Tuesday 10 October 2023

ফাৰমানা (একাদশ খণ্ড)

একা-বেঁকা বাটটোৰে লণ্ডন ডেৰী অভিমুখী বাছখন আগবাঢ়ি গৈছে। বাছৰ খিৰিকীৰে অপলকনেত্ৰে তুলিকাই চাই গৈছে ফাৰমানাৰ অপৰূপ বসন্ত। বাটৰ কাষে কাষে ৰং-বিৰঙী বনৰীয়া ফুল। সেই ফুলবোৰে, দিগন্তৰ চৰণীয়া পথাৰবোৰে চাৎকৈ তাইক অসমলৈ লৈ গৈছে। তুলিকাৰ বৰকৈ মনত পৰিছে অসমখনলৈ, অসমৰ ঘৰখনলৈ।

‘খুউব ধুনীয়া দেখাইছে নহয়?’ কাষত বহা যাত্ৰীজনৰ মাতে তাইৰ তন্ময়তা ভাঙিছে। ৰঙা চুলি আৰু গোঁফেৰে এগৰাকী সত্তৰোৰ্ধৰ পুৰুষ। মিচিকিয়া হাঁহিৰ লগে লগে তেওঁৰ চকুৱে-মুখে ধৰা দিছে বয়স আৰু অভিজ্ঞতাৰ ৰেখাই।

‘হয়, বনৰীয়া ফুলবোৰে বাটটো ইমান ধুনীয়া কৰি পেলাইছে!’

‘এই ৰূপ আজি কেইবছৰমানৰ পৰাহে হৈছে বুজিছা। আগতে বাটৰ দুয়োকাষে সকলোবোৰ মেচিনেৰে কাটি মিহি কৰি থোৱাৰ নিয়ম আছিল। বনৰীয়া ফুলবোৰে যে মৌ-মাখি পখিলাকে ধৰি কিমান পতংগক খাদ্যৰ যোগান ধৰে, তাৰ পৰাই পৰাগযোগ হৈ কত উপকাৰ হয় সেই বিষয়ে সজাগতা অনাৰ পৰাহে কথাবোৰ সলনি হৈছে। এই কামটোত আমি বহুবছৰ ধৰি লাগি আছোঁ।‘

অচিনাকি মানুহজনে কৈ যোৱা কথাবোৰে তুলিকাক আচৰিত কৰি পেলাইছে। কোন এওঁ! তাই মানুহজনক ভালকৈ চালে। নেচাৰৰে কোনোবা অচিনাকি সহকৰ্মী নহয়তো? তাই নিজৰ চিনাকি দি সুধি পেলালে। তেৱোঁ একেই উৎসাহেৰে ক’লে,

‘আহ, তোমাক লগ পাই ভাল পালোঁ, তুলিকা। মোৰ নাম ফিনবাৰ। নেচাৰৰ মাৰ্কক ভালকৈয়ে চিনি পাওঁ। মই পিছে ৰিৱাইল্ড আলষ্টাৰ নামৰ গোট এটাৰহে সদস্য। আমাৰ গোটৰ বেছিভাগেই বিভিন্ন ক্ষেত্ৰত কাম কৰি এতিয়া অৱসৰ লোৱা মানুহ। সকলোৰে নিচা হ’ল প্ৰকৃতি সংৰক্ষণৰ কাৰণে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰা। তাৰে এটা প্ৰকল্প আছিল- আচলতে এতিয়াও চলি আছে- বনৰীয়া ফুলৰ সংৰক্ষণ।‘

‘তোমাকো লগ পাই বৰ ভাল পালোঁ ফিনবাৰ! মই নেচাৰৰ নতুন কৰ্মী, আয়াৰলেণ্ডতো নতুন। গতিকে এতিয়াও এইবোৰ কথা শিকি-বুজিয়ে আছোঁ।’ তুলিকাই অকপটে ক’লে। সত্তৰোৰ্ধৰ হ’লেও ফিনবাৰক তাই নাম কাঢ়িয়ে মাতিলে। সেয়াই এই দেশৰ সহজাত ৰীতি।

‘অঁ অঁ বুজিছোঁ, মই পিছে আজীৱন ফাৰমানাতে কটাইছোঁ। কিবা সহায় বা তথ্য লাগিলে জনাবা। ডেৰীত নেচাৰৰে কাম আছে নেকি?’ তেওঁ সুধিলে।

‘নাই, ব’নফায়াৰ নাইট বুলিয়ে ছুটি লৈ ওলাই আহিলো।‘ কথাষাৰ কৈয়ে তুলিকাৰ অলপ অস্বস্তি লাগিল। ফিনবাৰ কেনেবাকৈ প্ৰটেষ্টাণ্টধৰ্মী নহয়তো! কাইলৈ এঘাৰ জুলাই। প্ৰটেষ্টাণ্ট লোকসকলৰ বাবে সেই দিনটো বিজয় উৎসৱৰ দিন। কাৰণ এই দিনটোতে ৱিলিয়ামাইট যুদ্ধৰ শেষত কেথ’লিক শাসক জেমছক পৰাস্ত কৰি তেওঁৰ প্ৰটেষ্টাণ্ট জীয়েক মেৰী আৰু ৱিলিয়ামে আয়াৰলেণ্ড নিজৰ দখললৈ নিছিল। ১৬৯১ চনৰ আজিৰ দিনটোৰ পৰাই আয়াৰলেণ্ডত প্ৰটেষ্টাণ্ট শাসনৰ আৰম্ভণি।

‘অঁ, মোৰো একেই অৱস্থা। ব’নফায়াৰ নাইট আৰু অৰেঞ্জ পেৰেডৰ মুখামুখি নহ’বলৈকে ডেৰীত থকা মোৰ ল’ৰাটোৰ ঘৰলৈ বুলি আহিছোঁ।‘ ফিনবাৰে সহজভাৱেই ক’লে।

তুলিকাই স্বস্তিৰ নিশ্বাস পেলালে। কিন্তু এই দিনটোৰ ইতিহাস আৰু এতিয়াও চলি থকা পৰম্পৰাই তাইলৈ এটা হুমুনিয়াহো আনি দিলে। সিদিনা অফিচৰ আলোচনাত তাই শুনিছিল কেনেকৈ প্ৰতিবছৰে এঘাৰ জুলাইৰ দিনটোৱে উত্তৰ আয়াৰলেণ্ডত ধাৰ্মিক আৰু ৰাজনৈতিক বিভাজনৰ ৰূপটো বৰ কদৰ্য্য ৰূপত দাঙি ধৰে। কেনেকৈ ওলাই পৰে কোনখন ঠাইত খ্ৰীষ্টান ধৰ্মৰে কোনটো ঠালৰ সংখ্যাগৰিষ্ঠতা। প্ৰটেষ্টাণ্ট সংখ্যাগৰিষ্ঠ ঠাইবোৰত অৰেঞ্জ পেৰেড নাম দিয়া বিজয় সমদলবোৰ ওলায়, নিশালৈ সুউচ্চ মেজি লগাই ব’নফায়াৰেৰে বিজয় উৎসৱ পাতে। সেই ঠাইবোৰৰ সংখ্যালঘু কেথ’লিকসকলে সেয়া এৰাই চলিবলৈকে দিনটোৰ বাবে অন্য কেথ’লিক ঠাইলৈ বাট বুলে। বাটত ভিৰ লাগে অলেখ-অস্ংখ্য গাড়ীৰ। ঠিক আজিৰ দৰে। বছৰ বছৰ ধৰি চলি অহা এটা আইৰিছ পৰম্পৰা এইটো।

‘আজি গাড়ীৰ ভিৰত ট্ৰেফিক জাম হ’ব বুলিয়ে বাছত আহিলোঁ বুজিছা।‘ ফিনবাৰে আকৌ ক’লে।

তুলিকাই মুৰ দুপিয়ালে। তাইকো লিছাই উপদেশ দিছিল, ‘মিছাতে নিজৰ গাড়ী লৈ গৈ ডেৰীৰ ট্ৰেফিকত আবদ্ধ হৈ পৰাতকৈ বাছত যাবা’ বুলি।

‘লণ্ডন ডেৰীত অৰেঞ্জ পেৰেড নোলায় নেকি?’ তুলিকাই কৌতুহলেৰে সুধিলে।

‘ডেৰীৰ প্ৰায় সত্তৰ শতাংশই কেথ’লিক মানুহ। লগতে নব্বৈৰ দশকৰ ট্ৰাবলছৰ লগত জড়িত বহুত ইতিহাস আছে সেই ঠাইৰ। গতিকে তাৰ বেছিভাগ মানুহেই জাতীয়তাবাদী বা নেশ্যনেলিষ্ট। প্ৰটেষ্টাণ্ট সংঘবাদী অৰ্থাৎ ইউনিয়নিষ্ট সকল সংখ্যালঘু কাৰণে ডেৰীত তেনে কোনো বিজয় উৎসৱ নাপাতে।‘

ফিনবাৰ ক্ষন্তেক ৰ’ল। তাৰপিছত লাহেকৈ ক’লে,

‘তুমি লণ্ডন ডেৰী বুলি কৈছা। আচলতে এই ঠাইৰ নাম ডেৰী৷ গেলিক ভাষাত যাৰ অৰ্থ অ’ক গ্ৰুভ। প্ৰ’টেষ্টান্ট সকলে কয় লণ্ডন ডেৰী কিন্তু কেথলিকসকলে মাথোঁ ডেৰী বুলি কয়!’

তুলিকাৰ পুনৰ এবাৰ উপলব্ধি হ’ল, এই দেশৰ দৈনন্দিন জীৱনতো বহু দ’লৈকে বিয়পি আছে ধৰ্ম আৰু ৰাজনীতিৰ বিভেদৰ শিপা। অথচ সেই একেখন দেশতে লিছা আৰু ডেনিয়েলৰ দৰে কেথ’লিক-প্ৰটেষ্টাণ্টৰ প্ৰেমৰ গাঁথাও আছে। সঁচাই এই দেশৰ ধৰ্ম আৰু ৰাজনীতি, অতীত আৰু বৰ্তমানৰ ছৱিবোৰো যেন ক’লা-বগা নহয়। জীৱনৰ অন্য বহু চিত্ৰকথাৰ দৰেই এই ছৱিবোৰো বহুৰূপী, ধুৱঁলী কুঁৱলী।

বাছখন ডেৰীৰ বাছ আস্থানত ৰয়হি মানে সন্ধ্যা লাগিবৰ হ’ল। তুলিকাই দেখিলে, ফিনবাৰক নিবলৈ তেওঁৰ ল’ৰাটো আগবাঢ়ি আহিছে। তেওঁক বিদায় জনাই তাই আগবাঢ়িল। আজিহে প্ৰথম এই ঠাইত ভৰি দিছেহি যদিও গুগল মেপৰ নিৰ্দেশমতেই নদীৰ পাৰে পাৰে তাই খোজ দিলে। উত্তৰ আয়াৰলেণ্ডৰ পূবমূৰত ফইল নদীৰ পাৰত এই ডেৰী টাউন। ফইল নদীৰ দুয়ো পাৰ সংযোগ কৰি এখন বিশাল শুভ্ৰ দলং। একালত দুয়োপাৰে পৃথক কৰা প্ৰটেষ্টাণ্ট আৰু কেথ’লিক সকলৰ মাজত শান্তিৰ যোগসূত্ৰ হিচাপে হেনো ফইল নদীৰ ওপৰত এই শান্তিৰ দলং গঢ়া হৈছিল৷ নৈৰ পাৰত শৃংখলাবদ্ধকৈ সজা শাৰী শাৰী ভিক্টোৰিয়ান অট্টালিকা। এতিয়ালৈ কিজানি এনিছকিলেনৰ বাট-পথ অৰেঞ্জ পেৰেডৰ সমদলকাৰীয়ে বুৰাই পেলাইছে, তাই ভাৱিলে। তাৰ বিপৰীতে এই দিনটোৰ সোঁৱৰণিৰ বোজা লৈও যেন ডেৰী অস্বাভাৱিকভাৱে স্বাভাৱিক হৈ ৰৈছে!

ফইল নদীৰ পাৰে পাৰে প্ৰায় দহমিনিটমান খোজ দি তুলিকা থিয় দিলেহি এটা ঘৰৰ সন্মুখত। কণমান ফুলনি এখনেৰে এটা দুমহলীয়া ঘৰ৷ তিনিদিনৰ বাবে তাই অনলাইন বুক কৰা এয়াৰ বিএনবিৰ ঘৰ এইখনেই। আগবাঢ়ি গৈ তাই কিছু অপ্ৰস্তুতভাৱে দুৱাৰত টুকুৰিয়ালে। ক্ষন্তেক পিছতে দুৱাৰমুখত দেখা দিলেহি এগৰাকী সুগঢ়ী মহিলাই। বয়স হয়তো সত্তৰৰ ঘৰত৷

‘হেল্ল’, তুমি তুলিকা নহয়নে?’ চিনাকি মানুহৰ দৰে তেওঁ মাত দিলে। ‘মোৰ নাম পেট্ৰিচিয়া। আহা, আহা- সোমাই আহা।‘

সুসজ্জিত বহা-কোঠাটোলৈ সোমাই গৈয়ে তাইৰ ভাল লাগি গ’ল। এই অজান্তি মুলুকত স্থানীয় মানুহ এঘৰত আলহী হৈ থকাৰ অভিজ্ঞতা সঁচাই সুকীয়া, তাই ভাৱিলে।

বহা কোঠাত এখন প্ৰকাণ্ড খিৰীকী৷ চোফাখনত বহি তুলিকাৰ চকু গ’ল খিৰিকীৰ বাহিৰৰ সেউজীয়া খেলপথাৰলৈ। খেলপথাৰৰ সিমূৰেই ফইল নদীখন বৈ গৈছে। নৈৰ সিপাৰে ঘন অৰণ্য আৰু দিগন্তত শাৰী শাৰী নীলিম পাহাৰ।

‘এই ঠাইখন ইমান ধুনীয়া।
 তাই নকৈ নোৱাৰিলে।

‘ৱেলকাম ট্যু ডেৰী!’ পেট্ৰিচিয়াই সন্তোষৰ হাঁহি মাৰিলে। ‘মই কফি কৰিছিলোঁৱে। লৈ আনো ৰ’ৱা।’

পেট্ৰিচিয়াক ধন্যবাদ দি তুলিকাই কফি হাতত ল’লে। পেট্ৰিচিয়াও তাইৰ সন্মুখৰ চোফাখনতে বহিল। চোফাৰ কাষতে ফায়াৰ প্লেচ৷ কফিৰ মাগটো টেবুলত থ’বলৈ লৈ তুলিকাই কৈ উঠিল,

‘এয়াচোন ডেৰী গাৰ্লছ!’ দুয়োটা মাগতে থকা আইৰিছ কিশোৰ-কিশোৰীৰ মুখকেইখন তাই চিনি পালে। আয়াৰলেণ্ডত কিজানি ডেৰী গাৰ্লছক চিনি নোপোৱা মানুহেই নোলাব। তাইৰ কথাত পেট্ৰিচিয়াৰ মুখখনো উজ্বলি উঠিল।

‘অঁ, তুমি ডেৰী গাৰ্লছ চোৱা নেকি? কি সাংঘাতিক অভিনয় নহয়নে?’ তেওঁ সুধিলে।

চায়, তুলিকাই অফিচৰ লান্স ব্ৰেকত হোৱা আলোচনাবোৰ শুনি শুনিয়ে ‘ডেৰী গাৰ্লছ’ চাবলৈ লৈছে। বাট চাই থকা হৈছে চেনেল ফৰত প্ৰতি শুক্ৰবাৰে দিয়া খণ্ডবোৰলৈ। ট্ৰাবলছৰ অস্থিৰতা-হিংসাৰ মাজতে ডাঙৰ হৈ অহা পাঁচগৰাকী কিশোৰ-কিশোৰী আৰু সিহঁতৰ পৰিয়ালৰ জীৱনক লৈ ‘ডেৰী গাৰ্লছ’। সেই কদৰ্য্য ইতিহাসক স্বীকাৰ কৰিও প্ৰতিটো খণ্ডকে হাস্যমধুৰ কৰি তোলা এই চিটক’মৰ সমগ্ৰ আয়াৰলেণ্ডতে সাংঘাতিক জনপ্ৰিয়তা।

‘ডেৰী গাৰ্লছ’ৰ প্ৰ’ম’শ্যনৰ অনুষ্ঠান এটাতে এই মাগ দুটা কিনিছিলোগৈ। এইকেইদিন ডেৰীত ফুৰিলে তুমি দেখিবা গোটেই চহৰখনতে ডেৰী গাৰ্লছক লৈ অলেখ অসংখ্য প্ৰতিমূৰ্তি, মুৰেল আদি।


‘হয়, সেই সকলোবোৰ চাম বুলিয়ে ভাৱি আহিছোঁ। এই ডেৰী গাৰ্লছৰ চহৰখন চোৱাৰ হেঁপাহতে আজি ডেৰী পাইছোহি।
 তুলিকাই ক’লে।

এটা সময়ত পেট্ৰিচিয়াই তুলিকাক আলহী কোঠালৈ আগবঢ়াই নিলেহি। চিৰিৰে উঠি গৈ বেলকনিৰে সৈতে এটা আটোমটোকাৰী কোঠা। কোঠাৰ একোণত ফ্ৰিজ আৰু মাইক্ৰ’ৱেভ এটাও। কোঠাৰ লগতে সংযুক্ত গা-ধোৱা ঘৰ। ইয়াত সকলো সুবিধা থকা এনে স্বকীয় কোঠাবোৰক ষ্টুডিঅ’ বুলি কয়। অচিনাকি গৃহস্থৰ ঘৰত আলহী হৈ থাকিলেও আলহীয়ে ইচ্ছা কৰিলে আছুতীয়াকৈ থকাৰ সকলো ব্যৱস্থা থাকে।

‘তোমাৰ কিজানি ভাগৰ লাগি আহিছে, জিৰণি লোৱা। আৰু এঘণ্টাৰ পিছতে ডিনাৰ সাজু হ’ব। তেতিয়াই নামি আহিবা।


পেট্ৰিচিয়াক ধন্যবাদ জনাই তুলিকাই কাপোৰসাজ সলালে। গা-ধোৱা ঘৰত চাৱাৰৰ তলত থিয় দি দিনটোৰ অৱসাদখিনি উটি যাবলৈ এৰি দিলে। হেয়াৰ ড্ৰায়াৰত চুলি শুকুৱাই থাকোঁতে তাই চেষ্টা কৰিলে মনতে কাইলৈ ক’ত ক’ত ফুৰিব তাৰে তালিকা এখন কৰাৰ। তাৰপিছতহে খেয়াল হ’ল, এঘণ্টা পাৰ হ’লেই নেকি! খৰধৰকৈ বগা টিচাৰ্ট এটাৰ সৈতে পাতল নীলা পায়জামাটো পিন্ধি তাই নামি আহিল।

পেট্ৰিচিয়া তেতিয়া পাকঘৰত ব্যস্ত৷ তাই কৃতজ্ঞতাৰ চিন স্বৰূপে পেট্ৰিচিয়ালৈ অনা ৰেড ৱাইনৰ বটলটো আগবঢ়াই দি ক’লে।

এইটো আপোনাৰ বাবে। মোক আলহী হিচাপে ৰখাৰ কাৰণে বহুত ধন্যবাদ!’

পেট্ৰিচিয়াই হাঁহি পেলালে। বটলটো ডাইনিং টেবুলতে থৈ তেওঁ ক’লে,

অহ, বহুত ধন্যবাদ, তুলিকা। তুমি মোলৈ একো ননা হ’লেও হ’লহেঁতেন! এয়া মই উপৰুৱা আৰ্জনৰ কাৰণে কৰা কামহে। নতুন মানুহ লগ পায়ো ভাল লাগে দিয়াচোন।

ডাইনিং টেবুলত বহি তেওঁ ৰন্ধা খাদ্যবোৰ এটা এটাকৈ দেখুৱাই গ’ল। সকলো বিভিন্ন পাত্ৰত উলিয়াই দিছে যাতে তুলিকাই নিজৰ ইচ্ছামতে লৈ খাব পাৰে। ইয়াত প্ৰায় সকলোৱে খাদ্য নষ্ট নকৰাক লৈ সচেতন। গতিকে নিবিচাৰিলে তাইক জোৰকৈ পেট্ৰিচিয়াই একোকে খাবলৈ নকয়, তুলিকাই জানে।

এয়া আইৰিছ ষ্টিউ নেকি?’ চুপ ৰখা ফুলকটা বাতিটো লৈ তুলিকাই সুধিলে।

অঁ। মোৰ ল’ৰাটোৱে মই ৰন্ধা ষ্টিউ খুউব ভাল পায়৷ গতিকে সি আহিলে মই ষ্টিউ নৰন্ধাকৈ নাথাকোঁ। আজি সি অহাৰ কথা। সি সাংবাদিকতা কৰে- গতিকে ঘুৰা-ফিৰা খুউব হয়।’

অঁ হয় নেকি?’ তুলিকা কিছু কৌতুহলী হ’ল কিন্তু একো নুসুধিলে। পেট্ৰিচিয়াই নিজেই কৈ গ’ল,

তাৰ দেউতাক ডনীগলত থাকে৷ ৰিপাব্লিকৰ ডনীগল চহৰ, জানা নহয়?’ তুলিকাই মূৰ দুপিয়ালে। ‘দেউতাকৰ গা বৰ ভাল নহয় বাবে সি দেউতাকক লগ কৰিবলৈ গৈছিল৷ কিন্তু ইয়াত হঠাৎ কিবা কাম ওলাল কাৰণে আকৌ আহিব লগা হ’ল৷ সি আহি ওলাবহি ৰ’ৱা অলপতে৷ তোমাৰ কথা কোৱাচোন, কি কৰা, ঘৰত কোন কোন আছে ইত্যাদি!’

তুলিকা যেন ভিতৰি কিছু উচপিচাই উঠিল। কি ক’ব তাই! নিজৰ কথা যেন একো ক’বলৈ নাপালেই ৰক্ষা পৰে। নেচাৰৰ কামৰ কথাৰেই তাই চমূকৈ সামৰি থ’লে। ওলোটাই পেট্ৰিচিয়াৰ কথা সুধিলে। সেয়া লক্ষ্য নকৰা যেন দেখুৱায়ে তেওঁ বৰ সহজভাৱে নিজৰ জীৱনৰ কথা কৈ গ’ল। বেলফাষ্টত বহুদিন চাকৰি কৰাৰ পিছত তেওঁ উভতি আহিছিল শৈশৱৰ ঠাই ডেৰীলৈ৷ মাথোঁ দুটাবছৰৰ আগতে এই ঘৰটোত এটা নতুন জীৱন আৰম্ভ কৰিছিল৷ ডিভ’ৰ্চৰ পিছত জীৱনৰ দ্বিতীয় ইনিংচ।

‘ঠক্‌ ঠক্ ঠক্!’ শব্দটোত তুলিকাই চক খালে। কিন্তু পেট্ৰিচিয়াৰ চকু-মুখ উজলি উঠিল।

‘অঁ, সেয়া চোৱা। সি পালেহিয়ে।


তেওঁ খৰধৰকৈ উঠি গৈ দুৱাৰ খুলি দিলেগৈ। তুলিকাই আলু এটুকুৰা মুখলৈ নিবলৈ লৈও থতমত খাই গ’ল। সেই পনিটেইল, দুচকুৰ উত্তাল নীলিম সাগৰ, চালে চকু আঁতৰাব নোৱাৰা দৃষ্টি- এয়াটো ৰায়ান!

তাইক এনেকৈ হঠাৎ দেখি ৰায়ানো যেন এটা মুহূৰ্তৰ বাবে অপ্ৰস্তুত হৈ পৰিল! তাৰপিছত খপজপকৈ কোৱাদি ক’লে,

তুলিকা হয়নে?’

অঁ, ৰায়ান?’ তুলিকাই নিজকে চম্ভালি ল’লে। ‘তোমাক দেখি ভাল লাগিল৷ মই জনা নাছিলোঁ তুমি পেট্ৰিচিয়াৰ ল’ৰা বুলি!’ এমাহমানৰ আগতেই ৰায়ানে তাইলৈ কৰা ইমেইলৰ এতিয়াও উত্তৰ দিয়া নাই, তাকে ভাৱি তুলিকা ভিতৰি কিছু অস্বস্তিত পৰিল। তাইযে সাংবাদিক-কেমেৰা-মিডিয়া সকলোৰে আঁৰত থাকিয়ে কাম কৰিব খোজে। প্ৰথম লগ পোৱাৰে পৰা ৰায়ানে কাকতত তাইৰ কাম কভাৰ কৰিব খোজা অনুৰোধটোত কেনেকৈ সন্মতি জনায় তাই!

ইয়াকে কয় আকস্মিক সংযোগ!’ কৈয়ে সি হো হোৱাই হাঁহি উঠিল আৰু পোনেই খোৱা টেবুলত বহিলহি৷

আহ্‌ আইৰিছ ষ্টিউ! মা, তোমাৰ দৰে এই ষ্টিউ কোনেও ৰান্ধিব নোৱাৰে দেই!’

পেট্ৰিচিয়াই সন্তুষ্টিৰ হাঁহি মাৰি ক’লে,

তুলিকাক তুমি চিনি পোৱা মানে? মোৰো এতিয়াহে খেয়াল হৈছে তোমালোক দুয়োৰে অফিচ ফাৰমানাতে নহয়! বঢ়িয়া কথা! তেওঁ ৰেড ৱাইনো আনিছিল৷ লোৱা অলপ।’

‘থেংক ইউ তুলিকা। কিন্তু বেয়া নাপাবা৷ মই ডিনাৰৰ পিছতে আকৌ গাড়ী চলাই ওলাই যাব লাগিব ৷ গতিকে আজি ৱাইন খাব নোৱাৰিম৷’

কিয়, আকৌ কাম ওলাল তোমাৰ?’ পেট্ৰিচিয়াই চ’ডা ব্ৰেড এটুকুৰাত বাটাৰ সানি সানি সুধিলে।

উপায় নাই মা, ক্ৰিগানত অলপ খেলিমেলি চলি আছে৷ জানাই নহয় ব’নফায়াৰ নাইটৰ সময়ত ক’ত কি হ’ব একো ক’ব নোৱাৰি৷ হেড অফিচৰ পৰা ক’লে তালৈকে যাব লাগে৷’ তাৰপিছত সি তুলিকালৈ চাই মিচিকিয়াই হাঁহি সুধিলে,

‘তুমি আজি ইয়াত কেনেকৈ?’ সি হাঁহিলে দুচকু সৰু হৈ পৰে। ওঁঠযুৰিয়ে গালে-মুখে ঠেলি পঠিয়াই হাঁহিৰ কেইবাটাও ৰেখা। মিহি মুগা দাড়িখিনিয়ে যেন ওঁঠযুৰিৰ সৈতে খেলা কৰিবলৈ আৰম্ভ কৰি দিয়ে। সেই খেলাকে কেতিয়াও নেদেখা মানুহৰ দৰে চাই থকাৰ পৰা সম্বিত আনি তুলিকাই ক’লে,

ফুৰিবলৈকে আহিছিলোঁ, এই দুদিন অফিচত কোনোৱে নাথাকিব। সেয়ে ভাৱিলোঁ, এই সুযোগতে ডেৰীখন চাই যাওঁ!’

বঢ়িয়া৷ দুদিনমান থাকিবা নহয়? সময় ওলালে ময়ো তোমাক ডেৰী দেখুৱাব পাৰিম৷ মইতো ইয়াতে ডাঙৰ হোৱা।‘

তাৰ কথাষাৰে ভিতৰি এক অবুজ উত্তেজনা আনি দিলেও সেয়া সামৰি শান্ত মাত এটাৰেই তুলিকাই ক’লে,

‘দুদিনেই আছোঁ। সময় পালে ক’বা বাৰু।


ৰায়ান আৰু পেট্ৰিচিয়া কথাত মছগুল হ’ল। মাজে মাজে সুৰুঙা পালেই ৰায়ানে মাকক জোকাই থাকিল৷ ‘মা, সিদিনা জ’ই তোমাৰ কথা সুধিছিল জানা। জ’ৰ সঁচাই তোমালৈ মন এটা আছিল।


পেট্ৰিচিয়াই কৃত্ৰিম খঙেৰে চকু ঘোপা কৰি ক’লে, ‘সেই দাড়ি-চুলিৰে ভোবোকাৰ জ’ৰ লগত মোক নিমিলাবা দেই।


‘হয়নে, তুমি হাইস্কুলত জ’ৰ লগতে ডেটত গৈছিলা হেনো!’

পেট্ৰিচিয়াই চকু ঘোপা কৰি ক’লে, ‘ইয়ানে কৈ পঠাইছে ন তোমাক? বেমাৰত পৰি থাকিও মানুহজনৰ শান্তি নহ’ল!’ তাৰপিছত তুলিকালৈ চাই তেওঁ ক’লে,

‘ইয়ান ইয়াৰ দেউতাক। ডনীগলত থাকে বুলি কৈছিলোঁ যে!’ তুলিকাই মুৰ দুপিয়ালে। ঠিক নুবুজিলেও তাইৰ ভাল লগি যায়। ডিভ’ৰ্চৰ পিছতো ইমান সহজ পেট্ৰিচিয়া আৰু ইয়ানৰ সম্পৰ্ক, ইমান আপোন ৰায়ান আৰু মাকৰ সম্পৰ্ক!

এঘণ্টামানৰ ভিতৰতে ৰায়ান পুনৰ ওলাই গ’ল। যোৱাৰ আগতে তুলিকাক ক’লে,

‘গুড নাইট তুলিকা। তোমাক কাইলৈ লগ পাম তেন্তে৷’

পিছদিনা ৰাতিপুৱা তুলিকাই সোনকালেই সাৰ পালে৷ আগনিশাৰ আইৰিছ ডিনাৰ আৰু ৰেড ৱাইনৰ জাল সকলো মিলি তাইৰ টোপনি গভীৰেই হৈছিল৷ আজৰি হৈ তাই টিচাৰ্ট আৰু পায়জামা খুলি এটা ড্ৰেছ উলিয়াই ল’লে। মেৰুণ ৰঙী এ-লাইন ড্ৰেছটোত বগা ডেইজী ফুলৰ সমাহাৰ। তাৰ ওপৰতে পাতল সেউজীয়া এটা ডেনিম জেকেট। কঁকালত এডাল মিহি বগা বেল্টো মাৰি ল’লে। বাহুলৈকে পৰা চুলিখিনি মেলি লৈ এযোৰ সোণালী হুপছ্‌ কাণফুলি পিন্ধি ল’লে। বহুদিনৰ পিছত নিজকে সজাই, আইনাখনত সেই ৰূপ চাই তাইৰ মুখত ক’ব নোৱাৰাকৈ হাঁহি এটা বিৰিঙিল।

ব্ৰেকফাষ্ট কৰি একেবাৰে ওলাই যাব বুলিয়ে তাই বহাকোঠালৈ নামি আহিল। কিন্তু সোমায়েই দেখা পালে, কোঠাটোত গম্ভীৰ মুখেৰে বহি আছে ৰায়ান আৰু পেট্ৰিচিয়া৷ তাইক দেখা পাই দুয়ো একেলগে কৈ উঠিল,

গুড মৰ্ণিং!’

কোঠাটোৰ গধুৰ বতাহজাক আৰু দুয়োৰে চিন্তাক্লিষ্ট মুখ দেখি তাই অনুমান কৰিলে কিবা এটা ঘটিছে৷

‘গুড মৰ্ণিং! সকলো ঠিকে আছেতো?’ তুলিকাই উৎকন্ঠাৰে সুধিলে।

এটা দুৰ্ঘটনা হৈ গৈছে তুলিকা৷ আমাৰ দুয়োৰে কালি ৰাতিটো বৰ বেয়াকৈ পাৰ হ’ল।’ পেট্ৰিচিয়াই ক্লান্ত মাত এটাৰে ক’লে।

কি হৈছে? খুলি কওকচোন মোক!’ তাই আহি ৰায়ানৰ সন্মুখতে বহি পৰিল। সি গম্ভীৰ কণ্ঠেৰে ক’লে,

কালি তোমাক কৈছিলোঁ যে ক্ৰিগানৰ ফালে অলপ খেলিমেলি হোৱা বুলি। মই গৈ পাওঁগৈ মানে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰ পালেগৈ। গুলীয়াগুলী আৰম্ভ হ’ল। কোন কেনি গৈছে- কি হৈছে একো ধৰিব নোৱাৰা অৱস্থা। তাৰ মাজতে এগৰাকী সাংবাদিকৰ গাত গুলী লাগিল৷’ ৰায়ানৰ মাতটো কঁপিবলৈ ধৰিলে৷

‘চেৰা অ’-ক’ন’ৰ মোৰ মোৰ একালৰ সহকৰ্মী! সেই চেৰা নোহোৱা হৈ গ’ল এটা গুলীত!’

তুলিকাৰ ভাষা হেৰাই গ’ল যেন। ইয়ালৈ অহাৰ পৰাই তাই হিংসাত্মক ইতিহাস শুনিছে, কিন্তু সেয়া যে দিনৰ পোহৰৰ দৰেই এতিয়াও এক বৰ্তমান হৈ আছে, সেই উপলব্ধি যেন আজিলৈকে অহাই নাছিল। লোকৰ মুখত শুনা ট্ৰাবলছৰ ঘটনাবোৰ তাইৰ মনত পৰিল৷ সেই হিংসাৰ জুইলৈ যেন কেথ’লিক-প্ৰটেষ্টান্ট সকলোৱে সমানে ভয় কৰে৷ কোনেও নিবিচাৰে পুনৰ সেই বোমা-বাৰুদ-টিয়েৰ গেছৰ দিনবোৰ ঘুৰি আহক৷

‘আই এম চ’ ছৰী- মই বহুত দুখিত: ৰায়ান!’ ৰায়ানক সান্তনা দিবলৈ যেন একো ভাষাই বিচাৰি নাপালে তুলিকাই!

তিনিও নীৰৱে বহি ৰ’ল কিছুপৰ।

আজি চৰিওফালে প্ৰতিবাদ আৰম্ভ হৈছে৷ হিংসাত্মক ঘটনাৰ আশংকা কৰি বাছো অনিৰ্দিষ্ট কাললৈ বন্ধ কৰি দিছে বুলি শুনিছোঁ৷ আৰু বা কি হয় ঠিক নাই৷’ পেট্ৰিচিয়াই ক’লে। তুলিকা চিন্তাক্লিষ্ট হৈ পৰিল৷ সকলো পৰিকল্পনাই ওলট পালট হৈ গ’ল যেন!

মই কি কৰা ভাল হ’ব বাৰু?’ এটা সময়ত তাই মাত দিলে। এনে পৰিস্থিতিত তাই পেট্ৰিচিয়াৰ আলহী হৈ থকাটো সমীচিন নহয়। কিন্তু এনিছকিলেনলৈ উভতি যাবলৈকো বাছ নাই। বাটত পৰিস্থিতি কেনে হ’ব তাৰ একো ভৰসাও নাই।

ৰায়ানে কিছুপৰ ভাৱি ক'লে, ’মই এটা সূত্ৰ বিচাৰি অ'ৰমা টাউনলৈ যাব লাগে৷ সেয়া নিউ আই আৰ এ সংগঠনৰ প্ৰধান ঘাটি। সেই সংগঠনেই চেৰাৰ মৃত্যুৰ দায়িত্ব স্বীকাৰ কৰিছে। হয়তো এই ঘটনাৰ কিবা গুৰুত্বপূৰ্ণ সূত্ৰ পাই যাব পাৰোঁ৷ তুমি যোৱা যদি এনিছকিলেনত তোমাক থৈ মই আৰমালৈ গুচি যাবগৈ পাৰোঁ৷ দুঘন্টাৰ বাটহে!'

তুলিকাই কিবা কোৱাৰ আগতেই পেট্ৰিচিয়াই কৈ উঠিল,

সেইটোৱে ভাল হ’ব৷ নহ’লে মোৰ তোমাৰ বাবে চিন্তা হৈ থাকিব, তুলিকা৷ তোমালোক দুয়ো একেলগে যোৱা৷ ক’ৰবাত বেৰিকেড থাকিলেও ৰায়ানে সাংবাদিক বুলি চিনাকি দিলে তোমালোকক কোনেও যাবলৈ বাধা নিদিব৷'

উপায়ন্তৰ হৈ তুলিকাই মানি ল'লে। এঘন্টাৰ ভিতৰতে দুয়ো আহি ৰায়ানৰ গাড়ীত উঠিল৷ যোৱাৰ আগতে পেট্ৰিচিয়াই তাইক সাবটি ধৰি আন্তৰিকতাৰে ক'লে,

তোমাক লগ পাই বৰ ভাল লাগিল, তুলিকা৷ এনেকৈ যাবলগীয়া হোৱা বাবে আফচোচ্‌ হৈছে। কিন্তু আকৌ এবাৰ সময় মিলাই আহিবাচোন ৷ আমি দুয়ো একেলগে ডেৰী চাম!’

তুলিকাই আবেগেৰে তেওঁক ধন্যবাদ জনাই গাড়ীত উঠিলহি।

ৰায়ানে গাড়ী এৰি দিয়ে ক’লে, ‘চ’ৰী তুলিকা। তোমাৰ ডেৰী চোৱা নহ’ল এইবাৰ।‘

তুমি ক্ষমা খুজিব লগীয়া কথাই নহয়, ৰায়ান। পেট্ৰিচিয়াক লগ পাই খুউব ভাল লাগিল!‘ ৰায়ানলৈ তাইৰ সহানুভূতি উপজিল। সহকৰ্মী এগৰাকী এনেকৈ হেৰাই যোৱাৰ পিছতো সেই কামতে দিনে নিশাই লাগি থকাতো একপ্ৰকাৰ দু:সাহসকিতাই৷

ৰায়ানে হুমুনিয়াহ এটা কাঢ়ি ক’লে, ‘মাক সকলোবোৰ কথা ক’ব নোখোজো- মোৰ কাৰণে চিন্তা কৰিব বুলি। কিন্তু মই জানো, এতিয়া মাই দিনৰ দিনটো টিভিত বাতৰি চাই থাকিব।‘

সিহঁতৰ গাড়ীখনে ডেৰী এৰি ইতিমধ্যে এ-ফাইভ ঘাই পথেদি ধাৱমান হৈছে। ঘাইপথৰ কাষৰ ফইল নদীখনলৈ অলপপৰ চাই থাকি তুলিকাই সুধিলে,

তুমি বেয়া নোপোৱা যদি ঘটনাটো কোৱাচোন ৰায়ান, আচলতে কি হৈছিল? মই এতিয়াও ঠিক বুজিব পৰা নাই।’

ৰায়ানে দীঘল হুমুনিয়াহ এটা কাঢ়িলে। ঘাইপথত স্থিৰ দৃষ্টি দি থাকিয়ে সি কৈ গ’ল,

ডেৰীৰ পশ্চিমে থকা এটা অঞ্চল ক্ৰিগান৷ এই ফইল নদীৰ পাৰত আৰু ডনীগলৰ পৰ্বতমালাৰ দৃশ্যৰে ক্ৰিগান ঠাইখন অপূৰ্ব সুন্দৰ৷ কিন্তু এই ক্ৰিগান যুক্তৰাজ্যৰ ভিতৰতে সকলোতকৈ অনগ্ৰসৰ এটা আঞ্চল৷ প্ৰায় সকলো ধৰণৰ সা-সুবিধাৰ পৰা বঞ্চিত এনে বহুতো অঞ্চলৰ হা-হতাশাই ট্ৰাবলছৰ সময়ত হিংসাত্মক ৰূপ লৈছিল৷ তাত ৰায়ত হোৱাৰ সম্ভাৱনা আছে বুলি কালি আমি খৱৰ পাইছিলো৷ মোৰ দৰে অন্য ভালেমান সাংবাদিক তালৈ ঢাপলি মেলিছিল। কথাটো ওলাইছিল ছচিয়েল মিডিয়াৰ পৰা। কোনোবাই ছ’চিয়েল মিডিয়াত ক্ৰিগানৰ ফইল নদীৰ ওপৰৰ দলঙেৰে পুলিচৰ এটা কনভয় পাৰ হৈ যোৱাৰ ফটো দিছিল৷ জানাই নহয় ছ’চিয়েল মিডিয়াত কথাবোৰ কেনেকৈ বিয়পে আজিকালি!

আমি শুনামতে পুলিচৰ দলটো ক্ৰিগান পাই এটা ঘৰৰ খানাতালাচ কৰিলে। সন্দেহজনক বয়-বস্তু মানে অস্ত্ৰ শস্ত্ৰ আদি বিচাৰিলে কিন্তু একো নাপালে৷ কথাটো তলে তলে বনজুইৰ দৰে বিয়পিল তেতিয়ালৈ। ক’ৰ পৰা জানো তাতে মুখা পিন্ধা ল’ৰা-ছোৱালী কিছুমান গোট খালেহি। গাড়ীত উঠি ৰাওনা হ’ব খোজা পুলিচৰ দলটোলৈ সিহঁতে ইটা, ফটকা আৰু পেট্ৰ’ল বোমা দলিয়াবলৈ আৰম্ভ কৰিলে৷ কোনেও নাজানে এই ৰায়ত পূৰ্বপৰিকল্পিত নে স্বত:স্ফূৰ্তভাৱে হোৱা। কিন্তু মই পাওঁগৈ মানে কেইবাখনো গাড়ীত জুই লাগিছে, গুলীয়াগুলী আৰম্ভ হৈছে। আমি গৈ থাকোঁতেই চেৰাৰ টুইট দেখিছিলোঁ। তাই এই ঘটনাৰ লাইভ ৰিপৰ্টিং কৰি আছিল। তাইৰ শেষ টুইটত আছিল জুইত ভস্ম হোৱা এখন গাড়ীৰ ছৱি। লগতে লিখিছিল, ‘আজিৰ ডেৰী ভয়াবহ!’

আমি গৈ পাইহে গম পালোঁ তাই হেনো পুলিচৰ গাড়ী এখনৰ কাষত থিয় দি যথাসম্ভৱ খৱৰ আৰু ফটো লোৱাৰ চেষ্টা কৰি আছিল ৷ গুলীচালনা আৰম্ভ হওঁতে চেৰাৰ দলটোৱে ঘৰ এটা আঁৰ ল’বলৈ দৌৰ দিলে। তাত গৈ পাইহে মন কৰিলে, চেৰা লগত নাই। তেতিয়ালৈ সেই মুখাধাৰী দলৰ এটা গুলীত চেৰা ৰাস্তাৰ মাজতে বাগৰি পৰিছে। মোৰ চকুৰ সন্মুখেৰেই তাইৰ ৰাঙলী দেহটো এম্বুলেন্সত উঠাই নিলে!’

তুলিকা যেন মূক হৈ পৰিল। ইমানেই সহজ নে জীৱনৰ গতি স্তব্ধ হৈ যোৱাটো? মৃত্যুৰ কৰাঘাতে অতীত-বৰ্তমান সকলো পিষ্ট কৰি পেলোৱাতো?


শান্তি আৰু সম্প্ৰীতিৰ বাবে এটা প্ৰাৰ্থনা (ডেৰীৰ 'Hands Across the Divide' প্ৰতিমূৰ্ত্তি) 


ইতিমধ্যে সিহঁতৰ গাড়ীৰ গতি লেহেমীয়া হ’বলৈ ধৰিলে। সন্মুখত গাড়ীৰ লানি লাগিছে।

‘পুলিচৰ বেৰিকেড!’ ৰায়ানে ক’লে।

তুলিকাই উৎকণ্ঠাৰে চাই ৰ’ল ইংৰাজীতে ‘গাৰ্ডা’ বুলি লিখি ৰখা পুলিচৰ গাড়ী দুখনলৈ। সশস্ত্ৰ পুলিচকেইজনে গাড়ীবোৰ পৰীক্ষা কৰিছে। আৰোহীক ইটো সিটো প্ৰশ্ন সুধিছে।

সিহঁতৰ গাড়ীখন তেওঁলোকৰ কাষ পায়গৈ মানে ৰায়ানে সাংবাদিকতাৰ পৰিচয়পত্ৰ সাজু কৰিছে। পেট্ৰিচিয়াই কোৱাৰ দৰেই সেয়া দেখি পুলিচজনে যাবলৈ হাতেৰে ইংগিত দিছে। মাথোঁ কৈছে,

‘বি চেফ! সাৱধানে থাকিবা!’

চেৰা অ’-ক’ন’ৰৰ মৃত্য়ুয়ে যেন সকলোকে সোঁৱৰাই দিছে সাংবাদিকৰ জীৱনৰ সৈতে পদে পদে খেলা কৰা বিপদবোৰৰ কথা।

কিছুপৰ নীৰৱেই যোৱাৰ পিছত তুলিকাই পুনৰ সুধিলে,

‘এই নিউ আই আৰ এ কোন? চেৰা কেনেকৈ সেই সংগঠনৰ ৰোষত পৰিল?’

‘তাৰো বহুত দীঘলীয়া ইতিহাস, তুলিকা। পঁচিশ বছৰ ধৰি চলা আইৰিছ ট্ৰাবলছৰ কথাটো জানাই। সেইসময়ত আইৰিছ ৰিপাব্লিকান আৰ্মি অৰ্থাৎ আই আৰ এই অস্ত্ৰ লৈছিল ব্ৰিটিছৰ বিৰুদ্ধে৷ তেওঁলোকৰ সপোন আছিল দুইখন আয়াৰলেণ্ড মিলাই এখন স্বাধীন আয়াৰলেণ্ড গঠন কৰিব৷ কিন্তু এই সকলো প্ৰচেষ্টা ব্ৰিটিছ সৈন্যৰ পৰাক্ৰমে সেও মনালে আৰু ১৯৯৮ চনৰ গুড ফ্ৰাইডেৰ দিনা শান্তি চুক্তি স্বাক্ষৰ হ’ল৷ তেতিয়াই জন্ম হ’ল আই আৰ এৰ ৰাজনৈতিক ঠাল চিন ফেন৷ আজি এই চিন ফেন এটা গুৰুত্বপূৰ্ণ ৰাজনৈতিক দল৷ সেই দলে ডেম’ক্ৰেটিক ইউন’নিষ্ট পাৰ্টি বা ডি ইউ পিৰ সৈতে ক্ষমতাৰ সমানে ভাগবতৰা কৰি চৰকাৰ চলাই আহিছিল। কিন্তু ২০১৭ চনত চিন ফেন আৰু ডি ইউ পিৰ মাজৰ তীব্ৰ মতবিৰোধৰ পিছত বেলফাষ্টৰ সেই চৰকাৰখন ভাঙি পৰিল। তেতিয়াৰপৰাই আজিও উত্তৰ আয়াৰলেণ্ড চৰকাৰবিহীন। এনে এক অচল অৱস্থাত দেশখনত ব্ৰেক্সিটে কি প্ৰভাৱ পেলাব পাৰে অনুমান কৰা৷ গতিকে সেই বিধ্বস্ত ৰূপে যেন ট্ৰাবলছৰ ৰৈ যোৱা ক্ষোভবোৰ পুনৰ জগাই তুলিছে। ট্ৰাবলছৰ বিদ্ৰোহী নেতা কিছুমানেই গঢ়ি তুলিছে নতুন আইৰিছ ৰিপাব্লিকান আৰ্মি। নিউ আই আৰ এ- যি শান্তি চুক্তিক এক বিশ্বাসঘাতকতা বুলি গণ্য কৰে। কোঙা অৰ্থনৈতিক আৰু ৰাজনৈতক অৱস্থাই বিপৰ্য্যস্ত কৰা বহু নিবনুৱা যুৱক যুৱতীয়ে তলে তলে তাত যোগ দিছে, বন্দুক বাৰুদৰ যোগাৰ হৈছে।


ৰায়ান ৰৈ গ’ল। লাহেকৈ নি গাড়ীখন বাটৰ একাষে এঠাইত ৰখালে। তুলিকালৈ চাই সুধিলে,

‘কফি একাপ খাবা?’ আয়াৰলেণ্ডৰ ইতিহাসত ডুব গৈ থকাৰ পৰাই যেন তুলিকাই মূৰ দুপিয়ালে।

দুয়ো গাড়ীৰ পৰা নামিল। তাইৰ চকু গ’ল সন্মুখৰ চাইনবৰ্ডলৈ ‘মে’ ফ্লাই কেফে।
 দুকাপ কফি লৈ দুয়ো ওলাই আহি কেফেৰে সন্মুখৰ টেবুল এখনতে বহিলহি। তাৰপৰাই তুলিকাই দেখিলে দিগন্তত এক বিশাল জলৰাশি। তাই সেইফালে চাই ৰোৱা দেখি ৰায়ানে ক’লে,

‘সেয়া নামনি লখ আৰ্ণ। এনিছকিলেন পাবলৈ বেছি পৰ নাই আমাৰ। এই কেশ্ব টাউনৰ পৰা তালৈ মাথোঁ পোন্ধৰ মিনিটৰ বাট।


নামনি লখ আৰ্ণৰ দৃশ্যই যেন এক স্বস্তি আনি দিলে তুলিকালৈ। বুকুখন যেন নিজাৰ পৰি আহিল। যেন তাইৰ আপোন ঠিকনাটি পালেহি- যি তাইৰ বাবেই বাট চাই আছে শান্তিৰ এক প্ৰচ্ছায়া হৈ। কিন্তু ক’ৰবাত যেন দুখ এটাও সাৰ পাই উঠিল, ৰায়ানৰ সৈতে এই সময়খিনিও শেষ হৈ আহিছে বুলি। কফিত চুমুক দিয়ে তাই দেখিলে সেই প্ৰথমদিনাৰ দৰেই এক থিৰ দৃষ্টিৰে ৰায়ানে চাই আছে তাইলৈ!

‘চেৰাৰ কথা কৈ আছিলা তুমি!’ তুলিকাই মনত পেলাই দিলে।

‘অঁ, চেৰাই এই নিউ আই আৰ এ-ৰ সমালোচনা লিখিছিল। কৈছিল সন্মিলিত আয়াৰলেণ্ড গঠনৰ সেই ঐতিহাসিক সপোনটোৰ আঁৰত এই সংগঠনে নতুন প্ৰজন্মক পথভ্ৰষ্ট কৰিছে। মাথোঁ হাইজেকিং, ৰায়ত, বোমা বিস্ফোৰণ আদিৰেই নিজৰ অস্তিত্ব প্ৰতিপন্ন কৰাৰ চেষ্টা কৰিছে৷ এসপ্তাহৰ আগতে বেলফাষ্ট টাইমছত তাইৰ এটা লেখা প্ৰকাশ হৈছিল। তাই লিখিছিল ট্ৰাবলছৰ শেষত হোৱা চুক্তিৰ সময়ত আমি হয়তো একো বুজিব নোৱাৰা শিশু হৈ আছিলো৷ গতিকে আমি সঁচা অৰ্থত গুড ফ্ৰাইডেৰ শান্তি চুক্তিৰ প্ৰজন্ম। কিন্তু সেই অমানিশাই এতিয়াও অন্ধকাৰ কৰি ৰাখিছে সেই প্ৰজন্মটোৰ জীৱনবোৰ। তাই কৈছিল তাই জাতীয়তাবাদীৰ এখন সন্মিলিত আয়াৰলেণ্ড নিবিচাৰে, নিবিচাৰে ইউনিয়’নিষ্টৰ শক্তিশালী যুক্তৰাজ্যও। তাই মাথোঁ বিচাৰে সেই হিংসাত্মক অতীত সঁচা অৰ্থত অতীত কৰি পেলাবলৈ। প্ৰশান্তিময় আৰু পৰিপূৰ্ণ এটা বৰ্তমান গঢ়িবলৈ। য’ত ৰখাই থোৱা অচিনাকি গাড়ী এখন দেখিলে বা হুডি পিন্ধা এজাক ল’ৰা-ছোৱালী লগ পালে তাই আতংকিত হৈ নুঠে। য’ত বুলেটৰ লক্ষ্যৰ পৰা সাৰিবলৈ অহৰহ মনতে সষ্টম হৈ নাথাকে। অহিংসা আৰু শান্তিৰ হকে মাত মতা সেই চেৰাই হেৰাই গ’ল এটা গুলীৰ আঘাতত!


ৰায়ান উঠিল। তাৰ লগে লগে নীৰৱে তুলিকায়ো খোজ দিলে। পিছৰ সময়ছোৱা দুয়ো যেন নিজৰ অনুভৱৰ পৃথিৱীখনতে ডুব গৈ থাকিল। তাইৰ এপাৰ্টমেণ্টৰ সন্মুখত গাড়ীখন ৰখাই সি গাড়ীৰ বুটৰ পৰা তাইৰ বেগটো নমাই তাইৰ কাষতে থৈ ৰায়ানে ক’লে,

তোমাক এনে অৱস্থাতহে লগ পালো তুলিকা৷ আশা কৰিছোঁ ইয়াৰ পিছৰবাৰ ভাল সময় এটাত আমি যেন লগ পাওঁ!’ কৈয়ে সি তাইলৈ চাই দুবাহু মেলি দিলে৷

তুলিকাই একোকে ক’ব নোৱাৰিলে। মাথোঁ নীৰৱে সোমাই পৰিল ৰায়ানৰ দুবাহুৰ মাজত। কেতিয়াবাযে বহু অনুভৱে শব্দৰ ৰূপত ধৰা দিব নোখোজে। সেই সকলোবোৰ কথা যেন তাই ক’ব বিচাৰিলে সেই সৌজন্যসূচক আলিংগনেৰেই।

ফাৰমানা (প্ৰথম খণ্ড)

ফাৰমানা (দ্বিতীয় খণ্ড)
ফাৰমানা (তৃতীয় খণ্ড)
ফাৰমানা (চতুৰ্থ খণ্ড)
ফাৰমানা (পঞ্চম খণ্ড)
ফাৰমানা (ষষ্ঠ খণ্ড)
ফাৰমানা (সপ্তম খণ্ড)
ফাৰমানা (অষ্টম খণ্ড)

ফাৰমানা (নৱম খণ্ড)