নৱেম্বৰ, ২০২২
ইতিমধ্যে কানাডাৰ এই এডমণ্টন মহানগৰ বৰফে ঢাকি পেলাইছে। যিফালেই চকু দিওঁ মাথোঁ বৰফৰ শুকুলা দলিচা। অন্য ঠাইৰ দৰে শীতে যেন লাহে লাহে মহানগৰখন গিলিব খোজা নাই। তাতনো কিহৰ মজা! তাৰ সলনি এনিশাতে তাপমাত্ৰা -২০ ডিগ্ৰীলৈ নামিছে। 'ঠাণ্ডা আহি আছে' বুলি কৈ কৈ সাজু হৈ থকা মানুহবোৰো চক খাই উঠিছে।আকৌ পিছদিনাই -৫ ডিগ্ৰী। যেন বতৰটোৱে আমাক জোকাইছে। তাপমাত্ৰাৰ সঘনাই উঠা-নমা কৰি ৰং চাইছে!
অৱশ্যে সেই যে শূন্যৰ তললৈ নামিল তাৰ পৰা পিছে তাপমাত্ৰা আৰু ওপৰলৈ নুঠিল। এবাৰ যি বৰফ পৰিল, সেই বৰফেও গলাৰ নাম নল'লে। তাৰ ওপৰতে পুনৰ বৰফ পৰিল। চৌপাশৰ শুকুলা দলিচাখন ক্ৰমান্বয়ে ডাঠ হৈ গৈ থাকিল।
চুটি হৈ অহা দিনবোৰত দিনৰ পোহৰ দেখা পোৱাই টান হৈ আহিল। মোৰ নতুন অফিচত পুৱা আঠ বাজি পোন্ধৰ মিনিটতে কাম আৰম্ভ হয়। গতিকে আন্ধাৰতে ঘৰৰ পৰা ওলাই বাছ ধৰোঁগৈ। কেতিয়াবা বাহিৰত ধাৰাসাৰ বৰফৰ বৰষুণ দেখি থমকি ৰওঁ। ভাৱোঁ, আজি এই পৰিৱেশত মানুহ কেনেকৈ বাহিৰ ওলাব? গাড়ী-মটৰ কেনেকৈ চলিব? অফিচ কেনেকৈ হ'ব?
তৰপে তৰপে উমাল কাপোৰৰ মাজত সোমাই বাছত দুলি দুলি গৈ থকা মানুহবোৰে মোৰ আশংকা নোহোৱা কৰি দিয়ে। অহৰহ বাট ভেটি ধৰা বৰফবোৰ স্ন' থ্ৰ'ৱাৰ মেচিনে ঠেলি লৈ যায়। ৰাতিটোৰ ভিতৰতে পোত যাব খোজা গাড়ীৰ খিৰিকী-হুডৰ পৰা বৰফৰ লেপ আঁতৰাই মানুহবোৰ দিহাদিহি ওলায়।
বাচ্ আৰম্ভ হৈ যায় এটা নতুন দিনৰ। প্ৰতিকুল বতৰৰ বাবেতো জীৱন ৰৈ নাথাকে। এই ঠাই, ইয়াৰ মানুহৰ বাবে এয়া যেন কেৱল এক প্ৰাত্যহিকতা। প্ৰত্যেকৰে ধমনীয়ে ধমনীয়ে যেন প্ৰৱাহিত হৈ আছে ঠেঁটুৱৈ লগা জাৰৰ সৈতে সহাৱস্থান কৰাৰ মনোবল আৰু সাহস। তাকে ভৰসা কৰি এডমণ্টনত আৰম্ভ হ'ল মোৰ প্ৰথমটো কেনেডিয়ান শীতৰ ঋতু।
 |
| বৰফৰ দলিচাখন |
ডিচেম্বৰ, ২০২২
বিশাল অফিচ বিল্ডিংটোৰ এচুকত মই। আজি শুক্ৰবাৰ বুলি যথেষ্ট সকাহ অনুভৱ কৰিছোঁ। সপ্তাহৰ অন্তত যে শনি-দেও দুদিনৰ বিৰতি!
মাইক্ৰ'ছফট টিমছত আজি দীঘলীয়া অনলাইন মিটিং।কেইখনমান চিনাকি মুখ, বহুতো অচিনাকি নাম আৰু মুখ। সামৰণিত সকলোৱে সপ্তাহৰ শেষ বাবে শুভেচ্ছা জনাইছে। লগতে কৈছে, 'ষ্টে ৱাৰ্ম'!
হয়তো এই মুলুকত এই পৰিৱেশত সেইটোৱে আটাইতকৈ দৰকাৰী শুভেচ্ছা। এই হাড় কঁপোৱা জাৰত নিজকে উমাল কৰি ৰাখিব পৰাটোৱে ডাঙৰ সফলতা!
মিটিঙৰ শেষত কম্পিউটাৰ বন্ধ কৰি এটা এটাকৈ কাপোৰবোৰ পিন্ধিবলৈ আৰম্ভ কৰিলোঁ। শীত-তাপ নিয়ন্ত্ৰিত অফিচৰ ভিতৰত উমাল কাপোৰ-কানিৰ প্ৰয়োজন নাই। গতিকে অফিচৰ বাহিৰ ওলোৱাৰ পৰতহে সকলোবোৰ গৰম কাপোৰ গাত লওঁ।
'হেভ এ গুড ৱিকেণ্ড।'
মোৰ কাষেৰে পাৰ হৈ যাওঁতে কেথিয়ে ক'লে। কৈয়ে পিছে তেওঁ খন্তেকৰ বাবে ৰৈ গ'ল।
কেথি- আচল নাম কেথেৰিন। মোৰ মেনেজাৰ। দীঘল লনী দেহৰ এগৰাকী মধ্যবয়সীয়া শ্বেতাংগ মহিলা। কথা-বতৰা আৰু ব্যৱহাৰত সকলো সময়তে পেছাদাৰী সুৰ এটা স্পষ্ট।
'থেংকছ্। আপোনাৰো ৱিকেণ্ড ভালেৰে যাওক।' মই মূৰ তুলি হাঁহি এটাৰে ক'লোঁ।
কেথিয়ে হাঁহিলে। বৰ আমোদেৰে মোলৈ চাই ক'লে,
'তোমাৰ কাপোৰৰ তৰপবোৰ দেখিহে ৰৈ গ'লোঁ। উইণ্টাৰ গিয়েৰ ঠিকেই কিনিছা তুমি।'
মই এই অফিচত জইন কৰাৰে পৰা আৰু এলবাৰ্টাত নতুন বুলি জানিবৰ পৰা সকলোৱে মাজে-মধ্যে মোৰ খৱৰ লোৱা হৈছে। ঠাণ্ডা সহিব পাৰিছোঁনে নাই, উমাল কাপোৰ-কানি-জোতা গোটাই লৈছোঁনে নাই আদিৰ খৱৰ। কেথিও এই সহানুভূতিশীল সহকৰ্মীসকলৰ মাজৰ এগৰাকী। হয়তো মেনেজাৰ বাবে মোৰ প্ৰতি তেওঁৰ এক দায়িত্ববোধো আছে।
বিৰতিৰ দিন দুটা কেনেকৈ কটাম তাকে লৈ আমি ইটো সিটো পাতিলোঁ। সপ্তাহৰ অন্ত মানেই ইয়াত যেন এক বিশেষ আয়োজন। সপ্তাহৰ পাঁচটা দিন কৰ্মব্যস্ত হৈ থকা মানুহবোৰে শনি-দেওত জিৰণি লয়, পৰিয়াল আৰু বন্ধু-বান্ধৱৰ সৈতে সময় কটায়, ফুৰিবলৈ যায়। যেন প্ৰতিটো সপ্তাহৰ অন্তত জীৱন উদযাপন কৰাৰ মহৌষধ হৈ পৰে এই দুটা দিন।
'কাইলৈ তাপমাত্ৰা এক ডিগ্ৰীলৈকে উঠাৰ কথা। ৰ'দো আছে। গতিকে স্কি কৰিবলৈ যাম বুলি ভাৱিছোঁ। ইমান ভাল বতৰৰ দিন এটা অথলে যাবলৈ দিব নোৱাৰি।' কেথিয়ে ক'লে।
তেওঁ যোৱালৈকে চাই চাই মই থমকি ৰ'লোঁ।
এক ডিগ্ৰী! ভাল বতৰ!
যেন মনৰ তুলাচালনীত বহু কথাই খেলিমেলি হৈ পৰিছে। যেন বেজুখীয়া হৈ গৈছে মোৰ অতদিনৰ মাপকাঠিবোৰ।
নিজকে প্ৰবোধ দিলোঁ, এয়া মাথোঁ নতুন জীৱনৰ এক পৰিৱৰ্ত্তিত দিশ। অন্য সকলোবোৰৰ দৰে এদিন হয়তো মোৰ বাবেও এয়া হৈ পৰিব দৈনন্দিন জীৱন। পৰিৱৰ্ত্তন যে জীৱনৰ এক অংগ!
 |
| বৰফ আৰু আন্ধাৰ নেওচি প্ৰতি পুৱা জিলিকি উঠে অফিচৰ কোঠাবোৰ |
জানুৱাৰী, ২০২৩
ডাক্তৰৰ ক্লিনিক। ভিতৰ সোমালোঁ যদিও মোৰ গাত তেতিয়াও আঁঠুলৈকে পৰা উমাল কোট। মূৰত শকত ঊলৰ টুপী, মাফলাৰ। ভৰিত উমাল দুযোৰকৈ মোজা আৰু নোমাল বুটজোতা। হাতত গ্ল'ভছৰ ওপৰতো আকৌ মিটেন। সকলো -৫০ ডিগ্ৰীৰ বাবে বিশেষভাৱে নিৰ্মাণ কৰা। এই হাড় কঁপোৱা শীতৰ বতৰত মোৰ ইউনিফৰ্মৰ দৰে হৈ পৰা সাজবিধ।
ডাক্তৰ টাৰিকে খুঁটি-নাতি মাৰি মোৰ আৰু পৰিয়ালৰ ৰোগৰ ইতিহাস টাইপ কৰি গৈছে। মনত পেলাই পেলাই ককা-আইতালৈকে সকলোৰে ৰোগৰ খতিয়ান দিয়াৰ চেষ্টা কৰিছোঁ।
তেওঁৰ মনোযোগ আৰু নম্ৰ কথা-বতৰাই মোক যথেষ্ট আশ্বস্ত কৰিছে। লগতে মোৰ ফেমিলি ডাক্তৰ হ'বলৈ মান্তি হোৱা বাবেও তেওঁৰ প্ৰতি কৃতজ্ঞ হৈ পৰিছোঁ। সমগ্ৰ কানাডাতে নতুন ৰোগীৰ দায়িত্ব চমজি ল'বলৈ ডাক্তৰৰ নাটনি এতিয়া। আজি কেইবামাহ বিচাৰি বিচাৰি কোনোমতে এই এগৰাকী ফেমিলি ডাক্তৰ পাইছোঁ। তাতে সকাহবোধ। কিন্তু এতিয়াও এইগৰাকী ডাক্তৰৰ বিষয়ে বিশেষ একোৱে নাজানোঁ।
সকলো সামৰি উঠিবৰ পৰত তেওঁ হঠাতে সুধিলে,
'আজি গৰম পৰিছে নেকি বাৰু?'
'নাইতো, কিয় সুধিলে?'
'মোৰ আগৰ কেইবাজনো ৰোগীয়ে জেকেট- টুপী একো নলগোৱাকৈ অহা দেখিলোঁ। আজি কামৰ ব্যস্ততাত বাহিৰ ওলাবলৈকে সুযোগ পোৱা নাই। সেয়ে ভাৱিলোঁ বতৰৰ আজি ৰূপেই বেলেগ বা। তোমাক দেখিহে খেলিমেলি লাগি গ'ল!'
মোৰ সাঁথৰ ভাঙিল। আচৰিত নহ'লোঁ। বিশেষ নভৱাকৈয়ে ক'লোঁ,
'অঁ, সেইটো কথা। তেওঁলোক সকলো এলবাৰ্টান। মই নহয়!'
'ময়ো নহয়!' তেওঁ হোহোৱাই হাঁহি উঠিল।
গম পালোঁ ডাক্তৰ টাৰিক মূলত মধ্যপূব দেশীয়। মোৰ দৰে একে সময়তে আহি এলবাৰ্টাত নতুনকৈ থিতাপি লৈছেহি। আহিয়ে ঠাণ্ডাৰ প্ৰতাপত মোৰ দৰেই তেৱোঁ হাবু ডুবু খাইছে।
ক্ষন্তেকতে যেন আমাৰ মাজত এক সৌহাৰ্দ্য গঢ়ি উঠিল। একো নোকোৱাকৈয়ে দুয়ো বুজি পালোঁ এই ঠাইৰ শীতৰ দিনবোৰত নতুন আবাসীৰ সংগ্ৰাম। বুজি পালোঁ বতৰক লৈ, সেই বতৰৰ প্ৰতি স্থানীয়সকলৰ প্ৰতিক্ৰিয়া দেখি হোৱা খেলিমেলিবোৰ।
'আকৌ লগ পাম তেনে। গুড লাক!' তেওঁ হাঁহি হাঁহিয়ে ক'লে।
'আপোনালৈকো!' হাঁহিমুখেৰে মই বাহিৰ ওলালোঁ।
 |
| এলবাৰ্টাত মোৰ নতুন ইউনিফৰ্ম |
ফেব্ৰুৱাৰী, ২০২৩
'আজি মোৰ লগত ওলাবানে?' তিলে ইংৰাজীতে সুধিলে। মোৰ চুবুৰীতে বন্ধু মেট- টিগান আৰু সিহঁতৰ ছবছৰীয়া ছোৱালী তিলৰ ঘৰ।
'ক'লৈ?'
'শ্লেডিং কৰিবলৈ?'
অলপ ভাৱিব লগাত পাৰিলোঁ। প্ৰায়ে শনি বা দেওবাৰে তিলে মোক লগ ধৰে। কেতিয়াবা সিহঁতৰ ঘৰলৈ গৈ তাইক সাধু শুনাবলৈ নাইবা তাইৰ সৈতে ঘৰৰ কাষৰ অৰণ্যখনত খেলিবলৈ।
কিন্তু শ্লেডিং মোৰ বাবে নতুন খেলা! বৰফৰ খেলাত যে মই তেনেই অনভ্যস্ত! তিলৰ উৎসাহ দেখি না কৰিবলৈ বেয়া পাইহে ক'লোঁ,
'ঠিক আছে যাম। মই পিছে কেতিয়াও শ্লেডিং কৰি পোৱা নাই।'
তিলে কিৰিলি পাৰি উঠিল,
'মই শিকাই দিম তোমাক। এক্কেবাৰে সহজ।'
কথামতেই সিদিনা আবেলি আমি মিল নদীৰ পাৰলৈ ওলালোঁ। টিগান আৰু মই পদপথেৰে খোজ দিলোঁ। তিলে বাটৰ কাষৰ বৰফৰ দ'মবোৰেৰে এবাৰ বাগৰি এবাৰ জপিয়াই খেলা কৰি কৰি আমাৰ পিছে পিছে আহিল। তাইৰ লগত নীলা প্লাষ্টিকৰ শ্লেডখন। তাকে দেখি মোৰ সৰুতে টনা তামোলৰ ঢকুৱাখনলৈ মনত পৰিল। যেন একেই খেল, একেই শৈশৱৰ নিৰ্মল আনন্দ। মাথোঁ ভিন্ন যুগ আৰু ভিন্ন পৰিৱেশ!
'এইখনত বহি আমি পাহাৰৰ পৰা কিমান খৰকৈ নামিম চাবা।' তিলে আহল-বহল হাঁহি এটাৰে ক'লে।
তাইৰ উমাল কাপোৰৰ ওপৰত পেণ্ট আৰু জেকেট একেলগ কৰি বনোৱা এযোৰ এজাৰৰঙী স্ন'চ্যুট। মূৰত উমাল ৰঙা টুপী। মিটেন আৰু বুটছেৰে গোটেইজনী বৰফৰ খেলাৰ বাবে সম্পূৰ্ণ প্ৰস্তুত।
আমাৰ চুবুৰীৰ পৰা দুই মিনিটৰ বাটতে মিল নৈ আৰু দুয়োকাষৰ অৰণ্য। গৈ দেখোঁ লঠঙা এছপেন গছৰ কাঠনি আৰু শুভ্ৰ বৰফৰ দলিচাত শুই থকা নদীৰ দুয়োপাৰ আজি মুখৰিত হৈ পৰিছে। গোটেই চুবুৰীৰে মানুহবোৰ যেন ওলাই আহিছে। দেওবাৰৰ আবেলিৰ ৰ'দজাক গাত লৈ কণমাণিহঁতে ইফালে সিফালে লৰি ঢাপৰি ফুৰিছে। কোনোবাই বৰফৰ সৰু সৰু দ'মবোৰৰ ওপৰত বহি চুঁচৰি দিছে, কোনোবাই গছ এডালতে ওলমিছে, কোনোবাই আকৌ বৰফৰ ঘৰ সাজিছে। মোৰ ভিতৰি অলপ ঈৰ্ষা হ'ল সিহঁতলৈ- এই বয়সত কেনে এক অপূৰ্ব খেলাৰ ঠাই পাইছে সিহঁতে!
 |
| তিলৰ খেলাৰ অপূৰ্ব ঠাই |
টিগান আৰু তিলক কেইবাজনেও মাত লগালেহি।
'আজিৰ এই ৰ'দাল আবেলিটো যেন আশীৰ্বাদ হৈ আহিছে!' এজনে বৰ গদ্গদ্ ভাৱ এটাৰে উচ্চাৰিলে। কৈয়ে তেওঁ বৰফৰ ওপৰেদিয়ে ষ্ট্ৰলাৰৰ মজবুত চকা টানি টানি শিশুটিক আগবঢ়াই নিলে।
'নৈৰ সিটো মূৰত এডোখৰ ঠাই স্কেটিঙৰ কাৰণে আজি বঢ়িয়া হৈ উঠিছে। আমি তালৈকে ওলাইছোঁ।' দুজনী কণমানি ছোৱালীৰ সৈতে খদমদমকৈ পাৰ হৈ যোৱা মাকগৰাকীয়ে ক'লে।
টিগানে সকলোৰে লগত মোকো চিনাকি কৰি দিলে। এনে সুযোগবোৰ তাই যেন কেতিয়াও নেৰে। মই ইয়ালৈ অহাৰে পৰা এই চুবুৰীৰ প্ৰতিঘৰ মানুহৰ সৈতে মোক চিনাকি কৰাই দিয়াৰ দায়িত্ব তাই নিজেই লৈ লৈছে।
'তোমালোক ইমান পুৰণি বন্ধু!' চিনাকি হৈ এজনে ক'লে।
'হয়, হয়। জন্মৰ পিছত তিলক প্ৰথম কোঁচত লোৱা মানুহবোৰৰ ভিতৰত জলিও আছিল!' টিগানৰ কথাত গৌৰৱৰ সুৰ।
সেইজনী তিলৰ সৈতে শৈশৱৰ এই সময়ছোৱা যে আকৌ একেলগে কটাবলৈ পাইছোঁ এই উপলব্ধিটোৱে মোৰ মনটো জুৰাই পেলালে। এই দিনবোৰেইতো এদিন তাইৰ বাবে সোণালী স্মৃতি হৈ পৰিব। গোটেই জীৱন বুকুত লালন কৰিব তাই এইবোৰ মুহূৰ্তৰ সোঁৱৰণি! কিমান মূল্যৱান, কিমান হেপেঁহুৱা এই সময়!
'এইখিনিতে শ্লেডিং ভাল হ'ব।' তিলৰ উত্তেজিত চিঞৰত মোৰ তন্ময়তা ভঙিল।
মূলবাটৰ কাষতে এঢলীয়া এটা লুংলুঙীয়া বাট থিয়কৈ নামি গৈ নৈৰ পাৰ পাইছেগৈ। তললৈ ডিঙি মেলি চাই সন্দেহেৰে ক'লোঁ,
'সঁচাই ইমান ওপৰৰ পৰা নামিব পাৰিম জানো?'
'পাৰিবা, আহা।' তিলে মোক হাতত ধৰি টানিলে। 'মই তোমাক দেখুৱাই দিম নহয়।'
 |
| তিলৰ সৈতে শ্লেডিং |
টিগানলৈ চালোঁ। এই কণমানিজনীক থিয় গঁৰাটোৰে তেনেকৈ নামিবলৈ দিব জানো বুলি ভাৱি।
'পাৰিবা, পাৰিবা।' তায়ো তিলৰ লগতে সুৰ মিলাই ক'লে।
'এইখন নৈৰ দুয়োপাৰে হাবিয়ে-বননিয়ে খেলিয়ে তিল ডাঙৰ হৈছে। সেই গঁৰাটোত তাই বহুতবাৰ শ্লেডিং কৰিছে।'
'মোৰ গোটেই জীৱনটো ইয়াতে পাৰ কৰিছোঁ জানা।' তিলে আমাৰ কথা শুনি গম্ভীৰভাৱে ক'লে।
হাঁহি পেলালোঁ মই। এই ছবছৰীয়া কণমাণিজনীয়ে তাইৰ গোটেই জীৱনৰ কথা কয়!
তিলে ক'লে, 'তোমাৰ ভয় লাগিলে মোক ধৰি ল'বা। মাজতে যে দেখিছা সৌখিনিত বাটটোৱে ভাঁজ লৈছে তাতে এনেকৈ গাটো বেঁকা কৰি শ্লেডখন পোনাব লাগিব।'
তিলে শ্লেডৰ গতি সলাবলৈ কেনেকৈ বেঁকাকৈ হাওলিব লাগিব দেখুৱালে।
'ঠিক আছে। বুজিলোঁ বাৰু।' মই হয়ভৰ দিলোঁ।
অগ্যতা তিলৰ পিছফালে শ্লেডখনত বহি ল'লোঁ।
'তেনে ৰেডি?' তাই সুধিলে।
'ৰেডি!'
এইবাৰ গাৰ বলেৰে দুয়ো শ্লেডখন আগবঢ়াই নিলোঁ।
গঁৰাটোৰ মুখ পাই মই এৰি দিলোঁ নিজকে। হুৰহুৰাই বৰফ ঠেলি শ্লেডখন উৰন্ত গতিৰে নামি গ'ল। হুইইইইইইট!
তিল আৰু মোৰ চিঞৰ-হাঁহি-খিকিন্দালিবোৰ এক হৈ গৈ মিল নৈৰ দুয়োপাৰে ঠেকা খালেগৈ।