Tuesday 13 January 2015

সচৰাচৰ দেখা শালিকা চৰাইবোৰ

শালিকা বুলিলেই আমাৰ মনলৈ আহে পুৱা-গধূলি ঘৰৰ আশে পাশে দেখা পোৱা ঘৰ-শালিকাৰ ছবিখন, নহয় জানো? আমাৰ অসমত পিছে ইয়াৰ বাহিৰেও অন্য কেইবাবিধো শালিকা প্ৰজাতি পোৱা যায়৷ এই শালিকাজাতীয় চৰাইবোৰৰ শাৰীৰিক বৈশিষ্ট্য হ’ল ইহঁতৰ নোদোকা দেহ আৰু চুটি জোঙা নেজ ৷ ইহঁতে সাধাৰণতে জাক-পাতি থাকে আৰু স্বভাৱত হুলস্থুলীয়া৷

শালিকা দক্ষিণ-পূব এছিয়াৰ স্থানীয় চৰাই৷ বৰ্তমান ইহঁতক বিশেষকৈ আমাৰ ঘৰ-শালিকাবিধ উত্তৰ আমেৰিকা, নিউজিলেণ্ড, অষ্ট্ৰেলিয়াত নতুনকৈ সংস্থাপন কৰা হৈছে৷ অসমীয়াত এক লোকপ্ৰবাদ আছে, বুঢ়া শালিকাই মাত নলয়৷ সঁচা অৰ্থতে, শালিকাই বিভিন্ন ধৰণৰ মাতৰ সুবহু অনুকৰণ কৰিব পাৰে৷ শালিকাজাতীয় চৰাইবোৰৰ ভিতৰত Common Hill Mynah- ই মাত অনুকৰণ কৰাত আটাইতকৈ পাৰ্গত আৰু সেয়ে ইহঁত Talking Mynah বুলিও জনাজাত৷ এই গুণৰ বাবেই এই শালিকাবিধক বহুতে পোহনীয়া কৰি ৰাখে৷ দৰাচলতে, থাইলেণ্ড, লাওছ আদি কেইখনমান দেশত পোহনীয়া চৰাইৰ বজাৰৰ চাহিদা পূৰাবলৈকে হাজাৰ হাজাৰ Hill Mynah সংগ্ৰহ কৰাৰ ফলত ইয়াৰ জনসংখ্যা বৰ্তমান কমিব ধৰিছে৷ আমাৰ চুবুৰীয়া মেঘালয়ৰ গাৰো পাহাৰত আকৌ স্থানীয় লোকে বাঁহৰ খোৰোঙত ঘাঁহ-বন দি বাহ সাজি ইহঁতক কণী পাৰিবলৈ দিয়ে আৰু পোৱালি বয়সতে পোহনীয়া কৰে৷ ফলত প্ৰজননক্ষম চৰাই হালৰ কোনো ক্ষতি নহয় আৰু ঠাইখনত খেতি-পথাৰ, ফল-মূলৰ অনিষ্ট কৰিব নোৱাৰাকৈ ইহঁতৰ জনসংখ্যাও অতিপাত বৃদ্ধি নাপায়৷ জনামতে, বৰ্তমান ই (Common Hill Myna farming) এক কূটীৰ শিল্পৰ ৰূপেই পাইছেগৈ৷

অসমত দেখা পোৱা অন্য এবিধ শালিকা হৈছে গাং- শালিকা (Bank Myna)৷ ই দেখাত ঘৰ শালিকাৰ দৰে একেধৰণৰ যদিও ইয়াৰ গাৰ ৰং মুগা (grey) আৰু ঠোঁট ৰঙচুৱা বা কমলা হয় (চিত্ৰ)৷ তেনেদৰে, চুটীয়া-শালিকা (Jungle Myna) হাবিৰ ওচৰে পাজৰে থকা মুকলি অঞ্চল বা খেতি পথাৰৰ ফালে দেখা যায় ৷ ইহঁতৰ গা আৰু চকু ঘৰ-শালিকাতকৈ শেঁতাবৰণৰ আৰু ঠোঁটৰ গুৰিত মুকুটৰ দৰে এটা অংশ (crest) থাকে৷ 




অসমত দেখা পোৱা অন্যান্য শালিকাৰ প্ৰজাতিসমূহ হৈছে-

  • Asian Pied Starling: দেহৰ ধৰণ ঘৰ শালিকাৰ দৰে, কিন্তু ক’লা-বগা৷ 
  • কাঠ-শালিকা (Grey-headed Starling /Chestnut tailed starling): দেহৰ ওপৰভাগ মুগাবৰণীয়া, পেটতো ৰঙচুৱা
  • Spot-winged Starling: পৰিভ্ৰমী ৷ ই উত্তৰ-পূৰ্বাঞ্চলত শীতকাল কটায়হি৷
  • White-vented Myna: ব্ৰহ্মপুত্ৰৰ দক্ষিণপাৰেহে হয়তো সচৰাচৰ দেখা পোৱা যায়৷
মানুহৰ আশে পাশে বসবাস কৰাত অভ্যস্ত চৰাইবোৰৰ ভিতৰত শালিকা অন্যতম৷ এই চৰাইবিধৰ সৈতে মানুহৰ সম্পৰ্কও নিবিড়৷ এযোৰা শালিকা দেখিলে শুভ বুলি অসমত জনবিশ্বাস আছে৷ আমোদজনক কথাটো হ’ল, অন্য প্ৰায়বোৰ চৰাইৰ দৰে শালিকাই কেৱল প্ৰজননৰ সময়তহে সংগী বিচাৰি লৈ যোৰ নাপাতে৷ তাৰ পৰিৱৰ্ত্তে প্ৰায়বোৰ শালিকাই দীৰ্ঘদিনলৈ বা আজীৱন যোৰ পাতে বুলি জনা যায়৷ গতিকে এনে জনবিশ্বাসে নিশ্চয় প্ৰকৃতিৰ সূক্ষ্ম পৰ্যবেক্ষণৰ পৰা উপলব্ধ জ্ঞানকে সূচায়৷