নাপাই ৰেষ্টোৰাঁলৈ সোমাই যাব খুজি তাই আকৌ ৰৈ গ'ল। চকুত পৰিল, বিপৰীত দিশৰ পৰা খোজেৰে আহি আছে এজন যুৱক। সি তাইলৈ চাই হাত দাঙিছে। মুখত স্মিত হাঁহি। হাঁহিটোতে ফাৰহানাই চিনিলে। সেয়া বিনীতেই! ঠিক শকত বুলিব নোৱাৰিলেও তাৰ দেহত কিছু মেদৰ আভাস। কিন্তু ওখ-পাখ বাবে সেয়া ঘপকৈ চকুত নপৰে। ফটোৰ দৰেই কিছু দীঘল কেকুৰা চুলি কিন্তু ষ্টাইল ভিন্ন। মূৰৰ সোঁমাজৰ দীঘল চুলিখিনিৰ এটা পনিটেইল। তাৰ দুয়োকাষে একেবাৰে চুটিকৈ কাটি ৰখা চুলি। শুধ বগা টিচাৰ্টত নীলা এক অবোধ্য আঁক বাঁকলগতে গাঢ় নীলা ডিছট্ৰেছ্ড‌ জিনছটোৰে দেখাত অলপ হিপ্ষ্টা‌ৰ যেন আৱহাৱা।

'হাই! অলপ দেৰি কৰিলোঁ নহয়? বেয়া নাপাবা দেই!' তাইৰ কাষ চাপি আহি বিনীতে ইংৰাজীতে ক'লে। সিহঁত যেন বহুদিনৰ চিনাকি তেনে এটা ভাৱেৰে। 

প্ৰায় লগে লগেই ফাৰহানাই যেন এক স্বস্তিৰ নিশ্বাস পেলালে। তাইৰ ভাৱ হ'ল, এই ল'ৰাজনৰ সৈতে মুকলিকৈ কথা পাতিব পাৰি; একেলগে ৰেষ্টোৰাঁত বহি এসাঁজ খাব পাৰি। সেই স্বস্তিৰ উৎস কি তাই নিজেও বুজিব নোৱাৰিলে। 

তাই তাক আশ্বস্ত কৰিলে, নাই, একো নাই। তাইহে সময়তকৈ আগতেই পাইছেহি। দুয়ো ৰেষ্টোৰাঁলৈ সোমাই যোৱাৰ পৰত বিনীতে তাইলৈ চাই মিঠা হাঁহি এটাৰে ক'লে,

'তোমাক সঁচাই বৰ ধুনীয়া দেখাইছে!' 

ফাৰহানাৰ দেহত ঠিক আঁঠুত পৰা এটা কুহুম বৰণীয়া ড্ৰেছ। তাৰ ওপৰত ডাঠ নীলা ডেনিমৰ জেকেটটো। প্ৰথম ডেট বুলিয়ে মুখত কিছু প্ৰসাধন। 

বিনীতৰ কথাষাৰে তাইৰ মুখখন কিছু ৰাঙলী কৰি পেলালে। এটা শিহৰণ বৈ গ'ল মূৰৰ পৰা ভৰিৰ আঙুলীলৈকে। হাঁহি এটাৰে তাই ক'লে, 'থেংক ইউ!'  

ৰেষ্টোৰাঁৰ এচুকৰ দুজনীয়া টেবুল এখনত সিহঁত মুখামুখিকৈ বহিল। সি মেন্যুখন হাতত লৈ চকু ফুৰোৱাৰ সময়ত ফাৰহানাই আঁৰ চকুৰে তালৈ দুবাৰমান চালে। সেই মুখখনত আপোনত্বৰ কিবা চানেকি পায় নেকি তাৰে যেন সন্ধান কৰিলে। কিন্তু তাইৰ উদ্বেলিত মনৰ ঢৌবোৰ বাৰে বাৰে ঠেকা খালেহি সেই একেটা প্ৰশ্নতে। ভাৱিব পাৰিনে এনেকৈয়ে কাৰোৱাক জীৱনসংগী কৰাৰ কথা? এনেকৈয়ে দুটা সমান্তৰাল বাট মিলি যোৱাৰ কথা?

'কি খাবা?' বিনীতে মূৰ তুলি চাওঁতে ফাৰহানাৰ চকুৱে চকুৱে পৰিল। তাইৰ অপ্ৰস্তুত ভাৱটো লক্ষ্য নকৰা যেন দেখুৱাই সি পুনৰ ক'লে,

'তুমি বিচাৰা যদি ভিণ্ডালু খাই চাব পাৰা। গোটেই মুম্বাইত এনে সোৱাদ বিচাৰি নোপোৱা।'

'অঁ হয় নেকি? তুমি তেনে ইয়ালৈ প্ৰায়ে আহা?'  

'অঁ অঁ, ভিণ্ডালুৰ সোৱাদ ল'বলৈকে আহোঁ।' কৈ সি সশব্দে হাঁহিলে। 

ফাৰহানাই নক'লে, ইয়াৰ পৰা যে তাইৰ এপাৰ্টমেণ্টলৈ খোজেৰে মাথোঁ দহমিনিটৰ বাট।তাই এতিয়ালৈকে বহুবাৰ ইয়াত ভিণ্ডালুকে ধৰি অন্য খাদ্যৰ জুতি লৈছেহি। কিন্তু আগতে কেতিয়াও বিনীতৰ সৈতে দেখাদেখি হোৱা মনত নপৰে। তাই কল্পনা কৰিলে, বহুবাৰ হয়তো এই ৰেষ্টোৰাঁ বা ইয়াৰ আশেপাশে সিহঁত ইটোৱে সিটোৰ কাষেৰে পাৰ হৈ গৈছে। মহানগৰীৰ ভিৰত কেতিয়াবা হয়তো অজানিতে ইটোৱে সিটোৰ কান্ধত খুন্দা এটাও মাৰি গৈছে।  তেনেকৈ বহুবাৰ কিজানি লগ পায়ো নোপোৱা হৈ শেষত সিহঁত মুখামুখি হৈছেগৈ ডিজিটেল পৃথিৱীখনত! 

খাদ্য অহালৈ সিহঁতৰ গতানুগতিক চিনাকি পৰ্ব চলিল। ফাৰহানা অসমৰ নহয় জানো? বিনীতৰ লগৰ ল'ৰা এটাৰ ঘৰ গুৱাহাটীত।সি বন্ধুৰ লগতে কেইবাৰমান অসমলৈ গৈছে। অঁ হয় নেকি! তাই পিছে শিৱসাগৰৰহে। মাথোঁ এবছৰ আগতেহে অসম এৰি আহি মুম্বাইত চাকৰি লৈছেহি।

বিনীতে তাৰ নিজৰ চিনাকি দিলে। সি মাৰাঠী ল'ৰা। কিন্তু বাংগালোৰত ডাঙৰ হৈছে। 

এনেতে টেবুলত ৱেইটাৰে ডহী পুৰীৰ প্লেটখন থৈ গ'লহি। ঘুৰণীয়া পুৰীকেইটাৰ ভিতৰত আলু পিটিকা, তাৰ ওপৰত মিহিকৈ কুটা পিয়াজ, ধনীয়া, বিলাহী আৰু ভূজীয়া। একেবাৰে ওপৰত উদাৰতাৰে ঢালি দিয়া উপচি পৰা দৈ। কথাৰ মাজতে ফাৰহানাকো ল'বলৈ কৈ বিনীতে বৰ তৃপ্তিৰে এটা ডহী পুৰী মুখত ভৰালে। তাৰ অজানিতে ওঁঠৰ ঠিক তলতে চিকুণকৈ ৰখা দাঢ়ি দুডালমানত দৈ অকণমান লাগি ৰ'ল। ডহী পুৰী খাবলৈ লৈও ঠিক সেইখিনিতে ফাৰহানাৰ দুচকু থৰ হৈ ৰ'ল। বেছ কিছুপৰৰ বাবে। বহু চেষ্টা কৰিও তাৰ পৰা চকু আঁতৰাই তাই খোৱাত বা তাৰ কথাত মনোযোগ দিব নোৱাৰিলে। মনতে নিজক কিছু ভৰ্ৎসনা কৰি লৈ তাই সংকোচেৰে কৈ পেলালে,

'বিনীত, তোমাৰ মুখত দৈ অলপ লাগি আছে।'

বিনীতৰ কথা ক্ষন্তেকৰ কাৰণে ৰৈ গ'ল। কিন্তু অকণো বিব্ৰত হোৱা যেন নেদেখাই সি মাথোঁ হাঁহিলে। লাহেকৈ নেপকিন এখন টান  মাৰি লৈ মুখখন মোহৰিলে।

'গ'ল নে?' 

'হা অঁ, আৰু অলপ ওপৰলৈ। অঁ, তাতে।' তাৰ ওঁঠ যুৰিলৈ ইমান দীঘলীয়াকৈ চাই থাকি ফাৰহানা অলপ ৰঙা-চিঙা পৰাৰ দৰে হ'ল।

'অঁ কি কৈ আছিলোঁ?' সি আকৌ কথাৰ আঁত ধৰিলে। 'বাংগালোৰ এৰি মুম্বাইলৈ অহা এয়া আঠবছৰেই হ'বৰ হ'ল বুজিছা!'

খোৱা সামৰালৈকে সিহঁতৰ কথা-বতৰা চলি থাকিল। আগতে কেইবাবাৰো এনেদৰে ফাৰহানাই অনলাইন পৰিচয়ৰ সূত্ৰ লৈ ভিন্নজনৰ সৈতে ৰেষ্টোৰাঁত বহিছেহি। একেলগে খাইছে, ইটোৱে সিটোৰ ভাল লগা-বেয়া লগাবোৰৰ কথা পাতিছে। কথাৰ মাজে মাজে ওলমি ৰোৱা অস্বস্তিকৰ নীৰৱ মুহূৰ্তবোৰত উজুটিও খাইছে। তাৰ মাজেৰেই অচিনাকি কাৰোৱাৰ মাজত আত্মীয়তাৰ সুৰ এটা বিচৰাৰ চেষ্টা কৰিছে। আজিও তাৰ বিশেষ ব্যতিক্ৰম নহ'ল। 

কিন্তু ৱেইটাৰে প্লেটবোৰ নি থাকোঁতে দুয়ো হাত টেবুলত থৈ তাইৰ ফালে কিছু হাউলি লৈ বিনীতে সুধিলে,

'ফাৰহানা, কথা এটা সোধোঁ।' 

ফাৰহানাই হাতৰ নেপকিনখন থৈ তালৈ চালে। কি সুধিব খুজিছে সি? তাইৰ অতীত সম্পৰ্কৰ কথা? নে বিয়াৰ পিছত তাই চাকৰি এৰিবনে নাই? নে তাৰ পৰিয়ালৰ সৈতে বাংগালোৰত থাকিব পাৰিবনে নাই সেয়া? যেন তাই অভ্যস্ত হৈ পৰিছে। ইয়াৰ আগতেও কেইবাবাৰো তাই এই প্ৰশ্নবোৰৰ মুখামুখি হৈছে। কেইবাবাৰো এনে পৰিৱেশতে কিছু প্ৰশ্নই বা কিছু উত্তৰে  তাইক হতাশ কৰিছে। বিৰক্ত কৰিছে। ৰুষ্ট কৰিছে।

'তুমি আচলতে কি বিচাৰা?'

'মানে?' ফাৰহানাই থতমত খালে। 

'জীৱনত কি বিচাৰা তুমি?' 

এইটো প্ৰশ্ন তাইক আজিলৈ কোনেও সোধা নাই। সাধাৰণতে সিহঁতে চখৰ কথা পাতে। কামৰ কথা পাতে। পৰিয়াল-বন্ধু-বান্ধৱৰ কথা পাতে। কিন্তু সকলোৰে আঁৰত উখল মাখল লগাই থকা এই প্ৰশ্নটো সুধিবলৈ কাৰো যেন সাহস নহয়। ক'বলৈ সাহস নহয় কি বিচাৰি দুজন অচিনাকি মানুহে অনলাইন পৃথিৱীত ভালপোৱাৰ সন্ধান কৰিছেহি। 

তাই নীৰৱে থকা দেখি সি যেন সহজ কৰিবলৈকে ক'লে,

'ধৰা, অজিৰ পৰা দহবছৰৰ পিছত তুমি নিজৰ জীৱনটো কেনেকৈ কল্পনা কৰি ভাল পোৱা?'

'চাকৰিৰ ইণ্টাৰভিউত এনেবোৰ প্ৰশ্নৰ উত্তৰ  দি পাইছোঁ। কিন্তু নিজৰ জীৱনত কি বিচাৰোঁ সেয়া আজিলৈকে কোনেও মোক সোধা নাই জানা। ময়ো কিজানি নিজকে সুধি চোৱা নাই।কোনে জানে, তেতিয়ালৈ মই জীয়াই থাকিম বা নাথাকিম!' 

কৈ কৈ তাই হাঁহি পেলালে। যেন হাঁহিৰ আঁৰত লুকুৱাব খুজিলে সেই এটা প্ৰশ্নৰেই বিনীতে তাইৰ দেহ-মনলৈ আনি দিয়া শিহৰণটো। লুকুৱাব খুজিলে তাইৰ হৃদয়ৰ গভীৰতালৈ বুলি সি মুকলি কৰিব বিচৰা বাটটো। 

কিন্তু বিনীতৰ দুচকুত তেতিয়াও প্ৰশ্নটো ওলমি থাকিল।

অগ্যতা কিছুপৰ ভাবুক হৈ ৰৈ তাই ক'বলৈ ধৰিলে। যোৱা পঁচিছ বছৰে পৰিয়ালৰ মাজত একেখন ঠাইতে থাকি থাকি তাই এটাই সপোন দেখিবলৈ আৰম্ভ কৰিছিল। সেই সীমিত পৰিধিৰ সিপাৰে থকা পৃথিৱীখন চোৱাৰ। সেই পৃথিৱীৰ বিচিত্ৰ ঠাইবোৰ আৰু তাৰ জীৱনৰ ৰং-ৰূপৰ সুবাস লোৱাৰ।

'মই ফুৰিব বিচাৰোঁ। নতুন ঠাইৰ নতুন অভিজ্ঞতাবোৰৰ কথা লিখিব বিচাৰোঁ। মোৰ বহুদিনীয়া সপোন হ'ল ট্ৰেভেল ৰাইটাৰ হোৱা!' 

বিনীতে তাইৰ চকুত চকু থৈ একমনে শুনিলে। তাই কোৱা প্ৰতিটো শব্দ যেন সি বুকু পাতি ধৰিলে। কিছু নীৰৱতাৰ পিছত সি ক'লে,

'ময়ো ফুৰি ভাল পাওঁ। সেই হেঁপাহতেই বাংগালোৰ এৰি আহিছিলোঁ।পঢ়া-শুনাৰ কাৰণে, চাকৰিৰ কাৰণে বহুত ঘুৰিলোঁ। কিন্তু এতিয়া লাহে লাহে কোনোবা এঠাইত নিজাকৈ এখন ঘৰ পতাৰ হেঁপাহটোহে বাঢ়ি আহিছে। নিজাকৈ এখন ঘৰ, এখন সুখৰ সংসাৰ- ল'ৰা-ছোৱালীৰে সৈতে।' 

ফাৰহানা নীৰৱে ৰ'ৱ নোৱাৰিলে। নাই, তাই এতিয়াই ল'ৰা-ছোৱালীৰ কথা ভাৱিব নোৱাৰে। পৰিয়ালৰ আৱেষ্টনীৰ পৰা ওলাই আহি নিজাকৈ জীৱনটো গঢ়িবলৈ লৈছেহে। ল'ৰা-ছোৱালীৰ কথা ভৱাৰ আগতে আৰু বহুত কৰিবলৈ আছে, বহুত চাবলৈ আছে, বহুত শিকিবলৈ আছে। সেই যাত্ৰাত তাই মাথোঁ এজন সংগী বিচাৰে। 

বিনীতে একো নকৈ শুনি গ'ল। দুয়োৰে হাঁহি যেন কিছু মোলান পৰিল। কথা-বতৰা পিছে চলিয়ে থাকিল। যেন এটা নতুন বাট মুকলি হোৱাৰ আগতেই চাট্‌ কৈ জপনাখন বন্ধ হৈ পৰিল। তথাপি সেই সম্ভাৱনাৰ বতাহছাটিয়ে হয়তো সিহঁতক সহজে লগ এৰা দিব নুখুজিলে।

বিনীতে মুম্বাইৰ ৰঙীন জীৱনৰ ইটো সিটো অভিজ্ঞতাৰ কথা ক'বলৈ লাগিল। ক'লে, ফাৰহানাই বিচাৰিলে এই মহানগৰীৰ জীৱনৰ কথাকেই লিখিব পাৰেচোন।

ঠিকেই, লিখিছে তাই। সৰু ঠাই এখনৰ পৰা আহি এই মহানগৰীৰ ভিৰৰ মাজত হেৰাই যোৱা যেন লগা সময়বোৰৰ কথা লিখিছে। এটা লেখা প্ৰকাশো হৈছে।

বিনীত যেন আগতকৈও বেছি আগ্ৰহী হৈ পৰিল। সি জোৰকৈ কোৱাত তাই তালৈ সেই লেখাৰ অনলাইন লিংক পঠালে। কিছু সংকোচ আৰু কিছু সন্তুষ্টিৰে।

ইতিমধ্যে সিহঁতৰ চাৰিওফালৰ টেবুলবোৰত নতুন মুখ কিছুমানে ভিৰ কৰিলেহি। ৱেইটাৰে দ্বিতীয়বাৰৰ বাবে গিলাচত পানী বাকিলে। সুধিলে, আৰু কিবা অৰ্ডাৰ কৰিব নেকি! দুয়ো সেই ইংগিত ঠিকেই বুজিলে।

বিনীতে দীঘলকৈ এটা উশাহ টানি ফাৰহানাৰ চকুত চকু থৈ ক'লে,

'তেন্তে? ইয়াৰ পৰা ক'লৈ?' 

ফাৰহানাই এপলক সেই চকুযুৰিলৈ চালে। তাৰ মিচিকিয়া হাঁহিয়ে ঠেলি পঠোৱা ঢৌ জাক দুয়োগাল পাৰ হৈ গৈ সেই দুচকু যেন ঢাকি পেলাব খুজিছে। মুদ খাই যাব খোজা তাৰ চকুযুৰিত যেন এজাক ৰ'দ তিৰবিৰাইছে। প্ৰথম লগ-পোৱাৰ এঘণ্টাৰ ভিতৰতে সিহঁতে জানি গৈছে, সিহঁতৰ সপোনবোৰৰ ৰং ভিন্ন। সেই ৰঙেৰে যুগ্ম জীৱনৰ ৰামধেনু গঢ়াৰ কথা ভাৱিব নোৱাৰি। কিন্তু এই ল'ৰাজনক ভালকৈ জনাৰ হেঁপাহটোও যেন তীব্ৰ হৈ আহিছে!

ক'লৈ? ইয়াৰ পৰা ক'লৈ? 

তাই একো নোকোৱা দেখি বিনীতেই ক'লে, 

'অলপ খোজ কাঢ়িবা? জুহু বিচ্চত?'

ফাৰহানাই মূৰ দুপিয়ালে। দুয়ো কেফেৰ বাহিৰ হ'ল। 

বিনীতৰ পিছে পিছে ওলাই অহাৰ পৰতে খৰকৈ ফাৰহানাই ফোনত মেচেজ লিখিলে, 'দিব্যা, সব ঠিকে আছে। আমি একেলগে জুহুলৈ ওলাইছোঁ।'

দিব্যাই প্ৰায় লগে লগেই উত্তৰত থাম্বছ আপ এটা পঠালে। তাই হয়তো বাট চায়ে আছিল। প্ৰিয় বান্ধৱীৰ সকীয়নি। মুম্বাইৰ দৰে মহানগৰীত অনলাইন আপোনজনৰ সন্ধান কৰোঁতে যে অতি জৰুৰী এই প্ৰতিৰক্ষাৰ বৰ্মও। বান্ধৱীৰ উপদেশ মানি তাই কালিয়ে কোন, ক'ত, কেতিয়া সকলোখিনি দিব্যাক জনাই থৈছিল।

আবেলিৰ ৰাঙলী বেলিয়ে মুম্বাইৰ আকাশত ফাকু খেলিছে তেতিয়া। সেয়া উপভোগ কৰিবলৈকে হয়তো সাগৰৰ পাৰত অলেখ অসংখ্য মানুহ ৷ কোনোৱে পাৰে পাৰে খোজ দিছে, কোনোৱে পানীত খেলিছে, কোনোৱে জুম পাতি লৈ আড্ডা দিছে, কোনোৱে আকৌ বালিতে কাপোৰ এখন পাৰি ক্ষন্তেকৰ বাবে দীঘল দিছে৷ শাৰী শাৰীকৈ থকা ফাষ্ট ফুড ষ্টলবোৰত মানুহৰ বিৰ দি বাট নোপোৱা অৱস্থা৷  

ইমান মানুহ, ইমান আড়ম্বৰ!

বালিত ভৰি থৈয়ে ফাৰহানাই চেন্দেলযোৰ খুলি ল'লে। বিনীতেও। দুয়োৰে ভৰিৰ পতাই বালি স্পৰ্শ কৰিলে। গালে-মুখে হাত বুলাই গ'ল সাগৰীয় চেঁচা বতাহজাকে। আস্‌ কি অপূৰ্ব সেই আমেজ!  কিছু বিভোৰ হোৱাদি হৈ দুয়ো মানুহৰ ভিৰ এৰি কিছু শান্ত তীৰ এটালৈ খোজ দিলে।

খোজৰ লগে লগে অনুভৱৰ ঢৌবোৰে উঠা-নমা কৰিলেহি। তাৰ কিছুমানে শব্দৰ ৰূপ ল'লে। কিছুমানে নিশব্দে খলকনি তুলি তুলি ৰৈ গ'ল। দুয়োৰে মনত।

'মই বৰ কষ্টত উঠা, জানা ফাৰহানা। মদাহী দেউতা, সকলো কষ্ট-অত্যাচাৰ সহি নিমাতে ৰোৱা মা। প্ৰত্যেক ৰাতি দেউতাৰ ভয়ত তাপ মাৰি ৰোৱা দাদা আৰু মই সপোন দেখিবলৈ লৈছিলোঁ সেই অশান্তিৰ পৰা ওলোৱাৰ।নিজাকৈ এটা সুখী পৰিয়াল গঢ়াৰ। সেই সপোনটোৱেই আমাক কিজানি শক্তি দিছিল। সকলো কষ্ট সহিও পঢ়িবলৈ, নিজৰ ভৰিত থিয় দিবলৈ।'

কৈ কৈ বিনীত এচটা শিলত বহি পৰিল।ৰান্ধলি বেলিয়ে ফাকু খেলা আকাশৰ মুঠি মুঠি ৰং বোৰ যেন তাৰ মুখত পৰিলহি। নীৰৱে তাৰ কাষতে ফাৰহানা বহি পৰিল।

'দাদাৰ এতিয়াৰ সুখৰ সংসাৰখন দেখি বৰ ভাল লাগে। তেনেকুৱা সুখী পৰিয়াল এটাৰ কাৰণে মোৰ হেঁপাহটোও তীব্ৰ হৈ উঠে।' বিনীতে লাহেকৈ ক'লে।

সিহঁতৰ সন্মুখত জুহুৰ ৰাশি ৰাশি বালি। তাৰ সিপাৰে সৰু-বৰ ঢৌৱে কঁপাই থকা সাগৰৰ বুকু।ফাৰহানাৰ তাক বহু কথাই সুধিবৰ মন গ'ল। জানিবৰ মন গ'ল সেই নিদাৰুণ শৈশৱৰ কথা, সেই অন্ধকাৰত ৰ'দ এছাটি হৈ উজ্বলি উঠা সপোনটোৰ কথা।

কিন্তু তাই একোকে নুসুধিলে। মাথোঁ ক'লে,

'মই বিচাৰোঁ সুখে দুখে লগ দিব খোজা আপোন কাৰোৱাক। যাৰ সমগ্ৰ পৃথিৱীৰ বিপৰীতে হ'লেও মোৰ কাষত থিয় দিয়াৰ সৎ সাহসখিনি আছে।' 

ফাৰহানাৰ মাতটো কিছু কঁপিল। এয়াযে জীৱনৰ হাজাৰটা ঘাত-প্ৰতিঘাতৰ বুকু ফালি ওলাই অহা এক আকলুৱা হেঁপাহ। 

বিনীতে কিছু কৌতুহলেৰে তাইলৈ চালে। কিন্তু সি একো নুসুধিলে। সোধা হ'লেও জানো তাই ক'লেহেঁতেন চিৰজীৱন কাষত ৰোৱাৰ প্ৰতিশ্ৰুতি দিও কেনেকৈ তাইৰ জীৱনত নিৰুদ্দেশ হৈ গৈছে ভালপোৱা। কেনেকৈ  'ভালপোৱাতকৈ ধৰ্ম-জাত-পাত একোৱে ডাঙৰ নহয়' বুলি কোৱা একালৰ আপোনজনৰ মাজত কণমান সৎ সাহসৰ অভাৱ ঘটিছে। সমাজে না বোলাৰ লগে লগেই তেওঁ তাইৰ বাবে অচিনাকি হৈ গৈছে। তথাপিও যেন তাই বিশ্বাস কৰিব খোজে ভালপোৱা হেৰাই যোৱা নাই। ক'ৰবাত এতিয়াও ৰৈ আছে তাইৰ বাবে সেই সঁচা ভালপোৱা আৰু সেই ভালপোৱাক মৰ্য্যদা দিব পৰা সততা। লাগিলে সেয়া চিনাকি পৃথিৱীতে হওক, অচিনাকি অনলাইন পৃথিৱীতে হওক। দিব্যাই ক'বৰ দৰে- হ'পলেছ ৰোমাণ্টিক তাই!

ফাৰহানাই উচপিচাই থিয় দিলে। তাইক দেখি বিনীতো উঠি পৰিল। তাৰ দুচকুত উৎসুকতা। যেন এনেদৰে জুহুৰ তীৰত একেটা শিলত বহি ৰোৱাতোৱে এই সময়ত আটাইতকৈ স্বাভাৱিক কথা। যেন এই সময়খিনি এনেদৰেই ৰৈ যোৱাতো অপৰিহাৰ্য্য।

'মোৰ যাবৰ হ'ল!' তাই ক'লে।

নিজকে ফাঁকি দিব নোৱাৰে তাই। সিহঁতৰ সপোনৰ স্বৰলিপিৰে এটা গান হ'ব নোৱাৰে। জানি-বুজিও কিছু ক্ষুব্ধ হ'ল যেন তাই। এই এটা কথা যদি আজি নাজানিলেহেঁতেন, কাৰ কি অপকাৰ হ'লহেঁতেন? তাই আকৌ এবাৰ লগ কৰিব পাৰিলেহেঁতেন বিনীতক। এতিয়াতো এটাই বাট সিহঁতৰ বাবে। বহু ভুল হৈ গৈছে আগেয়ে। তেতিয়া এনে কথা নাছিল। জীৱনত কি বিচাৰে, কি নিবিচাৰে সেয়া ভাৱি প্ৰেমত পৰাৰ অৱকাশ নাছিল। কিন্তু সেয়া নভৱাটোৱেই কিজানি মূল কাৰণ। মূল কাৰণ একালৰ প্ৰিয় মানুহবোৰৰ সৈতে বাটবোৰ সলনি হৈ যোৱাৰ। বহু জিলমিলীয়া সপোন কাঁচৰ ঘৰৰ দৰে তচ-নচ হৈ যোৱাৰ।

'তুমি বেয়া নোপোৱা যদি মই আগবঢ়াই দি আহোঁ?'  বিনীতে ক'লে।

'নাই, নালাগে দিয়া। মই নিজেই যামগৈ।' 

এইবাৰ নীৰৱেই সিহঁত উভতিল। জুহুৰ ৰাশি ৰাশি বালিত তেতিয়া উদাসীন সন্ধিয়াৰ ৰেখা। সিহঁতৰ মূৰৰ ওপৰেৰে উৰি গ'ল দুটামান পানীকাউৰী। দুয়ো পাৰ হৈ আহিল দোকান-বজাৰৰ কোলাহল। 

মূলপথটো পাই দুয়ো ক্ষন্তেক ৰ'ল। ফাৰহানাই ক'লে,

'বিনীত, তোমাক লগ পাই, কথা পাতি বহুত ভাল লাগিল। কিন্তু তুমিতো বুজিছাই আমি একেলগে এটা সম্পৰ্কৰ কথা ভাৱিব নোৱাৰোঁ।'

বিনীতে শেঁতা হাঁহি এটা মাৰি ক'লে,

'জানোঁ। তোমাৰ লগত আবেলিতো কটায়ো বৰ ভাল লাগিল মোৰ।'

আন্ধাৰ আৰু পোহৰৰ খেলাত তিৰবিৰাই উঠা মহানগৰীৰ ভিৰত বিনীত হেৰাই গ'ল। ফাৰহানাই চাই থাকোঁতেই। তাৰপিছতো কিছুপৰ তাই তাতে তভক মাৰি ৰ'ল। 

ফোনৰ মিহি সুৰটোৱে তাইক কিছু চক্‌ খুৱাই দিলে যেন! অহ্‌, দিব্যাৰ কেইবাটাও মিছড্‌ কল!

'হা: দিব্যা, অঁ নাই, একো চিন্তা কৰিবলগীয়া নাই। জুহুত কথা পাতি থাকোঁতে দেৰি হৈ গ'ল।'

'সঁচাই?'

দিব্যাই জানে, ফাৰহানাই প্ৰথম ডেটত দুঘণ্টাতকৈ বেছি পলম নকৰে। অনলাইন পৃথিৱীত তাই নিজে ঠিক কৰি লোৱা নিয়মবোৰৰ এটা। গতিকে দিব্যাৰ মাতৰ সেই আশ্চৰ্য্য ফাৰহানাই ঠিকেই বুজি পালে। তাই মাথোঁ ক'লে, 

'ব্যতিক্ৰম, দিব্যা। এইটো সেই নিয়মৰ এটা ব্যতিক্ৰম।'

******

সেই সাক্ষাতৰ ঠিক দহ বছৰৰ পিছত। ফাৰহানাই খৰধৰকৈ চ্যুটকেছত কাপোৰ জাপিছে। আন্দামান দ্বীপলৈ এসপ্তাহৰ ট্ৰিপ। তাইৰ মেনেজিং ডিৰেক্টৰে ইতিমধ্যে যাবলগীয়া ঠাইবোৰৰ এখন তালিকা ইমেইল কৰিছে। লগতে কৈছে, 

'আমাৰ আলোচনীত সেই ঠাইৰ কেৱল ধুনীয়া ফটোৱে নহয়, তাৰ থলুৱা জীৱন, খাদ্য, কলা-সংস্কৃতি গোটেইবোৰ দেখুৱাব পাৰিব লাগিব। মনত ৰাখিবা ফাৰহানা।'

ফাৰহানা উল্লাসিত হৈ উঠিছে। কিমান দিনৰ পৰা পুহি ৰখা এই হেঁপাহ! তাতে ক'ভিডৰ কবলত পৰি যোৱা দুটাবছৰে বন্দী হৈ ৰোৱাৰ পিছত এইটো প্ৰথম ট্ৰিপ!

চ্যুটকেছটো বহা কোঠালৈ চকাত টানি আনোঁতে তাই অফিচৰ কোঠাটোলৈ ভুমুকিয়াই চালে। লকডাউনৰ সময়ত অফিচ হৈ পৰা আলহী কোঠাটোত এতিয়া চকী-টেবুল এযোৰ আৰু কিতাপৰ দুটা আলমিৰা। তাৰ কাষতে ৰখা দুজনীয়া চোফাখনত বহি আছে বিনীত। 

বিনীতৰ মুখত বয়সৰ চাপ পৰিছে। পনিটেইল কৰিব পৰাকৈ চুলিও নাই, আগৰ সেই চখো হয়তো নাই। কিন্তু সেই একেই দুচকুৰ তিৰবিৰনি, সেই একেই যাদুকৰী হাঁহি। 

ফাৰহানাই চ্যুটকেচটো দুৱাৰ-মুখতে এৰি সোমাই গ'ল। গৈ তাৰ কাষতে চোফাখনতে বহি পৰিল। সুধিলে,

'তোমাৰ কাপোৰ-কানি সামৰিলা জানো? যোৱাৰ এঘণ্টা আগলৈকে নথ'বা আকৌ!'

বিনীতে হাঁহিলে। ফাৰহানাই বুজিলে তাই সদায়ে সময়তকৈ বহু আগতেই সাজু হোৱাটোক লৈ সি হাঁহিছে। আন্দামানলৈ যাবলৈ এতিয়াও যে তিনিদিন বাকী!

তাই কৃত্ৰিম খঙেৰে তাৰ কান্ধত ভুকু এটা দিলে। সি হাঁহি হাঁহি ক'লে,

'এই চোৱা, আজি কি বিচাৰি পালোঁ!'

তাৰ কোচত এটা গধুৰ এলবাম। তাৰ প্ৰথম পৃষ্ঠাতে থকা ফটো এখন উলিয়াই সি তাইৰ ফালে আগবঢ়াই দি ক'লে,

'এইখনেই কিজানি আমি একেলগে তোলা প্ৰথম ফটো, নহয়নে?'

ফাৰহানাই ৰ' লাগি চালে ফটোখনলৈ। মেৰিন ড্ৰাইভত দুখন চাইকেলত ধৰি থিয় দিছে সিহঁত দুয়ো। পিছফালে উত্তাল সাগৰ। ফাৰহানাৰ ৰঙা চোৱেট চাৰ্টটো ফটোত জিলিকি উঠিছে। তাতোকৈ উজ্বল হৈ জিলিকিছে তাইৰ হাঁহি। তাইৰ কাষতে চাইকেলৰ হেণ্ডেলত ধৰি থিয় দিয়া বিনীতৰ চকুৱে মুখে ভাগৰৰ চিন। সিদিনা তাৰ অৱস্থাটো দেখি তাই হাঁহিছিল। অলপ বেথাও উপজিছিল। সাগৰৰ পাৰে পাৰে বতাহ খাই খাই চাইকেল চলাম বুলিহে কৈছিল। দহ কিলোমিটাৰ চাইকেল ৰেচ কৰিম বুলিতো তাক কোৱা নাছিল! কিন্তু সিয়েতো কৈছিল, 

'তোমাৰ ভাল লগা কিবা এটা কৰোঁ ব'লা।'

কি যে এক অপৰূপ আমেজ সেই সোঁৱৰণিৰ, সেই সান্নিধ্যৰ! সেই আৰম্ভণিৰ।

'জুহু বিচ্চৰ সেই প্ৰথম সন্ধিয়াটোৰ দুদিন পাছতে যে তুমি ফোন কৰিছিলা? কৈছিলা আকৌ এবাৰ লগ কৰিবানে? সেই এটা ফোনকলেই আমাৰ জীৱনটো ক'লৈ লৈ আনিলে নহয়?' ফাৰহানাই ক'লে।

বিনীতে হাঁহিলে। ফাৰহানাৰ কান্ধত হাতেৰে মেৰিয়াই লৈ সি আবেগেৰে ক'লে, 

'এইবোৰ সংযোগ বুজিছা! আমি ক'ব নোৱাৰাকৈয়ে জীৱনৰ আলি কেঁকুৰিত ৰৈ থাকে। প্ৰায়ে কথাবোৰ ভৱাৰ দৰে নহয়। কিন্তু এই নভৱা, আশা নকৰা সংযোগবোৰ ভৱাবোৰতকৈ বেছি ভাল হয়।' 

ফাৰহানাই তাৰ কান্ধত লাহেকৈ মূৰটো থ'লে।

'সঁচা! কোনে জানিছিল তুমি যে মোৰ সৈতে দিহিঙে-দিপাঙে ঘুৰিও এখন সংসাৰ কৰিবা!' ফাৰহানাই ক'লে।

'কোনে জানিছিল তুমি যে মোৰ সৈতে দিহিঙে-দিপাঙে ঘুৰিও এখন সংসাৰ কৰিবা!' বিনীতে দোহাৰিলে। 

প্ৰায় অভ্যাসবশত: দুয়োৰে হাত দুখন ৰ'লগৈ একলা দুকলাকৈ বাঢ়ি অহা ফাৰহানাৰ তলপেটটোত।