Showing posts with label অনুভৱ. Show all posts
Showing posts with label অনুভৱ. Show all posts

Sunday, 19 March 2023

এলবাৰ্টা ১০২

নৱেম্বৰ, ২০২২

ইতিমধ্যে কানাডাৰ এই এডমণ্টন মহানগৰ বৰফে ঢাকি পেলাইছে। যিফালেই চকু দিওঁ মাথোঁ বৰফৰ শুকুলা দলিচা। অন্য ঠাইৰ দৰে শীতে যেন লাহে লাহে মহানগৰখন গিলিব খোজা নাই। তাতনো কিহৰ মজা! তাৰ সলনি এনিশাতে তাপমাত্ৰা -২০ ডিগ্ৰীলৈ নামিছে। 'ঠাণ্ডা আহি আছে' বুলি কৈ কৈ সাজু হৈ থকা মানুহবোৰো চক খাই উঠিছে।আকৌ পিছদিনাই -৫ ডিগ্ৰী। যেন বতৰটোৱে আমাক জোকাইছে। তাপমাত্ৰাৰ সঘনাই উঠা-নমা কৰি ৰং চাইছে!

অৱশ্যে সেই যে শূন্যৰ তললৈ নামিল তাৰ পৰা পিছে তাপমাত্ৰা আৰু ওপৰলৈ নুঠিল। এবাৰ যি বৰফ পৰিল, সেই বৰফেও গলাৰ নাম নল'লে। তাৰ ওপৰতে পুনৰ বৰফ পৰিল। চৌপাশৰ শুকুলা দলিচাখন ক্ৰমান্বয়ে ডাঠ হৈ গৈ থাকিল।

চুটি হৈ অহা দিনবোৰত দিনৰ পোহৰ দেখা পোৱাই টান হৈ আহিল। মোৰ নতুন অফিচত পুৱা আঠ বাজি পোন্ধৰ মিনিটতে কাম আৰম্ভ হয়। গতিকে আন্ধাৰতে ঘৰৰ পৰা ওলাই বাছ ধৰোঁগৈ। কেতিয়াবা বাহিৰত ধাৰাসাৰ বৰফৰ বৰষুণ দেখি থমকি ৰওঁ। ভাৱোঁ, আজি এই পৰিৱেশত মানুহ কেনেকৈ বাহিৰ ওলাব? গাড়ী-মটৰ কেনেকৈ চলিব?  অফিচ কেনেকৈ হ'ব?

তৰপে তৰপে উমাল কাপোৰৰ মাজত সোমাই বাছত দুলি দুলি গৈ থকা মানুহবোৰে মোৰ আশংকা নোহোৱা কৰি দিয়ে। অহৰহ বাট ভেটি ধৰা বৰফবোৰ স্ন' থ্ৰ'ৱাৰ মেচিনে ঠেলি লৈ যায়। ৰাতিটোৰ ভিতৰতে পোত যাব খোজা গাড়ীৰ খিৰিকী-হুডৰ পৰা বৰফৰ লেপ আঁতৰাই মানুহবোৰ দিহাদিহি ওলায়।

বাচ্‌ আৰম্ভ হৈ যায় এটা নতুন দিনৰ। প্ৰতিকুল বতৰৰ বাবেতো জীৱন ৰৈ নাথাকে। এই ঠাই, ইয়াৰ মানুহৰ বাবে এয়া যেন কেৱল এক প্ৰাত্যহিকতা।  প্ৰত্যেকৰে ধমনীয়ে ধমনীয়ে যেন প্ৰৱাহিত হৈ আছে ঠেঁটুৱৈ লগা জাৰৰ সৈতে সহাৱস্থান কৰাৰ মনোবল আৰু সাহস। তাকে ভৰসা কৰি এডমণ্টনত আৰম্ভ হ'ল মোৰ প্ৰথমটো কেনেডিয়ান শীতৰ ঋতু।


বৰফৰ দলিচাখন


ডিচেম্বৰ, ২০২২

বিশাল অফিচ বিল্ডিংটোৰ এচুকত মই। আজি শুক্ৰবাৰ বুলি যথেষ্ট সকাহ অনুভৱ কৰিছোঁ। সপ্তাহৰ অন্তত যে শনি-দেও দুদিনৰ বিৰতি! 

মাইক্ৰ'ছফট টিমছত আজি দীঘলীয়া অনলাইন মিটিং।কেইখনমান চিনাকি মুখ, বহুতো অচিনাকি নাম আৰু মুখ। সামৰণিত সকলোৱে সপ্তাহৰ শেষ বাবে শুভেচ্ছা জনাইছে। লগতে কৈছে, 'ষ্টে ৱাৰ্ম'! 

হয়তো এই মুলুকত এই পৰিৱেশত সেইটোৱে আটাইতকৈ দৰকাৰী শুভেচ্ছা। এই হাড় কঁপোৱা জাৰত নিজকে উমাল কৰি ৰাখিব পৰাটোৱে ডাঙৰ সফলতা!

মিটিঙৰ শেষত কম্পিউটাৰ বন্ধ কৰি এটা এটাকৈ কাপোৰবোৰ পিন্ধিবলৈ আৰম্ভ কৰিলোঁ। শীত-তাপ নিয়ন্ত্ৰিত অফিচৰ ভিতৰত উমাল কাপোৰ-কানিৰ প্ৰয়োজন নাই। গতিকে অফিচৰ বাহিৰ ওলোৱাৰ পৰতহে সকলোবোৰ গৰম কাপোৰ গাত লওঁ।

'হেভ এ গুড ৱিকেণ্ড।'

মোৰ কাষেৰে পাৰ হৈ যাওঁতে কেথিয়ে ক'লে। কৈয়ে পিছে তেওঁ খন্তেকৰ বাবে ৰৈ গ'ল।

কেথি- আচল নাম কেথেৰিন। মোৰ মেনেজাৰ।  দীঘল লনী দেহৰ এগৰাকী মধ্যবয়সীয়া শ্বেতাংগ মহিলা। কথা-বতৰা আৰু ব্যৱহাৰত সকলো সময়তে পেছাদাৰী সুৰ এটা স্পষ্ট। 

'থেংকছ্‌। আপোনাৰো ৱিকেণ্ড ভালেৰে যাওক।' মই মূৰ তুলি হাঁহি এটাৰে ক'লোঁ।

কেথিয়ে হাঁহিলে। বৰ আমোদেৰে মোলৈ চাই ক'লে,

'তোমাৰ কাপোৰৰ তৰপবোৰ দেখিহে ৰৈ গ'লোঁ। উইণ্টাৰ গিয়েৰ ঠিকেই কিনিছা তুমি।'

মই এই অফিচত জইন কৰাৰে পৰা আৰু এলবাৰ্টাত নতুন বুলি জানিবৰ পৰা সকলোৱে মাজে-মধ্যে মোৰ খৱৰ লোৱা হৈছে। ঠাণ্ডা সহিব পাৰিছোঁনে নাই, উমাল কাপোৰ-কানি-জোতা গোটাই লৈছোঁনে নাই আদিৰ খৱৰ। কেথিও এই সহানুভূতিশীল সহকৰ্মীসকলৰ মাজৰ এগৰাকী। হয়তো মেনেজাৰ বাবে মোৰ প্ৰতি তেওঁৰ এক দায়িত্ববোধো আছে। 

বিৰতিৰ দিন দুটা কেনেকৈ কটাম তাকে লৈ আমি ইটো সিটো পাতিলোঁ। সপ্তাহৰ অন্ত মানেই ইয়াত যেন এক বিশেষ আয়োজন। সপ্তাহৰ পাঁচটা দিন কৰ্মব্যস্ত হৈ থকা মানুহবোৰে শনি-দেওত জিৰণি লয়, পৰিয়াল আৰু বন্ধু-বান্ধৱৰ সৈতে সময় কটায়, ফুৰিবলৈ যায়। যেন প্ৰতিটো সপ্তাহৰ অন্তত জীৱন উদযাপন কৰাৰ মহৌষধ হৈ পৰে এই দুটা দিন। 

'কাইলৈ তাপমাত্ৰা এক ডিগ্ৰীলৈকে উঠাৰ কথা। ৰ'দো আছে। গতিকে স্কি কৰিবলৈ যাম বুলি ভাৱিছোঁ। ইমান ভাল বতৰৰ দিন এটা অথলে যাবলৈ দিব নোৱাৰি।' কেথিয়ে ক'লে।

তেওঁ যোৱালৈকে চাই চাই মই থমকি ৰ'লোঁ। 

এক ডিগ্ৰী! ভাল বতৰ! 

যেন মনৰ তুলাচালনীত বহু কথাই খেলিমেলি হৈ পৰিছে। যেন বেজুখীয়া হৈ গৈছে মোৰ অতদিনৰ মাপকাঠিবোৰ। 

নিজকে প্ৰবোধ দিলোঁ, এয়া মাথোঁ নতুন জীৱনৰ এক পৰিৱৰ্ত্তিত দিশ। অন্য সকলোবোৰৰ দৰে এদিন হয়তো মোৰ বাবেও এয়া হৈ পৰিব দৈনন্দিন জীৱন। পৰিৱৰ্ত্তন যে জীৱনৰ এক অংগ!

বৰফ আৰু আন্ধাৰ নেওচি প্ৰতি পুৱা জিলিকি উঠে অফিচৰ কোঠাবোৰ

জানুৱাৰী, ২০২৩

ডাক্তৰৰ ক্লিনিক। ভিতৰ সোমালোঁ যদিও মোৰ গাত তেতিয়াও আঁঠুলৈকে পৰা উমাল কোট।  মূৰত শকত ঊলৰ টুপী, মাফলাৰ। ভৰিত উমাল দুযোৰকৈ মোজা আৰু নোমাল বুটজোতা। হাতত গ্ল'ভছৰ ওপৰতো আকৌ মিটেন। সকলো -৫০ ডিগ্ৰীৰ বাবে বিশেষভাৱে নিৰ্মাণ কৰা। এই হাড় কঁপোৱা শীতৰ বতৰত মোৰ ইউনিফৰ্মৰ দৰে হৈ পৰা সাজবিধ। 

ডাক্তৰ টাৰিকে খুঁটি-নাতি মাৰি মোৰ আৰু পৰিয়ালৰ ৰোগৰ ইতিহাস টাইপ কৰি গৈছে। মনত পেলাই পেলাই ককা-আইতালৈকে সকলোৰে ৰোগৰ খতিয়ান দিয়াৰ চেষ্টা কৰিছোঁ।

তেওঁৰ মনোযোগ আৰু নম্ৰ কথা-বতৰাই মোক যথেষ্ট আশ্বস্ত কৰিছে। লগতে মোৰ ফেমিলি ডাক্তৰ হ'বলৈ মান্তি হোৱা বাবেও তেওঁৰ প্ৰতি কৃতজ্ঞ হৈ পৰিছোঁ। সমগ্ৰ কানাডাতে নতুন ৰোগীৰ দায়িত্ব চমজি ল'বলৈ ডাক্তৰৰ নাটনি এতিয়া। আজি কেইবামাহ বিচাৰি বিচাৰি কোনোমতে এই এগৰাকী ফেমিলি ডাক্তৰ পাইছোঁ। তাতে সকাহবোধ। কিন্তু এতিয়াও এইগৰাকী ডাক্তৰৰ বিষয়ে বিশেষ একোৱে নাজানোঁ। 

সকলো সামৰি উঠিবৰ পৰত তেওঁ হঠাতে সুধিলে,

'আজি গৰম পৰিছে নেকি বাৰু?'

'নাইতো, কিয় সুধিলে?'

'মোৰ আগৰ কেইবাজনো ৰোগীয়ে জেকেট- টুপী একো নলগোৱাকৈ অহা দেখিলোঁ। আজি কামৰ ব্যস্ততাত বাহিৰ ওলাবলৈকে সুযোগ পোৱা নাই। সেয়ে ভাৱিলোঁ বতৰৰ আজি ৰূপেই বেলেগ বা। তোমাক দেখিহে খেলিমেলি লাগি গ'ল!'

মোৰ সাঁথৰ ভাঙিল। আচৰিত নহ'লোঁ। বিশেষ নভৱাকৈয়ে ক'লোঁ,

'অঁ, সেইটো কথা। তেওঁলোক সকলো এলবাৰ্টান। মই নহয়!' 

'ময়ো নহয়!' তেওঁ হোহোৱাই হাঁহি উঠিল।

গম পালোঁ ডাক্তৰ টাৰিক মূলত মধ্যপূব দেশীয়। মোৰ দৰে একে সময়তে আহি এলবাৰ্টাত নতুনকৈ থিতাপি লৈছেহি। আহিয়ে ঠাণ্ডাৰ প্ৰতাপত মোৰ দৰেই তেৱোঁ হাবু ডুবু খাইছে।

ক্ষন্তেকতে যেন আমাৰ মাজত এক সৌহাৰ্দ্য গঢ়ি উঠিল। একো নোকোৱাকৈয়ে দুয়ো বুজি পালোঁ এই ঠাইৰ শীতৰ দিনবোৰত নতুন আবাসীৰ সংগ্ৰাম। বুজি পালোঁ বতৰক লৈ, সেই বতৰৰ প্ৰতি স্থানীয়সকলৰ প্ৰতিক্ৰিয়া দেখি হোৱা খেলিমেলিবোৰ। 

'আকৌ লগ পাম তেনে। গুড লাক!' তেওঁ হাঁহি হাঁহিয়ে ক'লে।

'আপোনালৈকো!' হাঁহিমুখেৰে মই বাহিৰ ওলালোঁ।

এলবাৰ্টাত মোৰ নতুন ইউনিফৰ্ম

ফেব্ৰুৱাৰী, ২০২৩

'আজি মোৰ লগত ওলাবানে?' তিলে ইংৰাজীতে সুধিলে। মোৰ চুবুৰীতে বন্ধু মেট- টিগান আৰু সিহঁতৰ ছবছৰীয়া ছোৱালী তিলৰ ঘৰ।

'ক'লৈ?'

'শ্লেডিং কৰিবলৈ?'

অলপ ভাৱিব লগাত পাৰিলোঁ। প্ৰায়ে শনি বা দেওবাৰে তিলে মোক লগ ধৰে। কেতিয়াবা সিহঁতৰ ঘৰলৈ গৈ তাইক সাধু শুনাবলৈ নাইবা তাইৰ সৈতে ঘৰৰ কাষৰ অৰণ্যখনত খেলিবলৈ। 

কিন্তু শ্লেডিং মোৰ বাবে নতুন খেলা! বৰফৰ খেলাত যে মই তেনেই অনভ্যস্ত! তিলৰ উৎসাহ দেখি না কৰিবলৈ বেয়া পাইহে ক'লোঁ,

'ঠিক আছে যাম। মই পিছে কেতিয়াও শ্লেডিং কৰি পোৱা নাই।'

তিলে কিৰিলি পাৰি উঠিল,
'মই শিকাই দিম তোমাক। এক্কেবাৰে সহজ।'

কথামতেই সিদিনা আবেলি আমি মিল নদীৰ পাৰলৈ ওলালোঁ। টিগান আৰু মই পদপথেৰে খোজ দিলোঁ। তিলে বাটৰ কাষৰ বৰফৰ দ'মবোৰেৰে এবাৰ বাগৰি এবাৰ জপিয়াই খেলা কৰি কৰি আমাৰ পিছে পিছে আহিল। তাইৰ লগত নীলা প্লাষ্টিকৰ শ্লেডখন। তাকে দেখি মোৰ সৰুতে টনা তামোলৰ ঢকুৱাখনলৈ মনত পৰিল। যেন একেই খেল, একেই শৈশৱৰ নিৰ্মল আনন্দ। মাথোঁ ভিন্ন যুগ আৰু ভিন্ন পৰিৱেশ!

'এইখনত বহি আমি পাহাৰৰ পৰা কিমান খৰকৈ নামিম চাবা।' তিলে আহল-বহল হাঁহি এটাৰে ক'লে। 

তাইৰ উমাল কাপোৰৰ ওপৰত পেণ্ট আৰু জেকেট একেলগ কৰি বনোৱা এযোৰ এজাৰৰঙী স্ন'চ্যুট। মূৰত উমাল ৰঙা টুপী। মিটেন আৰু বুটছেৰে গোটেইজনী বৰফৰ খেলাৰ বাবে সম্পূৰ্ণ প্ৰস্তুত।

আমাৰ চুবুৰীৰ পৰা দুই মিনিটৰ বাটতে মিল নৈ আৰু দুয়োকাষৰ অৰণ্য। গৈ দেখোঁ লঠঙা এছপেন গছৰ কাঠনি আৰু শুভ্ৰ বৰফৰ দলিচাত শুই থকা নদীৰ দুয়োপাৰ আজি মুখৰিত হৈ পৰিছে। গোটেই চুবুৰীৰে মানুহবোৰ যেন ওলাই আহিছে। দেওবাৰৰ আবেলিৰ ৰ'দজাক গাত লৈ কণমাণিহঁতে ইফালে সিফালে লৰি ঢাপৰি ফুৰিছে। কোনোবাই বৰফৰ সৰু সৰু দ'মবোৰৰ ওপৰত বহি চুঁচৰি দিছে, কোনোবাই গছ এডালতে ওলমিছে, কোনোবাই আকৌ বৰফৰ ঘৰ সাজিছে। মোৰ ভিতৰি অলপ ঈৰ্ষা হ'ল সিহঁতলৈ- এই বয়সত কেনে এক অপূৰ্ব খেলাৰ ঠাই পাইছে সিহঁতে!


তিলৰ খেলাৰ অপূৰ্ব ঠাই

টিগান আৰু তিলক কেইবাজনেও মাত লগালেহি। 

'আজিৰ এই ৰ'দাল আবেলিটো যেন আশীৰ্বাদ হৈ আহিছে!' এজনে বৰ গদ্‌গদ্‌ ভাৱ এটাৰে উচ্চাৰিলে। কৈয়ে তেওঁ বৰফৰ ওপৰেদিয়ে ষ্ট্ৰলাৰৰ মজবুত চকা টানি টানি শিশুটিক আগবঢ়াই নিলে।

'নৈৰ সিটো মূৰত এডোখৰ ঠাই স্কেটিঙৰ কাৰণে আজি বঢ়িয়া হৈ উঠিছে। আমি তালৈকে ওলাইছোঁ।' দুজনী কণমানি ছোৱালীৰ সৈতে খদমদমকৈ পাৰ হৈ যোৱা মাকগৰাকীয়ে ক'লে।

টিগানে সকলোৰে লগত মোকো চিনাকি কৰি দিলে। এনে সুযোগবোৰ তাই যেন কেতিয়াও নেৰে। মই ইয়ালৈ অহাৰে পৰা এই চুবুৰীৰ প্ৰতিঘৰ মানুহৰ সৈতে মোক চিনাকি কৰাই দিয়াৰ দায়িত্ব তাই নিজেই লৈ লৈছে।

'তোমালোক ইমান পুৰণি বন্ধু!' চিনাকি হৈ এজনে ক'লে।

'হয়, হয়। জন্মৰ পিছত তিলক প্ৰথম কোঁচত লোৱা মানুহবোৰৰ ভিতৰত জলিও আছিল!' টিগানৰ কথাত গৌৰৱৰ সুৰ।

সেইজনী তিলৰ সৈতে শৈশৱৰ এই সময়ছোৱা যে আকৌ একেলগে কটাবলৈ পাইছোঁ এই উপলব্ধিটোৱে মোৰ মনটো জুৰাই পেলালে। এই দিনবোৰেইতো এদিন তাইৰ বাবে সোণালী স্মৃতি হৈ পৰিব। গোটেই জীৱন বুকুত লালন কৰিব তাই এইবোৰ মুহূৰ্তৰ সোঁৱৰণি! কিমান মূল্যৱান, কিমান হেপেঁহুৱা এই সময়!

'এইখিনিতে শ্লেডিং ভাল হ'ব।' তিলৰ উত্তেজিত চিঞৰত মোৰ তন্ময়তা ভঙিল।

মূলবাটৰ কাষতে এঢলীয়া এটা লুংলুঙীয়া বাট থিয়কৈ নামি গৈ নৈৰ পাৰ পাইছেগৈ। তললৈ ডিঙি মেলি চাই সন্দেহেৰে ক'লোঁ,

'সঁচাই ইমান ওপৰৰ পৰা নামিব পাৰিম জানো?' 

'পাৰিবা, আহা।' তিলে মোক হাতত ধৰি টানিলে। 'মই তোমাক দেখুৱাই দিম নহয়।'

তিলৰ সৈতে শ্লেডিং
টিগানলৈ চালোঁ। এই কণমানিজনীক থিয় গঁৰাটোৰে তেনেকৈ নামিবলৈ দিব জানো বুলি ভাৱি।

'পাৰিবা, পাৰিবা।' তায়ো তিলৰ লগতে সুৰ মিলাই ক'লে।
'এইখন নৈৰ দুয়োপাৰে হাবিয়ে-বননিয়ে খেলিয়ে তিল ডাঙৰ হৈছে। সেই গঁৰাটোত তাই বহুতবাৰ শ্লেডিং কৰিছে।'

'মোৰ গোটেই জীৱনটো ইয়াতে পাৰ কৰিছোঁ জানা।' তিলে আমাৰ কথা শুনি গম্ভীৰভাৱে ক'লে। 

হাঁহি পেলালোঁ মই। এই ছবছৰীয়া কণমাণিজনীয়ে তাইৰ গোটেই জীৱনৰ কথা কয়!

তিলে ক'লে, 'তোমাৰ ভয় লাগিলে মোক ধৰি ল'বা। মাজতে যে দেখিছা সৌখিনিত বাটটোৱে ভাঁজ লৈছে তাতে এনেকৈ গাটো বেঁকা কৰি শ্লেডখন পোনাব লাগিব।'

তিলে শ্লেডৰ গতি সলাবলৈ কেনেকৈ বেঁকাকৈ হাওলিব লাগিব দেখুৱালে। 

'ঠিক আছে। বুজিলোঁ বাৰু।' মই হয়ভৰ দিলোঁ। 

অগ্যতা তিলৰ পিছফালে শ্লেডখনত বহি ল'লোঁ।

'তেনে ৰেডি?' তাই সুধিলে।

'ৰেডি!'

এইবাৰ গাৰ বলেৰে দুয়ো শ্লেডখন আগবঢ়াই নিলোঁ। 

গঁৰাটোৰ মুখ পাই মই এৰি দিলোঁ নিজকে। হুৰহুৰাই বৰফ ঠেলি শ্লেডখন উৰন্ত গতিৰে নামি গ'ল। হুইইইইইইট!

তিল আৰু মোৰ চিঞৰ-হাঁহি-খিকিন্দালিবোৰ এক হৈ গৈ মিল নৈৰ দুয়োপাৰে ঠেকা খালেগৈ।

Sunday, 31 December 2017

২০১৭ চনৰ মোৰ প্ৰিয় দহটা অসমীয়া গীত

সাধাৰণ শ্ৰোতা হিচাপে গান শুনো, শুনি ভাল পাওঁ৷  কথা, সুৰ, কন্ঠ বা গান এটাই কঢ়িয়াই অনা সুন্দৰ অনুভৱখিনিৰ বাবেও মোৰ প্ৰিয় হৈ পৰে৷ অসমীয়া চিৰসেউজ গীতসমূহে দৈনন্দিন জীৱনৰ প্ৰায়বোৰ মুহুৰ্ত জীপাল কৰি ৰখাৰ মাজত সময়-সুবিধা অনুযায়ী ইউটিউবত উপলব্ধ দুই-এটি নতুন গীতো শুনাৰ বা চোৱাৰো অৱকাশ ওলায়৷ বিশেষকৈ অসমীয়া গীতৰ আগ্ৰহী শ্ৰোতা বন্ধুৱে ভাল লগা নতুন গানবোৰৰ নিয়মীয়াকৈ খৱৰ ৰাখে বাবে মোৰো এবাৰ শুনি চাবলৈ সুবিধা ওলায়৷ এনে কিছুমান গীতৰ মাজৰ পৰা ২০১৭ চনৰ বিদায়ৰ সন্দিক্ষণত বছৰটোৰ প্ৰিয় দহটা গানৰ তালিকা এখন কৰাৰ ইচ্ছা হ’ল৷ সস্তীয়া জনপ্ৰিয়তাৰ বাবে হিন্দী গানৰ অন্ধ অনুকৰণ কৰি তৰল কথা বা দৃশ্যকটু ভিডিঅ’ৰে চকু-কাণক কষ্ট দিয়া ইউটিউবত উপলব্ধ অলেখ অসংখ্য বেসুৰা অসমীয়া গীতৰ মাজত  এনে মন পৰশা গীতবোৰ সঁচাই আশাৰ এটাকৈ উজ্বল ৰেঙণি যেন৷ আশাকৰোঁ, অনাগত বছৰটোত এনে বহুতো হৃদয়স্পৰ্শী নতুন গীত দেখিবলৈ পাম৷

১) মাজুলী
কন্ঠ আৰু সুৰ: নীলোৎপল বৰা
কথা: শান্তনু  ৰৌমুৰীয়া

নীলোৎপল বৰাৰ সুমধুৰ কন্ঠত মাজুলীৰ ৰং-ৰূপৰ অপূৰ্ব চিত্ৰণেৰে মন পৰশা এটি গীত ’মাজুলী’৷ অসমৰ কলা-সংস্কৃতি, বিনন্দীয়া প্ৰকৃতিৰ সৈতে সংপৃক্ত অসমীয়াৰ সুখ-দুখৰ মনোমোহা প্ৰতিচ্ছবি দাঙি ধৰা গীতটোৰ প্ৰতিটো দৃশ্য হৃদয় জুৰুৱা৷ কথা-সুৰ-কেমেৰাই পলকতে যিকোনো অসমীয়াক ভাববিলাসী কৰি তুলিব পাৰে৷ বাৰে বাৰে শুনি থাকিবলৈ মন যোৱা এই গীতটো মোৰ দৃষ্টিত নিসন্দেহে বছৰটোৰ সৰ্বশ্ৰেষ্ঠ গীতবোৰৰ মাজৰ এটা৷


২) কবিতা কেনেকৈ লিখে
কন্ঠ: জুবিন গাৰ্গ আৰু সুবাসনা দত্ত
কথা: ইবছন লাল বৰুৱা

ৰোমান্টিক গীতটোৰ কবিতাময় ভাষা মন পৰশা৷ কন্ঠ আৰু সুৰ অপূৰ্ব৷ গীতৰ মূল থীমত নতুনত্ব নাই যদিও ভাষা আৰু বুদ্ধিদ্বীপ্ত দৃশ্যগ্ৰহণে ভিডিঅ’টোও উপভোগ্য কৰি তুলিছে৷ গীতটো অন্তৰ্ভুক্ত কৰা ’কোঁৱৰপুৰৰ কোঁৱৰ’ মই এতিয়াও চোৱা নাই পিছে৷ 
৩) তুহু দীন তাৰণ
কন্ঠ: অভিশ্ৰুতি বেজবৰুৱা
কথা:স্বৰ্গীয় ৰাধানাথ ফুকন
সুৰ: পংকজ শৰ্মা

১৯০৫-০৬ চনত ৰাধানাথ ফুকনে লিখা এটি আধ্যাত্মিক ধৰ্মী গীত তুহু দীন তাৰণ৷ অভিশ্ৰুতি বেজবৰুৱাৰ কন্ঠত গীতটিৰ ভাব-ভাষা জীপাল হৈ উঠিছে৷ ওজাপালিৰ জৰিয়তে অসমৰ সত্ৰীয়া সংস্কৃতি, দৌল মহোৎসৱৰ এনে চিত্ৰণ অন্য অসমীয়া গীতত পূৰ্বতে দেখা মনত নপৰে৷ অভিশ্ৰুতি বেজবৰুৱাৰ পূৰ্বৰ এছাটি বতাহে, ৰৈ ৰৈ ৰতি আদিৰ দৰেই এই গীতটিয়েও অসমৰ নিভাঁজ ৰূপ এটা শ্ৰোতাৰ হৃদয়ত আঁকি থৈ যাবলৈ সক্ষম হৈছে৷


৪) ন যুঁজৰ ৰণুৱা

কন্ঠ আৰু সুৰ: জয় বৰুৱা
কথা: ইবছন লাল বৰুৱা

অসমীয়াৰ চেতনা জগোৱা কথা-সুৰৰ এটি মনোমোহা গীত৷ জয় বৰুৱাৰ শক্তিশালী কন্ঠই গীতটোক এক অনন্য মাত্ৰা প্ৰদান কৰিছে৷  শিলালিপি-সাঁচিপাতত সিঁচৰতি হৈ থকা কমতাপুৰৰ কোঁচ ৰাজত্বৰ গৌৰৱময় ইতিহাস সুঁৱৰি অসমীয়াৰ একতাৰ হকে যুঁজাৰ বাৰ্তা বহন কৰিছে গীতটোৱে৷ শিপাৰ সন্ধানত ওলোৱা অসমীয়া বিভেদকামী শক্তিক লাই নিদিয়ে, বৰং ইতিহাসে আমাক বাৰে বাৰে সোঁৱৰাই দিয়ে ঐক্য-সংহতি আৰু অহিংস পথৰ শক্তি, কৰ্মনিষ্ঠা আৰু যুক্তিৰ শক্তি৷ গীতটো আজিৰ দিনত প্ৰত্যেক অসমীয়াৰ বাবেই সময়োপযোগী আৰু প্ৰেৰণাদায়ক ৷

৫) ভাটিয়ালী সপোন
কথা, কন্ঠ আৰু সুৰ: মৈত্ৰেয়ী পাটৰ

মোৰ বাবে নতুন গায়িকা তথা গীতিকাৰ৷ মৈত্ৰেয়ী পাটৰৰ কন্ঠ সুমধুৰ, গীতৰ কথা-সুৰো মন চুই যোৱা৷  গীতটোৰ দৃশ্যগ্ৰহণ অগতানুগতিক -ৰং-তুলিকা আৰু ছাঁ-পোহৰৰ খেলাৰ মাজেৰে আবেগৰ এক বিমূৰ্ত ৰূপ দিয়াৰ চেষ্টা কৰিছে যেন ভাব হয়৷ বুজা নুবুজাৰ মাজতে গীতৰ কথা-সুৰ-দৃশ্য সকলো মিলি এক অনিৰ্বচনীয় অনুভৱ আনি দিয়ে, অচিনাকি এখন জগতলৈ মোক টানি লৈ যায়৷ 


৬) জলপ্ৰপাত
কন্ঠ: অভি শইকীয়া
কথা: শংকুৰাজ কোঁৱৰ

আকৰ্ষণীয় কথা আৰু সুৰৰ এটা আধুনিক গীত৷ ব্যতিক্ৰমী হিচাপে ধৰা দিছে গীতটিৰ ইলেক্ট্ৰনিক মিউজিকে; হয়তো এই ধাৰাত প্ৰথম অসমীয়া গীত৷ কিন্তু গীতটিত কন্ঠ মিউজিকৰ তুলনাত কিছু অৱদমিত হৈ ৰ’ল (বেকগ্ৰাউণ্ডত থকাৰ দৰে) যেন ভাব হ’ল ৷ লগতে ভিডিঅ’টোত গীতৰ কথাবোৰ অসমীয়া ইউনিক’ডেৰে দিয়া হ’লে বেছি ভাল লাগিলহেঁতেন৷


৭) জীৱনে ওমলে জামলে
কন্ঠ: সিদ্ধাৰ্থ হাজৰিকা
কথা: শান্তনু ৰৌমুৰীয়া

২০১৮-ত মুক্তি পাবলগীয়া ’কেলেণ্ডাৰ’ কথাছবিৰ এটি গীত ’জীৱনে ওমলে জামলে’৷ গীতটোৰ শব্দচয়ন খুবেই মনোগ্ৰাহী৷ দৈনন্দিন সৰু সৰু মুহুৰ্ত্তবোৰ, মান-অভিমান, সুখ-দুখৰ সমষ্টি এই জীৱনৰ এটা বাংময় ৰূপ দাঙি ধৰাৰ সুন্দৰ প্ৰচেষ্টা৷ গীতটোৱে দৰ্শকক কথাছবিখনৰ প্ৰতি আগ্ৰহী কৰি তুলিবলৈও সক্ষম হ’ব৷


৮) লাচিতে কৈছোঁ মই
কন্ঠ: নীল আকাশ আৰু কুসুম কৈলাশ

অন্য এটা জাতীয়তাবাদী চেতনা জগোৱা গীত৷ কুসুম কৈলাশৰ কন্ঠত অসমীয়াৰ মানসিকতাত লাচিতৰ সৈতে সংপৃক্ত হৈ থকা দুৰ্বাৰ সাহস আৰু পৰাক্ৰম সুন্দৰকৈ প্ৰতিফলিত হৈছে বুলি মোৰ ধাৰণা৷ এই দুয়োগৰাকী গায়কৰ বলিষ্ঠ কন্ঠ আৰু প্ৰচেষ্টা প্ৰশংসনীয়৷ ’ৰেপ’ৰ মাজেদি এনে এটা বাৰ্তা কঢ়িওৱাৰ বাবে গীতটো মোৰ দৃষ্টিত অধিক আকৰ্ষণীয় হৈ উঠিছে৷

৯) অ’ মা
কন্ঠ: জুবিন গাৰ্গ, পাপৰি গগৈ

আৱাহন থিয়েটাৰৰ গীতটোৰ কথাত বিশেষ নতুনত্ব-আকৰ্ষণ নাথাকিলেও (’তাৰে জমিন পৰ’ৰ মেৰি মা-ৰ সৈতে যথেষ্ট সাদৃশ্য চকুত পৰিল!) সুৰ আৰু জুবিনৰ অপূৰ্ব কন্ঠই শ্ৰেষ্ঠ দহটা গীতৰ তালিকাত স্থান পোৱাৰ যোগ্য কৰি তুলিছে৷

১০) শুদ্ধ চিন্তা কন্ঠ: নবন্তিকা কলিতা
কথা আৰু সুৰ: ইবছন লাল বৰুৱা

অসমীয়াৰ চেতনাবোধ জাগ্ৰত কৰাৰ প্ৰচেষ্টাৰে অন্য এটা গীত৷ গীতটোৱে বহন কৰা শক্তিশালী বাৰ্তা আৰু সুৱলা কন্ঠ প্ৰশংসনীয়৷ ’শুদ্ধ চিন্তা কৰা অসমীয়া, ক্ষুদ্ৰ চিন্তা এৰা, হাতে কামে ধৰা.. দুচকু মেলি চোৱা অসমীয়া, জাগি উঠা জাতি অসমীয়া..’ -অসমীয়া জাতিৰ এই সন্ধিক্ষণত ইয়াতকৈ সময়োপযোগী গীতৰ কথা কি হ’ব পাৰে!

Saturday, 6 May 2017

দিদি

তাইৰ আচল নামটো আজিলৈকে নাজানিলো৷ কোনে জানো দিদি বুলি মাতিবলৈ লৈছিল! মনত পৰাৰে পৰা সকলোৱে তাইক দিদি বুলিয়ে মতা শুনিছোঁ৷ ওচৰৰ কেইবাঘৰৰ কাম সামৰি এদিন প্ৰথমবাৰৰ বাবে তাই আমাৰ ঘৰলৈ আহিছিল৷ চুটি-চাপৰ মানুহজনীক ৰং উৰা শাৰীখনে গিলি পেলোৱাৰ দৰে লাগিছিল৷  মাই উলিয়াই লোৱা ঘৰ মচা বাল্টি আৰু কাপোৰখন লৈ  কৈছিল,
’মই মচি দিম দিয়ক৷’
মাই না কৰা নাছিল৷ অচিনাকি চহৰত নতুনকৈ পতা ঘৰখনত মাক সহায়ৰ প্ৰয়োজন হৈছিল ৷ দিদিয়ে সেই শীৰ্ণ দেহাটোৰেই কুঁৱাৰ ৰচী বাৰে বাৰে তল-ওপৰ কৰিছিল, বাল্টিয়ে বাল্টিয়ে ভিতৰলৈ পানী কঢ়িয়াইছিল, কোঠাবোৰ সাৰি-মচি আনিছিল, কুঁৱাৰ পাৰৰ পকাখনত আছাৰি আছাৰি কাপোৰ ধুইছিল৷ আমাৰ স্কুলৰ ইউনিফৰ্মবোৰ চিকচিকিয়া কৰি পেলাইছিল তাই৷

কামৰ শেষত চাহকাপ ভালকৈ খাই লৈ দিদিয়ে তামোল কাটিছিল৷ কাষতে চকী এখন লৈ মাও বহি লৈ তাই সজাই দিয়া তামোলখনলৈ বাট চাইছিল৷ তামোলৰ লগতে দুয়োৰে কথাৰো পাগ উঠিছিল৷ নতুন চহৰত মাৰ লগতে আমাৰ সকলোৰে সুখ-দুখৰ ভাগী হৈ পৰিছিল দিদি৷ ওলাই যোৱাৰ পৰত পুৰণা কাপোৰৰ টোপোলা এটা উলিয়াই দি মাই সুধিছিল,
’কিমান দিম দিদি?’
দিদিয়ে লাজ কৰিছিল৷ কামৰ-ঘন্টাৰ একোৰে ঠিক দাম নাছিল নেকি তাইৰ! মাথোঁ কৈছিল,
’যি দিয়ে দিয়ক৷’
মাই বেছিকৈ জোৰ কৰিলে তাই একেষাৰ কথাকে দোহাৰি থাকিছিল, মাথোঁ প্ৰতিবাৰতে অস্বস্তিখিনি বাঢ়ি গৈছিল তাইৰ৷ অৱশেষত মাই নিজৰ হিচাপমতে গুঁজি দিয়া টকাকেইটা এবাৰো হিচাপ নকৰাকৈ তাই ঘৰমুৱা হৈছিল৷

কিমান দিন চলিছিল এই প্ৰক্ৰিয়া! এবছৰ-দুবছৰৰ মূৰে মূৰে আমি ইটোৰ পিছত সিটোকৈ ভাড়াঘৰ সলনি কৰিছিলোঁ৷ কোনোবাই খৱৰ-ঠিকনা দিছিল নে নাই নাজানো-প্ৰতিটো ঘৰতে দুদিনমানৰ পিছত দিদি ওলাইছিলগৈ ৷আহিয়ে আমাক কয়হি, 
’কি কাপোৰ আছে দিয়া ধুই দিওঁ৷’ 
তেতিয়ালৈ কেৱল ডাঙৰ বিছনা চাদৰ আদিহে মাই উলিয়াই দিবলৈ ল’লে৷ বাকীবোৰ চোন আমি নিজেই ধুব পাৰোঁ৷  কেতিয়াবা একো নাথাকিলেও তাই বহে৷ তামোলৰ বঁটাটো বিচাৰি আনি কাটিবলৈ লাগে৷ চিৰাচৰিতভাৱে মাও বহেহি৷ পুৰণা কাপোৰৰ মোনাটো ডাঙৰ হৈ গৈ থাকে৷ সেইবোৰ একেলগ কৰি দিদিয়ে জাৰৰ দিনৰ বাবে কেথাঁ চিলাই কৰে৷ মাই ভাল শাৰী কেতিয়াবা কিনি আনি দিলেও সেই একেই ৰং উৰা শাৰীখন পিন্ধিয়ে তাই আহে৷ নতুন শাৰীবোৰ কিয় নিপিন্ধে বুলি সুধিলে কয়, সেইখনেৰে জীয়েককহে ভাল দেখিব কাৰণে তাইকেই দিলে  বুলি৷

এদিন মাই মন কৰিলে, চাহৰ লগত দিয়া সকলোবোৰ খাদ্য দিদিয়ে নাখাই নিজৰ মোনাটোত ভৰাই লৈছে৷ কিয় খোৱা নাই সোধাত হেহোঁ নেহোঁকৈ ক’লে,
’ সেই কেকটুকুৰা নাতিনীয়ে খাই বৰ ভাল পাব কিজানি! সেয়ে.....’
মাই দিদিক সেয়া খাবলৈ কৈ নাতিনীৰ কাৰণে বেলেগকৈ টিফিন এটাত ভৰাই দিলে৷ তেতিয়াৰ পৰা মাই দিদিলৈ বিশেষ কিবা কৰিলে নাতিনীলৈ বেলেগকৈ ৰাখিবলৈ ল’লে৷
দিদি

মাজে মাজে দিদিয়ে নাতিনীয়েককো লৈ অহা হ’ল ৷ প্ৰথম দুদিনমান আইতাকৰ শাৰীৰ আচলৰ আঁৰত লুকাই পৰা নাতিনীজনী লাহে লাহে আমাৰ স’তে সহজ হ’ল৷ দিদি আমাৰ ঘৰলৈ আহিবলৈ ওলালে তায়ো আহিবলৈ আব্দাৰ কৰিবলৈ ল’লে৷ দিদিক ক’লো,

’এইক পঢ়াব দেই দিদি৷ যেনেতেন হ’লেও স্কুললৈ পঠাব৷’

সময়ত সঁচাই নাতিনীক স্কুলত নাম লগাই দিলে৷  চৰাইয়ে কূটা কঢ়িওৱা দি দিদিয়ে অ’ৰ ত’ৰ পৰা তাইৰ স্কুলৰ ইউনিফৰ্ম-কিতাপ পত্ৰৰ খৰচ গোটালে৷

এটা সময়ত মাটি কিনি আমাৰ নতুন ঘৰ সঁজালো৷ আমি কলেজলৈ যাবলৈ ল’লো৷ দিদিৰ বাবে আমাৰ ঘৰত কাম কমি আহিল৷ পানীৰ মটৰৰ শব্দই কুঁৱাৰ সৰু বাল্টিটোৰ ’খেটেলেং খেটেলেং’ শব্দটো পাহৰণিৰ গৰ্ভলৈ ঠেলি দিলে৷ দিদি আহি কাপোৰ ধুবলৈ বিচাৰিলে মাই ৱাশ্বিং মেশ্বিনটোলৈ দেখুৱাই ’তাতে ধুব পাৰিম দে’ বুলি ক’বলৈ ল’লে৷  তাই আহি ঘৰত কোনোবাই কিবা কামত লাগি থকা দেখিলে কাঢ়ি লৈ নিজে কৰিবলৈ বিচৰা হ’ল৷ যেন বছৰ বছৰ জোৰা এটা প্ৰক্ৰিয়া ইমান সহজে শেষ হ’বলৈ নিদিওঁ বুলিয়ে তাই বদ্ধপৰিকৰ হ’ল৷

দিদিৰ জীৱনতো পৰিৱৰ্তনৰ বতাহে চুই গ’ল৷  পুতেক চামচুলে এখন শাক-পাচলিৰ দোকান আৰম্ভ কৰি দিদিক দোকান চোৱাৰ দায়িত্ব দিলে৷ চামচুলে  পুৱাতে বাছত গৈ লালুকৰ পৰা শাক-পাচলি আনেগৈ আৰু দিদিয়ে দোকানত বহে৷ দোকান আৰম্ভ কৰাৰ পিছৰে পৰা ঘৰে ঘৰে কাম কৰিবলৈ দিদিৰ প্ৰয়োজন আৰু আহৰি নোহোৱা হ’ল৷ তাই তথাপিও মাহেকে-পষেকে আমাৰ ঘৰলৈ আহি থাকিল৷ মাই ’চাহ একাপ খাই যা’ বুলিলে ’এস নাখাওঁ- যাওঁ; কাম আছে’ বুলি জোৰ দি কৈ তাই খিটখিটাই হাঁহে আৰু মূঢ়াটো আনি লৈ বহে৷ কেতিয়াবা আমাৰ প্ৰত্যেকৰে কোঠালৈ গৈ কোনে কি কৰিছে খা-খৱৰ লয়৷ 

মূল বাটৰ কাষৰ বজাৰত দিদিৰ দোকান৷ আমি সেইফালেদি পাৰ হৈ গ’লে নাইবা কিবা কিনো বুলি ল’লে কেনেবাকৈ দিদিৰ চকুত পৰিলে আৰু ৰক্ষা নাই৷ সৰু দোকানখনত বিভিন্ন শাক-পাচলিৰ মাজত বহি থকাৰ পৰাই দিদিজনীয়ে চিঞঁৰ মাৰি মাতে৷ তাইৰ দোকানত থকা শাক-পাচলি নিজৰ ইচ্ছামতে যি পাৰে এফালৰ পৰা বেগত ভৰাই দি পঠায়৷ দাম সুধিলে তাইৰ সদায়ে সেই একেজাতীয় উত্তৰ-
’কিবা এটা দিলেই হ’ব’
আমি অনুমান কৰি কিবা এটাই দি আহোঁ৷

এটা সময়ত আমিবোৰে কলেজো সামৰি ভিন্ন দিশত ঘৰৰ পৰা ওলাই গ’লো ৷ ঘৰলৈ আহিলে গম লৈ লৈ দিদিও আহে৷ আমি খাই ভাল পোৱা বতৰৰ কিবা এটা ফল লৈ আহে ৷ এনে অহা-যোৱা বোৰতে কোনোবা এবাৰ দিদি আহি ক’লে,
’অলপ টকাৰ দৰকাৰ হৈছে৷’
গম পালো, দিদিৰ গেষ্ট্ৰিক আলচাৰ হৈছে৷ দৈন্যতাৰ স’তে অবিৰাম যুঁজি থকা দিদিৰ এই জীৱনত সেয়া হয়তো একো আশ্চৰ্য্য নহয়৷ যি পাৰোঁ দি ক’লো,
’এইবাৰ ৰোজা ৰাখিব নালাগে দেই দিদি৷ এইটো শৰীৰে আৰু লঘোণৰ বোজা ল’ব নোৱাৰে৷’

সেই যে আৰম্ভ হ’ল, দিদিৰ বেমাৰে এৰাৰ নাম নল’লে আৰু লগ পালেই টকা অলপ খোঁজাটো দিদিৰ অভ্যাসৰ দৰে হৈ পৰিল৷ লাহে লাহে দিদিৰ দোকানৰ আলুবোৰ পোকে ধৰিল, শাকবোৰ লেৰেলিল৷ কাষৰ দোকানৰ সতেজ শাক-পাচলিৰ লগত ফেৰ মাৰিব নোৱাৰা হৈ আহিল৷ সেই জৰাজীৰ্ণ শাক-পাচলিখিনি লৈ গ্ৰাহকৰ আশাত বোন্দাপৰ দি থকা দিদিৰ পৰা আমি এনেয়ে দুই এটা কিনিব লগাত পৰিলোঁ৷

হ’লেও দিদি আহি থাকিল৷ সেই একে প্ৰথম দেখা ক্ষীণকায় মানুহজনী৷ দোকানৰ সন্মুখেৰে গাড়ী চলাই যোৱাৰ পৰত মাক ’বাইই.....বাইই’ বুলি চিঞঁৰ মৰাৰ কাৰণে পিছত মাৰ কৃত্ৰিম খং দেখি খিটখিটাই হঁহা দিদিজনী৷

এইবাৰ হেনো  দীঘলীয়াকৈ দুদিনমান দিদিৰ দেখা-শুনা নাছিল৷ কিনো হ’ল বুলি মাই মাত লগাবলৈ দিদিৰ ঘৰ গৈ পাই দেখে, দিদি বিছনাত৷ অস্থি চৰ্মসাৰ শৰীৰটো বিছনাৰ লগত মিলি আছে যেন৷ মাই টকা অলপ দি ভালকৈ ডাক্তৰক দেখুৱাবলৈ কৈ আহিল৷

আৰু আজি খৱৰ আহিল,
’দিদি ঢুকাল!’

জীৱনৰ স’তে যুঁজি যুঁজি দিদি হেৰাই গ’ল৷ শেষ মুহুৰ্তত আপোন মানুহবোৰ পালেনে বাৰু দিদিয়ে- নাতিনীয়েক আছিলনে বাৰু কাষত! দিদিৰ কবৰটোত দিবলৈ ওলালনে বাৰু ফুল কেইপাহমান!আত্মীয়তাৰ এক নতুন স্বৰূপ আমাক সকলোকে শিকাই যোৱা দিদিৰ শেষৰ দিনকেইটা অলপ সহজ হ’লনে তাৰো উমান নাপালো আমি৷ 

দুটোপাল চকুলোকে আপোনাৰ নামত দিলো দিদি-সোঁৱৰণীৰ বাহিৰে দুটা দশকজোৰা এই সম্পৰ্কত দিবলৈ মোৰ যে একোৱে নাই!

Sunday, 11 September 2016

অসমত চলি অহা তোলনি বিয়া বন্ধ হোৱা উচিত:পাঁচটা যুক্তি

তোলনি বা শান্তি বিয়া অসমত প্ৰচলিত এটা সামাজিক পৰম্পৰা য’ত প্ৰথমবাৰ ঋতুমতী হোৱা কিশোৰীক সাতদিনলৈ নানা নীতি নিয়মেৰে আছুতীয়াকৈ ৰাখি শেষত নোৱাই-ধোৱাই বিয়া তোলা হয়৷ পূৰ্বতে এই অনুষ্ঠানত পুৰুষৰ কোনো ভূমিকা নাছিল৷ প্ৰায় সকলো জনগোষ্ঠীতে কেৱল গাঁৱৰ মহিলাসকলে কিছু ৰং-ধেমালি কৰি এই পৰম্পৰা পালন কৰিছিল ৷ কিন্তু সাম্প্ৰতিককালত ’দেখাক দেখি উঠক গা’ ৰ অনুগামী অসমীয়াৰ মাজত তোলনি বিয়াক দিনক দিনে জাকজমককৈ উৎসৱৰ দৰে পালন কৰাৰ প্ৰবণতা দেখিছোঁ৷ যি ৰূপতে নহওক, এই তোলনি বিয়া আজিৰ যুগত সকলো দিশৰ পৰাই কুসংষ্কাৰপূৰ্ণ, মহিলাৰ বাবে অপমানজনক আৰু নিতান্তই অপ্ৰয়োজনীয় ৷ বহুতৰ বাবে বিতৰ্কিত এই উক্তিৰ সমৰ্থনত মোৰ পাঁচটা যুক্তি আগবঢ়ালো৷ এইসম্পৰ্কে আপোনাৰ কোনো দ্বিমত থাকিলে যুক্তিপূৰ্ণভাৱে উনুকিয়ালে সুখী হ’ম৷


১) অবৈজ্ঞানিক কুসংষ্কাৰ : ঋতুস্ৰাৱ নাৰীৰ শৰীৰৰ এটা অতি স্বাভাৱিক পৰিঘটনা৷ তাতোকৈ গুৰুত্বপূৰ্ণ কথা হ’ল, কিশোৰী এগৰাকীৰ জীৱনৰ ই একান্তই ব্যক্তিগত বিষয়৷ ইয়াকে লৈ সমাজ মাতি ভোজ-ভাত খাই ৰং-ৰহইচ কৰাৰ যেনেকৈ কোনো অৰ্থ নাই, তেনেকৈ কিশোৰীগৰাকীক গোপনীয়তা ৰক্ষাৰ হেতু সকলোৰে পৰা আঁতৰত ঘৰৰ এচুকত বন্দী কৰি ৰখাৰো যুক্তি নাই৷ এই পৰম্পৰাৰ সৈতে জড়িত চাৰিদিন উপবাসে ঘৰৰ চুকত নিলগাই ৰখা, সেই সময়ত ৰ’দৰ কিৰণ এছাটিও সোমাব নোৱাৰাকৈ ৰখা বা কোনো পুৰুষৰ মুখ নোচোৱা ইত্যাদি সকলোবোৰ কুসংষ্কাৰ৷ তাৰ সলনি, কিশোৰীগৰাকীক যিমান পাৰি সহজভাৱে এই স্বাভাৱিক প্ৰক্ৰিয়া গ্ৰহণ কৰি স্বাস্থ্যসন্মত ভাৱে থাকিবলৈ অভিভাৱকে শিকোৱা উচিত৷


২) নাৰীৰ মৰ্যদাহানিকৰ: নাৰীৰ দেহৰ অতি স্বাভাৱিক পৰিৱৰ্ত্তন এটাক লৈ সামাজিকভাৱে আনুষ্ঠানিকতা পালন কৰিবলৈ এইটো নাৰীৰ এটা নিতান্তই ব্যক্তিগত বিষয়৷ এই শাৰীৰিক প্ৰক্ৰিয়াটোকে লৈ ধুমধামেৰে বিয়া এখন পাতি ৰং ৰহইচ কৰাতো কিশোৰী এগৰাকীয়ে সেই সময়ত মৰ্যদা হানিকৰ বুলি নুবুজিব পাৰে৷ কিন্তু মাক-দেউতাকে সেই কথা অনুধাবন নকৰাটো সঁচাই আশ্চৰ্য্যকৰ৷ বহু যুগৰে পৰা চলি অহা পৰম্পৰা বুলিয়ে সকলো কুসংষ্কাৰপূৰ্ণ নীতি নিয়ম আধুনিক অসমীয়া সমাজে অন্ধ হৈ পালন কৰিবলৈ হ’লে সমাজৰ বিকাশৰ বাটেই হেৰোৱাৰ উপক্ৰম হ’ব৷ বহু মাক-দেউতাকে ’পলাই যোৱা’ৰ সম্ভাবনাটোৰ অজুহাতত কিশোৰীগৰাকীৰ তোলনি বিয়াখন পাতি আগতীয়াকৈয়ে মাঙ্গলিক বিধিখিনি পালন কৰি মনোকামনা পূৰণ কৰাৰ এটা উদ্ভত যুক্তি কেতিয়াবা শুনা পাওঁ৷ বয়সন্ধিৰ সময়ত কিশোৰীগৰাকীক সেই যুক্তিত যদি তোলনি বিয়া পতা হয়, তেনে তাৰ মূলভাবটো এনে হয়গৈ যে, ‘আমি ছোৱালীজনীৰ এই এঘাৰ-বাৰ বছৰতে মাংগলিক কামখিনি কৰি আজৰি৷ এতিয়া আজিৰ পৰা দহ-পোন্ধৰ বছৰৰ পিছত তাই পলাই গ’লেও আমাৰ একো আপত্তি নাই!’ সন্তানৰ ভৱিষ্যত গঢ় দিয়াৰ চিন্তাৰ সলনি অভিভাবকে যদি এনে ঋণাত্মক মনোবৃত্তি দেখুৱায় সেয়া পৰিতাপৰ কথা৷ মোৰ মা-দেউতাই যদি এনে ভাবেৰে মোৰ তোলনি বিয়া এখন ধুমধামেৰে পাতিলেহেঁতেন (ৰক্ষা যে নাপাতিলে!), মোৰ আত্মসন্মানত আঘাত লগা যেন পালোহঁতেন আৰু অন্তৰেৰে সঁচা অৰ্থত কেতিয়াও তেওঁলোকক সন্মান কৰিব নোৱাৰিলোঁহেঁতেন৷ ল’ৰা বা ছোৱালীয়ে পলাই গৈ বিয়া পতাটো তেওঁলোকৰ ব্যক্তিগত কথা, তাত মোৰ একো ক’বলগীয়া নাই৷ কিন্তু সেইটোৰ অজুহাত দেখুৱাই অভিভাবকে এগৰাকী কিশোৰীক দহ-পোন্ধৰ বছৰ আগতীয়াকৈ মাংগলিক কাৰ্য্য পালন কৰি দায়িত্ব সাৰিব বিচৰাটো অপমানজনক!

৩) অৰ্থনৈতিক: বৰ্তমান  অন্য বহুতো কাৰবাৰৰ দৰে তোলনি বিয়া জাকজমকতাৰে পতাটোও বহতৰ বাবে সমাজত নিজৰ প্ৰতিপত্তি দেখুওৱাৰ এটা মাধ্যম হৈ পৰিছে৷ কোনে নিজৰ জীয়েকৰ বিয়াত কি কি খুৱালে, কিমানযোৰ কাপোৰ-গহণা পিন্ধালে, কিমান ডাঙৰকৈ ৰভা দিলে আদি এই প্ৰতিযোগিতাৰ মাপকাঠি হৈ পৰিছে৷ এই দৌৰত ছোৱালীৰ তোলনি বিয়াৰ নামত নিজৰ সাঁচতীয়া সকলোখিনি উদং কৰি সৰ্বস্বান্ত হৈ পৰা বহুতো লোক নিজেও ওচৰৰ পৰা পাইছোঁ৷ আনকি ছোৱালীৰ জন্মৰ সময়ৰে পৰা এই উদেশ্যেই টকা একাষৰীয়াকৈ ৰাখিবলৈ লোৱা অভিভাৱকো আছে৷ ইয়াৰ সলনি যদি মাক-দেউতাকে ছোৱালীজনীৰ ভৱিষ্যতৰ বাবে বা পঢ়া-শুনাৰ বাবে সেই খৰচখিনি একাষৰীয়াকৈ ৰাখে ছোৱালীজনীৰ কিমান উপকাৰ কৰা হ’ব! যি গতিত আৰু যি ৰূপত এই পৰম্পৰাই অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ মাজত শিপাইছে, সঁচাকৈয়ে ই ভৱিষ্যতে বব নোৱাৰা বোজা হ'বগৈ৷


৪) কৈশোৰ মনত বিৰূপ প্ৰভাৱ: আকৌ কওঁ প্ৰথম ঋতুস্ৰাৱ এটা স্বাভাৱিক শাৰীৰিক প্ৰক্ৰিয়া ৷ পৰিয়ালৰ বা সমাজৰ সকলোৰে বাবে যিমানেই আনন্দদায়ক নহওক সেইবোৰৰ পৰা এই অনুষ্ঠানৰ কেন্দ্ৰবিন্দু কিশোৰীগৰাকীৰ মনত বিৰূপ প্ৰভাব পৰাটো ধুৰুপ৷ উদাহৰণস্বৰূপে, কিশোৰীগৰাকীক এনে শাৰীৰিক পৰিৱৰ্তনসমূহ স্বাভাৱিকভাৱে গ্ৰহণ কৰিবলৈ নিশিকাই আছুতীয়াকৈ ৰাখি ’চুৱা’ হোৱাৰ সময়ত পালিবলগীয়া এশ এটা নীতি-নিয়মৰ শিক্ষা দিয়া হয়৷ সমগ্ৰ জীৱনলৈ প্ৰতিমাহৰ সেই এটা সপ্তাহ দৈনন্দিন জীৱনটো স্তব্ধ কৰি ঘৰৰ এচুকত পৰি থাকিবলৈ শিকোৱা হয় (যিটো সম্পূৰ্ণ অবৈজ্ঞানিক আৰু ব্যৱহাৰিক দিশৰ পৰা নিতান্তই অযুক্তিকৰ)৷ এই নীতি-নিয়ম, শিক্ষাসমূহে কিশোৰীগৰাকীৰ মনত নিজৰ সম্পৰ্কেই বহুতো ঋণাত্মক ধাৰণা আনি দিব পাৰে৷ এইবোৰে ভৱিষ্যত জীৱনত আত্মবিশ্বাস গঢ় লোৱাতো বাধা দিব পাৰে৷ মোৰ বোধেৰে, অবৈজ্ঞানিক আৰু কুসংস্কাৰপূৰ্ণ পৰম্পৰা এটাই অসমীয়া কৃষ্টি-সংস্কৃতি কোনো প্ৰকাৰে সমৃদ্ধতো নকৰেই, বৰং সেই দোদোল্যমান বয়স:ন্ধিৰ সময়ছোৱাত কিশোৰী এগৰাকীৰ মনত যথেষ্ট বিৰূপ প্ৰভাৱ পেলায়৷


৫) সহযোগী কুসংষ্কাৰসমূহ: এই পৰম্পৰা যেতিয়ালৈকে থাকিব ইয়াৰ ভিত্তিতে নানা যুক্তিহীন আৰু অপমানজনক কথা-কাণ্ডও ঠায়ে বিশেষে বৰ্তি থাকিব বা নতুনকৈ যোগ দিয়াও হৈ থাকিব৷ উদাহৰণস্বৰূপে, আজিৰ পৰা বিশবছৰ মানৰ আগলৈকে ঢকুৱাখনাৰ এখন প্ৰতিষ্ঠিত বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত পুস্পিতা হোৱা ছোৱালীৰ ইউনিফৰ্ম চাদৰ-মেখেলা আৰু বাকীবোৰৰ স্কাৰ্ট আছিল৷ পুস্পিতা হোৱা নোহোৱাক লৈ এনেকৈ পৃথক কৰাটোৱে ছাত্ৰীৰ মানসিকতাত কেনেকৈ প্ৰভাব পেলাব পাৰে সেয়া সহজেই অনুমেয়৷ পিছত সচেতন অভিভাৱকৰ প্ৰচেষ্টাতে হয়তো এই নিয়ম উঠি গৈছিল৷ এনে 'নিয়ম-পৰম্পৰা'ৰ কথাও শুনো য'ত বহুতে সেই দিনা কলগছৰ সৈতে 'প্ৰতিকী অৰ্থ'ত ছোৱালীজনীক বিয়া দিয়াৰ ৰীতিখিনি পালন কৰে, আকৌ কাপোৰৰ 'প্ৰতিকী' কেঁচুৱাক নিঁচুকাবলৈ দিয়ে!

ব্যক্তিগত একাষাৰ:
মই নিজে প্ৰতিমাহে হোৱা এটা তেনেই স্বাভাৱিক পৰিঘটনাক লৈ পঢ়াশালি বা কৰ্মস্থানত নৰম মনোভাৱ বা কামৰ পৰা বিৰতি লোৱা আদিৰো সমৰ্থন নকৰোঁ৷ নিজৰ ক্ষেত্ৰতে কওঁ, গাঁৱত অন্য সকলোৰে দৰে অন্তত: ‘তিনিদিনলৈকে ক’লৈকো ওলাব নোৱাৰি, ক’তো বহিব নোৱাৰি, পাকঘৰত-প্ৰাৰ্থনাঘৰত সোমাব নোৱাৰি , একো এটা কাম কৰিব নোৱাৰি’ ধৰণৰ পৰিবেশ এটাৰ পৰা ওলাই আহি দেখিলোঁ, অসমৰ বাহিৰত এনে সময়ছোৱাতো লগৰ সকলোৱে স্বাভাৱিকভাৱে কাম-কাজ কৰে, দৈনন্দিন দৌৰা-দৌৰি, খেলা-ধূলা, নিয়মিত ব্যায়াম- একোতে কোনো পৰিৱৰ্ত্তন নাই৷ তেতিয়া বুজিলোঁ, এই যে প্ৰতিমাহে তিনিৰ পৰা সাতদিন পৰ্যন্ত তেনেই অবলাৰ দৰে ঘৰৰ এচুকত সোমাই থকা কাৰবাৰটো আমাৰ মানসিক বাধা (mental barrier)ৰ পৰাহে হোৱা, শাৰীৰিক নহয়৷ কিছুমান ব্যতিক্ৰম বাদ দি (যাৰ বাবে কোনো কাৰণত এই সময়খিনি খুবেই পীড়াদায়ক হয়), প্ৰায় সকলো নাৰীয়ে স্বাস্থ্যসন্মত বিধিখিনি পালন কৰিও স্বাভাৱিকভাৱে কাম-কাজ কৰিব পৰা অৱস্থাত থাকে৷ এনে নোহোৱা হ’লে আজিৰ দিনত শাৰীৰিক দক্ষতা প্ৰয়োজন হোৱা বহু ক্ষেত্ৰত মহিলাই খোঁজেই পেলাব নোৱাৰিলেহেঁতেন৷ মই নিজে এনে এক ক্ষেত্ৰত জড়িত বাবে ব্যক্তিগত অভিজ্ঞতাৰ পৰা কথাখিনি ক’লো৷ সেয়ে মই ভাৱো, তোলনি বিয়া সকলো দিশৰ পৰাই কুসংস্কাৰপূৰ্ণ, নাৰীৰ মৰ্যদা হানিকৰ আৰু আজিৰ দিনত তেনেই অপ্ৰাসংগিক৷