Saturday 25 September 2021

ব্যতিক্ৰম

কলেজৰ পৰা উভতাৰ বাটত অন্যদিনাৰ দৰে দূৰৈৰ পৰাই ৰশ্মিয়ে সিহঁতক দেখা পালে৷ দেখামাত্ৰেই উষ্ণ তেজৰ সোঁত এটা বৈ গ’ল তাইৰ ভৰিৰ পৰা মগজুলৈ৷ নিজৰ অজ্ঞাতেই  শৰীৰৰ মাংশপেশীবোৰ যেন সংকুচিত হ’ব খুজিলে৷ মুখৰ অভিব্যক্তি সলনি হৈ তৎক্ষণাত এক কঠোৰতাৰ প্ৰলেপে তাইৰ চকু-মুখ ছানি পেলালে৷ খোজবোৰ দৃঢ় হ’ল আৰু দুচকু স্থিৰ হৈ ৰ’ল মাথোঁ সন্মুখৰ বাটটোত৷

মফচলীয়া হ’লেও স্কুল ছুটিৰ এই সময়খিনিত বাটত যথেষ্ট ভিৰ হয়৷ এতিয়াও তাইৰ কাণত পৰিল ইখনৰ পিছত সিখনকৈ অহা যোৱা কৰি থকা গাড়ীৰ হৰ্ণৰ কৰ্কশ শব্দ৷ ভাঁহি আহিল, কাষেৰে পাৰ হৈ যোৱা স্কুলীয়া ল’ৰা-ছোৱালীৰ চাইকেলৰ যান্ত্ৰিক শব্দৰ সৈতে প্ৰাণোচ্ছল হাঁহি খিকিন্দালিবোৰ৷ ৰশ্মিয়ে দেখা পালে, বাটৰ একাষে দত্ত বুক ষ্টলত দোকানদাৰে কাপোৰ এখন লৈ কিতাপৰ জাপৰ পৰা ধূলি জোকাৰিছে৷ ইটো পাৰৰ গুমটিখনত পাণ দোকানীয়ে মলিন গেঞ্জিটো কোঁচাই ৰঙালাউহেন পেটটো উলিয়াই লৈ বিচনীৰ বা লৈছে৷ তাইৰ আগে-পিছে অহৰহ গতি আৰু শব্দৰ ভিৰ৷ কিন্তু ইমানবোৰ মানুহ আৰু কোলাহলৰ মাজতো প্ৰতিদিনৰ দৰে আজিও ৰশ্মিক অকলশৰীয়া আৰু অসহায় ভাৱটোৱে বিব্ৰত কৰি পেলালে৷ কাৰণ তাই জানে, এই অচিন বাটৰুৱা, চকুৰ চিনাকি দোকানদাৰ, আনকি চিনা-জনা কোনেও এইপৰত তাইৰ কাষত আহি থিয় নিদিয়েহি৷ যেন দিলেই বহু যুগৰ আগতে হৈ যোৱা এক অকথিত বুজাপৰাত বিঘিনি ঘটিব, যেন আউল লাগি পৰিব এক বদ্ধমূল সামাজিক পৰিক্ৰমাত- সেয়ে সকলো সদাসতৰ্ক সেই অখণ্ড বিধান মানি চলাত৷ 

কেঁকুৰিটো ঘুৰিলেই বাটৰ কাষত এজোপা বিশাল পলাশ৷ এইসময়ত পলাশৰ সৰা ফুলেৰে এই বাটছোৱা ৰাঙলী হৈ পৰে৷ পিছে সেই ৰং, সেই প্ৰাচুুৰ্য্য উপভোগ কৰাৰ অৱকাশ নাপায় ৰশ্মিয়ে৷ তাইৰ সমস্ত ধ্যান মাথোঁ এইছোৱা বাট নিৰ্বিকাৰ হৈ যিমান পাৰি সোনকালে পাৰ হৈ যোৱা৷ কাৰণ সেই পলাশ জোপাৰ সন্মুখতে বাটৰ কাষত এখন গেলামালৰ দোকান, দিলীপ ষ্ট’ৰ৷ প্ৰতিদিনে আবেলি তাত ডেকা ল’ৰাজাকৰ কেৰ’মৰ আড্ডা বহে৷ হয়তো কেৰ’ম খেলাটো মাথোঁ এক অজুহাত৷ কেৰ’ম বৰ্ডৰ সলনি সিহঁতৰ তীক্ষ্ণ চকু সন্মুখৰ বাটত আৰু কেৰ’মৰ গুটিতকৈ বেছিকৈ সিহঁতৰ মুখ চলে সেই বাটৰ বাটৰুৱাৰ ওপৰত৷ সকলোৰে ওপৰত পিছে নহয়- সিহঁতৰ আক্ৰমণৰ লক্ষ্য মাথোঁ এক বিশেষ শ্ৰেণী ৷ সেই বাটেৰে যোৱা মাটিত ভৰি পেলাব নোখোজা পাখিলাহী কিশোৰীজনীৰ পৰা আদবয়সীয়া স্কুলৰ শিক্ষয়ত্ৰীগৰাকীলৈকে কাকোৱেই সিহঁতে ৰেহাই নিদিয়ে৷ প্ৰত্যেকৰে মূৰৰ পৰা ভৰিলৈ পিতপিতাই পৰীক্ষা কৰি কিবা নহয় কিবা এটা সুৰুঙা উলিয়াই সিহঁতে উকিয়াবলৈ ধৰে৷ শ্ৰুতিকটু মন্তব্য আৰু উকিৰ উপৰ্যুপৰি কৰাঘাটত জোঁট-পোঁট লাগিব খোজা মহিলা পদচাৰীৰ ৰূপ চাই এক দাৰুণ তৃপ্তিত ডুব যায় সিহঁত৷ 

সেই ভুক্তভোগীসকলৰ মাজৰ এগৰাকী ৰশ্মি৷ ৰ’দ দিয়ক বা বৰষুণ- একোৱেই যেন টলাব নোৱাৰে কৰ্মহীন ডেকাজাকক৷ এই বাটেৰে স্কুললৈ অহা-যোৱা কৰিবৰ দিন ধৰি উভতনিৰ বাটত প্ৰতিদিনে তাই সিহঁতৰ অপঘাতৰ চিকাৰ হয়৷ প্ৰতিদিনে সিহঁতে তাইক দেখা পোৱাৰ লগে লগেই বলিয়া কুকুৰৰ দৰে ৰাউচি জোৰে,

’লেফট-ৰাইট-লেফট৷ লেফট-ৰাইট-লেফট৷ লেফট-ৰাইট-লেফট৷..............'

ৰশ্মি সিহঁতৰ চকুৰ আঁৰ নোহোৱালৈকে সেই উকি বন্ধ নহয়৷ কোনোফালে নোচোৱাকৈ প্ৰস্তৰ মূৰ্ত্তিৰ ৰূপ লৈ তাই মাথোঁ সেই ’লেফট-ৰাইট’ৰ তালে তালেই ভৰি চলাই যায়৷ তাই ভাৱে, দিনৰ পিছত দিন, মাহৰ পিছত মাহ তাইৰ এনে নিৰ্বিকাৰ ৰূপ দেখি দেখি এদিন আমনি লাগি সিহঁত নীৰৱ হৈ পৰিব৷ নাই, তাই ভৱাৰ দৰে নহ’ল৷ আজিলৈ নাইহোৱা৷ তাইৰ ইউনিফৰ্ম স্কাৰ্ট-চাৰ্টৰ পৰা চাদৰ-মেখেলা হ’লগৈ৷ সিহঁতৰ কেৰ’মৰ আড্ডা আৰু ঐক্যতান একোৰে পৰিৱৰ্তন নহ’ল৷ বৰঞ্চ দিন যোৱাৰ লগে লগে সেই চিঞৰবোৰৰ স’তে অশ্লীল বাক্যবাণ আৰু লোলুপ দৃষ্টি কিছুমানহে যোগহে হ’ল৷ 

’লেফট-ৰাইট-লেফট৷’
’কি ধুনীয়া আপী ঐ! এবাৰ আমালৈ চোৱা হ’লে পলুৱায়ে লৈ গ’লোহেঁতেন!’
’লেফট-ৰাইট-লেফট৷’
’তিতা চুলিৰেই ওলালা যে? আজি তিনিদিন যেন পাইছোঁ দেই!’
 লেফট-ৰাইট-লেফট৷ লেফট-ৰাইট-লেফট৷লেফট-ৰাইট-লেফট৷..............'

কি কৰা যায়! কিমান দিন এনেকৈ সহা যায় এই কটুদৃষ্টি আৰু বাক্যবাণৰ আঁচোৰ! ৰশ্মিয়ে জানিব খোজে৷ উপায় উলিয়াব খোজে৷ লগৰ ছোৱালীকেইজনীয়ে প্ৰায় একেমুখেই কয়, ’অকলশৰে অহা-যোৱা কৰা স্বত্বেও তোক সিমানতে এৰিছে যে আকৌ৷ আমি জাক পাতি হোষ্টেলৰ পৰা ওলাই আহোঁতে কিমান কি কি যে শুনিবলৈ পাওঁ- কিছুমান মুখলৈ আনিবলৈকে লাজ লগা৷’

আপোন বান্ধৱী পূৰ্ণিমাই সহানুভূতিৰে কয়, ’ৰিক্সা এখন লৈ ঘৰলৈ নাযাৱ কিয় ৰশ্মি? মই তিনিআলিৰ চুকৰ পৰাই সেইকণ বাট ৰিক্সাৰে যাওঁ যাতে গুমটিৰ আগৰ ল’ৰাজাকৰ আগেদি খোজেৰে যাব লগা নহয়৷ সদায় ৰিক্সাত খৰচ কৰিবলৈ অসুবিধা যদি বেতমহলৰ বাটেৰেই ঘৰ ওলাবগৈ পাৰচোন৷ দহমিনিটমানহে বেছিকৈ ল’ব৷’

বন্ধু বিকাশে কয়, ’এস্, সেইখিনি বাট তোক ময়ে আগবঢ়াই থৈ আহিব পাৰিম দে৷ চাইকেলখন আছে যেতিয়া আকৌ সাউৎকৈ ঘুৰি মোৰ ঘৰ পাবলৈ বেছি সময় নালাগে৷’ 

মাক-দেউতাক দুয়োৰে ভাষ্য একেই,
’পিলিঙা ডেকাই মুখৰ খজুৱতি মাৰিছে, মাৰক৷ তই গুৰুত্ব নিদিলেই হ’ল৷ ছোৱালী যেতিয়া এইখিনি সহ্য কৰিব পাৰিবই লাগিব!’

পেহী-খুড়ী-বাইদেউয়ে অকপটে দাঙি ধৰে লাঞ্ছনাৰ অনুৰূপ প্ৰতিচ্ছৱি৷ বাছে-কাৰ্য্যালয়ে-অনুষ্ঠানে, অলিয়ে-গলিয়ে, দোকানে-পোহাৰে সকলোতে৷ দৈনন্দিন থকা-সৰকা কৰা এই বাক্যবাণ আৰু উকিবোৰ উফৰাই প্ৰস্তৰ মূৰ্ত্তি হৈ নিৰ্বিবাদে চলাই নিয়ে জীৱন৷ সকলোৱে৷

প্ৰতিষাৰ কথাই ৰশ্মিৰ হৃদয় কুটি কুটি খাই নিশেষ কৰিব খোজা হাজাৰটা কীটক মুকলি কৰি দিয়ে৷ উঁৱলি যোৱা কাপোৰৰ দৰে ফালি চিৰাচিৰ কৰি পেলায় তাইৰ আত্মমৰ্য্যদাবোধ, মূৰ দাঙি জীয়াই থকাৰ সপোন৷ ভাৱ হয়, জন্মৰ লগে লগেই যেন এই সমাজত লিখা হৈ গৈছে তাইৰ ভাগ্যৰ বিধান৷ কিয় সলাব তাই নিজৰ বাট? কিয় আঁৰ ল’ব কোনোবা ৰিক্সাৱালাৰ?  কিয় সমনীয়া বিকাশে দেহৰক্ষী হৈ আগবঢ়াই থৈ যাব লাগে তাইক? তাই নাৰী, মাথোঁ সেইবাবেই? আৰু সেই উদণ্ড ডেকাজাকৰ দৈনিক লাঞ্ছনা হৈ পৰে ’ছোৱালী জোকোৱা’ নিৰ্দোষ ধেমালি৷ কাৰণ সিহঁত পুৰুষ? এক প্ৰতিবাদী কন্ঠই চিৎকাৰ কৰি উঠে তাইৰ হৃদয়ত৷ জেদী হৈ পৰে তাই৷ 

গতিকে কাৰো কথা নামানি আজিও ৰশ্মি সেই বাটতে৷ অন্যদিনাৰ দৰেই অকলশৰে৷ তাইৰ একমাত্ৰ অস্ত্ৰ- প্ৰতিক্ৰিয়াহীনতা৷ তাৰ বাহিৰে যেন অন্য একো প্ৰতিৰক্ষাৰ উপায় নাই তাইৰ৷ লিংগভেদৰ আকাশলংঘী দেৱালখনৰ প্ৰহৰী হৈ ৰোৱা এই সমাজত তাইৰ দৰে নাৰীৰ বাবে অন্য একো সমিধানৰ অনুমতি নাই৷ গতিকে প্ৰতিদিনে দহ-বাৰটা ডেকা ল’ৰাৰ বিপৰীতে ৰশ্মিৰ এই অকলশৰীয়া নীৰৱ প্ৰতিবাদৰ যুঁজ- ধৈৰ্য্য আৰু অপেক্ষাৰ এক নেৰানেপেৰা যুঁজ! সিহঁতে নিৰন্তৰ অপঘাতৰ শূলেৰে তাইক খোঁচা-বিন্ধাৰ চেষ্টা কৰি যাব আৰু তাই ক’লা-বোবা-অন্ধ হৈ নিৰ্বিকাৰভাৱে যিমান পাৰে উফৰাব সেই আক্ৰমণ৷ দিনৰ পিছত দিন, মাহৰ পিছত মাহ৷ যি প্ৰথম চকুৰ পতা জপাব, সিয়ে হাৰিব৷ 

কিন্তু আজিৰ দিনটো যেন ব্যতিক্ৰম! কিছু ওচৰ পাই আজি ৰশ্মিয়ে মন কৰিলে, সিহঁত যেন অন্যদিনাতকৈও অধিক মত্ত কিবা এক খেলাত৷ অন্যদিনাতকৈ বেছি দু:সাহসী যেন দেখা গৈছে সিহঁতক৷ গোটেইজাকে নিজৰ মাজতে কিৰিলি পাৰি অথালি পঠালিকৈ নাচিছে৷ মদৰ ৰিমঝিম নিচাত সিহঁতৰ খোজবোৰ লটং ভটং হৈ পৰিছে৷ দুখোজমান আগবাঢ়ি সিহঁতৰ মুখবোৰ মণিব পৰা হওঁতেই তাইৰ চকুত ধৰা পৰিল, সিহঁতৰ দেহত ৰঙৰ বাহাৰ৷ ফাকুৰ বাৰেৰহণীয়া ৰং৷ 

নিমিষতে এজাক অস্থিৰতাই ৰশ্মিক আৱৰি ধৰিলে৷  ফাকুৱা কাইলৈহে নহয় জানো? নাই, আজিকালি ফাকুৰ খেলাতো দুদিনীয়াই হৈছেগৈ৷ গতিকে চৰকাৰী বন্ধহে কাইলৈ! কথাটো উপলব্ধি কৰাৰ লগে লগে তাইৰ বুকুখন চিৰিংকৈ গ’ল৷ খোজৰ গতি মন্থৰ হৈ পৰিল ক্ৰমাৎ৷ তাইৰ দুচকুৰ সন্মুখৰ পৰা অদৃশ্য হৈ পৰিল আবেলিৰ কোমল ৰ’দজাক, ফাগুণৰ ৰিব ৰিব পছোৱা আৰু ধূলিয়ৰী বাটৰ আখৰা৷ 

গোটেইখন যেন কিবা ধুঁৱলী কুঁৱলী হৈ পৰিল৷ লাহে লাহে সেই কুঁৱলীৰ মায়াজাল ফালি ধৰা দিলেহি গাঁৱৰ এটা উজ্জ্বল দুপৰীয়া৷ দুপৰৰ ৰ’দজাক মূৰত লৈ নিজান বাটটোৰে ঢপলিয়াই আহিছে এগৰাকী সদ্যস্নাতা কিশোৰী৷ ফাগুণৰ উচ্ছল বতাহজাকত তাইৰ কিচকিচিয়া ক’লা চুলিখিনিয়ে অহৰহ ঢৌ খেলিছে৷ তাইৰ হাতত বাবুলদাৰ দোকানৰ পৰা কিনি অনা নীলৰ পেকেটটো৷ সৌৱা বাটৰ সিপাৰে সিহঁতৰ ঘৰৰ চোতালতে এবাল্টি কাপোৰ লৈ পেহীয়েকে বাট চাই আছে৷ 

ঠিকেই, একেই ঋতু, একেই দিন - মাথোঁ দহটা দশকে পৃথক কৰি ৰখা দুখন ভিন্ন পৃথিৱী৷ সিদিনাও সমনীয়াৰ সৈতে ৰঙৰ খেলা খেলি খেলি পুৱাটো দুপৰ হৈছিল৷ মাকে দাবী ধমকিৰে জোৰ কৰি নিহে কুঁৱাৰ পাৰত বহুৱাইছিল তাইক৷ কুঁৱাৰ চেঁচা পানীখিনি গাত পৰাৰ লগে লগে তাইৰ মূৰৰ পৰা ভৰিলৈ এটা মিঠা শিহৰণ বৈ গৈছিল৷ কিচকিচীয়া ক’লা চুলিৰ পৰা ফাকুৰ ৰঙেৰে সাতোৰঙী হৈ বৈ যোৱা পানীৰ নিজৰাবোৰ চাই চাই তাই খিলখিলাই হাঁহিছিল৷ ফাকুৰ ৰং আৰু নিষ্কলুষ শৈশৱৰ সৰলতা মিলি সপোনৰ ৰামধেনু গঢ়িছিল৷

হঠাৎ সেই দুপৰৰ নীৰৱতা ভেদি ভাঁহি আহিল এক তীক্ষ্ণ চিৎকাৰ৷ বুকু কঁপাই যোৱা এক আতংকৰ জোৱাৰে ৰশ্মিক স্তব্ধ কৰি দিব খুজিলে৷ ক’ৰ পৰা আহিছে এই আৰ্তনাদ? কাৰো কাণত পৰা নাইনে? কোনেও দেখা নাইনে ক’ৰবাত এক অঘটন ঘটিব ধৰিছে? কিয় দৌৰি-ঢাপলি কোনো আগবাঢ়ি অহা নাই? হয়তো পুৱাৰে পৰা ফাকু খেলি খেলি মছগুল হৈ পৰা মানুহবোৰ ভাগৰি বিছনাত বাগৰ দিছেগৈ৷ মাকহঁতে ল’ৰা-ছোৱালীক ধুৱাই পখলাই আজৰি হ’ব খুজিছে৷ দেউতাকবোৰে চ’ৰাঘৰত আৰামী চকীখনত ভাত-ঘুমটি মাৰিছে৷ সকলো কিজানি আত্মমগ্ন হৈ পৰিছে নিজৰ নিজৰ পৃথিৱীত৷

উৎস: freepik
সঁচাই, সেই চিৎকাৰ কোনেও শুনা নাপালে! হয়তো কাৰোৰে চকুত নপৰিল, বাটৰ সিপাৰৰ দোকানখনৰ পৰা ঢপলিয়াই ঘৰলৈ আহি থকা ছবছৰীয়া ছোৱালী এজনীৰ ভৰি দুখন হঠাৎ জঠৰ হৈ পৰিছে৷ তাইৰ হাতৰ নীলৰ পেকেটটো উফৰি কেনিবা পৰি ৰৈছে৷ কিবা তলকিবলৈ পোৱাৰ আগতেই চাৰি-পাঁচটা মদগজ ডেকাই বাটৰ একাষে বালিত তাইক আফাল মাৰি পেলাই দিছে৷ তাইৰ সমগ্ৰ দেহত ফাকুৰ ৰং আছাৰি দি সিহঁত কিৰিলিয়াই উঠিছে৷

ৰশ্মিৰ শৰীৰেদি এছাটি বিদ্যুৎ পাৰ হৈ গ’ল! সেই দুটা পলকতে সোণালী শৈশৱৰ গানটো হেৰাই গ’ল তাইৰ পৃথিৱীৰ পৰা৷ তাইৰ দেহ জঠৰ হৈ পৰিল, হৃদয় হ’ল শিল৷ প্ৰস্ফুটিত হ’ব ধৰা কলিটো যেন আদবাটতে মৰহি গ’ল৷ সকলোৰে অজানিতে, চিৰদিনলৈ৷ সেই ডেকাজাকৰ কোনেও তাৰ ভূকে নাপালে৷ ভূ নাপালে আত্মীয়-স্বজনে, নৈতিকতাৰ পাঠ পঢ়াব খোজা সমাজখনে৷ হয়তো পায়ো নোপোৱাৰ ভাও ধৰিলে৷ অন্যদিনাৰ দৰেই৷

কিন্তু আজিৰ দিনটো যেন ব্যতিক্ৰম! আজি তাই ঠিকেই দেখিলে, মদৰ ৰাগীত উন্মত্ত এজাক ডেকাৰ চিকাৰী চকু তাইৰ ওপৰত পৰিছে৷ ফাকুৰ ৰঙেৰে ৰাঙলী হৈ সিহঁত তাইৰ ফাললৈকে আগবাঢ়ি আহিছে৷ 
ক্ষণিকতে তাইৰ শিল হৈ যোৱা হৃদয়ত যেন এক মহানাদ আৰম্ভ হ’ল৷ অতদিনে গোট মাৰি ৰোৱা সোঁৱৰণীয়ে যেন সাৰ পাই উঠি ছিৰাছিৰ কৰি দিলে হৃদয়৷ প্ৰতিটো খণ্ডৰ পৰা বিস্ফোৰিত হৈ ওলাল ক্ষোভৰ লেলিহান জুই৷ সেই জুয়ে পুৰি ছাৰখাৰ কৰি দিয়াৰ উপক্ৰম কৰিলে তাইৰ অতীত আৰু বৰ্তমান৷ 

সিহঁতৰ কিৰিলিবোৰ ডাঙৰ হৈ আহিল৷ অন্যদিনা দূৰৈৰ পৰাই ’লেফট-ৰাইট-লেফটে’ৰে সামৰা ডেকাজাকে ফাকু সনাৰ অজুহাত লৈ আজি ওচৰ চাপি আহিল৷ তাৰে এজনে ঢেল খোৱা চকুৰে চিঞৰি ক’লে,

’ভন্টি, আমাৰ লগত ফাকু খেলিবা আহা৷’ 

লগে লগে গোটেই জাকৰ অশ্লীল উকি৷

ৰশ্মিৰ খোজ ৰৈ গ’ল হঠাৎ! সৰ্বশৰীৰ যেন ক্ষোভ আৰু অপমানৰ জ্বালাত দগ্ধ হৈ গ’ল তাইৰ৷ আজি যেন শুভাকাংক্ষীৰ দিহামতে অন্যদিনাৰ দৰে নাৰীৰ বিধিগত সেই মৌন প্ৰস্তৰ মূৰ্ত্তিৰ ৰূপ ধাৰণ কৰাৰ অৱকাশ নোহোৱা হৈ গ’ল৷  আজি যেন সময় হ’ল, যৌৱনৰ প্ৰাচুৰ্য্য আৰু শক্তিৰে সেই মৰহা শৈশৱলৈ কণমান সঞ্জীৱনী সুধা বোৱাই দিয়াৰ৷  নিজৰ বাবেই নিজৰ সন্মুখতে এবাৰ থিয় দিয়াৰ৷

আবেলিৰ সেই ধূলিয়ৰী বাটত তাইৰ হঠাৎ থমকি ৰোৱা খোজ দেখি সিহঁতো ৰৈ গ’ল৷ অতবছৰে কেতিয়াও সিহঁতৰ ফালে কেৰাহিকৈও নোচোৱা ৰশ্মিয়ে পূৰ্ণ দৃষ্টিৰে পোনপটীয়াকৈ আজি সিহঁতলৈ চালে৷ সেই দৃষ্টিত খং, ক্ষোভ বা অসহায় আবেগৰ পৰিৱৰ্তে উপচি উঠিল এসাগৰ পুতৌ আৰু ব্যথা- এই কৰ্মহীন পথভ্ৰস্ত ডেকাজাকৰ প্ৰতি, লিংগভেদৰ অসমতাত অহৰহ উজুটি খোৱা সমাজখনৰ প্ৰতি৷ দিবনে তাই এই ল’ৰাজাকক তাইৰ মূৰ তুলি জীয়াই থকাৰ সপোন চূৰ্ণ কৰিবলৈ? ৰৈ যাবনে তাই চিৰদিন নীৰৱে মা-পেহী-বাইদেউ সকলোৰে দৰে প্ৰস্তৰ মূৰ্ত্তি হৈ আকাশলঙ্ঘী দেৱালৰ এইপাৰে ?

প্ৰথমবাৰৰ বাবে ৰশ্মি সিহঁতৰ ফালে দুখোজ আগুৱাই গ’ল৷ ফাকু সানিবলৈ আগবাঢ়ি অহা ল’ৰাটো এইবাৰ দুখোজ পিছুৱাই গ’ল৷ সিহঁতৰ একেবাৰে ওচৰ চাপি গৈ প্ৰত্যকটো ডেকা ল’ৰালৈ চকুৱে চকুৱে চালে৷ কোনোবাই সেই দৃষ্টিৰ তীব্ৰতা সহিব নোৱাৰি চকু তল কৰিলে, কোনোবাই তধা লাগি লক্ষ্য কৰিলে তাইৰ সেই জ্বালামুখী ৰূপ৷ যেন সিহঁতৰ কোনোৱে ধৰিবই নোৱাৰিলে অতবছৰে ’লেফট-ৰাইট-লেফট’ৰ সৈতে তাল মিলাই খোজ দি যোৱা প্ৰস্তৰ মূৰ্ত্তিটোৰ আঁৰত এখন মুখ আছিল, আছিল আবেগ-অনুভূতিৰে ভৰা এক মানবীয় হৃদয়! সেই উপলব্ধিয়ে সিহঁতক বিস্মিত কৰিলে, এক বিস্ফোৰণৰ অপেক্ষাত সিহঁতে প্ৰমাদ গণিলে৷

দুটা নীৰৱ মুহুৰ্ত্তৰ পিছত এক হিম শীতল দৃঢ় কন্ঠেৰে ৰশ্মিয়ে ক’লে, 

’ফাকুৱা খেলিব খুজিছে যদি নিজৰ মাজতেই খেলক৷ সদায় অহা-যোৱা কৰাৰ বাটত মোক যাতে আৰু অশান্তি নকৰে৷’

কথাষাৰ কৈয়ে এবাৰো পিছলৈ নোচোৱাকৈ তাই তীব্ৰগতিৰে ঘৰলৈ পোনালে৷ সিহঁতে কি কয়, কি কৰে তাক লৈ আৰু অস্থিৰ হোৱাৰ প্ৰয়োজন অনুভৱ নকৰিলে তাই৷ অতবছৰে বুকুখন গধুৰ কৰি ৰখা শিলচটা যেন আঁতৰি গ’ল৷ সকাহ আৰু প্ৰশান্তিৰ এছাটি পছোৱাই মন জুৰাই পেলালে তাইৰ৷ আজি প্ৰথমবাৰৰ বাবে ৰশ্মিয়ে উপলব্ধি কৰিলে, তাইৰ জীৱন কোনো অখণ্ড বিধানত আবদ্ধ নহয়৷ নিজৰ বাট নিজেই উলিয়াই ল’ব পাৰে তাই৷ নিজৰ বাবে নিজেই থিয় দিব পাৰে৷ বিচাৰিলে এই চিকাৰ আৰু চিকাৰীৰ সমাজত তায়েই হ’ব পাৰে এক ব্যতিক্ৰম৷