Showing posts with label সাম্প্ৰতিক বিজ্ঞান. Show all posts
Showing posts with label সাম্প্ৰতিক বিজ্ঞান. Show all posts

Monday, 20 March 2023

অসমৰ মাছৰোকা চৰাইবোৰ

অসমৰ খাল, বিল বা নৈৰ আশে পাশে গছৰ ডালত বা জেওৰা খুঁটিত বহি পানীলৈ একান্তমনে চাই জোপ লৈ থকা মাছৰোকা চৰাইটোলৈ কেতিয়াবা মন কৰিছেনে?  চিকাৰ চকুত পৰিলে ই পানীৰ ঠিক ওপৰতে উৰি থাকি  লক্ষ্য নিৰ্ধাৰণ কৰে আৰু পিছমুহূৰ্ততে ৰকেটৰ দৰে ছোঁ মাৰি পানীলৈ  নামি যায়। মাছৰোকাৰ এই বিশেষ উৰণ (hovering) অসমৰ বহু জলাশয়ত চিনাকি দৃশ্য। কিন্তু আপুনি জানেনে, ভাৰতত থকা ১৩ বিধ মাছৰোকাৰ ভিতৰত দহটা প্ৰজাতি আমাৰ অসমতে দেখা পোৱা যায়? আহকচোন, এই ৰং বিৰঙী চৰাইবিধৰ বৈচিত্ৰ্যময় জগতখনত এভুমুকি মাৰি চাওঁ। 

মাছৰোকা চৰাই কেনেকৈ চিনিব? আটাইতকৈ সহজ উপায় হৈছে, চৰাইটোৰ ৰঙকে ধৰি অন্য শাৰীৰিক বৈশিষ্ট্যবোৰ মন কৰা।প্ৰায়বোৰ মাছৰোকাৰ দেহত উজ্জ্বল সেউজীয়া, নীলা আৰু কমলা ৰঙৰ সমাহাৰ দেখা পাব। মাছৰোকা চৰাইৰ মূৰটো ডাঙৰ।নেজ প্ৰায়ে চুটি।ঠোঁটটো ডেগাৰৰ দৰে দীঘল আৰু জোঙা। ইয়াৰ ঠোঁটটো চিকাৰৰ বাবে বিশেষভাৱে নিৰ্মিত। ঠোঁটটোৰ আকাৰ বায়ুগতিবিদ্যাৰ ফালৰ পৰা এনে এৰ'ডাইনেমিক যে ই জোপ লৈ থকা ঠাইৰ পৰা চিকাৰৰ ফালে তীব্ৰ গতিৰে যাব পাৰে। ডুব দিয়াৰ সময়তো এই আকাৰে পানীৰ ছিটিকনি কমোৱাত সহায় কৰে। এইবাবেই মাছৰোকাৰ ঠোঁটৰ আৰ্হি জাপানৰ বুলেট ট্ৰেইনতো অনুকৰণ কৰিছে। 

বগা-কণীয়া মাছৰোকা (Credit-Nejib Ahmed)

চিকাৰ কৰিবৰ বাবে মাছৰোকাৰ দুচকুৰ বিশেষভাৱে অভিযোজন হৈছে। ইহঁতৰ দৃষ্টিত দূৰবীক্ষণ ক্ষমতা আছে। ইয়াৰ উপৰিও চকুত নিচিটেটিং মেমব্ৰেন (nictitating membrane) নামৰ এবিধ পতা থাকে যি পানীৰ তলত আমি পিন্ধা চছমাৰ দৰে কাম কৰি দুচকুক সুৰক্ষা দিয়ে। 

মেৰু অঞ্চল আৰু কিছুমান শুকান মৰুভূমিৰ বাহিৰে বিশ্বৰ প্ৰায়বোৰ ঠাইতে মাছৰোকা চৰাই আছে। সমগ্ৰ বিশ্বত মুঠ ৯৩ টা ৰং-বিৰঙী মাছোৰোকাৰ প্ৰজাতি পোৱা যায়৷ অসমত পোৱা প্ৰজাতি কেইটাৰ আকাৰ, দেহৰ বৰণ আৰু সিহঁতৰ বাসস্থান লক্ষ্য কৰিলে সহজে চিনিব পাৰি। সাধাৰণতে নৈ, বিল-পুখুৰীৰ পাৰৰ কোনো গছৰ ডালত দেখা পোৱা সৰু নীল-সেউজীয়া মাছোৰোকাবিধৰ নাম নীলা মাছৰোকা (Common Kingfisher)। সততে দেখিবলৈ পোৱা অন্য এবিধ ডাঙৰ আকাৰৰ মাছৰোকা হ'ল বগা-বুকুৱা মাছৰোকা (White-throated Kingfisher)। নামটোৰ দৰেই ইহঁতৰ মূগা দেহত বুকুৰ বগা দাগটো জিলিকি থাকে।বৰঠুটিয়া মাছৰোকা (Stork-billed Kingfisher) আকৌ তাতোকৈ ডাঙৰ।  ইয়াৰ উজ্জ্বল ৰঙা ঠোঁট আৰু মূগাবৰণীয়া মূৰটো সহজে চকুত পৰে। এই চৰাইটো সাধাৰণতে নদী বা ডাঙৰ পুখুৰীৰ পাৰত দেখা পোৱা  যায়।  

বগা-বুকুৱা মাছৰোকা (Credit- Ali Arsh)

নীল-সেউজীয়া ৰঙৰ সলনি কেৱল ক'লা আৰু বগা ৰঙ থকা মাছৰোকাবিধ হ'ল পখৰা মাছৰোকা (Pied Kingfisher)। ইয়াৰ মূৰত অকণমানকৈ মুকুট বা চূড়া এটি থাকে। ইয়াৰ দৰে দেখিবলৈ সাইলাখ একে অন্য এবিধ মাছৰোকা হ'ল ক্ৰেষ্টেড মাছৰোকা (Crested Kingfisher)। এইবিধ চৰাই পখৰা মাছৰোকাতকৈ আকাৰত কিছু ডাঙৰ। এই দুয়োবিধ মাছৰোকাই সাধাৰণতে খৰস্ৰোতা জুৰি বা নৈৰ পাৰত বাস কৰে।  অসমত দেখা পোৱা অন্য প্ৰজাতিবোৰ হ'ল ব্লাইথ মাছৰোকা (Blyth's Kingfisher), বগা-কণীয়া মাছৰোকা (Blue-eared Kingfisher), বাওনা মাছৰোকা (Black-backed Dwarf Kingfisher),  ক'লা-টুপীৰ মাছৰোকা (Black-capped Kingfisher) আৰু ৰঙচুৱা মাছৰোকা (Ruddy Kingfisher)। ইহঁতৰ প্ৰায়বোৰকে মূলত: ডাঙৰ গছ থকা হাবিতলীয়া জান-জুৰিৰ কাষত বা অৰণ্যত দেখিবলৈ পোৱা যায়। 

মাছৰোকাই পিছে মাছৰ বাহিৰেও বিভিন্ন ধৰণৰ খাদ্য খায়। জলাশয়ৰ কাষত পোৱা জিঞাঁ, পোক-পৰুৱা, গুবৰুৱা, কেঁকোৰা, বেং, মকৰা আদি ইহঁতৰ প্ৰিয় খাদ্য। মাছৰোকা প্ৰায়ে অকলশৰে থাকে। ইহঁতে নিজৰ থকা ঠাইখন অন্য চৰাইৰ পৰা জোৰদাৰ ৰক্ষা কৰি চলে।বসন্তৰ এনে দিনবোৰত পিছে মাছৰোকাই সংগীৰ সন্ধান কৰে। মতা মাছৰোকাই প্ৰায়ে ঠোঁটত মাছ লৈ মাইকী চৰাইজনীৰ কাষ চাপে। যোৰ পাতিলে দুয়ো মিলি জলাশয়ৰ কাষৰ বালিয়া মাটিত বা গছৰ খোৰোঙত বাহ পাতে। মাইকী মাছৰোকাই বাহত ৩-৬ টা শুভ্ৰ কণী পাৰে আৰু দুয়ো পাল পাতি কণীবোৰ  উমনী দিয়ে। পোৱালীবোৰ তিনি-চাৰি মাহ ধৰি খুৱাই দুয়ো মিলি ডাঙৰ কৰে। 

পোৱালিৰ প্ৰতিপালনৰ ক্ষেত্ৰত পখৰা মাছৰোকাই  আকৌ এক আমোদজনক আচৰণ দেখুৱায়৷ পখৰা মাছৰোকাৰ বাহত মাক-দেউতাকৰ উপৰিও ওচৰ সম্পৰ্কীয় চৰায়ে পোৱালি ডাঙৰ-দীঘল কৰাত সহায় কৰে৷ এনেধৰণে নিজৰ পোৱালি নোহোৱা স্বত্বেও পৰিয়ালৰ সম্পৰ্কীয় কণমানিহঁতৰ লালন পালনত যত্ন লোৱা পৰিঘটনাটোক সহযোগিতামূলক প্ৰজনন (co-operative breeding) বুলি কোৱা হয়৷ গৱেষণাৰ তথ্য অনুসৰি বিশ্বৰ প্ৰায় ৯% চৰাই অৰ্থাৎ প্ৰায় ৮০০ বিধ চৰাইৰ ক্ষেত্ৰত এই আচৰণ দেখা যায়৷ নতুনকৈ বাহ সাজিবলৈ প্ৰয়োজনীয় ঠাইৰ অভাৱ আৰু নতুনকৈ প্ৰজননক্ষম হোৱা অনভিজ্ঞ চৰায়ে স্বাধীনভাৱে থকাৰ বাবে হ’বলগীয়া সংকটৰ পৰা ৰক্ষা পোৱা আদিয়ে ইয়াৰ মূল কাৰণ।

মাছৰোকাৰ এই বৈচিত্ৰ্যময় জীৱনৰ বিভিন্ন দিশকলৈ বৈজ্ঞানিক গৱেষণা চলি আছে আৰু নিতৌ ন ন তথ্য পোহৰলৈ আহিছে। অসমৰ থলুৱা মাছৰোকা চৰাইবোৰ পৰ্য্যবেক্ষণ কৰি আমি প্ৰকৃতিৰ এই বিনন্দীয়া জগতখন সুবাস ল'ব পাৰোঁ আৰু প্ৰকৃতি সংৰক্ষণৰ বাবে এখোঁজ আগবঢ়াব পাৰোঁ।

পখৰা মাছৰোকা (Credit- Saumitra Newalkar)



Thursday, 12 May 2022

জৈৱসাংস্কৃতিক বৈচিত্ৰ্য আৰু ইয়াৰ সংৰক্ষণ

১৯৯৫ চন। আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউ মেক্সিক' চহৰ। তাৰে স্থানীয় বিশ্ববিদ্যালয়খনত  অনুষ্ঠিত হোৱা এক আলোচনাচক্ৰত অংশ ল'বলৈ আহিছিল লুইছা মাফি (Luisa Maffi) নামৰ ইটালিয়ান বিজ্ঞানীগৰাকী। মাফিয়ে তাৰ মাথোঁ এবছৰৰ পূৰ্বে ভাষা আৰু নৃতত্ববিজ্ঞানত ডক্টৰেট ডিগ্ৰী লাভ কৰিছে। তাৰ উপৰিও সেইসময়ত তেওঁ পৰিৱেশ  আৰু জীৱবিজ্ঞানৰ প্ৰতি অত্যন্ত আগ্ৰহী।

ড° লুইছা মাফিয়ে অংশ লোৱা আলোচনাচক্ৰ (Symposium on Language Loss and Public Policy)ৰ বিষয় আছিল হেৰাই যাব খোজা খিলঞ্জীয়া ভাষাবোৰ। তাত উপস্থিত থকা বহুতো ভাষাবিজ্ঞানীয়ে থলুৱা ভাষাৰ সংকটৰ বিষয়ে আলোচনা কৰিলে। তেনেদৰে নৃতত্ববিজ্ঞানীসকলে আশংকা প্ৰকাশ কৰিলে খিলঞ্জীয়া কৃষ্টি-সংস্কৃতি বিপন্ন হোৱাক লৈ। পৰিৱেশ আৰু জৈৱবৈচিত্ৰ্য ধ্বংসৰ বিষয়টোও ইতিমধ্যে এক জলন্ত সমস্যা হৈ পৰিছে। এইসম্পৰ্কীয় আলোচনাবোৰ শুনি ড° মাফি চিন্তাত ডুব গ'ল। তেওঁ অনুভৱ কৰিলে যেন এই সকলোবোৰৰ মাজৰ এক সহজাত আন্ত:সম্পৰ্কৰ কথা এতিয়াও আলোচনাৰ পৰা বাদ পৰি ৰৈছে। 

ড° মাফিৰ এই ধাৰণাকে যেন সত্য বুলি প্ৰতিপন্ন কৰিলে সেই আলোচনাচক্ৰৰ এগৰাকী বক্তাই।  ডেভিদ হাৰ্মন (David Harmon) নামৰ এই জীৱবিজ্ঞানী গৰাকীয়ে তেওঁৰ নিজা গৱেষণাৰ উল্লেখ কৰি ক'লে যে পৃথিৱীৰ জৈৱবৈচিত্ৰ্য আৰু ভাষাৰ বিচিত্ৰতাৰ মাজৰ সম্পৰ্কৰ বিষয়ে পূৰ্ণাংগ গৱেষণা আৰু বিশ্লেষণৰ থল আছে।

সেই মুহূৰ্তটোৱে হৈ পৰিল ড° মাফিৰ পৰৱৰ্তী জীৱনৰ বাবে এক নতুন পথ নিৰ্দেশনা। বক্তৃতা শেষ হোৱাৰ লগে লগে তেওঁ এক মুহুৰ্তও বিলম্ব নকৰাকৈ হাৰ্মনক লগ ধৰিলেগৈ। নিজৰ চিনাকি দিয়ে তেওঁ উত্তেজিতভাৱে ক'লে,

'আপোনাৰ লগত মোৰ ভালকৈ কথা পতাৰ দৰকাৰ!' 

তেওঁলোকৰ আলোচনাৰ বিষয়টোৱে অন্য কেইবাগৰাকী বিজ্ঞানীৰো দৃষ্টি আকৰ্ষণ কৰিলে। অলপ সময়ৰ ভিতৰতে তেওঁলোকৰ চাৰিওফালে বিজ্ঞানীৰ এটা সৰু জুম বান্ধিল। ৰাতিৰ সাঁজ খোৱালৈকে তেওঁলোক গভীৰ আলোচনাত মগ্ন হৈ পৰিল। আনকি খোৱামেজত কোনো কোনোজনে খোৱাৰ মাজে মাজে নেপকিনতে লিখিবলৈ আৰম্ভ কৰিলে। সেইনিশা বিজ্ঞানীৰ দলটো একমত হ'ল যে ভাষা, সংস্কৃতি আৰু পৰিৱেশ তিনিওটাই ইটোৱে সিটোৰ লগত পাৰস্পৰিকভাৱে সম্বন্ধ থকা বিষয়। গতিকে পৃথক বিষয় হিচাপে অধ্যয়ন কৰাৰ সলনি এই তিনিওটাৰে সামগ্ৰিকভাৱে গৱেষণাৰ প্ৰয়োজন। 

সেই আলোচনাৰ পৰাই জন্ম হ'ল এক নতুন ধাৰণাৰ- জৈৱসাংস্কৃতিক বৈচিত্ৰ্য (biocultural diversity)। প্ৰকৃততে ভাষা, সংস্কৃতিৰ বৈচিত্ৰ্য আৰু জৈৱবৈচিত্ৰ্য সকলোবোৰ এই পৃথিৱীত জীৱনৰ বৈচিত্ৰ্য (Diversity of life) ৰে একো একোটা ৰূপ। আদিম কালৰে পৰা পৃথিৱীৰ ভিন্ন পৰিৱেশত বাস কৰা মানুহৰ ভাষা আৰু সংস্কৃতিৰ একেলগে বিৱৰ্তন হৈছে। সময়ৰ লগে লগে পৰিৱৰ্তিত পৰিৱেশৰ সৈতে মানুহ আৰু মানুহৰ ভাষা আৰু সংস্কৃতিয়েও একেলগে খাপ খুৱাই লৈছে। খিলঞ্জীয়া জাতিসমূহৰ পৰম্পৰাগত জ্ঞান (Traditional Ecological knowledge) হ'ল পৰিৱেশৰ সৈতে মানুহৰ এনে অভিযোজনৰ এক উদাহৰণ। 

জৈৱসাংস্কৃতিক বৈচিত্ৰ্যৰ ধাৰণা জন্ম হোৱাৰ পৰা যোৱা পঁচিছটা বছৰত এই ক্ষেত্ৰখন গৱেষণালব্ধ তথ্যই যথেষ্ট সমৃদ্ধ কৰিছে। শেহতীয়া গৱেষণাই দেখুৱাইছে যে পৃথিৱীত জৈৱবৈচিত্ৰ্য আৰু পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত সংকটৰ সন্মুখীন হোৱা অঞ্চলবোৰত থলুৱা ভাষা আৰু সংস্কৃতিও বিপদাপন্ন (চিত্ৰ ১)। উত্তৰ-পূব ভাৰতো ইয়াৰে এক জলন্ত উদাহৰণ।ইয়াৰ কাৰণ হ'ল জৈৱবৈচিত্ৰ্যৰ ক্ষেত্ৰত পৃথিৱীৰ সকলোতকৈ চহকী গ্ৰীষ্মপ্ৰধান অঞ্চলসমূহত মানুহৰ জনবসতিও অধিক। কাৰণ এই অঞ্চলসমূহত পৰ্য্যাপ্ত প্ৰাকৃতিক সম্পদৰ বাবে কম পৰিসৰতে বহুতো মানুহে থুপ পাতি বাস কৰিবলৈ সক্ষম হৈছিল। এনে গোটসমূহত ভিন্ন ভাষা আৰু সংস্কৃতিৰো বিকাশ সম্ভৱপৰ হ'ল। উত্তৰ-পূব ভাৰতৰ পৰ্বতীয়া অঞ্চলসমূহত দেখা পোৱা জনজাতীয় ভাষা আৰু সংস্কৃতিৰ বৈচিত্ৰ্য এনে এক প্ৰক্ৰিয়াৰে নামান্তৰ। 

চিত্ৰ ১: পৃথিৱীত উদ্ভিদৰ বৈচিত্ৰ্য আৰু বিভিন্ন ভাষাৰ বৈচিত্ৰ্যৰ এক মানচিত্ৰ (উৎস: Stepp et al. 2004)

জৈৱসাংস্কৃতিক বৈচিত্ৰ্য বৰ্তমান ঘোৰ সংকটত। এহাতে মানৱ ইতিহাসত অভূতপূৰ্ব এক দ্ৰুত হাৰত প্ৰকৃতিৰ ধ্বংস হৈছে যাৰ পৰিণতিত আজি  প্ৰায় এক মিলিয়ন উদ্ভিদ আৰু প্ৰাণীৰ প্ৰজাতি বৰ্তমান বিলুপ্তিৰ পথত৷ আনহাতে বিভিন্ন প্ৰান্তত খিলঞ্জীয়া ভাষা, কৃষ্টি-সংস্কৃতিও হেৰাই যোৱাৰ উপক্ৰম হৈছে। উদাহৰণস্বৰূপে, বিশ্বত মাতৃভাষা ক'ব পৰা লোকৰ সংখ্যাৰ ভিত্তিত কৰা এক বিশ্লেষণত ধৰা পৰিছে যে ১৯৭০ চনৰ পৰা বিশ্বৰ ভাষাৰ বৈচিত্ৰ্যতা ২০% হ্ৰাস পাইছে। তাৰ লগে লগে হেৰাই গৈছে খিলঞ্জীয়া ভাষাত সঞ্চিত হৈ থকা প্ৰকৃতি আৰু সংস্কৃতি সম্পৰ্কীয় মূল্যৱান পৰম্পৰাগত জ্ঞানৰ ভাণ্ডাৰ। বিপদাপন্ন হৈছে প্ৰকৃতিৰ সৈতে মানুহৰ সহজাত সম্পৰ্কও। গতিকে জীৱনৰ এই সামগ্ৰিক বৈচিত্ৰ্যতা ৰক্ষা কৰিবলৈ হ'লে জৈৱবৈচিত্ৰ্যৰ লগতে থলুৱা ভাষা-সংস্কৃতিকো বিপন্ন হোৱাৰ পৰা ৰক্ষা কৰাৰ প্ৰয়োজন।


চিত্ৰ ২: নাগালেণ্ডৰ জুম খেতি আৰু খেতিয়ক

জৈৱসাংস্কৃতিক বৈচিত্ৰ্য সংৰক্ষণৰ বাবে আন্ত:ৰাষ্ট্ৰীয় পৰ্য্যায়ত ইতিমধ্যে বিভিন্ন কাৰ্য্যসূচী লোৱা হৈছে। এইক্ষেত্ৰত আগভাগ লৈছে অষ্ট্ৰেলিয়া, কানাডা, আমেৰিকা যুক্তৰাষ্ট্ৰ আদি দেশে। বিশেষকৈ আমেৰিকাৰ হাৱাই দ্বীপত জৈৱসাংস্কৃতিক বৈচিত্ৰ্যৰ পুনৰুদ্ধাৰ (Biocultural Restoration)ৰ বাবে খিলঞ্জীয়া জাতিসমূহে অহোপুৰুষাৰ্থ কৰি আহিছে। তেওঁলোকে ঠাই, জীৱ-জন্তুৰ থলুৱা নামৰ উদ্ধাৰৰ পৰা খিলঞ্জীয়া উপায়েৰে পৰিৱেশ সংৰক্ষণৰ ব্যৱস্থা লৈছে। এই উপায়সমূহে মানুহৰ দৈনন্দিন জীৱনৰ লগতে প্ৰকৃতিকো সমৃদ্ধ কৰাৰ প্ৰমাণ শেহতীয়া গৱেষণাই দিছে। উদাহৰণস্বৰূপে, তাৰ খিলঞ্জীয়া জাতিসমূহৰ বাবে সাংস্কৃতিকভাৱে গুৰুত্বপূৰ্ণ জীৱ-জন্তুৰ সংৰক্ষণে প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষাতো সহায় কৰিছে। তেনেদৰে লুইছা মাফিয়ে জন্ম দিয়া 'টেৰালিংগুৱা' নামৰ প্ৰতিষ্ঠানটোৱেও বিশ্বৰ বিভিন্ন কোণৰ বিজ্ঞানী আৰু খিলঞ্জীয়া জাতি-জনজাতিৰ নেতৃত্বত জৈৱসাংস্কৃতিক বৈচিত্ৰ্য সংৰক্ষণৰ বাবে নিৰলস প্ৰচেষ্টা চলাই আহিছে। 

উত্তৰ-পূব ভাৰত ভাষা, সংস্কৃতি আৰু প্ৰাকৃতিক বৈচিত্ৰ্যৰ ক্ষেত্ৰত অতুলনীয়। এই অঞ্চলটো পূব হিমালয় আৰু ইণ্ডো-বাৰ্মা দুয়োটা  জৈৱ বৈচিত্ৰ্যৰ উল্লেখ্য স্থান (biodiversity hotspot) ৰ অন্তৰ্ভুক্ত। তেনেদৰে দুশৰো অধিক খিলঞ্জীয়া জাতি-জনজাতিয়ে আদিম কালৰে পৰা এই অঞ্চলত বাস কৰি আহিছে। একেসময়তে বিভিন্ন কাৰকৰ প্ৰভাৱত উত্তৰ-পূবৰ জৈৱবৈচিত্ৰ্য আৰু ভাষা-সংস্কৃতি বৰ্তমান সংকটৰ মুখামুখি হৈছে। এই পৰিপ্ৰেক্ষিতত বিশ্বৰ অন্য প্ৰান্তৰ দেশসমূহে লোৱা জৈৱসাংস্কৃতিক পুনৰুদ্ধাৰৰ পদক্ষেপসমূহ উত্তৰ-পূব ভাৰতৰ বাবেও খুবেই প্ৰাসংগিক হৈ পৰিছে। উত্তৰ-পূবৰ প্ৰকৃতি আৰু ভাষা-সংস্কৃতিৰ সামগ্ৰিক সংৰক্ষণৰ বাবেও বৰ্তমান প্ৰয়োজন হৈছে অন্য এগৰাকী লুইছা মাফিৰ।

তথ্যউৎস:

  • https://terralingua.org/
  • Maffi, L., & Woodley, E. (2012). Biocultural diversity conservation: a global sourcebook. Routledge.
  • Maffi, L. (2005). Linguistic, cultural, and biological diversity. Annu. Rev. Anthropol.34, 599-617.
  • Gorenflo, L. J., Romaine, S., Mittermeier, R. A., & Walker-Painemilla, K. (2012). Co-occurrence of linguistic and biological diversity in biodiversity hotspots and high biodiversity wilderness areas. Proceedings of the National Academy of Sciences, 109(21), 8032-8037.
  • Henson, L., Balkenhol, N., Gustas, R., Adams, M., Walkus, J., Housty, W., ... & Darimont, C. (2021). Convergent geographic patterns between grizzly bear population genetic structure and Indigenous language groups in coastal British Columbia, Canada. Ecology and Society26(3).
  • Winter, K., Ticktin, T., & Quazi, S. (2020). Biocultural restoration in Hawaiʻi also achieves core conservation goals. Ecology and Society25(1).

Monday, 28 February 2022

পৃথিৱীৰ বাবে এটা দিন

আমি বাস কৰা পৃথিৱীখনৰ যে আজি এক সংকটময় অৱস্থা সেয়া আমি সকলোৱে জানো৷ গোলকীয় উষ্ণতা বাঢ়িছে, সেউজীয়া অৰণ্যবোৰ আৰু তাত বাস কৰা আপুৰুগীয়া জীৱ-জন্তুবোৰ নোহোৱা হৈ আহিছে ইত্যাদি নানা বাতৰিয়ে আমাক সময়ে-অসময়ে হয়তো আমনি কৰেহি৷ তেনে সময়ত অসহায় অনুভৱ কৰাটোৱে স্বাভাৱিক৷ কিন্তু আমি বহুতেই হয়তো গম নাপাওঁ, এই বিশাল পৃথিৱীখনক সংকটৰ পৰা মুক্ত কৰিবলৈ কেৱল চৰকাৰ বা অন্য অনুষ্ঠান-প্ৰতিষ্ঠানলৈ বাট চাই নাথাকি আপোনাৰ মোৰ দৰে সাধাৰণ নাগৰিকেও বহুখিনি অৱদান আগবঢ়াব পাৰোঁ৷ এটোপ দুটোপ পানীৰেই সাগৰ ভৰাৰ দৰেই আমাৰ প্ৰত্যেকৰে সৰু সৰু একোটা চিন্তাশীল পদক্ষেপেই পৃথিৱী ৰক্ষাৰ ক্ষেত্ৰত অভাৱনীয় আৱদান আগবঢ়াব পাৰে৷ এই কথা যদি শুনাত অবিশ্বাস্য যেন ভাৱ হৈছে,আহকচোন চাওঁ এখন বহনক্ষম পৃথিৱীৰ বাবে এটা দিনতে আমি কি কৰিব পাৰোঁ? 

১৯৫১ চনৰ পৰা পৃথিৱীৰ উষ্ণতা বৃদ্ধিৰ ৰূপ; উৎস: ৱিকিকমনছ

এটি নতুন দিনৰ আৰম্ভণি! নিত্যনৈমিত্তিকভাৱে আপুনি বিছনা এৰিছে৷ গা ধোৱা ঘৰত সোমাই  দাঁত মজা ব্ৰাছডাল হাতত লৈছে৷ আইনাত চকু থৈ দিনটোৰ কৰিবলগীয়া কামবোৰৰ কথাৰে হয়তো আপুনি কিছু অন্যমনস্ক হৈ পৰিছে৷ কিন্তু এইখিনিতে এবাৰ মন কৰকচোন, মুখ ধুবলৈ লৈ বা দাঁত মাজি থাকোঁতে পানীৰ টেপটো অপ্ৰয়োজনতে খুলি থৈছে নেকি? কথাতে কয়, সকলো বিপ্লৱৰ আৰম্ভণি হ’ব পাৰে আপোনাৰ নিজৰ ঘৰখনৰ পৰাই৷ পাকঘৰত, গা ধোৱা ঘৰত বা ঘৰৰ অন্য সকলো কাম-কাজত পানীৰ অপচয় কমাই আপুনি পৃথিৱীখন ৰক্ষা কৰিবলৈ সহায় কৰিব পাৰে৷ 

নিত্য কৰ্মখিনি কৰি লৈ আপুনি ঘৰৰ মূল দুৱাৰখন খুলিছেগৈ৷ সতেজ বতাহ ছাটিয়ে, এচেৰেঙা উজ্বল ৰ’দে আপোনালৈ স্নিগ্ধ পুৱাটিৰ মিঠা আমেজ কঢ়িয়াই আনিছে৷ চিৰাচৰিত নিয়ম অনুসৰি আপুনি বাৰাণ্ডা বা চোতাল পোহৰাই ৰখা লাইটটো নুমুৱাইছে৷ খুউব ভাল কথা! আশা কৰোঁ, সন্ধিয়াবেলাও কোঠাত কোনো নাথাকিলে লাইটৰ চুইচবোৰ অফ কৰিছে, পাহৰিলে পৰিয়ালৰ আনসকলক মনত পেলাই দিছে৷ তাৰ লগে লগে আপোনাৰ বিজুলীৰ বিলো কমিল, এইছেগতে পৃথিৱীখনৰ বাবে আপোনাৰ অৱদানো কিছু বাঢ়িল! 

পুৱাতে খৰধৰকৈ সকলোৱে ভাতসাঁজ খাই দিনটোৰ কামৰ বাবে ওলাই যাবলৈ লৈছে৷ আজিৰ ভাতসাঁজ কিহেৰে খালে? ক্ষন্তেক মন কৰকচোন, প্ৰতিসাঁজ ভাতৰ সৈতে প্ৰায়ে আপুনি থলুৱা শাক-পাচলিৰ নে মাছ-মাংসৰ জুতি বিচাৰে? গৱেষণাই দেখুৱাইছে যে গাহৰি, ছাগলী, গৰু আদিৰ মাংসই শাক-পাচলিতকৈ ১০-৪০ গুণ বেছি সেউজগৃহ গেছ নিৰ্গমণ কৰে৷ কেনেকৈ? কাৰণ, সেই জন্তুবোৰক পালন কৰাৰ পৰা মাংস হিচাপে ব্যৱহাৰ কৰালৈ বহুতো শক্তিৰ অপচয় হয়৷ এই জন্তুবোৰ পালন কৰিবলৈ প্ৰতিবছৰে বহুতো অৰণ্য ধ্বংস আৰু পানীৰ অপচয় হৈ আহিছে৷ গতিকে সম্পূৰ্ণৰূপে নিৰামিষ খাদ্য খোৱাৰ অভ্যাস কৰিব নোৱাৰিলেও যিমান পাৰি এনেধৰণৰ মাংস খোৱাটো কমাই সেউজগৃহ প্ৰভাৱ কমোৱাত আপুনিও সহায় কৰিব পাৰে৷ তেনেদৰে থলুৱাভাৱে উৎপাদন হোৱা বতৰৰ ফল-মূল বা শাক পাচলি খোৱাৰ অভ্যাস কৰিলে বাহিৰৰ পৰা আমদানি কৰা আবতৰীয়া ফল-মূল-পাচলি আদিৰ ভ্ৰমণৰ বাবে হোৱা শক্তিৰ অপচয়ো ৰোধ কৰিব পাৰিব৷ 

অসমৰ থলুৱা শাক পাচলি; উৎস
খোৱা মেজৰ পৰা উঠাৰ আগেয়ে এবাৰ মন কৰকচোন৷ আপুনি বা পৰিয়ালৰ অন্য কোনোৱে কাঁহীখনত খাদ্য এৰি গ’ল নেকি? সহানুভূতিৰে নিজকে বা আনকো খাদ্য অপচয়ৰ কৰুণ পৰিণতিৰ কথা সোঁৱৰাই দিয়াৰ চেষ্টা কৰক৷ আমি খোৱা প্ৰতিসাঁজ খাদ্য কাঁহীখন পোৱালৈকে উৎপাদন আৰু আমদানি-ৰপ্তানি আদিত বহুত পৰিমাণে সেউজ গৃহ গেছ নিৰ্গমণ হৈছে, অৰণ্য ধ্বংস হৈছে৷ গতিকে সেয়া অনাহকতে অপচয় কৰা মানে পৃথিৱীৰ বোজাটো অধিক গধুৰ হোৱা৷ তথ্যমতে সমগ্ৰ বিশ্বত উৎপাদন হোৱা খাদ্যৰ এক তৃতীয়াংশই অনাহকত নষ্ট হয়৷ পৃথিৱীৰ সকলো মানুহে মিলি যদি এতিয়া অপচয় কৰা খাদ্যৰ এক চতুৰ্থাংশও ৰাহি কৰিব পাৰে, এই পৃথিৱীত হেনো তেতিয়া কোনো লোক অনাহাৰে নাথাকিব৷ গতিকে যিমান খাব খোজে সিমানখিনি অনুমান কৰিহে কাঁহীখনত লওক৷ 

ঘৰৰ পৰা ওলাই ঠিক সময়তে আজি আপুনি কামলৈ বুলি বাছখনত উঠি পৰিছে৷ বাটতে কিনি লোৱা তামোলখন মুখত ভৰাই প্লাষ্টিকৰ পেকেটটো বা মিনাৰেল ৱাটাৰৰ খালী বটলটো বাছৰ খিৰিকীৰে দলিয়াই দিছে নেকি? তাকে নকৰি সেয়া ডাষ্টবিনত পেলাবলৈ বুলি সামৰি ৰাখকচোন৷ নাইবা আপুনি লৈ যোৱা ফ্লাস্ক বা পুনৰ ব্যৱহাৰ কৰিব পৰা বটলটোৰ পৰা বিশুদ্ধ পানীটোপা খাওক৷ তাৰ লগে লগে প্লাষ্টিক প্ৰদূষণো কমিল, লগতে সমজুৱা বাট পথ নিকা কৰি ৰখাতো আপুনি সহায় কৰিলে৷ ইফালে সিফালে যাবলৈ অপ্ৰয়োজনতে গাড়ী বা স্কুটাৰখন লৈ যোৱাৰ অভ্যাসটো কমালেও পৃথিৱীখন বহু পৰিমাণে ৰক্ষা পৰে৷ তথ্যমতে, ২০২০ চনত ভাৰতত পৰিবহণ ব্যৱস্থাই নিৰ্গমণ কৰা সেউজগৃহ গেছৰ ৭১% ই হ’ল ব্যক্তিগত বাহনৰ পৰা হোৱা নিৰ্গমণ৷ গতিকে মাজেসময়ে তাৰ পৰিমাণ কমায়ো আপুনি এখন বহনক্ষম পৃথিৱী গঢ়াত সহায় কৰিব পাৰে৷

কাৰ্য্যালয়ত আজি আপোনাক হাজাৰ ব্যস্ততাই আৱৰি ধৰিছে৷ তাৰ মাজতে কিবা এখন কাগজ প্ৰিন্ট কৰিব খুজিছে৷ এইখিনিতে এবাৰ ৰৈ নিজকে দুটামান প্ৰশ্ন কৰকচোন৷ সেই কাগজখন প্ৰিন্ট কৰাটো সঁচাই কিমান দৰকাৰী? যদিহে অত্যৱশ্যকীয়, কাগজৰ দুয়োপিঠিতে প্ৰিন্ট কৰিব পাৰিবনে? পৃথিৱীত অৰণ্যৰ পৰা কাটি ব্যৱসায়িকভাৱ চালান দিয়া ৪০% কাঠৰ কুণ্ডা ব্যৱহাৰ হয় কাগজ তৈয়াৰ কৰাত৷ গতিকে কাগজৰ অযথা অপচয় কৰা মানে আপুনি পৰোক্ষভাৱে কোনোবা কোণত এজোপা গছ কটাৰ চাহিদা বৃদ্ধি কৰা৷ গতিকে খুবেই প্ৰয়োজন ন’হলে কাগজৰ ব্যৱহাৰ কমাই আনক৷ 

সন্ধিয়া বজাৰ কৰিবলৈ ওলাই গৈছে৷ বজাৰৰ মোনাটোৰ সলনি আপুনি প্লাষ্টিকৰ মোনাত ভাগে ভাগে বস্তু কিনিছে নেকি? আপুনি জানেনে, সমগ্ৰ পৃথিৱীত মানুহে একেলগে প্ৰতিবছৰে ৫,০০,০০০ কোটিটা প্লাষ্টিকৰ মোনা এবাৰ ব্যৱহাৰ কৰি পেলাই দিয়ে৷ ইয়াৰে বেছিভাগ গৈ নৈ-জান-জুৰি আৰু সাগৰত পৰেগৈ৷ গতিকে এইবাৰ তাকে নকৰি শাক-পাচলি, গেলামালৰ বস্তুবোৰ ভৰাবলৈ বজাৰৰ মোনাটো আগবঢ়াই দিয়কচোন৷ সেই এটা পদক্ষেপেৰেই প্লাষ্টিকৰ প্ৰদূষণ কমোৱাত আপোনাৰ অৱদান মূল্যৱান হৈ পৰিব৷ আপোনাৰ-মোৰ দৰে একো একোজন নাগৰিকৰ সচেতনতা যিমানে বাঢ়িব সিমানেই প্লাষ্টিকৰ আৱৰ্জনাৰ দ’মটোৰ উচ্চতা কমি আহিব৷ 

প্লাষ্টিকৰ আৱৰ্জনা কমোৱাত আপুনিও সহায় কৰিব পাৰে; উৎস

নিশা দিনটোৰ পৰিশ্ৰমৰ শেষত আপুনি বিছনাখনত ভাগৰুৱা দেহটো এৰি দিছেহি৷ চাবচোন, টোপনিত ঢলি পৰাৰ আগতে এই এটা দিনতে পৃথিৱীখন ৰক্ষা কৰিবলৈ আপুনি আগবঢ়োৱা অৱদানখিনিৰ বাবে এক অপাৰ গৌৰৱবোধে আপোনাক সুখী কৰি তুলিছে৷ আপোনালৈ আন্তৰিক অভিনন্দন! 

Wednesday, 12 May 2021

পৰিৱেশ দিৱস হওক পৰিৱেশ পুনৰুদ্ধাৰৰ এক দৃঢ় সংকল্প

বিদ্যালয়ত পঢ়ি থকা দিনবোৰত প্ৰতিবছৰে পাঁচ জুন তাৰিখটো কেৱল এটা কাৰণতে আমাৰ বাবে বিশেষ হৈ ৰৈছিল৷ বছৰৰ সেই দিনটোত বন বিভাগৰ স্থানীয় কাৰ্য্যালয়ৰ উদ্যোগত বিতৰণ কৰা বিভিন্ন গছপুলি ৰুইছিলো ঘৰ আৰু বিদ্যালয়ৰ চৌহদত৷ বিদ্যালয় বা স্থানীয় কোনো মঞ্চই আয়োজন কৰা ৰচনা বা চিত্ৰ প্ৰতিযোগিতা কিছুমানতো যোগ দিছিলো৷ এতিয়াও শিক্ষানুষ্ঠান আৰু অন্য প্ৰতিষ্ঠানবোৰত তেনেদৰেই বিশ্ব পৰিৱেশ দিৱস আয়োজন কৰা হয়নে নহয় নাজানো৷ কিন্তু প্ৰকৃতি সংৰক্ষণৰ ক্ষেত্ৰখনত যোৱা এটা দশক ধৰি জড়িত হৈ থাকি অনুভৱ কৰিছোঁঁ, মাথোঁ এই এটা দিনতে সজাগতা অনাৰ চেষ্টাসমূহ সীমিত হৈ থাকিলে বৰ্ত্তমানৰ পৰিৱেশ সংকটৰ পৰা ৰক্ষা পোৱাৰ আশা নিচেই কম৷ প্ৰগতিৰ শীৰ্ষত আৰোহণ কৰাৰ যুঁজত মগ্ন হৈ থাকোতে মানৱ সমাজে নিজৰ অস্তিত্বৰ মূল ভেঁটি প্ৰকৃতিৰ ভাৰসাম্যতাকে বিনষ্ট কৰি বৰ্তমান এক সংকটময় সময়ত উপস্থিত হৈছেহি৷ ইয়াৰ সাক্ষ্য দিছে ক্ৰমাগতভাৱে বৃদ্ধি পাই অহা গোলকীয় উষ্ণতা, প্ৰদূষণ, দৰিদ্ৰতা, মহামাৰী আদিয়ে৷ গতিকে বৰ্তমান প্ৰয়োজন হৈ পৰিছে সামগ্ৰিকভাৱে সমাজৰ সকলো স্তৰতে আৰু গাইগুটিয়াকৈ প্ৰতিজন সচেতন নাগৰিকেই পৰিৱেশ সংৰক্ষণৰ বাবে সময়োচিত ব্যৱস্থা লোৱাৰ আৰু মানুহ আৰু প্ৰকৃতিৰ মাজৰ সম্পৰ্কক এক নতুন সংজ্ঞা দিয়াৰ৷ আমি মৰ্মে মৰ্মে উপলব্ধি কৰাৰ প্ৰয়োজন হৈছে যে মানৱজাতিৰ অস্তিত্ব ৰক্ষা নিৰ্ভৰ কৰিছে পৰিৱেশ সংৰক্ষণৰ ওপৰত৷ 

প্ৰকৃতিয়ে মানৱ সমাজৰ কল্যানৰ বাবে আগবঢ়োৱা অমূল্য অৱদান আৰু বৰ্তমান পৰিৱেশৰ প্ৰতি আহি পৰা ভাবুকিবোৰৰ প্ৰতি লক্ষ্য ৰাখিয়ে ৰাষ্ট্ৰসংঘই ২০২১-২০৩০ দশকটো পৰিস্থিতিতন্ত্ৰৰ পুনৰুদ্ধাৰ (ecosystem restoration)ৰ দশক হিচাপে ঘোষণা কৰিছে৷ এইটোকে মূল বিষয় হিচাপে লৈ দেশে-বিদেশে এইবৰ্ষৰ বিশ্ব পৰিৱেশ দিৱস পালন কৰা হ’ব৷ এই দিৱসত ৰাষ্ট্ৰসংঘই সকলোকে আহ্বান জনাইছে মানুহ আৰু প্ৰকৃতিৰ উভয়ৰে ভৱিষ্যত সুনিশ্চিত কৰিবলৈ পৰিস্থিতিতন্ত্ৰৰ পুনৰুদ্ধাৰ আৰু প্ৰতিৰক্ষাৰ বাবে #GenerationRestoration নামৰ বিশ্বজুৰা আন্দোলনত যোগ দিবলৈ ৷ এই সুযোগতে আহকচোন বুজ লওঁ কিয় আৰু কেনেকৈ এই পৰিস্থিতিতন্ত্ৰৰ পুনৰুদ্ধাৰ কৰিব পৰা যায়?

পৰিস্থিতিতন্ত্ৰনো কি?

সহজ ভাষাত পৰিস্থিতিতন্ত্ৰ হৈছ জীৱ-জন্তুৱে ইটোৱে সিটোৰ লগত আৰু চাৰিওদিশৰ পৰিৱেশৰ সৈতে ওত:প্ৰোতভাৱে জড়িত হৈ থাকি জীৱন অতিবাহিত কৰা যিকোনো ঠাই৷ পৰিস্থিতিতন্ত্ৰ এটাত সকলো জৈৱিক কাৰক অৰ্থাৎ সৰু-বৰ সকলোবোৰ জীৱ চাৰিওদিশৰ পৰিৱেশৰ অজৈৱিক কাৰক যেনে উষ্ণতা, আৰ্দ্ৰতা আদিৰ সৈতে পাৰস্পৰিকভাৱে নিৰ্ভৰশীল হৈ জীয়াই থাকে৷ জৈৱিক বা অজৈৱিক কোনো এটা অংশৰ সালসলনি হ’লে পৰিস্থিতিতন্ত্ৰৰ বাকী অংশবোৰতো ইয়াৰ প্ৰভাৱ পৰে৷ উদাহৰণস্বৰূপে, এটা পৰিস্থিতিতন্ত্ৰত উষ্ণতা বাঢ়িলে তাত থকা উদ্ভিদবোৰৰ বৃদ্ধি আৰু প্ৰজননত প্ৰভাৱ পৰে৷ ইয়ে আকৌ গৈ তেনে উদ্ভিদৰ ওপৰত নিৰ্ভৰশীল প্ৰাণীবোৰক প্ৰভাৱান্বিত কৰে৷ পৰিস্থিতিতন্ত্ৰ এখন অৰণ্যৰ দৰে বিশাল হ’ব পাৰে নাইবা এটা কণমাণি পুখুৰীৰ দৰে সৰুও হ’ব পাৰে৷ পৃথিৱীৰ সকলো ঠাই প্ৰকৃততে ইটোৱে সিটোৰ লগত সংযোজিত হৈ থকা অলেখ-অসংখ্য পৰিস্থিতিতন্ত্ৰৰ সমষ্টি৷ 

অসমত সচৰাচৰ দেখা পোৱা এক পৰিস্থিতিতন্ত্ৰ

পৰিস্থিতিতন্ত্ৰবোৰ মানুহৰ বাবে অপৰিহাৰ্য্য কাৰণ প্ৰতিটো পৰিস্থিতিতন্ত্ৰই বিভিন্ন উপায়েৰে মানৱ সমাজক উপকৃত কৰে৷ আমি খোৱা পানী আৰু খাদ্য, উশাহত টানি লোৱা বায়ুৰ লগতে পৃথিৱীখন মানুহৰ বাবে বাসযোগ্য কৰি ৰখা সকলোখিনি পৰিস্থিতিতন্ত্ৰৰে অৱদান৷ 

পৰিস্থিতিতন্ত্ৰৰ পুনৰুদ্ধাৰ কিয়?

শেহতীয়াকৈ মানুহৰ ধ্বংসাত্মক কাৰ্য্য কলাপৰ ফলত পৰিস্থিতিতন্ত্ৰৰ ভাৰসাম্যতা বিনষ্ট হৈছে৷ মাটি আৰু সাগৰৰ ব্যৱহাৰৰ পৰিৱৰ্ত্তন , জীৱ-জন্তুৰ পোনপটীয়া শোষণ (exploitation) ,জলবায়ু পৰিৱৰ্ত্তন , প্ৰদূষণ আদিয়ে বহুতো পৰিস্থিতিতন্ত্ৰক ধ্বংসৰ মুখলৈ ঠেলি দিছে৷ শেহতীয়াকৈ মুক্তি পোৱা ৰাষ্ট্ৰসংঘৰ এখন গুৰুত্বপূৰ্ণ প্ৰতিবেদন ত প্ৰকাশ পাইছে যে মানৱ ইতিহাসত অভুতপূৰ্ব এক দ্ৰুত হাৰত প্ৰকৃতিৰ ধ্বংস হৈছে আৰু বিভিন্ন জীৱ বিলুপ্তিৰ পথত আগবাঢ়িছে৷ ৫০ খন দেশৰ ৩১০ গৰাকী বিজ্ঞানীয়ে বিশ্বৰ যোৱা পাঁচটা দশকৰ পৰিৱৰ্ত্তনসমূহ অধ্যয়ন কৰি আগবঢ়োৱা এই আন্ত:ৰাষ্ট্ৰীয় বিশ্লেষণত প্ৰকাশ পাইছে যে মানুহৰ ধ্বংসাত্মক কাৰ্য্যৰ ফলত সমগ্ৰ বিশ্বৰে ৭৫% ভুখণ্ড আৰু ৬৬% সাগৰীয় অঞ্চল ক্ষতিগ্ৰস্ত হৈছে আৰু ৮৫% ৰো অধিক জলাশয় নোহোৱা হৈছে৷ তেনেদৰে ১৯৮০ চনৰ পৰা বৰ্তমানলৈ প্লাষ্টিকৰ প্ৰদূষণ দহগুণ বৃ্দ্ধি পাইছে৷ বছৰি ৩০০-৪০০ মিলিয়ন টন প্লাষ্টিক, ৰাসায়নিক সাৰ আদি বিষাক্ত পদাৰ্থ সাগৰত পেলোৱাৰ ফলত বহুতো মৃত সাগৰীয় অঞ্চল (dead zone) সৃষ্টি হৈছে৷ এই অঞ্চলবোৰৰ মুঠ মাটিকালি অসমৰ ভুখণ্ডৰ প্ৰায় তিনিগুণ (২৪৫,০০০ বৰ্গ কিলোমিটাৰ)৷ বিশ্লেষণটোত লগতে ধৰা পৰিছে যে যোৱা ত্ৰিছ বছৰে প্ৰতিটো দশকতে পৃথিৱীৰ গড় উষ্ণতা ০.২ ডিগ্ৰী ছেলিছিয়াছকৈ বৃদ্ধি পাই আহিছে৷ পৰিস্থিতিতন্ত্ৰৰ এই সংকটৰ ফলতেই প্ৰায় এক মিলিয়ন অৰ্থাৎ দহ লাখ উদ্ভিদ আৰু প্ৰাণীৰ প্ৰজাতি সংকটৰ গৰাহত পৰিছে৷ এই ধ্বংসাত্মক কাৰ্য্যসমূহ অনতিপলমে বাধা দিব নোৱাৰিলে মানৱ সমাজৰ ওপৰত ইয়াৰ অতি বিপদজনক প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে৷

পৰিস্থিতিতন্ত্ৰৰ পুনৰুদ্ধাৰ হ’ব কেনেকৈ?

পৰিস্থিতিতন্ত্ৰবোৰ জটিল, ঠাইবিশেষে পৰিস্থিতিতন্ত্ৰও ভিন্ন৷ গতিকে পৰিস্থিতিতন্ত্ৰৰ পুনৰুদ্ধাৰৰ প্ৰক্ৰিয়াও ঠাই আৰু সেই ঠাইৰ প্ৰত্যাহ্বান লৈ বেলেগ বেলেগ হ’ব পাৰে৷ এইবাবেই ৰাষ্ট্ৰসংঘই শেহতীয়াকৈ সকলো পৰ্য্যায়ৰ সচেতন নাগৰিক, সংগঠন তথা চৰকাৰৰ বাবে বিশেষভাৱে সহায়ক হোৱাকৈ বিভিন্ন পৰিস্থিতিতন্ত্ৰ পুনৰুদ্ধাৰৰ এক নিৰ্দেশনা প্ৰস্তুত কৰি উলিয়াইছে ৷ এই নিৰ্দেশনাত পৰিস্থিতিতন্ত্ৰৰ ক্ষতি ৰোধ কৰিবলৈ দৰকাৰী পদক্ষেপসমূহৰ বিশদ আলোচনা কৰা হৈছে৷ ৰাষ্ট্ৰসংঘৰ নিৰ্দেশনাত  উল্লিখিত মূল পৰিস্থিতিতন্ত্ৰবোৰ হৈছে- অৰণ্য, পৰ্বত, তৃণভূমি, জলাশয়, কৃষিভূমি আৰু নগৰ অঞ্চল৷

নাগালেণ্ডৰ ফাকিম সংৰক্ষিত বনাঞ্চলৰ সেউজ অৰণ্য


অৰণ্য: অৰণ্যই আমাৰ বাবে পৰিস্কাৰ পানী আৰু বায়ু যোগান ধৰে আৰু জলবায়ু নিয়ন্ত্ৰণ কৰি পৃথিৱীখন মানুহৰ বসবাসৰ উপযোগী কৰি ৰাখে৷ অলেখ অসংখ্য উদ্ভিদ আৰু প্ৰাণীৰ বাসস্থান হ’ল অৰণ্যবোৰ৷ তেনেদৰে দেশে-বিদেশে বহুতো স্থানীয় জাতি-জনজাতিৰ জীৱন নিৰ্বাহৰ থলো অৰণ্য৷

জনসংখ্যা বাঢ়ি অহাৰ লগে লগে বৃদ্ধি পোৱা খাদ্য আৰু বাসস্থানৰ প্ৰয়োজন পূৰাবলৈ বহুতো অৰণ্য মোকলাই মানুহে খেতি-বাতি কৰিবলৈ লৈছে আৰু ঘৰ সাঁজি বাস কৰিবলৈও লৈছে৷ তাৰ লগে লগে বাঢ়ি গৈছে কুণ্ডা কটা, প্ৰদূষণ আৰু বনজুইৰ বিভীষিকা৷ অৰণ্যৰ পুনৰুদ্ধাৰৰ বাবে এই বনাঞ্চলসমূহত ওপৰত পৰা হেঁচা কমাই আনি ক্ষতিগ্ৰস্ত অঞ্চলবোৰত পুনৰীজ্জীৱিত কৰাত সহায় কৰাৰ প্ৰয়োজন৷ লগতে খেতিৰ বাবে অনুপযোগী হৈ পৰা বহুতো অঞ্চলত স্থানীয় গছৰোপণৰ জড়িয়তে অৰণ্যৰ উদ্ধাৰৰ ব্যৱস্থা কৰিব পাৰি৷ 

নাগালেণ্ডৰ সেউজ নাগা পৰ্বতশ্ৰেণী

পৰ্বত: পৃথিৱীৰ প্ৰায় এক চতুৰ্থাংশ ভূমি অধিকাৰ কৰি আছে পৰ্বতীয়া অঞ্চলে৷ এই পাহাৰ-পৰ্বতসমূহ বিশ্বৰ প্ৰায় আধা জনসংখ্যাৰ বাবে পৰিষ্কাৰ পানীৰো উৎস৷ বিশ্বৰ বহুতো আপুৰুগীয়া জীৱ-জন্তুৰ আবাসস্থল এই পৰ্বতবোৰত মানুহৰ সাংস্কৃতিক বৈচিত্ৰ্যতাও অদ্বিতীয়৷

পৰ্বতসমূহ মানুহৰ অদুৰদৰ্শী কাৰ্য্যকলাপ আৰু জলবায়ু পৰিৱৰ্তন দুয়ো দিশৰ পৰাই স্পৰ্শকাতৰ অঞ্চল৷ বহুতো পৰ্বতীয়া অঞ্চলত খেতি বা বসবাসৰ বাবে এঢলীয়া ঠাই মোকলালে তেনে ঠাইৰ মাটিত খহনীয়া হ’বলৈ আৰম্ভ কৰে৷ খহনীয়া আৰু প্ৰদূষণে পাহাৰৰ পৰা বৈ যোৱা নৈ-জুৰি আদিৰ পানীতো প্ৰভাৱ পেলায়৷ তেনেদৰে গোলকীয় উষ্ণতা বৃদ্ধিয়ে পৰ্বতৰ পৰিস্থিতিতন্ত্ৰত প্ৰভাৱ পেলাই স্থানীয় জীৱ-জন্তু বা জাতি-জনজাতিকো স্থানান্তৰিত কৰিব পাৰে৷ এনে ঠাইৰ পুনৰুদ্ধাৰৰ বাবে মাটিৰ সংৰক্ষণ কৰি খহনীয়া আৰু প্ৰদূষণ ৰোধ কৰাৰ দৰকাৰ৷ খেতিৰ সৈতে উপকাৰী গছৰ ৰোপন আৰু প্ৰতিপালৰ পদ্ধতি যেনে এগ্ৰ’ফৰেষ্টিৰ প্ৰয়োগেৰে এনে পৰিস্থিতিতন্ত্ৰৰ স্থিতিস্থাপকতা (resilience) বঢ়াব পাৰি৷ এইক্ষেত্ৰত স্থানীয়া জাতি-জনজতিৰ পৰম্পৰাগত জ্ঞান (Indigenous knowledge) বিশেষভাৱে সহায়ক হ’ব পাৰে৷

অসমৰ জীয়াভৰলী নৈ এক গুৰুত্বপূৰ্ণ পৰিস্থিতিতন্ত্ৰ

জলাশয়: নদ-নদীয়ে বহু লোকৰ বাবে খাদ্য, পানী আৰু শক্তিৰ যোগান ধৰে৷ অসমৰ দৰে নদ-নদী আৰু খাল-বিলেৰে পৰিপূৰ্ণ ৰাজ্যত এই পৰিস্থিতিতন্ত্ৰসমূহ পুনৰুদ্ধাৰৰ গুৰুত্ব অসীম৷ জলাশয়ৰ আশে পাশে চলা বিভিন্ন কাৰ্য্যকলাপে ইয়াৰ পৰিৱেশ বিনষ্ট কৰে, প্ৰদূষিত পানীয়ে জলাশয়ৰ জীৱ আৰু দাঁতিকাষৰীয়া অঞ্চলৰ মানুহৰ জীৱনতো প্ৰভাৱ পেলায়৷ 

জলাশয়ৰ পুনৰুদ্ধাৰৰ বাবে পানীৰ গুণাগুণ ৰক্ষা আৰু প্ৰদূষণ ৰোধ কৰাৰ দৰকাৰ৷ তেনেদৰে বান্ধ নিৰ্মাণৰ সময়ত ইয়াৰ ফলত জলাশয়ৰ বিভিন্ন স্তৰত আৰু আশে পাশে জৈৱবৈচিত্ৰ্য আৰু মানুহৰ ওপৰত পৰিব পৰা প্ৰভাৱৰ বিশদ আৰু নিৰপেক্ষ বিশ্লেষণৰ প্ৰয়োজন৷ 

অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিস্তীৰ্ণ তৃণভূমি

তৃণভূমি: তৃণভূমি মানুহ আৰু বহু জীৱ-জন্তুৰ বাবে এক গুৰুত্বপূৰ্ণ পৰিস্থিতিতন্ত্ৰ৷ এনে অঞ্চলসমূহৰ সঠিক পৰিচালনা নকৰাৰ বাবেই বহু ঠাইত তৃণভূমিসমূহ ক্ষতিগ্ৰস্ত হৈছে৷ তৃণভূমিৰ গুৰুত্ব নুবুজি বিস্তৰ অঞ্চল খেতি-পথাৰলৈ ৰূপান্তৰ কৰা হৈছে৷ ইয়াৰ ফলত এই অঞ্চলবোৰৰ মাটি অনুৰ্বৰা হৈ পৰিছে আৰু স্থানীয় উদ্ভিদৰ সলনি অপকাৰী বহিৰাগত উদ্ভিদ (invasive alien species) থন ধৰি উঠিছে৷

তৃণভূমিৰ পুনৰুদ্ধাৰৰ বাবে এই অঞ্চলসমূহৰ ব্যৱহাৰ বহনক্ষম (sustainable) কৰাৰ প্ৰচেষ্টা চলোৱা উচিত৷ এইক্ষেত্ৰত স্থানীয় লোকসকলৰ সৈতে সহমতত উপনীত হৈ দীৰ্ঘম্যাদী পৰিকল্পনা কৰাৰ দৰকাৰ৷ 

অসমৰ এখন ধাননি পথাৰ


কৃষিভূমি: বৰ্তমান পৃথিৱীৰ এক-তৃতীয়াংশ ভূমি কৃষিৰ বাবে ব্যৱহাৰ কৰা হয়৷ গতিকে এই অঞ্চলবোৰ মানুহৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ পৰিস্থিতিতন্ত্ৰ৷ আমাৰ বাবে খাদ্য যোগান ধৰাৰ উপৰিও বহু খেতি-পথাৰ বাদুলী, চৰাই-চিৰিকটিকে ধৰি নানা জৈৱবৈচিত্ৰ্যৰেও চহকী৷ গতিকে অৰ্থনৈতিক আৰু প্ৰাকৃতিক দুয়োটা দিশৰ পৰাই এই পৰিস্থিতিতন্ত্ৰৰ প্ৰতিৰক্ষা অতিকৈ প্ৰয়োজনীয়৷

 মাটিৰ খহনীয়া, অত্যাধিক ৰাসায়নিক সাৰ-প্ৰয়োগ, অপকাৰী কীট-পতংগ আদিয়ে কৃষিভূমিৰ ক্ষতিসাধন কৰি উৎপাদন কমাই আনিছে৷ এনে অঞ্চলৰ পুনৰুদ্ধাৰৰ বাবে জৈৱিক সাৰ প্ৰয়োগ, জৈৱিক পদ্ধতিৰে কীট-পতংগৰ প্ৰতিৰোধ, একেবিধ খেতিৰ সলনি মিশ্ৰিত খেতি আৰু প্ৰয়োজন সাপেক্ষে উপকাৰী গছৰোপণ কৰি সহায় কৰিব পাৰি৷ এনে পদক্ষেপবোৰে খেতিৰ মাটি উৰ্বৰা কৰে আৰু কম মাটিতে অধিক উৎপাদনতো সহায় কৰিব পাৰে৷ 

মিজোৰামৰ আইজ’ল চহৰ


নগৰ অঞ্চল: পৃথিৱীৰ প্ৰায় এক শতাংশ নগৰ অঞ্চল কিন্তু এই নগৰসমূহতে বৰ্তমান মুঠ জনসংখ্যাৰ অৰ্ধাংশ লোকে বসবাস কৰে৷ বৃহৎ নগৰ আৰু টাউন এলেকাবোৰক বহুতে প্ৰাকৃতিক মৰুভূমি (ecological deserts) বুলি আখ্যা দিয়ে কিন্তু এনে অঞ্চলৰো পৰিৱেশ পুনৰুদ্ধাৰ কৰাৰ থল আছে৷ কংক্ৰীটৰ অৰণ্য, যান-বাহনৰ ভিৰৰ মাজতো নগৰীয়া অঞ্চলবোৰে আমাৰ জীৱন-ধাৰণ স্বাস্থ্যকৰ কৰি তুলিব পাৰে৷

নগৰসমূহ মূলত ক্ষতিগ্ৰস্ত হৈছে প্ৰদূষণ আৰু অস্বাস্থ্যকৰ- অপৰিষ্কাৰ পৰিৱেশেৰে৷ ইয়াৰ পুনৰুদ্ধাৰৰ বাবে পথৰ আশে পাশে স্থানীয় উদ্ভিদ ৰোপন আৰু প্ৰতিপালন কৰি আৰু সৰু-বৰ সেউজ উদ্যান আদি গঢ়ি তুলি এটা সুস্থ পৰিৱেশ গঢ়াত অৰিহণা যোগাব পাৰে৷ তেনেদৰে প্লাষ্টিকৰ ব্যৱহাৰ পৰিহাৰ কৰি চলিলে এনে আৱৰ্জনাই প্ৰদূষণ কৰাৰো সম্ভাৱনা কমি যায়৷ তাৰোপৰি স্থানীয় সচেতন মহলে পৌৰনিগমৰ সৈতে লগ লাগি নলা-নৰ্দমাবোৰ পৰিষ্কাৰ কৰাৰ ব্যৱস্থা কৰিব পাৰে৷ 


আমাৰ চাৰিওকাষৰ বিভিন্ন পৰিস্থিতিতন্ত্ৰই বহুতো উপায়েৰে আমাৰ দৈনন্দিন জীৱন সুচল কৰি তুলিছে, আমাৰ স্বাস্থ্য আৰু কল্যান সুনিশ্চিত কৰি ৰাখিছে৷ গতিকে মানৱ জাতি তিষ্ঠি থাকিবৰ বাবেই মানুহে প্ৰাকৃতিক পৰিৱেশ আৰু জীৱকুলৰ ভাৰসাম্যতা ৰক্ষা কৰাৰ অতিকৈ প্ৰয়োজন৷ কিন্তু এই সকলোবোৰ উপযোগীতা বিনামূল্যেই বা অযাচিতেই পাই অহাৰ বাবেই হয়তো মানুহে প্ৰকৃতি বিনষ্ট কৰাৰ আগতে এবাৰ ভাৱি চোৱাৰ অৱকাশ নোলায়৷ এইপথতে একেগতিৰে আগবাঢ়ি গৈ থাকিলে মানৱজাতিয়ে নিজৰে কৃতকৰ্মৰ ফল বৰ্তমানতকৈও ভয়াবহভাৱে ভুগিবলৈ সাজু হ’ব লাগিব৷ আমাৰ জীৱন-ধাৰণৰ বাবে অপৰিহাৰ্য্য খাদ্য আৰু স্বাস্থ্যৰ ওপৰতে ইয়াৰ সকলোতকৈ গম্ভীৰ প্ৰভাৱ পৰিব৷ ক’ৰনা ভাইৰাছ ৰোগৰ প্ৰাদুৰ্ভাৱ আৰু ইয়াৰ পৰা হোৱা ব্যাপক ক্ষতিয়ে পুনৰবাৰ আমাক সোঁৱৰাই গৈছে যে, প্ৰাকৃতিক পৰিৱেশ ধবংসই মানৱজাতিৰ অস্তিত্ব ৰক্ষা কৰি থকা প্ৰক্ৰিয়াটোকে ধবংস কৰে৷ প্ৰকৃতিয়ে মানৱসমাজলৈ প্ৰেৰণ কৰা এই বাৰ্তাই আমাক সকলোকে জাগ্ৰত কৰি তোলক৷ বিশ্ব পৰিৱেশ দিৱস মাথোঁ এটা দিৱস নহওক, ই হওক পৰিৱেশ পুনৰুদ্ধাৰৰ এক দৃঢ় সংকল্প৷ এয়াই সকলোৰে প্ৰতি সময়ৰ আহ্বান৷ 

Friday, 30 April 2021

মহামাৰী ৰোধৰ বাবে জৈৱবৈচিত্ৰ্য সংৰক্ষণ

  • আমাৰ দেহত  দেখা দিয়া তিনি-চতুৰ্থাংশ সংক্ৰমনশীল ৰোগ  হয় জন্তুৰ পৰা বীজাণুৰ  সঞ্চাৰণৰ যোগেদি৷
  • মানুহৰ অদুৰদৰ্শী কাৰ্য্যকলাপৰ ফলত প্ৰাকৃতিক পৰিৱেশ বিনষ্ট  হোৱাৰ  বাবে ৰোগৰ বীজাণুৰ বাহক বন্য জন্তুৰ লগত মানুহ আৰু পোহনীয়া জন্তুৰ সংস্পৰ্শ বাঢ়িছে ৷
  • ভৱিষ্যতে কৰ'না ভাইৰাছ ৰোগৰ দৰে মহামাৰী  প্ৰতিৰোধ কৰিবলৈ জৈৱবৈচিত্ৰ্যৰ সংৰক্ষণ অতি প্ৰয়োজন৷

এবছৰৰ অধিক দিন কৰ'না ভাইৰাছ ৰোগৰ গ্ৰাসত স্তব্ধ হৈ ৰোৱাৰ পিছত বৰ্তমান পৃথিৱীৰ দেশে দেশে এই ৰোগৰ প্ৰতিষেধকৰ বিতৰণ আৰম্ভ হৈছে৷ লগতে ৰোগৰ সংক্ৰমণ ৰোধ আৰু চিকিৎসাৰো প্ৰচেষ্টা পূৰ্ণোদ্যমে চলি আছে৷ কৰ'না ভাইৰাছ ৰোগৰ দৰে যিকোনো মহামাৰী ৰোধৰ বাবে এই সকলোবোৰ প্ৰচেষ্টা খুবেই প্ৰয়োজনীয়৷ কিন্তু একেসময়তে আমি পাহৰিলে নহ’ব যে এইবোৰ পদক্ষেপ প্ৰকৃততে ৰোগৰ মূল উৎস ৰোধৰ সলনি কেৱল লক্ষণ নিৰাময়ৰ দৰে ব্যৱস্থাহে৷ কৰ'না ভাইৰাছ ৰোগে ভাইৰাছকে আদি কৰি অন্য ৰোগৰ বীজাণুৰ সংক্ৰমণ ঘটি কেনে ভয়াবহ মহামাৰীৰ ৰূপ ল’ব পাৰে সেয়া সমগ্ৰ বিশ্বকে সোঁৱৰাই গ’ল ৷ গতিকে ইয়াৰ পুনৰাবৃত্তি নহ’বলৈ এনে ৰোগৰ সংক্ৰমণৰ মূল কাৰকবোৰ আৰু ইয়াৰ প্ৰতিৰোধৰ ব্যৱস্থাবোৰ ফঁহিয়াই চোৱাটোও অতি জৰুৰী৷ 

আমি সকলোৱে ইতিমধ্যেই গম পাইছোঁ যে কৰ'না ভাইৰাছ ৰোগৰ আৰম্ভ হৈছিল চীন দেশৰ ৱ’হান প্ৰদেশত বন্য জন্তুৰ পৰা মানুহলৈ সংক্ৰমণ হোৱা ভাইৰাছৰ জড়িয়তে৷ কিন্তু আমি বহুতেই হয়তো নাজানো, ইয়াৰ পূৰ্বেও কেইবাটাও মহামাৰীৰ উৎপত্তি হৈছিল একেই প্ৰক্ৰিয়াৰে৷ উদাহৰণস্বৰূপে, বিংশ শতাব্দীত এইচ আই ভি ভাইৰাছৰ সংক্ৰমণ হৈছিল চিম্পাঞ্জী আৰু গৰিলাৰ পৰা মানুহলৈ ৰোগৰ বীজাণু বিয়পি৷ তেনেদৰে ছোৱাইন ফ্লু , ইব’লা, জিকা  আৰু নিপা ভাইৰাছ আদিৰ মহামাৰী বন্য জন্তুৰ পৰাই মানুহলৈ বিয়পিল বুলি ইতিমধ্যে তথ্য পোৱা গৈছে৷ এইখিনিতে আহি পৰে মহামাৰীৰ প্ৰাদুৰ্ভাৱ আৰু জৈৱবৈচিত্ৰ্য ধ্বংসৰ মাজৰ ওত:প্ৰোত সম্পৰ্কৰ কথা ৷   

জৈৱবৈচিত্ৰ্যৰ সৈতে মহামাৰীৰ সম্পৰ্ক

জৈৱবৈচিত্ৰ্য সংৰক্ষণ আৰু স্বাস্থ্য দুয়োটা এক জটিল প্ৰাকৃতিক আৰু আৰ্থসামাজিক প্ৰক্ৰিয়াৰে পাৰস্পৰিকভাৱে সংযুক্ত৷ শেহতীয়াকৈ আইপিবিইএছ (Intergovernmental Science-Policy Platform on Biodiversity and Ecosystem Services, IPBES) নামৰ আন্ত:ৰাষ্ট্ৰীয় সংস্থাই প্ৰকাশ কৰা এক প্ৰতিবেদনত  জৈৱবৈচিত্ৰ্য ধ্বংস আৰু মহামাৰীৰ সম্ভাৱনা বৃদ্ধি কৰা কাৰকসমূহৰ মাজৰ সম্পৰ্কৰ বিশ্লেষণ দাঙি ধৰিছে৷ জৈৱবৈচিত্ৰ্য ধ্বংসৰ কাৰক যেনে বনাঞ্চল ধ্বংস, বেদখল, চোৰাংচিকাৰ আৰু বন্য জীৱৰ বেআইনী বেপাৰ আদি সংক্ৰংমণশীল ৰোগ(infectious disease)ৰ উৎপত্তিৰো মূল কাৰণ৷ প্ৰতিবেদনখনত প্ৰকাশ পাইছে যে, ১৯৮০ৰ দশকৰ পৰা বিশ্বৰ বিভিন্ন প্ৰান্তত সংক্ৰমণশীল ৰোগৰ প্ৰাদুৰ্ভাৱ ক্ৰমাগতভাৱে বাঢ়ি আহিছে৷ উদাহৰণস্বৰূপে, ১৯৮০ ৰ পৰা ২০১৩ চনলৈ ১২,০১২ টা বিভিন্ন মহামাৰীৰ প্ৰাদুৰ্ভাৱ ঘটিছে য’ত বিশ্বৰ প্ৰতিখন দেশেই কম-বেছি পৰিমাণে আক্ৰান্ত হৈছে৷  একেসময়তে বনাঞ্চল ধবংসৰ হাৰ যোৱা দুটা দশকত অনিয়ন্ত্ৰিত ৰূপত বৃদ্ধি পাইছে আৰু বিশ্বত বিভিন্ন সময়ত দেখা পোৱা ৩১% ৰোগ যেন ইব’লা, জিকা আৰু নিপা ভাইৰাছৰ মহামাৰীৰ প্ৰাদুৰ্ভাৱৰ সৈতে ইয়াৰ পোনপটীয়া সম্পৰ্ক থকা বুলি জানিব পৰা গৈছে৷ 

ইণ্ডোনেছিয়াৰ এখন বজাৰত বন্যজন্তুৰ মাংস
আলোকচিত্ৰ: Axel Drainville
বন্য জন্তুৰ পৰা মানুহলৈনো কেনেকৈ ৰোগ বিয়পে? বৈজ্ঞানিক গৱেষণাই দেখুৱাইছে যে  প্ৰতিটো বন্য জন্তুৰ দেহতে এটা নিৰ্দিষ্ট সংখ্যক ভাইৰাছ আৰু বেক্টেৰিয়া থাকে৷ সাধাৰণতে ইয়াৰ বেছিভাগেই নিৰাপদ৷ ইয়াৰে মাথোঁ এটা সৰু অংশৰহে মানুহৰ দেহত ৰোগ সৃষ্টি কৰাৰ সামৰ্থ্য থাকে৷ আই বি পি এছৰ প্ৰতিবেদনখনত প্ৰকাশ পোৱা মতে স্তন্যপায়ী আৰু চৰাইৰ দেহত থকা মানুহলৈ এতিয়াও নিবিয়পা কিন্তু সাম্ভাৱ্য ক্ষতিকৰ ভাইৰাছৰ সংখ্যা প্ৰায় ১৭ লাখ ৷ এই ৰোগৰ বীজাণুবোৰৰ  বিশেষ পৰিৱেশতহে উৎপৰিৱৰ্ত্তন (evolve) ঘটি মানুহক আক্ৰান্ত কৰিব পৰা সংক্ৰমণশীল ৰোগৰ সৃষ্টি হয়৷  প্ৰত্যক্ষ বা পৰোক্ষভাৱে মানুহ বন্য জন্তুৰ সংস্পৰ্শলৈ আহিলে জন্তুৰ দেহত থকা সংক্ৰমণশীল ৰোগৰ বীজাণু আমাৰ দেহলৈ বিয়পিব পাৰে৷ বৈজ্ঞানিক পৰিভাষাত এই প্ৰক্ৰিয়াক ’স্পিল অভাৰ’ (spillover) বুলি কোৱা হয়৷ এই প্ৰক্ৰিয়া সংঘটিত হ’ব পাৰে বহুতো উপায়েৰে- পোনপটীয়াকৈ যেনে, বনৰীয়া জন্তুৱে কামুৰিলে, কেঁচা বা ভালকৈ নিসিজোৱা বনৰীয়া জন্তুৰ মাংস খালে, আনকি দূষিত পানীৰ জড়িয়তেও৷ তাৰোপৰি পৰোক্ষভাৱে বনৰীয়া জীৱ-জন্তুৰ পৰা পোহনীয়া জন্তুলৈ বিয়পিও ৰোগৰ বীজাণুৱে মানুহক সংক্ৰমিত কৰিব পাৰে৷ মানুহে বনাঞ্চল মোকলাই খেতি-পথাৰ, ঘৰ-দুৱাৰ সাজি বাস কৰিবলৈ লোৱাৰে পৰা মানুহ আৰু ঘৰচীয়া জীৱ-জন্তুৰ বন্য পশু-পক্ষীৰ সৈতে সংস্পৰ্শ আগতকৈ বাঢ়িছে৷ বেআইনী আৰু নিয়ন্ত্ৰণবিহীন বন্য জন্তুৰ বেপাৰ আৰু অস্বাস্থ্যকৰ পৰিৱেশত কৰা পোহনীয়া আৰু বনৰীয়া জন্তুৰ মাংসৰ বজাৰবোৰেও এনে ৰোগৰ বীজাণু মানুহলৈ বিয়পাৰ উপযুক্ত পৰিৱেশ এটা গঢ়ি তোলে৷ এনে পৰিৱেশত ভাইৰাছৰ জিনগত পৰিৱৰ্ত্তন (genetic recombination) ঘটি মানুহক আক্ৰান্ত কৰিব পৰা ন’ভেল ভাইৰাছৰ উৎপত্তিৰ সম্ভাৱনাও বাঢ়ি যায়৷ 

বনাঞ্চল ধ্বংসই মহামাৰীৰ সম্ভাৱনা বৃদ্ধি কৰে

জনসংখ্যা বিস্ফোৰণ আৰু মানুহৰ অদুৰদৰ্শী কাৰ্য্যকলাপৰ ফলত প্ৰকৃতিৰ ওপৰত পৰা বিৰূপ প্ৰভাৱে জন্তুৰ পৰা মানুহলৈ ৰোগৰ বীজাণু সংক্ৰমণ হোৱাৰ আশংকা যথেষ্ট পৰিমাণে বঢ়াই তোলে৷ উদাহৰণস্বৰূপে, ১৯৬০ চনৰ পৰা বৰ্তমানলৈ বিশ্বত দেখা দিয়া প্ৰায় ৩০% শতাংশ নতুন ৰোগৰ উৎপত্তিৰ মূলতে ভূমিৰ ব্যৱহাৰৰ পৰিৱৰ্ত্তন ( Land-use change) যেনে বনাঞ্চল ধবংস, বেদখল, বনাঞ্চলৰ কাষৰীয়া অঞ্চলত  খেতি-বাতি আৰু গৰু-ছাগলী পালন আৰু নগৰীকৰণ বুলি জানিব পৰা গৈছে৷ বনাঞ্চলত কুণ্ডা কটা  (Logging), খনন (mining), পথ আৰু  বান্ধ আদিৰ নিৰ্মাণ, অপৰিকল্পিত নগৰীকৰণ আদিৰ ফলত বনাঞ্চলসমূহৰ অপূৰণীয় ক্ষতি হৈছে৷ ইয়াৰ ফলতেই বাসস্থান আৰু খাদ্যৰ সন্ধানত বন্য জন্তু মানুহৰ বাসস্থানৰ কাষ চাপিছে আৰু ৰোগ সঞ্চাৰণৰ আশংকা বৃদ্ধি পাইছে৷ 

মানুহে জৈৱবৈচিত্ৰ্য ধ্বংস কৰি প্ৰাকৃতিক সমতা বিনষ্ট কৰাৰ ফলত খাদ্য শৃংখলত বিজুতি ঘটাটোও মহামাৰীৰ প্ৰাদুৰ্ভাৱৰ অন্য এটা কাৰণ৷ প্ৰকৃতিত প্ৰতিটো জীৱ বা জন্তুৰে এটা নিৰ্দিষ্ট ভূমিকা থাকে আৰু সকলোবোৰ জীৱ-জন্তু খাদ্য-শৃংখল (food chain) ৰ যোগদি ইটোৱে সিটোৰ লগত সংযুক্ত হৈ থাকে৷ উদাহৰণস্বৰূপে, হৰিণাই ঘাঁহ খায় আৰু হৰিণাক বাঘে খায়৷ গতিকে অৰণ্যত ঘাঁহ বা হৰিণাৰ সৈতে বাঘৰ জীৱন সংযুক্ত হৈ থাকে৷ এই খাদ্য শৃংখলৰ ওপৰৰ ফালে কোনো জন্তুৰ সংখ্যা কমিলে বা বিলুপ্ত হ’লে শংখলৰ তলৰ জীৱ-জন্তুবোৰৰ সংখ্যা অনিয়ন্ত্ৰিতভাৱে বাঢ়িবলৈ লয়৷ গতিকে জৈৱবৈচিত্ৰ্য হ্ৰাস পোৱাৰ ঘটনাটো যাদৃচ্ছিক (random) নহয়৷ জৈৱবৈচিত্ৰ্য ধ্বংসৰ লগে লগে কিছুমান প্ৰজাতিৰ সংখ্যা কমি যোৱাৰ লগে লগে অন্য কিছুমান প্ৰজাতিৰ সংখ্যা বাঢ়ি গৈছে৷ চিন্তনীয় কথাটো হ’ল, বনাঞ্চল ধবংসৰ ফলত বহুতো বিৰল প্ৰজাতি লোপ পাইছে কিন্তু একেসময়তে খাদ্য-শৃংখলত অসমতাৰ ফলত অনিয়ন্ত্ৰিতভাৱে বাঢ়ি গৈছে নিগনি, এন্দুৰ, বাদুলি আদি৷ এইবোৰ প্ৰজাতিৰ বহুতেই ৰোগৰ বীজাণুৰ মূখ্য বাহক৷ ইয়াৰ প্ৰমাণ প্ৰথমে পোৱা গৈছিল নব্বৈৰ দশকত মালয়েছিয়াত দেখা দিয়া নিপা ভাইৰাছৰ মহামাৰীত৷ বনাঞ্চল ধবংসৰ ফলত মালয়েছিয়াত বাদুলিৰ প্ৰজাতিবোৰ (fruit bats) অৰণ্যৰ পৰা ওলাই আহি গাহৰিৰ পামত থকা আমৰ বাগানত বাস কৰিবলৈ লয়৷ সিহঁতৰ দেহত থকা নিপা ভাইৰাছে বাদুলি একো অপকাৰ নকৰে কিন্তু বাদুলিৰ মুখৰ লেলাউটি আৰু বিষ্ঠাৰ পৰা গাহৰিবোৰ আক্ৰান্ত হ’ল৷ এই গাহৰিৰ পৰাই পামৰ বনুৱাবোৰৰ দেহলৈ নিপা ভাইৰাছ সংক্ৰমণ হ’ল৷ তেনেদৰে শেহতীয়াকৈ লণ্ডনৰ ইউনিভাৰ্ছিটি কলেজৰ এক গৱেষণাত ধৰা পৰিছে যে এখন বনাঞ্চল নগৰীয়া ঠাইলৈ ৰূপান্তৰ কৰাৰ লগে লগে জৈৱবৈচিত্ৰ্য হ্ৰাস পালে, কিন্তু বাদুলি, এন্দুৰকে ধৰি ১৪৩ বিধ স্তন্যপায়ী জন্তুৰ জনসংখ্যা বাঢ়িল, যিবোৰৰ দেহত মানুহলৈ বিয়পিব পৰা ৰোগৰ বীজাণু থাকে বুলি তথ্য আছে৷ গতিকে এই গৱেষণাই জৈৱবৈচিত্ৰ্য হ্ৰাসৰ সৈতে ৰোগৰ প্ৰাদুৰ্ভাৱৰ মাজত নিকট সম্পৰ্ক প্ৰতিষ্ঠা কৰিলে৷ 

বনাঞ্চল আৰু জৈৱবৈচিত্ৰ্য ধবংসৰ ফলত হ’ব পৰা ৰোগৰ সংক্ৰমণৰ আশংকা আটাইতকৈ বেছি অসমৰ দৰে ক্ৰান্তীয় (tropics) বা গ্ৰীষ্মপ্ৰধান অঞ্চলবোৰত৷ বিশ্বৰ গ্ৰীষ্মপ্ৰধান অঞ্চলবোৰত দেখা পোৱা প্ৰজাতিৰ সংখ্যা নাতিশীতোষ্ণ অঞ্চলতকৈ বহুত বেছি৷ গ্ৰীষ্মপ্ৰধান অঞ্চলত জৈৱবৈচিত্ৰ্য অধিক বাবে ইটোৰ পৰা সিটো প্ৰজাতিলৈ স্থানান্তৰ হৈ ৰোগ সৃষ্টি কৰিব পৰা ভাইৰাছৰ সংখ্যাও বেছি৷ মানুহৰ পৰা আঁতৰত প্ৰাকৃতিক পৰিৱেশত এই প্ৰক্ৰিয়াবোৰ বনাঞ্চলতে সীমাবদ্ধ হৈ থাকে৷ কিন্তু যেতিয়াই এনে বনাঞ্চল ধবংস কৰি মানুহে পথ নিৰ্মাণ, খেতি বা বাস কৰিবলৈ লয়, তেতিয়াই এই বীজাণু বহনকাৰী জীৱ-জন্তু মানুহৰ সংস্পৰ্শলৈ আহে৷ এনে জন্তুৰ মাংস চিকাৰ কৰি বেআইনী বজাৰত বেহা কৰাৰ সময়ত জন্তুৰ পৰা মানুহলৈ ভাইৰাছৰ স্থানান্তৰ হোৱাৰ বাট মুকলি হয়৷ গতিকে জৈৱবৈচিত্ৰ্যত চহকী কিন্তু মানুহৰ জনসংখ্যাৰ আধিক্য থকা অঞ্চলবোৰত ’স্পিল অভাৰ’ প্ৰক্ৰিয়াৰ সম্ভাৱনা অধিক৷ অৱশ্যে এইকাৰণতে মহামাৰীৰ প্ৰাদূৰ্ভাৱ কেৱল জৈৱবৈচিত্ৰ্যৰ ক্ষেত্ৰত চহকী অঞ্চলবোৰতহে হোৱাৰ সম্ভাৱনা বেছি বুলি ধাৰণা কৰাটো ভুল হ’ব৷ লগতে এনে অঞ্চলৰ অৰণ্য ধ্বংস কৰি বন্য জীৱ-জন্তু নি:শেষ কৰাটো ইয়াৰ সমাধান নহয়৷ তাৰ পৰিৱৰ্ত্তে, এনে বিপদসংকুল অঞ্চলত সমাজৰ সকলো স্তৰৰ সম্প্ৰদায়সমূহৰ মাজত সংক্ৰমণশীল ৰোগ বিয়পাৰ মূল কাৰণ আৰু জনস্বাস্থ্যৰ প্ৰতি থকা ভাবুকিসমূহৰ বিষয়ে সচেতনতা অনাৰ প্ৰয়োজন৷ ভৱিষ্যতে কৰ'না ভাইৰাছ ৰোগৰ দৰে মহামাৰীৰ প্ৰাদূৰ্ভাৱ আৰু সংক্ৰমণ ৰোধ কৰিবলৈ হ’লে এই গ্ৰামীণ আৰু অৰণ্যৰ দাঁতিকাষৰীয়া অঞ্চলসমূহৰ সামাজিক আৰু অৰ্থনৈতিক পৰিৱৰ্ত্তনৰ সৈতে জৈৱবৈচিত্ৰ্য আৰু জনস্বাস্থ্যৰ সম্পৰ্কৰ বিভিন্ন দিশসমূহ বিশ্লেষণ কৰাৰ প্ৰয়োজন৷

অৰণ্যৰ দাঁতিকাষৰীয়া অঞ্চলসমূহত বন্যপ্ৰাণী পোনপটীয়াকৈ মানুহৰ সংস্পৰ্শলৈ আহে

আই পি বি এছৰ শেহতীয়া প্ৰতিবেদনখনে সমগ্ৰ বিশ্বকে সকীয়াই দিছে যে বনাঞ্চল আৰু জৈৱবৈচিত্ৰ্য সংৰক্ষণৰ সময়োচিত ব্যৱস্থা নল’লে ভৱিষ্যতে বিশ্বত মহামাৰীৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পাই গৈ থাকিব আৰু বিনষ্ট পৰিৱেশে এই মহামাৰীৰ বিস্তৃতিও অধিক খৰতকীয়া কৰি তুলিব৷ এই সকলোবোৰ কাৰকে বিশ্বৰ অৰ্থনীতি আৰু জনস্বাস্থ্যৰ ওপৰত কৰ’না ভাইৰাছ ৰোগতকৈও অধিক ভয়াবহ প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা প্ৰবল৷ মহামাৰীৰ প্ৰাদূৰ্ভাৱ হ’লেহে নিৰাময়ৰ ব্যৱস্থা কৰাৰ সলনি তাৰ আগতেই ৰোগ সংক্ৰমণৰ মূল উৎসবোৰ বিচাৰ কৰিলেহে সময়োচিত প্ৰতিৰোধ ব্যৱস্থা ল’বলৈ সক্ষম হ’ব৷ মহামাৰীৰ আগতীয়া আশংকা নিবাৰণ (risk reduction)ত হোৱা ব্যয় মহামাৰীৰ নিয়ন্ত্ৰণত হোৱা ব্যয়তকৈ এশগুণ পৰ্য্যন্ত কম হ’ব পাৰে৷ গতিকে ভৱিষ্যতে মহামাৰী ৰোধ কৰিবলৈ প্ৰতিক্ৰিয়াৰ পৰা প্ৰতিৰোধ (reaction to prevention) লৈ আমাৰ  মানসিকতাৰ পৰিৱৰ্ত্তন কৰাৰ দৰকাৰ৷ ইয়াৰ বাবে মাথোঁ প্ৰয়োজন মানুহ আৰু প্ৰকৃতিৰ মাজৰ পৰিৱৰ্ত্তনশীল সম্পৰ্কৰ এক নিৰ্মোহ বিশ্লেষণৰ৷ 

মহামাৰী ৰোধৰ বাবে আমাৰ কৰণীয়

ভৱিষ্যতে কৰ’না ভাইৰাছ ৰোগৰ দৰে মহামাৰীৰ আগতীয়াকৈ প্ৰতিৰোধ কৰাত সমাজৰ সকলো শ্ৰেণীৰে যথেষ্ট কৰণীয় আছে৷ প্ৰকৃতিবিদসকলে সংক্ৰমণশীল ৰোগৰ গৱেষক আৰু জনস্বাস্থ্য বিভাগৰ কৰ্মীৰ সৈতে একেলগে স্বাস্থ্য, প্ৰাকৃতিক পৰিৱেশ আৰু বহনক্ষম উন্নয়ন (sustainable development) আদি সকলো দিশৰ সামগ্ৰিক বিশ্লেষণৰ জড়িয়তে ৰোগ সংক্ৰমণৰ সম্ভাৱনা বিচাৰ কৰাৰ দৰকাৰ৷ এনে বিশ্লেষণে ভৱিষ্যতে কোন অঞ্চলত মহামাৰীৰ প্ৰাদূৰ্ভাৱৰ আশংকা প্ৰবল, কেনে ৰোগৰ বীজাণু সংক্ৰমণ হ’ব পাৰে আৰু সামাজিক আৰু অৰ্থনৈতিক পৰিৱৰ্ত্তনে তাত কেনে প্ৰভাৱ পেলাব পাৰে তাৰ পূৰ্বানুমান দিবলৈ সক্ষম হ’ব৷ এই তথ্যৰ ভিত্তিত জীৱ-জন্তুৰ পৰা মানুহৰ দেহলৈ ৰোগ সংক্ৰমণৰ মানচিত্ৰ অৰ্থাৎ ৰিস্ক মেপ প্ৰস্তুত কৰিব পৰা যাব৷ পূৰ্বতে বিজ্ঞানীসকলে  আফ্ৰিকাৰ ইব’লা মহামাৰীৰ সময়ত এনে মানচিত্ৰ প্ৰস্তুত কৰি উলিয়াইছিল৷ ইয়াৰ পৰাই কংগো দেশত যোৱা কেইবছৰত কোনবোৰ ঠাইত মহামাৰী আৰম্ভ হোৱাৰ সম্ভাৱনা আছে সেয়া সঠিকভাৱে ভৱিষ্যতবাণী কৰি উচিত পদক্ষেপ ল’বলৈ সক্ষম হৈছিল৷ গতিকে এনে প্ৰচেষ্টাই ভৱিষ্যতে কৰ’না ভাইৰাছ মহামাৰীৰ দৰে মহামাৰীৰ পূৰ্বানুমান পোৱাৰো বাট মুকলি কৰিব৷

একেসময়তে চৰকাৰ আৰু সংশ্লিষ্ট বিভাগসমূহে বনাঞ্চল আৰু জৈৱবৈচিত্ৰ্য ধ্বংসৰ প্ৰতিৰোধ, সংৰক্ষিত বনাঞ্চলৰ প্ৰতিৰক্ষা, বন্য প্ৰাণীৰ বেহা-বেপাৰ নিয়ন্ত্ৰণ কৰিবলৈকো সমুচিত পদক্ষেপ লোৱাৰ প্ৰয়োজন৷ তেনেদৰে যিকোনো উন্নয়নৰ প্ৰকল্প হাতত লোৱাৰ আগতেই ইয়াৰ ফলত হ’ব পৰা সংক্ৰমণশীল ৰোগ আৰু মহামাৰীৰ প্ৰাদূৰ্ভাৱৰ আশংকাও বিচাৰ কৰি চোৱাৰ অতিকৈ প্ৰয়োজন৷ লগতে বিশ্বৰ দেশসমূহে  কৰ’না ভাইৰাছ ৰোগৰ দৰে যিকোনো মহামাৰীৰ  প্ৰতিৰোধ  আৰু  অৰ্থনৈতিক অৱস্থাৰ পুনৰুদ্ধাৰৰ  পৰিকল্পনাত  জৈৱবৈচিত্ৰ্য সংৰক্ষণৰ  পদেক্ষেপ অন্তৰ্ভুক্ত কৰাটোও অতিকৈ প্ৰয়োজনীয়৷ গ্ৰামীণ আৰু নগৰ অঞ্চলসমূহৰ বিনষ্ট পৰিৱেশ উদ্ধাৰ কৰি অধিক স্থিতিস্থাপক (resilient) কৰিব পাৰিলেহে ৰোগৰ সংক্ৰমণৰ আশংকাও কমাব পৰা যাব৷ 

আলোকচিত্ৰ: Arın Turkay
কংক্ৰিটৰ অৰণ্যত বন্দী আমাৰ বহুতৰ বাবে প্ৰকৃতি বা জৈৱবৈচিত্ৰ্যৰ ধাৰণাটো মানৱ সমাজৰ পৰা বিছিন্ন এক বিষয় যেন ভাৱ হ’ব পাৰে৷ কিন্তু আমাৰ অজানিতেই প্ৰকৃতিয়ে বহু দিশৰ পৰা দৈনন্দিন জীৱন সুচল কৰি তুলিছে, আমাৰ স্বাস্থ্য আৰু কল্যান (well-being) সুনিশ্চিত কৰি ৰাখিছে৷ পৰিস্কাৰ পানী, বায়ুৰ পৰা জলবায়ু নিয়ন্ত্ৰণলৈকে আমাৰ জীৱনৰ তেনেই প্ৰাথমিক প্ৰয়োজনবোৰ পূৰাই ৰাখিছে প্ৰকৃতিয়ে৷ গতিকে কেৱল প্ৰকৃতিৰ বাবে নহয়, মানৱ জাতি তিষ্ঠি থাকিবৰ বাবেই মানুহে প্ৰাকৃতিক পৰিৱেশ আৰু জীৱকুলৰ ভাৰসাম্যতা ৰক্ষা কৰাৰ অতিকৈ প্ৰয়োজন৷ যোৱাটো শতিকাত হোৱা অভাৱনীয় বনাঞ্চল ধবংস, খেতিৰ প্ৰসাৰ আৰু খনন আদিয়ে প্ৰাকৃতিক ভাৰসাম্য নষ্ট কৰাৰ ফলত মানুহৰে জীৱনলৈকে আশংকা আহি পৰিছে৷ মানুহৰ ধ্বংসাত্মক কাৰ্য্যৰ ফলত সমগ্ৰ বিশ্বৰে ৭৫% ভুখণ্ড আৰু ৬৬% সাগৰীয় অঞ্চল ক্ষতিগ্ৰস্ত হৈছে আৰু প্ৰায় এক মিলিয়ন অৰ্থাৎ দহ লাখ উদ্ভিদ আৰু প্ৰাণীৰ প্ৰজাতি সংকটৰ গৰাহত পৰিছে৷ কৰ’না ভাইৰাছ মহামাৰী এই বিনষ্ট প্ৰাকৃতিক ভাৰসাম্যতা আৰু জৈৱবৈচিত্ৰ্য হ্ৰাসৰ ভয়াবহ পৰিণতিৰ এক নমান্তৰ মাথোঁ৷ এই মহামাৰীয়ে আকৌ এবাৰ নতুনকৈ মানৱজাতিক উপলব্ধি কৰাইছে যে প্ৰকৃতি সংৰক্ষণ আমাৰ নিজৰ অস্তিত্ব ৰক্ষাৰ বাবেই অতিকৈ প্ৰয়োজনীয়৷ 


তথ্যউৎস
  • ’Why deforestation and extinctions make pandemics more likely’-Jeff Tollefson, Nature 584, 175-176 (2020) https://www.nature.com/articles/d41586-020-02341-1
  • 'Celebrating and Safeguarding Biodiversity to Prevent the Next Pandemic' UN Chronicle 5 June, 2020 https://www.un.org/en/un-chronicle/celebrating-and-safeguarding-biodiversity-prevent-next-pandemic-0
  • 'How biodiversity loss is hurting our ability to combat pandemics'-John Scott 09 Mar 2020, The World Economic Forum COVID Action Platform (https://www.weforum.org/agenda/2020/03/biodiversity-loss-is-hurting-our-ability-to-prepare-for-pandemics/)
  • IPBES Report on biodiversity and pandemics

Monday, 16 November 2020

নাগৰিক বিজ্ঞান: ৰাইজৰ বাবে, ৰাইজৰ দ্বাৰা আৰু ৰাইজৰ বিজ্ঞান

বিজ্ঞান বুলি ক’লেই হয়তো আমাৰ মনলৈ আহে লেবৰেটৰীত শুভ্ৰ কোট পৰিহিত গৱেষকৰ দল, ভিন্ন আকৃতি-প্ৰকৃতিৰ যন্ত্ৰ বা অবোধ্য কিছুমান সমীকৰণৰ এখন প্ৰতিচ্ছবি! বহুতেই ভাৱি লয়, এয়া হয়তো আমাৰ মগজুৰ পৰিধিৰ বাহিৰত, আমাৰ দৈনন্দিন জীৱনৰ পৰা বহু নিলগৰ এক জগত! যদি আপোনাৰ মনতো বৰ্তমান এনে এটা ধাৰণাই ক্ৰিয়া কৰিছে তেনে নাগৰিক বিজ্ঞান (Citizen Science)-এ আনি দিয়া সম্পূৰ্ণ বিপৰীত এখন পৃথিৱীৰ মুখামুখি হ’বলৈ সাজু হওক! আমাৰ বহুতৰ হয়তো অজানিতেই নাগৰিক বিজ্ঞান নামৰ এই অভূতপূৰ্ব্ব আন্দোলন আৰম্ভ হৈছে, আপোনাৰ-মোৰ দৰে বহুজনে এই আন্দোলনত যোগ দিছে আৰু কণ কণ পানীৰ টোপালেৰে সাগৰ ভৰাৰ দৰে অলেখ অসংখ্য জনতাৰ অৱদানে বিজ্ঞানক সহায় কৰিছে বহু জটিল আৰু সমস্যাৰ সমাধান উলিওৱাত!

নাগৰিক বিজ্ঞান হ’ল বৈজ্ঞানিক গৱেষণাৰ বিভিন্ন পৰ্য্যায়ত জনসাধাৰণেও অংশ লৈ অৱদান আগবঢ়াব পৰা এক মাধ্যম৷ যিকোনো ঠাইৰ, যিকোনো বয়সৰ বা যিকোনো শিক্ষাগত অৰ্হতাৰ মানুহেই নাগৰিক বিজ্ঞানী হ’ব পাৰে৷ তাৰ বাবে মাথোঁ লাগে আমাৰ চাৰিওদিশৰ প্ৰকৃতিৰ বিষয়ে কিছু কৌতুহল আৰু পৰ্য্যবেক্ষণৰ আগ্ৰহ আৰু সময়৷

নাগৰিক বিজ্ঞান অৰ্থাৎ ’citizen science’ অভিধা (term)টোৰ প্ৰথম ব্যৱহাৰ কৰিছিল ১৯৯৪ চনত কপেনহেগ’নৰ এগৰাকী সমাজ বিজ্ঞানী এলেন আৰৱিন (Alan Irwin)-এ৷ তেওঁৰ মতে নাগৰিক বিজ্ঞান হ’ল ৰাইজে গঠন কৰা আৰু অৱদান আগবঢ়োৱা এক বিজ্ঞান (a form of science developed and enacted by the citizens themselves)৷ এই অভিধা শেহতীয়াকৈ যোগ হ’লেও সমূহীয়া তথ্য সংগ্ৰহ আৰু বিশ্লেষণ কৰি জনসাধাৰণে বহু শতিকা ধৰি বিজ্ঞানলৈ অৱদান আগবঢ়াই আহিছে৷ নাগৰিক বিজ্ঞানৰ ইতিহাস এতিয়াৰ পৰা দুহেজাৰ বছৰ পুৰণি৷ ১৮০০ ৰ দশকতে ৱেলছ্ কুক (Wells Cooke) নামৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ এগৰাকী পক্ষীবিজ্ঞানীয়ে চৰাইৰ পৰিভ্ৰমণৰ গৱেষণাত ৰাইজৰ সহায় লৈছিল৷ এই গৱেষণাত স্বেচ্ছাসেৱকসকলে পৰিভ্ৰমী চৰাইৰ স্থান আৰু সময়ৰ বিষয়ে তথ্য সংগ্ৰহ কৰি অৱদান আগবঢ়াইছিল৷




বৰদিনৰ পক্ষী জৰীপ
ফটো: https://wa.audubon.org/christmas-bird-count-1

অন্য এক উল্লেখযোগ্য নাগৰিক বিজ্ঞানৰ প্ৰকল্পৰ আৰম্ভণি কৰিছিল আমেৰিকা যুক্তৰাষ্ট্ৰত নেশ্যনেল অডুবন ছ’ছাইটি (National Audubon Society) নামৰ সংস্থাটোৱে৷ উনৈশ শতিকালৈ উত্তৰ আমেৰিকাত বৰদিনৰ দিনা চৰাই চিকাৰৰ এটা পৰম্পৰা প্ৰচলিত আছিল৷ সেই দিনটোত কোনে কিমান চৰাই বধ কৰিব পাৰে তাকে লৈ প্ৰতিযোগিতা হৈছিল৷ ১৯০০ চনৰ ডিচেম্বৰ মাহত নেশ্যনেল অডুবন ছ’ছাইটিয়ে সকলোকে আহ্বান জনালে বৰদিনৰ দিনা চৰাই বধ নকৰি হিচাপ কৰিবলৈ৷ বৰ্তমান এই বৰদিনৰ পক্ষী জৰীপ (Christmas Bird Count) বিশ্বৰ আটাইতকৈ দীঘলীয়াকৈ চলি থকা নাগৰিক বিজ্ঞানৰ প্ৰকল্প ৰূপে পৰিগণিত হৈছে৷

নাগৰিক বিজ্ঞানী কেনেকৈ হ’ব? আপোনাৰ আগ্ৰহ অনুসৰি যিকোনো বিষয় বাছি লওক, লাগিলে সেয়া বতৰ, গছ-লতা, জীৱ-জন্তু বা মহাকাশ যিয়েই নহওক৷ নাগৰিক বিজ্ঞানৰ পৰিসৰ যথেষ্ট বিশাল আৰু সময়ৰ লগে লগে ইয়াৰ বিস্তাৰ অধিক দ্ৰুতগামী হৈছে৷ আপুনি যদি প্ৰকৃতিৰ মাজত সময় কটাবলৈ ভাল পায় তেনে আইনেচাৰেলিষ্টইবাৰ্ড আদি এপ আপোনাৰ ফোনত ইনষ্টল কৰি ল’ব পাৰে৷ এই জৈববৈচিত্ৰ বিষয়ক নেটৱৰ্ক বোৰত সুবিধা আৰু সাৰ্মথ্য অনুসৰি আপুনি লক্ষ্য কৰা যিকোনো গছ-লতা বা জীৱ-জন্তুৰ ফটো, মাত আদিকে ধৰি নানা তথ্য যোগ দিব পাৰে৷ তেনেদৰে আপোনাক যদি মহাকাশৰ অসীম ৰহস্যইহে বেছিকৈ আকৰ্ষণ কৰে তেনে স্পেইচহেক, গেলেক্সি জু আদি প্ৰকল্পই আপোনাক সুযোগ দিব ঘৰতে বহি মঙ্গল গ্ৰহৰ পৃষ্ঠ অন্বেষণ কৰা বা সুদুৰ কোনো তাৰকাপুঞ্জ বিচৰাত!
নাগৰিক বিজ্ঞানৰ প্ৰকল্পৰ কেইটামান উদাহৰণ

ভাৰতত জনপ্ৰিয় নাগৰিক বিজ্ঞানৰ প্ৰকল্পবোৰ হ’ল, চিজনৱাটছ, আই ফাউণ্ড বাটাৰফ্লাইজ, চিটিজেন স্পেৰ’, ইবাৰ্ড, হৰ্ণবিল ৱাটছ্ ইত্যাদি (সম্পূৰ্ণ তালিকাৰ বাবে তথ্যসূত্ৰ চাব পাৰে)৷ প্ৰায়বোৰ প্ৰকল্পৰে মূখ্য ধাৰণা একেই- প্ৰকৃতিৰ বিভিন্ন ৰং-ৰূপৰ তথ্য সংগ্ৰহ৷ উদাহৰণস্বৰূপে, চিজনৱাটছ্ত অংশ ল’বলৈ আপোনাৰ কাম হ’ব, মাথোঁ পছন্দৰ যিকোনো এজোপা গছ বাছনি কৰা আৰু প্ৰতি সপ্তাহে গছজোপাৰ বিভিন্ন পৰিৱৰ্তন পৰ্য্যবেক্ষণ কৰা৷ এই তথ্যৰ সামূহিক বিশ্লেষণৰ পৰা আমি জানিব পাৰিম বিভিন্ন ঋতুৰ পৰিৱৰ্তনে আমাৰ চাৰিওদিশৰ প্ৰকৃতিৰ যেনে গছ-লতাৰ ফুল বা ফল ধৰাৰ সময়ৰ কেনে পৰিৱৰ্ত্তন আনিব পাৰে৷ ৰাইজে আগবঢ়োৱা এনে অৱদানৰ বৈজ্ঞানিক বিশ্লেষণে বহুতো উল্লেখযোগ্য আৱিষ্কাৰত সহায় কৰিব পাৰে৷

নিউয়ৰ্কৰ সোণপোক বিধ
ফটো:https://bugguide.net/node/view/1466799
কেৱল চখ পূৰাবৰ বাবেই নাগৰিক বিজ্ঞানী হৈ পৰা বহু লোকে নতুন আৱিষ্কাৰ কৰি বিজ্ঞানলৈ অমূল্য অৱদান আগবঢ়াবলৈ সক্ষম হৈছে৷ উদাহৰণস্বৰূপে, নিউয়ৰ্কৰ ৰাজ্যিক পতংগ হ’ল এবিধ বিশেষ সোণপোক (Nine-spotted ladybug)৷ কিন্তু ১৯৮২ চনৰ পৰা এই সোণপোকবিধ কোনেও দেখা পোৱা নাছিল আৰু ই বিলুপ্ত হ’ল বুলিয়ে সকলোৱে ধাৰণা কৰি লৈছিল৷ ২০১১ চনত এগৰাকী নাগৰিক বিজ্ঞানীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ এখন পামত হঠাতে এপাহ সূৰ্য্যমুখী ফুলত এই সোণপোকবিধ আৱিষ্কাৰ কৰে৷

অন্য এটা অনন্য উদাহৰণ হ’ল ফ’ল্ডইট! বিজ্ঞানীসকলে এইডছ্ গৱেষণাৰ বাবে অতিকৈ দৰকাৰী এবিধ উৎসেচক (enzyme) ৰ আৰ্হি (model) প্ৰস্তুত কৰিবলৈ চেষ্টা কৰি আছিল৷ পোন্ধৰ বছৰৰ নিৰলস প্ৰচেষ্টাৰ অন্ততো সফলতা লাভ কৰিব নোৱাৰি তেওঁলোকে এই সমস্যা জনসাধাৰণৰ বাবে মুকলি কৰি দিলে৷ তেওঁলোকে ’ফ’ল্ডইট’ নামৰ এবিধ অনলাইন খেলৰ জড়িয়তে জনসাধাৰণক আহ্বান জনালে এই আৰ্হি তৈয়াৰ কৰাত সহায় কৰিবলৈ৷ দুইলাখৰো অধিক লোকে এই অনলাইন খেলবিধত অংশ ল’লে আৰু তিনিসপ্তাহৰ ভিতৰতে ৰহস্যৰ সমাধান উলিয়াবলৈ সক্ষম হ’ল! 

নাগৰিক বিজ্ঞান বহু দিশৰ পৰা আজিৰ পৃথিৱীত অপৰিহাৰ্য্য আৰু অৱধাৰিত হৈ পৰিছে৷ ৰাইজে সংগ্ৰহ কৰা তথ্যই জীৱ-জন্তুৰ সংখ্যা, বিস্তৃতি, ব্যৱহাৰ আদিৰ বিষয়ে বিশদভাৱে জনাত সহায় কৰিছে৷ বিশেষকৈ কম সময়তে বিশাল একোটা অঞ্চলৰ বিষয়ে তথ্য সংগ্ৰহৰ বাবে নাগৰিক বিজ্ঞানৰ বিকল্প নাই৷ তাৰোপৰি অৰ্থনৈতিক বাধাৰ বাবে থমকি ৰোৱা বহু দৰকাৰী গৱেষণাৰ কাৰণে
 নাগৰিক বিজ্ঞান এক অতিকৈ আৱশ্যকীয় আৰু প্ৰাসংগিক মাধ্যম হৈ পৰিছে৷

নাগৰিক বিজ্ঞানে ৰাইজৰ মাজত বৈজ্ঞানিক সচেতনতা বৃদ্ধি কৰাতো গুৰুত্বপূৰ্ণ ভূমিকা লয়৷ প্ৰকৃতি বিষয়ক প্ৰকল্প সমূহে বিনন্দীয়া প্ৰকৃতিৰ ৰং-ৰূপ উপভোগ কৰাত আৰু 
মানুহক প্ৰকৃতিৰ মাজলৈ লৈ যোৱাত সহায় কৰিছে৷ তাৰোপৰি নাগৰিক বিজ্ঞানে আনি দিয়া সচেতনতাই আমাক বিজ্ঞানৰ বিভিন্ন বিষয়ত মতামত প্ৰকাশ কৰা আৰু সময়োপযোগী পদক্ষেপ লোৱাতো উদগণি যোগাইছে৷

সময়ৰ লগে লগে বিজ্ঞানীসকলেও উপলব্ধি কৰিছে যে বৰ্তমানৰ পৃথিৱীৰ বহু ৰহস্য সমাধান কৰিবলৈ পৰম্পৰাগত পদ্ধতিৰে কৰা বিজ্ঞানেই যথেষ্ট নহয়৷ নাগৰিক বিজ্ঞানে বন্ধ কোঠাৰ পৰা বিজ্ঞানক ৰাইজৰ মাজলৈ লৈ যোৱাৰ প্ৰয়াস কৰিছে৷ গতিকে এই প্ৰকল্পই বহু ক্ষেত্ৰত বিজ্ঞানক অধিক গণতান্ত্ৰিক কৰি তুলিছে৷ নাগৰিক বিজ্ঞান প্ৰকৃতাৰ্থতে হৈ পৰিছে ৰাইজৰ বাবে, ৰাইজৰ দ্বাৰা আৰু ৰাইজৰ বিজ্ঞান!
Illustration and text Frits Ahlefeldt    https://hiking.org/portfolio/giving-a-hand-to-science/



তথ্যসূত্ৰ
  • The Field Guide to Citizen Science: How You Can Contribute to Scientific Research and Make a Difference
  • Michael A. Peters & Tina Besley (2019) Citizen science and post-normal science in a post-truth era: Democratising knowledge; socialising responsibility, Educational Philosophy and Theory, 51:13, 1293-1303,
  • Bowser, A, Cooper, C, de Sherbinin, A, Wiggins, A, Brenton, P, Chuang, T-R, Faustman, E, Haklay, MM and Meloche, M. (2020). Still in Need of Norms: The State of the Data in Citizen Science. Citizen Science: Theory and Practice, 5(1): 18 pp. 1–16.
  • MacPhail, V, Colla, S, R. (2020). Power of the people: A review of citizen science programs for conservation. Biological Conservation Volume 249, 108739
  • Fraisl, D., Campbell, J., See, L. et al. Mapping citizen science contributions to the UN sustainable development goals. Sustain Sci (2020). https://doi.org/10.1007/s11625-020-00833-7
  • ভাৰতৰ নাগৰিক বিজ্ঞান প্ৰকল্পসমূহ

Sunday, 12 January 2020

ইণ্ডোনেছিয়াত পাঁচবিধ নতুন চৰাইৰ আৱিষ্কাৰ

বিনন্দীয়া প্ৰকৃতিৰ বহুতো আশ্চৰ্য, অনন্য জীৱ-জন্তু এতিয়াও মানুহৰ বাবে অজানা-অদেখা হৈয়ে ৰৈছে৷ পিছে ইয়াৰ মাজতে কেতিয়াবা একো একোটা অভূতপূৰ্ব আৱিষ্কাৰে প্ৰকৃতিৰ এই ৰহস্যময় আৱৰণ ফালি হঠাতে মুকলি কৰি দিয়ে এখন নান্দনিক পৃথিৱী৷ এনে এটি আৱিষ্কাৰ হৈছে শেহতীয়াকৈ ইণ্ডোনেছিয়াৰ ৱালেচিয়া অঞ্চলৰ তিনিটা দ্বীপত পোৱা পাঁচবিধ নতুন চৰাই৷
নেশ্যনেল ইউনিভাৰ্ছিটি অব ছিংগাপুৰ (NUS) আৰু ইণ্ডোনেছিয়ান ইনষ্টিটিউট অব চায়েন্স (LIPI) ৰ এই যুটীয়া গৱেষণাৰ দলটোক নেতৃত্ব দিছিল অধ্যাপক ফ্ৰেংক ৰেইনডট (Frank Rheindt)-এ৷
নতুনকৈ আৱিষ্কৃত টালিয়াবু গ্ৰাছহ’পাৰ ৱাৰ্বলাৰ (Taliabu grasshopper-warbler); 
ফটো: James Eaton/Birdtour Asia

ৱালেচিয়াৰ টালিয়াবু (Taliabu), ট’গিয়ান (Togian) আৰু পেলেং (Peleng) নামৰ তিনিটা দ্বীপৰ চাৰিওফালৰ সাগৰৰ গভীৰতা যথেষ্ট বেছি বুলি তথ্য পোৱাৰ বাবে অধ্যাপক ফ্ৰেংক ৰেইনডটে দ্বীপসমূহত নতুন প্ৰজাতি থকাৰ সম্ভাৱনা দেখা পাইছিল৷ সাগৰৰ গভীৰ পানীৰ বাবে এনে দ্বীপসমূহৰ জীৱ-জন্তুবোৰ কাষৰীয়া ঠাইৰ পৰা  বছৰ বছৰ ধৰি পৃথক হৈ ৰয় আৰু স্বকীয়ভাৱে ক্ৰমবিকাশ হ’বলৈ লয়৷ সেয়ে এনে ঠাইবোৰত অন্য ক’তো নোপোৱা একক জীৱ (endemic) পোৱাৰ সম্ভাৱনা অধিক হয়৷
দলটোৱে গৱেষণা কৰা ৱালেচিয়া দ্বীপপূঞ্জত সংগৃহীত নমুনাসমূহৰ ভিত্তিতে প্ৰসিদ্ধ জীৱবিজ্ঞানী ছাৰ আলফ্ৰেড ৱালেচে ডাৰউইনৰ সমান্তৰালভাৱে বিৱৰ্তন তত্ত্ব উদ্ভাৱন কৰিছিল৷ গৱেষকৰ দলটোৱে ৱালেচৰ লগতে অন্য সংগ্ৰাহকৰ ঐতিহাসিক সংগ্ৰহসমূহো অধ্যয়ন কৰি বাদ পৰা অঞ্চলসমূহত বিশদভাৱে গৱেষণা কৰে৷  
দলটোৱে সংগ্ৰহ কৰা নমুনাসমূহৰ শাৰীৰিক আৰু জিনগত অধ্যয়নৰ ভিত্তিৰ পাঁচবিধকৈ নতুন প্ৰজাতিৰ আৱিষ্কাৰ কৰিবলৈ সক্ষম হয়৷ এই প্ৰজাতি কেইবিধ হৈছে-

  • Taliabu Grasshopper-Warbler
  • Taliabu Myzomela
  • Taliabu Leaf-Warbler
  • Peleng Fantail
  • Peleng Leaf-Warbler
তাৰোপৰি তিনিওটা দ্বীপত তেওঁলোকে মুঠ পাঁচবিধ নতুন উপপ্ৰজাতি যেনে, Taliabu Snowy-browed Flycatcher, Taliabu Island Thrush,  Sula Mountain Leaftoiler, Banggai Mountain Leaftoiler আৰু Togian Jungle-Flycatcher আৱিষ্কাৰ কৰে৷

উৎস: https://www.eurekalert.org/pub_releases/2020-01/nuos-tlb010920.php

গৱেষকৰ দলটোৰ দুগৰাকী সদস্যা Gwee Chyi Yin (বাওঁফালে) আৰু Wu Meng Yue (সোঁফালে) ৰ সৈতে অধ্যাপক ফ্ৰেংক ৰেইনডট (সোঁমাজত)  
 ফটো:National University of Singapore

Sunday, 30 June 2019

বিদ্যুৎস্পৃষ্ট হৈ অসমত হাতীৰ মৃত্যু

আমাৰ অসমত চহৰৰ ব্যতিব্যস্ত ৰাজপথেই হওক বা গাঁৱৰ`নিৰিবিলি আলি হওক, ধীৰ-স্থিৰ খোঁজেৰে আগবঢ়া গজৰাজক দেখিলে বহুলোকে দূৰৰ পৰাই সেৱা এটা জনায়৷ বহুতে আকৌ যাত্ৰা শুভ হোৱাৰ চানেকি পাই সুখী হৈ পৰে৷ কিন্তু বৰ্তমান অসমৰ বহুতো ঠাইত ইয়াৰ সম্পূৰ্ণ এখন বিপৰীত প্ৰতিচ্ছৱিহে ক্ৰমাৎ তীব্ৰ হৈ উঠিছে৷ মানুহৰ জনসংখ্যা বৃদ্ধি আৰু বনাঞ্চল কমি অহাৰ বাবে খাদ্যৰ সন্ধানত জাকে জাকে হাতী মানুহৰ বসতিস্থললৈ ওলাই আহিবলৈ বাধ্য হৈ পৰিছে৷ হাতী-মানুহৰ এই সংঘাতক তীব্ৰতৰ কৰি তুলিছে হাতীৰ প্ৰবেশত বাধা দিয়া বৈদ্যুতিক বেঁৰা (electric fence)ক কিছুমান মানুহে ইচ্ছাকৃতভাৱে হাতী বধ কৰাৰ উপায় হিচপে লৈ৷ এই মৰণফাণ্ডৰ ভয়াবহ পৰিণতি শেহতীয়াকৈ প্ৰকাশ পাইছে ডব্লিউ ডব্লিউ এফৰ তেজপুৰস্থিত নৰ্থ বেংক লেণ্ডস্কেপ শাখাৰ এদল বিজ্ঞানীয়ে  কৰা গৱেষণাত ৷

চিত্ৰ: ৱিকিকমনছ

সাধাৰণতে বনৰীয়া হাতীৰ জাকক খেতি বা মানুহৰ বসতিস্থলৰ পৰা আঁতৰাই ৰাখিবলৈ দিয়া বৈদ্যুতিক বেঁৰাসমূহ নিৰাপদ৷ হাতীয়ে এই বেঁৰা স্পৰ্শ কৰিলে তেনেই সামান্য পৰিমাণৰ কষ্ট অনুভৱ কৰে৷ ইয়েই হাতীক আঁতৰাই ৰাখিবৰ বাবে যথেষ্ট৷ কিন্তু এই বেঁৰাবোৰতে বেআইনীভাৱে অতিমাত্ৰা ভল্টেজৰ এচি কাৰেন্ট সংযোগ কৰিলে বিদ্যুৎস্পৃষ্ট হৈ হাতীৰ মৃত্যু ঘটাব পাৰে৷ বহুতো লোকে ইনভাৰ্টাৰ, ঘৰৰ পোনপতীয়া বৈদ্যুতিক উৎস (direct power supply) নাইবা কেতিয়াবা বেআইনীভাৱে বৈদ্যুতিক খুঁটাৰ পৰাও বিদ্যুৎ আহৰণ কৰি এই বেঁৰাবোৰত ব্যৱহাৰ কৰে৷ এনে বেঁৰাবোৰে পলকতে হাতীৰ মৃত্যু ঘটাব পাৰে৷ দুখজনকভাৱে এনেদৰে ভাৰতত প্ৰতিবছৰে বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হোৱা ২৫% বনৰীয়া হাতী অসমৰ৷ 

অসম প্ৰায় ৫০০০ বনৰীয়া হাতীৰ বাসস্থান৷ ইয়াৰে শোণিতপুৰ হস্তী সংৰক্ষিত বনাঞ্চলত প্ৰায় ৫০০-৮০০ টা হাতীয়ে বাস কৰে বুলি জনা যায়৷ গৱেষণাটোত বিজ্ঞানীসকলে ২০০৩ চনৰ পৰা ২০১৬ চনলৈ বিগত তেৰবছৰত শোণিতপুৰ জিলাত হাতীৰ মৃত্যৰ সংখ্যা আৰু কাৰণসমূহ বিশ্লেষণ কৰে৷ তাৰোপৰি জিলাখনৰ বিভিন্ন ঠাইত বৈদ্যুতিক বেঁৰাৰ বৈশিষ্ট সম্পৰ্কে যেনে ব্যৱহৃত বিদ্যুতৰ উৎস (energizer and inverter বা DC), বেঁৰাসমূহ থকা ঠাই (পথাাৰ, মানুহৰ ঘৰৰ আশেপাশে, বনাঞ্চল, চাহবাগান), বেঁৰাৰ মালিকীস্বত্ব (ব্যক্তিগত নে সমূহীয়া) ইত্যাদি সম্পৰ্কেও তেওঁলোকে তথ্য আহৰণ কৰে৷ গৱেষণাৰ অন্তত দলটোৱে আৱিষ্কাৰ কৰিলে যে শোণিতপুৰ জিলাত অৱস্থিত মুঠ বৈদ্যুতিক বেঁৰা (৪৭ খন)ৰ ৫৭% ই হাতীৰ বাবে বিপদজনক (lethal) কাৰণ এইবোৰত ইনভাৰটাৰ আৰু পোনপটিয়া বিদ্যুৎ উৎসৰ ব্যৱহাৰ কৰা হৈছে৷ তাৰোপৰি এই বিপদজনক বেঁৰাৰ অধিকাংশই বনাঞ্চল অধ্যুষিত এলেকাত বেআইনীভাৱে সজা হৈছে৷ এনে বেঁৰাসমূহ বনৰীয়া জীৱ-জন্তুৰ বাবে বিপদজনক বুলি জানিও মানুহে সজাৰ কাৰণ কি? গৱেষণাটোত পোৱা তথ্যমতে ইয়াৰ মূল কাৰণ হৈছে এনে বিপদজনক বেঁৰা সাজিবলৈ আৰু মেৰামতি কৰিবলৈ খৰচ কম৷ 

আন্তৰাষ্ট্ৰীয় পৰ্য্যায়ত হাতী বৰ্তমান বিলুপ্তপ্ৰায় (Endangered)৷ বিদ্যুৎস্পৃষ্ট হৈ এই আপুৰুগীয়া প্ৰাণীবিধৰ মৃত্যু হোৱা ঘটনা বাঢ়ি অহাৰ গুৰিতে হ’ল হাতীয়ে বসবাস কৰা বনাঞ্চলৰ পৰিমাণ কমি অহাটো৷ উদাহৰণস্বৰূপে ১৯৬০ ৰ পৰা ২০০৫ চনৰ ভিতৰত সোণাই-ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যৰ ৭৮.৫ বৰ্গকিলোমিটাৰ অঞ্চলৰ অৰণ্য কাটি মুকলি কৰা হৈছে৷ তেনেদৰে যোৱাটো দশকত নদুৱাৰ, চাৰদুৱাৰ আৰু বালিপাৰাৰ ক্ৰমে ৯০%, ৬০% আৰু ৪০% বনাঞ্চল ধ্বংস হৈছে৷ গতিকে হস্তী-মানুহৰ সংঘাতৰ সমাধানো বেদখল আৰু বনাঞ্চল ধ্বংস ৰোধ কৰিব পাৰিলেহে সম্ভৱ হ’ব৷ ইয়াৰ বাবে বনবিভাগ, সামাজিক সংগঠন আৰু প্ৰশাসনে মিলি সমূহীয়াকৈ প্ৰয়োজনীয় পদক্ষেপ লোৱাৰ প্ৰয়োজন৷

Tuesday, 21 May 2019

ভাৰতৰ বিভিন্ন ৰাজ্যত ফ্ল'ৰাইডেৰে দূষিত পানী

ভাৰতৰ ৮৫% লোকৰ খোৱা পানীৰ উৎস ভূগৰ্ভৰ পানী৷ গতিকে এই উৎসৰ পানী পৰিশুদ্ধ হোৱাটো অত্যন্ত গুৰুত্বপূৰ্ণ৷ দিল্লী বিশ্ববিদ্যালয় আৰু মুম্বাইৰ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানে ইৰাণ আৰু চুইডেনৰ গৱেষকৰ দলৰ সৈতে কৰা এক সহযোগিতামূলক গৱেষণাত প্ৰকাশ পাইছে যে ভাৰতৰ ভালেসংখ্যক ৰাজ্যৰ ভূগৰ্ভৰ পানী ফ্ল'ৰাইডেৰে দূষিত৷ তাৰোপৰি এই গৱেষণাত ধৰা পৰিছে যে এই পৰিমাণ ভাৰতৰ নগৰ অঞ্চলৰ তুলনাত গ্ৰামীণ অঞ্চলত  প্ৰায় দুগুণ বেছি৷ 

বিশ্ব স্বাস্থ্যসংস্থাৰ দ্বাৰা আৰু ৰাষ্ট্ৰীয় পৰ্য্যায়ত অনুমোদিত ভূৰ্গভৰ পানীত ফ্ল'ৰাইডৰ সৰ্বোচ্চ সীমাৰেখা হ'ল প্ৰতি লিটাৰত ১.৫ মিলিগ্ৰাম৷ গৱেষণাটোত ভাৰতৰ বিভিন্ন ৰাজ্যৰ ৬৩ টা গৱেষণাৰ পৰা লাভ কৰা মুঠ ৫৭ হাজাৰটা নমুনা বিশ্লেষণৰ অন্তত প্ৰকাশ পাইছে যে মধ্যপ্ৰদেশ, পাঞ্জাব, ছত্তিছগড়, ৰাজস্থান, কৰ্ণাটক, অন্ধ্ৰপ্ৰদেশ, মহাৰাষ্ট্ৰ, হাৰিয়ানা, তেলেংগানা, উত্তৰ-প্ৰদেশ আৰু বিহাৰৰ পানীত ফ্ল'ৰাইডৰ পৰিমাণ বিশ্ব স্বাস্থ্য সংস্থাৰ এই অনুমোদিত পৰ্য্যায়তকৈ অধিক৷ উত্তৰ-পূবৰ ৰাজ্যকেইখনৰ ভিতৰত অসমৰ পানীত ফ্ল'ৰাইডৰ পৰিমাণ নিৰাপদ পৰ্য্যায়ত আছে যদিও বাকীকেইখন ৰাজ্যত কোনো তথ্য এতিয়াও পাবলৈ নাই৷

পানীত এই ফ্ল'ৰাইড আহে ফ্ল'ৰিন নামৰ প্ৰাকৃতিকভাৱে পোৱা এটা মৌলৰ পৰা৷ কম পৰিমাণৰ ফ্ল'ৰাইড মিহলি হৈ থাকিলে ই আমাৰ দাঁতৰ ক্ষয় হোৱাৰ পৰা ৰক্ষা কৰে৷ কিন্তু ইয়াৰ পৰিমাণ বাঢ়ি গ'লে হাড়ৰ ফ্ল'ৰছিছ (skeletal fluorosis) নামৰ ৰোগ হয়৷ এই ৰোগত হাড়বোৰৰ স্থিতিস্থাপকতা (elasticity) কমি যোৱাৰ ফলত হাড় ভঙাৰ সম্ভাৱনা বৃদ্ধি পায়৷ তেনেদৰে ফ্ল'ৰাইডৰ আধিক্যই হাইপাৰ থাইৰইডিজম, উচ্চ ৰক্তচাপ, হৃদৰোগ আৰু স্নায়ুৰ ৰোগৰো জন্ম দিব পাৰে৷ গতিকে ভাৰতৰ ফ্ল'ৰাইডেৰে দূষিত পানীয়ে জনসাধাৰণৰ স্বাস্থ্যত বহুতো বিৰূপ প্ৰভাৱ পেলাব পাৰে৷

ভাৰতৰ বিভিন্ন ৰাজ্যৰ পানীত ফ্লৰাইডৰ পৰিমাণৰ মানচিত্ৰ (চিত্ৰৰ উৎস: গৱেষণাপত্ৰ)
বিশ্ব স্বাস্থ্য সংস্থাৰ অনুমোদিত সীমাৰেখা প্ৰতি লিটাৰত ১.৫ মিলিগ্ৰাম