পঢ়ুৱৈৰ মন্তব্য/Comments








অসমীয়া হʼবলৈ ভৌগোলিক সীমা নালাগে
I appreciate your honest spirit to remain as Asomiya everywhere in the world. The article is a remarkable one for every Asomiya and I am sure, every Asomiya will definitely think once and feel whoever read the article.
✍Jagannath Pathack


আজিৰ দৈনিক অসম কাকতৰ সম্পাদকীয় পৃষ্ঠাত প্ৰকাশিত আপোনাৰ" অসমীয়া হ'বলৈ ভৌগোলিক সীমা নালাগে" শীৰ্ষক লিখনিটো পঢ়ি সঁচা অৰ্থত আপ্লুত হৈছোঁ সমানেই আৱেগিকো। মাধ্যম বিতৰ্ক, অসমীয়া ভাষাৰ প্ৰতি গুৰুত্বহীনতা আদি বিষয়ৰ চৰ্চা চলি থকাৰ মাজতে আপোনাৰ এই ব্যতিক্ৰমী কথাখিনিয়ে ইতিমধ্যে যথেষ্ট সমাদৰ লাভ কৰিছে। সুদূৰ কানাডাত থাকিও অসমীয়া ভাষাটোৰ প্ৰতি, ভাষাটোৰ প্ৰসাৰ আৰু নিৰলস চৰ্চাৰ প্ৰতি আপোনাৰ যি আগ্ৰহ ; সেই আগ্ৰহক কৰযোৰে সেৱা জনাইছোঁ।
অসমীয়া ৱিকিপিডিয়াৰ সৈতে আপোনাৰ সম্পৰ্ক , ইন্টাৰনেটত অসমীয়া ভাষাৰ সমল বৃদ্ধি কৰাৰ ক্ষেত্ৰত অসমীয়া ৱিকিপিডিয়াৰ ভূমিকা ইত্যাদি অনেক প্ৰচেষ্টাৰ কথা জানি সঁচাকৈয়ে বৰ ভাল লাগিল। সঁচা অৰ্থত, আমাৰ আপোন ভাষাটোক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ বাবে অসমীয়া ৱিকিপিডিয়া যেন এক পৱিত্ৰ আন্তৰিক প্ৰয়াস। নিজৰ শিপাক ধৰি ৰখাৰ যি স্বাভিমান আপোনাৰ কথাখিনিৰ জৰিয়তে ফুটি উঠিছে; সেয়া দেখি আমিও যেন গৌৰৱান্বিত হৈ পৰিছোঁ আজি। অসমীয়া ৱিকিপিডিয়াৰ উত্তৰোত্তৰ উন্নতি কামনাৰে!
✍ কাকলি শৰ্মা


'দৈনিক অসম' কাকতত প্ৰকাশিত আপোনাৰ 'অসমীয়া হ'বলৈ ভৌগোলিক সীমা নালাগে' শীৰ্ষক লেখাটো পঢ়ি ভাল লাগিল। সুদূৰ সাত সাগৰ তেৰ নদীৰ পাৰত থাকিও আপুনি অসমীয়া ভাষা উন্নতিৰ বাবে নিৰলস প্ৰচেষ্টা আগবঢ়াই আছে- নিতান্তই এয়া প্ৰতিজন অসমীয়াৰ বাবে বিশেষকৈ আমাৰ দৰে নৱপ্ৰজন্মৰ বাবে অতিকৈ অনুকৰণীয়। সাহিত্যৰথী বেজবৰুৱাদেৱে কৈছিল, "স্বদেশ আৰু স্বজাতিৰ উন্নতিৰ মংগল মন্দিৰৰ সিংহদুৱাৰ হৈছে মাতৃভাষা।" অসমীয়া জাতিৰ উন্নতিৰ লগত ভাষাটোৰ উন্নতি ওতঃপ্ৰোতভাৱে জড়িত। বৰ্তমানৰ সময়ছোৱাক বহুতো লোকে অসমীয়া ভাষাৰ "সংকটকাল" বুলিও অভিহিত কৰে। গতিকে এনে সময়ছোৱাত সময়ৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই ডিজিটেল তথ্য-প্ৰযুক্তিৰ ক্ষেত্ৰখনত চেনেহৰ অসমীয়া ভাষাটো প্ৰতিষ্ঠা কৰাটো অত্যন্ত আৱশ্যক হৈ পৰিছে।
অসমীয়া ৱিকিপিডিয়াই জন্মলগ্নৰে পৰা এইক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে। অসমীয়া ভাষাত যিকোনো বিষয়ৰ তথ্য লাভ কৰাত এই মাধ্যমটোৱে মুখ্য ভূমিকা গ্ৰহণ কৰে। কিন্তু বহুতো বিষয় বৰ্তমানো অসমীয়া ৱিকিপিডিয়াৰ পৰা বাদ পৰি থকা পৰিলক্ষিত হৈছে। এনে প্ৰেক্ষাপটত নিজৰ কৰ্মব্যস্তাৰ মাজতো আপুনি অসমীয়া ৱিকিপিডিয়াৰ যোগেদি অসমীয়া ভাষাক ডিজিটেল ক্ষেত্ৰত সমৃদ্ধ কৰাৰ কথা জানি সুখী হ'লো লগতে অনুপ্ৰাণিতও হ'লো। 

✍ প্ৰশান্ত বাৰ্মা

আপোনাৰ 'অসমীয়া হ'বলৈ ভৌগোলিক সীমা নালাগে' শীৰ্ষক লেখাটো পঢ়ি অত্যন্ত উৎসাহ পালোঁ । অসমীয়া ৱিকিপিডিয়াৰ বিকাশৰ অৰ্থে আপুনি কৰা প্ৰচেষ্টাৰ বিষয়ে জানিবলৈ পাই অতি আনন্দিত হ'লো ।

অসম তথা অসমীয়া ভাষা - সংস্কৃতিৰ বিভিন্ন তথ্যসমূহ, সূদূৰ কানাডাত থাকিও অধ্যয়ন তথা সত্যতা নিৰূপণ কৰি, অনলাইনত চিৰস্থায়ী কৰি ৰখাৰ এই নিৰলস প্ৰচেষ্টাক আমি সন্মান জনাইছোঁ । এই বৌদ্ধিক আন্দোলন তথা অসমীয়া ৱিকিপিডিয়ান সকলৰ এই প্ৰতিবাদী সত্তাই আমাৰ দৰে যুৱচামক নিশ্চয়কৈ শিকাব, ভৌগোলিক পৰিসৰৰ বাধা নোহোৱা এই অনলাইনৰ পৃথিৱীখনক নিজৰ ভাষা - সংস্কৃতিৰ বিকাশ তথা প্ৰসাৰৰ অৰ্থে কেনেকৈ ব্যৱহাৰ কৰা উচিত । আপোনাৰ আজিৰ প্ৰৱন্ধটোৱে নিশ্চয়কৈ আমাক ভৱিষ্যতলৈ এনেকুৱা প্ৰকল্পৰ লগত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে হ'লেও জড়িত হৈ থকাৰ বাবে উৎসাহিত কৰি ৰাখিব ।

✍অৰ্ণৱ বায়ন

আপোনাৰ লেখাটোৱে হৃদয় পৰশি গ'ল। সুদূৰৰ পৰা আপুনি তেনেই নীৰলে অসমীয়া ভাষা চৰ্চা আৰু অধ্যয়ন কৰি থাকি এজাক নতুন প্ৰজন্মৰ অসমীয়াক উদ্বেলিত কৰিছে এই লেখাটোৰে। আমি বিশ্বাস কৰোঁ, দেশ-বিদেশৰ কোনো সীমাৰ আপোনাৰ হৃদয়বৃত্তিক বান্ধি ৰখাৰ সাধ্য নহ'ল। আপুনি নিজে থিয় হ'বলৈ মাটি নিবিচাৰিলে; অসমীয়াক স্থাপন কৰিবলৈ অকমাণ ভূগোল লৈয়ে চলায় গ'ল এক অনন্য প্ৰয়াস।

আপোনাৰ লেখাটোৱে, বিশেষকৈ অসমীয়া শুদ্ধকৈ শিকিও ইংৰাজী শুদ্ধকৈ শিকিব খোজা যুৱচামটোক একেবাৰে সমুখৰ পৰা উৎসাহ দিব।
✍ৰবেন্দ্ৰ কুমাৰ দাস

আপোনাৰ লেখাটো পঢ়ি বৰ ভাল পালোঁ। 'ৱিকিপিডিয়া'ৰ লগত সম্পৰ্ক এনেই গধূৰ; নতুন বস্তু এটা পালেই ৱিকিপিডিয়া বিচাৰি যোৱা প্ৰায় অভ্যাস। থূল-মূল আভাস এটা লোৱাৰ ক্ষেত্ৰত ৱিকিপিডিয়াই সদায়েই সহায় কৰি আহিছে। কিন্তু তাৰ ওপৰিও 'অসমীয়া ৱিকিপিডিয়া' বিশেষভাৱে প্ৰশংসনীয়। সচৰাচৰ নজনা বস্তু, বিষয়, ব্যক্তি আদিৰ জ্ঞান লাভাৰ্থে মই টপৰাই গুগলত বিচাৰি গ'লে প্ৰায়ে অসমীয়া ৱিকিপিডিয়াই প্ৰথমটো উৎস হিচাপে মোৰ জ্ঞানৰ স্পৃহা পূৰণ কৰে। এক কথাত বিৰাট সংখ্যক অসমীয়া তথ্যৰ অনলাইন ভাণ্ডাৰ হৈছে অসমীয়া ৱিকিপিডিয়া আৰু নিঃসন্দেহে আপোনালোকে এই ক্ষেত্ৰত বিৰাট অৱদান আগবঢ়াই আহিছে। ইয়াক মই মাতৃভাষা সেৱা বুলি গণ্য কৰিছোঁ।

হয়, দেশ সেৱাৰ বাবে ভৌগোলিক সীমাৰ পৰিসৰৰ ভিতৰত থকাটো নিঃসন্দেহে জৰুৰী নহয়, যিটো আপুনি প্ৰমাণ কৰি দেখুৱাইছে। শেষত, কুশলে থাকক আৰু অসম মাতৃৰ সেৱাত ব্ৰতী থাকক।
✍ছাৰফৰাজ হুছেইন

সুদূৰ সাত সাগৰ তেৰ নদীৰ সীপাৰে থাকিও অসমীয়া ভাষাৰ উন্নতিৰ অৰ্থে আপুনি যি চৰ্চা অব্যাহত ৰাখিছে সেয়া সচাঁকৈয়ে প্ৰশংসনীয় আৰু অনুকৰণীয়।এক স্বকীয় ভাষা শৈলীৰে অতীতৰ পৰা বিভিন্ন লেখকৰ হাতত পৰিপুষ্টি আহৰণ কৰি আজিৰ অৱস্থাত উপনীত হোৱা অসমীয়া ভাষাটোৰ ভৱিষ্যত নিশ্চয়কৈ উজ্বল। তথাপি গোলকীকৰণৰ যুগত অসমীয়া ভাষাৰ সংকট আৰু ইয়াৰ ভৱিষ্যত সম্পৰ্কে প্ৰশ্ন উত্থাপন নোহোৱাকৈ থকা নায়। এই সংকট দূৰ কৰি অসমীয়া ভাষাটোক সুদৃঢ় কৰি ৰাখিবলৈ আমাৰ সকলোৰে কৰণীয় আছে।এই ক্ষেত্ৰত অসমীয়া ৱিকিপিডিয়াই জন্মলগ্নৰে পৰা অসমীয়া ডিজিটেল তথ্য প্ৰযুক্তিৰ পথাৰখনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। বৰ্তমান অসমীয়া ভাষাত যিকোনো তথ্য লাভৰ ক্ষেত্ৰত অসমীয়া ৱিকিপিডিয়া এক গুৰুত্বপূৰ্ণ উৎস হৈ পৰিছে। কিন্তু বহুতো বিষয় এতিয়াও ৱিকিপিডিয়াৰ পৰা বাদ পৰি থকা দেখা গৈছে আৰু আশা কৰোঁ আগন্তুক সময়ত সেয়াও অসমীয়া ৱিকিপিডিয়াই সামৰি লʼব। বৰ্তমানৰ এনে এক প্ৰেক্ষাপটত নিজৰ কৰ্মব্যস্ততাৰ মাজতো আপুনি অসমীয়া ৱিকিপিডিয়াৰ যোগেদি ভাষাটোৰ যি চৰ্চা অব্যাহত ৰাখিছে সেয়া জানি সুখী হʼলো আৰু অনুপ্ৰাণিতও হʼলো।

✍ অচ্যুত কৃষ্ণ চহৰীয়া


আপোনাৰ প্ৰৱন্ধটি পঢ়িলোঁ‌।দেহ-মন শাঁ‌ত পৰি গ'ল।সেইদিনাই আপোনালৈ একলম লিখিম বুলি ভাৱিছিলোঁ‌,কিন্তু লিখাহে ন'হল।আপোনাক আন্তৰিক অভিনন্দন আৰু ধন্যবাদ জনালোঁ‌ ।লিখি যাওক।
"হয়তো ন'হব পাৰে মোৰ ভাষা সৱাতো সুৰীয়া
তথাপি আপোন এই ভাষা "
✍জানমণি বৰা

নিৰৱধি
ক'ভিডৰ পটভূমিত শেহতীয়াকৈ লিখা দুটামান গল্প পঢ়িছোঁ। এইটো তাৰ ভিতৰত মনত ৰৈ যোৱা গল্প। বিশেষকৈ চৰিত্ৰকেইটা আৰু তেওঁলোকৰ অনুভূতি জীৱন্ত হৈ উঠিছে। ডিজিটেল পৃথিৱীৰ প্ৰতি এটা ইতিবাচক দৰ্শন দেখা গৈছে। বিয়লি বেলাত উপস্থিত হোৱা ব্যক্তিসকলৰ চেতনাত গল্পটোৱে জীয়াই থকাৰ অদম্য হেঁপাহ প্ৰোথিত কৰিব। লগতে সোঁৱৰাই দিব ক্ষণভংগুৰ জীৱনৰ অনিশ্চয়তাৰ কথা। ✍ঈশান জ্যোতি বৰা

It was amazing. I love the story for the unexplainable love between 'Padmakanta' and 'Tulu'. Their spirit of fighting with covid also represent their strong bond of love, which is amazing.✍Neelav Kalita

I really loved it. It is so beautifully written...looking forward to more stories. ✍Manjita kafley

তোমাৰ নিৰৱধি পঢ়ি আপ্লুত হলোঁ, লিখি থাকিবা, আমি সদায় আগ্ৰহেৰে পঢ়িম।✍ কুসুম বৰুৱা

It’s difficult for me to plough through an Assamese story, but I read your whole story :) Beautifully written romance, thoroughly enjoyed it ✍ Dimpy Koch

এটা হৃদয়স্পৰ্শী গল্প✍ প্ৰিয়াংকুশ ডেকা

মহামাৰী ৰোধৰ বাবে জৈৱবৈচিত্ৰ্য সংৰক্ষণ
আগ্ৰহেৰে পঢ়িলোঁ, অতি সময় উপযোগী লেখা। বিশেষকৈ land use change ৰ পৰা হোৱা বিভিন্ন নতুন ৰোগৰ কথাটো অতি তাৎপৰ্যপূৰ্ণ বুলি মইও ভাবো। ✍ কুসুম বৰুৱা

অবাঞ্ছিত (চুটিগল্প)
One of the best short stories of yours👍🏻 ✍অলি ৰুমী বৰা

আমি অকল বিয়াহে খাওঁ, কেতিয়াও নেপথ্যৰ দুখবোৰ বুজি নাপাওঁ। This is a masterpiece.✍জেজিৰোণ মহেশ্বৰী বৰুৱা
বৰশিমলুৰ ভূত (চুটিগল্প)
It was fantastic. I can visualize all scenes.✍অলি ৰুমী বৰা
কানাডাৰ ডায়েৰী (২): আঁউসীৰ শেষত
অতি কাব্যিক বৰ্ণনা, পঢ়ি মুগ্ধ হ'লো। পঢ়ি থাকোতে ভাবিছোঁ, এয়া আপুনি কলমৰে লিখা নাই,ৰঙেৰে তুলিকাত আঁকবাক কৰিছে, আমি চাই গৈছো হ্ৰদলৈ যোৱা পথৰ কাষৰ ছবিবোৰ, আৰু কুঁৱলীয়ে ঢাকি ৰখা হ্ৰদৰ ছবি।ইমান মনোগ্ৰাহী লেখা এটা পঢ়িবলৈ পায় ধন্য হ'লো। ✍ অনিল শইকীয়া

পঢ়ি গৈ থাকোঁতে এক হিম শিতল অনুভূতিয়ে মানসিক জগতখনক ছানি ধৰিছিল। সুন্দৰ লেখনি।✍যুগল চন্দ্ৰ বৰা
কানাডাৰ ডায়েৰী (১):কনাক নামৰ কাউৰীটো
এইমাহৰ সাতসৰীত আপোনাৰ 'কনাক নামৰ কাউৰীটো’ শীৰ্ষক লেখাটো পঢ়িলোঁ। নজনা কথা এটা গম পোৱাৰ লগতে আপোনাৰ অপূৰ্ব লিখন শৈলীয়ে অভিভূত কৰিছে। এই চৰ্চা অব্যাহত ৰাখক ৷ শুভকামনা থাকিল ৷ ✍কৰিশ্মা শৰ্মা

ফাৰমানা (উপন্যাস)

বহুত ভাল লাগিল পঢ়ি। কাহিনী আৰু প্ৰকাশ শৈলীয়ে মুগ্ধ কৰিলে। আয়াৰলেণ্ডৰ বিষয়ে বহু কথা জানিব পাৰিছোঁ। সাত সাগৰ তেৰ নদীৰ কাহিনীৰ প্ৰেমত পৰিলোঁ।  শান্তনা চেলেং

মন চুই যোৱা কাহিনী।  বন্দনা শৰ্মা

ইমান সুস্থিৰ গতি  মৃদুস্মিতা মহন্ত

বহুত সুন্দৰ উপস্থাপন! পঢ়ি বৰ ভাল লাগিছে।  লোকমায়া উপাধ্যায়

বহুদিনৰ মূৰত এখন অতি সুন্দৰ উপন্যাস পঢ়িবলৈ আৰম্ভ কৰিছোঁ।আশা ৰাখিছোঁ পৰৱৰ্ত্তী খণ্ড কেইটাও বৰ ভাল লগা হ'ব। আচলতে আৰম্ভণি যেতিয়া সুন্দৰ হয় পিছৰখিনিও নিশ্চয় ভাল লগাই হ'ব। আগ্ৰহেৰে অপেক্ষা কৰিলোঁ।  স্বপ্নালী বৰদলৈ


পঢ়ি পঢ়ি ভাবিছো, আপোনাৰ লিখনিত জীবন্ত হৈ উঠা ফাৰমানা খন কিমান সুন্দৰ!  বিলি চৌধুৰী

বৰ সুন্দৰ, বহুত নজনা কথা শিকিছোঁ দেই  চয়নিকা ঋতুৰাজ বৰুৱা

এইখন পঢ়ি পঢ়ি আয়াৰলেন্ড দেখি অহা যেন লাগিল..ইমান ভাল লাগিছে পঢ়ি।  উৰ্মিমালা দেৱী

ইমান সহজ সৰল ভাষাৰ বৰ্ণনা.... মন চুই যায় প্ৰতিটো বাক্যৰ❤️ ৰঞ্জিতা দেৱী

ইমান ভাল লগা এটা কাহিনী পঢ়িবলৈ পাইছো। এইখন পঢ়ি থকাৰ সময়ত বেলেগ এখন পৃথিৱীত থকাৰ দৰে লাগে। ইমান সৰল ভাষা।  প্ৰিয়ংকা বৰুৱা

উপন্যাসখন সঁচাকৈয়ে বৰ মনোগ্ৰাহী হৈছে।  চয়দা নাচৰিন য়াছমিন

আপোনাৰ লিখনি ৰ দ্বাৰা এখন বেলেগ দেশৰ বিষয়ে জানিব পাৰি বহুত ভাল লাগিছে।  চয়দা আনোৱাৰা বেগম

খুব ভাল লাগিছে পঢ়ি। জীৱন্ত লিখনি। ইমান ধুনীয়া সাৱলীল বৰ্ননা।  মিনতি গোস্বামী

ডুবি আছো তুলিকাৰ মনোজগতৰ লগত, খুব সুন্দৰকৈ আগবাঢ়িছে কাহিনী, বৰ্ণনা বৰ সাৱলীল... অংকিতা কলিতা

বিদেশৰ মাটিত তুলিকাৰ সংগ্ৰাম বৰ মনোগ্ৰাহী হৈছে। আশাৰে ৰৈ থাকিম... ৰায়ানক ভাল লাগিছে। তুলিকাৰ জীৱনলৈ ৰায়ান এছাটি মলয়া হৈ আহক। এক অনন্য সোৱাদ পাইছোঁ  কাৱেৰী খনিকৰ

খুব ভাল লগিছে। তোমাৰ ফাৰমানা আৰু আয়াৰলেণ্ডৰ ওপৰত লিখা তেওঁলোকৰ জীৱন শৈলী, কামৰ প্ৰতি dedication... দৈনন্দিন জীৱনত brexit ৰ effect...মই মনেৰে উত্তৰ আয়াৰলেণ্ডত ঘূৰি ফুৰিছো যেন ৷ খুব উপভোগ কৰিছোঁ। একে উশাহতে যেন পঢ়ি শেষ কৰিলো।  লীনা শইকীয়া

বহুত মন দি পঢ়ি আছোঁ। বিশেষ কিবা এটা পোৱা যেন লাগে উপন্যাস খনত।  মিনাক্ষী বৰা

বহুদিনৰ মূৰত এখন সুন্দৰ বিদেশৰ পটভূমিত লিখা উপন্যাস পঢ়ি বৰ ভাল লাগিছে।  চয়দা জেছমিন চুলতানা

বহুত দিনৰ পিছত এক অন্য স্বাদৰ উপন্যাস পঢ়িবলৈ পাইছোঁ। ভাল পাইছোঁ প্ৰকৃতিৰ সাৱলীল বৰ্ণনা যিয়ে নেকি এখন ছৱি মনৰ মাজত নিৰ্মাণ কৰাত ব্যৰ্থ হোৱা নাই। ঘূৰি ফুৰিছোঁ ফাৰমানাৰ অলিয়ে গলিয়ে নৈৰ ইপাৰে সিপাৰে। সুন্দৰ।  সংহিতা পূজাৰী

ফৰমানা খন চকুৰে দেখি থকাৰ দৰে লাগিল। বৰ ভাল লাগিল। সীমা বৰুৱা

পঢ়ি বৰ ভাল লাগিছে। এইখন পঢ়ি বেলেগ অনুভৱ এটা হৈছে। পুষ্পাঞ্জলী বৰা

বহুত ভাল লাগিছে পঢ়ি। অগতানুগতিক, কিন্তু ইমান সুন্দৰ!!!  প্ৰীতিপুষ্পা দেৱী

 বৰ ধুনীয়াকৈ লিখিছা জলি , অসমীয়া ভাষাত এইধৰণৰ উপন্যাস নাইয়েই। পঢ়ি বৰ ভাল লগা হৈ আহিছে।  অনুমিত্ৰা ফুকন

 বহুত বহুত ভাল লাগিল। ইমান ভাল লিখিছে। তুলিকাৰ লগত ফাৰমানা ঘূৰি আছো।ময়েই যেন তুলিকা।  কিবাকৈহে শনিবাৰলৈ ৰৈ থাকো।তুলিকাৰ জীৱনত সুখ হবনে?বিদ্যুতৰ কি হব?আগলৈ বাট চাই ৰলো   মৃদুলা বৰুৱা

 ইমান ধুনীয়া বৰ্ণনা! নিজ চকুৰে দেখা যেন লাগে। বহুত ভাল পাওঁ পঢ়ি।  মিনতি গোস্বামী 

ফাৰমানাৰ বাবে শনিবাৰবোৰলৈ অপেক্ষা কৰি থাকো।✍ সংগীতা দুৱৰা 

বিদ্যুৎ আৰু তুলিকা আকৌ লগ হব নে হলে সুখী হম দেই মোৰ এনে লাগে বিদ্যুত বহুত অনুতপ্ত নিজৰ কর্মৰ বাবে বহুত ভাল লাগিল কিন্তু এসপ্তাহ অপেক্ষা কৰিব লাগিব পৰৱতি খণ্ডৰ বাবে বহুত মৰম লেখিকালৈ ❤❤🙏  ✍স্বপ্নালী ফুকন

 ৰৈ থাকো মই ফাৰমানাৰ বাবে। পঢ়ি এক অনাবিল আনন্দ অনুভৱ কৰো। তুলিকাৰ কাষে কাষে যেন ময়ো ঘূৰি ফুৰিছো😍 ✍অৰ্পিতা বৰঠাকুৰ মিশ্ৰ

 এই উপন্যাসখনৰ বাবে শণিবাৰে লৈ বৰ হেঁপাহেৰে ৰৈ থাকো...বৰ ভাল লাগে পঢ়ি।পঢ়ি থাকোতে দৃশ্য সমূহ চকুৰ আগত ভাঁহি উঠে...✍পূৰৱী বৰুৱা সোণোৱাল

 কিমান যে অপেক্ষাত থাকো এই খন পঢ়িবলৈ ✍স্বেতা পুষ্পা চক্ৰৱৰ্ত্তী

আয়াৰলেণ্ডৰ ইতিহাস আৰু ৰাজনৈতিক কন্দলৰ কথাবোৰৰ জানিবলৈ পায় কাহিনীটোৰ প্ৰতি interestবাঢ়ি গৈ আছে।আমিও ৰাইনো , বজৰং ৰ দিনত শৈশৱ কৈশোৰ পাৰ কৰিলো ... গতিকে troubles দিনবোৰ বুজি পাইছো। ✍সংগীতা দুৱৰা

ৰায়ান সংবাদ লৈ সুকলমে ঘুৰি অহাৰ কামনা কৰিলো পশ্চিমীয়া দেশবোৰত ও ইমান অশান্ত পৰিস্থিতি আছে বুলি জনা নাছিলো ভাল লাগিল 🙏🙏। ✍স্বপ্নালী ফুকন

খুব ভাল লাগিছে পঢ়ি ফাৰমানা, বেক্সিটৰ প্ৰভাৱত কেনেধৰণৰ ফলাফল হৈছিল সেই বিষয়ে পঢ়িছিলোঁ। ইনফৰমেটিভ লেখা। শুভেচ্ছা থাকিল। ✍স্বপ্নাজ্যোতি বৰা শৰ্মা

জীৱনে নিজৰ গতিত সুতি সলাই গৈ থাকে । খুব ভাল পাঁও ফাৰমানা পঢ়ি। মালবিকা দাস মেধি

আপোনাৰ লিখনিৰ যোগেদি ফাৰমানাৰ আলি-গলিয়ে ঘূৰি ফুৰোঁ।✍ পাল্কী দত্ত

ইমান সুন্দৰকৈ লিখিলা! কাহিনীৰ মাজত ডুব গ'লো দেই।✍ৰেখা বৰা
ইমান সুন্দৰ বৰ্ণনা।আৰু যেন বহুত পঢ়িবলৈ থাকি গল--its really unbelievable!✍ নিবেদিতা নন্দিনী দত্ত
পঢ়ি থাকোতে নিজকে ফাৰমানাত থকাৰ দৰে লাগে। ইমান সাৱলীল বৰ্ণনা!বৰ ভাল লাগে পঢ়ি।ৰৈ থাকো। ✍মণিমালা কলিতা
কি যে সুন্দৰ হৈছে নহয় লিখনি।সঁচাই বাৰুকৈয়ে সোমাই পৰিছোঁ কাহিনীৰ মাজত। আৰম্ভণিৰ পৰা একেৰাহে পঢ়িব পৰা নাই যদিও মিলাই পঢ়িছোঁ। সামান্য পৰিমাণে হ'লেও ফাৰমানক জানিবলৈ প্ৰয়াস কৰিছোঁ।কাহিনীৰ চৰিত্ৰ সমূহৰ লগত এনেদৰে একাত্ম হৈ পৰিছোঁ তেওঁলোকৰ দুখত দুখী হৈছোঁ আৰু সুখত সমানেই হাঁহিছো।তুলিকাৰ সন্মুখত বিদ্যুতৰ স্বীকাৰোক্তিৰ দিনা তুলিকাৰ কাৰণে অন্তৰখনে যেনেকৈ হাঁহাকাৰ কৰিছিল,বুকুখন হেঁচা মাৰি ধৰিছিল কালিৰ খণ্ডটি পঢ়িও মাৰ্কৰ কাৰণেও সেই একেই অনুভূতি জাগিল। চকুপানী ৰখাবই নোৱাৰিলোঁ।নিজে নিজেই বৈ গৈ থাকিল।কিয় জানো আন্যাৰ প্ৰতিও যেন এক ক্ষোভে স্থান ল'লে অন্তৰত। হয়তো মাৰ্কৰ নিচিনা ইমান মৰমীয়াল, পত্নীৰ প্ৰতি ইমানেই বেছি ভালপোৱা সামৰি ৰখা মানুহজনৰ এনে এটা অৱস্থা মানিবলৈ টান পাইছোঁ লগতেই কষ্ট দিছে আমাকো।সেয়ে চাগে মাৰ্কে সহজ ভাবে ল'বলৈ চেষ্টা কৰাৰ পিছতো আমিহে ইমান সোনকালে সহজ ভাবে ল'বলৈ পৰা নাই। হয়তো সময়ত ঠিক হ'ব সকলোবোৰ।যিয়েই নহওঁক ভালে থাকক ফাৰমান ,ভালে থাকক তুলিকা-মাৰ্কহঁত সকলো,ভালে থাকক আপুনিও।তাহাঁতৰ লগতেই আপোনালৈও ঢেৰ মৰম ✍গীতিকা গোস্বামী
পঢ়িলে যেন পঢ়িয়েই থাকিম ৷৷৷ ✍বাসবী চক্ৰৱৰ্তী
আস বহুত দুখ লগা।মাৰ্কৰ কি হব?আগলৈ বাট চাই ৰলো ✍মৃদুলা বৰুৱা
বহুত ধুনীয়া.. তুলিকাৰ বিদেশৰ নিসংগ জীৱনটো ৰায়ানে ভৰাই তোলক... ☺️ ✍প্ৰীতিপুষ্পা দেৱী
ৰায়ানক yes কয় যেন তুলিকাই বহুত ভাল লাগিল ♥️♥️ ✍স্বপ্নালী ফুকন
বহুত ভাল লাগিল তুলিকা ৰ জীৱন ৰো নতুন আৰম্ভণি হওক ❤️ ✍গায়ত্ৰী দেৱী ভট্টাচাৰ্য
তুলিকাৰ বাবে ৰায়ান পাৰফেক্ট👌 কাৱেৰী খনিকৰ
বহুত ভাল লাগিল। ৰায়ান আৰু তুলিকাৰ এটা positive ending বিচাৰোঁ। ✍ৰুবী মহন্ত
Bor val lagil . Farmana is my most favourite ✍প্ৰণামিকা দাস
কিযে ভাল লাগিল বুজাই কব নোৱাৰোঁ। ❤️ ✍ নিৰলা চৌধুৰী
অন্য দেশ, অন্য সমাজ; তাতে আমাৰ সমাজৰ কথাবোৰ৷৷৷৷ খুব সুন্দৰ হৈছে!!! ✍পলি বৰা
পঢ়ি পঢ়ি আমনি নালাগে। খুউব ভাল লাগে। মাজতে কেইটামান খণ্ড মিচ কৰিলোঁ। পুনৰ পঢ়িম। ✍অলকানন্দা গগৈ
পঢ়ি বহুত ভাল লাগিছে। আয়াৰলেণ্ডৰ বিষয়ে বহুত নজনা কথা জানিব পাৰিছো, আৰু জানিবৰ বাবে অপেক্ষা কৰিলোঁ ✍ মঞ্জুমালা ৰাজখোৱা
বহুত বহুত ভাল লাগিল। তুলিকাই নিজক চিনিবলৈ ধৰিছে। ✍মৃদুলা বৰুৱা
নজনা পৰিৱেশৰ কথা জানি বৰ ভাল লাগিছে। ✍প্ৰতিভা বৰগোঁহাই
সম্পুৰ্ন ব্যতিক্ৰম খণ্ড এটা পঢ়িলো...ভাল লাগিল ✍ৰঞ্জিতা দত্ত
Really wndrful...no words to express..✍নিবেদিতা নন্দিনী দত্ত

ৰৈ থাকো মই ফাৰমানাৰ বাবে। পঢ়ি এক অনাবিল আনন্দ অনুভৱ কৰো। তুলিকাৰ কাষে কাষে যেন ময়ো ঘূৰি ফুৰিছো😍 ✍অৰ্পিতা বৰঠাকুৰ মিশ্ৰ
এসপ্তাহ বৰ ধৈয্যৰে লৈ থাকো এই উপন্যাসখনৰ বাবে।✍সংগীতা দুৱৰা
এই উপন্যাসখনৰ বাবে শণিবাৰে লৈ বৰ হেঁপাহেৰে ৰৈ থাকো...বৰ ভাল লাগে পঢ়ি।পঢ়ি থাকোতে দৃশ্য সমূহ চকুৰ আগত ভাঁহি উঠে...✍পূৰৱী বৰুৱা সোণোৱাল

বহুত বহুত ভাল লাগিল। তুলিকাৰ লগত ফাৰমানা ঘূৰি আছো।ময়েই যেন তুলিকা।✍মৃদুলা বৰুৱা

খুব ভাল লাগিল। পঢ়িয়েই থাকিবৰ মন যায়।✍ মিনতি গোস্বামী

আপোনাৰ ফাৰমানা উপন্যাসখন মই নিয়মীয়াকৈ পঢ়ি আছোঁ । ইমান ধুনীয়া উপস্থাপন আৰু ইমান ধুনীয়া বৰ্ণনা খুব ভাল লাগিছে পঢ়ি। চৰিত্ৰসমূহো ইমান ধুনীয়াকৈ মিলি গৈছে । উপন্যাস খন পঢ়িলে আপোনাৰ পিছে পিছে আয়াৰলেণ্ড ত যোৱা যেন লাগে। বিশেষকৈ লখ আৰ্ণ আৰু চৰাইৰ বৰ্ণনা খিনি ইমান ধুনীয়া লাগে। মই ভাবোঁ লখ আৰ্ন খন দেখিবলৈ কেনেকুৱা লাগিব । খুব ভাল লাগে চাগে ন বা। আপোনাক বহুত ধন্যবাদ দেই বা ইমান সুন্দৰ উপন্যাস এখন উপহাৰ দিয়া বাবে ।🙏🙏 পঢ়িলে পঢ়িয়ে থাকিব মন যায় আৰু বহুত কথাই জানিব পাৰিছোঁ পঢ়ি । ✍শিখা শৰ্মা

 


No comments:

Post a Comment