Friday 23 October 2020

আফ্ৰিকাত প্ৰথম খোজ: লিভিংষ্ট’নৰ দেশত (৬)

লিভিংষ্ট’নত স্থবিৰ সময়

কেতিয়াবা ভাৱ হয়, জীৱনৰ দুৰন্ত গতিয়ে, উখল-মাখলবোৰে আমাক যেন এটা যান্ত্ৰিক পৰিক্ৰমাত আৱদ্ধ কৰি ৰাখে৷ দৈনন্দিন ব্যস্ততাৰ পৰা কণমান আহৰি পালেও হাতৰ মুঠিতে যে কিমানবোৰ অজুহাত ৰৈ থাকে সেই নীৰৱতা মুখৰ কৰি তুলিবলৈ- ডিজিটেল স্ক্ৰীণৰ মায়াজালে অহৰহ বন্দী কৰি ৰাখিব খোঁজে আমাৰ মন-মগজু!


কৰ্মশালা সামৰি লিভিংষ্ট’নলৈ উভতি আহি থাকোঁতে আমাৰ এখন দীঘলীয়া তালিকা আছিল কৰিব লগীয়া কামৰ- দুটামান সময়সীমাৰ! আহি পাই দেখোঁ, ইন্টাৰনেট অচল; হঠাতে পুৱা শুই উঠি বাতৰিত চকু ফুৰোৱা, ফেইচবুক-টুইটাৰৰ আপডেট চোৱা, ইটোৰ পিছত সিটোকৈ ইমেইলৰ উত্তৰ দিয়াৰ ব্যতিব্যস্ততা খিনিয়ে নোহোৱা হৈ পৰিল! আনকি বাহিৰৰ পৃথিৱীখনৰ সৈতে যোগাযোগ ৰখাৰো একো উপায় নোহোৱা হ’ল৷ হঠাতে যেন জীৱনেই অচল হৈ গ’ল আমাৰ দলটোৰ চাৰিওৰে৷ বহু হাই-উৰুমিৰ শেষত বেজী এটা পৰিলেও চক খাই উঠাৰ দৰে নীৰৱ নিথল হৈ পৰিল যেন সকলো! নতুনকৈ অনুভৱ কৰিলোঁ ইন্টাৰনেটে, ডিজিটেল পৃথিৱীয়ে কেনেকৈ আমাৰ অন্তৰ্জগতখন হেঁচা মাৰি ৰুদ্ধ কৰি পেলাব পাৰে!

লিভিংষ্ট’নৰ আছেংগা ল’জত এনে এটা অচল ৰৌদ্ৰোজ্জল দুপৰীয়া৷ অন্য সময়ৰ দৰে নিজৰ কোঠাত লেপটপ লৈ ব্যস্ত হৈ থকাৰ সলনি এজন এজনকৈ আমি ওলাই আহিলো ৷ কোঠাৰ লানিবোৰৰ সোঁমাজতে এটা সৰু ছুইমিং পুল৷ পুলৰ নীলা পানীত চাৰিওকাষে চিকুণকৈ ৰখা তালজাতীয় গছৰ লিহিৰি পাতৰ ছাঁই তলমল কৰিছে৷ সেই ছাঁৰ তলে তলে কেইবাজোৰা চকী-টেবুল৷ এলাইডা, ক’লা আৰু মই বহিলোগৈ অলপ একাষৰীয়াকৈ থকা মুখামুখি জোলনা দুখনত৷ ছুইমিং পুলৰ নীলা পানীখিনিয়ে, পাতলীয়া বতাহজাকে গা-মন শাঁত পেলালে৷ ক’লা আৰু এলাইডাৰ সৈতে পাৰ হৈ যোৱা দিনকেইটাৰ ৰোমন্থন চলিল৷ ক’ল’মৰ কৰ্মশালাত লগ পোৱা বিভিন্ন মুখ, বিভিন্নজনৰ সৈতে মতবিনিময়ৰ শেষত হোৱা উপলব্ধিৰ প্ৰতিফলন৷


এটা সময়ত কাষৰ কোঠাৰ পৰা আহি যোগ দিলেহি জেম্ছে৷ ক’লা আৰু এলাইডাই জেম্ছক কেইবাবাৰো লগ পাইছে যদিও প্ৰকল্পত যোগ দিয়াৰ পিছত জেম্ছৰ সৈতে এই জাম্বিয়া ভ্ৰমণতে মোৰ প্ৰথম সাক্ষাৎ৷ গতিকে ব্যক্তিগত ৰূপত তেওঁক তেনেকৈ জনাৰ সুযোগ পোৱা নাই৷ যোৱা কেইদিনৰ সান্নিধ্যৰে মাথোঁ বুজি উঠিছোঁ, জেম্ছ খুবেই অন্তৰ্মুখী মানুহ৷ কিন্তু সেই অচল আবেলিটোত অপ্ৰত্যাশিতভাৱে তেওঁ স্বতস্ফূৰ্ত হৈ উঠিল৷ আমিও কৌতুহলী হৈ বহু কথাই সুধি পেলালো৷ জেমছে নিৰলসভাৱে কৈ গ’ল তেওঁৰ জীৱন কাহিনী৷ বিছ বছৰীয়া চফল ডেকাজনে যুক্তৰাজ্যৰ শিক্ষা ব্যৱস্থাত নিজৰ ঠাই বিচাৰি পোৱা নাছিল৷ তেওঁনো জীৱনত প্ৰকৃততে কি কৰিব বিচাৰে একো উৱাদিহ পোৱা নাছিল৷ জীৱনৰ অৰ্থ বিচাৰিয়ে যুক্তৰাজ্য এৰি তেওঁ সেইসময়ত অনিৰ্দিষ্ট কাললৈ বিশ্ব ভ্ৰমণলৈ যোৱাৰ সিদ্ধান্ত ল’লে৷ এনে দিন এটাতে হঠাত লগ পাই গ’ল ৰেচেলক৷ বিশ্ব ভ্ৰমণলৈ যাবলৈ তেতিয়া দুসপ্তাহ বাকী মাথোঁ৷ মাত্ৰ দুবাৰ লগ পোৱাৰ পিছতে ৰেচেলে প্ৰস্তাৱ দিলে তেৱোঁ জেম্ছৰ সৈতে একেলগে সেই ভ্ৰমণত যাব খোঁজে৷ জেম্ছে পোনেই না কৰিলে৷ কিন্তু বিশ্ব ভ্ৰমণৰ প্ৰথমটো আস্থান স্পেইনত দুদিন কটাই কিবা ভাৱি তেওঁ ৰেচেললৈ ফোন কৰিলে,

’এতিয়াও যদি তুমি আহিব খোঁজা, মোক স্পেইনত লগ কৰিব পাৰা৷’


ৰেচেলে কলেজীয়া শিক্ষা আধৰুৱা কৰি গুচি গৈছিল দুদিনৰ চিনাকী জেম্ছৰ কাষলৈ৷ কেইবা মাহজোৰা এই ভ্ৰমণত দুয়ো অলৌ টলৌকৈ ইখন দেশৰ পৰা সিখন দেশলৈ ঘুৰিলে৷ নানা দেশত জেম্ছে শাৰীৰিক শ্ৰম কৰিলে, ক’ৰবাত ইংৰাজী শিক্ষকৰ কাম কৰিলে৷ বিধিৰ পৰিহাসত ইণ্ডোনেছিয়াত ৰেচেলে এটা কৰ্মসংস্থান পালে আৰু তাৰ পৰাই নতুন সুযোগ আহিল৷ তাতে জেম্ছৰ টেৰীৰ সৈতে চিনাকি হ’ল৷ তেওঁৰ অসাধাৰণ প্ৰতিভা চিনিবলৈ টেৰীৰ অকণো টান নহ’ল৷ তাৰ পিছত জেম্ছে আৰু কেতিয়াও ঘুৰি চাবলগীয়া নহ’ল৷ ত্ৰিছ বছৰ বয়সত কলেজীয়া শিক্ষা আৰম্ভ কৰি তেওঁ মাথোঁ দুবছৰত অভূতপূৰ্ব সফলতাৰে পি এইচ ডি সম্পূৰ্ণ কৰিলে৷ বৰ্তমান সেই ৰেচেলৰ সৈতে দুটি সন্তানেৰে তেওঁৰ সুখৰ সংসাৰ আৰু ইণ্ডোনেছিয়াৰ সেই সংস্থানেই তেওঁৰ কৰ্মস্থান!


অভিভূত হৈ পৰিলো! সমাজে বা পৰম্পৰাই ঠিক কৰি দিয়া বাটবোৰ-ধাৰণাবোৰ আওকাণ কৰি কেৱল নিজৰ হৃদয়ৰ আহ্বান শুনাৰ এনে সততা আৰু সাহসিকতা কিমান বিৰল, কিমান প্ৰেৰণাদায়ক!


আতংকৰ ছাঁ

লিভিংষ্ট’নত যোগাযোগবিহীন হৈ অচল দুটা দিন কটোৱাৰ পিছত পুৱা টেৰী আৰু জেমছে হোটেল এৰিলে- দুপৰীয়া জোহানেছবাৰ্গ হৈ লণ্ডনলৈ ফ্লাইট৷ আছেংগাত ৰৈ গ’লো এলাইডা, ক’লা আৰু মই৷ ক’লা দুদিনৰ পিছত ফ্ৰান্সলৈ উভতি যোৱাৰ কথা৷ এলাইডা আৰু মই জিম্বাবোৱেৰ ৰাজধানী লুছাকাত এখন আন্ত:ৰাষ্ট্ৰীয় আলোচনা সভাত যোগ দি এসপ্তাহৰ পিছত কানাডালৈ উভতাৰ পৰিকল্পনা৷


আবেলি নিজৰ কোঠাত জিৰণি লওঁ বুলি কিতাপ এখন মেলি ল’লো৷ এটা সময়ত চিলমিল কৈ টোপনিও আহিল! এনেতে ফোনৰ ৰিঙৰ শব্দত চক্ খাই সাৰ পাই গ’লো৷ অচিনাকি নম্বৰ৷ সন্দেহ হ’ল- ৰ’মিং কল ধৰোঁ নধৰোঁ কৈ ৰিচিভ কৰিলো৷

ফোনৰ সিপাৰে টেৰীৰ ভীষণ উৎকন্ঠিত মাত!

’আমি অলপ আগতে জোহানেছবাৰ্গ পাইছোঁহি৷ তোমালোক ঠিকে আছানে?’

’হয়, ঠিকে আছোঁতো!’- আচৰিত হ’লো অলপ৷ আজি ৰাতিপুৱা মাথোঁ গৈছে টেৰী আৰু জেম্ছ৷ এবেলাতে কি সলনি হ’বনো!

টেৰীয়ে একেই সুৰত কৈ গ’ল,

’ইয়াত আহি পাই ইন্টাৰনেট পোৱাতহে গোটেই কথাবোৰ গম পাইছোঁ৷ আমাৰ সংগঠনৰ লুছাকাৰ অফিচৰ পৰা উপৰাউপৰিকৈ বহুত ইমেইল আৰু ফোন কল৷ জাম্বিয়াৰ পৰিস্থিতি খুউব বেয়া৷ কালি লুছাকালৈ উভতি যোৱা চিফৰৰ গাড়ী বাটত মানুহৰ আক্ৰমণ (riot) ৰ পৰা কোনোৰকমেহে ৰক্ষা পাইছে৷ পুলিচ আহি কন্দুৱাগেছ মৰাতহে মুকলি হৈ যাব পাৰিছে৷ বহু ঠাইত মানুহে গাড়ী হাইজেক কৰিছে আৰু যাত্ৰীক গুলীয়াই মাৰিছে হেনো৷’

মই আতংকিত হৈ পৰিলোঁ৷ কাৰো সৈতে একো যোগাযোগ নথকাত আমি একো গমেই নাপাওঁ!

টেৰীয়ে ক’লে,

’মোৰ কথা মন দি শুনা! লুছাকাৰ আলোচনা সভালৈ তোমালোক যাব পৰাটোতো দূৰৰে কথা, লিভিংষ্টনো একেবাৰে নিৰাপদ নহয়৷ চিফৰৰ অফিচৰ লগত পাতি আমি সিদ্ধান্ত লৈছোঁ, তোমালোক যিমান পাৰি সোনকালে ভেনকুভাৰলৈ উভতি অহাটোৱে ঠিক হ’ব৷ পাৰা যদি কাইলৈকে জাম্বিয়া এৰিবলৈ চেষ্টা কৰে৷ কথাবোৰে কেতিয়া কি ৰূপ লয় কোৱা টান হৈছে৷’

মোৰ টোপনিৰ জাল কাটি গ’ল৷ যিমান পাৰোঁ খৰকৈ চিন্তা কৰাৰ চেষ্টা কৰিলোঁ৷ কৈ উঠিলো,

’কিন্তু আমাৰ উভতাৰ ফ্লাইট এসপ্তাহৰ পিছত হে আছে!’

’সলনি কৰি কাইলৈকে অহাৰ চেষ্টা কৰা৷ যিমানেই খৰচ নহওক তোমালোক নিৰাপদে উভতি অহাটো সকলোতকৈ গুৰুত্বপূৰ্ণ৷ আমাৰ লণ্ডনৰ ফ্লাইটলৈ আৰু তিনিঘন্টা আছে৷ সকলো বন্দবস্ত কৰি খৱৰ দিবা মোক৷’

ফোনটো ৰাখি দীঘলকৈ উশাহ এটা টানি ল’লো৷ খৰকৈ হিচাপ-নিকাচ কৰিলো৷ তেতিয়া আবেলি চাৰে-চাৰি বাজিছে৷ আন্ধাৰ হোৱাৰ পিছত ক’লৈকো ওলাই যোৱাটো সেই পৰিস্থিতিত নিৰাপদ নহয়৷ গতিকে যিয়ে নকৰোঁ সোনকালে কৰিব লাগিব৷

ক’লা বাহিৰতে গছৰ তলত বহি আছিল৷ তাৰ সৈতে গৈ এলাইডাৰ কোঠাৰ দুৱাৰত টুকুৰিয়ালোগৈ৷ বৃত্তান্ত শুনি দুয়ো কিছুপৰ কিংকৰ্তব্যবিমুঢ় হৈ ৰ’ল৷ এলাইডাই গোটেই কথাবোৰ জুকিয়াই চালে৷ ফোন বা ইন্টাৰনেট নোহোৱাকৈ কাইলৈকে টিকেট কৰাৰ উপায় কি? এয়াৰপৰ্ট ইয়াৰ পৰা গাড়ীৰে আধাঘন্টামানৰ বাট৷ এতিয়াই গ’লে আন্ধাৰ হোৱাৰ আগতে নিৰাপদে আহি পামনে!

অন্য একো উপায় নথকাত তাকে কৰাৰ সিদ্ধান্ত হ’ল৷ লৰালৰিকৈ ওলাই গৈ এয়াৰপৰ্টলৈ টেক্সি ল’লো৷ টেক্সিৰ ড্ৰাইভাৰক ক’লাই সুধিলে,

’আজিৰ দিনটোত লিভিংষ্ট’নৰ ওচৰে পাজৰে কিবা হিংসাত্মক ঘটনা ঘটিছে নেকি?’

আদহীয়া ড্ৰাইভাৰজনে হাঁহিমুখেৰেই ক’লে,
’আমিতো একো শুনা নাই এতিয়ালৈকে৷ মাত্ৰ কাৰ্ফিউৰ কাৰণে সন্ধিয়াৰ লগে লগে ঘৰৰ বাহিৰলৈ নোলোৱাৰ নিৰ্দেশহে পাইছোঁ৷’

লিভিংষ্ট’নৰ একেবাৰে সৰু এয়াৰপৰ্ট৷ সোমায়ে দেখোঁ, এয়াৰলাইনৰ সকলো কাউন্টাৰ বন্ধ! গম পালো, দিনটোত মাথোঁ দুখনমানহে ফ্লাইট অহা-যোৱা কৰে৷ গতিকে পাঁচবজাত সকলো বন্ধ হয়৷

আমি তিনিও অসহায় হৈ তাতে থিয় দি ৰ’লো!


লিভিংষ্ট’নৰ দেশত (১): ভিজা, ক’ৰ’না আৰু ধুমুহা
লিভিংষ্ট’নৰ দেশত (২):ভিক্টোৰিয়া ফলছ্: দ্য স্ম’ক দেট্ থাণ্ডাৰছ্
লিভিংষ্ট’নৰ দেশত (৩): এটা সপোন খেদি
লিভিংষ্ট’নৰ দেশত (৪): বাওবাব গছৰ সন্ধানত
লিভিংষ্ট’নৰ দেশত (৫): যাত্ৰা আৰু আড্ডা