Wednesday 6 May 2020

আফ্ৰিকাত প্ৰথম খোজ: লিভিংষ্ট’নৰ দেশত (৩)

এটা সপোন খেদি

আফ্ৰিকাৰ জাম্বিয়া দেশত দ্বিতীয় দিন৷ বিভিন্ন দেশৰ পৰা অহা আমাৰ দলটোৰ সদস্যসকল লিভিংষ্ট’ন নগৰৰ উপকন্ঠ অঞ্চলত  থকা প্ৰ’টিয়া হোটেলত কালি গোট খাইছেহি৷ আগনিশা হোটেলৰ আৰামদায়ক কোঠা আৰু সুকোমল বিছনায়ো পিছে জেট লেগৰ প্ৰভাৱৰ পৰা মোক ৰক্ষা কৰিব নোৱাৰিলে৷ নিশা একমান বজাতে যি সাৰ পালো দুচকুলৈ আৰু টোপনি নাহিল৷ তেতিয়া কানাডাৰ ভেনকুভাৰত দুপৰীয়া এঘাৰমান বাজিছে- গতিকে শৰীৰটোৱে দৈনিক অভ্যাশবশত: সেই সময়মতেই কাম চলাই নিছে৷ ছয়ত্ৰিছ ঘন্টীয়া বিমান যাত্ৰাৰ শেষত যে পৃথিৱীৰ অন্য এটা কোণত নিশা কটাইছোঁহি তাৰ সৈতে এটা দিনতে শৰীৰটো অভ্যস্ত হ’ব নোৱাৰাৰ কথাই!

ইটো সিটো কৰি কোনোমতে সময়খিনি কটাই পোহৰ হোৱাৰ লগে লগেই হোটেলৰ বাহিৰ ওলালো৷ আহোঁতে হোটেলৰ ল’বীত আৰু ৰেষ্টুৰেন্টত এনেয়ে চকু ফুৰালোঁ- আমাৰ দলৰ কাৰোৱাক দেখোঁৱেই নেকি বুলি৷ কোনো নাই- সকলোৱে কিজানি কালিৰ যাত্ৰাৰ ভাগৰ মাৰিছে! বাহিৰ হৈয়ে ৰাতিপুৱাৰ ৰ’দজাক দেখি মনটো মুকলি হৈ পৰিল৷ ভেনকুভাৰত এতিয়াও শীতৰ প্ৰকোপেই যোৱা নাই- গতিকে জাম্বিয়াৰ ৰ’দৰ উত্তাপে গা-মন সতেজ কৰি তুলিলে৷ ওলাই আহি লিভিংষ্ট’ন-লুছাকা ঘাইপথৰ পদপথেদি খোঁজ দিলো৷ আহল-বহল পকী পথ৷ টেৰীয়ে কোৱা মনত পৰিল, জাম্বিয়া উন্নয়নশীল দেশ যদিও মূল ঘাইপথসমূহ খুবেই সুন্দৰ৷ কাৰণটো হ’ল দেশখনৰ অৰ্থনীতি বহুখিনি তামৰ উৎপাদনৰ ওপৰত নিৰ্ভৰশীল; গতিকে তামৰ বাণিজ্য সুচল কৰাৰ উদেশ্যেৰেই দেশখনত ঘাইপথসমূহ ভাল হোৱাৰ দৰকাৰ৷ 

পুৱা খোঁজ কাঢ়িবলৈ যোৱা লিভিংষ্টন-লুছাকা ঘাইপথ

বাটত দেখা পোৱা প্ৰায়বোৰ আফ্ৰিকান চেহেৰাৰ মানুহ- মোক যে দেখিলেই বাহিৰৰ বুলি ধৰিব পাৰি সেইটো উপলব্ধি কৰি অলপ সতৰ্ক হ’লো৷ কিন্তু বাটেদি পাৰ হৈ যোৱা  সকলোৰে বন্ধুত্বসুলভ আচৰণত যথেষ্ট সহজ অনুভৱ হ’ল৷ প্ৰায় সকলোৱে হাঁহিমুখেৰে সম্ভাষণ জনালে ’গুড মৰ্ণিং, হাউ আৰু ইউ’ ইত্যাদিৰে৷ মাথোঁ এটা কথাত আমনি পালো, কাষেৰে পাৰ হৈ যোৱা প্ৰতিখন টেক্সিৰ চালকে মোৰ কাষ পাই হৰ্ণ বজালে, কোনোৱে ৰখাই লৈ যাম নেকি সুধিলে৷ ’ক’লৈকো নাযাওঁ, খোঁজহে কাঢ়িছোঁ’ বুলি কৈ কৈ ভাগৰেই লাগিলগৈ৷ পিছতহে গম পালো, ইয়াত এইটো প্ৰায় নিয়মৰ দৰেই৷ পৰ্য্যটক যেন দেখিলেই টেক্সিৰ চালকে এনেকৈ উপযাচি সোধাপোচা কৰে হেনো৷ 

বাৰিষা যদিও বাটত ধূলিৰ প্ৰকোপ দেখি অলপ আচৰিত হ’লো৷ লগতে চকুত পৰিল কেইবাখনো ভাৰতীয় ৰেষ্টুৰেন্ট৷ ইয়াত যথেষ্ট প্ৰবাসী ভাৰতীয়ই জীবিকাৰ সন্ধানত আহি থিতাপি লৈছে৷ গতিকে ভাৰতীয় খাদ্য,পোছাক-পাতিৰ পৰা আৰম্ভ কৰি সংস্কৃতিৰো বহুতো উপাদান জাম্বিয়ান সমাজত পৰিচিত৷ 
লিভিংষ্টন’ত ভাৰতীয় ৰেষ্টুৰেন্ট
উভতাৰ বাটত দেখা পালো, সিটো মূৰৰ পৰা আমাৰ প্ৰকল্পৰ মূল সমন্বয়ৰক্ষী জেমছ দৌৰি পাৰ হৈ গৈছে৷ ইমানেই খৰকৈ দৌৰিছে যে জেমছ বুলি হাতখন দাঙি মাত লগাবলৈ লৈয়ো মই ৰৈ গ’লো৷ নিজৰ ভাৱতে বিভোৰ হৈ জেমছ পাৰ হৈ গ’ল৷ উভতি আহি প্ৰ’টিয়াত সোমাওঁ মানে ৰেষ্টুৰেন্টত ইতিমধ্যে আমাৰ দলৰ কেইবাজনো পুৱাৰ আহাৰৰ বাবে বহিছেগৈ৷ 


টেৰীয়ে মোৰ খৱৰ ল’লে,

’ভালকৈ শুলা জানো?’

’নাই, একেবাৰেই শুৱা নহ’ল৷ নবজাত বিছনালৈ গৈছিলোঁহে- একমানৰ পৰা চকুৰ টিপকে মাৰিব নোৱাৰিলো৷’

টেৰী আচৰিত নহ’ল৷ বিদেশ ভ্ৰমণৰ স’তে ওত:প্ৰোত এই সমস্যাৰ সৈতে তেওঁৰ যেন চিৰদিনৰ চিনাকি! ক’লে,

’আজি তেনে আবেলিৰ পৰাই তুমি কলমটিয়াবা৷ কিন্তু যিমান টোপনি ধৰিলেও নিশা আঠমানৰ পিছতহে শুবলৈ যোৱাৰ চেষ্টা কৰিবা৷ জেট লেগৰ পৰা সোনকালে উদ্ধাৰ পাব পাৰি সেইটো বুদ্ধিৰে৷’

’চাওচোন, চেষ্টা কৰিব লাগিব৷’

’কাইলৈ কেইবজাত সাৰ পাবা মই একেবাৰে সঠিক কৈ দিব পাৰোঁ! কিন্তু কিমান টকাৰ বাজীত সেইটো প্ৰথমে জানিব লাগিব!’- ধেমেলীয়া সুৰেৰে টেৰীয়ে ক’লে৷

মই হাঁহি পেলালো৷ কাষতে থকা এলাইডা, ক’লা আৰু ডেভিছ’নেও যোগ দিলে,

’কওক, কওক৷ কিমান শুদ্ধ হয় কাইলৈ চাম৷’

’কাইলৈ নিশা দেৰবজাত!’

মই অলপ হতাশ হ’লো- টোপনিৰ এই গতি হ’লে জেট লেগৰ পৰা উদ্ধাৰ পাবলৈ এসপ্তাহৰো ওপৰ লাগিব৷ কিন্তু ইয়াত আমাৰ কাৰণে প্ৰতিটো মুহুৰ্ত্তই কেনে গুৰুত্বপূৰ্ণ! ইচ্ছাশক্তিৰ জোৰতে টোপনি-ভাগৰ সকলো আওকাণ কৰিবলৈ মন বান্ধিলো যেন! 

পুৱাৰ চাহ-কফিৰ লগতে দিনটোৰ পৰিকল্পনা৷ ডেভিছ’নে আমাক সকলোকে এটা আভাস দিলে ক’ল’ম’ জিলাৰ প্ৰাকৃতিক সম্পদৰ সংৰক্ষণৰ ক্ষেত্ৰত থকা মূল সমস্যবোৰৰ বিষয়ে৷  

’গৰুপালন আৰু কয়লাৰ ব্যৱসায় এই জিলাত অৰ্থনীতিৰ মূল ভৰষা৷ ধপাত উৎপাদনো বহু ঠাইত হয়৷ তিনিওটাই বনাঞ্চল ধ্বংসৰ মূল কাৰণ হৈ পৰিছে৷ আমাৰ সংগঠন চিফৰে যোৱা দুটা দশক ধৰি বিভিন্ন প্ৰকল্পত ইয়াত কাম কৰি আহিছে৷ গতিকে জাম্বিয়াৰ চৰকাৰ আৰু প্ৰায়বোৰ অংশীদাৰ সংগঠনৰ সৈতে আমাৰ ভাল যোগাযোগ আছে৷ আজি সেইসকলৰ মাজৰ পৰাই প্ৰতিনিধি কেইজনমান আহিব৷ আমি সকলোৱে ক’ল’ম’ত লগ হৈ কাইলৈৰ কৰ্মশালা খনৰ বিষয়ে ভালকৈ পৰিকল্পনা কৰাৰ কথা ভাৱিছোঁ৷’ 

এই মাটি, ইয়াৰ মানুহ, ইয়াৰ জীৱন আৰু সমস্যা সকলো একেবাৰে নতুন মোৰ বাবে৷ গতিকে ডেভিছ’নৰ পৰা যিমান পাৰি বুজি লোৱাৰ চেষ্টা কৰিলো৷ তেওঁ কৈ গ’ল, ইয়াৰ বিভিন্ন সময়ত বিভিন্ন প্ৰয়োজনত ক’ল’ম’লৈ জনজাতিসমূহৰ প্ৰব্ৰজনৰ কথা, জীৱন আৰু জীৱিকাৰ প্ৰয়োজনত অৰণ্য মুকলি কৰি থিতাপি লোৱা মানুহবোৰৰ কথা৷ প্ৰতিবাৰৰ দৰেই মাটিৰ মানুহৰ এই বৃত্তান্ত শুনি মোৰ ভাৱ হ’ল, প্ৰকৃতি সংৰক্ষণ মানে মানুহক পৃথক কৰি কেৱল গছ-গছনি, তৰু লতা, জীৱ-জন্তুৰ সংৰক্ষণ নহয়৷ প্ৰকৃতি সংৰক্ষণৰ অৰ্থ বছৰ বছৰ ধৰি প্ৰকৃতিৰ সৈতে সমন্বয়েৰে বাস কৰি অহা মানুহবোৰৰ সেই আঁতডাল ছিঙিব ধৰাৰ কাৰণবোৰ বিচাৰি উলিওৱা, মানুহ যে প্ৰকৃতিৰে এক অবিচ্ছেদ্য অংশ সেই সত্যটো প্ৰতিষ্ঠা কৰা৷ তাৰবাবে কেইজনমান বিজ্ঞানীয়ে অকলশৰে একো কৰিব নোৱাৰে, কোনোবা ৰাজনীতিবিদে, সমাজকৰ্মীয়ে অকলশৰে একো কৰিব নোৱাৰে৷ ইয়াৰ বাবে প্ৰথম পদক্ষেপটো হল সকলো অংশীদাৰক একেলগ কৰাটো- প্ৰত্যেকেই মত বিনিময় কৰাটো৷ এই বিশ্বাসটোৰ বাবেইতো মই এই প্ৰকল্পত এক অংশীদাৰ হৈ পৰিছোঁ, আজি জাম্বিয়াৰ লিভিংষ্ট’নত এই প্ৰকৃতিবিদ, সমাজবিজ্ঞানী, অৰ্থনীতিবিদসকলৰ মাজত আছোঁহি৷ আমাৰ সপোন বিশাল, লক্ষ্য বহু উচ্চাকাংক্ষী! কিন্তু প্ৰতিটো লক্ষ্যলৈ বুলি বাট বুলিবলৈ দৰকাৰ প্ৰথমটো সঠিক খোঁজৰ- এয়া আমাৰ সেই অভিলাষী যাত্ৰাৰ প্ৰথমটো খোঁজ!

লিভিংষ্টনৰ পৰা ক’ল’ম’ টাউনলৈ প্ৰায় দুঘন্টাৰ বাট৷ আমাৰ দলটো দুখন গাড়ীত ভাগে ভাগে ওলাল৷ ড্ৰাইভাৰ মিঅ’বাৰ সৈতে মই, এলাইডা আৰু ক’লা৷ সমগ্ৰ বাটছোৱা এলাইডা আৰু ক’লাই এলাইডাৰ ডক্টৰেট গৱেষণাৰ কথা পাতি গ’ল৷ এই বৃহৎ প্ৰকল্পটোত মোৰ আৰু ক’লাৰ কামৰ ক্ষেত্ৰ ইতিমধ্যে নিৰ্ধাৰণ কৰা হৈ গৈছে যদিও এলাইডাই এতিয়াও তাইৰ ডক্টৰেট গৱেষণাৰ বাবে নানা সম্ভাৱনীয় বিষয় মনতে পাঙি আছে৷ তাইৰ আশা, এই কৰ্মশালাৰ পৰাই তাই কোন বাটে গৱেষণা আগবঢ়াব তাৰ এটা ধাৰণা পাব৷ সমাজবিজ্ঞানৰ কথা বাবে ক’লাই নিজৰ অভিজ্ঞতাৰ পৰা কৰ্মশালাখনৰ কোনবোৰ দিশত মনোযোগ দিয়াৰ দৰকাৰ সেয়া তাইক কৈ গ’ল৷ সিহঁতৰ আলোচনাত মাজে মাজে দুই এটা মন্তব্য দিয়াৰ বাহিৰে বাকী সমগ্ৰ সময়খিনি মই গাড়ীৰ খিৰিকীৰে চাই গ’লো বাটৰ দুয়োফালে দূৰ দিগন্তলৈ বিয়পি থকা সেউজীয়া সমভূমি, বাটৰ কাষে কাষে বিক্ৰীৰ বাবে ঠাকে ঠাকে সজাই থোৱা কয়লাৰ বস্তাবোৰ, অ’ত ত’ত গছৰ ছাঁত অতিকায় কাঠফুলা আৰু জলকীয়া লৈ গ্ৰাহকৰ অপেক্ষাত থকা আফ্ৰিকান পুৰুষ-মহিলা, মাকৰ আচলত ধৰি দুপৰৰ ৰ’দজাক মুখতে লৈ বাটত খোঁজ দিয়া কণ কণ কেকুঁৰাচুলীয়া শিশুবোৰ!

ক’লাৰ হঠাৎ চিৎকাৰ শুনি মোৰ তন্ময়তা ভাঙিল৷ দেখা পালো আমাৰ গাড়ীৰ কাষেৰে এখন জৰাজীৰ্ণ গাড়ী প্ৰচণ্ড বেগেৰে যাবলৈ লাগিছে৷ সন্মুখৰ আসনত দুজন আৰোহী৷ ক’লাই ক’লে,

’গাড়ীখনৰ চকালৈ চোৱা৷ এটা চকাতোচোন টায়াৰ নাই!’

আমি কৌতুহলেৰে চাই পঠিয়ালো৷ এটাও টায়াৰ নোহোৱাকৈ কি নিৰ্বিকাৰ হৈ দুয়োজন আৰোহী গৈ আছে! মিঅ’বাই আমাৰ গাড়ীৰ বেগ বঢ়াই সেইখন পিছ পেলাই আহিল৷ ক’লে,

’ৰিস্ক ল’ব নোৱাৰি! গাড়ীৰ যিটোহে ৰূপ!’ 

মই মনতে ভাৱিলোঁ, ’জাম্বিয়াৰ কি ৰূপ!’


এজাক কণমানিৰ মাজত



আলোচনা সভা আৰম্ভ  হোৱাৰ বহু আগতেই আমি ক’ল’ম’ পালোগৈ৷ গতিকে এলাইডা আৰু মই খোঁজেৰে ওলালো ওচৰে পাজৰে ঠাইখন চাওঁ বুলি৷

ক’ল’ম’ টাউনখন সৰু৷ তাতে আমাৰ সভাৰ ঠাইখন টাউনৰ পৰা অলপ আওহতীয়া ঠাইত আছে৷ ধূলিময় বাটটোৰে দুয়োজনী আগবাঢ়ি গ’লো৷ বাটৰ দুয়োকাষে সৰু-বৰ গোমধানৰ খেতি- অ’ত ত’ত দুটামান পকীঘৰ৷ তিনিআলি এটা পাই দেখোঁ সেইখিনি বজাৰৰ দৰে- যথেষ্ট সৰু সৰু দোকান৷ ফল-মূল আৰু শাক-পাচলিবোৰো আমি দুয়োজনীয়ে কৌতুহলেৰে চাই গ’লো৷ 

কিছুদূৰ গৈয়ে আমি অজানিতে এখন স্কুলৰ সন্মুখ ওলালোগৈ৷ স্কুল ছুটি হৈছে মাথোঁ- পলকতে ইউনিফৰ্ম পিন্ধা সৰু-ডাঙৰ এজাক শিশু ওলাই আহিল হঠাৎ চাব খোৱা মৌবাহৰ পৰা ওলোৱা মৌবোৰৰ দৰে৷ আমাক দেখি যেন সিহঁতৰ কৌতুহলৰ সীমা নোহোৱা হ’ল৷ প্ৰথমে সিহঁতৰ মাজৰ পৰা ভয়-ভীত-সংকোচ নোহোৱা কেইটামান ল’ৰা-ছোৱালী আহি আমাৰ কাষ চাপিল৷ ইংৰাজীতে সিহঁতৰ উপৰা-উপৰি প্ৰশ্ন-

’তোমালোকৰ নাম কি?’

’ক’ৰ পৰা আহিছা?’

’ক’লৈ যোৱা?’

আমি হাঁহিমুখেৰে সিহঁতৰ প্ৰশ্নবোৰৰ যিমান পাৰি সৰলকৈ উত্তৰ দিলো৷ এটা দুটাকৈ আহি অন্য ল’ৰা-ছোৱালীবোৰে যোগ দিলেহি৷ নিমিষতে আমি যেন এজাক কণ কণ শিশুৰ মাজত মনোৰঞ্জনৰ-কৌতুহলৰ উৎসহে হৈ পৰিলো৷ দুটামানে অলপ আসৈ পাই মোৰ চুলিখিনি চুলেহি- মই হাউলি দিলো কিনো কৰে কৰক বুলি! লগে লগে আৰু এজাক আহি মোৰ চুলি, হাত আদিত হাত ফুৰাই ফুৰাই ক’লে,

’তোমাৰ চুলিখিনি ইমান পোন, ইমান ধুনীয়া!’

এলাইডাও ইতিমধ্যে বহি পৰিছে সিহঁতৰ মাজত৷ তাইক সিহঁতে কৈছে,

’তুমি কেনেকৈ ইমান ধুনীয়া!’

আমি দুয়োজনীয়ে হাঁহি হাঁহি কৈ উঠিলো,

’তোমালোকো ইমান মৰমলগা, ইমান স্মাৰ্ট! ভালকৈ পঢ়া-শুনা কৰিবা দেই৷’ 

আমাক আৱৰি ধৰা ল’ৰা-ছোৱালীৰ সংখ্যা যিমানেই বাঢ়িল, আমি দুয়োজনীয়ে এইখিনি কথাকে বাৰে বাৰে দোহাৰিব লগা হ’ল৷ কাৰণ প্ৰত্যেকৰে এটাই কথা- আমাৰ চুলি, আমাৰ গাৰ ৰং আদি ইমান সুন্দৰ!
এটা সময়ত মই ঘড়ীলৈ চাই ক’লো, ’ তোমালোক ঘৰলৈ যোৱাগৈ দেই৷ আমিও যাব লাগে- কাম আছে যে৷’

বহুবাৰ ’বাই বাই’ কৈ কৈ এটা দুটাকৈ ল’ৰা-ছোৱালীবোৰ উভতিল৷ কিন্তু দুজনী কণ কণ ছোৱালী বাৰে বাৰে আমাৰ পিছে পিছে আহি থাকিল৷ আবেগেৰে সাবটি ধৰি কৈ থাকিল,

’আমাক এৰি নাযাবা- থাকাচোন থাকা৷’

মোৰ যেন মনটো পমি গ’ল৷ দুয়োকে বুজাই বঢ়াই উভতাই পঠাবলৈ আমাৰ কিছু সময় লাগিল৷ প্ৰতিশ্ৰুতি দিব লগা হ’ল, কেতিয়াবা আকৌ আহিম সিহঁতৰ কাষলৈ৷ 

কণমানিজাকৰ মাজত এলাইডা!

উভতাৰ পৰত আমি দুয়োজনী নীৰৱ হৈ সেই আবেগৰ উচ্ছাসতে ডুব গৈ থাকিলো যেন! মুকলিকৈ নাপাতিলেও দুয়ো বুজি পালো, সেই শিশুহঁতৰ ভাৱ, শ্বেতাংগ বাবেই এলাইডা ধুনীয়া, পোন বাবেই মোৰ চুলি ধুনীয়া! আচৰিত লাগিল, সৌন্দৰ্য্যৰ এই বিকৃত ধাৰণাবোৰ যে ইমান কোমল বয়সতে কেনেকৈ সোমাই পৰিছে এই সৰলমনা শিশুবোৰৰ মাজত! ভাৱিলো, ডাঙৰ হৈ এদিন যেন সিহঁতে বুজে, ছালৰ ৰং, চুলি বা শৰীৰৰ একো আকৃতি-প্ৰকৃতিৰে সৌন্দৰ্য্যৰ বিচাৰ কৰা নাযায়! এই সকলোবোৰ মাথোঁ সমাজে জাপি দিয়া সৌন্দৰ্য্যৰ কিছুমান ভিত্তিহীন মাপকাঠি যি প্ৰতিখন সমাজতে ভিন্ন! এই সকলোবোৰ দেও দি যাব পাৰিলেই সিহঁতে দেখা পাব প্ৰত্যেকেই নিজৰ ৰূপতে কেনে অদ্বিতীয় আৰু সুন্দৰ! 


নিচিমা আৰু সভা


আমি গৈ আলোচনা সভা সোমোৱাৰ ক্ষন্তেক পিছতে ধাৰাসাৰে বৰষুণ এজাক নামিল৷ বৰষুণৰ মাজতে এজন এজনকৈ জাম্বিয়া দলৰ মানুহবোৰ আহিল৷ ডেভিছ’নৰ মূল সহযোগী কালা থুলন্তৰ মানুহ- দেখাত অলপ গোমোঠা যেন লাগে৷ কিন্তু ব্যৱহাৰ-পাতি যথেষ্ট সৌজন্যপূৰ্ণ৷ লগ পালো জাম্বিয়াৰে ফ্ৰেডি আৰু ইটালীৰ মালাইকাক ৷ দুয়ো আমষ্টাৰডাম বিশ্ববিদ্যলয়ৰ পৰা আমাৰ প্ৰকল্পৰে একোটা বিষয়ত ডক্টৰেট গৱেষণা আৰম্ভ কৰিছে৷ স্থানীয় বাবে ক’ল’মৰ সমস্যাসমূহত ফ্ৰেডিৰ জ্ঞান যথেষ্ট গভীৰ৷ প্ৰকাণ্ড কেকুঁৰা চুলিকোঁচাৰে কেমেৰুনীয়ান-ইটালিয়ান মালাইকাক দেখিলেই আকৰ্ষণীয় ব্যক্তিত্বৰ বুলি ধৰিব পাৰি৷ দুয়ো আমাৰ বয়সৰ৷ এলাইডা আৰু ক’লাই সিহঁতক আগতে লগ পাইছে বাবে মোৰো সৌহাৰ্দ্য গঢ়ি তুলিবলৈ বেছি পৰ নালাগিল৷ 

জাম্বিয়াৰ পৰম্পৰাগত খাদ্য নিচিমা
 দুপৰীয়াৰ খাদ্যত জাম্বিয়াৰ পৰম্পৰাগত খাদ্য নিচিমাৰ লগত পাতশাকৰ এবিধ জোল আৰু মাংস পৰিবেশন কৰিলে৷ নিচিমা গোমধানৰ গুড়ি সিজাই তৈয়াৰ কৰে৷ আমাৰ ভাতৰ দৰে জাম্বিয়াত সকলোৱে দিনটোৰ  প্ৰতি সাঁজতে এই নিচিমাৰ সৈতে শাক আৰু মাংস খায়৷


চৰকাৰী কেইবাটাও বিভাগৰ আৰু স্থানীয় অনুষ্ঠান-প্ৰতিষ্ঠানৰ প্ৰতিনিধিসকলৰ সৈতে চা-চিনাকিৰে সভা আৰম্ভ হ’ল৷ তেওঁলোকে কৰ্মশালাখন কেনেকৈ আগবঢ়ালে ভাল হ’ব তাৰ পৰামৰ্শ আগবঢ়ালে৷ কেইবাজনেও উল্লেখ কৰিলে, কয়লাৰ সমস্যাৰ কথা৷ প্ৰায়খিনি সময় আমাৰ দলটোৱে মাথোঁ শুনি গ’ল- মাজে মাজে মাথোঁ দুই এটা প্ৰশ্ন প্ৰতিনিধিসকলৰ মতামত বোৰ বুজি লোৱাৰ বাবে৷ এই প্ৰকল্পৰ আৰম্ভণিতে ঠিক কৰা হৈছে যে ইয়াত জড়িত দেশ-বিদেশৰ গৱেষণাকাৰীসকলে যৎপৰোনাস্তি চেষ্টা কৰিব তেওঁলোকৰ ধ্যান ধাৰণা জাপি দিয়াৰ সলনি প্ৰথমে স্থানীয় লোকৰ পৰা তেওঁলোকৰ সমস্যসমূহ বুজিবলৈ৷ আমাৰ দায়িত্ব স্থানীয় অংশীদাৰসকলে তেওঁলোকৰ ঠাইৰ সমস্য-সমাধানৰ বাবে সিদ্ধান্ত আৰু পদক্ষেপ ল’বলৈ প্ৰয়োজনীয় বৈজ্ঞানিক তথ্য আৰু দক্ষতা আগবঢ়োৱা৷ লগতে ৰাষ্ট্ৰীয় আৰু আন্ত:ৰাষ্ট্ৰীয় পৰ্য্যায়ত তেওঁলোকৰ সিদ্ধান্ত আৰু কামসমূহ তুলি ধৰা৷ গতিকে আমি মাথোঁ সহায়কাৰী (facilitator) এই প্ৰক্ৰিয়াত৷

পিছদিনা পুৱাতে ক’ল’মৰে চুবুৰীয়া নগৰ চ’মাত মূল কৰ্মশালাৰ বাবে লগ হোৱাৰ প্ৰতিশ্ৰুতিৰে সকলো উভতিল৷ আমি সেইদিনাই যাত্ৰা কৰিলো চ’মালৈ বুলি৷ প্ৰায় দুঘন্টাৰ বাট৷ চ’মা পাওঁগৈ মানে সন্ধিয়াই হ’লগৈ৷ নিশা বহুপৰলৈকে দলৰ সকলোৱে পিছদিনাৰ কৰ্মশালাৰ প্ৰস্তুতিত লাগি থাকিল৷ আবেলিৰ পৰাই টোপনিৰ প্ৰকোপত মোৰ অৱস্থা কাহিল হোৱা দেখি সকলোৱে যেনিবা সহানুভূতিৰে মোৰ দায়িত্বখিনি শিথিল কৰি দিলে৷ কোনোমতে নিশাৰ সাঁজ খাই বৈ বিছনাত পৰিলোঁগৈ৷ দুচকুত ওলমি ৰ’ল আমাৰ সেই অভিলাষী সপোনটো- আশাৰে বাট চালো সেই বাটৰ আৰম্ভণিৰ বাবে- এটা নতুন পুৱাৰ বাবে!

দ্বিতীয় খণ্ড: লিভিংষ্টনৰ দেশত