Showing posts with label ভ্ৰমণ:কানাডা. Show all posts
Showing posts with label ভ্ৰমণ:কানাডা. Show all posts

Saturday, 29 July 2023

এলবাৰ্টা ১১০: পানীকাউৰী বিচাৰি

বনীভিলৰ বাটত

'তোমাৰ গাড়ীখন সেই পাৰ্কিঙৰ শাৰীটোতে থাকিব। সেয়া চৰকাৰী গাড়ীৰ কাৰণে সংৰক্ষিত ঠাই।' অফিচৰ খিৰিকীয়েদি বাহিৰত বিশাল পাৰ্কিং লটটোলৈ আঙুলীয়াই জেফে ক'লে। জেফ আমাৰ অফিচৰ প্ৰশাসনিক সহায়।

হাতত গাড়ীৰ চাবি আৰু লগবুকখন লৈ ওলাই আহিলোঁ। পাৰ্কিং লটত থিয় দি চাবি টিপাৰ লগে লগে চৰকাৰী জীপৰ শাৰীটোৰ পৰা এখনে মাত দি উঠিল, 'পেপ!!'

অঁ, সেইখনেই তেন্তে! বগা জীপ চাৰ'কী গাড়ী। এডমণ্টনৰ ট্ৰেফিক আৰু গ্ৰীষ্মৰ চোকা ৰ'দজাক ঠেলি মোৰ গাড়ীখন আগবাঢ়িল। 

এইবাৰ মোৰ লক্ষ্যস্থান বনীভিল। এলবাৰ্টাৰ পূব প্ৰান্তত থকা এখন কণমানি নগৰ। এডমণ্টনৰ পৰা বনীভিললৈ দুৰত্ব প্ৰায় আঢ়ৈশ কিলোমিটাৰ। প্ৰথমবাৰৰ বাবে এলবাৰ্টা প্ৰদেশত নিজে গাড়ী লৈ ইমান দূৰলৈ অকলে ওলাইছোঁ। অৱশ্যে গুগল মেপে বাট চিনি পোৱাত অকণো অসুবিধা হ'বলৈ দিয়া নাই। মহানগৰৰ অকোঁৱা পকোঁৱা বাটবোৰ পাৰ কৰি আধাঘণ্টা নহওঁতেই ঘাইপথত উঠিলোগৈ।

ইয়াৰ ঘাইপথবোৰ সৰলৰেখাৰ দৰে পোন। গতিকে সেই হিচাপত ঘাইপথৰ গাড়ীৰ গতিও দুৰন্ত। ঘণ্টাত এশ কিলোমিটাৰৰ তলত কোনেও গাড়ী নচলায়। তাতকৈ লাহেকৈ চলালেহে বিপদজনক বুলি ধৰা হয়।

ঘাইপথ একেই যদিও যিমানেই আগবাঢ়িলোঁ, মোৰ সন্মুখত আৰু বাটৰ দুয়োকাষে ছবিবোৰ ঘনে ঘনে সলনি হ'ল। মহানগৰৰ পৰা ওলায়ে দেখা পালোঁ চকুৰে মনালৈকে সেউজীয়া ঘাঁহনিত মেৰাই মেৰাই প্ৰকাণ্ড বেইলবোৰ বনাই ৰাখিছে। এই বেইলবোৰেই শীতকালি গৰু-ঘোঁৰাক দানাৰ যোগান ধৰিব। 

তাৰপিছত চকুত ধৰা দিলে বিশাল খেতি-পথাৰ। কিছুমানত বাৰ্লিৰ সেউজীয়া। কিছুমানত কেন'লাৰ হালধীয়া। কেন'লা আমাৰ সৰিয়হৰ দৰে খোৱা তেলৰ এবিধ শস্য। সৰিয়হৰ দৰেই ফুলবোৰো হালধীয়া। মাজে মাজে পাৰ হৈ গ'লোঁ একো একোটা ফাৰ্মহাউচ- স্থানীয় ভাষাত যাক কোৱা হয় এক্ৰেজ। বিশাল এডোখৰ মাটিত বাঁৰী আৰু অৰণ্যৰে একোটা ঘৰ। ইয়াত বহু লোকে মহানগৰৰ পৰা আঁতৰি এনেকৈ নিজা এক্ৰেজত মুকলিমুৰীয়াকৈ থাকিবলৈ পছন্দ কৰে।

কেন'লাৰ হালধীয়া

কেইবাটাও বিশাল হ্ৰদ ইটোৰ পিছত সিটোকৈ পাৰ হওঁতে বুজিলোঁ বনীভিল পাবলৈ বেছি পৰ নাই। এই ঠাইক হ্ৰদৰ জিলা বা লেক ডিষ্ট্ৰিক্ট বুলি কোৱা হয়। বনীভিল নগৰখন জেছী হ্ৰদৰ পাৰতে লাগি আছে। পশ্চিমৰ বাটটোৰে বনীভিললৈ সোমালোঁ বাবে বাটতে দেখা পালোঁ বিশাল মুছ হ্ৰদ আৰু পাৰৰ শাৰী শাৰী অট্টালিকাবোৰ। পূবেও অন্য কেইবাটাও হ্ৰদ। সেয়ে এই ঠাই মাছ ধৰা, চিকাৰ কৰা আদিৰ বাবেই জনপ্ৰিয়। তাতে কেইবাটাও তেল কোম্পানীয়ে ইয়াত থিতাপি লৈছে। গতিকে কোম্পনীৰ প্ৰাচুৰ্যয়ো ইয়াৰ অৰ্থনীতিত যথেষ্ট প্ৰভাৱ পেলাইছে।

এই ঠাই, ইয়াৰ প্ৰকৃতি আৰু বিকাশৰ সমতাৰ বিষয়ে জানিবলৈ উৎসুক হৈ পৰিলোঁ।  সন্ধিয়া হোটেল পাওঁগৈ মানে এজাক বৰষুণ নামিল। ধুই নিলে গ্ৰীষ্মৰ আৰ্দ্ৰতা আৰু দিনটোৰ ভাগৰ। আগ্ৰহেৰে বাট চাই ৰ'লোঁ এই ঠায়ে সাঁচি ৰখা নতুন কাম আৰু অভিজ্ঞতাখিনিলৈ।

বনীভিলৰ পানীকাউৰী

বনীভিল নগৰখন তেনেই সৰু। নগৰৰ মাজেদি মূল বাট এটাই। নাম মেইন ষ্ট্ৰীট। সেই বাটেৰেই গৈ কাষতে থকা ইটাৰঙী বিশাল বিল্ডিংটোত গাড়ী ৰখালোঁগৈ। সেয়া বনীভিলৰ প্ৰভিন্সিয়েল বিল্ডিং।এলবাৰ্টাৰ অন্য সৰু ঠাইবোৰৰ দৰেই ইয়াতো এই প্ৰভিন্সিয়েল বিল্ডিঙতে সকলোবোৰ চৰকাৰী বিভাগ আছে। 

বনীভিলৰ আদৰণি তোৰণ, কাষত প্ৰভিন্সিয়েল বিল্ডিং

বিল্ডিঙৰ সন্মুখতে মোৰ বাবে জেছনে বাট চাই আছিল। মোক দেখিয়ে তেওঁ হাত জোকাৰিলে।

'হাই জেছন!'

'হাই! পালাহি তুমি!'

মুগাৰঙী চকু আৰু চুলিৰে জেছন ওখ-পাখ ডেকা ল'ৰা। বয়স প্ৰায় পঁচিছৰ ভিতৰত হ'ব। এইবাৰহে প্ৰথম মুখামুখিকৈ তেওঁক লগ পাইছোঁ যদিও আগতে দুবাৰমান অনলাইন আলোচনাত বহিছোঁ।

জেছনেই মোক আমাৰ বিভাগীয় অফিচলৈ লৈ গ'ল। তাত সকলোৰে লগত চা-চিনাকি হৈ কামৰ আলোচনাত বহিলোঁ। কাৰণ মই ইয়ালৈ অহাৰ উদেশ্যই হ'ল, জেছনৰ ফিল্ডৱৰ্কত সহায় কৰা। 

'বনীভিলৰ পানীকাউৰীৰ গৱেষণাৰ কথা অলপ-অচৰপ গম পাইছাই চাগৈ?' টেবুলৰ ফাইলৰ পৰা কেইবাখনো মেপ উলিয়াই লৈ জেছনে সুধিলে।

'দুবছৰ আগতে এই প্ৰকল্পটো কেনেকৈ আৰম্ভ হৈছিল সেয়া জানোঁ বাৰু।' মোৰ কথাত তেওঁ হাঁহিলে।

'অঁ তেন্তে জানাই- এই প্ৰকল্পৰ কাৰণ মূলত: ৰাজনৈতিক। ইয়াৰ মাছুৱৈৰ গোটে হ্ৰদবোৰত জাকে জাকে পানীকাউৰী দেখি চৰকাৰৰ ওচৰত পানীকাউৰীৰ নিয়ন্ত্ৰণৰ বাবে আবেদন জনালে। তেওঁলোকৰ আশংকা আছিল যে পানীকাউৰীয়ে মাছ খাই শেষ কৰিলে তেওঁলোকে ধৰিবলৈ একোৱে নাথাকিব। এই আপত্তি গৈ এটা সময়ত আমাৰ বিভাগীয় মন্ত্ৰীৰ সন্মুখত পৰিলগৈ। গতিকে মন্ত্ৰীৰ উদ্যোগতে এই প্ৰকল্প আৰম্ভ হ'ল। উদেশ্য হ'ল পানীকাউৰীবোৰ ক'ৰ পৰা আহিছে, কোনটো হ্ৰদত কি খাইছেহি আৰু ইয়াৰ মাছৰ আবাদীৰ ওপৰত সিহঁতৰ প্ৰভাৱৰ পৰ্য্যবেক্ষণ।'

কানাডাত মাছুৱৈ গোটবোৰ যথেষ্ট প্ৰভাৱশালী। সমগ্ৰ কানাডাতে অলেখ-অসংখ্য হ্ৰদ- তাত মাছো পৰ্য্যাপ্ত। শুনামতে বিভাগীয় মন্ত্ৰীগৰাকী নিজেও এক মাছুৱৈ। গতিকে সেই দিশটোৱে যে এই প্ৰকল্পত অধিক প্ৰাধান্য পাব সেয়া নিজেই অনুমান কৰি ল'লোঁ।

জেছনে আমি জৰীপ কৰিবলগীয়া ঠাইবোৰ মেপত দেখুৱালে। জৰীপৰ পদ্ধতি সমূহ বুজাই ক'লে। কালিৰ নিশাৰ বৰষুণ আৰু বতাহজাক তেতিয়াও একেদৰেই আছিল। গতিকে জেছনে ক'লে,

'কাইলৈ পুৱাতে জৰীপ কৰিবলৈ ওলাম দিয়া। আজি বতৰ নাদাঙিবই কিজানি!'

পানীকাউৰী বিচাৰি

পিছদিনা পুৱাতে জেছনক লগ কৰিলোঁ। তেওঁৰ ফিল্ড ট্ৰাকখনত উঠিবলৈ দুৱাৰখন খুলি দি জেছনে ততাতৈয়াকৈ ছিটটো চাফা কৰিলে।

ছিটটোত সিঁচৰতি হৈ থকা মুগা চানেকীয়া নোমবোৰ হাতেৰে আঁতৰাই আঁতৰাই অলপ অস্বস্তিৰে মোক ক'লে,

'মোৰ কুকুৰজনী সদায় ইয়াতে বহি মোৰ লগত জৰীপলৈ যায়। তুমি কুকুৰ বেয়া নোপোৱা নহয়?'

ভিতৰলৈ জুমি চাই দেখিলোঁ, হয়! গাড়ীৰ পিছৰ ছিটত বহি আছে এজনী কুকুৰ। মুগা আৰু ক'লা ৰঙী দেহটোত এহালি শান্ত চকু। মই লাহেকৈ তাইৰ ডিঙিত হাত বুলাই দিলোঁ।

'নাই কিয় বেয়া পাম! কি নাম তাইৰ?'

'বেইলী!'

বেইলীৰ সৈতে বন্ধুত্ব গঢ়ি তুলিবলৈ মোৰ বেছি সময় নালাগিল। জেছনৰ ট্ৰাকখন বনীভিলৰ পৰা ওলাই মুছ হ্ৰদৰ দিশে গতি ল'লে। গোটেই বাটটো বেইলীয়ে পিছৰ ছিটৰ পৰাই মোৰ কান্ধত মূৰটো লগাই শান্তভাৱে আমাৰ কথা-বতৰা শুনি গ'ল।

মুছ হ্ৰদৰ পাৰত বেইলী

মুছ হ্ৰদৰ পাৰ পাই জেছন আৰু মই মিলি জৰীপৰ সা-সৰঞ্জামবোৰ উলিয়ালোঁ। হ্ৰদটো যথেষ্ট বিশাল- সেয়ে ইয়াৰ পাৰত পাঁচখন ঠাইৰ পৰা পানীকাউৰীৰ নিয়মীয়া জৰীপ হয়, জেছনে ক'লে।

এই পাৰটোৰ নাম পেলিকান পইণ্ট। তাকে প্ৰমাণ কৰি আমাৰ স্পটিং স্ক'প বা টেলিস্কোপত প্ৰথমেই ধৰা পৰিল এমেৰিকান হুৱাইট পেলিকানৰ এটা জাক। কমেও ৫০-৬০ টা পেলিকানে কিছু দূৰৈৰ পানীৰ মাজলৈ ওলাই থকা পাৰ এটাত জিৰণি লৈছে। সিহঁতৰ শুভ্ৰ দেহ, বিয়াগোম ঠোঁট আৰু জলকেলি চাই চাই মোৰ মন ভৰি গ'ল।

ক্ষন্তেক পিছতে আমাৰ সন্মুখেৰে উৰি গ'ল তিনিটা গাল চৰাই। সিহঁতৰ বগা দেহত ক'লাৰঙী মূৰ আৰু গোলাপী ঠেং দেখি চিনি পালোঁ এয়া ফেংকলিন গালৰ প্ৰজাতি।

'আহ, পানীকাউৰী!' গাল কেইটা চাই থাকোঁতেই আকাশত ধৰা দিলে আঠটা পানীকাউৰী! মই উলাহতে প্ৰায় চিঞৰি উঠিলোঁ।

সিহঁতৰ ক'লা কিচকিচিয়া দেহটোৰ একমাত্ৰ ঠোঁটটো পাতল বৰণৰ। সাপৰ দৰে ক্ষীণ আৰু দীঘল ক'লা ডিঙি। ঠোঁটৰ গুৰিতে মুখখনত থকা কমলা দাগটো দূৰৈৰ পৰাই জিলিকি আছে। সেয়ে সিহঁতক চিনি পাবলৈ মোৰ কষ্ট নহ'ল। এইবিধ চৰাই দেখাত আমাৰ অসমৰ পানীকাউৰীৰ দৰে প্ৰায় একে হ'লেও উত্তৰ আমেৰিকাৰ এই প্ৰজাতিটো ভিন্ন। এইবিধৰ নাম Double-crested Cormorant। এই জলচৰ চৰাইবিধৰ প্ৰধান খাদ্য মাছ। অসমৰ পানীকাউৰীৰ দৰেই ইহঁতেও জাক পাতি ক'লনি সাজি জলাশয়ৰ পাৰত বাস কৰে।

উত্তৰ আমেৰিকাৰ পানীকাউৰী (Double-crested Cormorant);
ফটো: ৱিকিকমন্স 

হ্ৰদৰ প্ৰতিটো খণ্ড জেছনে আঁচ টানি লৈ 'এ', 'বি', 'চি' কৈ মেপত  ভগাই ৰাখিছে। পানীকাউৰীকেইটা তাৰে কোনটো খণ্ডৰ পৰা কোনটোলৈ উৰা মাৰিলে তাকে আমি মেপত আঁকি পেলালোঁ।

'এই কাঁড়চিন আৰু ৰেখাডালেই বিশ্লেষণৰ সময়ত পানীকাউৰীবোৰে লোৱা উৰণ পথটো দেখুৱাব।' জেছনে মোক জনালে। তাৰ উপৰিও কিমান সময়ত কেইটা পানীকাউৰী দেখা পালোঁ, সিহঁতৰ ব্যৱহাৰ আদি সকলোবোৰ তথ্যৰ তেওঁ টোকা কৰি গ'ল। 

এঘণ্টাৰ সেই জৰীপত আৰু পানীকাউৰীৰ জাকে ধৰা নিদিলেহি। কিন্তু দেখা পালোঁ হ্ৰদৰ পানীত জলকেলি কৰি থকা বহুতো জলচৰ হাঁহৰ প্ৰজাতি। সেইবোৰৰো চিনাক্তকৰণ কৰি আমি টোকা কৰিলোঁ। বেইলীয়ে প্ৰথমেই মুকলি হৈ পাৰৰ জোপোহাবোৰত কিছুপৰ দৌৰি-ঢাপৰি ফুৰিলে। তাৰপিছত জৰীপৰ সময়ছোৱা আমাৰ কাষতে গা পেলাই হ্ৰদৰ ৰেহ-ৰূপ চাই ৰ'ল।

মুছ হ্ৰদত পানীকাউৰীৰ জৰীপ

'এতিয়ালৈকে কি গম পাইছা তোমালোকে?' সিদিনা মুছ হ্ৰদৰ পাৰৰ তিনি ঠাইত জৰীপ সামৰি লৈ উভতনিৰ বাটত জেছনক সুধিলোঁ।

'বহু কথাই! আচলতে পানীকাউৰীবোৰৰ কোনো বাহ বা ক'লনি ইয়াত নাই। দক্ষিণৰ হ্ৰদ এটাৰ পৰা ইহঁত ইয়ালৈ আহে। সিহঁতে খোৱা মাছবোৰ মানুহে বৰশীত ধৰি ভালপোৱা ডাঙৰ 'ৱাল আই' মাছো নহয়।'

গম পালোঁ, এই জৰীপৰ উপৰিও জেছনে পানীকাউৰীৰ পিঠিত ট্ৰেন্সমিটাৰ সংযোগ কৰি সিহঁতৰ চলন অধ্যয়ন কৰিছে; হ্ৰদৰ মাছৰ সংখ্যা আৰু প্ৰজাতি পৰীক্ষা কৰিছে; বন্যজীৱ কেমেৰা পাতিও পানীকাউৰীৰ আচৰণৰ অধ্যয়ন কৰিছে। মুঠতে মাছুৱৈ গোটৰ আপত্তিৰ সত্যতা পৰীক্ষা কৰাৰ প্ৰায় সকলোবোৰ বৈজ্ঞানিক উপায় এই প্ৰকল্পই সামৰি লৈছে।

'আমাৰ প্ৰাৰম্ভিক পৰীক্ষাত ইতিমধ্যে ধৰা পৰিছে, মাছৰ সংখ্যা কমাৰ কাৰণ পানীকাউৰী নহয়। অন্য বহুতো কাৰণ আছে। যিবোৰ মানুহেই সৃষ্টি কৰা। আজি তুমি নিজেই দেখিলা কেনেকৈ হ্ৰদবোৰৰ পাৰতে মানুহে অট্টালিকা সাজিছে, খেতিত ৰাসায়নিক সাৰ দিছে। সকলোবোৰ জাবৰ-জোঁথৰ উটি আহি হ্ৰদৰ পানী দূষিত কৰিছে।মাছৰ উপযোগী বসতিস্থান কমাই আনিছে। তাৰ উপৰিও জলবায়ু পৰিবৰ্তনৰ ফলতে পানীৰ স্তৰো কমি আহিছে। এই সকলোবোৰে মাছৰ বৈচিত্ৰতা কমাই আনিছে। মাছুৱৈ গোটৰ বাবে এইবোৰ মন কৰাটো টান কাম। সেয়ে চকুৰ সন্মুখতে দেখা পোৱা পানীকাউৰী কেইটাৰ ওপৰতে বদনাম পৰে।!'

জেছনৰ কথাখিনিয়ে মোক ভবাই তুলিলে। সঁচাই, মানুহে নিজে সৃষ্টি কৰা এনে সমস্যা বা প্ৰাকৃতিক অসমতাবোৰৰ দায়বদ্ধ্বতা কেতিয়াবা স্বীকাৰ কৰিবনে?এই ধ্বংসাত্মক কামবোৰ কেতিয়া কেনেকৈ বন্ধ হ'ব? কেতিয়া ক্ষন্তেকীয়া সমাধানৰ সলনি মানুহে সমস্যাৰ দীৰ্ঘম্যাদী সমাধানৰ গুৰুত্ব বুজি পাব? 

বনীভিল বীচ্চৰ পৰা মুছ হ্ৰদ

মিষ্টাৰ মাইকত এসন্ধ্যা

পিছদিনা ক'লীন আৰু ডায়েনায়ো জৰীপত অংশ ল'লে। জেছনক সহায় কৰিবলৈকে। এলবাৰ্টাৰ উত্তৰ-পূবত কেৱল ক'লীন, ডায়েনা আৰু ময়ে চৰকাৰী জ্যেষ্ঠ বন্যজীৱ বিজ্ঞানী। উত্তৰ-পূবৰ তিনিটা পৃথক অঞ্চলৰ বন্যজীৱ সম্পৰ্কীয় সকলো দায়িত্ব আমাৰ তিনিগৰাকীৰ ওপৰত। কিন্তু নিজৰ আগ্ৰহ অনুসৰি পানীকাউৰীৰ এই প্ৰকল্পৰ দৰে সমগ্ৰ প্ৰদেশখনতে চলি থকা যিকোনো চৰকাৰী প্ৰকল্পত সহায় কৰাৰ সুযোগ-সুবিধাও পাওঁ।

পানীকাউৰীৰ প্ৰকল্পৰ লগতে সুযোগ মিলাই এইবাৰ প্ৰথমবাৰৰ বাবে আমি তিনিওগৰাকী জ্যেষ্ঠ বন্যজীৱ বিজ্ঞানী লগ হ'লো। ক'লীনে কোৱাৰ দৰে বনীভিলত জ্যেষ্ঠ বন্যজীৱ বিজ্ঞানীৰ আক্ৰমণ!

কাম শেষ কৰি একেলগে ৰাতিৰ সাজ খোৱাৰ আয়োজন হ'ল। বনীভিলৰ মেইন ষ্ট্ৰীটতে থকা মিষ্টাৰ মাইক ৰেষ্টোৰাঁত।

খৱৰ আহিল, আজি পুৱাতে এলবাৰ্টাৰ পশ্চিম প্ৰান্তত বনজুইৰ কামত লাগি থকা চৰকাৰী হেলিকপ্টাৰ এখন দুৰ্ঘটনাত পতিত হৈছে। পাইলটগৰাকী থিতাতে নিহত হৈছে। 

খৱৰটোৱে আমাক পুনৰ যেন এক আশংকাত ডুবাই পেলালে। ইতিমধ্যে আমাৰে অন্য দুগৰাকী সহকৰ্মী হেলিকপ্টাৰ দুৰ্ঘটনাত পতিত হৈ কোনোমতে মৃত্যুমুখৰ পৰা বাচিছে। বনজুইৰ কামত অপৰিহাৰ্য্য, কিন্তু বন্যজীৱৰ জৰীপতো আমি সঘনাই হেলিকপ্টাৰ ব্যৱহাৰ কৰাটো কিমান জৰুৰী-তাৰ প্ৰশ্ন উঠিছে। আজিও তাকে লৈ বিশদ আলোচনা হ'ল।

সেই বিষয়ে যেন বাট এৰি দিলে অন্য বিষয়লৈ। চৰকাৰী কামৰ নানা প্ৰত্যাহ্বান বোৰলৈ। অন্য সকলো চৰকাৰৰ দৰেই এলবাৰ্টা চৰকাৰৰো নানা সমস্য়া আছে, নানা বিতৰ্ক আছে। চাকৰিৰ স্থায়ীত্ব আৰু সুৰক্ষা থাকিলেও সঘনাই হোৱা চৰকাৰৰ পুনৰ্সংগঠনে আমাক বাৰে বাৰে হলঠেকত পেলাই আহিছে। দীৰ্ঘম্যাদী পৰিকল্পনাত বাধা আনি দিছে। তাৰোপৰি ৰাজনৈতিক প্ৰভাৱবোৰটো থাকেই। এই পানীকাউৰী প্ৰকল্পই তাৰ এটা উদাহৰণ!

'আমি যদি প্ৰকৃতি সংৰক্ষণৰ বাবে যুঁজিব নুখুজিলোঁহেতেন,  এয়া মাথোঁ এটা চাকৰি বুলি ধৰিলোঁহেতেন তেন্তে কথাবোৰ কিজানি বহু সহজ হৈ পৰিলহেতেন!' ক'লীনে ক'লে।

ক'লীনৰ কথাষাৰ মোৰ হৃদয়ৰ গভীৰলৈকে শিপাই গ'ল। ক'লোঁ,

'ক'লীন, সেইকাৰণেইতো আমি সকলোবোৰ এই পদবীত আছোঁ। নহয় জানো? আমাৰ সাৰ্মথ্যৰে প্ৰকৃতিৰ হকে যুঁজি যাবলৈ, ভিতৰৰ পৰাই এই প্ৰক্ৰিয়াৰ সংশোধন কৰিবলৈ!'

অন্তত: মই নিজকে এইদৰেই সদায়ে সোঁৱৰাই আহিছোঁ। ক'লীন আৰু ডায়েনায়ো হয়ভৰ দিলে। দুয়ো মোতকৈ বহু বেছি অভিজ্ঞ। দুয়োৰে অৱসৰৰ সময় ওচৰ চাপিছে। মোৰযে এয়া আৰম্ভণিহে। দুয়োকে এই সুযোগতে ক'লোঁ, মোক তেওঁলোকৰ সহায় আৰু দিহা-পৰামৰ্শৰ দৰকাৰ। যিমান বাধা থাকিলেও মোৰ অঞ্চলটোত বহু হেঁপেহুৱা কাম আৰম্ভ কৰিছোঁ- উদ্যোগ আৰু প্ৰকৃতিৰ সমতা আনিবলৈ, নিজৰ সামৰ্থ্যৰে এই অপূৰ্ব ব'ৰিয়েল অৰণ্যৰ প্ৰতিৰক্ষাৰ বাবে যুঁজিবলৈ। আমি যেন তিনিও তিনিওকে নীৰৱে সেই প্ৰেৰণা আৰু মনোবল যোগালোঁ।  

সেই আলোচনাৰ মাজত ডুবি থাকি কিমান সময় পাৰ হ'ল গমকে নাপালোঁ যেন। এটা সময়ত চাৰিওফালে চাই মই অলপ চক খাই উঠিলোঁ। মানুহেৰে গিজগিজাই থকা মিষ্টাৰ মাইক কেতিয়াবাই নিজান হৈ পৰিছে। আমাৰ বাহিৰে চৌদিশৰ টেবুলবোৰ খালী। ৰেষ্টোৰাঁৰ কৰ্মীসকলো এনেয়ে ইফাল সিফাল কৰি যেন আমি যোৱালৈকে বাট চাই আছে।

'কিমান বাজিল বাৰু? মাজৰাতিয়ে হ'ল নেকি?'

'মাজৰাতি হ'বলৈ বেছি সময় নাই আৰু। উঠো আৰু ব'লা।' ঘড়ী চাই হাঁহি হাঁহি ক'লীনে ক'লে।

'ঠিকেই এইবোৰ কথাৰতো শেষ নহ'ব কেতিয়াও। আমি মাথোঁ আমাৰ কামহে কৰি যাব পাৰোঁ নহয় জানো?' মই ক'লোঁ।

'লগতে মাজে মাজে এই বন্যজীৱ বিজ্ঞানীৰ আক্ৰমণবোৰো হৈ থাকিব লাগে।'  ডায়েনাই কৈ উঠিল।

তিনিও হয়ভৰ দি ওলাই আহিলোঁ। বনীভিলত মোৰ এই শেষ নিশাটো অনুভৱৰ উখল-মাখলত বহু পৰলৈ উজাগৰী হৈ ৰ'ল।

[বি:দ্ৰ: গোপণীয়তা ৰক্ষাৰ হেতু সহকৰ্মীসকলৰ নাম সলনি কৰি দিয়া হৈছে]

পূৰ্বৰ খণ্ডসমূহ:

Friday, 30 June 2023

এলবাৰ্টা ১০৮:তৈলনগৰী ফৰ্ট মেকমাৰিত

পায়ো হেৰুওৱা জীৱন

কানাডাৰ তৈল নগৰী ফৰ্ট মেকমাৰি। এয়াৰপৰ্টৰ পৰা পোনে পোনে মোৰ অফিচলৈকে ৰাওনা হ'লোঁ। টেক্সি চলিবলৈ লওঁতেই ড্ৰাইভাৰজনে স্বগতোক্তি কৰাৰ দৰে ক'লে,

'ইমান নেৰানেপেৰা বৰষুণ!'

গাড়ীৰ খিৰিকীৰে চাই পঠিয়ালোঁ ৰিমঝিম বৰষুণে ধোৱাই নিয়া চহৰখন। সঁচাই, যোৱা সপ্তাহৰ তীব্ৰ ৰ'দ, গ্ৰীষ্মৰ বাঢ়ি অহা উষ্ণতা, বনজুইৰ তাণ্ডৱ সকলো হঠাতে থমকি ৰৈছে। পুনৰ ঠাণ্ডা ঠাণ্ডা ভাৱ এটাই আমনি কৰিছে। এই এলবাৰ্টা প্ৰদেশৰ ৰাতিটোৰ ভিতৰতে ৰূপ সলোৱা বতৰে আকৌ এবাৰ মোক বিভ্ৰান্তিত পেলাই দিছে। 

প্ৰায় দুমাহমানৰ মূৰত পুনৰ ইয়ালৈ আহিছোঁ। একেবাৰে ভিন্ন পৰিস্থিতিত, ভিন্ন কামত। যোৱাবাৰৰ দৰে মোক আগবঢ়াই নিবলৈ মোৰ সহকৰ্মী এৰিন ৰৈ থকাহি নাই। ইতিমধ্যে তেওঁ ইয়াৰ বিষয়বাব এৰি অন্য এক অঞ্চললৈ ট্ৰেন্সফাৰ লৈ গৈছে। গতিকে প্ৰদেশখনৰ প্ৰায় এক পঞ্চমাংশ এলেকা জুৰি থকা এই অঞ্চলটোৰ বন্যজীৱ পৰিচালনাৰ সকলো কাম মই অকলেই গাত পাতি লৈছোঁ।

ফৰ্ট মেকমাৰিৰ প্ৰভিঞ্চিয়েল বিল্ডিং

চহৰখনৰ ডাউনটাউনত জিলিকি আছে প্ৰকাণ্ড 'প্ৰভিঞ্চিয়েল বিল্ডিং'টো। এই বিল্ডিঙতে প্ৰাদেশিক চৰকাৰৰ সকলো বিভাগৰ কাৰ্যালয়। 'পৰিৱেশ আৰু সংৰক্ষিত বনাঞ্চল' মন্ত্ৰালয় তৃতীয় ফ্ল'ৰত। তালৈ উঠি গৈয়ে লগ পালোঁ প্ৰশাসনিক বিভাগৰ মুৰব্বী টেমীক। টেমীৰ সৈতে অন্য এগৰাকী মহিলা। মোক সম্ভাষণ জনাই টেমীয়ে চিনাকি কৰি দিলে,

'শ্যেলী, এয়া জলি। আমাৰ অফিচৰ জ্যেষ্ঠ বন্যজীৱ বিজ্ঞানী। শ্যেলী আমাৰ বিভাগৰে বিত্তীয় মুৰব্বী।জলিয়ে এতিয়া এডমণ্টনৰ পৰা কাম চম্ভালি আছে। কিন্তু এৰিন গ'লগৈ যে- সেয়ে তেওঁ এতিয়াৰ পৰা ঘনাই এই অফিচলৈ আহি থাকিব। প্ৰতিমাহে এটা সপ্তাহ ইয়াৰ পৰা কাম কৰিব।'  

মই থতমত খালোঁ অলপ! বুজিলোঁ যোৱাৰ আগতে এৰিনে তাকে কৈ গৈছে। মই ইয়ালৈ আহি কাম কৰাত যাতে একো অসুবিধা নহয় তাৰো সকলো বন্দবস্ত কৰি গৈছে। তাইৰ প্ৰতি কৃতজ্ঞ হ'লোঁ। কিন্তু চেষ্টা কৰিলোঁ ইয়াৰ কৰ্মচাৰীসকলক যাতে মিছা সপোন দেখুৱাই পিছত হতাশ কৰিব লগা নহয়। পাৰিমনে এই দূৰণিবটীয়া ঠাইখনলৈ আহোঁ বুলিলেই ইমান ঘনাই আহি থাকিবলৈ?

'তেনেকৈয়ে ভাৱি আছোঁ। যিমান দূৰ সম্ভৱ মিলাবলৈ চেষ্টা কৰিম। এইবাৰ আমাৰ প্ৰাদেশিক আৰু কেন্দ্ৰীয় চৰকাৰ আৰু তেল উদ্যোগৰ মাজৰ এখন সভা আছে। সেয়ে মিলাবলৈ সুবিধা হ'ল আৰু।' মই ক'লোঁ।

কথা সামৰি মোৰ অফিচ কোঠা পালোঁহি। আজি মোৰ প্ৰথম দিন ইয়াত! মজলীয়া জোখৰ কোঠাটোৰ একাষে চ্যুটকেছটো থ'লোঁ।  আহল-বহল ডেস্কখনেই বহুখিনি ঠাই লৈছে। দুটাকৈ চেল্ফ। চাৰিওখন দেৱালতে বন্যপ্ৰাণী সম্পৰ্কীয় কেইবাখনো প'ষ্টাৰ। বুজিলোঁ সেয়া এৰিনেই লগোৱা। এটা টাবত যথেষ্ট ডাঙৰ এজোপা জোপোহা। কি চিনিব নোৱাৰাকৈ পাতবোৰ শুকাই গৈছে। আস্‌ এৰিন যোৱাৰ পিছত অযত্নতে মৰিল কিজানি!

কম্পিউটাৰ খুলি লৈয়ো ৰৈ গ'লোঁ। এতিয়াও লান্সৰ বিৰতি চলি আছে। চকীখন ঘুৰাই লৈ কোঠাটোৰ ডাঙৰ খিৰিকীখনেৰে বাহিৰলৈ চাই পঠিয়ালোঁ। 

অফিচৰ খিৰিকীৰে ফৰ্ট মেকমাৰিৰ একাংশ

ইতিমধ্যে বৰষুণ ক্ষন্তেক থমকি ৰৈছে। নিকা হৈ পৰা ৰঙীন পাৰ্কখন জিলিকি উঠিছে। তাৰ কাষেদিয়ে বহল ঘাইপথটো। অফিচৰ সন্মুখত বগা-নীলা বাছৰ লানি।

ইমান ভিন্ন এই ঠাই!

ইমান নতুন!

এই পদবীত যোগ দিয়াৰ আজি প্ৰায় আঠমাহ হৈ গ'ল। তথাপি আজিহে প্ৰথম নিজৰ ঠাইৰ নিজৰ অফিচত বহিলোঁ!

জানিছিলোঁ, মোৰ কাম এই ফৰ্ট মেকমাৰিত। গতিকে অফিচৰ প্ৰথম পছন্দো ইয়াতে। ইয়াত নোৱাৰিলেহে এডমণ্টন। মই দ্বিতীয় ঠাইখন বাচি ল'লোঁ। কেৱল তেল উদ্যোগৰ ভিত্তিত গঢ়ি উঠা এই দুৰ্গম ঠাইত জীৱন এটাৰ কথা ভাৱিবলৈ মোৰ অসুবিধা হ'ল। বিশেষকৈ উত্তৰৰ অতিপাত শীতৰ প্ৰকোপত এনে এখন ঠাইত ছমাহ ধৰি আৱদ্ধ হৈ থাকি স্বাভাৱিক জীৱন এটা কটাব পাৰিম বুলি মনে নামানিলে।

গতিকে এই দুৰ্গম প'ষ্টিঙৰ বাবে আগবঢ়োৱা বহু লোভনীয় ব'নাচ নাকচ কৰি মই থিতাপি ল'লোঁ ৰাজধানী এডমণ্টনত।

আঠমাহৰ পিছত আজি  ইয়াত এনেকৈ ভৰি থৈ মই যেন কিছু বিভোৰ হৈ পৰিলোঁ। 

সেই সিদ্ধান্ত নকৰা হ'লে এয়া মোৰ নিজা অফিচ হ'লহেঁতেন। মোৰ ষ্টাফ সকলো অনলাইন নহৈ একেটা অফিচতে বহিলহেঁতেন। হয়তো বহু লোকৰ সৈতে এটা পেছাগত সম্পৰ্ক গঢ়ি তুলিবলৈকো কিছু সহজ হ'লহেঁতেন। এনে দুৰ্গম অঞ্চলত থকাৰ বাবে চৰকাৰে দিয়া লোভনীয় ব'নাচ আদি মিলাই এটা বিলাসী জীৱন হ'লহেঁতেন।

কিন্তু সেয়া জানো এতিয়াৰ এডমণ্টনৰ জীৱনৰ দৰে হ'লহেঁতেন? জীৱনৰ প্ৰতিটো মোৰেই আমাৰ একো একোটা সিদ্ধান্তৰে ফল নহয় জানো! সমগ্ৰ জীৱন কেৱল কামৰ দায়তে বহু ঠাইৰ বহু জীৱন আকোঁৱালি লোৱাৰ পিছত এতিয়া যে মই নিজকে প্ৰথমে ৰাখিবলৈ শিকিছোঁ! মোৰ এই সিদ্ধান্তই কামত কিছু প্ৰত্যাহ্বান আনি দিছে সঁচা, কিন্তু এটা সুখী আৰু পৰিপূৰ্ণ ব্যক্তিগত জীৱনৰো বাট মুকলি কৰিছে। অন্তত: এই মুহূৰ্তত নিজকে মই তেনেদৰেই বুজনি দিলোঁ।

চিকাৰ আৰু চিকাৰী

অফিচৰ সময়খিনিত প্ৰায়ে বহু ফোন আহি থাকে। কামৰ পৰা মূৰ তুলি প্ৰতিটো ফোন তোলা মোৰ কাৰণে অসম্ভৱ। গতিকে যেতিয়া সময় পাওঁ ভইচমেইলবোৰহে শুনোঁ।

আজিও এফালৰ পৰা ভইচমেইলবোৰ শুনি যাওঁতে এঠাইত ৰৈ গ'লোঁ,

'জলি ব....বহ.বহৰা, মই বহুত দূৰৰ পৰা ফোন কৰিছোঁ। আপোনাৰ চিঠিখন পালোঁ। আপোনাৰ লগত চিকাৰৰ বিষয়ে কথা পাতিব বিচাৰিছোঁ।'

মোৰ উপাধিটো ইমান যত্নেৰেও তেওঁ ক'ব নোৱাৰা দেখি মোৰ হাঁহি উঠি গ'ল।কিন্তু বুজিলোঁ চিকাৰ সম্পৰ্কীয় নীতি-নিয়ম সলনি হোৱাক লৈ দিয়া মোৰ চিঠিখন তেওঁ পাইছে।

এলবাৰ্টাকে ধৰি সমগ্ৰ কানাডাতে চৰকাৰীভাৱে বহনক্ষম চিকাৰ কৰাৰ অনুমতি আছে। ক'ত কি কেতিয়া চিকাৰ কৰিব পাৰি তাৰ নীতি-নিয়ম সকলো চৰকাৰেই বান্ধি দিয়ে। বছৰৰ শেষত চিকাৰীসকলে কি কি চিকাৰ কৰিলে তাৰো হিচাপ চৰকাৰৰ ওচৰত দিব লাগে। গতিকে চিকাৰ আৰু চিকাৰীৰ পৰিচালনা ইয়াৰ বন্যজীৱ পৰিচালনাৰ এটা অন্যতম অংগ।

ফোন ৰিং হওঁতেই চিকাৰীগৰাকীয়ে তুলিলে। নিজৰ চিনাকি দি লৈ ক'লোঁ,

'মেৰী, আপোনাৰ ফোন তুলিবলৈ নহ'ল, বেয়া নাপাব। কওকচোন কি কথা পাতিব খুজিছে।'

গম পালোঁ মেৰী থাকে এলবাৰ্টাৰ একেবাৰে উত্তৰৰ সীমান্তৱৰ্ত্তী অঞ্চলত। ফৰ্ট মেকমাৰিতকৈও বহু দুৰ্গম সেইবোৰ ঠাই। তাত তেওঁৰ আৰু কাষৰীয়া চিকাৰীসকলৰ চিকাৰ সম্পৰ্কীয় বিভিন্ন সমস্যাবোৰ আলোচনা কৰিব বিচাৰিছে।

ইয়াৰ খিলঞ্জীয়া লোকসকলে হাজাৰ হাজাৰ বছৰ ধৰি বহনক্ষম চিকাৰ কৰি আহিছে। আমাৰ উত্তৰ-পূবৰ জাতি-জনজাতিৰ দৰে এই লোকসকলৰ বাবেও চিকাৰ কৰাটো পৰম্পৰাগত জীৱনৰ এটা অংশ। মেৰীয়ে তেওঁৰ চিকাৰ কৰা ঠাই আৰু জ্ঞান দেউতাকৰ পৰা পাইছে। এতিয়া নিজৰ নাতিটোকো তাতে পঞ্জীভুক্ত কৰাব খুজিছে।

মেৰীৰ কথা শুনি শুনি ভাৱিলোঁ, এই বংশানুক্ৰমিক চিকাৰ আৰু চিকাৰীৰ জীৱন সম্পৰ্কে মোৰ যে এতিয়াও বহুত জানিবলৈ বাকী! 

শেষত মেৰীয়ে মোক ক'লে,

'মোৰ এটা অনুৰোধ আছে আপোনালৈ।'

'কওকচোন।'

'আপোনাক ক'লোঁৱে, মোৰ আগতে এই ঠাইতে মোৰ দেউতাই চিকাৰ কৰিছিল। বছৰে বছৰে চিকাৰৰ সকলো হিচাপ চৰকাৰৰ ওচৰত জমা কৰিছিল। কিন্তু নিজৰ জীৱনকালত দেউতাই কেতিয়াও চৰকাৰী বিষয়াগৰাকীৰ মুখেই দেখা নাপাল। আজিলৈকে ময়ো পোৱা নাই। আমাৰ এই চিকাৰ কোনেনো পৰিচালনা কৰি আছে তেওঁক মই আৰু মোৰ চুবুৰীয়া সকলোৱে লগ পাব খোজোঁ। চিকাৰৰ ইটো সিটো সমস্যাবোৰ আলোচনা কৰিব বিচাৰোঁ। আপুনি আমাক লগ কৰিব পাৰিবনে?'

মই যেন কিছু হতভম্ব হৈ পৰিলোঁ। এই চিকাৰীসকল বন্যজীৱ পৰিচালনা আৰু সংৰক্ষণৰ ক্ষেত্ৰত বহুত গুৰুত্বপূৰ্ণ। তেওঁলোকৰ সৈতে এটা পেছাগত সম্পৰ্ক গঢ়ি তোলা দূৰৈৰ কথা, জীৱনকালত যদি এবাৰ লগেই পাব নোৱাৰোঁ তেনে কেনেকৈ কিবা ভাল কাম হ'ব বুলি আশা কৰিব পাৰোঁ?

কিন্তু একেসময়তে জানোঁ, মোৰ বাবে মূৰৰ চুলিৰ সমান কাম ৰৈ আছে। কোনোপধ্যেই বহু কামত মন দিবলৈ সময় বা আহৰি নাই! 

'আপুনি কোৱা কথাটো বৰ গুৰুত্বপূৰ্ণ। মই সকলোখিনি টোকা কৰি লৈছোঁ। পিছে আমাৰ বৰ্তমান কামৰ হেঁচা বৰ বেছি। তাৰপৰা আহৰি ওলালেই লগ কৰাৰ চেষ্টা কৰিম। আপুনি কথাটো বুজিব বুলি আশা কৰিছোঁ।'

মেৰীয়ে বুজিলে। অন্তত: বুজিছে বুলি ক'লে। তেওঁৰ সৈতে কথাখিনি আলোচনা কৰাৰ কাৰণে ধন্যবাদ জনাই  তেওঁ ফোন থ'লে।

মেৰীৰ কথাখিনিয়ে, চিকাৰ আৰু চিকাৰীৰ এই পৃথিৱীখনে সিদিনা মোক বহুপৰলৈ ভাবুক কৰি ৰাখিলে।

ৱান ৱ'মেন আৰ্মি

ৱেষ্টাৰ্ন ছুইটছৰ কনফাৰেঞ্চ হ'ল। ঘুৰণীয়া মেজৰ চাৰিওফালে এগৰাকী এগৰাকীকৈ বিষয়-ববীয়া সকল গোট খাইছেহি। ময়ো সকলোকে সম্ভাষণ জনাই মেজৰ এফালে বহিলোঁগৈ।

প্ৰাদেশিক, কেন্দ্ৰীয় চৰকাৰ আৰু তেল কোম্পানীৰ মাজৰ আলোচনাচক্ৰ এয়া। মূল বিষয় তেল উদ্যোগৰ পৰা চৰাইৰ ওপৰত পৰা প্ৰভাৱ কেনেকৈ নিৰাময় কৰিব পাৰি। এৰিন যোৱাৰ পিছত এই সম্পৰ্কীয় সহযোগিতামূলক প্ৰকল্পটোত এতিয়া কেৱল ময়ে প্ৰাদেশিক চৰকাৰৰ প্ৰতিনিধি।

মনত পৰিল, এই চাকৰিত যোগ দিয়ে পিছৰ মাহত এই আলোচনাচক্ৰলৈ অহাৰ কথা। কোঠাটোত সোমায়ে সিদিনা বাঘৰ চোঙত সোমাই পৰা যেন ভাৱ হৈছিল। ইমানবোৰ বিয়াগোম তেল কোম্পানীৰ বিষয়া! সকলোৱে কৌতুহলেৰে বাট চাই আছিল প্ৰাদেশিক চৰকাৰৰ নতুন বন্যজীৱ বিজ্ঞানীগৰাকীয়েনো কি কয় চাবলৈ।

আজি তেনে ভাৱ নাহিল। সকলোকে প্ৰায় চিনি পোৱা হৈছোঁ। কামবোৰৰ সৈতেও পৰিচিত হৈছোঁ। এইবাৰ মোৰ মূল উদেশ্য প্ৰাদেশিক চৰকাৰৰ মূল বক্তব্য উপস্থাপন কৰা। অতবছৰে ৰৈ যোৱা কামবোৰ আগবঢ়োৱা। উদ্যোগ আৰু প্ৰকৃতিৰ এই যুঁজখনত প্ৰকৃতিৰ হৈ মাত মতা, দুয়োটাৰ মাজত এটা বহনক্ষম সমতা বিচৰা।

লেপটপ খোলোঁতেই দেখোঁ, জেছিকা আহি মোৰ কাষত থিয় দিছেহি।

'হাই জেছিকা, কি খৱৰ?' হাঁহি মাৰি সুধিলোঁ। জেছিকা এই মুলুকৰ আটাইতকৈ প্ৰভাৱশালী তেল কোম্পানীটোৰ প্ৰকল্প নেতৃ।  জেছিকাৰ কোম্পানীৰ এলেকাত বন্যপ্ৰাণীৰ অলেখ-অসংখ্য সমস্যা। গতিকে সেই লৈ আমাৰ মাজতো অলেখ আলোচনা চলি থাকে।

'ভাল, ভাল। তোমাৰ কেনে? তুমি এতিয়া অকলেই গোটেইবোৰ কৰি আছা নেকি?'

মই হোহোৱাই হাঁহি পেলালোঁ। কথাষাৰৰ সুৰটো শুনি ভাৱ হ'ল যেন এই যুঁজৰ দুটা ভিন্ন পক্ষৰ সেনাপতি আমি। জেছিকাই যেন জুখিহে চাব খুজিছে আমাৰ পক্ষৰ ভিতৰুৱা ৰূপটো। ময়ো হয়তো সেই ভাৱেৰেই উত্তৰ দিলোঁ,

'নাই নাই, মোৰ টিমৰ সকলোৱে সহায় কৰে। এৰিনৰ ঠাইত নতুন এগৰাকী বন্যজীৱ বিজ্ঞানীও নিযুক্তি দিয়াৰ প্ৰক্ৰিয়াও আৰম্ভ হৈছে।' 

ক'লোঁ যদিও মোৰ নিজকে ভিতৰি ভিতৰি ৱান ৱ'মেন আৰ্মি যেন লাগিল। কিন্তু বহু হেঁচাত দোঁ খাই হাওলি পৰিলেও যেন সেই সাহসী মুখাখন পিন্ধি থাকিবই লাগিব, যুঁজি থাকিবই লাগিব। সেয়া যেন এই যুঁজৰ প্ৰথম চৰ্ত!

পিছৰ সকলো আলোচনাতে মই নিজৰ অজানিতেই যেন 'মই'ৰ সলনি 'আমি' ক'বলৈ ধৰিলোঁ। 

ভালুকৰ দেশত দৌৰ

অৱশেষত বৰষুণজাক এৰিল। উজ্বল ৰ'দজাকে পলকতে আকৌ গৰমৰ দিনবোৰ আনি দিলে। এতিয়া দিনবোৰ বৰ দীঘল। নিশা দহমান বজাতহে চিকিমিকি আন্ধাৰ নামে।

আলোচনাচক্ৰৰ শেষত সিদিনা ভাগৰুৱা দেহ-মন লৈও দৌৰিবলৈ ওলাই আহিলোঁ। মোৰ এসপ্তাহৰ এপাৰ্টমেণ্টৰ কাষতে বাৰ্চ উড নামৰ এখন অৰণ্য। ফৰ্ট মেকমাৰিত চহৰৰ ইমান কাষতে এইখনেই একমাত্ৰ অৰণ্য।

ঘৰৰ পৰা ওলোৱাৰ আগতে কঁকালৰ বেল্টত ওলোমাই ল'লোঁ বিয়েৰ স্প্ৰেটো। ইয়ালৈ আহিম বুলি কওঁতেই সহকৰ্মী ব্ৰেটে কৈছিল, 'স্প্ৰে নোলোৱাকৈ হাবিত নোসোমাবা দেই। এতিয়া গৰম দিন- য'তে ত'তে ভালুক ওলাব পাৰে।'

তাকে কৈ ক্ষান্ত নাথাকি ব্ৰেটে স্প্ৰে দুটা কিনি লৈ ফৰ্ট মেকমাৰিৰ অফিচলৈ আগতীয়াকৈ পঠায়ো দিলে।

হাবিতলীয়া বাটেৰে ইয়াৰ আগতেও বহুত দৌৰিছোঁ। কিন্তু বিয়েৰ স্প্ৰে লৈ দৌৰাৰ আজি প্ৰথম অভিজ্ঞতা। বাটৰ দুয়োকাষৰ বাৰ্চ গছবোৰৰ সেউজীয়াই মনটো জুৰ পেলাই দিলে। যোৱা কেইদিনৰ কামৰ ভাগৰো যেন আঁতৰি গ'ল। ইমান অপৰূপ, ইমান নিজান এই ঠাই!

ফৰ্ট মেকমাৰিৰ বাৰ্চ উড ট্ৰেইল

কিন্তু যিমানেই হাবিৰ ভিতৰলৈ সোমালোঁ, সিমানেই মোৰ মনটো অৰণ্যৰ সেউজীয়া বা চৰাইৰ কাকলিৰ সলনি ভালুকৰ সৈতে হ'ব পৰা দেখা-সাক্ষাতৰ সম্ভাৱনাটোৱেহে বন্দী কৰি থ'লে। খোজ কাঢ়িলে অন্তত: লাহে লাহে সাৱধানেৰে চাই যাব পাৰি। দৌৰি যাওঁতে যেন হঠাৎ মুখতেই পৰিমগৈ।

তথাপিও দৌৰি থাকিলোঁ। মাজে মাজে বিয়েৰ স্প্ৰেটোত হাত দি থাকিলোঁ। 

এটা কেঁকুৰিত হাবিৰ মাজত কিবা এটা দেখা পাই ঘপকৈ ৰৈ গ'লোঁ!

আহ, ভালুকেই নেকি সেইটো! জোপোহাৰ মাজত যেন বহি আছে।

ভালকৈ চাই দেখোঁ, নহয়। সেইটো গছৰ মুঢ়াহে!!

এইবাৰ ঠিক কৰিলোঁ, এনেকৈ ইমান ভয়-আশংকাৰে দৌৰিব নোৱাৰি দেই! সেয়ে হাবিৰ মাজৰ পৰা ওলাই সীমাৰ ট্ৰেইলত উঠিলোঁ। সেইখিনি ঠাই যথেষ্ট মুকলি। সোঁকাষে অটব্য অৰণ্য যদিও বাওঁফালে মুকলি ঘাঁহনি। সেইপিনেই চহৰখন আৰম্ভ হৈছে। বুজিলোঁ সেইফালে ভালুকবোৰ গ'লে যাতে সহজে চকুত পৰে তাৰ বাবেই এই ব্যৱস্থা। ঘাঁহনিত সৰু ল'ৰা-ছোৱালীবোৰে খেলিছে। মাক-দেউতাকে মোৰ দৰেই ট্ৰেইলত খোজ কাঢ়িছে, কিছুমানে দৌৰিছে।

বাৰ্চ উডৰ সীমামূৰীয়া ট্ৰেইল

আগতকৈ যথেষ্ট সকাহেৰে এইবাৰ সেই বাটেৰে দৌৰিবলৈ আৰম্ভ কৰিলোঁ।

********************

সপ্তাহৰ শেষৰ দিনটোত টেমীয়ে মোক এয়াৰপৰ্টত নমাই গ'লহি। বিদায় দিয়াৰ পৰত ক'লে,

'তেন্তে পিছৰবাৰ অহাৰ আগেয়ে জনাবা, তুমি থাকোঁতেই আমি সমজুৱাকৈ অফিচত এসাঁজ খাম।'

'নিশ্চয়!' এইবাৰ  প্ৰথমদিনাতকৈ যথেষ্ট প্ৰত্যয়েৰে মই ক'লোঁ।

যেন এসপ্তাহৰ ভিতৰতে মোৰ বিশ্বাস এটা আহিছে। এডমণ্টন আৰু ফৰ্ট মেকমাৰি- দুয়ো ঠাইৰ দুয়োটা ভিন্ন জীৱন মই ভিন্ন উপায়েৰে আকোঁৱালি লোৱাৰ যেন এটা বাট মুকলি হৈছে। 

পূৰ্বৰ খণ্ডসমূহ:

Sunday, 11 June 2023

এলবাৰ্টা ১০৭: এডমণ্টনত গ্ৰীষ্ম

 (ক) দেশ-বিদেশ

ব'নী ডুন কমিউনিটি চেণ্টাৰ। শনিবাৰৰ ৰাতিপুৱা যদিও ৰ'দজাক চোকাকৈ ওলাইছে। ইয়াত জাৰৰ প্ৰকোপ যেনে গ্ৰীষ্মৰো তেনে। হঠাতে পৰা গৰমৰ প্ৰতাপত মানুহবোৰ খপজপকৈ যেন সাজু হৈছে। পাহৰি পেলাইছে বৰফাবৃত শীতৰ দিনবোৰৰ কথা। বৰফ গলি মুকলি হৈ পৰা চোতালত ফুলনি আৰু শাকনি পাতিছে। পুৱাই বাটে বাটে দৌৰা, চাইকেল চলোৱা মানুহে ভিৰ লগাইছে। এই দিনবোৰে আনি দিয়া সজীৱতাখিনি আকোঁৱালি লৈয়ে ময়ো আজি ছুইমিং পুলত।

এডমণ্টনৰ চুবুৰীয়ে চুবুৰীয়ে থকা কমিউনিটি চেণ্টাৰবোৰৰ দৰেই এই চেণ্টাৰতো পৰিয়াল-বন্ধু বান্ধৱৰ সৈতে খেলা, ব্যায়াম বা সাঁতোৰাৰ অনেক ব্যৱস্থা। যোৱা কেইমাহমানৰ পৰা ইয়াৰ ছুইমিং পুললৈ আহিবলৈ লৈছোঁ। শিকোঁ শিকোঁ বুলিও ৰৈ যোৱা সাঁতোৰ শিকিবলৈ প্ৰতি সপ্তাহে চেষ্টা কৰিছোঁহি। 

আজিও পোনেই গৈ লেন'ত নামিলোঁ। অন্যদিনাৰ দৰে বেছি ভিৰ নাই। মোৰ গগলছ লগাই লৈ লাহে লাহে সাঁতুৰি আগবাঢ়িলোঁ। ওপৰলৈ মুখ কৰি চিত হৈ দিয়া চিলনী সাঁতোৰ ঠিকেই শিকিছোঁ। কিন্তু পুলৰ সিপাৰৰ দ' অংশলৈ যাবলৈ এতিয়াও সাহস হোৱা নাই। সেয়ে সাঁতুৰি গৈ পুলৰ ঠিক মাজ পায়ে ৰৈ গ'লোঁ। লেন ভাগ কৰা চিনটোৰ একাষে থমকি ৰৈ ভাৱিলোঁ, 

'গৈ চাওঁ নেকি আজি? লাইফগাৰ্ডবোৰতো ঘুৰিয়ে ফুৰে। সাঁতুৰিব নোৱাৰিলে ধৰিব নহয়!'

'হাই!' কাষতে মাতটো শুনি চক খাই উঠিলোঁ। 

সিমূৰৰ পৰা সাতুঁৰি আহি আহি ঠিক মোৰ কাষতে ৰৈ গৈছেহি এজন ডেকা ল'ৰা। লনী দেহৰ ল'ৰাজনৰ ৰঙচুৱা কেকুঁৰা চুলি, ৰঙচুৱা দাড়ি- যাক ইয়াত কয় আদাবৰণীয়া (জিঞ্জাৰ) বুলি।

কি ক'লে ধৰিব নোৱাৰি গগলছযোৰ খুলি লৈ মুখৰ পানীখিনি টুকি লৈ ক'লোঁ, 'ছ'ৰি, কিবা কৈছিল?'

'তুমি ফিলিপিন' নেকি?' তেওঁ কৌতুহলেৰে মোলৈ চাই থাকি সুধিলে।

'নহয়, মই ভাৰতীয়।' কৈ ভাৱিলোঁ আৰু কিবা ব্যখ্যা দিমনে! 

এই প্ৰশ্নটোৰ উত্তৰ দি দি কেতিয়াবা আমনি লাগি যায় মোৰ। মোৰ মংগোলীয় ঠাচৰ চেহেৰা বহুতে ভাৰতীয় বুলি অনুমানেই কৰিব নোৱাৰে। আনকি ভাৰতীয় মানুহেও সেই ভুল কৰে। সাধাৰণতে মই নিজে ঠিক কৰি লোৱা নিয়মটো হ'ল, ভাৰতৰ বাহিৰৰ মানুহ হ'লে ক'ম ভাৰতৰ বৈচিত্ৰ্যৰ কথা- উত্তৰ-পূব কোণত থকা মানুহবোৰৰ কথা, তাৰ থলুৱা কলা-সংস্কৃতিৰ কথা। যেন বিদেশী চিনাকি-অচিনাকি মানুহবোৰক অসমৰ বিষয়ে জনোৱাৰ সেয়া এক সোণালী সুযোগ বুলিয়ে গ্ৰহণ কৰিব খোজো।

কিন্তু ভাৰতীয় হ'লে মোৰ অসমীয়া জাতীয়তাবাদে আৰু আত্মসন্মানবোধে বাট ভেঁটা  দি ধৰে। নিজৰ দেশৰ বিষয়ে জনাটো সকলোৰে কৰ্তব্য নহয় জানো? বিচাৰিলে নিজেই ভূগোল-ইতিহাস-গুগুল চাই অসমৰ বিষয়ে শিকি ল'ব। কোনো ভাৰতীয়ক সেইবিষয়ে মই নিজে ক'বলৈ নাযাওঁ। সেইটো যেন মোৰ সন্মানত আঘাত লগা কথা।

কিন্তু এই আদাবৰণীয়াক কি কোৱা যায়? মই ঠিক কৰাৰ আগেয়ে তেওঁ ক'লে,

'তোমাৰ মা-দেউতা কোনোবা ফিলিপিন' নেকি?'

'নহয়।' ইচ্ছাকৃতভাৱেই মই তাতোকৈ বেছি একো নক'লোঁ। চাওঁচোন এওঁ কথা কিমান দূৰলৈ টানে!

'সঁচাই? তুমি ফিলিপিনছ'ত থাকিছা নেকি কেতিয়াবা?'

এইবাৰ মোৰ ধৈৰ্য্য হেৰাল! মুঠতে তেওঁ যে মোক ফিলিপিন' বুলি অনুমান কৰিলে কিবা-প্ৰকাৰে হ'লেও তাৰ প্ৰতিপাদন (ভেলিদেশ্য'ন) লাগে যেন।

'নহয়, মোৰ ফিলিপিনছ'ৰ লগত একো সম্পৰ্ক নাই। মাথোঁ দেখাত মই তেনে। মানুহে মোক প্ৰায়ে ভুল কৰে ফিলিপিন' বুলি!'

এইবাৰহে তেওঁ সন্তুষ্ট হ'ল যেন। কেৱল তেৱেঁ নহয়, বহুতে কৰে সেয়া। 

বহুতে!

পিছৰ সপ্তাহত পুনৰ সেই একেই কমিউনিটি চেণ্টাৰ। একেই ছুইমিং পুল। পানীৰ এই নতুন পৃথিৱীখনে মোৰ দেহ-মন যেন সজীৱ কৰি আনিছে। এটা নতুন নিচাৰ দৰে হৈ পৰিছে এই পানীৰ খেলা। পিছে এইবাৰো সিমূৰৰ দ' অংশলৈ যোৱাক লৈ মোৰ একেই গুণাগথা চলিল।

লাইফ জেকেট পিন্ধি যাওঁ নেকি?

নাই সাঁতুৰিব পাৰোঁৱে দেখোন। লাইফ জেকেট পিন্ধি গ'লে সাঁতোৰা যেনেই নালাগিব!

এনেতে মোৰ কাষৰ মহিলাগৰাকীয়ে কিবা এষাৰ কোৱা যেন লাগিল। ঘুৰি চাই দেখোঁ, মংগোলীয় মুখৰ দুগৰাকী মধ্যবয়সীয়া মহিলা। মই চোৱা দেখি প্ৰথমগৰাকীয়ে একেষাৰকে আকৌ দোহাৰিলে। এইবাৰ বুজিলোঁ, তেওঁ মেণ্ডেৰিন ভাষাত কথা কৈছে!মোৰ চীনা বন্ধু-বান্ধৱৰ মুখত শুনি শুনি সেয়া যে মেণ্ডেৰিন ধৰিবলৈ অসুবিধা নহ'ল।

'আপুনি কি কৈছে মই একো বুজিব পৰা নাই।' ইয়াৰ পিছৰ কথোপকথন কেনেকৈ যাব জানিও নজনাৰ দৰেই ক'লোঁ।

এইবাৰ তেওঁ আচৰিত হৈ ইংৰাজীত ক'লে,

'তুমি চাইনিজ নহয় জানো?' 

'নহয়, মই ভাৰতীয়।' শুনিয়ে তেওঁৰ দুচকু বহল হৈ পৰিল। দুয়ো মহিলাই খুকখুকাই হাঁহি পেলালে। মই হাঁহিত হাঁহি মিলাই লৈ এইবাৰ পানীত জাপ দিলোঁ।

সেইবোৰৰ পৰা মন আঁতৰাই এইবাৰ বৰ একমনে পুলৰ দ' অংশলৈ বুলি আগবাঢ়িলোঁ। 'এইবাৰ পাৰিমেই! পাৰিমেই' বুলি মনতে আওৰাই আওৰাই সাঁতুৰি গৈ থাকিলোঁ।

আৰু তেনেকৈয়ে আজি তিনিমাহৰ চেষ্টাৰ অন্তত নিজেই সাঁতুৰি পুলৰ সিপাৰ পালোঁগৈ! 

সিপাৰৰ সীমা চুই সন্তুষ্টি আৰু গৌৰৱেৰে যেন মনটো ভৰি পৰিল। ইয়ালৈ প্ৰথম অহাৰ দিনা একঁকাল পানীতে ডুবিম বুলি ভয় খাইছিলোঁ! শৈশৱৰে পৰা মোক কাবু কৰি ৰখা সেই অহেতুক ভয়ে আজিৰ পৰা সঁচাই মোৰ পাছ এৰিব! কি এক মুকলি বিজয়ীৰ অনুভৱে যেন মোক বুৰাই পেলালে। অকলে অকলেই হাঁহি পেলালোঁ।

'তুমি ক'ল'ম্বিয়ান নেকি?' 

আহ্‌ আজি কিহে পালে মোক? এইবাৰ আকৌ কোন ওলাল? চাই দেখোঁ সীমাৰ এটা কোণত মোৰ ফালে থৰ লাগি চাই আছে এজন মংগোলীয় ঠাচৰ ব্যক্তিয়ে।

মনটো অলপ ৰেঙালে। তথাপিও ক'লোঁ, 'নহয়, মই ভাৰতীয়।'

'আহ, তুমি মোক বাৰুকৈয়ে মূৰ্খ সাজিলা দেই!'

'যি দেখিছোঁ, মই বহুত মানুহকেই এইটো কথাত মূৰ্খ সাজোঁ।' মোৰ মাতত কিছু তিক্ততা।

'ঠিকেই ঠিকেই, ভাৰত বহুত ডাঙৰ আৰু বৈচিত্ৰ্যময় নহয় জানো! তুমি কিজানি উত্তৰ-পূবৰ পৰা আহিছা?'

এইবাৰ মোৰ আচৰিত হোৱাৰ পাল। ক'লোঁ, 

'হয়, মই অসমৰ। উত্তৰ-পূবৰ বুলি আপুনি কেনেকৈ জানিলে?'

'মই মোৰ ভূগোল জানো।' তেওঁ হাঁহি হাঁহি ক'লে।

'মই ইম্প্ৰেছড! আজিলৈকে কিমান মানুহে যে মোক এই প্ৰশ্নটো সুধিছে। কোনেও কিন্তু ভাৰত বুলি কোৱাৰ পিছতো এনেকৈ ক'ব পৰা নাই।'

এইবাৰ তেওঁ কিছু গহীনভাৱে ক'লে, 'তাত ইম্প্ৰেছড হ'বলগীয়া একো কথা নাই। মই ভিয়েটনামিজ, আমেৰিকান নহয়। আমেৰিকানবোৰহে ভূগোলত কেঁচা। সিহঁতে নিজৰ দেশখন আৰু বন্ধুকৰ বাহিৰে বাকী একো চিনি নাপায়!'

মোৰ মুখ মেল খাই গ'ল। কথাষাৰত বৰ্ণবাদৰ সুৰ নিহিত হৈ থাকিলেও তাৰ সততাখিনিও যেন নুই কৰিব নোৱাৰিলোঁ। 

তেওঁৰ কথাত হয়ভৰ দিয়ে মই আকৌ পুনৰ পুলৰ সিটো পাৰলৈ বুলি পানীত হাত-ভৰি মেলি দিলোঁ।

এডমণ্টনত গ্ৰীষ্ম

(খ) বিদেশত আপোন মানুহ 

এডমণ্টনত শীতে মেলানি মগাৰ পৰতে এদিন ফে'চবুকত এটা প'ষ্ট দেখা পালোঁ। 

এডমণ্টনত ৰঙালী বিহু! 

লগে লগে কোনে ক'ত পাতিছে খুঁচৰিলোঁ। যোৱাৰ ইচ্ছা আছে বুলি কোৱাৰ লগে লগে এডমণ্টনৰ এগৰাকী অসমীয়াই ফোন কৰিলে। 

বাচ্‌ তেনেকৈয়ে সকলো ঠিক হৈ গ'ল! ব'হাগৰ প্ৰথম দিনটোত গৈ লগ পালোঁ এডমণ্টনত থিতাপি লোৱা বহু ন-পুৰণি অসমীয়া। পিঠা-পনা-জলপানেৰে বিহু খালোঁ। সকলোৰে লগত থিয় দি 'অ' মোৰ আপোনাৰ দেশ' গালোঁ, দুপাকমান বিহুও নাচিলোঁ। দিনটোৰ শেষত ভাৱেই নহ'ল যে সকলোকে সেইদিনাহে প্ৰথম লগ পাইছোঁ, ভাৱেই নহ'ল সেই দিনটো অসমত নহয়, সাত সাগৰ তেৰ নদীৰ সিপাৰে কানাডাত আছোঁ!

তাৰপিছৰে পৰা যেন এডমণ্টনত মোৰ জীৱনৰ সুঁতিত এটা নতুন জোৱাৰ আহি পৰিল। প্ৰায়ে অসমীয়া সমাজৰ ইজন-সিজনৰ সৈতে লগ কৰা হ'লোঁ। ইফালে-সিফালে যোৱা হ'লোঁ। বহুদিনীয়া চিনাকিৰ দৰেই ময়ো সোনকালেই যেন সকলোৰে মাজৰ এজন হৈ পৰিলোঁ।

কৰ্মসূত্ৰে আজি প্ৰায় পোন্ধৰ বছৰ অসমৰ বাহিৰত আছোঁহি। ভাৰত বা বিদেশতো ক'তো কেতিয়াও এনেকৈ অসমীয়া সমাজ এখন পোৱা নাছিলোঁ। পোৱাৰ আশাও কৰা নাছিলোঁ। যেন লাহে লাহে গ্ৰহণ কৰি লৈছিলোঁ অসমৰ সৈতে মোৰ সম্পৰ্ক কেৱল অনলাইন কথা-কাম  আৰু বছৰেকীয়া 'ঘৰলৈ যোৱা' পৰ্বতে সীমাবদ্ধ।

এডমণ্টনৰ অসমীয়া সমাজে হঠাতে সেই বদ্ধমূল ধাৰণাবোৰ যেন মোহাৰি পেলালে! বিভিন্ন সময়ত অসমৰ পৰা আহি ইয়াত থিতাপি লোৱা ভিন্ন বয়সৰ অসমীয়া সকল যেন এক সমন্বয় আৰু বিবৰ্তনৰ চানেকি হৈ ধৰা দিলেহি মোৰ আগত। আমি সকলোৱেই হয়তো সাত সাগৰ তেৰ নদীৰ সিপাৰে এই নতুন জীৱনত ভিন্ন ৰূপত বিবৰ্তনৰ  বাট বুলিছোঁ। কিন্তু দুয়ো ঠাইৰ জীৱন-ধাৰা আৰু সংস্কৃতিৰ সমন্বয়ৰ মাজতো আমাৰ সকলোৰে সিৰাই সিৰাই বৈ আছে অসমীয়াৰ তেজ।

সেইবাবেই মোৰ এডমণ্টনৰ দৈনন্দিন জীৱনত নতুনকৈ যোগ হ'ল সৰু সৰু সুখবোৰ। 

অসমীয়াত কথা পতাৰ সুখ। 

অসমৰ কথা পতাৰ সুখ। 

অসমীয়া খাদ্যক লৈ, গানক লৈ নষ্টালজিক হৈ পৰাৰ সুখ। 

বিদেশী বন্ধু-বান্ধৱৰ সৈতে পাতিলে বহু কথাত কৰি অহাৰ দৰে কোনো ব্যখ্যাৰ প্ৰয়োজন নোহোৱাকৈ ভাল লগাবোৰত হঁহাৰ, বেয়া লগাবোৰক লৈ বিষাদগাৰ কৰিব পৰাৰ সুখ। ঘড়ীৰ কাঁটাৰ লগত চলাত অভ্যস্ত হৈ পৰা জীৱনটোত 'আহা এনেয়ে আড্ডা মাৰোঁ' বুলিলেই গৈ ওলোৱাৰ সুখ।

জীৱনত প্ৰথমবাৰৰ বাবে মোৰ প্ৰিয় দুখন ঠাই কানাডা আৰু অসম একেলগে পোৱাৰ সুখ!

বিহুত এডমণ্টনৰ অসমীয়া (ফটো: মণীষ)

(গ) লেখকৰ আড্ডা

ৰিমেডী কেফে। অন্যদিনাৰ দৰেই কেফেখনৰ একোণত দীঘল টেবুলখনত সকলোৱে নিজৰ নিজৰ লেপটপ উলিয়াই লৈছে। দহগৰাকীমান চিনাকি-অচিনাকি মানুহৰ মুখ। নতুন কেইগৰাকীমানে সোমায়ে কিছু ইতস্ততভাৱে সুধিছেহি,

'এইটোৱে লেখকৰ মীট আপ নহয় জানোঁ?

'হয়, হয়। সোমাই আহা।'পুৰণি সদস্য এগৰাকীয়ে মাত দিছে।

চাহ-কফিৰ পিয়লাবোৰ লৈ সকলো বহে মানে আয়োজক ডায়েনাই চিনাকি দিবলৈ আৰম্ভ কৰিছে,

'মই ডায়েনা। এই মীট আপৰ আয়োজক। আমি দেওবাৰে এনেকৈ লগ হওঁ, চমূকৈ চা-চিনাকি দিওঁ আৰু দুঘণ্টা লিখোঁ। সেইকাৰণে আমাৰ আড্ডাৰ নাম- 'জাষ্ট ৰাইট'। এতিয়া এজন এজনকৈ আপোনালোকৰ চিনাকিও দিয়কচোন।'

নতুন-পুৰণি মুখবোৰে চিনাকি দিবলৈ আৰম্ভ কৰিলে। কোনোবাই কল্পবিজ্ঞানৰ কাহিনী লিখিছে, কোনাবাই কবিতা, কোনোবাই আকৌ পূৰ্বে প্ৰকাশিত নিজৰ গ্ৰন্থখনৰ পুনৰ সংকলনৰ কাম কৰিছে। সকলোৱে বিচাৰি আহিছে, দুঘণ্টা ধৰি কিবা এটা লিখাৰ বাবে কিছু প্ৰেৰণা।

মোৰ পালো পৰিল। ক'লোঁ,

'মই এই এলবাৰ্টা প্ৰদেশত নতুন। গতিকে শেহতীয়াকৈ ইয়ালৈ আহি হোৱা অভিজ্ঞতাবোৰকে লিখি আছোঁ।'

'তুমি আমাৰ এই লেখকৰ আড্ডাৰ কথাও লিখিবা নেকি তেনে?' আগতে কেইবাবাৰো লগ পাই চিনাকি হৈ পৰা শ্বেনে হাঁহি হাঁহি মোক সুধিলে।

'হয়, লিখিম। মই এই লেখকৰ আড্ডাতে বহি লেখকৰ আড্ডাৰ কাহিনী লিখিম এদিন।' 

গোটেইবোৰে হোহোৱাই হাঁহি উঠিল। ডায়েনাই তাৰ মাজতে ক'লে,

'কিন্তু নতুন কেইগৰাকীয়ে হয়তো নাজানে, জলিয়ে অসমীয়াতহে লিখে। গতিকে আমাৰ দাবী হ'ল, তুমি এদিন অসমীয়াৰ পৰা ইংৰাজীলৈ অনুবাদ কৰি শুনাবা কিনো লিখিছা।'

মই হাঁহি হাঁহি মুৰ দুপিয়ালোঁ। কিন্তু প্ৰতিশ্ৰুতি নিদিলোঁ। সেয়া যে ভৱিষ্যতৰ কথা! বৰ্তমান মোৰ কাহিনীৰ পাঠক কেৱল অসমীয়া!

(ঘ) ডাক্তৰ টাৰিক 

ডাক্তৰ টাৰিকৰ চেম্বাৰত। মোৰ ফেমিলি ডাক্তৰ। মোৰ সকলো অসুখ-বিসুখ, স্বাস্থ্যসম্পৰ্কীয় কথাৰ ভৰসা! মোক দেখিয়ে তেওঁ স্বভাৱসূলভ হাঁহিটো মাৰি ক'লে,

'আৰে, বহুদিনৰ মূৰত তোমাক দেখা পালোঁ। কি খৱৰ?'

'ভাল ভাল। আপোনাৰ কেনে? খুউব ব্যস্ত যেন দেখিছোঁ।'

'মোৰো ভাল। ডাক্তৰ মানুহৰ জানো ব্যস্ততা কমিব!'

ডাক্তৰ টাৰিক মূলত: মধ্য-পূব দেশীয়। মানুহজনক প্ৰথম লগপোৱাৰে পৰা মোৰ সহৃদয়তা গঢ়ি উঠিছে। আজিও তেওঁ বৰ আন্তৰিকতাৰে খা-খৱৰ ল'লে। 

মোৰ নৈমিত্তিক ঔষধখিনি প্ৰেছক্ৰিপশ্যনত লিখি থকাৰ মাজতে তেওঁ সুধিলে,

'কেনে পাইছা এডমণ্টন? গৰমদিন বোৰ কেনে হয় জানো ইয়াত?

'ময়ো তাকে চাবলৈ ৰৈ আছোঁ। এডমণ্টনত মোৰ এয়াই প্ৰথম গ্ৰীষ্ম। আমি দুয়ো একেসময়তে এডমণ্টনলৈ আহিছিলোঁ, মনত আছেনে আপোনাৰ?'

তেওঁ হাঁহি হাঁহি ক'লে, 'আছে আছে। কিয় নাথাকিব। জাৰৰ প্ৰকোপত কি অৱস্থা হৈছিল সেইয়াও মনত আছে।'

ঠিকেই, শেষৰবাৰ এডমণ্টন বৰফে ঢাকি থোৱাৰ পৰত এবোজা উমাল কাপোৰ মেৰিয়াই মই তেওঁক লগ কৰিবলৈ আহিছিলোঁ। দুয়ো মিলি ইয়াৰ অতিপাত ঠাণ্ডাক লৈ বিষাদগাৰ কৰিছিলোঁ। মোৰ ঠিকেই মনত পৰিল।

যোৱাৰ পৰত দুৱাৰলৈকে আগবঢ়াই থৈ ডাক্তৰ টাৰিকে ক'লে,

'তোমাক আগতকৈ বহুত ভাল দেখিছোঁ জলি। সুখী দেখিছোঁ।'

'থেংক ইউ।' মোক যেন এছাটি সুকোমল বতাহে জোকাৰি গ'ল। ডাক্তৰ টাৰিক যেন হঠাতে মোৰ জীৱনৰ এটা প্ৰসংগ বিন্দু হৈ দুচকুত ধৰা দিলে!

যোৱাবাৰ তেওঁক লগ কৰিবলৈ আহোঁতে কি এক যুঁজত ব্যতিব্যস্ত হৈ আছিলোঁ ! ভেনকুভাৰত এৰি অহা জীৱনটোৰ স্মৃতিয়ে ম্ৰিয়মাণ কৰি থৈছিল মোক। এই নতুন চহৰৰ শীতৰ তাণ্ডৱ আৰু নতুন চাকৰিৰ প্ৰত্যাহ্বানবোৰে চেপি ধৰিছিল যেন। যোৱাবাৰ ডাক্তৰ টাৰিকক লগ কৰিবলৈ আহিছিল মোৰ ঠাইত এক ক্লান্ত যুঁজাৰু!

মাথোঁ কেইটামান মাহৰ পিছতে জীৱনে যেন পুনৰ খোপনি পুতিছে এই নতুন চহৰত। হেঁপাহৰ এখন ঘৰ হৈছে। এই চহৰৰ চুকে কোণে ভালপোৱা বহু নতুন ঠাই হৈছে। ভালপোৱা বহু কাম আৰম্ভ হৈছে। ভালপোৱা এখিনি মানুহ হৈছে। ভেনকুভাৰক বুকুৰ একোণত লৈও এডমণ্টনৰ এই জীৱন ভাল পাবলৈ, মনৰ হেঁপাহেৰে উপভোগ কৰিবলৈ শিকিছোঁ -নতুনকৈ!

এনেকৈয়েতো জীৱনে নতুন মোৰ লয়। বাট দেখুৱাই লৈ যায়- নতুন আপোনত্বৰ, নতুন সপোনৰ, সুখ আৰু পৰিপূৰ্ণতাৰ।

পূৰ্বৰ খণ্ডসমূহ:

Sunday, 30 April 2023

এলবাৰ্টা ১০৬: দৈনন্দিন

কানাডাৰ পশ্চিমীয়া নগৰ এডমণ্টনত বসন্তৰ এটি ৰাতিপুৱা। কোনো আগজাননী নোহোৱাকৈ অহাৰ দৰেই শীতৰ দিনবোৰে ঘপকৈ যেন বিদায় মাগিছে। হঠাতে এৰাতিৰ ভিতৰতে তাপমাত্ৰা দহ ডিগ্ৰীৰ ওপৰলৈ উঠিছে। বৰফবোৰ গলি যেনি তেনি পানী বাগৰিছে। মানুহবোৰেও যেন শীতৰ সতে যুঁজি থকাৰ পৰা অকস্মাত মূৰ দাঙি দেখিছে, 'আস্‌, এয়াচোন বসন্ত!' বাটে-পথে বৰফ থাকিলেও অত্যুৎসাহী বহুতে লগে লগেই গৰম দিনৰ কাপোৰ উলিয়াইছে। কেৱল টিচাৰ্ট-চৰ্টছ বা পাতল চোলা এটা গাত সোমোৱাই মানুহবোৰে বিজয়ীৰ হাঁহিৰে ঘৰৰ বাহিৰ হৈছে।

মোৰ দৈনন্দিন জীৱন পিছে প্ৰায় একেই হৈ ৰৈছে। অন্যদিনাৰ দৰেই আজিও পুৱা চাৰে সাতমানতে বাছ ষ্টপত থিয় দিছোঁহি। বেণী গুঁঠা ডাঠ চুলিটাৰীৰ কৃষ্ণাংগ ড্ৰাইভাৰগৰাকীক মাত লগাই সদায় যোৱা বাছখনতে উঠি পৰিছোঁ। 

এডমণ্টনত বসন্ত

৮:১৫ বজাৰ লগে লগে অফিচত কাম আৰম্ভ হৈছে। কফি একাপ লৈ পোনেই টিমছ কেলেণ্ডাৰখন চাই মোৰ দুটা উপলব্ধি হৈছে, আজি শুক্ৰবাৰ! আহ! শনি-দেও দুটা দিনৰ বিৰতি! 

পিছে লগে লগেই আহি পৰিছে দ্বিতীয়টো উপলব্ধি। আজি কামৰ হেঁচা অন্যদিনাতকৈও বেছি! কাৰণ অহা সোমবাৰে মই এসপ্তাহৰ কাৰণে ফিল্ডৱৰ্ক কৰিবলৈ যোৱাৰ কথা। গতিকে সময় সাপেক্ষ সকলো কাম আজি কিবা প্ৰকাৰে শেষ কৰিবই লাগিব! 

কামৰ হেঁচা বাঢ়িলে স্বত:স্ফূৰ্ত্ভাৱে যি কৰোঁ, আজি তাকেই কৰিলোঁ। কামৰ তালিকা এখন কৰি গুৰুত্ব অনুসৰি সজাই ল'লোঁ। মোৰ একমাত্ৰ ষ্টাফ এৰিন। মোৰ দৰেই তাইয়ো প্ৰাদেশিক চৰকাৰৰ বন্যজীৱ বিজ্ঞানী। মাথোঁ জ্যেষ্ঠতা অনুসৰি মই তাইৰ ছুপাৰভাইজাৰ।এডমণ্টনৰ পৰা প্ৰায় পাঁচশ কিলোমিটাৰ দূৰৈৰ ফৰ্ট মেকমাৰিত আমাৰ অফিচ চম্ভালি আছে তাই। 

কানাডাৰ তৈল নগৰী ফৰ্ট মেকমাৰিত পৰিৱেশ আৰু সংৰক্ষিত বনাঞ্চল মন্ত্ৰায়লৰ বিভাগীয় কাৰ্য্যালয় যেতিয়া স্বাভাৱিকতে কাম বেছি। বিয়াগোম তেল উদ্যোগৰ সৈতে অহৰহ সময় আৰু হেঁচাৰ টনা-আজোৰা।

বিচৰাৰ লগে লগেই তাইক অনলাইন পালোঁ।

'এৰিন, আজি কফি কাষতে ৰাখিবা। কামৰ তালিকা দীঘল!'

মোৰ কথা শুনি তাই হোহোৱাই হাঁহি পেলালে। কফিৰ আসক্তিৰ লগতে আমাৰ কাম কৰাৰ ধৰণো একে। সেয়ে মাথোঁ ছমাহৰ বাবেহে একেলগে কাম কৰিছোঁ যদিও আমাৰ মাজত এটা সৌহাৰ্দ্য গঢ়ি উঠিছে।

দুয়ো যেন দিনটোলৈ কঁকাল টঙালোঁ। ন বজাত এখন গুৰুত্বপূৰ্ণ মিটিং। কোম্পেনী 'ক' বৰ্তমান সমগ্ৰ কানাডাতে বিতৰ্কৰ তুংগত। সেই কোম্পানীৰ তেল নিষ্কাষণ কৰা বৰ্জিত পদাৰ্থ কেনেবাকৈ ওলাই পৰি আশে পাশে বহু ঠাই দূষিত কৰিছে। বন্যজীৱ-জন্তুৰ লগতে কাষৰীয়া খিলঞ্জীয়া জাতিৰ খোৱা-পানী বিষাক্ত কৰিছে বুলি দাবী উঠিছে। জৰুৰীভাৱে সেই অঞ্চলত কৰ্মৰত প্ৰাদেশিক বিজ্ঞানীসকলৰ এটা টাস্ক ফৰ্চ গঠন কৰি দিয়া হৈছে। তাৰ ভিতৰত এৰিন আৰু ময়ো। ভৱিষ্যত কৰ্মপন্থা ঠিক কৰাৰ বাবে অতিকৈ কম সময়, দেশজুৰি বিতৰ্ক, বিৰূপ প্ৰভাৱৰ গম্ভীৰতা সকলো মিলি আলোচনা দীঘলীয়া  হৈছে। মোৰ কফিৰ কাপ ঘনে ঘনে খালী হৈ পৰিছে। 

'মোৰ আজি এটা অতি গুৰুত্বপূৰ্ণ কাম সামৰাৰ দায়িত্ব। পৰিৱেশ আৰু সংৰক্ষিত বনাঞ্চল মন্ত্ৰালয়ৰ সৰ্বোচ্চ পৰ্য্যায়ৰ পৰা অহা কাম। গতিকে মই আৰু এৰিনে আজি আৰু সময় দিব নোৱাৰিম।' কৈয়ে মই আলোচনা এৰিছোঁ। আজি যে আমি ঘড়ীৰ কাঁটাৰ লগে লগে ঘুৰাৰ কথা।

তাৰ পৰা ওলায়ে এৰিনে কল কৰিছে। 

'হেল্ল' ষ্ট্ৰেঞ্জাৰ!'

হাঁহি পেলাইছোঁ।  দিনটোতে কিমানবাৰ যে আমি পৰস্পৰে পৰস্পৰক সম্ভাষণ জনাব লগা হয়। গতিকে 'গুড মৰ্ণিং, গুড আফটাৰনুন' আদিৰে নাটেগৈ।

'সময় পালে অহা সপ্তাহত কোম্পানী 'ক'ৰ কথাবোৰ অলপ চোৱা-চিতা কৰিব পাৰিবানে? মোৰ নিমিলেগৈ, জানাই নহয়।'

'একো নাই। মই পিছৰ মিটিংকেইখনত থাকিম। তুমি ফিল্ডৰ পৰা ঘুৰি আহিলে খতিয়ান দিব পাৰিম।'

এৰিনে মোক আশস্ত কৰিছে। জানো যে তাই অত্যন্ত শৃংখলাবদ্ধ। গতিকে যি কামেই নিদিওঁ সময়মতেই কৰিব বুলি মোৰ বিশ্বাস এটা গঢ় লৈ উঠিছে।

মোৰ কম্পিউটাৰৰ স্ক্ৰীণত নতুন ইমেইল এটাই ধৰা দিলে। এই অঞ্চলটোত প্ৰায়ে জৰুৰী কথা ওলাই থাকে। গতিকে লগে লগেই চকু দিলোঁ।

'এৰিন, ভাল খৱৰ! কোম্পানী 'খ'ৰ জেছিকাই ইমেইল কৰিছে। তাৰ টেইলিংচত জীৱ-জন্তু নপৰিবলৈ কি কি ব্যৱস্থা লৈছে সেই ৰিপৰ্টটোত আমাৰ প্ৰশ্নবোৰৰ উত্তৰ দিছে।'

'আহ, বঢ়িয়া! জেছিকাই এইবাৰ ভাল কাম কৰিছে দেখোন।' এৰিনৰ উৎসাহ ভৰা মাত। 'তেন্তে আজি 'খ'ৰ পাৰ্মিট ইছ্যু কৰিব পাৰি, নহয় জানো?'

জেছিকা কোম্পেনী 'খ'ৰ পৰিৱেশ বিষয়া। গতিকে সেই কোম্পেনীৰ পৰিৱেশ সংক্ৰান্তীয় কামবোৰত তেওঁৰ সৈতে সঘনাই আমাৰ যোগাযোগ হয়। সেই আপহতে জেছিকাই কেনেধৰণে কাম কৰে তাৰো এটা ধাৰণা গঢ় লৈ উঠিছে।

এৰিনে জেছিকাই পঠোৱা তথ্যবোৰ পৰীক্ষা কৰে মানে মই এনে আবেদন সম্পৰ্কীয় ৱেবছাইটটো খুলিলোঁ। 

'আহ!!' মোৰ মাতটো ডাঙৰকৈয়ে ওলাল নেকি! সিটো পাৰে কথা কৈ থকা এৰিন অলপ উচপ খাই উঠিল যেন।

'কি হ'ল?' তাই ইমেইল পঢ়িবলৈ এৰি সুধিলে।

'জেছিকাই শুধৰোৱা আবেদনখন ইমেইলতহে দিলে। অনলাইন জমা কৰা নাই। ৱেবছাইটত নাথাকিলে মই চৰকাৰীভাৱে গ্ৰহণ কৰিব নোৱাৰোঁ।'

'আহ জেছিকা -জেছিকা-জেছিকা! কিয় এনে কৰে তেওঁ।' কৈ কৈ এৰিন নৰ'লেই। লগে লগেই জেছিকালৈ ফোন কৰি জনালে, জ্যেষ্ঠ বন্যজীৱ বিজ্ঞানী (মই!) অহা সপ্তাহত ফিল্ডত থাকিব। গতিকে অফিচত নাপাব। টেইলিংচৰ কামবোৰ জৰুৰী যদি আজিৰ ভিতৰতে ৱেবছাইটত জমা দিয়ক!

'হৈ গ'ল। জেছিকাই আজিৰ ভিতৰতে জমা দিব পাৰিব হেনো!' 

'এৰিন, তুমি নোহোৱাকৈ মোৰ কাম আগবঢ়াৰ কথা ভাৱিবই নোৱাৰা হৈছোঁ।' তাইৰ তৎপৰতাৰ শলাগ নলৈ নোৱাৰিলোঁ। 

আকৌ এটা ইমেইল। এইবাৰ আমাৰ ডিৰেক্টৰৰ। দীঘলীয়া ইমেইল।মোতকৈ আগেয়ে এৰিনে নিজৰ ইনবক্সত দেখা পালে। তাইৰ এটা হুমুনিয়াহ ওলাল। ডিৰেক্টৰে কোম্পেনী 'গ'ৰ আবেদন ঘুৰাই পঠোৱাক লৈ আমাৰ সিদ্ধান্তৰ বিৰোধীতা কৰিছে। আমালৈ জৰুৰী মিটিঙৰ নিমন্ত্ৰণ পঠাইছে।

'আহ! ডিৰেক্টৰে কেৱল চৰকাৰৰ খ্যাতিৰ কথা ভাৱিছে! এই বিশাল ব'ৰিয়েল অৰণ্যৰ মাজত কোম্পানীৰ এলেকা। তাত জীৱ-জন্তু আৰু মানুহৰ সুৰক্ষাৰ কথাটো দ'কৈ ভাৱি চাবইতো লাগিব!'

এৰিনৰ মাতত কিছু ক্ষোভ, কিছু উৎকণ্ঠা। মই বুজিলোঁ, 'গ'ই এই আবেদনখনৰ বাবে চৰকাৰক যথেষ্ট হেঁচা দিছে। গতিকে ডিৰেক্টৰে এই কামটো সোনকালে সমাধা কৰিবলৈ চেষ্টা কৰাটোৱে স্বাভাৱিক।

আমি দুয়ো বৈজ্ঞানিক গৱেষণাৰ পৰা অহা। গতিকে বিভিন্ন পক্ষৰ সৈতে সহযোগিতাৰ যোগেদি জটিল বিষয়বোৰৰ সমিধান উলিওৱা, কূটনীতিৰ হিচাপ-নিকাচবোৰ মিলাই চলিও পৰিৱেশ আৰু বন্যজীৱৰ সংৰক্ষণৰ বাবে কাম কৰি যোৱা- সকলোবোৰ আমাৰ দুয়োৰে বাবে এতিয়াও নতুন! 

মোৰ কাষেৰে সহকৰ্মী ব্ৰেট পাৰ হৈ গ'ল। ঘড়ীটোলৈ চাই দেখোঁ, বাৰ বাজি পাঁচ মিনিট। লান্সৰ সময়।

'এৰিন,ডিৰেক্টৰৰ সৈতে মিটিং আবেলিহে আছে। আমি তেতিয়ালৈ আমাৰ সিদ্ধান্তক লৈ যুক্তিবোৰ জুকিয়াই ল'ব পাৰিম। যোৱা, লান্স কৰা, অলপ জিৰণি লোৱা। তাৰপিছত পাতিম।'

এঘণ্টাৰ লান্স ব্ৰেক। আজি কামৰ হেঁচা দেখি অলপ ভাৱিব লগাত পৰিলোঁ যদিও নিজকে ক'লোঁ, নাই এই এঘণ্টা বিৰতিৰ দৰকাৰ- মোকো, এৰিনকো।

একবজাৰ লগে লগেই এৰিনৰ কল আহিল। তাইৰ মাতত কিছু সজীৱতা।

'জলি, ৰিজাৰ্ভৰ পৰা ক্ৰেইগে কল কৰিছিল। তেওঁলোকৰ আবেদনখন জমা কৰিছে। গতিকে আমি সোনকালে সেইখনত লগাৰ দৰকাৰ।'

ৰিজাৰ্ভ মানে সেই অঞ্চলত থকা খিলঞ্জীয়া জাতিটোৰ বাসস্থান। আজি কেইবাবছৰ ধৰি তাত মানুহ-ভালুকৰ সংঘাত চলি আছে। শেহতীয়াকৈ সেই খিলঞ্জীয়া জাতিৰ মূখ্য নেতাই মন্ত্ৰীৰ ওচৰত এই বিষয় উত্থাপন কৰিছেগৈ। আৰু তাৰ পৰাই মানুহ-ভালুকৰ সহাৱস্থানৰ এই প্ৰকল্পটো আহি আমাৰ হাতত পৰিছেহি।

মই লৰালৰিকৈ চৰকাৰী ৱেবছাইটত চালো। হয়, ক্ৰেইগে ঠিকেই জমা কৰিছে। আজি এবছৰ ধৰি খিলঞ্জীয়া জাতিটোৰ সৈতে আলোচনা-বিলোচনাৰ শেষত এই ৰূপ পাইছেহি। এৰিন ভালুকৰ বিশেষজ্ঞ। গতিকে তাইৰ জ্ঞান আৰু অভিজ্ঞতাৰ ভিত্তিতে আমি এই প্ৰকল্প চোৱা-চিতা কৰিছোঁ। আজিও আবেদনৰ তথ্য-পাতিখিনি চালি-জাৰি চোৱাৰ দায়িত্ব তাইকে দিলোঁ। মই জানোঁ, অতদিনে এই ফাইল চাই চাই তাই গোটেইবোৰ তথ্য মুখস্থ মাতিব পৰা হৈছেগৈ! 

খিলঞ্জীয়া জাতিটোৰ মানুহ-ভালুকৰ সহাৱস্থান প্ৰকল্পৰ আজি আৰম্ভণি হ'ব। সমগ্ৰ প্ৰদেশখনতে এয়া প্ৰথম এনে প্ৰকল্প। সকলো চালি জাৰি চাই আবেদনত মই চহী কৰাৰ লগে লগে এৰিনে ক্ৰেইগলৈ ফোন কৰি অভিনন্দন জনালে। মই তাইকহে অভিনন্দন জনালোঁ।এই বাইছ-তেইছ বছৰীয়া ছোৱালীজনীয়ে এই প্ৰকল্পৰ গুৰি ধৰাত যেনে পৰিপক্কতাৰ পৰিচয় দিছে তাত মই সঁচাই অভিভূত।

ঘড়ী চাই দেখোঁ, ডিৰেক্টৰৰ সৈতে মিটিঙলৈ মাথোঁ আধাঘণ্টা বাকী। ঠিক কৰিলোঁ, এইখন মিটিঙৰ বাবে আমাক এটা ৰণকৌশলৰ দৰকাৰ। আজি কোনো কাৰণতে আমাৰ কাম ৰৈ যাবলৈ দিব নোৱাৰি।

'এৰিন, মই জানোঁ, আমি দুয়ো চৰকাৰী বহুতো দায়িত্ব গাত পাতি লৈছোঁ। ডিৰেক্টৰৰ উৎসাহতে যোৱা বিছ-ত্ৰিছ বছৰে চলি অহা প্ৰক্ৰিয়া কিছুমান উন্নত কৰাত লাগি পৰিছোঁ। কি কাম হৈছে, কি নহৈছে- কেনেকৈ হোৱা উচিত-এইবোৰৰ বহুত আলোচনা হৈছে। আজি এইবোৰ পাতিবলৈ মোৰ ধৈৰ্য্য আৰু সময় নাই। আজি আমি মন দিয়াৰ দৰকাৰ মাথোঁ এই দিনটোৰ ভিতৰত কিমানখিনি কাম কৰিব পাৰোঁ। সেই কথাটো মিটিঙত মনত ৰাখিবা।'

তাই হয়ভৰ দিলে। এটা এটাকৈ ডিৰেক্টৰৰ সন্মতিৰ দৰকাৰ থকা কামকেইটা তাইক কৈ গ'লোঁ। আজি যদি এইকেইটা সিদ্ধান্ত ল'ব পাৰোঁ, তাৰ কামখিনি কৰি সামৰিব পাৰোঁ- সেয়াই দিনটোৰ কাৰণে আমাৰ কৃতিত্ব।

এৰিনে মন দি মোৰ কথাখিনি শুনিলে।  ইতিমধ্যে ডিৰেক্টৰগৰাকী অনলাইন আহিল। তেওঁ পোনেই আমাক অভিনন্দন জনালে মানুহ-ভালুকৰ সহাৱস্থান প্ৰকল্পৰ আৰম্ভণিৰ বাবে। খিলঞ্জীয়া জাতিটোৰ সৈতে চৰকাৰৰ সহযোগিতাৰো এয়া শুভাৰম্ভণি।

'মিটিঙৰ পিছতে এই ভাল খৱৰটো দি আৰু তোমালোকৰ অৱদানৰ কথা কৈ মন্ত্ৰীলৈ ইমেইল কৰিম।'

তেওঁৰ মাতৰ সুখী সুখী ভাৱে আমাক আশস্ত কৰিলে। তেওঁ সহানুভূতিৰেই ক'লে,

'তোমালোকৰ কামৰ হেঁচা বহুত বেছি বুলি মই বুজোঁ। সেইকাৰণেই কোম্পেনী 'গ'ৰ আবেদনখন আৰু উন্নত কৰিবলৈ কৈ ঘুৰাই পঠোৱাতকৈ এইবাৰ এনেকৈয়ে গৃহীত কৰাৰ কথা কৈছোঁ।'

এৰিন নীৰৱে ৰ'ল। মই দীঘলকৈ এটা উশাহ টানি ল'লোঁ। তাৰপিছত যিমান পাৰোঁ শান্তভাৱে ক'বলৈ ধৰিলোঁ,

'সেয়া আমিও বুজিছোঁ। কিন্তু এইখনতো কোনো উলামুলা আবেদন নহয়। কোম্পানী 'গ'ই নিজৰ এলেকাত বন্যজীৱ কেনেকৈ পৰিচালনা কৰিব, মানুহ-বন্যজীৱৰ সংঘাত কেনেকৈ কমাব তাৰ পৰিকল্পনা এয়া। এবাৰ গৃহীত হোৱাৰ পিছত এইখনেই অন্য কোম্পানীৰ কাৰণেও উদাহৰণ হৈ পৰিব। গতিকে আমি চালি-জাৰি চোৱাৰ দৰকাৰ। সেইকাৰণেই এৰিন আৰু মই মিলি তেওঁলোকৰ পৰা অধিক খতিয়ান বিচাৰিব খুজিছোঁ।'

এৰিনে এইবাৰ মোৰ সমৰ্থনতে বিতংকৈ কৈ গ'ল আবেদনখনত আমি বিচৰা অধিক তথ্যৰ কাৰণবোৰ।

আধাঘণ্টা ধৰি ডিৰেক্টৰে আমাৰ যুক্তিবোৰ মন দি শুনিলে। শেষত ক'লে, তেওঁ আমাৰ প্ৰস্তাৱত সন্মত। কোম্পেনী 'গ' লৈ এইখন ঘুৰাই পঠোৱাৰ দৰকাৰ-সেই এলেকাত মানুহৰ সুৰক্ষাৰ স্বাৰ্থত, জীৱ-জন্তুৰ সুৰক্ষাৰ স্বাৰ্থত।

আমি দুয়ো স্বস্তিৰ নিশ্বাস পেলালোঁ। হৈ গ'ল তেনে! ডিৰেক্টৰ অফলাইন হোৱাৰ লগে লগেই দুয়ো ততালিকে কামত লাগি পৰিলোঁ।

কোম্পানী 'গ'লৈ আবেদন ঘুৰাই পঠাওঁতেই চকুত পৰিল জেছিকাই 'খ'ৰ আবেদন পুনৰ জমা কৰিছে।

'এৰিন, আমাৰ দিনটোৰ প্ৰায়বোৰ কাম শেষ হৈছে। জেছিকাৰ আবেদনখন সামৰিলেই আজৰি আৰু!'

'পাৰিম, পাৰিম। চাৰি বাজিছেহে। আৰু আধাঘণ্টাত হৈ যাব সেইখিনি।'

ইয়াত চাৰে চাৰিবজালৈ অফিচৰ সময়। তেতিয়াহে খেয়াল হ'ল, আজি পুৱাৰে পৰা একেৰাহে অনলাইন মিটিঙতে কথা কৈ আছোঁ। তথাপিও এসপ্তাহৰ কাম এদিনতে সামৰিব লোৱাৰ লক্ষ্যটোও প্ৰায় পূৰ হৈছে যেন। কিন্তু তাৰ লগে লগে মূৰৰ বিষ এটা উঠি আহিব ধৰিছে যেনো ভাৱ হ'ল। আৰু মাথোঁ আধাঘণ্টা!

দুয়ো কথামতেই জেছিকাৰ আবেদন পৰীক্ষা কৰি আলোচনা কৰিলোঁ। আলোচনাৰ মাজতে ডিৰেক্টৰৰ অভিনন্দন আৰু প্ৰশংসাসূচক ইমেইলটো জিলিকি উঠিল। পৰিতৃপ্তিৰ অনুভৱ এটা উজাই আহিব খুজিলে। কিন্তু সময়ৰ টনাটনিলৈ চাই ইমেইলটো সম্পূৰ্ণকৈ পিছত পঢ়ি চাম বুলি সামৰি থ'লোঁ।

কোম্পেনী 'খ'ৰ আবেদন গৃহীত কৰি জেছিকালৈ দিনটোৰ শেষ ইমেইলটো লিখি থাকোঁতেই এৰিনে প্ৰায় চিঞৰি উঠিল,

'জলি, কোম্পেনী 'ঘ'ৰ এটা জৰুৰী ইমেইল আহিছে!'

মোৰ ইনবক্সত চাবলৈ পোৱাৰ আগতেই এৰিনে তাইৰ স্ক্ৰীণৰ পৰা পঢ়ি শুনালে। কোম্পেনী 'ঘ'ৰ এটা বিপদজনক এলেকাত এবিধ সংৰক্ষিত চৰাইয়ে বাহ পাতিবলৈ আৰম্ভ কৰিছে। গৰম হৈ অহাৰ লগে লগে বৰফ গলিলে সেই ঠাই তেল নিষ্কাষণৰ বিষাক্ত পদাৰ্থই আগুৰি পেলোৱাৰ সম্ভাৱনা! অতি সোনকালে চৰাই কেইটা অন্য ঠাইলৈ লৈ যোৱাৰ ব্যৱস্থাৰ বাবে চৰকাৰী অনুমতিৰ দৰকাৰ।

টাইপ কৰি থকাৰ পৰা মই থমকি ৰ'লোঁ। ঘড়ীলৈ চাই দেখোঁ, চাৰি বাজি পোন্ধৰ মিনিট!

কেনেকৈ কি কৰা যায়? পোন্ধৰ মিনিটত? এই কামটোত অনুমতি দিয়াৰ দায়িত্ব আৰু কৰ্তৃত্ব যে কেৱল মোৰহে আছে! এই অনুমতিৰ বাবে বহুতো কথা চালি-জাৰি চোৱাৰ দৰকাৰ। কিমান চৰাই আছে? প্ৰজননৰ কি পৰ্য্যায় চলি আছে? অন্য কোন ঠাইলৈ কেনেকৈ নিয়াৰ পৰিকল্পনা? তালৈ নিলেই যে চৰাই কেইটাই তাত তিষ্ঠিব পাৰিব তাৰ কিবা বৈজ্ঞানিক প্ৰমাণ আছেনে? 

কিন্তু এসপ্তাহ দেৰি হৈ গ'লে যে সেই চৰাইকেইটাৰ মৃত্যু অনিবাৰ্য্য! মই যেন কিংকৰ্তব্যবিমূঢ় হৈ গ'লোঁ।

'মই ফিল্ডৰ কাম শেষ কৰি ঘুৰি অহালৈ এই কামটো পিছ পেলাই থ'ব নোৱাৰি, এৰিন। কি কৰা যায়! সোমবাৰে ফিল্ডলৈ গৈ থকাৰ সময়তে সময় মিলাব লাগিব যেন পাওঁ।'

এনেতে মোৰ ডেস্কৰ কাষত ব্ৰেট থিয় দিলেহি।হেডছেট বেঁকা কৰি তাইক মাত লগালোঁ,

'হাই ব্ৰেট!'

'হাই, বেয়া নাপাবা। তুমি গোটেই দিনটো অনলাইন মিটিঙত থকা কাৰণে মাতিবলৈকে সুবিধা পোৱা নাছিলোঁ। সোমবাৰে ফিল্ডলৈ আমি দুয়ো একেলগে ওলোৱাৰ কথা যে। দুপৰীয়া বাৰ বজাত এডমণ্টন এৰিম বুলি ভাৱিছোঁ, হ'ব নহয়?'

মোৰ যেন মুখলৈ পানী আহিল। সোমবাৰে পুৱা তেনে মোৰ হাতত সময় থাকিব। ব্ৰেটক ধন্যবাদ জনাই যথেষ্ট সকাহেৰে এৰিনক মাইক্ৰ'ফোনত ক'লোঁ,

'এৰিন, এই কামটো সোমবাৰে ৰাতিপুৱা ফিল্ডলৈ যোৱাৰ আগতে কৰি যাম। তুমি সাজু হৈ থাকিবা।'

তায়ো যেন স্বস্তিৰ নিশ্বাস পেলালে। ভাৱ হ'ল, আজিলৈ বহুত হ'ল!

'দিনটোযে কেনেকৈ পাৰ হ'ল, গমকে নাপালোঁ। আজিলৈ এৰোঁ আৰু,নহয়?'

'আচলতে মোৰ আৰু এটা কথা আছিল!' এৰিনে যেন যথেষ্ট অস্বস্তি আৰু সংকোচেৰে ক'লে।

'কোৱা!'

'মোৰ অহা সপ্তাহত এটা চাকৰিৰ ইণ্টাৰভিউ আছে! ছুপাৰভাইজাৰ হিচাপে তোমাৰ ৰেফাৰেঞ্চৰ দৰকাৰ। তাৰ পৰা তোমালৈ ফোন কৰিব। দিব পাৰিবানে?'

চাৎকৈ যেন মোৰ ভিতৰখন ক'লা পৰিল! এৰিনে এই পদবী এৰি অন্য চাকৰি ল'ব খুজিছে!

যিমান পাৰি সহজভাৱে কোৱাৰ চেষ্টা কৰিলোঁ, 'স্বাৰ্থপৰভাৱে মই বিচাৰোঁ, তুমি সদায়ে মোৰ টিমতে থাকা। কিন্তু তুমি নিজৰ কেৰিয়াৰৰ কাৰণে যি ভাল দেখা, য'লৈ যাব বিচাৰা তাতে মই ছুপাৰভাইজাৰ হিচাপে সমৰ্থন কৰিম। মোৰ ৰেফাৰেঞ্চ দিব পাৰা।'

দিনটোৰ শেষত অহা সন্তুষ্টি আৰু পৰিতৃপ্তিৰ ভাৱটো মোৰ হৃদয়ৰ পৰা যেন ইতিমধ্যে কৰ্পূৰ উৰাদি উৰি গৈছে। এৰিনৰ দৰে এগৰাকী সহকৰ্মী হেৰুওৱাৰ দুখটোৱে ছাটি ধৰিব খুজিছে।

এৰিনে কৈ গ'ল নিজৰ পৰিয়ালৰ পৰা বহুদূৰৈত থাকি তাইৰ কষ্ট হৈছে। সেয়ে ঘৰৰ ওচৰৰ  ঠাই এখনত একেটা পদবীলৈকে যাব খুজিছে। কৈ গ'ল, যোৱা ছমাহে একেলগে কাম কৰি তাইৰ পদবীৰ ৰূপ কেনেকৈ সলনি হৈ গৈছে। 

অতদিনে কামৰ বাবে অবিৰাম তাইৰ সৈতে কথা পাতিছোঁ যদিও ভাৱ হ'ল আজিহে যেন এৰিনৰ সৈতে সঁচা অৰ্থত কথা পাতিলোঁ। দুয়ো দুয়োকে সততাৰে ক'লোঁ যোৱা ছমাহৰ অভিজ্ঞতাৰ কথা। 

কথাৰ মাজে মাজে মই মাথোঁ ভাৱি ৰ'লোঁ, কিয় এনেদৰে দিনবোৰ আহে- জিকি জিকি হাৰি যোৱা আৰু হাৰি হাৰি জিকি যোৱা সময়বোৰ লৈ?

'ইণ্টাৰভিউলৈ শুভেচ্ছা দিছোঁ, এৰিন। সেয়া যেনেকুৱাই নহওক, তোমাক কৈ থওঁ- যোৱা ছমাহে তুমি কৰা কাম আৰু সহায় অন্য কাৰোৰে পৰাই মই আশা কৰিব নোৱাৰিলোঁহেতেন।' মোৰ মাতটো যেন কিছু কঁপিল। 

তাৰ এসপ্তাহৰ পিছতে এৰিনে সেই নতুন চাকৰি পালে।

Saturday, 22 April 2023

এলবাৰ্টা ১০৫: আকাশত অঘটন (২)

এলবাৰ্টাৰ তৈলনগৰী ফৰ্ট মেকমাৰিত মোৰ দ্বিতীয় দিন। আমাৰ পৰিকল্পনা মতে বন্যজীৱ কেমেৰাৰ এই ফিল্ডৱৰ্কৰ শেষদিন। পুৱাতে হোটেলৰ পৰা চেক আউট কৰি ব্ৰেটৰ গাড়ীত সকলো বয়-বস্তু তুলি দিলোঁ। কাম শেষ কৰি বাহিৰে বাহিৰে আজি আমি এডমণ্টনলৈ উভতাৰ কথা। 

এয়াৰপৰ্ট গৈ পাই দেখোঁ, আমাৰ হেলিকপ্টাৰৰ পাইলট পিটাৰে কফিৰ মাগ হাতত লৈ ইফাল সিফাল কৰি আছে। কালিৰ দৰে একেই উৎসাহ, একেই কাহিনীৰ ৰহঘৰা তেওঁৰ। মোক দেখি সুধিলে,

'তেনে? কালি কেনেকুৱা লাগিল?'

হাঁহি মাৰি ক'লোঁ, 'বঢ়িয়া!' তেওঁ যেন তাতে সন্তুষ্ট নহ'ল। আকৌ সুধিলে,

'গা বেয়া লগা নাছিলতো? প্ৰায়বোৰ মানুহৰে হেলিকপ্টাৰত ম'শ্যন ছিকনেছ হয়। বমি ভাৱ-মূৰ ঘুৰোৱা আদি!'

তেওঁ কোৱাত মনত পৰিল কাৰণে টেবলেট এটা খাই ল'লোঁ। কামৰ সময়ত গা বেয়া কৰিলে অসুবিধাত পৰিম বুলিয়ে।

সহকৰ্মী এৰিন আৰু ক্ৰিষ্টিনে ইতিমধ্যে প্ৰয়োজনীয় কাগজ-পত্ৰ পূৰাই সাজু হৈছে। গতিকে আমি সকলো হেলিপেড পালোঁগৈ। হেলিকপ্টাৰত উঠাৰ পৰত পিটাৰে কালিৰ দৰেই বাধ্যতামূলক চেফটি গাইডলাইনখিনি এফালৰ পৰা কৈ গ'ল,

'হেলিকপ্টাৰৰ পিছফালেদি কেতিয়াও ওচৰ নাচাপিবা। টেইল ৰ'ট'ৰ (নেজৰ পাংখা)খনে আঘাত কৰি সাংঘাতিক বিপদ ঘটাব পাৰে।'

'বাস্কেট আৰু খিৰিকী সম্পূৰ্ণকৈ লক কৰিহে বাহিৰ-ভিতৰ হ'বা।'

ককপিটৰ সন্মুখত উজ্বল কমলা বৰণৰ চুইছটো দেখুৱাই মোৰ ফালে চাই ক'লে,

টেইল ৰ'ট'ৰক লৈ সাৱধানবাণী
'কেনেবাকৈ বিপদত পৰিলে সেই ই এল টি চুইছটো টিপিলেই সন্ধানকাৰী দলে তোমাক বিচাৰি উলিয়াব পাৰিব, মনত আছে নহয়?'

মই মূৰ দুপিয়ালোঁ। এই ইমাৰজেঞ্চি ল'কেট'ৰ ট্ৰেন্সমিটাৰ ছুইছটো টিপিলে উদ্ধাৰকাৰী দলে সহজে দুৰ্ঘটনাত পতিত হোৱা ঠাই উলিয়াব পাৰে হেনো।

ব্ৰেটে কালিৰ দৰেই আকৌ দেখুৱালে আমাৰ ছেটেলাইট ফোনত কেনেকৈ এছ অ' এছ চুইছটো টিপিব লাগে।

সকলো সা-সৰঞ্জাম উঠাই ওলোৱাৰ পৰত পিটাৰে ক'লে,

'আজি একেবাৰে দূৰৈৰ ঠাইখনৰ পৰা কাম আৰম্ভ কৰিলে কেনে হয়? কাম সামৰি এখনকৈ এখনকৈ ওচৰৰ ঠাইবোৰলৈ আহি থাকিম।'

ব্ৰেটে হয়ভাৰ দিলে। মোৰ মনটো উজ্বলি উঠিল। মেপত চাই বুজিছিলোঁ যে একেবাৰে দূৰৈত থকা কেমেৰাটোৰ ঠাইখন উড বাফেল্ল' ৰাষ্ট্ৰীয় উদ্যানৰ সীমাত। গতিকে সেই ৰাষ্ট্ৰীয় উদ্যানৰ শোভা দেখা পোৱাৰ আশাত উন্মুখ হৈ ৰ'লোঁ।

কালিৰ দৰেই ফৰ্ট মেকমাৰি নগৰ এৰি অহিয়ে তেলৰ খনিৰ এলেকাবোৰৰ ওপৰেৰে আমাৰ হেলিকপ্টাৰ উৰিল। তাৰ লগে লগে মেল খালে পিটাৰৰ কাহিনীৰ সফুঁৰাখন। পাইলট জীৱনৰ কত কি ৰোমাঞ্চকৰ কাহিনী তেওঁৰ!

প্ৰায় দেৰঘণ্টা উৰাৰ পিছত আমাৰ চকুৰ ধৰা দিলে বাৰ্চ মাউণ্টেইনৰ শিখৰ আৰু তাৰ চাৰিওদিশৰ ব'ৰিয়েল অৰণ্য। ক্ৰিষ্টিনে আঙুলীয়াই দেখুৱালে, 'সৌৱা চোৱা, বাইছনৰ জাক!'

তললৈ চাই দেখোঁ পাঁচটা মেঠোন বৰফত গোট মাৰি ৰোৱা হ্ৰদ এটাৰে শাৰী পাতি যাব ধৰিছে। হেলিকপ্টাৰৰ তীব্ৰ শব্দই সিহঁতক সচকিত কৰি তুলিছে। ক'লা নোমেৰে আৱৰা কি এক বিয়াগোম দেহ সিহঁতৰ! এনে এটা জন্তুৰ পৰা নিৰাপদ দুৰত্বত অৱস্থান কৰিব পাৰি স্বস্তি অনুভৱ কৰিলোঁ। 

মেঠোন দেখা পোৱা ব'ৰিয়েল অৰণ্যখন

'আজি তুমি আৰু এৰিন প্ৰথম ক্ৰু দেই।' মোলৈ চাই হেলিকপ্টাৰৰ হেডছেটতে ব্ৰেটে ক'লে। 'তোমালোকেতো একেলগে কাম কৰিয়ে থাকা। আজি ফিল্ডৰ কামো কৰি চোৱা।'

কথাটো হয়। মই এৰিনৰ ছুপাৰভাইজাৰ। গতিকে যোগ দিয়াৰ দিন ধৰি এৰিন আৰু মই প্ৰায় প্ৰতিদিনে একেলগে অনলাইন কাম কৰি আহিছোঁ। পিছে এনেকৈ মুখামুখিকৈহে কাম কৰাৰ সুযোগ পোৱা নাই।

প্ৰথম ঠাইখনত আমি দুয়ো আগৰদৰেই সাৱধানেৰে নামি গ'লোঁ। খুপি খুপি এআঁঠু বৰফৰ মাজেৰে আগবাঢ়ি গৈ কেমেৰা সলালোঁগৈ। এদিনৰ অভিজ্ঞতাৰেই আজি যেন মই যথেষ্ট সহজ। হেলিকপ্টাৰৰ যাত্ৰা, কেমেৰাৰ কাম- দুয়োটাতে।

পিছে দ্বিতীয়বাৰ পুনৰ নামিবৰ সময়ত পিটাৰে সুধিলে,

'তোমালোকে হেলিকপ্টাৰৰ সন্মুখৰ ফালে কিবা এটা শব্দ শুনিছা নেকি বাৰু?'

মই পিছৰ আসনত বহি থকাৰ পৰাই শুনাৰ চেষ্টা কৰিলোঁ। ক'তা, নাইতো! সন্মুখৰ আসনত এৰিন। তাই হয়ভৰ দিলে, শুনিছে তাই! কিবা এটা তীব্ৰ কম্পনৰ দৰে শব্দ!

কিছু চিন্তিত মুখেৰে পিটাৰে ক'লে,

'শব্দটোনো ক'ৰ পৰা আহিছে ভালকৈ চোৱাৰ দৰকাৰ। এটা কাম কৰোঁ, মই ব্ৰেট আৰু ক্ৰিষ্টিনক লৈ আহোঁ। তোমালোক ইয়াতে একেলগে ৰ'লে মই নিজেই অলপ চোৱা-চিতা কৰি চাম, কণ্ট্ৰ'ল ৰুমতো জনাম।'

কথামতেই কাম। এৰিন আৰু মই কেমেৰাৰ কাম-কাজখিনি সামৰোঁ মানে ব্ৰেট আৰু ক্ৰিষ্টিনো আহি পালে। বুজিলোঁ, আজি আৰু কামৰ আশা নাই। এতিয়া নিৰাপদে ঘৰলৈ উভতি যাব পৰাটোৱে মূল কথা। 

আকাশী পথেৰে কৰা এই কামবোৰ অত্যন্ত বিপদজনক বুলি আজি অতদিনে শুনি আহিছিলোঁ। গম পাইছিলোঁ, অন্য এঠাইত কাম কৰি থকা এগৰাকী জীৱবিজ্ঞানী আৰু পাইলট কেনেকৈ দুৰ্ঘটনাত পতিত হৈছিল। দুবছৰৰ আগতে হোৱা সেই ঘটনাৰ পিছত আজিও হেনো তেওঁ আৰোগ্য হোৱাৰ চেষ্টাতে আছে।

অৱশ্যে এই কামত ওলোৱাৰ পৰত ব্ৰেটে মোক কৈছিল, আমি যাবলগীয়া এ-ষ্টাৰ হেলিকপ্টাৰবোৰ যথেষ্ট শক্তিশালী আৰু নিৰাপদো। আগৰ দুটা দুৰ্ঘটনা জেটৰেঞ্জাৰ নামৰ অন্য এবিধ হেলিপকপ্টাৰতহে হৈছিল হেনো।

পুৱা চাৰে দহ বাজিছে মাত্ৰ। উজ্বল ৰ'দজাক আৰু চৌদিশৰ আৰণ্যক সেউজীয়াই আমাক যেন যথেষ্ট সাহস দিলে। ইতিমধ্যে পিটাৰে কণ্ট্ৰ'ল ৰুমত খৱৰ দিছে। মেকানিক আহি শব্দটোনো ক'ৰ পৰা আহিছে চাব পাৰিব নেকি সোধাসুধি কৰিছে। তেওঁলোকৰ কোম্পেনীত হেনো প্ৰতিমাহে এবাৰকৈ মেকানিকৰ সালসলনি হয়। খৱৰ আহিল, কালি মাত্ৰ আগৰ মেকানিকজন গ'লগৈ। নতুন গৰাকী কাইলৈহে অহাৰ কথা! 

ব্ৰেটৰ চিন্তিত মুখখন দেখি পিটাৰে ক'লে,

'চিন্তা নকৰিবা। তোমালোকে ইয়াত ৰাতিটো কটাবলগীয়া নহয়। আমাৰ হাতত এতিয়াও দিনৰ দিনটো আছে। মেকানিক নাপালেও কিবা এটা ব্যৱস্থা কৰিম।' 

ভিতৰি চিন্তা-আশংকা লৈয়ো আমি সকলো যেন বাহিৰত শান্ত হৈ থাকিলোঁ। এই ঠাণ্ডাত বৰফৰ মাজত অৰণ্যত ৰাতি কটোৱাতো বহুত কষ্টকৰ। লগতে শীতৰ প্ৰকোপ কমি আহিছে যেতিয়া শীতনিদ্ৰাৰ পৰা সাৰ পোৱা ভোকাতুৰ  ভালুকৰ আশংকাতো আছেই।

মোৰ বেকপেকত থকা চাৰভাইভেল কিটত কি কি আছে মনত পেলাই চালোঁ। সেই চাৰভাইভেল কিটটো কামৰ সময়ত সকলো সময়তে আমাৰ লগত লৈ থকাতো চৰকাৰে বাধ্যতামূলক কৰিছে। বিপদত পৰিলে অন্তত: এটা দিন দুৰ্গম ঠাইত কটাব পৰাকৈ সেই কিটত সকলোবোৰ প্ৰয়োজনীয় বস্তুৱে মজুত আছে। সেই কথাটোৱে যথেষ্ট মনোবল দিলে। 

ব্ৰেটে ক'লে, 'এটা কাম কৰা যাওক, এতিয়া দিনৰ পোহৰ থাকোঁতেই হাবিত ঠাই এটুকুৰা বাচি লৈ জুই একুৰা ধৰোঁ আহা। খৰি-লুৰিও গোটাই লওঁ।'

আমি হয়ভৰ দিলোঁ। বেলি ডুবাৰ পৰত সেয়া কৰিবলৈ ৰৈ থাকিলে নিমিষতে আন্ধাৰ নামিব, ঠাণ্ডাৰ প্ৰকোপ বাঢ়িব। আমি চাৰিও সেয়ে কেমেৰাৰ ওচৰলৈ যোৱা বাটেৰেই হাবিলৈ বুলি বৰফত খোজ দিলোঁ।

বৰফৰ মাজত একুৰা জুই

পিটাৰ বৰফত গোট মৰা হ্ৰদটোত লেণ্ড কৰা হেলিকপ্টাৰতে ৰ'ল। বাৰে বাৰে হেলিকপ্টাৰখন উৰুৱাই আকৌ নমাই তেওঁ অকলশৰে পৰীক্ষা-নীৰিক্ষা কৰি থাকিল। গম পালোঁ, বেছি সময় এই ঠাণ্ডাত হেলিকপ্টাৰ ৰখাই থ'লেও যান্ত্ৰিক বিজুতি ঘটাৰ সম্ভাৱনা। গতিকে পিটাৰে হেলিকপ্টাৰ এৰিব নোৱাৰে।

অগ্যতা আমি চাৰিও কেমেৰা লগোৱা ঠাইৰ ঠিক সোঁফালে অলপ আগলৈ গৈ এটুকুৰা ঠাই বাছিলোঁ। এৰিনে বৰফ আঁতৰোৱা বেলচা (চ'ভেল) এখন আনি লগে লগেই কামত লাগি পৰিল। বেলচাৰে চপৰা-চপৰে বৰফবোৰ খান্দিবলৈ লাগিল। হাবিত জুই ধৰিবলৈ আগতে মই কেতিয়াও এনেকৈ বৰফ আঁতৰাব লগা হোৱা নাই। তাকে শুনি এৰিনে ক'লে,

'আস্‌, মই এলবাৰ্টাতে ডাঙৰ হৈছোঁ। সেয়ে সৰুৰে পৰা এয়া কৰাৰ অভ্যাস আছে।'

বৰফ নখন্দাকৈ জুই ধৰিবলৈ গ'লে পোনেই জুইৰ উত্তাপে বৰফ গলাব আৰু জুইকুৰা নুমুৱাই পেলাব, ব্ৰেটে মোক বুজালে।

ব্ৰেট, ক্ৰিষ্টিন আৰু মই ওচৰে পাজৰে বৰফৰ পৰা ওলাই থকা শুকান শেলুৱৈ, ডাল আৰু মৰা গছ আদি গোটাই আনিলোঁ। এৰিনে খন্দা প্ৰকাণ্ড গাতটোতে দপ্দ‌প্কৈ‌ জুইকুৰা জ্বলি উঠিল।

'আস্‌, এতিয়া ইয়াতে ৰাতি হ'লেও চিন্তা নাই!' ক্ৰিষ্টিনে বৰফৰ দ'ম এটাতে বহাৰ বাবে খাঁজ এটা কৰি লৈ কৈ উঠিল। 

পিছে প্ৰায় লগে লগেই তাইৰ মনত পৰিল, 'নাই নাই, ইয়াত ৰাতি কৰিব নোৱাৰি দেই। মোৰ ল'ৰা-ছোৱালীহাল ডে' কেয়াৰত আছে। সন্ধিয়া ছয় বজাৰ আগতেই ঘুৰি যাম বুলি কৈ আহিছোঁ।'

মোৰো তেতিয়াহে খেয়াল হ'ল, আজি আমি ঘৰলৈ উভতি যোৱাৰ কথা আছিল। ভালকৈ ৰাতিৰ সাজ খাই মোৰ নিজৰ আৰামী বিছনাখনত টোপনি যোৱাৰ কথা আছিল!

'কেথিয়ে মোলৈ মেচেজ দিছে!' ব্ৰেটৰ মাতত মোৰ তন্ময়তা ভাঙিল। এই দুৰ্গম অৰণ্যত কোনো ফোনৰ নেটৱৰ্ক নাই। তেওঁৰ ছেটেলাইট ফোনতহে আমাৰ মেনেজাৰ কেথিৰ মেচেজ আহিছে।

'কেথি আৰু প্ৰাদেশিক ৰেডিঅ' কন্ত্ৰল চেণ্টাৰ দুয়োটাই আজি আমাক ছেটেলাইটত ট্ৰেক কৰি আছে। আমি প্ৰতিখন ঠাইতে আধাঘণ্টাতকৈ বেছি থকাৰ প্লেন নাছিল। এতিয়া এঘণ্টাৰ ওপৰ একেঠাইতে থকা কাৰণে তেওঁলৈ ৱাৰ্ণিং এলাৰ্ম গৈছে হেনো।' ব্ৰেটে ক'লে।

বুজিলোঁ কেথিৰ চিন্তা হৈছে। ব্ৰেটে তেওঁলৈ উত্তৰ লিখাত লাগিল।ব্ৰেটে এই কামৰ নেতৃত্ব দিছে। গতিকে কোনে কি কৰা উচিত, কন্ত্ৰল ৰুমত কি সহায় বিচৰা উচিত সেই সকলোবোৰ চম্ভালি ল'লে। ক্ৰিষ্টিনে চকলেটৰ পেকেট উলিয়ালে। জুইৰ চাৰিওফালে বহি লৈ আমি গল্প কৰাত লাগিলোঁ। ভাল লাগিল, এনে পৰিস্থিতিতো এগৰাকীও বিতত নোহোৱা দেখি। 

'মোলৈ খৱৰ আহিছে!' পিটাৰে হেলিকপ্টাৰৰ দুৱাৰ খুলি আমাক চিঞৰি মাতিলে।

গম পালোঁ, সহায় পোৱা গৈছে। ওচৰতে অন্য গৱেষণাৰ কামত লাগি থকা দল এটাৰ হেলিকপ্টাৰ এখনক এইফালে ৰিডিৰেক্ট কৰা হৈছে। পিছে তাত কেৱল দুজন আৰোহীৰ কাৰণেহে ঠাই আছে। সেয়ে আমাক এই দুৰ্গম এলেকাৰ পৰা উভতাই নিবলৈ এয়াৰপৰ্টৰ পৰা তৃতীয় এখন হেলিকপ্টাৰো পঠাইছে। ক্ষন্তেক ৰৈ পিটাৰে ক'লে,

'এয়াৰপৰ্টৰ পৰা আহিবলগীয়া হেলিকপ্টাৰখন এ-ষ্টাৰ নহয় পিছে, জেটৰেঞ্জাৰ হে!'

মই লগে লগে ব্ৰেটৰ মুখলৈ চালোঁ। মোৰ চকুৰ চাৱনিতে হয়তো তাই বুজিলে। জেটৰেঞ্জাৰ এ-ষ্টাৰৰ দৰে শক্তিশালী নহয়। কিন্তু এতিয়া যে উপায় নাই। এৰিনে আমাৰ মনোভাৱ বুজিয়ে যেন উপযাচি ক'লে,

'মই জেটৰেঞ্জাৰত আগতেও গৈছোঁ। এতিয়াও যোৱাত মোৰ একো অসুবিধা নাই।'

ব্ৰেট্ৰে এপলক ভাৱি ক'লে, 'প্ৰথমখনত জলি আৰু ক্ৰিষ্টিন যাব। এৰিন আৰু মই পিছৰখনলৈ ৰ'ম।'

বুজিলোঁ, ক্ৰিষ্টিনৰ কণমানি সন্তানকেইটিৰ কথা মনত ৰাখিয়ে ব্ৰেটে এই সিদ্ধান্ত লৈছে। দুয়ো নিজতকৈও আমাৰ নিৰাপত্তাক গুৰুত্ব দিয়া যেন ভাৱ হ'ল। কৃতজ্ঞ ভাৱ এটাৰে কিন্তু কিছু অপৰাধবোধো লৈ মই সন্মত হ'ব লগাত পৰিলোঁ।

তেতিয়ালৈ বেলি মূৰৰ ওপৰত উঠিছে। আকাশৰ নীলাৰ সৈতে শুকুলা ডাৱৰ টোপোলাই খেলা কৰিবলৈ আৰম্ভ কৰিছে। প্ৰায় তিনিঘণ্টামান তাতে বাট চোৱাৰ পিছত এখন হালধীয়া হেলিকপ্টাৰে আকাশত ধৰা দিলেহি। ক্ৰিষ্টিন আৰু মই সকলোকে ধন্যবাদ জনাই তাতে উঠি পৰিলোঁ।

অৱশেষত আহি পোৱা উদ্ধাৰকাৰী হেলিকপ্টাৰ

নতুন পাইলট স্কটে ক'লে,

'আজিযে এনেকৈ তোমালোকক উদ্ধাৰ কৰিব লাগিব ভৱাই নাছিলোঁ।'

ক্ৰিষ্টিন  আৰু মই মাথোঁ হাঁহিলোঁ। নভৱা কথাবোৰেই যেন এনে ফিল্ডৱৰ্কৰ নৈমিত্তিক পৰিক্ৰমা!

পিছত গম পালোঁ, কিছু পিছতে পিটাৰে অকলশৰে এ-ষ্টাৰ হেলিকপ্টাৰ চলাই আহিল। তেওঁ হেনো যিমান পাৰি আথাবাস্কা নদীৰ ওপৰে ওপৰে উৰিল যাতে হঠাতে বিজুতি ঘটিলে তাতে লেণ্ড কৰিব পাৰে। এৰিন আৰু ব্ৰেটে জেটৰেঞ্জাৰ হেলিকপ্টাৰখনত উঠি গোটেই বাট পিটাৰক অনুসৰণ কৰি আহিল। 

এইবাৰ আৰু পিটাৰে মোক নুসুধিলে, 'আজি কেনে লাগিল' বুলি! 

এনে দিনবোৰতে যেন ৰাতিৰ ভাতসাজ খাবলৈ পাই, বিছনাত দীঘল দিব পাৰি নিজকে বৰ ভাগ্যশালী যেন অনুভৱ কৰোঁ! এনেকৈ হঠাতে সকলোবোৰ হেৰুৱাই পেলোৱাৰ আশংকা আহি পৰিলেহে যেন উপলব্ধি হয়, দৈনন্দিন জীৱনৰ নিত্যনৈমিত্তিক সময়বোৰ কেনে অসাধাৰণ- কেনে মূল্যৱান!

উভতি আহি ব্ৰেটে সেই ঘটনাৰ চৰকাৰীভাৱে ৰিপৰ্ট দিলে। সকলোৱে একমুখে পিটাৰৰ সিদ্ধান্তৰ শলাগ ল'লে। এনে পৰিৱেশত দু:সাহসিকতা যে বহু সময়ত জীৱন-মৰণৰ প্ৰশ্ন হৈ পৰে তাকে সুঁৱৰিলে।

তাৰ এসপ্তাহ পিছতে মই হেলিকপ্টাৰত ফিল্ডৱৰ্কৰ কাৰিকৰী প্ৰশিক্ষণ ল'লোঁগৈ। তাত ছুইমিং পুলৰ পানীৰ তলতে হেলিকপ্টাৰৰ মডেল এটা থৈ আমাক বাৰে বাৰে অভ্যাস কৰালে দুৰ্ঘটনাত পতিত হ'লে হেলিকপ্টাৰৰ পৰা নিজকে মুক্ত কৰোৱাৰ। লগতে তেনে প্ৰতিকূল পৰিৱেশত নিজকে বচাই ৰখাৰ উপায়বোৰৰো প্ৰশিক্ষণ দিলে। 

একে সময়তে এৰিন আৰু ক্ৰিষ্টিন পুনৰ পিটাৰৰ সৈতে হেলিকপ্টাৰত উৰিলগৈ। এইবাৰ সিহঁতৰ কাম ছেটেলাইটেৰে অনুসৰণ কৰি থকা কিন্তু কেনেবাকৈ মৃত্যু হোৱা জন্তু কেইটামানৰ শুংসূত্ৰ উলিওৱা। উভতি আহি তাই মোক উৎসাহেৰে ৰিপৰ্ট দিলেহি, কেনেকৈ হাবিৰ মাজত সেই মৰাশ এটা ক'লা ভালুকে ৰখি আছিল। কেনেকৈ তাৰ পৰা ছেম্প'ল লোৱাৰ পৰত পিটাৰে হেলিকপ্টাৰ উৰুৱাই ভয় খুৱাই ভালুক খেদিছিল!

সকলো শুনি মই মাথোঁ ক'লোঁ, 'এৰিন, সেয়া সাংঘাতিক ৰোমাঞ্চকৰ। মাত্ৰ এই কামবোৰ কৰোঁতে মনত ৰাখিবা, কোনো কামৰ কাৰণেই যেন আমি জীৱনৰ বাজী নলগাওঁ! প্ৰথমে নিজৰ নিৰাপত্তা-তাৰপিছতহে কাম!'

তাইক কোৱাৰ লগে লগে সেই কথা যেন মই নিজকো সোঁৱৰালোঁ- আকৌ এবাৰ!

পূৰ্বৰ খণ্ডসমূহ: