Tuesday 12 October 2021

কানাডাৰ ডায়েৰী (৫): কমলা চোলাৰ দিৱস

৩০ ছেপ্টেম্বৰ, ২০২১৷ যোৱানিশা অবিৰাম কলহৰ কাণেৰে বৰষুণ সৰিল৷ পুৱালৈ বৰষুণজাক থমকিল যদিও ক’লা ডাৱৰৰ চাদৰখনে আকাশৰ নীলাখিনি গিলি থ’লে৷ কানাডাৰ পশ্চিমপ্ৰান্তৰ এই ভেনকুভাৰ মহানগৰলৈ শৰতৰ পিঠিতে উঠি আহে ৰিমঝিম বৰষুণৰ টোপালবোৰ৷

ওন্দোলা আকাশ আৰু চেঁচা বতাহজাকৰ হোহোৱনি দেও দি সিদিনা পুৱাতে ওলাই আহিলোঁ। সৰাপাতেৰে ৰঙীণ পদপথ৷ বিশাল ঘাইপথত অলেখ-অসংখ্য গাড়ীৰ অহা-যোৱা৷ বাছ আস্থানত ট্ৰেন্সলিংকৰ যাত্ৰীবাহী নীলা বাছ এখনত মই উঠি পৰিলো৷ বাছৰ সন্মুখৰ ডিজিটেল স্ক্ৰীণত সচৰাচৰ জিলিকা থকা বাছ নম্বৰৰ কাষতে আজি দেখা পালো এষাৰ কথা- ’Lest not forget’; আমি পাহৰা উচিত নহয়। বাছৰ ভিতৰতো চকুত পৰিল, ৰং বিৰঙী মাস্ক পৰিহিত বহু যাত্ৰীৰ শৰীৰত একোটা টিচাৰ্ট৷ ঠাণ্ডা বাবে বহুতে চুৱেটাৰৰ ওপৰতে টিচাৰ্টবোৰ পিন্ধিছে৷ সেই সকলোবোৰ টিচাৰ্টৰ বৰণ কমলা। প্ৰায়বোৰৰ সন্মুখভাগত হাতত ধৰাধৰিকৈ থকা তিনিটা শিশুৰ প্ৰতিচ্ছৱি৷ লগতে ইংৰাজীতে এষাৰ বাক্য- ’Every child matters’৷ বুজিলো, সেই সকলো অচিনাকি যাত্ৰীৰ সৈতে আজি মোৰো গন্তব্যস্থান একেই৷

আজি যে এটা বিশেষ দিন! সোঁৱৰণিৰ জখলাৰে সম্প্ৰীতিৰ বাটত একেলগে খোজ দিয়াৰ দিন! সমগ্ৰ কানাডাতে আজি উদযাপিত হৈছে ’সততা আৰু সম্প্ৰীতিৰ দিৱস’ (National Day for Truth and Reconciliation) বা অন্য কথাত ’কমলা চোলাৰ দিৱস’ (Orange Shirt day) ৷ আজিৰ দিনটো উসৰ্গিত হৈছে ঔপনিবেশবাদে ৰচা কানাডাৰ এক নিকৰুণ ইতিহাসৰ নামত৷ এশবছৰতকৈও অধিকদিন চলা আৱাসিক স্কুল ব্যৱস্থাত জীৱন হেৰুওৱা আৰু শাৰীৰিক-মানসিকভাৱে নিৰ্যাতিত হোৱা খিলঞ্জীয়া শিশুসকলৰ নামত৷ এই কমলা ৰঙেৰেই খিলঞ্জীয়া আৰু বহিৰাগতৰ মাজত এক সম্প্ৰীতিৰ সাঁকো গঢ়াৰ প্ৰচেষ্টা চলিছে এই দেশত৷

ইতিহাসৰ মতে, ফিলিছ ৱেবষ্টেড (Phyllis Webstad) নামৰ এটি খিলঞ্জীয়া শিশুৱে আৱাসিক স্কুলৰ প্ৰথম দিনটোত এটা কমলা চোলা পিন্ধি চৌহদত ভৰি দিছিলগৈ৷ লগে লগে গীৰ্জাৰ কঠোৰ নিৰ্দেশ আহিল, সেই চোলা তেওঁ পিন্ধিব নোৱাৰিব। সেই চোলা কিয়, ঘৰৰ পৰা অনা একো বস্তুৱে তেওঁ আৱাসিক স্কুলত ব্যৱহাৰ কৰিব নোৱৰিব। সেই দিনটোৰে সোঁৱৰণিত আজিৰ কমলা চোলাৰ দিৱস৷ সেই কমলা চোলাই যেন হৈ পৰিল ঔপনিবেশবাদে কানাডাৰ খিলঞ্জীয়াসকলৰ পৰা কাঢ়ি নিয়া স্বকীয় পৰিচিতি আৰু ভাষা-সংস্কৃতিৰ গাঁথাৰ এক চিৰযুগমীয়া প্ৰতীক৷

ব্ৰিটিছ কলম্বিয়া বিশ্ববিদ্যালয়ৰ চৌহদত বাছৰ পৰা নমাৰ লগে লগে হিমচেঁচা বতাহজাকে মোক বাৰুকৈয়ে কোবাই গ’ল৷ আকাশৰ ক’লা ডাৱৰখিনিয়েও যেন পিছ নেৰিলে৷ তাৰ মাজেৰেই খৰকৈ খোজ দি থিয় দিলোগৈ ’আৱাসিক স্কুলৰ ইতিহাস আৰু বাৰ্তালাপ কেন্দ্ৰ’ (Residential School History and Dialogue Center) ৰ সন্মুখত৷ গোমা বতৰটোৰ দৰেই চাৰিওদিশে এক বেদনাগধুৰ পৰিৱেশ৷ সৰাপাতৰ দলিচাৰ পৰা তাত গোটখোৱা অলেখ-অসংখ্য মানুহলৈকে সকলোতে মাথোঁ কমলা ৰঙৰ পয়োভৰ৷ মাকৰ কোঁচত উঠি অহা কণমানিটোৰ পৰা আলৰ বৃদ্ধ লৈকে শাৰী শাৰী দৰ্শকৰ মাজত এটা মৃদু গুণগুণনি৷ কথাৰ মাজে মাজে সকলোৰে আঁৰ দৃষ্টি সোঁমাজতে অস্থায়ীকৈ পাতি লোৱা মঞ্চখনলৈ৷

বন্ধু ছেমুৱেলৰ সৈতে মই মঞ্চৰ কাষত থিয় দিলোগৈ৷ ছেম নাইজেৰিয়াৰ কৃষ্ণাংগ ল’ৰা৷ তাৰ-মোৰ দৰে বহু বহিৰাগতও আহি আজি থিয় দিছেহি; কান্ধত কান্ধ মিলাইছেহি খিলঞ্জীয়াসকলৰ এই যন্ত্ৰণাদগ্ধ সোঁৱৰণিৰ দিনত৷ কাৰণ, এয়াতো কেৱল কানাডাৰে ইতিহাস নহয়৷ পৃথিৱীৰ বহু দেশৰ খিলঞ্জীয়াৰ দৰে আমিবোৰ নিজৰ মাতৃভূমিত ঔপনিবেশবাদে আনি দিয়া বিপৰ্য্যয়ৰ ইতিহাসৰ সাক্ষী৷ সেয়ে আজিৰ দিনটোত আমি প্ৰত্যেকেই স্বকীয় পৰিচয় আৰু ভাষা-কলা-সংস্কৃতি ৰক্ষাৰ যুঁজখনৰ অংশীদাৰ ৷

কিছুসময়ৰ পিছতে মঞ্চৰ সন্মুখলৈ আগবাঢ়ি আহিল এগৰাকী বয়োজ্যেষ্ঠ৷ হাতত এটা ডবা আৰু মূৰত খিলঞ্জীয়া আৰ্হিৰ পতা৷ তেওঁ ভেনকুভাৰৰ লিলুৱেট অঞ্চলৰ ষ্টেটলিয়াম খিলঞ্জীয়া জাতি (Stl’atl’imx First Nation) ৰ এগৰাকী বয়োজ্যেষ্ঠ (Elder Seis’lom) ৷ তেওঁ মাইকৰ সন্মুখত থিয় দিয়াৰ লগে লগে চাৰিওদিশৰ মৃদু গুণগুণনিবোৰ স্তব্ধ হৈ গ’ল৷ বেদনাগধুৰ কিন্তু বলিষ্ঠ কন্ঠেৰে তেওঁ পোনেই আমাক সম্বোধন কৰিলে ’মোৰ প্ৰিয় বন্ধু আৰু সম্পৰ্কীয় সকল’ বুলি৷

কানাডাত খিলঞ্জীয়া জাতিসমূহক বৰ্তমান ফাৰ্ষ্ট নেশ্যন (First Nation) বুলি অভিহিত কৰা হয়৷ ছশতকৈও অধিক এনে খিলঞ্জীয়া জাতিয়ে অনাদিকালৰে পৰা এই দেশত বাস কৰি আহিছে৷ বয়োজ্যেষ্ঠগৰাকীৰ সম্বোধনৰ পিছতে খিলঞ্জীয়াৰ প্ৰতিনিধি দল এটাই তেওঁৰ সৈতে সুৰ মিলাই পৰিবেশন কৰিলে এই ভূমিলৈ আদৰণি সংগীত৷ সকলো বহিৰাগতক খিলঞ্জীয়া নিয়মেৰে এই ভূমিলৈ আদৰণি জনোৱাৰ বাবে এই সংগীত৷ ডবাৰ লগতে সেই অবুজ গীতৰ গুমগুমনিয়ে মোৰ হৃদয়ৰ গভীৰলৈকে কঁপনি তুলি গ’ল৷


বয়োজ্যেষ্ঠ Seis’lom (উৎস)

ইউৰোপিয়ান উপনিবেশকাৰীৰ দিনৰ পৰা আজিলৈকে আমি সকলো বহিৰাগতই এই দেশত খিলঞ্জীয়াসকলৰ অনুমতি অবিহনেইতো থিতাপি লৈছোঁহি৷ তেওঁলোকৰেই পৰম্পৰাগত মাটিত ঘৰ পাতি, উদ্যোগ গঢ়ি, ইয়াৰে বায়ু-পানীৰে এটা নতুন জীৱন গঢ়িছোঁ৷ তথাপি, তথাপি আজিৰ এই যন্ত্ৰণাদগ্ধ সোঁৱৰণিৰ দিনটোত তেওঁলোকে পৰম্পৰাগত আদৰণি সংগীতেৰে সকলো অনিমন্ত্ৰিত অতিথিক আদৰণি জনাইছে, সম্প্ৰীতিৰ এনাজৰী গঢ়াৰ বাবে হাতখন আগবঢ়াই দিছে৷

আদৰণিৰ পিছতে বয়োজ্যেষ্ঠ গৰাকীয়ে আজিৰ দিনটোৰ তাৎপৰ্য্যৰ বিষয়ে কিছু কথা ক’লে ৷ আজি সাক্ষাৎ এগৰাকী খিলঞ্জীয়াৰ মুখেৰেই পোনপ্ৰথমবাৰ শুনিলোঁ ইউৰোপীয়ান ঔপনিবেশবাদে কানাডাৰ খিলঞ্জীয়া জাতিবোৰক ভূলুন্ঠিত কৰাৰ কাহিনী৷ সেই ঐতিহাসিক শোষণৰ বলি হৈ আজিও স্বকীয় পৰিচয়, সামাজিক আৰু অৰ্থনৈতিক নিৰাপত্তাৰ বাবে সংগ্ৰাম চলাই আহিছে এই জাতিবোৰে। শেষত তেওঁ উচ্চাৰিলে এই কলংকিত ইতিহাসৰ আটাইতকৈ নিকৰুণ অধ্যায়৷ যোৱা শতিকাটোত আৱাসিক বিদ্যালয়ৰ নামত খিলঞ্জীয়া শিশুবোৰৰ ওপৰত চলা উৎপীড়নৰ গাঁথা শুনি মোৰ দেহ-মন শিয়ঁৰি উঠিল৷

খ্ৰীষ্টান গীৰ্জা আৰু কেন্দ্ৰীয় চৰকাৰে উমৈহতীয়া প্ৰচেষ্টাত আশীৰ দশকত এই আৱাসিক বিদ্যায়লৰ ব্যৱস্থা আৰম্ভ হৈছিল৷ তাৰ পিছত এশ বছৰ ধৰি এই আৱাসিক বিদ্যালয়বোৰত দুইলাখতকৈ অধিক খিলঞ্জীয়া শিশুক বলপূৰ্বক ভৰ্ত্তি কৰোৱা হৈছিল৷ কাৰণ? কাৰণ সিহঁতক পশ্চিমীয়া সভ্যতাৰে ’সভ্য’ কৰাৰ প্ৰয়োজন! সিহঁতৰ সিৰাই সিৰাই প্ৰবাহিত হোৱা খিলঞ্জীয়া তেজ নিশ্চিহ্ন কৰাৰ প্ৰয়োজন! শত-সহস্ৰ শিশু সেই শতিকাটোত পৰিয়ালৰ পৰা বিছিন্ন হ’ল। সিহঁতৰ স্বকীয় পৰিচয় নিশ্চিহ্ন কৰি ’সভ্য’ কৰাৰ চৰকাৰী প্ৰচেষ্টাত অকথ্য শাৰীৰিক আৰু মানসিক উৎপীড়নৰ বলি হৈ বহু চিৰদিনলৈ ঘুণীয়া হ’ল, বহুতে প্ৰাণ হেৰুৱালে৷


গ্ৰীজলী ভালুকৰ গীত (উৎস)

এক অখণ্ড নীৰৱতাই সকলো দৰ্শকক গিলি থ’লে যেন৷ সোঁৱৰণিৰ ভৰত গধুৰ হৈ পৰা বতাহজাক ঠেলি বয়োজ্যেষ্ঠ গৰাকীয়ে ক’লে, ‘সেই কণমানিহঁতক আমি পাহৰা নাই৷ অকালতে হেৰাই যোৱা সেই প্ৰত্যেক শিশুকে আমি আজি মৰম আৰু কৰুণাৰে সোঁৱৰিছোঁ৷’

প্ৰতিনিধিৰ দলটোৰ সৈতে তেওঁ এইবাৰ পৰিৱেশন কৰিলে সেই শিশুসকলক সুঁৱৰি এটা ওমলা গীত৷ গ্ৰীজলী ভালুকৰ গীত৷ ডবাৰ শব্দ, শিল্পীসকলৰ কন্ঠ আৰু সৰু সৰুকৈ জাপ দি দি নচা গ্ৰীজলী ভালুকটিৰ খোজৰ শব্দবোৰে এক কৰুণ লয় সৃষ্টি কৰিলে৷

ওমলা গীতৰ পিছতেই এখোজ দুখোজকৈ ব্ৰিটিছ কলম্বিয়া বিশ্ববিদ্যালয়ৰ বিশাল মেইন মলেৰে আমাৰ সমদলটো আগবাঢ়িল ৷ ঠায়ে ঠায়ে দেখা পালো বিভিন্ন চাইনবোৰ্ড- আৱাসিক স্কুল আৰু তাৰ লোমহৰ্ষক অভিজ্ঞতাৰ সোঁৱৰণি হৈ থিয় দি ৰ’ল সেই আখৰবোৰ৷


সততা আৰু সম্প্ৰীতিৰ সমদল (উৎস)

এটা সময়ত আমি সকলোৱে ৰ’লোগৈ এটা স্তম্ভৰ সন্মুখত৷ মোৰ কাৰ্য্যালয়ৰ ঠিক সন্মুখতে এই সম্প্ৰীতিৰ স্তম্ভ (Reconciliation Pole)৷ প্ৰথম কামত যোগ দিয়াৰ দিনাই সহকৰ্মী এগৰাকীয়ে দেখুৱাই কৈছিল,

’এই স্তম্ভ কানাডাৰ খিলঞ্জীয়া জাতিসমূহৰ ইতিহাস সুঁৱৰি প্ৰতিষ্ঠা কৰা৷’

শিখৰত এটা ঈগলক লৈ নিখুঁত কাৰুকাৰ্য্যখচিত এই স্তম্ভৰ বিষয়ে তেতিয়াই কিছু কথা শিকিছিলোঁ। জানিবলৈ পাইছিলোঁ যে স্তম্ভটোৰ তলৰ পৰা ওপৰলৈ তিনিটা বিশেষ অংশই আৱাসিক বিদ্যালয়ৰ আৰম্ভণি, চলিত সময় আৰু পৰৱৰ্ত্তীৰ সময়খিনিৰ তাৎপৰ্য্য দেখুৱায়৷ তাত খোদিত ভালুক, তিমিমাছ, চা’মন মাছকে আদি কৰি প্ৰতিটো আৰ্হিয়ে চিহ্নিত কৰে একো একোটা ইতিহাসৰ অধ্যায়৷

আজি সম্প্ৰীতিৰ স্তম্ভৰ সন্মুখত থিয় দি আমাক উদেশ্যি সেই ইতিহাস দোহাৰিলে অন্য এগৰাকী বয়োজ্যেষ্ঠ প’লিন জনছনে৷ প্ৰথমে হাঁহিমুখেৰেই আৰম্ভ কৰিলে যদিও লাহে লাহে তেওঁৰ দুচকু সেমেকি আহিল। তেওঁৰ ককাক-আইতাক, দেউতাক, ভায়েক-ভনীয়েকে আৱাসিক বিদ্যালয়ত পাৰ কৰা যন্ত্ৰণাকাতৰ সময়ৰ সোঁৱৰণিয়ে তেওঁৰ কন্ঠৰুদ্ধ কৰি দিব খুজিলে। তেওঁ কৈ যোৱা বহু কথাই মোৰো হৃদয়ত অস্থিৰতাৰ ঢৌ তুলিলে৷ মনত পেলাই দিলে স্বকীয় পৰিচয় আৰু ভাষা-সংস্কৃতি ৰক্ষাৰ যুঁজত বাৰে বাৰে উজুটি খোৱা মাতৃভূমি অসমলৈ৷ বিশাল ভৌগোলিক দুৰত্ব কিন্তু সংগ্ৰামৰ কিমান সাদৃশ্য! গীৰ্জাৰ প্ৰতিনিধিয়ে ধৰি নিবলৈ আহোঁতে প’লিনৰ মাকে নুমলীয়া জীয়েকক হাবিৰ মাজত লুকুৱাই থ’লেগৈ৷ সেয়ে ভাগ্যক্ৰমে সেই পৰিয়ালত আৱাসিক বিদ্যালয়লৈ যোৱাৰ পৰা প’লিন ৰক্ষা পৰিল৷ কিন্তু আৱাসিক বিদ্যালয়ৰ পৰা বছৰেকত এবাৰ ঘৰলৈ অহা ভায়েক-ভনীয়েকক দেখি সৰলমনা প’লিনৰ মনতে ঈৰ্ষা হৈছিল। মাতৃভাষাৰ সলনি সিহঁতে ফৰফৰাই ইংৰাজী কোৱা দেখি কণমানি প’লিনে অনুশোচনা কৰিছিল নিজেও তালৈ গৈ ইংৰাজী শিকিব নোৱাৰাৰ বাবে৷ বছৰ বছৰ ধৰি পৰিয়ালৰ সকলোৰে অগোচৰে ৰৈছিল ভায়েক ভনীয়েকহঁতে আৱাসিক বিদ্যায়লয়ত ভোগ কৰা অকথিত মানসিক আৰু শাৰীৰিক নিৰ্য্যাতনৰ কথা! লগতে অলক্ষিতে ৰৈ গৈছিল খিলঞ্জীয়া ভাষা-সংস্কৃতি নিশ্চিহ্ন কৰাৰ বাবে ঔপনিবেশিক চৰকাৰৰ পৰিকল্পিত আঁচনিও৷


সম্প্ৰীতিৰ স্তম্ভ (উৎস)

পিছে আৱাসিক বিদ্যালয়ৰ বিভীষিকাৰ সাক্ষী হৈ ৰ’ল প’লিন জনছনৰ পৰিয়ালটো। আৱাসিক বিদ্যালয়ৰ পৰা উভতি অহাৰ পিছত প’লিনৰ দেউতাকে সংসাৰ কৰিলে; এঘাৰটাকৈ ল’ৰা-ছোৱালী ডাঙৰ কৰিলে৷ কিন্তু কোনোদিনেই যেন তেওঁ নিজৰ সন্মুখত থিয় দিব নোৱাৰিলে৷ আৱাসিক বিদ্যালয়ৰ শাৰীৰিক-মানসিক পীড়াই আজীৱন খেদি ফুৰিলে তেওঁক৷ প্ৰতিনিশা টোপনিতে দেউতাকৰ বিকট চিঞৰত পৰিয়ালটো উজাগৰী হ’ল৷ ভগ্ন এক হৃদয়, ভগ্ন এক শৰীৰ লৈ তেওঁ মাথোঁ বাট চাই ৰ’ল মৃত্যুৱে আনি দিয়া প্ৰশান্তিলৈ৷

প’লিন জনছনৰ চকুপানীৰ সৈতে সমদলকাৰীৰ বহুতৰ চকুপানী মিলি গৈ সম্প্ৰীতিৰ স্তম্ভৰ তলি স্পৰ্শ কৰিলে৷ প’লিনে এটা দীঘল উশাহ টানি লৈ চকুপানী মোহাৰি ল’লে কমলা কাপোৰখনেৰে৷ কোমল মাত এটাৰে তেওঁ ক’লে, ’সেই সকলোবোৰ এক হৃদয়বিদাৰক ইতিহাস৷ মোৰ অভিজ্ঞতা ভগাই লৈ মই সেই দুখ কমাব বিচৰোঁ। খিলঞ্জীয়া আৰু বহিৰাগতৰ মাজত সম্প্ৰীতিৰ বাট কাটিব বিচাৰোঁ৷ আমাৰ পৰম্পৰা হ’ল প্ৰকৃতিৰ সকলো অংশকে ভালপোৱাৰে আকোঁৱালি লোৱা আৰু সকলোৰে সৈতে মিলিজুলি এই পৃথিৱীত জীৱন উপভোগ কৰা৷ আজিৰ দিনটোত আমাক সকলোতকৈ বেছি দৰকাৰ আৰোগ্যৰ৷ গতিকে আমাৰ পৰম্পৰাগত এটা আৰোগ্যকাৰী গীত (healing song) পৰিৱেশন কৰিব খোজো৷’

প’লিনৰ আহ্বানক্ৰমে আমি সকলোৱে দুচকু মুদি শুনিলো ডবাৰ মাত, তেওঁৰ সুকোমল কন্ঠেৰে মন্ত্ৰৰ দৰে ভাঁহি অহা সেই শব্দ আৰু মনোমোহা লয়৷ প্ৰায় অলৌকিকভাৱেই যেন সেই সংগীতৰ আৰম্ভণিৰ লগে লগেই ক’লা ডাৱৰ ফালি এচমকা নীলা আকাশে ধৰা দিলে৷ আৰু তাৰ মাজেৰেই এছাটি উজ্বল ৰ’দ আহি পোহৰাই পেলালেহি প’লিন জনছনৰ মুখখন৷

২০০৮ চনত কানাডাৰ কেন্দ্ৰীয় চৰকাৰে আৱাসিক বিদ্যালয় ব্যৱস্থাৰ বাবে ৰাজহুৱাভাৱে খিলঞ্জীয়া জাতিসমূহৰ ওচৰত ক্ষমাপ্ৰাৰ্থনা কৰিছে৷ তাৰপিছৰে পৰা চৰকাৰৰ সৌজন্যতে আৰম্ভ হৈছে প্ৰজন্মগতভাৱে পৰা ঋণাত্মক প্ৰভাৱবোৰ নিৰাময় আৰু সম্প্ৰীতিৰ যোগসূত্ৰ স্থাপনৰ নানা প্ৰক্ৰিয়া৷ প’লিন জনছনৰ অপূৰ্ব সংগীতৰ লগে লগে মোৰ অনুভৱ হ’ল, এয়া মাথোঁ এক আৰম্ভণিহে৷ বহু কৰণীয় বাকী এতিয়াও- বহুত বাকী৷


প’লিন জনছনৰ বাৰ্তা (উৎস)

গীতৰ শেষত প’লিন জনছনে প্ৰশান্তিময় হাঁহি এটাৰে ক’লে,

’আজি মই সকলোকে আহ্বান জনাইছোঁ, আমি যেন স্বকীয় পৰিচয়, ভাষা-সংস্কৃতি পাহৰি নাযাওঁ৷ কেতিয়াও যেন ৰুদ্ধ নহয় আমাৰ কন্ঠ৷ এই পৃথিৱীত আত্মমৰ্যদাৰে জীয়াই থাকিবলৈ হ’লে নিজৰ শিপা আমি চিনিবই লাগিব, সেই শিপাৰ ভেঁটিতেই লালন কৰিব লাগিব জীৱনৰ বটবৃক্ষ৷’

টপ্ টপ্ কৈ দুটা বৰষুণৰ টোপাল পৰিলহি মোৰ চুলিত৷ ঘৰমুৱা খোজ দিওঁ মানে হুৰহুৰাই এজাক ডবালপিটা বৰষুণ নামিল৷ আহক! আজি যে এজাক বৰষুণৰ খুবেই প্ৰয়োজন! শতিকাজোৰা শোষণ আৰু নিৰ্য্যাতনৰ ইতিহাসক বাট এৰি দিবলৈ ৷ শোক আৰু যন্ত্ৰণাৰ নৈখনক বাট এৰি দিবলৈ৷ সেই নদীৰেইতো উজাই আহিব স্বকীয় পৰিচয় ৰক্ষাৰ বাবে যিকোনো প্ৰত্যাহ্বানৰে মুখামুখি হোৱাৰ শক্তি আৰু সাহস৷ উজাই আহিব আপোন শিপাডাল ধৰি ৰাখিয়ে আকাশ চুব খোজাৰ এটি হেঁপাহ৷ অসমতে হওক বা সাত সাগৰ তেৰ নদীৰ সিপাৰে কানাডাতে হওক৷

Friday 8 October 2021

প্ৰেমৰ ভাষা

ৰোমান্টিক সম্পৰ্কই হওক বা জীৱনৰ অন্য কোনো সম্পৰ্কই হওক, আমি প্ৰত্যেকেই বেলেগ বেলেগ ধৰণে ভালপোৱা অনুভৱ কৰোঁ আৰু অন্যৰ প্ৰতি সেয়া প্ৰকাশ কৰোঁ৷ গৱেষণাই দেখুৱাইছে যে প্ৰত্যেক ব্যক্তিয়ে এক বিশেষ ভাষাৰে প্ৰেম বা ভালপোৱা প্ৰকাশ কৰে আৰু অন্যই সেই একে ভাষাৰে প্ৰকাশ কৰা ভালপোৱাৰ প্ৰতিহে সঁহাৰি জনায়৷ এই প্ৰেমৰ ভাষাৰ ভিত্তিতেই প্ৰত্যেক সম্পৰ্ক গঢ় লয় আৰু প্ৰেমৰ ভাষাৰ ভিন্নতাই কেতিয়াবা হৃদয়ৰ সঁচা বান্ধোনতো বাধা আনি দিয়ে৷ গতিকে এই প্ৰেমৰ ভাষাৰ পাৰস্পৰিক অমিল-মিল সম্পৰ্কে অৱগত হোৱাটো যিকোনো সুখী আৰু পৰিপূৰ্ণ সম্পৰ্ক গঢ়াৰ বাবে অপৰিহাৰ্য্য৷ 

যিকোনো মানুহে মূলত: পাঁচবিধ ভাষাৰে ভালপোৱা অনুভৱ আৰু প্ৰকাশ কৰে- মৰমৰ মাত-কথা (Words of Affirmation), বৈশিষ্টপূৰ্ণ সময় (Quality Time), শাৰীৰিক সংস্পৰ্শ (Physical Touch), নিস্বাৰ্থ সহায় (Acts of Service) আৰু উপহাৰ (Receiving Gifts)৷ এই পাঁচবিধ প্ৰেমৰ ভাষা সম্পৰ্কে  ডা° গেৰি চেপমেনে তেওঁৰ 'The Five Love Languages' নামৰ গ্ৰন্থখনত বিস্তৃতভাৱে আলোচনা কৰিছে৷ আপোনাৰ বাবে প্ৰেমৰ প্ৰাথমিক ভাষা কি জানেনে? সেয়া জানিবলৈ ডা° চেপমেনে প্ৰস্তুত কৰা এই কুইজে সহায় কৰিব পাৰে৷

মৰমৰ মাত-কথা গভীৰভাৱে বুজাসকলে ভালপোৱা অনুভৱ কৰে প্ৰশংসা, উৎসাহ বা সমৰ্থনদায়ী শব্দৰে৷ তেওঁলোকৰ বাবে আন্তৰিক সম্পৰ্কত মৰমৰ মাত এষাৰ, প্ৰশংসাৰ এটি বাক্যই গভীৰ সাঁচ বহুৱায় যায়৷ তেনেদৰে বৈশিষ্টপূৰ্ণ সময়ৰ ভাষাৰে ভালপোৱা সকলৰ বাবে আপোনজনৰ সম্পূৰ্ণ মনোযোগ অত্যন্ত গুৰুত্বপূৰ্ণ৷ শাৰীৰিক সংস্পৰ্শ ভাষী গৰাকীয়ে ভালপোৱা অনুভৱ কৰে হাত, চুলি বা কান্ধত ক্ষণিক স্পৰ্শৰ পৰা আলিংগনকে আদি কৰি যিকোনো শাৰীৰিক সংস্পৰ্শৰ যোগেদি৷ নিস্বাৰ্থ সহায়ৰ ভাষা বুজা লোকসকলৰ বাবে আপোনজনে  সুচিন্তাপূৰ্ণ কোনো কাম কৰি, সহায় আগবঢ়াই সম্পৰ্কৰ বান্ধোন কটকটীয়া কৰিব পাৰে৷ একেদৰে অন্য বহুতৰ বাবে একোটা ভাল লগা উপহাৰ আৰু সেই উপহাৰৰ আঁৰত থকা প্ৰচেষ্টা খিনিয়ে ভালপোৱাৰ অনুভৱ আনি দিয়ে৷

সম্পৰ্ক এটা গঢ় লওঁতে দুগৰাকী ব্যক্তিৰ মাজত প্ৰেমৰ ভাষাৰ ভিন্নতা দেখা দিয়াটোৱে স্বাভাৱিক৷ কিন্তু এই সম্পৰ্কে অৱগত হোৱাৰ পিছত যিকোনো লোকেই আপোনজনৰ প্ৰেমৰ প্ৰাথমিক ভাষাৰে ভালপোৱা প্ৰকাশ কৰিবলৈ শিকিব পাৰে৷ যিকোনো সম্পৰ্ক সুমধুৰ আৰু দৃঢ় কৰি তোলাৰ বাবে এই প্ৰেমৰ ভাষা বুজা আৰু শিকাই আটাইতকৈ গুৰুত্বপূৰ্ণ উপায়৷  







তথ্যউৎস: