Wednesday 24 January 2018

ক্ষীণোৱাৰ নতুন উপায়: পৰ্যাপ্ত ৰ’দ লওক!

আমি সকলোৱে জানো আমাৰ দেহে সূৰ্য্যৰ অতি বেঙুণীয়া ৰশ্মি ব্যৱহাৰ কৰি ভিটামিন ডি উৎপাদন কৰে৷ এই ৰশ্মি আমি খালী চকুৰে দেখা নাপাওঁ৷ শেহতীয়াকৈ খালী চকুৰে দেখা পোৱা সূ্ৰ্য্যৰ পোহৰৰ এক নতুন বৈশিষ্ট্য এলবাৰ্টা বিশ্ববিদ্যালয়ৰ বিজ্ঞানীয়ে গৱেষণাত প্ৰকাশ কৰিছে যি মানুহক ক্ষীণোৱাত সহায় কৰিব পাৰে৷
পৰীক্ষামূলক গোট দুটাত স্নেহপদাৰ্থ (ৰঙা অংশ)
-ৰ পৰিমাণ: প্ৰথমগোট (C)-ত কোনো পোহৰ

নোহোৱাকৈ আৰু দ্বিতীয় গোট (D)টোত সূৰ্য্যৰ
ৰশ্মি পৰিবলৈ দিয়াৰ পিছত স্নেহপদাৰ্থ হ্ৰাস পাইছে
ফটো-Katarina Ondrusova
গৱেষণাটোৰ তথ্য অনুসৰি, ৰ’দঘাই দিন এটাত আমি খালী চকুৰে দেখা পোৱা পোহৰৰ বৰ্ণালীৰ প্ৰায় ১-৫% ৰশ্মি আমাৰ দেহৰ ছালৰ মাজেৰে পাৰ হৈ যায়৷ ছালৰ ঠিক তলতে থকা এডিপ’জ কলাৰ স্নেহকোষ (fat cells) বোৰ এই পোহৰৰ সংস্পৰ্শলৈ আহিলে তাত থকা স্নেহপদাৰ্থ (lipid) আকাৰত সৰু হৈ পৰে আৰু স্নেহকোষৰ পৰা মুকলি হৈ ওলাই যায়৷ ফলত এই কোষবোৰে মেদ সঞ্চয় কৰি নাৰাখে৷ তেওঁলোকে এই গৱেষণাৰ পৰা অনুমান কৰিছে যে পশ্চিমীয়া দেশবোৰত দীঘলীয়া শীতকালৰ বেছিভাগ সময় পৰ্য্যাপ্ত ৰ’দ নোপোৱাটোৱে এই সময়ছোৱাত তাৰ অধিবাসীৰ শীতৰ মেদবহুলতা সমস্যাৰ এক অন্যতম কাৰণ হ’ব পাৰে৷ 
সূৰ্য্যৰ এই ৰশ্মি নিয়মীয়াকৈ পৰিবলৈ দিলে স্নেহকোষবোৰে কেনে প্ৰতিক্ৰিয়া কৰে জানিবলৈ বিজ্ঞানীৰ দলটোৱে এডিপ’জ কলাৰ দুটা পৃথক গোটৰ ওপৰত এটা পৰীক্ষা সম্পন্ন কৰে৷ প্ৰথমবিধ কলাৰ স্নেহকোষৰ মাজেৰে একেৰাহে তেৰদিন দৈনিক চাৰি ঘন্টাকৈ নিৰ্দিষ্ট তীব্ৰতাৰ সূৰ্য্যৰ নীলা ৰশ্মি পাৰ হৈ যাবলৈ দিয়ে৷ দ্বিতীয় গোটটো কন্ট্ৰ’ল হিচাপে ৰাখি কোনো ৰশ্মি পাৰ হৈ যাবলৈ দিয়া নহয়৷ পৰীক্ষাৰ শেষত তেওঁলোকে দেখা পালে যে সূৰ্য্যৰ ৰশ্মি পৰা কোষবোৰৰ স্নেহপদাৰ্থ (lipid)-ৰ পৰিমাণ কন্ট্ৰল গোটটোতকৈ যথেষ্ট হ্ৰাস পাইছে৷ লগতে তেওঁলোকে ধৰা পেলালে যে এই কোষবোৰত থকা স্নেহপদাৰ্থবোৰ খৰতকীয়াকৈ ভাঙি মুকলি হৈ গৈছে৷ উপবাস বা ব্যায়ামৰ সময়ত এই একে প্ৰক্ৰিয়াৰেই আমাৰ দেহৰ স্নেহকোষবোৰৰ পৰা মেদ ভাঙি সঞ্চিত শক্তি মুকলি হয়৷ গতিকে বিজ্ঞানীসকলৰ মতে ৰ’দে আমাৰ শৰীৰৰ মেদ কমোৱাৰ বাবে একেটা প্ৰক্ৰিয়াই সক্ৰিয় কৰি তুলিব পাৰে৷ অৱশ্যে কিমান সময় বা তীব্ৰতাৰ ৰ’দে এই প্ৰক্ৰিয়া সক্ৰিয় কৰি তুলিব সেইসম্পৰ্কে অধিক গৱেষণাৰ প্ৰয়োজন৷ এই গৱেষণাই অদূৰ ভৱিষ্যতে সূৰ্য্যৰ পোহৰেৰে মেদবহুলতাৰ চিকিৎসাৰ সম্ভাৱনীয়তা আনি দিছে৷ 
(আলোকচিত্ৰ: ইন্টাৰনেটৰ পৰা সংগৃহীত)

Saturday 13 January 2018

প্ৰবাসত ভোগালী

ভোগালীৰ গধূলি
পদূলিত জাৰৰ উকমুকনি
ভেলাঘৰত ডেকা-গাভৰুৰ উচ্ছ্বসিত হাঁহি
খুড়ী-পেহীৰ আখলৰ মায়াময় পৃথিৱী

ভোগালী আহে
মেজিৰ পবিত্ৰ জুইৰ উত্তাপৰ মাজেৰে
লাৰু-পিঠা, কোমল-চাউল আৰু সান্দহৰ জুতিৰে
আপোন মানুহৰ মৰমসনা সান্নিধ্যৰে

এই সকলোবোৰৰৰ পৰা বহু যোজঁন আঁতৰত
সাত সাগৰ তেৰ নদীৰ সিপাৰে
এদল প্ৰবাসী অসমীয়াৰ প্ৰয়াস
ভোগালীক আদৰাৰ
অসমৰ অমিয়া সুবাসেৰে
অসমীয়া হোৱাৰ গৌৰৱেৰে
প্ৰবাসত ভোগালী

মৰুভূমি

সময় উকলি গ’ল
আমি নজনাকৈয়ে
হৃদয়বোৰ বৃদ্ধ হ’ল
সেউজীয়া সপোনৰ ঠাই ল’লে
সোঁৱৰণিৰ সৰা পাতে
আশাবোৰ ভৰুণ হৈও
অনাদৰত গেলি-পচি ৰ’ল
ঘনে ঘনে বাৰিষাৰ ঢল অনা
বৰদৈচিলাজাকো থমকি ৰ’ল

নোকোৱা নপতা কথাবোৰ
সাঁচতিৰ জাপতে হেৰাল
শব্দহীন হাজাৰটা অনুভৱৰ ঢৌ
অদেখা হৈয়ে মাৰ গ’ল
আমি চকুৰ টিপ নেপেলাওঁতেই
বহু সময় পাৰ হৈ গ’ল

এতিয়া কেনেকৈ আনো
বসন্তৰ কুঁহিপাত
কেনেকৈ সী নিওঁ
অবুজ অভিমানৰ ফাঁট?

সময় উকলি গ’ল
আমি নজনাকৈয়ে
হৃদয় যে মৰুভূমি হ’ল